নামখলা : ছিপাঝাৰ বিধানসভা সমষ্টি উন্নয়নৰ ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা ৷ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে ৷ অসম গ্ৰাম যোজনাৰ অধীনত ৫০ লাখ টকাৰ আঁচনিৰ শুভ উদ্বোধন ৷ উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া ৷ ছিপাঝাৰ সমষ্টিত “অসম আদৰ্শ গ্ৰাম যোজনা”ৰ অধীনত ৫০ লাখ টকাৰ কেইবাটাও আঁচনিৰ শুভ উদ্বোধন কৰে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷ ছিপাঝাৰ বিধানসভা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা কৰি অতি সক্ৰিয়তাৰে সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰা বিনন্দ কুমাৰ শইকীয়াই উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে সমষ্টিৰ প্ৰতিটো পঞ্চায়তত ৷ অসম চৰকাৰে প্ৰতিটো সমষ্টিত দুখনকৈ আদৰ্শ গাঁও হিচাৱে নিৰ্মাণ কৰাৰ যি পৰিকল্পনা গ্ৰহন কৰিছে তাৰ অংশ হিচাবে বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ছিপাঝাৰ ৰাজহ চক্ৰৰ দোসতনী আৰু পাথৰিঘাট ৰাজহ চক্ৰৰ সেনাপতি পাৰা গাঁও নিৰ্বাচন কৰিছে ৷ অসম আদৰ্শ গ্ৰাম যোজনা ২০১৮-১৯ বৰ্ষৰ অধীনত বুঢ়ীনগৰ পঞ্চায়ত এলেকাৰ অধিনত সেনাপতিপাৰা গাঁও আদৰ্শ গাঁও হিচাৱে প্ৰতিস্থা কৰিবলৈ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই মংগলদৈ লোক সভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত ৫০ লাখ টকাৰ আঁচনি শুভ উদ্বোধন কৰে৷ ৰাষ্টা-পদুলি, সভাগৃহ, পানী যোগানকে আদি কৰি ৮ টাকৈ আঁচনি এই যোজনাৰ দ্বাৰা ৰূপায়ণ কৰাৰ লগতে সেনাপতিপাৰা গাঁওখনৰ দুয়োটা সীমান্তত নিৰ্মাণ কৰা হ’ব আটকধুনীয়া তোৰণ ৷ আঁচনিখন ৰূপায়ণৰ ফলত অঞ্চলবাসী ৰাইজৰ বহুদিনীয়া সপোন বাস্তৱত ৰূপায়িত হ’ব বুলি আশা কৰে সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷ অসম আদৰ্শ গ্ৰাম যোজনা আঁচনি শুভ উদ্বোধনী অনুষ্ঠান উপলক্ষে অনুষ্ঠিত হোৱা সভাত সাংসদ দিলীপ শইকীয়াৰ উপৰিও উপস্থিত থাকে ছিপাঝাৰ উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া মনিকা বৰগোহাঁই, দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ নাথ ডেকাকে আদি কৰি জিলাখনৰ শীৰ্ষ দলীয় কৰ্মকৰ্তা ৷
জনজাতিকৰণক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক বিলম্ব নকৰিবলৈ হুংকাৰ । চাবুৱাত মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস
তিনিচুকীয়া : উজনি অসমৰ অন্যতম ভুমিপুত্ৰ মটক জনগোষ্ঠীৰ জনজাতিকৰণক ধৰি ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক বিকাশৰ বাবে কোনো এখন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই। অতি সাম্প্ৰতিক সময়ত সংকটাপুৰ্ণ মটক জনগোষ্ঠীৰ অস্তিত্ব বৰ্তাই ৰখা আৰু সাংবিধানিক, ৰাজনৈতিক, ভু-সম্পদৰ অধিকাৰ সাব্যস্তকৰণ কৰিবৰ বাবে বজ্ৰকঠোৰ সিদ্ধান্ত গ্ৰ্হণ, সমাজ জীৱনৰ সময়পযোগীকৈ গঢ দিয়াকে ধৰি সৰ্বদিশৰ উপায় উদ্ভাৱন হেতু প্ৰতিষ্ঠা দিৱসখনি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে বুলি সভাৰ উদ্দেশ্য ব্যাখ্যাত তীব্ৰক্ষোভ প্ৰকাশ কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই। সেয়েহে সাম্প্ৰতিক সময়ত দেশজুৰি চলি থকা কৰ’ণাৰ দ্ৰুত সংক্ৰমণৰ প্ৰ্তি লক্ষ্য ৰাখি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত পুৱা পতাকা উত্তোলন কৰে সংগঠৰ সভাপতি তুষাৰঞ্জন চেতিয়াই আৰু সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই স্মৃতি তৰ্পণ কৰাৰ পিছতেই বৃক্ষ ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে সংগঠন উপ সভাপতি নিযুত বৰাই। ৩ শতাধিক মটক জনগোষ্ঠীৰ ৰাইজৰ উপস্থিতিত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত মুকলি সভা আৰু সম্বৰ্দ্ধনা অনুষ্ঠানৰ সভাপতিত্ব কৰি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তুষাৰ ৰঞ্জন চেতিয়াই কয় যে মটক জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে ল’ৰা-ধেমালি কৰিলে ২০২১ ইয়াৰ পৰিণাম ভয়াবহ হ’ব। মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই আঁত ধৰা মুকলি সভাৰ উদ্ধুধক হিচাপে বক্তব্য ৰাখে মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা কল্যাণ বৰাই। মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে জেষ্ঠ সাংবাদিক, বুদ্ধিজিৱী শৰৎ চন্দ্ৰ নেওগ। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম মটক সন্মিলনৰ উপ সভাপতি সৰুজ গোহাঁই, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কিৰণ ৰাজখোৱা, মটক ছাত্ৰ সন্থাৰ সভাপতি নীৰেন শইকীয়া, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সহ সাধাৰণ সম্পাদক প্ৰতাপ মৰাণ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱাল, সদৌ কোচ যুৱ-ছাত্ৰ পৰিষদৰ উপ সভাপতি ৰাণা দত্ত, সাংগঠনিক সম্পাদক দিব্য পৱন বৰা, তিনিচুকীয়া নগৰ উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি প্ৰণৱ বৰুৱা, উক্ত প্ৰতিষ্ঠা দিৱসতেই পৰিষদৰ বাৰ্ষিক মুখপত্ৰ ‘বেংমৰা’ উন্মোচন কৰে তিনিচুকীয়া প্ৰেছ ক্লাৱৰ সভাপতি সৰুজ গোঁহাই। বিশেষ সম্বৰ্দ্ধনা জনোৱা হয় জেষ্ঠ সাংবাদিক, সাহিত্যিক শৰৎ চন্দ্ৰ নেওগ, প্ৰকৃতি প্ৰেমি, বিচিত্ৰ ধৰিত্ৰী অসমৰ সভাপতি কিৰণ গগৈ, অসম চৰকাৰৰ বঁটা প্ৰাপ্ত কৃষক ৰন্টু চেতিয়া, শিল্পী পেঞ্চনাৰ হেমন কোঁৱৰ, সাংস্কৃতিক, ক্ৰীড়া সংগঠক মৃদুপৱন চেতিয়াক সম্বৰ্দ্ধনা জনোৱা হয়। ডিব্ৰুগড়-তিনিচুকীয়া জিলাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ জগতৰ ১৪ জন সাংবাদিকক ক্ৰমে তিনিচুকীয়া অসমীয়া প্ৰতিদিন কাকতৰ ষ্টাফ ৰিপৰ্টাৰ হেমন্ত কুমাৰ শইকীয়া, দৈনিক জনমভুমি তিনিচুকীয়াৰ ষ্টাফ ৰিপৰ্টাৰ মনোৰঞ্জণ মৰান, চাবুৱাৰ অসমীয়া প্ৰতিদিনৰ সাংবাদিক সৌৰভ জ্যোতি চেতিয়া, দৈনিক জনম ভুমিৰ অৰুন বৰপাত্ৰ, আমাৰ অসমৰ অনুপম বুঢাগোঁহাই, অসমীয়া খবৰৰ পুষ্টক ফুকণ, Assam Talks ৰ দিব্য জ্যোতি লাহন, হিন্দী পুৰ্বোদয়ৰ বাপন পাল, পুৰ্বাঞ্চল প্ৰহৰীৰ ৰাজীৱ সিং, V& S ৰ ৰাহুল চক্ৰৱতী, দৈনিক জনম ভুমিৰ ডিকমৰ সাংবাদিক ধৰণী গগৈ, প্ৰতিদিন টাইম চাবুৱাৰ বিশ্বজিত ফুকণক সম্বৰ্ধনা জনোৱা হয়। আনহাতে আজি প্ৰতিষ্ঠা দিৱসতে মটক যুৱ-ছাত্ৰ পৰিষদে প্ৰদান কৰা বেংমৰা ৰাজ্যৰ বীৰ সেনাপতি বীৰ পুৰুষ “মতাটুকুৰা বৰুৱা” বঁটা ২০২০ মটক জনগোষ্ঠীৰ তথা অসমীয়া জাতিৰ সংগ্ৰামী নেতা অনুপ চেতিয়াক প্ৰদান কৰিবলৈ প্ৰস্তাৱ লোৱা হয় লগতে সভাই প্ৰস্তাৱ লয় যে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰুপে মটক যুৱ-ছাত্ৰ সন্মিলনৰ প্ৰাক্তন সভাপতি উদয় শংকৰ মহনক আনুষ্ঠানিকতাৰে দায়িত্ব অৰ্পণ কৰে।
ডবকা বিন্নাকান্দি উন্নয়ন খণ্ডৰ বিডিঅ’ কৰোনাত আক্ৰান্ত
ডবকা : হোজাই জিলাত দিনক দিনে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। আজি ডবকা বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কৰোনাত আক্ৰান্ত হোৱাৰ লগতে ৬জন কৈ শিক্ষকৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে। খণ্ড উন্নয়ন বিষয়া গৰাকীৰ নাম মইনুদ্দিন আহমেদ। কিছু দিনৰ পৰা জ্বৰত আক্ৰান্ত হৈ আছিল বিষয়া গৰাকী। শিক্ষক ছয়গৰাকীক ১০৮ সেৱা যোগে ডবকাৰ পৰা নীলবাগানত থকা কভিড চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে খণ্ড উন্নয়ন বিষয়াক হোম আইচোলেচনত ৰাখি চিকিৎসা চলাই আছে বুলি জানিব পৰা গৈছে।
নলবাৰী বিল্বেশ্বৰ দেৱালয়ৰ দলৈ নিৰ্বাচনক লৈ মতভেদ
নলবাৰী : দলৈ নিৰ্বাচনক কেন্দ্ৰ কৰি মতভেদ সৃষ্টি হোৱা সন্দৰ্ভত আজি নলবাৰী জিলা প্ৰেছ ক্লাৱত এখন সংবাদ মেলৰ আয়োজন কৰা হয়। নলবাৰী জিলাৰ ইতিহাস প্ৰসিদ্ধ মহাপ্ৰভু শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ৰ দলৈ নিৰ্বাচনৰ চলিত মাহৰ ১৬ তাৰিখে তাৎক্ষণিকভাৱে অনুষ্ঠিত হোৱা নিৰ্বাচনক লৈ একাংশ সমিতিৰ সদস্যৰ মাজত তীব্ৰ আপত্তিৰ সৃষ্টি হৈছে। ইতিমধ্যে দলৈ পদত প্ৰতিদ্বন্দ্বিতা কৰা হৰকুমাৰ ভট্টই যোৱা ১৭ আগষ্টত বিল্বেশ্বৰ দেৱালয়ৰ সাধাৰণ সভাত বৰদেউৰীয়ে ভোটদানৰ পৰা বঞ্চিত হোৱা আৰু অনা বৰদেউৰীয়ে ভোট দিয়া সন্দৰ্ভত নলবাৰী জিলা উপাযুক্ত তথা বিল্বেশ্বৰ দেৱালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ ওচৰত আপত্তি দাখিল কৰিছে। সংবাদ মেলৰ জৰিয়তে ১৬ আগষ্টত দেৱালয়ৰ বৰদেউৰী সদস্যৰ এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। তাতেই তাৎক্ষণিকভাৱে দলৈ নিৰ্বাচন কৰাৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হয় কিন্তু আশ্চৰ্য্যজনকভাৱে কভিড-১৯ প্ৰটকল ভংগ কৰি তেওঁলোকে জিলা প্ৰশাসনৰ পৰা কোনো লিখিত প্ৰতিশ্ৰুতি আদি নোলোৱাকৈ এই কাৰ্য সম্পাদন কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে। তদুপৰি নিৰ্বাচন যদি অনুষ্ঠিত কৰিবই লাগে তেনেহ’লে সময় লৈ ৪৫৬ গৰাকী বৰদেউৰীক জনোৱাৰ ব্যৱস্থা কৰিব লাগিছিল কিন্তু ইয়াৰ বিপৰীতে একাংশ লোকৰ ন্যাষ্ট স্বাৰ্থৰ বাবে তাৎক্ষণিকভাৱে মাত্ৰ ১৯৮ গৰাকী ভোটাৰৰ উপস্থিতিতে দলৈ বাচনিৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। দেৱালয়ৰ বৰদেউৰী সন্মিলনৰ সম্পাদক নৱজ্যোতি মিশ্ৰই দেৱালয়ত নিজৰ আধিপত্য বাখাল ৰখাৰ স্বাৰ্থতে দ্বীপজ্যোতি বৰপূজাৰী মুখ্যনিৰ্বাচনী বিষয়া হিচাপে লৈ নিৰ্বাচনী সমিতি খন গঠন কৰি লয়। তদুপৰি সংবাদ মেল দিয়া সমিতিৰ সদস্যসকলে ব্যক্ত কৰে যে এই নৱজ্যোতি মিশ্ৰ আৰু দ্বীপজ্যোতি বৰপূজাৰীয়ে ষড়যন্ত্ৰমূলক নিৰ্বাচন অনুষ্ঠিত কৰি ঘনিষ্ঠ লোকক দলৈ পাতি লয়। তাৎপৰ্যপূৰ্ণ বিষয় যে এই নিৰ্বাচনত অমিয় শৰ্মা আৰু অৱণী কুমাৰ শৰ্মাক নৱজ্যোতি মিশ্ৰই ভোটদানৰ অধিকাৰ প্ৰদান কৰে। যিটো বিষয় সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক। তেওঁলোক বৰদেউৰী নোহোৱাৰ পিছত ও কেনেকৈ ভোটদান কৰি সেয়া ৰহস্যজনক কথা।

বিভেদৰ জুই কোনে ছটিয়াই ?
✍ পুলিন শইকীয়া
অসমৰ ৰাজনীতিত যেন আজি মূল্যবোধৰ স্থান নাই ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক বিৰোধী প্ৰতিটো দলৰ সৰু-বৰ সকলো নেতাৰ মুখে মুখে আজমলৰ নাম বৰকৈ শুনিবলৈ পোৱা গৈছে ৷ সদাচাৰী ভকতৰ মুখত সকলো সময়তে কৃষ্ণ নাম শুনিবলৈ পোৱা দৰে একাংশ ৰাজনীতিকৰ মুখত কেৱল আজমলৰ নাম ৷ তেওঁবিলাকৰ কাৰণে আজমল যেন ভগৱান ৷ আজমলৰ পৰিবৰ্তে তেওঁলোকে যদি ভগৱানৰ নাম লৈ নিজ নিজ এলেকাত চৰকাৰী আঁচনিবোৰ সফলভাৱে ৰূপায়িত হোৱাত কিছু নজৰ দিলেহেঁতেন তেতিয়াহ’লে ৰাইজৰ কৰ-কাটলৰ প্ৰতিটো টকাৰ সদ্ব্যৱহাৰ হোৱাৰ লগতে এচাম দৰিদ্ৰ লোক চৰকাৰী আঁচনিৰ পৰা সদায় বঞ্চিত হৈ থাকিব নালাগিলহেঁতেন ৷ শাসকীয় দলৰ পালিনেতাৰ হাতত পৰি চৰকাৰী উন্নয়নমূলক আঁচনিয়ে কি ৰূপ লৈছে সেয়া আমাৰ দৰে বহুতে দেখিছে ৷ ৰাজনীতিকৰ ব্যৰ্থতা ঢকা কৌশলৰ অন্য নাম আজমল৷ ‘আজমল বন্দনা’ বা ‘আজমল ভৎসৰ্না’ দ্বাৰা ৰাইজৰ একো উপকাৰ নহয় ৷ যোৱা কিছুদিনৰ পৰা একাংশ ৰাজনৈতিক দলৰ নেতা-পালিনেতাই সমাজত ধৰ্মীয় বিষবাস্প বিয়পোৱাৰ যত্ন অব্যাহত ৰাখিছে ৷ ‘ৰাজীৱ ভৱনত আগলৈ অমুক, অমুক মাংসৰ খানা চলিব’, ‘মুছলমানক পাঞ্চ মাৰিম’ এই ধৰণৰ কথাৰে সমাজত বিভেদৰ জুই ছটিয়াই নিজ উদ্দেশ্য সিদ্ধিৰ বাবে উঠি পৰি লাগিছে ৷ ইয়াৰ দ্বাৰা তেওঁলোকে নাগপুৰ আৰু দিল্লীত নিজৰ দাম বঢ়াব খুজিছে ৷ স্বাৰ্থলোভী এইসকল নেতাক ৰাইজে চিনি থবৰ হ’ল ৷ আনহাতে টিভি চেনেলত আহি কিছুমান নেতাই এনেদৰে কথা কয় যেন আঁচনিবোৰ তেওঁলোকৰ মন্ত্ৰীয়ে পিতৃৰ উপাৰ্জনৰ পৰাহে দিছে ? নিৰ্বাচনী ৰাজনীতিত নেতাৰ ভাষণেই মূলধন ৷ প্ৰতিটো ৰাজনৈতিক দলে আন দলক সমালোচনা কৰাতো একো নতুন কথা নহয় ৷ নতুন কথাটো হ’ল এই সমালোচনা কৰিবলৈ যাওঁতে শিষ্টাচাৰৰ সকলো সীমা চেৰাই যোৱা ৷ যোৱা দুই-এটা নিৰ্বাচনত নেতাৰ মুখৰ তেনে কিছু কথা অসমৰ ৰাইজে মনত ৰাখিছে ৷ যিবোৰ কথাৰ দ্বাৰা মানুহৰ মনত ৰাজনীতিকৰ আসন আৰু অৱনমিত কৰিছে ৷ ৰাজনীতিকসকলে মনত ৰখা ভাল যে- ‘সকলো মানুহকে সকলো সময়তে মুৰ্খ সজাব নোৱাৰি ৷ ‘তেওঁলোকৰ কথা-কাণ্ডৰ বাবে অসমৰ ৰাজনীতিৰ পথাৰখন চিৰদিনৰ বাবে যাতে বিষাক্ত হৈ নাযায় সেয়া নজৰ ৰখাতো বৰ্তমানৰ প্ৰতিজন ৰাজনীতিকৰ নৈতিক কৰ্তব্য বুলি আমি ভাবোঁ ৷ দিল্লীৰ নিৰ্বাচনৰ আগে আগে কেজৰিৱালে কোৱাৰ দৰে শাসকীয় দলৰ মন্ত্ৰীয়ে ৰাইজক কিয় ক’ব নোৱাৰে- “আমাৰ চৰকাৰে যদি ভাল কাম কৰিছে ৰাইজে আকৌ আমাক ভোট দিয়ক ৷” পাঁচটা বছৰ কাম কৰিবলৈ সুবিধা দিয়াৰ পাছত কামৰ খতিয়ান লোৱাৰ অধিকাৰ ৰাইজৰ নিশ্চয় আছে ৷ ‘অমুক দলে অমুক বছৰে একো নকৰিলে সেয়ে আমি একো নকৰিলোঁ’ এনে ধৰণৰ উত্তৰ জনতাৰ কাম্য নহয় ৷ ৰাজ্যৰ সকলো সমস্যা তল পেলাই আজমল নামৰ নাঁৱত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব খোজা কু অভিপ্ৰায় ৰাইজৰ বুজিবলৈ বাকী নাই ৷
বিশ্বৰ ভিতৰত সৰ্বনিম্ন : ভাৰতত ক’ৰোনাত মৃত্যুৰ হাৰ ১.৫৭ শতাংশ
দৈনন্দিন বাৰ্তা ডেস্ক : কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা মতে, দেশত ক’ভিড-১৯ত মৃত্যুৰ হাৰ ১.৫৭ শতাংশলৈ আহিছে, যিটো বিশ্বৰ ভিতৰতে নিন্মতম ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সচিব ৰাজেশ ভূষণে এক সংবাদ মেলত কয়, ক’ভিড-১৯ত ভাৰতত মৃত্যুৰ পৰিমাণ ১.৫৮ শতাংশ হৈছে, যিটো বিশ্বৰ ভিতৰতে সৰ্বনিম্ন ৷ যোৱা ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা ৬৪০০ লৈ কমিছে ৷ তদুপৰি ক’ৰোনাত আক্ৰান্ত হৈ আৰোগ্য হোৱাৰ লোকৰ পৰিমাণ ৭৫ শতাংশ বুলি সচিবজনে জানিবলৈ দিয়ে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে দেশত আৰোগ্য হোৱা লোকৰ পৰিমাণ ৩.৪ গুণৰো অধিক ৷ আনহাতে দেশত মুঠ ২২.২ শতাংশ আক্ৰান্ত ৷ সচিবজনে কয়, ক’ভিড-১৯ত আক্ৰান্ত সকলৰ ভিতৰত ২.৭ শতাংশ লোকক অক্সিজেনৰ প্ৰয়োজন হয় ৷ আনহাতে ১.৯২ শতাংশ ৰোগী আইচিইউত ভৰ্ত্তি হয় ৷ তদুপৰি ০.২৯ শতাংশ ৰোগী ভেণ্টিলেটৰত থাকিব লগা হয় ৷ ইপিনে ক’ভিড-১৯ ভেকছিন প্ৰস্তুত কৰাৰ দৌৰত ভাৰত আগবাঢ়ি আছে ৷ ছিৰাম ইনষ্টিটিউটৰ ভেকছিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়, ভাৰত বায়’টেক আৰু জীডুছ কেডিলাৰ ভেকছিনৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা চলি আছে বুলি ইতিমধ্যে আইচিএমআৰৰ সঞ্চালক প্ৰধানে জনাইছে ৷ উল্লেখ্য যে ভাৰতত ক’ৰোনাত ৩১৬৭৩২৪ লোক আক্ৰান্ত হৈছে ৷ ইয়াৰে ভিতৰত ২৪০৪৫৮৫জন লোক আৰোগ্য হৈ ঘৰলৈ গৈছে ৷ আনহাতে ৫৮৩৯০ জন লোক এই ভাইৰাছত মৃত্যু হৈছে ৷ উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত ৬০৯৭৫ জন লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ৮৪৮ জন লোকৰ মৃত্যু হয় ৷
১ ছেপ্টেম্বৰৰ পৰা আনলক ৪
দৈনন্দিন বাৰ্তা ডেস্ক : অহা ৩১ আগষ্টত আনলক ৩ শেষ হ’ব ৷ আনহাতে ১ ছেপ্টেম্বৰৰ পৰা আনলক ৪ আৰম্ভ হ’ব ৷ যোৱা পাঁচ মাহ ধৰি দেশজুৰি বন্ধ আছে শিক্ষানুষ্ঠান ৷ আনলক ৪ আৰম্ভ হ’লে শিক্ষানুষ্ঠানবোৰ খুলিবনে নাই তাক লৈ এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷ দেশৰ বিভিন্ন নগৰত মেট্ৰ’ সেৱা আৰম্ভ কৰাৰ চিন্তা কৰা হৈছে ৷ অৱশ্যে এইক্ষেত্ৰত কেইখনমান ৰাজ্যৰ পৰা আপত্তি আহিছে ৷ তাৰ মাজতো মেট্ৰ’ সেৱা আৰম্ভ কৰাৰ অনুমতি দিয়াৰ সম্ভাৱনা আছে ৷ দিল্লী চৰকাৰে পৰ্যায়ক্ৰমে মেট্ৰ সেৱা মুকলি কৰিবলৈ ব্যৱস্থা হাতত লৈছে ৷ অৱশ্যে এই ক্ষেত্ৰত কেন্দ্ৰই কোনো কথা কোৱা নাই ৷ উল্লেখ্য যি ক’ৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যোৱা মাৰ্চ মাহৰ পৰা মেট্ৰ’ ৰে’ল সেৱা বন্ধ আছে৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পৰীক্ষামূলকভাৱে দিল্লী মেট্ৰ’ আৰম্ভ কৰিবলৈ বিচাৰিছে ৷ আনহাতে কেন্দ্ৰীয় চৰকাৰে পৰ্যায়ক্ৰমে শিক্ষানুষ্ঠানবোৰ খোলাৰ কথা চিন্তা কৰিছে৷ এই ক্ষেত্ৰত কি সাৱধানতা অৱলম্বন কৰিব সেয়া স্পষ্ট নহয় ৷
এনআইএৰ চাৰ্জছীটত দাখিল : পুলৱামা কাণ্ডৰ পৰিকল্পনা মাছুদ আজহাৰ, ভায়েক আব্দুল ৰাউফ আজগৰৰ
দৈনন্দিন বাৰ্তা ডেস্ক : পুলৱামা কাণ্ডৰ পৰিকল্পনা কৰিছিল জইছ-ঈ-মহম্মদ সন্ত্ৰাসবাদী সংগঠনৰ প্ৰধান মাছুদ আজহাৰ আৰু ভায়েক আব্দুল ৰাউফ আজগৰে৷ অভিযোগনামাত এই কথাকে উল্লেখ কৰিছে এনআইএয়ে৷ জম্মুৰ আদালতত মঙলবাৰে ৫০০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে এনআইএয়ে৷ তাত পুংখানুপুংখভাৱে কোৱা হৈছে, কিদৰে পাকিস্তানে পুলৱামাত আক্ৰমণ ৰচনা কৰিছিল সকলো উল্লেখ কৰিছে ৷ উল্লেখ্য য়ে ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত পুলৱামাত চিআৰপিএফৰ কনভয়ত সোমোৱাই দিছিল বিস্ফোৰক ভৰ্ত্তি গাড়ী ৷ আত্মঘাতী বিস্ফোৰণত শ্বহীদ হৈছিল ৪০ জন জোৱানৰ ৷ এই ঘটনাৰ চাৰ্জছীট আজি জমা দিয়া হয় ৷ ইয়াত ২০ জনৰ নাম অনা হৈছে ৷ পাকিস্তান সমৰ্থিত জইছৰ প্ৰধান মাছুদ আজহাৰ, আজহাৰৰ ভায়েকৰ নাম উল্লেখ আছে ৷ তদুপৰি আক্ৰমণত নিহত সন্ত্ৰাসবাদীৰ নাম আৰু এই কামত সমৰ্থন কৰাসকলৰ নাম আছে ৷ এনআইএৰ ডেপুটি ইনস্পেক্টৰ ছোনীয়া নাৰাঙে জনোৱা মতে এই চাৰ্জছীট যথেষ্ট দীঘলীয়া ৷ এই চাৰ্জছীটত সন্ত্ৰাসবাদীৰ কল ৰেকৰ্ড, ৱাটছৱেপ চাট দিয়া হৈছে ৷ সেই চাটত আৰডিএক্স আৰু আন বিস্ফোৰকৰ ছবিও দিয়া হৈছে ৷ পুলৱামা কাণ্ডৰ পাচত জইছৰ কমাণ্ডাৰ উমৰ ফাৰুক ভাৰতীয় সেনাৰ হাতত নিহত হয়৷ সেই ফাৰুকৰ ম’বাইলৰ পৰা এই চাট পোৱা গৈছে ৷ উল্লেখ্য যে এই আক্ৰমণক প্ৰশংসা কৰি আজহাৰে এটা ভিডিঅ’ আৰু অডিঅ’ প্ৰকাশ কৰিছিল ৷ চাৰ্জছীটত এইবোৰো দাখিল কৰা হৈছে ৷ আনহাতে পুলৱামাত আক্ৰমণৰ পাচত জইছে এক টেলিগ্ৰাম গ্ৰুপত মেছেজ দিছিল ৷ তাত লেখা হৈছিল, ১০০ ভাৰতীয় হিন্দু সৈন্যৰ মৃত্যু হৈছে৷ চাৰ্জছীটত এই মেছেজও দিয়া হৈছে ৷ উল্লেখ্য যে ২৬/১১ মুম্বাই আক্ৰমণৰ অন্যতম চক্ৰান্তকাৰী এই মাছুদ আজহাৰেই৷ আজহাৰৰ উপৰি চাৰ্জছীটত নাম আছে আত্মঘাতী সন্ত্ৰাসবাদী আদিল আহমেদ দাৰৰ ৷ এইজনেই সিই বিস্ফোৰক থকা গাড়ী কনভয়ত সোমোৱাই দিছিল৷ ইয়াৰ উপৰি নাম আছে গাড়ীত বোমা ৰখা উমৰ ফাৰুকৰ ৷ এই বছৰ এক সংঘৰ্ষত এই সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে ৷ তদুপৰি চাৰ্জছীটত নাম আছে ছাকিৰ বছিৰ মাগৰৰ৷ সেইদিনা এই সন্ত্ৰাসবাদীয়ে সেইখন গাড়ী চলাইছিল ৷ ঘটনাস্থলীৰ ৫০০ মিটাৰৰ আগতে এই সন্ত্ৰাসবাদীয়ে গাড়ীৰ পৰা জাপ মাৰি নামি দিছিল ৷ সেই ঠাইত সন্ত্ৰাসবাদীটোৰ আচবাবৰ দোকান আছে৷ জোৱানৰ গতিবিধিৰ খবৰ দিছিল উমৰ ফাৰুকে ৷ তদুপৰি পাকিস্তান সন্ত্ৰাসবাদীৰ গাড়ী সৰবৰাহ কৰিবৰ বাবে মহম্মদ ইকবাল ৰাথেৰ, ম’বাইল দিবৰ বাবে বিলাল আহমেদ কুচে, জইছ সন্ত্ৰাসবাদী তাৰিক আহমেদ শ্বাহ, কন্যা ইনছাৰ নামো আছে চাৰ্জছীটত ৷
ইজৰাইলত ১০০০ বছৰ পুৰণি সোণৰ মুদ্ৰা আবিষ্কাৰ কিশোৰৰ
দৈনন্দিন বাৰ্তা ডেস্ক : ইজৰাইলৰ কিশোৰে হাজাৰ বছৰৰো অধিক সময়ৰ আগৰ কেতবোৰ সোণৰ মুদ্ৰা মাটিৰ পাত্ৰত থকা অৱস্থাত উদ্ধাৰ কৰিছে ৷ ইজৰাইলৰ পৌৰাণিক সম্পদ কৰ্তৃপক্ষই ১৮ আগষ্টত এই মুদ্ৰাবোৰ আবিষ্কাৰ কৰিছিল, কিশোৰ-কিশোৰীসকলে ইজৰাইলৰ এটা খনন কামত স্বেচ্ছাসেৱীৰ দ্বাৰা সেই ঠাইত নতুনকৈ নিৰ্মাণৰ পৰিকল্পনা কৰিছিল ৷ যিজন ব্যক্তিয়ে সেই মুদ্ৰা ১১০০ বছৰৰ আগতে পুতি ৰাখিছিল তেওঁ পুনৰুদ্ধাৰ কৰিবলৈ আৰু সুৰক্ষিত কৰিব পৰা নাছিল ৷ সেই মুদ্ৰা সংগ্ৰহ কৰোতে তেওঁ ঘুৰি আহোতে কি কি বাধা পাইছিল সেয়া কেৱল অনুমানহে কৰিব পাৰি ৷ খনন পৰিচালক লিয়াদ নাদভ-জিভে এনেদৰে কয় ৷ ইজৰাইলৰ প্ৰত্নতত্ত্ববিদ শ্বাহাৰ ক্ৰিছপিনে আব্বাচীয় ৰাজবংশৰ তাৰিখ অনুসৰি স্বৰ্ণ মুদ্ৰা গণনা কৰিছিল৷ মুদ্ৰাবোৰ গোপন কৰাৰ সময়ত এটা আৱাসিক কাৰখানা পোৱা গৈছিল ৷ তাৰ মালিকৰ পৰিচয় এতিয়াও এক ৰহস্য ৷ এয়া আশ্চৰ্যজনক আছিল৷ ওজ কোহেনে এই কথা কয়৷ স্বেচ্ছাসেৱীসকলৰ জৰিয়তে এই মুদ্ৰা পাইছিল ৷ নৱম শতাব্দীৰ আব্বাচীয় খিলাফত আমোলাত ৪২৫ ২৪ কেৰেটৰ বিশুদ্ধ সোণৰ মুদ্ৰাবোৰ তেতিয়াৰ সময় উল্লেখনীয় পৰিমাণে অৰ্থ থাকিব পাৰে ৷ পৌৰাণিক কৰ্তৃপক্ষৰ মুদ্ৰা বিশেষজ্ঞ ৰবাৰ্ট কুলে এইদৰে কয়৷ উদাহৰণ হিচাপে এই পৰিমাণৰ ধনৰ সহায়ত কোনো ব্যক্তিয়ে সেই সময়ত মিছৰৰ সৰ্বাধিক ধনী ৰাজধানী ফুস্তাতৰ অন্যতম ঠাইত এটা বিলাসবহুল ঘৰ কিনিবও পাৰে৷ কুলে এনেদৰে প্ৰকাশ কৰে ৷
সমগ্ৰ বিশ্বত ক’ৰোনা ভাইৰাছত ২৩.৬৫ মিলিয়ন লোক আক্ৰান্ত
অনলাইন বাৰ্তা : সমগ্ৰ বিশ্বৰ ২১০ খনৰো অধিক দেশত ক’ৰোনা ভাইৰাছত ২৩.৬৫ মিলিয়ন লোক আক্ৰান্ত হৈছে ৷ আনহাতে এই ভাইৰাছত আক্ৰান্ত হৈ ৮১১৮৯৫ জন লোকৰ মৃত্যু হৈছে ৷ ইপিনে এই ভাইৰাছত আক্ৰান্ত হৈ ১৫ মিলিয়নৰো অধিক লোক আৰোগ্য হৈছে ৷ বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা মতে ক’ভিড-১৯ এতিয়াও সংক্ৰমণ হৈ আছে ৷ কিন্তু সংক্ৰমণ বৃদ্ধি আৰু মৃত্যুৰ সংখ্যা বিশ্বজুৰি কমিবলৈ ধৰিছে ৷ অৱশ্যে দক্ষিণ পূৱ এছিয়া আৰু পূৱ মেদিটেৰীয়েন অঞ্চলত ইয়াৰ বিপৰীত হৈ আছে ৷ শেহতীয়া তথ্য মতে বিশ্ব স্বাস্থ্য সংস্থাই কয় যে আমেৰিকা হ’ল সৰ্বাধিক আক্ৰান্ত এলেকা ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ২৩ আগষ্টত সমাপ্ত হোৱা সপ্তাহটোত ক’ভিড-১৯ত ১.৭ মিলিয়ন নতুন আক্ৰান্ত আৰু ৩৯০০০ নতুনকৈ মৃত্যু হয় ৷ এই সংখ্যা মুঠ আক্ৰান্তৰ ৪ শতাংশ কমিছে আৰু মৃত্যুৰ হাৰ আগৰ সপ্তাহতকৈ কম৷ দক্ষিণ পূৱ এছিয়া হ’ল দ্বিতীয় সৰ্বাধিক আক্ৰান্ত এলেকা ৷ এই এলেকাত নতুনকৈ ২৮ শতাংশ আক্ৰান্ত হৈছে আৰু ১৫ শতাংশৰ মৃত্যু হৈছে৷ ভাৰত হ’ল সৰ্বাধিক আক্ৰান্ত এলেকা ৷ ইপিনে নেপালত এই ভাইৰাছ দ্ৰুতগতিত সংক্ৰমণ হৈছে ৷ লেবালন, টিউনেছিয়া আৰু জৰ্ডানত আগৰ সপ্তাহতকৈ বেছি লোক আক্ৰান্ত হৈছে ৷ ইপিনে গাজাত লকডাউন চলাই যাবলৈ লৈছে৷ দেশখনত মঙলবাৰে প্ৰথম ক’ভিড আক্ৰান্ত ধৰা পৰাৰ পাচত লকডাউন দিছে৷ দেশখনৰ চৰকাৰৰ মুখপাত্ৰই কয় যে এটা শৰনাৰ্থী পৰিয়ালৰ চাৰিজন লোক আক্ৰান্ত হয়৷ ইপিনে দুগৰাকী ইউৰোপীয়ান ৰোগী পুনৰ ক’ৰোনাত আক্ৰান্ত হৈছে৷ নেডাৰলেণ্ড আৰু বেলজিয়ামত এই ভাইৰাছত পুনৰ আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে৷ জাৰ্মানীত ব্যৱসায় পুনৰুজ্জীৱিত কৰাৰ ব্যৱস্থা কৰা হৈছে৷ জাৰ্মানীত নিৰ্মাণ আৰু সেৱাত জড়িত ব্যৱসায় উন্নত কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছে৷ ইউৰোপৰ সৰ্ববৃহৎ অৰ্থনীতি পুনৰ ঘুৰাই অনাৰ আশাৰে কাম আৰম্ভ কৰিছে৷ ইণ্ডোনেছিয়াত নতুনকৈ ক’ৰোনাত ২৪৪৭ জন আক্ৰান্ত হৈছে ৷ দেশখনত বৰ্তমানলৈকে ১৫৭৮৫৯ জন লোক এই ভাইৰাছত আক্ৰান্ত হৈছে৷ দক্ষিণ কোৰিয়াত বিদ্যালয়বোৰ পুনৰ সংক্ৰমণৰ বাবে বন্ধ কৰিছে ৷ দক্ষিণ কোৰিয়াত নতুনকৈ ২৮০ জন আক্ৰান্ত হোৱাৰ কথা প্ৰকাশ ৷ দেশখনট ১৭৯৪৫ জন এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩১০ জনৰ মৃত্যু হৈছে ৷ দক্ষিণ কোৰিয়াত জনসমাগম যোৱা দেওবাৰৰ পৰা বন্ধ কৰিছে ৷ ইয়াৰ লগতে বিভিন্ন অনুষ্ঠান আৰু ক্ৰীড়া বন্ধ কৰিছে ৷ বেইজিং বিশ্ববিদ্যালয়লৈ ঘুৰি অহা শিক্ষাৰ্থীৰ ভাইৰাছ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে ৷ অহা ৯ ছেপ্টেম্বৰৰ পৰা বিশ্ববিদ্যালয়খনৰ পাঠদান আৰম্ভ হ’ব৷ মেক্সিকোৰ বিদ্যালয়বোৰৰ নতুন বৰ্ষ আৰম্ভ কৰিছে ৷ ভাইৰাছটোৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্পেইনত কেতবোৰ নতুন নিষেধাজ্ঞা প্ৰচলন কৰিছে ৷












