Home Blog Page 3341

নগাঁৱৰ কচুৱাত পি এম কৃষাণ নিধি আঁচনিত ব্যাপক লুন্ঠন : জিলা উপায়ুক্তক অভিযোগ পত্ৰ দাখিল

নগাঁৱৰ কচুৱাত পি এম কৃষাণ নিধি আঁচনিত ব্যাপক লুন্ঠন : জিলা উপায়ুক্তক অভিযোগ পত্ৰ দাখিল

নগাঁও

নগাঁও জিলাৰ বিভিন্ন কৃষি চক্ৰৰ অধীনত প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি( পি এম কৃষাণ সন্মান নিধি) আচনিত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ সৰ্বত্ৰ উত্থাপিত হৈছে। জুৰীয়া, ৰূপহী, বটদ্ৰৱাৰ পিছত এইবাৰ জিলাখনৰ কচুৱা কৃষি চক্ৰৰ অন্তৰ্গত কচুৱা, আলিটাঙনী, জুৰিৰপাৰ, মাধৱপাৰা আদি গাঁৱতো পি এম কৃষাণ সন্মান নিধি আঁচনিত শ শ ভূৱা হিতাধিকাৰীৰ নামত ব্যাপক লুন্ঠন চলিছে। এই সন্দৰ্ভত কালি স্থানীয় সমাজকৰ্মী আব্দুল জব্বৰে নগাঁও জিলা উপায়ুক্তক দাখিল কৰা অভিযোগ পত্ৰত উল্লেখ কৰা মতে, বৃহত্তৰ কচুৱা অঞ্চলত এটা দুষ্ট চক্ৰ‌ই বহু ভূৱা হিতাধিকাৰীৰ নাম কৌশলেৰে অন্তৰ্ভুক্ত কৰি বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ(চি এচ পি)ৰ জৰিয়তে লক্ষ লক্ষ টকা আত্মসাৎ কৰিছে। উল্লেখিত গাঁৱৰ একাংশ লোক কৃষক নোহোৱা স্বত্বেও পি এম কৃষাণ নিধি আচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰাই কৃষকৰ ধন আত্মসাৎ কৰিছে। উদাহৰণ স্বৰূপে কচুৱা অঞ্চলৰ মতিউৰ ৰহমান নামৰ এজন লোকৰ পৰিয়ালত ছজন সদস্যৰ নাম এই আচনিত সন্নিবিষ্ট কৰাই কৃষকৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে। অঞ্চলটোত তেনে পৰিয়াল আছে য’ত একেটা পৰিয়ালৰ একাধিক নাম অন্তৰ্ভুক্ত কৰা কৃষকৰ ধনৰ ওপৰত লুন্ঠন চলাইছে। এই সমগ্ৰ দুৰ্নীতি প্ৰক্ৰিয়াত ইউ বি আই বেংকৰ কামপুৰ শাখা, ভাৰতীয় ষ্টেট বেংক কামপুৰ শাখাৰ অধীনত থকা মাধৱপাৰা চি এচ পি, অসম গ্ৰামীণ বিকাশ বেংক কামপুৰ শাখাৰ অন্তৰ্গত জুৰিৰপাৰ, কচুৱা, মাধৱপাৰা, লুতুমমাৰী, চান্দখলা, কঠালগুৰি আদি ঠাইৰ চি এচ পিৰ বানিজ্যিক প্ৰতিনিধি জৰিত আছে। তেওঁলোকেই শ শ ভূৱা হিতাধিকাৰীৰ নামত নিজৰ আঙুলিৰ ছাপ( ফিংগাৰ প্ৰীন্ট) ব্যৱহাৰ কৰি লাখ লাখ টকা একাউণ্টৰ পৰা উঠাই লৈছে। সেয়ে সমাজকৰ্মী গৰাকীয়ে সঠিক তদন্তৰ জৰিয়তে উক্ত আচনিত দুৰ্নীতি-অনিয়ম সংঘটিত কৰা দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী, চি এচ পিৰ লগতে দুষ্ট চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। তদন্ত কৰিলেই একাংশ ৰাজনৈতিক দলৰ নেতা-পালিনেতাৰ লগতে বহু কেইটা চি এচ পিৰ মুখা খোল বুলি সচেতন মহলে মন্তব্য কৰিছে। সমগ্ৰ লুন্ঠন কাৰ্যৰ লগত মুলতঃ জৰিত থকা চি এচ পিৰ বানিজ্যিক প্ৰতিনিধিক ধৰিলেই উৰহি গছৰ ওৰ উলাই পৰিব বুলি চৰ্চা লাভ কৰিছে।

ধুবুৰীত গোৱালপাৰা ডাক সংমণ্ডলৰ ভ্ৰাম্যমাণ ডাক সেৱা

ধুবুৰীত গোৱালপাৰা ডাক সংমণ্ডলৰ ভ্ৰাম্যমাণ ডাক সেৱা

ধুবুৰী

আজি ধুবুৰীত ভ্ৰাম্যমাণ ডাক সেৱা আৰম্ভ কৰে। এই উপলক্ষে ধুবুৰী প্ৰধান ডাকঘৰ চৌহদত গোৱালপাৰা ডাক সংমণ্ডলৰ অধীক্ষক দেবৰাজ শেঠীয়ে এই সেৱা মুকলি কৰে। ভ্ৰাম্যমাণ ডাক সেৱাৰ যোগেদি সমগ্ৰ ধুবুৰী জিলাতে বিশেষকৈ ভিতৰুৱা গ্ৰাম্য অঞ্চলসমূহত ডাকঘৰৰ দ্বাৰা উপলদ্ধ সেৱাসমূহ বিশেষকৈ ছেভিংছ, ৰেকাৰিং ডিপোজিট, সুকন্যা সমৃদ্ধি একাউণ্ট, ডাক জীৱন বীমাৰ লেনদেনৰ সেৱা আগবঢ়োৱা হ’ব। ইয়াৰ উপৰি আই পি পি বি একাউণ্ট আৰু আধাৰযুক্ত যিকোনো বেংক একাউণ্টৰ পৰা টকা উঠোৱাৰ  সুবিধাৰ লগতে ভাৰত চৰকাৰৰ বিভিন্ন জনসুৰক্ষামূলক আঁচনি যেনে প্ৰধানমন্ত্ৰী জীৱন সুৰক্ষা আঁচনি, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনি আৰু অটল পেঞ্চন আঁচনি আদিৰ সেৱা আগবঢ়োৱা হ’ব। উল্লেখযোগ্য যে আজি ধুবুৰী জিলাৰ গোলকগঞ্জৰ পাৰ্শ্বৱৰ্তী গাঁওসমূহত এই সেৱা আগবঢ়োৱা হয় আৰু কাইলৈ ঝগৰাৰপাৰ অঞ্চলত ভ্ৰাম্যমাণ ডাক সেৱা আগবঢ়োৱা হ’ব বুলি ডাক  অধীক্ষক দেবৰাজ শেঠী আৰু সহ-অধীক্ষক গিৰিকান্ত ডেকাই জানিবলৈ দিয়ে।

ব্যৱসায়ী দুৰ্লভ গগৈৰ দেহাৱসান

টিংখাং

ডিব্ৰুগড় জিলাৰ টিংখাং কুঁৱৰীগাঁৱৰ পদুমনিৰ ক্ষুদ্ৰ ব্যৱসায়ী  দুৰ্লভ গগৈ (৩৯)ৰ ২৬ মে’ৰ পুৱা ১০ বজাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিংহোমত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। প্ৰয়াত নকুল গগৈ আৰু প্ৰয়াত ইলাছী গগৈৰ তৃতীয় পুত্ৰ দুৰ্লভ গগৈয়ে দীৰ্ঘদিন অন্ত্ৰজনিত ৰোগত আক্ৰান্ত হৈ অহাৰ পৰৱৰ্ত্তী সময়ত ক্ৰমাৎ শাৰীৰিক অৱনতি ঘটাত যোৱা প্ৰায় দুমাহৰ পৰা চিকিৎসালয়ত নিয়মীয়া চিকিৎসা কৰাই থাকিবলগীয়া হৈছিল৷ ২৫ মে’ত পৰিস্থিতি হঠাতে অধিক জটিল হৈ পৰাত ততাতৈয়াকৈ আত্মীয়লোকে ডিব্ৰুগড়স্থিত ব্যক্তিগত নাৰ্চিংহোমত ভৰ্ত্তি কৰাইছিল আৰু চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।সৰবৰহী ব্যক্তিগৰাকীয়ে মৃত্যুৰ সময়ত পত্নীৰ সৈতে আঢ়ৈ বছৰীয়া একমাত্ৰ কন্যা, ককায়েক, বৌৱেক, ভ্ৰাতৃ, ভগ্নী, পেহী, ভতিজীসহ অনেক আত্মীয় স্বজনক এৰি গৈছে। ব্যৱসায় সূত্ৰে পদুমনি গাঁৱত বসবাস কৰা দুৰ্লভ গগৈৰ নিথৰ দেহ কালি চিকিৎসালয়ৰ পৰা অনাৰ পাছত বিয়লি গড়গুৰি গাঁৱত থকা পিতৃগৃহত সৎকাৰ কৰা হয়৷ তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।

অইলৰ বাঘজান ৱেলত বিষ্ফোৰন । শ শ লোকৰ গাঁও এৰি পলায়ন ।

অইলৰ বাঘজান ৱেলত বিষ্ফোৰন । শ শ লোকৰ গাঁও এৰি পলায়ন ।

তিনিচুকীয়া

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা অইল ইণ্ডিয়াৰ ৫ নং ৱেলত হোৱা বিষ্ফোৰনৰ ফলত ভয়াবহ ভাবে গেছ ৰ্নিগত হয় ।  বিষ্ফোৰনৰ ফলত সমগ্ৰ বাঘজান অঞ্চলটো গেছেৰে ধুঁৱলী-কুঁৱলী কৰি তোলে । যাৰ ফলত আতংকিত হৈ স্থানীয় ৰাইজে টালি টোপোলা বান্ধি নিজ ঘৰ এৰি প্ৰায় দুই শতাধিক পৰিয়াল পলায়ন কৰে । স্থানীয় ৰাইজৰ মতে অইলৰ অকমন্যতাৰ বাবেই এই বিষ্ফোৰনটো হব লগা হল । ইফালে অইল কতৃপক্ষই  নিৰ্গত গেছ বন্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হব পৰা নাই । আৰক্ষী অগ্নিনিৰ্বাহক বাহীনি আৰু অইল কতৃপক্ষই সমগ্ৰ অঞ্চল ঘেৰি নিৰাপত্তাৰ ব্যবস্থা কৰি ৰাখিছে যদিও যিকোনো সময়তে জুই লাগি ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাবনা প্ৰবল হৈ পৰিছে । ইফালে আছু, মটক মৰান আৰু প্ৰকৃতিপ্ৰেমী সংগঠনে মানব জীবন-সম্পত্তি, ৰাষ্ট্ৰীয় উদ্যান জীৱকুলৰ ৰক্ষাৰ বাবে অইলক দাবী জনাইছে । আৰু জিলাখনত ভবিষ্যতে নিৰাপত্তা ব্যবস্থা সুনিশ্বিত কৰিহে অইলে ৱেল স্থাপন কৰিব পাৰিব বুলি সকীয়নি প্ৰদান কৰিছে সংগঠন কেইটাই ।

সুস্থ হৈ উঠিল কলিয়াবৰৰ মিছামুখত উদ্ধাৰ আঘাতপ্ৰাপ্ত বিষাক্ত মুগা ফেঁটী

সুস্থ হৈ উঠিল কলিয়াবৰৰ মিছামুখত উদ্ধাৰ আঘাতপ্ৰাপ্ত বিষাক্ত মুগা ফেঁটী

কলিয়াবৰ

চিকিৎসা প্ৰদানৰ পিছত স্থানীয় ৰাইজৰ জিংঘাসাৰ বলি হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মুগা ফেঁটীটো সুস্থ হৈ আজি মক্ত হৈ পুণৰ প্ৰকৃতিৰ বুকুলৈ গতি কৰে।যোৱা ২৪ মে’ তাৰিখে কলিয়াবৰৰ মিছামুখৰ অনিল বড়োৰ ভঁৰালৰ তলত উদ্ধাৰ হৈছিল দুটা বিষাক্ত মুগা ফেঁটী সাপ। তাৰে এটা সাপ স্থানীয় ৰাইজৰ ক্ষোভৰ বলি হৈ যাঁঠিৰ খোচত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। স্থানীয় প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই দুয়োটা সাপ উদ্ধাৰ কৰি সুস্থ মুগা ফেঁটীটো মুক্ত কৰি দিয়াৰ পিচত আঘাতপ্ৰাপ্ত সাপটো শিলঘাট খণ্ড বন বিষয়াৰ কাৰ্য‍ালয়ত চিকিৎসাৰ ব‍্যৱস্থা কৰা হৈছিল। ধাৰাবাহিকভাৱে তিনিদিন স্থানীয় পশু চিকিৎসক ডাঃ সুৰুজ প্ৰতীম কাকতিৰ তত্বাৱধানত চিকিৎসা প্ৰদানৰ অন্তত সম্পূৰ্ণ সুস্থ হৈ উঠে বিষাক্ত সাপটো। ডাঃ সুৰুজ প্ৰতীমক চিকিৎসাৰ সময়ত সহায় কৰে কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ অধ‍্যক্ষ আৰু সাপটো উদ্ধাৰকাৰী সঞ্জীৱ ডেকাই। সম্পূৰ্ণ সুস্থ সাপটো শিলঘাট কামাখ‍্যা সংৰক্ষিত বনাঞ্চলত আজি মুক্ত কৰি দিয়ে সঞ্জীৱ ডেকাই। তিনিওগৰাকী প্ৰকৃতিপ্ৰেমীৰ এই কাৰ্য‍ক প্ৰকৃতিপ্ৰেমীয়ে শলাগ লৈছে।

লংকাত কপিলীৰ পানীয়ে বুৰাই পেলালে বহু অঞ্চল

লংকাত কপিলীৰ পানীয়ে বুৰাই পেলালে বহু অঞ্চল

লংকা

সমগ্ৰ অসমতে ক’ৰোনাই তীব্র ৰূপ ধাৰণ কৰা সময়তে ভূতৰ ওপৰত দানৱ পৰাদি হোজাই জিলাৰ বিভিন্ন অঞ্চলত বানে  সংহাৰী ৰূপ লৈছে। বিগত দিনকেইটাত পৰি থকা নেৰানেপেৰা বৰষুণে বহু অঞ্চল বুৰাই পেলোৱাৰ লগতে জনজীৱন স্তব্ধ কৰি পেলাইছে। নিয়মিত বৰষুণৰ ফলত কপিলীৰ বাঢ়নী পানীয়ে লংকাৰ কাষৰীয়া লস্কৰপথাৰ,  ঠাইচুপাৰ,  ফৰমাপাৰ আদি অঞ্চলত ঘৰ দুৱাৰ, কৃষি ভূমি বুৰাই পেলাইছে। উপায়ন্তৰ হৈ  বহু পৰিয়ালে পথৰ দাঁতিত আশ্ৰয় লব লগা হৈছে। ইপিনে হোজাইৰো বহু অঞ্চল কপিলী নৈৰ জলপৃষ্ঠ নিশাটোৰ ভিতৰতেই ক্ৰমাৎ ফেনে ফুটুকাৰে বঢ়াৰ ফলত নৈ পৰিয়া বহু অঞ্চল বৰ্তমান জলমগ্ন। হোজাইৰ লস্কৰ পথাৰ, যমুনাচিট, ৰাইকটা, কোমৰাকটা, নভঙা আদি কৰি ১৫ৰ অধিক গাঁও বৰ্তমান বানৰ কৱলত৷ অঞ্চলটোৰ বহু ৰাইজৰ ঘৰ বৰ্তমান বানৰ কৱলত। আনহাতে আকৌ, হোজাই-পশ্চিম কাৰ্বি-আংলং সংযোগী পথ বৰ্তমান পানীৰ তলত৷

হাজোৰ সনাতন ডেকাৰ হত্যাকাৰীক ফাঁচীৰ দাবী

হাজোৰ সনাতন ডেকাৰ হত্যাকাৰীক ফাঁচীৰ দাবী

সমগ্ৰ ৰাজ্য কঁপাই যোৱা হাজোৰ ক্ষুদ্ৰ পাচলি ব্যৱসায়ী সনাতন ডেকাৰ হত্যাকাণ্ডৰে জড়িত অভিযুক্তক ফাঁচী দিয়াৰ বাবে বুধবাৰে টীয়কৰ বাদুলীপুখুৰীত মৰিয়া জাতি যুৱ-ছাত্ৰ পৰিষদৰ আহ্বানত স্থানীয় মুছলমান সম্প্ৰদায়ৰ লোসকলে দাবী জনায়৷ ইপিনে একাংশ লোকে হাজোৰ এই ঘটনাক সাম্প্ৰদায়িক ৰূপ দি সামাজিক মাধ্যমৰ যোগেদি সাম্প্ৰদায়িক বীজ বাষ্প বিয়পাব বিচৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় সমবেতসকলে৷ হত্যাকাৰীৰ কোনো ধৰ্ম নাই।হত্যাকাৰীক উপযুক্ত শাস্তি প্ৰদান কৰক। কিন্তু এনে ঘটনাৰ আলম লৈ সাতামপুৰুখীয়া অসমৰ সম্প্ৰীতি বিনষ্ট নকৰিবলৈ আহ্বান জনায়।

টীয়কৰ জাঁজীমুখত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাইছে অঞ্চল

টীয়কৰ জাঁজীমুখত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাইছে অঞ্চল

টীয়ক

আৰম্ভ হ’ল নৈ পৰীয়া ৰাইজৰ দুৰ্বিস জীৱন৷ বছৰৰ প্ৰথমটো বানৰ কৱলত পৰিছে টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত জাঁজীমুখ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ বাবে বন্ধ কৰি দিয়া হৈছে জাঁজীমুখ পাৰঘাটৰ নাঁওৰ চলাচল। ফলত বহিঃজগতৰে বিছিন্ন হৈ পৰিল জাঁজীমুখৰ জপং, বৰমথাউৰি, শগুনপৰা, তিনিঘৰীয়াকে ধৰি প্ৰায় ১০-১২ খন গাঁও৷ নদীখনৰ বাঢ়নী পানীয়ে ইতিমধ্যে নদীৰ ইপাৰৰ গাঁওসমূহ বুৰাই পেলাইছে। বৰ্তমানো পানী বাঢ়ি আছে ব্ৰহ্মপুত্ৰৰ৷ এইদৰে নদীখনৰ পানী বাঢ়ি থাকিলে অনাগত দিনত নদীপৰীয়া ৰাইজ গভীৰ সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা দেখা দিছে৷ সৰ্বতে ক’ৰোনাৰ আতংকৰ সময়ত ব্ৰহ্মপুত্ৰৰ এই বাঢ়নী পানীয়ে এতিয়া নৈপৰীয়া ৰাইজৰ অৱস্থা যে অধিক সংকটময় কৰি তুলিব সেয়া খাটাং হৈ পৰিছে। ইতিমধ্যে খেতি পথাৰ, বাট পথ সকলো পানীৰ কবলত।

সীমান্তৰ গেলেকীত অসমৰ ভূমি দখলৰ প্ৰচেষ্টা নগাৰ : সৰৱ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

সীমান্তৰ গেলেকীত অসমৰ ভূমি দখলৰ প্ৰচেষ্টা নগাৰ : সৰৱ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

নাজিৰা

শিৱাসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত অসমৰ ৰাজহ ভূমি দখলৰ বাবে বিগত বৰ্ষৰ আগষ্ট মাহৰ নগালেণ্ড চৰকাৰ তথা প্ৰশাসনৰ পৃষ্ঠপোষকতাত নাগালেণ্ডৰ য়ংলক বস্তুিৰ ভিলেজ কাউঞ্চিলে চলোৱা প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী দলপতি তথা নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া। বিৰোধী দলপতিগৰাকীয়ে অসমৰ ভূমি দখলৰ নগাৰ এনে প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহন কৰিবৰ বাবে এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে। উল্লেখ্য যে শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকী সংৰক্ষিত বনাঞ্চলৰ ভূমি সংলগ্ন অসমৰ ৰাজহ ভূমিত আগ্ৰাসী নগা বাহিনীয়ে সীমান্ত অঞ্চলটোৰ থলুৱা যুৱকে স্হাপন কৰা ক্ষুদ্ৰ চাহ বাগিচাৰ প্ৰায় দুহেজাৰ চাহপুলি কাটি খাস্তাং কৰাৰ লগতে অসমৰ উক্ত ৰাজহ ভূমি নাগালেণ্ডৰ বুলি দাবী কৰি উক্ত ভূমিত পহৰা দিবলৈ যোৱা অসম আৰক্ষী বেটেলিয়েনক খেদি পঠিয়ায়। এই বাতৰি প্ৰকাশ হোৱাৰ পাছতে বিৰোধী দলপতি তথা স্হানীয় বিধায়ক দেৱব্ৰত শইকীয়াই নগাৰ এনে তৎপৰতাৰ বিৰুদ্ধে অসম চৰকাৰক সীমান্তৰ অসমৰ ভূমি ৰক্ষাৰ লগতে সীমান্তবাসীৰ নিৰাপত্তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে। বিৰোধী দলপতিগৰাকীয়ে ২৩ মে’ত মূখ্যমন্ত্ৰীক প্ৰদান কৰা স্মাৰকপত্ৰখনত শিৱসাগৰ জিলাৰ সীমান্ত অঞ্চলসমূহত স্হাপন হ’ব লগা সীমান্ত আৰক্ষী চকীসমূহ তৎকালে স্হাপন কৰা, সীমান্তত অতন্দ্ৰ প্ৰহৰীৰূপে থকা সীমান্তবাসীৰ সুৰক্ষা নিশ্চিত কৰাৰ স্বাৰ্থত সীমান্ত এলেকা পহৰাৰ বাবে পূৰ্বতকৈ অধিক আৰক্ষী নিয়োগ কৰা, তৃতীয়তে সীমান্ত অঞ্চলত যিকোনো মুহূৰ্তত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্হিতিৰ সময়ত সীমান্ত দণ্ডাধীশ নহ’লে যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি হয়, যাৰ বাবে নগাই সীমান্ত অঞ্চলত সঘনে আগ্ৰাসন আৰু সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। সেয়েহে বছৰ বছৰ ধৰি নাজিৰা মহকুমা খালী হৈ থকা সীমান্ত দণ্ডাধীশৰ পদবীটোত এজন সীমান্ত দণ্ডাধীশ শীঘ্ৰে নিযুক্তি দিয়াৰ লগতে সীমান্ত অঞ্চলটোৰ বাট-পথ উন্নয়নৰ বাবে অধীক পুঁজি আৱণ্টন দিবলৈ স্মাৰকপত্ৰখনত দাবী জনাইছে।

নগাঁৱৰ উপায়ুক্তৰ সৰলতাৰ সুযোগ লৈ বহুৱাইছে দুৰ্নীতিৰ বজাৰ

নগাঁও

নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে লাগি থকা সহকাৰী পৰিকল্পনা বিষয়াৰ কাৰ্যালয়ত এম এছ ডি পি, বিধায়ক আৰু সাংসদ পুঁজিৰ নামত দুৰ্নীতিৰ বজাৰ মুকলি কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী সহকাৰী পৰিকল্পনা বিষয়াৰ বিৰুদ্ধে । অভিযোগ উঠা মতে, সহকাৰী পৰিকল্পনা বিষয়া বিজয় কুমাৰ বিশ্বাসে বিভিন্ন আচঁনিৰ নামত ঠিকাদাৰ, বিভিন্ন নিৰ্মাণ সমিতিৰ লোকৰ পৰা প্ৰতিটো কামৰ বিনিময়ত কমিচন আদায় কৰি আহিছে । আনহাতে, যি সকলৰ পৰা কমিচন নাপায় তেওঁলোকক নানান অজুহাতত ঘুৰাই হাৰাশাস্তি কৰে। এই গৰাকী বিষয়াই আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিজেপিৰ নেতা অনিল শইকীয়াকে ধৰি কেইবা গৰাকী নেতাৰ সৈতে তেওঁৰ ঘনিষ্টতা থকা বুলি দম্ভালি মাৰি ফুৰা বিষয়া গৰাকীক লোক সভা নিৰ্বাচনৰ পূৰ্বে নগাঁৱৰ পৰা তেজপুৰলৈ বদলি কৰা হৈছিল যদিও মাত্ৰ আঠ মাহ থাকি পুনৰ নগাঁৱৰ সেইখন চকীতেই বহি দপদপনি আৰম্ভ কৰে । আৰু কাৰ্যালয়টো সোনৰ কণী পৰা হাঁহত পৰিণত কৰি কমিচন চলোৱা বুলি সচেতন মহলত  চৰ্চা হৈছে।  বিষয়াগৰাকীৰ এনে দুৰ্নীতিগ্ৰস্থ মানসিকতাৰ বাবেই নগাঁৱৰ বিভিন্ন সমষ্টিৰ বিভিন্ন গুৰুত্বপূৰ্ণ আচঁনিতো একাংশ বিষয়া-ঠিকাদাৰে অনিয়ম সংঘটিত কৰাৰ সুযোগ লাভ কৰিছে। উত্থাপিত অভিযোগ মতে বিষয়া গৰাকীৰ কাৰ্যালয়ৰ পৰা মাত্ৰ এক কিঃ মিঃ দূৰৈত বাসগৃহ থকাৰ বাবেই গুৰু গোসাঁই নামানি অবাধ দুৰ্নীতিত লিপ্ত হৈছে তেওঁ । শূন্য  সহনশীলতাৰ পৰিৱেশ সৃষ্টিৰ বাবে অহৰহ প্ৰয়াস কৰি থকা সৰ্বানন্দ সোনোৱাল চৰকাৰৰ বিপৰীতে একাংশ আমোলাই এতিয়াও তলে-তলে দুৰ্নীতিগ্ৰস্থ বিষয়াৰ সৈতে মিতিৰালি অব্যাহত ৰখাৰ বাবেই বিশ্বাসৰ দৰে বিষয়াই অনিয়ম চলাব পাৰিছে বুলি সচেতন ৰাইজে মন্তব্য কৰিছে । বিভিন্ন বিধানসভা সমষ্টিৰ বিধায়ক পুজিঁৰ কামৰ ফাইল পোটআপ কৰি দিয়াৰ বাবদ পৰিকল্পনা বিষয়া গৰাকীয়ে জিলা উপায়ুক্তৰ সৰলতাৰ সুযোগ লৈ ব্যাপক দুৰ্নীতি-অনিয়ম কৰি থকাৰ উপৰি সাংসদ পুঁজিৰ বিভিন্ন কামতো কমিচন লোৱাৰ বাবেই বহু ঠাইত গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হৈ উঠাত ব্যাঘাত জন্মিছে। বদলি হোৱাৰ পিছতো পূৰ্বৰ চকীৰ লোভ সামৰিব নোৱাৰি বিভিন্ন কৌশলেৰে পুনৰ নগাঁৱলৈ উভতি অহা এইগৰাকী বিজয় কুমাৰ বিশ্বাসৰ বিৰুদ্ধে মূখ্যমন্ত্ৰী সোনোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ  কৰিবলৈ দাবী উত্থাপন কৰিছে  আৰ টি আই কৰ্মী এ জে আকন্দয়ে এটি প্ৰেছ বাৰ্তা জৰিয়তে ।