Home Blog Page 3273

নাজিৰা মহকুমাত নাগালেণ্ডৰ পাণৰ ছিণ্ডিকেট : আটক ৬

নাজিৰা

লকডাউন উলংঘা কৰি শিৱসাগৰ জিলা তথা নাজিৰা মহকুমাত অব্যাহত আছে নাগালেণ্ডৰ পাণৰ ছিণ্ডিকেট। দেশত ক’ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে ৰাজ্যত লকডাউন ঘোষণা কৰাৰ উপৰি আন্তঃৰাজ্যিক সীমান্তও ছীল কৰি থৈছে।তেনেস্হলত একাংশ কয়লা মাফিয়া আৰু পাণ ব্যৱসায়ীয়ে সীমান্ত অঞ্চলসমূহৰ যোগেদি চলাই গৈছে কয়লা আৰু নাগালেণ্ডৰ পাণৰ ছিণ্ডিকেট।দেওবাৰে সন্ধ্যা গেলেকী আৰক্ষীয়ে গোপন সূত্ৰম পম খেদি নাগালেণ্ডৰ পৰা অনা কেইবা লক্ষাধিক টকাৰ পাণসহ দুখন বলেৰ’ পিক আপ ভান জব্দ কৰাৰ লগতে ৬ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি পৰৱৰ্তী সময়ত ব্যক্তিগত জামিনত মুক্তি দিয়ে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে দেওবাৰে বিয়লি লকাডাউন তথা সীমান্ত ছীল  আৰু সান্ধ্য আইন কৰি উলংঘা কৰি নাগালেণ্ডৰ পাণ ছিণ্ডিকেট চক্ৰ এটাই গোপনে নাগালেণ্ডৰ পৰা দুখন বলেৰ’ পিক আপ ভেনেৰে গেলেকীলৈ পাণ কঢ়িয়াই অনাৰ খবৰ লাভ কৰে গেলেকী আৰক্ষীয়ে৷ আৰক্ষীয়ে এই খবৰ লাভ কৰাৰ পাছতে গেলেকী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন্দ্ৰ ছেত্ৰীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে সীমান্তৰ শিঙিবিল অঞ্চলৰ পৰা কেইবালক্ষাধিক টকাৰ পাণসহ দুখন গাড়ী জব্দ কৰি গেলেকী থানালৈ আনে। আৰক্ষীয়ে এ এচ-৪বি চি-২৮৪১ আৰু এন এল-০৪ডি-৫৯০৭ নম্বৰৰ দুখন পাণ ভৰ্তি বলেৰ’ পিক আপ ভান জব্দ কৰাৰ লগতে ৰমজান আলি, মুজিবুৰ হুছেইন, মহম্মদ হুছেইন, ইদুল আলি, ৱাজিদ আলি আৰু মহম্মদ কুতুবুদ্দিন নামৰ নামৰ ৬ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। পৰবৰ্তী পৰ্যায়ত আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰালোক কেইজনক ব্যক্তিগত জামিনত মুক্তি দিয়ে।

মঙলদৈত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ গাঞ্জা

মঙলদৈত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ গাঞ্জা

মঙলদৈ

দৰং জিলাৰ মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত ১৫ ৰাষ্ট্ৰীয় ঘাইপথৰ পুণিয়া চকত দেওবাৰে আবেলি প্ৰায় দুই বজাত সংঘটিত হয় এক পথ দুৰ্ঘটনা। দুৰ্ঘটনা  সংঘটিত কৰা বাহনখনৰ পৰা ৰহস্যজনকভাৱে উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ গাঞ্জা৷ ঘটনাৰ বিৱৰণী অনুসৰি জিলাখনৰ খাৰুপেটীয়া দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এ এছ ০৩ ই ২২৮৬  নম্বৰৰ   ছেন্ট্ৰো গাড়ীখনে বিপৰীত দিশৰ পৰা আহি থকা এ এছ ২৫-চি চি ২৭৯৯ নম্বৰৰ ডি আইখনক প্ৰচণ্ড জোৰে খুন্দা মাৰে। খুন্দা মৰাৰ পিছতে বাহনখনত প্ৰায় ডেৰ কুইণ্টল গাঞ্জা থকাৰ কথা পোহৰলৈ আহে।ঘটনাৰ খবৰ পোৱাৰ লগে লগে মঙলদৈৰ আৰক্ষী  ঘটনাস্হলীত উপস্থিত হৈ বাহনসহ গাঞ্জাখিনি জব্দ কৰি থানালৈ লৈ আহে। মঙলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱাই ছেন্ট্ৰোখনৰ  নম্বৰ সলাই লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে উল্লেখযোগ্য যে গাড়ীখনৰ নম্বৰ প্লেটৰ তলত আন এখন নম্বৰ প্লেট উদ্ধাৰ হোৱা ঘটনাই উক্ত দুৰ্ঘটনাৰ কাণ্ডক আৰু অধিক ৰহস্যময় কৰি তুলিছে৷ ইপিনে গাঞ্জা আৰু দুখনকৈ নম্বৰ প্লেট উদ্ধাৰ হোৱা সমস্ত ঘটনাৰ অনুসন্ধান আৰু তদন্ত অব্যাহত ৰাখিছে মঙলদৈ আৰক্ষীয়ে৷

থলুৱা হাঁহ-কুকুৰা বিক্ৰী কৰি জীৱন আগুৱাই নিয়া এগৰাকী বীৰাংগনা

থলুৱা হাঁহ-কুকুৰা বিক্ৰী কৰি জীৱন আগুৱাই নিয়া এগৰাকী বীৰাংগনা

ডিৰাক সীমান্ত

জীৱন যুঁজত হাৰ নমনা এগৰাকী সাহসী যোদ্ধা। জীৱনৰ কোনো কঠোৰ পৰিস্থিতিতে ভাগি পৰা নাই তাই। সময়ৰ কণ্টকময় পথত সাহসেৰে আগুৱাই গৈছে তিনিচুকীয়া জিলাৰ বৃহত্তৰ ডিৰাক অঞ্চলৰ বৰমেচাই গাঁৱৰ নৱনিতা নেওগ বৰুৱা নামৰ মহিলাগৰাকীয়ে। পুৱাই স্কুতিখন লৈ ঘৰৰ পৰা ওলাই আহে নৱনিতা। লক্ষ্য থলুৱা হাঁহ  কুকুৰাৰ ক্ৰয় কৰা। ৯ বছৰ ধৰি এইদৰেই থলুৱা হাঁহ, কুকুৰা বৃহত্তৰ অঞ্চলটোৰ গাঁওসমূহৰ লগতে গ্ৰাম্য বজাৰৰ পৰা ক্ৰয় কৰি তিনিচুকীয়া, ডুমডুমা, ৰূপাই, কাকপথাৰত বিক্ৰী কৰি পৰিয়ালক পোহপাল দি আহিছে নৱনিতাই। নৱনিতাৰ পৰিয়ালত আছে দুটি পুত্ৰ সন্তান আৰু স্বামী। জীৱনৰ বাটত বহু সমস্যাৰো সন্মুখীন হৈছে মহিলাগৰাকীয়ে। তথাপি হতাশ হোৱা নাই কোনোদিনে। কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই নৱনিতা নেওগ বৰুৱাক। এনেদৰে উপাৰ্জনৰ পথ বাচি লোৱা অৰ্থাৎ স্বাৱলম্বী হোৱা নৱনিতা হওক আজিৰ কৰ্ম সংস্থাপনহীনতা সময়ত আন বহুজনৰ বাবে আদৰ্শ। উল্লেখযোগ্য যে প্ৰথম অৱস্থাত নৱনিতাই বাইচাইকেলেৰে ব্যৱসায় চলাই বিক্ৰী কৰি লাভ কৰা টকাৰে এখন স্কুতি কিনি চলাই আছে ব্যৱসায়৷

মঙলদৈত শতাধিক শিল্পীলৈ খাদ্য, মাস্ক, ছেনিটাইজাৰ বিতৰণ বিধায়ক গুৰুজ্যোতিৰ

মঙলদৈত শতাধিক শিল্পীলৈ খাদ্য, মাস্ক, ছেনিটাইজাৰ বিতৰণ বিধায়ক গুৰুজ্যোতিৰ

মঙলদৈ

মঙলদৈ সমষ্টিৰ শুকনানী ওজাপালিৰ পাছত দেওবাৰে ব্যাসৰ শতাধিক ওজাপালি শিল্পীলৈ মাস্ক, ছেনিটাইজাৰসহ খাদ্যৰ টোপোলা আগবঢ়ালে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে। আউলাচৌকা নৱজ্যোতি বালিকা হাইস্কুল চৌহদত অনুস্হিত এক অনুষ্টুপীয়া আৰু সংক্ষিপ্ত সভাত এই সাহায্য প্ৰদান কৰি বিধায়ক গুৰুজ্যোতি দাসে কয়, আপোনালোকৰ যন্ত্ৰণা বুজিছো, ৩ মাহে সভা গাই ফূৰাৰ সলনি ঘৰতে আছে কষ্টৰে। কিন্তু আমাৰ ভালৰ বাবেই এই পৰিস্হিতিত সহবাস কৰিব লাগিব। আজি কি দিছো সেয়া নাভাবিব, কিন্তু আপোনালোকৰ ভোটৰে জয়ী হোৱা জনপ্ৰতিনিধি গৰাকী আপোনালোকৰ লগত সুখে-দুখে সদায় আছে। কাৰ্যসূচীত দৰং বিজেপিৰ সভাপতি অমৰ শৰ্মা, প্ৰণৱ বৰুৱা, দুৰ্লভ শৰ্মা, শেৱালি গোস্বামী, গীতিমা দাস, মৃণাল চহৰীয়া আদি কেবাজনেও ভাগ লয়। পশ্চিম মঙলদৈ মণ্ডল বিজেপিৰ সভাপতি নীল বৰুৱাই আঁতধৰা সভাত শিল্পীসকলে থিতাতে ধ্ৰুপদী ৰাগ পৰিৱেশন কৰি সকলোকে মোহিত কৰে। একেদৰে, বিধায়কগৰাকীৰ এনে পদক্ষেপত সন্তুষ্টি ব্যক্ত কৰে।

সাংবাদিক সুৰেশ চন্দ্ৰ বৰঠাকুৰৰ মৃত্যুত শোক

টিংখাং

অসম বাৰ্তাজীৱী সংঘৰ প্ৰতিষ্ঠাপক উপ সভাপতি তথা বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ উপদেষ্টা সুৰেশ চন্দ্ৰ বৰঠাকুৰৰ মৃত্যুত ডিব্ৰুগড় জিলা বাৰ্তাজীৱী সংঘই গভীৰ শোক প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি অমৰজ্যোতি আৰন্ধৰা আৰু সাধাৰণ সম্পাদক দীপজয় শইকীয়াই আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিৰ জৰিয়তে জ্যেষ্ঠ সাংবাদিকজনৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ আত্মাৰ সদগতি কামনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁৰ মৃত্যুত অসমৰ সংবাদ জগতৰ অপূৰণীয় ক্ষতি বুলিও মত প্ৰকাশ কৰে। আনহাতে যোৰহাট জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি অঞ্জন বৰা আৰু জ্ঞানাৰুণ কুমাৰ গগৈয়েও গভীৰ শোক প্ৰকাশ কৰে৷

১১ মে’ত গ্ৰন্থাগাৰিকৰ বিশেষ প্ৰশিক্ষণ

নাজিৰা

মহাবিদ্যালয়সমূহৰ গ্ৰন্থাগাৰৰ পৰা বর্তমান ক’ভিড-১৯ সৃষ্ট লকডাউনৰ সময়ত উচ্চ শিক্ষাৰ  শিক্ষণ-শিকন প্ৰক্ৰিয়াক বৈদ্যুতিন মাধ্যমৰ যোগেদি কেনেদৰে আগবঢ়াই নিব পাৰি তাৰ বিষয়ে ১১ মে’ তাৰিখে আবেলি ২.৩০ বজাত এক ভিডিঅ’ কনফাৰেন্স যোগে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ উদ্যোগত হ’ব লগীয়া এই কাৰ্যসূচীত ভাৰত চৰকাৰৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ উল্লেখযোগ্য ইনফ্লিবনেট কেন্দ্ৰৰ বৈজ্ঞানিক য়াত্ৰিক পেটেল মুখ্য প্ৰশিক্ষক হিচাপে যোগদান কৰিব লগীয়া এই প্ৰশিক্ষণত গ্ৰন্থাগাৰ পৰিচনাৰ ছফ্টৱেৰ SOUL:3.0 ওপৰত বিশেষ গুৰুত্ব দিব। বৰ্তমান পৰিস্থিতিক প্ৰত্যাহ্বান হিচাপে লৈ পঢ়ুৱৈসকলে পুথিভঁৰাললৈ নহাকৈ নিজ নিজ স্থানৰ পৰাই পুথিভঁৰালৰ তথ্য তথা গ্ৰন্থ পঢ়াৰ সুবিধা এই নতুন ছফ্টৱেৰ সংস্কৰণৰ জৰিয়তে কেনেদৰে উপলব্ধ হ’ব, সেইবিষয়ে বিতং প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি সংস্থাৰ সভাপতি শ্ৰীমন্ত মাধৱ বৰা আৰু সম্পাদক ড° প্ৰশান্ত কুমাৰ ডেকাই জানিবলৈ দিয়ে।প্ৰথম পৰ্যায়ত শতাধিক গ্ৰন্থাগাৰিকে ইতিমধ্যে যোগদান নিশ্চিত কৰাৰ পিছতো অসমৰ প্ৰায় দুই শতাধিক গ্ৰন্থাগাৰিক এই প্ৰশিক্ষণৰ পৰা বঞ্চিত হোৱাত সংস্থাই অতি দুখ প্ৰকাশ কৰাৰ লগতে অহা সপ্তাহত পুনৰ দ্বিতীয়টো প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সংস্থাৰ প্ৰচাৰ সচিব ড° ৰাজেন্দ্ৰ মোহন দেৱ শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তিত জানিবলৈ দিয়ে।

ভকতপাৰা সমবায় এজেণ্টৰ ব্যাপক খেলিমেলি বিনামূলীয়া চাউলত

ভকতপাৰা সমবায় এজেণ্টৰ ব্যাপক খেলিমেলি বিনামূলীয়া চাউলত

মঙলদৈ

চৰকাৰে লকডাউনৰ সময়ত এপ্ৰিল মাহত বিপিএল কাৰ্ড থকা লোকসকলক এটকীয়া চাউল সম্পূৰ্ণ বিনামূলীয়াভাৱে দিয়াৰ ঘোষণা কৰাৰ পিছতো দৰং জিলাৰ ভকতপাৰা সমবায়ৰ এজেণ্ট আহেৰ আলিয়ে পইছা লোৱাৰ লগতে সমবায় সমিতি লিমিটেডৰ অন্তৰ্গত কদমতলি গাঁৱৰ এইগৰাকী এজেণ্টে বিপিএল কাৰ্ড প্ৰতিখনৰ পৰা এক দুই পয্যন্ত  চাউল কাটি আহিছে বুলি ভুক্তভোগী ৰাইজে অভিযোগ কৰিছে ভুক্তভোগী ৰাইজে৷ অভিযোগ অনুসৰি ভকতপাৰা সমবায় সমিতি লিমিটেডৰ অধীনত থকা কদমতলি গাঁৱৰ এজেণ্ট আহেৰ আলিয়ে প্ৰতিজন বিপিএল কাৰ্ডৰ ব্যক্তিৰ পৰা এক দুই কিলোকৈ চাউল কাটি আহিছে বুলি ৰাইজে অভিযোগ কৰাৰ লগতে লকডাউনৰ সময়ত ৰাজ্য চৰকাৰে বিপিএল কাৰ্ডৰ ব্যক্তিসকলক এপ্ৰিল মাহত বিনামূলীয়াকৈ চাউল যোগান ধৰিছিল যদিও এজেণ্টগৰাকীয়ে বিনামূলীয়াকৈ যোগান ধৰাৰ বিপৰীতে চাউলৰ বাবদ পইছা লোৱা বুলি জানিবলৈ দিয়ে ভুক্তভোগী ৰাইজে৷ চৰকাৰে বিনামূলীয়া ঘোষণা কৰাৰ পিছতো এজেণ্টজনে চাউলৰ বাবদ লোৱা পইছা সন্দৰ্ভত গাঁওবুঢ়া জমচেৰ আলিৰ নেতৃত্বত ৰাজহুৱা সভা পাতি বিনামূলীয়া চাউলৰ পৰা লোৱা পইছাখিনি ঘূৰাই দিবলৈ এজেণ্টজনক কোৱা হৈছিল আৰু এজেণ্টজনেও পইছাখিনি ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও পইছাখিনি এতিয়ালৈ ঘূৰাই নিদিয়াত ৰাইজ খোভিত হৈ পৰিছে৷ ৰাইজে আহেৰ আলিৰ সমবায় এজেণ্টৰ নামত থকা লাইচেঞ্চখন কাটি দিয়াৰ বাবে অসামৰিক খাদ্য আৰু যোগান বিভাগক আহ্বান জনায়৷ অৱশ্যে ৰাইজৰ অভিযোগৰ ভিত্তিত সমবায়খনৰ অন্তগৰ্ত কদমতলি গাঁৱৰ এজেণ্ট আহেৰ আলিৰ লগত যোগাযোগ কৰাত আহেৰ আলিয়ে সাংবাদিকক কয় ৰাইজে অভিযোগ কৰাৰ দৰে বিপিএল কাৰ্ডৰ পৰা কোনো ধৰণৰ চাউল কাটি নাৰাখা সঠিকভাবে চাউল প্ৰদান কৰি আহিছে৷ অৱশ্যে এপ্ৰিল মাহত যিটো চাউল বিনামূলীয়াভাৱে ৰাইজক যোগান ধৰিব লাগিছিল সেই চাউলখিনি মাৰ্চ মাহৰ মাহৰ ২৮ তাৰিখে উঠাই চাৰকাৰৰ ঘোষণাৰ আগতে ২৯ তাৰিখে ৰাইজক বিলোৱা বাবে পইছাটো ল’বলগীয়া হৈছিল আৰু পইছাখিনি সমবায়ত জমা দিয়া বুলি জানিবলৈ দিয়ে আৰু সমবায়ে পইছাখিনি দিলেই ৰাইজক ঘূৰাই দিব বুলি কয়৷ বিষয়টিৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই তদন্ত কৰিলে ওলাই পৰিব অভিযোগৰ প্ৰকৃত ৰহস্য৷

ৰক্তদাতা (এইচ বি এছ)ৰ উদ্যোগত জামুগুৰিহাটত দেৱাল পোষ্টাৰিং : ৰাইজক সজাগ সচেতন কৰাৰ প্ৰয়াস

ৰক্তদাতা (এইচ বি এছ)ৰ উদ্যোগত জামুগুৰিহাটত দেৱাল পোষ্টাৰিং : ৰাইজক সজাগ সচেতন কৰাৰ প্ৰয়াস

জামুগুৰিহাট

স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কেইগৰাকীমান অনুগামীৰ প্ৰচেষ্টাত গঠণ হোৱা ৰক্তদাতা (এইচ বি এছ) নামৰ স্বেচ্ছাসেৱী সংগঠণৰ বিষয়ববীয়াসকলে মহামাৰীসদৃশ ক’ৰোনা সংক্ৰমণ ৰোধ কৰিবৰ বাবে ল’বলগীয়া সাৱধানতা সন্দৰ্ভত বিগত সময়ত শোণিতপুৰ জিলাৰ ভিন্ন প্ৰান্তত ৰাইজক সজাগ সচেতন হ’বৰ বাবে কেবাটাও কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল৷ ইয়াৰ ভিতৰত জিলাখনৰ ভিন্ন প্ৰান্তত চিকিৎসক, চিকিৎসা কৰ্মী, আৰক্ষী, সাংবাদিক তথা জনসাধাৰণকো বিনামূলীয়াকৈ মাস্ক, ছেনিটাইজৰ যোগান ধৰাৰ লগতে বেংক কৰ্তৃপক্ষ, বেংকৰ সন্মুখত ধন উলিয়াবলৈ শাৰি পাতি থকা লোকসকলকো এই সামগ্ৰীবোৰ যোগান ধৰি সচেতন হৈ থাকিবলৈ আহবান জনাইছিল৷ দেওবাৰে স্বেচ্ছাসেৱী সংগঠনটোৰ অৰ্থাৎ ৰক্তদাতা (এইচ বি এছ)ৰ প্ৰধান সম্পাদক পৱন কুমাৰ নাথে তেজপুৰৰপৰা আহি জামুগুৰিহাটত ৰাইজক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যৰে পকী দেৱাল, দোকানৰ সন্মুখকে আদি কৰি জামুগুৰি ব্যৱসায়ীক কেন্দ্ৰস্থলৰ কেবা ঠাইতো সজাগ সচেতনতাই ক’ৰোনাৰ পৰা ৰক্ষা পোৱাৰ উপায় সম্বলিত পত্ৰিকা, ক’ৰোনা সংক্ৰমণ হ’লে কি ভয়াবহ বিপদ হ’ব পাৰে, জৰুৰীকালীন সেৱাৰ লগত জড়িত লোকসকলক সন্মান আৰু সহায় কৰক, চৰকাৰী নীতি নিৰ্দেশনাসমুহ যেনে মাস্ক ব্যৱহাৰ, সামাজিক দূৰত্ব মানি চলক আদি লিপিবদ্ধ কৰা ছবি সম্বলিত একো একোখন পৃথক পৃথক পত্ৰিকা পোষ্টাৰিং কৰি সজাগতা সৃষ্টিৰ প্ৰচেষ্টা হাতত লৈছে৷ জিলাখনৰ ভিন্ন প্ৰান্তত ৰাইজক সজাগ সচেতন কৰিবৰ বাবে পোন্ধৰ হাজাৰখন এনে পত্ৰিকা পোষ্টাৰিং কৰি ক’ৰোনা সংক্ৰমণত সজাগতা সৃষ্টিৰ চেষ্টা চলাইছে ৰক্তদাতা (এইচ বি এছ) নামৰ এই স্বেচ্ছাসেৱী সংগঠনটিয়ে৷

ঈদৰ বজাৰৰ নামত অনাহকত নগৰত সমবেত হৈ ল’কডাউন ভংগ নকৰিবলৈ শিৱসাগৰৰ মছজিদ পৰিচালনা সমন্বয়ৰক্ষী সমিতিৰ আহ্বান

শিৱসাগৰ 

সমগ্ৰ বিশ্বত ক’ভিড-১৯ মহামাৰীয়ে  মানৱ জীৱনলৈ যি বিপদ নমাই আনিছে ইয়াক লৈ এতিয়া ত্রস্তমান প্ৰতিখন দেশেই। কেন্দ্ৰীয় আৰু অসম চৰকাৰে মানৱ সম্পদ ৰক্ষা কৰাৰ স্বাৰ্থত ৫৪ দিনৰ বাবে তৃতীয় পৰ্যায়ৰ লকডাউনৰ দৰে এক অপ্রত্যাশিত  ব্যৱস্থা হাতত ল’ব লগীয়া পৰিছে। এনে এক জটিল সন্ধিক্ষণত সমুখত আহি পৰিছে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ঈদ উল ফিট্টৰ। এই ক্ষেত্ৰত অসমবাসী ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ বিশেষ এক আহ্বান জনাইছে শিৱসাগৰ জিলাৰ মছজিদ পৰিচালনা সমিতিসমূহৰ মূখ্য আহ্বায়ক আলহাজ জুন খানে। কাকতলৈ প্রেৰণ কৰা এক বাৰ্তাত আহ্বায়ক গৰাকীয়ে উল্লেখ কৰিছে যে ক’ভিড-১৯ৰ যুঁজত চৰকাৰক পৰ্যাপ্ত পৰিমানৰ সহযোগিতা আগবঢ়োৱাৰ আমাৰ সকলোৰে দায়িত্ব। সেই মৰ্মে অনাগত ঈদ উল ফিটৰত ইছলাম ধৰ্মাৱলম্বী লোকসকলে বজাৰ সমাৰ কৰাৰ নামত অনাহকত বজাৰত ভিৰ নকৰিবলৈ আহ্বান জনাইছে। যিহেতু ক’ভিড-১৯ৰ পৰা ৰক্ষা পাবলৈ হ’লে সামাজিক দূৰত্ব  মানি চলিব লাগিব আৰু বৰ্হিঃৰাজ্যৰ পৰা অহা কাপোৰত এই ভাইৰাছ আপোনালোকৰ দেহৰ লগতে আন দহ জনৰ জীৱনলৈও বিপদ কঢ়িয়াই আনিব পাৰে। সেয়ে চৰকাৰ-প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া সকলো চৰকাৰী নীতি নিৰ্দেশনা মানি চলাটো প্ৰত্যেকৰে দায়িত্ব আৰু কৰ্তব্য। এনে এক জটিল সময়ত শিৱসাগৰ জিলা মছজিদ পৰিচালনা সমিতিৰ সমন্ধয়ৰক্ষীক সমিতিৰ আহ্বায়ক মণ্ডলীৰ তৰফৰ পৰা শিৱসাগৰৰ লগতে ৰাজ্যখনৰ ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ আহ্বান জনাইছে যে ঈদৰ বজাৰ সমাৰ কৰাৰ নামত অপ্ৰয়োজনীয়ভাৱে নগৰত প্ৰৱেশ কৰি ভৰি কৰিব নালাগে। এনে কৰিলে সামাজিক দুৰত্ব হ্ৰাস পাব আৰু চৰকাৰে বান্ধি দিয়া ল’ক ডাউন উলংঘা কৰা হ’ব।

নিশা দুলীয়াজানত বৰ্হিঃৰাজ্যৰ যাত্ৰবাহী বাছ

নিশা দুলীয়াজানত বৰ্হিঃৰাজ্যৰ যাত্ৰবাহী বাছ

দুলীয়াজান

এফালে মহামাৰী ক’ৰোনা ভাইৰাছৰ আতংকত সমগ্ৰ বিশ্ব শংকাত ভুগিছে, আনহাতে নিশা বহিঃৰাজ্যৰ পৰা অহা এখন বাছ দুলীয়াজানত প্ৰৱেশ কৰাক লৈ দুলীয়াজানবাসীৰ মনত এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন উদয় হয় ৷ উল্লেখযোগ্য যে শুকুৰবাৰে নিশা দুলীয়াজানত এখন বৰ্হিঃৰাজ্যৰ বাছ প্ৰৱেশ কৰাক লৈ সমগ্ৰ দুলীয়াজানবাসী ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে। দিল্লীৰ পৰা অহা এমএইচ ৬৯ ডি ৫৩৫০ নম্বৰৰ বিলাসী বাছখনে দুলীয়াজানৰ লগতে যোৰহাট আৰু তিনিচুকীয়াৰ কেইবাগৰাকী যাত্ৰী কঢ়িয়াই আনিছিল। চৰকাৰে দিয়া অনুমতি লাভ কৰাৰ পিছত যাত্ৰীসকলে দিল্লীৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। বাছখন দুলীয়াজানত প্ৰৱেশ কৰাৰ আগতে গুৱাহাটী, যোৰহাট আদি ঠাইত যাত্ৰী নমাই আহি নিশা প্ৰায় ৮ বজাত দুলীয়াজানত উপস্থিত হৈছিল৷ কৰ্ত্তব্যৰত থকা  অইল নিৰাপত্তাৰ বিভাগৰ বিষয়া গোপাল বৰাই বাছখনত অহা যাত্ৰীসকলৰ ভিতৰত থকা দুলীয়াজানৰ চাৰিগৰাকী লোকক অইল চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে আনে। অইল চিকিৎসালয়ৰ চিকিৎসকে দিল্লীৰ পৰা অহা লোকসকলক স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকক নিজৰ ঘৰতে কোৱাৰেণ্টাইন থাকিবলৈ অনুমতি দিয়ে। প্ৰাপ্ত বাতৰিৰ মতে বাছখন অহা দুলীয়াজানৰ ব্যক্তিসকল ক্ৰমে সিদ্ধাৰ্থ ওজা, স্বাগত বৰুৱা, অমৃত কুমাৰ শৰ্মা, এনিশা বৰা অইল ইণ্ডিয়া বিষয়া আৱাসিক এলেকাৰ বাসিন্দা বুলি জানিব পৰা গৈছে৷ পিছত দিল্লীৰ পৰা যাত্ৰী কঢ়িয়াই অনা বিলাসী বাছখনে আন তিনিগৰাকী যাত্ৰীক লৈ তিনিচুকীয়াৰ অভিমুখে ৰাওনা হয়।