নাজিৰা : নাজিৰা নগৰৰ ৩ নং ৱাৰ্ডৰ ৰে’ল ষ্টেচনৰ কাষৰীয়া এলেকাৰ বাসিন্দা ২০ বছৰীয়া যুৱক আফিৰুল হুছেইন কালি আই চি এম আৰ লাহোৱালৰ পৰা অহা স্বাৱ পৰীক্ষাৰ ফলাফল অনুসৰি ক’ভিড-১৯ পজিটিভ হয়। এই যুৱকজনে ১০ দিন পূৰ্বে গুৱাহাটীৰ পৰা আহি নাজিৰাৰ নিজা বাসগৃহত উপস্থিত হৈছিল। তেওঁ বিধিগতভাৱে নিজা গৃহত পৃথকীকৃতভাৱে বাস কৰি আছিল। স্বাৱ পৰীক্ষাৰ ফলাফল লাভ কৰাৰ লগে লগে কালি নিশাই যুৱকজনক জয়সাগৰস্থ শিৱসাগৰ জিলা অসামৰিক চিকিৎসালয়ৰ ক’ভিড চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰে নাজিৰা মহকুমা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে। কালি বিয়লি কৰ্তৃপক্ষই নগৰৰ কাষৰীয়া এলেকাটোৰ প্ৰৱেশ পথত জাননী ফলক লগাই দি সেই পথেৰে কোনো লোকৰে ওলোৱা-সোমোৱা নিষিদ্ধ কৰিছে। ইয়াৰ পূৰ্বে নাজিৰা মহকুমা প্ৰশাসনে যোৱা ২১ জুনত শিমলুগুৰি নগৰৰ ২ নং ৱাৰ্ডত শ্যাম লাল বেৰীয়া নামৰ ব্যৱসায়ীজন নিজৰ গৃহত পৃথকীকৰণ হৈ ৰোৱাৰ সময়ত ক’ভিড পজিটিভ ধৰা পৰাত সমগ্ৰ এলেকা কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছিল। ক্ৰমাৎ কৰ’নাৰ সম্প্ৰসাৰণ নাজিৰাত সঘনে ধৰা পৰাৰ সময়ত সামূহিক সংক্ৰমণৰ আশংকা ঘনীভূত হৈছে। যান-বাহনৰ যুগ্ম-অযুগ্ম নীতি কঠোৰভাৱে মানি চলাৰ লগতে ঘৰৰ বাহিৰলৈ অধিক লোক ওলাই নহাকৈ বজাৰ আৰু দোকানত সমাবেশ বন্ধ কৰাৰ বাহিৰে জনসাধাৰণৰ গত্যন্তৰ নোহোৱা হৈছে। আনহাতে নাজিৰা মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ পৰা সময়মতে তথ্য লাভ নকৰাত নাজিৰাৰ সাংবাদিক সকল বিফল হৈছে। সাংবাদিকে নিজে স্থানীয় ৰাইজৰ সৈতে যোগাযোগ কৰি ক’ভিড আক্ৰান্তৰ খবৰ লৈ কাকতলৈ প্ৰেৰণ কৰাত বহু পলম হোৱা স্বাভাৱিক ঘটনা হৈ পৰিছে। জনসাধাৰণৰ সজাগতাৰ বাবেই যে সাংবাদিকসকলক সময়মতে বাতৰি তথা তথ্য যোগান ধৰাৰ প্ৰয়োজন এই কথা নাজিৰাৰ জনসংযোগ বিভাগটোৱে পাহৰি গৈছে। উল্লেখযোগ্য যে নাজিৰা মহকুমাৰ এই গুৰুত্ত্বপূৰ্ণ বিভাগটোত এজন স্থায়ী বিষয়া নিযুক্তি নিদিয়াত আৰু বৰ্তমান তিনি-চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব পালন কৰি থকা এজন দণ্ডাধীশে বিভাগটোৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্তব্য পালনৰ লগতে এগৰাকী সহায়ক আৰু এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ সৈতে বিভাগটো পৰিচালনা কৰিব লগা হোৱাৰ বাবেই জসংযোগহীন হৈ পৰিছে নাজিৰা মহকুমা তথ্য আৰু জনসংযোগ বিভাগটো। ৰাইজৰ আক্ষেপ এইয়াই হৈছে পৰিবৰ্তন কামী চৰকাৰৰ পৰিৱৰ্তনৰ নমুনা।
কলিয়াবৰত স্বাস্থ্য বিভাগৰ হেমাহি, কভিড-১৯ সংক্ৰমিত ৪ ।
কলিয়াবৰ : ২৫ জুনত কভিড-১৯ সংক্ৰমিত ধুতিৰাম মুণ্ডাই সংক্ৰমণৰ বাবে স্বাস্থ্য বিভাগৰ বৰমূৰীয়াৰে আলোচনাৰ অন্তত জখলাবন্ধা চিকিৎসালয়ত জখলাবন্ধা চিকিৎসালয় দুদিনৰ বাবে বন্ধৰ নিৰ্দেশ দিছিল উৰ্দ্ধতন কৰ্তৃপক্ষই। কিন্তু চিকিৎসক-কৰ্মচাৰীৰ স্বাৱ পৰীক্ষাৰ ফলাফল নহাকৈয়ে দুদিনৰ পিচতেই চিকিৎসা সেৱা মুকলি কৰি দিয়াতো এতিয়া বিপজ্জনকৰূপে ধৰা দিছে কলিয়াবৰত। যোৱা বুধবাৰে স্বাৱ পৰীক্ষাৰ ফলাফলত দুগৰাকী নাৰ্চৰ লগতে আন দুগৰাকী সংক্ৰমিত হোৱা বুলি প্ৰমাণিত হোৱাত কলিয়াবৰত একপ্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইয়াৰে এগৰাকী জখলাবন্ধা চিকিৎসালয়ত কৰ্মৰত নাৰ্চৰ পুত্ৰ। ইতিমধ্যে বুধবাৰৰ নিশাই চাৰিওজনকে নগাঁও কভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। স্বাস্থ্য বিভাগৰ হেমাহিৰ ফলত এই সংক্ৰমণে কলিয়াবৰত ভয়বহ ৰূপ লোৱাৰ সম্ভাৱনাই দেখা দিছে। কিয়নো, চিকিৎসা কৰ্মী দুগৰাকীয়ে যোৱা সময়ছোৱাত চিকিৎসালয়খনত চিকিৎসা সেৱা আগবঢ়াইছিল। সংক্ৰমিত নাৰ্ছ দুগৰাকী নুমলী কলিতা আৰু অপৰা দাস। নুমলী কলিতাৰ পুত্ৰ প্ৰাঞ্জল মহন্তও আক্ৰান্ত। আনগৰাকী আক্ৰান্ত শিলঘাটস্থিত কলিয়াবৰ চাহ বাগিচাৰ জিমি কুৰ্মী। স্বাস্থ্য বিভাগৰ এই হেমাহিৰ বাবে সমগ্ৰ কলিয়াবৰবাসী এতিয়া কভিড-১৯ সংক্ৰমণৰ শংকাত।
চিকিৎসকসকলৰ উমৈহতীয়া সংস্থা IMA (Indian Medical Association)য়ে স্বাস্থ্য মন্ত্ৰী মহোদয়ক উদ্দেশ্যি লিখা আনুষ্ঠানিক পত্ৰ তথা ৰাজ্যত অস্বাভাৱিক হাৰত বৃদ্ধি হোৱা ক’ভিড ৰোগী সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া ।
নাজিৰা : ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ চিকিৎসকসকলৰ উমৈহতীয়া সংস্থা আই এম এ (Indian Medical Association) ৰ তৰফৰ পৰা প্ৰেৰণ কৰা আনুষ্ঠানিক পত্ৰখনৰ সন্দৰ্ভত অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰি আজি কাকতলৈ দিয়া এক বিবৃতিত প্ৰকাশ কৰে যে, পত্ৰখনত চিকিৎসক সকলৰ উমৈহতীয়া সংস্থা আই এম এ য়ে গভীৰ ‘ক্ষোভ’ আৰু ‘আপত্তি’ৰে অসমত ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পৰিৱৰ্তিত নীতিৰ কঠোৰ আৰু যুক্তিসংগত সমালোচনা কৰিছে। উপযুক্ত পৰিকল্পনা অবিহনে বৰ্তমানৰ অৱস্থাৰ পৰিৱৰ্তন ‘অতি কঠিন’ হ’ব বুলি উল্লেখ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। তেখেতে লগতে কয় যে, মানৱসম্পদৰ উপযুক্ত পৰিকল্পনা অবিহনেই সীমিত সংখ্যক চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰে হাস্পতালসমূহত ৰোগীৰ বিচনা বঢ়াই গৈ থাকিলে কোনো কাৰণতে এই ৰোগবিধক পৰাভূত কৰাত সফল নহ’ব। স্বাস্থ্যকৰ্মী আৰু চিকিৎসকসকলক একেৰাহে ১১ দিন ক’ভিড ৱাৰ্ডত চিকিৎসাৰ কামত নিয়োজিত কৰি পুনৰ ক’ভিড ৱাৰ্ডৰ সেৱাত নিয়োজিত কৰাৰ পূৰ্বে মাত্ৰ ৩ দিনৰ কোৱাৰেণ্টাইনত ৰখাৰ চৰকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে চিকিৎসক সংস্থাই।একেৰাহে ১১ দিন ক’ভিড ৱাৰ্ডত সম্পূৰ্ণ পি.পি.ই কিট্ পৰিধান কৰি সেৱা আগবঢ়োৱাটো যে অসম্ভৱ তাৰো প্ৰশ্ন তুলিছে চিকিৎসক সংস্থাটোৱে। বিৰোধী দলপতি গৰাকীয়ে লগতে প্ৰকাশ কৰে যে, এই গ্ৰীষ্মৰ গৰমত কোনো ধৰণৰ ‘এয়াৰ কণ্ডিচনৰ’ ব্যৱস্থা নথকা ক’ভিড চেণ্টাৰ বা ৱাৰ্ডত পি.পি.ই কিট্ পৰিধান কৰি একেৰাহে ১১ দিন চিকিৎসা আগবঢ়োৱাটো অসম্ভৱ। উক্ত পত্ৰখন বাতৰি-কাকতত প্ৰকাশিত হোৱাৰ পিছত এটা কথা মনলৈ আহিছে যে, ক’ভিডৰ বিৰুদ্ধে আগশাৰীৰ যোদ্ধা হিচাপে কাম কৰি অহা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক কেনেকুৱা এক স্তৰত হতাশগ্ৰস্ত হ’বলগীয়া হৈছে। ক’ভিড প্ৰতিৰোধত নিয়োজিত স্বাস্থ্যকৰ্মীসকলৰ স্বাস্থ্যপৰীক্ষা ‘এণ্টিজেন টেষ্ট’তে সীমিত ৰাখিবলৈ ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰো আই এম এয়েই তীব্ৰ বিৰোধিতা কৰিছে। আই চি এম আৰ এ ইতিমধ্যে ঘোষণা কৰিছে যে, এই পৰীক্ষাৰ বিশ্বাসযোগ্যতা তেনেই কম আৰু এই পৰীক্ষাত নেতিবাচক ফলাফল আহিলেও তেনে লোক ক’ভিডমুক্ত বুলি চূড়ান্তভাৱে ক’ব পৰা নাযায়। তাৰ বাবে ‘পি চি আৰ টেষ্ট’ সম্পন্ন কৰিহে চূড়ান্ত সিদ্ধান্ত দিব পৰা যায়। চিকিৎসক সংস্থাটোৱে গভীৰ আক্ষেপেৰে এই কথাও প্ৰকাশ কৰিছে যে, ইতিমধ্যে বৃহৎ সংখ্যক চিকিৎসক আৰু চিকিৎসাকৰ্মী ক’ভিড-১৯ৰ বলি হৈছে আৰু শেহতীয়া এনে ধৰণৰ ‘অপৰিকল্পিত’ আৰু তৰল চৰকাৰী সিদ্ধান্তই স্বাস্থ্যকৰ্মীসকলৰ জীৱন বিপদসংকুল কৰি তুলিব আৰু সেয়া হ’লে চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলে নিজৰ দেহত ক’ভিডৰ বীজাণু লৈ ৰোগীৰ চিকিৎসা কৰিবলগীয়া অৱস্থা এটা আহিবলৈ সৰহ দিন নালাগিব। বিবৃতিটোত বিৰোধী দলপতি গৰাকীয়ে কি কাৰণে ক’ভিড-১৯ৰ সৈতে যুঁজি থকা ইমান বৃহৎ সংখ্যক চিকিৎসক আৰু চিকিৎসাকৰ্মী এই ৰোগৰ দ্বাৰা আক্ৰান্ত হ’বলগীয়া হ’ল তাৰ এটা পুংখানুপুংখ বিশ্লেষণ কৰিবলৈ আই এম এ ই ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছে ক’ভিড-১৯ ৰ লক্ষণ নেদেখা ব্যক্তিসকলৰ ক্ষেত্ৰত I CMRয়ে দিয়া পৰামৰ্শ মতে ‘হ’ম কোৱাৰেণ্টাইন’ৰ জৰিয়তে তেওঁলোকৰ স্বাস্থ্য নিৰীক্ষণ তথা পৰিচালনাৰ দিহা ৰাজ্য চৰকাৰক গ্ৰহণ কৰিবলৈ চিকিৎসক সংস্থাই পৰামৰ্শ দিছে। বৃহৎ সংখ্যক এনে ক’ভিড-১৯ৰ বাহ্যিক লক্ষণ নেদেখা ‘ৰোগী’ক চৰকাৰে হাস্পতালত ভৰ্তি কৰোৱাৰ ফলত সীমিত চিকিৎসক আৰু চিকিৎসাকৰ্মীৰে এই সকলো নিয়ন্ত্ৰণ কৰা অসম্ভৱ হৈ পৰিছে আৰু ইয়াৰ ফলত ক’ভিড-১৯ত প্ৰকৃততেই গুৰুতৰভাৱে আক্ৰান্তসকলৰ চিকিৎসাত ক্ষতি হোৱাটো স্বাভাৱিক। ইয়াৰ উপৰিও শেহতীয়াকৈ গুৱাহাটী মহানগৰী সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ পিছত ৰাজ্যত ক’ভিড১৯ ৰ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। কাৰণ চৰকাৰে পুনৰ অপৰিকল্পিতভাৱে এই লকডাউন ঘোষণা কৰিছিল আৰু তাৰ ফলত গুৱাহাটী মহানগৰীত বসাবস কৰা সৰহ সংখ্যক ব্যক্তিয়ে নিজ নিজ গৃহ জিলালৈ উভতি গৈছে আৰু সেই সমূহ জিলালৈ আতংক কঢ়িয়াই আনিছে। কাৰণ গুৱাহাটীৰ পৰা যোৱা ব্যক্তিসকলে লাগতীয়াল পৰীক্ষা নকৰাকৈয়ে নিজ নিজ জিলা সমূহলৈ উভতি গৈছে। মোৰ ব্যক্তিগত মত যে, চৰকাৰে ৰাজ্যখনৰ সমূহ নাগৰিকৰ কথা ভাবি গুৱাহাটীৰ পৰা সকলো ব্যক্তিকে আহ-যাহ কৰাত বাধা দিব লাগিছিল। এই সকলোবোৰ বিষয়ৰ পিছত, চিকিৎসক বা চিকিৎসাকৰ্মীয়ে চৰকাৰৰ প্ৰতিশোধমূলক ব্যৱস্থাৰ ভয়ত মৌন হৈ থাকিলেও তেওঁলোকৰ সংগঠন ভাৰতীয় চিকিৎসা সংস্থা (Indian Medical Association)ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ ‘একনায়কত্ববাদী’ স্বৰূপ উদঙাই দিলে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰৰ ওচৰত দাবী জনাই প্ৰকাশ কৰে যে চৰকাৰৰ বাবে তেওঁলোকে যেনেকৈ হাস্পটালত স্বাস্থ্য কৰ্মী সকলৰ মনোবল বঢ়াবলৈ বায়ু সেনাৰ হেলিকপ্টাৰেৰে ফুল বৰ্ষণ কৰাইছিল তথা সামৰিক আৰু অসামৰিক বেণ্ড বজাই ধন্যবাদ জ্ঞাপন কৰিছিল, সেইবোৰতকৈ বেছি আই এম এয়ে উল্লেখ কৰা গুৰুত্বপূৰ্ণ বিন্দু সমূহৰ ওপৰত ধ্যান দিবলৈ আহ্বান জনায়।
নাজিৰাত জাপানীজ এনকেফেলাইটিছত এজনৰ মৃত্যু।
নাজিৰা : দেশ তথা ৰাজ্যত মহামাৰী কৰ’নাৰ বিভীষিকাৰ বিৰুদ্ধে যুঁজ অব্যাহত থকাৰ সময়তে নাজিৰা মহকুমাত আৰম্ভ হৈছে জাপানীজ এনকেফেলাইটিছৰ সংহাৰ। যি সময়ত ক’ভিড-১৯ৰ বিভীষিকাৰ বাবে সমগ্ৰ দেশ তথা ৰাজ্যৰ জনসাধাৰণ আতংকিত হৈ আছে সেই সময়ত জাপানীজ এনকেফেলাইটিছৰ দৰে আন এক মহামাৰী আৰম্ভ হোৱাকলৈ আতংকিত হৈ পৰিছে সমগ্র নাজিৰা মহকুমাৰ জনসাধাৰণৰ। কালি ডিব্ৰুগড় আদিত্য নাৰ্ছিং হোমত ৰাজ্য তথা শিৱসাগৰ জিলাৰ বছৰটোৰ প্ৰথমজন জাপানীজ এনকেফেলাইটিছ ৰোগীৰ মৃত্যু হয়। নাজিৰা নগৰৰ ৯ নং ৱাৰ্ডৰ বাসিন্দা অ’এনজিচিৰ অৱসৰপ্ৰাপ্ত বিষয়া সত্য পালৰ পত্নী শান্তি পাল (৫৭)ক যোৱা ৩০ জুনৰ নিশা অতিপাত জ্বৰত আক্ৰান্ত হোৱাত শিৱসাগৰস্থিত অ’এনজিচি চিকিৎসালয়ত ভৰ্তি কৰা হয়। ২ জুলাই পৰ্যন্ত শান্তি পালৰ জ্বৰৰ ৰকোপ নকমাত চিকিৎসকে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসা মহাবিদ্যালয়ত ৩ জুলাইত শান্তি পালৰ ক’ভিড-১৯ৰ পৰীক্ষা কৰাত পালৰ কৰ’নাৰ ফলাফল নিগেটিভ আহে যদিও পাল জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ ফলাফল লাভ কৰে। আনহাতে স্বামীয়ে কৰা অভিযোগ অনুসৰি চিকিৎসা মহাবিদ্যালয়খনৰয় সাধাৰণ কক্ষত এক অস্বাস্থ্যকৰ পৰিৱেশত চিকিৎসাধীন হৈ থকা শান্তি পালক ইতিমধ্যে জাপানীজ এনকেফেলাইটিছে মস্তিষ্ক, বৃক্ক আদি এক প্ৰকাৰ বিকল কৰি তোলে। পালৰ স্বাস্থ্য অধিক অৱনতি ঘটাত ৪ জুলাইত পালক ডিব্ৰুগড় আদিত্য নাৰ্ছিং হোমলৈ সংকটজনক অৱস্থাত স্থানান্তৰ কৰে। চিকিৎসালয়খনত চিকিৎসকে ৪ জুলাইৰ পৰাই পালক আৰোগ্যৰ অপ্ৰাণ চেষ্টা কৰে যদিও যোৱা কালি শান্তি পালৰ মৃত্যু হয়। ইফালে শান্তি পালৰ জাপানীজ এনকেফেলাইটিছত মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ নাজিৰা মহকুমাৰ জনসাধাৰণ আতংকিত হৈ পৰিছে পূৰ্বে মহামাৰীৰ ৰূপ ধাৰণ কৰি বহুতৰ প্ৰাণ কাঢ়ি নিয়া জাপানীজ এনকেফেলাইটিছৰ পুনৰ আৰ্বিভাৱকলৈ। উল্লেখ যে, নাজিৰা নগৰৰ ৯ নং ৱাডকে ধৰি নগৰখনৰ বিভিন্ন ৱাৰ্ড কদৰ্যময় পৰিৱেশে নাজিৰা পৌৰ প্ৰশাসনৰ স্বচ্ছ ভাৰতৰ স্বৰূপ উদঙাই দিছে।
ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ।
দৈনন্দিন বাৰ্তা ডেস্ক :
ড্ৰাগছ সেৱন কৰি নিঃশেষ হ’ব ধৰিছে যুৱ সমাজ। হাট-বজাৰ, গলি পথত বিক্ৰী হয় ড্ৰাগছ। ড্ৰাগছ বিক্ৰেতাৰ বিৰুদ্ধে মাত মাতিলে নিশ্চিত মৃত্যু। ড্ৰাগছ বেপাৰিৰ বিৰুদ্ধে স্মাৰক পত্ৰ দিব আহি কান্দিলে পিতৃয়ে। কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি ড্ৰাগছ বেপাৰৰ কৰিডোৰ। চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত দুই এদিন অন্তৰ অন্তৰ লাখ লাখ টকাৰ ড্ৰাগছ জব্দ হ’লেও পাথাৰকান্দি আৰক্ষী এই ক্ষেত্ৰত সম্পূৰ্ণ নিৰ্লিপ্ত। অথচ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ উপৰেদি ত্ৰিপুৰাত সৰবৰাহ হয় ড্ৰাগছ। পাথাৰকান্দিৰ কাবাৰিবন্দ, নয়াডহৰ, ডেঙাৰবন্দ পৰা আৰম্ভ কৰি সৰ্বত্ৰে সুলভ ড্ৰাগছ। অথচ ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে। কাৰণ ড্ৰাগছ বেপাৰীৰ ক্ষমতা ইমানে বেছি যিয়ে মাত মাতিব তাকে দিনতে হত্যা কৰিবলৈ কুন্ঠাবোধ নকৰে বুলি কয় অভিভাৱকে। ড্ৰাগছ আসক্ত পুত্ৰৰ অভিভাৱক সকলে পাথাৰকান্দি চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযোগ জনাব আহি কান্দুনত ভাগি পৰে এগৰাকী পিতৃয়ে কয়, আজিকালি পান দোকান, চাহৰ দোকান, ভাতৰ হোটেলত ৰমৰমীয়া ড্ৰাগছৰ বেহা চলিলেও নীৰৱ দৰ্শক পাথাৰকান্দি আৰক্ষী। পাথাৰকান্দিত চক্ৰ বিষয়াৰ হাতত ড্ৰাগছ বেপাৰীৰ কেইটামান নাম উল্লেখ কৰিলেও কেমেৰাৰ আগত নাম উল্লেখ কৰিবলৈ সাহস গোটাব পৰা নাই ভুক্তভোগী অভিভাৱক সকলে।
২০২১ৰ বিধানসভা নিৰ্বাচনত কলাইগাঁৱৰ পৰা অৱতীৰ্ণ হ’বলৈ সাজু অৱসৰী অভিযন্তা দুলাল কুমাৰ বৰুৱা । দুনীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে গঢ়ি তুলিব সংগ্ৰাম ।
টংলা : ৰাজ্যজুৰি অব্যাহত থকা কৰোণা ভাইৰাছৰ যুজঁখনত চৰকাৰখনে নিৰন্তৰভাৱে লাগি থকাৰ সময়তে ২০২১ৰ অসম বিধান সভা নিৰ্বাচনৰ বাবে কলাইগাওঁ বিধানসভা সমষ্টিৰ পৰা এগৰাকী অৱসৰী অভিযন্তা সাজু হৈ উঠিছে। ওদালগুৰি জিলাৰ কলাইগাঁও বিধানসভা সভা সমষ্টিৰ ঝাৰগাঁৱৰ অৱসৰী অভিযন্তা দুলাল কুমাৰ বৰুৱা ২০২১ৰ নিবাচনক লৈ সম্পূৰ্ণ সাজু হৈ উঠিছে। ১৯৮২ চনত এনএফ ৰেলৱেত জ্যেষ্ঠ শাখা অভিযন্তা বিজুলী বিভাগৰ চাকৰিত যোগদান কৰি ২০১৩ চনত স্বেচ্ছাই অৱসৰগ্ৰ্হণ কৰি অহা বৰুৱা সৰুৰে পৰাই বিভিন্ন সামাজিক জীৱনৰ সৈতে জড়িত হৈ আহিছে। ২০০৯ চনত সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত আৰু নিজা খৰচৰে কলাগুৰু জাতীয় বিদ্যালয় ঝাৰগাওঁ নামেৰে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ লগতে ঝাৰগাঁও অঞ্চলৰ সামাজিক অ-ৰাজনৈতিক অনুষ্ঠান ঝাৰগাঁও আঞ্চলিক প্ৰগতি সংঘ, নেহেৰু জ্যোতি সংঘ-বাহমোল্লা, প্ৰগতি সংঘ নিজ সৰাবাৰী আদি বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ আহিছে। ১৯৮৯ চনৰ পৰা অসমৰ সৰ্ববৃহৎ সামাজিক সাংস্কৃতিক আৰু অৰাজনৈতিক অনুষ্ঠান শংকৰদেৱ সংঘৰ সংগীভুক্ত হৈ চাৰি বছৰ কাল মূলৰ প্ৰচাৰ সদস্য হিচাপে সুচাৰুৰূপে দায়িত্ব পালন কৰি আহিছে। বৰুৱাই সদৌ ভাৰত কনস্টাকছন কেজুৱেল লেবাৰ এছচিএচনৰ তেজপুৰ সংমণ্ডলৰ সম্পাদক হিচাপে নিৰ্বাচিত হৈ সুচাৰূভাৱে দায়িত্ব সম্পাদনা কৰিছিল। এগৰাকী ক্ৰিয়া সংগঠক ৰূপে পৰিচিত বৰুৱা এটা ফুটবল দল গঠন কৰি পাঁচ বছৰ নিজে পৰিচালনা কৰিছিল। বৰুৱাই ৩০-৪০ গৰাকী মেধাৱী ল’ৰা-ছোৱালীক উচ্চ শিক্ষাত নামভৰ্তি কৰি নিজা প্ৰচেষ্টাৰে জিলাখনত উচ্চ পদস্ত বিষয়া বনাবলৈ চেষ্টা কৰি থকাৰ কথাও চিন্তা কৰি আহিছে। বিটিচিত চলি থকা বৈষম্য স্বজন-তোষন দুনীতি-ভ্ৰষ্টাচাৰ নিৰ্মূলৰ হকে যুজঁ দিয়াৰ বাবে আৰু স্বচ্ছতা-সততা ন্যায়ৰ হকে সজাগ কৰাৰ বাবে সজাগতাৰ সৃষ্টি কৰিব বুলি জানিব দিয়ে বৰুৱাই।
টছতে বৰ্ষা বিঘ্নিত : বেটিং কৰাৰ সিদ্ধান্ত ইংলেণ্ডৰ ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
ক’ৰোনা আতংকৰ মাজতে কি দৰে আন্তৰ্জাতিক ক্ৰিকেট আৰম্ভ কৰিব পাৰি তাকে লৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিল ক্ৰিকেটপ্ৰেমী সকলে ৷ অৱশেষত কৰোনা সংক্ৰমণৰ পাছত বন্ধ হৈ থকাৰ পাছত প্ৰথমখন আন্তৰ্জাতিক ক্ৰিকেট আজিৰ পৰা আৰম্ভ হ’ল ৷ কিন্তু ক্ৰিকেটপ্ৰেমীৰ অপেক্ষাক চেঁচা পানী ঢালিছিল বৰষুণে ৷ ফলত সময়ত নহ’ল টছ ৷ ছাউদাম্পটনত ভাৰতীয় সময় দিনৰ ৩ বজাত আৰম্ভ হোৱাৰ কথা আছিল খেল ৷ সেই সময়ত টছ হোৱাৰ কথা আছি ল৷ কিন্তু বৰষুণে বিধি পথালি দিলে ৷ আনকি ক্ৰিকেটাৰ সকলো হোটেললৈ গ’ল ৷ ফলত হতাশ হৈ পৰে ক্ৰিকেটপ্ৰেমী ৷ অৱশেষত ভাৰতীয় সময় সন্ধিয়া ৬ বজাত টছ হ’ল ৷ টছত জিকিলে ইংলেণ্ড ৷ বেটিং কৰাৰ সিদ্ধান্ত ল’লে ৷ উল্লেখ্য যে ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত হোৱা এইখন খেল হ’ল ১১৭ দিন স্তব্ধ হৈ থকাৰ পাছত প্ৰথম আন্তৰ্জাতিক ক্ৰিকেট ৷
হোজাইত এগৰাকী অভিযন্ত্ৰাৰ কভিড-১৯ পজেটিভ ওলোৱাৰ পাছতো চেনিটাইজাৰ নকৰাকৈ চলাই গৈছে কাৰ্যালয়।
হোজাই : ডবকাত এগৰাকী অভিযন্তাৰ দেহত ধৰা পৰিছে কভিড-১৯ পজেটিভ।অভিযন্ত্ৰা গৰাকীৰ নাম শ্বনাতন বশ্য।শ্বনাতন বশ্য নামৰ অভিযন্ত্ৰা গৰাকীৰ দেহত কভিড-১৯ পজেটিভ ধৰা পৰাৰ পাছত অভিযন্ত্ৰা গৰাকীক গুৱাহাটী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।জানিব পৰা মতে অভিযন্ত্ৰা গৰাকীয়ে যোৱা শনিবাৰে ডবকাৰ বিন্নাকান্দী উন্নয়ন খণ্ডৰ কাৰ্য্যলয়ত প্ৰৱেশ কৰাত বহুতে আহিছিল সংস্পৰ্শলৈ। কেবল কাৰ্যালয়তে নহয় তেওঁৰ দায়িত্বত থকা নীলবাগান গাও পঞ্চায়তৰ কাৰ্যালয়ৰ লগতে নীলবাগানৰ একাংশ ৰাইজৰ সংস্পৰ্শলৈ আহিছিল।অভিযন্ত্ৰা গৰাকীৰ দেহত কভিড-১৯ পজেটিব ধৰা পৰাৰ কথা বিন্নাকান্দী উন্নয়ন খণ্ডত থকা কোনো বিষয়-বৱীয়া সকলে বৰ্তমান লৈকে জ্ঞাত নহয় বুলি জানিব পৰা গৈছে।কভিড-১৯ পজেটিভ ধৰা পৰাৰ পাছতো উন্নয়ন খণ্ডটোত হোৱা নাই চেনিটাইজাৰ।এনেকৈয়ে উন্নয়ন খণ্ডখনত বিষয়-ববিয়া সকলে পালন কৰি গৈছে নিজৰ কৰ্তব্য।এতিয়া প্ৰশ্ন হয় জিলা প্ৰশাসনৰ লগতে স্বাহ্য বিভাগে কিয় অৱগত কৰা নাই এই ভয়কংকৰ খবৰটো।জিলা প্ৰশাসনে এই ভয়ংকৰ খবৰটো অৱগত নকৰাৰ বাবেই কাৰ্য্যলয় খনত বাকী বিষয় ববীয়া সকলে চলাই গৈছে নিজৰ কাম-কাজ।উল্লেখযোগ্য যে অভিযন্তা গৰাকীৰ ঘৰ গুৱাহাটী মালিগাওঁত, মালিগাওঁত অন্য এজন লোকৰ দেহত কভিড-১৯ ধৰা পৰাৰ পুৰ্বে সংস্পৰ্শলৈ আহিছিল বুলি অভিযন্তা গৰাকীয়ে উল্লেখ কৰিছে। ডবকা বিন্নাকান্দিত ৰাইজে সঘনাই নিয়মীয়া অহা যোৱা কৰিছে যদিও কভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছতো কিয় মনতা অৱলম্বন কৰিছে একাংশ বিষয়াই এই লৈ প্ৰশ্ন উত্থাপন কৰিছে সচেতন ৰাইজে।
এতিয়া প্ৰশ্ন হয় এই কভিড-১৯ বীজাণুয়ে যদি বেলেগ বিষয়-বৱীয়া সকলক আক্ৰান্ত কৰে তেন্তে ইয়াৰ দায়িত্ব লব কোনে,ইয়াৰ দায়ি কোন ? প্ৰশাসনৰ এনেধৰনৰ কিছু কাণ্ডই ডবকা বাসী স্তম্ভিত হৈ পৰিছে।
বিজ্ঞানৰ স্নাতক হৈয়ো গো-পালনৰে স্বাৱলম্বীতাৰ অৰ্পূৱ নিৰ্দশন দাঙি ধৰিছে নগাঁৱৰ লক্ষী প্ৰসাদ বৰাই।
নগাঁও : নগাঁও জিলাৰ বৃহত্তৰ হাতীচোং মৌজাৰ অন্তৰ্গত ব্ৰাহ্মণ গাঁৱৰ লক্ষী প্ৰসাদ বৰা সম্প্ৰতি জিলা খনৰ আন নিবনুৱাৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে। বিগত ১৯৯১ চনতে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰী লাভ কৰা বৰাই নিৰ্দ্দিষ্ট সময়ত এটা চৰকাৰী চাকৰি যোগাৰ কৰি ল’ব নোৱাৰা হেতুকে তেওঁ মানসিক ভাৱে ভাগি পৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ চৰকাৰী চাকৰিৰ মোহ ত্যাগ কৰি আত্মৰ্ভৰশীল হোৱাৰ মানসেৰেই গো পালনৰ লগত জড়িত হৈ স্বাৱলম্বী হোৱাৰ প্ৰয়াস চলায়।লক্ষী প্ৰসাদ বৰাই প্ৰকাশ কৰা মতে, তেওঁ ১৯৯৩চনত প্ৰথমে থলুৱা প্ৰজাতিৰ মাত্ৰ তিনি জনী গাই পালন কৰি গাখীৰ বিক্ৰী কৰিছিল।১৯৯৫চনত গাইৰ সংখ্যা পাঁচ জনীলৈ বৃদ্ধি পায়। ১৯৯৩চনতে গো পালনৰ লগত জড়িত হৈ পৰিলেও বৰাই সম্পূৰ্ণ ব্যৱসায়িক ভিৰ্তিত গো পালন আৰু দুগ্ধ উৎপাদনৰ লগতে ইয়াৰ ব্যৱসায় আৰম্ভ কৰে ১৯৯৯চনৰ ফেব্ৰুৱাৰী মাহতহে। তেওঁ ১৫জনী জাৰ্ছী গাই ক্ৰয় কৰি আনি এখন ফাৰ্ম আৰম্ভ কৰে।লাহে লাহে তেওঁৰ দুগ্ধ পামখনে সফলতাৰ মুখ দেখিবলৈ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেঁওৰ ফাৰ্মত পশুধনৰ সংখ্যা ২৫-৩০টালৈ বৃদ্ধি পায়।ইয়াৰে দমৰা আৰু বৃদ্ধা গাই কেইজনী বিক্ৰী কৰি তেওঁ সংগৃহীত ধনেৰে এখন টেম্পুভানো ক্ৰয় কৰে। স্মৰ্তব্য যে, প্ৰথমাৱস্থাত বৰাই চাইকেলেৰে গাখীৰ গাঁৱে গাঁৱে ঘূৰি বিক্ৰী কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ড্ৰামত গাখীৰ ভৰাই সেই গাখীৰ সমূহ নগাঁও চহৰৰ একাংশ হোটেলত বিক্ৰী কৰিছিল বুলিও সদৰী কৰে।চহৰত গাখীৰ বিক্ৰীৰ সুবিধাৰ বাবেই তেওঁ গৰু-গাই বিক্ৰী কৰি টেম্পুভান খন ক্ৰয় কৰে বুলি সদৰী কৰি আৰু কয়যে, বৰ্তমান তেঁওৰ অতি উন্নত প্ৰজাতিৰ ১০জনী জাৰ্ছী গাই আছে।এই গাই কেইজনীৰ পৰা দৈনিক উৎপাদন হয় ৬০-৭০লিটাৰ পৰ্যন্ত গাখীৰ।গাখীৰ বিক্ৰী কৰিয়েই এতিয়া তেওঁ মাহিলী ৭৫-৮০হেজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।গাই খিৰোৱাৰ পাছত সেই গাখীৰ সমূহ তেওঁ টেম্পুভান খনৰে নিজেই আনি নগাঁও চহৰৰ একাংশ হোটেলত পুৱা আৰু বিয়লি যোগান ধৰে।কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে সমগ্ৰ দেশজুৰি তলাবন্ধ ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ দুগ্ধ ব্যৱসায়ত কেইবামাহো ভীষণ লোকচান হয় যদিও এতিয়া তলাধন্ধ শিথিল হোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ ন উদ্যমেৰে দুগ্ধ ব্যৱসায় আৰম্ভ কৰিছে। সম্প্ৰতি বৰাই গাখীৰ সমূহ নগাঁও চহৰৰ কেইখনমান হোটেলৰ লগতে এক দুগ্ধ প্ৰতিষ্ঠানকো যোগান ধৰি আহিছে।তথাপিও শেহতীয়াকৈ চৰকাৰে চহৰ এলেকাত শণিবাৰ আৰু দেওবাৰে তলাবন্ধ বলবৎ কৰাত তেওঁ চিন্তিত হৈ পৰিছে।বৰাৰ এই শ্বেত বিপ্লৱৰ যাত্ৰাত সহযোগিতা আগবঢ়াইছে তেওঁৰ পত্নী জোনালী শইকীয়া বৰাই।এসময়ত অভাৱ আৰু দৰিদ্ৰতাৰ লগত যুঁজি থকা লক্ষী প্ৰসাদ বৰা এতিয়া আৰ্থিক ভাৱে স্বচ্ছল। দুগৰাকী কন্যা সন্তান সহ তেওঁ লোকৰ এখন সুখৰ সংসাৰ আছে । কোনো ধৰণৰ চৰকাৰী সহযোগিতা অবিহনে সম্পূৰ্ণ একক প্ৰচেষ্টাৰেই গো পালন আৰু দুগ্ধ উৎপাদনৰ জৰিয়তে স্বাৱলম্বী হৈ দহ জন নিৱনুৱাৰ বাবে আদৰ্শস্বৰূপ হৈ পৰা লক্ষী প্ৰসাদ বৰাই কয়,”ইচ্ছা থাকিলেই উপায় ওলায়।আচলতে কাম কৰাৰ এটা মানসিকতা থকা দৰ্কাৰ।কামৰ কোনো সৰু-ডাঙৰ নাই।নিষ্ঠা সহকাৰে কাম কৰিলে সৰু কামৰ জৰিয়তেও বিপূল সসলতা অৰ্জন কৰিব পাৰি।”স্মৰ্তব্য যে,বৰাৰ পশুধনৰ ফাৰ্ম খনত নাই কোনো কৰ্মচাৰী।সকলো কাম তেওঁ আৰু তেওঁৰ পত্নীয়ে নিজেই কৰে।গো পালনৰে এক শ্বেত বিপ্লৱৰ সূচনা কৰা লক্ষী প্ৰসাদ বৰাৰ এই ফফলতা প্ৰত্যক্ষ কৰি এতিয়া হাতীচোং,চকলাঘাট অঞ্চলৰ আন একাংশ শিক্ষিত নিবনুৱা যুৱকো গো পালনৰ সৈতে জড়িত হৈ পৰিছে বুলি জানিব পৰা গৈছে।
সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ গোচৰৰ প্ৰতিক্ৰিয়া : জিলা প্ৰশাসনৰ বিৰুদ্ধে গোচৰ তৰিলে যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকাই ।
নগাঁও : ক’ভিড-১৯ ৰ ভয়াবহতাৰ মাজত স্বাস্থ্য বিধি উলংঘা কৰি প্ৰসিদ্ধ ধৰ্মীয় নেতা মৌলানা মুফতি খাইৰুল ইছলামৰ জানাজাত অংশগ্ৰহণ কৰাৰ অভিযোগত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে নগাঁও জিলা প্ৰশাসনে গোচৰ তৰা কাৰ্যত অসন্তুষ্ট হৈ পৰিছে যুৱ কংগ্ৰেছী। সেয়ে নগাঁও জিলা প্ৰশাসনৰ বিৰুদ্ধে এইবাৰ ওলোটাই গোচৰ তৰিলে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকাই। যুৱ কংগ্ৰেছী মৃণাল হাজৰিকাই অভিযোগ কৰা মতে মৌলানা খাইৰুল ইছলামৰ জানাজাত জনসমাগম নিয়ন্ত্ৰনত ব্যৰ্থ হোৱা নগাঁও জিলা প্ৰশাসনে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে গোচৰ তৰি দায় সাৰিব বিচাৰিছে। সেয়ে কৰ’না ভাইৰাছৰ সংকটপূৰ্ণ মুহুৰ্তত জনসমাগম নিয়ন্ত্ৰন নোৱাৰা নগাঁও জিলা প্ৰশাসনৰ বিৰুদ্ধে তেওঁ গোচৰ তৰে। আজি নগাঁও সদৰ থানাত জিলা প্ৰশাসনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য প্ৰকাশ কৰে মৃনাল হাজৰিকাই । উল্লেখ্য যে মঙলবাৰে ধিং ৰাজহ চক্ৰ বিষয়াই জুৰীয়া আৰক্ষী থানাত সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ২৬৯/২৭০ আৰু দুৰ্যোগ প্ৰশমন আইনৰ ৫১(বি) ধাৰাত ২৬৩/২০ আৰু ২৬৪/২০ নম্বৰত দুটা গোচৰ ৰুজু কৰিছিল। ইয়াৰ পিছতে আজি যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে নগাঁও জিলা প্ৰশাসনক পৰিস্থিতি নিয়ন্ত্ৰনত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি গোচৰ তৰা কাৰ্যই বিশেষ তাৎপৰ্য্য বহন কৰিছে।












