তিনিচুকীয়া : মৰাণ জনজাতিক অতিশীঘ্ৰে অনুসূচীত জনজাতিৰ মৰ্যদা প্ৰদান কৰি ষষ্ঠ অনুসূচীভূক্ত স্বায়ত্ব শাসন প্ৰদানৰ লগতে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মৰ্মে জাৰি কৰা নতুন ভূমি নীতিৰ অধ্যাদেশ বাতিলৰ দাবী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থা সৰৱ হৈ একাদিক্ৰমে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আঞ্চলিক সমূহৰ উদ্যোগত যোৱা ১০ জুলাইত সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত কালি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী, জনজাতি পৰিক্ৰমা মন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সাম্প্ৰতিক সময়ৰ বিশ্বজোৰা কৰোনা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বজাই ৰাখি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত পৰিবেশ উত্তাল কৰি তোলে। চৰকাৰে জন বিৰোধী নীতি গ্ৰহণ কৰাটো মৰাণ ছাত্ৰ সন্থাই কেতিয়াও মানি নলয় বুলি স্পষ্ট কৰি দি মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ দাবী জনায়। আনহাতে, মৰাণ জনজাতিক অতিশীঘ্ৰে অনুসূচীত জনজাতিৰ মৰ্যদা প্রদান কৰিবলৈ চৰকাৰক দাবী জনাইছে। অন্যথা প্ৰতিবাদী কাৰ্যসূচী তীব্ৰ কৰাৰ হুংকাৰ দিছে। কালিৰ কাৰ্যসূচীত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, ভাৰপ্ৰাপ্ত সভাপতি দিলীপ মৰাণ, সাধাৰণ সম্পাদক নৱ মৰাণ, অসম মৰাণ সভাৰ সাংগঠনিক সম্পাদক খগেন মৰাণ আদি নেতৃবৰ্গ উপস্থিত থাকে।
ছুটি কথা ছৱিৰে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম খোদিত কৰিলে নলবাৰীৰ যুৱকে।
দক্ষতা আৰু প্ৰতিভাৰ বিকাশ ঘটাই নলবাৰীৰ এজন যুৱকে ছুটি কথাছবিৰে আন্তৰ্জাতিক পৰ্য্যায়ত নিজৰ নাম খোদিত কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম অংকিত কৰি গৌৰৱ কঢ়িয়াই অনা এই যুৱকজন হৈছে নলবাৰীৰ কাজিপাৰা নিবাসী চিন্ময় বাৰ্মা। বিগত ২০১০ চনত চিন্ময় বাৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰত সপ্তম স্থান দখল কৰি নলবাৰী জিলালৈ সুনাম কঢ়িয়াই আনিছিল আৰু এনেদৰে ভালকৈ পঢ়া শুনা কৰি মেকানিকেল ইঞ্জিনিয়াৰিং সম্পন্ন কৰিলে। কিন্তু পঢ়া শুনাত পাকৈত হোৱাৰ পিছত ও যুৱকজনৰ ধাউতি আছিল চিত্ৰকলা আৰু কলা-সংস্কৃতিৰ প্ৰতি। বিশেষকৈ যুৱকজনে ২০১৪ চনত ইঞ্জিনিয়াৰিঙত যাত্ৰা আৰম্ভ কৰাৰ পিছতে আজিৰ তাৰিখলৈ পাঁচ খনকৈ ছুটি কথাছৱি সঞ্চালনা কৰিছে। শেহতীয়াভাৱে চিন্ময় বাৰ্মাই সঞ্চালনা কৰা তথা নলবাৰী টেৰেছিয়াৰ সেউজ বন্ধু বীৰেন দাসে অভিনয় কৰা “মৰমে ৰিঙিয়াই” নামৰ ছুটি কথা ছৱি খনে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত অফিচিয়েল বাচনিত স্থান লাভ কৰিছে। অফিচিয়েল বাচনি সমূহ ক্ৰমে ১. দ্যা লিফ্ট অফ চেচন্, ইউ.কে. ২. ফাষ্ট টাইম ফিল্ম মেকাৰ’ছ চেচন, ইউ.কে. ৩.গুৱাহাটী ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল। আনহাতে যুৱকজনৰ শেহতীয়া ছুটি কথাছৱিখন নেচনেল এৱাৰ্ড ইউনিং ফিল্মমেকাৰ ভাস্কৰ হাজৰিকাই প্ৰত্যক্ষ কৰি আপ্লুট হয় ভূয়সী প্ৰশংসা কৰাৰ উপৰিও নিজাববীয়াকৈ ৰিভিউ প্ৰদান কৰে। তদুপৰি এই ছুটি কথাছৱিখন ৰাইজে www.moviesairts.com/love and beyond ত চাব পাৰিব বুলিও জানিব দিছে। আনহাতে চিন্ময় বাৰ্মাৰ এই কথা ছৱি সমূহৰ দ্বাৰা যিখিনি উপাৰ্জন হয়, সেই উপাৰ্জনৰ এটা অংশ লক ডাউনৰ সময়চোৱাত দুখীয়া ঘৰৰ লৰা-ছোৱালীক কিতাপ কলম, বহী আদি যোগান ধৰি আহিছে। চিন্ময় বাৰ্মাক ভৱিষ্যতে আগবাঢ়ি যাবলৈ অভিনন্দন জ্ঞাপন কৰিছে অঞ্চলটোৰ ৰাইজে। চিন্ময় বাৰ্মাই জানিব দিছে যে এনেকুৱা আমাৰ ৰাজ্যত বহুত প্ৰতিভাশালী যুৱক-যুৱতী আছে যিয়ে উপযুক্ত এখন প্লেটফৰ্ম নাপায় নিজৰ প্ৰতিভা বিলুপ্ত কৰি ৰাখিবলগীয়া হৈছে। তেনেকুৱা যুৱক-যুৱতী সকলক অনলাইন মাধ্যমৰ দ্বাৰা নিজৰ প্ৰতিভা আৰু দক্ষতাক বাহিৰত আনিবলৈ চিন্ময় বাৰ্মাই দ্বাৰা আহ্বান জনায়।
বানৰ কৱলত বন্য জীৱ-জন্তু, বানত দিশহাৰা হৈ জনাঞ্চলত ঢেকীয়াপটীয়া বাঘ ।
কলিয়াবৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বানৰ কৱলৰ পৰা আশ্ৰয় বিচাৰি জন-অৰণ্যত ঢেকীয়াপটীয়া বাঘ। ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া কুঠৰীৰ প্ৰৱীন বৰাৰ গোঁহালিত এটা প্ৰকাণ্ড ঢেকীয়াপটীয়া বাঘ। ততাতেয়াকৈ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ তথা বন বিভাগৰ লোকে বাঘটো সুৰক্ষিত স্থানলৈ পঠাবলৈ সক্ষম হয়। আনহাতে বৰঘূলীৰ সাপমাৰী অঞ্চলতো এটা সুগৰী পহু স্থনীয় ৰাইজে উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে। কাষৰীয়া বানপীড়িত লাওখোৱা অভয়াৰণ্যৰ পৰা দিশহাৰা হৈ পহুটো ওলাই আহিছে সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বানৰ কৱলৰ পৰা আশ্ৰয় বিচাৰি জন-অৰণ্যত বনৰীয়া ম’হ। কলিয়াবৰৰ ঐতিহাসিক দেশী-বিদেশী পক্ষী বিচৰণস্থলী জয়সাগৰ দলনি দাঁতিকাষৰীয়া খেতি পথাৰত পুৱাতেই বনৰীয়া ম’ৰ বিচৰণ। কলিয়াবৰত পুৱাতে বনৰীয়া ম’হৰ বিচৰণ। সন্ত্ৰাসিত গঞা ৰাইজ। খেতি-পথাৰত ব্যস্ত হৈ থকা কৃষকৰ মাজত চাঞ্চল্য। বন বিভাগৰ লোক উপস্থিত হৈ খেলাৰ চেষ্টা। নিৰ্বিকাৰ বনৰীয়া ম’হ। বহু চেষ্টাৰ মূৰত ম’হৰ স্থান ত্যাগ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বানৰ কৱলত আশ্ৰয় বিচাৰি উদ্যানৰ পৰা ওলাই অহাৰ সন্দেহ বন বিভাগৰ।
চানমাৰি অমিয় নগৰত ভুমিস্খলন ৷ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ তৎপৰতাত গুৱাহাটী ৰাজহ চক্ৰবিষয়াৰ কাৰ্য্যলয়ে বিতৰন কৰিলে তিৰ্পাল ৷
গুৱাহাটী : চলিত বৰ্ষত গুৱাহাটী মহানগৰীত অভাবনীয়ভাবে বৃদ্ধি পাইছে ভুমিস্খলনৰ ঘটনা৷ ইতিমধ্যে মহানগৰীৰ কেইবাটাও স্হানত সংঘটিত হোৱা ভুমিস্খলনে ৪ গৰাকী ব্যক্তিৰ প্ৰান কাঢ়ি নিয়ে ৷ ইয়াৰ সমান্তৰালভাৱে চানমাৰি অঞ্চলৰ অমিয় নগৰৰ কেইবাটাও স্হানত পাহৰৰ মাটি খহি অহা দেখা গৈছে৷ অতি দৰিদ্ৰ পৰিয়াল কেইটাই নিজৰ আপোন ঘৰখন ৰক্ষা কৰিবলৈ এখনি তিৰ্পাল যোগাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ ইয়াৰ বাবেই স্হানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই মাটি খহাৰ পৰা পৰিত্ৰাণ পাবলৈ কেইখনমান তিৰ্পাল যোগান ধৰিবলৈ ভুক্তভোগী ৰাইজে অনুৰোধ জনায় ৷ সেই মৰ্মেই বিধায়ক গৰাকীৰ ততপৰতাত আজি গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা তিৰ্পাল বিতৰণ কৰা হয় ৷ যিবোৰ অঞ্চলত কিছু পৰিমাণে মাটি খহিছে সেই অঞ্চল সমূহৰ বাসিন্দা সকলৰ মাজত গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ ক্ষেত্ৰ বিষয়া সিমান্ত সোনোৱালে অমিয় নগৰত তিৰ্পাল বিতৰন কৰে ৷ ভুক্তভোগী ৰাইজৰ নৰেন কলিতা, কল্পনা জেনা, অন্জনা শৰ্মা, পুতুলী তালুকদাৰ লগতে কেইবাটাও পৰিয়ালৰ মাজত তিৰ্পাল বিতৰণ কৰা দেখা গৈছে৷ উল্লেখ্য যে তিৰ্পাল বিতৰণ কৰা অনুষ্ঠানত স্হানীয় কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে ৷
নলবাৰী পৰিবহন বিষয়া কাৰ্যালয়ত শৌচাগাৰ উদ্বোধন।
নলবাৰী : নলবাৰী পৰিবহণ বিষয়াৰ কাৰ্যালয়ত আজি এক ৰাজহুৱা শৌচাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। জিলা উন্নয়ন প্ৰাধিকৰণৰ দ্বাৰা নিৰ্মাণ কৰা শৌচাগাৰটো উদ্বোধন কৰে নলবাৰীৰ বিধায়ক অশোক শৰ্মাই। শৌচাগাৰটো উদ্বোধন কৰি উঠি বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে এই শৌচাগাৰটোৰ পৰা কাৰ্যালয়ত দ্বাৰা অহা বিভিন্ন প্ৰান্তৰ ৰাইজ উপকৃত হ’ব। আজিৰ এই উদ্বোধন অনুষ্ঠানত জিলা পৰিবহন বিষয়া ৰূপজ্যোতি কলিতা, নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকা, মুখ্য কাৰ্যালয় সহায়ক বিভা দত্ত সহ প্ৰমুখ্যে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি শাস্তিৰ সন্মুখীন : উপ মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ শচীন পাইলটক ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি দলৰ কঠোৰ শাস্তিৰ সন্মুখীন হ’ল শচীন পাইলট৷ তেওঁক ৰাজস্থানৰ উপমুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰ কৰা হৈছে৷ ইয়াৰ লগতে পাইলটক ৰাজস্থান প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ পৰাও অপসাৰণ কৰা হৈছে৷ এই কথা দলৰ মুখপাত্ৰ ৰণদীপ সিং সুৰজেৱালাই জনাইছে৷ আনহাতে শচীনৰ ঘনিষ্ঠ ৰাজ্যৰ দুই মন্ত্ৰী বিশ্বেন্দ্র সিং আৰু ৰমেশ মিনাকো অপসাৰণ কৰা হৈছে৷ মঙলবাৰে জয়পুৰত কংগ্ৰেছ পৰিষদীয় দলৰ সভাত পাইলটসহ ‘বিদ্রোহী’ বিধায়কসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ এই সভাত পুনৰ ৰাজস্থানৰ পৰিষদীয় দল নেতা নিৰ্বাচিত হয় গেহলট৷ তাৰ পাছত পাইলটক আঁতৰ কৰাৰ সিদ্ধান্ত লোৱা হয়৷ আনহাতে ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ অপসাৰণ কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে ৰণদীপ সিং সুৰজেৱালাই৷ ইয়াৰ পাছত তেওঁক দলৰ পৰা বহিষ্কাৰ কৰাৰ দৰে কঠোৰ সিদ্ধান্ত লোৱাৰ পথ প্ৰশস্ত কৰে৷ মঙলবাৰে দলৰ সিদ্ধান্ত ঘোষণা কৰি সুৰজেৱালাই কয়, শচীন পাইলটে তেওঁৰ অনুগামীয়ে বিজেপিৰ ষড়যন্ত্ৰত চামিল হৈ ৰাজস্থানৰ মানুহৰ দ্বাৰা নিৰ্বাচিত কংগ্ৰেছ চৰকাৰক ধ্বংস কৰাৰ চক্ৰান্ত কৰিছিল৷ এইটো কোনো দলেই মানি ল’ব নোৱাৰে৷ আক্ষেপ আৰু ভাৰাক্ৰান্ত মনেৰে কংগ্ৰেছে কিছুমান সিদ্ধান্ত লয়৷ ইয়াৰে প্ৰথমটো হ’ল ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰী পদৰ পৰা শচীন পাইলটক আৰু বিশ্বেন্দ্র সিং আৰু ৰমেশ মিনাক মন্ত্রী পদৰ পৰা অপসাৰণ কৰা সিদ্ধান্ত লয়৷ শচীন পাইলটৰ ঠাইত গোবিন্দ সিং দোতাচৰাক প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি কৰা হয় বুলি সুৰজেৱালাই জনায়৷ মুখ্যমন্ত্ৰী গেহলটৰ বিৰুদ্ধে কার্যত ‘বিদ্রোহ’ ঘোষণা কৰি৷শচীন পাইলট দিল্লী অহাৰ পৰা চতুৰ্থ দিনা এই নাটকেয় মুৰ লয় ৰাজস্থানৰ ৰাজনীতিত৷ সোমবাৰে সন্ধিয়া দলৰ ১০২ জন বিধায়কক হোটেলত বন্দী কৰি ৰাখিছিল কংগ্ৰেছে৷ ২০০ আসনৰ ৰাজস্থান বিধানসভাত যি মেজিক অংক তাতকৈ বেছি৷ ইয়াৰ আগতে দলৰ পৰিষদীয় সভাত তেওঁৰ দাবী বিবেচনা কৰাৰ আশ্বাস দি শচীন পাইলটক জয়পুৰলৈ ঘুৰি আহি এই সভাত যোগ দিবলৈ হাইকমাণ্ডে নিৰ্দেশ দিছিল৷ কিন্তু কাৰ্যত গুৰুত্ব নিদিলে ৰাজস্থানৰ দুই নম্বৰ পদাধিকাৰীয়ে৷ তেওঁ জয়পুৰ ঘূৰি নগ’ল৷ এই পৰিস্থিতিত তেওঁক বাদ দি পৰিষদীয় সভা অনুষ্ঠিত হয়৷ ইয়াতে গেহলটক পুনৰ পৰিষদীয় দল নেতা তেওঁৰ অনুগামীসকলে নিৰ্বাচন কৰে৷ ইয়াৰ পাছতে পাইলট আৰু তেওঁৰ অনুগামী দুজনৰ বিৰুদ্ধে প্ৰস্তাৱ লয়৷ উল্লেখ্য যে কংগ্ৰেছৰ মেৰু বিভাজনৰ সুযোগ লৈ ময়দানত নামিছিল বিজেপি ৷
বটদ্ৰৱাৰ দলংঘাট বৰমণিপুৰস্থিত ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ কেম্পত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত। আৰক্ষী চাউনীত অসমৰ প্ৰথম ১০ খন বিছনাযুক্ত ক’ভিড চিকিৎসালয়ৰ শুভৰাম্ভণি।

নগাঁও : ৰাজ্যত ক’ভিড-১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ষষ্ঠদশ অসম আমি লগতে ৱৰক্ষী বাহিনীয়ে হাতত লৈছে সুন্দৰ পদক্ষেপ। মৰিগাঁও জিলাৰ বৰমণিপুৰস্থিত ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ চাউনীৰ ভিতৰতে ষষ্ঠদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক অৰ্ণৱ ডেকাৰ উদ্যোগত নৱনিৰ্মিত ১০ খন বিছনাযুক্ত ক’ভিড ১৯ চিকিৎসালয়খন মঙ্গলবাৰে আনুষ্ঠানিক ভাৱে মুকলি কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। উল্লেখযোগ্য যে, কোভিড-১৯ আক্ৰান্ত আৰক্ষীৰ লোকক এই চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হব। চিকিৎসালয় মুকলি অনুষ্ঠানত আজি ডি আই জি ব্ৰজেন জিৎ সিনহা, নগাঁও জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ আৰু মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক নন্দ সিং বৰক’লা উপস্থিত থাকে।

১৭ খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া মন্ত্ৰীৰ আলোচনা ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
যুৱ বিষয়ক, ক্ৰীড়া মন্ত্ৰালয় আৰু ১৭ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে মঙলবাৰে ভৱিষ্যতৰ ক্ৰীড়াৰ কৰ্মসূচী পৰিকল্পনাৰ বাবে এক মতবিনিময় কৰে৷ উল্লেখ্য যে এয়া হ’ল মন্ত্ৰীজনৰ দুদিনীয়া ভিডিঅ’ অনুষ্ঠানৰ ১৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰীসকল আৰু জ্যেষ্ঠ বিষয়াৰ লগত হোৱা প্ৰথম দিনাৰ ভিডিঅ’ কনফাৰেন্স কাৰ্যসূচী অতি উদ্দেশ্যপূৰ্ণ আছিল ৷ ৰাজ্যবোৰে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ কৰা আৰু ভৱিষ্যতে ক্ৰীড়া আৰু যুৱ সংক্ৰান্তীয় আঁচনিত পৰিকল্পনাৰ প্ৰস্তাৱ লোৱা হয় বুলি ৰিজিজুৱে জনাইছে ৷ সভাত আলোচ্য সূচীত ক’ভিড-১৯ হৈ থকা সময়ত গৃহিত পদক্ষেপৰ পৰ্যালোচনা, ৰাজ্যিক পৰ্যায়ত ক্ৰীড়াৰ কাৰ্যক্ৰম পুনৰ আৰম্ভ কৰা আৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ব্লক আৰু জিলা পৰ্যায়ত প্ৰতিযোগিতাৰ জৰিয়তে উদীয়মান ক্ৰীড়া প্ৰতিভা চিহ্নিত কৰা সম্পৰ্কত আলোচনাত অন্তর্ভুক্ত আছিল ৷ ইয়াত সমগ্ৰ দেশৰ সকলো পাঠ্যক্ৰমৰ অংশ হিচাপে ফিটনেছ আৰু ক্ৰীড়া অন্তর্ভুক্ত কৰাৰ বিষয়েও আলোচনা কৰা হ’ব ৷ এই বছৰৰ শেষৰ ফালে বা পাছৰ বছৰৰ প্ৰথম অৱস্থাত খেল’ ইণ্ডিয়া আৰু যুৱ মহোৎসৱ পৰিচালনা কৰাৰ পৰিকল্পনা সঠিক কৰা হ’ব ৷ বিভিন্ন বিষয়ত আলোচনা হ’ব লগা এই সভাত ৰাজ্যবোৰক দুভাগত ভাগ কৰা হৈছে ৷
শিশুৰ দেহত কাৱাছাকি ছিন্ড্ৰম নামৰ নতুন ৰোগ ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
ক’ভিড-১৯ৰ সংক্ৰমণ ভাৰতত চলি থকাৰ সময়তে শিশুৰ মাজত কাৱাছাকি ছিন্ড্ৰম নামৰ এটা নতুন ৰোগৰ সংক্ৰমণ হৈছে ৷ ‘মাল্টিছিষ্টেম ইনফ্লেমেটৰী ছিনড্ৰম’ নামেৰে পৰিচিত এই ৰোগৰ ফলত জ্বৰ হয় আৰু দেহৰ ৰক্ত পৰিবাহী শিৰাবোৰ উখহি যায়৷ লগতে চকু উখহি যায়, চাল, পেট পোৰে আৰু বিষ হয় ৷ লক্ষণবোৰৰ পৰা দেখা যায় যে শিশুৰ ৰক্তচাপ হ্ৰাস হ’বলৈ ধৰে আৰু ক্লান্ত হ’বলৈ ধৰে ৷ বি এল কাপুৰ হাস্পতালৰ শিশু বিশেষজ্ঞ ডাঃ ৰচনা শৰ্মাই কয় যি দিল্লী আৰু মুম্বাইত এনে কিছু শিশু পোৱা গৈছে যি এই ৰোগত ভূগিছে ৷ যদিও শিশুৰ মাজত এই ৰোগত আক্ৰান্ত হোৱাটো কম তথাপি সতৰ্ক হোৱাৰ প্ৰয়োজন ৷ কাৰণ এই ৰোগে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তুলে ৷ ইয়াৰ পূৰ্বে ১৫ মে’ত বিশ্ব স্বাস্থ্য সংস্থাই শিশু আৰু কিশোৰ-কিশোৰীৰ মাজত মাল্টিছিষ্টেম ইনফ্লেমেটৰী ডিজঅৰ্ডাৰৰ বাবে প্ৰাথমিক অৱস্থাৰ ৰোগী পাই সংজ্ঞা আৰু ৰিপৰ্ট তৈয়াৰ কৰিছে ৷
ভাৰতত ৭৫ হাজাৰ কোটি বিনিয়োগ কৰিব গুগলে ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
বিশাল অংক বিনিয়োগ কৰিব গুগলে৷ সোমবাৰে টুইট কৰি এই কথা জনাইছে গুগলৰ চিইঅ’ সুন্দৰ পিচাই ৷ ভাৰতৰ ডিজিটেল অৰ্থনীতিৰ উন্নয়নৰ বাবে এই অৰ্থ বিনিয়োগ কৰা হ’ব বুলি তেওঁ জনায় ৷ চীনৰ সৈতে উত্তেজনা আৰু ক’ৰোনা ভাইৰাছৰ বাবে লকডাউনৰ সময়ত পিচাইয়ে কৰা এই ঘোষণাই দেশৰ উন্নতিত বহু পৰিমাণে সহায়ক হ’ব ৷ ইয়াৰ লগতে নতুন কৰ্মসংস্থাপন হ’ব৷ ক’ৰোনা সংক্ৰমণ আৰু লকডাউনৰ বাবে ভাৰতৰ অৰ্থনীতিত মাধমাৰ পৰে ৷ তাৰ লগতে চীনৰ সৈতে উত্তেজনা চলাত শ্বেয়াৰ বজাৰত সমস্যাৰ সৃষ্টি হৈছিল ৷ গুগলৰ এই ঘোষণাই শ্বেয়াৰ বজাৰ উন্নতিৰ দিশত সহায়ক হ’ব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিজিটেল ইণ্ডিয়াক প্ৰশংসা কৰি এই বিনিয়োগৰ কথা জনাই সুন্দৰ পিচাই ৷ পৰ্যায় ক্ৰমে অহা ৫-৬ বছৰত মুঠ ৭৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিব গুগলে ৷ গুগল ফৰ ইণ্ডিয়াত সুন্দৰ পিচাই জনায় যে অহা ৫-৬ বছৰত এই বিশাল অংকৰ ধন বিনিয়োগ কৰা হ’ব ৷ ইয়াৰ মূল পৰিকাঠামো প্ৰস্তুত কৰা, যৌথ উদ্যোগ, ইকুইটিৰ জৰিয়তে বিনিয়োগ কৰা হ’ব ৷ তেওঁ লগতে জনায় যে মুঠ চাৰিটা ক্ষেত্ৰত এই বিনিয়োগ কৰা হ’ব ৷ পিচায়ে জনায় যে সকলো দেশবাসীৰ ওচৰত তেওঁলোকৰ নিজস্ব ভাষাত তথ্য পোৱাই দিয়াৰ পৰিকাঠামো তৈয়াৰ কৰা, দেশবাসীৰ চাহিদা মতে বিভিন্ন পণ্য প্ৰস্তুতত জোৰ দিব গুগলে ৷ তদুপৰি ডিজিটেল প্লেটফৰ্মত ব্যৱসায় বৃদ্ধি আৰু ডিজিটেল পৰিকাঠামো তৈয়াৰত সহায় কৰা হ’ব ৷















