Home Blog Page 3315

ৰাজ্যৰ ভিতৰত পঞ্চম স্থান দখলেৰে টিংখাঙলৈ গৌৰৱ কঢ়িয়াই আনিছে নীলমনিৰ মানস উত্তম নেওঁ‌গে।

টিংখাং

সমগ্ৰ বিশ্বৰ লগতে ভৰতবৰ্ষতো এতিয়া ক’ৰণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অসমতো ক্ৰমাৎ বৃদ্ধি পাইছে কভিড-১৯ ৰ সংক্ৰমণ। তাৰমাজতে টিংখাং মহাবিদ্যালয়ৰ ৰাজনৈতিক বিজ্ঞান বিভাগৰ অধ্যাপক ভাস্কৰ নেওঁ‌গ আৰু নীলমনি আদৰ্শ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ৰিজুমণি নেওঁ‌গৰ আজি ১৭ সংখ্যক বিবাহ বাৰ্ষিকী দিনটোতে একমাত্ৰ সন্তান টিংখাঙৰ নীলমনিৰ নিবাসী মানস উত্তম নেওঁ‌গে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতেই পঞ্চম স্থান দখল কৰি বৃহত্তৰ টিংখাং অঞ্চলৰ লগতে নীলমনি আদৰ্শ জাতীয় বিদ্যলয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেখেতে সাধাৰণ গণিতত ১০০,বিজ্ঞানত ১০০,সমাজ বিজ্ঞানত ১০০,ঐচ্ছিক গণিতত ৯৯,ইংৰাজীত ৯৬  আৰু অসমীয়াত ৯৪ নম্বৰেৰে সৰ্ব্বমুঠ ৫৮৯ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে। ক্ৰিকেট খেলি ভালপোৱা মানসে নিতৌ ১২ ঘন্টাকৈ অধ্যয়ন কৰিছিল বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। উল্লেখ্য যে  পাঠ্যক্ৰমৰ বিষয়সমূহ অধ্যয়ন কৰাৰ উপৰিও লক্ষ্মীনাথ বেজবৰুৱা আৰু ভবেন্দ্ৰ নাথ শইকীয়াৰ সাহিত্য মানস উত্তমৰ প্ৰিয়। ভৱিষ্যতে এজন ভাল অভিযন্তা হোৱাৰ সপোন দেখা মানস উত্তমে বিজ্ঞান শাখাত নামভৰ্তি কৰিব ডিব্ৰুগড়ৰৰ ৰাধাকৃষ্ণ জুনিয়ৰ কলেজত। সৰুৰে পৰা অতি অমায়িক তথা শান্ত স্বভাৱৰ মানস উত্তম নেওঁ‌গৰ এক উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছে সমগ্ৰ টিংখাঙ বাসী ৰাইজে লগতে ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান দখল কৰি টিংখাঙলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে বৃহত্তৰ টিংখাঙ অঞ্চলবাসী উল্লাসিত হোৱা পৰিলক্ষিত হৈছে।কৃতি ছাত্ৰগৰাকীক ফলাফল ঘোষণা হোৱাৰ পাছৰে পৰা ৰাজগড় উদয়ন পথত থকা ভাড়াত বিভিন্ন দল সংগঠন ব্যক্তিয়ে অভিনন্দন জ্ঞাপন কৰিছে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল : নাজিৰাৰ দহখন বিদ্যালয় এশ শতাংশ : মহকুমাৰ শীৰ্ষ স্থানত মাৰ্কাজ একাডেমীৰ আমিনৰ ৰহমান ।

নাজিৰা

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নাজিৰা মহকুমাৰ চৰকাৰী আৰু বে- চৰকাৰী বিদ্যালয় সমূহৰ ভিতৰত দহখন বিদ্যালয়ৰ ফলাফল এশ শতাংশ উত্তীৰ্ণ হয় । চৰকাৰী বিদ্যালয় সমূহৰ তুলনাত বে – চৰকাৰী বিদ্যালয়ৰ ফলাফল অধিক সন্তুষজনক । নাজিৰা মহকুমাৰ বে– চৰকাৰী শিক্ষানুষ্ঠান মাৰ্কজ একাডেমীৰ পৰা অৱৰ্তীণ হোৱা ম: আমিনুৰ ৰহমানে মুঠ ৫৬৫ নম্বৰ লাভ কৰি ডিষ্টীংচন সহ উতীৰ্ণহৈ মহকুমাটোৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হয় । ফলাফল অনুসৰি এই বিদ্যালয়ৰ ৪ জনে ডিষ্টীংচন , ১০ গৰাকীয়ে ষ্টাৰ মাৰ্ক সহ ১৭ জন প্ৰথম ১১জনে দ্বিতীয় আৰু এজন তৃতীয় স্থানত উতীৰ্ণহৈ এশ শতাংশ উতীৰ্ণৰ গৌৰৱ কঢ়িয়া। চৰকাৰী বিদ্যালয়ৰ ভিতৰত নাজিৰা ন– মাটি উচ্চ মাধ্যমিক বিদ্যালয় , মেছাগড় জোকতলি উচ্চতৰ মাধ্যমিক বিদ্যালয় , বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয় , মঠিয়াছিগা ৰাজমাও উচ্চ মাধ্যমিক বিদ্যালয় , শিমলুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ফলাফল এশ শতাংশ হোৱাৰ লগতে ব — চৰকাৰী বিদ্যালয়ৰ ভিতৰত আদৰ্শ বিদ্যা ভৱন উচ্চতৰ মাধ্যমিক বিদ্যালয় ( অ’ এন জি চি ) গুৰুকুল বিদ্যালয় চেইণ্ট পিৰ্টাছ বিদ্যালয় , গেলেকী জাতীয় বিদ্যালয় আৰু ডিমুৱাল বিদ্যা ভৱন বিদ্যালয়ৰ উতীৰ্ণৰ হাৰ এশ শতাংশ । চৰকাৰী খণ্ডৰ নাজিৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২ গৰাকীয়ে ডিষ্টীংচন , দুগৰাকীয়ে ষ্টাৰ মাৰ্ক সহ ৯ গৰকীয়ে প্ৰথম , ১৪ গৰাকীয়ে দ্বিতীয় আৰু ১৪ গৰাকীয়ে তৃতীয় স্থানত উতীৰ্ণহৈ ৮৪ শতাংশ , মেছাগড় জোকতলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩ গৰাকীয়ে ষ্টাৰ সহ ১৪ গৰাকীয়ে প্ৰথম , ২০ গৰাকীয়ে দ্বিতীয় আৰু এজনে তৃতীয় স্থানত উতীৰ্ণ হৈ এশ শতাংশ , বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকীয়ে ষ্টাৰ সহ ১২ গৰাকীয়ে প্ৰথম ২১ গৰাকীয়ে দ্বিতীয় স্থানত উতীৰ্ণহৈ এশ শতাংশ , হাতীপট্টী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৯ গৰাকীয়ে প্ৰথম , ১৫ গৰাকীয়ে দ্বিতীয় ৭ গৰাকীয়ে তৃতীয় স্থানত উতীৰ্ণহৈ ৯৪ শতাংশ , লিগিৰী পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৫ গৰাকীয়ে প্ৰথম , ২৬ গৰাকীয়ে দ্বিতীয় আৰু ১৯ গৰাকীয়ে তৃতীয় স্থানত উতীৰ্ণহৈ ৯৯ শতাংশ , মঠিয়াছিগা ৰাজমাও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১ গৰাকীয়ে ডিষ্টীংচন সহ ১৭ গৰাকীয়ে প্ৰথম দুগৰাকীকৈ দ্বিতীয় আৰু তৃতীয় স্থানত উতীৰ্ণহৈ এশ শতাংশ , ৰহদৈ পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৬ গৰাকীয়ে প্ৰথম , ১৬ গৰাকীয়ে দ্বিতীয় আৰু২৫ গৰাকীয়ে তৃতীয় স্থানত উতীৰ্ণহৈ ৬৭ শতাংশ , ধিতাই পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ২ গৰাকীয়ে ডিষ্টীংচন  , ৩ গৰাকীয়ে ষ্টাৰ সহ ১২ গৰাকীয়ে প্ৰথম , ১৭ গৰাকীয়ে দ্বিতীয় আৰু ১২ গৰাকীয়ে তৃতীয় স্থানত উতীৰ্ণহৈ ৯১ শতাংশ উতীৰ্ণ হাৰ কঢ়িয়াই আনে । বে – চৰকাৰী বিদ্যালয়ৰ সমূহৰ ভিতৰত মাৰ্কাজ একাডেমীৰ ৪ গৰাকীয়ে ডিষ্টীংচন , ১০ গৰাকীয়ে ষ্টাৰ সহ ১৭ গৰাকীয়ে প্ৰথম ১১ গৰাকীয়ে দ্বিতীয় আৰু ১ গৰাকী তৃতীয় স্থানত উতীৰ্ণহৈ এশ শতাংশ উতীৰ্ণ হাৰেৰে মহকুমাটোৰ ভিতৰতে শীৰ্ষ স্থান অধিকাৰ কৰে । শিমলুগুৰি শংকৰদেৱ শিশু নিকেটনৰ ১০ গৰাকীয়ে ডিষ্টীংচন , ১৩ গৰাকীয়ে ষ্টাৰ সহ ৫৫ গৰাকীয়ে প্ৰথম , ৩৯ গৰাকীয়ে দ্বিতীয় আৰু ৮ গৰাকীয়ে তৃতীয় স্থানত উতীৰ্ণহৈ ৯৯ শতাংশ , এম জি এম গড়গাঁৱৰ ৩ গৰাকীয়ে ষ্টাৰ সহ ৮ গৰাকীয়ে প্ৰথম , ৫ গৰাকীয়ে দ্বিতীয় ৪ গৰাকীয়ে তৃতীয় স্থানত উতীৰ্ণহৈ ৯৯ শতাংশ , গেলেকী জাতীয় বিদ্যালয়ৰ ৫ গৰাকীয়ে ডিষ্টীংচন , ৩ গৰাকীয়ে ষ্টাৰ সহ ২৭ গৰাকীয়ে প্ৰথম ৪ গৰাকীয়ে দ্বিতীয় স্থানত উতীৰ্ণহৈ ১০০ শতাংশ , নাজিৰা জুবিয়েল ভেলী বিদ্যালয়ৰ ৪ গৰাকীয়ে প্ৰথম , ৩ গৰাকীয়ে দ্বিতীয় আৰু ১ গৰাকী তৃতীয় স্থানত উতীৰ্ণহৈ ৯৯ শতাংশ উতীৰ্ণ হাৰ কঢ়িয়াই আনে । মুঠতে নাজিৰা মহকুমাৰ চৰকাৰী আৰু বে – চৰকাৰী বিদ্যালয়ৰ ফলাফল সন্তোষজনক । 

অসম – নাগালেণ্ড সীমান্তৰ গেলেকী দেওপানীত সেনা-আৰক্ষীৰ অভিযানঃ পিষ্টল-গুলীসহ এজন দুধৰ্ষ ডকাইত আটক ।

নাজিৰা

যোৱা নিশা নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকী দেওপানীত সেনা-আৰক্ষীৰ যুটীয়া অভিযানত এজন দুধৰ্ষ ডকাইত আটক হয়।আটকাধীন দুধৰ্ষ ডকাইতজনৰ পৰা এটা পিষ্টল আৰু কেইবাজাই গুলী উদ্ধাৰ কৰে।ঘটনা সন্দৰ্ভত জানিব পৰা মতে যোৱা নিশা প্ৰায় ৯ বজাত মাইবেলাস্হিত সেনাৰ আৰ্টিলেৰী গ্ৰুপৰ এটা সেনাৰ দল আৰু গেলেকী আৰক্ষীয়ে এক গোপন সুত্ৰৰ পমখেদি নাজিৰা মহকুমাৰ সীমান্তবৰ্তী গেলেকী দেওপানীত এক অভিযান চলায়।অভিযানকালত মোহন মেছ(২৩)নামৰ এজন দুধৰ্ষ ডকাইতক আটক কৰে।আটকাধীন ডকাইত টোৰ হাতৰ পৰা সেনা-আৰক্ষীৰ দলটোৱে এটা পিষ্টল আৰু ৩ জাই গুলী উদ্ধাৰ কৰে।সেনাই আটকাধীন ডকাইত টোক পাছত গেলেকী আৰক্ষীক গতাই দিয়াত গেলেকী আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে।উল্লেখ্য যে দুধৰ্ষ এই মোহন মেছে শিৱাসাগৰ জিলাৰ উপৰি উজনি অসমৰ বিভিন্ন ঠাইত ডকাইতি আৰু গাড়ী চুৰি ঘটনাৰসৈতে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।স্মৰ্তব্য যে গাড়ী চোৰ,দুধৰ্ষ ডকাইতে উজনি অসমৰ বিভিন্ন স্হানত অপৰাধ সংঘটিত কৰি দেওপানী-বৰছিলা হৈ নাগালেণ্ডৰ টুলীত আত্মগোপন কৰি আহিছে।

নাজিৰালৈ গৌৰৱ কঢ়িয়াই আনিলে নামতিৰ অন্তৰীশ হাজৰিকাই ।

গেলেকী

নাজিৰালৈ গৌৰৱ কঢ়িয়াই আনিলে নামতিৰ অন্তৰীশ হাজৰিকাই । মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ শীৰ্ষ দহটা স্থানৰ ভিতৰত ৫৮৬ নম্বৰ সহ অষ্টম স্থান লাভ । আজি ঘোষণা কৰা মেট্ৰিক পৰীক্ষা ফলাফলত ৰাজ্যৰ শীৰ্ষ দহটা স্থানৰ ভিতৰত শিৱসাগৰ জিলা নাজিৰা মহকুমা অন্তৰ্গত নামতি চাৰিআলি অন্তৰীশ হাজৰিকাৰ স্থান লাভ । নামতিৰ অন্তৰীশ হাজৰিকাই সৰ্বমুঠ ৫৮৬ নম্বৰ সহ অষ্টম স্থান লাভ কৰি নাজিৰালৈ গৌৰৱ কঢ়িয়াই আনে । মেধাবী ছাত্ৰজন নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতনৰ অন্তৰীশ হাজৰিকা । নামতি বৰবৰুৱা পুখুৰী গাওঁ পঞ্চায়ত অন্তৰ্গত গৰখীয়া নগৰৰ নিৱাসী পিতৃ বসন্ত হাজৰিকা আৰু মাতৃ মঞ্জুমণি হাজৰিকাৰ কনিষ্ঠতম পুত্ৰ অন্তৰীশ । সম্প্ৰতি পুৱাই উক্ত খবৰ বিয়পি পৰাৰ লগে লগে ছাত্ৰজনক বাসগৃহত বিভিন্নজন শুভাকাংশী উপস্থিত হৈ তেওঁক উষ্ম আদৰণি জনাই ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত দশম স্হান লাভ কৰিবলৈ সক্ষম হল লংকাৰ ছাত্ৰী অংকিতা দে ।

 লংকা

 আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ।  হাইস্কুল শিক্ষান্ত পৰীক্ষা ত অসমৰ ভিতৰত দশম স্থান লাভ কৰিবলৈ সক্ষম হল লংকাৰ গুড চামাৰিটন ইংলিশ স্কুলৰ ছাত্ৰী অংকিতা দে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসমৰ এঘাৰ জন শিক্ষাৰ্থীয়ে দখল কৰিবলৈ সক্ষম হল দশম  স্হান । তাৰ ভিতৰত হোজাই জিলাৰ লংকাৰ গুড চামাৰিটেন ইংলিছ স্কুলত অধ্যানগত ছাত্ৰী অংকিতা দে ও দখল কৰিবলৈ সক্ষম হয় দশম স্হানৰ ভিতৰত নিজৰ স্হান । পিতৃ নিৰ্মল দে আৰু মাতৃ ছুদিপ্তা দাসৰ কনিষ্ঠ কন্যা অংকিতা দে সফলতাত বৰ্তমান সীমা হীন আনন্দৰে ভৰি পৰিছে লংকাৰ ৫নং বাৰ্ডৰ সুভাষ নগৰৰ অংকিতা দে ৰ ঘৰ খন । ইংৰাজী, হিন্দী(MIL),অংক, বিজ্ঞান,সমাজ বিজ্ঞান,উচ্চ গণিত বিষয় লৈ সৰ্বমুঠ ৫৮৪ নম্বৰে উৰ্ত্তীণ হয় অংকিতা । অংকিতাৰ সফলতাত গৌৰাম্বিত লংকা বাসী ৰাইজ ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা : কি চিন্তাই আগুৰি ধৰিছে পিতৃ-মাতৃ আৰু অভিভাৱকৰ মাজত !

গুৱাহাটী

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল শনিবাৰে ঘোষণা কৰে৷ এইবাৰ উত্তীৰ্ণৰ হ’ল ৬৪.৮০ শতাংশ। ইয়াৰে ভিতৰত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হ’ল ৬৬.৯৩ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬২.৯১ শতাংশ৷ এইবাৰ পৰীক্ষাত অৱৰ্তীন হৈছিল ৩ লাখ ৪২ হাজাৰ ২২৪ গৰাকী ছাত্ৰ-ছাত্ৰী৷ তাৰ ভিতৰত ২ লাখ ২১ হাজাৰ ৭৫৬ গৰাকী উত্তীৰ্ণ হয়৷ এই উত্তীৰ্ণসকলৰ ভিতৰত প্ৰথম বিভাগত ৪৮,২৭৮ গৰাকী ছাত্ৰ-ছাত্ৰী উৰ্ত্তীণ হয়। উল্লেখ যে ২০১৯ বর্ষত উৰ্ত্তীণৰ হাৰ আছিল ৬০.২৩ শতাংশ। তেতিয়া ৬২.৬৯ শতাংশ ছাত্ৰ আৰু ৫৭.৯৯ শতাংশ ছাত্ৰী উত্তীৰ্ণ হৈছিল৷ মন কৰিব লগা বিষয় যে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণৰ হাৰৰ শীৰ্ষত থাকে শিৱসাগৰ জিলা। সৰ্বমুঠ ৮৩.৯২ শতাংশ ছাত্ৰ-ছাত্ৰীৰ উৰ্ত্তীণ হয় জিলাখনত৷ শিৱসাগৰ জিলাৰ পৰা মুঠ অৱৰ্তীন হৈছিল ১১,০২৩ গৰাকী ছাত্র-ছাত্ৰী৷ তাৰ ভিতৰত উৰ্ত্তীণ হয় ৯২৫১ গৰাকী ছাত্ৰ-ছাত্ৰী। জিলাখনত প্ৰথম বিভাগত ২৮৬০, দ্বিতীয় বিভাগত ৩৩৭৭ আৰু তৃতীয় বিভাগত ৩০১৪ গৰাকী ছাত্র-ছাত্ৰী উৰ্ত্তীণ হয়৷ ইয়াৰ বিপৰীতে ৪৪.২০ শতাংশ উৰ্ত্তীণ হাৰেৰে সৰ্বনিম্ন স্থানত অৱস্থান কৰে ধুবুৰী জিলাই। এইখন জিলাৰ পৰা অৱত্তীৰ্ণ হৈছিল মুঠ ১৮৮২৩ গৰাকী ছাত্র-ছাত্ৰী৷ ইয়াৰে ভিতৰত ৮৩১৯ গৰাকী ছাত্ৰ-ছাত্ৰী উৰ্ত্তীণ হয়৷ জিলাখনত প্ৰথম বিভাগত ১৭৭১, দ্বিতীয় বিভাগত ৩০২৫ আৰু তৃতীয় বিভাগ ৩৫২৩ গৰাকী ছাত্ৰ-ছাত্ৰী উৰ্ত্তীণ হয়৷ এয়া হ’ল এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ এক পৰিসংখ্যা৷ এতিয়া আলোচ্য বিষয়টো হ’ল এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছত নাই পূৰ্বৰ দৰে উল্লাস৷ যিহেতু পূৰ্বে ফলাফল ঘোষণা কৰাৰ পাছত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক লৈ এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়৷ এইবাৰ সেই পৰিৱেশ সৃষ্টি হোৱা নাই৷ একমাত্ৰ ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বাবেই পূৰ্বৰ পৰিৱেশ সৃষ্টি হোৱা নাই৷  আনহাতে এইবাৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ লগে লগে বহু মেধাবী ছাত্ৰ-ছাত্ৰীৰ মাজত আন এক কাৰণত উৎসাহ দেখিবলৈ পোৱা নাই৷ যিহেতু বহু ছাত্ৰ-ছাত্ৰীৰ মনত থাকে এটা সপোন৷ সেই সপোনটো হ’ল উচ্চ শিক্ষাৰ বাবে অসমৰ বাহিৰৰ ৰাজ্যৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ৷ কিন্তু এইবাৰ ছাত্ৰ-ছাত্ৰীসকলে সেই আশা বাদ দিব লগা পৰিৱেশ সৃষ্টি হৈছে৷ কেৱল ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বাবেই তেওঁলোকে পুহি ৰখা সপোন বাস্তৱায়িত কৰিব নোৱাৰেগৈ৷ আনহাতে পিতৃ-মাতৃ আৰু অভিভাৱকে সন্তানক ৰাজ্যৰ বাহিৰলৈ শিক্ষা গ্ৰহণৰ বাবে পঠাবলৈ ইচ্ছা প্ৰকাশ নকৰে৷ উল্লেখ্য যে অসমতকৈ দেশৰ আন কেইবাখনো ৰাজ্যত ক’ৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰি আছে৷ এনে অৱস্থাত ৰাজ্যৰ বাহিৰৰ শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰাৰ সপোন একমাত্ৰ মহামাৰীৰ বাবেই বাস্তৱায়িত কৰিব নোৱাৰে ছাত্ৰ-ছাত্ৰীয়ে৷ ইপিনে, দেশত ক’ৰোনা সংক্ৰমণ হ্ৰাস পালেও নিজৰ সন্তানক কি ‘ৰিস্ক’লৈ আন ৰাজ্যলৈ শিক্ষা গ্ৰহণৰ বাবে প্ৰেৰণ কৰিব? এনে চিন্তাই আগুৰি ধৰিছে পিতৃ-মাতৃ আৰু অভিভাৱকৰ মাজত৷  এনে কাৰণত এইবাৰ ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠানত নামভৰ্তিৰ সময়ত ভীষণ প্ৰতিযোগিতা হোৱাটো স্বাভাৱিক হৈ পৰিব৷ ফলত তুলনামূলকভাৱে কম নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষানুষ্ঠানৰ অভাৱ আহি পৰাটো অস্বাভাৱিক নহয়৷ এই দিশতো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত চিন্তা আহি পৰিছে৷ মূলতঃ ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বাবেই সকলো দিশৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত কেতবোৰ কাৰকে প্ৰৱল ক্ৰিয়া কৰাতো স্বাভাৱিক হৈ পৰা স্বাভাৱিক হৈ পৰিব৷

ফোন : ৮৪০৪০১০৯২২

মেইল আইডি : utpal.bhuyan10@gmail.com

টীয়কৰ ঢেকীয়াখোৱা বৰনামঘৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গুৰুজনাৰ জন্মজয়ন্তীৰ দিনা ল’লে সেৱা ।

টীয়কৰ পৰা অঞ্জন প্ৰকাশ

আজি মহাপুৰুষ মাধৱদেৱে নিজ হাতে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,পীয়ুষ হাজৰিকা আৰু পল্লৱ লোচন দাস গুৰুজনাৰ ৫৩৩ সংখ্যক জন্মজয়ন্তীৰ দিনা বৰনামঘৰত উপস্থিত হৈ সেৱা আগবঢ়ায়।উক্ত কাৰ্যসূচীত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ,ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাকে প্ৰমুখ্য কৰি  কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎত মন্ত্ৰী গৰাকীয়ে কয় যে বৰ্তমান দিনে নিশাই ৰাজ্যৰ ভয়াবহ পৰিস্থিতিৰ লগত ব্যস্ত থকাৰ মাজতে এই আধ্যাত্মিক পৰিবেশে তেওঁক মনৰ উদ্যোম অধিক শক্তিশালী কৰিছে লগতে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ সকলো ছাত্ৰছাত্ৰীকে আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে প্ৰাদেশীকৰণ বিদ্যালয়ৰ ফলাফলত সন্তোষ প্ৰকাশ কৰিছে।উল্লেখযোগ্য যে  চৰকাৰে বিদ্যালয়সমূহৰ মাচুলৰ ক্ষেত্ৰত যি ৰেহাই দিবলৈ বিদ্যালয়ৰ কৰ্তৃপক্ষক আহ্বান জনাইছিল তাৰ প্ৰতি কেইবাখনো বিদ্যালয়ে সহাৰি নিদিয়াৰ অভিযোগৰ ওপৰত সোধা প্ৰশ্নত তেওঁ তেনে বিদ্যালয়ৰ তথ্য দিলে চৰকাৰীভাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে।

ক’ৰোনাত আক্ৰান্তৰ তালিকাত পৃথিৱীৰ ষষ্ঠ স্থানত ভাৰত ।

দৈনন্দিন বাৰ্তাৰ নেচনেল ডেস্ক

ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাই আছে৷ শনিবাৰে ইয়াৰ ব্যতিক্ৰম নহয়৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত ক’ৰোনা সংক্ৰমিত হৈছে ৯৮৮৭জনলৈ৷ এদিনত ইমান সংখ্যক মানুহ আগতে সংক্ৰমিত হোৱা নাছিল৷ এই বৃদ্ধিৰ ফলত দেশত ২ লাখ ৩৬ হাজাৰ ৬৫৭ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ ইয়াৰ লগে লগে ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ তালিকাত ইটালীৰ পাছতে আছে ভাৰত৷ অৰ্থাৎ ক’ৰোনাত আক্ৰান্তৰ তালিকাত এতিয়া ভাৰতৰ স্থান হ’ল পৃথিৱীৰ ভাতৰত ষষ্ঠ৷ আমেৰিকা, ব্রাজিল, ৰাছিয়া, ব্ৰিটেইন আৰু স্পেইনৰ পাছত ভাৰতৰ স্থান পালেহি৷ কেৱল সংক্ৰমণ বৃদ্ধিয়ে নহয় ক’ৰোনাত মৃত্যুৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত ২৯৪জনৰ মৃত্যু হৈছে৷ যিটো এদিনৰ হিচাপত সৰ্বোচ্চ৷ ইয়াকে লৈ ভাৰতত মুঠ ৬৬৪২জন লোক ক’ৰোনাত মৃত্যু হয়৷ ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোকৰ মৃত্যু হয়৷ ক’ৰোনাত মহাৰাষ্ট্ৰত ২৮৪৯ জন লোকৰ মৃত্যু হৈছে৷ তাৰ পাছত ১১৯০ জন মৃত্যুৰে দ্বিতীয় স্থানত আছে গুজৰাট৷ ৰাজধানী দিল্লীত ৭০৯, মধ্যপ্রদেশত ৩৮৪ আৰু  পশ্চিম বংগত ৩৬৬ জনৰ মৃত্যু হৈছে৷ উল্লেখ্য যে দেশত সৰ্বাধিক সংক্ৰমণ হোৱা ৰাজ্য মহাৰাষ্ট্র৷ এইখন ৰাজ্যত ৮০২২৯ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত ২৪৩৬জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

ডুমডুমাৰ অন্বেষা তিনিচুকীয়াৰ অবিনাশে দখল কৰিলে অষ্টম আৰু নৱমস্থান ।

ডুমডুমাৰ অন্বেষা তিনিচুকীয়াৰ অবিনাশে দখল কৰিলে অষ্টম আৰু নৱমস্থান ।

তিনিচুকীয়া

সদ্যঘোষিত মেট্ৰিকৰ ফলাফলত নৱম স্থান দখল কৰিছে তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱৰ  অবিনাশ কেওটে ।তিনিচুকীয়াৰ ছেন্ট ষ্টিফেন স্কুলত অধ্যয়ণ কৰা ছাত্ৰ জনে ৰাজ্যৰ ভিতৰতে নৱম স্থান দখল কৰি  জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । অবিনাশে ৫৮৫ নম্বৰ লাভ কৰাৰ বিপৰীতে ডুমডুমা ডন বস্ক বিদ্যালয়ৰ অন্বেষা চাংকাতিয়ে লাভ কৰিছে ৫৮৬ নম্বৰ ।

ডিষ্টিংচন নম্বৰ পাই উজলিল সোণতলীৰ তিনিগৰাকী ছাত্ৰ-ছাত্ৰী৷ আৰ্থিক অনাটনত মৰহি যাব নেকি আশ্ৰাফুল, ইলিয়াচ আৰু খাদিজাৰ সপোন !

সোণতলী

আজি ঘোষিত হল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা ফলাফল৷ দক্ষিণ কামৰূপৰ অতিকৈ পিছপৰা অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ছাত্ৰই ৯৪. ৫ ‌শতাংশ নম্বৰ আৰু আন এগৰাকী ছাত্ৰই ৯৩.৫ শতাংশ নম্বৰ লাভ কৰাৰ বিপৰিতে আন এগৰাকী ছাত্ৰীয়ে ৯১ শতাংশ নম্বৰ লাভ সক্ষম হয়৷ উল্লেখযোগ্য যে, সোণতলীৰ অতিকৈ ভিতৰুৱা ঠাই নিজ কাঠমী গাৱৰ কিতাপৰ দোকান কৰা ফজল হকৰ পুত্ৰ আশ্ৰাফুল হক আৰু আৰিকাটিৰ গাঁৱৰ তামোলৰ ক্ষুদ্ৰ ব্যৱসায়ী মেছেৰ আলীৰ পুত্ৰ ইলিয়াচ আলী আৰু টুপামাৰী হলংগাপাৰা গাঁৱৰ খাদিজা আহমেদে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে । উল্লেখ্য যে, আশ্ৰাফুল হকে মুঠ ৬০০ নম্বৰৰ বিপৰীতে অসমীয়াত ৮৫,ইংৰাজীত ৮৯,সাধাৰণ গণিতত ১০০,সাধাৰণ বিজ্ঞানত ৯৭,সমাজ বিজ্ঞানত ৯৭, ঐচ্ছিক গণিতত ৯৯ নম্বৰেৰে সৰ্বমুঠ ৫৬৭ নম্বৰ লৈ শতকৰা  ৯৪.৫ শতাংশ  নম্বৰ লাভ কৰে । কালাতলী কাঠমী আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ আশ্ৰাফুলৰ সাফল্যই শিক্ষক সমাজক অধিক আনন্দিত কৰি তুলিছে । আনহাতে ইলিয়াচ আলীয়ে ৬০০ নম্বৰৰ বিপৰিতে ৯৩.৫ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ ইলিয়াচে ঐচ্ছিক  গণিতত ১০০, সাধাৰণ গণিতত ৯৯, ইংৰাজী ৯৬, বিজ্ঞানত ৯৫, সমাজ বিজ্ঞানত ৮৬, অসমীয়াত ৮৫ নম্বৰ পাই আৰিকাটি অঞ্চলৰ সুনাম কঢ়িয়াই আনে৷ ইপিনে  আদৰ্শ শিশু বিদ্যালয়ৰ ছাত্ৰী তথা টুপামাৰীৰ হলমগাপাৰা গাঁৱৰ আলাউদ্দিনৰ কন্যা  খাদিজা খাতুনে ৬০০ নম্বৰৰ বিপৰিতে, ইংৰাজীত ৮৩, গণিতত ১০০, বিজ্ঞানত ৯৮, ঐচ্ছিক গণিতত ৯৬, অসমীয়াত ৮৭, সমাজ বিজ্ঞানত ৮৩ নম্বৰ লাভ কৰে৷ তাই সাফল্যত বিদ্যালয়ৰ শিক্ষক সমাজক অতিকৈ আনন্দিত কৰাৰ লগতে পিতৃ-মাতৃকো গৌৰবান্বিত কৰে৷ ইপিনে আৰিকাটিৰ ইলিয়াচৰ মাতৃ অঙ্গনৱাড়ী কেন্দ্ৰৰ কৰ্মীৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ী মেছেৰ আলীয়ে প্ৰথম অৱস্থাত সোণতলী নাজমা হীৰা মেম’ৰিয়েল পাব্লিক স্কুলত পঢ়াইছিল যদিও ষষ্টম শ্ৰেণীৰ পৰা নলবাৰীৰ ৰামপুৰস্থিত হজৰত আলী মেম’ৰিয়েল একাডেমিত নাম ভৰ্তি কৰাই দিয়ে৷ উল্লেখ্য যে, দৰিদ্ৰ পৰিয়ালৰ ইলিয়াচ আলীৰ ফলাফলত অভিভাৱক সন্তষ্ট হৈছে যদিও সন্তানৰ সপোন পূৰণ কৰিবলৈ আৰ্থিক অৱস্থা দুৰ্বল হৈ থকাত মানসিক ভাবে ভাগি পৰে৷ ভৱিষ্যতে ডক্টৰ হোৱাৰ সপোন দেখা আশ্ৰাফুল হক আৰু  ইলিয়াচৰ নাম ভৰ্তিৰ বাবে আৰ্থিক সাহায্য আগবঢ়াবলৈ চৰকাৰলৈ অনুৰোধ জনাইছে পৰিয়াল তিনিটায় ৷ উল্লেখ্য যে, বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে ছাত্ৰ-ছাত্ৰীসকলৰ সাফল্যত ফোনযোগে অভিনন্দন জনাই বুলি জনা যায়৷