Home Blog Page 3289

ক্ৰীড়াক্ষেত্ৰত চীনৰ পণ্য বৰ্জনৰ হুংকাৰ ভাৰতৰ ।

গুৱাহাটী :  ১৫ জুনত এলএচিৰ গালৱানত ২০জন ভাৰতীয় সেনা নিহত হোৱাৰ ঘটনাত ক্ৰীড়াক্ষেত্ৰত চীনৰ পণ্য বৰ্জনৰ হুংকাৰ দিছে৷ ভাৰতীয় অলিম্পিক এছ’চিয়েছনৰ মহা সচিব ৰাজীৱ মেহতাই স্পষ্টকৈ কৈছে টকীয় অলিম্পিকৰ সময় পৰ্যন্ত ভাৰতীয় দলৰ কেটিং পাৰ্টনাৰ লি নিঙৰ সৈতে ভাৰতীয় অলিম্পিক এছ’চিয়েছনে স্পনছৰশ্বিপ লোৱা উচিত বুলি তেওঁ ব্যক্তিগত মতামত দিছিল৷ এয়া মোৰ ব্যক্তিগত মতামত যে ভাৰতীয় অলিম্পিক এছ’চিয়েছনৰ সৈতে লি নিঙৰ স্পনছৰশ্বিপ এৰাই উচিত৷ এতিয়া সময় আহিছে আমি চীন আৰু সেই দেশখনৰ সামগ্ৰীৰ বিৰোধিতা কৰাৰ৷ মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনুভূতিৰ প্ৰতি শ্ৰদ্ধা জনাও আৰু মই বিশ্বাস কৰো যে অতি সোনকালে ভাৰতীয় অলিম্পিক এছ’চিয়েছনৰ বাৰ্ষিক সাধাৰণ সভাত এই বিষয়টো আহ্বান জনাব৷ প্ৰথমে দেশ আৰু আমি সকলো ঐক্যবদ্ধ হোৱা উচিত৷ ভাৰতীয় অলিম্পিক এছ’চিয়েছনৰ কোষাধ্যক্ষ আনন্দেশ্বৰ পাণ্ডেয়ে এনেদৰে কয়৷ আনহাতে মেহতাই কয়, নি নিং হ’ল চীনৰ ব্ৰেণ্ড আৰু আমি টকীয় অলিম্পিক পৰ্যন্ত চুক্তি কৰিছিলো৷ যদি এই অৱস্থা থাকে আমি ভাবিবলৈ বাধ্য হম৷ ভাৰতীয় অলিম্পিক এছ’চিয়েছনৰ সাধাৰণ সভাত এই বিষয়টো আলোচনা হ’ব৷ ব্যক্তিগত পৰ্যায়ত কোনো আলোচনা নহয়৷ আমি তেওঁলোকৰ লগত চুক্তি কৰিছো৷ তেওঁলোক ৰিঅ’ অলিম্পিকৰ পৰাই আমাৰ কিটিং পাৰ্টনাৰ৷ কিন্তু আমাৰ বাবে দেশ আগত৷

বিএছএনএলৰ ফ’ৰ জি আপগ্ৰেডত চীনৰ সামগ্ৰী ব্যৱহাৰ কৰা নহ’ব । ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেট কৰিডৰৰ ঠিকা চীনা কোম্পানীৰ পৰা এৰোৱাৰ পদক্ষেপ ।

গুৱাহাটী :  দেশত চীনা সামগ্ৰী বৰ্জনৰ দাবী উত্থাপন হৈ আছে৷ গালৱান উপত্যকাত সেনাৰ সংঘৰ্ষত বাণিজ্যিক ক্ষেত্ৰত যে বেইজিঙক বহু সমস্যাৰ সৃষ্টি কৰিব তাৰ ইংগিত আৰম্ভ হৈছে৷ ইতিমধ্যে কেন্দ্ৰই বিএছএনএলক কৈছে যে ফ’ৰ জি আপগ্ৰেডৰ কামত চীনৰ সামগ্ৰী ব্যৱহাৰ কৰা নহ’ব৷ তাৰ লগে লগে ৰে’ল বিভাগেও চীনৰ কোম্পানীক আঁতৰ কৰিবলৈ ল’লে৷ ৰে’ল বিভাগৰ খবৰ, ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেট কৰিডৰৰ বাবে ছিগনেল ছিষ্টেম নিৰ্মাণ কৰিবৰ বাবে প্ৰায় ৫০০ কোটি টকাৰ ঠিকা বাতিল প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ এই প্ৰকল্পৰ অৰ্থ সাহায্য দিয়া বিশ্ব বেংকক বিষয়টো জনোৱা হৈছে বুলি প্ৰকল্পটোৰ বিষয়াসকলৰ সূত্ৰত প্ৰকাশ৷ ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেট কৰিডৰৰ বাবে উত্তৰ প্ৰদেশৰ নিউ ভানুপুৰৰ পৰা মোগলচৰাই পৰ্যন্ত ৪১৩ কিলোমিটাৰ ৰে’ল লাইন নিৰ্মাণৰ কাম চলিছে৷ প্ৰকল্পটোৰ ছিগনেলিং আৰু যাৱতীয় কামৰ ঠিকা পাইছিল চীনৰ ৰে’ল যন্ত্ৰ প্ৰস্তুতকাৰী৷প্ৰতিষ্ঠান চাইনা ৰে’লৱে ছিগনেল এণ্ড কমিউনিকেশ্যনছ ক’পৰেচনে৷ ২০১৬ চনত লাভ কৰা ঠিকাৰ অংক আছিল ৪৭১ কোটি টকা৷ উল্লেখ্য যে ঠিকাদাৰী কোম্পানীটোৰ কামত সন্তুষ্ট নাছিল সংশ্লিষ্ট কৰ্তৃপক্ষ৷ কাম পলম কৰাৰ বিভিন্ন অভিযোগ উঠিছিল৷ ফলত চীনা কোম্পানীটো বাতিল কৰি আন কোম্পানীক দিয়াৰ চিন্তা চলি আছিল৷

নামখলাত কভিড-১৯ পজিটিভৰ বাবে গণ সংক্ৰমণৰ আশংকাত অঞ্চলজুৰি চাঞ্চল্য ।

নামখলাত কভিড-১৯ পজিটিভৰ বাবে গণ সংক্ৰমণৰ আশংকাত অঞ্চলজুৰি চাঞ্চল্য ।

নামখলা :  নামখলাত কভিড-১৯ মহামাৰীৰ বাবে গণ সংক্ৰমণৰ আশংকাত আতংকিত হৈ পৰিছে বৃহত্তৰ অঞ্চল৷ মে’ মাহৰ ২৭ তাৰিখে চেন্নাইৰ পৰা আহিছিল গোমঠাপাৰা (দাসপাৰা) যুৱক কৰুণা দাস আৰু কিশোৰ দাস। ইয়াৰে কৰুণা দাস পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কিশোৰ দাস বৰদৌলগুৰিৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল। স্বাস্থ্য বিভাগে তেওঁলোকৰ স্বোৱাব  সংগ্রহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু ৰিপ’ৰ্টত নিগেটিভ আহে। নিগেটিভ হোৱাৰ বাবে ২ জুনত যুৱক দুজনক দহ দিনৰ কাৰণে হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিয়ে। তেনে সময়তে ৭ জুনত কোৱাৰেণ্টাইন চেণ্টাৰত থকা কেইবাজনো লোকৰ কভিড-১৯ পজিটিভ ওলোৱাত জিলা স্বাস্থ্য বিভাগে একেলগে থকা গোমঠাপাৰা যুৱক কৰুণা দাস আৰু কিশোৰ দাসৰ ঘৰৰ পৰাই পুনৰ স্বোৱাব সংগ্ৰহ কৰে৷ ১২ জুনত দুয়োৰে হোম কোৱাৰেণ্টাইনৰ দিন উকলি যায়।  ৭ জুনত লোৱা নমুনাৰ ফলাফল ১২ জুন পৰ্যন্ত নহাত যুৱক দুজনক  গাঁৱৰ গাওঁবুঢ়া, পঞ্চায়ত প্ৰতিনিধি, স্বাস্থ্য কৰ্মীয়ে হোম কোৱাৰেণ্টাইন হোৱাৰ নিৰ্দেশ দিছিল। কিন্তু সেই নিৰ্দেশনা অমান্য কৰি ১৩ জুনত তেওঁলোক আলহী ঘৰলৈ যোৱাৰ লগতে মঙলদৈ চহৰত এ টি এমত টকা উলিয়াই নামখলা বজাৰৰ লগতে কেইবাখনো দোকানলৈ টৰ্চৰ বেটাৰি বিচাৰি ফুৰে আৰু তাৰ এদিন পিছতেই ১৪ জুনত গোমঠাপাৰাৰ যুৱক কৰণা দাস আৰু কিশোৰ দাসৰ ৰিপ’ৰ্ট আহিল পজিটিভ। লগে লগে ১৪ জুনত মঙলদৈৰ কোঁৱৰ পুখুৰী কোৱাৰেন্টাইন কেন্দ্ৰত ৰাখে। বৰ্তমান চিকিৎসালয়ত চিকিৎসাধী হৈ আছে যুৱকদ্বয়। গোমঠাপাৰা কৰুণা দাস আৰু কিশোৰ দাস নামৰ যুৱক দুজন কোৰোণা পজিটিভ হোৱাৰ লগে লগে নামখলা অঞ্চলজুৰি লাগিছে হাহাকাৰ। পাথৰিঘাট ৰাজহ চক্ৰৰ বিষয়া  নামখলাত উপস্থিত হৈ গোমঠাপাৰা আৰু আঠিয়াবাৰী ঘৰ কেইখন কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে। নামখলা ব্যৱসায়ী সন্থাৰ সভাপতি ভুপেন চহৰীয়া আৰু সম্পাদক প্ৰভাত কলিতাই জানিৱ দিয়ে যে এক সপ্তাহৰ বাবে জৰুৰী কালীন সেৱাৰ বাদে নামখলা বজাৰ আৰু চক বন্ধ৷  ইতিমধ্যে দৰং জিলা স্বাস্থ্য বিভাগে  কভিড-১৯ পজিটিভ হোৱা যুৱক  দুজনৰ সংস্পৰ্শলৈ অহা বিভিন্ন লোকৰ স্বোৱাব সংগ্ৰহ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ নামখলা অঞ্চলৰ লোক সকলক কভিড-১৯ গণ সংক্ৰমণৰ  আতংকত বিভোৰ হৈ আছে। জিলা প্ৰশাসন, মহলিয়াপাৰা আঞ্চলিক  ছাত্ৰ সন্থাই সমগ্ৰ অঞ্চল ছেনিটাইজৰ ব্যৱস্থা কৰিছে যদিও আতংকই বিৰাজ কৰি আছে সমগ্ৰ  অঞ্চল৷

গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ডঃ ৰিমঝিম বৰা “অসম চৰকাৰৰ এনএছএছ ৰাজ্যিক বঁটা”ৰ বাবে নিৰ্বাচিত ।

গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ডঃ ৰিমঝিম বৰা "অসম চৰকাৰৰ এনএছএছ ৰাজ্যিক বঁটা"ৰ বাবে নিৰ্বাচিত ।

নাজিৰা : শিৱসাগৰ জিলাৰ অন্যতম পুৰণি উচ্চ শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ড০ ৰিমঝিম বৰাই “অসম চৰকাৰৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ২০১৯-২০ বৰ্ষ’ৰ ৰাজ্যিক বঁটালৈ নিৰ্বাচিত হৈ মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। তেখেতৰ লগত এই বঁটাৰ বাবে নিৰ্বাচিত হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষৰ অন্তৰ্গত অন্য দুগৰাকী কাৰ্যক্ৰম বিষয়া হ’ল ক্ৰমে ডিগবৈ মহাবিদ্যালয়ৰ ৰাজীৱ ৰুদ্ৰ তাৰিয়াং আৰু ডি এইছ এছ কে বাণিজ্য মহাবিদ্যালয়ৰ কেশবানন্দ হালৈ। উল্লেখযোগ্য যে গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ৰূপে অতি দক্ষতাৰে আৰু ফলপ্ৰসূতাৰে মহাবিদ্যালয়ৰ এনএচএচ গোটৰ স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকা সকলৰ সমন্বয়ত ডঃ বৰাই বিভিন্ন ধৰণৰ সামাজিক আৰু পাৰিপাৰ্শ্বিক কাৰ্যসূচী সম্পন্ন কৰি আহিছে। ইয়াৰ উপৰিও ত্ৰিপুৰা, অৰুণাচল, নয়দাকে আদি কৰি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত হোৱা এনএচএছ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত অসমৰ সকলোবোৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ নিৰ্বাচিত স্বেচ্ছাসেৱক স্বেচ্ছাসেৱীকাসকলে তেওঁৰ তত্বাৱধানতে সফলতাৰে সকলোবোৰ কাৰ্যসূচীত অসম ৰাজ্যক প্ৰতিনিধিত্ব কৰি অসম ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। তেওঁৰ তত্বাৱধানতে গড়গাঁও মহাবিদ্যালয়ৰ প্ৰায় অৰ্ধশতক স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকাই ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু উত্তৰ পূৰ্বাঞ্চলৰ এনএচএছ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত অংশগ্ৰহণ কৰাৰ ওপৰিও বিভিন্ন ধৰণৰ বিশেষ শিবিৰত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বতে ডঃ বৰাৰ তত্বাৱধানত গড়গাঁও মহাবিদ্যালয়ৰ এনএছ গোটে “মাদক দ্ৰব্য নিবাৰণী সজাগতাৰ বাবে” Sambandh Health Foundation আৰু “Cancer Care Foundation” ৰ পৰা এবাৰ সোণৰ পদক আৰু দুবাৰকৈ ৰূপৰ পদক পাবলৈ সক্ষম হৈছিল। তেখেতৰ তত্বাৱধানত এই মহাবিদ্যালয়ৰ এজন সক্ৰিয় স্বেচ্ছাসেৱক পুন্সি কুমাৰ সিঙে ২০১৯ বৰ্ষৰ ২৬ জানুৱাৰীত দিল্লীত অনুষ্ঠিত হোৱা ৭০ সংখ্যক গণৰাজ্য দিবসৰ পেৰেড অনুষ্ঠানত অসমক প্ৰতিনিধিত্ব কৰি অসমৰ লগতে মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে অন্য এগৰাকী সক্ৰিয় স্বেচ্ছাসেৱিকা জ্ঞানতৃষা ফুকনে কলিকতাত অনুষ্ঠিত হোৱা Pre -RD Republic Day Camp ত সফলতাৰে অংশগ্ৰহণ কৰিছিল। ডঃ বৰাৰ এই সাফল্যৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষৰ কাৰ্যক্ৰম সমন্বয়ক তথা জীৱবিজ্ঞান বিভাগৰ মুৰব্বী প্ৰাধ্যাপক ডেভিদ কাৰ্ডং আৰু গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সব্যসাচী মহন্তই অভিনন্দন জনোৱাৰ লগতে সন্তোষ প্ৰকাশ কৰিছে।

খাৰুপেটীয়াৰ ইছলামপুৰৰ পৰা পঞ্চাশৰ্ধো ব্যক্তি নিৰুদ্দেশ, থানাত এজাহাৰ দাখিল ।

খাৰুপেটীয়াৰ ইছলামপুৰৰ পৰা পঞ্চাশৰ্ধো ব্যক্তি নিৰুদ্দেশ, থানাত এজাহাৰ দাখিল ।

দলগাও : খাৰুপেটীয়াৰ নিকটৱৰ্তী ইছলামপুৰ গাঁৱৰ পৰা  নিৰুদ্দেশ হয় এগৰাকী  ৫৪ বছৰীয়া লোক। ঘটনা সম্পৰ্কে পৰিয়ালৰ লোকে ধূলা থানাত  দাখিল কৰে  এখন এজাহাৰ।  এজাহাৰত উল্লেখ কৰা মতে ১৫ জুনত পুৱা দৰঙৰ ধূলা থানাৰ অন্তৰ্গত তথা খাৰুপেটীয়াৰ নিকটৱৰ্তী নিজা গাঁও ইছলামপুৰৰ পৰা নিৰূৰ্দ্দেশ হয় অহুউদ্দিন নামৰ ব্যক্তিজন । নিৰূৰ্দ্দেশৰ পিছত পৰিয়ালৰ লোকে সাম্ভাব্য সকলো   ঠাইত  বিচাৰ-খোচাৰ কৰিও   কোনো ধৰণৰ শুংসূত্ৰ নোপোৱাত ১৭ জুনত ধূলা থানাত দাখিল কৰে  এজাহাৰ। বগা চুলিৰ  ৫ ফুট ৬ ইঞ্চি ওখ  ব্যক্তি গৰাকী  নিৰূৰ্দ্দেশ হোৱাৰ সময়ত পিন্ধনত লুঙী আৰু গেঞ্জি আছিল। কোনো  সদাশয়  ব্যক্তিয়ে নিৰূৰ্দ্দিষ্ট লোকজনৰ  কোনো ধৰণৰ সন্ধান পালে ওচৰৰ থানা কিম্বা ৬০০৪৮৬২৫৫  নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

নাজিৰাৰ লেঙিবৰ ৰজাবাৰী পানী যোগান আচনি শুভাৰম্ভ ।

নাজিৰাৰ লেঙিবৰ ৰজাবাৰী পানী যোগান আচনি শুভাৰম্ভ ।

নাজিৰা : নাজিৰা মহকুমাৰ লেঙিবৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ৭১ লাখ টকাৰ ৰজাবাৰী পানীযোগান আঁচনিখন আজি  শুভাৰম্ভ কৰে নাজিৰা সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। এই অনুস্থানত নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যবাহী অভিযন্তা নজৰুল হক, সহঃ কাৰ্য্যবাহী অভিযন্ত্ৰা ৰাজেন ফুকন, কনিষ্ট অভিযন্তা ৰাজেন বৰুৱা, লেঙিবৰ গাওঁ পঞ্চায়তৰ সভাপতি  আৰু পানী যোগান আঁচনিৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ইয়াৰ লগতে কৰ’ণা মহামাৰীৰ প্ৰতি সজাগতা অৱলম্বন কৰি থাকিবৰ বাবে ৰাইজক সজাগ কৰাৰ লগতে মাস্ক প্ৰদান কৰি এই পানী যোগান আঁচনি উদ্ধোধনক লৈ মন্তব্য দাঙি ধৰে। তেখেতে কয় অঞ্চলটোৰ প্ৰায় ২৫০০ জন মানুহক বিশুদ্ধ খোৱাপানী যোগান ধৰিব পৰাকৈ এই আঁচনি প্ৰস্তুত কৰি উলিওৱা হৈছে। পূৰ্বৰ গগৈ চৰকাৰৰ সময়তেই এই আঁচনিসমূহে অনুমোদন লাভ কৰিলে যদিও কাৰ্য্যক্ষম হৈ উঠা নাই, সমষ্টিৰ ১৭ খন পানীযোগান আঁচনি এতিয়াও কাৰ্য্যক্ষম হবলৈ বাকী আছে, এই বিষয়ে শইকীয়াই বাজেটত প্ৰশ্ন উত্থাপন কৰিছিল, তথাপিও নতুন চৰকাৰৰ ৪ বছৰ কাৰ্য্যকালৰ পাছত পূৰ্বৰ আচনিখন মুকলি কৰিবলৈ পাই চৰকাৰৰ লগতে নাজিৰা জনস্বাস্হ্য কাৰিকৰী সংমণ্ডলৰ সকলো বিষয় ববীয়াক  ধন্যবাদ প্ৰদান কৰে।

উন্নয়ন কামী চৰকাৰৰ ফোপোলা স্বৰূপ : কোনো চৰকাৰী আচঁনিয়ে ঢুকি নোপোৱা এটি দৰিদ্ৰতাই কোঙা কৰা পৰিয়াল ।

সাপেখাতী, চৰাইদেউ :

২০১৪ চনতেই শাসনাধিষ্ঠ দলৰ প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰিছিল অভিলাষী আঁচনি স্বচ্ছ ভাৰত মিছন – সেই আঁচনিৰ এটাই উদ্দেশ্য আছিল সমগ্ৰ দেশৰ দৰিদ্ৰ পৰিয়াল সমূহক একোটাকৈ চৰকাৰী শৌচালয় প্ৰদান কৰা ।কিন্তু চৰকাৰৰ পঞ্চায়তৰ প্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পাছতো আজি পৰ্যন্ত এটি শৌচালয়ৰ মুখ নেদেখিলে পৰিয়ালটোৱে। চৰাইদেউ জিলাৰ সাপেখাতী গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ নৰেন মূৰ্মু আৰু ফুলমণি মূৰ্মু ৰ ৮জনীয়া পৰিয়ালৰটোৱে মাত্ৰ এটি জৰাজীৰ্ণ কোঠাত যেনে তেনে বাস কৰিছে ।তেওঁলোকৰ থকা , খোৱা ,শুৱা সকলো ক্ষেত্ৰতে সমস্যাৰ সন্মুখীন হৈ আহিছে । কেৱল শৌচালয়েই নহয় চৰকাৰী সকলো সুবিধাৰ পৰা বঞ্চিত হৈ অহা পৰিয়ালৰটোয়ে কেৱল দিন হাজিৰা কৰি যেনে তেনে চলিছে যদিও দৰিদ্ৰতাই কোঙা কৰি পেলাইছে পৰিয়ালটোক । “কেৱল ধনী মানুহে চৰকাৰৰ সুবিধা পায় ,আমাৰ দুখীয়া মানুহক চৰকাৰে কিয় দেখি নাপায় বুলি আক্ষেপ কৰাৰ লগতে পৰিয়ালৰ মুৰব্বী নৰেন কৰ্মকাৰে থাকিবৰ বাবে এটি আৱাস গৃহৰ লগতে এটি শৌচালয় দিবৰ বাবে চৰকাৰক কাতৰ আহ্বান জনাইছে ।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি শইকীয়াৰ মৃত্যু ৷

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি শইকীয়াৰ মৃত্যু ৷

ননৈ : নগাঁও জিলাৰ মৰিকলং জ্যোতিনগৰ নিৱাসী তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি শইকীয়াৰ ১৬ জুন মঙ্গলবাৰে পুৱা নিজা বাসভৱনত  পৰলোকপ্ৰাপ্তি হয়৷ মাহদিয়েক পূৰ্বে উচ্চ ৰক্তচাপ জনিত কাৰনত গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকাৰ অন্তত মঙ্গলবাৰে পুৱা মৃত্যুক আকোৱা্লি লয় ব্যক্তিজনে৷ সকলোৰে লগত সমানে মিলিব পৰা অমায়িক,  মৃদুভাষী, অসহায়জনক সদায় সহায় কৰি ভাল পোবা প্ৰয়াত ধ্ৰুৱজ্যোতি শইকীয়াৰ মৃত্যুৰ সময়ত বয়স আছিল ৬৩ বছৰ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা ২০১৭ চনৰ ছেপ্তেম্বৰ মাহত অৱসৰগ্ৰহণ কৰা এজন সত, সাহসী মনৰ অধিকাৰী ধ্ৰুৱজ্যোতি শইকীয়া বহু বছৰ ধৰি সমাজ জীৱনৰ লগতো জড়িত হৈ আছিল৷ মৃত্যুৰ সময়ত পত্নী, দুজন পুত্ৰ, দুগৰাকী বোৱাৰী-দুটি নাতিসহ বহু আত্মীয় কুতুমক এৰি থৈ যোৱা ধ্ৰুৱজ্যোতি শইকীয়াৰ মৃত্যুত সমগ্ৰ অঞ্চলতে গভীৰ শোকৰ ছা পৰিছে৷

অসমৰ লোক সংস্কৃতিত শৰাই ।

✍ হেমন্ত ডেকা

কোনো এটা বিশেষ অঞ্চলৰ লোক সাহিত্য, সামাজিক প্রথা আৰু ৰীতি-নীতি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ভৌতিক সা-সঁজুলি আৰু পৰিবেশিত কলা আদিবোৰ সামৰি জাতি এটাৰ উমৈহতীয়া সামাজিক জীৱন প্রণালীয়েই লোক সংস্কৃতি । অসমীয়া লোক সংস্কৃতিৰ অংগবোৰৰ ভিতৰত গৃহ সজ্জাৰ মনোৰম কলা, বিভিন্ন আহিলাপাতি যিবোৰ দৈনন্দিন জীৱনৰ বিভিন্ন কর্মত ব্যৱহাৰ হয়, পৰিধান কৰা সাজপাৰ, সোণ ৰূপ হাতীদাঁতেৰে নির্মিত আ-অলংকাৰ, বাঁহ বেতৰ বিভিন্ন সা-সঁজুলি, কাঁহ পিতল আদি ধাতুৰে তৈয়াৰী বিভিন্ন সা-সঁজুলি আদিয়ে উল্লেখযোগ্য । অসমীয়া লোক কলা সংস্কৃতিৰ অন্তর্ভক্ত উপদান মৃৎ শিল্প, স্থাপত্য শিল্প, কাষ্ঠ শিল্প, ধাতু শিল্প, বয়ন শিল্প, বস্ত্র শিল্প, হস্ত শিল্প,  বেশভূষা,  খাদ্যভ্যাস আদিয়ে  বহল অসমীয়া সংমিশ্রিত সংস্কৃতিৰ পথাৰ উজ্বলাই ৰাখিছে । অসমীয়া লোক সংস্কৃতিত শৰাইয়ে এক বিশেষ মর্যদাপূর্ণ স্থান অধিকাৰ কৰি আছে । বিশেষত পিতল আৰু কাঁহ নামৰ সংকৰ ধাতুৰ দ্বাৰা শৰাই নির্মাণ কৰা হয় । শৰাই নির্মাণ কৰিবলৈ প্রথমে চাক পিতল কাটি লোৱা হয় । কাটি লোৱা চাক পিতল শৰাইৰ গঠন আৰু আকৃতি মতে কাঠৰ ফৰ্মাত বহুৱাই কোৱাই লোৱা হয়I ফৰ্মাত বহুওৱাৰ আগতে চাক পিতলৰ কাটি লোৱা অংশতো জুইত সুমোৱাই তাপ দি কোমল কৰি লোৱা হয়I এনে কৰিলে ফৰ্মাত বহুৱাই পিতাৰ পিছত ফাটি নাযায় । আগতে জুইশালত ছাগলীৰ ছালেৰে তৈয়াৰী ভাটিৰ সহায়ত বতাহ লগাই পেৰা হৈছিল কিন্তু বর্তমান যন্ত্রৰ সহায়ত সেই কাম সম্পন্ন কৰা হয়I শৰাই এখন প্রস্তুত কৰোতে প্রথমে বেলেগ বেলেগ অংশবোৰ বনাই লোৱা হয় । চাক পিতলৰ কটা অংশ জোৰা দিবলৈ দস্তা আৰু পিতলৰ ৩:১ অনুপাতত তৈয়াৰ কৰা মিশ্রন “পায়েন” ব্যৱহাৰ কৰা হয় । পায়েন তৈয়াৰ কৰোতে পিতল আৰু দস্তাৰ মিশ্রণ বহল মুখৰ  সৰু মাটিৰ পাত্র ‘মুহী’ত দি জুইত গলাই লোৱা হয় । পিছত চেঁচা পায়েন গুড় কৰি লোহাৰ চাতুলী, ৰেতি আদি সঁজুলিৰে মিহি কৰি চাফা কৰা হয় । আগতে নির্মাণ কৰি থোৱা অংশবোৰ লা লগাই সঠিক স্থানত সংযোগ কৰি এখন সম্পুর্ণ শৰাই নির্মাণ কৰা হয় । এখন শৰাইৰ ঢাকনিখনৰ পাতি, গল আৰু চোলা আদি অংশবোৰ থাকে । শৰাইখনৰ তলৰ খন্ডতোৰ অংশ কেইটা ক্রমে দাইলা, ঠগীধৰা, কলচি, কাচি আৰু পয়েৰা ।  অসমীয়া সমাজত বিভিন্ন মাংগলিক কাম আৰু সন্মান জনোৱাৰ বাবে অতীজৰে পৰা শৰাই ব্যৱহাৰ হৈ আহিছে । শৰাইৰ নির্মান আৰু প্রচলন প্রথমতে কেতিয়া হৈছিল জনা নাযায় যদিও অসমীয়া লোক সংস্কৃতিৰ অনবদ্য সম্পদ শৰাই মধ্যযুগতে সিংহাসনৰ সন্মুখত নৈৱেদ্য আগবঢাই দিবলৈ  ব্যৱহাৰ কৰিছিল বুলি জনা যায় । শৰাই অসমীয়া লোক সংস্কৃতিৰ আপুৰুগীয়া সম্পদI ই সন্মানৰ প্রতীক, থাপনাৰ আসন, নৈৱেদ্য পাত্র, উপহাৰ তথা গৃহ সজ্জাৰ কলাত্মক সামগ্রী ।

বাঁহ উদ্যোগক গুৰুত্ব দিয়ক ।

✍ ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই  আত্মনিৰ্ভৰশীল ভাৰত আৰু থলুৱা সামগ্ৰীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত যি ইংগিত দিলে তাক লৈ আজিৰ এই সংকটময় সময়তো আমি আশাবাদী হৈ উঠিছোঁ৷ আগন্তুক দিনবোৰত নিৱনুৱা সমস্যাই যি ভয়ানক ৰূপ ল’ব পাৰে বুলি এক ধাৰণা গঢ় লৈ উঠিছে তেনে সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যই আমাৰ যুৱক-যুৱতীসকলক যথেষ্ট সাহস দিছে৷ অনাগত দিনত মধ্যভোগীৰ চকু নপৰাকৈ এই আঁচনিসমূহ ৰাইজৰ মাজলৈ নিব পাৰিলেই আত্মনিৰ্ভৰশীল ভাৰতৰ সপোন সাৰ্থক হ’ব৷ দেশৰ প্ৰতিখন ৰাজ্যৰ প্ৰাকৃতিক সমল আৰু জলবায়ু ভিন্ন৷ এই সমল সমূহৰ প্ৰকৃত ব্যৱহাৰ কৰিব পাৰিলেই ৰাজ্যখন স্বনিৰ্ভৰশীল হোৱাত নিশ্চয় সহায়ক হ’ব৷ অসমৰ বিভিন্ন প্ৰাকৃতিক সম্পদৰ ভিতৰত বাঁহ অন্যতম৷ চাহপাত, কয়লা, খাৰুৱাতেলৰ বৃহৎ উদ্যোগৰ প্ৰতি চৰকাৰ, পুজিপতি ব্যৱসায়ী আদি সকলো উৎসাহী যদিও দেশৰ ভিতৰত সৰ্বাধিক বাঁহ উৎপাদন কৰা ৰাজ্য হোৱাৰ পিচতো বাঁহৰ যথোচিত উদ্যোগ এটা গঢ়াৰ সদিচ্ছাৰ অভাৱ যেন আমাৰ বোধ হয়৷ সঠিক প্ৰশিক্ষণ পালে থলুৱা বহু নিবনুৱা যুৱক যুৱতীয়ে এই উদ্যোগৰ লগত জড়িত হৈ স্বনিৰ্ভৰশীল হ’ব পাৰিব৷ সম্প্ৰতি বাঁহৰ ৰপ্তানিৰ লগত কিমানজন অসমীয়া যুৱক জড়িত হৈ আছে তাৰ নিশ্চিত তথ্য আমাৰ হাতত নাই যদিও এই সংখ্যা নিচেই তাকৰ বুলি আমি নিশ্চিত৷ দৈনন্দিন ব্যৱহাৰৰ বিভিন্ন আচবাব আৰু সামগ্ৰী বাঁহেৰে অতি উন্নতমানৰ কৰি নিৰ্মাণ কৰিব পাৰি। ভাল বজাৰ আৰু প্ৰশিক্ষণৰ দিহা কৰিলে আৰু বহুতকে এই ক্ষেত্ৰৰ প্ৰতি আগ্ৰহী কৰিব পৰা যাব। বজাৰৰ অভাৱত বা বজাৰখনৰ লগত যোগসূত্ৰ স্থাপন কৰিব নোৱাৰাৰ বাবে বহুতেই বাঁহৰ শিল্পকৰ্মত দখল থকাৰ পিচতো এই কৰ্মক জীৱিকা হিচাপে লব পৰা নাই৷ এইক্ষেত্ৰত চৰকাৰৰ প্ৰত্যক্ষ সহযোগ আৰু নেতৃত্ব লাগিব৷ বিভিন্ন চৰকাৰী আঁচনিৰ অধীনত ৰাজসাহায্যযুক্ত ঋণৰ বাবে নিজৰ বাঁহৰ সামগ্ৰী নিৰ্মাণৰ ক্ষুদ্ৰ উদ্যোগটোৰ ভৰষাত আগবাঢ়ে যদিও বেংকৰ বা চৰকাৰী কাৰ্যালয়ৰ মেঁৰপেচত সপোন পূৰণ নহয়। নীতি নিৰ্দেশনাৰ মাজেৰেই এনেবোৰ প্ৰক্ৰিয়া সৰলীকৰণত চৰকাৰে গুৰুত্ব প্ৰদান কৰিব লাগিব৷ কিছুবছৰ আগতে নলবাৰীৰ যুৱ উদ্যোগী এগৰাকীৰ বাঁহেৰে মৃতদেহ কঢ়িওৱা বিজ্ঞানসন্মত কফিন নিৰ্মাণ আৰু ৰপ্তানি কৰাৰ তেখেতৰ  বৃহৎ পৰিকল্পনা কেনেকৈ চৰকাৰী বিত্তীয় সাহায্য নোপোৱাৰ বাবেই স্তব্ধ হৈ পৰিছিল তাৰ দুখজনক বৰ্ণনা শুনি সান্ত্বনা বা সাহস দিয়াৰ ভাষা বিচাৰি পোৱা নাছিলো৷ বৰ্তমান চৰকাৰৰ দিনত অন্তত তেনে নিজৰ লগতে আন দহজনক সংস্থাপন দিব পৰা আঁচনি কাগজৰ ভাজতে ধ্বংস হৈ নাযাব বুলি আশা ৰাখিছোঁ৷ ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত নিজেই উদ্যোগ ল’লে বৰ্তমানৰ জটিল সময়তো আমি বহু যুৱক-যুৱতীৰ সংস্থাপনৰ বাট মুকলি কৰি দিব পাৰিম৷