Home Blog Page 3330

কলিয়াবৰত প্ৰথমজন কভিড সংক্ৰমিত ৰোগী । দিল্লীৰ পৰা আহি কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল।

কলিয়াবৰত প্ৰথমজন কভিড সংক্ৰমিত ৰোগী । দিল্লীৰ পৰা আহি কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল।

দৈনন্দিন বাৰ্তাৰ সেৱা,

কলিয়াবৰ : বহিঃ ৰাজ‍্যৰ পৰা কোৱেৰাণ্টাইনত আছিল শালনা বাপুজী হাইস্কুলত কৰ’না সংক্ৰমিত যুৱকজন। মিছা আদৰ্শ হাইস্কুলত থকা নমুনা সংগ্ৰহ কেন্দ্ৰই স্বাৱ সংগ্ৰহ কৰি প্ৰেৰণ কৰিছিল। আজি নমুনা পৰীক্ষাৰ অন্তত “কভিড পজিটিভ” বুলি ঘোষণা কৰে স্বাস্থ‍্য বিভাগে। যুৱকজন কলিয়াবৰ মহকুমাৰ চুলুং আৰক্ষী চকীৰ অন্তৰ্গত ভোমোৰাগুৰিৰ দুৰ্লভ নাথ ওৰফে সোণমণি, বয়স ২৫ আক্ৰান্ত কোভিদ -১৯। যোৱা নদিন ধৰি শালনা বাপুজী হাইস্কুলস্থ কোৱাৰেন্টাইন শিবিৰত কোৱাৰেন্টাইনত আছিল দিল্লীৰ পৰা আহি। ইতিমধ‍্যে, নগাঁও কভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

বাগিছাৰ বাসিন্দাৰ বিদ্যুৎ বিলৰ নামত লুণ্ঠন বন্ধ কৰাৰ দাবী ” আদিবাসী ছাত্র সন্থা “ৰ ।

দিলীপ হাজৰিকা : নাজিৰা :

নাজিৰা ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত লিগিৰী পুখুৰী চাহ বাগিছাৰ শ্ৰমিক আবাসী সকলৰ বাসগৃহত সংযুক্ত বিদ্যুৎ সংযোগৰ বিপৰীতে নিৰ্দিষ্ট বিদ্যুতৰ বিল আবাসী সকলে নোপোৱাৰ অভিযোগ উত্থাপন হৈছে । বিপৰীতে বাগিচা কৰ্তৃপক্ষই নিজা খেয়াল-খুচীমতে শ্ৰমিক আবাসী সকলৰ বিদ্যুৎ মাছুল বৃদ্ধি ঘটাই অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডক পৰিশোধ কৰি অহাৰ সমান্তৰালভাৱে শ্ৰমিকৰ শোষণ-নিষ্পেষণৰ অভিযোগৰ বৰ্ণনা সহ এক স্মাৰক পত্ৰ সংশ্লিষ্ট বিদ্যুৎ বিতৰণ কোম্পানীলৈ প্ৰেৰণ কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নাজিৰা আঞ্চলিক সমিতিয়ে।  সভাপতি ৰাজীৱ মিৰ্দ্ধা আৰু সম্পাদক বিতুল কুৰ্মীৰ স্বাক্ষৰত প্ৰেৰিত এই স্মাৰক পত্ৰ  নাজিৰাৰ মহকুমাধিপতিৰ হাতত প্ৰদান কৰা হয় । অসম শক্তি বিতৰণ কোম্পানীক সংগঠনটোৱে জনাবলৈ বিচৰা  মতে বাগিচা কৰ্তৃপক্ষই প্ৰদান কৰা বিদ্যুৎ শ্ৰমিকসকলে গ্ৰহণ কৰিবলৈ অনিচ্ছুক । সেয়ে বিদ্যুৎ বিতৰণ কোম্পানীয়ে পোণপটীয়াকৈ সংযোগ দি শ্ৰমিকৰপৰা পোণপটীয়াকৈ বিলৰ ধন গ্ৰহণ কৰিব লাগে । ইয়াৰ অন্যথা বাগিচা কৰ্তৃপক্ষই ঘটাই ৰখা বিদ্যুৎ যোগান শ্ৰমিকে গ্ৰহণ নকৰি সংযোগ কৰ্ত্তন কৰিব বুলিও স্মাৰক পত্ৰত উল্লেখ কৰে । 

নামখলাৰ মহলীয়াপাৰা ৰামগাওৰ ৰাজহুৱা পুখুৰীত যুবকৰ মৃতদেহ উদ্ধাৰ।

পশ্চিম মঙলদৈ মহলিয়াপাৰা ৰামগাওৰ জলজলী নামৰ ৰাজহুৱা পুখুৰীত মঙ্গলবাৰে ৰাতিপুৱা এক যুৱকৰ মৃতদেহ উদ্ধাৰ হয় ।

নামখলা, দ্বীপেন ডেকা :

পশ্চিম মঙলদৈ মহলিয়াপাৰা ৰামগাওৰ জলজলী নামৰ ৰাজহুৱা পুখুৰীত মঙ্গলবাৰে ৰাতিপুৱা এক যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। ৰাতিপুৱা পুখুৰীৰ ওচৰ চুবুৰীয়াই ৰাজহুৱা পুখুৰীটোৰ মাজত এটি মৃত দেহৰ কিছু অংশ প্ৰত্যক্ষ কৰি ওচৰ চুবুৰীয়াৰ লগতে এই ঘটনা সম্পৰ্কে আৰক্ষী প্ৰশাসনক জ্ঞাত কৰে। ইতিমধ্যে আৰক্ষী আহি মৃতদেহ টি উদ্ধাৰ কৰে। পুখুৰীৰ পাৰৰ পৰা এখন চাইকেলো উদ্ধাৰ কৰা হয়। মৃতদেহ টি  মহলিয়াপাৰাৰে হৰেন চহৰীয়াৰ এক মাত্ৰ ওঁঠৰ বছৰীয়া  পুত্ৰ ৰাজীৱ চহৰীয়া বুলি চিনাক্ত কৰা হৈছে। উদ্ধাৰ হোৱা চাইকেল খন মৃত ৰাজীৱ চহৰীয়া ৰ বুলি চিনাক্ত কৰা হৈছে।  মৃত্যু কাৰন এতিয়া লৈকে জানিব পৰা হোৱা নাই। প্ৰশাসনৰ  উচিত তদন্তৰ পিচতহে গম পোৱা হব এইটো আত্মাহত্যা নে হত্যাকাণ্ড।   কৰোনা আতংক লগতে দেশত চলি থকাৰ পঞ্চম লকডাউনৰ মাজতে গাওঁৰ মাজৰ পুখুৰীত এই দৰে এখনঘৰৰ এক মাত্ৰ লৰা এজনৰ মৃতদেহ উদ্ধাৰ হোৱা  ঘটনাই মহলীয়াপাৰা অঞ্চলত আতংক ময় পৰিবেশন সৃষ্টি কৰিছে। ইতিমধ্যে আৰক্ষী প্ৰশাসনে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্ত আৰু মৰনোত্তৰ পৰীক্ষাৰ ফলাফলে এয়া হত্যাকাণ্ড নে আত্মা হত্যাৰ ঘটনা সেয়া পৰবৰ্তী সময়ত হে জনা যাব।

জখলাবন্ধা বাণিজ‍্যিক কেন্দ্ৰত মাস্কৰ সজাগতা কাৰ্য‍্যসূচী । মাস্ক নিপিন্ধা ব‍্যক্তিক জৰিমণা ।

কলিয়াবৰত মাস্ক অভিযান

কলিয়াবৰ :

আজি জখলাবন্ধাত কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ‍্যোগত জখলাবন্ধা আৰক্ষী নিৱেশৰ সহযোগত মাস্কৰ প্ৰয়োজনীয়তাৰ বিষয়ে এক সজগতা কাৰ্য‍্যসূচী ৰূপায়ণ কৰে।আনলক :১ কালত সামাজিক দূৰত্ব আৰু মাস্কৰ বিৰুদ্ধে জখলাবন্ধা আৰক্ষীয়ে অব্যাহত ৰাখিছে সচেতনতা অভিযান। মহকুমা প্ৰশাসনৰ সহযোগত জখলাবন্ধা আৰক্ষীয়ে মঙ্গলবাৰে  জখলাবন্ধাত মাস্ক পৰিধান নকৰাসকলক বিহে জৰিমণা আৰু প্ৰদান কৰে একোখনকৈ মাস্ক। স্বাস্থ‍্য বিভাগৰ আশা কৰ্মী আৰু ক্লীন জখলাবন্ধাৰ কৰ্ম-কৰ্তাসকলেও সহযোগিতা আগবঢ়াই।

খাৰুপেটীয়া মহাবিদ্যালয় ছাত্রী নিবাস চৌহদ কনটেইনমেন্ট জ’ন ঘোষণা

আবুল হাছেম, দলগাও

দলগাওঁ ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰুপেটীয়া মহাবিদ্যালয় ছাত্রী নিবাস কোৱাৰান্টাইন কেন্দ্ৰত ছিকন্দৰ আলি, নজৰুল ইছলাম আৰু শেইখ ফৰিদ নামৰ তিনিজন ক’ভিড-১৯  ৰোগী চিনাক্ত হোৱাৰ পিছত সংক্ৰমণ ৰোধ তথা জনসাধাৰণক স্বাস্থ্যকৰ পৰিৱেশত ৰখাৰ অৰ্থে সমগ্ৰ খাৰুপেটীয়া মহবিদ্যালয়ৰ ছাত্রী নিবাস চৌহদ কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে । উক্ত চৌহদলৈ তথা চৌহদৰ পৰা  কোনো লোক বা বাহন অকৰ্তৃত্বশীলভাৱে প্ৰবেশ বা প্ৰস্হান  কৰিব  নোৱাৰিব । লগতে সামাজিক দূৰত্ব বজাই ৰখাকে ধৰি আন আন নিৰ্দেশনাসমূহ এই  এলেকাত কঠোৰভাৱে মানি চলিব লাগিব ।সুৰক্ষিত হিচাপে ঘোষণা  নকৰা পৰ্যন্ত এই আদেশ বাহাল থাকিব আৰু যদি কোনোবাই এই নিৰ্দেশনা  মানি নচলে, আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

নাজিৰাত চৰকাৰী আবণ্টিত সামগ্ৰী বিতৰণত অনিয়মৰ অভিযোগ : ব্যৱস্থা গ্ৰহণৰ দাবীত মহকুমা প্ৰশাসনক স্মাৰক পত্ৰ ” আছা “ৰ ।

দিলীপ হাজৰিকা : নাজিৰা :

নাজিৰা মহকুমাৰ বিভিন্ন প্ৰান্তত চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত  ৰাজহুৱা বিতৰণ ব‍্যৱস্থাৰ সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি  ব‍্যাপক বিসংগতি তথা অনিয়মৰ অভিযোগ উথাপিত হৈ আহিছে । ইতিমধ্যে নাজিৰা মহকুমা প্ৰশাসনে  এনে অনিয়মত লিপ্ত দুজনকৈ এজেণ্টক নিলম্বন কৰাৰ পিছতো এইবাৰ মেকীপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্ভুক্ত ম‌ইনাটিং মজদুৰ গাঁৱৰ সমবায় এজেণ্টজনে অনিয়মত লিপ্ত হোৱাৰ অভিযোগ তুলিছে অসম আদিবাসী ছাত্ৰ সন্থা( আছা)ৰ নাজিৰা  নাজিৰা আঞ্চলিক সমিতিয়ে ।আজি সংগঠনটোৰ আঞ্চলিক সমিতিখনৰ সভাপতি ৰাজীৱ মিদ্ধা আৰু সম্পাদক বিতুল কুৰ্মিয়ে  গেলেকী সমবায় সমিতিখনৰ অধীনস্থ ইনচান আলিৰ বিৰুদ্ধে এই অভিযোগ উথাপন কৰি বিহিত ব‍্যৱস্থা গ্ৰহণৰ দাবীৰে নাজিৰা মহকুমাধিপতিক এখন স্মাৰক পত্ৰ দাখিল কৰে । সংগঠনটোৱে অভিযোগ কৰে যে সমবায় এজেণ্টজনে দীৰ্ঘ দিন ধৰি ম‌ইনাটিং মজদুৰ গাঁৱৰ হোজা চাহ মজদুৰ দৰিদ্ৰ জনসাধাৰণক সময় মতে প্ৰদান নকৰি উক্ত সামগ্ৰীসমুহ বিতৰণতো অনিয়ম সংঘটিত কৰি আহিছে। যাৰ ফলত  অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰিছে সংগঠনটোৱে । ইয়াৰ পৰিপ্ৰেক্ষিততে প্ৰশাসনৰ তৰফৰ এক অনুসন্ধান চলাই বিহিত ব‍্যৱস্থা লবলৈ সংগঠনটোৱে দাবী জনাইছে ।

নৰেন্দ্ৰ মোডীৰ লকেল, কেতিয়া হ’ব ভকেল ?

অংকুৰ বৰুৱা

দেশৰ অৰ্দ্ধ সামৰিক বাহিনীৰ কেণ্টিনত থলুৱাভাৱে উৎপাদিত সামগ্ৰী উপলব্ধ কৰাৰ লগতে বিক্ৰীৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে এই বিষয়ে নিৰ্দেশনা জাৰি কৰিছে৷ আনহাতে দেশৰ গৃহমন্ত্ৰীয়েও এই দিশত বক্তব্য প্ৰদান কৰিছে৷ উল্লেখ্য যে বিশাল দেশ ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ সামগ্ৰী থলুৱাভাৱে উৎপাদন হয়৷ সম্পূৰ্ণ থলুৱাভাৱে উৎপাদন হোৱা সামগ্ৰীৰ তালিকাখন একেষাৰে কৈ শেষ কৰিব নোৱাৰি৷ খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি বহু সামগ্ৰী দেশৰ মানুহে উৎপাদন কৰি আহিছে৷ ইয়াৰে বহু সামগ্ৰীয়ে দেশৰ মানুহৰ মন জয় কৰিব পাৰিছে৷ উল্লেখ্য যে অসমতো তেনে সামগ্ৰী উৎপাদন হয়৷ চিৰা, সান্দহগুৰি আদিৰ পৰা আৰম্ভ কৰি বহু খাদ্য সামগ্ৰী অসমৰ উদ্যোগীয়ে উৎপাদন কৰি আছে৷ 
মন কৰিব লগা যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অলপতে ‘লকেল আৰু ভকেল’ শব্দ প্ৰয়োগ কৰি দেশৰ থলুৱা উদ্যোগীক উৎসাহিত কৰিছিল৷ প্ৰধানমন্ত্ৰীৰ সেই কথাই বিভিন্নজনে সঁহাৰি জনাইছিল৷ প্ৰকৃতাৰ্থত প্ৰধানমন্ত্ৰীৰ এনে উৎসাহজনক বক্তব্য ক’ৰোনাই ধ্বংস কৰা অৰ্থনীতিৰ সময়ত গুৰুত্বপূৰ্ণ৷ উল্লেখ্য যে দেশত থলুৱাভাৱে উৎপাদন হোৱা সামগ্ৰী অৰ্দ্ধ সামৰিক বাহিনীৰ কেণ্টিনত অহা ১ জুনৰ পৰা বিক্ৰী কৰাৰ বিষয়ে লোৱা সিদ্ধান্তৰ কথা সদৰি কৰিছিল৷ ইয়াৰ দ্বাৰা ক্ষুদ্ৰ উদ্যোগ আৰু খাদী উদ্যোগ লাভান্বিত হ’ব৷ সমগ্ৰ দেশত ১৭০০ কেন্দ্ৰীয় আৰক্ষী কেণ্টিন আছে৷ ইয়াত নিত্যব্যৱহাৰ্য্য সামগ্ৰীৰ লগতে কাপোৰৰ পৰা আৰম্ভ কৰি উপহাৰৰ সামগ্ৰী বিক্ৰী হয়৷ এই কেণ্টিনত বছৰী ২৮০০ কোটি টকাৰ সামগ্ৰী বিক্ৰী হয়৷ ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পাছত এই তথ্য পোহৰলৈ আহিছে৷
আনহাতে প্ৰধানমন্ত্ৰীৰ এই আহ্বানক সম্পূৰ্ণ সঁহাৰি জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ ইয়াৰ লগতে এই কথা পৰিষ্কাৰ হয় যে দেশত থলুৱাভাৱে উৎপাদন হোৱা সামগ্ৰীৰ এখন ভাল বজাৰ আছে৷
মন কৰিব লগা যে অসমত নিতৌ বহু সামগ্ৰী থলুৱাভাৱে উৎপাদন হৈ আছে৷ শেহতীয়াকৈ মাস্ক উৎপাদন কৰি অসমৰ উদ্যোগীয়ে নিজৰ দক্ষতা প্ৰতিপন্ন কৰিছে৷ ৰাজ্যখনত উৎপাদিত সামগ্ৰীৰ এক সুকীয়া মান প্ৰতিপন্ন হৈ আছে৷ যিহেতু ৰাজ্যবাসীয়ে শেহতীয়াকৈ গামোচাৰ মাস্ক সহজে গ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ আনহাতে গুৱাহাটীৰ ‘ভোগালী’ নামৰ প্ৰতিষ্ঠানটোৰ লগতে অসমৰ বহু প্ৰতিষ্ঠানে থলুৱাভাৱে খাদ্য সামগ্ৰী উৎপাদন কৰি আছে৷ 
ইয়াৰ লগতে অসমৰ আত্মসহায়ক গোটবোৰে বিভিন্ন সময়ত খাদ্য সামগ্ৰী বজাৰত উলিয়াই ক্ৰেতাৰ মন জয় কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি অসমৰ কেইটামান থলুৱা উদ্যোগে ৰাজ্যখনৰ লগতে চুবুৰীয়া ৰাজ্যৰো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷ 
এনে সময়ত কেন্দ্ৰীয় চৰকাৰে এই থলুৱা উদ্যোগবোৰলৈ গুৰুত্ব আৰোপ কৰিবনে বুলি বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে৷ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ সময়ত দেশত ভাগি পৰা অৰ্থনীতি পুনৰ উজ্জিৱীত কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে এনে পদক্ষেপৰ জৰিয়তে অসমৰ থলুৱা উদ্যোগীলৈ আশাৰ সঞ্চাৰ কৰিব বুলি বিভিন্ন মহলে আশা প্ৰকাশ কৰিছে৷ এনেসময়তে বিভিন্নজনে প্ৰশ্ন কৰিছে নৰেন্দ্ৰ মোডীৰ লকেল, কেতিয়া হ’ব ভকেল?

লকডাউন আৰু ব‌ক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক

শিক্ষক হৈছে মানুহ গঢ়াৰ নিপুণ খনিকৰ।চৰকাৰী বা বেচৰকাৰী বুলি কথা নাই শিক্ষক সকলে কেবল শিক্ষা দানৰ উদ্দেশ্যৰেই নিজৰ কৰ্তব্য পালন কৰে। ছাত্ৰ- ছাত্ৰীৰ ভবিষ্যৎ জীৱন উজ্জ্বল কৰাত শিক্ষকৰ ভূমিকা সকলোতকৈ ওপৰত । কিন্তু ছাত্ৰ ছাত্ৰীৰ ভবিষ্যৎ গঢ়া শিক্ষকসকলৰ ভিতৰত ব্যক্তিগত খণ্ডৰ শিক্ষকৰ নিজৰে বর্তমান পানীত হাঁহ নচৰা অৱস্থা,ভবিষ্যতৰ কথা চিন্তা কৰাটো বহুত দূৰৈত। চৰকাৰী বিদ্যালয়ৰ তুলনাত ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ শিক্ষকৰ দৰমহা আগৰ পৰাই কম। কাৰণ ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনে শিক্ষকৰ প্রয়োজন পূৰণ হোৱাকৈ দৰমহা দিয়াটো সম্ভৱ নহয়। তথাপি এই সকল শিক্ষকে বহুতো অভাৱৰ মাজেৰেই ঘৰ চলাই আহিছে। বর্তমান লকডাউনৰ বাবে বিদ্যালয় সমূহত ছাত্ৰ ছাত্ৰীৰ মাহিলী মাচুল অভিভাৱকসকলে দিব পৰা নাই। ইয়াৰ প্ৰভাৱ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক সকলৰ ওপৰত বৰ বেয়াকৈ পৰিছে। যি কেইটা দৰমহাৰে মাহটো চলিবলৈ অসুবিধা হয়, তেনে ক্ষেত্ৰত মাৰ্চ,এপ্রিল, মে মাহৰ ৫০% দৰমহা নাইবা একেবাৰে নোপোৱাকৈ এখন ঘৰ চলাটো সম্ভৱ নে? আনে প্ৰদান কৰা সুবিধাৰ পৰাও এওঁলোক বঞ্চিত কাৰণ বহুতে তেওঁলোকৰ সহায়ৰ প্ৰয়োজন হোৱা নাই বুলি ভাবে। শিক্ষকতাৰ বাহিৰে বেলেগ কাম কৰিবলৈও তেওঁলোকৰ হাতত বিকল্প নাই। ইমানবোৰ অভাৱৰ মাজেৰেই প্ৰায়বোৰ শিক্ষকে ঘৰতে থাকি মোবাইলৰ জৰিয়তে হ’লেও ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদানৰ চেষ্টা অব্যাহত ৰাখিছে।
এনেদৰে ৰাজ্যত নিস্বাৰ্থভাৱে শিক্ষা আগবঢ়োৱা বহু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষকৰ অৱস্থা দূৰ্বল হৈ পৰিছে কিন্তু এই ক্ষেত্ৰত কোনেও শিক্ষক সকলক সহায়ৰ হাত আগবঢ়োৱা নাই। বিভিন্ন সামাজিক মাধ্যম, নিউজ চেনেল সমূহটো বিভিন্নজনৰ সহায় সুবিধাৰ হকে মাত মাতি থকা দেখিবলৈ পোৱা গৈছে কিন্তু শিক্ষক সকলৰ এই অৱস্থাৰ ওপৰত কোনেও গুৰুত্ব প্ৰদান কৰা নাই । বিশেষকৈ জাতীয় বিদ্যালয় সমূহে অসমীয়া ভাষাত শিক্ষা প্ৰদান কৰি অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে। তেনেহলে প্ৰশ্ন হয় এইসকল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষকৰ সমাজত কোনো অৰিহনা নাছিল নেকি? এখন সমাজত শিক্ষকৰ মৰ্যদা এয়াই নেকি ? তেওঁলোকৰ বৰ্তমান পৰিস্থিতিৰ খবৰ লবলৈ চৰকাৰে এবাৰো চেষ্টা নকৰেনে ?

পৰাগ ডেকা, ছিপাঝাৰ

চোৰাংচোৱাগিৰি কৰা পাকিস্তানৰ ২ ভিছা বিষয়াক দিল্লীত ধৃত ।

দৈনন্দিন বাতা নিজা প্ৰতিবেদন:

ভিছা বিষয়াৰ আলম লৈ চোৰাংচোৱাগিৰি কৰি আহিছে পাকিস্তানী লোকে৷ পূৰ্বতে পোৱা খবৰ মতেই তীক্ষ্ণ দৃষ্টি দি আছিল দিল্লী আৰক্ষীৰ বিশেষ কোষৰ বিষয়া৷ অৱশেষত মিলিল সফলতা৷ ধৰা পৰিল দিল্লীত অৱস্থিত পাকিস্তানী দূতাবাসৰ দুজন বিষয়া৷ এই বিষয়া দুজনৰ নাম হ’ল আবিদ হুছেইন আৰু তাহিৰ খান৷ এই কামত জড়িত থকাৰ অভিযোগ আন এক পাকিস্তানী নাগৰিক৷ জাভেদ হুছেইন নামৰ এই লোকজনকো গ্ৰেপ্তাৰ কৰা হৈছে৷ ধৃতসকলক জেৰা কৰি এই চক্ৰত আন কোন জড়িত আছে সেয়া জানিবলৈ চেষ্টা কৰা হৈছে৷ আনহাতে ২৪ ঘণ্টাৰ ভিতৰত পাকিস্তানৰ দুই ভিছা বিষয়াক ভাৰত এৰিবলৈ কোৱা হৈছে৷ ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা গক বিবৃতিত জনোৱা হৈছে যে এক কূটনৈতিক মিছনৰ সদস্য হিচাপে নিযুক্ত থকাৰ পাছত নিজৰ দায়িত্বৰ সৈতে অসামঞ্জস্যপূর্ণ কর্মকাণ্ডত লিপ্ত আছিল এই দুই বিষয়া৷ তেওঁলোকৰ চৰকাৰৰ তৰফৰ পৰা তেওঁলোক অনাস্থাভাজন দূত ঘোষণা কৰি ২৪ ঘণ্টাৰ ভিতৰত দেশ এৰি যাবলৈ কোৱা হৈছে৷ ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ তীব্ৰ প্ৰতিবাদ পাকিস্তান দূতাবাসৰ দায়িত্বত থকা বিষয়াক এই অভিযোগত অভিযুক্ত কৰা হৈছে৷ স্পষ্ট ভাষাত জানিবলৈ দিয়া হৈছে যে আগন্তুক দিনত পাকিস্তান দূতাবাসৰ বিষয়া বা কৰ্মীয়ে যেন নিজৰ কূটনৈতিক কামৰ পৰিৱৰ্তে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্রমূলক কামত জড়িত নাথাকে৷ এই কথা নিশ্চিত কৰা হ’ব৷ প্ৰাপ্ত খবৰ মতে আবিদ হুছেইন আৰু তাহিৰ খান নামৰ পাকিস্তান দূতাবাসৰ এই দুই বিষয়াৰ নাম ভিছা দিয়া কামত জড়িত আছিল৷ ইয়াৰ আলমতে তেওঁলোকে আইএছআইৰ হৈ কাম কৰি আছে৷ জাল কাগজপত্ৰ দেখুৱাই বিভিন্ন ঠাইত ঘুৰে৷ দেওবাৰে পুৱা দিল্লীৰ কৰোল বাগ এলেকাৰ এজন ব্যক্তিক দেখা কৰিবলৈ গৈছিল৷ তাত যিজন ব্যক্তিক লগ কৰিছিল তেওঁ ভাৰতীয় সেনা সংক্ৰান্তত কেতবোৰ নথিপত্ৰ দিওতে দিল্লী আৰক্ষীৰ বিশেষ কোষে তেওঁলোকক গ্ৰেপ্তাৰ কৰে৷ তাতে ধৰা পৰে সেই ঠাইত থকা পাকিস্তানী নাগৰিক জাভেদ৷ ধৰা পৰাৰ সময়ত জাল আধাৰ কাৰ্ড দেখুৱাই নিজকে তেওঁ ভাৰতীয় বুলি দাবী কৰিছিল৷ কিন্তু শেষ ৰক্ষা নহ’ল৷ দীৰ্ঘ সময় জেৰাৰ পাছত নিজৰ পৰিচয় স্বীকাৰ কৰে৷

প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ সভাপতিত্বত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সভা । ১৪ বিধ খাৰিফ শস্যৰ নূন্যতম সহায়তা মূল্য বৃদ্ধিত অনুমোদন ।

দৈনন্দিন বাতা নিজা প্ৰতিবেদন :

প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ সভাপতিত্বত আয়োজিত সভাত কেন্দ্ৰীয় মন্ত্ৰীসভাই ১৪ বিধ খাৰিফ শস্যৰ নূন্যতম সহায়তা মূল্য (এমএছপি) বৃদ্ধিৰ অনুমোদন কৰিছে৷ আজি তথ্য আৰু সম্প্রচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে কয়, বৰ্দ্ধিত এমএছপি দাম নিশ্চিত কৰিব যিটো উৎপাদন ব্যয়ৰ ৫০ শতাংশৰ পৰা ৮৩ শতাংশ বেছি হ’ব৷ মন্ত্ৰী পৰিষদৰ সিদ্ধান্ত সম্পর্কে সাংবাদিকৰ আগত জাভেদকাৰে কয়, চৰকাৰ এমএছএমইবোৰ উন্নয়নত গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে আৰু এই বহীত ২০,০০০ কোটি টকা ব্যয় কৰা হৈছে৷ মন্ত্ৰী পৰিষদে আজি এমএছএমইৰ ওপৰত চাপযুক্ত ২০,০০০ কোটি টকা অনুমোদন দিছে৷ ইয়াত ২ লাখ এমএছএমই উপকৃত হ’ব৷ মন্ত্ৰীসভাই আজি এমএছএমই (মাইক্ৰ, স্মল আৰু মিডিয়াম এণ্টাৰপ্ৰাইজ) ছেক্টৰৰ সংজ্ঞা পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত লয়৷ মজলীয়া উদ্যোগৰ টাৰ্ণঅ’ভাৰৰ সীমা আগেয়ে ঘোষিত ১০০ কোটিৰ পৰা ২৫০ কোটিলৈ উন্নিত কৰা হৈছে৷ কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ টোমাৰে মন্ত্ৰীসভাৰ সিদ্ধান্ত সম্পৰ্কে চমু বক্তব্যত কয়, কৃষকৰ স্বস্তি প্ৰদানৰ বাবে ১৪ বিধ খাৰিফ শসৎ নূন্যতম সমৰ্থন মূল্য (এমএছপি) ৫০ শতাংশৰ পৰা ৮৩ শতাংশ বৃদ্ধি কৰা হৈছে৷ আজিৰ বৈঠকৰ তাৎপৰ্যপূৰ্ণ বুলি ধৰা হৈছে৷ কাৰণ গৃহ মন্ত্ৰালয়ক ১ জুনৰ পৰা পর্যায়ক্রমে কনটেণ্ট জ’নবোৰৰ বাহিৰত থকা সকলো কাৰ্যক্ৰম পুনঃনির্মাণৰ বাবে নতুন নির্দেশিকা জাৰি কৰিছে৷