নাজিৰা : দীৰ্ঘদিন বন্ধ হৈ থকা নগাঁও কাগজ কল আৰু কাছাৰৰ কাগজ কল দুটা পুনৰোজ্জীৱিত কৰি অসম তথা ভাৰতৰ আৰ্থ-সামাজিক উত্তৰণৰ লগতে নিয়োগৰ ব্যৱস্থা কৰি বি জে পি নেৰ্তৃত্বাধীন চৰকাৰৰ নিৰ্বাচনৰোত্তৰৰ প্ৰতিশ্ৰুতি পালন কৰিবৰ বাবে অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখনি পত্ৰ প্ৰেৰণ কৰিছে। বিৰোধী দলপতি গৰাকীয়ে পত্ৰখনত উল্লেখ কৰা মতে কেন্দ্ৰীয় চৰকাৰে কাগজ কল দুটাৰ ঋণ পৰিশোধ কৰি ইচ্ছুক তথা যোগ্য স্থানীয় ব্যৱসায়িক পুনৰ কাম আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে। পত্ৰখনত লগতে কোৱা হৈছে যে, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে সমগ্ৰ ৰাইজৰ আগত এই কল দুটা পুনৰ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল তথা বর্তমান অসম চৰকাৰেও বিগত সময়চোৱাত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই কাগজ কল দুটা পুনৰ্জীৱিত কৰা হ’ব বুলি বাৰাম্বাৰ আশ্বাস দিছিল। কিন্তু আজিলৈকে কোনো পদক্ষেপ নল’লে। তাৰোপৰি অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী পাটোৱাৰী ডাঙৰীয়াই কৈছিল যে, ৮০০ কোটি টকাৰ এটা পেকেজ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্য্যালয়ৰ পৰা এই কল দুটাৰ নামত আৱন্তন কৰা হৈছে আৰু কেন্দ্রীয় গুৰু উদ্যোগ ভথা ৰাজহুৱা প্রতিস্থান বিভাগৰ মন্ত্রীয়ে এই কল দুটা পুনৰ্জীৱিত কৰাৰ নিমিত্তে ২০১৪-১৫ পৰা ২০১৭-১৮’ সময়চোৱাত ৪,৯৪১ কোটি টকা আৱন্তন দিয়াৰ কথা কৈছিল, কিন্তু আজিলৈকে এটকাও নাপালে। অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই পত্ৰ খনত লগতে উল্লেখ কৰা মতে, কাগজ কল দুটাৰ লগত প্রত্যক্ষ আৰু পৰোক্ষ্যভাৱে জড়িত প্রায় দুই লাখ পৰিয়াল এতিয়া জীৱিকাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে আৰু প্ৰায় ৬৭ জন কৰ্মচাৰীৰ অকাল মৃত্যু তথা ৩ জনকৈ কৰ্মচাৰীয়ে আত্মহত্যাৰ পথ বাচি ল’বলৈ বাধ্য হ’ল। কাগজ কল দুটা চলি থাকোঁতে স্থানীয় লোকে প্রায় ৮ লাখ মেট্রিকটন বাঁহ বছৰি যোগান ধৰিছিল আৰু এতিয়া এই কল দুটা বন্ধ হৈ যোৱাৰ ফলত সেই উপার্জনৰ পৰাও এই সকল লোক বঞ্চিত হ’বলগীয়া হৈছে। যিহেতু এতিয়া ক’ভিড-১৯ মহামাৰীৰ বাৰে অসমৰ লগতে সময় তাৰতৰ অর্থনীতি ক্ষতিগ্রস্থ হৈছে। গতিকে এনে পৰিস্থিতিত নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰ কার্যাক্ষম কৰিব পাৰিলে ভাৰতৰ জি.ডি.পি উর্ধগামী হােৱাৰ লগতে নিয়োগৰ হাৰ ও বৃদ্ধি হ’ব আৰু চীনৰ লগত থকা বাণিজ্যিক সম্বন্ধ ও হ্ৰাস পাব। উপৰোক্ত বিন্দু কেইটাৰ ওপৰত লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ প্ৰতি বিশেষ অনুগ্ৰহ দেখুৱাই শীঘ্ৰে এই কল দুটা কাৰ্য্যক্ষম কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে পত্ৰখনৰ জৰিয়তে বিৰোধী দলপতি গৰাকীয়ে অনুৰোধ জনায়।
সোণতলীত বৰ্নাত্যৰ হাহাকাৰ, জনপ্ৰতিনিধিৰ সাহায্য বিতৰণ ।
সোণতলী : দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ সোণতলীত কালি স্থানীয় জনপ্ৰতিনিধি, চিকিৎসকৰ দল এটাই বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি সাহায্য বিতৰণ কৰে৷ জানিব পৰামতে বকোৰ সোণতলীৰ প্ৰায় ত্ৰিশখনকৈ গাঁও সম্পূৰ্ণ বানপানীৰ কবলত পৰিছে৷ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ট দিনত দিনে বৃদ্ধি হোৱাত বৰ্নাত্যৰ মাজত হাহাকাৰ সৃষ্টি হৈছে৷ এফালে লুইতৰ খহনীয়াই আনফালে বাঢ়নি পানীয়ে নৈ পৰীয়া ৰাইজৰ মাজত বিভিষিকাৰ সৃষ্টি কৰিছে৷ নিজৰ আপোন ঘৰখন এৰি আশ্ৰয় শিবিৰ আৰু মথাউৰিলৈ আশ্ৰয় লবলগা হৈছে৷ গৰু, ম’হ, ছাগলী ভেড়া আদিৰ লগতে মানুহবোৰে একেলগে সহৱস্থান কৰিব লগা হৈছে৷ জানিব পৰা মতে ব্ৰহ্মপুত্ৰৰ তীব্ৰ সোতে কেবাজনৰো ঘৰ দুৱাৰ উঠাই লৈ গৈছে৷ পৰিতাপৰ বিষয়ে এয়ে যে, বিশুদ্ধ খোৱা পানী, খাদ্যৰ অভাৱ আৰু ৰ’দ বৰষুণ মাজতে দিন পাৰ কৰিবলগীয়া বৰ্নাত্যৰ কাষত চৰকাৰৰ কোনো এজন প্ৰতিনিধি সহাৰি নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ স্মৰ্তব্য যে, সোমবাৰে যন্ত্ৰচালিত নাৱৰে সোণতলী টুপামাৰী জিলা পৰিষদৰ সদস্য স্বাহজাহান আলী আহমেদ, সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া কুৰবান আলী, সোণতলী আৰক্ষী চকীৰ আৰক্ষী বিষয়া অৰ্জুন তালুকদাৰৰ লগতে মাহতলী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আমিন মইনুল হকৰ নেতৃত্বত সোণতলীৰ নৈ পৰীয়া বানপিড়িত অঞ্চল পৰিদৰ্শন কৰে৷ সোণতলী এলেকাধিন মাহতলী গাঁও পঞ্চায়তৰ লটুৰাদিয়া, বৰঘুল, পানীখাইতী, ঝাওবাগান আদি আশ্ৰয়শিবিৰ পৰিদৰ্শন কৰি বৰ্নাত্যসকলৰ বাবে বিশুদ্ধ খোৱাপানী, তিৰপাল, বিস্কুট আদিৰ লগতে বিভিন্ন বেমাৰ আজাৰৰ পৰা ৰক্ষা পাবলৈ বৰ্নাত্যসকলক ঔষদ বিতৰণ কৰে৷ উল্লেখযোগ্য যে, শিবিৰ আৰু মথাউৰিত আশ্ৰয় লোৱা বৰ্নাত্যসকলৰ মাজত চৰকাৰক সাহায্য প্ৰদান কৰিবলৈ জিলা পৰিষদৰ সদস্য স্বাহজাহান আলীৰ লগতে বানাক্ৰান্ত ৰাইজে বিনম্ৰ আহব্বান জনাইছে৷
ভাৰতত ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা চাৰে পাঁচ লাখ অতিক্ৰম ।
দৈনন্দিন বাৰ্তা ডেস্ক :
ভাৰতত ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা চাৰে পাঁচ লাখ অতিক্ৰম কৰিলে ৷ যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৮৫২২ জন লোক ক’ৰোনাত আক্ৰান্ত হয়৷ ইয়াকে লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৫৬৬৮৪০ জন হ’লগৈ ৷ মহাৰাষ্ট্ৰ, তামিলনাডু আৰু দিল্লী এই তিনিখন ৰাজ্যতে মুঠ আক্ৰান্তৰ ৬০ শতাংশ৷ আনহাতে সমগ্ৰ দেশত ৫৯ শতাংশ সুস্থ হৈ উঠিছে ৷ আক্ৰান্তৰ লগতে মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে যোৱা ২৪ ঘণ্টাত ৪১৮ জন লোকৰ মৃত্যু হৈছে ৷ ইয়াকে লৈ দেশত মুঠ ১৬৮৯৩ জন লোক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে৷ ইয়াৰ মাজত মহাৰাষ্ট্ৰত ৭৬১০, দিল্লীত ২৬৮০ আৰু গুজৰাটত ১৮২৭ জন লোকৰ মৃত্যু হৈছে ৷
হোজাইত পিতৃহাৰা পাচ সন্তানক ৫০ হেজাৰ টকাৰ সাহাৰ্য মৰ্কজুল মা’আৰিফৰ ৷
হোজাই : হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ অন্তৰ্গত পুৱ জাৰুনী (গনিপুৰ)গাৱৰ এজন ব্যক্তি যোৱা শুক্ৰবাৰে ৰাতি আকস্মিক মৃত্যু হয় ৷ গাঁওখনৰ বাজিদুৰ ৰহমান লস্কৰ নামৰ প্ৰায় ৫২ বছৰ বয়সীয়া চাইকেল মেৰামতি কৰা লোকজনে হটাৎ মৃত্যুক আকোৱালি লয় ৷ তেওঁৰ মৃত্যুত আজমল পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ মৃত্যুৰ সময়ত বাজিদুৰে ৫ কণমানি কন্যা সন্তানসহ পত্নিক এৰি থৈ যায় ৷ এই অসহায় পৰিয়ালটিয়ে ৰাইজৰ পৰা ছ’চিয়েল মিডিয়াযোগে সাহাৰ্য বিচাৰী আবেদন জনোৱাত বিষয়টো সাংসদ মৌলানা বদৰুদ্দিন আজমল দৃষ্টি গোচৰ হয় ৷বদৰুদ্দিন আজমলে ছিৰাজুদ্দিন আজমলৰ লগত বিষয়টো আলোচনা কৰি মৰ্কজুল মা’আৰিফৰ কৰ্মকৰ্তাসকলক উক্ত পৰিয়ালক সহায়ৰ হাত আগবঢ়াবলৈ নিৰ্দেশ সোমবাৰে মৰ্কজুল মা’আৰিফৰ সাধাৰণ সম্পাদক খলিলুৰ ৰহমান লস্কৰ আৰু মৰ্কজৰ পুনৰ সংস্থাপন বিভাগৰ মুৰব্বী দেৱান আব্দুল আলিম (ওৱাইছ চৌধুৰী)সহ এটি প্ৰতিনিদি দল এই পৰিয়ালৰ বাসগৃহত উপস্থিত হৈ দুই মাহৰ খাদ্য সামগ্ৰী আৰু নগদ ৫০ হেজাৰ টকা আৰ্থিক সাহাৰ্য প্ৰদান কৰে ৷ দুৰ্ভগীয়া পৰিয়ালটিক আৰ্থিক সাহাৰ্য ২৫ হেজাৰ টকা আৰু থকা ঘৰ মেৰামতি কৰি দিয়াৰ বাবে ২৫ হেজাৰ টকাসহ মুঠ ৫০ হাজাৰ টকাৰ সাহাৰ্য প্ৰদান কৰে বদৰুদ্দিন আজমলে ৷ উল্লেখ্য যে, উক্ত পৰিয়ালক মৰ্কজুল মা’আৰিফৰ পৰা মাহিলি ৩ হাজাৰ টকাকৈ প্ৰদান কৰাৰ নিৰ্দেশ দিয়ে আজমলে ৷ লগতে মৌলানা বদৰুদ্দিন আজমলে পৰিয়ালৰ কণ কণ শিশুহঁতৰ সৈতে ভিডিঅ কলযোগে কথা পাতি আবেগিক হৈ পৰা পৰিলক্ষিত হয় ৷ আজমলৰ প্ৰচেষ্টাত মৰ্কজে নগদ ধন আৰু খাদ্য সামগ্ৰী বিতৰণ কৰাত স্থানীয় ৰাইজে আজমল পৰিয়ালৰ লগতে যমুনামুখৰ বিধায়ক আব্দুৰ ৰহিম আজমলৰ শলাগ লয় ৷

বিটিচিত কোচ ৰাজবংশীৰ লোকক প্ৰাৰ্থীত্ব দিয়া দলক সমৰ্থন জনাব আক্ৰাছুৱে ।
মঙলদৈ : বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সদৌ কোচ ৰাজবংশী ছাত্র সন্থা চমুকৈ আক্ৰাছুৰ তৎপৰতা বৃদ্ধি পাইছে। আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিয়ে আজি মঙলদৈ চিলাৰায় ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি বিটিচি নিৰ্বাচনত যি দলে কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰিব সেই দলকেই তেওঁলোকে সমৰ্থন দিব বুলি মত প্ৰকাশ কৰে। সংবাদমেলত উপস্থিত থাকি আক্ৰাছুৰ মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মন, সভাপতি কৰমেশ্বৰ ৰায়, যুটীয়া সাধাৰণ সম্পাদক দিব্যজ্যোতি কুমাৰ ডেকা আৰু জীৱেশ ৰায়, সহকাৰী সম্পাদক কংকণ ৰায় আদিয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনৰ দায়িত্বত থকা বি জে পি নেতৃত্বাধীন চৰকাৰ দুখনে ছয় জনগোষ্ঠীক জনজাতী কৰণৰ নামত আভুৱা ভৰাই আহিছে। খলঞ্জীয়া ভূমিপুত্ৰ সকলক সুৰক্ষা দিব বুলি কৈছিল যদিও আজিলৈকে তেওঁলোকে প্ৰতিশ্ৰুতি পালন নকৰিলে। তেওঁলোকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক প্ৰত্যাহ্বান জনাই কোচ ৰাজবংশী লোকসকলৰ প্ৰতি চৰকাৰৰ যদি দৰদ আছে তেন্তে সোনকালে আনুষ্ঠানিক ভাবে আগবাঢ়িব লাগে। অন্যথা ২০২১ ৰ বিধানসভা নিৰ্বাচনত কোচ ৰাজবংশী লোকসকল একত্ৰিত হৈ ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলিও হুংকাৰ দিয়ে। কমতাপুৰ ৰাজ্য আৰু জনজাতীকৰনেই তেওঁলোকৰ মুল ইচ্যু বুলি কৈ এই ক্ষেত্ৰত তেওঁলোকে আপোচ নকৰে অন্যথা আন্দোলন তীব্ৰতৰ কৰিব বুলি সদৰী কৰে। বিজেপি নেতৃত্বাধীন চৰকাৰে কোচ ৰাজবংশী সকলক সকলো ফালৰ পৰা আঘাত হানিছে বুলি অভিযোগ আনে। আক্ৰাছুৱে কম দিনৰ ভিতৰত কোচ ৰাজবংশী সন্মিলন আৰু তেওঁলোকৰ বিভিন্ন সংগঠনৰ এখন যৌথ সভা অনুষ্ঠিত কৰি আগন্তুক নিৰ্বাচন সম্পৰ্কত সিদ্ধান্ত লব বুলি জানিব দিয়ে। তেওঁলোকে কোচ ৰাজবংশী সন্মিলনৰ প্ৰাক্তন সভাপতি তথা কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ বীৰেশ্বৰ শইকীয়াৰ যোৱা ২৪ জুনত হোৱা বিয়োগত গভীৰ শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। আনহাতে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত প্ৰথম স্থান লাভ কৰা পূৱালী ডেকালৈ অভিনন্দন জ্ঞাপন কৰে। সংবাদমেলত আক্ৰাছুৰ দৰং জিলা সমিতিৰ সভাপতি শৰৎ ডেকা আৰু ওদালগুৰি জিলা সমিতিৰ সভাপতি হেমন্ত বৰা কোচ উপস্থিত আছিল।
আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত অনুষ্ঠিত আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ পুৰস্কাৰ বিতৰণ ৷
ননৈ : সাম্প্ৰতিক সময়ত যুৱ সমাজৰ অধিকাংশই ড্ৰাগছৰ লগতে আন আন মাদক দ্ৰব্য সমূহৰ কবলত পৰি উচ্ছৃঙ্খল জীৱন-যাপন কৰি অহাৰ লগতে বহু অভিভাৱকেও ইয়াৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে। সেইবাবেই নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে “নিষিদ্ধ ড্ৰাগচ” ৰ বিৰুদ্ধে বহুকেইটা সজাগতা অনুষ্ঠান কৰি ৰাইজৰ মাজত প্ৰচাৰ চলাই সফল হোৱাৰ লগতে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ অংশস্বৰূপে যোবা ২৬ জুনত প্ৰাধিকাৰীয়ে আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসটি উদযাপন কৰাৰ লগতে চহৰৰ বহুকেইটা অঞ্চলত প্ৰাধিকাৰীৰ মুৱাইল গাড়ীৰে ড্ৰাগছৰ কুপ্ৰভাৱৰ ওপৰত পৰি যুৱ প্ৰজন্ম কেনেদৰে নিঃশেষ হবলৈ উলাইছে তাৰ এক প্ৰচাৰ চলোবাৰ লগতে প্ৰাধিকাৰীৰ অধিনস্থ অৰ্ধআইনী সহায়ক সকলৰ ওপৰত “বৰ্তমান সময়ত সমাজত ড্ৰাগছৰ কু-প্ৰভাৱ আৰু নিৰাময়ৰ উপায় ও পৰামৰ্শাৱলী” শিৰ্ষক বিষয়ৰ ওপৰতঅনলাইন যোগে আয়োজন কৰিছিল এক ৰচনা প্ৰতিযোগিতা আৰু ইয়াৰ ওপৰি এখন উৱাল পেইণ্টিং প্ৰতিযোগিতা ৷ অৱশ্যে বতৰ বেয়া হোৱাত উক্ত দিনা উৱাল পেইণ্টিংৰ প্ৰতিযোগিতা অনুষ্ঠিত নোহোৱাত আজি উক্ত উৱাল পেইণ্টিংৰ প্ৰতিযোগিতা পুৱা ন বাজি ত্ৰিশ বজাৰ পৰা এই উৱাল পেইণ্টিং প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে জিলা ও সত্ৰ ন্যায়াধীশ তথা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ অধ্যক্ষ মৃদুল কুমাৰ কলিতাই ৷ শুভ উদ্বোধনী অনুষ্ঠানত নগাঁৱৰ মূখ্য ন্যায়িক দণ্ডাধীশ জ্যোৎস্না দাস আৰু দেৱানী ন্যায়াধীশ আৰু সহকাৰী সত্ৰ ন্যায়াধীশ ৰাজেশ কুমাৰ টোডি উপস্থিত থাকে ৷ নগাঁও চহৰৰ কেইবাজনো চিত্ৰ শিল্পীয়ে অংশগ্ৰহণ কৰা এই উৱাল পেইণ্টিং প্ৰতিযোগিতাৰ অনুষ্ঠানটি আতঁধৰে আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ সচিব মনালিছা দাসে ৷ ৰচনা প্ৰতিযোগিতা আৰু উৱাল পেইণ্টিং প্ৰতিযোগিতাৰ অন্তত স্থানলাভ কৰা প্ৰতিযোগি সকলক মানপত্ৰ,ট্ৰফী,মেডেলৰে পুৰস্কিত কৰা হয় ৷ ৰচনা প্ৰতিযোগিতাত প্ৰথমস্থান লাভ কৰে পাহী শইকীয়া,দ্বিতীয় স্থান লাভ কৰে দ্বীপেন্দ্ৰ শইকীয়া আৰু তৃতীয়স্থান লাভ কৰে জান্টি দেৱী ডেকাই ৷ সেইদৰে,উৱাল পেইণ্টিং প্ৰতিযোগিতাত প্ৰথমস্থান লাভ কৰে ৰিদিপ বৰা-সৌৰভ জ্যোতি বৰা,দ্বিতীয়স্থান লাভ কৰে প্ৰেৰণা বৰা-ধিৰাংকণা বৰা,তৃতীয়স্থান লাভ কৰে আফতাৱ আলী,নিচুকনি পুৰস্কাৰ লাভ কৰে ক্ৰমে- টুলেন্দু নাথ আৰু ড্ৰাৱিন গাৰ্গে ৷ স্থানলাভ কৰা প্ৰতিযোগি সকলক মানপত্ৰ,ট্ৰফী আৰু মেডেল সমূহ বিতৰণ কৰে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ তথা প্ৰাধিকাৰীৰ অধ্যক্ষ মৃদুল কুমাৰ কলিতাই ৷
২৭ জুলাইত পাবহি ছখন যুদ্ধ বিমান ৰাফেল ।
দৈনন্দিন বাৰ্তাৰ ডেস্ক :
লাডাখত সংঘৰ্ষ হোৱাৰ সময়তে ভাৰতলৈ প্ৰথম যুদ্ধ বিমান আহিব ৷ জুলাই মাহৰ শেষৰ ফালে পূৰ্ণ অস্ত্ৰসম্ভাৰসহ ছখন ৰাফেল বিমান ভাৰতীয় বায়ুসেনাৰ হাতলৈ আহিব ৷ এই বিমানকেইখন হাৰিয়ানাৰ অম্বালা বায়ুসেনা ঘাটিৰ গ’ল্ডেন এৰো (১৭ নম্বৰ) স্ক্ৰোৱাড্ৰেনত অন্তভূক্ত হ’ব ৷ আগষ্ট মাহৰ আৰম্ভণিত এই বিমান যুদ্ধৰ বাবে সাজু হৈ উঠিব৷ উল্লেখ্য যে অহা ২৭ জুলাইত ছখন ৰাফেল আম্বালা পাবহি৷ দক্ষিণ ফ্ৰান্সৰ ইষ্টাৰ কমিউনৰ পৰা সেইকেইখন উৰুৱাই আনিব ভাৰতীয় বায়ুসেনাৰ পাইলটে৷ মাজতে সংযুক্ত আৰব আমিৰিশাহিৰ আবুধাৰিৰ আফ ধাফৰা এয়াৰবেছত সাময়িক যাত্রাবিৰতি হ’ব৷ অত্যাধুনিক ‘এয়াৰ টু এয়াৰ’ ক্ষেপণাস্ত্র আৰু ‘এয়াৰ লঞ্চড ক্রুজ’ ক্ষেপণাস্ত্র স্কাল্পসহ ফ্ৰান্সৰ পৰা উৰি আহিব ছখন ৰাফেল ৷ ফলত যুদ্ধৰ প্ৰস্তুতিৰ বাবে বেছি সময় নালাগিব৷ ইতিমধ্যে ভাৰতীয় বায়ুসেনাৰ ফাইটাৰ পাইলটৰ এটা দলে ফ্ৰান্সত ৰাফেল যুদ্ধ বিমানৰ প্ৰশিক্ষণ লৈছে ৷
হোজাইত উদ্যেগ জনক হাৰত বৃদ্ধি পাবলৈ ধৰিছে কভিড-১৯ পজিটিভৰ সংখ্যা ৷
হোজাই : হোজাই জিলাত উদ্যেগজনক হাৰত বৃদ্ধি পাবলৈ ধৰিছে কভিড-১৯ পজিটিভৰ সংখ্যা ৷ কালি নিশাৰ ফলাফল অনুসৰি হোজাই জিলাত নতুনকৈ 50 জনৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ পজিটিভ ৷ ইয়াৰে ভিতৰত ডবকাত আছে তিনিজন ৷ ডবকাৰ চাৰিলেনযুক্ত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত থকা হোটেল তাজমহলৰ স্বত্বাধিকাৰীৰ পত্নী মৰিয়ম বেগম, মদাৰতলিত থকা কে,আৰ,চি পেট্ৰল পাম্পৰ পৰিচালক অনিল শৰ্মা আৰু জংগলব্লক গাৱৰ এটি কোৱাৰিন্টাইন চেন্টাৰত আব্দুল কাদিৰ নামৰ এজন লোকৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ পজিটিভ ৷ ইতিমধ্যে কালি নিশাই হোজাই জিলা প্ৰশাসনে হোটেল আৰু পেট্ৰল পাম্পটো চেনিটাইজ কৰি ছীল কৰি দিয়াৰ লগতে আটাইকেইজনক স্বাস্থ্য বিভাগে উদ্ধাৰ কৰি যোগীজান কভিড হস্পিতাললৈ প্ৰেৰন কৰিছে ৷ 50 গৰাকীৰ ভিতৰত আছে লংকাৰ পাচ গৰাকীকৈ স্বাস্থ্য কৰ্মীৰ লোক ৷ ডবকাৰ তিনি গৰাকী ৰোগীৰ ভিতৰত পেট্ৰল পাম্পৰ পৰিচালক অনিল শৰ্মা আৰু তাজমহল হোটোলৰ মৰিয়ম বেগমৰ কোনো ধৰনৰ ট্ৰেভেল হিষ্ট্ৰী নাই ৷ ইয়াকে লৈ শংকিত হৈ পৰিছে ডবকা বাসী। আমি পোৱা তথ্য অনুসৰি হোজাই জিলাখনত স্বোৱাপ সংগ্ৰহ কৰি পৰীক্ষা কৰি ৩০৩ জনৰ শৰীৰত কভিড-১৯ ধৰা পৰিছে ৷ তাৰ ভিতৰত দুই শতাধিক কোৰোনা ৰোগী যমুনামুখ সমষ্টিৰ। ইয়াৰে ভিতৰত চিকিৎসাৰ অন্তত ১৬৭ গৰাকীক মুকলি কৰি দিয়া হৈছে বাকী থকা ১৩৬ গৰাকী বৰ্তমানে চিকিৎসাধীন হৈ আছে ৷এই খবৰে আতংকিত হৈ পৰিছে ডবকা বাসীয়ে।এই ভয়ংকৰ খবৰৰ মাজতেই আজি ডবকা নগৰত সপ্তাহিক বজাৰত দেখা গল এক ভয়ংকৰ ৰূপ৷জিলা খনত দেওবাৰে 50 জনকৈ লোকৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছতো আজি ডবকা নগৰত ওলাই আহিছে জাকে জাকে জনতা।অভাৱনীয় ভাৱে ডবকা নগৰত ৰাইজ ওলাই আহিছে যদিও নিৰুপায় আৰক্ষী প্ৰশাসন। যিকোনো সময়ত ঘন সংক্ৰমন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
গণ সংক্ৰমণৰ দিশে নেকি দৰং । ৰেৱতী কলিতা আৰু আব্দুল বাছিৰক লৈ ভয়াৱহ গণ সংক্ৰমণৰ আশাংকা ; বজাৰ সমাৰ কৰি পৰীক্ষাৰ খবৰ লৈ ঘূৰি ফুৰিছিল চৌদিশে ।
মঙলদৈ : দৰং জিলাত কভিড-১৯ পজিটিভৰ ভয়াবহ গণ সংক্ৰমণ হোৱা পৰিলক্ষিত হৈছে। জিলা স্বাস্থ্য বিভাগে যোৱাকালি জিলাখনত নতুনকৈ ২৪ জন লোক কভিড ১৯ আক্ৰান্ত হোৱা বুলি এক প্ৰেছ বিবৃতিত জনোৱাৰ পিছতে জিলাখনত কভিড আক্ৰান্তৰ সংখ্যা ১৯৩ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ৰেৱতী কলিতা নামৰ গোহাঁইগাওঁ স্বাস্থ্য কেন্দ্ৰৰ এ এন এম গৰাকী আৰু কোৱাটাইন চেন্টাৰত কৰ্মৰত আব্দুল বাছাৰ নামৰ গাওঁৰক্ষী বাহিনীৰ সদস্য গৰাকী দেহত কভিড পজিটিভ পোৱাই এই গণ সংক্ৰমণৰ আকাংশা কৰা হৈছে। কিয়নো দুয়োজন লোকৰ কভিড পজিটিভৰ কোনো ট্ৰেভেল হিস্টি নাছিল আৰু অসম লক্ষ্য প্ৰনোদীত নিৰীক্ষণ কাৰ্যসূচীৰ অধীনত হে শ্লেষৰ নমুনা সংগ্ৰহ কৰা হৈছিল। ইয়াৰে ৰেৱতী কলিতাই পজিটিভ ঘোষণাৰ আগলৈ বিভিন্ন ঠাইত বজাৰ সমাৰ কৰি উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ খবৰ লবলৈ বিভিন্ন পৰীক্ষাৰ্থীৰ ঘৰলৈ অহা যোৱা কৰিছিল। সমৰেন্দ্ৰ কোৱৰ নামৰ যুৱকজনৰ বাইকেৰে আলহী ঘৰলৈও পৰীক্ষাৰ খবৰ লবলৈ গৈছিল। কালি ৰেৱতী কলিতাৰ গৃহত স্বাস্থ্য বিভাগে কোৱান্টাইনৰ জাননী আৰি দিয়াৰ সময়ত পদুলীত উপস্থিত থকা উপহুপাৰা গাওঁ পঞ্চায়তৰ সভাপতি নৱজিৎ শৰ্মা, উপ-সভাপতি প্ৰশান্ত ডেকা, সদস্য দেৱেন্দ্ৰ নাৰায়ণ কোৱৰ আৰু গাওঁ বুঢ়া মহেন্দ্ৰ ডেকাই আমাৰ সংবাদিকৰ আগত অভিযোগ কৰি কয় যে ৰেৱতী কলিতাৰ পৰিয়ালটিয়ে সমগ্ৰ অঞ্চলটোত ঘূৰা ফুৰা কৰি আছিল। সেয়েহে সমগ্র কোঁৱৰ পাৰা গাওঁ কোৱান্টান জোন ঘোষণা কৰাৰ লগতে প্ৰতিজন লোকৰ স্বাৱৰ নমুনা সংগ্ৰহ কৰিবলৈ জিলা প্ৰশাসনক দাবী জনায়। সভাপতি নৱজিৎ শৰ্মাই এ এন এম ৰেৱতী কলিতা স্বামীৰ সৈতে কিছুদিন পূৰ্বে নাগালেণ্ডৰ ডিমাপুৰত দুনিশা কতাই অহা বিষয়টো কৰোণা সংক্ৰমণৰ কাৰণ হব পাৰে বুলি শংকা ব্যক্ত কৰিছে। সভাপতি গৰাকীয়ে ৰেৱতী কলিতাক ফিজিঅ থেৰাপি কৰি থকা যুৱকজনৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে হোম কোৱান্টান কৰিবলৈ দাবী জনায়। তাৰোপৰি স্বাস্থ্য কৰ্মী গৰাকীৰ ঘৰত কাম কৰা তিলক বৰুৱা কালিও বিভিন্ন ঠাইত ঘূৰি ফুৰাৰ অভিযোগ কৰে স্থানীয় ৰাইজে। গাওঁখনৰ আশা কৰ্মী ববিতা কোঁৱৰে জনোৱা মতে গোহাঁইগাওঁ উপ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকৰ দলে আহি কালি ৰেৱতী কলিতাৰ ঘৰৰ অনান্য পৰিয়ালৰ লগতে সংস্পৰ্শলৈ অহা ওচৰ চুবুৰীয়া আলহী সকলোৰে স্বাৱৰ নমুনা সংগ্ৰহ কৰিছে। স্বাস্থ্য বিভাগে সন্দেহ কৰাৰ দৰে ৰেৱতী কলিতাৰ পৰা অঞ্চলটোত গণ সংক্ৰমণ হব লাগিলে মঙ্গলদৈত কভিড ১৯ ৰ পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ সম্ভৱনা আছে।
লাকুৱাত মৌলবীয়ে মহিলাক চলালে যৌন নিৰ্যাতন : আৰক্ষী চকী ঘেৰাও, অৰ্ধ- সামৰিক বাহিনী মোতায়ন : অভিযুক্তক জেল হাজোতলৈ ।
নাজিৰা : এটা মছজিদৰ মৌলবীৰ অপকৰ্মক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে উজনি অসমৰ তৈলনগৰী লাকুৱা। সভ্য সমাজক লজ্জিত কৰি মুছলমান সমাজৰ উপাসনাস্থলী মছজিদতে এজন মৌলবীয়ে এগৰাকী হিন্দু মহিলাক চিকিৎসা বিধান দিয়াৰ নামত শালীনতা হানি কৰাক লৈ সমগ্ৰ লাকুৱাতে উত্তপ্ত পৰিস্থিতি| ইতিমধ্যে উত্তেজিত স্থানীয় ৰাইজে আটকাধীন মৌলবীজনক ৰাইজৰ হাতত গতাই দিয়াৰ দাবীৰে লাকুৱা আৰক্ষী চকী ঘেৰাও কৰি উত্তাল হৈ পৰাত পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে অঞ্চলটোত বৃহৎ সংখ্যক অৰ্ধ সামৰিক বাহিনী মোতায়ন কৰিছে। ঘটনা অনুসৰি কালি অঞ্চলটোৰে লাকুৱা দিহিঙীয়া কোঁৱৰ গাঁৱত থকা মচজিদটোৰ মৌলবী আব্দুৰ ৰহমানৰ ওচৰলৈ স্থানীয় এগৰাকী মহিলা গৈছিল। ইতিপূৰ্বে বিভিন্ন ৰোগৰ চিকিৎসাৰ নিদান দিয়া মৌলবীজনৰ ওচৰলৈ পেটৰ অসুখত ভোগাৰ বাবে স্থানীয় মহিলা গৰাকী মৌলবীৰ ওচৰলৈ গৈছিল| কিন্ত মৌলবী আব্দুৰ ৰহমানে মচজিদত কোনো ব্যক্তি নথকাৰ সুযোগ লৈ মছজিদৰ ভিতৰতে লাকুৱা লাখমনিঘাটৰ মহিলাগৰাকীক শালীনতা হানি কৰে| এই সমগ্ৰ ঘটনা মহিলাগৰাকীয়ে স্থানীয় ৰাইজক অৱগত কৰাৰ লগতে ঘটনা সন্দৰ্ভত লাকুৱা আৰক্ষী চকীতো অভিযোগ দাখিল কৰে| ইয়াৰ পিছত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৌলবী আব্দুৰ ৰহমানক আটক কৰি অনাৰ পিছতে অঞ্চলটোৰ পৰিস্থিতি উত্তেজনা পুৰ্ণ হৈ পৰে| স্থানীয় ৰাইজে মৌলবীজনক প্ৰহাৰ কৰিবলৈ উদ্যত হৈ লাকুৱা আৰক্ষী চকী ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে| উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ অৰ্ধ-সামৰিক বাহিনী মোতায়ন কৰি ৰাখিছে যদিও পৰিস্থিতি বৰ্তমানেও উত্তেজিত হৈ আছে। আনহাতে অভিযুক্ত মৌলবী আব্দুৰ ৰহমানক আৰক্ষীয়ে আটক কৰি আজি শিৱসাগৰ জিলা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই আৰু দণ্ডাধীশে ৰহমানক জেল হাজোতলৈ প্ৰেৰণ কৰে।

















