Home Blog Page 3342

ধুবুৰীত ধাৰাষাৰ বৰষুণ, ধুমুহা : বিস্তৰ ক্ষয়ক্ষতি

ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত নেৰানেপেৰা বৰষুণ আৰু ধুমুহাৰ ফলত ব্যাপক ক্ষতি হোৱা পৰিলক্ষিত হয়।

 ধুবুৰী

ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত নেৰানেপেৰা বৰষুণ আৰু ধুমুহাৰ ফলত ব্যাপক ক্ষতি হোৱা পৰিলক্ষিত হয়।   ধুমুহা-বৰষুণৰ ফলত ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত তামাৰহাট পঞ্চায়ত, ডিংডিঙ্গা পঞ্চায়ত, কামানডাঙ্গা পঞ্চায়ত আৰু কুমাগঞ্জ গাঁও পঞ্চায়তৰ অধীনৰ অঞ্চলসমূহত বিস্তৰ ক্ষতিসাধন হয়।জিলাখনৰ গৌৰীপুৰ, বিলাসীপাৰা, পানবাৰী, বিলাসীপাৰা, চাপৰ, সাপটগ্ৰাম আদি অঞ্চল ধুমুহাৰ ফলত বহু গছ-গছনি  ভাঙি ঘৰ বাৰীৰ বিস্তৰ ক্ষতি সাধন হৈছে। প্ৰকাণ্ড প্ৰকাণ্ড গছ ভাঙি পৰাৰ ফলত চাৰি চকীয়া বাহনৰো ক্ষতিসাধন হয়। তাৰোপৰি গছ-গছনি ভাঙি পৰাত অঞ্চলটোৰ বিভিন্ন ঠাইত বিদ্যুতৰ তাৰ ছিঙি যোৱাত বৃহত্তৰ  অঞ্চলটোত বিদ্যুত যোগান সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰিছে।বাঢ়নি পানীয়ে জিলাখনৰ ন ন অঞ্চল প্লাবিত কৰে।

গোলাঘাটত ক’ৰোনাৰ সামাজিক সংক্ৰমণৰ আশংকা : চিকিৎসক-নাৰ্চ, স্বাস্থকৰ্মী, ৰোগীসহ কুৱাৰেণ্টাইনত ৪৮

গোলাঘাট

ক’ৰোনাই গ্ৰাস কৰিছে গোলাঘাটক৷ ৯জন সুস্থ হৈ উঠাৰ পিছত বৰ্তমানলৈ ৮৪ গৰাকীকৈ আক্ৰান্ত লোকেৰে অসমৰ সৰ্বাধিক আক্ৰান্তৰ সংখ্যা বহন কৰিছে গোলাঘাটে। ইফালে মাত্ৰ দুটা দিনৰ ভিতৰতে ৮০ জনকৈ লোক আক্ৰান্ত হোৱা ঘটনাই অধিক আতংকিত কৰি ৰাখিছে জিলাখনক৷ তেনে সময়ত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। মেডিচিন ৱাৰ্ডৰ এজন ৰোগীৰ দেহত ক’ৰোনা পজিটিভ ধৰা পৰাৰ পিছতে জিলাখনত সামাজিক সংক্ৰমণ হোৱা আশংকাই দহিছে স্বাস্থ্য বিভাগৰ লগতে জিলাবাসীক৷ খবৰ অনুসৰি  মানসিক বিকাৰগ্ৰস্ত ৫৮ বছৰীয়া নাছিম নামৰ এজন ব্যক্তিজনক কোনো লোকে বাটত প্ৰত্যক্ষ কৰি কাছমাৰি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰিছিল। তাৰ পৰা লোকজনক স্থানান্তৰ কৰা হৈছিল গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ৷ চিকিৎসালয়লৈ অহাৰ সময়ত লোকজনৰ দেহত কোনো ক’ৰোনাৰ  লক্ষণ নাছিল যদিও স্বোৱাব সংগ্ৰহ কৰা হৈছিল যদিও লোকজনক সাধাৰণ ৰোগীৰ দৰেই ৰাখি চিকিৎসা কৰা হৈছিল কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত। কালি লোকজনৰ দেহত ধৰা পৰে ক’ৰোনাৰ অৱস্থিতি আৰু লগে লগেই আতংকময় পৰিৱেশৰ সৃষ্টি চিকিৎসালয়খনত। তাৰ পিছতে আজি জিলা প্ৰশাসনে  তেওঁৰ  সংস্পৰ্শলৈ অহা ৪৮ গৰাকী লোকক  কোৱাৰেন্টাইন কৰা হয়৷ জানিব পৰা মতে   চিকিৎসালয়খনৰ ৬জন চিকিৎসক-নাৰ্চৰ লগতে  স্বাস্থ্যকৰ্মী, ৱাৰ্ড বয় সহ ২০ গৰাকীক হোম কুৱাৰেণ্টাইন কৰাৰ লগতে ৱাৰ্ডটোৰ ৰোগী আৰু ৰোগীৰ আত্মীয় ২৪জনসহ চিকিৎসালয়খনৰ মেডিচিন ৱাৰ্ডটো (পুৰুষ) কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে৷ হোম কুৱাৰেণ্টাইন কৰা চিকিৎসকসকল হ’ল ক্ৰমে ডাঃ ৰবীন তামুলী, ডাঃ সুনীতা এক্কা, ডাঃ দিগন্ত দাস, ডাঃ দীপক দত্ত,  ডাঃ বিপুল দাস আৰু বিকাশ শৰ্মা৷ অন্যহাতে কালি ৫৯ গৰাকীৰ দেহত ক’ৰোনা ধৰা পৰাৰ পাছত আজি ২১জনৰ দেহত এই ৰোগ ধৰা পৰে৷ আজি ধৰা পৰা  ৰোগীসকল হ’ল ক্ৰমে জাবাজ আলি (২২), অনিল পেগু (৪০), সুনীল মোদি (২০), জিতু দলে (২১), পাৰ্থজ্যোতি কলিতা (২৪),  ৰণজিৎ বসুমতাৰী (৩২), কৃষ্ণ তামাং (২২), তৰুণ শইকীয়া (২১),  ৰাহুল শইকীয়া (২৫), দামোদৰ টোডি (২৫), ভূৱনেশ্বৰ ৰয় (২৪), জয়ন্ত বৰা (২৭), ৰমেন হাজৰিকা (২৫),  অজিত শইকীয়া (২৪), ডম্বৰু ৰাভা (৩৭), ৰূপম লইং (২৪), অভিজিৎ বড়ি৷

কলিয়াবৰত বৰলুইতৰ কালৰূপ ।কলিয়াবৰৰ বৰঘূলীত বৰলুইতৰ বুকুত জাহ গ’ল মছজিদ ।

কলিয়াবৰ

এতিয়া কৰ’না সন্ত্ৰাসতকৈও ভয়ানকৰূপে দেখা দিছে বৰলুইতৰ খহনীয়াই। কলিয়াবৰৰ জলসম্পদ মন্ত্ৰীৰ গৃহ সমষ্টিৰ বৰঘূলীত। সহস্ৰাধিক ভূমি, গৃহ বৰলুইতত জাহ যোৱাৰ পিচত ব্ৰহ্মপুত্ৰৰৰ বুকুত জাহ গ’ল মছজিদ। পবিত্ৰ ঈদ পালনৰ পিচদিনাই নৱ-নিৰ্মিত মছজিদটো খহনীযাৰ কৱলত পৰে। আনহাতে, গৰাখহনীয়া অব্যাহত থকাৰ মাজতে জলসম্পদ বিভাগৰ ঠিকাদাৰ দল এটা উপস্থিত হৈছিল বৰঘূলীত। এখন যন্ত্ৰচালিত নাঁৱেৰে উপস্থিত দলটোলৈ শিলগুটি নিক্ষেপ কৰে খহনীয়াগ্ৰস্ত বৰঘূলীৰ উত্তেজিত জনতাই। সময় থাকোতেই খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰা ঠিকাদাৰে খহনীয়া অব্যাহত থকাৰ সময়ত বৰঘূলীত উপস্থিত হোৱা ঠিকাদাৰৰ কৰ্মচাৰীৰ ওপৰত  উত্তেজিত হৈ পৰে নৈপৰীয়া ৰাইজ। পৰৱৰ্তী সময়ত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। তৎস্বত্বেও এই সময়ছোৱাত কৰ’না সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে সামাজিক দুৰত্ব বজাই ৰখিব নোৱাৰি আন এক সঙ্কটৰ কৱলত পৰিছে বৰঘূলীবাসী।

টিংখাঙত নিজামুদ্দিন ফেৰৎসহ ১৩ জনক কোৱাৰেণ্টাইন

টিংখাং

বহিঃৰাজ্যৰ পৰা নিজ গৃহলৈ অহা লোকসকলক অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড় জিলাৰ টিংখাঙত কোৱাৰেণ্টাইন শিবিৰ স্থাপন কৰে। স্থানীয় প্ৰশাসনে অঞ্চলটোৰ শ্ৰীবাংগোৰ আৰু শ’লগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত দুটা কোৱাৰেণ্টাইন শিবিৰ স্থাপন কৰে।এই দুখন শিক্ষানুষ্ঠানৰ লগতে অঞ্চলটোৰ আন কেবাখনো শিক্ষানুষ্ঠানত প্ৰশাসনে কোৱাৰেণ্টাইন শিবিৰ স্থাপন কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে। শ্ৰীবাংগোৰ উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা শিবিৰত মহিলাসহ ১৩ জন লোকক কোৱাৰেণ্টাইনত কৰা হৈছে। এই লোক কেইজনক দেওবাৰৰ সন্ধিয়া শিবিৰটোত ভৰ্তি কৰা হয়। শিবিৰটোত দিল্লীৰ নিজামুদ্দিন মাৰ্কাজলৈ যোৱা অঞ্চলটোৰ তিনিজন যুৱককো ৰখা হৈছে। ৰাজগড়ৰ এই তিনি যুৱকে দিল্লীৰ মাৰ্কাজলৈ গৈ লকডাউনৰ পৰিপ্ৰেক্ষিতত বহিঃৰাজ্যত আবদ্ধ হৈ আছিল।বহিঃৰাজ্যৰ পৰা অহাৰ পাছতে তিনিজন যুৱককে শিবিৰটোত কোৱাৰেণ্টাইন কৰা হৈছে। শিবিৰটোত কোৱাৰেণ্টাইন কৰাৰ পূৰ্বে সকলোৰে স্বাস্থ্য পৰীক্ষা কৰা হৈছে। কোৱাৰেণ্টাইনত থকা লোকসকলে শিবিৰটোত থকা সময়ছোৱাত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ব্যৱস্থা অতি সুন্দৰকৈ কৰা হৈছে বুলি প্ৰশাসনৰ ফালৰ পৰা প্ৰকাশ কৰিছে। স্থানীয় প্ৰশাসনৰ বিভিন্ন বিভাগৰ লগতে বৰবাম গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলে শিবিৰটো পৰিচালনা কৰিছে। তদুপৰি সমষ্টিটোৰ বিধায়ক বিমল বড়াই শিবিৰটো নিজে তদাৰক কৰা বুলি জানিব পৰা গৈছে। শিবিৰটোলৈ দুই এদিনৰ ভিতৰতে বহু সংখ্যক অহাৰ সম্ভাৱনা আছে। এই শিবিৰটোত শতাধিক লোকক কোৱাৰেণ্টাইন কৰাৰ বাবে সাজু কৰি ৰখা হৈছে। আনহাতে টিংখাং অঞ্চলত এই পৰ্যন্ত প্ৰায় পঞ্চাছজনৰো অধিক লোক হোম কোৱাৰেণ্টানত থকাৰ কথা জানিব পৰা গৈছে।

হোজাইত আমছুৰ শ্বহীদ দিৱস পালন

হোজাইত আমছুৰ শ্বহীদ দিৱস পালন

ডবকা

সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ “শ্বহীদ দিৱস” প্ৰতি বছৰৰ দৰে এইবাৰো কেন্দ্ৰীয়ভাৱে আজি পালন কৰা হয় যদিও ভয়াবহ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা দেশবাসীক ৰক্ষা কৰাৰ নিমিত্তে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত উক্ত অনুষ্ঠান বাতিল কৰি আমছুৰ প্ৰতিখন জিলা সমিতিয়ে সংশ্লিষ্ট জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ সহযোগত নিজৰ নিজৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্টুপীয়াকৈ সম্পূৰ্ণ সামাজিক দূৰত্ব বৰ্তাই ৰাখি ১৯৮০ চনৰ পৰা আজিলৈকে আমছুৰ গণতান্ত্ৰিক আন্দোলনত আত্মবলিদান দিয়া বীৰ শ্বহীদ সকলৰ আত্মাৰ সদগতি অৰ্থে শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে  হোজাই জিলা আমছুয়েও হোজাই টাউনত আমছু কেন্দ্ৰীয় উপ-সভাপতি মনোৱাৰ হুছেইন (বকুল)ৰ  উপস্থিতিত বীৰ শ্বহীদ সকলৰ আত্মাৰ সদগতি কামনাৰ্থে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা কৰে৷ সংখ্যালঘুসকলৰ প্ৰাপ্য অধিকাৰ সুনিশ্চিত কৰাৰ লগতে সামগ্ৰিকভাৱে অসম আৰু অসমীয়া জাতিৰ সাৰ্বিক উত্তৰণৰ বাবে মহান শ্বহীদসকলৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ জাতীয় আন্দোলনত যোগদান কৰাৰ বাবে সংখ্যালঘু সম্প্ৰদায়ৰ যুৱ সমাজক আহ্বান জনাই জিলা সাধাৰণ সম্পাদক কবিৰ আহমেদে ৷

প্ৰিণ্ট, ডিজিটেলৰ নামত সন্থা খুলি সন্ত্ৰাস চলোৱা স্বয়ম্ভূ সাংবাদিক হাচিব উদ্দিন তালুকদাৰক জে’ললৈ প্ৰেৰণ

ধন দাবীৰ অভিযোগত মোৰাজাৰ আৰক্ষীয়ে আটক কৰে হোজাই জিলাৰ কপাহবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পাভিজুৰী গাঁৱৰ স্বয়ম্ভু সাংবাদিক হাচিব উদ্দিন তালুকদাৰক ৷

ডবকা

ধন দাবীৰ অভিযোগত মোৰাজাৰ আৰক্ষীয়ে আটক কৰে হোজাই জিলাৰ কপাহবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পাভিজুৰী গাঁৱৰ স্বয়ম্ভু সাংবাদিক হাচিব উদ্দিন তালুকদাৰক৷ প্ৰাপ্ত তথ্য মতে কেইবামাহৰ পৰা নিজকে সাংবাদিক সন্থাৰ সভাপতিৰ পৰিচয় দি হোজাই জিলাত সন্ত্ৰাস চলোৱা স্বয়ম্ভূ সাংবাদিক অৱশেষত মোৰাঝাৰ আৰক্ষীৰ জালত পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সামাজিক মাধ্যম ফেচবুক, হুৱাটৱাপত আৰক্ষীক বিভিন্নজনে ধন্যবাদেৰে উপচায় পেলাইছে৷ হোজাই জিলাৰ থানাই থানাই বিভিন্ন অপৰাধমূলক গোচৰ ৰুজু হৈ আছে এইগৰাকী স্বয়ম্ভূ সাংবাদিকৰ বিৰুদ্ধে। ফেচবুক পেজ খুলি কেতিয়াবা শিক্ষক সমাজ, আন কেতিয়াবা সাংবাদিক, আকৌ কেতিয়াবা আৰক্ষীৰ নামত অপপ্ৰচাৰত লিপ্ত হৈছিল হাচিব উদ্দিন তালুকদাৰ নামৰ স্বয়ম্ভূ সাংবাদিকজন। যি ইচ্চা তাকে কৰি গৈছিল সাংবাদিকজনে৷ উল্লেখ্য, কিছুদিন পূৰ্বে মোৰাঝাৰ আৰক্ষীৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত অপপ্ৰচাৰ চলাই ডবকাৰ ফাৰুক আহমেদ নামৰ এগৰাকী স্বয়ম্ভূ সাংবাদিক জে’ল হাজতোলৈ যোৱাৰ চাঞ্চল্য মাৰ নাযাওঁতেই পুনৰ হাচিব উদ্দিন তালুকদাৰ নামৰ স্বয়ম্ভূ সাংবাদিকগৰাকী গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ হোজাই জিলাত। সাংবাদিকতাৰ নূন্যতম জ্ঞান নথকা মুখাপিন্ধা সাংবাদিকজনে ভয় ভাবুকিৰে বিভিন্ন ছিণ্ডিকেটৰ পৰা মাহিলী ৫ ৰ পৰা ২০ হাজাৰ টকা পৰ্যন্ত গুণ্ডা টেক্স সংগ্ৰহ কৰাৰো অভিযোগ আছে।কিছুদিন পূৰ্বে দক্ষিণ নোৱাবিল গাঁৱৰ এটা অবৈধ কাঠ মিলৰ পৰা মুকলিকৈ উৎকোচ লৈ থকা দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল এইগৰাকী স্বয়ম্ভু সাংবাদিকৰ। মোৰাঝাৰ বান্দৰ মেলা গাঁৱৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰাও নগত ৬০ হাজাৰ টকা দাবী কৰাৰ অভিযোগত মোৰাঝাৰ থানাত ৫৫৬/১৯ নম্বৰত এটা গোচৰ পঞ্জীয়ন হৈছিল এইগৰাকী ঘোচখোৰ ডিজিটেল সাংবাদিক সন্থাৰ সভাপতিৰ বিৰুদ্ধে৷ কেৱল এয়াই নহয় কপাহবাৰী উত্তৰ ডিমৰুপাৰ নতুন প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী সহজ সৰল প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধেও ভুৱা প্ৰচাৰ আৰু ব্লেকমেইলিঙৰ অভিযোগত ডবকা চক্ৰ বিষয়াৰ কাৰ্যালয়, জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তো অভিযোগ দাখিল হৈছিল এইগৰাকী  সাংবাদিকৰ বিৰুদ্ধে৷ নিশা হ’লেই হাচিব উদ্দিনৰ নেতৃত্বত নিশাচৰ প্ৰাণীৰ দৰে নিজৰ চাৰিচকীয়া বাহনেৰে গৰু, কয়লা আদি বিভিন্ন ছিণ্ডিকেটৰ লগত জড়িত হৈ পৰাৰ অভিযোগ আছে চক্ৰটোৰ বিৰুদ্ধে৷ কয়লা, গৰু আৰু অবৈধ কাঠ মিলৰ পৰা আৰক্ষী আৰু বন বিভাগৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি আজি আদালতত হাজিৰ কৰাত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ এই গৰাকী হাচিব উদ্দিনে জিলাখনৰ একাংশ সহজ সৰল ছাত্ৰ আৰু যুৱক-যুৱতীক বিভিন্ন প্ৰলোভন দি নামনি অসমৰ এটা ৱেব পেইজৰ ই পেপাৰ আৰু ফেচবুক পেজৰ সাংবাদিক নিযুক্তি দি ভুৱাকৈ প্ৰেছ কাৰ্ড প্ৰদান কৰি টকা লোৱাৰো অভিযোগ উঠিছে ৷ ভুৱা সংবাদ প্ৰতিষ্ঠান দুটাৰ সম্পাদকে হোজাই জিলাৰ এইসকল যুৱক-যুৱতীক এক প্ৰকাৰ খিৰতি গাই হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে৷ এইসকল যুৱক-যুৱতীৰ পৰা প্ৰেছ কাৰ্ড প্ৰদানৰ নামত সম্পাদকদ্বয়ে একাউণ্ট যোগে হাজাৰ হাজাৰ টকা লোৱাৰো তথ্য পোৱা গৈছে৷ কেৱল হোজাই জিলাতেই নহয় সংবাদ প্ৰতিষ্ঠানৰ নামত অসমৰ বিভিন্ন প্ৰান্তৰ সহজ সৰল যুৱক-যুৱতীক প্ৰৱঞ্চনাৰে লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে৷ আৰক্ষীৰ সঠিক তদন্তৰ পিছত আৰু ভয়ংকৰ তথ্য ফাদিল হোৱাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে৷ যোৱা ২৫ মে’ তাৰিখে মোৰাজাৰ আৰক্ষীৰ বিৰুদ্ধেও এইগৰাকী স্বয়ম্ভূ সাংবাদিক হাচিব উদ্দিন তালুকদাৰে হোজাই আৰক্ষীৰ বিৰুদ্ধে ভুৱাকৈ সংবাদ মেলৰ নাটক কৰি  ছচিয়েল মিডিয়াত অপপ্ৰচাৰ চলোৱা ঘটনা সহজভাৱে মানি ল’ব পৰা নাই হোজাই জিলাৰ দল-সংগঠনৰ লগতে সচেতন মহলে। লকডাউনৰ মাজতে দিন ৰাতি একাকাৰ কৰি ৰাইজৰ সেৱা আগবঢ়োৱা আৰক্ষীৰ বিৰুদ্ধে চলোৱা এনে অপপ্ৰচাৰত চিন্তিত হৈ পৰিছে হোজাইৰ সচেতন মহলে৷ স্বায়ম্ভূ সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছত সংবাদ মহলকে ধৰি একাংশ দল-সংগঠনে হোজাই আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে৷

ন-দিহিং নৈ বাঢ়নী পানীয়ে উটুৱাই নিলে জুবিন গাৰ্গ সেতু

ন-দিহিং নৈ বাঢ়নী পানীয়ে উটুৱাই নিলে জুবিন গাৰ্গ সেতু

ডিৰাক সীমান্ত

অসমৰ একেবাৰে পূৱ প্ৰান্তৰ তিনিচুকীয়া জিলাৰ ডিৰাক অঞ্চলত পাহাৰীয়া খৰশ্ৰুতা নদী ন-দিহিঙৰ বুকুত অঞ্চলটোৰ ৰাইজৰ একক প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিয়াইছিল ৪৯০ মিটাৰ দৈৰ্ঘ্যৰ এখন বাঁহৰ দলং৷ দলঙখনৰ নাম দিছিল জুবিন গাৰ্গ দলং৷ চৰকাৰৰ বঞ্চনা আৰু অৱহেলাৰ বলি হোৱা অঞ্চলটোৰ ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি শ্ৰমদানেৰে নিৰ্মাণ কৰিছে উলিয়াইছে সীমান্ত টেঙাপানী গাঁও সংযোগী এই দলংখন ৷ ১৯৯২ চনত অহা এক প্ৰলয়ংকাৰী বানে সীমান্ত টেঙাপানী গাঁৱক বিচ্ছিন্ন কৰি দিছিল অসম সংস্পৰ্শ ভূখণ্ডৰ পৰা৷ তেতিয়াৰে পৰা চামিল হৈ পৰিছিল অৰুণাচলৰ ভূখণ্ডৰ সৈতে৷ কিন্তু সকলো কামকাজ অসম সৈতে, ভোটাধিকাৰো অসমতে৷ সেই ফলস্বৰূপে তেওঁলোকে নাপাই অৰুণাচল চৰকাৰৰ পৰাও কোনোধৰণৰ সা-সুবিধা। ক্ৰমে অৱহেলিত হৈ পৰিল অসম চৰকাৰৰ পৰাও৷ দিনক দিনে গাঁওখনে চৰকাৰৰ সা-সুবিধা, পঞ্চায়তি সুবিধা আদিৰ পৰা বঞ্চিত হ’বলৈ ধৰিলে৷ বৰ্তমান ১০৩ টা ঘৰ থকা এই গাঁৱৰ জনসংখ্যা ৭৪৯ জন ভোটাৰৰ সংখ্যা ২৮৩ জন৷ কিন্তু বিগত ২৯ বছৰে ইয়াৰ জনসাধাৰণে বিপদ সংকুলভাবে যাতায়াত কৰি আহিছে টুলোঙা নাৱেৰে৷ প্ৰতি বছৰে ভৰ বাৰিষা বহুদিনৰ ধৰি গাঁওখন  সংযোগ বিচ্ছিন্ন হৈ পৰে বহিঃজগতৰ লগত৷ কিন্তু কাণ সাৰ নাই চৰকাৰৰ৷ অৱশেষত ১নং সৰুডিৰাক গাঁৱৰ এজন সচেতন যুৱক বুলবুল মাউটৰ পৰিকল্পনাত এই খৰশ্ৰুতা নদীখনৰ উপৰত ৰাইজে এখন দলং নিৰ্মাণৰ সপোন দেখিলে৷ এক সহমতত উপনিত হৈ গঞা ৰাইজৰ শ্ৰম আৰু দান বৰঙণিৰে নিৰ্মান কৰা সেতুখন সম্পূৰ্ণ হোৱাৰ পাছত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব গৰাকীয়ে নিজে আহি উদ্বোধন কৰাৰ কথা আছিল যদিও মুৰকত শাৰীৰিক অসুস্থতাৰ বাবে সেইয়া হৈ নুঠিল৷ দলঙখন কেইবাদিনো ধৰি অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলত হৈ থকা নেৰানেপেৰা বৰষুণত নৈ উপনৈৰ জলস্তৰ ভয়াবহভাৱে বৃদ্ধি পোৱাত ন দিহিং নৈৰ ওপৰত কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰা সীমান্তৰ টেঙাপানী গাঁও সংযোগী “জুবিন গাৰ্গ” সেতুখন পানীৰ কোবাল সোঁতে উটুৱাই নিয়ে। সীমান্তৰ টেঙাপানীবাসীৰ শ্ৰম আৰু আৰ্থিক অনুদানেৰে নিৰ্মিত সেতুখন আছিল গাঁৱবাসীৰ আশাৰ সেতু। যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ নামত উচৰ্গা কৰা সেতুখন পানীৰ সোঁতত উটি যোৱাত গাঁওখনৰ সৈতে সম্পূৰ্ণৰূপে যাতায়াত ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে৷ স্থানীয় ৰাইজে বাৰিষাৰ সময়ত টেঙাপানীৰ বাবে দেখা দিয়া এই সমস্যা সমাধানৰ বাবে পথসমূহ উন্নয়নৰ লগতে বিজ্ঞানসন্মতভাৱে এখন দলং নিৰ্মাণ কৰিবলৈ অসম চৰকাৰক আহ্বান জনাইছে। স্মৰ্তব্য যে লকডাউনৰ গইনা লৈ চলিত বৰ্ষৰ ১৬ এপ্ৰিল তাৰিখে অসমৰ প্ৰশাসন, গাঁওবাসীক কোনো ধৰণৰ জাননী প্ৰদান নকৰাকৈ অৰুণাচল আৰক্ষীয়ে গুণ্ডাবাহিনী লগত লৈ অসমৰ মাটিত আহি দলঙখন এটা অংশ কাটি নদীত উটুৱাই দিছিল। ৰাইজৰ হেঁচাত আৰু অসম চৰকাৰৰ হস্তক্ষেপত অৰুণাচল চৰকাৰে লকডাউন খোলাৰ পিচত সেতুখন পুনৰ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। এতিয়া বানে উটুৱাই নিয়াৰ সুবিধা বুজি অৰুণাচল প্ৰশাসনে  দলঙখন নিৰ্মাণ কৰি দিবনে সেয়াহে এক ডাঙৰ প্ৰশ্ন৷

পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি সাকাৰ হ’ল : বিজেপিৰ চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালা

পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি সাকাৰ হ'ল : বিজেপিৰ চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালা

নাজিৰা

নাজিৰাৰ বাট-পথৰ দুৰাৱস্থাৰ বতৰা নাজিৰাবাসী ৰাইজৰ বাবে নতুন নহয়। ক’ৰোনাৰ আতংকত লকডাউনত বন্দী হৈ ৰোৱা ৰাইজৰ সমুখতো ৰোগীৰ সংস্পৰ্শত ক’ৰোনাত আক্ৰান্ত হোৱাৰ ভয়তকৈ পথৰ ধূলি-বালিৰ সংস্পৰ্শত বুৰ যোৱা আৰু সদায়ে বিৰাজ কৰি থকা পৰিস্থিতিয়ে অধিক আতংকিত কৰিছে। সেয়ে ক’ৰোনাৰ সময়ত সামান্য লকডাউন শিথিল হোৱাৰ মাজত নাজিৰাবাসীৰ আশংকা দুগুণে ঘনীভূত হৈ ৰৈছে। এই পৰিস্থিতিত শাৰীৰিক দূৰত্ব, হাত ধোৱা, ছেনিটাইজ কৰাৰ নিয়মৰ মাজত থাকোঁতেই নাজিৰাৰপৰা বিজেপি দলৰ চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালাই নাজিৰা প্ৰেছ ক্লাবত ২৫ মেত এক সংবাদ মেল আহ্বান কৰে। সংবাদ মেলত বিজেপিৰ চাহ মৰ্চাৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে ৰাজ্যৰ বিত্ত, স্বাস্থ্যৃ, গড়কাপ্তানী বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৮ ফেব্ৰুৱাৰীত কৰা নাজিৰা ভ্ৰমণৰ সময়ত যিকেইটা পথেৰে মটৰ চাইকেলেৰে পৰিদৰ্শন কৰিছিল সেইসমূহৰ গোটেইবোৰ পথেই এতিয়া নিৰ্মাণৰ পথত। পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি এতিয়া সাকাৰ হোৱা বুলি  কয়। পথ বেয়া হোৱাৰ বাবে ৰাইজৰ দুৰ্ভোগ আৰু পথৰ দুৰাৱস্থাৰ কথা বৰ্ণনা কৰি বাতৰি প্ৰকাশ কৰি অহাৰ বাবে বিজেপিৰ চাহ মৰ্চাৰ সভাপতি গৰাকীয়ে সাংবাদিকসকললৈ ধন্যবাদ জনায়। তেওঁ গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, লোকসভাৰ সাংসদ তপন কুমাৰ গগৈলৈ পথসমূহ গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জনায়। গেলেকী বৰশিলৰ  স্বৰ্গদৈউ গদাধৰ সিংহৰ ঐতিহ্য স্থানৰ সংযোগী পথটোৰ উন্নয়নৰ বাবে বিজেপি চাহ মৰ্চাৰ সভাপতি জনে গড়কাপ্তানী বিভাগলৈ যোৱা ১২ ফেব্ৰুৱাৰীত পত্ৰ প্ৰেৰণ কৰে আৰু বিভাগে পথটো গ্ৰহণ কৰা বাবেও বিভাগলৈ ধন্যবাদ জনায়। চাহ মৰ্চাৰ সভাপতিজনক সাংবাদিকসকলে লকডাউনৰ মাজতে আহ্বান কৰা প্ৰেছ মীটৰ গুৰুত্ব বুজি আৰু আন কিবা উদ্দেশ্য আছিল নেকি বুলি বাৰে বাৰে সোধা প্ৰশ্নৰ উত্তৰত তেনে বিষয় নাই বুলি প্ৰকাশ কৰে। পথ নিৰ্মাণৰ কামত তেওঁলোকে নিজে চকু ৰাখিব বুলি প্ৰকাশ কৰি সাংবাদিকসকলকো নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিত চকু ৰাখিবলৈ আহ্বান জনায়। প্ৰেছ মীটত বিজেপি চাহ মৰ্চাৰ সভাপতিজনৰ লগতে আঠখেল জিলা পৰিষদৰ সদস্য হেমন্ত ৰাজখোৱা, বিজেপি শিৱসাগৰ জিলাৰ উপসভাপতি ডাঃ প্ৰবীণ কোঁৱৰ, বিজেপি শিৱসাগৰ জিলাৰ সম্পাদক পলাশ পৱন শইকীয়া, দলীয় কৰ্মী সীমান্ত বৰঠাকুৰ উপস্থিত থাকে। চাহ মৰ্চাৰ সভাপতিজনে সাংবাদিকক তথ্য হিচাপে গড়কাপ্তানী পথ বিভাগে ১৫ মে’ত প্ৰকাশ কৰা বিভাগৰ নিবিদা আহ্বান জাননীৰ প্ৰতিলিপি মোবাইল ফোনৰ পৰা পাঠ কৰি শুনায়৷ উল্লেখযোগ্য যে ধোদৰ আলি, মেজেঙা ষ্টেচন ফীডাৰ, বৰতল গেলেকী আদি পথৰ পেকেজত ৩৬২১ দশমিক ৯৪ লাখ টকা। গেলেকী, মেকীপুৰ চাৰিআলিৰপৰা বৰশিল পৰ্যটন ক্ষেত্ৰ পথৰ পেকেজত ২২৪৬ দশমিক ৩০  লাখ টকা৷ ৰহদৈ, মাদুৰি গোহাঁই আলিৰ পেকেজত ৫৪৭ দশমিক ২৭ লাখ টকা ধাৰ্য কৰাৰ লগতে নিবিদা আহ্বান ইতিমধ্যে আৰম্ভ হৈছে। স্থানীয় বিধায়ক দেৱব্ৰত শইকীয়াই পথসমূহৰ উন্নয়নৰ বাবে বিভাগ আৰু মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ কৰি থকাৰ বিষয়ে সাংবাদিকসকল অৱগত হৈ ৰোৱা বুলি জনোৱাত বিজেপি চাহ  মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালাই স্থানীয় বিধায়ক বিৰোধী দলৰ হোৱা বুলি উল্লেখ কৰি প্ৰকাৰন্তে বিধায়কৰ ভূমিকাক গৌণ কৰে৷

বোকাজানত পুনৰ দুজনৰ শৰীৰত ক’ভিড-১৯

কাৰ্বি আংলং জিলাত মঙলবাৰৰ দুপৰীয়ালৈকে ক’ৰোনা ৰোগীৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পালে৷

বোকাজান

 বোকাজানত পুনৰ দুজনকৈ ব্যক্তিৰ শৰীৰৰ তেজৰ নমুনাত ক’ভিড-১৯ ভাইৰাছ ধৰা পৰিছে। ইয়াকে লৈ কাৰ্বি আংলং জিলাত মঙলবাৰৰ দুপৰীয়ালৈকে ক’ৰোনা ৰোগীৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পালে৷ বোকাজান মহকুমা প্ৰশাসনে মঙলবাৰে মহকুমাটোৰ গিডিয়ান মমিন (২৪) ঘৰ বালিপথাৰ নেপেৰপত্তি আৰু ভৰত মাহাতু (২৯) ঘৰ ঘৰীয়াল ডুবি নাওকটাৰ দুয়োজন যুৱক ক’ৰোনাত আক্ৰান্ত বুলি ঘোষণা কৰে৷ তেওঁলোক ২১ মে’ তাৰিখে বেংগালুৰু আৰু পাটনাৰ পৰা ৰাজধানী এক্সপ্ৰেছ আৰু বিশেষ ৰে’লযোগে অসমলৈ আহিছিল আৰু হোটেল ধনশিৰীত কোৱাৰেণ্টাইন হৈ আছিল যুৱক দুজন। বৰ্তমান আৰক্ষীয়ে হোটেল ধনশিৰিৰ চৌহদত জনতাৰ অহা যোৱা বন্ধ কৰি দি কোৱাৰেণ্টাইন জ’নলৈ পৰিণত কৰি ধনশিৰি হোটেলৰ তলৰ মহলত থকা শ্ৰী গণেশ মটৰো বন্ধ কৰি দিয়ে। আনহাতে কোৱাৰেণ্টাইন থকা যুৱক দুজনৰ তেজৰ নমুনাৰ ৰিপৰ্ট পজিটিভ বুলি নিশ্চিত হোৱাত বোকাজান মহকুমা প্ৰশাসনে দুয়োজন যুৱককে ডিফু অসামৰিক মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে।

খাৰুপেটীয়াত আমছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন

খাৰুপেটীয়াত আমছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন

খাৰুপেটীয়া

সংখ্যালঘু সম্প্ৰদায়ৰ নাৰ্য প্ৰাপ্তিৰ দাবীত অসমৰ বিভিন্ন জিলা আৰু মহকুমাৰ সদৰ ঠাই সমুহত ১৯৮০ চনৰ ২৬ মে’ তাৰিখে প্ৰতিবাদ কৰিবলৈ গৈ অসমত ভেৰোণীয়া পুলিচবাহিনীৰ গুলিত নিজৰ প্ৰাণ আহুতি দিয়াৰ লগতে ঘূনীয়া হোৱা বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আমছুৱে। সেই বীৰসকলৰ আত্মাৰ সদগতি আৰু ঘূনীয়াসকলৰ আৰোগ্য কামনাৰ্থে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ দৰং জিলা সমিতিৰ উদ্যোগত খাৰুপেটীয়া মহাবিদ্যালয়ত ৪০ তম শ্বহীদ দিৱস উদযাপন কৰা হয়। আমছুৰ শ্বহীদ দিৱস উপলক্ষে  পুৱাই আমছুৰ পতাকা উত্তোলন কৰে আমছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদে। পতাকা উত্তোলন কৰাৰ পাছতেই জাতিৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক স্মৰণ কৰি দোৱা কৰা হয়। শ্বহীদ দিৱস উপলক্ষে আয়োজন কৰা সভাত সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে শ্বহীদ তৰ্পন কৰি ভাষণ প্ৰসংগত কয় যে চৰকাৰৰ সকলো ক্ষেত্ৰতে লাঞ্চিত,বঞ্চিত, অৱহেলিত জাতিটোৰ বাবে ১৯৮০ চনৰ ২৬ মে’ তথা আজিৰ তাৰিখত বিভিন্ন দাবী উত্থাপন কৰি আমছুৰ আহ্বানত হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজ ৰাজপথত ওলাই আহিছিল। নিজৰ প্ৰাপ্তিৰ দাবীত ওলাই অহা সংখ্যালঘু জনতাৰ ওপৰত অসম আৰক্ষী বাহিনীৰ লাঠিচাৰ্জ আৰু আৰক্ষীৰ গুলীত বহুতো ব্যক্তি শ্বহীদ হ’বলগীয়া হৈছিল। সেই দাবীৰ আজি ৪০ বছৰ অতিবাহিত হ’ল কিন্তু এই সংখ্যালঘু জনতাৰ  সংবিধান প্ৰদত্ত অধিকাৰ আজিলৈকে নাপালে। এইবীৰ পুৰুষ সকলৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰ কামনাৰে আজি দৰং জিলাৰ খাৰুপেটীয়া মহাবিদ্যালয়ৰ প্ৰাঙ্গণত আমছুৰ পতাকা উত্তোলন কৰাৰ লগতে এক মিনিট মৌন প্ৰাৰ্থনা কৰি দোৱা কৰা  হয়। জিলা আমছুৰ সভাপতি আলেপ উদ্দিন আহমেদে আঁত ধৰা অনুষ্ঠানত সামাজিক দূৰত্ব বৰ্তাই ৰাখি বাকীসকলে শ্বহীদ তৰ্পন কৰে। সভাত উপস্থিত থাকি আমছু নেতা আইনুদ্দিন আহমেদে কয় যে আমছুৰ কৰ্মীসকলে শ্বহীদসকলৰ আত্মবলিদানৰ  শ্ৰদ্ধা জনাই অনাগত  দিনত দেশ তথা জাতিৰ হৈ কাম কৰিব লাগিব লগতে সংখ্যালঘু জনগণৰ সামগ্ৰীক উন্নয়নত গুৰুত্ব দিব লাগিব। নহ’লে আমি কেতিয়াও উন্নত জাতি হিচাপে প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰিম, শিক্ষা জাতিটোৰ প্ৰধান লক্ষ্য হোৱা উচিত, এই উদ্দেশ্যে আগত ৰাখি গণ আন্দোলন গঢ়ি তুলিবলৈ পন ল’ব লাগিব।  সভাত উপস্থিত থাকে জিলা আমছুৰ প্ৰাক্তন নেতা ছোলেমান হক, জিলা আমছুৰ উপ সভাপতি হজৰ আলী, সাধাৰণ সম্পাদক ছায়েদ আলী, আঞ্চলিকৰ সভাপতি ছায়েদ আলী, সাধাৰণ সম্পাদক ছানিদুল ইছলামৰ লগতে হাফিজুৰ ৰহমান৷