উজনি-মাজুলী : উজনি মাজুলী ফুলনি আৰক্ষী চকীৰ অন্তৰ্গত কোটাই নাহৰণিৰ নিৱাসী দুলাল বৰাৰ পুত্ৰ নিত্যানন্দ বৰা ( ৪৮) নামৰ লোকজন পানীত পৰি অকাল মৃত্যুক সাৱতি লয় ৷ ঘটনা অনুসৰি কালি সন্ধ্যা ঘৰৰ পৰা কিবা কাম থকা বুলি ওলাই যোৱা লোকজন বহু নিশালৈকে ঘৰলৈ নহাত কোনো পৰিয়ালৰ লোকে নিশা বিচাৰিও কোনো খবৰ নাপালে ৷ ৰাতিপুৱা বিচাৰিম বুলি আছিল যদিও ৰাতিপুৱা স্থানীয় লোকে শুকানসুঁতি নৈত এখন খালি নাঁওসহ উপঙি থকা অৱস্থাত এটি মৃতদেহটো প্ৰত্যক্ষ কৰে ৷ আৰক্ষীক দিয়া খবৰৰ ভিত্তিত ঘটনা স্থলীত ফুলনি আৰক্ষী চকীৰ বিষয়া উৎপল দাস সহ এটি আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ টো পানীৰ পৰা পাৰলৈ আনে ৷ আৰক্ষী বিষয়া জনে আমাক এই মৃত্যু সম্পৰ্কত প্ৰাৰম্ভিক অনুসন্ধান আৰম্ভ কৰা বুলি জানিবলৈ দিয়াৰ লগতে ইতিমধ্যে মৃহদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ পঠোৱা বুলি জনাই ৷ মৃত্যুৰ সময়ত লোকজনে পত্নী সহ এজন পুত্ৰ আৰু দুগৰাকী কন্যা আত্মীয় স্বৰ্জনক এৰিথৈ যায় ৷
লাডাখত ভাৰত- চীন যুদ্ধৰ আখৰা । বিপদৰ সময়ত ভাৰতৰ কাষত থিয় দিলে আমেৰিকাৰ যুক্তৰাষ্ট্ৰ । ২৭ হাজাৰ মাৰ্কিন সেনা লাডাখলৈ প্ৰেৰন ।
দৈনন্দিন বাৰ্তা ডেস্ক :
ভাৰত- চীন সিমান্ত লাডখত ক্ৰমান্বয়ে উত্তেজনা বৃদ্ধি পোৱাৰ বাবে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যঠেষ্ট উদ্দ্যেগ প্ৰকাশ কৰিছে ৷ ইতিমধ্যে চীনৰ দৌৰাত্ম্য ভাৰতত সিমান্ততে সীমাবদ্ধ নাথাকি টাইৱান’ জাপান’ ফিলিপাইনছ’মালেয়েছিমামত আদি দেশ সমুহত বৃদ্ধি পোৱাৰ অভিযোগ আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ হাতত পৰিছে ৷এই দেশ সমুহে চীনৰ দৌৰাত্ম্যৰ বাবেই আমেৰিকা যুক্তৰাষ্ট্ৰৰক অবগত কৰি আহিছে ৷ মাৰ্কিন ৰাষ্ট্ৰ আমেৰিকাই সুযোগৰ সন্ধানত ৰৈ আছিল ৷ ইয়াৰ উপৰিও চীনৰ পৰা কৰোনা ভাইৰাছ সমগ্ৰ বিশ্বতে সম্প্ৰসাৰণ হোৱাৰ ঘটনা সহজভাৱে লব পৰা নাই আমেৰিকাই ৷৷ মাৰ্কিন ৰাষ্ট্ৰ প্ৰধান ডনাল্ড ট্ৰাম্পে কৰোনা ভাইৰাছৰ বাবে চীনকে জগৰীয়া কৰিছিল ৷আনকি বিশ্ব স্বাস্থ্য সংস্হাক ট্ৰাম্পে যঠেষ্ট সমালোছনা কৰিছিল ৷ পিছত বিশ্ব স্বাস্থ্য সংস্হাৰ আমেৰিকাই সাহৰ্য্য দিয়া সমুলি ধন বন্ধ কৰি দিয়াৰ লগতে সংস্হাটোৰ পৰা আমেৰিকাই আতৰি আহিছিল ৷ ইয়াতে আমেৰিকা সান্ত হোৱা নাছিল ৷৷ যিকোনো প্ৰকাৰে চীনক এশিকনি দিবলৈ সুযোগৰ সন্ধানত ৰৈ আছিল আমেৰিকা ৷ এতিয়া যেন সেই সময় আহি পৰিল যুক্তৰাষ্ট্ৰ খনৰ বাবে ৷ ভাৰতৰ বন্ধু আমেৰিকাই প্ৰতিটো সময়ত সহায় কৰিবলৈ আগবাঢ়ি আহে দেশখনক ৷ সেইবাবেই মে ’মাহৰ পৰা লাডাখ চীনৰ দৌৰাত্ম্য বৃদ্ধি পাই আহিছে ৷ইয়াৰ বাবে ২০ জনকৈ ভাৰতীয় জোৱান শ্বহীদ হৈছিল ৷ এই ক্ষেত্ৰত ভাৰতে যঠেষ্ট কঠোৰ পদক্ষেপ গ্ৰহন কৰিছে ৷ইতিমধ্যে ভাৰতৰ স্হল’ জল’ বায়ু তিনিওটা সেনা বাহিনী সস্তম কৰি তুলিছে ৷প্ৰতিটো মুহূৰ্তৰ খৱৰ তীক্ষ্ণ দৃষ্টিৰে নীৰিক্ষন কৰিছে ভাৰত চৰকাৰে ৷ চীনা সৈন্যৰ পৰিমান যঠেষ্ট বৃদ্ধি কৰিছে দেশখনে ৷ দুই শক্তিশালী দেশ দুখনৰ মাজত যেন যুদ্ধৰ আখৰা চলিছে ৷ ইয়াৰ বাবে মাৰ্কিন ৰাষ্ট্ৰখনে প্ৰায় ২৭ হাজাৰ মাৰ্কিন সেনা লাডাখলৈ প্ৰেৰন কৰিছে ৷ মুকলিভাৱেই ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতক সহায়ত হাত আগবঢ়াব বুলি উল্লেখ কৰে ৷ টাইৱান’ জাপান’ মালোয়েছিয়া ’ ফিলিপাইনছ ভাৰতৰ পক্ষত থাকি আমেৰিকাই সকলো সহযোগিতা আগবঢ়াব ৷ এতিয়া চীনক এশিকনি দিয়াৰ বাবেই আমেৰিকা যুক্তৰাষ্ট্ৰই সময়ৰ বাবে অপেক্ষালৈ বাত চাইছে ৷
অশীতিপৰ মহিলা তৰুলতা দেৱীৰ ‘এৰি অহা সময়’ উন্মোচন।

দিপীলা : দৰঙৰ দিপীলাৰ আলিখাপাৰা গাঁৱৰ ধৰ্মপ্ৰাণা আৰু অশীতিপৰ মহিলা, সফল মাতৃ তৰুলতা দেৱীয়ে নিজৰ জীৱনৰ কিছু কথা সামৰি ৰচনা কৰা ‘ এৰি অহা সময়’ নামৰ গ্ৰন্থখনি আজি লেখিকাৰ নিজাঘৰত অনুষ্টুপীয়াকৈ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। লেখিকাৰ পুত্ৰ তথা শংকৰদেৱ শিশু নিকেতন, দিপীলাৰ প্ৰধান আচাৰ্য গোবিন্দ শৰ্মা বৰুৱাই আঁত ধৰা অনুষ্ঠানত লেখিকাৰ স্বামী, সুদক্ষ প্ৰধান শিক্ষক প্ৰয়াত জগৎ চন্দ্ৰ শৰ্মাৰ প্ৰতিচ্ছৱিত পুষ্পাঞ্জলি নিবেদন কৰা হয়। সমূহীয়াভাবে গ্ৰন্থ খন উন্মোচন কৰে দিপীলাৰ প্ৰবীণ সমাজকৰ্মী, সাহিত্য সেৱী কালীচৰণ শৰ্মা, দিপীলা আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰবক্তা , সাহিত্য সেৱী অখিল ৰঞ্জন ভট্ট, সমাজকৰ্মী ক্ৰমে যতীন শৰ্মা আৰু চিন্তা ৰাম ডেকাই। শাৰীৰিকভাৱে অসুস্থ দেৱীৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ভাগ লৈ কালীচৰণ শৰ্মাই তেওঁৰ প্ৰচেষ্টাৰ শলাগ লয়। আনহাতে আন এগৰাকী বক্তা অখিল ৰঞ্জন ভট্টই গ্ৰন্থ খনি দৰং আৰু কামৰূপৰ সামাজিক জীৱনৰ বাবে গুৰুত্বপূৰ্ণ এটি অধ্যায় হ’ব বুলি মন্তব্য কৰে। অনুষ্ঠানত লেখিকাৰ পুত্ৰ ক্ৰমে প্ৰবক্তা বিপিন শৰ্মা বৰুৱা আৰু সাংবাদিক ধীৰেন শৰ্মাই অতিথি সকলক আদৰণি জনায়।
মাজুলীৰ কৃতিমানক সম্বৰ্ধনা বিদ্যাৰ্থী পৰিষদৰ ।
উজনি-মাজুলী : যোৱা ২৫ জুনত ঘোষনা কৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীৰ লগতে স্থানীয় অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ছাত্র ছাত্ৰীসকলক ঘৰে ঘৰে গৈ ৰাষ্ট্ৰবাদী ছাত্র সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সামাজিক দূৰত্ব অটুত ৰাখি সম্বৰ্ধনা জনাই আহিছে । বিদ্যাৰ্থী পৰিষদৰ মাজুলী জিলা সংযোজক মাধূৰ্য্য পাতিৰে জনাই যে, মহামাৰীৰূপী ক’ৰনাসৃষ্ট এই জটিল সন্ধিক্ষণত অনানুষ্ঠানিক ভাবেই মাজুলী জিলাৰ কৃতি ছাত্র ছাত্ৰী সকলক উৎসাহ জনোৱাৰ উদেশ্যৰে ঘৰে ঘৰে গৈ শুভেচ্ছা জ্ঞাপনৰ কাৰ্য্যসূচী হাতত লোৱা হৈছে । কৃৰ্তিমান সকলক দেখি উৎসাহিত হৈ ভৱিষ্যত প্ৰজন্ময়ো আৰু অধিক ভাল ফলাফল দেখুৱাব বুলি বিদ্যাৰ্থী পৰিষদে আশা ব্যক্ত কৰিছে। এবিভিপিৰ মাজুলী জিলাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি সোনোৱালে মেধাৱী সকলৰ পৰা আগন্তুক দিনত আৰু সুফল আশা কৰে । সম্বৰ্ধনা কাৰ্য্যসূচীত সহ সংযোজক মনু নেৱাৰ, লুহিত বৰুৱা, বিমল পামে, ভাৰ্গৱ বৰুৱা, প্ৰাঞ্জল শইকীয়া আদি উপস্থিত থাকে ।
কলিয়াবৰত লুইতৰ বানৰ সংহাৰ : বানৰ কৱলত কলিয়াবৰৰ বৰঘূলীৰ বিস্তীৰ্ণ অঞ্চল।
কলিয়াবৰ : এতিয়া ৰাজ্যত বছৰৰ দ্বিতীয়টো বানৰ সংহাৰ। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ বাঢ়নী পানীয়ে ৰাজ্যৰ প্ৰায় কেইখন জিলাতে তাণ্ডৱ অব্যাহত ৰাখিছে। নেৰা-নেপেৰা বৰষুণৰ ফলত পৰিস্থিতি অধিক অৱনতি ঘটিছে বহুকেইখন জিলাত। নগাঁও জিলাৰ কলিয়াবৰতো লুইতৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বৰঘূলী অঞ্চলৰ বহুকেইখন গাঁও। গৰাখহনীয়াত বিপৰ্যস্ত বৰঘূলীত এইবাৰ তাণ্ডৱ। জলমগ্ন কলিয়াবৰৰ বৰঘূলীৰ বিস্তীৰ্ণ অঞ্চল। বৰলুইতৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে দুই নম্বৰ, তিনি নম্বৰ, এক নম্বৰ, সাত নম্বৰ বৰঘূলিৰ প্ৰায় আশী শতাংশ এলেকা। বানত বুৰ গৈছে সহস্ৰাধিক পৰিয়ালৰ ঘৰ-বাৰী, খেতি-পথাৰ। নষ্ট হৈছে আহু ধান, মৰাপাট, শাক-পাচলি। মানুহ, পশুধনে একেলগে আশ্ৰয় লৈছে মথাউৰিৰ অস্থায়ী চালিত। জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ তাগিদাত দিহিঙে-দিপাঙে ঢপলিয়াইছে একাংশ বানাক্ৰান্ত ৰাইজ।
বাণিজ্যত সফলতাৰে উত্তীৰ্ণ শিৱানীক সম্বৰ্ধনা প্ৰজন্ম উন্মেষৰ ।
জামুগুৰিহাট : সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত জামুগুৰিহাটৰ সংগীয়া মাজৰ চুক গাঁৱৰ মেধাৱী ছাত্ৰী শিৱানী ফুকনে বাণিজ্য বিভাগত ৬ টা বিষয়ত লেটাৰ নম্বৰসহ ৮৯.৮ শতাংশ নম্বৰ লাভ কৰি সফলতাৰে উৰ্ত্তীণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ বিশ্বনাথ চাৰিআলিৰ ডেফনি জুনিয়ৰ কলেজত বাণিজ্য বিভাগত অধ্যয়নৰত শিৱানীয়ে লাভ কৰা সফলতাৰ বাবেই অসমৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰজন্ম উন্মেষে মেধাৱী ছাত্ৰীগৰাকীৰ শৈক্ষিক জীৱণৰ উত্তৰোত্তৰ কামনা কৰি অভিনন্দন জ্ঞাপন কৰে৷ প্ৰজন্ম উন্মেষৰ মুখ্য কাৰ্যবাহী অৰূপ শইকীয়া, সমন্বয়ক উদ্দীপ্ত কাশ্যপ, কাৰ্যকৰী সদস্য মনোজ বৰা আৰু অঞ্জনজ্যোতি হাজৰিকা মেধাৱী ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ ফুলাম গামোছা আৰু সম্বৰ্ধনা পত্ৰৰে অভিনন্দন জ্ঞাপন কৰে ৷ মেধাৱী ছাত্ৰীগৰাকীয়ে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ইংৰাজীত ৮৪, ঐচ্ছিক ইংৰাজীত ৮৪, একাউনটেন্সিত ৯০, বিজনেজ ষ্টাডিত ৯৩, বেংকিংত ৮২, অৰ্থনীতিত ৯৮ নম্বৰ লাভ কৰে৷ শিৱানী ফুকন সঙ্গীয়া মাজৰ চুক গাঁৱৰ গোলাপ ফুকন আৰু শেৱালী ফুকনৰ একমাত্ৰ কন্যা।
ভূগোল বিষয়ত সৰ্ব্বোচ্চ নম্বৰ লাভ জামুগুৰিহাটৰ দিব্যাশ্ৰীৰ ।
জামুগুৰিহাট : জামুগুৰিহাটৰ বামুণবাৰী গাৱঁৰ ছাত্ৰী দিব্যাশ্ৰী দেৱীয়ে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ ভিতৰতে ভূগোল বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজত অধ্যয়নসহ ছাত্ৰী দিব্যাশ্ৰীয়ে ইংৰাজীত ৮৮, ঐচ্ছিক বিষয়ত ৮০, ভূগোলত ৯৯, সমাজ বিজ্ঞানত ৯৫, শিক্ষাতত্বত ৯৮ আৰু ৰাজনীতি বিজ্ঞানত ৮৪ নম্বৰৰে আটাইকেইটা বিষয়ত লেটাৰসহ ৯২ শতাংশ নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে৷ সফলতাৰে উৰ্ত্তীৰ্ণ হৈ সমগ্র অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা দিব্যাশ্ৰীৰ এই সফলতাৰ বাবে বিভিন্ন দল সংগঠনে অভিনন্দন জ্ঞাপন কৰিছে৷ দিব্যাশ্ৰী দেৱী বামুণবাৰী গাঁৱৰ পদ্ম নাথ আৰু কাঞ্চন দেৱীৰ সুযোগ্যা সন্তান।
‘ক্ৰান্তিকাল প্ৰকাশন’ আৰু ‘অকণিৰ সাহিত্য সভা’ই আয়োজন কৰা শিশু কবিতা প্ৰতিযোগিতালৈ অভূতপূৰ্ব সঁহাৰি । অনলাইন কবিতা লিখা প্ৰতিযোগিতাত ১৯৭ কবিৰ ৫২২টা কবিতা ।
কলিয়াবৰ : মহাপুৰুষ শ্ৰীমাধৱদেৱ অসমীয়া শিশু সাহিত্যৰ প্ৰথমজন জনক বুলি সম্ভলত ক’ব পাৰি। তাৰ পাছত বিভিন্ন পৰিক্ৰমাৰ মাজেদি অসমীয়া শিশু সাহিত্যই এক সন্মানজনক অৱস্থান গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই “বুঢ়ীআইৰ সাধু”ৰে আৰম্ভ কৰা আধুনিক শিশু সাহিত্যৰ ধাৰাটোত সংযোগ হ’ল – সাহিত্যচাৰ্য্য মিত্ৰদেৱ মহন্ত, সাহিত্যচাৰ্য্য অতুল চন্দ্ৰ হাজৰিকা, এখুদ ককাইদেউ, নীলা বাইদেউ, কেশৱ মহন্ত, ভাবেন্দ্ৰ নাথ শইকীয়া, নুপুৰ মোমাইদেউ আদিকে ধৰি বহুজনে অসমীয়া শিশু সাহিত্যৰ ক্ষেত্ৰখনত অৰিহণা যোগাইছে। তদুপৰি সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটা প্ৰাপক গগন চন্দ্ৰ অধিকাৰী, শান্তনু তামুলী, তোষপ্ৰভা কলিতা, বন্দিতা ফুকন, দীনেশ চন্দ্ৰ গোস্বামী, এলি আহমেদ, হৰিপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি, হৰেন্দ্ৰ নাথ বৰঠাকুৰ, যুগল লোচন দাস, শ্বামীম নাছৰিণে শিশু সাহিত্য সৃষ্টি যোগেদি তেওঁলোকৰ মেটমৰা সাহিত্য সম্ভাৰেৰে অসমীয়া শিশু সাহিত্যৰ ভঁৰাল টনকীয়াল কৰাৰ লগতে সৰ্বভাৰতীয় স্তৰতো জিলিকি উঠিছে। আন বহুজনে শিশু সাহিত্য চৰ্চা অব্যাহত ৰাখিছে। তদুপৰি কেইবাখনো অসমীয়া শিশু আলোচনীয়ে শিশুসকলক সাহিত্যৰ সোৱাদ দিয়াৰ চেষ্টা কৰি আহিছে। তৎস্বত্বেও শিশুসকলৰ জটিল মনোজগতৰ লগত খাপ-খোৱাই শিশু সাহিত্য ৰচনা কৰাতো বৰ সহজ সাধ্য নহয়। সেয়ে শিশু সাহিত্য সম্ভাৰত নতুন ৰচনা পূৰ্বৰ তুলনাত বৃদ্ধি হোৱা নাই, বৰঞ্চ লক্ষণীয়ভাবে অভাৱ ঘটিছে। সেই অভাৱ পূৰণৰ বাবে মাজে-মধ্যে শিশুৰ লগত জড়িত অনুষ্ঠান-প্ৰতিষ্ঠানে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেনে দুটি অনুষ্ঠান হৈছে অকণিৰ সাহিত্য সভা আৰু ক্ৰান্তিকাল প্ৰকাশন। এইবেলি লকডাউনৰ জটিল সময়ছোৱাত দুয়োটা অনুষ্ঠান লগ হৈ আয়োজন কৰিলে এক শিশু কবিতা প্ৰতিযোগিতাৰ। লকডাউনে যাতে সমাজৰ চিন্তা-চেতনা, সৃষ্টিশীলতাক ৰুদ্ধ কৰিব নোৱাৰে, সেয়ে ফেচবুকৰ পৃষ্ঠাত আয়োজিত “পাঠ বা আবৃত্তি কৰিলে শুনি ভাল লগা অকণিৰ উপযোগী কবিতা”ৰ এই প্ৰতিযোগিতাত অভূতপূৰ্ব সঁহাৰি লাভ কৰে আয়োজকে। অসম তথা বহিঃ ৰাজ্যৰ মুঠ ১৯৭ গৰাকী কবিয়ে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰী কবিৰ কবিতাৰ সংখ্যা হ’ল ৫২২। এই প্ৰতিযোগিতাত গগন চন্দ্ৰ অধিকাৰী, তোষপ্ৰভা কলিতা আৰু যুগললোচন দাসেও ফেচবুক পৃষ্ঠাত কবিতা লিখি প্ৰতিযোগীসকলক উৎসাহিত কৰে। ফেচবুক পৃষ্ঠাত লাভ কৰা কবিতা প্ৰতিযোগিতাৰ অভূতপূৰ্ব সঁহাৰিত আহ্লাদিত শিশু সাহিত্যিক যুগললোচন দাস। ‘সোণবালি বাগিচাৰ ভূত’ শীৰ্ষক উপন্যাসৰ বাবে ২০১৮ চনত সাহিত্য অকাডেমীয়ে ঘোষণা কৰা অসমীয়া ভাষাৰ শিশু সাহিত্য বঁটা লাভ কৰা যুগললোচন দাসে এনেধৰণৰ পদক্ষেপক ভূয়ষী প্ৰশংসা কৰে। উল্লেখযোগ্য যে, নগাঁৱৰ অগ্ৰণী গ্ৰন্থ প্ৰকাশকঢ়ক্ৰান্তিকাল প্ৰকাশনৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে ‘অকণিৰ সাহিত্য সভা’ৰ সহযোগত এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দহ গৰাকী কবিলৈ ক্ৰান্ত্ৰিকাল শিশু সাহিত্য সন্মান আগবঢ়াব। লগতে নিৰ্বাচিত এশ গৰাকী কবিৰ কবিতা একত্ৰে প্ৰকাশ কৰা হ’ব। দুয়োটা অনুষ্ঠানে আয়োজন কৰা এই প্ৰতিযোগিতাই শিশুসকলৰ সাহিত্য সম্ভাৰৰ ভঁৰাল টনকীয়াল কৰিব বুলি আশাবাদী অকণিৰ সাহিত্য সভাৰ সভাপতি পঙ্কজ বৰুৱা তথা সমন্বয়ক দুলাল বৰাই।
জামুগুৰিহাটত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।
জামুগুৰিহাট : জামুগুৰিহাটৰ অন্তৰ্গত মুঢ়াদল গাঁও নিবাসী তথা উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক প্ৰফুল্ল হাজৰিকাৰ আজি পুৱা পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত হাজৰিকাৰ বয়স আছিল ৭২ বছৰ। কোনো ধৰণৰ বিশেষ শাৰীৰিক অসুস্থতা নাছিল যদিও যোৱাকালি হঠাৎ হৃদৰোগত আক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে তেজপুৰস্থিত ইএমএম হস্পিটালত ভৰ্তি কৰাই যদিও আজি পুৱতি নিশা প্ৰায় ৩.৩০ বজাত চিকিৎসালয়খনতে মৃত্যুক আঁকোৱালি লয় হাজৰিকাই। উল্লেখ্য যে কৃতি শিক্ষকগৰাকীয়ে ধলাইবিলস্থিত উত্তৰ জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়তে অধ্যয়ন কৰি প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ১৯৭৮ চনত নিজে অধ্যয়ন কৰা বিদ্যালয়খনতে সহকাৰী শিক্ষক হিচাপে চাকৰি জীৱন আৰম্ভ কৰি ২০০৭ বৰ্ষত একেখন বিদ্যালয়ৰ পৰাই অৱসৰগ্ৰহণ কৰিছিল। অতিকৈ অমায়িক আৰু এজন আৰ্দশৱান কৃতী শিক্ষক হিচাপে পৰিচিত হাজৰিকা আছিল সুদক্ষ অভিনেতা, চিত্ৰশিল্পী আৰু সমাজ সংগঠকো ৷ নদুৱাৰ জাতীয় বিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একান্ত সঙ্গী আৰু ইতিবাচক চিন্তাৰে সমাজক সন্মুখৰ পৰা নেতৃত্ব দি অহা হাজৰিকা বিজেপি নদুৱাৰ মণ্ডলৰ এগৰাকী সক্ৰীয় সদস্যও আছিল৷ শিক্ষকতাৰ সমান্তৰালকৈ অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হাজৰিকাৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে মূঢ়াদলস্থিত বাসগৃহত অনেক গুণমুগ্ধই ভিৰ কৰেহি৷ হাজৰিকাৰ নশ্বৰ দেহ তেজপুৰৰ পৰা বাসগৃহ আহি পোৱাৰ লগে লগেই চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাও উপস্থিত হৈ পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে এনে এগৰাকী সমাজ সচেতক ব্যক্তিক হঠাৎ হেৰুৱাব লগীয়া হোৱাতো জামুগুৰিহাটৰ বাবেই এক বৃহৎ ক্ষতি বুলি উল্লেখ কৰে বিধায়ক হাজৰিকাই ৷ ইয়াৰোপৰি উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ক্ষেমৰাজ ঢাকাল সহিতে শিক্ষক গোট, মূঢ়াদল গাঁও উন্নয়ন সমিতি, বেবেজীয়া গাঁও উন্নয়ন সমিতি, মূঢ়াদল গাঁও যুৱক সংঘ, কুঁহিপাত সংঘকে ধৰি বহু সংখ্যক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ব্যক্তি বিশেষেও হাজৰিকাৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ হাজৰিকাৰ মৃত্যুত সদৌ জামুগুৰি ছাত্ৰ সন্থা, অসম জাতীয়তাবাদ যুৱ ছাত্ৰ পৰিষদৰ জামুগুৰি আঞ্চলিক সমিতি, অসমীয়া সাহিত্য সন্মিলনীয়েও শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷ মৃত্যুৰ সময়ত হাজৰিকাই পত্নী, একমাত্ৰ পুত্ৰ, জিয়ৰী নাতিনীসহ এক ভৰা সংসাৰ এৰি থৈ যায়। হাজৰিকাৰ মৃত্যুত সমগ্ৰ জামুগুৰিহাটত শোকৰ ছাঁ পৰিছে ৷
মাজুলী জিলা কংগ্ৰেছৰ “শ্বহীদ সন্মান দিৱস” কাৰ্যসূচী পালন ।
উজনি-মাজুলী : সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ নিৰ্দেশ অনুসৰি দেশৰ প্ৰতিখন ৰাজ্য, জিলা, আৰু ব্লক সমিতি সমূহে চীনা সৈন্যৰ হাতত শ্বহীদ হোৱা দেশৰ বীৰ জোৱান সকলক সন্মান জনোৱাৰ উদেশ্যে গড়মূৰত কালি “শ্বহীদ সন্মান দিৱস” শীৰ্ষক কাৰ্যসূচী পালন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে অসমৰ প্ৰাক্তন মন্ত্ৰী তথা মাজুলী জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ লোচন পেগু, মাজুলী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক শশীধৰ বৰুৱা, মাজুলী জিলা যুৱ কংগ্ৰেছৰ সভাপতি দেৱকান্ত দাস, মাজুলী সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি বিষ্ণুকমল পায়েং, যুৱ ব্ৰিগেডৰ সভাপতি দিনমণি দত্ত, সুভন দলেকে ধৰি ভালেসংখ্যক কংগেছৰ বিষয়-ববীয়া, সদস্য সদস্যা ।











