Home Blog Page 3318

ডুমডুমাৰ অন্বেষা তিনিচুকীয়াৰ অবিনাশে দখল কৰিলে অষ্টম আৰু নৱমস্থান ।

ডুমডুমাৰ অন্বেষা তিনিচুকীয়াৰ অবিনাশে দখল কৰিলে অষ্টম আৰু নৱমস্থান ।

তিনিচুকীয়া

সদ্যঘোষিত মেট্ৰিকৰ ফলাফলত নৱম স্থান দখল কৰিছে তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱৰ  অবিনাশ কেওটে ।তিনিচুকীয়াৰ ছেন্ট ষ্টিফেন স্কুলত অধ্যয়ণ কৰা ছাত্ৰ জনে ৰাজ্যৰ ভিতৰতে নৱম স্থান দখল কৰি  জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । অবিনাশে ৫৮৫ নম্বৰ লাভ কৰাৰ বিপৰীতে ডুমডুমা ডন বস্ক বিদ্যালয়ৰ অন্বেষা চাংকাতিয়ে লাভ কৰিছে ৫৮৬ নম্বৰ ।

ডিষ্টিংচন নম্বৰ পাই উজলিল সোণতলীৰ তিনিগৰাকী ছাত্ৰ-ছাত্ৰী৷ আৰ্থিক অনাটনত মৰহি যাব নেকি আশ্ৰাফুল, ইলিয়াচ আৰু খাদিজাৰ সপোন !

সোণতলী

আজি ঘোষিত হল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা ফলাফল৷ দক্ষিণ কামৰূপৰ অতিকৈ পিছপৰা অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ছাত্ৰই ৯৪. ৫ ‌শতাংশ নম্বৰ আৰু আন এগৰাকী ছাত্ৰই ৯৩.৫ শতাংশ নম্বৰ লাভ কৰাৰ বিপৰিতে আন এগৰাকী ছাত্ৰীয়ে ৯১ শতাংশ নম্বৰ লাভ সক্ষম হয়৷ উল্লেখযোগ্য যে, সোণতলীৰ অতিকৈ ভিতৰুৱা ঠাই নিজ কাঠমী গাৱৰ কিতাপৰ দোকান কৰা ফজল হকৰ পুত্ৰ আশ্ৰাফুল হক আৰু আৰিকাটিৰ গাঁৱৰ তামোলৰ ক্ষুদ্ৰ ব্যৱসায়ী মেছেৰ আলীৰ পুত্ৰ ইলিয়াচ আলী আৰু টুপামাৰী হলংগাপাৰা গাঁৱৰ খাদিজা আহমেদে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে । উল্লেখ্য যে, আশ্ৰাফুল হকে মুঠ ৬০০ নম্বৰৰ বিপৰীতে অসমীয়াত ৮৫,ইংৰাজীত ৮৯,সাধাৰণ গণিতত ১০০,সাধাৰণ বিজ্ঞানত ৯৭,সমাজ বিজ্ঞানত ৯৭, ঐচ্ছিক গণিতত ৯৯ নম্বৰেৰে সৰ্বমুঠ ৫৬৭ নম্বৰ লৈ শতকৰা  ৯৪.৫ শতাংশ  নম্বৰ লাভ কৰে । কালাতলী কাঠমী আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ আশ্ৰাফুলৰ সাফল্যই শিক্ষক সমাজক অধিক আনন্দিত কৰি তুলিছে । আনহাতে ইলিয়াচ আলীয়ে ৬০০ নম্বৰৰ বিপৰিতে ৯৩.৫ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ ইলিয়াচে ঐচ্ছিক  গণিতত ১০০, সাধাৰণ গণিতত ৯৯, ইংৰাজী ৯৬, বিজ্ঞানত ৯৫, সমাজ বিজ্ঞানত ৮৬, অসমীয়াত ৮৫ নম্বৰ পাই আৰিকাটি অঞ্চলৰ সুনাম কঢ়িয়াই আনে৷ ইপিনে  আদৰ্শ শিশু বিদ্যালয়ৰ ছাত্ৰী তথা টুপামাৰীৰ হলমগাপাৰা গাঁৱৰ আলাউদ্দিনৰ কন্যা  খাদিজা খাতুনে ৬০০ নম্বৰৰ বিপৰিতে, ইংৰাজীত ৮৩, গণিতত ১০০, বিজ্ঞানত ৯৮, ঐচ্ছিক গণিতত ৯৬, অসমীয়াত ৮৭, সমাজ বিজ্ঞানত ৮৩ নম্বৰ লাভ কৰে৷ তাই সাফল্যত বিদ্যালয়ৰ শিক্ষক সমাজক অতিকৈ আনন্দিত কৰাৰ লগতে পিতৃ-মাতৃকো গৌৰবান্বিত কৰে৷ ইপিনে আৰিকাটিৰ ইলিয়াচৰ মাতৃ অঙ্গনৱাড়ী কেন্দ্ৰৰ কৰ্মীৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ী মেছেৰ আলীয়ে প্ৰথম অৱস্থাত সোণতলী নাজমা হীৰা মেম’ৰিয়েল পাব্লিক স্কুলত পঢ়াইছিল যদিও ষষ্টম শ্ৰেণীৰ পৰা নলবাৰীৰ ৰামপুৰস্থিত হজৰত আলী মেম’ৰিয়েল একাডেমিত নাম ভৰ্তি কৰাই দিয়ে৷ উল্লেখ্য যে, দৰিদ্ৰ পৰিয়ালৰ ইলিয়াচ আলীৰ ফলাফলত অভিভাৱক সন্তষ্ট হৈছে যদিও সন্তানৰ সপোন পূৰণ কৰিবলৈ আৰ্থিক অৱস্থা দুৰ্বল হৈ থকাত মানসিক ভাবে ভাগি পৰে৷ ভৱিষ্যতে ডক্টৰ হোৱাৰ সপোন দেখা আশ্ৰাফুল হক আৰু  ইলিয়াচৰ নাম ভৰ্তিৰ বাবে আৰ্থিক সাহায্য আগবঢ়াবলৈ চৰকাৰলৈ অনুৰোধ জনাইছে পৰিয়াল তিনিটায় ৷ উল্লেখ্য যে, বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে ছাত্ৰ-ছাত্ৰীসকলৰ সাফল্যত ফোনযোগে অভিনন্দন জনাই বুলি জনা যায়৷

১৪ অক্টোবৰৰ পৰা ইউপিএছছি পৰীক্ষা ।

গুৱাহাটী

চলিত বছৰৰ ইউপিএছছি পৰীক্ষাৰ দিন আজি ঘোষণা কৰে৷ ইউপিএছছিৰ চিভিল ছাৰ্ভিচৰ প্ৰিলিমিনেৰী বা প্ৰাৰম্ভিক পৰীক্ষা অহা ১৪ অক্টোবৰত অনুষ্ঠিত হ’ব৷ চিভিল ছাৰ্ভিচ মেইন অৰ্থাৎ মূল পৰীক্ষা হ’ব ২০২১ চনৰ ৮ জানুৱাৰীত৷  ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচেজ বা আইএফএছৰ প্ৰাৰম্ভিক পৰীক্ষা ইউপিএছছিৰ  প্ৰাৰম্ভিক পৰীক্ষাৰ লগত একেলগে হ’ব৷ ইয়াৰ মেইন পৰীক্ষা ২৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব৷  উল্লেখ্য যে তিনিভাগত বিভক্ত চিভিল ছাৰ্ভিচ পৰীক্ষাৰ শেষৰ স্তৰটো হ’ল সাক্ষাৎকাৰ৷ আইএএছ, আইএফএছ আৰু আইপিএছত নিয়োগ কৰা হয় এই পৰীক্ষাৰ জৰিয়তে৷ ২০২০ চনৰ বাবে ৭৯৬টা পদত পৰীক্ষা হ’ব৷ উল্লেখ্য যে যোৱা মাৰ্চ মাহত ইউপিএছছিৰ প্ৰিলিমিনেৰী পৰীক্ষা হোৱাৰ কথা আছিল৷ কিন্তু দেশত ক’ভিড-১৯ আৰু তাৰ বাবে লকডাউন দিয়াত এই পৰীক্ষা বন্ধ হয়

কাকপথাৰৰ বিভিন্ন ঠাইত বিশ্ব পৰিবেশ দিৱসত গছ পুলি ৰোপন ।

কাকপথাৰৰ বিভিন্ন ঠাইত বিশ্ব পৰিবেশ দিৱসত গছ পুলি ৰোপন

ডিৰাক সীমান্ত আৰু কাকপথাৰ।

 বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আজি বৃহত্তৰ কাকপথাৰ অঞ্চলটোত জন প্ৰতিনিধি, সামাজিক দল সংগঠন, যুৱক সংঘৰ লগতে শিক্ষানুষ্ঠান, প্ৰকৃতিপ্ৰেমী সংগঠন আদিয়ে গছপুলি ৰোপন আৰু বিতৰণ কৰে। কাকপথাৰ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাই অঞ্চলটোৰ ১২ টা স্থানত স্থানীয় ৰাইজৰ সহযোগিতাৰে কেইবাশ গছপুলি ৰোপন কৰে। কাৰ্যসূচীত সংগঠনটোৰ সভাপতি মৃদুল দহোতীয়া, সম্পাদক নয়ন্ত মৰাণৰ লগতে সমিতিৰ কৰ্মকৰ্তাই সক্ৰীয় অংশগ্ৰহন কৰে। অঞ্চলটোৰ ৩নং কাকপথাৰৰ জ্ঞানদ্বীপ যুৱক সংঘই জ্যোতিৰ্ময় হাইস্কুল খেলপথাৰত তিনিচুকীয়া জিলা পৰিষদৰ অধ্যক্ষ ললিত মৰাণৰ উপস্থিতিত পৰিবেশ দিৱস উপলক্ষে গছপুলি ৰোপন কৰে। এই কাৰ্যসূচীত কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰাজ কুমাৰ দাস, শদিয়াৰ বিধায়ক প্ৰতিনিধি সীমান্ত মৰাণ, বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সুৰজিত মৰাণ ,শদিয়া জিলা সভাপতি তীৰ্থৰাজ নেওগ সম্পাদক প্ৰণৱ শইকীয়া, বিদ্যালয়খনৰ প্ৰধান শিক্ষক বীৰেণ ডেকা মৰাণ আৰু যুৱক সংঘৰ কৰ্মকৰ্তাই সহযোগ আগবঢ়ায়। চেঙেলীজান যুবক সংঘৰ উদ্যোগতো চেঙেলীজান প্ৰাথমিক বিদ্যালয়, চেঙেলীজান সাধনী ভব়ন, চেঙেলী মাজ গাওঁ শিশু কল্যাণ প্ৰাথমিক বিদ্যালয় আৰু চেঙেলীজান-বৰমেছাই গ্ৰাম্য পথৰ কাষত গছপুলি ৰোপণ কৰে। সমগ্ৰ কাৰ্যসুচীতে সংঘৰ উপদেষ্টা বিপিন বড়া, সমাজসেৱিকা ভনী বড়া, শিশুকল্যাণ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিমল চুতীয়া আৰু কাকপথাৰ আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক সত্যব্ৰত চুতীয়া উপস্থিত থাকে। ইফালে ১ নং সৰুডিৰাক নামঘৰৰ চৌহদতো প্ৰকৃতিপ্ৰেমী সংগঠন এভাৰগ্ৰীণ আৰ্থে প্ৰায় ১০০ জোপা গছ ৰোপণ কৰে। বৃক্ষ ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সংগঠনটোৰ সঞ্চালক গুনধৰ কোঁৱৰে। তিনিচুকীয়া জিলা কৰ্মচাৰী পৰিষদৰ সৌজন্যত আৰু কাকপথাৰ আঞ্চলিক সমিতিৰ সহযোগত  কাকপথাৰ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ চৌহদত বৃক্ষ ৰোপনেৰে কাৰ্যসূচী সমাপন কৰে। অভিৰুচী ক্লাব কাকপথাৰেও ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বাইপাছত গছপুলি ৰোপন কৰা দেখা যায়। উল্লেখ্য যে পৰিবেশ দিৱসত কাকপথাৰৰ উৱন, কুলিপথাৰ, কাচিজান, টঙনা, লাজুম, তেজী, বৰালী,  বৰাচুক,  বৰডিৰাক, সোনজান আদি গ্ৰাম্য ঠাই সমূহত স্থানীয় দল সংগঠন, যুৱ সংঘ আৰু শিক্ষানুষ্ঠান সমূহে নিজাববীয়াকৈ পৰিবেশ দিৱসত গছপুলি ৰোপন কৰাৰ উপৰিও সজাগতা অনুষ্ঠানৰ আয়োজন কৰে।

টীয়কত শিল্পী সাংস্কৃতিক কৰ্মীলৈ কৃতজ্ঞতামূলক সাহায্য প্ৰদান ।

টীয়কত শিল্পী সাংস্কৃতিক কৰ্মীলৈ কৃতজ্ঞতামূলক সাহায্য প্ৰদান

টীয়কৰ পৰা অঞ্জন প্ৰকাশ ।

সাম্প্ৰতিক পৰিস্থিতিৰ সন্মুখীন হৈ শিল্পজীৱী বৰেণ্য ব্যক্তি সকল আৰ্থিক সংগ্ৰামৰ সন্মুখীন হৈছে । এই সময়ত সাংস্কৃতিক কৰ্মী তথা শিল্পীসকলে সমাজলৈ আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে তেওঁলোকৰ কাষত থিয় দিয়াটো সামাজিক দায়িত্ব বুলি অনুভৱ কৰি টীয়কৰ কেইগৰাকীমান ব্যক্তি এক সাহায্য পুঁজি হাতত লৈ আগবাঢ়িছে ।
কাকজান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ অকণ চন্দ্ৰ শইকীয়া আৰু একে মহাবিদ্যালয়ৰে প্ৰাক্তন প্ৰবক্তা ৰবীন্দ্ৰনাথ দুৱৰাৰ পৃষ্ঠপোষকতাত তেওঁক মুখ্য আহ্বায়ক হিচাপে লৈ শিক্ষক তথা টীয়কৰ সক্ৰিয় সাংস্কৃতিক কৰ্মী ৰমেন শৰ্মা, অশোক বৰা আৰু তাপস তৰুণ শইকীয়াৰ নেতৃত্বত টীয়ক আৰু কাষৰীয়া অঞ্চলৰ ন্যূনতম ২৫ গৰাকী সাংস্কৃতিক কর্মীলৈ কৃতজ্ঞতা সূচক আৰ্থিক সহযোগিতাৰ কায্যসূচী আৰম্ভ কৰিছে । শিল্পী এজনৰ বিভিন্ন দিশ আৰু তেওঁৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্য সংখ্যাৰ ভিত্তিত কমেও দুহজাৰ টকাৰ পৰা তিনি হাজাৰ পাঁচশ টকাৰ ভিতৰত আৰ্থিক সহায় আগবঢ়াবলৈ লোৱা এই কাৰ্য্যসূচীত আজি প্ৰথম ১২ গৰাকী সাংস্কৃতিক কৰ্মীলৈ আৰ্থিক সাহায্য দিয়া হয়।
ঢোলৰ ওজা বলাই হাজৰিকা, দিহা নামৰ প্ৰচাৰক-শিল্পী বদন মলীয়া, প্ৰখ্যাত মহিলা ঢোলবাদক পূণ্যপ্ৰভা দত্ত তামুলী, বিশিষ্ট সংগীত শিল্পী বুধিন চাংমাই, ভাওনা সংস্কৃতিৰ সংগঠক, পৰিচালক কৃষ্ণপদ কলিতা, পেঁপা বাদক, জাঁজীমুখৰ প্ৰয়াত গুনাৰাম বৰাৰ পৰিয়ালবৰ্গ, ভাওনা সংস্কৃতিৰ অভিনেতা, পৰিচালক বিষ্ণু বৰা, বেণ্ড পাৰ্টীৰ শিল্পী, সংগঠক মাধৱ দাস, লোক বাদ্য শিল্পী দধি দাস, মহিলা চৰিত্ৰৰ বিশিষ্ট অভিনেতা ৰিঞ্জু শইকীয়া( চুচু), বিশিষ্ট সংগীত শিল্পী প্ৰণৱ জ্যোতি বৰুৱা ( কঙ্কণ) আৰু মহাপুৰুষীয়া অংকীয়া ভাওনা; সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক বলমা মাজকুৰিৰ প্ৰবীণ চুতীয়া আদি শিল্পী সকলক অৰ্থ সাহায্য প্ৰদান কৰে । আহ্বায়ক মণ্ডলীয়ে প্ৰকাশ কৰা মতে টীয়কৰ বহুকেইজন বৰেণ্য ব্যক্তিয়ে এই কাৰ্যসূচীৰ বাবে দান বৰঙণি আগবঢ়াইছে। তদুপৰি এই উদ্দেশ্য সফল কৰি তোলাৰ বাবে বিভিন্ন স্থানৰ ব্যক্তি, সাংস্কৃতিক কৰ্মী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,সদৌ অসম ছাত্ৰ সন্থা প্ৰমুখ্য আন আন দল সংগঠন সমূহৰো সহযোগিতা কামনা কৰিছে আহ্বায়ক মণ্ডলীয়ে ।

বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত অংশ ল’লে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যখনৰ জৈৱ-বৈচিত্ৰ সংৰক্ষণ আৰু গছপুলি ৰোপণৰ বাবে সংকল্পৱদ্ধ হ’বলৈ জনসাধাৰণক মুখ্যমন্ত্ৰীৰ আহ্বান ।

দিছপুৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক’ভিড-১৯ অতিমাৰীৰ মাজতে অত্যন্ত সীমাৱদ্ধতাৰ মাজেৰে ৰাণী সংৰক্ষিত বনাঞ্চলৰ চকৰ্দোত আয়োজিত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত এটা গছপুলি ৰোপণেৰে এই অঞ্চলত বৃক্ষ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে ইয়াত উপস্থিত থকা সাংবাদিকসকলক একোটিকৈ গছপুলি উপহাৰ দি তেওঁলোকক সেউজ আৰু স্বচ্ছ অসম গঢ়াৰ দিশত জনসাধাৰণক আৰু অধিক সজাগ আৰু সচেতন কৰাৰ বাবে আহ্বান জনায়।এই কাৰ্যসূচীত উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী সোণোৱালে বিশ্ব পৰিৱেশ দিৱসৰ দিনটো হ’ল প্ৰকৃতিপ্ৰেমী ৰাইজৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ দিন। মুখ্যমন্ত্ৰীয়ে বিশ্ব পৰিৱেশ দিৱসৰ এই শুভক্ষণতে অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰকৃতি সংৰক্ষণ তথা ইয়াৰ জৈৱ বৈচিত্ৰ আৰু সেউজ আৱৰণ বৃদ্ধিৰ বাবে সংকল্পৱদ্ধ হ’বলৈও আহ্বান জনায়। এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে অসমে ইয়াৰ জৈৱ বৈচিত্ৰৰ প্ৰাচুৰ্যতা আৰু সেউজ আৱৰণৰ বাবে সমগ্ৰ জগততে প্ৰসিদ্ধ। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আমি আমাৰ প্ৰাকৃতিক পৰিৱেশ জীয়াই ৰাখিব লাগিব। অসমৰ সেউজ আৱৰণ আমি সকলো সময়তে সংৰক্ষণ কৰিব লাগিব। সেয়েহে আজিৰ এই পৱিত্ৰ ক্ষণত অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণে গছ-গছনি ৰোপণ আৰু ইয়াৰ প্ৰতিপালনৰ বাবে সংকল্পৱদ্ধ হ’ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। গুৰু জনাৰ ‘এক বৃক্ষ দশ পুত্ৰ সম’ উক্তিৰ উদ্ধৃতি দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয় যে গছ থাকিলেহে মানুহ থাকিব। সেয়েহে অসম চৰকাৰৰ তৰফৰ পৰা চ্ঙ্মৰ6 চনত প্ৰদূষণমুক্ত অসম এখন গঢ়ি তোলাৰ বাবে লক্ষ্য লৈ প্ৰকৃতিৰ সংৰক্ষণৰ বাবে পদক্ষেপ লোৱা হৈছে। অসমৰ ৩৩ খন জিলাত ফল-ফুল-ঔষধি বৃক্ষ ৰোপণৰে জনসাধাৰণৰ মাজত এই দিশত এক শক্তিশালী জনসচেতনতা গঢ়ি তোলাৰ বাবে চৰকাৰখনে প্ৰয়াস চলাইছে। মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰী, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, জনপ্ৰতিনিধিকে ধৰি সকলোকে অসমক এখন জৈৱ-বৈচিত্ৰতাৰ শক্তিশালী স্থান হিচাপে গঢ়ি তোলাৰ দিশত নিষ্ঠা সহকাৰে কৰ্মত ব্ৰতী হোৱাৰ বাবে আহ্বান জনায়। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ্তাই ৰখাৰ বাবে সকলোৱে নিষ্ঠা সহকাৰে আত্ম-নিয়োগ কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। গছ-গছনিয়ে সৃষ্টি কৰা পৰিৱেশৰ দ্বাৰা এক শক্তিশালী জৈৱ বৈচিত্ৰৰ আৱৰ্তৰ সৃষ্টি হয় বুলিও মুখ্যমন্ত্ৰীয়ে দোহাৰে। সেয়েহে মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত বৃহৎ পৰিমাণৰ গছপুলি ৰোপণ কৰি ইয়াৰ সংৰক্ষণৰ বাবে পদক্ষেপ ল’বলৈ সকলোকে আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে কেৱল গছ ৰোপণ কৰিলেই নহ’ব ইয়াক উপযুক্ত সংৰক্ষণ কৰিব লাগিব। এই ক্ষেত্ৰত প্ৰতিগৰাকী ব্যক্তিয়ে দায়ৱদ্ধতাৰে পদক্ষেপ ল’ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। এই ক্ষেত্ৰত ইয়াক সামাজিক তথা মানৱীয় দায়িত্ব হিচাপে সকলোৱে গণ্য কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। এইবাৰৰ বৰষা ঋতুতে জুলাই মাহৰ ভিতৰত অসমত ডেৰ কোটি গছপুলি ৰোপণ কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত সাংবাদিকসকলে জনসাধাৰণৰ মাজত উপযুক্ত জনসচেতনতাৰ সৃষ্টি কৰাৰ বাবে সাংবাদিকসকলক আহ্বান জনায়। আজিৰ এই বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, পৰিৱেশ আৰু বন বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, প্ৰধান মুখ্য বন সংৰক্ষক এ এম সিঙৰ লগতে বহু সংখ্যক জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। উল্লেখ্য যে এই কাৰ্যসূচীৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে তেখেতৰ চৰকাৰী বাসভৱনতো এটা গছপুলি ৰোপণ কৰে।

গুজৰাটত কংগ্ৰেছৰ সংকত । ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বে ৩ বিধায়কৰ দল ত্যাগ ।

গুৱাহাটী

আগন্তুক ৰাজ্যসভাৰ চাৰিখন আসনৰ বাবে ভোট গ্ৰহণ অনুষ্ঠিত হ’ব গুজৰাট বিধানসভাত। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰজ্ঝ জুনত ভোট গ্ৰহণ আৰু সেইদিনাই বিয়লি ভোটগণনা তথা ফলাফল ঘোষণা কৰা হ’ব। কিন্তু, ভোট গ্ৰহণৰ প্ৰাক্ক্ষণত গুজৰাট কংগ্ৰেছত আৰম্ভ হৈছে দল ত্যাগৰ জোৱাৰ। যোৱা তিনিদিনত তিনি বিধায়কে বিধান সভাৰ সদস্য পদৰ লগতে কংগ্ৰেছৰ প্ৰাথমিক সদস্যৰ পদো ত্যাগ কৰিছে। এই কথাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নিজ ৰাজ্যত বিজেপি দলক উৎসাহিত কৰিছে। প্ৰাপ্ত তথ্য মতে ব্ৰীজেশ মিৰাজ, অক্ষয় পেটেল আৰু জিতু চৌধাই নামৰ তিনি কংগ্ৰেছ বিধায়কে পদত্যাগ কৰিছে। ফলত ৰাজ্যখনত কংগ্ৰেছৰ অন্যান্য নেতা কৰ্মীৰ মাজতো দল ত্যাগৰ প্ৰৱণতা বৃদ্ধি পাইছে। কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ ৰাজনৈতিক সচিব আহমেদ পেটেলৰ গৃহ ৰাজ্যত কংগ্ৰেছৰ এই খহনীয়াই আগন্তুক সময়ত অন্যান্য ৰাজ্যসমূহতো প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।

বেংকসমূহে লাভ কৰা নাই চৰকাৰৰ নিৰ্দেশাৱলী।লকডাউনকালীন চৰকাৰী সাহাৰ্য ঘোষণাতে আবদ্ধ।

গুৱাহাটী

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে লকডাউনৰ দীঘলীয়া সময়ছোৱাত ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱা অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ সকাহৰ বাবে এলানি আৰ্থিক অনুদানমূলক আঁচনি ঘোষণা কৰিছিল। সমান্তৰালভাৱে পদপথৰ ব্যৱসায়ী, হকাৰ আদিৰ বাবেও আৰ্থিক পেকেজ ঘোষণা কৰিছিল। কিন্তু এই ঘোষণাৰ এপষেক পাৰ হোৱাৰ পাছতো অসমৰ বেংকসমূহে চৰকাৰী ঘোষণা কাৰ্যকৰী কৰিবলৈ আগবাঢ়ি অহা নাই। বিভিন্ন ক্ষুদ্ৰ ব্যৱসায়ী, হকাৰ আদিয়ে স্থানীয় বেংকসমূহৰ সৈতে যোগাযোগ কৰি হতাশ হ’বলগা হৈছে। প্ৰাপ্ত তথ্য মতে অসমৰ গুৱাহাটীস্থ ৰাষ্ট্ৰীয়কৃত বেংকসমূহে বৰ্তমানলৈ প্ৰধানমন্ত্ৰীক আৰু বিত্তমন্ত্ৰীৰ ঘোষণাৰ ভিত্তিত কোনো ধৰণৰ কাৰ্যকৰী নিৰ্দেশনা লাভ কৰা নাই। ইফালে বিভিন্ন সংবাদ মাধ্যমত নিতৌ সাহাৰ্য প্ৰদানৰ কথা বিজ্ঞাপনযোগে চৰকাৰে প্ৰকাশ কৰিছে। ৰাইজক চৰকাৰী সাহাৰ্য ল’বলৈ আগবাঢ়ি আহিবলৈ আহবান জনাইছে। চৰকাৰে আগবঢ়াব খোজা সাহাৰ্য তথা ঋণ আদি কেৱল বিজ্ঞাপনৰ মায়াজালতে আবদ্ধ হৈ আছে। গুৱাহাটীৰ বেংকসমূহেই চৰকাৰৰ নিৰ্দেশনা ৰূপায়নৰ বাবে আগবাঢ়ি অহা নাই। তেনেস্থলত গ্ৰামাঞ্চলৰ ভিতৰুৱা বেংকসমূহে সাধাৰণ ৰাইজক কেনেকৈ সহায় কৰিব সেয়া কল্পনাৰো অগোচৰ। ফলত চৰকাৰে কেৱল আঁচনি বা সুবিধা ঘোষণা কৰাতে ক্ষান্ত নাথাকি এনে আঁচনি ৰূপায়নৰ দিশটো পৰ্যবেক্ষণ কৰিব লাগে বুলি ৰাইজে মত প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ-বিত্তমন্ত্ৰী হিমন্ত বিশ্বৰ সেউজ সংকেত : দিছপুৰত জয়ন্ত দাসে পাব বিজেপিৰ টিকট !

গুৱাহাটী

ৰাজ্যৰ বিধান সভা নিৰ্বাচনলৈ মাজত আছে দহটা মাহ। সম্প্ৰতি ক’ৰ’ণা ভাইৰাছ আৰু লকডাউনৰ বাবে সামাজিক কাম-কাজ এক প্ৰকাৰ বন্ধ হৈ আছে। কিন্তু ৰাজনৈতিক কাম-কাজ তথা পৰিকল্পনা পূৰ্ণগতিত আগবঢ়াই নিছে শাসকীয় বিজেপি দলে। আগন্তুক নিৰ্বাচনৰ বাবে বিধায়কসকলৰ পৰা ৰিপোৰ্ট কাৰ্ড বিচাৰি দলৰ ৰাজ্যিক সভাপতিয়ে নিৰ্দেশনা জাৰি কৰিছে। সকলো বিধায়কৰ লগতে মন্ত্ৰী তথা মুখ্যমন্ত্ৰীয়েও সমষ্টিৰ উন্নয়ন তথা কাম-কাজৰ খতিয়ান সম্বলিত ৰিপোৰ্ট কাৰ্ড দাখিল কৰাতো বাধ্যতামূলক। এই সময়তে বহুতো বিধায়কে দলৰ টিকট নোপোৱাটো ব্যাপকভাৱে চৰ্চিত হৈ আছে। ইয়াৰ মাজতে আলোচনালৈ আহিছে ৰাজধানী দিছপুৰ সমষ্টিৰ প্ৰসংগ। অগপৰ প্ৰাক্তন নেতা তথা বিজেপিলৈ আহি দলীয় টিকটৰ জৰিয়তে বিধায়ক হোৱা অতুল বৰাৰ কাম-কাজে দলৰ নেতৃত্বক বহু সময়ত বিমূৰত পেলাইছে। নিৰ্বাচনত সৰ্বাধিক ভোটত বিজয়ী হোৱাৰ বাবেই মন্ত্ৰিত্ব দাবী কৰি এসময়ত নেতৃত্বক অতিষ্ঠ কৰিছিল। মাজে মাজে চৰকাৰ আৰু দলৰ সিদ্ধান্তৰ বিৰুদ্ধে সংবাদমেল পাতি অগপৰ প্ৰাক্তন মন্ত্ৰীজনে ক্ষোভ উজাৰিছে। নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ ‘কা’ সমৰ্থন নকৰে বুলি স্পষ্ট ভাষাৰে ব্যক্ত কৰিছে। সেয়েহে অতুল বৰাই দলীয় নেতৃত্বৰ পৰা আগন্তুক সময়ত সমৰ্থন লাভৰ আশা একেবাৰে শূন্য। ইয়াৰ বিপৰীতে বিজেপি যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি তথা দলৰ মুখপাত্ৰ জয়ন্ত দাসে পূৰ্ণদ্যমে সমষ্টিত নামি গৈছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জয়ন্ত দাসক আগন্তুক নিৰ্বাচনত বিজেপিৰ দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলি জানিব পৰা গৈছে। কিছুদিনৰ পূৰ্বে স্বয়ং মুখ্যমন্ত্ৰীয়ে দিছপুৰত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লোৱা বুলি প্ৰকাশ। কিন্তু মুখ্যমন্ত্ৰীয়ে এই সিদ্ধান্ত সলনি কৰিছে। ইয়াৰ বিপৰীতে জয়ন্ত দাসক প্ৰক্ষেপ কৰিছে অতুল বৰাৰ স্থানত।

কোৱাৰেণ্টাইনৰ নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হওঁক : হিন্দু যুৱ ছাত্ৰ ।

গুৱাহাটী

কোৱাৰেণ্টাইনৰ নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হ’বলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমে। আজি বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই দাবী উত্থাপন কৰি পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যই কয় যে চৰকাৰৰ সোপাধিলা অৱস্থাৰ বাবে একাংশ মতলবী লোকে কোৱাৰেণ্টাইন নাইবা বিভিন্ন জ’ন’ৰ নিয়ম নীতি ভৰিৰে মোহাৰিবলৈও অকণমানো কুণ্ঠাবোধ নকৰে বুলি বৈশ্যই আক্ষেপ প্ৰকাশ কৰে। বিবৃতিটোত বৈশ্যই মহাৰাষ্ট্ৰৰ পৰা ডিব্ৰুগড় অভিমুখে যাত্ৰা কৰা লোকমান্য তিলক শ্ৰমিক এক্সপ্ৰেছ ৰেলগাড়ীখনৰ চেইন টানি শতাধিক যাত্ৰী নামি যোৱা ঘটনাটোৰ উদাহৰণ দাঙি ধৰি কয় যে চৰকাৰী ব্যৱস্থাৰ প্ৰতি আৰু আইনৰ প্ৰতি অকণমানো ভয় নথকা বাবে এইসকল লোলে এনে ভয়ানক ঘটনা সংঘটিত কৰিব পাৰিছে। এই ঘটনাৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ পৰিষদে দাবী জনায়। বিবৃতিটোত বৈশ্যই ৰেলগাড়ীখনত বিনা টিকতত যাত্ৰী কেনেকৈ আহিবলৈ পালে বুলিও প্ৰশ্ন উত্থাপন কৰে। পূৰ্বৰ নিজামুদ্দিন জামাতি সকলক বিচাৰি উলিয়াব নোৱাৰা গৃহ বিভাগৰ শ্ৰমিক এক্সপ্ৰেছৰ পৰা পলায়ন কৰাসকলক বিচাৰি উলিওৱাটোও আন এক প্ৰত্যাহবান বুলি বৈশ্যই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। একেটা বিবৃতিতে বৈশ্যই আৰু কয় যে অসমৰ লোকসকলে অতিশয় ধৈৰ্য্য আৰু অপৰিসীম কষ্টৰে লকডাউন, কোৱাৰেণ্টাইন আৰু বিভিন্ন জ’ন’ৰ নিয়ম সমূহ মানি আহিছে। বাহিৰৰ পৰা আহি কোনোবাই নীতি নিয়ম অমান্য কৰি এইসকল লোকক বিপদৰ মুখলৈ ঠেলি দিয়াতো ভয়ানক কথা হ’ব বুলি কয়। সেয়েহে চৰকাৰে প্ৰশাসনক এই ক্ষেত্ৰত অতি কঠোৰ হ’বলৈ পৰিষদৰ সভাপতিগৰাকীয়ে আহবান জনায়।