Home Blog Page 3271

ক’ৰোনা মহামাৰীৰ যুদ্ধত পুৱ গুৱাহাটী সমষ্টিৰ বাসিন্দাৰ সহযোগিতা । মুখ্যমন্ত্ৰী সাহৰ্য্য পুজিলৈ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আগবঢ়ালে চেক ।

মুখ্যমন্ত্ৰী সাহৰ্য্য পুজিলৈ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আগবঢ়ালে চেক ।

দৈনন্দিন বাৰ্তা ডেস্ক:

বিশ্বসন্ত্ৰাস সৃষ্টি কাৰি কৰোনা ভাইৰাছে দেশৰ লগতে অসমতো এক আতংকৰ পৰিবেশ সৃষ্টি কৰিছে৷ ইয়াৰ বাবেই ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে দিন-ৰাতি একাকাৰ কৰি প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত যঠেষ্ট অগ্ৰনী ভুমিকা গ্ৰহণ কৰিছে ৷ তথাপি এচাম জনসাধাৰণে চৰকাৰে দিয়া নীতি নিয়ম মানিবলৈ অপাৰগ ৷ সেইবাবেই প্ৰতিটো দিনত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ চলিত সপ্তাহত মহানগৰীত অভাবনীয় ভাবে বৃদ্ধি পাইছে কভিড ১৯ আক্ৰান্তৰ সংখ্যা৷ গণ সংক্ৰমণে ব্যাপক ৰুপ ধাৰণ কৰিছে মহানগৰীৰ বিভিন্ন অঞ্চলত৷ ইতিমধ্যে মহানগৰ প্ৰশাসনে তথা ৰাজ্যচৰকাৰে ১৪ দিনৰ বাবেই গুৱাহাটীত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে ৷ তৎস্বত্বেও এচাম জনসাধাৰণ সচেতনতাৰ অভাব বাৰুকৈয়ে দেখিবলৈ পোৱা গৈছে ৷ ইয়াৰ সমান্তৰালভাৱে এচাম সচেতন নাগৰিকে নিজে সম্পূৰ্ণ চৰকাৰী নীতিনিয়ম পালন কৰাৰ লগতে কৰোনা যুদ্ধৰ সমাভাগী হবলৈ আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে৷ মহানগৰীৰ পূৱ গুৱাহাটী সমষ্টিৰ অমিত কলিতা আৰু টেনেমেন্টছ নামৰ ব্যৱসায় প্ৰতিষ্ঠান খনৰ তৰফৰ পৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ হাতত  চৰকাৰলৈ চেক যোগে ধন আগবঢ়ায়৷ এই ক্ষেত্ৰত গুৱাহাটী উন্নয়ন মন্ত্ৰী তথা পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হাতত চেক প্ৰদান কৰে৷ উল্লেখ্য যে অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ও’ এছ ’ ডি ৰঞ্জিত মজুমদাৰ উপস্থিত থাকে৷

বানপীড়িতৰ কাষে কাষে বিধায়ক গুৰুজ্যোতি : মোৱামাৰীত বানপীড়িতক বিতৰণ কৰিলে মাস্ক ।

বানপীড়িতৰ কাষে কাষে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি ।

মঙলদৈ : সদায় আৰ্তজনৰ কাষত ছাঁটোৰ দৰে লাগি থকা এগৰাকী জনপ্ৰতিনিধি ৷ সমষ্টিৰ কোনো লোক যি সমস্যাতে নপৰক কিয় সদায় আগত গৈ উপস্থিত হয় সেই যুৱ জনপ্ৰতিনিধি৷ হয় সেই গৰাকী জনপ্ৰতিনিধিয়ে হৈছে মঙলদৈ বিধানসভা সমষ্টিৰ যুৱ বিধায়ক গুৰুজ্যোতি দাস ৷ কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুনৰ ফলত আৰু বহ্মপুত্ৰৰ পৰা বাঢ়ি অহা পানীয়ে দৰং জিলাৰ মঙলদৈ সমষ্টিৰ বেছিসংখ্যক অঞ্চল বুৰাই পেলোৱাৰ লগতে শাকতোলা নদীয়ে পশ্চিম মঙলদৈৰ ডাঁহী মৌজাৰ ৭ খনকৈ গাওঁ প্লাৱিত কৰি পেলাইছে শেহতীয়া বানে। শুক্ৰবাৰে নিশা শাকতোলা নদীৰ কেওঁটপাৰা-কবিকাৰাৰ মাজৰ অংশ চিঙি পেলাই বাঢ়নী পানীয়ে ৷ প্ৰায় ৪০ ফুট বহলকৈ চিঙি যোৱা অংশৰে পানী সোমায় বৃহত্তৰ অঞ্চলটোৰ গাওঁ সমূহলৈ। ইতিমধ্যে, কেওটপাৰা, কবিকাৰা, কলিতাপাৰা, হোদাপাৰা, ডাহী, জন্মিপাৰা, চোটো আঠিয়াবাৰী আদি বিভিন্ন গাৱত শাকতোলাৰ বাঢ়নী পানী সোমাই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰাৰ সময়তে নিশাই মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে বিজেপিৰ নেতৃত্বৰ সৈতে সেই স্থানত উপস্থিত হৈ ক্ষিপ্ৰতাৰে ভাঙি যোৱা অংশটি বিভাগীয় কতৃপক্ষৰ জৰিয়তে মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি দিয়াৰ লগতে ওৰে ৰাতি ৰাইজৰ সৈতে মাথাউৰিটে কটোৱাৰ পিছত আজি বিধায়ক গুৰুজ্যোতি দাসে জিলা বিজেপিৰ সভাপতি অমৰ শৰ্মাক লগত লৈ মঙলদৈ সমষ্টিৰ অন্তগৰ্ত মোৱামাৰী চাপৰিৰ অঞ্চলত হোৱা বানপানী পৰিদৰ্শন কৰি সেই অঞ্চলৰ ৰাইজৰ বানপানীত ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে পৰিদৰ্শনৰ সময়তে সেই এলেকাৰ পৰা সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক আদৰনী জনোৱাৰ লগতে বানপীড়িত এলেকাৰ লোক সকলক মাস্কৰ লগতে নিত্যাৱশ্যকীয় কিছু সামগ্ৰী প্ৰদান কৰে ৷

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু বাংলাদেশৰ প্ৰতিৰক্ষা সচিব আব্দুল্লাহ আল মহচিন চৌধুৰী ।

দৈনন্দিন বাৰ্তা ডেস্ক:

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হ’ল বাংলাদেশৰ প্ৰতিৰক্ষা সচিব আব্দুল্লাহ আল মহচিন চৌধুৰী৷ ঢাকাৰ সন্মিলিত সামৰিক চিকিৎসালয়ত সোমবাৰে পুৱা ৯.৩০ বজাত তেওঁৰ মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স ৫৭ বছৰ হৈছিল ৷ কিছুদিনৰ আগতে চিকিৎসালয়ত ভৰ্ত্তি হৈ থকা অৱস্থাতেই তেওঁৰ শৰীৰত ক’ৰোনাৰ অৱস্থিতি পায় ৷ তাৰ পাছত তেওঁক আইচিইউত ৰাখি চিকিৎসা কৰা হয়৷ কিন্তু চিকিৎসকে অক্লান্ত পৰিশ্ৰম কৰিও তেওঁক ৰক্ষা কৰিব নোৱাৰিলে ৷ স্থানীয় এক সূত্ৰই জনোৱা মতে মে’ মাহৰ প্ৰথম সপ্তাহত হৰ্থাৎ অসুস্থ হৈ পৰে বাংলাদেশৰ প্ৰতিৰক্ষা সচিব আব্দুল্লাহ আল মহচিন চৌধুৰী ৷ প্ৰথমে তেওঁক ঘৰতে চিকিৎসা কৰোৱা হৈছিল৷ পাছত ঢাকাৰ সন্মিলিত সামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰায় ৷ তাৰ মাজতে দুসপ্তাহৰ আগতে তেওঁৰ শৰীৰত ক’ৰোনাৰ জীৱাণু পায় ৷ আৰম্ভ হয় শ্বাস কষ্টৰ ৷ অৱশেষত তেওঁৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷

চি পি আই নেতা শিৱ প্ৰসাদ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা সম্পন্ন ।

চি পি আই নেতা শিৱ প্ৰসাদ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা সম্পন্ন ।

নাজিৰা : আজি ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ নিষ্ঠাবান প্ৰবীন কৰ্মী কমৰেড শিৱপ্ৰসাদ বৰগোহাঁই দেৱৰ আদ্যশ্ৰাদ্ধৰ দিনটোত তেখেতক সোঁৱৰি এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়৷ স্মৃতি চাৰণ সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা সমাজকৰ্মী গংগাপ্ৰসাদ বৰগোহাঁইয়ে ৷ ৯০ বছৰ বয়স গছকা কমৰেড শিৱপ্ৰসাদ বৰগোহাঁই এজন তেনেই সাধাৰণ কৃষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ৷ দেশে স্বাধীনতা লাভ কৰাৰ সময়তে শাসকগোষ্ঠীয়ে আৰ চি পি আই কৰ্মী সকলৰ ওপৰত চলোৱা নিৰ্যাতন কমৰেড শিৱপ্ৰসাদ বৰগোহাঁইয়েও ভুগিব লগীয়া হৈছিল ৷ তেখেত দুবছৰ দিন ধৰি জেল খাটিব লগীয়াও হৈছিল৷ জোকতলি মৌজাৰ প্ৰথম চাৰিজন আৰ চি পি আই সদস্য ভিতৰত অন্যতম আছিল শিৱপ্ৰসাদ বৰগোহাঁই ৷ পাছলৈ তেওঁ চি পি আই দলত যোগদান কৰি প্ৰাক্তন সাংসদ ও প্ৰাক্তন বিধায়ক দ্ৰুপদ বৰগোহাঁই দেৱৰ সৈতেও কাম কাজ কৰিছিল ৷ স্মৃতি চাৰণ সভাত বুৰঞ্জীবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা কমিউনিষ্ট নেতা কমৰেড জিতেন বৰপাত্ৰগোহাঁই আৰু চি পি আই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে কমৰেড শিৱপ্ৰসাদ বৰগোহাঁইয়ে সাম্যবাদী আদৰ্শত বিশ্বাস ৰাখি কৃষক শ্ৰমিকৰ মুক্তি বিচাৰি যি পথ গ্ৰহণ কৰিছিল বুলি কয়৷ এজন সাধাৰণ কৃষক হিচাপে তেওঁ গ্ৰহণ কৰা নিস্বাৰ্থভাবে যি সেৱা আগবঢ়াই থৈ গ’ল সেইয়া অনুকৰণীয় বুলি কয় আৰু আজি বহু শিক্ষিত লোকেও ৰাজনৈতিক আৰু অৰ্থনৈতিক ভাৱে অসচেতনতাৰ হোৱাৰ বাবে দেশৰ এনে অৱস্থা হোৱা বুলি কয় লগতে নৱপ্ৰজন্মক দেশৰ স্বাৰ্থত নিজৰ নিজৰ অৱদান খিনি উজাৰি দিবলৈ আহ্বান জনায় ৷ সভাত পাৰ্টিৰ নাজিৰা মহকুমা পৰিষদৰ সম্পাদক যোগেন চেতিয়াকে ধৰি ভালেকেইজন কৰ্মকৰ্তা উপস্থিত থাকে৷ সভাখনি আঁত ধৰে কমৰেড নিত্য বৰগোহাঁইয়ে ৷

নলবাৰীত মৌ-মাখিৰ বাহ বিতৰণ ।

নলবাৰী : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সকলো কৃষক সকলৰ আয় দুগুণ বৃদ্ধি কৰাৰ বাবে বিভিন্ন ধৰণৰ পৰিকল্পনা হাতত লোৱা দেখা গৈছে। সেইমৰ্মে প্ৰধান মন্ত্ৰী গৰাকীৰ এই পৰিকল্পনাক দিঠক ৰূপ দিয়াৰ উদ্দেশ্যে বিবেকানন্দ পাৰ্বতীয়া কৃষি অনুসন্ধান সংস্থা শালমৰাৰ সহযোগত আৰু নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আজি নলবাৰী জিলাৰ চেংনৈৰ কৃষক সকলৰ মাজত মৌ-মাখি পালনৰ বাবে মৌ মাখি বাহ প্ৰদান কৰা হয়। মৌ মাখি পালনেৰে কৃষক সকল স্বাৱলম্বী হোৱাৰ উপৰিও আয় বৃদ্ধি হব বুলি বিবেকানন্দ পাৰ্ব্বতীয়া কৃষি অনুসন্ধান সংস্থাই আশা প্ৰকাশ কৰে। আজিৰ এই অনুষ্ঠানটোত নলবাৰী জিলাৰ স্থানীয় বিধায়ক অশোক শৰ্মা, কৃষি বিজ্ঞান কেন্দ্ৰ নলবাৰী বিষয়ববীয়া সকলৰ লগতে বিবেকানন্দ পাৰ্ব্বতীয়া কৃষি অনুসন্ধান সংস্থাৰ বিষয়ববীয়া সহ কৃষক ৰাইজ উপস্থিত থাকে।

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু চিকিৎসকৰ ।

দৈনন্দিন বাৰ্তা ডেস্ক:

লোক নায়ক জয় প্ৰকাশ হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অসীম গুপ্তা ক’ৰোনাত আক্ৰান্ত হৈ শনিবাৰে মৃত্যু হৈছে৷ ৫৬ বছৰীয়া গুপ্তা ক’ৰোনত আক্ৰান্ত হোৱাৰ কথা ৬ জুনত পোহৰলৈ আহিছিল৷ উল্লেখ্য যে এনাষ্ঠেছিয়াৰ আগশাৰীৰ বিশেষজ্ঞ ডাঃ গুপ্তা ক’ৰোনাৰ বিপক্ষে যুঁজত কৰ্তব্যত আছিল৷ ৬ জুনত তেওঁৰ পৰীক্ষাৰ ফলাফল পজিটিভ আহিল৷ তাৰ পাছত তেওঁক কোৱাৰেণ্টাইনত ৰখা হয়৷ কিন্তু ৭ জুনত তেওঁৰ অৱস্থা গুৰুতৰ হৈ পৰে৷ তেতিয়া তেওঁক লোক নায়ক জয় প্ৰকাশ হাস্পতালৰ আইচিইউত ভৰ্ত্তি কৰা হয়৷ মৃত্যুৰ সময়ত চিকিৎসকজনে পত্নী আৰু দুজন পুত্ৰক এৰি থৈ গৈছে৷ উল্লেখ্য যে তেওঁৰ পত্নীও ক’ভিড-১৯ত আক্ৰান্ত হৈছিল কিন্তু কিছুদিনৰ আগতে তেওঁ আৰোগ্য হয়৷

দাম কমিছে পেট্ৰল-ডিজেলৰ ।

দৈনন্দিন বাৰ্তা ডেস্ক:

দাম কমিছে পেট্ৰল আৰু ডিজেলৰ৷ ২১ দিন ধৰি দাম বাঢ়ি থকাৰ পাছত দাম কমিল৷ দেশৰ মেট্ৰো চহৰবোৰৰ ভিতৰত দেওবাৰৰ দিনটোত কলকাতাত শনিবাৰৰ দামেই থাকিল ৷ কলকাতাত পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৮২.‌০৫ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৭৫.‌৫২ টকা৷ দিল্লীত পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৮০.‌৩৮ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৮০.‌৪০ টকা ৷ মুম্বাইত পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৮৭.‌১৪ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৭৮.‌৭১ টকা৷ চেন্নাইত পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৮৩.‌৫৯ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৭৭.‌৬১ টকা ৷ কাৰণ হিচাপে জানিব পৰা মতে আমেৰিকা আৰু চীনত নতুনকৈ ক’ৰোনা সংক্ৰমণ হোৱাত শুকুৰবাৰে আন্তৰ্জাতিক বজাৰত তেলৰ দাম বঢ়া নাই ৷

ডবকা যমুনানৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ, পৰিচয় বিচাৰি হাহাকাৰ আৰক্ষীৰ ।

ডবকা : হোজাই জিলাৰ ডবকাৰ যমুনানৈত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। শনিবাৰে সন্ধিয়াৰ ভাগত যমুনানৈত পানীত উপঙি থকা অৱস্থাত এই মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰে। হোজাইৰ নাম ডবকা  গাঁৱৰ নৈৰ পৰা উদ্ধাৰ হয় এই মৃতদেহটো। প্ৰায় ৪০-৪২  বছৰীয়া পুৰুষৰ মৃতদেহটো কোনো লোকে হত্যা কৰি নদীত উটুৱাই দিয়াৰ সন্দেহ কৰা হৈছে। মৃতদেহৰ শৰীৰৰ বিভিন্ন অংগত আঘাতৰ চিন স্পষ্ট। আৰক্ষীয়ে এই অচিনাক্ত মৃতদেহ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। বাতৰি লিখা লৈকৈ লোক জনৰ পৰিছয় উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে। কোনো লোকে লোক জনৰ পৰিছয় পালে পৰিয়ালৰ লগতে আৰক্ষীক অৱগত কৰাৰ অনুৰোধ জনাইছে ডবকা আৰক্ষীয়ে।

গহপুৰ সেৱা ভাৰতী পুৰ্বাঞ্চলৰ উদ্যোগত ৰক্তদান কাৰ্যসূচী, উপস্থিত বিধায়ক উৎপল বৰা ।

দৈনন্দিন বাৰ্তা ডেস্ক :

ৰক্তদান জীৱন দান ৷ এই মহান উদ্দেশ্যক সাক্ষী কৰি দেওবাৰে গহপুৰ শংকৰদেৱ শিশু নিকেতনত অনুস্থিত কৰা হয় ৰক্ত দান শিবিৰ। বিজেপি যুৱ মচাৰ ৩৪ জন কৰ্মীয়ে ৰক্ত দান কৰে। গহপুৰ সেৱা ভাৰতী পুৰ্বাঞ্চলৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰক্তদান শিবিৰত উপস্থিত থাকে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথ জিলা বিজেপি সম্পাদক নোমল বৰুৱা আৰু বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী লাৱণ্য চাৰিঙীয়া আৰু সমষ্টিৰ মণ্ডলৰ সভাপতি, যুৱ মচা বিষয়ববীয়া লগতে দলীয় কৰ্মী সকল। ৰক্তদান কৰি মহানতাৰ পৰিচয় দিয়ে ৷

দুদিন জখলাবন্ধা চিকিৎসালয় বন্ধ : জখলাবন্ধা চিকিৎসালয়ত চিকিৎসক, চিকিৎসা কৰ্মীৰ স্বাৱ পৰীক্ষা, হ’ম কোৱাৰেণ্টানৰ নিৰ্দেশ ।

কলিয়াবৰ : কভিড-১৯ সংক্ৰমিত ধুতিৰাম মুণ্ডাৰ সংক্ৰমণক লৈ স্বাস্থ‍্য বিভাগৰ বৰমূৰীয়াৰ আলোচনা জখলাবন্ধা চিকিৎসালয়ত। কভিড – ১৯ সংক্ৰমণৰ প্ৰতিৰোধকল্পে জখলাবন্ধা চিকিৎসালয় দুদিনৰ বাবে বন্ধৰ নিৰ্দেশ উৰ্দ্ধতন কৰ্তৃপক্ষৰ। এশ শতাংশ পৰিস্কৰণৰ ব‍্যৱস্থা হোৱাৰ পিচত অহা মঙ্গলবাৰৰ পৰাহে চিকিৎসা সেৱা পুনৰ আৰম্ভ হব। জখলাবন্ধা চিকিৎসালয়লৈ যোৱা ২৫ জুন বৃহস্পতিবাৰে জ্বৰ আৰু পায়খানাত আক্ৰান্ত হৈ চিকিৎসাৰ বাবে আহিছিল নিজৰিৰ ধুতিৰাৰাম মুণ্ডা। চিকিৎসা সেৱা গ্ৰহণ কৰি শনিবাৰে ঘৰলৈ উভতাৰ পিছত কডিড – ১৯ সংক্ৰমণ প্ৰমাণিত হোৱাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় চিকিৎসালয়ত। যোৱা ২০ জুনত বহিঃ ৰাজ‍্যৰ পৰা আহি স্বাৱ পৰীক্ষা কৰিবলৈ দিছিল যদিও ধুতিৰামে এই বিষয়ে চিকিৎসকক অৱগত কৰা নাছিল। সেই লৈ পোনপটীয়াকৈ সংস্পৰ্শলৈ অহা চিকিৎসক-চিকিৎসাকৰ্মী সহ চিকিৎসালয়ৰ আন সকলোৰে পৰীক্ষাৰ বাবে স্বাৱ সংগ্ৰহ কৰে। সেই লৈ নগাঁও জিলাৰ যুটীয়া স্বাস্থ‍্য সঞ্চালক অতুল চন্দ্ৰ পাটৰ উপস্থিত হৈ জখলাবন্ধা চিকিৎসালয়ৰ অধীক্ষক তথা মহকুমা স্বাস্থ‍্য বিষয়া ডা° খেমন্ত শইকীয়া আৰু চিকিৎসকৰ সৈতে এক আলোচনাত মিলিত হয়। কলিয়াবৰ মহকুমাধিপতি বিতুপন নেওগেও চিকিৎসক প্ৰতিনিধি দলটোৰে বিষয়টোৰ সন্দৰ্ভত মত বিনিযভয় কৰে। উল্লেখযোগ‍্য যে, কলিয়াবৰৰ নিজৰিৰ ধুতিৰাম মুণ্ডা (৪৫)ৰ লগত অহা জিকিল এক্কা (২৪) আৰু গোবিন্দ মূড়া (২৫)ৰো কভিড – ১৯ সংক্ৰমণ প্ৰমাণিত হোৱাত তিনিওকে নগাঁও চিকিৎসালয়লৈ শনিবাৰেই প্ৰেৰণ কৰে। শনিবাৰে সন্ধ‍্যা কুঁৱৰীটোলৰ একেটা পৰিয়ালৰ সাতজনক কভিড – ১৯ সংক্ৰমিত হোৱাৰ পিছত চিকিৎসালয়লৈ নিয়াৰ সময়ত ব‍্যাপক উত্তেজনাৰ সৃষ্টি হয় কলিয়াবৰত। আৰক্ষীৰ প্ৰত‍্যক্ষ সহযোগতহে স্বাস্থ‍্য কৰ্মীয়ে আটাইকে নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলৈ সক্ষম হয়।