Home Blog Page 3335

দৰঙৰ কাহিতলীত গৰকাপ্তানি বিভাগে নিৰ্মাণ কৰা বি ইউ জি দলং খুলি নিয়াৰ চেষ্টা দুৰ্বৃত্তৰ ৷

দৰঙৰ কাহিতলীত গৰকাপ্তানি বিভাগে নিৰ্মাণ কৰা বি ইউ জি দলং খুলি নিয়াৰ চেষ্টা দুৰ্বৃত্তৰ ৷

দৰঙৰ পৰা জয়দেৱ ডেকা

 দৰঙত বানপানী আৰু লকডাউনৰ সুবিধা গ্ৰহন কৰি গৰকাপ্তানি বিভাগে কোটি টকা খৰছ কৰি নিৰ্মাণ কৰা এখন বি ইউ জি দলং ৰাতি খুলি নিয়াৰ চেষ্টা দুৰ্বৃত্তৰ ৷ জিলাখনৰ আন্ধেৰীঘাট– জয়ন্তীপুৰ সংযোগী পথৰ পৰা হুছেইনচুবুৰীলৈ যোৱা পথৰ কাহিতলীত গৰকাপ্তানি বিভাগৰ ছিপাঝাৰ ক্ষেত্ৰীয় উপ – সংমণ্ডলে কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা বি ইউ জি দলংখন খুলি নিবলৈ চেষ্টা কৰিছিল বৃহৎ দুৰ্বৃত্তৰ দলে ৷ উন্নত প্ৰযুক্তি বিদ্যাৰে দলংখনত স্থাপন কৰা ন’ট বল্টুৰ ৭২ টা খুলি নিয়াত যথেষ্ট ক্ষতি সাধন হয় দলংখন ৷ ইতিমধ্যে গৰকাপ্তানি বিভাগৰ ছিপাঝাৰ ক্ষেত্ৰীয় উপ- সংমণ্ডল বিষয়া , অভিযন্ত্ৰা ঘটনা স্থলিত উপস্থিত হৈ ক্ষয়ক্ষতিৰ বুজ লোৱাৰ উপৰিও এজাহাৰ দাখিল কৰে বুঢ়া আৰক্ষী চকীত ৷ দলংখন মেৰামতি নকৰা পৰ্যন্ত পথটিৰে গধুৰ যানবাহন যাতায়ত বন্ধ কৰি দিয়ে গৰকাপ্তানি বিভাগে ৷ স্থানীয় লোকে সন্দেহ কৰিছে দলংখনৰ সামগ্ৰী সমুহ চুৰি কৰি নিবলৈ চেষ্টা কৰা দলটিৰ আছে বিশেষ কাৰিকৰী শিক্ষা ৷  বিশেষ কাৰিকৰী শিক্ষা নাথাকিলে উন্নত মানৰ যন্ত্ৰপাতিৰে নিৰ্মাণ কৰা দলংখনৰ ন’ট বল্টু সমুহ এইদৰে সাধাৰণ লোকে কেতিয়াও খুলিব নোৱাৰে ৷

অসমৰ ভূখণ্ডত নগাৰ আগ্ৰাসন অব্যাহত । হাজাৰ হাজাৰ হেক্টৰ ভূমি নগাৰ দখলত । প্ৰহসনত পৰিণত অসম – নাগালেণ্ডৰ আন্তঃ ৰাজ্যিক সীমাৰ অন্তৰ্ৱৰ্তী চুক্তি ।

  • দিলীপ হাজৰিকা : নাজিৰা

 ১৯৬৩ চনত অসমৰ নগা পাহাৰ জিলাক সামৰি নাগালেণ্ডে  পৃথক ৰাজ্যৰ মৰ্যাদা লাভ কৰাৰ পৰৱৰ্তী সময়ত ৰাজ্যখনৰ উগ্ৰপন্থী এন এছ চি এন আৰু নগা চৰকাৰৰ পৃষ্ঠপোষকতাতে সীমান্তৱৰ্তী অসমৰ ভূখণ্ডত আগ্ৰাসন চলাই হাজাৰ হাজাৰ হেক্টৰ ভূমি হস্তগত কৰি অসমৰ ভূখণ্ড সংকুচিত কৰি আহিছে সেয়া নতুন কথা নহয় । এন এছ চি এন ( আই এম ) ৰ সৈতে কেন্দ্ৰীয় চৰকাৰে ফ্ৰেমৱৰ্ক চুক্তিৰ নীতিৰ তথ্যও অসম আৰু অসমীয়া জনগণক উদ্বিগ্ন কৰি ৰাখিছে । উল্লেখযোগ্য যে , অসম গণ পৰিষদৰ চৰকাৰৰ দিনত নাগালেণ্ডৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে মাটি দখল সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত ২/১৯৮৮ নম্বৰত গোচৰ তৰিছিল । কিন্তু আয়োগ গঠনৰ ৩২ বছৰ অতিক্ৰম কৰাৰ পিছতো নাগালেণ্ডে অবাধে দখল কৰা অসমৰ ভূমি সন্দৰ্ভত আজিও শুনানি নহ’ল । উল্লেখযোগ্য যে , দুয়োখন চুবুৰীয়া ৰাজ্যত স্থিতিৱস্থা  বাহাল থকাৰ স্বাৰ্থতে আৰু অসম চৰকাৰৰ সদিচ্ছাৰ বাবেই ১৯৭২ চনতে দুয়োখন ৰাজ্যৰ মাজত হৈছিল অন্তৱৰ্তীকালীন এখন চুক্তি । এই চুক্তি হোৱাৰ ৪৮ বছৰে কোনো এখন চৰকাৰে চুক্তিখন এবাৰলৈ পৰ্যালোচনা নকৰিলে । ১৯৭২ চনৰ মাৰ্চ আৰু এপ্ৰিল মাহত নাগালেণ্ড আৰু অসম চৰকাৰৰ মাজত চাৰিখনকৈ অন্তৱৰ্তীকালীন চুক্তি সম্পাদিত হৈছিল । ইয়াৰে ১৯৭২ চনৰ ২ এপ্ৰিলত হোৱা চুক্তিখনৰ ৫ নং দফাত উল্লেখ আছিল দিচৈ , অভয়পুৰ , দৈয়াং আৰু গেলেকী সংৰক্ষিত বনাঞ্চল হিচাপে সংৰক্ষিত হৈ থাকিব । লগতে এই বনাঞ্চল কেইখনত কোনো লোকক বহিবলৈ অথবা বেদখল কৰিবলৈ দিয়া নহ’ব । লগতে চুক্তিখনত এইকথাও উল্লেখ আছিল যে, যিকোনো বেদখল।উচ্ছেদ কৰিবলৈ অসম চৰকাৰৰ কৰ্তৃত্ব থাকিব । আনহাতে অসম চৰকাৰে ” ডিষ্টাৱৰ্ড এৰিয়া ” বুলি সীমান্তৰ বনাঞ্চল সমূহক যোৱা ৭/৭৮৯ পী এল / এ ( বি চি ) ৫৮/৮৭/১০৬ আৰু ৬/৩/৯০ পি এল এ ( বি চি ) ৫৮/৮৭/১২৩ নম্বৰৰ দুখন জাননী জাৰি কৰি ঘোষণা দিয়া অনুসৰি বন বিভাগৰ দ্বাৰা বেদখল ৰোধ কৰাৰ ক্ষমতা চৰকাৰে কৰ্তন কৰে । এনে অৱস্থাত বন বিভাগৰো বেদখন প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত হাত – ভৰি বন্ধা আৰু চৰকাৰেও নিজাববীয়াকৈ অন্তৱৰ্তীকালীন চুক্তি অনুযায়ী নাগালেণ্ডৰ অথবা বেদখল প্ৰতিৰোধ কৰাৰ কৰ্তৃত্ব পালন কৰাত ব্যৰ্থ হোৱাত নাগালেণ্ডে চৰকাৰী ভাৱেই চুক্তি উলংঘা কৰি অসমৰ ভূখণ্ডৰ মাটি বেদখলেৰে প্ৰভূত্ব সাব্যস্ত কৰি আহিছে । আনকি বিবদমান বুলি ঘোষণা কৰা সীমান্তৰ ভূখণ্ডত বাট — পথ নিৰ্মাণ , গিৰ্জা , স্কুল , খোৱা পানী প্ৰকল্প , চাহবাগিচা , চৰকাৰী কাৰ্যালয় আদি স্থাপন কৰি আগ্ৰাসন অব্যাহত ৰাখিছে । অথচ অসম চৰকাৰে ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিব পৰাটো দূৰৰে কথা , অন্তৱৰ্তীকালীন চুক্তিখনো সম্প্ৰতি প্ৰহসনত পৰিণত কৰিলে । সীমান্ত এলেকাত যেতিয়া উভয় ৰাজ্যৰ মাজত সংঘৰ্ষ আদি ঘটনা অথবা হত্যা , অপহৰণ আদি ঘটনা সংঘটিত হয় সেই সময়ত চৰকাৰে সমস্যা নিষ্পত্তি নকৰাকৈয়ে স্থিতাৱস্থা বাহাল ৰখাৰ কথা পোষকতা কৰি মূৰ পোলোকা মাৰি দায় সৰাৰ বাদে আন একো সমস্যা সমাধান কৰিব পৰা নাই ।

১৯৬৩ চনত নাগালেণ্ডে সুকীয়া ৰাজ্যৰ মৰ্যাদা পোৱাৰ পাছত সীমান্ত নিৰাপত্তাৰ বাবে সুন্দৰম আয়োগে অন্তৱৰ্তীকালীন চুক্তি , আয়ুক্ত পৰ্যায়ৰ আলোচনা , মন্ত্ৰী পৰ্যায়ৰ আলোচনা , উপায়ুক্ত পৰ্যায়ৰ আলোচনা আদি বহু আলোচনা হ’ল , কিন্তু আজিও দুয়োখন ৰাজ্যৰ সীমা সমস্যাটো সমাধানৰ কোনো সূত্ৰ নোলাল । সীমাৰ ক্ষেত্ৰত অসমে সাংবিধানিক সীমা আৰু নাগালেণ্ডে ঐতিহাসিক সীমাক পোষকতা কৰি অহাৰ বাবেই দুয়োখন ৰাজ্যৰ মাজত অন্তৱৰ্তীকালীন চুক্তি ৰক্ষা হোৱা নাই । অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ মাটিত নাগালেণ্ডৰ সংঘাত বেছি আৰু নাগালেণ্ডেই সৰ্বাধিক মাটি বেদখল কৰিছে অসমৰ । ইতিপূৰ্বে সীমা বিবাদৰ বাবেই সংঘটিত হৈছে গেলেকী আৰু মেৰাপানী কাণ্ড । আনহাতে নাগালেণ্ডৰ যুদ্ধ বিৰত উগ্ৰপন্থী সংগঠন এন এছ চি এন ( আই এম ) য়ে শিৱসাগৰ , যোৰহাট , গোলাঘাট জিলাৰ লগতে কাৰ্বি আংলং জিলাৰ বৃহৎ এলেকা নাগালিমত অন্তৰ্ভুক্ত কৰি লোৱাত অসমৰ মানচিত্ৰ ক্ৰমে সংকোচিত হৈ পৰিছে । তদুপৰি নাগালিম গঠনৰ বাবে নগা উগ্ৰপন্থীয়ে বিদ্ৰোহ চলাই থকা আৰু নাগালেণ্ড চৰকাৰৰ ভূমিকাও উগ্ৰপন্থীৰ দৰেই একে হৈ পৰাত প্ৰতিদিনে বৃদ্ধি পাইছে নাগালেণ্ডৰ ভৌগোলিক সীমা আৰু তাৰ বিপৰীতে সংকোচিত হ’বলৈ ধৰিছে অসমৰ ভূখণ্ড । উল্লেখযোগ্য যে , নাগালেণ্ডে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ গেলেকী সংৰক্ষিত বনাঞ্চলৰ ৪০০০ হেক্টৰ মাটিকে ধৰি ৬৬,২৪১ হেক্টৰ মাটি , যোৰহাট জিলাৰ ১৯,৭৭৭.৬৩ হেক্টৰ , গোলাঘাট জিলাৰ৪১,৯৮৫ হেক্টৰ আৰু কাৰ্বি আংলং জিলাৰ ২০০ হেক্টৰ মাটি বেদখল কৰাৰ উপৰি যোৰহাট জিলাৰ সংৰক্ষিত বনাঞ্চলৰ তিৰু হিলছত ৪৮২৯.১৫ হেক্টৰ , দিচৈ বনাঞ্চলৰ ১৫৩২.৩৪ হেক্টৰ , দিচৈ ভেলীৰ ১৩,৩২২ হেক্টৰ , গোলাঘাট জিলাৰ ডিফু সংৰক্ষিত বনাঞ্চলৰ ২৭,২৯৩ হেক্টৰ দক্ষিণ নামবৰ বনাঞ্চলৰ ১৪,৩৬০ হেক্টৰ , ৰেংমা বনাঞ্চলৰ ৯,৯৩৫ হেক্টৰ , দৈয়াং বনাঞ্চলৰ ৩৯৭ হেক্টৰ , কাৰ্বি আংলং জিলাৰ দলদলি বনাঞ্চলৰ ১০ হেক্টৰ মাটি ইতিমধ্যে বেদখল কৰিলে । অথচ ১৯৬৩ চনৰ পৰা প্ৰতিখন চৰকাৰেই হাত সাবটি বহি থাকিল । অসম গণ পৰিষদ চৰকাৰৰ দিনতে ১৯৮৮ চনত নাগালেণ্ডে অসমৰ মাটি বেদখল কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ২/১৯৮৮ নম্বৰত গোচৰ ৰুজু কৰে আৰু উচ্চতম ন্যায়ালয়ে এই বিষয়ত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এছ এন ডাৰিয়াডাৰৰ নেতৃত্বত তিনিজনীয়া এখন আয়োগ গঠন কৰি দিছিল । এই আয়োগে অসম – নাগালেণ্ডৰ সীমা বিবাদৰ শুনানি গ্ৰহণ কৰি থকাতে ব্যস্ত থকা অৱস্থাত নাগালেণ্ডৰ তৰফৰ পৰা অসমৰ সীমান্ত অঞ্চলৰ ভূখণ্ডত নগাৰ পুনৰ অব্যাহত থাকিল উপদ্ৰৱ , লুণ্ঠন আৰু বেদখলৰ সন্ত্ৰাস । উল্লেখযোগ্য যে১৯৭২ চনৰ ৩১ মাৰ্চত প্ৰথম খন অন্তৱৰ্তীকালীন চুক্তিৰ ৩ নং দফাত উল্লেখ আছে যে, গেলেকী সংৰক্ষিত বনাঞ্চলৰ সীমাত নগা আৰক্ষী চকী স্থাপনৰ কথা । তেনেদৰে ১ ,  ২ আৰু ৩০ নং দফাত গেলেকী , অভয়াপুৰ তিৰোপাহাৰ , দিচৈ , দিচৈ ভেলী আৰু দৈয়াং বনাঞ্চল সংৰক্ষিত বনাঞ্চল হিচাপে দুই ৰাজ্যৰ মাজত চুক্তি স্বাক্ষৰ হৈছিল । ১ নং দফা অনুযায়ী কাকডোঙা বনাঞ্চলৰ ইয়াংপাং , চামপাং , অ’ল্ড টি চি টি , নিউ টি চি টিত খেতি কৰিবলৈ অসম চৰকাৰে খিলঞ্জীয়াক অনুমতি দিছিল । কিন্তু নাগালেণ্ড চৰকাৰে এই সকলো চুক্তি উলংঘাৰে অসমৰ মাটিত নগা আৰক্ষীৰ শিবিৰ , গাওঁ , স্কুল , চাহ বাগিচা স্থাপনেৰে নিজৰ আগ্ৰাসন এতিয়াও অব্যাহত আছে । স্মন্তব্য যে ২০১১ বৰ্ষত লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্ত্বত বি জে পি দলৰ যোৰহাট সংসদীয় সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই নাজিৰাৰ ঐতিহাসিক ৰাজমাও পুখুৰীৰ পাৰত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছিল যে , ” মই যোৰহাটৰ , গতিকে ইয়াত নগাৰ সন্ত্ৰাস , আগ্ৰাসনৰ বিষয়ে ভালদৰে অনুধাৱন কৰো , সেয়ে কেন্দ্ৰত বি জে পি দলৰ চৰকাৰ গঠনৰ এমাহৰ ভিতৰত অসম — নাগালেণ্ডৰ সীমা সমস্যা টো স্থায়ী সমাধানৰ বাবে চৰকাৰক বাধ্য কৰাম ” । কিন্তু চৰম পৰিতাপৰ কথা যে , তাছাৰ সেই কথা গোমৰ ফাকহৈ থাকিল । আনহাতে জাতি – মাটি – ভেটি ৰ সুৰক্ষাৰ কথা কোৱা বৰ্তমানৰ শাসকীয় চৰকাৰৰ মন্ত্ৰী , বিধায়ক , সাংসদ সকলে এই সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি কলেও বঢ়াই কোৱা নহ’ব ।

উজানৰ মাছ…… এক পাশবিক তৃপ্তি আৰু সামাজিক তথা প্ৰাকৃতিক অপৰাধ

ফনীধৰ ডেকা, বিশিষ্ট সমাজ কৰ্মী, প্ৰাক্তন অধ্যক্ষ বৰভাগ মহাবিদ্যালয়

লৰালিৰ পৰা যুৱ অৱস্থালৈ যিবিলাক বিষয়ে জীৱন প্ৰবাহত বিশেষ আমোদ দিছিল , সেইবোৰৰ ভিতৰত অন্যতম আছিল – বিভিন্ন পদ্ধতিৰে মাছ মৰা কাৰ্য্য ৷ চেপা, চোৰোহা , পল’, জুলুকি, জাল, বৰশী, শিয়নি, জাকৈ আদি ব্যৱহাৰ কৰি বাৰ মাহৰ বেলেগ বেলেগ সময়ত ন’ ন’ পদ্ধতিৰে মাছ ধৰাতো আছিল আমাৰ দৈনন্দিন জীৱনৰ এক অন্যতম অংগ ৷ এইবোৰৰ ভিতৰত আটাইটকৈ ৰোমাঞ্চকৰ মাছমৰা বিষয়টো আছিল “উজান মৰা” ৷ চতৰ শেষত বৰষুণ আৰম্ভ হোৱাৰ লগে লগে উজান মৰাৰ তৎপৰতা আৰম্ভ হয়৷ আতালৰ পৰা ৫ ডলীয়া পচা পাত নামি আহে , পল’টো থিক-থাক হৈ উঠে , তামোলৰ ঢকুৱাৰে দুখন পিঠা (বৰষুণৰ পৰা বাচিবলৈ ঢকুৱাৰে বনোৱা বিশেষ ছাতি) তৈয়াৰ হৈ উঠে ৷ এখন দেউতাৰ(উজান মৰাৰ বিশেষজ্ঞ হিচাপে পৰিচিত), আনখন মোৰ (দেউতাৰ সহায়কাৰী) ! নতুন পানী পাই , নোনা , বৰলীয়া নদী তথা শিঙিমাৰী বিলৰ পৰা উঠি অহা, বিভিন্ন নামৰ মাছ , বিশেষকৈ বৰালি-পচাৰে খুচি , পল’ৰে চবিয়াই ধৰি কিমানযে স্ফুৰ্তিত আত্মহাৰা হৈ পৰিছিলো !পচাৰ দীঘলীয়া নালৰ দুইমুৰে ৰাঘৱ বৰালি ভাৰ বান্ধি চোচৰাই লৈ যেতিয়া গাওঁ পাওঁহি , এনে ভাব হয়- যেন দিগ্বিজয় কৰিহে গাওঁ সোমাইছোহি !

জনা-বুজা হোৱাৰ পিছত এদিন উপলব্ধি কৰিব পাৰিলো যে “উজান”ৰ মাছ মৰা আনন্দতো আছিল এটা পৈশাচিকতা ! এটা বৰালিৰ নামত নৃশংসভাৱে হত্যা কৰিছিলো , কেইবা হেজাৰ বৰালি পোৱালি ৷ একোটি ” উজানৰ বৰালি”ৰ পৰা ওলোৱা একো চৰিয়া কণীযে আচলতে হেজাৰ/লক্ষ বৰালি পোৱালিৰ সমষ্টি আছিল সেয়া উপলব্ধি কৰি মইযে পৰৱৰ্তী সময়ত কিমান মানসিক অশান্তি ভুগিছো !

যোৱাতো শতিকাৰ শেষৰটো দশকৰ কথা ৷ চন তাৰিখ মনত নাই ৷ নলবাৰীৰ উপায়ুক্ত বীৰেন দত্ত চাৰৰ আমন্ত্ৰণক্ৰমে DC officeত অনুষ্ঠিত এখন সভাত উপস্থিত আছিলো ৷ তাত Fishery departmentৰ বিষয়াবৰ্গওঁ উপস্থিত আছিল ৷ তেওঁলোকে বুজাই দিলে যে এপ্ৰিল/মে মাহ মাছৰ পোণা মেলাৰ সময় ৷ এই সময়ত মাছ মৰাতো আইন মতে দণ্ডনীয় ৷ তাৰ বাবে জেল জৰিমনাৰ ব্যৱস্থা আছে !

লগতে তেওঁলোকে এইটোও ব্যখ্যা কৰি উদাহৰণ হিচাপে দাঙি ধৰিলে যে এই সময়ত যদি এটি বৰালিয়ে পোণা দিব পাৰে , তেনেহ’লে পথাৰত কেইবা হেজাৰ বৰালিৰ জন্ম হ’ব ৷ গতিকে “উজান “মৰা বন্ধ কৰিব লাগে ৷ 

ইতিমধ্যে এসময়ত কৰা এই অপকৰ্মটোৰ কাৰণে মই অনুতপ্ত হৈ আছিলো ৷ এতিয়া যেন প্ৰায়চিত্তৰ সময় ! মই দেহেকেহে লাগি , আইনৰ ভয় দেখুৱাই মোৰ অঞ্চলত “উজান মৰা” বন্ধ কৰালো ৷ দেখিলো সেই বছৰত পথাৰত বৰালিকে ধৰি মাছেই মাছ ভৰি পৰিল !!

পলমকৈ অহা বৰষুণৰ ফলত এই সময়ত অসমৰ প্ৰায়বোৰ ঠাইতে পথাৰ পানীৰে ভৰি পৰিছে ৷ ফলত মাছৰো ” উজান” উঠিছে ৷ লগে লগে এচামৰ পচা,টৰ্চ, দাৰ লগতে , কাৱৈ লাঙি, পুঠি লাঙি, ফাচি লাঙি আদি জালবোৰ সক্ৰিয় হৈ উঠিছে ! একো জোগাৰ নোহোৱা বোৰে হাত দুখনকে ব্যৱহাৰ কৰিছে ৷ মুঠতে “উজানৰ মাছ”মৰাৰ আনন্দ (!) লব লাগে ৷ বিভিন্ন TV channels বোৰেওঁ এই স্ফুৰ্তি(!) Highlight কৰি বাতৰি প্ৰচাৰ কৰিছে !

পিছে মহাশয় সকল , এয়া বাৰু আপোনালোকে কি কৰি আছে জানেনে ? এয়া এক সামাজিক, নৈতিক, আৰু প্ৰাকৃতিক অপৰাধ – যাৰ বিৰুদ্ধে ভাৰতত কঠোৰ আইনো আছে ৷

আমি নিজেই এবাৰ ভাবি চাওঁচোন – কি কৰিছো আমি ৷ ঋতু মত্ত মাছখিনি মাৰি আমি মহাপাপ কৰা নাইনে ? মাছ আমাৰ খাদ্য বুলি ধৰি লৈয়ো এই সময়খিনি আমি খেতিৰ মাছ(বিভিন্ন কাপ্‌জাতীয়) ব্যৱহাৰ কৰি স্থানীয় এই মাছখিনিক ৰেহাই দিব নোৱাৰোনে ? ডাঙৰ কথাটো হ’ল, সিহঁতে পোনা মেলিবলৈ উঠি আহিছে আৰু আমি হাজাৰ হাজাৰ সাম্ভাৱ্য পোনাৰ উৎসটোৱে মষিমূৰ কৰিছো ! ইতিমধ্যে চেলকনা, বৰদৈয়া, চন্দাকে ধৰি কিমানযে স্থানীয় মাছ সংগ্ৰহালয়ত সোমাল ; এই হাৰত “উজান মাৰি” থাকিলে স্থানীয় মাছৰ বংশ ৰ’বগৈনে ?

সকলোলৈকে মোৰ সনিৰ্বন্ধ অনুৰোধ , আহক , আমি “উজান মৰা”ৰ আসুৰিক তৃপ্তি পৰিহাৰ কৰি স্থানীয় মাছৰ বংশবৃদ্ধিত সহায় কৰো – ছপা মাধ্যম, বৈদ্যুতিক মাধ্যম, চৰকাৰ- ৰাইজ মিলি এই বিষয়ত জনমত গঠন কৰি , আমাৰ কল্যাণাৰ্থে প্ৰকৃতিক সহায় কৰো ৷

নহলে আমাৰ নাতি- পুতিলৈ স্থানীয় মাছৰ নামত দেখুৱাবলৈ Museum ত কেইখনমান ছবিহে অৱশিষ্ট থাকিবগৈ !

মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ পত্ৰ

মোৰ প্ৰিয় ভাৰতবাসী,

আজিৰ পৰা এবছৰ পূৰ্বে ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত এক নতুন স্বৰ্ণীল অধ্যায় সংযোজিত হৈছিল ৷ দেশত বহু দশকৰ পিছত পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে কোনো এখন চৰকাৰক দ্বিতীয়বাৰলৈ জনসাধাৰণে দায়িত্ব অৰ্পণ কৰিছিল ৷ এই অধ্যায় ৰচনা কৰাত আপোনালোকে বৃহৎ ভূমিকা পালন কৰিছে ৷ সেইবাবে আজিৰ দিনটোত আপোনালোকক প্ৰণাম জনোৱাৰ, ভাৰত আৰু ভাৰতীয় গণতন্ত্ৰৰ প্ৰতি আপোনালোকৰ নিষ্ঠাক সেৱা জনোৱাৰ মোৰ বাবে এক সুযোগ ৷

যদি পৰিস্থিতি সাধাৰণ হ’লহেঁতেন তেন্তে মই আপোনালোকৰ মাজলৈ গৈ আপোনালোকক দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিলোহেঁতেন ৷ কিন্তু বিশ্বজনীন মহামাৰী ক’ৰোনাৰ বাবে যি পৰিস্থিতিৰ সৃষ্টি হ’ল, সেই পৰিস্থিতিত মই এই পত্ৰৰ দ্বাৰা আপোনালোকৰ চৰণত আশীৰ্বাদ গ্ৰহণ কৰিবলৈ আহিছো৷

বিগত বৰ্ষসমূহত আপোনালোকৰ স্নেহ, শুভাশীষ আৰু আপোনালোকৰ সক্ৰিয় সহযোগে মোক নিৰন্তৰ নতুন শক্তি, নতুন প্ৰেৰণা প্ৰদান কৰি আহিছে ৷ এই সময়ছোৱাত আপোনালোকে গণতন্ত্ৰৰ যি সামূহিক শক্তি প্ৰদৰ্শন কৰিছে, সেয়া সমগ্ৰ বিশ্বৰ বাবে আৰ্হি হিচাপে বিবেচিত হৈছে ৷ ২০১৪ বৰ্ষত আপোনালোকে, দেশৰ জনসাধাৰণে, দেশত এক বৃহৎ পৰিৱৰ্তনৰ বাবে ভোটদান কৰিছিল ৷ দেশৰ নীতি পৰিৱৰ্তন কৰাৰ বাবে ভোটদান কৰিছিল ৷ সেই পাঁচ বছৰত দেশে ব্যৱস্থাসমূহক  জড়তা আৰু ভ্ৰষ্টাচাৰৰ পৰা মুক্ত হোৱা প্ৰত্যক্ষ কৰিছে ৷ সেই পাঁচ বছৰত দেশে অন্ত্যোদয়ৰ ভাৱনাৰ সৈতে দৰিদ্ৰসকলৰ জীৱন সহজ কৰি তোলাৰ শাসন পদ্ধতি পৰিৱৰ্তিত হোৱা প্ৰত্যক্ষ কৰিছে ৷ সেই কাৰ্যকালত বিশ্ব দৰবাৰত ভাৰতৰ সন্মান বৃদ্ধি হৈছে আৰু লগতে আমি দৰিদ্ৰসকলৰ বেংকৰ একাউণ্ট মুকলি কৰি, তেওঁলোকক বিনামূলীয়া গেছৰ সংযোগ প্ৰদান কৰি, বিনামূলীয়া বিদ্যুতৰ সংযোগ প্ৰদান কৰি, শৌচালয় নিৰ্মাণ কৰি, ঘৰ নিৰ্মাণ কৰি দুখীয়াৰ গৰিমা বৃদ্ধি কৰিছো ৷ সেই কাৰ্যকালত ছাৰ্জিকেল ষ্ট্ৰাইক হৈছে, এয়াৰ ষ্ট্ৰাইক হৈছে, লগতে আমি এক পদ এক পেঞ্চন, এক ৰাষ্ট্ৰ এক কৰ-জিএছটি, কৃষকৰ এমএছপি বৃদ্ধিৰ বৰ্ষপুৰণি দাবীও পূৰণ কৰাৰ কাম কৰিছো ৷ সেই কাৰ্যকালত দেশে অনেক আৱশ্যকীয় কাৰ্যসমূহ পূৰণ হোৱা দেখিবলৈ পাইছে ৷

২০১৯ বৰ্ষতো আপোনালোকৰ আশীৰ্বাদ, দেশৰ জনসাধাৰণৰ আশীৰ্বাদ, দেশৰ বৃহৎ সপোনৰ বাবে আছিল, আশা-আকাংক্ষা পূৰণৰ বাবে আছিল ৷ আৰু এই এবছৰত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সেই বৃহৎ সপোনৰ বাস্তৱ ৰূপহিচাবে বিবেচিত হৈছে ৷

আজি জনসাধাৰণৰ সৈতে জড়িত জন-মনৰ জনশক্তি, ৰাষ্ট্ৰশক্তিৰ চেতনাক প্ৰজ্বলিত কৰি তোলাহৈছে। বিগত এটা বৰ্ষত দেশে বহু নতুন স্বপ্ন দেখিছে, নতুন সংকল্প গ্ৰহণ কৰিছে আৰু সেই সংকল্পৰ সিদ্ধিৰ বাবে নিৰন্তৰে নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰাহৈছে।

ভাৰতৰ এই ঐতিহাসিক যাত্ৰাত দেশৰ প্ৰতিখন সমাজ, প্ৰতিটো বৰ্গ আৰু প্ৰতিজন ব্যক্তিয়ে সুন্দৰভাৱে নিজৰ দায়িত্ব পালন কৰিছে৷ ‘সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস’ এই মন্ত্ৰৰ সৈতে আজি দেশে সামাজিক, আৰ্থিক, বিশ্বজনীন অথবা অন্তৰ্দেশীয়, সকলো দিশতে আগবাঢ়িছে ৷

প্ৰিয় ভাৰতবাসী,

বিগত এটা বৰ্ষত কিছুমান সিদ্ধান্ত অধিক চৰ্চালৈ আহিছে আৰু তাৰবাবে সেই উপলব্ধিসমূহৰ সোঁৱৰণ হোৱাটো অতিশয় স্বাভাৱিক ৷ ৰাষ্ট্ৰীয় একতা-অখণ্ডতাৰ বাবে অনুচ্ছেদ ৩৭০ৰ কথাই হওক, শতিকাপুৰণি সংঘৰ্ষৰ সুখদায়ক পৰিণাম-ৰাম মন্দিৰ নিৰ্মাণৰ কথাই হওক, আধুনিক সমাজ ব্যৱস্থাৰ প্ৰতিবন্ধক তিনি তালাকৰ কথাই হওক, অথবা ভাৰতৰ কৰুণাৰ প্ৰতীক নাগৰিকত্ব সংশোধনী আইনেই হওক, এই সকলোবোৰ উপলব্ধি আপোনালোকৰ নিশ্চয় মনত আছে ৷   

এটাৰ পিছত এটাকৈ হোৱা ঐতিহাসিক নিৰ্ণয়ৰ মাজত অনেক সিদ্ধান্ত, অনেক পৰিৱৰ্তন, এনেকুৱাও আছিল যিয়ে ভাৰতৰ বিকাশক নতুন গতি প্ৰদান কৰিছে, নতুন লক্ষ্য প্ৰদান কৰিছে, জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিছে ৷  চীফ অব্ ডিফেন্স ষ্টাফ পদৰ সৃষ্টিৰ দ্বাৰা সেনাবাহিনীৰ সমন্বয় বৃদ্ধি কৰিছে, গগণযান অভিযানৰ বাবেও ভাৰতৰ প্ৰস্তুতি দ্ৰুত কৰি তুলিছে ৷ ইয়াৰ মাজতে দৰিদ্ৰ, কৃষক, মহিলা, যুৱসমাজক সৱলীকৃত কৰি তোলাটো আমাৰ প্ৰাথমিকতা হিচাপে বিবেচিত হৈছে ৷

এতিয়া প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত দেশৰ সমগ্ৰ কৃষকক সামৰি লোৱা হৈছে ৷ বিগত এটা বৰ্ষত এই যোজনাৰ অধীনত ৯ কোটি ৫০ লাখতকৈও অধিক কৃষকৰ একাউণ্টত ৭২ হাজাৰকোটিতকৈও অধিক টকা জমা  হৈছে৷ দেশৰ ১৫ কোটিতকৈও অধিক গাঁৱৰ ঘৰসমূহত খোৱা পানীৰ পাইপ সংযোগৰ বাবে জলজীৱন অভিযান আৰম্ভ কৰা হৈছে ৷ আমাৰ ৫০ কোটিতকৈও অধিক পশুধনৰ উন্নত স্বাস্থ্যৰ বাবে বিনামূলীয়া টীকাকৰণৰ এক বৃহৎ অভিযান চলোৱা হৈছে ৷ দেশৰ ইতিহাসতো এয়া প্ৰথমবাৰলৈ সংঘটিত হৈছে যে কৃষক, কৃষি শ্ৰমিক, ক্ষুদ্ৰ দোকানী আৰু অসংগঠিত খণ্ডৰ শ্ৰমিক বন্ধুসকলৰ বাবে ৬০ বছৰ বয়সৰ পিছত ৩ হাজাৰ টকাৰ নিয়মিত মাহিলী পেঞ্চনৰ সুবিধা সুনিশ্চিত কৰা হৈছে ৷ মাছমৰীয়াসকলৰ সুবিধাৰ বাবে নীলা অৰ্থনীতি সুদৃঢ় কৰাৰ বাবে বিশেষ যোজনাসমূহৰ সৈতে পৃথকে বিভাগো প্ৰস্তুত কৰা হৈছে ৷ এই দৰে ব্যৱসায়ীসকলৰ সমস্যা সময়মতে সমাধানৰ বাবে ব্যৱসায়ী কল্যাণ ব’ৰ্ড গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷  আত্মসহায়ক গোটসমূহৰ সৈতে জড়িত প্ৰায় ৭ কোটি ভগ্নীকো এতিয়া অধিক বিত্তীয় সাহায্য প্ৰদানৰব্যৱস্থাকৰা হৈছে ৷ অলপতে আত্মসহায়ক গোটসমূহৰ বাবে বিনা গেৰাণ্টীৰ ঋণ ১০ লাখৰ পৰা বৃদ্ধি কৰি দুগুণ অৰ্থাৎ ২০ লাখ টকা কৰা হৈছে ৷ আদিবাসী সন্তানসকলৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দেশত ৪৫০তকৈও অধিক একলব্য মডেল আৱাসিক বিদ্যালয়ৰ নিৰ্মাণৰ অভিযান আৰম্ভ কৰা হৈছে৷ আমাৰ সাংসদসকলে নিজৰ কামৰ দ্বাৰা দশক পুৰণি অভিলেখ ভংগ কৰিছে ৷

ইয়াৰ পৰিণামস্বৰূপেই গ্ৰাহক সুৰক্ষা আইনেই হওক, চিটফাণ্ড আইনৰ সংশোধনেই হওক, দিব্যাংগ, মহিলা তথা শিশুসকলক অধিক সুৰক্ষা প্ৰদান কৰা আইনেই হওক, এই সকলোবোৰ দ্ৰুত গতিত সম্পন্ন হ’বলৈ ধৰিছে ৷ চৰকাৰৰ নীতি আৰু সিদ্ধান্তৰ ফলত চহৰ আৰু গাঁৱৰ ব্যৱধান হ্ৰাস হৈছে ৷ প্ৰথমবাৰলৈ এনে হৈছে যে গাঁৱত ইণ্টাৰনেট ব্যৱহাৰকাৰী সংখ্যা চহৰৰ তুলনাত ১০ শতাংশ অধিক হৈছে ৷ দেশৰ হিতাৰ্থে কৰা এনে ধৰণৰ ঐতিহাসিক কাৰ্য আৰু সিদ্ধান্তৰ সূচী বহু দীঘলীয়া ৷ এই পত্ৰত সকলোবোৰ বিস্তাৰিত ৰূপত প্ৰকাশ কৰাটো সম্ভৱ নহয়৷ কিন্তু মই ইমানখিনি নিশ্চিতভাৱে ক’ম যে এবছৰীয়া কাৰ্যকালৰ প্ৰত্যেকটো দিন, চৌবিশ ঘণ্টাই পূৰ্ণ সজাগতাৰে কাম হৈছে, সংবেদনশীলতাৰে কাম হৈছে, সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

প্ৰিয় ভাৰতবাসী,

দেশবাসীৰ আশা-আকাংক্ষা পূৰণ কৰি আমি দ্ৰুত গতিৰে আগবাঢ়োতেই ক’ৰোনা মহামাৰীয়ে ভাৰতক আগুৰি ধৰিলে ৷ এফালে অত্যাধুনিক স্বাস্থ্য সেৱা আৰু বিশাল অৰ্থব্যৱস্থাৰ বিশ্বৰ মহা মহা শক্তি, আৰু আনফালে ইমান বৃহৎ জনসংখ্যাৰ তথা প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ আমাৰ ভাৰত৷ বহুতে আশংকা প্ৰকট কৰিছিল যে যেতিয়া ক’ৰোনাই ভাৰতত আক্ৰমণ কৰিব, তেতিয়া ভাৰত সমগ্ৰ বিশ্বৰ বাবে সংকটৰ কাৰণ হৈ পৰিব ৷ কিন্তু আজি সকলো দেশবাসীয়ে ভাৰতক প্ৰত্যক্ষ কৰাৰ দৃষ্টিভংগী পৰিৱৰ্তন কৰি তুলিছে ৷ বিশ্বৰ সামৰ্থৱান আৰু সম্পন্ন দেশৰ তুলনাত ভাৰতৰ সামূহিক সামৰ্থ আৰু ক্ষমতা অভুতপূৰ্ব বুলি আপোনালোকে দেখুৱাবলৈ সমৰ্থ হৈছে৷তালি-থালী বজোৱা আৰু চাকি জ্বলোৱাৰ পৰা আৰম্ভ কৰি ভাৰতৰ সেনাসকলৰ দ্বাৰা ক’ৰোনা যোদ্ধাৰ প্ৰতি  সন্মান প্ৰদৰ্শন, জনতা কাৰ্ফিউ অথবা দেশব্যাপী লকডাউনৰ সময়ছোৱাত নিয়মাৱলীসমূহৰ নিষ্ঠাৰে পালন, প্ৰতিটো কাৰ্যাৱলীতে আপোনালোকে দেখুৱাইছে যে এক ভাৰতেই শ্ৰেষ্ঠ ভাৰতৰ গেৰাণ্টী ৷

নিশ্চিত ৰূপত এনে বৃহৎ সংকটত কোনেও এয়া দাবী কৰিব নোৱাৰে যে কাৰোৱেঅসুবিধা হোৱা নাই । আমাৰ শ্ৰমিক বন্ধু, প্ৰব্ৰজক মজদুৰ ভাই-ভনী, সৰু-সৰু উদ্যোগত কাম কৰা কৰ্মী, পদপথত সামগ্ৰী বিক্ৰী কৰা লোকসকল, হাত ঠেলাৰ ব্যৱসায়ীসকল, আমাৰ দোকানী ভাই-ভনীসকল, লঘু উদ্যমীসকল, এওঁলোকে অসীম কষ্ট সহ্য কৰিছে ৷ এওঁলোকৰ সমস্যাসমূহ দূৰ কৰাৰ বাবে আমি সকলোৱে মিলি প্ৰয়াস কৰি আছো ৷

কিন্তু আমি এয়াও ধ্যান ৰাখিব লাগিব যে জীৱনত হোৱা এই অসুবিধাসমূহে যাতে গোটেই জীৱনলৈ সমস্যাৰ সৃষ্টি কৰি নাথাকে ৷ ইয়াৰ বাবে প্ৰত্যেক ভাৰতীয়ৰ বাবে দিশ-নিৰ্দেশনা পালন কৰাটোও অতিশয় আৱশ্যক ৷ যিদৰে এই পৰ্যন্ত আমি ধৈৰ্য আৰু সংযমশীলতা পালন কৰি আছো সেইদৰে আগলৈও ইয়াক বৰ্তাই ৰাখিব লাগিব ৷ এই বাবেই ভাৰত আজি অন্য দেশৰ তুলনাত অধিক উন্নত স্থিতিত আছে ৷ এই যুদ্ধ দীঘলীয়া কিন্তু আমি বিজয় পথত অগ্ৰসৰ হৈছো আৰু বিজয়ী হোৱাটো আমাৰ সামূহিক দায়িত্বও৷অলপতে পশ্চিমবংগ আৰু ওড়িশাত আম্ফন ঘূৰ্ণীবতাহত যি সাহসেৰে তাৰে জনতাই স্থিতিসমূহৰ মোকাবিলা কৰিলে, ইয়াৰ দ্বাৰা ঘূৰ্ণীবতাহৰ পৰা হোৱা ক্ষয়ক্ষতি হ্ৰাস হ’ল, এয়াও আমাৰ বাবে এক প্ৰেৰণাৰ স্ৰোত ৷

প্ৰিয় ভাৰতবাসী,

এই পৰিস্থিতিত আজি এই চৰ্চাও অধিক ব্যাপক হৈছে যে ভাৰতসহিতে অন্য দেশসমূহে অৰ্থব্যৱস্থাৰ কিদৰে উত্তৰণ কৰিব ? কিন্তু ইয়াত আন এক বিশ্বাসো আছে যে যিদৰে ভাৰতে একত্ৰিতভাৱে ক’ৰোনাৰ বিৰুদ্ধে যুঁজত সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছে, ঠিক সেইদৰে  আৰ্থিক ক্ষেত্ৰতো আমি এক আৰ্হি প্ৰস্তুত কৰিব পাৰিম৷ ১৩০ কোটি ভাৰতীয়ৰ সামৰ্থৰ দ্বাৰা আৰ্থিক ক্ষেত্ৰতো বিশ্বক আচৰিত কৰাই নহয়, পথো প্ৰদৰ্শিত কৰিব পাৰিম ৷

অজি সময়ৰ আহ্বান হ’ল যে নিজৰ ভৰিত আমি নিজে থিয় দিব লাগে৷ নিজৰ বল-বুদ্ধিৰ দ্বাৰা আগবাঢ়িব লাগে আৰু ইয়াৰ এটাই পথ৷ সেয়া হ’ল-আত্মনিৰ্ভৰ ভাৰত ৷ শেহতীয়াকৈ আন্তনিৰ্ভৰ ভাৰত অভিযানৰ বাবে আগবঢ়োৱা  ২০ লাখ কোটি টকাৰ পেকেজ, এই দিশত গ্ৰহণ কৰা এক বিশেষ পদক্ষেপ হিচাপে বিবেচিত হৈছে ৷ এই অভিযানে প্ৰতিজন দেশবাসীৰ বাবে, আমাৰ কৃষক, আমাৰ শ্ৰমিক, আমাৰ লঘূ উদ্যমী, আমাৰ ষ্টাৰ্ট-আপৰ সৈতে জড়িত যুৱসমাজ, সকলোলৈ নতুন  সুযোগৰ সৃষ্টি কৰিব ৷  ভাৰতবাসীৰ ঘামৰ দ্বাৰা, পৰিশ্ৰমৰ দ্বাৰা, তেওঁলোকৰ প্ৰতিভাৰ দ্বাৰা নিৰ্মিত থলুৱা উৎপাদনৰ বলত ভাৰতে আমদানিত নিৰ্ভৰ হ্ৰাস কৰিব আৰু স্বাৱলম্বীতাৰ দিশত ধাৱমান হ’ব ৷

প্ৰিয় ভাৰতবাসী,

বিগত ছবছৰৰ এই যাত্ৰাত আপোনালোকে নিৰন্তৰে মোক আশীৰ্বাদ প্ৰদান কৰিছে ৷ আপোনালোকৰ আশীৰ্বাদৰ শক্তিৰ ফলতে দেশে যোৱা এবছৰত ঐতিহাসিক নিৰ্ণয় আৰু বিকাশৰ অভুতপূৰ্ব গতিত আগবাঢ়িছে ৷ কিন্তু মই জানো যে আৰু বহু কাম কৰিবলৈ বাকী ৷ দেশৰ সন্মুখত প্ৰত্যহ্বান অনেক, সমস্যা অনেক৷ মই দিনে-ৰাতিয়ে এয়াই প্ৰয়াস কৰিছো ৷ মোৰ কামত কিছু কম হ’ব পাৰে কিন্তু দেশ কোনো ক্ষেত্ৰতেই তলত নহয় ৷ আৰু সেইবাবে মোৰ নিজতকৈও আপোনালোকৰ ওপৰত, আপোনালোকৰ শক্তিৰ ওপৰত, আপোনালোকৰ সামৰ্থৰ ওপৰত  বিশ্বাস অধিক ৷ মোৰ সংকল্পৰ শক্তি হ’ল আপোনালোক, আপোনালোকৰ সমৰ্থন, আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ স্নেহ৷ বিশ্বজনীন মহামাৰীৰ ফলত এই সংকটৰ সময়ছোৱাই হ’ল আমাৰ দেশবাসীৰ বাবে সংকল্প গ্ৰহণৰ সময় ৷ আমি এয়া সদায়েই মনত ৰাখিব লাগিব যে ১৩০ কোটি ভাৰতীয় বৰ্তমান আৰু ভৱিষ্যত কোনো বিপদে নিৰ্ণয় কৰিব নোৱাৰে ৷ আমি আমাৰ বৰ্তমান আৰু ভৱিষ্যত নিজে নিৰ্ধাৰণ কৰিম ৷

অমি আগবাঢ়িম, আমি প্ৰগতিৰ পথত দৌৰিম, আমি বিজয়ী হ’ম ৷

আমাৰ ইয়াত কোৱা হৈছে- ‘‘কৃতম মে দক্ষিণ হস্তে, জয়ো মে সত্য আহিতঃ ৷৷’’

অৰ্থাৎ আমাৰ এখন হাতত কৰ্ম আৰু কৰ্তব্য আছে যদি আনখন হাত সফলতা সুনিশ্চিত আছে ৷

দেশৰ নিৰন্তৰ সফলতাৰ এই কামনাৰ সৈতে মই আপোনালোকক পুনৰবাৰ নমস্কাৰ জনাইছো ৷

আপোনালোক আৰু আপোনালোকৰ পৰিয়াললৈ শুভকামনা জনাইছো ৷

সুস্থ হৈ থাকক, সুৰক্ষিত হৈ থাকক !!

জাগ্ৰত হৈ থাকক, সজাগ হৈ থাকক !!

আপোনালোকৰ প্ৰধান সেৱক

নৰেন্দ্ৰ মোদী

চৰকাৰ সফল নহ’ল নেকি ক’ৰোনা ভাইৰাছ প্ৰতিৰোধত ! ৰাজ্যত হাজাৰ অতিক্ৰম কৰিলে ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ।

  • হাজাৰ অতিক্ৰম ক’ৰোনাক্ৰান্ত, হ’লগৈ ১০২৪  ।
  • আজি আক্ৰান্ত ১৪৪ জন।
  • ১৫ জুনৰ পৰা খোল খাব শিক্ষানুষ্ঠান ।

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

অহা ১৫ জুনৰ পিছত খোল খাব অসমৰ শিক্ষানুষ্ঠান। পৰ্যায়ক্ৰমে শ্ৰেণীসমূহত পাঠদান আৰম্ভ হ’ব। এইতথ্য মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ। আজি সংবাদমাধ্যমক এই কথা অৱগত কৰে।প্ৰথমে দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান হ’ব সামাজিক দুৰত্ব বজাই ৰাখি। ইফালে যোৱা মাৰ্চ মাহৰ পৰাই কৰ’না ভাইৰাছ আৰু চৰকাৰী নিষেধাজ্ঞাই জনজীৱন স্তব্ধ কৰি তুলিছে।তাৰিখৰ হিচাবত চৰকাৰী নিষেধাজ্ঞাৰ আঢ়ৈ মাহ পাৰ হ’ল। তথাপি কৰ’না সংক্ৰমণ প্ৰতিৰোধত চৰকাৰ সফল নহ’ল।ইয়াৰ আঁৰত চৰকাৰৰ নীতি-নিৰ্দেশনাৰ ভুল থাকি গ’ল নেকি,এনেধৰনৰ প্ৰশ্ন কৰিছে সাধাৰণ ৰাইজে।চৰকাৰে যথাযথ উত্তৰ দিব বুলিও বহুতে আশা কৰি আছে। ইয়াৰ লগতে আজিও বাঢ়ি আছে কৰ’নাক্ৰান্তৰ সংখ্যা।আজি সন্ধিয়া পৰ্যন্ত আক্ৰান্তৰ সংখ্যা ৯৩৫ হ’লগৈ।মাজৰাতিলৈ হাজাৰৰ ঘৰ অতিক্ৰম কৰিব বুলি ধাৰনা কৰিব পাৰি। ৰাতি দহ বজাৰ তথ্যমতে আক্ৰান্ত হ’লগৈ ১০২৪ জন। আৰু আহিব আক্ৰান্তৰ সংখ্যা।আৰোগ্যৰ সংখ্যা ১২৫ হৈছেগৈ।হাস্পাতালত আছে ৮৯২৫জন। মৃত ০৪ আৰু বহিৰাজ্যলৈ গৈছে ০৩ জন।মৃতকৰ সংখ্যা একে থাকিলেও আক্ৰান্তৰ সংখ্যা যোৱা দহদিন নিতৌ ৩০ -৪০ শতাংশ হৈ আছে।যাৰবাবে চৰকাৰৰ হাজাৰটা প্ৰচেষ্টা ওফৰাই কৰ’না সংক্ৰমণ অসমত  অপ্ৰতিৰোধ্য হৈ পৰাটো কোনেও নুই কৰিব নোৱাৰে ।।

পথৰ দাঁতিত শ্ৰমৰ মৰ্যাদাৰে জীৱন সংগ্ৰামত নামি পৰিছে শিক্ষিত যুৱক বিশ্বজিৎ ,মৃদুলে

পথৰ দাঁতিত শ্ৰমৰ মৰ্যাদাৰে জীৱন সংগ্ৰামত নামি পৰিছে শিক্ষিত যুৱক বিশ্বজিৎ ,মৃদুলে

নগাঁও

লকডাউনে  চাৰিওফালে জুৰুলা কৰাৰ সময়তে ৰাজ্যত প্ৰকাশ পাইছে কৰ্মসংস্কৃতিৰ এখনৰ পিছত আন এখন ছৱি ৷ কৰ্ম সংস্কৃতিৰ আন  এক নিদৰ্শন  দেখা পোৱা গ’ল নগাঁও চহৰত ৷ ডিঙিত অসমীয়াৰ স্বাভিমান গামোচা। হাতত দগা-পাল্লা । লাজ নহয়,হাতে-কামে দেখুৱাইছে অসমীয়াগিৰী৷ নগাওঁ চহৰৰ লক্ষীনগৰ চাৰিআলিৰ সমীপৰ পদপথত শাক-পাচলি লৈ বহিল এগৰাকী শিক্ষিত অসমীয়া যুৱক ৷ যুৱক জনৰ নাম বিশ্বজিৎ শইকীয়া ৷ ঘৰ নগাঁৱৰ পুৰণিগুদামত ৷ গাড়ীৰ ব্যৱসায়ত জড়িত বিশ্বজিৎ লকডাউনৰ ফলত একপ্ৰকাৰ জুৰুলা হৈ পৰিছিল ৷ বন্ধ হৈ পৰিল উপাৰ্জনৰ পথ৷কিন্তু হতাশ নহ’ল বিশ্বজিৎ ৷ ডিঙিত গামোচা লৈ বিগত এসপ্তাহৰ পৰা পদপথত আৰম্ভ কৰিছে শাক-পাচলিৰ খুচুৰা ব্যৱসায়।গ্ৰামাঞ্চলৰ পৰা শাক-পাচলি কিনি আনি বিশ্বজিতে বিক্ৰী কৰে নগাঁও চহৰত ৷  বিশ্বজিতে মুখত হাঁহি আৰু আত্মবিশ্বাসেৰে পদ পথৰ দাঁতিত নিজৰ ব্যৱসায় চলাই গৈছে। ৷ স্থানীয় লোকৰ পৰাও আশানুৰূপ সঁহাৰি লাভ কৰিছে  বিশ্বজিতে ৷ অসমীয়া যুৱকক উদ্যমেৰে কাম কৰিবলৈ ওলাই আহিবলৈও আহ্বান জনালে বিশ্বজিতে ৷আনহাতে নগাঁও চহৰৰ ফৌজদাৰী পট্টিৰ পদপথটো স্নাতক ডিগ্ৰীধাৰী মৃদুল নামৰ এজন যুৱকে নিজ ঘৰৰ সমীপতে আৰম্ভ কৰিছে পাচলি ব্যৱসায়। । লকডাউনৰ ফলত কৰ্মহীন হৈ পৰা মৃদুলে এতিয়া পাচলি বিক্ৰী কৰা ধনেৰেই পৰিয়াল পোহপাল দিয়াৰ উপৰিও উলিয়াইছে নিজৰ খৰচ।এই ব্যৱসায় কৰি অত্যন্ত সুখী হোৱা মৃদুলে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে অঞ্চলবাসীয়ে এতিয়া মোলৈ বাট চাই থাকে যে মই কেতিয়া আহোঁ পাচলি লৈ ৷ মৃদুলেও শিক্ষিত যুৱক যুৱতীক আহ্বান জনালে শ্ৰম কৰি আগবাঢ়ি যাবলৈ৷ 

ন-প্ৰকৃতিৰ সৈতে চিনাকী…

  •   কবিতা কলিতা

কৰ’নাৰ শ্ৰেষ্ঠ পৰিৱেশত দেশে দেশে এতিয়া হাহাকাৰ৷ কাৰ্যত্যম মানৱ সভ্যতাকে যেন শেষ কৰিবলৈ আহিছে কৰ’না ই ৷ জীৱন বিপন্ন হৈ পৰা মানুহ আজি গৃহবন্দী৷ পেটৰ ভাতমুঠিৰ বাবে হাহাকাৰ কৌটি কৌটি লোকৰ৷ কৰ’নাই কন্দুৱাইছে লাখ লাখ পৰিয়ালক৷ যেন মানৱ শত্ৰু কৰ’না  সকলোৰে বাবে হৈছে অভিশাপ৷ কিন্তু জীৱশ্ৰেষ্ঠৰ এই অভিশাপ কৰ’না  প্ৰকৃতিৰ বাবে হৈছে বৰত্ৰাপ৷ সলনি হৈছে পৃথিৱী, সলনি হৈছে প্ৰকৃতি৷ ন-সাজত আকৌ হাহিঁছে যেন প্ৰকৃতিয়ে৷ সেউজীয়া আৱৰণে আকৌ নতুনকৈ সাজিছে প্ৰকৃতিক৷ বনধ্বংস হোৱা নাই, পাহাৰৰ বুকুৱেদি আকাশে-মানুহে সজা নাই ঘৰ৷ নৈ, জান-জুৰি জলধাৰাও আজি স্বচ্ছ৷ দুখৰ মুক্ত নীলা আকাশত মুক্তমনে উৰিছে জাকে জাকে চৰাই৷ মানুহৰ কোলাহলৰ পৰা বহু নিলগত থকা আলহী পৰিভ্ৰমী চৰাইজাকেও উভতি আহিছে আমাৰ ওচৰৰ বিল-জলাশয়বোৰলৈ৷ ৰাজপথটো মুক্তমনে চৰিছে বন্যপ্ৰাণী৷ গাড়ী-মটৰৰ কাণ-তাল মৰাশব্দত অৰণ্যত থাকিবলৈ বাধ্য কৰোৱা জীৱ-জন্তুক কৰোনাশ্ৰেষ্ঠ পৰিৱেশে দিছে মুক্তমনে বিচৰণৰ সুযোগ৷ চুৰাংচিকাৰী, দুষ্কীতিকাৰীও এতিয়া সিহঁতৰ পৰা বহু নিলগত৷ ৰাজপথত জনঅৰণ্য জীৱশ্ৰেষ্ঠৰ জীয়াংখাৰ বলি হোৱা ভয়ত অৰণ্যৰ মাজতো মুক্তমনে বিচৰণ কৰিব নোৱাৰা জীৱ-জন্তুৰ প্ৰাণচন্চল ৰূপ এতিয়া দেখা গৈছে ৰাজপথত৷ মানুহক ধ্বংস কৰি প্ৰকৃতিক পুনৰজীৱিত কৰিবলৈ যেন কৰ’না  আহিছে৷ প্ৰকৃতিৰ অনুৰোধত মানুহক যেন নিয়ন্ত্ৰণ কৰিছে কৰ’নাই৷ পৰিৱেশ-পৰিস্হিতিয়ে যেন সেয়াই ইংগিত দিছে৷ কৰ’না মানুহৰ শত্ৰু বুলিও প্ৰকৃতিৰ যে বন্ধু সেয়া প্ৰমাণ কৰিছে ন-ৰূপ পোৱা স্মৃতিবোৰে৷ পৃথিৱীৰ দেশে দেশে এতিয়া কৰ’নাৰ বাবে লকদাউন৷ জনশূণ্য ৰাজপথত যান-বাহনৰ হৰ্ণে আমনি কৰা নাই৷ জলপথটো নাই নাওঁ-জাহাজৰ অবাধ চলাচল৷ কল-কাৰখানাৰ বিকট শব্দও নাই৷ এক নতুন পৰিৱেশ চৌপাশে৷ অৰণ্যৰ মাজৰ নিস্তব্ধতা আজি চহৰ-মহানগৰত৷ মানুহৰ জীয়াংখাৰ বলি হোৱাৰো ভয় নাই৷ চুৰাংচিকাৰীৰ ধন লালোভত কোনো বন্যপ্ৰাণীয়ে হেৰুৱাব লগা হোৱা নাই প্ৰাণ৷ বন্য জীৱ-জন্তু জীৱশ্ৰেষ্ঠ লালোভৰ পৰা নিলগত৷ মানুহ কেনেকৈ সলনি হ’ল সেই কথা বুজিবলৈ ওলাই আহিছে বনঅৰণ্যৰ পৰা বন্যপ্ৰাণী৷ মুক্তমনে শংকাবিহীনভাৱে সংকৃতৰ চহৰে-নগৰে বিচৰণ কৰিছে বন্যপ্ৰাণী৷ এতিয়া যেন গোটেই পৃথিৱীখন অৰণ্য আৱাসাৰে ঢকা৷ নিজ ইচ্ছামতে বিচৰণ কৰা বন্যপ্ৰাণীৰ ছবিখনিয়ে মানুহক অবাক কৰিছে৷ চুইমিংপুলত মানুহবিহীন পৰিৱেশ দেখা পাই তাৰ আমেজ লবলৈ নামিছে আকৌ বান্দৰে৷ কৰবাত যদি হৰিণা, বনৰীয়া গাহৰি, আন কৰবাত আকৌ বাঘ, ভালুক, বান্দৰ৷ চিনাকী-অচিনাকী জাক জাক চৰাইও আহিছে ওলাই৷ বছৰ বছৰ নেদেখা বহু পৰিভ্ৰমী পখীও উভতি আহিছে বিল-জলাশয়বোৰলৈ৷ কৰোনা ভাইৰাছ আৰু লকদাউনে স্তব্ধ কৰি পেলোৱা বিশ্বৰ প্ৰান্তে প্ৰান্তে এতিয়া বন্য জীৱ-জন্তু, চৰাই-চিৰিকতিৰ খেলা৷ চিনাকী-অচিনাকী গছ কেইজোপা তৰু-তৃণে ৰূপ সলাইছে৷ প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপে পলকতে মন-প্ৰাণ জীপাল কৰিছে সকলোৰে৷ সেউজীয়া আৱৰণে ঢাকিছে চৌপাশ৷ প্ৰকৃতিৰ ওপৰৰ পৰা প্ৰদূষণৰ বোজাও যেন লকদাউনৰ সময়ছোৱাতে নিম্নগামী হ’ল৷ পৰিৱেশ প্ৰদূষণমুক্ত বায়ুমণ্ডলে ন-কৈ প্ৰাণ দিছে প্ৰকৃতিক৷ গছে-বনত এতিয়া নাই ধূলিৰ চামনি৷ সেউজীয়া কোমল পাতবোৰেও যেন মিচিকিয়াই হাহিঁছে৷ গছৰডালত বহি চিনাকী-অচিনাকী চৰাইবোৰেও পাতিছে আনন্দৰ মেলা৷ বিল-জলাশয়বোৰও বহু পৰিমাণে স্বচ্ছ হ’ল৷ আৱৰ্জনাৰে ঢাকি ৰখা জলাশয়বোৰৰ তৰু-তৃণ সেউজীয়া হ’ল৷ তাতে বহি পৰিভ্ৰমী চৰাইজাকে কৰিছে কলৰং৷ মানুহৰ আগ্ৰাসত সলনি হোৱা প্ৰকৃতিৰ মুখ দেখি চিনাকী-অচিনাকী আলহীবোৰও বহুদিন অহা নাছিল, কিন্তু কৰোনা যেন আৱিৰ্ভাৱ হৈ আহিল প্ৰকৃতিত৷ ন-ৰূপ লোৱা প্ৰকৃতিক পাই প্ৰাণচন্চল পখিজাক আকৌ উভতি আহিলে অতীতৰ সম্নুখত৷  ভাগি চুৰ-মাৰ হৈ গৈছে সভ্যতা  সৌ-সিদিনালৈ চৰম সভ্যতালী দেখুৱাই জীয়াই থকা মানুহবোৰ অসহায়, নিৰুপায়৷ সম্নুখত বাঢ়ি আহিছে ঘন ঘোৰ আন্ধাৰ৷ এই ঘন ঘোৰ আন্ধাৰৰ মাজতে শেষ হ’ব নেকি জীৱনৰ আখৰা৷ চৌদিশে মাথো হাহাকাৰ-হতাশা৷ ভয় আৰু আতংকৰ তীব্ৰতৰ মানুহক এই ভয়ানক সময়ত গছবোৰে দিছে জীয়াই থকাৰ আশা আৰু ভৰসা৷ প্ৰতিজোপা গছেই তাৰেই প্ৰমাণ, প্ৰতিজোপা গছে উৰুৱাইছে নিজৰ হিচাপ৷ মানুহৰ চকুত গছবোৰ যেন এতিয়া গছ নহয় যেন জীৱন-জীনাৰ শ্লগান৷ চালেই লাগে যেন হাজাৰ হাজাৰ প্ৰত্যাহ্বান লৈ থিয় দি আছে গছবোৰ৷ গৃহবন্দীৰ মাজতে সামান্য শিথিলতা পাই ওলাই অহা মানুহবোৰে পাইছেহি নিমজকৈ পাৰি থোৱা গছৰ ছাঁ৷ সেই হেপাঁহৰ ৰঙা ৰঙা জোকাৰি আগতকৈ আকুল কৃষ্ণচূড়া৷ সোণাৰুৰ হাহিঁবোৰও হালধীয়া হৈ বিয়পি পৰিছে অলিয়ে-গলিয়ে৷ নিজানে-নিবানে আপোনপাহৰা হৈ আত্ম-মগন আহঁতজোপাও৷ আকাশ ঢাকি ধৰিছে গছবোৰৰ ঠাল-ঠেঙুলিয়ে৷ এদিন অন্ত পৰিব লকদাউন আৰু ওলাই আহিব জন-গণ মুকলি আকাশৰ তললৈ৷ নদ-নদী আৱৰ্জনামুক্ত হোৱাৰ লগতে জলধাৰাও হৈছে স্বচ্ছ৷ নদ-নদীৰ পাৰত থকা গছবোৰতো পখীয়ে লৈছে জিৰণি৷ দেশ-বিদেশৰ নদ-নদী এতিয়া স্বচ্ছ নিৰ্মল৷ কৰ’না লকদাউনে নদ-নদীৰ আৱৰ্জনাৰ ৰক্ষা কৰিছে৷ কল-কাৰখানাৰ পৰা আৰম্ভ কৰি মানুহে পেলোৱা আৱৰ্জনাৰ বোজাও গলিছে নদ-নদীত৷ কিন্তু কৰ’না যুদ্ধত মানুহে জয়ী হলে আকৌ পৰাস্ত হ’ব নেকি প্ৰকৃতি ? আকৌ নদ-নদী, জান-জুৰিয়ে হেৰুৱাব নেকি এই সুক্ষাৰ ? মানৱতাই পৰিৱেশ ৰক্ষাৰ বাবে সজাগ-সচেতন হ’বনে ? প্ৰকৃতিক এই ৰূপ ধৰি ৰখাত মানৱ প্ৰজন্মই সহায় কৰিবনে ? নে আকৌ আগ্ৰাসী মানুহৰ হাতত ধ্বংস হ’ব প্ৰকৃতি ?

“কা” বিৰোধী ঐক্য মঞ্চ,টিংখাঙৰ আহবানত দিনজোৰা অনশন, অখিল গগৈ ,বলদেৱ তেলী ,দেবাংগনা কলিতাৰ মুক্তিৰ দাবী।

টিংখাং

নাগৰিকত্ব সংশোধনী আইন বিৰোধী ঐক্য মঞ্চ, টিংখাঙৰ তৰফৰ পৰা আহবান জনোৱা দিন জোৰা অনশন কাৰ্যসূচীৰ প্ৰতি সমৰ্থন জনাই আজি  সমষ্টিৰ বিভিন্ন ঠাইত বিভিন্ন দল সংগঠন ব্যক্তিয়ে অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।সমষ্টিটোৰ অন্তৰ্গত টিংখাং,শলগুৰি,বৰবাম,ৰাজগড়, নাচনি,লেঙেৰী আদি পঞ্চায়তত অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । আজিৰ কাৰ্যসূচীৰ যোগেদি মঞ্চই প্ৰব্ৰজিত শ্ৰমিকক চৰকাৰী খৰচত শীঘ্ৰে নিজ গৃহলৈ ঘুৰাই অনাৰ ব্যৱস্থা কৰা,কামৰ সময় ১২ ঘন্টা কৰা বন্ধ কৰা,দিহিং পাটকাই আৰু ডিব্ৰু ছৈখোৱা ধ্বংস কাৰ্য বন্ধ কৰা,দিবাং ভেলী জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ বন্ধ কৰা,”কা” আন্দোলনৰ নেতা বলদেব তেলীক মুক্ত কৰি দিয়া,অখিল গগৈ,দেবাংগনা কলিতাসহ সকলো কা-বিৰোধী আন্দোলনৰ বন্দীক মুক্তি,চৰকাৰক সমালোচনা কৰা সকলক  ষড়যন্ত্ৰ মূলকভাবে গোচৰ জাপি দি  গ্ৰেপ্তাৰ কৰা  কাৰ্য বন্ধৰ দাবী জনায়।মঞ্চৰ সভাপতি আৰু সম্পাদক ক্ৰমে যাদব গগৈ আৰু বিপ্লৱ বৰুৱাই এক বিবৃতি যোগে আজি  অনশন কাৰ্যসূচী সফল ৰূপায়ণ কৰাৰ বাবে অংশগ্ৰহণকাৰী সকলক ধন্যবাদ জ্ঞাপন কৰে । বিবৃতিটোৰ যোগেদি সভাপতি আৰু সম্পাদকে চৰকাৰক জনবিৰোধী নীতি শীঘ্ৰে উঠাই লবলৈ দাবী জনোৱাৰ লগতে বলদেব তেলী ক তাৎক্ষনিকভাবে মুকলি কৰি দিয়া আৰু চৰকাৰৰ সমালোচনা কৰা সকলৰ ওপৰত ভুৱা গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰা বন্ধ কৰিবলৈ সকীয়াই দিয়ে।অন্যথা অনাগত সময়ত চৰকাৰ তীব্ৰ গণ প্ৰতিবাদৰ সন্মুখীন হ’বলৈ সাজু থাকিব লাগিব বুলি সাৱধান কৰি দিয়ে।ৰাজগড়ত কা’ বিৰোধী ঐক্যমঞ্চ, টিংখাঙৰ সভাপতি যাদৱ গগৈ, সম্পাদক বিপ্লৱ বৰুৱা , কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা মধুৰাম গগৈ প্ৰমুখ্যে কেবাজনা ব্যক্তিয়ে অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। আনহাতে চি পি আই (এম এল)ৰ নেতা বলিন্দ্ৰ শইকীয়াৰ নেতৃত্ব এটা দলে ৰাজগড়ত থকা দলটোৰ কাৰ্যালয়ত অনশন কাৰ্যসূচী পালন কৰে।

লংকা সংহত শিশু উন্নয়ন প্ৰকল্পৰ নিম্ন মানৰ খাদ্য সামগ্ৰী বিতৰণ ।

লংকাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত নখুটী অঞ্চলত নিম্নমানৰ খাদ্য সামগ্ৰী বিতৰণ ।

লংকা

 লংকাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত নখুটী  অঞ্চলত নিম্নমানৰ খাদ্য সামগ্ৰী বিতৰণ । চাউল, মটৰ মাহৰ বস্তাবোৰত   পিন পিনাই ফুৰিছে পোক পতংগ‌ই । লংকা শিশু উন্নয়ন প্ৰকল্পৰ পৰা নখুটী অঞ্চলত থকা অংগনাবাদী কেন্দ্ৰ সমূহত শিশুসকলৰ বাবে বিতৰণ কৰিবলৈ অনা চাউল আৰু মটৰ মাহত এনে পোকে ধৰা সামগ্ৰী দৃশ্য পৰিলক্ষিত হয়। কিন্তু পুষ্টিকৰ খাদ্যৰ নামত এনে বৰ বিহ সদৃশ খাদ্য সামগ্ৰী যোগান ধৰাতো এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ।দৰাচলতে কাৰ দায়িত্ব হীনতাৰ বাবে এনে অখাদ্য বিতৰণ কৰিবৰ বাবে অনা হ’ল ,সেইয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ? আনহাতে আকৌ লংকা শিশু উন্নয়ণ প্ৰকল্পৰ পৰা খাদ্য সামগ্ৰী যোগান ধৰা  কৰ্মচাৰীক সাংবাদিকক পোকে ধৰা খাদ্য সামগ্ৰীৰ প্ৰসংগত সোধা প্ৰশ্নত তেওঁ গা-এৰা মন্তব্য প্ৰকাশ কৰাৰ লগতে উলোটাই পুনৰ খাদ্য সামগ্ৰী সমূহ লৈ যোৱা হ’ব বুলিহে মন্তব্য প্ৰকাশ কৰে ।

ধিঙৰ বিধায়ক আমিনুল ইছলামৰ জামিন মঞ্জুৰ উচ্চ ন্যায়ালয়ৰ ।

ধিঙৰ বিধায়ক আমিনুল ইছলামৰ জামিন মঞ্জুৰ উচ্চ ন্যায়ালয়ৰ ।

নগাঁও

 নগাঁও জিলাৰ  ধিং বিধান সভা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ বিধায়ক আমিনুল ইছলামৰ অৱশেষত জামিন আবেদন মঞ্জুৰ হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰ্ত সাপেক্ষে আজি জামিন মঞ্জুৰ কৰে বিতৰ্কিত বিধায়ক আমিনুল ইছলামৰ। ইয়াৰ পিছত তেওঁ মুকলি আকাশৰ তললৈ অহাটো নিশ্চিত হয়। উল্লেখ্য,মহামাৰী কোৰোনা ভাইৰাছ সন্দৰ্ভত বিধায়ক গৰাকীয়ে ৬ এপ্ৰিলত সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে এক গোচৰ ৰুজু হৈছিল আৰু এই গোচৰৰ ভিত্তিতে নগাঁও আৰক্ষীয়ে ইছলামক গ্ৰেপ্তাৰ কৰিছিল। উল্লেখ্যযোগ্য যে বিধায়ক আমিনুল ইছলামৰ এটা অডিঅ’ বাৰ্তালাপত কেতবোৰ আপত্তি জনক মন্তব্য পোহৰলৈ আহিছিল। পিছত ইয়াৰ ওপৰত  এজন ব্যক্তিয়ে নগাঁও সদৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত সোধপোচৰ বাবে নগাঁও আৰক্ষীয়ে আটক কৰিছিল বিধায়ক ইছলামক ৷ পিছত অৰ্থাৎ ৭ এপ্ৰিলৰ নিশা প্ৰায় ১ বজাত সোধ পোচৰ অন্তত আৰক্ষীয়ে বিধায়ক গৰাকীক গ্ৰেপ্তাৰ কৰিছিল। স্মতৰ্ব্য‌ যে -অসম বিধানসভাৰ অধ্যক্ষৰ অনুমতি গ্ৰহণ কৰি গ্ৰেপ্তাৰ কৰিছিল নগাঁও আৰক্ষীয়ে।