Home Blog Page 3285

ইতিহাসত প্ৰথম : ভক্তবিহীন জগন্নাথ মন্দিৰৰ ৰথযাত্ৰা ।

দৈনন্দিন বাৰ্তা ডেস্ক:

ভাৰতত ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ সময়তে উচ্চতম ন্যায়ালয়ে সাতদিনীয়া ৰথযাত্ৰা উৎসৱ সীমিতভাৱে উদযাপনৰ অনুমতি দিয়াৰ পাছত ইতিহাস সলনিৰ সাক্ষী হৈ ৰ’ল এই ধর্মীয় উৎসৱ৷ এইবাৰ প্ৰথমবাৰৰ বাবে ভক্তবিহীন জগন্নাথ মন্দিৰত বহু সংখ্যক পুৰোহিতে পুৰীৰ বিখ্যাত ৰথযাত্ৰাৰ আয়োজন কৰে৷ উল্লেখ্য যে পূৰ্বৰ দৰে এইবাৰ পথৰ কাষত নাই ভিৰ৷ নাই পূৰ্বৰ দৰে কোনো উৎসৱমুখৰ পৰিৱেশ৷ তাৰ মাজতে মন্দিৰৰ পৰা পথৰ মাজেৰে মাহীয়েকৰ ঘৰলৈ যাত্ৰা জগন্নাথ, বলৰাম, সুভদ্রাৰ৷ ৰথৰ ৰচী ধৰিবৰ বাবে মানুহৰ হেতাওপৰা৷ পুৰীত মঙলবাৰে দেখা গ’ল এই দৃশ্য৷ তিনিখন ৰথ আগুৱাই যাওতে পথ ভক্তহীন৷ ইতিহাসত এইবাৰেই প্ৰথম এনে দৃশ্য৷ উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ বিধিনিষেধ মানিয়ে চলিল ৰথ৷ সেৱকে ৰথ টানি নিলে৷ অৱশ্যে সেই সংখ্যা কম নহয়৷ চৰকাৰী হিচাপ মতে ১২০০ জন ইয়াত নিযুক্ত৷ বেচৰকাৰী হিচাপত ১৫০০ জনৰ ওচৰাওচৰি৷ এই সকলোৰে ক’ভিড পৰীক্ষাৰ পাছত নিগেটিভ পায়৷ বহুয়ে মুখত মাস্ক পৰিধান কৰে৷ ৰথযাত্ৰা আৰম্ভ কৰাৰ আগতে মন্দিৰটো ছেনিটাইজাৰ কৰা হয়৷ সংবাদ প্ৰতিষ্ঠানৰ ভিডিঅ’ত দেখা মতে বহু সেৱকে ঢাকঢোল বজাই নাচিছে৷ বাকীসকলে জগন্নাথৰ বিগ্রহ ৰথত তুলিছে৷ আন এক ভিডিঅ’ দেখা গ’ল ৰথত বিগ্ৰহ তোলাৰ সময়ত বহু মানুহে ভিৰ কৰিছে৷ ইপিনে পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰথযাত্ৰাৰ ভক্তসকলক শুভেচ্ছা জনায়৷ সোমবাৰে উচ্চতম ন্যায়ালয়ে ৰথযাত্ৰাৰ অনুমতি দিলেও কেতবোৰ চৰ্ত বান্ধি দিয়ে৷ সেই চৰ্ত মতে পুৰীলৈ সোমোৱা সকলো পথ বন্ধ ৰখা হ’ব৷ বিমানবন্দৰ, ৰে’ল ষ্টেচন বন্ধ থাকিব৷ ৰথযাত্ৰাৰ দিনা পুৰীত সান্ধ্যআইন জাৰি কৰা হ’ব৷ সৰ্বোচ্চ ৫০০ জল সেৱকে ৰথ টানিব পাৰিব৷ জগন্নাথৰ পূজা ৰীতিনীতি চূড়ান্ত কৰোতে সোমবাৰে কেইবাখনো সভা অনুষ্ঠিত হয়৷ পুৰীৰ মন্দিৰৰ প্ৰধান পুৰোহিত ৰাজেশ দৈতাপতিয়ে জনোৱা মতে, পুৱা ৭ বজাত ৰথত উঠে মহাপ্ৰভু৷ তাৰ পাছত ঝাৰু দিবলৈ ৰজা আহে৷ এই সকলো ৰীতি শেষ হয় দিনৰ ১২ বজাত৷ ইয়াৰ পাছতে তিনি কিলোমিটাৰ পথ অতিক্ৰম কৰে মহাপ্ৰভুৰ ৰথ ৷

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে যোৱা শুকুৰবাৰে বাঘজান ৱেলতো নিষিদ্ধ ঘোষণা কৰাৰ পিছত কালি উঠাই লোৱা জাননি দিয়াৰ আঁৰৰ ৰহস্য কি ?

তিনিচুকীয়া : বাঘজান বিজিআৰ নং ৫ ৱেল অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অনুমতি অবিহনে উৎপাদন চলাই আছে- এই কথা আমি কোৱা নাই স্বয়ং প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে যোৱা শুকুৰবাৰে এক বিবৃতি যোগে প্ৰকাশ কৰিছিল। কিন্তু অতি ৰহস্যজনকভাবে কালি পৰিষদৰ অধক্ষ্য আৰু অইল ইণ্ডিয়াৰ চিএমডিৰে হোৱা গোপন বৈঠকৰ অন্তত স্থানীয় ৰাইজ তথা ডিব্ৰু-ছৈখোৱাৰ অস্তিত্বক জলাঞ্জলি দি নিষেধাজ্ঞা উঠাই লোৱা কায্যই ইয়াৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আছু, মটকযুৱ ছাত্ৰ সন্মিলন, মটক সন্মিলন, প্ৰকৃতিপ্ৰেমী সংগঠনৰ প্ৰতিনিধিয়ে শীঘ্ৰে প্ৰদূষণ্‌ নিয়ন্ত্ৰণ পৰিষদৰ এনে ৰহস্যজনক সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে তীব্ৰ আন্দোলনৰ ভাবুকি প্ৰদান কৰিছে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল : চীনৰ বিৰুদ্ধে দুখন যুদ্ধত ভাৰত ।

দৈনন্দিন বাৰ্তা ডেস্ক :

ভাৰতে এতিয়া চীনৰ বিৰুদ্ধে দুখন যুদ্ধত যুঁজ কৰিছে৷ এখন লাডাখত আৰু আনখন ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে৷ সোমবাৰে সাংবাদিক মেলত এই কথা কয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷ মুখ্যমন্ত্ৰী কেজৰিৱালে লগতে কয় যে আজি আমি চীনৰ বিৰুদ্ধে দুখন যুঁজত যুঁজিছো৷ এখন সীমান্তত আৰু আনখন চীনৰ পৰা অহা ভাইৰাছৰ বিৰুদ্ধে৷ আমাৰ ২০ জন জোৱান পিছলৈ অহা নাছিল৷ আমি দুয়োখন যুদ্ধত জয়ী হম৷ ক’ৰোনা যুদ্ধৰ সমানে সীমান্তত যুদ্ধত থকা জোৱানসকলক প্ৰশংসা কৰি কেজৰিৱালে কয়, আমাৰ চিকিৎসক, নাৰ্চ আৰু জোৱানসকল সকলোৱে যুঁজ কৰিছে আৰু দেশৰ সকলো মানুহ তেওঁলোকৰ কাষত আছে৷ সমগ্ৰ দেশ একত্ৰিত হৈ যুদ্ধত যুঁজ কৰিছে৷ আমাৰ চীন আৰু ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ হৈছে৷ সাংবাদিক মেলত দিল্লীৰ মুখ্যমন্ত্ৰীজনে কয় যে যোৱা সপ্তাহৰ পৰা এই পৰ্যন্ত ১০০০ সংক্ৰমণ বাঢ়িছে৷ ৰাজধানীত এতিয়া কমেও ২৫০০০ জনৰ চিকিৎসা চলি আছে৷ তাৰ মাজতে সুস্থ হৈ ঘৰলৈ গৈছে কমেও ৩৩,০০০জন। চিকিৎসালয়ত আছে কমেও ১২,০০০জন। লগতে একাংশ ৰোগীৰ চিকিৎসা ঘৰতে হৈছে৷ তেওঁলোকক অক্সিজেন প্ৰয়োজন হ’লে দিল্লী চৰকাৰক ফোন কৰিলেই ঘৰত দি থৈ আহে৷ দিনটোত প্রায় ১৮,০০০টা নমুনা পৰীক্ষা হৈছে বুলি মুখ্যমন্ত্ৰী কেজৰিৱালে কয়৷

ঐতিহাসিক পুৰীৰ ৰথ যাত্ৰাৰ অনুমতি দিলে উচ্চতম ন্যায়ালয়ে ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক :

ঐতিহাসিক পুৰীৰ ৰথ যাত্ৰাৰ কেই ঘণ্টামান পূৰ্বে সোমবাৰে চর্তসাপেক্ষে অনুমতি দিলে উচ্চতম ন্যায়ালয়ে। কেন্দ্র, ৰাজ্য আৰু মন্দিৰ কমিটিৰ সমন্বয়ত এই ৰথযাত্রা হ’ব পাৰে৷ আজি এই কথা জনায় মুখ্য ন্যায়াধীশ এছ এ বোবডেই। ইয়াৰ বাবে গাইডলাইন মানি চলিবলৈও কোৱা হৈছে। উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে ক’ৰোনা সংক্রমণ বিয়পি পৰাৰ আশংকাত পুৰীৰ ৰথযাত্রাত নিষেধাজ্ঞা জাৰি কৰে শীর্ষ আদালতে। সেই ৰায় পুনর্বিচাৰৰ আবেদন কৰে কেন্দ্রীয় চৰকাৰ আৰু ওড়িশা চৰকাৰে। আজি তাৰ পৰিপ্রেক্ষিততেই শেষ পর্যন্ত ৰথযাত্রা উৎসৱত অনুমতি দিয়ে উচ্চতম ন্যায়ালয়ে। মন কৰিব লগা যে ২৩ জুনৰ পুৰীত ৰথযাত্রা আৰম্ভ হোৱাৰ কথা। ১০-১২ দিন ধৰি চলা এই উৎস্ত লাখ লাখ মানুহৰ সমাগম হয়। কিন্তু ক’ৰোনা পৰিস্থিতিৰ মাজত ৰথযাত্রা পিছুৱাই দিয়াৰ আর্জি জনাই উচ্চতম ন্যায়ালয়ত এটি গোচৰ ৰুজু হয়। জনস্বাস্থ্যৰ কথা ভাবি কার্যত ৰথযাত্রাত নিষেধাজ্ঞা জাৰি কৰে শীর্ষ আদালতে। ইয়াৰ পিছত সেই ৰায় পুনর্মূল্যায়নৰ দাবীত আদালতত আবেদন কৰা হয়। তাক শুনিবলৈ ৰাজী হয় শীর্ষ আদালত। প্রধান ন্যায়াধীশ এছ এ বোবডেৰ নেতৃত্বাধীন তিনি ন্যায়াধীশৰ খণ্ড আদালতে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমৰে আজি গোচৰটো শুনে। লগত আছিল ন্যায়াধীশ এ এছ বোপান্না আৰু দীনেশ মাহেশ্বৰী৷ ন্যায়াধীশসকলে স্পষ্টভাৱে জনাই দিয়ে, পুৰীৰ বাহিৰে আৰু ক’তো ৰথযাত্রা হ’ব নোৱাৰিব। জনস্বাস্থ্যক লৈও যে কোনো আপোচ কৰা নাযাব তাকো স্পষ্টভাৱে জনাই দিয়া হৈছে। কেন্দ্র, ৰাজ্য আৰু পুৰীৰ মন্দিৰৰ কমিটিক সমন্বয় কৰি কাম কৰাৰ নির্দেশ দিয়া হৈছে। পুৰীৰ মন্দিৰৰ তৰফৰ পৰা ৰাজ্যেৰ গাইডলাইন মানিয়েই উৎসৱ পালনৰ কথা কথা কোৱা হৈছে।

হয়বৰগাঁওৰ পুৰণি এ টি ৰোডৰ ব্যৱসায়ী সকলৰ উদ্যোগত শ্বহীদক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।

হয়বৰগাঁওৰ পুৰণি এ টি ৰোডৰ ব্যৱসায়ী সকলৰ উদ্যোগত শ্বহীদক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।

নগাঁও : ভাৰত – চীন সীমান্তত দেশৰ হকে প্ৰাণ অাহুতি দিয়া বীৰ শ্বহীদ সকলৰ অাত্মাৰ শান্তিৰ অৰ্থে হয়বৰগাঁওৰ পুৰণি এ টি ৰোডৰ ব্যৱসায়ী সকলৰ উদ্যোগত আজি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ্বহীদ সকলৰ আত্মাৰ সদগতিৰ উদ্দেশ্যে বন্তি প্ৰজ্জ্বলন কৰা লগতে ফটোত পুস্পাজ্ঞলী অৰ্পন কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে।অনুষ্ঠানত মাৰোৱাৰী সন্মিলনৰ সভাপতি অনিল শৰ্মা, হয়বৰগাঁও  ব্যৱসায়ী সন্হাৰ বিজয় মঙ্গোলনীয়া,জগদীশ লোহিয়া,ৰাজেন্দ্ৰ প্ৰসাদ মুনদ্ৰা,গোপাল পোদ্দাৰ,সুৰেশ কুমাৰ শৰ্মা, জগদীশ ধোদ,পৱন কিল্লা আদি উপস্থিত থাকে।

কৰিমগঞ্জত সদৰ থানাত বাইকৰ উজান ।

কৰিমগঞ্জ : কৰিমগঞ্জ সদৰ থানাত বাইকৰ উজান। এখনৰ পিছত এখন বাইক। যেন বাইকৰ  মেলাহে লাগিছে। ইজনৰ পিছত সিজন বাইকৰ মালিক আহিছে আৰু লৈ গৈছে একো একোখন বাইক। কৰিমগঞ্জ আৰক্ষীয়ে চুৰি হোৱা মটৰচাইকেল উদ্ধাৰ কৰি বাইকৰ উজান লগাইছে। ৯ খনকৈ বাইক। ইয়াৰ মাজত আছে বুলেট, এভেঞ্জাৰ, পালছাৰ স্কুটী, এখন মিনি ট্ৰাক, এখন বলেৰো গাড়ীৰ লগতে এটা গৰুৰ পোৱালি উদ্ধাৰ কৰে কৰিমগঞ্জ আৰক্ষীয়ে। বৰাকৰ বিভিন্ন জিলাত চুৰি হৈছিল এই বাইকসমুহ আৰু গাড়ী। সেই বাইক, গাড়ী উদ্ধাৰ হৈছে কৰিমগঞ্জৰ বাখৰশাল, পাথাৰকান্দিৰ সাতঘৰি, পাথাৰকান্দিৰ বাংলাদেশ সীমান্ত সোনাতলা এলেকাৰ পৰা। লগতে কৰিমগঞ্জ চহৰ এলেকাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চুৰি কাণ্ডৰ সৈতে জড়িত তিনিজনক।কৰিমগঞ্জ চহৰতো চুৰি হৈছিলে কেইবাখনো বাইক। এটা চুৰৰ সূত্ৰ ধৰি কৰিমগঞ্জ সদৰ আৰক্ষীয়ে আৰম্ভ কৰে অভিযান। প্ৰথমতে বাখৰশালৰ পৰা গ্ৰেপ্তাৰ কৰে কমৰুল ইছলামক। তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ হয় তিনিখনকৈ বাইক। ইয়াৰে পম খেদি পাথাৰকান্দিৰ সাতঘৰি গাঁৱৰ তাজ উদ্দিন আৰু আনোৱাৰ হুছেইনক আটক কৰিবলৈ সক্ষম হয়। আৰু সেই ঠাইৰ পৰা উদ্ধৰ হয় এখন স্কুটী আৰু দুখন বাইক। দেওবাৰে নিশা উদ্ধাৰ হয় শিলচৰৰ পৰা চুৰি হোৱা এখন বুলেট আৰু এখন পালছাৰ বাইক। লগতে আৰু এখন বুলেটৰ খুলি ৰখা অংশ বিশেষ। ধাৰনা কৰা হৈছে যে চুৰি কৰি অনা সকলো বাইক বাংলাদেশত চোৰাংকৈ পঠোৱা হয়।  শিলচৰৰ ৰামনগৰৰ পৰা এনিশা চুৰি হয় দুখনকৈ বাইক আৰু এখন স্কুটী। বুলেটৰ মালিকগৰাকীয়ে এনেদৰে কয় যে কেৱল বাইকে নহয়, বলেৰো গাড়ীতে কৰি চুৰ কৰি লৈ অহা গৰুৰ পোৱালিও উদ্ধাৰ হয়। বলেৰো গাড়ীৰে গৰু চোৰাংকৈ লৈ যোৱাৰ সময়ত লংগাই আৰক্ষী চকীত আটক কৰে আৰক্ষীয়ে। ধাৰনা কৰা হৈছে বলেৰো গাড়ীখন চুৰ কৰি অনা হৈছে। লগতে উদ্ধাৰ কৰা হয়  আন এখন মিনি ট্ৰাক।  কৰিমগঞ্জ আৰক্ষীৰ  গাড়ী, বাইক, গৰুৰ পোৱালি উদ্ধাৰ সন্দৰ্ভত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিৎ কৃষ্ণই কয়- বৰাকৰ বিভিন্ন জিলাৰ পৰা চুৰি হোৱা সকলো বাইক উদ্ধাৰ হৈছে কৰিমগঞ্জৰ বিভিন্ন ঠাইৰ পৰা।

নগাঁৱৰ জাজৰি আৰু আলিটাঙনিত বন বিভাগৰ অভিযানত চোৰাং কাঠ ফলা মিল সহ জেনেৰেটৰ জব্দ ৷

নগাঁৱৰ জাজৰি আৰু আলিটাঙনিত বন বিভাগৰ অভিযানত চোৰাং কাঠ ফলা মিল সহ জেনেৰেটৰ জব্দ ৷

 নগাঁও : নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিদ্দেশ মৰ্মে সদৰ বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ  নেতৃত্বত যোবা এটি দলে আজি জিলা খনৰ জুৰীয়া আলিটাঙনিত দুটাকৈ চোৰাং কাঠ ফলা মিলত অভিযান চলাই এটা মিলৰ পৰা এটা কাঠ ফলা মেচিন আৰু আন এটাৰ মিলৰ পৰা এটা জেনেৰেটৰ চেট জব্দ কৰিবলৈ সক্ষম হয় ৷ দিৰ্ঘদিন ধৰি জুৰীয়া আলিটাঙনি অঞ্চলত চোৰাং কাঠ ফলা কামত জড়িত হৈ থকা চাইদুল ইছলাম আৰু আনোৱাৰ হুছেইন নামৰ লোক দুজনে এনেদৰে চোৰাংকৈ এই দুটা কাঠ ফলা মিল চলাই আহিছিল ৷ এক গুপন সূত্ৰৰ পমখেদি বন বিভাগে আজি অভিযান চলাই এই দুই ব্যক্তিৰ অবৈধ কাঠ ফলা মিল দুটাৰ সামগ্ৰী সমূহ জব্দ কৰিবলৈ সক্ষম হয় ৷ আনহাতে,নগাঁও বন বিভাগৰ প্ৰটেকচন শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোবা এটি দলে জাজৰিৰ পৰা এটা চোৰাং কাঠ ফলা মিল সহ এটা জেনেৰেটৰ চেট জব্দ কৰিবলৈ সক্ষম হয় ৷ দিৰ্ঘদিন ধৰি জাজৰিত এনেদৰে অবৈধ ভাবে চোৰাং কাঠ ফলা কামত জড়িত হৈ থকা মিলটো চলাই আহিছিল ধন ওৰফে কলিয়া দুৱৰা নামৰ লোকজনে ৷ অৱশ্যে বন বিভাগৰ অভিযানৰ সময়ত কাঠ ফলা মিল কেইটাৰ এজনো গৰাকীক বন বিভাগৰ লোকে আটক কৰিব নোবাৰিলে ৷

নগাঁৱত ট্ৰেভেল হিষ্ট্ৰি নথকা কিশোৰীৰ দেহত কোভিড পজিটিভিক লৈ আতংকিত ৰাইজ । মহিলা আৰক্ষী সহ ১১জন আৰক্ষীৰ লোকক কোৱাৰেণ্টাইন ।

নগাঁও : এজন যুৱকে পলুৱাই নিয়া ভ্ৰমণ বৃত্তান্ত নথকা এগৰাকী কিশোৰীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পাচত নগাঁৱত কৰ’না ভাইৰাছক লৈ জনসাধাৰণ অধিক শংকিত হৈ পৰিছে ।কিশোৰীগৰাকীক উদ্ধাৰকাৰী ১১ জন আৰক্ষীৰ লোকক কোৱাৰেন্টাইন থাকিবলগীয়া হোৱা ঘটনাই নগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰে। জানিব পৰা মতে, এসপ্তাহ পূৰ্বে নগাঁৱৰ হুজ ৰঙাগড়াৰ নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীক জিলাখনৰ ৰাইদঙীয়া অঞ্চলৰ এজন যুৱকে পলুৱাই নিয়ে।ইপিনে কিশোৰীগৰাকী সন্ধানহীন হোৱা বুলি তেওঁৰ পৰিয়ালে হয়বৰগাঁও আৰক্ষী চকীত দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ১৩৭২/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ।পাচত হয়বৰগাঁও আৰক্ষীয়ে ১৬ জুনত কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও কিশোৰীগৰাকীক লৈ যোৱা যুৱকজনক আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাছিল। আনহাতে  আৰক্ষীয়ে উদ্ধাৰ কৰা ছাত্ৰীগৰাকীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত যাৱতীয় স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে তেওঁৰ ‘স্বোৱাব’ৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। সেইদিনা ছাত্ৰী গৰাকীক নগাঁও সদৰ থানাৰ মহিলা আৰক্ষী চেলত নিশাটো ৰখোৱাৰ পিছত পিছদিনা আদালতত হাজিৰ কৰাই আৰু পিছত ছাত্ৰী গৰাকীক পিতৃ-মাতৃক  চমজাই দিয়ে। ইপিনে কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নথকা ছাত্ৰী গৰাকী কোভিড পজিটিভিত আক্রান্ত হোৱাটো কালি  স্বাস্থ্য বিভাগে নিশ্চিত কৰাৰ লগে লগে নগাঁও জিলা স্বাস্থ্য বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ মাজত হুৱা-দুৱাৰ সৃষ্টি হয়। ইতিমধ্যেই নগাঁও আৰক্ষী প্ৰশাসনে নগাঁও সদৰ থানা আৰু হয়বৰগাওঁ আৰক্ষী চকীৰ মহিলা আৰক্ষী সহ ১১জন আৰক্ষীৰ লোকক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে। সম্প্ৰতি এই আৰক্ষীৰ লোকসকলক নগাঁও চহৰৰ কেইবাখনো হোটেলত কোৱাৰেণ্টীন কৰি ‘স্বোৱাব’ৰ নমুনা সংগ্ৰহ কৰা হয় । ইয়াৰ ভিতৰত হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীও আছে। ইতিমধ্যে নগাঁও জিলা স্বাস্থ্য বিভাগে কিশোৰী গৰাকীৰ সংস্পৰ্শলৈ অহা তেওঁৰ পিতৃ-মাতৃ সহ পৰিয়ালৰ আন লোকসকলৰো ‘স্বোৱাব’ৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে তেওঁ লোকক স্বাস্থ্য বিভাগৰ নীতি অনুসৰি হোম কোৱাৰেণ্টীনৰ ব্যৱস্থা কৰা হয় । আনহাতে কিশোৰীগৰাকীক  পলুৱাই নিয়া যুৱকজনৰ পৰিয়ালৰ লোকক আৰক্ষী আৰু স্বাস্থ্য বিভাগে  নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ আনি ‘স্বোৱাব’ৰ নমুনা সংগ্ৰহ কৰি  পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ।

মাজুলীৰ গড়কাপ্টানী বিভাগত ব্যাপক দুৰ্নীতি : মাজুলীৰ পহুমৰা-গুৱালবাৰী সংযোগী পকী দলং নিৰ্মানত ব্যাপক অনিয়মৰ অভিযোগ ; ৰাইজে বন্ধ কৰিলে কাম ।

উজনি-মাজুলী : মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ গড়কাপ্তানী বিভাগত চলি থকা নৱনিৰ্মীত বাট, পথ, উন্নয়নমূলক কাম সমূহত ব্যাপক অনিয়ম সংঘটিত হৈ অহাৰ বাতৰি প্ৰকাশ হৈ অহাৰ পিছতো বিভাগৰ উচ্চ পদস্থ বিষয়া সকলে নিৰব ভূমিকা গ্ৰহন কৰাৰ অভিযোগ উঠিছে ৷ শাসকীয় দলৰ একাংশ নেতা, পালিনেতা, মাজুলীৰ বিভাগীয় একাংশ বিষয়াৰে মিলি ঠিকাদাৰে চলাইছে ব্যাপক লুণ্ঠনৰাজ ৷ মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ গড়কাপ্টানী বিভাগত দুৰ্নীতিৰে পাহাৰ গঢ়িছে জৈনেক হাজৰিকা উপাধিৰ ঠিকাদাৰ জনে ৷ ঠিকাদাৰ জনৰ তত্বাৱধানত চলি থকা প্ৰায়বোৰ কামতেই ব্যাপক দুৰ্নীতি সংঘটিত হৈছে ৷ কোনো পথ নিৰ্মীয়মান অৱস্থাতেই খহি পৰাৰ উপৰি চাইডবান্ধ নিদিয়া কৈ নিৰ্মান কৰিছে বাট, পথ ৷ উল্লেখ্য যে এই ঠিকাদাৰ জনৰ তত্বাৱধানত ৬,৩৬,৬৭,৭৮৫ টকাৰ ব্যয় সাপেক্ষে নিৰ্মান কাৰ্য চলি থকা মাজুলীৰ পহুমৰা-গুৱালবাৰী সংযোগী পথটোত নিৰ্মান কৰি থকা পকী দলংত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ দলং নিৰ্মানৰ আৰম্ভনিৰে পৰা ম্যাদ উকলা চিমেন্ট, বোকা মিশ্ৰিত বালি আৰু শিলেৰে দলং নিৰ্মান কৰাক লৈ সৰব হৈ পৰিছে স্থানীয় ৰাইজ ৷ ঠিক একেদৰে এককাঁল পানীতে দলংৰ খুটাঁ নিৰ্মানৰ চেষ্টা চলোৱা ঠিকাদাৰৰ বিৰোধে গৰজি উঠিছে স্থানীয় দল সংগঠন ৷ উল্লেখ্য যে অলপতে এই দলংখনত সংঘটিত হোৱা অনিয়ম প্ৰত্যক্ষ কৰি স্থানীয় সচেতন মহলে দলং নিৰ্মানৰ কাম বন্ধ কৰি দিয়াৰ লগতে দলং নিৰ্মানত হোৱা অনিয়ম, আৰু দুৰ্নীতিৰ এক ক্ষীপ্ৰ তদন্তৰ দাবী তুলিছে ৷ মাজুলীত এনেদৰে এতিয়া গড়কাপ্টানী বিভাগত হোৱা চৰম দুৰ্নীতিৰ অঘোষিত প্ৰতিযোগিতা চলা বুলিহে মাজুলীৰ সৰ্বতে চৰ্চা চলিছে ৷ মখ্যমন্ত্ৰীৰ সমষ্টি হিচাপে মাজুলীৰ চুকে কোনে অভাৱনীয় ভাবে পকী পথ, দলং, বিভিন্ন বিভাগত উন্নয়নমূলক আঁচনিৰ কাম চলি আছে যদিও শাসকীয় দলৰ একাংশ নেতা , বিভাগীয় বিষয়াৰ কমিচন ৰাজৰ পৰিনতিতেই জনসাধাৰনৰ মনপুত কাম নোহোৱাৰ অভিযোগ উঠিছে ৷ উঠি ৰজা, বহি ৰজা হৈ মাজুলীৰ একাংশ ঠিকাদাৰে নিজে মই-মতালী , খেয়াল-খুচিৰে কাম সম্পাদন কৰাৰ ফলতেই নিৰ্মীয়মান অৱস্থাতেই কাম সমূহত কেৰোন লগাৰ অভিযোগ তুলিছে বিভিন্ন দল সংগঠন, আৰু সচেতন মহলে ৷

ক’ৰোনাৰ নতুন উপসৰ্গ চালৰ ৰোগ ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক:

নাই কোনো জ্বৰৰ লক্ষণ, নাই কাঁহ, ডিঙিৰ বিষ বা শ্বাসকষ্ট৷ কিন্তু সন্দেহ হোৱাত পৰীক্ষা কৰি পালে ক’ভিড-১৯ পজিটিভ৷ ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা প্ৰতিদিনেই বৃদ্ধি পাইছে৷ এই ভাইৰাছত আক্ৰান্ত হ’লে অন্যতম উপসৰ্গ হ’ল জ্বৰ৷ এই কথা ইমান দিনে সকলোৱে জানি আহিছে৷ কিন্তু জ্বৰ, কাঁহ আৰু শ্বাসকষ্টৰ উপৰি নতুন নতুন উপসৰ্গ আহিছে ৰোগীৰ মাজলৈ৷ ক্ৰিটিকেল কেয়াৰ বিশেষজ্ঞ এজনে জনোৱা মতে ক’ভিড-১৯ত আক্ৰান্তৰ শ্বাসকষ্ট আৰু জ্বৰ আৰম্ভ হয় সংক্ৰমণা ৫-৬ দিনৰ পাছত৷ কলকাতাৰ এখন বেচৰকাৰী চিকিৎসালয়ৰ মুখ্য প্ৰশাসনিক বিষয়া এজন মাৰাত্মক ডায়েৰিয়াত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্ত্তি হৈছে৷ পৰীক্ষা কৰাৰ পাছত তেওঁ ক’ভিডত আক্ৰান্ত বুলি প্ৰকাশ৷ ইণ্ডিয়ান ছ’চাইটি ফৰ পেডিয়াট্ৰিৰ ডাৰ্মাট’লজীৰ সভাপতিয়ে জনোৱা মতে ক’ভিড-১৯ৰ উপসৰ্গ হিচাপে ভৰিৰ আঙুলিত চৰ্মৰোগ বা ঘা হ’ব পাৰে৷ তদুপৰি ছালৰ বিভিন্ন ঠাইত সৰু সৰু ম’হে কামুৰাৰ দৰে হ’ব পাৰে৷ ক’ভিডৰ বাবে ভৰিৰ ফুট ছুৰ নামৰ ভৰিৰ বুঢ়া আঙুলিৰ তলত এক বিশেষ ধৰণৰ ঘা হয়৷ একমাত্ৰ ক’ৰনা হ’লেন এই নিৰ্দিষ্ট সমস্যাই দেখা দিয়ে৷ ক’ৰনাৰ উপসৰ্গবোৰ হ’ল

* জিভাৰ সোৱাদ নোহোৱা হয় ৷

* গোন্ধ নাপায় ৷

* পিটৰ বিষ আৰু ডায়েৰিয়া হয় ৷

* ভৰিৰ আঙুলিত ঘা হয় ৷

* ছালৰ বিভিন্ন ঠাইত সৰু ম’হে কামোৰাৰ দৰে হয় ৷

* গাটো উখহে, বিষ হয়৷* পেটৰ বিষ আৰু বমি হ’ব পাৰে ৷

* জ্বৰৰ লগতে কঁপনি হ’ব পাৰে ৷

* ডিঙিৰ বিষ, কাঁহ, শ্বাসকষ্ট আৰু জ্বৰ হয় ৷ 

উল্লেখ্য যে ক’ভিড-১৯ত আক্ৰান্তৰ বহুৰে কোনো উপসৰ্গ নাই৷ হৰ্থাৎ ৬-৭ দিন শ্বাসকষ্ট হয় আৰু অৱস্থা সংকটজনক হৈ পৰে৷