Home Blog Page 3257

মাজবাটৰ গছেনপুৰ গাঁৱত গৰ্ভৱতী মহিলাৰ দেহত ক’ৰোনা পজিটিভ ।

ওদালগুৰি : ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ এলেকাৰ গছেনপুৰ গাঁৱত ১১ জুলাই তাৰিখে টাৰ্ছিলা কান্দুলনা (২৪) নামৰ এগৰাকী মহিলাৰ দেহত ক’ৰোনা পজিটিভ ধৰা পৰাৰ লগতে সমগ্ৰ ওদালগুৰি জিলাতে ১১ জুলাই তাৰিখে ৯ গৰাকী নতুনকৈ কোভিড-১৯ আক্ৰান্ত হোৱা ঘটনাই অঞ্চল জুৰি তীব্ৰ আতংকিত কৰি তুলিছে । স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা মতে জিলা খনৰ মাজবাটৰ গছেনপুৰ গাঁৱৰ উক্ত মহিলা গৰাকী কেইদিনমানৰ আগতে দিল্লীৰ পৰা আহিছিল । ক’ ৰোনা পজিটিভত আক্ৰান্ত সাত মাহৰ গৰ্ভৱতী মহিলা গৰাকীক মাজবাটৰ গছেনপুৰ গাঁৱৰ পৰা স্বাস্থ্য বিভাগৰ লোক আৰু আৰক্ষী প্ৰশাসনে প্ৰায় আঢ়ৈ কিলোমিটাৰ দূৰ খোজ কাঢ়ি প্ৰৱল বৰষুণ আৰু বানপানীকো নেওচি আনিছে স্বাস্থ্য কৰ্মী আৰু আৰক্ষী প্ৰশাসনৰ এটি দলে ।সাত মহীয়া গৰ্ভৱতী ক’ৰোনাত আক্ৰান্ত মহিলা গৰাকীক স্বাস্থ্য বিভাগৰ লোক সকলে প্ৰৱল বৰষুণৰ মাজতে ছাতিৰে সাহসৰে আগুৱাই নি সযতনে ১০৮ নং গাড়ীত উঠাবলৈ সক্ষম হয় । উক্ত অভিযানত ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ব্লক বিপিএম পংকজ কুমাৰ সভাপন্ডিতৰ লগতে অতুল শইকীয়া ,আশা ছুপাৰভাইজাৰ অৰ্চনা ডেকা আৰু ৰঞ্জনা দাস ৰাভাৰ উপৰিও স্বাস্থ্য কৰ্মী বিপ্লবজ্যোতি ডেকা আছিল । ইয়াৰ লগতে মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা ইৰছাদৰ লগত আৰক্ষীৰ লোকও স্বাস্থ্য কৰ্মী সকলৰ লগত উপস্থিত হয় ক’ৰোনা পজিটিভ আক্ৰান্ত গৰ্ভৱতী মহিলা গৰাকীক নিৰাপদে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিবলৈ সক্ষম হয় । এই গৰ্ভৱতী মহিলাৰ সৈতে নতুনকৈ ক’ৰোনা পজিটিভত আক্ৰান্ত ৮ গৰাকী লোককো ১১ জুলাই তাৰিখে ওদালগুৰি অসামৰিক চিকিৎসালয়লত ভৰ্তি কৰা হয় । আক্ৰান্ত লোকসকল হ’ল ক্ৰমে উমা শংকৰ (২৪), তাপস পাল (৪৫), জাইউল হক (৩১), ৰোহন আলি (২৪), ফীৰদাস ৰহমান (৩৭), তেৰচিলা কান্দুলনা (২৫),পল্টন মূৰমূ (৪০) আৰু পুপেন চাওঁৰা (৩০) । এতিয়ালৈ সমগ্ৰ ওদালগুৰি জিলাত মুঠ আক্ৰান্তৰ সংখ্যা ২৩৬ গৰাকী , ইয়াৰে ১৯৭ গৰাকী লোক সুস্থ হোৱাৰ পিছত ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু ৩৮ গৰাকী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৮ জুলাই তাৰিখে ক’ৰোনাত আক্ৰান্ত মাজবাটৰ যুৱক জিতেন্দ্ৰ প্ৰসাদ (৩০) ৰ মৃত্যু হৈছে।

মুখ্যমন্ত্ৰী সমষ্টিৰ কৰতিপাৰ পঞ্চায়তৰ সাৰআটীত বৃহৎ খহনীয়া।

উজনি-মাজুলী : বিভাগীয় কৰ্তৃপক্ষই খহনীয়া ৰোধত একেবাৰে বিফল হোৱা বুলি দাবী কৰা মাজুলী জিলা কংগ্ৰেছ দলৰ নেতৃত্ব‌ই শুকুৰবাৰে নামনি মাজুলী কৰতিপাৰ গাঁও পঞ্চায়তৰ সাৰআটীৰ খহনীয়াৰ সন্মুখীন হোৱা দুৰ্ভগীয়া পৰিয়াল সমূহক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে যুৱ কংগ্ৰেছৰ সদস্য সকলে শাৰীৰিকভাবে ও কিছু সহায় আগবঢ়াই । প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই কিছু গুৰুত্ব প্ৰদান কৰি কাম কৰিলে এতিয়াও খহনীয়া প্ৰতিৰোধ কৰিব পৰা অৱস্থাত আছে বুলি দাবী জনাই দলটোৱে কয় , এইয়া একেবাৰে দুৰ্ভাগ্যৰ কথা যে বিভাগীয় কৰ্তৃপক্ষই যেনেদৰে এই অঞ্চল সমূহত কাম কৰিব লাগিছিল তেনেদৰে কৰা পৰিলক্ষিত হোৱা নাই । সেয়ে মাজুলীৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ ওচৰত মাজুলী জিলা কংগ্ৰেছৰ তৰফৰ পৰা আমি দাবী জনাইছো ,অতি শীঘ্ৰে খহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়াল সকলক উচিত ক্ষতিপূৰণ দিয়াৰ লগতে তৎকালীনভাৱে খহনীয়া ৰোধৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক। কংগ্ৰেছৰ উক্ত দলটোত উপস্হিত আছিল মাজুলী ব্লক কংগ্ৰেছৰ সভাপতি ৰামেশ্বৰ দলে , মাজুলী বিধানসভা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি বিষ্ণু কমল পায়েং , যুৱ বিগ্ৰেডৰ সভাপতি  দিনমণি দত্ত , মাজুলী জিলা যুৱ কংগ্ৰেছৰ সভাপতি দেৱকান্ত দাসকে ধৰি প্ৰায় ২জ গৰাকী সদস্য‌ । 

ফুলনি গাওঁ পঞ্চায়ত আৰু ৰঙাচাহী গাওঁ পঞ্চায়তত বিজাণুনাশকক স্পে ।

উজনি-মাজুলী :
ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে মাজুলী জিলা পেয়জল আৰু অনাময় সমিতিৰ উদ্যোগত অব্যাহত ৰখা চৰকাৰী কাৰ্যালয়, হস্পিতাল চৌহদ তথা ৰাজহুৱা স্থান আদি বীজাণুমুক্তকৰণ অভিযানৰ অংশ হিচাপে বৃহস্পতিবাৰে ফুলনি আৰু ৰঙাচাহী গাঁও পঞ্চায়ত কাৰ্যালয়ৰ লগতে ফুলনি আৰক্ষী চকীত বীজাণুনাশক স্প্ৰে’ কৰি ছেনিটাইজ কৰা হয়। এই বীজাণুমুক্তকৰণ অভিযানত জিলা পেয়জন আৰু অনাময় সমিতিৰ স্বচ্ছতাগ্ৰাহীসকলে অংশগ্ৰহণ কৰে।

ভাৰতত প্ৰৱেশৰ বাবে অপেক্ষাত পাকিস্তান সমৰ্থিত ২৫০-৩০০ সন্ত্ৰাসবাদী ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশৰ বাবে ২৫০-৩০০ সন্ত্ৰাসবাদী অপেক্ষা কৰি আছে বুলি শনিবাৰে ভাৰতীয় সেনাই সতৰ্ক কৰি দিছে ৷ জম্মু আৰু কাশ্মীৰ সীমান্তৰ দুটা ছেক্টৰত ভাৰতীয় জোৱানৰ ওপৰত আক্ৰমণৰ চেষ্টা চলাইছে পাকিস্তানৰ বৰ্ডাৰ একচন টিমে ৷ সম্প্ৰতি চোৰাংচোৱাৰ সূত্ৰত এই খবৰ পোৱাৰ পাছত নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে তীব্ৰ দৃষ্টি নিক্ষেপ কৰিছে ৷ পাকিস্তানৰ আৰ্শীবাদপুষ্ট বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ সদস্য ভাৰতত অনুপ্ৰৱেশৰ বাবে এই পৰিকল্পনা লৈছে বুলি জানিব পৰা গৈছে ৷ চোৰাংচোৱা সূত্ৰৰ মতে জম্মু আৰু কাশ্মীৰৰ ভীমবাৰ গালি আৰু নৌসেৰা ছেক্টৰত বহু সংখ্যক সন্ত্ৰাসবাদী ভাৰতত সোমাবৰ বাবে অপেক্ষা কৰি আছে৷ সন্ত্ৰাসবাদীবোৰক এই কামত সহায় কৰিছে পাকিস্তানী সেনাই ৷ সেই কাৰণে বৰ্ডাৰ একচন টিমৰ সদস্যসকলক সেই এলেকাবোৰত মোতায়েন কৰা হৈছে ৷ ইতিমধ্যে এই বিষয়ত ভাৰতীয় সেনা আৰু বিএছএফক সতৰ্ক কৰি দিয়া হৈছে ৷ বিএছএফৰ এজন উচ্চ পদস্থ বিষয়াই জনোৱা মতে কেইটামান সপ্তাহৰ আগতে এনে সতৰ্কবাৰ্তা অহা নাছিল ৷ আগৰ দৰেই তীক্ষ্ণ দৃষ্টি দি থকা হৈছিল৷ কিন্তু চোৰাংচোৱাৰ এই খবৰ পোৱাৰ পাছত পৰিস্থিতি সলনি হৈ গৈছে ৷ সীমান্তত থকা জোৱানসকলক সতৰ্ক কৰাৰ লগতে তীক্ষ্ণ নজৰ দিবলৈ কোৱা হৈছে৷ বিশেষকৈ ভীমবাৰ গালি আৰু নৌসেৰা ছেক্টৰত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ় তুলি জোৱানৰ সংখ্যা বৃদ্ধি কৰা হৈছে৷ পাকিস্তানে যদি কোনো দুঃসাহস দেখুৱাই তেতিয়া যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব বুলি বিষয়াজনে কয় ৷

নেপালত ভূমিস্খলনত নিহত ১৫ ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

বৰষুণৰ ফলত পশ্চিম নেপালত শনিবাৰে হোৱা ভূমিস্খলনত ১৫জন লোক নিহত হয় ৷ এনেদৰে ভূমিস্খলনত যোৱা ৪৮ ঘণ্টাত দেশখনত মুঠ ৩৭ জন লোক নিহত হয় ৷ দেশখনৰ গৃহ মন্ত্ৰালয়ে এই কথা জনাইছে৷ নিহত হোৱা ১৫ জন লোক মাইয়াদি জিলাৰ বুলি প্ৰকাশ ৷ আনহাতে ১৫ জন লোক সন্ধানহীন বুলি জানিব পৰা গৈছে ৷ আনহাতে শুকুৰবাৰে আন এক ভূমিস্খলনত নেপালত ২২ জন লোক নিহত হৈছিল ৷ দেশখনত যোৱা ৪৮ ঘণ্টাত মুঠ ৩৭ জন লোক ভূমিস্খলনত মৃত্যু হয় ৷ চৰকাৰে সেনা আৰু আৰক্ষী নিয়োগ কৰি উদ্ধাৰ কাৰ্য চলাই আছে ৷

কৃষক নেতা অখিল গগৈ মুক্তি আৰু ভূমি নীতি বাতিলৰ দাবী গ্ৰামীণ শ্ৰমিক সন্থাৰ।

তিনিচুকীয়া : সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে “আত্মনিৰ্ভৰশীল অসম” গঢ়ি তোলাৰ নামত ক্ষুদ্ৰ, লঘু, মজলীয়া উদ্যোগ স্থাপন সম্পৰ্কিত প্ৰস্তাৱিত ভূমি অধ্যাদেশ, ২০২০ বাতিলৰ দাবীত তথা কৃষক আন্দোলনৰ নেতা অখিল গগৈ, বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ সহ সকলো ৰাজনৈতিক বন্দীৰ বিনাচৰ্তে মুক্তিৰ দাবীত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই আহ্বান জনোৱা ৰাজ্যব্যাপী প্ৰতিবাদ দিৱস পালন কাৰ্যসূচী গ্ৰামীণ শ্ৰমিক সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে নিজৰ সাংগঠনিক এলেকাধীন পানীতোলা ব্লকৰ লেংৰাই, ৰংচঙী, চাবুৱা-পোলোঙা গাঁও পঞ্চায়ত আৰু গুঁইজান ব্লকৰ পানীতোলা পঞ্চায়তত লকডাউনৰ সকলো বিধি পালনেৰে ব্যাপক প্ৰতিবাদ সাৱ্যস্ত কৰে। প্ৰতিবাদকাৰীয়ে “কৃষক বিৰোধী প্ৰস্তাৱিত ভূমি অধ্যাদেশ বাতিল কৰক”, “কৃষক নেতা অখিল গগৈসহ সকলো ৰাজনৈতিক বন্দীক বিনাচৰ্তে মুক্তি দিয়ক”, “অধ্যাদেশ সংশোধনীৰ নামত আভুৱাভাঁৰা নচলিব”, “ক’ৰ’নাৰ আঁৰ লৈ গণতান্ত্ৰিক আন্দোলনৰ নেতা-কৰ্মীৰ ওপৰত দমন-নিপীড়ন বন্ধ কৰক” আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। বৰ্ধনে আৰু কয় যে যোৱা ৯ জুলাইত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত উক্ত অধ্যাদেশত যি আংশিক সংশোধনী অনা হৈছে সেয়া ৰাইজৰ প্ৰতিবাদলৈ লক্ষ্য ৰাখি আভুৱাভাঁৰাৰ এক কৌশলহে। কাৰণ এই চৰকাৰৰ দিনতেই ২০১৫ চনত কৃষক বিৰোধী অসম কৃষি ভূমি (অ-কৃষি উদ্দ্যেশত পুনৰ শ্ৰেণীকৰণ আৰু হস্তান্তৰৰ নিয়ন্ত্ৰণ) আইন বনোৱা হয়। যাৰ বিৰোধিতা খিলঞ্জীয়াৰ ভূমি অধিকাৰ ৰক্ষাৰ প্ৰশ্নত গঠন কৰা হৰিশঙ্কৰ ব্ৰহ্ম কমিটীয়ে আৰু বিপ্লব কুমাৰ শৰ্মা নেতৃত্বাধীন ছয় নং দফা সমিতিৰ অন্যতম সদস্য খ্যাতনামা অধিবক্তা নিলয় দত্তয়ো কৰিছে। এই চৰকাৰখনে উক্ত দুয়ো সমিতিৰ প্ৰতিবেদন আজিকোপতি ৰাজহুৱা নকৰিলে। আচৰিত হ’বলগীয়া বিষয় এয়াই যে ক’ভিড-১৯ৰ ফলত হোৱা অসমৰ সংকটজনক অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া সুভাষ দাসৰ অধ্যক্ষতাত গঠিত উপদেষ্টা সমিতিৰ পৰাও কোনোধৰণৰ পৰামৰ্শ নোলোৱাকৈয়েই কেৱল মাত্ৰ বৃহৎ বণিয়াৰ স্বাৰ্থত খৰখেদাকৈ এই অধ্যাদেশ জাৰি কৰা হৈছে। বৃটিছৰ দিনত উৰ্বৰ বাম কৃষিভূমি কোম্পানীবোৰে দখল কৰিছিল এতিয়া দ’ কৃষিভূমিবোৰ কোম্পানীৰ দখলত নিয়াৰ ষড়যন্ত্ৰ কৰিছে। বৰ্তমানৰ বিপৰ্যস্ত অৰ্থনৈতিক দুৰ্দশাৰ সময়ত দৰিদ্ৰ প্ৰান্তিক খেতিয়কে সংকটত পৰি কম দামত (Distress Sale) কৃষি ভূমি বিক্ৰী কৰিবলৈ বাধ্য হ’ব। খৰখেদাকৈ অনা এই অধ্যাদেশৰ জৰিয়তে সোণোৱাল চৰকাৰে অসমৰ কৃষক ৰাইজৰ লগত চূড়ান্ত বিশ্বাসঘাতকতা কৰিছে আৰু নিজৰ কৰ্প’ৰেটপ্ৰীতি উদঙাই দিছে। কেৱল এয়াই নহয় – এই ভূমিত স্থাপন কৰা উদ্যোগত পৰিবেশ আইন, ফেক্টৰী আইন, শিল্পবিবাদ আইনো কাৰ্যকৰী নহ’ব। যি দেখদেখকৈ বৃহৎ বণিয়াৰ স্বাৰ্থবাহী। সেয়েহে আমি সম্পূৰ্ণৰূপে এই অধ্যাদেশ প্ৰত্যাহাৰৰ দাবী তুলিছোঁ। আনফালে এই চৰকাৰে নিজৰ ব্যৰ্থতা আৰু বিশ্বাসঘাতকতা ঢাকিবলৈ গণতান্ত্ৰিক আন্দোলনৰ নেতা-কৰ্মীৰ ওপৰত দমনমূলক অভিযান চলাই তেওঁলোকক কাৰাবন্দী কৰিছে। “কা” বিৰোধী তথা কৃষক আন্দোলনৰ নেতা অখিল গগৈ, বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰক গ্ৰেপ্তাৰ কৰি বন্দী কৰি ৰখাটো উক্ত ৰাজনৈতিক জিঘাংসা চৰিতাৰ্থৰ এক ফেচিস্ট প্ৰকল্প। গতিকে কোম্পানীৰাজ গঢ়ি তুলিব খোজা এই ফেচিস্ট চৰকাৰৰ জনবিৰোধী, দমনমূলক নীতিৰ বিৰুদ্ধে সকলো বিজেপি বিৰোধী ৰাজনৈতিক শক্তি আৰু সংগঠন ঐক্যবদ্ধ হোৱাটো সময়ৰ আহ্বান বুলি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ জিলা সভাপতি শুভ্ৰজ্যোতি ৰ্বদ্ধনে এক বিবৃতি যো গে জানিবলৈ দিছে।

বানৰ কৱলত জামুগুৰিহাটৰ সাতখনৰো অধিক গাওঁ ফেনেফুটোকাৰে বাঢ়িছে জীয়া ভৰলী ।

জামুগুৰিহাট : বানৰ কৱলত পৰিছে জামুগুৰিহাটৰ সাতখনকৈ গাওঁ। যোৱা চাৰি পাঁচদিন ধৰি আহি থকা নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠা জীয়া ভৰলী নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে জামুগুৰিহাটৰ পশ্চিম প্ৰান্তৰ গটাইমাৰী, ননকে গটাইমাৰী, ভৰলীচাপৰি, চকীঘাটকে ধৰি সাতখনকৈ গাওঁ। কালি নিশাৰ ভাগত জীয়া ভৰলীৰ বাঢ়নী পানী এই সমুহ গাঁৱত সোমোৱাৰ ফলত গাওঁবাসী ৰাইজে এতিয়া নিজৰ পোহনীয়া জীৱ জন্তু লগত লৈ নিৰাপদ স্থান বিচাৰি ওখ স্থানলৈ ঢাপলি মেলিছে। অঞ্চলটোৰ গটাইমাৰীৰ থকা চি আৰ পি এফৰ চৌহদতো নদীৰ বাঢ়নী পানী সোমোৱাৰ ফলত সমস্যাত পৰিছে অৰ্ধসামৰিক বাহিনীৰ জোৱান সকল। অহা দুই এদিনত বৰষুণৰ পৰিমাণ বৃদ্ধি পালে জীয়া ভৰলীৰ পানীয়ে জামুগুৰিহাটৰ পশ্চিমাঞ্চলত ন ন অঞ্চল বুঢ়াই পেলোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। অৱশ্যে আজি দিনৰ ভাগত নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশদ্বীপ কাকতীয়ে বানপিঢ়িত অঞ্চল পৰিভ্ৰমণ পৰি পৰিস্থিতিৰ বুজ লোৱা পৰিলক্ষিত হয়।

ভাৰতত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৮ লাখ অতিক্ৰম ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

মুঠ ক’ৰোনাত আক্ৰান্তৰ সংখ্যা আঠ লাখ অতিক্ৰম কৰিলে ৷ নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে ৷ শনিবাৰে এই বৃদ্ধিৰ পৰিমাণ ২৭ হাজাৰ পালেগৈ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত ২৭১১৪ জন লোক আক্ৰান্ত হয় ৷ যিটো এই পৰ্যন্ত সৰ্বাধিক ৷ ইয়াকে লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা হ’ল ৮২০৯১৬ জন ৷ আনহাতে দেশত যোৱা ২৪ ঘণ্টাত ৫১৯ জন লোকৰ মৃত্যু হয় ৷ ইয়াকে লৈ দেশত মুঠ ২২১২৩ জন লোকৰ মৃত্যু হৈছে৷ তাৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ৯৮৯৩ জন লোকৰ মৃত্যু হৈছে ৷ আনহাতে দিল্লীত ৩৩০০, গুজৰাটত ২০২২, তামিলনাডুত ১৮২৯ জন লোকৰ মৃত্যু হৈছে ৷ দেশৰ আন ৰাজ্যতো ক’ৰোনাত মৃত্যু হৈছে ৷ আক্ৰান্ত দ্ৰুত হাৰত বৃদ্ধি হ’লেও ভাৰতত সুস্থ হোৱা লোকৰ সংখ্যাই স্বস্তিৰ নিঃশ্বাস পেলাইছে ৷ দেশত পাঁচ লাখৰ অধিক লোক সুস্থ হৈছে ৷ যোৱা ২৪ ঘণ্টাত ১৯৮৭৩ জন লোক সুস্থ হয়৷ ইয়াকে লৈ দেশত ৫১৫৩৮৫ জন লোক সুস্থ হৈছে ৷ মুঠ আক্ৰান্তৰ ভিতৰত সুস্থ হোৱা লোকৰ পৰিমাণ হ’ল ৬২ শতাংশ ৷

মাজুলী জিলা আপকু আৰু উপায়ুক্তৰ সৌহাদ্যমূলক বৈঠক সম্পন্ন, সাংবাদিকৰ সমস্যা সমাধানত আগ্ৰহী উপায়ুক্ত ।

উজনি-মাজুলী : আছাম প্ৰেছ ক’ৰেচপণ্ডেণ্টছ ইউনিয়নৰ (আপকু) মাজুলী জিলা সমিতি আৰু মাজুলী জিলা উপায়ুক্তৰে মাজত বৃহস্পিতবাৰে অনুষ্ঠিত হয় এক সৌহাদ্যমূলক বৈঠক। উপায়ুক্তৰ আহ্বান মৰ্মে অনুষ্ঠিত বৈঠকত  জিলাৰ  উপায়ুক্ত বিক্ৰম কৈৰী, অতিৰিক্ত উপায়ুক্ত ক্ৰমে  নৰেন দাস, উৎপল দলে, মাজুলী জিলা তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া ৰাজেন্দ্ৰ বৰুৱা মাজুলী জিলা আপকুৰ সভাপতি জীৱন বৰুৱা, সম্পাদক জ্যোতিষ কুমাৰ তামুলী, সহকাৰী সম্পাদক ভাস্কৰ বৰা, সদস্য পুলক শইকীয়া আৰু বিতু বৰা উপস্থিতিত অনুষ্ঠিত বৈঠকত উপায়ুক্তই আপকুৰ সংবাদিক সকলৰ সমস্যা সন্দৰ্ভত জানিব বিচাৰে। আপকুৰ সভাপতি জীৱন বৰুৱাই মাজুলীৰ আপকুৰ সতীৰ্থ সাংবাদিক সকলে মাজুলীৰ দৰে সমস্যাৰে ভাৰাক্ৰান্ত জিলাখনৰ পৰা বিভিন্ন ক্ষেত্ৰত আৰু বিভিন্ন সময়ত  সংবাদ  পৰিবেশন কৰি দৈনন্দিন কাৰ্য পৰিচালনাৰ ক্ষেত্ৰত ভোগ কৰি অহা নানান অসুবিধা আৰু সমস্যাৱলী সন্দৰ্ভত আৰু তাৰ সমাধানাৰ্থে আঠ দফীয়া এখন দাবী পত্ৰ পাঠ কৰি উপায়ুক্তৰ হাতত দাখিল কৰে। উপায়ুক্ত গৰাকীয়ে সাংবাদিক সকলৰ এই সমস্যা  সমূহ আন্তৰিকতাৰে হৃদয়ঙ্গম কৰে। আলোচনাত উপায়ুক্তই   মাজুলীত  তেখেতৰ তৰফৰ পৰা কৰিব পৰা খিনি কৰি দিয়াৰ লগতে সমস্যা সমাধানৰ আশ্বাস দিয়াৰ উপৰিও আন অসুবিধা সমূহ দূৰীকৰণৰ কাৰণে দাবী সমূহ অসম চৰকাৰলৈ প্ৰেৰণ কৰাৰ  আশ্বাস প্ৰদান কৰে। দাবী পত্ৰত মাজুলীৰ আপকুৰ সাংবাদিক সকলৰ লগতে অসমৰ সাংবাদিক সকলৰ কাৰণে অসম চৰকাৰে ইতিপূৰ্বে ঘোষণা কৰা জীৱন বীমা আঁচনি আৰু সাংবাদিকক এককালীন আৰ্থিক সাহাৰ্য প্ৰদান আঁচনি দুখন সোনকালে কাৰ্যকৰী কৰিবলৈ চৰকাৰক আহ্বান জনায়।

নিৰাপত্তাৰক্ষীৰ অভিযানত অৰুণাচলত ৬ এনএছচিএন (আইএম) উগ্ৰপন্থী নিহত ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

অৰুণাচল প্ৰদেশত শনিবাৰে পুৱা নিৰাপত্তাৰক্ষীৰ অভিযানত ৬ নগা সন্ত্ৰাসবাদী নিহত হয় ৷ অসম ৰাইফলছ আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ যৌথ অভিযানত এই ৬ নগা সন্ত্ৰাসবাদীৰ নিহত হয়৷ এই গুলীয়াগুলীত এজন অসম ৰাইফলৰ জোৱান আহত হয় ৷ উল্লেখ্য যে শনিবাৰে পুৱা অৰুণাচল প্ৰদেশৰ লংডিং জিলাত এই ঘটনাটো সংঘটিত হয় ৷ মন কৰিব লগা যে কিছুদিন ধৰি অৰুণাচল আৰু অসমৰ বিভিন্ন জিলাত চীনৰ আশীৰ্বাদপুষ্ট নেচনেল ছচিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড আই এম (এনএছচিএন-আইএম)ৰ সদস্য সক্ৰিয় হৈ উঠাৰ খবৰ পোৱা গৈছিল৷ শুকুৰবাৰে ৰাতি চোৰাংচোৱাৰ সূত্ৰে খবৰ পায় অৰুণাচলৰ লংডিং জিলাৰ এনগিনু গাঁৱত অসম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ যৌথ বাহিনীয়ে অভিযান চলায়৷ শনিবাৰে এই সন্ত্ৰাসবাদীৰ সন্ধান লাভ কৰে৷ তাতেই দুয়োপক্ষৰ মাজত গুলীয়াগুলী হয়৷ সেই সংঘৰ্ষত ৬ সন্ত্ৰাসবাদীৰ নিহত হয়৷ লগতে এজন অসম ৰাইফলছৰ জোৱান আহত হয়৷ অঞ্চলটোত আন সন্ত্ৰাসবাদীৰ সন্ধানত তালাচী অভিযান অব্যাহত আছে৷ ঘটনাস্থলীৰ পৰা চাৰিটা এ কে ৪৭ ৰাইফেল আৰু চীনত নিৰ্মিত দুখন ড্রোণ উদ্ধাৰ হয়৷ অৰুণাচল প্ৰদেশৰ ডিজিপি আৰ পি উপাধ্যায়ে এই তথ্য সদৰি কৰিছে ৷