Home Blog Page 3287

আন্তর্জাতিক যোগ দিৱসত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী : শ্বাসযন্ত্রক অধিক কাৰ্যক্ষম কৰে প্রাণায়মে।

দৈনন্দিন বাৰ্তা ডেস্ক:

প্ৰাচীন কালৰ ভাৰতৰ ঋষিমুনিসকলৰ মাজত প্রচলিত যোগৰ অন্যতম ক্রিয়া প্রাণায়ম। যি আচলতে শ্বাসযন্ত্ৰৰ ব্যায়াম আৰু তাৰ উন্নতি ঘটায় ক’ভিড–১৯ত যেতিয়া ফুচফুচ আক্ৰান্ত হয়  তেতিয়ান সমগ্ৰ বিশ্বই যোগৰ গুৰুত্ব বুজি পাইছে৷ কাৰণ প্রাণায়মে শ্বাসযন্ত্রক অধিক কাৰ্যক্ষম কৰি তোলে৷ দেওবাৰে আন্তর্জাতিক যোগ দিৱসত এই মন্তব্য কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে৷ তেওঁ কয়, আমাৰ প্ৰতিৰোধ ক্ষমতা শক্তিশ গ’লে ৰোগৰ বিৰুদ্ধে যুঁজিব পাৰে৷ যোগৰ বহু ক্ৰিয়া আছে যি প্ৰতিৰোধ ক্ষমতা আৰু হজম শক্তি বঢ়ায়৷ ক’ভিড-১৯য়ে আমাৰ শ্বাসযন্ত্ৰক আক্ৰমণ কৰে৷ শ্বাসপ্ৰশ্বাসৰ ব্যায়াম প্রাণায়ম আমাৰ সকলোকে বেছি সহায় কৰে স্বাসযন্ত্ৰক শক্তিশালী কৰাত৷ ষষ্ঠ আন্তর্জাতিক যোগ দিৱসত দেশবাসীক অভিনন্দন জনাই প্রধানমন্ত্রীয়ে কয়, এই দিনটো সার্বভৌম ভ্রাতৃত্ব আৰু একতাৰ দিন। যোগৰ মাজেৰে বৰ্ণ বা লিংগ বৈষম্য বিৰোধী, সুস্থ-সৱল গ্ৰহ তৈয়াৰ কৰাত সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে মোডীয়ে৷ আন্তর্জাতিক যোগ দিৱসত এদিন যোগাসন কৰে ১৮০০০ ফুট উচ্চতাৰ লাডাখত কৰ্তব্যৰত আৰু বদ্রীনাথত ১৪০০০ উচ্চতাত অৱস্থিত বাসুধৰা হিমবাহত কৰ্তব্যৰত আইটিবিপি জোৱান, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰকাশ জাভেৰকাৰ, ধর্মেন্দ্র প্রধানসহ বিজেপিৰ মন্ত্ৰী আৰু নেতাসকলে ৷

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে  ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে।

শ্বহীদ ভাৰতীয় সেনা বাহিনীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন লগতে চীনা বৰ্জন সন্দৰ্ভত হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিৰ সংবাদ মেল ।

শ্বহীদ ভাৰতীয় সেনা বাহিনীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন লগতে চীনা বৰ্জন সন্দৰ্ভত হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিৰ সংবাদ মেল ।

নলবাৰী : ভাৰতীয় সেনা বাহিনীক চীনে সীমাত ষড়যন্ত্ৰ ৰচিত কৰি নিহত কৰা বাবে সমগ্ৰ ভাৰতবৰ্ষৰ জনগনই শ্বহিদ সকলৰ আত্মাৰ চিৰ শান্তিৰ বাবে অশ্ৰু ভৰা শ্ৰদ্ধাঞ্জলি অৰ্পন কৰাৰ লগতে আজি হিন্দু ক্ৰান্তি দল নলবাৰী জিলা সমিতিয়েও পুষ্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আৰু বিগত সময় চোৱাত চিৰ বৈৰী চীনৰ সা সামগ্ৰী বয়কত কৰাৰ উদ্দেশ্যে আজি এক সংবাদ মেল অনুষ্ঠিত কৰে । উক্ত সংবাদ মেলত হিন্দু ক্ৰান্তি দল নলবাৰী জিলা সমিতিৰ সংযোজক নিৰ্মল ৰাজবংশীয়ে কয় যে এজন ব্যাক্তি বা এখন দেশ ইতিবাচক দিশেৰে যিমানেই শক্তিশালী ৰুপত সমাজৰ আগত ধৰা দিব ,সিমানেই সেই ব্যাক্তিজনৰ নাইবা সেই দেশখনৰ বিৰুদ্ধে ৰচনা কৰা হব এটাৰ পাচত আন এটা ষড়যন্ত্ৰ । লগতে সংযোজক গৰাকীয়ে পুনৰ কয় যে,চীন দেশে সস্তীয়া বস্তুুৰ প্ৰলোভন প্ৰদান কৰি  ভাৰতৰ বজাৰ দখল কৰি স্থানীয় ক্ষুদ্ৰ উদ্যোগ বন্ধ কৰি অসম তথা ভাৰতত নিবনুৱা সমস্যাৰ সৃষ্টি কৰিছে । আমি কিনা চিনা সামগ্ৰীৰ ধনেৰে চীনে পাকস্তানক গুলি বোমা যোগান ধৰে । যি বোমা বাৰুদে আামাৰ জোৱান সকলৰ বুকু বিদাৰিছে । অতিকৈ গুৰুত্ব পুৰ্ণ কথাতো হল অসমৰ আয়ুস ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত বান্ধ নিৰ্মান কৰি অসম বা ভাৰতবৰ্ষক মৰুভূমিলৈ ৰপান্তৰ কৰিব বিচাৰিছে।যিখন দেশে ভাৰতবৰ্ষক NSG গ্ৰুপত অন্তৰ্ভুক্তিৰ বাবে বাৰে বাৰে হেঙাৰ হিচাবে থিয় দি আছে।যিখন দেশে অসমৰ  আকচাই চীন নামেৰে অসমৰ ভূ গৰ্ভ এতিয়াও দখল কৰি আছে,যিখন দেশে ভাৰত আৰু অসম বিৰোধী শক্তিক আশ্ৰয় আৰু সাহায্য প্ৰদান কৰি আহিছে।সেয়েহে হিন্দু ক্ৰান্তি দলৰ আহ্বান যিসকল লোকে শীত তাপ,ধুমুহাকো নেওচি আমাক সুৰক্ষা দি আছে,তেওলোকক যদি কিঞ্চিতমানো  ভাল পাই তেন্তে চীনা সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থাকক।চীনা সামগ্ৰী ক্ৰয় কৰি অসম বা ভাৰত বিৰোধী কামৰ আংশীদাৰ নহব।চীনৰ এপদ বস্তু কিনা মানে  পাকিস্তানৰ এটা গুলি দাম দিয়া।লগতে সংযোজক গৰাকীয়ে ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ আহ্বান জনাই যে সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ গাৱে ভূৱে ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিব লাগে যত দেশৰ নিবনুৱা আৰু অৰ্থনৈতিক সমস্যাৰ পৰা হাত সাৰিব পৰা যাব।

নামখলাৰ দিপীলাত জাতীয় উন্নয়ন পৰিষদৰ ৰাভা দিৱস পালন ।

নামখলাৰ দিপীলাত জাতীয় উন্নয়ন পৰিষদৰ ৰাভা দিৱস পালন ।

দৈনন্দিন বাৰ্তা :

জাতীয় উন্নয়ন পৰিষদৰ উদ্যোগত দিপীলা আঞ্চলিক ৰাইজৰ সহযোগত বিষ্ণু ৰাভা দিৱসটি লকডাউনৰ সকলো নীতি নিয়ম মানি অনুষ্টুপীয়াকৈ পালন কৰে৷ পুৱা বিষ্ণুৰাভা প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে নিৰঞ্জন বৈশ্যই। বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে ক্ৰমে পৰেশ চহৰীয়া, বীৰেন কলিতাই৷ সাম্প্ৰতিক কালৰ ওপৰত সুন্দৰভাৱে আলোকপাত কৰে অৰূপ কলিতাই৷ ভাষণ প্ৰদান কৰে ক্ৰমে প্ৰদীপ কলিতা, বাহাৰুল ইছলাম৷ স্মৃতি গ্ৰন্থ উন্মোচন কৰে অখিল ৰঞ্জন ভট্টই ৷  সভাত উপস্থিত থাকি সৌষ্ঠৱ বঢ়াই ধ্ৰুৱ প্ৰসাদ শৰ্মাকে ধৰি বহুকেইগৰাকী প্ৰতিভাবাণ লোকে৷ আনহাতে বিশ্ব ত্ৰাস সৃষ্টি কৰা ক’ৰনা মহামাৰীৰ সময়তে অনুষ্টুপীয়াকৈ হলেও সংস্কৃতিৰ বাহক বিষ্ণু ৰাভা দিৱসটি পালন কৰা হয় বুলি জাতীয় উন্নয়ন পৰিষদৰ উদ্যোগতা অমিয় কুমাৰ ডেকাই জানিব দিয়ে৷

নাজিৰাত দুখীয়া শিপিনীলৈ তাঁতশাল।

নাজিৰাত দুখীয়া শিপিনীলৈ তাঁতশাল।

নাজিৰা : আজি নাজিৰা এম.চি ক্লাবত “হস্ততাত আৰু বস্ত্ৰ শিল্প বিভাগৰ বৃত্তিমুখী আঁচনিৰ অধীনত নাজিৰা সমষ্টিৰ ৩৪ গৰাকী শিপিনীক তাঁতশাল বিতৰণ কৰা হয়। ইয়াৰোপৰি তেখেতসকলক চৰকাৰীভাৱে পাঁচ হাজাৰ টকাকৈ মূলধন হিচাপে দিয়াৰ ব্যৱস্থা হয় । শিৱসাগৰৰ হস্ততাঁত বস্ত্ৰ বিভাগৰ সহকাৰী সঞ্চালক ৰামকৃষ্ণ শৰ্মাৰ নেতৃত্বত বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ উপস্হিতিত এই তাঁত শালসমূহ বিতৰণ কৰা হয়। নাজিৰা সমষ্টিৰ যিসমূহ পৰিয়ালে তাঁত শালখনকে সাৰথি হিচাপে লৈ উপাৰ্জন কৰি জীৱন-নিৰ্বাহ কৰি আছে, সেইসমূহ পৰিয়ালৰ শিপিনীসকল যাতে স্বনিৰ্ভৰশীল কৰি গঢ় দিয়াৰ উদ্দেশ্যে  এই সহায়ৰ হাত আগবঢ়োৱা হৈছে। এই তাঁতশালৰ যোগেদি  শিপিনীসকল অধিক কাৰ্য্যক্ষম, কৰ্মোদ্যমী হৈ উঠাৰ লগতে পৰিয়ালটো চলি থাকিবৰ বাবেও যথেষ্ট সুবিধা হ’ব বুলি  বিৰোধী দলপতি শইকীয়াই মত প্ৰকাশ কৰে। যিহেতু এই ক’ৰণা মহামাৰীত বহি:ৰাজ্যত কৰ্মৰত বহু যুৱক-যুৱতী অসমলৈ ঘূৰি আহিছে, তেওঁলোকৰ মাজৰ যুৱতীসকলে যদি বিশেষকৈ তাঁত শালৰ জৰিয়তে কাপোৰ বৈ মেলি, ইয়াক বৃত্তি হিচাপে লৈ নিজৰ কৰ্মদক্ষতাৰে আগবাঢ়ি যাব পাৰে তেন্তে নিশ্চয় তেওঁ লোক স্বাৱলম্বী হ’ব পাৰিব। এই অনুষ্ঠানত শিৱসাগৰ হস্ততাঁত বিভাগৰ বিষয়া কুমুদ ৰঞ্জন দুৱৰাৰ লগতে বিধায়ক দেৱব্ৰত শইকীয়াৰ সহধৰ্মিনী বন্দনা শইকীয়া, অসম ৰাজ্যিক জীৱিকা অভিযানৰ অধীনত নাজিৰাৰ নাফুক গ্ৰাম্য সংগঠনৰ সভানেত্ৰী কানন কাকলি বুঢ়াগোহাঁই আদিকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্হিত থাকে।

চীনৰ ৰঙা চকুক অংগুষ্ঠ প্ৰদৰ্শন কৰি গালৱান নদীত দলং নিৰ্মাণ ভাৰতৰ ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন:

চীনৰ ৰঙা চকুক অংগুষ্ঠ প্ৰদৰ্শন কৰি লাডাখত বৃহৎ সাফল্য পালে ভাৰতীয় সেনা বাহিনীয়ে৷ গালৱান নদীৰ ওপৰত উচ্চ থিয় পাহাৰত বেইলি ব্ৰীজ বা অস্থায়ী দলং নিৰ্মাণ কৰিলে সেনাৰ অভিযন্তাই৷ উল্লেখ্য যে সমতলত মাটি নাই৷ অতি ঠেক গিৰিপথ৷ প্ৰবল ঠাণ্ডা আৰু চীনা ভাবুকিক অগ্ৰাহ্য কৰি সফলতাৰে ৬০ মিটাৰ দীঘল এই বেইলি ব্ৰীজ নিৰ্মাণ কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনা৷ ফলত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ অতি ওচৰত ভাৰতীয় সেনাৰ ফৰৱাৰ্ড প’ষ্টবোৰত গধুৰ যুদ্ধাস্ত্র, সামৰিক সৰঞ্জাম, যান-বাহন আদি সকলোবোৰ যাতায়াত কৰিব পাৰিব৷ নদীৰ ওপৰত কেইটামান কংক্ৰিটৰ পিলাৰৰ ওপৰত এই দলংখন নিৰ্মাণ কৰা হয়৷ চাৰি লেনৰ এই দলংখন গালৱান নদী আৰু শায়ক নদীৰ সংযোগস্থলৰ পৰা ৩ কিলোমিটাৰ নিলগৰ ১৪ নং পেট্ৰলিং পইণ্টটোৰ য’ত ১৫ জুনত ৰক্তক্ষয়ী সংঘৰ্ষ হৈছিল তাৰ পৰা মাত্ৰ ২ কিলোমিটাৰ দূৰত এই দলংখন৷ এই দলংখন নিৰ্মাণ বন্ধ কৰিবলৈ বাৰম্বাৰ ভাবুকি দিছিল লালফৌজে৷ কিন্তু ভাৰতে বিন্দুমাত্ৰও গুৰুত্ব নিদিলে৷ 

দক্ষিণ এছিয়াত ভাৰতক এঘৰীয়া কৰাৰ কৌশল : চীনৰ পৰা ৰপ্তানি হোৱা ৫১৬১টা পণ্যৰ শুল্ক দিব নালাগে বাংলাদেশে ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন:

লাডাখত ভাৰতৰ সৈতে সীমান্তত সংঘৰ্ষ বৃদ্ধি কৰাৰ চেষ্টা অব্যাহত ৰখা চীনে বাংলাদেশৰ লগত নতুন প্ৰক্ৰিয়াৰে কামত নামিছে৷ প্ৰধানকৈ বাণিজ্যিক দিশত ধন এৰি দি বাংলাদেশৰ কাষ চাপিবলৈ ধৰিছে চীনে৷ শুকুৰবাৰে বাংলাদেশৰ বাবে বিশেষ সুবিধাৰ কথা ঘোষণা কৰিছে চীনে৷ বাংলাদেশলৈ ৰপ্তানি হোৱা অতিৰিক্ত ৫১৬১টা পণ্যৰ শুল্ক দিব নালাগে বুলি কৈছে৷ ইয়াৰ ফলত বাংলাদেশলৈ চীনে ৰপ্তানি কৰা পণ্যৰ ৯৭ শতাংশ শুল্কমুক্তৰ সুবিধা দিলে বেইজিঙে৷ জুলাইৰ প্ৰথম দিনাৰে পৰা নতুন সিদ্ধান্ত কাৰ্যকৰী হ’ব৷ বাংলাদেশ হ’ল একমাত্ৰ প্ৰতিবেশী দেশ, যি নানান সমস্যাৰ মাজতো ভাৰতৰ সৈতে সম্পৰ্ক ৰাখিছে৷ দক্ষিণে শ্ৰীলংকা-মালদ্বীপ, উত্তৰে নেপাল-ভূটান কাৰোৰে লগত উষ্ণ সম্পৰ্ক নাই ভাৰতৰ৷ কূটনীতিবিদসকলৰ মতে এই পৰিস্থিতিৰ পিছত স্পষ্ট হাত আছে চীনৰ৷ প্ৰতিবেশী দেশবোৰৰ লগত সম্পৰ্কত বিষ ধালি দক্ষিণ এছিয়াত ভাৰতক এঘৰীয়া কৰাৰ কৌশল বাস্তৱায়িত কৰিছে চীনে৷ কিছু বছৰ ধৰি বাংলাদেশ হৈ পৰিছে চীনৰ লক্ষ্য৷ ঢাকাৰ প্ৰধান শ্বেয়াৰ বজাৰ চীনৰ হাতৰ মুঠিত৷ আনহাতে এছিয়া পেচিফিক ট্ৰেড এগ্ৰিমেণ্টৰ আওতাত ৩০৯৫টা পণ্যৰ শুল্কমুক্তৰ সুবিধা ভোগ কৰিব বাংলাদেশে৷ এই সকলো মিলি ৮২৫৬টা পণ্যক শুল্কমুক্তৰ সুবিধা দিলে চীনে৷ বাংলাদেশৰ বিদেশ মন্ত্ৰালয়ৰ বিজ্ঞপ্তিত কয় যে অলপ উন্নত দেশ হিচাপে বাংলাদেশক এই সুবিধা দিলে বেইজিঙে ৷

মহান অসমীয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি ।

মহান অসমীয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি ।

কলিয়াবৰ : আজি ৰাভা দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰটো অনাৰম্বৰ ভাৱে উদযাপন কৰা হয় ৫২ সংখ‍্যক ৰাভা দিৱস। কভিড-১৯ সংক্ৰমণ ৰোধৰ চৰকাৰী নীতি-নিয়ম পালন কৰি কেৱল শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিয়ে ৰাভা দিৱস উদযাপন কৰে কলিয়াবৰ শাখা সাহিত্য সভাই। শাখাৰ সভাপতি হেমোধৰ হাজৰিকাই বন্তি প্ৰজ্জলনৰে শুভাৰম্ভ কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা আৰু লেখিকা সমাৰোহ সমিতিৰ প্ৰতিনিধি উপস্থিত থাকে। বিশিষ্ট সাহিত্যিক, প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাই বিষ্ণু ৰাভা সম্পৰ্কত চমু বক্তব্য আগবঢ়াই।

কলিয়াবৰৰ ঐতিহাসিক জয়সাগৰ দলনিৰ পাৰত গছপুলি ৰোপণ সামাজিক সংগঠন “প্ৰজন্ম”ৰ ।

কলিয়াবৰৰ ঐতিহাসিক জয়সাগৰ দলনিৰ পাৰত গছপুলি ৰোপণ সামাজিক সংগঠন "প্ৰজন্ম"ৰ ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন:

সাম্প্ৰতিক জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ‍্য ৰাখি সকলো ধৰণৰ ৰাজহুৱা তথা সামাজিকভাৱে  শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বাতিল কৰা হৈছে। সেয়ে বিষ্ণু ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত ব‍্যতিক্ৰমী কাৰ্য‍্যসূচীৰে কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।‌ প্ৰজন্ম, The Genaraton এ। কলিয়াবৰৰ এক সামাজিক-সাংস্কৃতিক অনুষ্ঠান প্ৰজন্মই গছপুলি ৰোপণ কৰে কলিয়াবৰৰ ঐতিহাসিক জয়সাগৰ দলনিৰ পাৰত। বিভিন্ন দেশী-বিদেশী, দুষ্প্ৰাপ‍্য পক্ষীৰ বিচৰণস্থলী তথা থলুৱা মাছৰ আশ্ৰয়স্থলী জয়সাগৰ দলনি সুৰক্ষাৰ বাবে অনুষ্ঠানটোৱে লৈছে আন কিছু গঠনমূলক পদক্ষেপ। সকলোৰে সহযোগত জয়সাগৰ দলনিৰ পশু-পক্ষী নিধন বন্ধ কৰা, জয়সাগৰৰ লগতে কাষৰীয়া স্থানত প্লাষ্টিকৰ ব‍্যৱহাৰ বন্ধ কৰা, যান-বাহনৰ আহ-যাহ বন্ধ কৰি খোজ কাঢ়ি অহা-যোৱা কৰাৰ বাবে অনুষ্ঠানটোৱে সকলোকে আহ্বান জনায়। আজিৰ গছপুলি ৰোপণ কাৰ্য‍্যসূচীত উপস্থিত থাকি কলিয়াবৰ জিলা নিৰ্বাচনী বিষয়া ঋতুপল্লৱ বৰুৱা আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে গছপুলি ৰোপণেৰে কাৰ্য‍্যসূচীৰ শুভাৰম্ভণী কৰে। প্ৰজন্মই জয়সাগৰ দলনিৰ কাষত পক্ষীৰ জিৰণি আৰু খাদ‍্যৰ বাবে চেলেংসহ প্ৰায় দুই-শতাধিক গছপুলি ৰোপণ কৰে। ইতিমধ‍্যে প্ৰজন্মই লুইতৰ চাপৰিত স্থানীয় যুৱকৰ সহযোগত কৃষি-কৰ্মৰ জৰিয়তে স্বনিৰ্ভৰশীলতাৰ এক উদাহৰণ দাঙি ধৰিছে। তদুপৰি, লকডাউনৰ সময়ত কলিয়াবৰ মহকুমা প্ৰশাসন আৰু অধিবিদ‍্যা পৰিষদৰ সহযোগত ‘অনলাইন ক্লাছ’ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ পাঠ‍্যক্ৰম আগবঢ়াই নিয়াত প্ৰশংসনীয় ভূমিকা লৈছিল।

নতুনকৈ আৰু কোবিড আক্ৰান্ত ১৫, নাই ভ্ৰমণ বৃত্তান্ত ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন:

কৰিমগঞ্জতো ব্যাপক হাৰত বৃদ্ধি পাইছে কৰণা আক্ৰান্ত ৰোগীৰ সংখ্যা। যোৱা দুইদিনতে ১৫ গৰাকীৰ দেহত কৰোনাৰ অৱস্থিতি  ধৰা পৰিছে। আৰু সেই ১৫ গৰাকীৰ মাজত ১৪ গৰাকীয়ে আহিছিল বৰ্হিৰাজ্যৰ পৰা আৰু এওঁলোকক প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনতো ৰখা হৈছিল। তাৰ মাজতে ২ গৰাকী আছিল হোম কোৱাৰেন্টাইনত। কিন্তু ইয়াৰ বিপৰীতে আব্দুল হান্নান(৫০) নামৰ ব্যক্তি গৰাকী যোৱা ১৫ মাৰ্চ তাৰিখত ডিমাপুৰৰ পৰা আহিছিল আৰু ঘৰতে আছিল। তেওঁৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই।  জানিব পৰা মতে স্বাস্থ্য কৰ্মীৰ দলে ঘৰে ঘৰে যাই পৰীক্ষা কৰোৱতে ধৰা পৰে হান্নানৰ দেহতো কৰোণাৰ উপস্থিতি। বৰ্তমানে হান্নানৰ পৰিয়ালৰ সকলো সদস্যৰ  স্বোৱাব লোৱা হৈছে আৰু হোম কোৱাৰেন্টাইনত ৰখা হৈছে। লগতে তেওঁৰ ঘৰৰ চুবুৰীয়া অঞ্চল কনটেন্টমেন্ট জোন হিচাবে ঘোষণা কৰা হৈছে। কিন্তু এনে দৰে হঠাত্ কে হান্নানৰ দেহত কৰোনা পজিটিভ ধৰা পৰাক লৈ অঞ্চলজুৰি এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। বৰ্তমানে সকলোকো কৰিমগঞ্জ কোবিড -১৯ চিকিত্সালয়ত ভৰ্তি কৰোৱা হৈছে। আৰু এই মহূৰ্তে লৈকে  কোবিড ১৯ চিকিত্সালয়ত ৩৬ গৰাকী পজিটিব ৰোগীৰ চিকিত্সা চলি আছে। এই সময়তে ৰাজ্যৰ আন আন স্থানৰ লগতে কৰিমগঞ্জতো ৰাইজ অধিক সজাগ হোৱাৰ প্ৰয়োজন হৈ পৰিছে কিয়নো ভ্ৰমণ বৃত্তান্ত নথকা বহু লোক ইতিমধ্যে কৰণা পজিটিভ হিচাবে চিনাক্ত হোৱাত বংশ সংক্ৰমণ হোৱাৰ আশংকা থাকিব পাৰে। আৰু তাৰবাবে গোটেই জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। যদিও জিলা উপায়ক্ত আনবামুথান এম পি এ গনসংক্ৰমণ হোৱাৰ আশংকা নাই বুলি জনাইছে।

কৰিমগঞ্জ জেলৰ পৰা তিনি কয়দিৰ পলায়ন ।

কৰিমগঞ্জ : পুনৰ কৰিমগঞ্জ জেলৰ পৰা পলায়ন তিনিগৰাকী কয়দিৰ। এই চাঞ্চল্যকৰ ঘটনা সংগঠিত হৈছে কৰিমগঞ্জ জিলা কাৰাগাৰত।  জানিব পৰা মতে হোজাইৰ ফয়জুৰ ৰহমান, পাথাৰৰকান্দি এলেকাৰ  মাসুক আহমদ আৰু কৰিমগঞ্জৰ ওয়াহীদ আলি। জেল লৈ অহাৰ পিছত তেওঁলোকক জেলৰ ভিতৰতে এটা কোঠাত  কোৱাৰেইনটাইনত ৰখা হৈছিলে। যোৱা নিশা দুটা মান বজাত কোৱাৰেন্টাইনৰ খিৰিকী ভাঙি তেওঁলোক পলায়ন কৰে। হোজাইৰ ফয়জুৰ ৰহমান বহুকেইটা অপৰাধমূলক গোচৰৰ  লগতে হত্যাৰ গোচৰত ও অভিযুক্ত। তেওঁৰ বিৰুদ্ধে  বদৰপুৰ থানাত ১০৫/১৮ নং, ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)৩০২,৩৭৯,৩৪ ধাৰাত গোচৰ নথিভুক্ত হৈ আছিল। আনফালে বাকী দুগৰাকীৰ ভিতৰত এগৰাকী গভাইত চোৰ আৰু ড্ৰাগছ বেহাৰ লগত জড়িত। তাৰে মস্তাক আহমেদৰ আৰু ৱাহিদ আলী বিৰুদ্ধে পাথাৰকান্দী থানাত ৩৩১/২০২০ নঙত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯/৪১১/৪১৩ ধাৰাৰ অধীনত অভিযুক্ত। উল্ল্যেখ্য, যোৱা চাৰি মাহ পূৰ্বে ঠিক এনে দৰে আৰু দুইগৰাকী গভাইত কয়েদী প্ৰাচীৰ পাৰ হৈ পলাই যাব লৈ সক্ষম হৈছিল। ইয়াৰে মাজত এজন বদৰপুৰৰ এটা হত্যাকাণ্ডৰ অভিযুক্ত আছিল আৰু আনজন বাংলাদেশী আছিল। কিন্তু তেওঁলোকৰ সন্ধান আজি লৈকে উলিয়াব পৰা নাই। ইপিনি যোৱা কালি আকৌ একেলগে তিনি গৰাকী কয়েদিৰ পলায়নক লৈ জেলৰ নিৰাপত্তাৰ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।  কিয়নো বাৰে বাৰে কৰিমগঞ্জ জেলৰ পৰা কয়েদিৰ পলায়নৰ ঘটনাই সংবাদ শিৰোনাম দখল কৰি আহিছে। জেল অধীক্ষকে জনোৱা মতে জেলত নিৰাপত্তাৰক্ষীৰ যথেষ্ঠ অভাৱ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে এনেদৰে ইটোৰ পাছত হয়তু কয়েদি পলায়নৰ আঁৰত কিবা ৰহস্য লুকাই আছে নেকি? ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন আছে নেকি? ইয়াত জগৰীয়া কোন? জিলা কাৰাগাৰ অধীক্ষকে নিৰাপত্তাৰক্ষীৰ অভাৱৰ কথা কৈ আৰু কিমান দিন নিজৰ দায়িত্বৰ সামৰিব। ইপিনে এক বিশেষ সূত্ৰে জানিব পৰা মতে চাৰি মাহ পূৰ্বে পলাই যোৱা বাংলাদেশী জন সীমান্ত অতিক্ৰম কৰি বাংলাদেশ পালে গৈ।