Home Blog Page 3334

কোৱাৰেন্টাইন চেন্টাৰৰ বাবে যোগান ধৰিলে মাস্ক, চেনিটাইজৰ, স্প্ৰে-মেচিন, চেনিটাইজৰ ষ্টেণ্ড ৷

কনকলতা অসামৰিক চিকিৎসালয়ৰ ষ্টাফ নাৰ্ছ অঞ্জলী প্ৰধানে মাস্কসহিতে যোগান ধৰিলে চেনিটাইজৰ,স্প্ৰে-মেচিন,চেনিটাইজৰ ষ্টেণ্ড ।

দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাট

বহি:ৰাজ্যৰপৰা উভতি অহা যুৱকসকলক ৰখা জামুগুৰিহাটৰ কোৱাৰেন্টাইন চেন্টাৰৰ বাবে আজি কনকলতা অসামৰিক চিকিৎসালয়ৰ ষ্টাফ নাৰ্ছ অঞ্জলী প্ৰধানে মাস্কসহিতে যোগান ধৰিলে চেনিটাইজৰ,স্প্ৰে-মেচিন,চেনিটাইজৰ ষ্টেণ্ড ৷ ৰক্তদাতা(এইচবিএছ) স্বেচ্ছাসেৱী সংগঠণৰ জৰিয়তে যোগান ধৰা এই সামগ্ৰীসমুহ আজি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক অৰ্পন কৰে স্বেচ্ছাসেৱী সংগঠণটোৰ বিষয়ববীয়া সকলে ৷ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কাষতেই থকা বাৰেচহৰীয়া সামুহিক ভৱণত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰত থাকি ১৪ দিনীয়া কোৱাৰেন্টাইনৰ সময় সম্পূৰ্ণ হোৱা ১৮ গৰাকী যুৱকক আজি স্বাস্থ্যবিভাগে আনুষ্ঠানিকভাৱে নিজ গৃহলৈ যাবলৈ অনুমতি দিয়া এক অনুষ্ঠানত ৫শ মাস্ক,৬ লিটাৰ চেনিটাইজৰ,স্প্ৰে-মেচিন ১টা,ছ’ডিয়াম হাইপ’ক্লৰাইড ১০ লিটাৰ আৰু ১টা চেনিটাইজৰ ষ্টেণ্ড সহিতে সামগ্ৰীসমুহ আজি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ হাতত অৰ্পন কৰে ৷ মহামাৰীসদৃশ কৰ’নাৰ বাবেই দেখা দিয়া জটিল সময়ত ষ্টাফ নাৰ্ছ অঞ্জলী প্ৰধানৰ এনে কৰ্ম প্ৰশংসিত হিচাপে বিবেচিত হৈছে ৷

জোন বৰা, জামুগুৰিহাট।

দৰঙত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১০ জনলৈ বৃদ্ধি ।

মঙলদৈ,

দৰঙতো ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। মঙলদৈ অসামৰিক চিকিৎসালয়ত শনিবাৰে পুৱতি নিশা ভৰ্তি কৰোৱা হ’ল আন দুজন ক’ভিড আক্ৰান্ত ব‍্যক্তিক। এই দুজনকে ধৰি মঙলদৈ অসামৰিক চিকিৎসালয়ত থকা ক’ভিড আক্ৰান্তৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পালে। উল্লেখ‍্যযোগ্য যে পূৰ্বৰে পৰা চিকিৎসালয়খনত আমিৰুল ইছলাম আৰু নিজামুদ্দিন আলি নামৰ দুজন ক’ভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছিল।শনিবাৰে পুৱতি নিশা ভৰ্তি কৰোৱা লোক দুজন হ’ল নন্দ বৰ্মন (৪৪) আৰু জালাল আলি (২৩) । নন্দ বৰ্মনৰ ঘৰ নামখলাৰ আঠিয়াবাৰীত হোৱাৰ বিপৰীতে জালাল আলিৰ ঘৰ ১/২ নং বৰুৱাঝাৰত । নন্দ বৰ্মন চেন্নাইৰ এখন ৰেষ্টুৰেন্টত কৰ্মৰত হৈ আছিল আৰু যোৱা ২৬ মে’ ত ৰেলযোগে আহি দৰঙত উপস্থিত হৈছিল । আনহাতে জালাল আলি মধ্যপ্ৰদেশত শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছিল আৰু ২৫ মে’ ত আহি দৰঙত উপস্থিত হৈছিল । দৰঙত উপস্থিত হোৱাৰ পিছৰে পৰা দুয়োজন কেন্দ্ৰীয় বিদ্যালয়, মঙলদৈৰ কোৱাৰান্টাইন চেন্টাৰত আছিল । ইফালে, আমিৰুল ইছলামৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্ক থকা ৮ জন ব্যক্তিও মঙলদৈ অসামৰিক চিকিৎসালয়ৰ “ছাচপেকটেড ৱাৰ্ড” ত ভৰ্তি হৈ আছে ।

বন্যাৰ্তৰ কাষত বকোৰ বিধায়িকা নন্দিতা দাস

বন্যাৰ্তৰ কাষত বকোৰ বিধায়িকা নন্দিতা দাস

দৈনন্দিন বাৰ্তাৰ সেৱা, সোণতলী

কৰ’না ভাইৰাছৰ ভয়াবহ ৰূপ আৰু লক ডাউনৰ  মাজতে তথা শেহতীয়াভাৱে অহা নেৰানেপেৰা বৰষুণ আৰু সেই বৰষুণে সৃষ্টি কৰা আবতৰীয়া বানপানীয়ে সম্প্ৰতি ৰাজ্যৰ আন আন কৃষি প্ৰধান অঞ্চলৰ লগতে  কামৰূপ জিলাৰ বকো সমষ্টিৰো কৃষি প্ৰধান অঞ্চলত সৃষ্টি কৰিছে এক ভয়াংকৰ দূৰ্যোগময় পৰিস্থিতিৰ ৷ বৰ্ষটোৰ এই  আগতীয়া বানে ডুবাই পেলাইছে  সমষ্টিটোৰ হাজাৰ হাজাৰ হেক্টৰ ইৰিধানৰ খেতি পথাৰ ৷ গোটেই বছৰটো পৰিয়াল পোহপাল দিয়াৰ বাবে বকো দ’ কৃষিপ্ৰধান অঞ্চলসমূহত কৰা ইৰিধানৰ পথাৰসমূহ ৬/৭ ফুট পৰ্যন্ত পানীৰ যোৱাত ইয়াৰ কৃষকৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতি  ৷ এনে এক ভয়াংকৰ দূৰ্ভিক্ষৰ  সম্ভাৱনা সৃষ্টি কৰি তোলা পৰিস্থিতিৰ মাজতে বকো সমষ্টিৰ কংগ্ৰেছী বিধায়িকা নন্দিতা দাসে আজি বকোৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি এই বানে কৃষক  ৰাইজৰ কৰা ক্ষয় ক্ষতিৰ বুজ লয় ৷ যন্ত্ৰচালিত ভূটভুটী নাৱেৰে চৰকাৰী বিভাগৰ বিষয়া- কৰ্মচাৰীক লগত লৈ ছমৰীয়া ৰাজহ চক্ৰৰ এলেকাধীন প্ৰায় কুৰিখন বানাক্ৰান্ত ৰাজহ গাঁৱ পৰিদৰ্শন কৰি সংহাৰী বানে ইয়াৰ কৃষক ৰাইজৰ কৰা ক্ষতিৰ পৰিস্থিতি চাই বাৰুকৈয়ে মৰ্মাহত হৈ পৰে ৷ দিনজোৰা কাৰ্যসূচীৰে বিধায়িকা গৰাকীয়ে  ছমৰীয়া, বগুৰিগুৰী, পিজুপাৰা, টুপামাৰী,  ৰাঙাপানী আৰু কিচমত কাঠমী গাওঁপঞ্চায়তৰ এলেকাধীন ছমৰীয়া, পুঠিমাৰী, শালমাৰা, মন্দিৰা এন চি, মালিবাৰী, বঠিয়ামাৰী, বদলা, টিয়াপাৰা, সুঁতিৰপাৰ ,বেলতলা, জয়বাংলা, জাওঁকাটাদিয়া, জাওঁকাটা,  দুৰামাৰী , দক্ষিণ ৰাঙাপানী, আদি অঞ্চল পৰিদৰ্শন কৰি কৃষকৰ ক্ষয় ক্ষতিৰ বুজ লয় ৷ বিধায়িকা গৰাকীয়ে এই বানপীড়িত অঞ্চল পৰিদৰ্শন কালত শালমাৰা পাৰঘাট, মালিবাৰী বজাৰ, জয়বাংলা বজাৰ, জাওঁকাটাদিয়া আৰু দক্ষিণ  ৰাঙাপানীত সামাজিক দূৰত্ব বজাই ৰাখি কৃষক ৰাইজৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সাম্প্ৰতিক বান সমস্যা আৰু কৃষকৰ দুখ – দুৰ্গতিৰ ওপৰত মত বিনিময় কৰে ৷ মত বিনিময় কালত বিধায়িকা গৰাকীয়ে বকোৰ বানবিধ্বস্থ কৃষকসকলক সহায়ৰ হাত আগবঢ়াবলৈ আশ্বাস প্ৰদান কৰাৰ লগতে চৰকাৰীভাৱে পৰ্যাপ্ত সাহায্য ও ক্ষতিপূৰণ আদায় দিবলৈ চৰকাৰৰ ওচৰত দাবী তোলে ৷ এই বানপীড়িত অঞ্চলসমূহ পৰিভ্ৰমন কালত বিধায়িকা গৰাকীক সংগ দিয়ে সোণতলী আঞ্চলিক কলেজৰ সহকাৰী অধ্যাপক ভ° আজমল হক, ছমৰীয়া কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া  দীপক ডেকা, এ ই এ যঞ্জিত ঠাকুৰীয়া, ছমৰীয়া ৰাজহ চক্ৰৰ লাট মণ্ডল ক্ৰমে পদৰ দৈমাৰী, ৰাধাচৰণ ৰাভা, দীপক কুমাৰ, এচ  কে প্ৰদীপ ৰাভা, ছমৰীয়া ব্লক কংগ্ৰেছৰ সভাতি ধনেশেব বায়ন, সাধাৰণ সম্পাদক হাচেন আলী,  ব্লক মিডিয়া চেলৰ সমন্বয়ক দিলবৰ হুছেইন যুৱ নেতা পিংকু কলিতা প্ৰমূখ্যে কেবাগৰাকী দলীয় কৰ্মীয়ে ৷

প্ৰেৰক, ৰেজাউল কবিৰ, সোণতলী ৷

মন্ত্ৰী চন্দ্ৰমোহন-পৰিমলৰ যুটীয়া সংবাদমেল ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

দিহিংপাটকাইৰ বনভূমি ,বন্যপ্ৰাণীৰ বিচৰণক্ষেত্ৰ আৰু কয়লাখনন বিষয়ত পুনৰ জৰীপ চলোৱা হ’ব।যোৱা ২০১৯ বৰ্ষৰ অক্টোবৰ মাহৰ পৰা অসমত ক’ল ইণ্ডিয়াৰ কয়লা খনন বন্ধ আছে।এইবিষয়ত ২৮ টা চৰ্তসম্বলিত বুজাবুজি পত্ৰ দিয়া হৈছে।এইচৰ্তসমূহ পালনৰ পিছত অসম চৰকাৰে সিদ্ধান্ত ল’ব কয়লা খননৰ অনুমোদন দিবনে নাই।যদিহে বনভূমিৰ উচ্ছেদ বা ক্ষতি হয়,তেন্তে তেনেধৰনৰ খননৰ অনুমতি নিদিয়ে।এইকথা স্পষ্ট কৰি দিছে অসম চৰকাৰে।আজি খানাপাৰা প্ৰশাসনীয় পদাধীকাৰী মহাবিদ্যালয়ত আয়োজিত এক সংবাদমেলত এইকথা স্পষ্ট কৰিছে বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে উদ্যোগ-বাণিজ্যমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।দুয়োজনে কয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে পৰিবেশ ৰক্ষাত সদায় গুৰুত্ব দিয়ে।সেয়ে দহকোটিজোপা গছপুলি ৰোপনৰ নিৰ্দেশ দিছে।বৰ্তমানলৈ ছয়কোটিজোপা ৰোপন কৰা হ’ল।দিহিং পাটকাইৰ বিষয়ত অসম চৰকাৰে কোনো অনুমোদন দিয়া নাই।ক’ল ইণ্ডিয়া কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান আৰু কয়লা খনন অসমত ১৯৭৩ চনৰ পৰাই চলি আছে।ক’ল ইণ্ডিয়াক দিয়া ৩০ বছৰীয়া লীজ যোৱা ২০০৩ চনতে অন্ত পৰিছে।তথাপি ক’ল ইণ্ডিয়াই নিৰ্দেশনা নবীকৰণ নকৰাকৈ ২০১৩ চনলৈ খনন চলাই গ’ল।ইয়াৰ বাবে ক’ল ইণ্ডিয়াক ৪৩কোটি ২৪ লাখ টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ দিয়া হৈছে।ইয়াৰ পিছত ক’ল ইণ্ডিয়াই ২০১৩ চনৰ পৰা ২০২৩ চনলৈ খনন চলাবলৈ আগতীয়া অনুমতি বিছাৰি চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰে।এই পত্ৰত কোৱা হৈছে যে ২০১২ চনলৈ ৫৭,২০ হেক্টৰ ভূমিত কয়লা খনন চলোৱা হৈছে।নতুনকৈ একাংশ সংযোজন কৰি মুঠ ৯৮,৫৯ হেক্টৰ ভূমিত খনন চলোৱাৰ অনুমতি বিচাৰিছে।ইয়াৰ অধ্যয়নৰ বাবে চৰকাৰে এখন সমিতি গঠন কৰিছিল।২০১৫ চনৰ আগষ্ট মাহত গঠন কৰা সমিতিখনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ডঃ পি চি ভট্ৰাচাৰ্য, গুৱাহাটী আই আই টিৰ অধ্যাপক ডঃ চি মল্লিকাৰ্জুনসহ একাংশ বন বিষয়া আছিল।এইসমিতিয়ে ২০১৬ চনৰ এপ্ৰিল মাহত টিকক অপেন কাষ্ট অঞ্চল ভ্ৰমণ কৰিছিল। এই সমিতিৰ প্ৰতিবেনৰ চৰকাৰে কেন্দ্ৰলৈ প্ৰেৰণ কৰে।এই প্ৰতিবেদনৰ ভিত্তিতে ভাৰত চৰকাৰে ২৮ টা চৰ্তসহ অনুমোদন জনাইছে।এই চৰ্তসমূহ পালন কৰিলে অসম চৰকাৰে শেহত অনুমোদন জনোৱাৰ দায়িত্ব আছে।বৰ্তমানলৈ অসম চৰকাৰে অনুমোদন জনোৱা নাই বুলি ব্যক্ত কৰে।বনভূমিত কেতিয়াও কয়লা খননৰ অনুমতি নিদিয়ে বুলি স্পষ্ট কৰে।ইফালে অসমত সঘনে আৰক্ষী-বন বিভাগে আটক কৰা কয়লা ট্ৰাক সমূহৰ কয়লাসমূহ অসমৰ নহয় বুলি স্পষ্ট কৰি দিয়ে চন্দ্ৰমোহন।এইকয়লাবোৰ অৰুনাচল,মেঘালয়,নাগালেণ্ড আদিৰ পৰা অনা।অসমৰ চাহ বাগান, ইটা ভাটা আদিত কয়লাৰ আৱশ্যক হয়।গতিকে বিধিগতভাবে কয়লা সৰবৰাহ কৰা হৈছে বুলি অৱগত কৰে।ইয়াৰ বিপৰীতে অসমত চলি থকা অবৈধ কয়লাৰ খনন তথা সৰবৰাহৰ বিষয়ে অসম চৰকাৰ অৱগত নহয় বুলি দুইমন্ত্ৰীয়ে ব্যক্ত কৰে।।

নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ প্ৰকল্পৰ বিৰুদ্ধে ঢকুৱাখনা মহকুমা আঞ্চলিক ছাত্রৰ প্ৰতিবাদ

নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ প্ৰকল্পৰ বিৰুদ্ধে ঢকুৱাখনা মহকুমা আঞ্চলিক ছাত্রৰ প্ৰতিবাদ

দৈনন্দিন বাৰ্তা : ঢকুৱাখনা

গেৰুকামুখত নিৰ্মাণ হৈ থকা নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ প্ৰকল্পৰ বিৰুদ্ধে ঢকুৱাখনা মহকুমা আঞ্চলিক ছাত্র সন্থাই আজি দিনৰ ১২ বজাত আঞ্চলিক ছাত্র সন্থাৰ কাৰ্যলয়ৰ সন্মুখ স্থানত শাৰীৰিক দূৰত্ব মানি হাতত প্লেকাৰ্ড লৈ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। ঢকুৱাখনা মহকুমা আঞ্চলিক ছাত্র সন্থাই বৃহৎ নদীবান্ধটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষজ্ঞ কমিটিয়ে আগবঢ়োৱা নীতি নিয়ম পৰিহাৰ কৰি মূল বান্ধৰ কাম চলাই নিয়া কাৰ্যক তীব্ৰ গৰিহণা জনোৱাৰ লগতে নামনি অঞ্চলৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত নোহোৱালৈকে আৰু বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ সমূহৰ বিজ্ঞানসন্মত নিস্পত্তি নোহোৱা পৰ্য্যন্ত মূল নদী বান্ধৰ কাম বন্ধ ৰাখিবলৈ দাবী জনাইছে । ইপিনে কাৰ্যসূচীত, সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক দিলীপ কুমাৰ কোঁৱৰ, আঞ্চলিক ছাত্র সন্থাৰ উপ সভাপতি মৃগাংক দত্ত, সম্পাদক স্বৰাজ শংকৰ গগৈ,তুৰণজ্যোতি বৰুৱা,ৰূপজ্যোতি বৰবৰা, অংকুৰজ্যোতি দাস,ৰিদিপ চেতিয়া,ৰাজদীপ সূত,দীপক মিলি,ৰক্তিম বুঢ়াগোহাঁই, ৰীতিক চমুৱা, দাদু হাজৰিকা লগতে ছাত্র সন্থাৰ বিষয়ববীয়া উপস্থিত থাকে।

পাপু বৰুৱা, ঢকুৱাখনা

ফোন নং 8135831234

লংকা বন বিভাগে নখুটী অঞ্চলৰ পৰা যোৱা নিশা জব্দ কৰে এখন অবৈধ কাঠ ভৰ্টি টাটা মেজিক গাড়ী ।

লংকা বন বিভাগে নখুটী অঞ্চলৰ পৰা যোৱা নিশা জব্দ কৰে এখন অবৈধ কাঠ ভৰ্টি টাটা মেজিক গাড়ী ।

লংকা

 লংকাৰ নখুটীত লংকা আঞ্চলিক বন বিভাগ আৰু নখুটী বন বিভাগৰ যুটীয়া অভিযান । নিশাৰ অভিযানত নখুটীৰ চাৰ্থেগাও অঞ্চলৰ পৰা বন বিভাগে জব্দ কৰে এখন চোৰাং কাঠ ভৰ্টি টাটা মেজিক গাড়ী । জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় চল্লিছ হাজাৰ টকা । জব্দকৃত মেজিক খনৰ নম্বৰ AS-07-C-3089 । আনহাতে, নিশাৰ আন্ধাৰৰ সুযোগ লৈ মেজিক গাড়ী খনৰ চালক আৰু চোৰাং কাঠ সৰবৰাহকাৰী গাড়ী এৰি পলায়ন কৰাত কাকো আটক কৰিব নোৱাৰিলে  বন কৰ্মীয়ে ।পিছত আজি জব্দকৃত গাড়ী সহ কাঠখিনি লৈ অহা হয়  লংকা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যলয়লৈ ।

১৫ শ পৰিয়ালক অকলেই পানীৰ মাজৰ পৰা উদ্ধাৰ কৰিলে এগৰাকী মহান ব্যক্তিয়ে।

শ শ পৰিয়ালক উদ্ধাৰ কৰি মানৱতাৰ নিদৰ্শন ডাঙি ধৰিলে কান্ধুলিমাৰী গাৱৰ সমাজ সেৱক জাইদুৰ ৰহমানে।

 হোজাই

 দিন ৰাতি একাকাৰ কৰি বানৰ মাজত আবদ্ধ হৈ থকা শ শ পৰিয়ালক উদ্ধাৰ কৰি মানৱতাৰ নিদৰ্শন ডাঙি ধৰিলে কান্ধুলিমাৰী গাৱৰ সমাজ সেৱক জাইদুৰ ৰহমানে।তিনিদিনীয়া নেৰানেপেৰা বৰষুণৰ ফলত কপিলীৰ বাঢ়নি পানীত আবদ্ধ হৈ থকা হোজাই সমষ্টিৰ কান্ধুলিমাৰী, আমলীপুখুৰী,ডবকা নলা,,ৰাজবাৰী, আদি বিভিন্ন এলেকাত পানীৰ মাজত আবদ্ধ হৈ থকা শ শ পৰিয়ালক তিনিখন নাৱৰে উদ্ধাৰ কৰি ৰাজবাৰী , ৰেল লাইন আৰু আমলীপুখুৰী প্ৰাথমিক বিদ্যালয় আদি ঠাইত আশ্ৰয় প্ৰদান কৰিলে সমাজ সেৱক জাইদুৰ ৰহমানে।কপিলী পানীয়ে নমাই অনা এই মহা দুৰ্যোগৰ সময়ত মানৱতাৰ নিদৰ্শন ডাঙি ধৰা কান্ধুলিমাৰী গাৱৰ সমাজ সেৱক জাইদুৰ ৰহমানক ধন্যবাদ জনালে সকলোৱে । কপিলীৰ পানী ফেনেফুটুকাৰে বাঢ়ি অহাত হোজাই জিলাৰ বিভিন্ন স্থানৰ লগতে কান্ধুলিমাৰী অঞ্চলতো পানীৰ মাজত আবদ্ধ হৈ পৰিছিল এইসকল পৰিয়াল। ইফালে শুক্রবাৰে হোজাই জিলা প্ৰশাসনেও SDRF বাহিনীৰ সহযোগত উদ্ধাৰ কাৰ্য চলাই শ শ পৰিয়ালক উদ্ধাৰ কৰিলে হোজাই জিলা বিভিন্ন এলেকাৰ পৰা । SDRF বাহিনীৰ উদ্ধাৰ কাৰ্যত সহযোগ কৰিছিল হোজাই BDO, ৰাজহ চক্ৰ বিষয়া আৰু সমাজ সেৱক জাইদুৰ ৰহমানে। বানাক্রান্ত লোকসকলক উদ্ধাৰ কৰি ওখ স্থানত আশ্ৰয় প্ৰদান কৰি যোগান ধৰিছে খাদ্য সামগ্ৰী।

দৰঙত বছৰৰ প্ৰথমটো বানত কৃষকৰ বিস্তৰ ক্ষতি ৷ চপাব নোৱাৰিলে বড়ো ধানৰ খেতি ৷

দৰঙত বাৰিষাৰ প্ৰথমটো বানত কৃষকৰ বিস্তৰ ক্ষতি ৷

জয়দেৱ ডেকা , দৰং 

দৰঙত বাৰিষাৰ প্ৰথমটো বানত কৃষকৰ বিস্তৰ ক্ষতি ৷ বানপানীৰ পূৰ্বে কৃষকে চপাব নোৱাৰিলে বড়ো ধানৰ খেতি ৷ বানপানীয়ে বড়ো ধানৰ খেতি বুৰাই পেলোৱাত মুৰে কপালে হাত দিছে কৃষকে ৷ দৰং জিলাৰ পাথৰিঘাট মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চৰাদল পথাৰত কৃষকে মুৰৰ ঘাম মাটিত পেলাই কৰা বড়ো ধানৰ খেতি এতিয়া পানীৰ তলত ৷ এফালে দীঘলীয়া লকডাউনৰ ফলত সাধাৰণ কৃষক সকলৰ পানীত হাঁহ নচৰা অৱস্থা ৷ আনহাতে বাৰিষাৰ প্ৰথমটো বানে কাঢ়ি নিলে বহু কষ্টৰে উপাৰ্জিত গাঠিৰ ধন খৰছ কৰি কৰা বড়ো ধানৰ খেতি ৷ প্ৰায় এক হাজাৰ বিঘা মাটিত কৰা বড়ো ধানৰ খেতি বানপানীৰ কৱলত পৰাত কৃষি মন্ত্ৰী অতুল বৰাক হাতযোৰ কৰি কাতৰ অনুৰোধ জনাইছে কৃষকে ৷ কৃষক সকলক যেন উপযুক্ত ক্ষতি পূৰণ দিয়ে ৷ উল্লেখ্য যে -পাথৰিঘাট কৃষি মহকুমাৰ অন্তৰ্গত প্ৰায় ১ হাজাৰ হেক্টৰ মাটিৰ কৃষি বছৰৰ প্ৰথমটো বানত ক্ষতিগ্ৰস্ত হৈছে ৷ যথোপযুক্ত ক্ষতি পূৰণ নাপালে কৃষক সকলৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হব বুলি কৃষক সকলে জানিব দিছে ৷

দিহিং পাটকাই সুৰক্ষাৰ দাবীত টীয়কত আছু তথা অন্যান্য সংগঠনৰ মানৱ শৃংখল

দিহিং পাটকাই সুৰক্ষাৰ দাবীত টীয়কত আছু তথা অন্যান্য সংগঠনৰ মানৱ শৃংখল

টীয়কৰ পৰা অঞ্জন প্ৰকাশ

দিহিং পাটকাই  সংৰক্ষিত অভয়াৰণ্য সুৰক্ষাৰ দাবীত আৰু মুক্ত কয়লা খননৰ বিৰোধিতাৰে টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, শিমলুগুৰি মৌজা আছু, যুৱ ছাত্ৰ পৰিষদ, চুতীয়া ছাত্ৰ সন্থা, আটছা টীয়ক উপ শাখা আৰু টি এম পি কেই টীয়ক বাগানত শনিবাৰে লকডাউনৰ সম্পূৰ্ণ নীতি নিয়ম বৰ্তাই ৰাখি সামাজিক ব্যৱধানৰ মাজেৰে মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কৰে। দিহিং পাটকাই হস্তী সংৰক্ষিত অভয়াৰণ্যত কেন্দ্ৰীয় চৰকাৰে লক ডাউনৰ সুযোগ গ্ৰহণ কৰি মুক্ত কয়লা খনন চলাবলৈ অনুমতি দিয়া কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়া লগতে মুক্ত কয়লা খননৰ ফলত বৰ্ষাৰণ্যখনৰ জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি হোৱাৰ উপৰি পৰিবেশৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰাৰ লগতে জীৱকুললৈ বিপদ কঢ়িয়াই আনিব বুলি উল্লেখ কৰে।

দৰঙৰ কাহিতলীত গৰকাপ্তানি বিভাগে নিৰ্মাণ কৰা বি ইউ জি দলং খুলি নিয়াৰ চেষ্টা দুৰ্বৃত্তৰ ৷

দৰঙৰ কাহিতলীত গৰকাপ্তানি বিভাগে নিৰ্মাণ কৰা বি ইউ জি দলং খুলি নিয়াৰ চেষ্টা দুৰ্বৃত্তৰ ৷

দৰঙৰ পৰা জয়দেৱ ডেকা

 দৰঙত বানপানী আৰু লকডাউনৰ সুবিধা গ্ৰহন কৰি গৰকাপ্তানি বিভাগে কোটি টকা খৰছ কৰি নিৰ্মাণ কৰা এখন বি ইউ জি দলং ৰাতি খুলি নিয়াৰ চেষ্টা দুৰ্বৃত্তৰ ৷ জিলাখনৰ আন্ধেৰীঘাট– জয়ন্তীপুৰ সংযোগী পথৰ পৰা হুছেইনচুবুৰীলৈ যোৱা পথৰ কাহিতলীত গৰকাপ্তানি বিভাগৰ ছিপাঝাৰ ক্ষেত্ৰীয় উপ – সংমণ্ডলে কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা বি ইউ জি দলংখন খুলি নিবলৈ চেষ্টা কৰিছিল বৃহৎ দুৰ্বৃত্তৰ দলে ৷ উন্নত প্ৰযুক্তি বিদ্যাৰে দলংখনত স্থাপন কৰা ন’ট বল্টুৰ ৭২ টা খুলি নিয়াত যথেষ্ট ক্ষতি সাধন হয় দলংখন ৷ ইতিমধ্যে গৰকাপ্তানি বিভাগৰ ছিপাঝাৰ ক্ষেত্ৰীয় উপ- সংমণ্ডল বিষয়া , অভিযন্ত্ৰা ঘটনা স্থলিত উপস্থিত হৈ ক্ষয়ক্ষতিৰ বুজ লোৱাৰ উপৰিও এজাহাৰ দাখিল কৰে বুঢ়া আৰক্ষী চকীত ৷ দলংখন মেৰামতি নকৰা পৰ্যন্ত পথটিৰে গধুৰ যানবাহন যাতায়ত বন্ধ কৰি দিয়ে গৰকাপ্তানি বিভাগে ৷ স্থানীয় লোকে সন্দেহ কৰিছে দলংখনৰ সামগ্ৰী সমুহ চুৰি কৰি নিবলৈ চেষ্টা কৰা দলটিৰ আছে বিশেষ কাৰিকৰী শিক্ষা ৷  বিশেষ কাৰিকৰী শিক্ষা নাথাকিলে উন্নত মানৰ যন্ত্ৰপাতিৰে নিৰ্মাণ কৰা দলংখনৰ ন’ট বল্টু সমুহ এইদৰে সাধাৰণ লোকে কেতিয়াও খুলিব নোৱাৰে ৷