Home Blog Page 3269

কভিড চিকিৎসাৰ নামত ভেঙুচালি : চিনাক্ত ৰোগীক নিবলৈ ৪ দিনেও নাহিল চৰকাৰী এম্বুলেন্স

নাজিৰা : কভিড-১৯ ৰোগৰ চিকিৎসাৰ বাবে চৰকাৰী চিকিৎসালয়লৈ যোৱাৰ দিহা কৰাৰ লগতে এই ৰোগৰ আচৰণ বিধি অনুসৰি চিনাক্ত ৰোগীক কোনো নিৰোগী ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ পূৰ্বেই চিকিৎসালয় গৈ পোৱাৰ বাবে তৎপৰতা এতিয়া ক্ৰমাৎ শিথিল হোৱাৰ দিশত। এই বিষয়ে চিনাক্ত ৰোগীয়ে চৰকাৰী চিকিৎসা কৰ্মীৰ পৰা ক্ষন্তেক পাছতে এম্বুলেন্স আহি পোৱাৰ প্ৰতিশ্ৰুতি পোৱাৰ পাছত কভিড পৰীক্ষা কৰাৰ স্থানত অপেক্ষা কৰি বিফল হয়। পৰৱৰ্ত্তী সময়ত আক্ৰান্ত ব্যক্তিয়ে নিজে ফোন কৰিও ১০৮ সেৱাৰ এম্বুলেন্সৰ সঁহাৰি বিচাৰি সোণকালেই আহি পোৱাৰ প্ৰতিশ্ৰুতি লাভ কৰে ঠিকেই। পিছে ১০৮ ব্যৱস্থাপনাৰ পৰা ৰোগীৰ সৈতে যোগাযোগ কৰা কৰ্তৃপক্ষ আৰু এম্বুলেন্সত কৰ্মৰত সকলৰ মাজত ক্ৰমাৎ এতিয়া যোগসূত্ৰ হেৰাই যোৱাৰ উপক্ৰম হোৱাৰ বাবেই বিগত তিনিদিন ধৰি ৰোগীজনৰ কাষ নেপালেহি এম্বুলেন্স সেৱা। উপান্ত আক্ৰান্ত জনে নিজৰ গৃহত উপস্থিত হৈ হোম কোৱাৰেন্টাইনৰ ব্যৱস্থা নিজে কৰি লয়। এই সন্দৰ্ভত খেলুৱা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পৰীক্ষা কৰোৱা গড়গাঁৱৰ বাসিন্দা ৫২ বছৰীয়া প্ৰৱাল খাটনিয়াৰে নিজ গৃহতে গৃহ নিলগীকৰণ হৈ ৰোৱাৰ বিষয়ে খেলুৱা খণ্ড প্ৰাথমিক স্বাস্থ্য বিষয়াৰ যোগেদি শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকলৈ প্ৰেৰণ কৰা এখন পত্ৰত এই বিষয়ে অৱগত কৰাৰ লগতে যোৱা ১৮ ছেপ্টেম্বৰতে কভিড পজিটিভ প্ৰমাণ হোৱা আৰু দীঘলীয়া অপেক্ষাৰ লগতে পৰৱৰ্ত্তী গৃহ নিলগীকৰণ হোৱাৰ কথা ২১ ছেপ্টেম্বৰৰ পত্ৰযোগে প্ৰকাশ কৰিছে। এই ঘটনাই একমাত্ৰ নহয় চিনাক্ত ৰোগীৰ ক্ৰমাৎ অক্সিজেনৰ মাত্ৰা কমি উঠা অৱস্থাত এম্বুলেন্স অহাৰ আশাত কেইবাঘণ্টাও ৰৈ থকাৰ পাছত ৰোগীৰ আত্মীয়ই মহিলা ৰোগীক নিজা বাহনেৰে নাজিৰাৰ পৰা শিৱসাগৰ কভিড চিকিৎসালয়ত ভৰ্ত্তি কৰাবলৈ আগবঢ়া অৱস্থাত আন শীৰ্ষস্থানীয় ব্যক্তিৰ নিৰ্দেশতহে অৱশেষত ১০৮ এম্বুলেন্স আহি পোৱাৰ দৰে পৰিস্থিতি দৃশ্যমান হৈছে। স্বাস্থ্য বিভাগে কভিড যোদ্ধা হিচাপে অনেকজন ব্যক্তিক সমুখৰ যোদ্ধা হিচাপে সম্বৰ্দ্ধনা, প্ৰশংসা কৰি মনোবল ধৰি ৰখাৰ ব্যৱস্থা কৰাৰ পাছতো খোদ আতুৰ সময়ত আশা কৰি ৰোৱা এম্বুলেন্স খনৰ চালক আৰু চিকিৎসা কৰ্মীক কিয় একে সময়তে সক্ৰিয় কৰি ৰাখিব পৰা নাই ? নে হাত চাপৰি প্ৰশংসাৰে উপচাই ৰখাৰ পাছত এম্বুলেন্স চলিবলৈ প্ৰয়োজনীয় ডিজেলৰ যোগান হ্ৰাস নতুবা ব্যয় সংকোচনৰ নামত কভিড যোদ্ধাৰ প্ৰাপ্য সুবিধাতো হাত ধৰা হৈছে ? জনসাধাৰণৰ মাজত প্ৰশ্ন উঠিছে।

নাজিৰাত চিপিআইৰ ধৰ্মঘট

নাজিৰা : কালি চিপিআই ৰাজ্য পৰিষদৰ আহ্বান মৰ্মে ৰাজ্যজুৰি ২০ দফীয়া জনস্বাৰ্থ দাবীচনদৰ ভিত্তিত বিভিন্ন জিলা আৰু মহকুমা সদৰত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয় ৷ ইয়াৰ অংশস্বৰূপে নাজিৰা নাট্যমন্দিৰ প্ৰাঙ্গণত চিপিআই নাজিৰা মহকুমা পৰিষদৰ উদ্যোগত ভালে সংখ্যক কৰ্মকৰ্তাই বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ অৱস্থান ধৰ্মঘট স্থলিত অংশগ্ৰহণ কৰি চিপিআই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে দাবী সমূহৰ তাৎপৰ্য ব্যাখ্যা কৰে আৰু চৰকাৰৰ অসম বিৰোধী কৃষক বিৰোধী শ্ৰমিক বিৰোধী যুৱ-ছাত্ৰ আৰু মহিলা বিৰোধী কামকাজক চোকা সমালোচনা কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মইমতালিয়ে গ্ৰহণ কৰা সিদ্ধান্ত সমূহেই দেশৰ আজি এই অৱস্থা বুলি কৈ তেখেতক সংবিধান সংসদীয় ব্যৱস্থাত বিশ্বাস ৰাখি কাম কৰিবলৈ কয় আৰু গণতন্ত্ৰ ৰক্ষা কৰিবলৈ আহ্বান জনায় ৷ ৰাজ্যসভাত পাছ কৰা আইন কেইখনৰ কৃষক বিৰোধী দফা সমূহ বাতিল কৰিবলৈও দাবী জনায় ৷ ইয়াৰ উপৰিও কা বাতিল আৰু অখিল গগৈক মুক্তি দিয়াকে ধৰি EIA -২০২০, NEP -২০২০ ত থকা জনগণ বিৰোধী দফা সমূহ বাতিল কৰিবলৈ দাবী জনায় ৷ মহকুমা সম্পাদক যোগেন চেতিয়াই আঁত ধৰা অৱস্থানস্থলিত চিপি নেতা ৰুহিত বড়া মহিলা নেত্ৰী ৰাণু বৰুৱাকে ধৰি ভালেকেইজন নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

প্লাজমা দান ব্যক্তিক লায়ঞ্চ ক্লাবৰ সম্বৰ্ধনা জ্ঞাপন

অনলাইন বাৰ্তা : কৰোনা মহামাৰীৰ পৰা নিজে সুস্থ হৈ আন দুগৰাকী ব্যক্তিৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত এচাম ব্যক্তিয়ে প্লাজমা দান দি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে ৷ তেনে এচাম ব্যক্তিক বাৰুকৈয়ে শলাগ লৈছে গুৱাহাটীৰ লায়ঞ্ছ ক্লাবে ৷ সোমবাৰে গুৱাহাটী মহানগৰীৰ হোটেল অৰনেটত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্লাজমা দান ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ৷ লায়ঞ্ছ ক্লাবৰ সভাপতি নিৰুকাব্ৰাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত থাকি কয় যে কভিড ১৯ পৰা নিজে সুস্থ হৈ আন দুগৰাকী কভিদ ৰোগীক জীৱন ৰক্ষাৰ বাবেই প্লাজমা দান কৰিলে, তেওঁলোক সচাকৈয়ে মানবীয়তাৰ সম্পূৰ্ণ নিদৰ্শন দাঙি ধৰিছে ৷ এই সকল ব্যক্তি মানৱ সমাজৰ এক আদৰ্শ স্বৰূপ ব্যক্তি বুলি উল্লেখ কৰে ৷ তেওঁ লগতে প্লাজমা দান কৰা ব্যক্তি সকলক ধন্যবাদ জ্ঞাপন কৰে৷ উল্লেখ্য যে অনুষ্ঠানত প্লাজমা দান কৰা ব্যক্তি ক্ৰমে হীৰকজ্যোতি দাস, ধৰ্মাকান্ত মেধি, মৃনাল দাস, দেৱশিষ পাল, ফাজুলুল কৰিম, তৰুণ কুমাৰ, সুৰুজ বাছফৰক সম্বৰ্ধনা জনোবা হয় ৷ সম্পাদক ৰুপা সাগৰ, উপদেষ্টা কমল জৈন অনুষ্ঠানত উপস্থিত থাকি প্লাজমা দান কৰা ব্যক্তি সকলক অশেষ ধন্যবাদ জ্ঞাপন কৰে ৷

নাজিৰাত, বিশ্বনাথৰ চৌকত আলী নিৰ্যাতনৰ বিষয়ক লৈ বিধায়ক দেৱব্ৰত শইকীয়াৰ প্ৰেছ বিজ্ঞপ্তি

গেলেকী : নাজিৰা সমষ্টিৰ বিধায়ক ও ৰাজ্যৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া। বিগত ৭ এপ্রিল তাৰিখে বিশ্বনাথ চাৰিআলিৰ মধুপুৰত আৰক্ষীৰ উপস্থিতিত চৌকত আলি নামৰ ব্যক্তি জন নির্য্যাতিত হৈছিল। এই সন্দৰ্ভত বিধায়ক দেৱব্ৰত শইকীয়াই যোৱা ১২ এপ্রিল ২০১৯ তাৰিখে এক অভিযোগ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত দাখিল কৰিছিল। ইয়াৰ ভিত্তিত অহা ২৪ অক্টোবৰ ২০২০ তাৰিখৰ ভিতৰত ভুক্তভূগী চৌকত আলীক এক লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে অসম চৰকাৰৰ মুখ্য সচিবক নির্দেশ দিছে। সম্প্ৰতি এই গোটেই বিষয়টোৰ সন্দৰ্ভত বিধায়ক দেৱব্ৰত শইকীয়াই আজি এক প্ৰেছ বিজ্ঞপ্তি জড়িয়তে সংবাদ-মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

কৃষি বিধেয়কক লৈ বিক্ষোভ : ৰিপুন বৰাসহ ৮ সাংসদক ৰাজ্যসভাৰ পৰা নিলম্বিত

দৈনন্দিন বাৰ্তা ডেস্ক : কৃষি বিধেয়কক লৈ বিক্ষোভ কৰা আঠজন সাংসদক ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হৈছে ৷ দেওবাৰে ৰাজ্যসভাত কৃষি সংক্ৰান্তীয় বিতৰ্কিত বিধেয়কৰ বিৰোধিতা কৰা পচন্দ হোৱা নাই কেন্দ্ৰৰ ৷ সেয়ে এই সিদ্ধান্ত লোৱা হয় ৷ আম আদমি পাৰ্টিৰ সঞ্জয় সিং, কংগ্ৰেছৰ ৰাজু সতাব, কেকে ৰাগেশ, ৰিপুন বৰা, দোলা সেন, ছইদ নাজিৰ হুছেইন, এলামাৰান কাৰিম আৰু তৃণমূলৰ ডেৰেক অ’ব্ৰায়েন এই আঠজন সাংসদক এসপ্তাহৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হৈছে ৷ সোমবাৰে বিৰোধী দলৰ সদস্যসকলে নিজৰ মাজত বৈঠক কৰিছিল বুলি প্ৰকাশ ৷ তেওঁলোকৰ দাবী, গণতন্ত্ৰৰ পীঠস্থানত ‘গণতন্ত্ৰ হত্যা’ কৰা হৈছে ৷ গাৰ জোৰেৰে এই কৃষি সংক্ৰান্তৰ বিতৰ্কিত দুখল বিধেয়ক ৰাজ্যসভাত গৃহীত কৰা হ’ল ৷ বিৰোধীৰ আপত্তিক গুৰুত্ব নিদি ধ্বনি ভোটেৰে গৃহীত কৰা হ’ল কৃষি সংক্রান্তীয় বিতৰ্কিত দুখন বিধেয়ক ৷ এই বিধেয়ক দুখন ছিলেক্ট কমিটীলৈ পঠোৱাত বিৰোধীয়ে ভোটৰ দাবী কৰিছিল ৷ কিন্তু উপাধ্যক্ষই সন্মতি নিদিলে ৷ তিৰ প্ৰতিবাদত হুলস্থূল হ’ল, মাইক ভাগিল ৷ সভাৰ ৰুলছ বুক ফালি পেলোৱা হ’ল ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হোৱাত মাৰ্ছেল নামিল ৷ উপাধ্যক্ষ হৰিবংশ নাৰায়ণ সিঙ বিৰুদ্ধে অনাস্থা আনিলে ১২টা বিৰোধী দলে ৷ দেওবাৰে অনুমান কৰিব পাৰিছিল সম্পূৰ্ণ ঘটনাটোত বিৰোধী শিবিৰৰ ২০–‌‌২৫ জন সাংসদক নিলম্বিত কৰিব ৷ উল্লেখ্য যে অতীতত এনে ঘটনা হোৱা নাছিল ৷ বিতৰ্কিত আৰু গুৰুত্বপূৰ্ণ বিধেয়ক কোনো ধৰণৰ স্ক্রুটিনি নোহোৱাকৈ ধ্বনি ভোটত গৃহীত কৰাটো নজিৰ বিহীন ৷ লোকসভাৰ পাচত ৰাজ্যসভাত বিতর্কিত বিধেয়ক দুখন গৃহীত হোৱাৰ পাচত এতিয়া ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ হ’লেই আইনলৈ ৰূপান্তৰিত হ’ব ৷ কংগ্ৰেছ, তৃণমূলসহ ১২টা দলৰ বক্তব্য, সংসদত গণতন্ত্র হত্যা কৰা হৈছে ৷ দেওবাৰ আছিল দেশৰ বাবে ক’লা দিন ৷

ইতিহাসত প্ৰথম ভাৰতীয় : যুদ্ধ জাহাজত জড়িত ২ মহিলা

দৈনন্দিন বাৰ্তা ডেস্ক : উপ লেফটেনেণ্ট কুমুদিনী ত্যাগী আৰু উপ লেফটেনেণ্ট ৰিটি সিং নামৰ দুগৰাকী মহিলা বিষয়াই ইতিহাসত নতুন অধ্যায় সূচনা কৰিলে ৷ ভাৰতীয় নৌ সেনাৰ ইতিহাসত এই দুগৰাকী মহিলাৰ নাম স্বৰ্ণ আখৰেৰে লিখা থাকিব ৷ যিহেতু প্ৰথম মহিলা বিষয়া হিচাপে এই দুয়োগৰাকী ভাৰতীয় যুদ্ধ জাহাজত জড়িত হ’ব ৷ উল্লেখ্য যে ভাৰতৰ নৌ সেনাত লিংগ বৈষম্যৰ স্থান নাই ৷ ইণ্ডিয়ান নেভীত বিভিন্ন পদত একাধিক মহিলা বিষয়া কৰ্তব্যৰত ৷ কিন্তু তাৰ আগতে এনেদৰে কোনো মহিলা বিষয়াই ভাৰতীয় যুদ্ধ জাহাজৰ কামত ৰখা নাছিল ৷ তাৰ বহু বাস্তৱিক কাৰণ আছিল ৷ যুদ্ধ জাহাজৰ ক্রিউ হিচাপে থকা মানে দীঘলীয়া ভ্ৰমণ ৷ যুদ্ধ জাহাজৰ ক্রিউ কোৱাৰ্টাৰ মহিলাৰ ব্যক্তিগত পৰিসৰ হিচাপে ব্যৱহাৰ কৰাত উপযুক্ত নহয় ৷ তদুপৰি যুদ্ধ জাহাজত মহিলা আৰু পুৰুষৰ বাবে পৃথক শৌচালয়ৰ ব্যৱস্থা নাথাকে ৷ ফলত সকলো দিশ বিচাৰ কৰি মহিলাক যুদ্ধ জাহাজত মোতায়েন কৰাত তেওঁলোক বিভিন্ন অসুবিধাৰ সন্মুখীন হ’ব পাৰে ৷ সেয়ে উপ লেফটেনেণ্ট কুমুদিনী ত্যাগী আৰু উপ লেফটেনেণ্ট ৰিটি সিং এই সকলো সমস্যাৰ সন্মুখীন হয়তো নহ’ব পাৰে ৷ কাৰণ তেওঁলোক কৰ্তব্যত থাকিব যুদ্ধ জাহাজ এমএইচ-৬০ আৰ হেলিকপ্টাৰত ৷ ফলত দুয়োৰে যুদ্ধ জাহাজত দীঘলীয়া ভ্ৰমণ নপৰিব পাৰে ৷ সেয়ে প্ৰয়োজনত ভাৰতীয় নৌ সেনাৰ নতুন অস্ত্ৰ এমএইচ-৬০ আৰ হেলিকপ্টাৰৰ ৰক্ষণাবেক্ষণ আৰু অপাৰেটিং ছিষ্টেমৰ একাধিক দায়িত্ব পাব ৷ এমএইচ-৬০ আৰ হেলিকপ্টাৰ শত্ৰু জাহাজ, ছাবমেৰিন আৰু টৰ্পেডো ৰোধ কৰাত অব্যর্থ। এই কথা কৈছে ভাৰতীয় নৌ সেনাই ৷ ইতিমধ্যে ভাৰতীয় বায়ু সেনাৰ তৰফৰ পৰি জনোৱা হৈছে যে অত্যাধুনিক যুদ্ধবিমান ৰাফেল উৰাবৰ বাবে এগৰাকী মহিলা পাইলটক নির্বাচন কৰা হৈছে ৷

আজিৰ পৰা খোল খালে বিদ্যালয়সমুহৰ তলা : জামুগুৰিহাটত কম সংখ্যক ছাত্ৰ-ছাত্ৰীৰে বিদ্যালয়ত পাঠদান আৰম্ভ

জামুগুৰিহাট : সূদীৰ্ঘ ছমাহৰ অন্তত আজি ৰাজ্যৰখনৰ অন্যান্য প্ৰান্তৰ লগতে জামুগুৰিহাটতো খোল খালে বিদ্যালয়সমুহৰ তলা ৷ অভিভাৱকসকলৰ সন্মতি পত্ৰ লৈ অহা ছাত্ৰ-ছাত্ৰীসকলক পাঠদান আৰম্ভ কৰিছে শিক্ষক-শিক্ষয়ত্ৰীসকলে ৷ জামুগুৰিহাটৰ চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় হলি ছাইল্ড ইংলিছ স্কুলতো আজি সম্পূৰ্ণ চৰকাৰী নীতি-নিয়ম পালন কৰি বিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰিছে শিক্ষক শিক্ষয়ত্ৰীসকল ৷ বিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰত বিদ্যালয়লৈ অহা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-অভিভাৱকসকলকো হাত চাবোন পানীৰে ধুবলৈ দিয়াৰ লগতে জ্বৰ, উশাহ-নিশাহ সঠিকভাৱে লোৱাত সুবিধাজনক আছে নে নাই আদি পৰীক্ষা কৰা মেচিনেৰে পৰীক্ষা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷ আনহাতে বিদ্যালয়লৈ পঠোৱা অভিভাৱকৰ সন্মতি পত্ৰও পৰীক্ষা কৰিহে বিদ্যালয়ত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। অন্যহাতে ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ বাবেও বিদ্যালয়খনৰ কেবাটাও কোঠা ব্যৱহাৰ কৰাৰ লগতে প্ৰতিটো কোঠাত ১৬ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক পাঠদান তথা পাঠগ্ৰহণৰ ব্যৱস্থা কৰিছে বুলিও জানিব দিছে অধ্যক্ষ কুমাৰ নেৱাৰে ৷ ইয়াৰোপৰি সামাজিক দূৰত্ব মানি চলিবৰ বাবেই প্ৰতিখন ডেস্ক – বেঞ্চত ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ লেখিয়াকৈ নামসহিতে চিট নম্বৰ আৰু বগা ৰঙৰ চিহ্ন ব্যৱহাৰ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷ চৰকাৰী প্ৰতিটো নীতি-নিৰ্দেশনা পালন কৰি আজিৰ পৰা মুকলি কৰা বিদ্যালয়ৰ পাঠদানৰ বাবে উপস্থিত হোৱা শিক্ষক শিক্ষয়ত্ৰীসকলো যথেষ্ট আনন্দিত হৈ পৰা দেখা পোৱা গৈছে ৷ ঠিক একেদৰে দীৰ্ঘ বিৰতিৰ অন্তত শিক্ষাগুৰুৰ লগত পোনপটীয়াকৈ পাঠগ্ৰহণ কৰিবলৈ পাই উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলো ৷ ইয়াৰোপৰি জামুগুৰিহাটৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়তো বিগত দিনসমুহত শিক্ষক-শিক্ষয়ত্ৰীসকলে বিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে আজিৰ দিনটোৰ বাবেই চেনিটাইজৰ তথা বিদ্যালয় চৌপাশ চাফ-চিকুণ কৰি ৰাখিছিল আৰু আজি চৰকাৰী সকলো নীতি-নিয়ম পালন কৰি বিদ্যালয়খনতো শিক্ষক-শিক্ষয়ত্ৰীসকলে ছাত্ৰ-ছাত্ৰীক পাঠদান কাৰ্যসূচী আৰম্ভ কৰিছে ৷ তাৰ বিপৰীতে জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু মধ্য জামুগুৰি উচ্চ ইংৰাজী বিদ্যালয়তো পাঠদানৰ বাবে ৫০ শতাংশ শিক্ষক-শিক্ষয়ত্ৰী উপস্থিত আছিল যদিও ছাত্ৰ-ছাত্ৰী উপস্থিতিহে শূন্য দেখা পোৱা গ’ল ৷ ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা অঞ্চলটোত ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবেই হয়তো অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ পঠাবলৈ শংকা কৰিছে বুলি অনুভৱ কৰাৰ লগতে চৰকাৰী সকলো নীতি-নিৰ্দেশনা পালন কৰি পাঠদানৰ বাবে সাজু হৈ থকা বিদ্যালয় দুখনৰ শিক্ষক-শিক্ষয়ত্ৰীসকলেও অভিভাৱকৰ সন্মতি পত্ৰ দি বিদ্যালয়লৈ পঠোৱা ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলৈ সম্পূৰ্ণৰূপে সাজু বুলি উল্লেখ কৰে জামুগুৰি আদৰ্শ উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক পংকজ শইকীয়া আৰু মধ্য জামুগুৰি উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক নাৰায়ণ বৰুৱাই ৷ মুঠতে দীৰ্ঘ বিৰতিৰ অন্তত জামুগুৰিহাটত আজি খোলা বিদ্যালয়সমুহত চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰি কম সংখ্যক ছাত্ৰ-ছাত্ৰীৰে পাঠদান কাৰ্যসূচী আৰম্ভ কৰিছে শিক্ষক-শিক্ষয়ত্ৰীসকলে ৷ পৃথিৱীৰ পৰা ক’ৰনাৰ সন্ত্ৰাস আতৰি পূৰ্ৱৰ সকলো ধাৰা উভতি অহাৰো আশা কৰিছে বিদ্যালয়সমুহৰ কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও ৷

নাজিৰাত ৬ মাহ বিৰতিৰ পাছত বিদ্যালয় আৰু মহাবিদ্যালয় সমূহৰ পাঠদান আৰম্ভ

গেলেকী : সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰাতো সম্পূর্ণ ৬ মাহ বিৰতিৰ পাছত আজিৰে পৰা আৰম্ভ হ’ল বিদ্যালয় আৰু মহাবিদ্যালয় সমূহৰ পাঠদান৷ অৱশ্যে নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈহে পাঠদান আৰম্ভ হৈছে৷ ক’ৰনাৰ ভয়াবহতাৰ বাবে ১৫ মাৰ্চৰ পৰাই বন্ধ হৈ আছিল বিদ্যালয়সমূহ। সম্পূৰ্ণ নীতি-নিয়ম মানিহে বিদ্যালয়ত প্ৰৱেশ কৰিব পাৰিব শিক্ষাৰ্থী। কিন্তু সকলো ছাত্ৰ-ছাত্ৰীয়ে আজিৰে পৰা বিদ্যালয় আহিব লাগিব বুলি কোনো ধৰা বন্ধা নিয়ম নাই। আনহাতে কেৱল ৫০ শতাংশ শিক্ষাৰ্থীহে শিক্ষানুষ্ঠানলৈ আহিব পাৰিব। অভিভাৱকৰ অনুমতি সাপেক্ষেহে বিদ্যালয়লৈ আহিব পাৰিব শিক্ষাৰ্থী। যিসকল শিক্ষাৰ্থী বিদ্যালয়লৈ আহিব নোৱাৰে সেইসকলে পূৰ্বৰ দৰেই অনলাইন ক্লাছৰ সুবিধা ল’ব পাৰিব। চৰকাৰী নিৰ্দেশনা মৰ্মে নৱম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে তথা দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান মঙলবাৰ, বৃহস্পতি আৰু শনিবাৰে কৰা হ’ব।

নাজিৰাত উন্নয়ণৰ নামত চৰম অৰাজগতা : নামতোলাত আধাৰশিলা স্থাপন বিধায়িকা নৱনীতা সন্দিকৈৰ

গেলেকী : নাজিৰা মহকুমা নাতিদূৰৈৰ নামতোলাত চৰকাৰী আঁচনিৰ ব্যাপক প্ৰভাৱ। সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈয়ে ১৯ ছেপ্তেম্বৰৰ দিনা নিজা বিধায়ক পুঁজিৰ দ্বাৰা নিৰ্মাণ হ’ব লগা টাওকাক পঞ্চায়তৰ অন্তৰ্গত নামতোলা মধ্য ইংৰাজী বিদ্যালয়ৰ চাৰি সীমাৰ দেৱাল, নামতোলা যুৱ সংঘৰ গৃহ আৰু মুখ্যমন্ত্ৰীৰ আছুতীয়া পুঁজিৰ দ্বাৰা নিৰ্মাণ হ’ব লগা হাতীকেম্প স্বৰ্গীয় বগাধৰ গগৈ ঘাটৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। নামতোলা মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত বিধায়িকা সন্দিকৈৰ সৈতে উপস্থিত থাকে আঞ্চলিক পঞ্চায়তৰ সদস্য বিটু মিত্ৰ আৰু টাওকাক পঞ্চায়তৰ সভানেত্ৰী নিতুমণি প্ৰধান। উল্লেখ্য যে নামতোলা মধ্য ইংৰাজী বিদ্যালয়ৰ চাৰি সীমাৰ দেৱাল নিৰ্মাণৰ বাবে মুঠ চাৰি লাখ, নামতোলা যুৱ সংঘৰ গৃহ নিৰ্মাণৰ বাবে মুঠ দুই লাখ পঞ্চাশ হাজাৰ আৰু হাতীকেম্প স্বৰ্গীয় বগাধৰ গগৈ ঘাটৰ নিৰ্মাণৰ বাবে মুঠ বাৰ লাখ টকা আবন্টন দিছে বিধায়িকা গৰাকীয়ে। আনহাতে কংগ্ৰেছৰ দখলত থকা চুবুৰীয়া নাজিৰা সমষ্টি উন্নয়নৰ নামত চৰম অৰাজগতাই বিৰাজ কৰিছে।

নাজিৰাত ইণ্ডিয়ান বুক অব ৰেকৰ্ডছত ছাত্ৰী : জাতীয় গণ সংগ্ৰাম পৰিষদ, অসম’ৰ চৰকাৰলৈ আহ্বান, ছাত্ৰী গৰাকীলৈ শুভেচ্ছা

গেলেকী : নাজিৰা মহকুমা অন্তৰ্গত বাঁহগড়াৰ ছাত্ৰীৰ প্ৰতিভা ইণ্ডিয়ান বুক অব ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে। প্ৰতিভাৰ অভাৱ নাই এইখন অসমত ৷ এই কথাষাৰকে পুনৰ প্ৰমাণ কৰি দেখুৱালে নাজিৰা বাঁহগড়াৰ এগৰাকী ছাত্ৰীয়ে ৷ শিৱসাগৰ মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষান্মাসিকৰ ছাত্ৰী তথা নাজিৰা লিগিৰিপুখুৰীস্থিত কলাংগন ফাইন আৰ্ট এণ্ড ক্ৰাফট একাডেমীৰ অন্তিম বৰ্ষৰ ছাত্ৰী চন্দ্ৰিকা নেওগে নিজ প্ৰতিভাৰ ফলত এটি ৰঙা লাওৰ গুটিৰ ওপৰত দেশৰ জাতীয় পতাকা উত্তোলনৰ চিত্ৰ অংকন কৰি নিজৰ নাম Indian Book of Recordsত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। সৰুৰে পৰা চিত্ৰ অংকনৰ প্ৰতি বিশেষ আগ্ৰহী চন্দ্ৰিকাই নিজ চিন্তাৰে বহু ব্যতিক্ৰমী ছবি আঁকিবলৈ সক্ষম হৈ আহিছে ৷ চন্দ্ৰিকাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বহু বৰেণ্য ব্যক্তিৰ ছবি ৷ আজৰি সময়ত মানুহৰ প্ৰতিচ্ছবি আঁকি ভাল পাই চন্দ্ৰিকাই ৷ ইয়াৰ উপৰিও ব্যতিক্ৰমী চিন্তাৰে মমৰ ধোঁৱাৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ এখন বৃহত চিত্ৰ অঁকাৰ লগতে কফিৰ ৰঙেৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ চিত্ৰও অংকন কৰিছে যুৱতীগৰাকীয়ে। শেহতীয়াকৈ দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ছাত্ৰী গৰাকীয়ে ৰঙা লাওৰ গুটিৰ ওপৰত দেশৰ জাতীয় পতাকা উত্তোলনৰ দৃশ্যৰ চিত্ৰ অংকনৰ বাবে Indian Book of Recordsএ দিয়া স্বীকৃতিৰ বাবে আনন্দিত চন্দ্ৰিকাৰ মাক, দেউতাক৷ নাজিৰা বাঁহড়াৰ নিবাসী কমল নেওগ আৰু শিক্ষয়িত্ৰী ৰুমী গগৈ নেওগৰ কন্যা চন্দ্ৰিকাৰ এই সফলতাত জাতীয় গণ সংগ্ৰাম পৰিষদ, অসম শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক তথা নিউজ টাইম অসম’ৰ নাজিৰা সদৰৰ স্থানীয় সাংবাদিক ফাৰহান লস্কৰে শুভেচ্ছা জনাইছে। লগতে লস্কৰে নাজিৰা অথবা উত্তৰ পূৰ্বাঞ্চলত এনে বহু প্ৰতিভাসম্পন্ন যুৱক-যুৱতী থকা বুলি সংবাদ-মাধ্যমৰ আগত আজি মত পোষণ কৰি এনে ধৰণৰ প্ৰতিভা সম্পন্ন যুৱক-যুৱতীক অসম চৰকাৰে সময় উপযুগীভাৱে আৰ্থিক সাহায্য দিয়াৰ দাবী জনাইছে।