Home Blog Page 3275

মূষলধাৰে অহা এজাক বৰষুণত কাকপথাৰৰ বিভিন্ন অঞ্চল জলমগ্ন : ঘৰ দুৱাৰ বুৰ গল বহু লোকৰ : মৎস্য, শস্যৰ ব্যাপক অনিষ্ট সাধন : মূৰে কপালে হাত দিছে কৃষকে ।

ডিৰাক সীমান্ত : ইটোৰ পিছত সিটো দুৰ্যোগে দেখা দিয়া ৰাজ্যখনত পুনৰ ৰুষ্ট হৈ পৰিছে প্ৰকৃতি। ক’ৰণা মহামৰীয়ে ৰাইজৰ অৰ্থনৈতিক অৱস্থা কোঙা কৰাৰ পাছতে এইবাৰ বৰুণ দেৱতাইও মানৱ জাতিৰ ওপৰত ৰুষ্ট হৈ পৰিছে। যোৱা ২৩ জুনৰ নিশাৰ পৰা নেৰা নেপেৰাকৈ মুখলধাৰে দি থকা বৰষুণৰ ফলত বিগত তিনিদিন ধৰি জলমগ্ন হৈ পৰে তিনিচুকীয়া জিলাৰ ডুমডুমা আৰু মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত অসংখ্য গাঁও। আমগুৰি নগাঁও, কঁপাহতলী, বৰমেছাই, কঁঠালগুড়ি, ৰংপুৰীয়া, কুৰুকানী, বৰডিৰাক, চোমণি, চোমনি মাজুলী, ২ নং সৰুডিৰাক, থাপাবাৰী, মজবাৰী, বগৰিবাৰী, দ-পথাৰ, চেঙেলী, সৰুমেচাই, নলাকান, কলিতা চুক, গন্ধৈগুৰি হাঁহখাটী, আহোম পথাৰ, ধলা মিৰিপথাৰ, ছৈখোৱা, টঙনা, কাচিজান, কৈলাশপুৰ, ৰত্নপুৰ হাটীগড়, নৱজ্যোতি আদিকে ধৰি বিভিন্ন গাঁও পানী বুৰাই পেলাই। বৰষুণৰ পানীয়ে প্লাবিত কৰি কৃষি শস্যৰ অনিষ্ট কৰিছে। বহুলোকৰ ঘৰ দুৱাৰ, কঠীয়াতলী, শাক-পাচলি পানীত বুৰ যোৱাৰ উপৰিও পুখুৰীত মেলি থোৱা মাছ-কাছ ওলাই যোৱাৰ ফলত কৃষিজীৱি, মৎস্যজীৱি গঞা ৰাইজৰ সকলো শেষ কৰি নিয়াত এতিয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নেৰা নেপেৰা বৰষুণে ইতিমধ্যে গ্ৰাম্য অঞ্চলৰ মুখ্য পথসমূহ পানী বুৰাই পেলোৱাৰ উপৰিও চৰকাৰৰ বিভিন্ন আচনিত নিৰ্মিয়মান পথৰ ব্যাপক ক্ষতি হৈছে। ক্ৰমান্বয়ে পানী কমিছে যদিও গ্ৰাম্য জনসাধাৰণৰ একমাত্ৰ উপাৰ্জনৰ থল কৃষি শস্য আৰু মৎস্য উৎপাদনত বাঢ়নী পানীয়ে বিধস্ত কৰাত সকলোৱে মূৰে-কপালে হাত দিবলগীয়া হৈছে। বহু ঠাইত এতিয়াও আশ্ৰয় শিবিৰত থাকিব লগা হৈছে।

dav

ক’ৰোনাৰ ঔষধ : বাবা ৰামদেৱৰ বিৰুদ্ধে গোচৰ ৰুজু, ৩০ জুনত আদালতত শুনানি ।

দৈনন্দিন বাৰ্তা ডেস্ক :

এফ আই আৰ দিয়া হ’ল বাবা ৰামদেৱৰ বিৰুদ্ধে ৷ তেওঁৰ লগতে আন চাৰিজনৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে৷ ক’ৰোনাৰ ঔষধ হিচাপে ‘‌কৰোনিল’ৰ প্ৰচাৰ আৰু ‘কপটতা’ অনাৰ অভিযোগত এই গোচৰ ৰুজু কৰা হৈছে৷ যোৱা মঙলবাৰে এক সংবাদ মেলত বাবা ৰামদেৱে তেওঁৰ আয়ুর্বেদিক ঔষধৰ কোম্পানী পতঞ্জলি আয়ুর্বেদে ‘কৰোনিল’‌ আৰু ‘‌স্বচৰী’‌ নামৰ ক’ৰোনা ভাইৰাছ নিৰাময়ৰ ঔষধ প্ৰস্তুত কৰিছে বুলি কয়৷ কিন্তু কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে জনায় যে কোনো ৰোগীৰ ওপৰত ইয়াৰ প্ৰয়োগ কৰা নহ’ব৷ লগতে বিজ্ঞাপনো বন্ধ কৰি দিয়ে৷ ইয়াৰ মাজতে শুকুৰবাৰে জয়পুৰ জ্যোতিনগৰ থানাত এফআইআৰ দিয়ে পতঞ্জলি আয়ুর্বেদেৰ স্রষ্টা যোগা গুৰু ৰামদেৱ, পতঞ্জলিৰ চিইঅ’ আচার্য বালকৃষ্ণ, বিজ্ঞানী অনুৰাগ ভার্ছনে, এনআইএমএছ–ৰ সভাপতি বলবীৰ সিং তোমৰ আৰু কর্মকর্তা অনুরৰাগ তোমৰৰ বিৰুদ্ধে। তেওঁলোকৰ বিৰুদ্ধে অভিযোগ ক’ৰোনাৰ ঔষধ হিচাপে ‘‌কৰোনিল’‌ৰ বিভ্রান্তিকৰ প্ৰচাৰত নামিছে৷ এই কথা জয়পুৰ জ্যোতিনগৰ থানাৰ বিষয়া সুধীৰ কুমাৰ উপাধ্যায়ে জনাইছে৷ এফআইআৰ দাখিল কৰিছে বলৰাম জখৰ নামৰ এজন ব্যক্তিয়ে৷ এই সন্দৰ্ভত ভাৰতীয় দণ্ডাবিধি আইনৰ অধীনত একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে৷ তাৰ মাজতে ৪২০ ধাৰা আছে৷ অহা ৩০ জুনত আদালতে শুনানিৰ দিন ধাৰ্য কৰিছে৷

আৰক্ষী অধীক্ষকৰ সৈতে উপায়ুক্ত বিক্ৰম কৈৰীৰ মঠাউৰি পৰিদৰ্শন । শেহতীয়া অৱস্থাৰ চৰজমীন পৰীক্ষণ ।

উজনি-মাজুলী :  মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে কালি ব্ৰহ্মপুত্ৰৰ হালধিবাৰী-বেচামৰা-দক্ষিণপাট মঠাউৰি পৰিদৰ্শন কৰি মঠাউৰিৰ শেহতীয়া অৱস্থাৰ চৰজমীন বুজ লয়। উপায়ুক্ত গৰাকীয়ে আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনৰ সৈতে প্ৰায় চাৰে তিনিঘণ্টা ধৰি মাজুলীৰ ৰক্ষাকৱচ স্বৰূপ মঠাউৰিটোৰ প্ৰায় ৪০ কিলোমিটাৰ জোৰা অংশ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত মাজুলী জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ড০ ৰাজীৱ গোস্বামী আৰু গড়কাপ্তানী (পথ) সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দেৱব্ৰত ঘৰফলীয়াই উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক সহযোগ কৰে। উপায়ুক্ত  কৈৰীয়ে দক্ষিণপাট অংশৰ পৰা হালধিবাৰীলৈকে ব্ৰহ্মপুত্ৰৰ মঠাউৰিটো পৰিদৰ্শন কৰি মঠাউৰিৰ সুৰক্ষাৰে জড়িত দিশসমূহ পৰ্যবেক্ষণ কৰে। পৰিদৰ্শন কালত মাজুলী জিলা প্ৰশাসনৰ মূৰব্বীগৰাকীয়ে কঢ়ালগাঁও, বনগাঁও, ধোঁৱাচলা, প’ৰাম, ৰতনপুৰ গায়ন, ময়েংগীয়া, মিছিং, কান্ধুলিমাৰী, লাছন, চিকাৰীগাঁও আৰু হালধিবাৰী অংশত একাধিক স্থানত গাড়ী ৰখাই মঠাউৰিৰ অৱস্থাৰ চাক্ষুক বুজ লয়। বনগাঁৱৰ পৰা কান্ধুলীমাৰী, লাচন, চিকাৰী আৰু সোণোৱাৰ কছাৰীলৈকে ব্ৰহ্মপুত্ৰৰ মঠাউৰিৰ একাধিক স্থানত শেহতীয়াকৈ দেখা দিয়া ৰেইনকাট আৰু পানীৰ উঁহ শীঘ্ৰে বন্ধ কৰাৰ বাবে উপায়ুক্ত  কৈৰীয়ে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাক নিৰ্দেশ দিয়ে। তদুপৰি, ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমশঃ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়াৰে পৰা জিলাখনৰ মঠাউৰিসমূহৰ সকলো অংশতে দিনে-নিশাই নজৰ ৰাখিবলৈ বিভাগৰ ফালৰ পৰা তহলদাৰী গোট নিয়োজিত কৰিবলৈও জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাক উপায়ুক্ত গৰাকীয়ে দিহা দিয়ে। বিশেষকৈ মঠাউৰিত ওলোৱা পানীৰ উঁহে যাতে বিপজ্জনক ৰূপ ল’ব নোৱাৰে, তাৰ প্ৰতি সকলো সময়তে সম্পূৰ্ণ সচেষ্ট হৈ থাকিবলৈও বিভাগটোক তেওঁ নিৰ্দেশ দিছে। আনহাতে, মঠাউৰিৰ লগতে গড়কাপ্তানী পথ হিচাপেও ইতিমধ্যে উন্নীত কৰা মঠাউৰিটোৰ বনগাঁৱৰ পৰা সোণোৱাল কছাৰীৰ মাজৰ অংশসমূহত গড়কাপ্তানী বিভাগৰ ৰেইন ড্ৰেইনৰ ফলত মঠাউৰি সবলীকৰণৰ বাবে জলসম্পদ বিভাগে নিৰ্মাণ কৰা মঠাউৰিৰ চাইদ-বাৰ্মত সৃষ্টি হোৱা ৰেইনকাটসমূহ ততালিকে মেৰামতি কৰিবলৈ গড়কাপ্তানী বিভাগক উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে। এই অংশসমূহত গড়কাপ্তানী বিভাগে বনোৱা পথৰ ৰেইন-ড্ৰেইনসমূহ চাইদ-বাৰ্মৰ ওপৰতে শেষ নকৰি তললৈকে সম্প্ৰসাৰণ কৰি বৰষুণে যাতে মঠাউৰিৰ চাইদ-বাৰ্মৰ মাটি খহাই নিব নোৱাৰে, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্ত গৰাকীয়ে দুয়োটা বিভাগকে নিৰ্দেশ দিছে।

পেট্ৰপন্য মূল্যবৃদ্ধিৰ বিৰূদ্ধে, বিধায়কৰ অভিনৱ প্ৰতিবাদ ।

কৰিমগঞ্জ : পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে পাম্পত গৈ তেল কিনিব নোৱাৰি ঠেলা গাড়ীত বাইক বান্ধি যাব লগা হৈছে। সাধাৰণতে এনে দৃশ্য নেদেখা ঘটনা, ইয়াক চাবলৈ ভীৰ কৰিলে বহু লোকে। ঘটনাটো হৈছে কৰিমগঞ্জ চহৰত থকা পেট্ৰল পাম্পত। নিতৌ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম। আজিৰ দিনত পেট্ৰলৰ মূল্য হৈছে গৈ ৮৪.৯১ পইছা। বহুতে কিনিব পৰা নাই ইন্ধন। পেট্ৰলৰ দাম শুনি পাম্পৰ পৰা উভতি আহিছে বহুতে। আৰু এনে বাইক চালকক লৈ প্ৰতিবাদ কৰিলে কৰিমগঞ্জ জিলা কংগ্ৰেছে। দলীয় বিধায়ক কমলাক্ষ দে পুৰকায়স্থয় ৰাজপথে দি ঠেলাৰ সৈতে ৰছি ডাল দি বাইক বান্ধি টানি লৈ যায। আন বাইক চালকে ও ঠেলি ঠেলি লৈ যায় বাইক। তেওঁ কয়, কংগ্ৰেছ চৰকাৰৰ সময়ত বিজেপিয়ে ডাঙৰ ডাঙৰ মাত মাতিছিল। কিন্তু আজিৰ দিনত বিজেপি শাসন ক্ষমতাত। তাৰ পিছতো প্ৰতিদিনে বঢ়াই গৈছে দ্ৰব্য মূল্যৰ লগতে জ্বালানীৰ মূল্য।

নাজিৰাৰ ‘বেদ’ একাডেমীৰ দুই ছাত্ৰই লাভ কৰিলে ডিষ্টিংচন ।

নাজিৰাৰ 'বেদ' একাডেমীৰ দুই ছাত্ৰ ক্ৰমে চৈয়দ তাকদীছ নাচিম আৰু মানস প্ৰতীম দত্তই সকলো বিষয়ত লেটাৰ নম্বৰসহ ডিষ্টিংচন লাভ কৰে ।

নাজিৰা : যোৱা ২৫ জুনত ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত নাজিৰা মহকুমা বালিঘাটস্হিত ‘বেদ’ একাডেমীৰ দুই ছাত্ৰ ক্ৰমে চৈয়দ তাকদীছ নাচিম আৰু মানস প্ৰতীম দত্তই সকলো বিষয়ত লেটাৰ নম্বৰসহ ডিষ্টিংচন লাভ কৰি শিক্ষানুষ্ঠানখনৰ লগতে নাজিৰা মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে ।মহাবিদ্যালয়খনৰ পৰা ৫৮ জনে পৰীক্ষাত অৱতীৰ্ণ হৈ ১১ জনে ষ্টাৰসহ ৫২ জনে প্ৰথম, ৫ জনে দ্বিতীয় আৰু ১ জনে তৃতীয় স্হান দখল কৰি এশ শতাংশ ফলাফল কৰিবলৈ সক্ষম হয়৷ মহাবিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ নাজিৰা নগৰৰ নিবাসী চৈয়দ নেচিম আহমেদ আৰু চৈয়দা তাজ ৰেহিমা খাতুনৰ একমাত্ৰ পুত্ৰ চৈয়দ তাকদীছ নেচিম আৰু নাজিৰা মহকুমাৰ ধিতাইপুখুৰীৰ নিবাসী ৰঞ্জিত দত্ত আৰু জলী দত্তৰ পুত্ৰ মানস প্ৰতীম দত্তই ডিষ্টিংচন লাভ কৰি মহাবিদ্যালয়খনৰ লগতে নাজিৰা মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে৷ চৈয়দ তাকদীছ নেচিমে ইংৰাজী, ঐচ্ছিক ইংৰাজী, ৰাসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু জীৱ বিজ্ঞানত লেটাৰ নম্বৰসহ ডিষ্টিংচন লাভ কৰিবলৈ সক্ষম হয়। নেচিমৰ উত্তীৰ্ণৰ হাৰ হৈছে ৮৪.৪% আনহাতে মানস প্ৰতীম দত্তই অসমীয়া, ৰাসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু ভূ-বিজ্ঞানত লেটাৰ নম্বৰসহ ডিষ্টিংচন লাভ কৰিবলৈ সক্ষম হয়। মানস প্ৰতীম দত্তৰ উত্তীৰ্ণৰ হাৰ হৈছে ৮৪.৬%। ছাত্ৰ দুজনৰ এনে সফলতাত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে নাজিৰা নগৰ আৰু ধিতাইপুখুৰীবাসীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে।

উচ্চতৰ মাধ্যমিকৰ ফলাফলত দ্বিতীয়বাৰ অসমৰ ভিতৰত বিজ্ঞান শাখাত শীৰ্ষ স্থান শিৱসাগৰ জিলা ।

নাজিৰা : হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰা শিৱসাগৰ জিলাত আনন্দোল্লাসৰ মাজতে ২৫ জুনত ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল অনুসৰি একেবাৰে দ্বিতীয় বৰ্ষতো সমগ্ৰ অসমৰ ভিতৰত শিৱসাগৰ জিলাই বিজ্ঞান শাখাত শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। জিলাখনত বিজ্ঞান শাখাত ৯৫.৯৭ শতাংশ উত্তীৰ্ণৰ হাৰেৰে প্ৰথম স্থান অধিকাৰ কৰাৰ বিপৰীতে কলা শাখাত ৮৮.৬৬ শতাংশ উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থান আৰু বাণিজ্য শাখাত ৯৫.৫০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। শিৱসাগৰ জিলাৰ পৰা বিজ্ঞান শাখাত ১,১৬৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে ১,১২০ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। ইয়াৰে প্ৰথম বিভাগত ৭২১ গৰাকী, দ্বিতীয় বিভাগত ৩৩৫ গৰাকী আৰু তৃতীয় বিভাগত ৬৪ গৰাকী উত্তীৰ্ণ হয়। কলা শাখাত জিলাখনৰ পৰা মুঠ ৪,৮২৩ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে প্ৰথম বিভাগত ৮৯৯ গৰাকী, দ্বিতীয় বিভাগত ১,৬০৪ গৰাকী আৰু তৃতীয় বিভাগত ১,৭৭২ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। আনহাতে বাণিজ্য শাখাত জিলাখনৰ পৰা ৩৩৩ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়। ইয়াৰে ১০০ গৰাকীয়ে প্ৰথম বিভাগ, ১২০ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৯৮ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। এই সামগ্ৰিক ফলাফলত শিৱসাগৰ জিলাৰ শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱক সকল উৎফুল্লিত হৈ পৰিছে। আনহাতে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা জিলাখনৰ সমূহ ছাত্র-ছাত্ৰীকে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,  জিলা শিক্ষা বিষয়া আব্দুল জেলিলে অভিনন্দন জনাইছে। 

আইচিইৰ দ্বাৰা ঘৰতেই কম্পিউটাৰৰ প্ৰশিক্ষণ ।

উজনি-মাজুলী : ক’ৰণা ভাইৰাচৰ প্ৰভাৱত সমগ্ৰ বিশ্বতেই শিক্ষা আৰু অর্থনীতিৰ ক্ষেত্ৰখনত যথেষ্ট সংকটৰ সন্মুখীন হৈছে৷ এই মহামাৰীয়ে আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে শিক্ষাৰ্থীসকলক৷ বহুতেই ইতিমধ্যে এটা শিক্ষাবৰ্ষ হেৰুৱাই দিয়াৰ আশংকাত ভুগিছে৷ এনে সময়ত বিভিন্ন বৃত্তিমুখী প্ৰশিক্ষণ লৈ থকা প্ৰশিক্ষাৰ্থী সকলো যথেষ্ট লোকচানৰ সন্মুখীন হৈছে৷ তাৰ মাজতে কম্পিউটাৰ আৰু বৃত্তিমুখী শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান আই.চি.ই.য়ে লৈ আহিছে কেইবাটাও সুখবৰ৷ প্ৰথমেই তলাবন্ধৰ সময়চোৱাত তেওঁলোকে প্ৰশিক্ষাৰ্থীসকলক অনলাইন মাধ্যমেৰে পাঠদান কৰি প্ৰশিক্ষাৰ্থী সকলৰ লোকচান যথাসম্ভৱ কম কৰিছে৷ শেহতীয়াকৈ যিকোনো বয়সক লোকেই যাতে ঘৰতে থাকিয়েই কম্পিউটাৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে তাৰো ব্যৱস্থা কৰিছে প্ৰতিষ্ঠানটোৱে৷ অনলাইন আৰু অফলাইন দুয়োটা ধৰণেৰে উপলব্ধ এই প্ৰশিক্ষণলানিক তেওঁলোকে দুটা ভাগত ভাগ কৰিছে৷ বিদ্যালয় পৰ্যায়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে তেওঁলোকৰ পাঠ্যক্ৰমৰ ভিত্তিত সজাই তোলা এটা ক’ৰ্চ আৰু পেচাদাৰী ব্যক্তিসকলেও তেওঁলোকৰ কার্যালয়ৰ কাম-কাজ সুচাৰুৰূপে চলাই নিব পৰাকৈ প্ৰয়োজনীয় বিষয় সন্নিবিষ্ট কৰি সজাই তোলা এটা ক’ৰ্চ আগবঢ়াইছে৷ গৃহিণীকে ধৰি অন্যান্য আগ্ৰহীসকলেও এই ক’ৰ্চত নামভৰ্তি কৰাৰ লগতে সন্তানৰ গৃহকৰ্মকে আদি কৰি কম্পিউটাৰৰ সহযোগত কৰিবলগীয়া কামবোৰৰ বাবে অভিভাৱকসকলো এই ক’ৰ্চ দুটিৰ পৰা সমানেই উপকৃত হ’ব৷ প্ৰশিক্ষণৰ সফল সমাপ্তিত স্বীকৃত প্ৰতিষ্ঠানটিৰ কিউ.আৰ.কোড. সম্বলিত প্ৰমাণপত্ৰও লাভ কৰিব পাৰিব৷ অধিক জানিবলৈ বা নামভৰ্তি কৰিবলৈ ৭০৮৬৭৪৮৭৪৮ এই নাম্বাৰত যোগাযোগ কৰিব পাৰিব অথবা https://www.iceeskill.com/our-courses এই লিংকটোত ৰেজিষ্ট্ৰাৰ কৰিব পাৰিব৷ আইচিইৰ প্ৰায়বোৰ শাখাতেই এই ক’ৰ্চ উপলব্ধ হ’ব বুলি সঞ্চালক ধ্ৰুৱজ্যোতি তামুলীয়ে আমাক জানিৱলৈ দিয়ে৷

কলাত ৯৪ শতাংশ, বিজ্ঞান, বাণিজ্য, কাৰিকৰীত ১০০ শতাংশৰে সাফল্য চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় ।

উজনি-মাজুলী : ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত পূব মাজুলীৰ চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সন্তুোষজনক ফলাফল লাভ কৰিবলৈ সক্ষম হয়। বিদ্যালয়খনৰ পূৰ্বৰ বছৰ সমূহৰ দৰে সফলতাৰ ধাৰাবাহিকতা ৰক্ষা কৰি এই বছৰো বিজ্ঞান, বাণিজ্য আৰু কাৰিকৰী শাখাত ১০০% ছাত্ৰ ছাত্ৰী-উত্তীৰ্ণ হয়। একেদৰে কলা শাখাত ৯৪% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়। বিজ্ঞান শাখাত মুঠ ৮০ জনৰ ভিতৰত সাত জনে ষ্টাৰ মাৰ্ক সহ ৪৯ জনে প্ৰথম, ৩১ জনে দ্বিতীয় বিভাগ লাভ কৰে। কলা শাখাৰ ১৮৯ জন ছাত্ৰ ছাত্ৰীৰ ৪ জনে ষ্টাৰ মাৰ্ক সহ মুঠ ২৪ জনে প্ৰথম বিভাগ, ৬৩ জনে দ্বিতীয়, ১০২ জনে তৃতীয় বিভাগ লাভ কৰে। বিদ্যালয়খনৰ তিনিটাকৈ শাখাত ১০০% উত্তীৰ্ণ হোৱাৰ খবৰে অঞ্চলবাসীক গৌৰান্বিত কৰি তুলিছে।

আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন ।

উজনি-মাজুলী : আন্তর্জাতিক ড্ৰাগছ  আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে শুকুৰবাৰে মাজুলী জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু মাজুলীৰ অন্যতম সেচ্ছাসেৱী সংগঠন ‘ইম্পেক্ট এন. ই’ ৰ সহযোগত এটি কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বিয়লি  গড়মূৰ তিনিআলিত ‘ইম্পেক্ট এন. ই’ৰ কৰ্মকৰ্তা সকলে ড্ৰাগছ সেৱন, প্ৰচলনৰ বিৰুদ্ধে সজাগতামূলক এখন বাটৰ নাট প্ৰদৰ্শন কৰে। মাজুলী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাই শুভাৰম্ভ কৰা বাটৰ নাটখনৰ আঁত ধৰে সমাজ কৰ্মী স্মৃতিশিখা গায়নে । এই অনুষ্ঠানত সজাগতা মূলক বক্তব্য আগবঢ়াই ‘ইম্পেক্ট এন. ই’ ৰ সম্পাদক নীলমনি গায়নে। ইম্পেক্ট এন.ই ৰ সহ: সম্পাদক দীপাংকৰ হাজৰিকা, পৰিয়াল পৰামৰ্শ দান কেন্দ্র, এইডচ প্ৰকল্পৰ কৰ্মকৰ্তা সকলৰ লগতে আৰক্ষী প্ৰশাসনৰ লোক সকলো অনুস্থানটিত উপস্থিত থাকে৷ ড্ৰাগছ সেৱন বা সৰবৰাহৰ ক্ষেত্ৰত মাজুলীবাসীক সদাই সজাগ আৰু সৰ্তক হৈ থাকিবলৈ সংগঠনৰ বিষয়ববীয়া সকলে আহ্বান জনায়।

সোণতলীত প্ৰথমটো বানপানীত বিধ্বস্ত কৃষিভূমি, মৎস পালক : কৃষকৰ মূৰে-কপালে হাত ।

দক্ষিণ কামৰূপৰ বকো বিধানসভা সমষ্টিৰ সোণতলীত প্ৰথমটো বানপানীয়ে ভয়ংকৰ কালৰূপ ধাৰণ কৰিছে ৷

সোণতলী :  ৰাজ্যখনত বিগত কেইদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমুহ উফন্দি উঠাত‌ নৈপৰীয়া অঞ্চলসমুহত পানী উপচি পৰিছে। ৰাজ্যখনৰ কেবাখনো জিলাত প্ৰথমটো বানপানীয়ে কালৰূপ ধাৰণ কৰাত হাহাকাৰৰ সৃষ্টি হৈছে বন্যাৰ্ত্য সকলৰ মাজত৷ দক্ষিণ কামৰূপৰ বকো বিধানসভা সমষ্টিৰ সোণতলীত প্ৰথমটো বানপানীয়ে ভয়ংকৰ কালৰূপ ধাৰণ কৰিছে৷ কেবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক্ৰমাত বৃদ্ধি হৈ আহিছে৷ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সোণতলীৰ প্ৰায় ত্ৰিশখনতকৈও অধিক গাঁও সম্পূৰ্ণ বানপানীৰ কবলত পৰিছে ৷ সোণতলীকে ধৰি জতিয়া দিয়া, পানীখাতী, গৰৈমাৰী, বিলৰজান, বৰদিয়া নয়াপাৰা, লটুৰা দিয়া, আৰিকাটি, কাছাৰিপাম, পল্লিমংগল, চতুৰাপাৰা, ডেকাচাং দক্ষিণ ডেকাচাং, মালিবাৰী,মন্দিৰা, নতুন কাঠমী, নিজ কাঠমী, কিচমত কাঠমী, জাওকাটা দিয়া, বটিয়ামাৰী, দুৰামাৰী আদিকে ধৰি ত্ৰিশখনতকৈও অধিক গাঁও বানপানীৰ কৱলত পৰাত কৃষি ভুমি আৰু মৎস পালকৰ পুখুৰীৰ যথেষ্ট ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে, নেৰানেপেৰা বৰষুণত কৃষকৰ পকা ধান কাটিব নোৱাৰাত বানপানীত তল গৈ পচিব লগা হৈছে৷ কিছুমানে পথাৰৰ পৰা ধান কাটিব পাৰিছে যদিও বৰষুণৰ বাবে শুকাব নোৱাৰাত ঘৰৰ ভিতৰতে পচিব ধৰিছে৷ পুখুৰীত দিয়া লাখ লাখ টকাৰ মাছ বাঢ়নী পানীত পুখুৰীৰ ডুব যোৱাত ওলাই গৈছে। যাৰ প্ৰভাৱত মৎস পালকৰ অৱস্থা পানীত হাহঁ নচৰা অৱস্থা হৈছে। উল্লেখ্য যে, বহু কষ্টৰে কৰা কৃষি সামগ্ৰী চপাব নোৱাৰাত কৃষকে মুৰে কপালে হাত দিব লগা হৈছে৷ আনহাতে বানপানীৰ ফলত  বন্যাৰ্ত্য সকলে খাদ্য সংকটতো ভুগিব লগা হৈছে৷ বানপানীৰ কবলত থকা পশুধনৰ খাদ্যৰ বাবে বন্যাৰ্ত্যই চিন্তাত পৰিছে৷ কিছুমানে ওখ ঠাই বিছাৰি শিবিৰত, কিছুমানে মথাউৰিত আশ্ৰয় লব লগা হৈছে৷ কৃষক সকলৰ হাজাৰ হাজাৰ বিঘা ধান, মৰাপাট, কুঁহিয়াৰৰ লগতে বিভিন্ন ধৰনৰ শাক-পাচলিৰ খেতি সম্পূৰ্ণ বানপানীৰ কবলত পৰিছে ৷ স্মৰ্তব্য যে, বানপানীত কৃষকসকল বিধ্বস্ত হোৱাৰ উপৰিও বৰ্নাত্যই হাহাকাৰ কৰি থকাৰ পিছতো  খবৰ লবলৈ সময় নাই কোনো জনপ্ৰতিনিধি তথা প্ৰশাসনৰ ৷ অচিৰেই বৰ্নাত্যক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰলৈ অনুৰোধ জনাইছে বানত বিধস্ত হোৱা ৰাইজে ৷