Home Blog Page 3276

আইচিইৰ দ্বাৰা ঘৰতেই কম্পিউটাৰৰ প্ৰশিক্ষণ ।

উজনি-মাজুলী : ক’ৰণা ভাইৰাচৰ প্ৰভাৱত সমগ্ৰ বিশ্বতেই শিক্ষা আৰু অর্থনীতিৰ ক্ষেত্ৰখনত যথেষ্ট সংকটৰ সন্মুখীন হৈছে৷ এই মহামাৰীয়ে আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে শিক্ষাৰ্থীসকলক৷ বহুতেই ইতিমধ্যে এটা শিক্ষাবৰ্ষ হেৰুৱাই দিয়াৰ আশংকাত ভুগিছে৷ এনে সময়ত বিভিন্ন বৃত্তিমুখী প্ৰশিক্ষণ লৈ থকা প্ৰশিক্ষাৰ্থী সকলো যথেষ্ট লোকচানৰ সন্মুখীন হৈছে৷ তাৰ মাজতে কম্পিউটাৰ আৰু বৃত্তিমুখী শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান আই.চি.ই.য়ে লৈ আহিছে কেইবাটাও সুখবৰ৷ প্ৰথমেই তলাবন্ধৰ সময়চোৱাত তেওঁলোকে প্ৰশিক্ষাৰ্থীসকলক অনলাইন মাধ্যমেৰে পাঠদান কৰি প্ৰশিক্ষাৰ্থী সকলৰ লোকচান যথাসম্ভৱ কম কৰিছে৷ শেহতীয়াকৈ যিকোনো বয়সক লোকেই যাতে ঘৰতে থাকিয়েই কম্পিউটাৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে তাৰো ব্যৱস্থা কৰিছে প্ৰতিষ্ঠানটোৱে৷ অনলাইন আৰু অফলাইন দুয়োটা ধৰণেৰে উপলব্ধ এই প্ৰশিক্ষণলানিক তেওঁলোকে দুটা ভাগত ভাগ কৰিছে৷ বিদ্যালয় পৰ্যায়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে তেওঁলোকৰ পাঠ্যক্ৰমৰ ভিত্তিত সজাই তোলা এটা ক’ৰ্চ আৰু পেচাদাৰী ব্যক্তিসকলেও তেওঁলোকৰ কার্যালয়ৰ কাম-কাজ সুচাৰুৰূপে চলাই নিব পৰাকৈ প্ৰয়োজনীয় বিষয় সন্নিবিষ্ট কৰি সজাই তোলা এটা ক’ৰ্চ আগবঢ়াইছে৷ গৃহিণীকে ধৰি অন্যান্য আগ্ৰহীসকলেও এই ক’ৰ্চত নামভৰ্তি কৰাৰ লগতে সন্তানৰ গৃহকৰ্মকে আদি কৰি কম্পিউটাৰৰ সহযোগত কৰিবলগীয়া কামবোৰৰ বাবে অভিভাৱকসকলো এই ক’ৰ্চ দুটিৰ পৰা সমানেই উপকৃত হ’ব৷ প্ৰশিক্ষণৰ সফল সমাপ্তিত স্বীকৃত প্ৰতিষ্ঠানটিৰ কিউ.আৰ.কোড. সম্বলিত প্ৰমাণপত্ৰও লাভ কৰিব পাৰিব৷ অধিক জানিবলৈ বা নামভৰ্তি কৰিবলৈ ৭০৮৬৭৪৮৭৪৮ এই নাম্বাৰত যোগাযোগ কৰিব পাৰিব অথবা https://www.iceeskill.com/our-courses এই লিংকটোত ৰেজিষ্ট্ৰাৰ কৰিব পাৰিব৷ আইচিইৰ প্ৰায়বোৰ শাখাতেই এই ক’ৰ্চ উপলব্ধ হ’ব বুলি সঞ্চালক ধ্ৰুৱজ্যোতি তামুলীয়ে আমাক জানিৱলৈ দিয়ে৷

কলাত ৯৪ শতাংশ, বিজ্ঞান, বাণিজ্য, কাৰিকৰীত ১০০ শতাংশৰে সাফল্য চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় ।

উজনি-মাজুলী : ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত পূব মাজুলীৰ চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সন্তুোষজনক ফলাফল লাভ কৰিবলৈ সক্ষম হয়। বিদ্যালয়খনৰ পূৰ্বৰ বছৰ সমূহৰ দৰে সফলতাৰ ধাৰাবাহিকতা ৰক্ষা কৰি এই বছৰো বিজ্ঞান, বাণিজ্য আৰু কাৰিকৰী শাখাত ১০০% ছাত্ৰ ছাত্ৰী-উত্তীৰ্ণ হয়। একেদৰে কলা শাখাত ৯৪% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়। বিজ্ঞান শাখাত মুঠ ৮০ জনৰ ভিতৰত সাত জনে ষ্টাৰ মাৰ্ক সহ ৪৯ জনে প্ৰথম, ৩১ জনে দ্বিতীয় বিভাগ লাভ কৰে। কলা শাখাৰ ১৮৯ জন ছাত্ৰ ছাত্ৰীৰ ৪ জনে ষ্টাৰ মাৰ্ক সহ মুঠ ২৪ জনে প্ৰথম বিভাগ, ৬৩ জনে দ্বিতীয়, ১০২ জনে তৃতীয় বিভাগ লাভ কৰে। বিদ্যালয়খনৰ তিনিটাকৈ শাখাত ১০০% উত্তীৰ্ণ হোৱাৰ খবৰে অঞ্চলবাসীক গৌৰান্বিত কৰি তুলিছে।

আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন ।

উজনি-মাজুলী : আন্তর্জাতিক ড্ৰাগছ  আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে শুকুৰবাৰে মাজুলী জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু মাজুলীৰ অন্যতম সেচ্ছাসেৱী সংগঠন ‘ইম্পেক্ট এন. ই’ ৰ সহযোগত এটি কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বিয়লি  গড়মূৰ তিনিআলিত ‘ইম্পেক্ট এন. ই’ৰ কৰ্মকৰ্তা সকলে ড্ৰাগছ সেৱন, প্ৰচলনৰ বিৰুদ্ধে সজাগতামূলক এখন বাটৰ নাট প্ৰদৰ্শন কৰে। মাজুলী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাই শুভাৰম্ভ কৰা বাটৰ নাটখনৰ আঁত ধৰে সমাজ কৰ্মী স্মৃতিশিখা গায়নে । এই অনুষ্ঠানত সজাগতা মূলক বক্তব্য আগবঢ়াই ‘ইম্পেক্ট এন. ই’ ৰ সম্পাদক নীলমনি গায়নে। ইম্পেক্ট এন.ই ৰ সহ: সম্পাদক দীপাংকৰ হাজৰিকা, পৰিয়াল পৰামৰ্শ দান কেন্দ্র, এইডচ প্ৰকল্পৰ কৰ্মকৰ্তা সকলৰ লগতে আৰক্ষী প্ৰশাসনৰ লোক সকলো অনুস্থানটিত উপস্থিত থাকে৷ ড্ৰাগছ সেৱন বা সৰবৰাহৰ ক্ষেত্ৰত মাজুলীবাসীক সদাই সজাগ আৰু সৰ্তক হৈ থাকিবলৈ সংগঠনৰ বিষয়ববীয়া সকলে আহ্বান জনায়।

সোণতলীত প্ৰথমটো বানপানীত বিধ্বস্ত কৃষিভূমি, মৎস পালক : কৃষকৰ মূৰে-কপালে হাত ।

দক্ষিণ কামৰূপৰ বকো বিধানসভা সমষ্টিৰ সোণতলীত প্ৰথমটো বানপানীয়ে ভয়ংকৰ কালৰূপ ধাৰণ কৰিছে ৷

সোণতলী :  ৰাজ্যখনত বিগত কেইদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমুহ উফন্দি উঠাত‌ নৈপৰীয়া অঞ্চলসমুহত পানী উপচি পৰিছে। ৰাজ্যখনৰ কেবাখনো জিলাত প্ৰথমটো বানপানীয়ে কালৰূপ ধাৰণ কৰাত হাহাকাৰৰ সৃষ্টি হৈছে বন্যাৰ্ত্য সকলৰ মাজত৷ দক্ষিণ কামৰূপৰ বকো বিধানসভা সমষ্টিৰ সোণতলীত প্ৰথমটো বানপানীয়ে ভয়ংকৰ কালৰূপ ধাৰণ কৰিছে৷ কেবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক্ৰমাত বৃদ্ধি হৈ আহিছে৷ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সোণতলীৰ প্ৰায় ত্ৰিশখনতকৈও অধিক গাঁও সম্পূৰ্ণ বানপানীৰ কবলত পৰিছে ৷ সোণতলীকে ধৰি জতিয়া দিয়া, পানীখাতী, গৰৈমাৰী, বিলৰজান, বৰদিয়া নয়াপাৰা, লটুৰা দিয়া, আৰিকাটি, কাছাৰিপাম, পল্লিমংগল, চতুৰাপাৰা, ডেকাচাং দক্ষিণ ডেকাচাং, মালিবাৰী,মন্দিৰা, নতুন কাঠমী, নিজ কাঠমী, কিচমত কাঠমী, জাওকাটা দিয়া, বটিয়ামাৰী, দুৰামাৰী আদিকে ধৰি ত্ৰিশখনতকৈও অধিক গাঁও বানপানীৰ কৱলত পৰাত কৃষি ভুমি আৰু মৎস পালকৰ পুখুৰীৰ যথেষ্ট ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে, নেৰানেপেৰা বৰষুণত কৃষকৰ পকা ধান কাটিব নোৱাৰাত বানপানীত তল গৈ পচিব লগা হৈছে৷ কিছুমানে পথাৰৰ পৰা ধান কাটিব পাৰিছে যদিও বৰষুণৰ বাবে শুকাব নোৱাৰাত ঘৰৰ ভিতৰতে পচিব ধৰিছে৷ পুখুৰীত দিয়া লাখ লাখ টকাৰ মাছ বাঢ়নী পানীত পুখুৰীৰ ডুব যোৱাত ওলাই গৈছে। যাৰ প্ৰভাৱত মৎস পালকৰ অৱস্থা পানীত হাহঁ নচৰা অৱস্থা হৈছে। উল্লেখ্য যে, বহু কষ্টৰে কৰা কৃষি সামগ্ৰী চপাব নোৱাৰাত কৃষকে মুৰে কপালে হাত দিব লগা হৈছে৷ আনহাতে বানপানীৰ ফলত  বন্যাৰ্ত্য সকলে খাদ্য সংকটতো ভুগিব লগা হৈছে৷ বানপানীৰ কবলত থকা পশুধনৰ খাদ্যৰ বাবে বন্যাৰ্ত্যই চিন্তাত পৰিছে৷ কিছুমানে ওখ ঠাই বিছাৰি শিবিৰত, কিছুমানে মথাউৰিত আশ্ৰয় লব লগা হৈছে৷ কৃষক সকলৰ হাজাৰ হাজাৰ বিঘা ধান, মৰাপাট, কুঁহিয়াৰৰ লগতে বিভিন্ন ধৰনৰ শাক-পাচলিৰ খেতি সম্পূৰ্ণ বানপানীৰ কবলত পৰিছে ৷ স্মৰ্তব্য যে, বানপানীত কৃষকসকল বিধ্বস্ত হোৱাৰ উপৰিও বৰ্নাত্যই হাহাকাৰ কৰি থকাৰ পিছতো  খবৰ লবলৈ সময় নাই কোনো জনপ্ৰতিনিধি তথা প্ৰশাসনৰ ৷ অচিৰেই বৰ্নাত্যক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰলৈ অনুৰোধ জনাইছে বানত বিধস্ত হোৱা ৰাইজে ৷

নিবনুৱা সমস্যাৰ স্থায়ী সমাধান কৰক ।

বিশ্বজুৰি কৰোণা মহামাৰী বিয়পি পৰাৰ লগে লগে অসমতো সমান্তৰলাকৈ এই মহামাৰীয়ে নিবনুৱা সমস্যাৰ সৃষ্টি কৰিছে| কৰ্মহীন হৈ পৰিছে এচাম শিক্ষিত যুবক-যুবতী| কৰ্মৰ প্ৰভাবে বেয়াকৈ আৰ্থিকভাবে জুৰুলা কৰি আহিছে এই শিক্ষিত নিবনুৱাৰ পৰিয়াল সকলক| যিসকল আমাৰ অসমীয়া বহি ৰাজ্যত থাকি অৰ্থৰ অভাবত ঘৰমুৱা হ’বলগীয়া হৈছে তেওঁলোকক চৰকাৰৰ আঁচনিৰ জৰিয়তে বিভিন্ন কামত নিয়োজিত কৰি নিবনুৱাৰ সমস্যা সমাধান কৰিব লাগে| অসমৰ নিবনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত  অসম চৰকাৰৰ ভূমিকা সদাই অতি গুৰুত্বপূৰ্ণ নিকা ভাৱমূৰ্তি সম্পন্ন কৰ্ম পৰিকল্পনা হোৱাৰ লগতে হাতত লৈ কৰ্ম বিপ্লৱৰ সূচনা কৰি নিবনুৱা সমস্যা দূৰ কৰাটো মই বিচাৰোঁ। দেশৰ জনসংখ্যা বৃদ্ধি নিবনুৱা সমস্যাৰ মূল কাৰণ যদিও অসমৰ নিবনুৱা সমস্যাৰ কাৰণে ইয়েই প্ৰধান কাৰণ বুলি ক’ব নোৱাৰি৷ আমাৰ ৰাজ্যখনত বহুতো আন কাৰণৰ বাবেও নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি পাই আহিছে৷ এই ক্ষেত্ৰত চৰকাৰৰ সুস্থ, বাস্তৱ সন্মত পৰিকল্পনা আৰু ব্যৱহাৰিক দিশত ইয়াৰ প্ৰয়োগ মূল কাৰণ বুলি আমি অনুভৱ কৰো৷ আন এটা কাৰণ হৈছে অসমৰ ক্ৰটিপূৰ্ণ শিক্ষানীতি, যি শিক্ষানীতিৰ বাবে শিক্ষিত, অৰ্দ্ধশিক্ষিত নিবনুৱাৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি পাই আহিছে। বৰ্তমান চাকৰিমুখী শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীক কেৱল ডিগ্ৰী লাভ কৰাৰ বাবেহে উপযুক্ত কৰি তোলে। বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষাব্যৱস্থাৰ প্ৰচলনৰ অভাৱে ছাত্ৰ-ছাত্ৰীক কেৱল চাকৰিমুখী কৰি তুলাৰ ফলত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই আহিছে৷ থলুৱা শিল্পৰ প্ৰতি গুৰুত্বহীনতাৰ বাবেও অসমত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই আহিছে। বিভিন্ন কুটীৰ শিল্পৰ বাবে প্ৰয়োজনীয় কেঁচা মাল অসমত পৰ্যাপ্ত, কিন্তু এই শিল্পৰ কামসমূহ বহু ক্ষেত্ৰত বাহিৰৰ পৰা অহা  মানুহ কৰে৷ অসমত উৎপন্ন হোৱা খাৰুৱা তেল শোধন কৰাৰ জোখাৰে তেল-শোধানাগাৰ নোহোৱা বাবে বাহিৰলৈ লৈ যাব লগা হয়। সংৰক্ষণৰ অভাৱত ইয়াৰ অধিকাংশ প্ৰাকৃতিক গেছ পুৰি পেলোৱাৰ বিপৰীতে ইয়াৰ সহায়ত উদ্যোগ চলোৱাৰ ব্যৱস্থা আজিও হৈ উঠা নাই। ইয়াৰোপৰি অসমৰ উদ্যোগসমূহত বহু ক্ষেত্ৰত অসমীয়া যোগ্য লোক থকাৰ পিছতো কৰ্ম সংস্থাপন নাপায়। বহু শিক্ষানুষ্ঠান, কাৰ্যালয়ত পদ খালী থকাৰ পিছতো সংস্থাপন দিয়া দেখা নাযায়। ইয়েও নিবনুৱা সংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে৷ অসমত চৰকাৰে  উদ্যোগীকৰণৰ পৰিবেশৰ সৃষ্টি কৰিব নোৱাৰা, অসমীয়া মানুহৰ উদ্যোগীক মানসিকতাৰ প্ৰতি উদাসীন, কৃষিখণ্ডত ব্যাপক সুবিধা থকা স্বত্তেও বিভিন্ন আঁচনিত হোৱা কেলেংকাৰী, মৎস উৎপাদনৰ আচঁনিত দুৰ্ণীতি, কণী, পাচলি আদিৰ বজাৰত চিণ্ডিকেট আদিৰ লগতে চৰকাৰী সু-পৰিকল্পনা আৰু ইয়াৰ সু-প্ৰয়োগৰ অভাৱ আদি দুৰ কৰিলে ৰাজ্যখনৰ নিবনুৱা সমস্যা বহু পৰিমাণে দুৰ হ’ব৷ শেষত এটাই কথা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব বিছাৰিছো যদিহে চৰকাৰে নিবনুৱা সমস্যা সমাধান বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰে তেতিয়া হলে আমি উঠি অহা প্ৰজন্মই একো কৰ্মতে লাজ নকৰি নিজে নিজে যি কোনো কাম কৰাৰ মানসেৰে দৃহ সংকল্প ল’ব লাগিব আৰু এক কৰ্ম বিপ্লৱৰ সূচনা কৰি নিজেই আমাৰ কৰ্ম জৰিয়তে এই নিবনুৱা সমস্যা দূৰ কৰাৰ বাবে ব্যবস্থা গ্ৰহণ কৰিব লাগিব।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিষ্টিংচনেৰে জিলিকি উঠিল দৰিদ্ৰ পৰিয়ালৰ সন্তান অভিজিৎ গগৈ ।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিষ্টিংচনেৰে জিলিকি উঠিল দৰিদ্ৰ পৰিয়ালৰ সন্তান অভিজিৎ গগৈ ।

নাজিৰা : দৰিদ্ৰতা ছাত্ৰ-ছাত্ৰী অধ্যয়নৰ বাবে হেঙাৰ হ’ব নোৱাৰে তাৰে প্ৰমাণ কৰি দেখুওৱালে নাজিৰাৰ চূণপোৰা হেমেনাবাৰীৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী সন্তানে।চূণপোৰা হেমেনাবাৰীৰ নিবাসী  জীৱন গগৈ আৰু তুলু গগৈৰ পুত্ৰ অভিজিৎ গগৈয়ে গড়গাওঁ এম জি এম চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ পৰা   ডিষ্টিংচন লাভ কৰিবলৈ সক্ষম হৈছে।দৰিদ্ৰ পৰিয়ালৰ অভিজিৎ গগৈয়ে ইংৰাজী ৭০,অসমীয়া ৯২,তৰ্ক বিজ্ঞান ৯৫,ৰাজনীতি বিজ্ঞান ৯৩,শিক্ষা ৮৪,সমাজতত্ব-৭৬ নম্বৰে মুঠ ৪৩৪ নম্বৰ লাভ কৰি শতকৰা ৮৬’৬%ৰে ডিষ্টিংচন লাভ কৰিছে।ভৱিষ্যতে সুনাগৰিক হোৱাৰ আশা অভিজিৎৰ।অতি দৰিদ্ৰ পৰিয়ালৰ অভিজিৎ গগৈৰ পিতৃ-মাতৃৰ নাই কোনো জীৱিকা স্থল।অভিজিৎৰ ঘৰলৈ যোৱা বাট-পথ অৱস্থাও শোচনীয়,এজাক নেৰানেপেৰা বৰষুণ দিলেই বোকাময় হৈ পৰে পথছোৱা।ইয়াৰ পিছতো অভিজিৎ গগৈ থমকি ৰ’ব লগা হোৱা নাছিল।পিতৃয়ে হাজিৰা কৰি পোৱা টকা-পইচা আৰু এম জি এম চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ পৰা লাভ কৰা সা-সুবিধাৰ বাবে আজি অভিজিৎ গগৈয়ে  ডিষ্টিংচন লাভ কৰি নাজিৰা চূণপোৰা হেমেনাবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।দৰিদ্ৰ পৰিয়ালৰ অভিজিৎ গগৈৰ পিতৃ-মাতৃয়ে পৰৱৰ্তী পৰ্য্যায়ত অধ্যয়নৰ কোনো ব্যক্তিৰ সহায়ৰ হাতো বিচাৰিলে সংবাদ মাধ্যমৰ যোগে।

পাৰিপাৰ্শ্বিক প্ৰভাৱ নিৰ্ধাৰণ প্ৰাধিকৰণৰ অধ্যক্ষ পদত অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা প্ৰদ্যুৎ কুমাৰ চৌধুৰী ।

দৈনন্দিন বাৰ্তাৰ ডিজিটেল ডেস্ক:

কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে এক নিৰ্দেশনা যোগে ৰাজ্যিক পৰ্যায়ৰ পাৰিপাৰ্শ্বিক প্ৰভাৱ নিৰ্ধাৰণ প্ৰাধিকৰণ, অসমৰ এখন  কমিটি পুনৰ গঠন কৰি দিছে৷ ১৯৮৬ চনৰ পৰিৱেশ সংৰক্ষণ আইন অনুযায়ী গঠন কৰা এই কমিটিখনৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰিছে গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা প্ৰদ্যুৎ কুমাৰ চৌধুৰীক৷ গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা চৌধুৰীয়ে অধ্যক্ষতাৰ এই কমিটিখনত সদস্য হিচাপে আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ড° হৰি প্ৰসাদ শৰ্মা আৰু ৰাজ্যিক বন বিভাগৰ সচিব৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাত উল্লেখ থকা মতে এই কমিটিখনৰ কাৰ্যকাল হৈছে ৩ বছৰ৷ আনহাতে এই কমিটিখনক সহযোগ কৰিবৰ বাবে ৯ জনীয়া সদস্যৰে গঠিত এখন ৰাজ্যস্তৰীয় বিশেষজ্ঞ মূল্যাংকন কমিটিও গঠন কৰা হৈছে৷ এই কমিটিখনৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছে অৱসৰপ্ৰাপ্ত ভাৰতীয় বন বিষয়া স্বপন কুমাৰ শীল শৰ্মাক৷ মূলতঃ ৰাজ্যখনৰ পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ যাতে প্ৰয়োজনীয় আৰু খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় তাৰ বাবে এই বিশেষ প্ৰাধিকৰণ গঠন কৰা হৈছে৷ প্ৰাধিকৰণৰ অধ্যক্ষ আৰু সদস্যসকলে চৰকাৰী নিয়ম অনুযায়ী পৰিৱেশ সংৰক্ষণ তথা পাৰিপাৰ্শ্বিক প্ৰভাৱ নিৰ্ধাৰণৰ হকে কাম কৰি যোৱাৰ কথাও কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাটোত উল্লেখ আছে৷ কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণাত অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ধন্যবাদ জ্ঞাপন কৰিছে আৰু নৱ গঠিত কমিটিখনক অভিনন্দন জ্ঞাপন কৰিছে।

আত্মঘাতী হল এগৰাকী ছাত্ৰী।

উচ্চমাধ্যমিক পৰীক্ষাত উৰ্ত্তীন হ'ব নোৱাৰি মৃত্যুৰ পথ আকোৱালি লয় বানিজ্য শাখাৰ ছাত্ৰী ৰাজশ্ৰী দেবে।

কৰিমগঞ্জ : উচ্চমাধ্যমিক পৰীক্ষাত উৰ্ত্তীন হ’ব নোৱাৰি মৃত্যুৰ পথ আকোৱালি লয় এগৰাকী ছাত্ৰীয়ে । আত্মহত্যাৰ পথ বাছিলোৱা ছাত্ৰী গৰাকীৰ ঘৰ কৰিমগঞ্জ চহৰৰ বিপিনপাল ৰোড এলেকাত। কৰিমগঞ্জ মহাবিদ্যালয়ৰ বানিজ্য শাখাৰ ছাত্ৰী আছিল ৰাজশ্ৰী দেব। মাধ্যমিক পৰীক্ষাত দ্বীতিয় স্থান দখল কৰিলেও উচ্চমাধ্যমিক পৰীক্ষাত উৰ্ত্তীন হ’ব নোৱাৰি চিপলৈ আত্মহত্যা কৰে। ঘৰত কোন নথকাৰ সুযোগলৈ এনে ঘটনা সংঘটিত কৰে।

বিহাৰত বজ্ৰপাতত মৃত্যু ৮৩ জন লোকৰ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক :

বিহাৰৰ বিভিন্ন জিলাত বৃহস্পতিবাৰে বজ্ৰপাতত ৮৩ জন লোকৰ মৃত্যু হয়৷ বিহাৰ চৰকাৰৰ মতে ৰাজ্যখনৰ বিভিন্ন জিলাত বজ্ৰপাতত ৮৩ জন লোকৰ মৃত্যু হয়৷ প্ৰাপ্ত তথ্য মতে বিহাৰত পথাৰত কাম কৰি থকা অৱস্থাত এই লোকসকলৰ বজ্ৰপাতত মৃত্যু হয়৷ বিহাৰ চৰকাৰে মৃত্যুৰ তালিকা ইতিমধ্যে লাভ কৰিছে৷ লগতে জিলা ভিত্তিত মৃত লোকৰ তালিকা প্ৰকাশ কৰিছে৷ এই মৃতসকলৰ ভিতৰত গোপালগঞ্জ জিলাৰ অধিক লোক আছে বুলি প্ৰকাশ৷ এইখন জিলাত ১৩জন লোকৰ মৃত্যু হয়৷ আনহাতে উত্তৰ প্ৰদেশতো একে ধৰণেৰে কেইবাজনো লোকৰ মৃত্যু হয়৷ বিহাৰ আৰু উত্তৰ প্ৰদেশত বজ্ৰপাতত নিহত লোকৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷

ছিপাঝাৰত আৰক্ষী বিষয়াৰ মানসিক অত্যাচাৰত আত্মাহত্যাৰ চেষ্টা যুৱকৰ ।সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্ত্তি ।

ছিপাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দ্ৰ কলিতাৰ মানসিক অত্যাচাৰত আত্মাহত্যাৰ চেষ্টা ইমৰাণ আলী (২৮) নামৰ যুৱক এজনৰ ।

ছিপাঝাৰ :  ছিপাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত  আৰক্ষী বিষয়া চন্দ্ৰ কলিতাৰ আতিষৰ্য্যত অতিষ্ঠ হৈ এজন যুৱকে আত্মহত্যা কৰাৰ পথ বাচি ল’বলগীয়া হোৱা ঘটনাই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ছিপাঝাৰ থানাৰ অন্তৰ্গত গনেশ কুৱৰীৰ ২ নং মাজৰচুবাৰ ইমৰাণ আলী (২৮) নামৰ যুৱক এজনৰ বিৰুদ্ধে একেটা অঞ্চলৰে জনৈক আফতাজুল হকে ছিপাঝাৰ থানাত এটা গোচৰ তৰিছিল।এই গোচৰৰ ভিত্তিত ছিপাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ইমৰানক ঘৰত বিচাৰি যায় আৰু তেওঁক লগ নাপাই পৰিয়ালৰ লোকক দাবী ধমকি দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষী বিষয়াজনে ইমৰানক দিনে নিশাই ফোন কৰি দাবী ধমকি দিয়াৰ লগতে ধনো দাবী কৰে বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে। আৰক্ষীৰ হেচাত উপায়ন্তৰ হৈ যুৱকজনে আত্মহত্যাৰ চেষ্টা চলায়। আজি দিনৰ প্ৰায় ১১-৩০ বজাত ইমৰান আলীয়ে ঘৰৰ পিছফালে থকা এডাল গছত গামোচাৰে চিপ লৈছিল যদিও তৎমুহূৰ্ততে পৰিয়ালৰ লোকে দেখা পায়। তেওঁলোকে ততালিকে গছৰ ডালটো কাটি দিয়াত যুৱকজন মৃত্যু মুখৰ পৰা বাচে যদিও বৰ্তমান বিপদমুক্ত নহয় বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লগতে গাঁৱৰ আন লোকে ইমৰানক ততালিকে চিকিৎসালয়লৈ নিয়ে আৰু আমিনগাঁৱৰ নাৰায়না চুপাৰস্পেচিয়েলিটি হস্পিতালত ভৰ্তি কৰে। ঘটনা সন্দৰ্ভত ইমৰান আলীৰ মাতৃ চানভানু বেগমে আজি দৰঙৰ আৰক্ষী অধীক্ষকৰ ওচৰত সমগ্ৰ ঘটনা বিবৰি এখন এজাহাৰ দাখিল কৰে। আইন শৃংখলাৰ দায়িত্বত থকা এইগৰাকী চন্দ্ৰ কলিতা নামৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই সামান্য অজুহাততে মানুহক বিভিন্ন হাৰাশাস্তি কৰাৰ লগতে ধন দাবী কৰাৰো অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছে।