গুৱাহাটী :
বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ অধীনস্থ শিশু শিক্ষা সমিতি, অসমে সমগ্ৰ ৰাজ্যত ৫৫৬ খন বিদ্যালয়ৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰি গুণগত মানদণ্ডৰ শিক্ষা প্ৰদানত ঈৰ্ষণীয় সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে। বিগত সময়ছোৱাত এই বিদ্যালয়সমূহৰ পৰা একাধিক মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে উন্নত ফলাফল দাঙি ধৰাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেইবাবাৰো অসমৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰি আহিছে। এনে ধাৰাবাহিক সফলতাৰ অন্তত শিশু শিক্ষা সমিতি, অসমে গুৱাহাটীৰ চন্দ্ৰপুৰত এখন পূৰ্ণাংগ আৱাসিক উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰি অসমৰ শিক্ষাৰ ক্ষেত্ৰখনত সাফল্যৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ইয়াক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰিছে সংস্থাটোৱে। এই অনুযায়ী ২০২০-২১ শিক্ষা বৰ্ষত পাঠদান আৰম্ভ কৰিব পৰাকৈ ইতিমধ্যে গুৱাহাটীত শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতন স্থাপন কৰা হৈছে। এই উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনত অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে পাঠদানৰ সুবিধা থাকিব আৰু শিক্ষানুষ্ঠানখন সম্পূৰ্ণৰূপে আৱাসিক হ’ব। প্ৰাৰম্ভিক পৰ্যায়ত বিদ্যালয়খনত কলা আৰু বাণিজ্য শাখাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত পাঠদান কৰা হ’ব। প্ৰতিটো শাখাতে ন্যুনতম মাচুলত ৫০ জন শিক্ষাৰ্থীয়ে নামভৰ্তি কৰাৰ সুযোগ পাব। শিক্ষাৰ্থীসকলে যাতে কৃতকাৰ্যতা লাভ কৰিব পাৰে আৰু পৰ্যাপ্ত দিহা-পৰামৰ্শ পাব পাৰে তাৰ বাবে অভিজ্ঞ, দূৰদৃষ্টিসম্পন্ন, কৌশলী আৰু যুৱ শিক্ষকক নিযুক্তি দিয়া হৈছে। শিক্ষাৰ্থীসকলে যাতে দ্ৰুত পৰিৱৰ্তনশীল পৃথিৱীখনৰ সৈতে নিজকে খাপ খুৱাই ল’ব পাৰে তাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, বি বৰুৱা মহাবিদ্যালয় আদিৰ দৰে আগশাৰীৰ শিক্ষানুষ্ঠানসমূহৰ অভিজ্ঞ সমল ব্যক্তিসকলৰ দ্বাৰাও সময়ে সময়ে পাঠদনাৰ ব্যৱস্থা কৰা হ’ব। এই নব্য শিক্ষানুষ্ঠানখনৰ আন এক বিশেষত্ব হিচাপে কেৰিয়াৰ কাউন্সেলিঙৰ লগতে SSC, NDA আদিৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত বহিব পৰাকৈ বিনামূলীয়া ক’চ্ছিঙৰ ব্যৱস্থা কৰা হৈছে। শিক্ষানুষ্ঠানখনৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছে কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক অম্লানদীপ দাসক। অধ্যাপক দাসে সুদীৰ্ঘ শৈক্ষিক অভিজ্ঞতাৰে শিক্ষাৰ্থীসকল প্ৰতিটো খোজতে আগুৱাই লৈ যাবলৈ সাজু হৈ আছে। এই শিক্ষানুষ্ঠানখনত নামভৰ্তিৰ বাবে আমাৰ ৱেবছাইট www.sumvn.org ৰ জৰিয়তে আবেদন জনাব পাৰিব। এই আবেদন প্ৰক্ৰিয়া ১৫ জুলাইলৈকে অব্যাহত থাকিব। ১৬ জুলাইত নামভৰ্তিৰ বাবে যোগ্য বিবেচিত প্ৰাৰ্থীসকলৰ তালিকা প্ৰকাশ কৰা হ’ব আৰু ৩১ জুলাইৰ ভিতৰত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনাৱলীৰ ভিত্তিত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব। শিক্ষানুষ্ঠানখনত ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে পাঠ গ্ৰহণ কৰিব পাৰিব। ইয়াৰ লগতে স্প’কেন ইংলিছ, কমিউনিকেশ্যন স্কিল আৰু ছ’ফ্ট স্কিলৰ দৰে বিষয়সমূহৰো পাঠদানৰ ব্যৱস্থা থাকিব। অধিক তথ্য তথা আন যিকোনো আপডেটৰ বাবে www.sumvn.org ভিজিট কৰিব পাৰিব বুলি শিশু শিক্ষা সমিতিয়ে জনাইছে।
উক্ত বিষয় সম্পৰ্কে আজি ইংৰাজী ২৬ জুন ২০২০ তাৰিখে শিশু শিক্ষা সমিতি অসমৰ প্ৰান্তীয় কাৰ্যালয়ত এক সংবাদ মেল অনুষ্ঠিত কৰা হয়। শিশু শিক্ষা সমিতি অসমৰ সহ প্ৰান্ত প্ৰচাৰ প্ৰমুখ শৈলেন্দ্ৰ পাণ্ডেই আঁত ধৰা সংবাদ মেলখনক সম্বোধন কৰি শিশু শিক্ষা সমিতি অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে কয় যে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতি বছৰে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল লাভ কৰি অহাটোৱে আমাৰ সফলতাক প্ৰতিফলিত কৰে। ইতিমধ্যে কেইখনমান নিকেতনে নিজা প্ৰচেষ্টাৰে উচ্চতৰ মাধ্যমিকৰ পাঠদান আৰম্ভ কৰিছেও। উক্ত বিষয়টোৰ প্ৰতি চিন্তা কৰি আৰু ৰাইজৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰৰ পৰা আমি উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পুৰ্ণাংগ বিদ্যালয় এখন আৰম্ভ কৰিবলৈ লৈছো। বিদ্যালয়খনৰ শৈক্ষিক দিশটোৰ প্ৰতি আলোকপাত কৰি ৰেক্টৰ তথা অধ্যক্ষ ড০ অম্লানদীপ দাসে কয় যে আমাৰ পাঠদান অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে হব। প্ৰথম পৰ্যায়ত কলা আৰু বাণিজ্য এই দুয়োটা বিভাগত আৰম্ভ কৰিলেও শীঘ্ৰে বিজ্ঞানৰ শ্ৰেণীও আৰম্ভ কৰা হব। পাঠ্যক্ৰমৰ ওপৰিও আমাৰ শিক্ষাৰ্থীসকলৰ বাবে অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষা আদিৰ কোচ্ছিঙৰ ব্যৱস্থাও থাকিব।
শৈলেন্দ্ৰ পাণ্ডেই বিদ্যা ভাৰতীৰ লক্ষ আৰু উদ্দেশ্যৰ বিষয়ে আলোকপাত কৰি কয় যে বিদ্যা ভাৰতীয়ে দেশৰ প্ৰতিটো বৰ্গৰ ছাত্ৰ-ছাত্ৰীয়ে যাতে গুণগত শিক্ষা লাভ কৰে তাৰ প্ৰতি ইয়াৰ প্ৰতিষ্ঠাৰ দিনৰে পৰাই অহৰহ প্ৰচেষ্টা চলাই আহিছে। বিদ্যা ভাৰতীয়ে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক সুনাগৰিক কৰি গঢ়ি তোলাৰ প্ৰতি সংকল্পবদ্ধ হৈ নিজৰ প্ৰচষ্টা চলাই আহিছে। এই ক্ষেত্ৰত আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে বিশেষ ভূমিকা লব বুলি তেওঁ আশা প্ৰকাশ কৰে। লগতে সকলো সাংবাদিক বন্ধুক ধন্যবাদ জ্ঞাপন কৰি মেল খনৰ সামৰণি মাৰে।
বিদ্যা নিকেতনৰ সাফল্যৰ পিছত এইবাৰ অসমত শিশু শিক্ষা সমিতিৰ ‘শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতন’ স্থাপন ।
ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ বাঢ়নি পানীত প্লাৱিত নামনি মাজুলীৰ কৰতিপাৰ গাওঁ পঞ্চায়ত ; বান সাহাৰ্য শিবিৰ মুকলি ।
উজনি-মাজুলী: ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ বাঢ়নি পানীয়ে মাজুলী জিলাৰ মঠাউৰিৰ বাহিৰ ফালে থকা এলেকাসমূহ প্লাৱিত কৰিছে। ইতিমধ্যে জিলা প্ৰশাসনে বানৰ কৱলত পৰা জনসাধাৰণক আপাতকালীন সহায়-সাহাৰ্য আগবঢ়াবলৈ জিলাখনৰ দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা প্ৰণালী সস্তম কৰি তুলিছে। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ লগতে সোৱণশিৰিৰ বাঢ়নি পানীৰ প্ৰভাৱত পৰা নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়ত এলেকাৰ কৰতিপাৰ হাইস্কুলত জিলা প্ৰশাসনে আজি দুপৰীয়া চলিত বৰ্ষৰ প্ৰথমটো বান সাহাৰ্য শিবিৰ মুকলি কৰে। এই শিবিৰত মলুৱাল কলিতা গাঁৱৰ তিনিটা বন্যাৰ্ত পৰিয়ালৰ ১৫গৰাকী সদস্যই আশ্ৰয় গ্ৰহণ কৰিছে। প্ৰশাসনে ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰযোজ্য হৈ থকা সকলো জৰুৰী সতৰ্কতামূলক কাৰ্যব্যৱস্থা গ্ৰহণৰ লগতে প্ৰট’কল অনুসৰণ কৰি এই সাহাৰ্য শিবিৰ পৰিচালনাৰ ব্যৱস্থা কৰিছে। শিবিৰাৰ্থী বন্যাৰ্ত লোকসকলৰ প্ৰতিগৰাকীকে শিবিৰলৈ অহাৰ সময়তে জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা টেম্পেৰেচাৰ স্ক্ৰীণিঙ কৰাৰ উপৰি প্ৰশাসনৰ ফালৰ পৰা মাস্ক আৰু হাত ধোৱাৰ সামগ্ৰী আদি যোগান ধৰা হয়। শিবিৰত স্বাস্থ্য বিভাগৰ এটা দলো ইতিমধ্যে নিয়োজিত কৰা হৈছে। মাজুলীৰ উপায়ুক্ত শ্ৰীবিক্ৰম কৈৰী, আইএএছে দুপৰীয়া এই শিবিৰ পৰিদৰ্শন কৰি শিবিৰাৰ্থীসকললৈ প্ৰশাসনৰ ফালৰ পৰা আগবঢ়োৱা সা-সুবিধাৰ বুজ লোৱাৰ লগতে শিবিৰত ক’ভিড-১৯ প্ৰট’কল কেনেদৰে অনুসৰণ কৰা হৈছে, সেয়া নিৰীক্ষণ কৰে। একেদৰে মাজুলীৰ ৰাজহ চক্ৰ বিষয়া অচ্যুৎ বৰুৱায়ো বিয়লি শিবিৰটো পৰিদৰ্শন কৰি শিবিৰাৰ্থী সকলৰ খবৰ লয়।
সত্তৰ বছৰ বয়সতো অক্লান্ত শিল্পী গম্ভীৰ নাথ ৷ ৰজাঘৰীয়াৰ পৰা আজিও বঞ্চিত প্ৰাপ্ত সন্মানৰ পৰা ৷
✍ দ্বীপেন শইকীয়া
সুৰকাৰ,গীতিকাৰ,দক্ষ কন্ঠ শিল্পী,শংকৰী সংস্কৃতিৰ একনিষ্ঠ সাধক তথা অভিনয় জগতৰ একালৰ সংবেদনশীল অভিনেতা গম্ভীৰ নাথে জীৱনৰ সত্তৰটা বসন্ত অতিক্ৰম কৰাৰ পাছতো থমকি ৰোৱা নাই। বিভিন্ন প্ৰতিকূলতাক নেওচি তেওঁ নিজৰ শিল্প কৰ্ম অব্যাহত ৰাখিছে। নগাঁও জিলাৰ নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত জামুগুৰি গাঁৱত ঘৰ এই গৰাকী আজন্ম শিল্পী গম্ভীৰ নাথৰ ৷ অঞ্চলটোৰ লগতে ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনত গম্ভীৰ নাথক নজনা-নুশুনা লোক হয়তো খুৱ কমেইহে আছে । প্ৰচাৰ বিমুখ এইগৰাকী শিল্পীয়ে জীৱনৰ তিনিকুৰি দহটা বসন্ত অতিক্ৰমিও নজহা-নপমাকৈ ধৰি ৰাখিব পাৰিছে নিজৰ শিল্পী সত্বাক ৷ সেই কথা তেওঁৰ সুৱদীসুৰীয়া কণ্ঠই আজিও প্ৰমাণ কৰি আহিছে ৷ অসমীয়াৰ হৃদস্পন্দন স্বৰূপ গুৰুজনাৰ সৃষ্ট বিখ্যাত “কালি দমন” অংকীয়া নাটখনিৰ পৰিচালক হিচাপে দৰ্শক ৰাইজৰ অন্তৰাত্মাত আধ্যাত্মিক ভাৱৰ সূচনাৰে নৱজাগৰণৰ সৃষ্টি কৰা এইগৰাকী শিল্পী এগৰাকী সুদক্ষ নাট পৰিচালক। তাৰোপৰি গুৰুজনাৰ “ৰাম বিজয়”, “ৰুক্মিণী হৰণ” আদি নাটকত কৰা হৃদয়স্পৰ্শী অভিনয়ৰ লগতে “কৃষক বিদ্ৰোহ”, “জেৰেঙাৰ সতী”, “ভোগজৰা”,”ৰক্ত মুকুট”,”মণিৰাম দেৱান”, “শকুনিৰ প্ৰতিশোধ”, পৰশুৰাম” আদি পাঁচ কুৰিৰো অধিক নাটকত কৰা সাৱলীল অভিনয়ৰ দ্বাৰা দৰ্শক ৰাইজৰ হৃদয়ত থিতাপি ল’বলৈ সক্ষম হৈছিল নাথ৷ আনহাতে নিজৰ সৃষ্টিমূলক গীতৰ পৰিৱৰ্তেও ড° ভূপেন হাজৰিকা, পাৰ্বতিপ্ৰসাদ বৰুৱা, বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা,ৰুদ্ৰ বৰুৱা আদি স্বনামধন্য শিল্পী সকলৰ গীতৰ সুমধুৰ পৰিৱেশনৰ জৰিয়তেও নাথে শিল্পীপ্ৰাণ মনৰ বহিঃপ্ৰকাশ ঘটাই সুন্দৰৰ আলিবাট কাটিবলৈ সক্ষম হৈছে। নগাঁও জিলাৰ চুকেকোণে শিল্পী সত্বাৰ জীৱনৰ বিৰল পৰিচয় দাঙি ধৰিও নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিশ্যনৰ উদ্যোগত বিগত ১৯৭৬ চনতেই চুবুৰীয়া ৰাজ্য অৰুণাচলৰ আলং, পাচিঘাট, তিৰাপ আদিত শংকৰী কলা সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নাথে প্ৰায় ১০ বছৰ কাল ধৰি কৰি অহা অভূতপূৰ্ব সেৱাৰ কথা আজিৰ নতুন প্ৰজন্মৰ বাবে এক অনুকৰণীয় হৈ ৰ’ব ৷তেখেতৰ এই সুদূৰপ্ৰসাৰী সাংস্কৃতিক সচেতনতাই সেই সময়ত আমাৰ সংস্কৃতিক চুবুৰীয়া প্ৰদেশখনত এক উচ্চতম পৰ্যায়লৈ লৈ গৈছিল ৷ সংস্কৃতিক এইদৰে পোহৰাই তোলা লোকজনৰ জীৱন অলেখ সমস্যাৰে ভাৰাক্ৰান্ত। ৰজাঘৰো আজি উদাসীন গম্ভীৰ নাথৰ দৰে শিল্পী সকলক লৈ ৷ নাথৰ সাংস্কৃতিক কৰ্ম দক্ষতা ইতিমধ্যে সাংস্কৃতিক মহাসভা, অসমৰ দৃষ্টিগোচৰ হোৱাত যথেষ্ট পলমকৈ হ’লেও বিগত ২০১৯ বৰ্ষৰ পাঁচ জানুৱাৰীত উজনি অসমৰ শিৱসাগৰত মহাসভাৰ নৰ্থ ইষ্ট সাংস্কৃতিক মহোৎসৱত জীৱন জোৰা সাধনা বঁটাৰে তেওঁক সন্মান যাচে ৷ আনহাতে নাথৰ সৃষ্টি কৰ্মৰ প্ৰতি সদয় হৈ নিজ গাঁও জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থান, আঞ্চলিক গোষ্ঠী, কৃষ্টি সাংস্কৃতিক গোষ্ঠী, নাট্য গোষ্ঠী, শাখা সাহিত্য সভা, আলোক সন্ধানী সমাজ আদি অনুষ্ঠান-প্ৰতিষ্ঠানেও আনুষ্ঠানিকভাৱে সন্মান-সম্বৰ্ধনা জ্ঞাপন কৰাৰ বিপৰীতে নগাঁও ভাওনা সমাৰোহৰ তৰফৰ পৰা তেখেতলৈ পৰম “বৈষ্ণৱ হিতৈষী” হিচাপেও স্বীকৃতি আগবঢ়াই ৷ আকাশ বাণী নগাঁও কেন্দ্ৰত নাথৰ গীত আৰু সাক্ষাৎকাৰ প্ৰকাশৰ উপৰিও “দধী মন্থন“, “পুতনা বধ” আদি অংকীয়া নাটতো অভিনয় কৰি সমাজৰ সমাদৰ বুটলিছে ৷ বিভিন্ন মঞ্চত পৰিৱেশন কৰা নাথৰ সুৱদীসুৰীয়া কণ্ঠৰ বাবেও শ্ৰোতা জনতাৰ হৃদয় ৰাজ্যত বিপুল মুৰ্চনা তুলি ভূয়সী প্ৰশংসা অৰ্জন কৰিবলৈ সক্ষম হয় এইগৰাকী সংগীতশিল্পী ৷ উল্লেখযোগ্য যে অৰুণাচলৰ আলঙৰ এক সাংস্কৃতিক অনুষ্ঠানত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক সৌভাগ্যক্ৰমে নাথে লগ পোৱাৰ সেই মধুৰ ক্ষণত নাথে মঞ্চত গীত পৰিৱেশনত আপ্লুত হৈ সুধাকণ্ঠই তেওঁক নিজে মঞ্চলৈ মাতি একেলগে একেখন মঞ্চতে ’কত জোৱানৰ মৃত্যু হ’ল, কাৰ জীৱন-যৌৱন গ’ল’ শীৰ্ষক হৃদয়স্পৰ্শী কালজয়ী গীতটি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ লগত যুটীয়াকৈ গোৱাৰো নাথৰ বিৰল সৌভাগ্য ঘটিছিল ৷ সেয়ে এই সকল শিল্পীক উচিত সময়ত প্ৰাপ্য সন্মান প্ৰদান কৰিবলৈ নগাঁৱৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানে চৰকাৰৰ ওচৰত আহ্বান জনাইছে ৷
লেখকৰ ফোন নং- ৮৭২৪৯১০১৪৪
বেবেজীয়া জুনিয়ৰ কলেজৰ সাফল্যত উৎফুল্লিত অঞ্চলবাসী ।
নগাঁও : নগাঁও জিলাৰ বেবেজীয়াৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান বেবেজীয়া জুনিয়ৰ কলেজে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সন্তোষজনক ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱাত শিক্ষানুষ্ঠানখনৰ লগতে স্থানীয় ৰাইজৰ মাজত সন্তুষ্টি লাভ কৰিছে ৷ জানিব পৰা মতে, এইবাৰ শিক্ষানুষ্ঠানখনৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা শাখাত অৱতীৰ্ণ হোৱা সৰ্বমুঠ ১১১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০৬ গৰাকীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ৷ উত্তীৰ্ণৰ হাৰ হৈছে ৯৫.৪৯ শতাংশ ৷ ঘোষিত ফলাফলত ৩৭ গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৷ ইয়াৰে ৬০-৭০ শতাংশ নম্বৰ পাই ২৬ গৰাকী, ৭০-৮০ শতাংশ নম্বৰ পাই ৭ গৰাকী আৰু ৮০-৯০ শতাংশ নম্বৰ পাই ৪ গৰাকীয়ে কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ তদুপৰি উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত ১৬ গৰাকীয়ে অসমীয়া, ১৩ গৰাকীয়ে তৰ্কশাস্ত্ৰ আৰু দৰ্শন, ১০ গৰাকীয়ে শিক্ষা, ৭ গৰাকীয়ে ভূগোল, ৪ গৰাকীয়ে ৰাজনীতি বিজ্ঞান আৰু ২ গৰাকীয়ে ইংৰাজী বিষয়ত লেটাৰ মাৰ্ক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে ৷ কাজেই, শিক্ষানুষ্ঠানখনৰ এনে সফলতাত উৎফুল্লিত হৈ পৰা স্থানীয় ৰাইজ তথা অভিভাৱকসকলে অধ্যক্ষৰ লগতে সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীক কৃতজ্ঞতা জনাইছে ৷
সোমবাৰৰ পৰা গুৱাহাটীত সম্পূৰ্ণ লকডাউন ।
দৈনন্দিন বাৰ্তাৰ ডিজিটেল ডেস্ক :
ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বাবে গুৱাহাটীত পৰিস্থিতি ক্ৰমাত্ জটিল হৈ পৰিছে। প্ৰতিদিনে বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। উল্লেখ্য যে গুৱাহাটীত প্ৰতিদিনে শতাধিক ট্ৰেভেল হিষ্ট্ৰী নথকা লোক আক্ৰান্ত হৈছে কোৰোণাত৷ আক্ৰান্ত লোকৰ সংখ্যা নিতৌ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে পুনৰ লকডাউন ঘোষণা কৰা হৈছে ৷ অহা সোমবাৰৰ পৰা গুৱাহাটীত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে। অহা ১৪ দিনৰ বাবে ঘোষণা কৰা হৈছে সম্পূৰ্ণ লকডাউন৷ এইবাৰৰ লকডাউনৰ সময়ত কোনো ধৰণৰ দোকান খোলা নাথাকিব। অহা ১২ জুলাই লৈকে বলৱত্ হ’ব লগা লকডাউন। বন্ধ থাকিব সকলো দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান। কেৱল খোলা থাকিব ফাৰ্মাচী, চিকিত্সায়। আনহাতে আজি সন্ধিয়া সাত বজাৰ পৰা কাইলৈ পুৱা সাত বজালৈ গুৱাহাটীত সান্ধ্য আইন জাৰি কৰা হৈছে ৷ এইবাৰ লকডাউনৰ সমআত সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যালয় বন্ধ থাকিব৷ ইয়াৰ লগতে ঔদ্যোগিক প্ৰতিষ্ঠান বন্ধ থাকিব। আনহাতে লকডাউনৰ সময়ত বানপানীত কাম কৰা লোকৰহে গাড়ী ব্যৱহাৰ কৰিব পাৰিব ৷ কোনো গাড়ীৰ পাছৰ ব্যৱস্থা নাথাকিব৷ লকডাউনৰ সময়ত মঠ-মন্দিৰ বন্ধ থাকিব৷ মৃতকৰ শেষকৃতৰ বাবে শ্মশানত কেৱল বিশজন লোকেহে থাকিব পাৰিব। ইয়াৰ লগতে সেনা, আৰক্ষী, অৰ্ধ-সামৰিক, দুৰ্যোগ প্ৰশমনত জড়িত লোক, সংবাদ মাধ্যম, জৰুৰীকালীন সেৱা খোলা থাকিব। তদুপৰি যুটীয়া সচিবৰ ওপৰৰ বিষয়াসকল কাৰ্যালয়লৈ যাব পাৰিব৷ লগতে সচিবালয় আৰু সঞ্চালকালয় খোলা থাকিব৷ গাখীৰ, শিশু খাদ্য যোগান থাকিব৷ উল্লেখ্য যে প্ৰথম সাতদিন কঠোৰভাৱে লকডাউন পালিত হ’ব। এই লকডাউনৰ সময়ত কোনো ধৰণৰ ব্যক্তিগত যানবাহন চলাচল বন্ধ থাকিব ৷ ইয়াৰ লগতে আন্তঃজিলা পৰিবহণ বন্ধ থাকিব ৷
পুনৰ বৃদ্ধি পেট্ৰল, ডিজেলৰ দাম ।
দৈনন্দিন বাৰ্তাৰ ডেস্ক:
এফালে ক’ৰোনা সংক্রমণ আৰু আনফালে দেশৰ অর্থনীতি নিন্মগামী৷ এনে পৰিস্থিতিত মাজতে পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধিয়ে জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ইয়াৰ লগে লগে বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ উল্লেখ্য যে শুকুৰবাৰৰ দিনটোত ২০ দিন ধৰি পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি পালে৷ পেট্ৰলৰ দাম বাঢ়িল ২১ পইচা৷ আনহাতে ডিজেলৰ দাম বাঢ়িল ১৭ পইচা৷ সকলো মিলি যোৱা ২০ দিনত পেট্ৰল আৰু ডিজেলৰ দাম ১০ টকাৰো বেছি বাঢ়িল৷ শুকুৰবাৰে ৰাজধানী দিল্লীত পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৮০.১৩ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৮০.১৯ টকা হয়৷ বাণিজ্য নগৰী মুম্বাইত পেট্ৰলৰ প্ৰতি লিটাৰত ৮৬.৯২ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত ৭৮.৫১ টকা হয়৷ চেন্নাইত পেট্ৰলৰ প্ৰতি লিটাৰত ৮৩.৩৭ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত ৭৭.৪৪ টকা হয়৷ কলকাতাত পেট্ৰলৰ প্ৰতি লিটাৰত ৮১.৮২ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত ৭৫.৩৪ টকা হয়৷
১৫ জুলাইত চিবিএছই, আইচিএছইৰ দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ।
দৈনন্দিন বাৰ্তাৰ ডেস্ক :
চিবিএছই আৰু আইচিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল অহা ১৫ জুলাইত ঘোষণা কৰা হ’ব ৷ শুকুৰবাৰে এই কথা জনালে উচ্চতম ন্যায়ালয়ে ৷ এই পৰীক্ষা ফলাফলৰ সময়ত নম্বৰ দিয়াৰ বিষয়ে বিশেষ কেতবোৰ পদ্ধতি মানি চলা হ’ব ৷ গড় নম্বৰত সন্তুষ্ট নহ’লে পুনৰ পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীয়ে আবেদন কৰিব পাৰিব ৷ তিনিটা বেছি বিষয়ৰ পৰীক্ষা বেষ্ট অব থ্ৰী হিচাপে গড় নম্বৰ দিয়া হ’ব৷ বাকী বিষয়ৰ নম্বৰ আহিব বেষ্ট অব থ্ৰীৰ গড় নম্বৰত ৷ এটা পৰীক্ষা দিলে আগৰ পৰীক্ষাৰ ভিত্তিত হ’ব মূল্যায়ন। তাৰ লগট যোগ হ’ব প্ৰেক্টিকেল পৰীক্ষাৰ গড় নম্বৰ৷ আনহাতে জুলাইত আইচিএছচি, আইএছচি আৰু চিবিএছইৰ দশম, দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰে৷ এই কথা উচ্চতম ন্যায়ালয়ক জনোৱা হয় ৷ উল্লেখ্য যে লকডাউন উঠি যোৱাৰ পাছত ১ জুলাইৰ পৰা ১৫ জুলাইৰ ভিতৰত বাকী পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা চিবিএছইয়ে বিজ্ঞপ্তি যোগে জনায় ৷ ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীৰ মাজত বিভ্রান্তিৰ সৃষ্টি হয় ৷ যিহেতু বিভিন্ন ৰাজ্যত ক’ৰোনা পৰিস্থিতি বিভিন্ন৷ লকডাউন উঠি গ’লেও ক’ৰোনাৰ সংক্ৰমণ দেশজুৰি তীব্ৰ হৈ আছে৷ শিক্ষাৰ্থীৰ নিৰাপত্তাৰ কথা ভাবি এই মুহূৰ্তত পৰীক্ষা স্থগিত ৰখা হ’বনে বুলি একাংশ অভিভাৱকে উচ্চতম ন্যায়ালয়ত প্ৰশ্ন কৰে ৷ যোৱা ১৮ জুনত এই বিষয়ে চিবিএছইৰ চূড়ান্ত সিদ্ধান্ত ল’বলৈ উচ্চতম ন্যায়ালয়ে এসপ্তাহৰ সময় দিয়ে৷ পৰৱৰ্তী শুনানিত ভিডিঅ’ কনফাৰেন্স যোগে ন্যায়াধীশ এ এম খানউইলকৰ, ন্যায়াধীশ দীনেশ মহেশ্বৰী আৰু ন্যায়াধীশ সঞ্জীব খান্নাৰ বিচাৰপীঠে পৰীক্ষাৰ সিদ্ধান্তৰ বিষয়ে কেন্দ্ৰৰ পৰা জানিব বিচাৰে৷ ছলিচিটৰ জেনেৰেলে জনোৱা মতে এক বিশেষজ্ঞ সমিতিৰ দ্বাৰা পৰিস্থিতি পর্যালোচনা কৰি চাইছে৷ ইয়াৰ পাছত বৃহস্পতিবাৰে দিনৰ ২ বজা পৰ্যায়ৰ চূড়ান্ত সিদ্ধান্ত জনোৱাৰ বাবে সময় দিয়ে৷ ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ জনায় যে চিবিএছই আৰু আইচিএছই পৰীক্ষা বাতিল কৰা হৈছে ৷
দেশত ক’ৰোনা সংক্ৰমণত অভিলেখ : ২৪ ঘণ্টাত ২,১৫,৪৪৬ জন লোকৰ নমুনা পৰীক্ষা ।
দৈনন্দিন বাৰ্তাৰ ডেস্ক :
প্রতি ২৪ ঘণ্টাত নতুন ক’ৰোনা সংক্রমণে অভিলেখ সৃষ্টি কৰিছে ৷ কমাব পৰা নাই সংক্ৰমণ ৷ শুকুৰবাৰে পুৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে যোৱা ২৪ ঘণ্টাত ভাৰতত ১৭,২৯৬ জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে৷ ইয়াৰ লগতে ৪০৭ জনৰ মৃত্যু হৈছে ৷ এতিয়া দেশত মুঠ ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪,৯০,৪০১ জন ৷ এই পৰ্যন্ত মুঠ মৃত্যুৰ সংখ্যা ১৫,৩০১ জন ৷ ইয়াৰ মাজতে দেশত সুস্থৰ সংখ্যা বাঢ়িছে৷ ইয়াৰ পৰিমাণ হ’ল ৫৮.২৪ শতাংশ। এই পৰ্যন্ত দেশত ২,৮৫,৬৩৭ জন লোক সুস্থ হৈছে৷ কিন্তু ২৪ ঘণ্টাত নতুনকৈ সংক্ৰমণ হোৱা কথাই চিকিৎসকসকলৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে৷ আক্ৰান্তৰ তালিকাত শীৰ্ষত আছে মহাৰাষ্ট্ৰ৷ এইখন ৰাজ্যত যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হয় ৪,৮৪১ জন। ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হ’ল ১,৪৭,৭৪১ জন ৷ কেৱল মুম্বাইতে আক্ৰান্ত হৈছে ৭০,৯৯০ জন ৷ ইয়াৰ পাছত আছে দিল্লী, তামিলনাডু, গুজৰাট, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু পশ্চিম বংগ ৷ দিল্লীত মুঠ আক্ৰান্তৰ সংখ্যা হ’ল ৭৩,৭৮০ জন৷ তৃতীয় স্থানত থকা তামিলনাডুত মুঠ আক্ৰান্ত হ’ল ৭০,৯৭৭ জন ৷ তালিকাৰ চতুৰ্থত থকা গুজৰাটত মুঠ আক্ৰান্ত হ’ল ২৯,৫২০ জন৷ মৃত্যুৰ তালিকাত সকলোবোৰ ৰাজ্যৰ ভিতৰত ওপৰত আছে মহাৰাষ্ট্ৰ৷ এইখন ৰাজ্যত সাত হাজাৰ লোকৰ মৃত্যু হৈছে ৷ দিল্লীত ২৪২৯, গুজৰাটত ১৭৫৩, পশ্চিম বংগত ৬০৬ জনৰ মৃত্যু হৈছে৷ এই পৰ্যন্ত দেশত ৭৭,৭৬,২২৮ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ৷ যোৱা ২৪ ঘণ্টাত ২,১৫,৪৪৬ জন লোকৰ নমুনা পৰীক্ষা কৰে ৷
ক’ৰোণাত আক্ৰান্ত মুম্বাইৰ প্ৰতিষ্ঠিতদেৱনীয়াৰ আলোচনীৰ বেটুপাত মডেল ইশিকা বৰা ।

নগাঁও : অসমৰ পৰা গৈ মুম্বাইৰ গ্লেমাৰ জগতত প্ৰতিষ্ঠিত হোৱা, ব্যয়বহুল দেৱনীয়াৰ আলোচনীৰ ৫টাকৈ সংখ্যাৰ বেটুপাতত স্থান পোৱা ইশিকা বৰা আক্ৰান্ত হৈছে ক’ৰোণাত। নগাঁও জিলাৰ কামপুৰৰ পৰা গৈ মুম্বাইৰ গ্লেমাৰ জগতত প্ৰতিষ্ঠিত হোৱা ইশিকাই বিগত এটা দশক জুৰি গ্লেমাৰ জগতত ব্যাপক খ্যাতি অৰ্জন কৰিছে। বহু আন্তৰ্জাতিক কোম্পানীৰ আবেদনময়ী বিজ্ঞাপনৰ জৰিয়তে মডেলিং জগতত আত্মপ্ৰকাশ কৰা ইশিকা বৰাই এছিয়াৰ শ্ৰেষ্ঠ আবেদনময়ী মডেলৰ তালিকাৰ শীৰ্ষ স্থানো লাভ কৰিছিল। যোৱা ১৯ জুনত মুম্বাইৰ পৰা গুৱাহাটীত উপস্থিত হোৱা ইশিকাই স্বোৱাব টেষ্টৰ পিছতে নগাঁৱৰ কামপুৰৰ নিজ ঘৰত হোম কোৱাৰেণ্টাইন হৈ আছিল। ২৩ জুনৰ নিশা ক’ভিদ-১৯ পজিটিভ হোৱাৰ ৰিজাল্ট অহাৰ পিছতে কালি পুৱা ইশিকাক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিদ হস্পিতালত ভৰ্তি কৰা হয়। ইপিনে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিদ হস্পিতালত কোনো পৰ্য্যাপ্ত সুবিধা নোপোৱাৰ লগতে লেতেৰা পৰিৱেশত ক’ভিদ ৰোগীক ৰখাৰো অভিযোগ তুলিছে মডেল গৰাকীয়ে।

মুষলধাৰে অহা এজাক বৰষুণত কাকপথাৰৰ বিভিন্ন অঞ্চল জলমগ্ন । ঘৰ দুৱাৰ বুৰ গল বহু লোকৰ ; মৎস্য, শস্যৰ ব্যাপক অনিষ্ট সাধন ।
ডিৰাক সীমান্ত : ইটোৰ পিছত সিটো দুৰ্যোগে দেখা দিয়া ৰাজ্যখনত পুনৰ ৰুষ্ট হৈ পৰিছে প্ৰকৃতি। ক’ৰণা মহামৰীয়ে ৰাইজৰ অৰ্থনৈতিক অৱস্থা কোঙা কৰাৰ পাছতে এইবাৰ বৰুণ দেৱতাইও মানৱ জাতিৰ ওপৰত ৰুষ্ট হৈ পৰিছে। নেৰা নেপেৰাকৈ মুখলধাৰে দি থকা বৰষুণৰ ফলত জলমগ্ন হৈ পৰে তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত অসংখ্য গাঁও। ৰাজহ চক্ৰৰ অন্তৰ্গত কঁপাহতলী, ৰংপুৰীয়া, কুৰুকানী, বৰডিৰাক, চোমণি, চোমনি মাজুলী, ২নং সৰুডিৰাক, থাপাবাৰী, মজবাৰী, বগৰিবাৰী, দ-পথাৰ, চেঙেলী, সৰুমেচাই, নলাকান, কলিতা চুক, গন্ধৈগুৰি হাঁহখাটী, আহোম পথাৰ, ধলা মিৰিপথাৰ, ছৈখোৱা আদিকে ধৰি বিভিন্ন গাঁও পানী বুৰাই পেলাইছে। আনহাতে টঙনা, কৈলাশপুৰ, কাচিজান আদি গাঁওসমূহতো বৰষুণৰ পানীয়ে প্লাবিত কৰি কৃষি শস্যৰ অনিষ্ট কৰিছে। বহুলোকৰ ঘৰ-দুৱাৰ, কঠীয়াতলী, শাক-পাচলি পানীত বুৰ যোৱাৰ উপৰিও পুখুৰীত মেলি থোৱা মাছ-কাছ ওলাই গৈছে। কৃষিজীৱি, মৎস্যজীৱি গঞা ৰাইজৰ সকলো শেষ কৰি নিয়াত এতিয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নেৰা নেপেৰা বৰষুণে ইতিমধ্যে গ্ৰাম্য অঞ্চলৰ মুখ্য পথসমূহ পানী বুৰাই পেলোৱাৰ উপৰিও চৰকাৰৰ বিভিন্ন আঁচনিত নিৰ্মিয়মান পথৰ ব্যাপক ক্ষতি হৈছে। গ্ৰাম্য জনসাধাৰণৰ একমাত্ৰ উপাৰ্জনৰ থল কৃষি শস্য আৰু মৎস্য উৎপাদনত বাঢ়নী পানীয়ে বিধস্ত কৰাত সকলোৱে মুৰে কপালে হাত দিবলগীয়া হৈছে। এই ক্ষেত্ৰত জিলা প্ৰশাসন তথা চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ ৰাইজৰ লগতে সামাজিক দল-সংগঠনে আহ্বান জনাইছে।













