উজনি-মাজুলী : মাজুলীত ক’ভিড-১৯ সংক্ৰমিতৰ আৰোগ্যৰ ১০০ শতাংশ হাৰৰ সফলতা লাভৰ পাছত নদীদ্বীপ জিলাখনক এতিয়া এই অতিমাৰীৰ সামাজিক সংক্ৰমণৰ আশংকাৰ পৰাও সম্পূৰ্ণ সুৰক্ষিত কৰি ৰখাৰ বাবে মাজুলীবাসী প্ৰতিগৰাকী লোকৰে পূৰ্ণ সহযোগিতা কামনা কৰিছে মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে। জিলাখনক ক’ভিড-১৯ৰ সামাজিক সংক্ৰমণৰ দৰে পৰিস্থিতিৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত মাজুলীবাসীক কোনো কাৰণতে মুখত মাস্ক নিপিন্ধাকৈ ঘৰৰ বাহিৰ নোলাবলৈ অনুৰোধ জনোৱাৰ লগতে ৰাজহুৱা স্থানত ন্যূনতম সামাজিক দূৰত্ব ৰক্ষা কৰা আৰু চাবোনেৰে ভালদৰে হাত ধোৱাৰ নিয়ম সম্পূৰ্ণভাৱে মানি চলিবলৈ উপায়ুক্ত গৰাকীয়ে গোহাৰি জনাইছে। উপায়ুক্ত গৰাকীয়ে জিলাবাসীক অত্যন্ত জৰুৰী প্ৰয়োজনীয়তা নাথাকিলে ঘৰৰ পৰা ৰাজহুৱা স্থানলৈ ওলাই নাহিবলৈও আহ্বান জনাইছে। ইফালে, জিলাখনত এই পৰ্যন্ত ক’ভিড-১৯ত আক্ৰান্ত আটাইকেইগৰাকী লোকেই সম্পূৰ্ণ আৰোগ্য লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে উপায়ুক্ত কৈৰীয়ে আজি জিলাখনৰ প্ৰতিগৰাকী লোককে অভিনন্দন জনাইছে। নদীদ্বীপ জিলাখনত বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ পৰা ক’ভিড-১৯ৰ অধিক সংক্ৰমণৰ আশংকা এইপৰ্যন্ত সফলতাৰে প্ৰতিহত কৰাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ প্ৰতিগৰাকী লোকৰ লগতে মাজুলীবাসী জনসাধাৰণেও জিলা প্ৰশাসনৰ প্ৰতি আগবঢ়োৱা সহযোগিতাক প্ৰশংসা কৰি উপায়ুক্ত গৰাকীয়ে এতিয়া নদীদ্বীপ জিলাখনক ক’ভিড-১৯ৰ সামাজিক সংক্ৰমণৰ পৰা সম্পূৰ্ণ সুৰক্ষিত ৰখাৰ ক্ষেত্ৰতো সকলোৰে সহযোগিতা কামনা কৰিছে।
বিদ্যা ভাৰতী অসমৰ দ্বাৰা স্বদেশী স্বাক্ষৰ অভিযানৰ শুভাৰম্ভ ।
দৈনন্দিন বাৰ্তা ডেস্ক :
স্বদেশী আচৰণ আৰু স্বাৱলম্বনৰ আধাৰত সমৃদ্ধ আৰু শক্তিশালী ভাৰত গঢ়াৰ স্বাৰ্থত স্বদেশী সংকল্পৰে ডিজিটেল স্বাক্ষৰ অভিযানৰ শুভাৰম্ভ শিশু শিক্ষা সমিতি, অসমৰ প্ৰান্তীয় কাৰ্যালয়ৰ পৰা কৰা হয়। উক্ত অভিযানত অংশগ্ৰহণ কৰে বিদ্যা ভাৰতী অখিল ভাৰতীয় মন্ত্ৰী তথা পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ব্ৰহ্মাজী ৰাও, পূৰ্বোত্তৰ ক্ষেত্ৰৰ সহ সংগঠন মন্ত্ৰী ড০ পৱন তিৱাৰী, উত্তৰ অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী হেমন্ত ধিং মজুমদাৰ তথা অন্যান্য কাৰ্যকৰ্তাবৃন্দ। উল্লেখযোগ্য যে, স্বদেশী জাগৰণ মঞ্চই যোৱা কেইবা দশক ধৰি সম্পূৰ্ণ দেশতে স্বদেশী সা-সমগ্ৰীৰ লগতে আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা সকলো বিষয়তে স্বদেশী আচৰণৰ প্ৰতি সমাজক আকৃষ্ট কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। সাম্প্ৰতিক কৰ’ণা মহামাৰীকে আদি কৰি চীনৰ আগ্ৰাসনলৈকে সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযান তীব্ৰতৰ কৰি তোলাৰ উদ্দেশ্যে স্বদেশী জাগৰণ মঞ্চই অন্যান্য সংগঠনৰো সহযোগিতাৰে এই অভিযানক অধিক জনমুখী তথা প্ৰভাৱী কৰিবলৈ যোৱা ১-৫ জুলাইলৈকে এক ৰাষ্ট্ৰব্যাপী আন্দোলনৰ ৰূপ দিছে। এই কাৰ্যৰ বাবে প্ৰত্যেকে নিজৰ হাতত থকা এণ্ড্ৰইড বা অন্য স্মাৰ্টফোনৰ সহায়ত https://joinswadeshi.com/form2/ এই লিংকত গৈ নিজৰ নাম ইমেইল আই ডি, ফোন নং, দেশ, ৰাজ্য আৰু জিলা এই কেইটা তথ্য পূৰাই SUBMIT বুটামটো টিপি দিলেই ফৰ্মখন জমা হৈ যায়। অন্যান্য সংগঠনৰ দৰেই বিদ্যা ভাৰতীয়েও সকলোকে এই অভিযানত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। উক্ত কাৰ্যসূচীৰে আজি শুভাৰম্ভ বিদ্যা ভাৰতীৰ প্ৰান্তীয় কাৰ্যালয়ত বিষয়ববীয়াসকলে নিজৰ নিজৰ মোবাইলৰ জৰিয়তে ডিজিটেল স্বাক্ষৰৰ মাধ্যমেৰে সম্পাদন কৰে। লগতে সকলো অসমবাসীকে এই অভিযানত অংশগ্ৰহণ কৰাৰো আহ্বান জনায়। উল্লেখযোগ্য যে অকল স্বাক্ষৰ কৰিয়েই আমাৰ দায়িত্ব সামৰিলে নহব, আমাৰ দৈনন্দিন জীৱনত ইয়াক স্বভাৱত পৰিণত কৰিব লাগিব তেতিয়াহে এই অভিযান সফল হ’ব বুলি বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সহ সংগঠন মন্ত্ৰী ড০ পৱন তিৱাৰীয়ে মতামত আগবঢ়ায়।
তাঁত শিল্পৰ জৰিয়তে অৰ্থনেতিক উন্নয়নৰ লক্ষ্য : হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ তৰফৰ পৰা তাঁত শাল বিতৰণ মন্ত্ৰী কেশৱ মহন্তৰ ।
কলিয়াবৰ : তাঁত শিল্প প্ৰাচীন গৌৰৱময় গ্ৰাম্য কুটিৰ শিল্প। অসমৰ জাতীয় শিল্প। অসমৰ প্ৰায় সকলো জাতি-জনজাতিয়ে তাঁতশালত কাপোৰ বয়। কৃষিৰ পিছতেই বয়ন শিল্পৰ দ্বিতীয় স্থান বুলি কওঁতে ভুল নহয়। মানুহে কথাতেই কয়, – মতাই বাব হাল, মাইকীয়ে বব শাল। অসমীয়া মহিলাই ৰাতিটোৰ ভিতৰতে সূতা কাটি কাপোৰ বৈ উলিওৱাৰ পৰম্পৰা আছিল। ঘৰৰ পুৰুষক একে ৰাতিৰ ভিতৰতে সূতা কাটি কাপোৰ যুদ্ধলৈ পঠাই গৌৰৱবোধ কৰা বুলিও জনা যায়। অসমীয়া জীয়ৰী-বোৱাৰীহতঁৰ হাতে বোৱা কাপোৰৰ মান দেখি মহাত্মা গান্ধীয়ে ভূয়সী প্ৰশংসা কৰিছিল। আজিকালি আধুনিক যন্ত্ৰ-পাতিৰে জাকজমকীয়া বিভিন্ন প্ৰকাৰৰ কাপোৰ বৈ কম দামত বজাৰত দিব পৰা হোৱাত হাতে বোৱা কাপোৰ বিপৰ্য্যয়ৰ মুখত পৰিবলগীয়া হৈছে। ফলত শিপিনীসকল আৰ্থিক দিশত অসুবিধাৰ সন্মুখীন হৈ আহিছে। তাঁতশালৰ কাপোৰে বহু পৰিয়ালক আৰ্থিক সকাহ দিব পৰাকৈ ৰাজ্যিক হস্ত-তাঁত আৰু বস্ত্ৰ শিল্প বিভাগে শিপিনীসকলৰ আৰ্থিক সাহাৰ্য্যৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে। তাঁত শিল্পৰ জৰিয়তে উপাৰ্জনমুখী কৰি তুলিবলৈ অসম চৰকাৰে দক্ষ্য শিপিনীসকলৰ মাজত তাঁতশাল বিতৰণৰ আঁচনি গ্ৰহণ কৰিছে।বৃহস্পতিবাৰে এক অনুষ্ঠানত তাঁতশাল বিতৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী কেশৱ মহন্তই। অনুষ্ঠানত অসমৰ তাঁত শিল্পৰ ঐতিহাসিক মহত্ব ধৰি ৰাখিবলৈ অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগে লোৱা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে ব্যখ্যা কৰি তাঁতৰ জৰিয়তে অৰ্থনেতিক উন্নয়নত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই জল সম্পদ মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই। কলিয়াবৰৰ হাটবৰ স্থিত অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ হস্ততাঁত প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধীক্ষক কাৰ্য্যালয় প্ৰঙ্গনত ৩৪ গৰাকী শিপিনীক তঁতশাল বিতৰণ কৰে মন্ত্ৰী কেশৱ মহন্তই। অসমৰ শিপিনীসকলৰ আৰ্থিক সবলীকৰণৰ উদ্দেশ্য আগত ৰাখি তথা তেওঁলোকক অৰ্থনৈতিক দিশত স্বাৱলম্বী কৰাৰ প্ৰয়াসেৰে ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে কেইবাখনো আঁচনি ৰূপায়ণ কৰিছে। আঁচনিকেইখনৰ সফল ৰূপায়ণৰ ফলত শিপিনীসকল যথেষ্ট লাভৱান্বিত হৈছে।

লখিমপুৰৰ অসহায় বৃদ্ধ লোকক সহায়ৰ হাত মাজুলী জিলা প্ৰশাসনৰ ।
উজনি-মাজুলী : চুবুৰীয়া জিলা লখিমপুৰৰ পৰা আহি মাজুলীত উপস্থিত হোৱা এগৰাকী অসহায়, নিৰাশ্ৰয় বয়োবৃদ্ধ লোকক বুধবাৰে লখিমপুৰ জিলা প্ৰশাসন তথা লখিমপুৰ জিলা সমাজ কল্যাণ বিভাগৰ সৈতে যোগাযোগ এক নিৰাপদ আশ্ৰয় উপলব্ধ কৰালে মাজুলী জিলা প্ৰশাসনে। লখিমপুৰ জিলাৰ ঘিলামৰা থানাৰ অন্তৰ্গত দীঘলী চৌখাম গাঁৱৰ প্ৰায় ৭২ বছৰ বয়সৰ লক্ষেশ্বৰ বৰা নামৰ বয়োবৃদ্ধ লোকজনক মাজুলীৰ সহকাৰী আয়ুক্ত হিমাদ্ৰী বৰাৰ বিশেষ উদ্যোগত লখিমপুৰৰ বঙালমৰাস্থিত এটা ‘জ্যেষ্ঠ নাগৰিক গৃহ’ত স্থায়ী আশ্ৰয় প্ৰদানৰ ব্যৱস্থা কৰা হয়। নিজৰ পুত্ৰ-কন্যা নথকাৰ লগতে আশ্ৰয়হীন হৈ পৰা বুলি প্ৰকাশ কৰা বয়োজ্যেষ্ঠ লোকজনে এই বয়সত আশ্ৰয়ৰ সন্ধানত ৩০ জুনত কেনেবাকৈ মাজুলীত উপস্থিত হৈছিলহি। এটা নিশা এখন সত্ৰত সত্ৰৰ ভকত-বৈষ্ণৱৰ সহযোগত অতিবাহিত কৰা বৰাই বুধবাৰে আগবেলা কোনো বৃদ্ধাৱাসত থকাৰ সুবিধা প্ৰদানৰ আৰ্জিৰে মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয়। অসহায়, নিৰাশ্ৰয় বয়োবৃদ্ধ লোকজনৰ অৱস্থাৰ কথা জানিব পাৰি সহকাৰী আয়ুক্ত হিমাদ্ৰী বৰাই সমগ্ৰ বিষয়টো মানৱীয় দৃষ্টিকোণেৰে গ্ৰহণ কৰি লগে লগে মাজুলীৰ উপায়ুক্তৰ দিহা লৈ লখিমপুৰ জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰে। সহকাৰী আয়ুক্ত গৰাকীয়ে লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত লখিমপুৰৰ জিলা সমাজ কল্যাণ বিষয়াৰ সৈতে যোগাযোগ কৰি বয়োবৃদ্ধ লোকজনক আজিৰে পৰাই লখিমপুৰ জিলাৰ বঙালমৰাস্থিত ‘জ্যেষ্ঠ নাগৰিক গৃহ’ত স্থায়ী আশ্ৰয় প্ৰদানৰ ব্যৱস্থা কৰে। ইয়াৰ পাছতে বিয়লি লক্ষেশ্বৰ বৰাক মাজুলী জিলা প্ৰশাসনৰ ফালৰ পৰা এখন গাড়ীৰে সমাজ কল্যাণ বিভাগৰ তত্বাৱধানত পৰিচালিত বঙালমৰাৰ জ্যেষ্ঠ নাগৰিক আৱাস গৃহটিত থৈ অহাৰো সম্পূৰ্ণ ব্যৱস্থা কৰে সহকাৰী আয়ুক্ত গৰাকীয়ে।
টাংনী নদীয়ে সৃষ্টি কৰা বানপানীত সৰ্বহাৰা।
দলগাও : কভিড ১৯ৰ পৰা ৰক্ষা পাবলৈ ৰাজ্যজুৰি চলি থকা দীৰ্ঘদিনীয়া লক ডাউনৰ ফলত ৰাইজৰ মাজত যি হাহাকাৰ সৃষ্টি হোৱাৰ সমান্তৰাল ভাৱে এতিয়া বানপানীৰ কবল পৰি চকুলো টুকিছে ৰাইজে। ৰাজ্যৰ শেহতীয়াকৈ হোৱা ভয়াবহ বানপানীৰ কবলত পৰা লোকসকলক সঠিক সময়ত উপযুক্ত সাহায্য প্ৰদান কৰিবলৈ দাবী জনাইছে সংগঠনটোৰ সাংগঠনিক সম্পাদক ছফিকুল ইছলামে। বানাক্ৰান্ত লোকসকলক অনতিপলমে উপযুক্ত সাহায্য প্ৰদানৰ দাবী জনায় নেতা জনে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদকে দিয়া এক প্ৰেছ বিবৃত্তিযোগে জনায় যে কৰুণা মহামাৰীৰ সময়ত ৰাজ্যখনত ভয়াবহ বানপানী সৃষ্টি হৈছে।লাখ লাখ বানাক্ৰান্ত লোকৰ মাজত হাহাকাৰ সৃষ্টি হৈছে বহুতো ঠাইত ৰাস্তা ঘাট, মাথাউৰি আদি ভাঙি মানুহৰ ঘৰ-দুৱাৰ, খেতি-বাতি আদি নষ্ট হোৱাত মানুহবোৰ হতভাগ হৈ পৰিছে। কিন্তু চৰকাৰে এতিয়ালৈ ৰাইজক কোনো সাহায্য প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে। সাংগঠনিক সম্পাদক ছফিকুল ইসলামে উল্লেখ কৰে যে টাংনী নদীৰ গৰাখহনীয়াৰ কবলত পৰি মঙ্গলদৈ সমষ্টিৰ অন্তৰ্গত পশ্চিম ওজাগাও, টাংনীঝাৰ, আটাকাটা, ধনশিৰী গাও, বাইগৰমাৰী, কেওৱাটচুৱা আদি গাওঁ সমুহৰ হাজাৰ হাজাৰ কৃষকৰ কৃষি ভুমি বানপানীয়ে ক্ষতি কৰাৰ লগতে কেইবাটাও মাথাউৰি, ৰাস্তা আৰু বহুতো ব্যক্তিগত পুখুৰী ভাঙি যায়। অচিৰেই এই মাথাউৰি, ৰাস্তা আদি নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে সংগঠনটোৰ সাংগঠনিক সম্পাদক ছফিকুল ইছলামে।
ম্যানমাৰৰ শিলৰ খনিত ভূমিস্খলন : মৃত্যু ১০০ শ্ৰমিকৰ ।
দৈনন্দিন বাৰ্তা ডেস্ক :
ম্যানমাৰৰ এটা শিলৰ খনিত ভয়াৱহ ভূমিস্খলন হোৱাত প্ৰায় ১০০জন শ্ৰমিকৰ মৃত্যু হয় ৷ ইয়াৰ লগতে কেইবাজনো লোক সন্ধানহীন হয় ৷ যুদ্ধকালীন তৎপৰতাত খনিত আবদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰ কাৰ্য চলি আছে ৷ জানিব পৰা মতে উত্তৰ ম্যানমাৰৰ কাচিন প্ৰদেশত জেড সমৃদ্ধ পাক্তান এলেকাৰ খনিত অলংকাৰত ব্যৱহৃত শিল শ্ৰমিকসকলে সংগ্ৰহ কৰিছিল ৷ কিন্তু প্ৰৱল বৰষুণে বিপৰ্যয় নমাই আনে৷ মুহূৰ্ততে অহা প্ৰৱল বৰষুণৰ সোঁতত সোমাই পৰে বহু শ্ৰমিক ৷ শেহতীয়া বাতৰি মতে এই দুৰ্ঘটনাত ১০০ জন শ্ৰমিকৰ মৃত্যু হয় ৷ আনহাতে কেইবাজনো আহত হয় ৷ ইয়াৰে বহুৰে অৱস্থা সংকটজনক৷ ফলত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷
চৰকাৰৰ ভূমি নীতি সম্পৰ্কীয় অধিসূচনা প্ৰকাশৰ কেবিনেটৰ সিদ্ধান্ত বাতিলৰ দাবী : নাজিৰাৰ ৰাজপথত দাওঁ দাওঁ কৈ জ্বলিল প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, পেট্ট’লিয়াম মন্ত্ৰী যোগান মন্ত্ৰীৰ প্ৰতিকৃতি ।

নাজিৰা : জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ কথা কোৱা বিজেপি দল তথা শাসনাধীস্থ চৰকাৰে অসমীয়া জাতিক নিজৰ ঘৰতে মগনীয়া কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰি খিলঞ্জীয়া বিৰোধী ভূমি নীতি সম্পৰ্কীয় অধিসূচনা প্ৰকাশৰ কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে অসমীয়া জাতি আৰু বিভিন্ন দল-সংগঠনে গৰজি উঠিছে। চৰকাৰৰ এনে সিদ্ধান্ত বাতিলৰ দাবী জনাই অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আজি নাজিৰাতো প্ৰতিবাদৰ দাবানল উদগীৰণ ঘটে। চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত বাতিলৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি বিয়লি নাজিৰা নগৰৰ ৰাজপথত দাওঁ দাওঁ কৈ জ্বলিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰেট্ট’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু অসম চৰকাৰৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি। আছুৰ অৰ্ধশতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত “বিজেপি নেতৃত্বাধীন চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী-সৰ্বানন্দ সোনোৱাল মূৰ্দাবাদ, খিলঞ্জীয়া বিৰোধী ভূমি নীতি সম্পৰ্কীয় অধিসূচনা প্ৰকাশৰ কেবিনেটৰ সিদ্ধান্ত বাতিল কৰক, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক” আদি বিভিন্ন শ্ল’গানেৰে দিয়া প্ৰতিবাদী ধৰ্ণাই উত্তাল কৰি তোলে নাজিৰাৰ আকাশ-বতাহ। নিপুমণি বৰগোঁহাই, জিণ্টু বুঢ়াগোহাঁই, দ্বীপজ্যোতি বৰগোঁহাই, প্ৰতীম বৰগোঁহাই, দিপাঞ্চু দত্ত, উৎপল বড়া, চৰণ চাহু, সুৰজ কোৱৰ, উদ্দীপন গগৈ আদিকে ধৰি অৰ্ধশতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে উক্ত দাবী মানি নললে অনাগত সময়ত শাসনাধিস্থ চৰকাৰৰ বিৰুদ্ধে আন্দোলন অধিক তীব্ৰতৰ হ’ব বুলি সকীয়াই দিয়ে।
ক’ৰোনাত মৃত্যু ইষ্টাৰ্ণ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ বিকাশ ছামৱেল ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
ভাৰতীয় সেনাৰ ইএমই ইষ্টাৰ্ণ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ বিকাশ ছামৱেল ক’ভিড-১৯ত আক্ৰান্ত হৈ বৃহস্পতিবাৰে মৃত্যু হয় ৷ ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে তেওঁ ভালেমান দিন ধৰি যুঁজ কৰি আছিল ৷ তেওঁ পত্নী আৰু দুগৰাকী কন্যাক এৰি থৈ গৈছে৷ উল্লেখ্য যে তেওঁ পত্নী আৰু দুগৰাকী কন্যাও ক’ৰোনাত আক্ৰান্ত হৈছিল ৷ উল্লেখ্য যে ইষ্টাৰ্ণ কমাণ্ডাৰজন হ’ল ভাৰতীয় সেনাৰ ছটা অ’পাৰেচনেল কমাণ্ডাৰৰ এজন৷ মন কৰিব লগা যে যোৱা ৩০ জুনত বিএছএফৰ ৫৩জন জোৱান ক’ৰোনাত নতুনকৈ আক্ৰান্ত হৈছিল ৷ বিএছএফৰ মুঠ ১০১৮ জন জোৱান ক’ৰোনাত আক্ৰান্ত হয়৷ তাৰে ৬৫৯ জন সুস্থ হৈ উঠিছে ৷
২০৩৬ চন পৰ্যন্ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদত পুটিন ৷
দৈনন্দিন বাৰ্তা ডেস্ক :
ভ্লাডিমিৰ পুটিনকে ৰাষ্ট্ৰপতি পদত ২০৩৬ চন পৰ্যন্ত থকা আৰু সাংবিধানিক সংস্কাৰৰ পক্ষে ভোট দিছে ৰাছিয়াত ৷ যোৱা সাত দিন ধৰি চলা ভোটৰ ৬০ শতাংশ গণনা বুধবাৰে সম্পন্ন হয়৷ সেই ফলাফল প্ৰকাশ কৰি এই দাবী কৰিছে মস্কোৰ ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে ৷ আয়োগে লগতে দাবী কৰে যে ৭৬.৯ শতাংশ মানুহে সাংবিধানিক সংস্কাৰা পক্ষে মত দিছে ৷ ইয়াৰ মাজত সমকামী বিয়াত নিষেধাজ্ঞা জাৰিৰ দৰে ৰক্ষণশীল কাম যিদৰে আছে তেনেদৰে নূন্যতম পেনচন গেৰাণ্টিৰ দৰে জনমুখী কামো আছে৷ সেয়ে ভোটৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংশ আছিল পুটিনৰ পুননিৰ্বাচন ৷ কাৰণ ৰাষ্ট্ৰপতি পদত তেওঁৰ কাৰ্যকাল ২০২৪ চনত শেষ হ’ব৷ আয়োগৰ দাবী ৬৫ শতাংশ ভোটাৰে ভোট দিছিল৷ আনহাতে ভোটাৰৰ মাজত ক্ৰতি ৰখা নাছিল ক্ৰেমলিনে ৷ কোনেও যাতে ভোট দিয়াত অসুবিধা নহয় তাৰ বাবে সাত দিন ধৰি ভোটদাল চলে ৷ শেষৰ দিনা ৰাষ্ট্ৰীয় ছুটী ঘোষণা কৰে৷ ভোট দিলে বাৰী, গাড়ী, নগদ ধনৰ দৰে পুৰস্কাৰো ঘোষণা কৰে ক্রেমলিনে৷ উল্লেখ্য যে যোৱা ২২ এপ্ৰিলৰ পৰা এই প্ৰস্তাৱৰ সপক্ষে আৰু বিপক্ষে ভোটদানৰ ৷ কিন্তু ক’ভিড-১৯ৰ বাবে পিছুৱাই দিয়া হৈছিল৷ মঙলবাৰ আছিল ভোটৰ শেষ দিন ৷ সেইদিনা পুটিনে জনতাৰ উদ্দেশ্যি কৈছিল, এই সংস্কাৰ ৰাছিয়াৰ স্থিৰতা, নিৰাপত্তা আদিৰ বাবে অতি জৰুৰী ৷
অনলাইন শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীক সফল কৰিব নে ?
✍ জেউতি কলিতা
বৰ্তমান সমগ্ৰ বিশ্বতে ক’ৰনা ভাইৰাছ বিধে এক ভয়াৱহ ৰূপ ধাৰণ কৰি আছে আৰু এই সময়ছোৱা আমাৰ বাবে অতিকৈ ভয়াৱহক সময়। যিমানেই যুদ্ধকালীন ব্যৱস্হা গ্ৰহণ কৰা হৈছে সিমানেই নতুনকৈ ভাইৰাছত আক্ৰান্ত হৈছে লাখ লাখ লোক। এই মহামাৰীৰ পৰা নিজকে বচাই ৰাখিব পৰা একমাত্ৰ উপায় হৈছে সামাজিক দূৰত্ব বজাই ৰখা। বৰ্তমান সময়ত ক’ৰনা আক্ৰান্তৰ সংখ্যা যথেষ্ট হাৰত বৃদ্ধি পাইছে আৰু এইটো নিশ্চিত যে ভৱিষ্যতে আৰু বহু লোক এই মহামাৰীত আক্ৰান্ত হ’ব। কিন্তু আমি অলপ সময়ৰ বাবে ক’ৰনা ভাইৰাছৰ পৰা আঁতৰি আহি এটা কথা ভাবি চাওঁ আহক, যিহেতু দেশৰ বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে এক অনলাইন শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু এই শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীক সফল কৰিব নে ? ছাত্ৰ-ছাত্ৰী সকল যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে, কিয়নো টিভি, কম্পিউটাৰ, স্মাৰ্ট ফোন নথকা শিক্ষাৰ্থীসকল এই অনলাইন শিক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত হ’ব। এই শিক্ষা ব্যৱস্থাই অধিক ক্ষতিগ্ৰস্ত কৰিব গাওঁ অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকল আৰু মধ্যবিত্ত শ্ৰেণীৰ শিক্ষাৰ্থী সকলক। কাৰণ সিহঁতৰ স্মাৰ্ট ফোন অথবা কম্পিউটাৰ থকা মানুহৰ সংখ্যা নিচেই কম। আনহাতে, গাওঁ অঞ্চলবোৰত স্মাৰ্ট ফোন থাকিলেও ইফালে আকৌ নেটৱৰ্কৰ অসুবিধাটোও আছে। যিহেতুকে অনলাইন শিক্ষা ব্যৱস্থাৰ বাবে অতিকৈ প্ৰয়োজনীয় বিষয় বস্তুটো হৈছে ইন্টাৰনেট সেৱা। তেনেস্হলত ভিতৰুৱা অঞ্চল সমূহত মোবাইল সেৱা আজিলৈকে উপলব্ধ হোৱা নাই। যিহেতু বৰ্তমান সময়ত ইন্টাৰনেট যোগে ছাত্ৰ-ছাত্ৰীসকলে পাঠদান কৰি আছে, সেই অঞ্চল সমূহৰ শিক্ষাৰ্থী সকল অনলাইন শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈছে।









