Home Blog Page 3330

মৃত্যুৰ ধাৰা বিৱৰণী আৰু আমি মূঢ়মতি।

ৰাজীৱ কমল শইকীয়া

আজি প্ৰায় চাৰিমাহ আমি কেৱল মৃত্যুৰ ধাৰাভাষ্য শুনি আছোঁ। উপায়ো নাই। অনুজীৱৰ ত্ৰাসত নিৰূপায় মানৱ কুল। দেশ-বিদেশৰ চিকিৎসা বিজ্ঞানী ব্যস্ত গৱেষণাগাৰত, যিমান পাৰি সোনকালে ৰোগটো নিৰ্মূল কৰি দিব পৰা ভেকচিন উদ্ভাৱনৰ, গৱেষণাত। চৰকাৰ-প্ৰশাসন নিৰবিচ্ছিন্নভাৱে ব্ৰতী দৰৱ নহালৈকে কভিড-১৯ৰ অতি দ্ৰুত সংক্ৰমণক, কি উপায়েৰে ৰোধ কৰিব পৰা যায় তাৰ কামত, তাৰ বাবে বিভিন্ন কৌশল প্ৰস্তুত, ৰূপায়ণ কৰাত। অৰ্থনীতিক গতি দিবলৈ লকডাউন ক্ৰমাৎ ঠাই বিশেষে শিথিল কৰা হৈছে। বেছিকৈ মানুহ আক্ৰান্ত হোৱা ঠাই সমূহত লকডাউন কঠোৰ কৰাও হৈছে। দেশো চলিব লাগিব, মানুহো বাচিব লাগিব।
খাটি খোৱা মানুহৰ কষ্ট বাঢ়িছে, চৰকাৰৰ লগতে প্ৰতি সামৰ্থ্যবান তথা দায়িত্ববান প্ৰতিবেশীয়ে চকু দিব লাগিব, তেখেতসকলক। যিমান পাৰোঁ সুৰক্ষিত হৈ, স্বাস্থ্য বিভাগ তথা চৰকাৰে দিয়া নীতি-নিয়ম সমূহ পালন কৰিছোঁ, সহাৱস্থান কৰি, চলি আছোঁ, আমি। কিন্তু তাৰ মাজতে একাংশ লোক মুখাবৰণ অবিহনে বজাৰলৈ ওলাইছে, বেংক কিম্বা বজাৰত শাৰী পাতোতে শাৰীৰিক দূৰত্বৰ কথা পাহৰি গাত গা লগাই, ছৰী বা বেয়া নাপাব বুলি কৈ মৃদু-কৃত্ৰিম হাঁহি এটি ওঁঠৰ কোণত বিৰিঙাই আতৰি গৈছে। একাংশ লোকে, ভিৰ সৃষ্টি কৰা বিভিন্ন ফটো সামাজিক মাধ্যমত প্ৰকাশ কৰিয়েই আছে। ইমানৰ পিছতো যদি আমি নুবুজোঁ, কেতিয়া বুজিম? এফালে বাতৰি-কাকত, ইলেকট্ৰনিক মেডিয়া, ডিজিটেল মেডিয়াত বৰ্দ্ধিত মৃত্যুৰ সংবাদ অথবা ধাৰাবিৱৰণী পঢ়ি আছোঁ, শুনি আছোঁ, চাই আছোঁ। আনফালে তাৰ পৰিপেক্ষিতত ল’ব লগা সাৱধানতা বাদ দিছোঁ। এতিয়া মাথোঁ, আমি নিজৰ লগতে বাচি থকা জীৱনবোৰহে বচাব লাগে। ভিৰ সৃষ্টি কৰি কৰিব লগা কামবোৰ ভেকচিন লোৱাৰ পিছত নিৰ্ভয় হৈ কৰি থাকিব পৰা হ’ব। ভৱিষ্যত দ্ৰষ্টা বিশেষজ্ঞসকলে নিৰ্ধাৰণ কৰি দিয়া নিয়ম নীতি পালন কৰাটো অতি প্ৰয়োজনীয়, বৰ্তমান। নিজৰ স্বাৰ্থ সুৰক্ষিত থাকিলে আমাৰ একাংশই আনৰ বিপদ যে নিজৰোঁ বিপদ সেয়া পাহৰি থাকোঁ। যেতিয়া চিনাকি বা আত্মীয় এজনৰ বিপদ দেখোঁ, তেতিয়া হে সম্বিৎ আহে। প্ৰকৃততে হৈ আছে কি… আমি ভাবোঁ। আমি ভাবি চাব লাগিব- আমি য’ত বাস কৰোঁ তাত জনসংখ্যা অনুপাতে হস্পিতালৰ বিচনা বা আই চি ইউৰ সংখ্যা কিমান? ঈশ্বৰে নকৰক, যদি আমাৰ অসাৱধানতাৰ ফলত সৰহ সংখ্যক মানুহ ক’ৰ’নাত আক্ৰান্ত হয়? সকলোৱে সমানে চিকিৎসা পোৱাৰ সম্ভাৱনা থাকিব নে? আমাৰ জ্যেষ্ঠ নাগৰিকৰ সংখ্যা? সন্তান সম্ভৱা আৰু প্ৰসূতি মাতৃৰ পৰিসংখ্যা? শিশুৰ? মধুমেহ? ৰক্তচাপ জনিত? বৃক্কৰ ৰোগ, বিষ-বেদনাত পীড়িত তথা অন্য গুৰতৰ ৰোগত ইতিমধ্যে ভোগী থকা মানুহৰ আনুমানিক সংখ্যা? ইত্যাদি!জীৱ-শ্ৰেষ্ঠ আমি, এই অহংকাৰ বাদদি স্বাভিমানেৰে সৈতে পণ লোৱা ভাল যে, এই ধাৰাবিৱৰণী সোনকালে বন্ধ কৰিবলৈ আমি নীতি-নিয়ম পালিম। আনলকত থাকিলেও, প্ৰয়োজনৰ বাদে ওলাই নুফুৰি আমি অনুজীৱ ত্ৰাসৰ প্ৰসাৰতা কমাই আনি নাইকিয়া কৰি দিম। নিজৰ লগতে, অন্য জীৱনকো সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব ল’ম। খবৰ ওলাইছে- আশা কৰা হৈছে, যে আগষ্ট-ছেপ্টেম্বৰত Covaxin আৰু ZyCoV-D ভেকচিন সকলোৰে বাবে সাজুহৈ উঠিব। গতিকে, তেতিয়ালৈকে অন্ততঃ আমি মূঢ়মতি, সমূহ মানৱৰ মংগলাৰ্থে সচেতন হওঁ আহক।

নগাঁৱৰ ধিং গেটৰ ব্যৱসায়িক গুদামত অগ্নিকাণ্ড। ভস্মীভূত কেইবা লক্ষাধিক টকাৰ সামগ্ৰী।

নগাঁও : কালি পুৱতি নিশা নগাঁৱৰ ধিং গেটত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ধিং গেটৰ এটা ব্যৱসায়িক গুদামত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। পুৱতি নিশা বৈদ্যুতিক বিজুতিৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডত কেইবালক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে। জগত শইকীয়া নামৰ ব্যৱসায়ীগৰাকীৰ এ চি বৰ্ডৰ গুদামত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা৷ পিছত ঘটনাস্থলীত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য, পথৰ অসুবিধাৰ বাবে দুখন গাড়ী প্ৰৱেশ কৰিব নোৱাৰাত এখন গাড়ীৰ সহায়তেই জুই নিৰ্বাপন কৰে অগ্নিনিৰ্বাপক বাহিনীয়ে। ফলত জুইত জাহ যোৱাৰ পৰা ৰক্ষা পৰে বৃহৎ ব্যৱসায়ীক এলেকাতো।

কৃষি ক্ষেত্ৰ উদ্ভাৱনত ৰ’ডমেপ তৈয়াৰ ৬ কৃষি বিজ্ঞানীৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

অভিযোজন বচাই ৰখাৰ মূল চাবিকাঠি আৰু উত্তৰ পূৱৰ তিনিখন ৰাজ্য ত্ৰিপুৰা, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ ছগৰাকী কৃষি বিজ্ঞানীয়ে কৃষি ক্ষেত্ৰ উদ্ভাৱনৰ বাবে এক ৰ’ডমেপ তৈয়াৰ কৰিছে আৰু কৃষি ক্ষেত্ৰক উন্নতি কৰিছে ৷ কৃষি আৰু কৃষি ক্ষেত্ৰলৈ অনবদ্য অৱদান যোগোৱাৰ বাবে ছগৰাকী বিজ্ঞানীৰ উপৰি অৰুণাচল প্ৰদেশৰ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু মণিপুৰৰ দুজন বিজ্ঞানীৰ লগতে ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ তিনিজন কৃষকে আইচিএআৰ বঁটা লাভ কৰিছে ৷ এই কথা ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আইচিএআৰ)ৰ এজন জ্যেষ্ঠ বিষয়াই জনাইছে ৷ এই চাৰিজন বিজ্ঞানী হ’ল লোপামুদ্ৰা ছাহু, গোলাব সিং যাদৱ, চন্দন দেৱনাথ আৰু বসন্ত কুমাৰ কন্দপাল ৷ এই বিজ্ঞানী কেইজন ত্ৰিপুৰাৰ আইচিএআৰ চৌহদৰ ৷ তেওঁলোকে ২০১৯-২০ চনৰ ফকৰুদ্দিন আলি আহমেদ বঁটা, স্বামী ছাহজান আৰু সৰস্বতী বঁটা লাভ কৰে ৷ আনহাতে শেহতীয়াকৈ মেঘালয়ৰ আইচিএআৰ চৌহদত জড়িত হোৱা বিজ্ঞানী অমৃত কুমাৰ আৰু অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক নাংগছ’ল দোলমা ভূটিয়াই কৃষি আৰু এলাইড বিজ্ঞানৰ অভিন্ন গৱেষণাৰ বাবে জৱাহৰলাল নেহৰু বঁটা লাভ কৰে৷ উল্লেখ্য যে আইচিএআৰে প্ৰতিষ্ঠা দিৱসত প্ৰতি বছৰে বিজ্ঞানী, শিক্ষক, কৃষক আৰু কৃষি সাংবাদিকক অনবদ্য অবদান যোগোৱাৰ বাবে স্বীকৃতি আৰু বঁটা প্ৰদান কৰি আহিছে ৷ 

দৰঙত দৰং জিলা পৰিষদৰ সভাপতিকে ধৰি পুণৰ ২৬ জন আক্ৰান্ত ক’ভিডত ।

নামখলা : স্বাস্থ্য বিভাগে শনিবাৰে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে শনিবাৰৰ দিনটোত জিলাখনত পুণৰ ২৬ জন লোকৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি । ইয়াৰে ভিতৰত দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা, দুজন স্বাস্থ্যকৰ্মী স্বাস্থ্যকৰ্মী আৰু দুজন আৰক্ষীৰ লোক  হোৱাৰ বিপৰীতে বাকীসকল কন্টেইনমেন্ট জ’ন বা ক’ভিড আক্ৰান্তৰ সংস্পৰ্শলৈ অহা ব্যক্তি । এই লোককেইজনক ধৰি জিলা খনৰ ক’ভিড আক্ৰান্তৰ সংখ্যা হ’ল ৫৭০ জন । শুকুৰবাৰ পৰ্যন্ত সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত ৩৬৭ জন লোকক ঘৰলৈ যাবলৈ দিয়া হৈছে । আনহাতে চিকিৎসাধীন হৈ আছে ১৭৬ জন লোক ।

ওৰাং আৰক্ষীৰ জালত পৰিল দুই দুধৰ্ষ চোৰ।

ওৰাং :  কেইৱাটাওঁ চুৰিকাণ্ডৰ সৈতে জড়িত দুই দুধৰ্ষ চোৰ আজি ওৰাং আৰক্ষীৰ জালত পৰে। আৰক্ষী থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই প্ৰায় ৩ ঘণ্টা জুৰি চলা এক স্বাস ৰুদ্ধকৰ অভিযানত আটক কৰিবলৈ সক্ষম হয় দুই দুধৰ্ষ চোৰক। অভিযানকাৰী দলটোৰ হাতৰ পৰা পলাবলৈ ল‌ওঁতে আৰক্ষীয়ে কেইৱা কিল’মিটাৰ দূৰ বোকা-পানীৰ মাজেৰে দৌৰী মৈমনসিং গাঁৱত আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জালত পৰা চোৰ দুগৰাকী ২ নম্বৰ ওদালগুৰি জংগলগাঁৱৰ কাজিমুদ্দিন শেইখ (২৫) আৰু হাৰিজুদ্দিন(২৭) বুলি আৰক্ষীয়ে জানিবলৈ দিছে। উল্লেখ্য যে ধৃত চোৰ দুজনৰ বিৰুদ্ধে পূৰ্ৱেও কেইৱাখনো থানাত গোচৰ ৰুজু হৈ আছে। জানিব পৰা মতে এবাৰ শিলবড়ী আৰক্ষী থানাত আটক হৈছিল যদিও আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল কাজীমুদ্দিন শেইখ নামৰ ধৃত চোৰজনে। ওৰাং আৰক্ষী থানাৰ ৫৯/২০, ৬০/২০, ৬১/২০ নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত চোৰ দুজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। 

নলবাৰীৰ দুই আদৰ্শ কৃষকলৈ ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ বঁটা।

নলবাৰী : কোৰোনা মহামাৰীৰ মাজতে নলবাৰীৰ বাবে এটা ভাল খবৰ। কৃষি কৰ্মৰ জড়িয়তে নলবাৰীৰ দুই কৃৃষকে লাভ কৰিলে পুৰস্কাৰ। নতুন দিল্লীৰ ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে নলবাৰীৰ কৃষকদুজনে। দুই আদৰ্শ কৃষক বালিতাৰা গাঁৱৰ বিপুল হালৈ আৰু বিজু ডেকা। পুৰস্কাৰপ্ৰাপ্ত দুয়ো জন আদৰ্শ কৃষককে শুকুৰবাৰে নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত সম্বৰ্ধনা জনোৱা হয়। কৃষক বিপুল হালৈ জগজীৱন ৰাম অভিনৱ কিষান বঁটাৰ বাবে আৰু বিজু ডেকা পণ্ডিত দীনদয়াল উপাধ্যায় অন্ত্যোদয়া কৃষি বঁটাৰ বাবে নিৰ্বাচিত হৈছে। কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য কৃষি বিজ্ঞানী ড° মৃদুল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত কৃষক সম্বৰ্ধনা অনুষ্ঠানত স্থানীয় বিধায়ক অশোক শৰ্মা, নলবাৰী জিলাৰ উপায়ুক্ত পূৰৱী কোঁৱৰ, মীন বিভাগৰ বিষয়া প্ৰতুল বেজবৰুৱা, নাবাৰ্ডৰ জিলা প্ৰবন্ধক দিব্যজ্যোতি বিশ্বাস,জিলা বিজেপিৰ কোষাধ্যক্ষ ৰুবু দত্তৰ লগতে কেইবাজনো আদৰ্শ কৃষক উপস্থিত থাকে।

কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত সহায়ক হ’ব পাৰে শগুণী লতা ।

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ

কৰোনা মহামাৰীৰ সময়ত শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়াবলৈ বহু স্বাস্থ্য বিশেষজ্ঞই বিভিন্ন ধৰণৰ সামগ্রী ব্যবহাৰৰ বিষয়ে উল্লেখ কৰাৰ সময়ত ছচিয়েল মিডিয়াত শগুণী লতাই ওপৰত বিশেষ চৰ্চা লাভ কৰিছে।কৰ’না ভাইৰাছৰ ঘৰুৱা প্ৰতিষেধক হিচাপে শগুণী লতাক ব্যৱহাৰ কৰিব পৰা যায় বুলি এচামে উল্লেখ কৰিছে যদিও কিন্তু কোন সময়ত আৰু কেনেকৈ শগুণী লতাক ব্যৱহাৰ কৰিলে আমাৰ শৰীৰৰ ৰোগ প্ৰতিষেধক ক্ষমতা বৃদ্ধি হ’ব সেয়া জানি লোৱা দৰকাৰ।
কৰ’না নিয়ন্ত্ৰণত সহায়ক হ’ব পাৰে শগুণী লতা !
বৰ্তমান সময়ত মহামাৰীৰ দৰে ভয়াৱহ পৰিস্থিতিত বহুেত শগুণী লতাক প্ৰতিষেধক হিচাপে ব্যাপকভাৱে ব্যৱহাৰ কৰা দেখা গৈছে৷ নামৰ দৰে শগুণী লতাৰ আছে শতাধিক গুণ, যিকোনো জ্বৰৰ বাবে ই এক মহৌষধ। মেলেৰিয়া, টাইফয়েড, চিকুনগুনিয়া, এনকেফেলাটিছ আদিত ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। গতিকে কেতিয়া কিমান পৰিমাণে শগুণী লতাক  খালে আমাৰ অপকাৰ নহৈ ৰোগ ভাল হ’ব সেই বিষয়ে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷
কেনেকৈ ব্যৱহাৰ কৰিবঃ
শগুণী লতাই একমাত্র বনৌষধী যি বহুতো ৰোগ নিৰাময়ৰ ক্ষমতা ৰাখে। ইয়াৰ বৈজ্ঞানিক নাম Tinospora cordifolia। শগুণী লতা আয়ুৰ্বেদৰ আটাইতকৈ মহত্বপূৰ্ণ বনদৰব। প্ৰাপ্ত বয়স্ক লোকে ৬ ইঞ্চি দীঘল শগুণী লতাৰ ঠাৰি এডাল ৰাতি পানীত তীয়াই থৈ ৰাতিপুৱা সেই পানী খাব পাৰে নাইবা ইয়াক থেতেলি লৈ ৰস উলিয়াই খালে সুষম পোৱা যায় বুলি চৰ্চা হৈছে। যদিহে আপোনাৰ ঘৰৰ ওচৰে পাজৰে শগুণী লতাৰ গছ দেখিছে তেন্তে আজিয়েই ঘৰত আনি লগাওঁক আৰু ইয়াক সংৰক্ষণ কৰাৰ লগতে নিজৰ লগতে পৰিয়ালৰ স্বাস্থ্য ৰক্ষা কৰক।

মাজুলীত পলসৰ উদ্যোগত “অমৰেন্দ্ৰ বৰুৱা সোঁৱৰণী” ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা।

উজনি-মাজুলী : মাজুলীৰ যুৱ কবি-সাংবাদিক পাপু বৰাৰ দ্বাৰা সম্পাদিত আৰু প্ৰকাশিত কাব্যালোচনী পলসৰ উদ্যোগত আয়োজিত ‘অমৰ শিশুপ্ৰাণ’ অমৰেন্দ্ৰ বৰুৱা সোঁৱৰণী ৰচনা প্ৰতিযোগিতাৰ ফলাফল আজি ঘোষণা কৰা হয়। সেই অনুসৰি নিম্ন শাখাত মধ্য মাজুলী পাৰিজাত উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্র ময়ূৰজ্যোতি ভূঞাই প্ৰথম স্থান, দেওদিয়াআটী উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰী স্নেহাপ্ৰিয়ম বৰাই দ্বিতীয় স্থান, কেশৱৰাম বৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্রী বৰষাৰাণী ওজা আৰু ভোগপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী প্ৰিয়ংকা শইকীয়াই যুটীয়াভাৱে তৃতীয়স্থান লাভ কৰিছে। ঠিক সেইদৰে উচ্চ শাখাত আইলেণ্ড একাডেমীৰ ছাত্রী ঋষিতা গোস্বামীয়ে প্ৰথম স্থান, কঢ়ালগাঁও বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্রী ধৰিত্রী শৰ্মাই দ্বিতীয় স্থান আৰু আইলেণ্ড একাডেমীৰ ছাত্রী সোণালীকা হাজৰিকাই তৃতীয় স্থান দখল কৰিছে। উল্লেখ্য মাজুলী জিলা ভিত্তিত সম্পন্ন হোৱা ৰচনা প্ৰতিযোগিতাখনিৰ নিম্ন শাখাৰ বিষয় ‘মাজুলীৰ বানপানী সমস্যা’ আৰু উচ্চ শাখাৰ বিষয় ‘মাজুলী-যোৰহাট সংযোগী দলং’। যথেষ্ট সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা বিপুল সমাদৃত ৰচনা প্ৰতিযোগিতাখনিৰ ফলাফল আজি অভিজ্ঞ বিচাৰকৰ দ্বাৰা পৰীক্ষণ কৰি ঘোষণা কৰা হয়। আগন্তুক সময়ত প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱাৰ পবিত্ৰ স্মৃতিত হ’বলগা ‘সাহিত্য সন্মিলন’ত মান পত্র, গ্ৰন্থৰ টোপোলা আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব বুলি পলসৰ সম্পাদক পাপু বৰাই এক বিজ্ঞপিযোগে জানিবলৈ দিয়ে।

লাডাখত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং : প্ৰতিপক্ষ যিমানেই শক্তিশালী নহওক, ভাৰতৰ এক ইঞ্চি মাটি কোনেও কাঢ়ি নিব নোৱাৰে ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

প্ৰতিপক্ষ যিমানেই শক্তিশালী হওক কিয় ভাৰতৰ এক ইঞ্চি মাটি কোনেও কাঢ়ি নিব নোৱাৰে৷ লাডাখ সীমান্তত চীনৰ সৈতে সংঘাতক লৈ এইবাৰ এনেদৰে বাৰ্তা দিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ দুদিনীয়া লাডাখ আৰু জম্মু-কাশ্মীৰ ভ্ৰমণত গৈছিল প্ৰতিৰক্ষা মন্ত্ৰী ৷ শুকুৰবাৰে ভ্ৰমণৰ প্ৰথম দিনা লেহত উপস্থিত হয়৷ তাতে ভাৰতীয় জোৱানৰ উদ্দেশ্যি ভাষণ আগবঢ়াই এনেদৰে চীনক কঠোৰ বাৰ্তা দিয়ে ৷ মন্ত্ৰী সিঙে কয়, আলাপ আলোচনাৰ মাজেৰে সীমান্তৰ বিৰোধ মীমাংসা কৰা যাব ৷ সেই বিষয়ে নিশ্চিত কৰি একো ক’ব পৰা নাযাব৷ এটা কথা নিশ্চিতভাৱে ক’ব পাৰি, পৃথিৱীৰ কোনো শক্তিশালী দেশে আমাৰ এক ইঞ্চি মাটি কাঢ়ি নিব নোৱাৰে ৷ আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান হৈ গ’লে তাতকৈ একো ভাল নাই৷ যোৱা মাহত চীনৰ সৈতে সংঘৰ্ষত গালৱানত ২০ জন ভাৰতীয় সেনাই প্ৰাণ হেৰুৱাইছিল ৷ সেই জোৱানসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনায় মন্ত্ৰী সিঙে কয়, সম্প্ৰতি পিপি ১৪-এ ভাৰতীয় জোৱান আৰু চীনা সেনাৰ মাজত যি ঘটিছে, তাত সীমান্ত ৰক্ষা কৰোতে প্ৰাণ হেৰুৱাইছিল আমাৰ বহু কেইজন সেনাই ৷ আজি ইয়ালৈ আহি ভাল লাগিলেও তেওঁলোকৰ মৃত্যুত আমি শোকত বিহ্বল ৷ তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জনাইছো ৷ সেনাৰ কমাণ্ডাৰ পৰ্যায়ৰ বৈঠক শেষ হ’লেও সেনা আঁতৰোৱাৰ প্ৰশ্নত সকলো ঠাইত এতিয়াও একমত হ’ব পৰা নাই ভাৰত আৰু চীন ৷ সেই পৰিস্থিতিত শুকুৰবাৰে লাডাখত উপস্থিত হ’ল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ তাতে সেনা বিষয়াসকলক তেওঁ সাক্ষাৎ কৰে ৷ সীমান্তৱৰ্তী প্যাংগং হ্ৰদ সংলগ্ন সেনা বাহিনীৰ স্তাকনা আৰু লুকুং প’ষ্টলৈ তেওঁ যোৱাৰ কথা৷ প্যাংগং হ্ৰদৰ উত্তৰ-পশ্চিম দিশত লুকুং প’ষ্ট ৷ ফিংগাৰ-৪ৰ পৰা পথেৰে দূৰত্ব ৪৩ কিলোমিটাৰ ৷ এই ফিংগাৰ-৪ এলেকাৰ পৰা এই মুহূৰ্তত সেনা আঁতৰাব ভাৰত-চীনে ৷ লুকুঙত ভাৰতীয় সেনা আৰু ইন্দো-তিব্বত সীমান্ত আৰক্ষী (আইটিবিটি) যৌথভাৱে মোতায়েন কৰা হৈছে ৷ উল্লেখ্য যে মন্ত্ৰী ৰাজনাথ সিঙৰ লগত লেহত উপস্থিত হৈছিল সেনা প্ৰধান এম এম নৰবনে আৰু সেনা বাহিনীৰ চিফ অব ষ্টাফ জেনেৰেল বিপিন ৰাৱাট৷ তাতে সেনা বাহিনীৰ অনুশীলনত মন্ত্ৰী সিঙে ভাগ লয় ৷ লাডাখ ভ্ৰমণৰ পাছত মন্ত্ৰীসহ দলটো জম্মু-কাশ্মীৰৰ উদ্দেশ্যে ৰাওনা হয়৷ তাতে নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰে ৷ উল্লেখ্য যে যোৱা ৩ জুলাইত লাডাখত আকস্মিকভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হৈছিল ৷

উচ্চতম ন্যায়ালয়ত শপতনামা উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ : ভূৱা এনকাউণ্টাৰত মৃত্যু হোৱা নাই দুৰ্ধৰ্ষ অপৰাধী বিকাশ ডুবে ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

ভূৱা এনকাউণ্টাৰত মৃত্যু হোৱা নাই দুৰ্ধৰ্ষ অপৰাধী বিকাশ ডুবে৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু আইন মানি প্ৰশাসনে কাম কৰিছে ৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি এই কথা জনালে উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানে ৷ যোগী আদিত্যনাথ ৰাজ্যৰ আৰক্ষীৰ দাবী, বিকাশ ডুবে এনকাউণ্টাৰত মৃত্যু হোৱাটোৰ লগত তেলেংগানাৰ চাৰিটা ধৰ্ষণকাৰীৰ হত্যাক একে কৰি যোৱাটো সঠিক নহয় ৷ আৰক্ষী সঞ্চালক প্ৰধানৰ যুক্তি, তেলেংগানা প্ৰশাসনে এনকাউণ্টাৰ তদন্ত কৰাত আয়োগ গঠন কৰা নাই ৷ কিন্তু উত্তৰ প্ৰদেশ চৰকাৰে বিশেষ সমিতি গঠন কৰিছে ৷ ৬৪ টা গোচৰত অভিযুক্তক কৰায়ত্ত কৰিবলৈ গৈ গুলীত নিহত হৈছিল যোগী ৰাজ্যৰ আঠ আৰক্ষী৷ তাৰ পাছত অপৰাধীক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান চলাইছিল ৷ শেষত মধ্য প্ৰদেশৰ উজ্জয়িনীৰ মহাকাল মন্দিৰৰ পৰা ডন বিকাশ ডুবেৰ গ্ৰেপ্তাৰ কৰা হয় ৷ কিন্তু কানপুৰ পোৱাৰ আগতে আৰক্ষীৰ গাড়ী দুৰ্ঘটনা হয় ৷ সেই সুযোগত বিকাশে পলায়ন কৰিবলৈ চেষ্টা কৰে৷ অপৰাধীটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলী চলায় ৷ তাৰ বিপৰীতে আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয় ৷ আৰক্ষীৰ গুলীত বিকাশ ডুবেৰ মৃত্যু হয় ৷ কিন্তু বিৰোধীয়ে ইয়াক এনকাউণ্টাৰ বুলি যোগী চৰকাৰক সমালোচনা কৰে৷ চিবিআই বা এনআইএক এই এনকাউণ্টাৰৰ তদন্ত ভাৰ দিবলৈ দাবী কৰি উচ্চতম ন্যায়ালয়ত গোচৰ তৰে ৷ সেই গোচৰৰ শুনানি আছিল শুকুৰবাৰে৷ উচ্চতম ন্যায়ালয়ে আৰক্ষীৰ শপতনামা গ্ৰহণ কৰে ৷