Home Blog Page 3272

এইমছৰ সঞ্চালক ৰণদীপ গুলাৰিৱাৰ মতামত : এবাৰ ক’ৰোণাত আক্ৰান্ত হৈ উঠাৰ পাছত দ্বিতীয়বাৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা বহু কম ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন :

এবাৰ ক’ৰোণাত আক্ৰান্ত হৈ উঠাৰ পাছত দ্বিতীয়বাৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা বহু কম ৷ এই কথা কৈছে এইমছৰ সঞ্চালক ৰণদীপ গুলাৰিৱাই৷ তেওঁ কয় যে যি এবাৰ ক’ৰোণাত আক্ৰান্ত হৈ উঠিছে, তেওঁৰ শৰীৰত ইতিমধ্যে এণ্টিব’ডী তৈয়াৰ হৈ গৈছে ৷ ফলত তেওঁ যদি আনৰ সংস্পৰ্শলৈ যায়, তেওঁৰ শৰীৰত পুনৰ ক’ৰোণা সোমোৱাৰ সম্ভাৱনা বহু কম৷ যদিওবা সোমাই তেওঁক একো কৰিব নোৱাৰে ৷ ইয়াৰ লগতে তেওঁ কয় যে তেজত এণ্টিব’ডীৰ ক্ষমতা কিমান দিন থাকিব এই বিষয়ে এতিয়াই নিশ্চিতকৈ একো ক’ব পৰা নহ’ব৷ দেশত এতিয়াও গোষ্ঠী সংক্ৰমণ আৰম্ভ হোৱা নাই ৷ এই কথা জনালে এইমছৰ সঞ্চালকজনে৷ দেশৰ কেইখনমান ৰাজ্যত ৭০%–৮০% ক’ৰোণাত আক্রান্ত হৈছে৷ সমগ্ৰ দেশত গোষ্ঠী সংক্ৰমণ আৰম্ভ নহ’লেও এই ৰাজ্যকেইখনত গোষ্ঠী সংক্ৰমণ আৰম্ভ হৈ গৈছে৷ কাৰণ সেই ৰাজ্যকেইখনত তীব্ৰ গতিত বাঢ়িছে আক্ৰান্তৰ সংখ্যা৷ বাৰিষাত ক’ৰোণা কমিব বুলি নিশ্চয়কৈ ক’ব নোৱাৰিলে গুলাৰিৱাই৷ তেওঁ কয় যে গ্ৰীষ্ম আৰম্ভ হোৱাৰ সময়ত বহুৱে কৈছিল যে ইয়াৰ প্ৰকোপ কমিব৷ কিন্তু নকমিল৷ বৰং বাঢ়িলহে৷ আনহাতে বাৰিষাৰ সময়ত কেতবোৰ ৰোগ দেখা যায় ৷

বাঘজান কাণ্ডৰ সন্দৰ্ভত আয়োজন কৰা গণ শুনানীত অশগ্ৰহণ দল-সংগঠনৰ প্ৰতিনিধিৰ ।

তিনিচুকীয়া : বিগত ২৭ মে’ত বাঘজানৰ BGR ৫ নং তৈলখাদত সংঘটিত বিস্ফোৰণত ফলত অস্বাভাৱিক তেল আৰু গেছ নিৰ্গমন আৰু পৰৱৰ্তী সময়ত অগ্নিকাণ্ডৰ ফলত হোৱা বন্যপ্ৰানী, জৈৱবৈচিত্ৰ, বায়ু, পানীৰ গুনগত মানদণ্ড তথা বন আৰু পৰিৱেশৰ ওপৰত হোৱা অন্যান্য ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰূপণৰ বাবে এজনীয়া তদন্ত সমিতি গঠন কৰি অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱক দায়িত্ব অৰ্পন কৰিছিল। উক্ত সমিতিখনে অঞ্চলটোত সকলো ধৰণৰ ক্ষয়-ক্ষতিৰ লগতে সকলো সমস্যাৰ সম্পৰ্কে জনসাধাৰণৰ তথা দল-সংগঠনৰ পৰা মতামত গ্ৰহণ কৰিবলৈ তিনিচুকীয়া আৱৰ্ত্ত ভৱনত ২৬-২৮ জুনলৈ তিনিদিনিয়াকৈ এক গণ শুনানীৰ আয়োজন কৰিছিল। সেই গণ শুনানীত দেওবাৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, সাধাৰণ সম্পাদক নৱ মৰাণ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণ, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজিৎ গোহাঁই, মটক যুৱ ছাত্ৰ সন্মিলনৰ সম্পাদক ধৰণী গোহাঁই, চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰেশ গোৱালা, গোৰ্খা ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক অশোক লামাৰ লগতে সমূহ সংগঠনৰ প্ৰায় অৰ্ধশতাধিক নেতৃত্বই অংশগ্ৰহণ কৰি অইল ইণ্ডিয়া লিমিটেডে ভৱিষ্যতে পৰিৱেশ সংবেদনশীল আৰু জনবাসতিপূৰ্ণ এলেকাৰ ভিতৰত সকলো খনন কাৰ্য বন্ধ কৰা, বাঘজান কাণ্ডৰ ফলত ক্ষতিগ্ৰস্থ হোৱা সকলো পৰিয়ালক সকলো ধৰণৰ উচিত ক্ষতিপুৰণৰ লগতে নিকটৱৰ্তী গাঁ‌ওসমূহত শিৱিৰত বসবাস কৰি থকা লোকসকলক সাহায্য প্ৰদান কৰা, মতাপুং-মাগুৰি বিল আৰু ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলক সম্পূৰ্ণৰূপে সুৰক্ষা প্ৰদাণ কৰা, অইল ইণ্ডিয়া লিমিটেডৰ যিকোনো কাম কাজ তথা পৰিত্যক্ত খাদ সমূহত সম্পূৰ্ণৰূপে সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ এইজনীয়া সমিতিখনৰ জৰিয়তে দাবী জনাই।

মুখ্যমন্ত্ৰীৰ সমষ্টিত জলপৰিবহনৰ পয়া লগা অৱস্থা, বাৰিষা নচলিলে চলিব কেতিয়া ৰ’ৰ’ জাহাজ, পনবন্দী মাজুলীবাসী ।

উজনি মাজুলী : মাজুলী আৰু যোৰহাট সংযোগী জল পৰিবহণ ব্যৱস্থাক উন্নীত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে ২০১৮ চনৰ ১১ অক্টোবৰৰ পৰা প্রৱর্তন কৰিছিল অত্যাধুনিক ৰ’ ৰ’ জাহাজ। নিমাতি-মাজুলী ফেৰী সেৱালৈ অহা যুগান্তকাৰী পৰিবৰ্তনৰ দিনটোত উপস্থিত থাকি ফিটা কাটি নৌকা বিহাৰেৰে শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছিল এই জাহাজে মাজুলীৰ পৰিবহনলৈ এক নতুন গতি প্ৰদান কৰিব৷ ইয়াৰ দ্বাৰা সাধাৰণ মানুহৰ লগতে নদীদ্বীপটোৰ ব্যৱসায়িক ক্ষেত্ৰখনতো নতুন মাত্ৰা প্ৰদান কৰিব। প্ৰায় ১০০ জন যাত্ৰীক কঢ়িয়াই নিয়াৰ লগতে ২৫ খন সৰু গাড়ী আৰু আঠখন ট্ৰাক কঢ়িয়াই নিব পৰা ক্ষমতা থকা জাহাজখন পাই উৎফুল্লিত হৈ পৰিছিল মাজুলীবাসী। পিছে অসম চৰকাৰৰ সদিচ্ছাৰ অভাৱত সাত মাহ চলিয়েই চলাচল বন্ধ হৈ পৰিল ৰ’ ৰ’ জাহাজৰ৷ ৰঙা ফিটাৰ মেৰপেছত পৰি ১০ কোটি টকাৰ ব্যয় সাপেক্ষত নিৰ্মাণ কৰা অত্যাধুনিক ৰ’ ৰ’ জাহাজে এতিয়া নিমাতি ঘাটত মৃত্যুৰ ক্ষণ গণিছে৷ ভাৰতীয় জলমার্গ প্রাধিকৰণৰ পৰিচালনাত চলাচল কৰা জাহাজখনৰ চলাচল কৰি থকাৰ সময়তো সৰহভাগ দিন বিকল হৈ থকাৰ উপৰি নদীত জলস্তৰ হ্রাস হোৱাৰ অজুহাতত জাহাজখন বন্ধ থকাৰ লগতে বাৰিষাৰ সময়ছোৱাতো জাহাজখন বন্ধ ৰাখিছিল। একেদৰে লাভ কম হোৱা, কর্মচাৰীৰ সংখ্যা উপযুক্ত নোহোৱা আদিকো কাৰণ হিচাপে দেখুৱাব খোজা ভাৰতীয় জলমার্গ প্রধিকৰণে চলাচলৰ সাত মাহৰ পিছত একেবাৰেই বন্ধ কৰি দিলে ৰ’ ৰ’ জাহাজৰ চলাচল। এতিয়া নিমাতি ঘাটত ফুলদানী হৈ পৰি ৰৈছে প্ৰায় ১০ কোটি টকীয়া অত্যাধুনিক ৰ’ ৰ’ জাহাজ। খোদ মুখ্যমন্ত্ৰীৰ সমষ্টিতে জলপৰিবহন ব্যৱস্থাৰ এই দশা। ইফালে ব্ৰহ্মপুত্ৰত জলস্তৰ সামান্য বৃদ্ধি হলেই তাৎক্ষণিকভাৱে নিমাতি-মাজুলী সংযোগী ফেৰী সেৱা বন্ধ কৰি নিচিন্ত হৈ থকা আভ্যন্তৰীণ জলপৰিবহন বিভাগটোৰ কাণ্ড কাৰখানাই বিতুষ্ট কৰি তুলিছে মাজুলীবাসীক। পূৰ্বে ভৰ বাৰিষাৰ সময়তো ফেৰী চলিছিল। মাজুলীবাসী সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়েই পূৰ্বে বিভাগটোৰ বিষয়া কৰ্মচাৰীয়ে সুকলমে ফেৰী সেৱা আগবঢ়াই আহিছিল। আৰু এতিয়া নদীৰ পাৰ দেখি নোপোৱা বিভাগটোৰ উৰ্ধতম বিষয়াই নদীত পানী বাঢ়িলেই ফেৰী বন্ধ কৰি দায়িত্ব সামৰা কাণ্ডত ক্ষোভিত হৈ পৰিছে মাজুলীবাসী। অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱাৰ বাবে যোৰহাটৰ ওপৰত নির্ভয় কৰি অহা মাজুলীবাসী এতিয়া ফেৰী ঘাট বন্ধৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। ৰ’ৰ’ ফেৰীখনো নিমাতীতে তেনেদৰে পৰি ৰোৱাত নানান সমস্যাৰ সন্মুখীন হৈছে মাজুলীবাসী। ইফালে বিশ্বনাথৰ কংগ্ৰেছ ভৱনত এক সংবাদমেলত মাজুলীৰ এই গুৰুত্বপূৰ্ণ বিষয়টো উত্থাপন কৰি শীঘ্ৰে ৰ’ৰ’ জাহাজখন চলাচলৰ ব্যবস্থা কৰিবৰ বাবে দাবী জনায় কংগ্ৰেছে। অলপতে মাজুলীৰ বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে মাজুলীলৈ আহিবলৈ আহি ফেৰী বন্ধৰ বাবে নিমাতি ঘাটৰ পৰাই উভতি যাব লগা হয় কংগ্ৰেছ দলৰ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। ফেৰী ঘাটত পৰিত্যক্ত অৱস্থাত থকা ৰ’ ৰ’ জাহাজখন দেখি অবাক হৈ পৰে বিধায়ক কুৰ্মী। বানৰ এই জটিল সময়ত সুকলমে ব্ৰহ্মপুত্ৰত চলি থাকিব পৰা ক্ষমতা থকা ফেৰীখন এনেদৰে পেলাই থোৱাত ক্ষোভ প্ৰকাশ কৰে বিধায়ক জনে। শীঘ্ৰে ৰ’ৰ’ জাহাজখন কাৰ্যক্ষম কৰি তুলিবৰ বাবে দাবী জনাইছে বিধায়ক কুৰ্মীয়ে|

খাৰুপেটীয়াত বৰষুণৰ পানীত খহি পৰিল পকী দলং। নিম্নমানৰ সামগ্রী ব্যৱহাৰ কৰাৰ অভিযোগ, তদন্তৰ দাবী ৰাইজৰ ।

দলগাঁও : নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ নহওঁতেই সাধাৰণ বৰষুণৰ পানীত খহি পৰিল ২৫ লাখ টকীয়া দলঙ। অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি কাম কৰাৰ বাবেই বৰষুণৰ পানীত খহি পৰাৰ অভিযোগ ৰাইজৰ। দৰঙৰ খাৰুপেটীয়া-ভকতপাৰা সংযোগী পথৰ বাহাবাৰী গাঁৱত নিৰ্মাণ হৈ থকা পকী দলঙখন বৰষুণৰ পানীত খহি যোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। দলঙৰ উজনিত মথাউৰী বান্ধ নিৰ্মাণ নকৰাৰ বাবে টাংনী নদীৰ বাঢ়নী পানীয়ে বাহাবাৰী গাঁৱৰ এইটো পথেৰে বৈ গৈ ভাবুকি কঢ়িয়াই আনিছে নিৰ্মিয়মান পকী দলং খনলৈ। কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত টাংনী নদীৰ পানী উফন্দি উঠাৰ ফলত দলংখনৰ এটা অংশ খহি যোৱাত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে। পুনিয়া, ঘেনামাৰী, ভোটপুখুৰী, নিজ বৰুৱাঝাৰ আদি গাঁৱৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ পথত থকা দলং খন বিধস্ত হোৱাত বহু অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলবাসীয়ে। উল্লেখ্য যে দলংখনৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হোৱাৰ পৰাই অতি নিম্নমানৰ হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছিল যদিও ঠিকাদাৰ জনে বিধায়ক ইলিয়াছ আলীৰ ঘণিষ্ঠ হোৱাৰ বাবেই ৰাইজৰ অভিযোগক কোনো গুৰুত্ব নিদি চলাই গৈছিল দলঙখনৰ কাম। সেয়েহে উচ্চ পৰ্যায়ৰ তদন্ত কৰি লুণ্ঠনৰূপী ঠিকাদাৰ জনৰ বিৰূদ্ধে বিহীত ব্যৱস্থা ল’বলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

নলবাৰীৰ ৪৬ নং পূৱ নম্বৰ ভাগ গাঁও পঞ্চায়তত চলিছে ব্যাপক কেলেংকাৰী আৰু অৰাজকতা। পঞ্চায়তৰ সদস্যক হাজাৰে হাজাৰে উৎকোচ প্ৰদান নকৰিলে হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত নকৰে চৰকাৰী আঁচনিৰ তালিকাত ।

নলবাৰী : ৰাজ্যৰ বিভিন্ন পঞ্চায়তত সংঘটিত হৈ আহিছে দুৰ্নীতি। একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে এতিয়া বিভিন্ন চৰকাৰী আঁচনিৰ নামত ব্যাপক কেলেংকাৰী আৰু দুৰ্নীতি সংঘটিত কৰি দুখীয়া ৰাইজক মাধমাৰ সোধোৱাত পৰিলক্ষিত হৈছে। প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব নাপায় চৰকাৰী আঁচনি। যদি আঁচনিৰ তালিকাত প্ৰকৃত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে তেন্তে একাংশ পঞ্চায়ত প্ৰতিনিধিক পঞ্চাশ টকা পৰা বিশ হাজাৰ টকালৈ উৎকোচ প্ৰদান কৰিব লগা হয়। এনে এক ঘটনা সংঘটিত হৈ আছে নলবাৰী জিলাৰ ৪৬ নং পূৱ নম্বৰ ভাগ গাঁও পঞ্চায়তত। পঞ্চায়তটোৰ অন্তৰ্গত বৰঝাৰ অঞ্চলৰ প্ৰায় খেতিয়ক তথা দিন হাজিৰা কৰা দুখীয়া হিতাধিকাৰীয়ে লাভ কৰিব পৰা নাই চৰকাৰী আঁচনি। আৰু ইয়াৰ মুখ্য কাৰণ হিচাপে ৰাইজে পঞ্চায়ত খনৰে সদস্য লোহিত হালৈ বুলি অভিযোগ উত্থাপন কৰিছে। স্থানীয় ৰাইজৰ অভিযোগ কৰা অনুসৰি, অগপ দলৰ পৰা প্ৰতিনিধিত্ব কৰি নিৰ্বাচনত জয় লাভ কৰি পঞ্চায়ত সদস্য হোৱা লোহিত হালৈয়ে যিবিলাক দুখীয়া দিন হাজিৰা কৰা লোক আৰু অঞ্চলটোৰ যিবিলাক ৰাইজে বিজেপি অথবা অন্যান্য দলক ভোট প্ৰদান কৰিছে সেই লোক সকলক পঞ্চায়ত সদস্য গৰাকীয়ে চৰকাৰী আঁচনি লাভ কৰিব নিদিয়ে। যদি হিতাধিকাৰী জন অগপ দলৰ সমৰ্থনকাৰী নহয় নাইবা কোনো দলৰ লগত সম্পৰ্ক নথকা দিন হাজিৰা কৰা লোক হয় তেতিয়া চৰকাৰী আঁচনিৰ তালিকাত প্ৰকৃত হিতাধিকাৰীজনৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিলে বিশ হাজাৰ টকালৈ শকত ধনৰ টোপোলাৰ ঘোষ দিব লাগে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। ইয়াৰ উদাহৰণ স্বৰূপে অঞ্চলটোৰ হৰমোহন বৰ্মন নামৰ গাড়ী চলাই কিম্বা প্ৰকাৰে পৰিয়াল পোহ পাল দি থকা ব্যক্তি এজনৰ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ তালিকাত নাম অহাৰ পিছতো পঞ্চায়ত সদস্য লোহিত হালৈক ঘোষ দিব নোৱাৰাৰ বাবদ তালিকাৰ পৰা হিতাধিকাৰী জনৰ নাম কাটি আইন মানুহৰ নাম অন্তৰ্ভুক্ত কৰা বুলি পৰিয়ালটোৱে অভিযোগ উত্থাপন কৰে। লোহিত হালৈয়ে ঘোষ নোপোৱাৰ বাবে ভোটাৰ তালিকাত হৰমোহন বৰ্মনৰ নাম থকাৰ পিছত ও সেই অঞ্চলৰ লোক নহয় বুলি এক মিছা অজুহাত প্ৰকাশ কৰে বুলিও পৰিয়ালটোৱে মত ব্যক্ত কৰে। পঞ্চায়ত সদস্য গৰাকীয়ে ব্যক্তিগত ভাৱে কৰা এনে ৰাজনৈতিক সংঘাটৰ বাবে এতিয়া স্থানীয় ৰাইজে বিভিন্ন ধৰণৰ সমস্যাত পৰি বহুতো চৰকাৰী আঁচনি পৰা বঞ্চিত হব লগীয়া হোৱা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। আনহাতে কিষাণ সন্মান নিধি আঁচনি নামত ও পঞ্চায়ত সদস্য গৰাকীয়ে ব্যাপক কেলেংকাৰী সংঘটিত কৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। কৃষকৰ আঁচনিৰ তালিকাত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰাৰ বিনিময়ত ফটো,খাজনা ভৰা ৰচিদ আদি নথি পত্ৰৰ লগতে ৫০-১০০ টকাকৈ পঞ্চায়ত সদস্য গৰাকীৰ দালাল ৰূপজ্যোতি হালৈয়ে লোৱা বুলি একাংশ স্থানীয় মহিলাই অভিযোগ উত্থাপন কৰিছে। আনহাতে পঞ্চায়তৰ সদস্য হোৱাৰ পিছত ও লোহিত হালৈয়ে জনসাধাৰণৰ ওচৰত নাথাকি এখন বাছত কনডাক্টৰ হিচাপে কাম কৰে। অঞ্চলটো চলি থকা এইবিলাক বিষয় সন্দৰ্ভত ৰাইজে জিলা উপাযুক্তক লিখিত ৰূপে অভিযোগ কৰিছে যদিও আজিলৈ কোনো ব্যৱস্থা লোৱা হোৱা নাই বুলি ৰাইজে মন্তব্য কৰে। স্থানীয় ৰাইজৰ লগত সংঘটিত হৈ থকা এই বিলাক বিষয় সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰাই ৰাইজে চৰকাৰ অনুৰোধ জনাইছে যে পঞ্চায়ত সদস্য গৰাকীয়ে সংঘটিত কৰা এনে দুৰ্নীতিৰ ওপৰত যেতিয়া সোণকালে ব্যৱস্থা গ্ৰহণ কৰে আৰু প্ৰকৃত হিতাধিকাৰীয়ে যেতিয়া কোনো ৰাজনৈতিক মেৰপাচ অথবা উৎকোচ নিদিয়াকৈয়ে আঁচনি লাভ কৰিব পৰে তাৰ বাবে গুৰুত্ব প্ৰদান কৰিবলৈ ৰাইজে চৰকাৰক অনুৰোধ জনায়।

লকডাউনত খাদ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ ওপৰত চৰকাৰে নাকি লগাওক : দেৱব্ৰত শইকীয়া ।

নাজিৰা : “মুখ্যমন্ত্ৰী মহোদয়ে খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী আৰু বিষয়া কৰ্মচাৰী সকলৰ লগত লকডাউনৰ সময়ত যাতে খাদ্য সামগ্ৰীৰ অভাৱ নহয় তাৰেই সন্দৰ্ভত এখন বৈঠকত মিলিত হোৱা বুলি খবৰ পাইছিলো। কিন্তু আমি যোৱা ৩ মহীয়া লকডাউনৰ সময়ত সকলোৱে দেখিছিলো কেনেকৈ খাদ্য আৰু যোগান বিভাগে জনসাধাৰণক লাগতীয়াল খাদ্য-সামগ্ৰী বিতৰণ কৰাত ব্যৰ্থ হৈছিল। গতিকে মোৰ অনুৰোধ যেন, এইবাৰৰ যি ১৪ দিনীয়া লকডাউন অসম চৰকাৰে ঘোষণা কৰিছে, এই সময়ছোৱাত যেন জনসাধাৰণ খাদ্য সামগ্ৰীৰ অভাৱত ভুগিবলগীয়া নহয়।” অসম চৰকাৰক এইদৰে আহ্বান জনাই অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই লগতে কয় যে, ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াই ৰবিবাৰ মধ্যৰাত্ৰীৰ পৰা সমগ্ৰ গুৱাহাটী তথা কামৰূপ মেত্ৰ’ত ১৪ দিনৰ বাবে লকডাউন ঘোষণা কৰাৰ পিছতে খুচুৰা বিক্ৰেতা সকলে খাদ্য সামগ্ৰী সমূহৰ মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি কৰিছে। যাৰ ফলত গুৱাহাটীবাসী ৰাইজ এক জটিল পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে। উদাহৰণস্বৰূপে আলুৰ দাম আছিল ৩০ টকা কিন্তু এতিয়া আলুৰ দাম ৫০ টকা পৰ্যন্ত মূল্য বৃদ্ধি হৈছে। ঠিক একেদৰে মাছ-মাংস, শাক-পাচলি, ফল-মূল আদি সকলো বস্তুৰে মূল্য স্বাভাৱিক মূল্যতকৈ অত্যাধিক হাৰত বৃদ্ধি হৈছে। সেয়েহে বিভাগীয় মন্ত্ৰী মাননীয় ফণিভূষণ চৌধুৰীক ইয়াৰ ওপৰত নাকি লগাই অসাধু বেপাৰী সকলৰ ওপৰত যেন কঠোৰ পদক্ষেপ গ্ৰহণ কৰে তাৰ বাবে অনুৰোধ জনাই বিৰোধী দলপতি গৰাকীয়ে লগতে কয়, যিহেতু গুৱাহাটী অহা ১৪ দিনলৈ বন্ধ থাকিব গতিকে গুৱাহাটীৰ পৰা গাঁও অঞ্চললৈ ৰপ্তানি হোৱা খাদ্য সামগ্ৰীসমূহ যাতে সময়মতে পঠিয়াব পাৰে তাৰ ওপৰতো বিশেষ নজৰ দিয়ক। নহ’লে অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে অহা বানপানী আৰু লকডাউনৰ সুযোগ লৈ বিভিন্ন অসাধু বেপাৰীয়ে ৰাইজক লুটাৰ পৰিকল্পনা কৰিব বুলি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অসম চৰকাৰক আহ্বান জনাইছে।

চাহ বাগিচাৰ উপ-কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ দাবীত সৰৱ চাহ মজদুৰ সংঘ : ৩০ জুনৰ পৰা আন্দোলনৰ কাৰ্যসূচী ঘোষণা ।

নাজিৰা : অসমৰ চাহ বাগিচা সমূহত কৰ্মৰত উপ-কৰ্মচাৰীসকলৰ মাহেকীয়া দৰমহা বৃদ্ধিৰ দাবীত সৰৱ হৈ পৰিছে অসম চাহ মজদুৰ সংঘ। উপ-কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধিৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই অহাৰ পিছতো কৰ্তৃপক্ষই বৰ্তমানেও কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত চাহ মজদুৰ সংঘই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিবলৈ বাধ্য হৈছে। অসম চাহ মজদুৰ সংঘৰ দ্বাৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতি অনুসৰি, অসমৰ বিভিন্ন প্ৰান্তৰ চাহ বাগিচা সমূহত কৰ্মৰত চৰ্দাৰ, চকীদাৰ, কাৰ্পেণ্টাৰ, ড্ৰেচাৰ আৰু এটেনডেণ্টকে ধৰি বিভিন্ন পদত নিয়োজিত অভিজ্ঞ উপ-কৰ্মচাৰীসকলে বাগিচা উন্নয়নত যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে। এই সকল বাগিচাৰ উপ-কৰ্মচাৰীৰ দৰমহা, ভ্ৰমণ, বানছকে আদি কৰি অন্যান্য বিষয় সমূহ বাগিচা মালিক সন্থা অৰ্থাৎ এবিটা, বিচিপি, টাই, এটিপিএ আৰু নেটাৰ এক উমৈহতীয়া সন্থা চাহ বাগিচা মালিকী সন্থা (চি চি পি এ) চুক্তি কৰে। অসম চাহ মজদুৰ সংঘ আৰু চি চি পি এৰ মাজত অনুষ্ঠিত দ্বি-পাক্ষিক চুক্তিৰ দ্বাৰাই বাগিচাৰ উপ-কৰ্মচাৰীসকলৰ মাহেকীয়া দৰমহা আৰু চুক্তি নিৰ্ধাৰণ কৰা হয়। কিন্তু পূৰ্বৰ চুক্তি খনৰ ম্যাদ ২০১৮ চনৰ ৩০ ছেপ্টেম্বৰত অন্ত পৰাত বিগত ২১ মাহ অতিক্ৰম কৰাৰ পিছতো চি চি পিয়ে বাগিচাৰ উপ-কৰ্মচাৰী সকলৰ দৰমহাকে ধৰি অন্যান্য বিষয় সমূহ সমাধানৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। এই সম্পৰ্কত অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় নেতৃবৰ্গই পূৰ্বৰ চুক্তি ম্যাদ শেষ হোৱাৰ পূৰ্বৰে পৰা নতুন দৰমহা আৰু চুক্তি স্বাক্ষৰ কৰিবলৈ আগজাননী হিচাপে ২০১৮ চনৰ ২৫ এপ্ৰিলৰ পৰাই চি চি পি এৰ লগত আলোচনা কৰাৰ উপৰি চলিত মাহলৈকে কেইবালানি আলোচনা কৰাৰ পিছতো চি চি পি এৰ পৰা কোনো ধৰণৰ সন্তোষজনক সহাৰি লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। কিন্তু যোৱা ২২ জুনত অসম চাহ মজদুৰ সংঘ আৰু চি চি পি এৰ মাজত ভি ডি অ’ কনফাৰেঞ্চৰ জৰিয়তে হোৱা আলোচনাত চি চি পি য়ে উপ-কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধি বিষয়টো অনীহা আৰু অপৰাগতা প্ৰকাশ কৰাত অসম চাহ মজদুৰ সংঘ ক্ষুন্ন হৈ পৰিছে। যাৰ পৰিপেক্ষিত্বত উপ-কৰ্মচাৰী সকলৰ দীৰ্ঘদিনীয়া দৰমহা বৃদ্ধিৰ দাবী চি চি পি এ য়ে পূৰণ নকৰাত অসম চাহ মজদুৰ সংঘৰ আহ্বানত ৭ জুলাইত সমগ্ৰ অসমতে চাহ বাগিচাৰ শ্ৰমিক সকলে সৰ্বাত্মক কৰ্ম বিৰতিৰে বাগিচা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই কাৰ্যসূচীৰ পূৰ্বে ৩০ জুনত বাগিচাৰ ইউনিট কমিটীৰ নেৰ্তৃত্বত সামাজিক দূৰত্ব বৰ্তাই ৰাখি বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত এঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি বাগিচাৰ পৰিচালকৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰিব। ১০ জুলাইত ৬ ঘণ্টীয়া এক অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি অসম চাহ মজদুৰ সংঘৰ দ্বাৰা প্ৰেৰণ কৰা বিবৃতিটোত প্ৰকাশ।

অসম আন্দোলনৰ আগশাৰী নেতা-কৃৰ্তি শিক্ষক অজিত কুমাৰ গগৈৰ দেহাৱসান । নাজিৰাত শোকৰ ছাঁ ।

অসম আন্দোলনৰ আগশাৰী নেতা-কৃৰ্তি শিক্ষক অজিত কুমাৰ গগৈৰ দেহাৱসান ।

নাজিৰা : নাজিৰা মহকুমাৰ ৰেৱতী কপহুৱা গাঁৱৰ নিবাসী ছয়বছৰীয়া অসম আন্দোলনৰ আগশাৰী নেতা কূৰ্তি শিক্ষক তথা প্ৰাক্তন প্ৰধান শিক্ষক লক্ষীকান্ত গগৈৰ সুযোগ্য সন্তান অজিত কুমাৰ গগৈ (৫৯)ৰ কালি বিয়লি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্হাত শেষ নিশ্বাস ত্যাগ কৰে।বিশিষ্ট সমাজ কৰ্মী তথা কৃতি শিক্ষকজনৰ বাতৰি বিয়পি পৰাৰ লগে লগে অগণন গুণমুগ্ধই তেওঁৰ কপহুৱাস্হিত বাসভৱনত ভিৰ কৰে।যকূত,মধুমেহ আদি কেইবাটাও ৰোগত আক্ৰান্ত সমাজকৰ্মী জনক যোৱা মে’ মাহৰ প্ৰথম ভাগত প্ৰথমে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও গগৈৰ স্বাস্থ্য অধিক অৱনতি ঘটাত লগে লগে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।উক্ত চিকিৎসালয়ত চিকিৎসাধীন অৱস্হাতে কালি বিয়লি ভাগত শেষ নিশ্বাস ত্যাগ কৰে।আজি পুৱা তেখেতৰ নশ্বৰ দেহ মাদুৰি ৰেৱতী কপহুৱা গাঁৱৰ নিজা বাসভৱনত আহি পোৱাৰ পাছতে বহু গুণমুগ্ধই তেখেতৰ নশ্বৰ দেহ শেষবাৰৰ বাবে প্ৰত্যক্ষ কৰি শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।১৯৬১ চনত জন্ম গ্ৰহন কৰা অজিত কুমাৰ গগৈয়ে গোলাঘাট ডি আৰ কলেজত পঢ়ি থকাৰ অৱস্হাতে আৰম্ভ হোৱা ছয়বছৰীয়া অসম অন্দোলনত জপিয়াই পৰি আন্দোলনটোক শিৱসাগৰ জিলা তথা নাজিৰাত সন্মুখৰ পৰা নেতৃত্ব দিছিল।প্ৰথম অৱস্হাত গগৈয়ে নাজিৰা আঞ্চলিক ছাত্ৰ সন্থাক সম্পাদক আৰু সভাপতিৰূপে নেতৃত্ব দি আন্দোলনত জপিয়াই পৰাৰ পৰবৰ্তী পৰ্যায়ত অসম গণ সংগ্ৰাম পৰিষদৰ নাজিৰা সমষ্টিৰ সহকাৰী সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰি আন্দোলন চলাই নিছিল।১৯৮৩চনত প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত হোৱা অবৈধ নিৰ্বাচন বিৰোধিতা কৰি কাৰাবাস খটাৰ উপৰি আন্দোলনৰ আৰম্ভণি সময়তো জেললৈ যাব লগা হোৱাৰ উপৰি বহুবাৰ পুলিচৰ নিৰ্যাতনৰ বলী হৈছিল।ইয়াৰ পৰবৰ্তী পৰ্যায়ত অজিত কুমাৰ গগৈয়ে নাজিৰা মহকুমাৰ সীমান্তবৰ্তী গেলেকী হাতিপতী উচ্চ মধ্যমিক বিদ্যালয়ত প্ৰতিষ্ঠাপক শিক্ষকৰূপে চাকৰী জীৱনৰ পাতনি মেলে।২০১১চনত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান মিছনৰ শিৱসাগৰ কাৰ্যালয়ৰ সমন্বয়ক হিচাপে ডেপুটেছনত অহাৰ পাছৰ পৰাই গগৈয়ে শিৱসাগৰ জিলাত মাধ্যমিক শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰত শিৱসাগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত হৈ পৰিছিল।প্ৰাক্তন আছু নেতা তথা কূতি শিক্ষক অজিত কুমাৰ গগৈ এজন সুদক্ষ ফুটবলাৰ হিচাপেও পৰিচিত আছিল।গগৈ নাজিৰা জিলা ক্ৰীড়া সন্থা ৰ লগত জড়িত আছিল।ৰেৱতী কপহুৱা অপূৰ্ব সমাজৰ একালৰ ভলীবল দলৰ প্ৰৱন্ধক আছিল। বিভিন্ন সাংস্কৃতিক, শৈক্ষিক আৰু সামাজিক সংগঠনৰ সৈতে জড়িত বিশিষ্ট সমাজ কৰ্মীজনৰ মত্যুত তেখেতৰ একালৰ সতীৰ্থ তথা অসম চৰকাৰ ৰাজহ,দূৰ্যোগ ব্যৱস্হাপনা আৰু গড়কাপ্তানিৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী যোগেন মোহনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ উপৰি অজিত গগৈৰ আত্মাৰ সদ্গতি কামনা কৰে।মন্ত্ৰীজনে জানিবলৈ দিয়া মতে প্ৰয়াত অজিত গগৈ এজন সৰবৰহী ব্যক্তিৰ উপৰি আৰ এম এছৰ এজন দক্ষ বিষয়া হিচাপে শিৱসাগৰ জিলাত মাধ্যমিক শিক্ষা ক আগুৱাই নিয়াত যথেষ্ট প্ৰদক্ষেপ গ্ৰহন কৰিছিল।ইয়াৰ উপৰি শিৱসাগৰ জিলা অধিবিদ্যা পৰিষদৰ পবিত্ৰপ্ৰাণ ভট্টাচাৰ্য, শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক যুগ গগৈ, গুৱাহাটীৰ বিশিষ্ট সাংবাদিক তথা একালৰ সতীৰ্থ সঞ্জীৱ ফুকন,চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰহ্লাদ গোৱালা প্ৰমুখ্য কৰি বহু ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানে বিশিষ্ট সমাজকৰ্মী তথা শিক্ষকজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।বিশিষ্ট সমাজকৰ্মী তথা কূৰ্তি শিক্ষকজনৰ নশ্বৰ দেহ দুপৰীয়া নিজ বাসগূহৰ চৌহদত অগণন গুণমুগ্ধ ৰ উপস্হিতিত শেষকৃত সম্পন্ন কৰা হয়।মূত্যুৰ সময়ত পিতূ-মাতূৰ, লগতে পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যাসহ বহু আত্মীয়স্বজনক এৰি থৈ গৈছে।তেওঁৰ মৃত্যুত কপহুৱাৰ লগতে সমগ্ৰ নাজিৰাত শোকৰ ছাঁ পৰে।

মঙলদৈৰ শাকতোলা মথাউৰি চিঙি ৭ খন গাঁৱত বানৰ তাণ্ডৱ। বিধায়ক সহ ৩ বিভাগৰ তৎপৰতা, ২-৫ কোটিৰে হব পুণৰ নিৰ্মান। বানপীড়িত ৰাইজৰ ওচৰত বিধায়ক গুৰুজ্যোতি আৰু দৰং আছু।

মঙলদৈৰ শাকতোলা মথাউৰি চিঙি ৭ খন গাঁৱত বানৰ তাণ্ডৱ ৷

মঙলদৈ : পশ্চিম মঙলদৈৰ ডাঁহী মৌজাৰ ৭ খনকৈ গাওঁ প্লাৱিত কৰিছে শেহতীয়া বানে। শুক্ৰবাৰে নিশা শাকতোলা নদীৰ কেওঁটপাৰা-কবিকাৰাৰ মাজৰ অংশ চিঙি পেলাই বাঢ়নী পানীয়ে৷ প্ৰায় ৪০ ফুট বহলকৈ চিঙি যোৱা অংশৰে পানী সোমায় বৃহত্তৰ অঞ্চলটোৰ গাওঁ সমূহলৈ। ইতিমধ্যে, কেওটপাৰা, কবিকাৰা, কলিতাপাৰা, হোদাপাৰা, ডাহী, জন্মিপাৰা, চোটো আঠিয়াবাৰী আদি বিভিন্ন গাৱত শাকতোলাৰ বাঢ়নী পানী সোমাই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। মঙলদৈৰ যুৱ বিধায়ক গুৰুজ্যোতি দাসে নিশাই বানপীড়িত লোকৰ সকলৰ ওচৰত উপস্থিত হৈ  বানপীড়িত এলেকাত সোমাই ৰাইজক বুজনি দিয়াৰ লগতে আজি দিনৰ ভাগত শাকতোলাৰ পানী সোমাব পৰা সাম্ভাব্য সুৰুঙা সমূহ বন্ধ কৰিবলৈ জলসম্পদ, গড়কাপ্তানি আদি বিভাগকলৈ মাটি ভৰোৱা বস্তাৰে প্ৰতিৰোধ কৰা দেখা গৈছে। বিধায়কে গৰাকীয়ে প্ৰকাশ কৰামতে, পানী শুকালেই ২.৫ কোটি টকাৰে মথাউৰিটোৰ ১৯৩০ মিটাৰ পুনৰ নিৰ্মান কৰা হব বুলি ৰাইজক অৱগত কৰাৰ লগতে বানপীড়িত লোক সকলক চিন্তিত নহবলৈ আহ্বান জনাই বানে কোনো ধৰনৰ ক্ষতি কৰিব নোৱাৰাৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে প্ৰতিটো সময় ৰাইজৰ ওচৰত থকাৰ আশ্বাস প্ৰদান কৰে। ইফালে মাথাউৰি ভঙাৰ খবৰ পোৱাৰ লগে লগে দৰং আছুৰ এটা দল তাত উপস্থিত হৈ ৰাইজৰ লগত হাতে কামে লাগি পৰে ৷

সমগ্ৰ বিশ্বতে ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১ কোটি অতিক্ৰম : ভাৰতত ৬২২৭৮০২ জনৰ নমুনা পৰীক্ষা ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক :
সমগ্ৰ বিশ্বতে ক’ৰোনা সংক্ৰমণ এক কোটি অতিক্ৰম কৰিলে ৷ শনিবাৰে এই সংখ্যা অতিক্ৰম কৰে ৷ ইয়াৰ লগতে মৃত্যুৰ সংখ্যা ৫ লাখ স্পৰ্শ কৰিলে ৷ ইপিনে ইউৰোপীয় ইউনিয়নে শীঘ্ৰে ‘নিৰাপদ দেশৰ’ তালিকা প্রকাশ কৰিব ৷ সকলো দেশৰ বাসিন্দাক ইউৰোপত প্ৰৱেশৰ অনুমতি দিয়া হ’ব৷ সম্ভৱত অহা সপ্তাহৰ পৰাই এই কাৰ্য আৰম্ভ হ’ব ৷ এই তালিকাত আমেৰিকাৰ নাম যে নাথাকে সেয়া এক প্ৰকাৰ নিশ্চিত৷ ব্ৰাজিল, ভাৰত বা ৰাছিয়াৰ নামো এই তালিকাত নাথাকে বুলি জানিব পৰা গৈছে ৷ আনহাতে ভাৰতত একেদিনাই ২০ হাজাৰ লোক ক’ৰোনাত আক্ৰান্ত হয়৷ ফলত এদিনত আক্ৰান্ত হোৱাৰ তালিকাত পূৰ্বৰ অভিলেখ ভংগ কৰে৷ ইয়াৰ মাজতে তিনি লাখ আক্ৰান্তই ক’ৰোনাক জয় কৰিছে৷ দেওবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দিয়া তথ্য মতে যোৱা ২৪ ঘণ্টাত ১৯৯৬০ জন লোক ক’ৰোনাত আক্ৰান্ত হয়৷ ফলত মুঠ আক্ৰান্তৰ সংখ্যা ৫২৮৮৫৯ জন হ’ল ৷ ইয়াৰ মাজতে ৩০৯৭১৩ জন লোক সুস্থ হৈ ঘৰলৈ গৈছে ৷ এতিয়া দেশত ২০৩০৫১ জন চিকিৎসাধীন ৷ সংক্ৰমণৰ নিৰিখত ভাৰত এতিয়াও বিশ্বৰ চতুৰ্থ স্থানত আছে ৷ আনহাতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দিয়া তথ্য মতে  যোৱা ২৪ ঘণ্টাত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ৪১০ জন লোক৷ ফলত মুঠ মৃত্যুৰ সংখ্যা ১৬০৯৫জন হ’ল ৷ আনহাতে যোৱা ২৪ ঘণ্টাত ২৩১০৯৫ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ৷ এই পৰ্যন্ত দেশত ৬২২৭৮০২ জনৰ নমুনা পৰীক্ষা কৰা হয়৷ আনহাতে দেওবাৰৰ তথ্য মতে সমগ্ৰ বিশ্বত এক কোটিৰো অধিৰ লোক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ তদুপৰি সমগ্ৰ বিশ্বত ৫৬৫৮৬৯ জন লোক ক’ৰোনাত মৃত্যু হৈছে ৷ উল্লেখ্য যে ৩ এপ্ৰিলৰ ভিতৰত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা আছিল ১০৪০৫৬৭ জন ৷ ইয়াৰ ৪৮ দিনৰ পাছত ৫১০২০২৩ হয় ৷ কিন্তু এক কোটি হ’বলৈ সময় লাগিল ৩৮ দিন৷ দেওবাৰে দিনৰ ৩.৩০ বজাত সমগ্ৰ বিশ্বত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ১০০০১৫২৭ হয়গৈ ৷