Home Blog Page 3288

হোজাইৰ ডবকা সংৰক্ষিত বনাঞ্চলত অবাধে চলিছে বন ধ্বংসলীলা ৷ নিৰ্বিকাৰ বন বিভাগ

ডবকা, ২৮ আগষ্ট : ডবকা সংৰক্ষিত বনাঞ্চল চলিছে অবাধে বন ধ্বংসলীলা কাৰ্য্য ৷ যোৱানিশা সংৰক্ষিত বনাঞ্চলখনত দুৰ্বৃ্ত্তই সাতজোপাকৈ মূল্যবান চেগুন গছ কাটি ধ্বংস প্ৰাপ্ত চলোৱাত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ যোৱা এসপ্তাহ ধৰি সংৰক্ষিত বনাঞ্চল খনৰ বিভিন্ন এলেকাৰ পৰা দুৰ্বৃত্তই কাটি নিছে প্ৰায় ত্ৰিছ জোপাকৈ মহামূল্যবান শাল আৰু চেগুন গছ ৷ এই ক্ষেত্ৰত নিৰ্বিকাৰ বন বিভাগৰ বিষয়া কৰ্মচাৰী সকল ৷ এনেদৰে যদি বন ধ্বংসকাৰ্য্য চলি থাকে তেনেহলে সেউজ বনাঞ্চল টকলা হবলৈ বেছি সময় নালাগিব বুলি অভিযোগ কৰিছে সচেতন লোকে ৷ স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি ডবকা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ একাংশ বন কৰ্মীৰ চত্ৰ ছায়াতেই এনেদৰে মূল্যবান গছসমূহ দুৰ্বৃত্তই কাটি লৈ গৈছে ৷ ইমান দিন ধৰি বনাঞ্চল খনৰ পৰা মূল্যবান গছ সমূহ কাটি নিছে যদিওঁ বন বিভাগে এজনো দুষ্কৃতিকীৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ আন এক অভিযোগ অনুসৰি ডবকা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ একাংশ বন কৰ্মীৰ মাজত চলি থকা অৰিয়ায়ৰিৰ বাবেই এনেদৰে দুষ্কৃতিকাৰী সকলে মূল্যবান গছ সমূহ এনেদৰে কাটি লৈ গৈছে ৷ ডবকা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত একাংশ বিট অফিচাৰ, বন কৰ্মী, বন সুৰক্ষা কৰ্মচাৰী বিগত বহু বছৰৰ পৰা কৰ্মৰত হৈ আছে, উক্ত কৰ্মচাৰী সকলৰ সৈতে বন মাফিয়া সকলৰ মধুৰ সম্পৰ্ক থকাৰ বাবেই বনাঞ্চল ধ্বংস লীলা অব্যাহত ৰাখিছে বুলি অভিযোগ উঠিছে। এই বন ধ্বংসলীলা বন্ধ কৰিবলৈ চৰকাৰ তথা বন বিভাগক স্থানীয় ৰাইজে আহবান জনায় ৷

কলকাতাৰ মহাবিদ্যালয়ত মেধাৰ তালিকাত ছানী লিয়নি

দৈনন্দিন বাৰ্তা ডেস্ক : কলকাতাৰ এখন মহাবিদ্যালয়ে ভুলকৈ বলীউডৰ অভিনেত্ৰী ছানী লিয়নিক মেধাৰ তালিকাত নাম অন্তভূক্ত কৰিছে ৷ ইয়াৰ স্ক্ৰীণশ্বট ভাইৰিল হোৱাৰ পাচত অভিনেত্ৰীগৰাকীয়ে এটা হাস্যকৰ টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ মহাবিদ্যালয়খনে এই ভুলৰ সংশোধন কৰে ৷ ছানী লিয়নিয়ে লিখে, কলেজৰ সকলোকে পাচৰ ছিমেষ্টাত দেখিম ! তোমালোকক আমাৰ শ্ৰেণীত আশা কৰিছো ৷ ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ কৰাৰ কাৰণে এই লকডাউনৰ মাজতে ছানী লিয়নিয়ে তেওঁৰ নতুন শ্ব ‘লকড আপ উইথ ছানী’ অনলাইনত আৰম্ভ কৰিছে ৷ এই শ্ব’ত হ’ষ্ট ছানীয়ে নতুন অতিথিৰ সৈতে লাইভত আলোচনা কৰে আৰু কিদৰে তেওঁ কোৱাৰেণ্টাইনত সময় ব্যয় কৰিছে তাক লৈ আলোচনা কৰে ৷ তেওঁ চেলিব্ৰিটি ফটোগ্ৰাফাৰ দাবো ৰটনানি, অভিনেত্ৰী ডেইজী শ্বাহ, জৰ্জিয়া এণ্ডৰিয়ানি আদিৰ লগত মত বিনিময় কৰে ৷ সামাজিক দূৰত্ব ৰক্ষা কৰি ছানী লিয়নিয়ে অনুৰাগীৰ লগত শ্ব কৰে ৷

আঞ্চলিক সংযোগ প্ৰকল্পত ৭৮টা নতুন পথ অনুমোদন অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ

দৈনন্দিন বাৰ্তা ডেস্ক : অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে আঞ্চলিক সংযোগ আঁচনিৰ ইউডিএএনৰ চতুৰ্থ পৰ্যায়ত ৭৮ টা নতুন পথৰ অনুমোদন কৰিছে ৷ ইয়াত গুৱাহাটীৰ পৰা তেজু, ৰূপশ্ৰী, তেজপুৰ, পাচিঘাট, মিচা আৰু শ্বিলং যোৱাৰ পথবোৰৰ সৈলে উত্তৰ পূৱৰ যোগাযোগৰ বাবে বিশেষ উৎসাহ দিয়া হৈছে ৷ এই ইউডিএএন ৪ ৰোটত হিছাৰৰ পৰা চণ্ডীগড়, ডেৰাদুন আৰু ধৰমশালালৈ আকাশ পথেৰে যাব পাৰিব ৷ ইয়াৰ লগতে বাৰাণসীৰ পৰা চিত্ৰকূট আৰু শ্ৰাবস্তীৰ ৰোট অনুমোদন কৰা হৈছে ৷ আনহাতে লাক্ষাদ্বীপৰ অগাটি, কাভাৰতী আৰু মিনিকয় দ্বীপবোৰ ইউডিএএন ৪.০ৰ নতুন ৰুটৰ মাজেৰে সংযুক্ত কৰা হৈছে ৷ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এক বিজ্ঞপ্তিত এই কথা জনাইছে ৷ ইউডিএএনৰ আঁচনিত ৭৬৬ টা ৰুট ইতিমধ্যে ইউডিএএন আঁচনিত অনুমোদন কৰা হৈছে ৷ ইয়াত ২৯ টা পৰিৱেশিত, ৮ টা সংৰক্ষিত অৰু দুটা আণ্ডাৰছাৰ্ভ বিমানবন্দৰৰ অনুমোদিত ৰুটৰ তালিকাত অন্তৰ্ভূত কৰা হৈছে ৷ উল্লেখ্য যে চতুৰ্থ ৰাউণ্ড ইউডিএএন ২০১৯ চনৰ ডিচেম্বৰত আৰম্ভ কৰা হৈছিল ৷ ইয়াত উত্তৰ-পূৱক বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে ৷ এই বিমানবন্দৰবোৰ ইতিমধ্যে এএআইৰ তৰফৰ পৰা উন্নয়ন কৰা হৈছে ৷ ইউডিএএন ৪ত হেলিকপ্টাৰ আৰু ছেয়াপ্লন অংগীভূত ৷ আৰচিএছ নতুনকৈ অনুমোদিত ৰুটবোৰ হ’ল গুৱাহাটীৰ পৰা তেজু, তেজুৰ পৰা ইম্ফল, ইম্ফলৰ পৰা তেজু, তেজুৰ পৰা গুৱাহাটী, গুৱাহাটীৰ পৰা ৰূপশ্ৰী, ৰূপশ্ৰীৰ পৰা কলকাতা, কলকাতাৰ পৰা ৰূপশ্ৰী, ৰূপশ্ৰীৰ পৰা গুৱাহাটী, বিলাসপুৰৰ পৰা ভূপাল, ভূপালৰ পৰা বিলাসপুৰ, হিছাৰৰ পৰা ধৰমশালা, ধৰমশালাৰ পৰা হিছাৰ, হিছাৰৰ পৰা চণ্ডীগড়, চণ্ডীগড়ৰ পৰা হিছাৰ, হিছাৰৰ পৰা ডেৰাদুন, ডেৰাদুনৰ পৰা হিছাৰ, কানপুৰ (চাকেৰি)ৰ পৰা মোৰাদাবাদ, মোৰাদাবাদৰ পৰা কানপুৰ (চাকেৰি), কানপুৰ (চাকেৰি)ৰ পৰা আলিগড়, আলিগড়ৰ পৰা কানপুৰ (চাকেৰি), কানপুৰ (চাকেৰি)ৰ পৰা চিত্ৰকূট, চিত্ৰকূটৰ পৰা প্ৰয়াগৰাজ/এলাহবাদ, প্ৰয়াগৰাজ/এলাহবাদৰ পৰা চিত্ৰকূট, চিত্ৰকূটৰ পৰা বাৰাণসী, বাৰাণসীৰ পৰা চিত্ৰকূট, চিত্ৰকূটৰ পৰা কানপুৰ (চাকেৰি), কানপুৰ (চাকেৰি)ৰ পৰা শ্বাভাষ্টি, শ্বাভাষ্টিৰ পৰা বাৰাণসী, বাৰাণসীৰ পৰা শ্বাভাষ্টি, শ্বাভাষ্টিৰ পৰা প্ৰয়াগৰাজ/এলাহবাদ, শ্বাভাষ্টিৰ পৰা কানপুৰ (চাকেৰি), বাৰেল্লীৰ পৰা দিল্লী, দিল্লীৰ পৰা বাৰেল্লী, ক’চিন আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা আগাট্টি, আগাট্টিৰ পৰা ক’চিন আন্তৰ্জাতিক বিমানবন্দৰ, আইজলৰ পৰা তেজপুৰ, তেজপুৰৰ পৰা আইজল, আগৰতলাৰ পৰা ডিব্ৰুগড়, ডিব্ৰুগড়ৰ পৰা আগৰতলা, শ্বিলঙৰ পৰা পাচিঘাট, পাচিঘাটৰ পৰা গুৱাহাটী, গুৱাহাটীৰ পৰা পাচিঘাট, পাচিঘাটৰ পৰা শ্বিলং, গুৱাহাটীৰ পৰা তেজপুৰ, তেজপুৰৰ পৰা গুৱাহাটী, গুৱাহাটীৰ পৰা মিছা (হেলিকপ্টাৰ), মিছা (হেলিকপ্টাৰ)ৰ পৰা গুৱাহাটী, মিছা (হেলিকপ্টাৰ)ৰ পৰা গেলেকী, গেলেকীৰ পৰা যোৰহাট, যোৰহাটৰ পৰা গেলেকী, গেলেকীৰ পৰা মিছা (হেলিকপ্টাৰ), মিছা (হেলিকপ্টাৰ)ৰ পৰা গুৱাহাটী, আগাট্টিৰ পৰা মিনিকয়, মিনিকয়ৰ পৰা আগাট্টি, আগাট্টিৰ পৰা কাভাৰাট্টি, কাভাৰাট্টিৰ পৰা আগাট্টি, গুৱাহাটীৰ পৰা শ্বিলং, শ্বিলঙৰ পৰা ডিমাপুৰ, ডিমাপুৰৰ পৰা শ্বিলং, ইম্ফলৰ পৰা শিলচৰ, শিলচৰৰ পৰা ইম্ফল, শ্বিলঙৰ পৰা গুৱাহাটী, আগৰতলাৰ পৰা শ্বিলং, শ্বিলঙৰ পৰা ইম্ফল, ইম্ফলৰ পৰা শ্বিলং, শ্বিলঙৰ পৰা শিলচৰ, শিলচৰৰ পৰা শ্বিলং, শ্বিলঙৰ পৰা ইম্ফল, শ্বিলঙৰ পৰা ডিব্ৰুগড়, ডিব্ৰুগড়ৰ পৰা শ্বিলং, দিল্লীৰ পৰা ছিমলা, ছিমলাৰ পৰা দিল্লী, ডিউৰ পৰা ছুৰাট, ছুৰাটৰ পৰা ডিউ, ডিউৰ পৰা ভাদোদৰা, ভাদোদৰাৰ পৰা ডিউ ৷ উল্লেখ্য যে প্ৰথম আৰচিএছ-ইউডিএএন বিমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৭ চনৰ ২৭ এপ্ৰিলত আৰম্ভ কৰিছিল ৷

অসুস্থ্য স্বাস্থ্যকৰ্মীক চিকিৎসা প্ৰদানত হেমাহি নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত । উৎকট গৰমত পিপিই কিট পিন্ধি অসুস্থ স্বাস্থ্যকৰ্মী

নগাঁও : ৰাজ্যত বৰ্তমান পূৰ্ণদ্যমে চলিছে ৰেপিড এণ্টিজেন টেষ্ট। নিতৌ ৰেপিড এণ্টিজেন টেষ্টত ধৰা পৰিছে ইজনৰ পিছত সিজনৰ দেহত ক’ৰোণাৰ সংক্ৰমণ। ৰেপিড এণ্টিজেন টেষ্টত নিয়োজিত স্বাস্থ্যকৰ্মীসকলে পৰিধান কৰিব লাগে পি পি ই কিট। পিছে এই উৎকট গৰমত পি পি ই কিট পিন্ধাটোও যথেষ্ট কষ্টকৰ। যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান পি পি ই কিট পিন্ধি অসুস্থ হৈ পৰিছে বহু স্বাস্থ্যকৰ্মী। নগাঁৱৰ নেহেৰুবালিত থকা ক’ভিদ স্ক্ৰীণিং চেণ্টাৰত কৰ্তব্যত নিয়োজিত ৰসৰাজ শইকীয়া নামৰ লেবৰটৰী টেকনিচিয়ান গৰাকীয়ো পি পি ই কিট পিন্ধি হঠাৎ সংজ্ঞাহীন হৈ পৰে। অসুস্থ স্বাস্থ্যকৰ্মী গৰাকীক লগে লগে সহকৰ্মীসকলে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত স্বাস্থ্যকৰ্মী গৰাকীক চিকিৎসা প্ৰদানত চৰম হেমাহি প্ৰদৰ্শন কৰে চিকিৎসক তথা নাৰ্ছে। আনকি অসুস্থ স্বাস্থ্যকৰ্মী গৰাকীক নিচামুক্তি কেন্দ্ৰত বিভিন্ন নিচাসক্ত ব্যক্তিৰ লগত এখন বিচনাত বিনা চিকিৎসাই ৰাখে। এই কথাত ক্ষোভিত হৈ স্বাস্থ্যকৰ্মীসকলে নাৰ্ছক অভিযোগ দিয়াত এগৰাকী নাৰ্ছে কয়, “বেছি হলস্থুল নকৰিব, ন’হলে ক’ভিদ হস্পিতালত ভৰাই দিম”। নাৰ্ছৰ ব্যৱহাৰত ক্ষুদ্ধ হৈ স্বাস্থ্যকৰ্মীসকলে সাংবাদিকক খবৰ দিয়ে। ইয়াৰ পিছতে এগৰাকী নাৰ্ছে চিকিৎসাৰ নামত এটা চেলাইন দিয়ে দায়িত্ব সামৰে। কিন্তু ক’ভিদ ১৯ৰ চেলু লৈ একাংশ চিকিৎসক-নাৰ্ছে ৰোগীক চৰম অৱহেলা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে খোদ স্বাস্থ্যবিভাগৰ দ্বাৰা ক’ভিদ ডিউটিত নিয়োজিত স্বাস্থ্যকৰ্মীকে অৱহেলা কৰা কাৰ্যই এই অভিযোগক সঁচা বুলি প্ৰমাণিত কৰিলে।

ই-শিক্ষাৰ বাবে মাত্ৰ ২৪ শতাংশ ভাৰতীয় পৰিয়ালৰ আছে ইণ্টাৰনেট সংযোগ : ইউনিছেফ

দৈনন্দিন বাৰ্তা ডেস্ক : ই-শিক্ষাৰ বাবে মাত্ৰ ২৪ শতাংশ ভাৰতীয় পৰিয়ালৰ ইণ্টাৰনেট সংযোগ আছে আৰু গাঁও-নগৰ আৰু লিংগ বিভাজন হৈছে যি উচ্চ, মধ্য আৰু নিন্ম আয়ৰ পৰিয়ালবোৰত শিক্ষাৰ ব্যৱধান বঢ়াই তুলিছে বুলি ইউনিছেফৰ তৰফৰ পৰা জনাইছে ৷ বৃহস্পতিবাৰে ইউনিছেফে প্ৰকাশ কৰা ৰিম’ট লাৰ্নিং ৰিচেবিলিটি ৰিপৰ্টত অৰ্থনৈতিকভাৱে সুবিধাৰ পৰা বঞ্চিত পৰিয়ালৰ শিশুক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৷ উপলভ্য তথ্যবোৰে ইংগিত দিয়ে যে ভাৰতত প্ৰায় চতুৰ্থাংশ পৰিয়াল (২৪ শতাংশ)ৰ ইণ্টাৰনেটৰ এক্সেছ আছে আৰু তাত এটা বৃহৎ গ্ৰাম্য-নগৰ আৰু লিংগ বিভাজন হৈছে ৷ উচ্চ, মধ্য আৰু নিম্ন আয়ৰ পৰিয়ালবোৰৰ শিক্ষা ব্যৱধান অধিক প্ৰশস্ত হোৱাৰ সম্ভাৱনা আছে৷ কাৰণ অৰ্থনৈতিকভাৱে সুবিধা বঞ্চিত পৰিয়ালৰ পৰা অহা শিশুয়ে শিক্ষাত ভৰি দিব পৰা নাই ৷ প্ৰতিবেদনত কোৱা হৈছে যে বেছিভাগ জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ, বিশেষকৈ ছোৱালীৰ স্মাৰ্টফোন সহজেই এক্সেছ পোৱা নাযায় আৰু সেয়া কৰিলেও ইণ্টাৰনেট সংযোগ খুউব কম ৷ লগতে প্ৰায়ে স্থানীয় ভাষাত মান সম্পন্ন শিক্ষাৰ সামগ্ৰী পোৱা নাযায়৷ প্ৰাক প্ৰাথমিকৰ পৰা মাধ্যমিক স্তৰৰ ২৮৬ মিলিয়ন (২৮.৬ কোটি) শিশু মহামাৰীত আক্ৰান্ত হোৱাৰ কাৰণে ভাৰতত ১.৫ মিলিয়ন (১৫ লাখ)ৰো বেছি বিদ্যালয় বন্ধ হৈছে ৷ ইয়াৰ লগত যোগ হৈছে ৬ মিলিয়ন (৬০ লাখ) ল’ৰা আৰু ছোৱালী যি ক’ভিড-১৯ৰ আগতে বিদ্যালয়ৰ বাহিৰত আছিল৷ ইউনিছেফ ইণ্ডিয়াৰ প্ৰতিনিধি য়াছমিন আলী হকে পিতৃ-মাতৃ আৰু স্বেচ্ছাসেৱীক জড়িত কৰি মিশ্ৰিত পদ্ধতিৰ বাবে শিশুৰ ওচৰলৈ যাব লাগে আৰু এই সময়ত তেওঁলোকৰ শিক্ষাৰ বাবে সহায় কৰিবলৈ আহ্বান জনায় ৷

আইএছএছ ক্ৰুত যোগদান প্ৰথম কৃষ্ণাংগ মহিলা মহাকাশচাৰী

দৈনন্দিন বাৰ্তা ডেস্ক : আন্তৰ্জাতিক মহাকাশ ষ্টেচন (আইএছএছ)ৰ ক্ৰুত সদস্য হিচাপে দায়িত্ব পালন কৰা প্ৰথম কৃষ্ণাংগ মহিলা হৈ ইতিহাস ৰচিছে মহাকাশচাৰী জিনেট এপ্পছে ৷ বয়িঙৰ চিএছটি-১০০ ষ্টাৰলাইনাৰ মহাকাশযানৰ ওপৰত ২০২১ মিছনৰ বাবে এপ্পছক নাছাই নিৰ্বাচন কৰিছে ৷ নাছাৰ মতে এপ্পছ আইএছএছত ছমাহৰ অভিযানৰ বাবে মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু য’ছ কাছাদাৰ লগত যোগ দিব ৷ উল্লেখ্য যে নাছাৰ মহাকাশচাৰী জেনিয়েট এপ্পছে আন্তৰ্জাতিক মহাকাশ ষ্টেচনত ক্ৰু হিচাপে ২০১৮ চনত দায়িত্ব লয় ৷ তেওঁ ব’য়িং ষ্টাৰলিনাৰ-১ মিছনত দায়িত্ব লৈছে ৷ এপ্পছক য’ছ আৰু সুনিতাই স্বাগতম জনাইছে৷ এপ্পছে ১৯৯২ চনত লীম’য়নী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লৈছিল ৷ তেওঁ নিউয়ৰ্কৰ ছাইৰাচুছেৰ বাসিন্দা ৷

সুৰক্ষাৰ বাবে আৰক্ষীৰ পৰা সহায় ভিক্ষা ৰিয়া চক্ৰৱৰ্তীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ঘৰত তেওঁৰ পিতৃক সাংবাদিকে বেৰি আছে৷ কোনেও সামাজিক দূৰত্ব মানি চলা নাই ৷ তেওঁৰ পিতৃৰ গাত জপিয়াই পৰা দি পৰিছে মিডিয়াৰ লোক৷ আনকি আহত হৈছে নিৰাপত্তাৰক্ষী ৷ এই ঘটনাত ভিতিগ্ৰস্ত হৈ অভিনেত্ৰীগৰাকীয়ে মুম্বাই আৰক্ষীক তেওঁ আৰু তেওঁৰ পৰিয়ালক সুৰক্ষা দিবলৈ জনায়৷ যাতে তেওঁ সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ তদন্তৰ বাবে চিবিআই আৰু এনচিবিৰ সৈতে নিৰ্ভয়ে সহযোগিতা কৰিব পাৰে৷ ৰিয়া চক্ৰৱৰ্তীয়ে ইনষ্ট্ৰাগ্ৰামত এটা ভিডিঅ’ প’ষ্ট কৰি লিখে, মই ঘৰৰ পৰা ইডি আৰু চিবিআইক দেখা কৰিবলৈ যাব বিচাৰিছিলো ৷ কিন্তু তললৈ নমাৰ পাচতে মোৰ পিতৃক বেৰি ধৰে মিডিয়াৰ লোকে৷ গাড়ীটো তেওঁক ধৰিছে৷ ভিডিঅ’টোত দেখা গৈছে, তেওঁ মোৰ পিতৃ ইন্দ্ৰজিৎ চক্ৰৱৰ্তী ৷ তেওঁ অৱসৰপ্ৰাপ্ত সেনা বিষয়া৷ মই আৰু পৰিয়ালটোৱে প্ৰাণৰ ভয় খাইছিলো ৷ আমি স্থানীয় থানাত অভিযোগ দিয়াৰ পাচতো কোনো সহায় পোৱা নাছিলো ৷ ইয়াৰ পাচত আমাৰ সুৰক্ষাৰ বাবে তদন্তকাৰী সংস্থাৰ ওচৰত আবেদন জনাইছো৷ নহ’লে কিদৰে বাচিব পৰিয়ালটো৷ যি তদন্তকাৰী সংস্থাই মোক মাতিছিল তেওঁলোকৰ লগত সহযোগিতা কৰিব বিচাৰিছো ৷ কিন্তু তাৰ বাবে কেৱল সহায় বিচাৰিছো৷ আনহাতে এই ক’ভিডৰ সময়ত মুম্বাই আৰক্ষীৰ ওচৰত আবেদন কৰিছো, আমাক নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰা হওঁক ৷ তেওঁৰ পিতৃয়ে ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পাচত তেওঁ আন এটা ভিডিঅ’ শ্বেয়াৰ কৰে ৷ তাতো দেখা যায় তেওঁলোকৰ ঘৰৰ নিৰাপত্তাৰক্ষীয়ে কয়, মিডিয়াৰ লোক আহিছিল ৷ মোক হেঁচা-থেলা কৰে আৰু আমাৰ গাত হাত তোলে ৷ মই আহত হৈছো ৷ ভিডিঅ’টোৰ তলত ৰিয়াই লিখিছে, ৰাম আমাৰ গৃহত ১০ বছৰ ধৰি নিৰাপত্তাৰক্ষী হিচাপে নিযুক্ত ৷ তেওঁৰ এই অৱস্থাৰ বাবে দায়ী কোন? এয়া কি অপৰাধ নহয়? এই ক্ষেত্ৰত কোনো আইন নাই? এনেদৰেই এখন সমাজত আমি বাস কৰি আছো নেকি? এই আবেদনৰ পাচত অভিনেত্ৰীগৰাকীৰ ঘৰত কেইজনমান আৰক্ষী দেখা যায়৷ তেওঁলোকে ৰিয়াৰ পিতৃক ঘৰৰ পৰা নি গাড়ীৰে ইডিৰ কাষলৈ লৈ যায় ৷ তাৰ পাচত এক্সিছ বেংকলৈ নিয়ে ৷

নগাঁৱত জাপানীজ এনকেফ্লাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ সম্পৰ্কত জিলা মেলেৰিয়া বিভাগৰ সংবাদমেল

নগাঁও : বিগত বৰ্ষ সমূহৰ তুলনাত এইবাৰ নগাঁও জিলাত জাপানীজ এনকে ফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ যথেষ্ট হ্ৰাস পাইছে। জিলা মেলেৰিয়া বিভাগে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবেই জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত আমি সফল হৈছো। আজি নগাঁও আবৰ্ত ভৱনত নগাঁও জিলা মেলেৰিয়া বিভাগে আয়োজন কৰা সংবাদ মেলত এই কথা সদৰি কৰি নগাঁও জিলা মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা: অৰূপজ্যোতি মহন্তই কয় বিগত বছৰত অবিভক্ত নগাঁও জিলাত (নগাঁও আৰু হোজাই) বিগত বৰ্ষত নগাওঁ জিলাত ৪৫ জন লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈছিল। ইয়াৰে ৯ জনৰ মৃত্যু হয়। জিলা মেলেৰিয়া বিভাগে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে লোৱা পদক্ষেপৰ বাবে চলিত বৰ্ষত এই ৰোগ দ্ৰুত গতিত হ্ৰাস পাইছে। এইবাৰ জিলাখনত মাত্ৰ ২৩ জন লোক এই ৰোগত আক্রান্ত হোৱাৰ বিপৰীতে দুজনৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোক দুজন হল নগাঁও চহৰৰ লাওখোৱা পথৰ গোপাল চন্দ্ৰ আৰ্য (৭৫) আৰু চামগুৰি কনুৱামাৰীৰ সুকুমাৰ দাস (৫৩)। জিলা মেলেৰিয়া বিভাগে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে বিভাগে জ্বৰ হোৱা আৰু জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা এলেকাত তেজৰ নমুনা পৰীক্ষা কৰা, সজাগতা সভা অনুষ্ঠিত কৰা, ফ’গিং কৰাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। তদুপৰি এই ৰোগ নিয়ন্ত্ৰৰ বাবে মেলেৰিয়া বিভাগে স্বাস্থ্য বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, সমাজ কল্যাণ বিভাগ আৰু মীন বিভাগৰ পৰা সাহৰি লাভ কৰে। সংবাদমেলত ডাঃ মহন্তই কয়, “এইবাৰ জিলাখনত আৰু ডেংগু ৰোগত আক্রান্ত হোৱা লোকৰ সংখ্যা প্ৰায় নাই বুলি কব পাৰি। এইটো জিলাখনৰ বাবে সু-খবৰ।’ সংবাদ মেলত অংশ গ্ৰহণ কৰি নগাঁও জিলা স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডা: দিলীপ শৰ্মাই জাপানীজ এনকেফেলাইটিছ ৰোগ কিদৰে বিয়পিব পাৰে সেই সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে। জিলা মেলেৰিয়া বিষয়া শান্তনা শৰ্মাই জানিবলৈ দিয়ে যে, জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইতিমধ্যে ৭৩০৪৪ জন লোকৰ জ্বৰৰ পৰীক্ষা কৰাৰ লগতে তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে। তদুপৰি আশা কৰ্মীক প্ৰশিক্ষণ দিয়া লগতে প্রতিতো খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে বেনাৰ আৰু প্ৰচাৰ পত্ৰ বিতৰন কৰা, ৩০৭ খন সজাগতা সভা অনুষ্ঠিত কৰা, ৭৩ স্থানত ফগিং কৰাৰ ব্যৱস্থা কৰা, ২৪৫৯০ খন বিচনাৰ আঠুৱা ঔষধিকৰন কৰাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। সংবাদ মেলত আন এগৰাকী মেলেৰিয়া বিষয়া শ্বাহনাজ হুছেইন উপস্থিত থাকে।

ৰাইদঙ্গীয়াত বিধায়িকা আঙুৰলতা ডেকাৰ দুটাকৈ গড়কাপ্তানি পথৰ লগতে কেইবাটাও অনুষ্ঠানৰ আধাৰশিলা স্থাপন

নগাঁও : নগাঁও জিলাৰ বটদ্ৰৱা বিধান সভা সমষ্টিৰ দলংঘাট উন্নয়ন খণ্ডৰ ৰাইদঙ্গীয়া গাওঁ পঞ্চায়তৰ অধীনত কেইবাটাও স্থানত আজি দুটাকৈ পথৰ লগতে কেইবাটাও অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই ৷ পুৱা দহ বজাত ৰাইদঙ্গীয়া শ্যামকলীয়া নামঘৰ প্ৰাংগণত প্ৰায় তিনি লাখ টকা ব্যয়সাপেক্ষ নিৰ্মাণ হোৱা এটি পুথিভঁৰাল আৰু যুৱক সংঘ মুকলি কৰাৰ পাছতে গড়কাপ্তানি (পথ) বিভাগৰ তত্ত্বাৱধানত ৰাজ্যৰ স্বশিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আঁচনিৰ ২০১৯-২০ বৰ্ষৰ অধীনত মেৰামতি কৰিবলগীয়া শ্যামকলীয়া পৰা নতুন ভোগবাৰি পথৰ আধাৰশিলা স্থাপন কৰে ৷ ইয়াৰ ওপৰি এই আঁচনিৰ অধীনতে ৰাইদঙ্গীয়া পৰা গেন্দুৱা পথাৰ পথৰ আধাৰশিলা স্থাপন কৰে বিধায়িকা গৰাকীয়ে৷ আনহাতে, দলংঘাট উন্নয়ন খণ্ডৰ অধীনস্থ ৰাইদঙ্গীয়া গাঁও পঞ্চায়তত বিধায়িকা গৰাকীয়ে কেইবাটাও কামৰ আধাৰশিলা স্থাপন কৰে ৷ আধাৰশিলা স্থাপন এই অনুষ্ঠানত বিধায়িকা গৰাকীয়ে বিজেপি নেতৃত্বাধীন মিত্ৰ জোটৰ চৰকাৰ খনে অসমৰ ৰাইজৰ বাবে কৰি অহা বিভিন্ন উন্নয়ন মূলক আঁচনি সমূহৰ দ্বাৰা গ্ৰামাঞ্চলৰ ৰাইজ কেনেদৰে উপকৃত হৈছে সেইবিষয়ে নিজৰ চমু ভাষনত ব্যক্ত কৰে উপস্থিত ৰাইজৰ সন্মুখত ৷ আজিৰ এই আধাৰশিলা স্থাপন অনুষ্ঠানত গড়কাপ্তানি (পথ) বিভাগৰ সহকাৰী অভিযন্তা হিমাংশু দাস, কনিষ্ঠ অভিযন্তা অসীম কুমাৰ নাথ, দলংঘাট উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা হৰমোহন হালৈ, হাতীচোং জিলা পৰিষদৰ সদস্যা সীমাৰেখা ভড়ালী বৰা, কলিয়াবৰ জিলা বিজেপিৰ বিষয়ববীয়া সকল, ৰাইদঙ্গীয়া মণ্ডল বিজেপিৰ বিষয়ববীয়াসকলৰ ওপৰি স্থানীয় ৰাইজ উপস্থিত থাকে ৷

নাজিৰাৰ এতিহাসিক বৰপুখুৰী কেন্দ্ৰিক বিবাদ সন্দৰ্ভত মহকুমা প্ৰশাসনৰ সভা

নাজিৰা : নাজিৰা নগৰৰ ৮নং ৱাৰ্ডত থকা ঐতিহ্যমণ্ডিত বৰপুখুৰীত কিছু লোকে সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে স্থানীয় ৰাইজে মহকুমা প্ৰশাসনৰ ওচৰত যোৱা ১২ আৰু ১৪ আগষ্টত একাধিক ৰাজহুৱা অভিযোগ দাখিল কৰাৰ পিছত এই সমগ্ৰ বিষয়টো আলোচনাৰ অৰ্থে নাজিৰা মহকুমা প্ৰশাসনে ২৮ আগষ্টত উভয় পক্ষৰ উপস্থিতিত নাজিৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত এখন প্ৰতিনিধিত্বমূলক সভাৰ আয়োজন কৰিছে ৷ উল্লেখ্য যে এসময়ত ৰাইজে পানীখোৱা পুখুৰী ৰূপে ব্যৱহাৰ কৰা এই ঐতিহাসিক পুখুৰীটো বিগত বহু বছৰ ধৰি নাজিৰা পৌৰসভাই ব্যক্তি বিশেষক মীন পালনৰ বাবে লীজত দি ৰাজহ সংগ্ৰহ কৰি থকা অৱস্থাত স্থানীয় ৰাইজে পুখুৰীটোৰ উন্নয়নৰ বাবে বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো পৌৰ প্ৰশাসনে এই পুখুৰীটো উন্নয়নৰ কোনো প্ৰচেষ্টাই হাতত নোলোৱাৰ কাৰণে ই জৰাজীৰ্ণ হৈ পৰে ৷ এতিয়াও দৰিদ্ৰ ৰাইজে বিভিন্ন কামত এই পুখুৰীৰ পানী ব্যৱহাৰ কৰাৰ লগতে বৰ্তমান ই ডাউক, শৰালি হাঁহ, বগলীকে ধৰি বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ মুক্ত বিচৰণস্থল আৰু এই পুখুৰীটো সংৰক্ষণৰ বাবে স্থানীয় ৰাইজে যোৱা ২৬ আগষ্টত শিৱসাগৰ জিলাৰ উপায়ুক্তৰ লগতে উৰ্ধতন কৰ্তৃপক্ষৰ ওচৰতো ৰাজহুৱা আবেদন দাখিল কৰিছে ৷