Home Blog Page 3344

নলবাৰীত ভয়ংকৰ ঘটনা। দলঙৰ পৰা জপিয়াই পাগলাদিয়া নৈত আত্মহত্যাৰ প্ৰচেষ্টা এজনৰ।

দলঙৰ পৰা জপিয়াই পাগলাদিয়া নৈত আত্মহত্যাৰ প্ৰচেষ্টা এজনৰ। স্থানীয় যুৱকে জীৱন্তে উদ্ধাৰ কৰিলে প্ৰদীপ ডেকাক।

নলবাৰী

দেশজুৰি চলি থকা লক ডাউনৰ পৰিপ্ৰেক্ষিতত সাধাৰন লোকসকল আৰ্থিক ভাবে চৰম জুৰুলা হৈ পৰিছে । আৰ্থিক দৈন্যতাৰ বাবেই পাগলাদিয়া নদীত মৰণজাপ দিলে এজন যুৱকে ।নলবাৰীৰ বৰমুৰিকোনা ঘাটত ঘটিল এই ভয়ংকৰ ঘটনাটো । বৰমুৰিকোনা ঘাটৰ পকী দলঙৰ পৰা পাগলাদিয়া নৈৰ পানীত জপিয়াই আত্মহত্যাৰ প্ৰচেষ্টা চলোৱা যুৱক জনৰ নাম প্ৰদীপ ডেকা (৩০) । যুৱক জনৰ ঘৰ নলবাৰীৰ বালিলেচা গাওঁত । দীৰ্ঘদিনীয়া লক ডাউনৰ ফলত ট্ৰেক্টৰৰ শ্ৰমিক হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰা যুৱক জনে শেহতীয়াকৈ চৰম আৰ্থিক দৈন্যতাত ভুগি আহিছিল । আৰ্থিক দৈন্যতাৰ বাবেই যুৱক জনে অত্যাধিক পৰিমানে সুৰা সেৱন কৰাৰ ফলত বেলেঞ্চ নোহোৱা হৈ পৰে । আৰু বৰমুৰিকোনা ঘাটৰ পকী দলঙৰ পৰা পাগলাদিয়া নৈত জপিয়াই আত্মহত্যাৰ প্ৰচেষ্টা চলাই । যুৱক জনে দলঙৰ পৰা পাগলাদিয়া নৈত জপিয়াই দিয়া মুহুৰ্তত স্থানীয় পথাচাৰী যুৱক কেইজনমানে ভয়াবহ ঘটনাটো প্ৰত্যক্ষ কৰি লগে লগে স্থানীয় ৰাইজক খবৰ দিয়ে । স্থানীয় সচেতন যুৱক মাধব ডেকা , নয়ন ডেকা , ভূপেন ডেকা তপন ডেকাই অন্য তিনি যুৱক ক্ৰমে সতীশ ডেকা , প্ৰানজিৎ ডেকা আৰু নিপু ডেকাৰ সহযোগত ৰছিৰে নৈৰ মাজলৈ নামি গৈ উদ্ধাৰ অভিযান চলাই অবশেষত জীৱন্তে যুৱক জনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।লক্ষনীয়ভাবে আৰ্থিক দৈন্যতা হ’লেও মদৰ ৰাগিতে প্ৰদীপ ডেকা নামৰ যুৱকজনে সুৰাৰ ৰাগীত হিতাহিত জ্ঞান হেৰুৱাই এনে প্ৰচেষ্টা লোৱা বুলি একাংশই মত ব্যক্ত কৰে । অন্যহাতে আত্মহত্যাৰ প্ৰচেষ্টা চলোৱা  আহত যুৱক জনক স্থানীয় যুৱক সকলে পৰিয়ালৰ লোকক চমজি দি চিকিৎসাৰ ব্যৱস্থা কৰোৱাই । মুঠৰ ওপৰত আৰ্থিক দৈন্যতাই যুৱক জনক অত্যাধিক পৰিমানে সুৰা সেৱন কৰিবলৈ বাধ্য কৰোৱা বুলি কব পাৰি ।

জাতিধ্বংসী “কা” বিৰোধী আন্দোলনত জড়িত অসমৰ ব্যক্তি, ছাত্র-ছাত্ৰীক গ্ৰেপ্তাৰ কৰি বি জে পি নেতৃত্বাধীন চৰকাৰে স্বৈৰাচাৰী শাসন চলাইছে : বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

জাতিধ্বংসী "কা" বিৰোধী আন্দোলনত জড়িত অসমৰ ব্যক্তি, ছাত্র-ছাত্ৰীক গ্ৰেপ্তাৰ কৰি বি জে পি নেতৃত্বাধীন চৰকাৰে স্বৈৰাচাৰী শাসন চলাইছে : বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

নাজিৰা

শেহতীয়াভাৱে ৰাজনৈতিক অভিসন্ধিৰে বি জে পি নেতৃত্বাধীন চৰকাৰখনে ‘কা’ বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে বিভিন্ন দল-সংগঠনৰ লগত জড়িত ব্যক্তিসকলক তথা ছাত্ৰ-ছাত্ৰীকো গ্ৰেপ্তাৰ কৰি ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত হৈ থকা এক বিপৰ্যয়ৰ মাজতে ৰাজ্যৰ ৰাজনৈতিক বাতাবৰণ বিনষ্ট কৰাৰ লগতে সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ প্ৰয়াসত নামি পৰিছে। ইয়াৰে উদাহৰণস্বৰূপে পৰহি আদিবাসী সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি বলদেৱ তেলীক তেওঁৰ ভাৰাঘৰৰ পৰা উঠাই গ্ৰেপ্তাৰ কৰিলে। আকৌ তাৰ দুদিনৰ আগত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অসমীয়া ছাত্ৰী দেৱাংগনা কলিতা আৰু তেওঁৰ সহপাঠী এগৰাকীক দিল্লী পুলিচে গ্ৰেপ্তাৰ কৰিছিল। সেয়েহে অসমৰ মুখ্যমন্ত্ৰীৰ জ্ঞাতাৰ্থে বিৰোধী দলপতি কয়, “আপুনি নিজেই বিভিন্ন আন্দোলনৰ মাজেৰে পাৰ হৈ আজি মুখ্যমন্ত্ৰীৰ আসন পালে, তেনে ক্ষেত্ৰত গণতান্ত্ৰিকভাৱে চৰকাৰৰ ভুল নীতি আৰু জনবিৰোধী আইনৰ বিৰূদ্ধে মাত মতা লোকসকলক পুলিচ প্ৰশাসনৰ জৰিয়তে বল প্ৰয়োগ কৰি বাকৰুদ্ধ কৰিব বিচৰা কাৰ্যক গৰিহণা দিছোঁ আৰু এয়া দুৰ্ভাগ্যজনক”। বিৰোধী দলপতি গৰাকীয়ে  অসমৰ মুখ্যমন্ত্ৰীক সোঁৱৰাই দি কয় যে এনেকুৱাকৈ জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰক মোহাৰি স্বৈৰাচাৰী শাসন চলাবলৈ চেষ্টা কৰি থাকিলে আগন্তুক সময়ত ৰাজপথত ইয়াৰ বিৰুদ্ধে ৰাইজ তথা দল আন্দোলন ওলাই আহিবলৈ বাধ্য হ’ব। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীক পুনৰ বলদেৱ তেলীক অতিশীঘ্ৰে মুকলাই দিয়াৰ লগতে ৰাজ্যত গণতান্ত্ৰিক পদ্ধতিৰে আইন অনুসৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে, ৰাইজক ভয় দেখুৱাই ৰাইজৰ স্বাধীনতাক খৰ্ব কৰাৰ প্ৰয়াস নকৰিবৰ বাবে বিৰোধী দলপতি গৰাকীয়ে ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অনুৰোধ জনায়।

বনপাৰ্টি শিল্পীৰ ওচৰত মঙলদৈৰ বিধায়ক : সাহায্য বিতৰণ

বনপাৰ্টি শিল্পীৰ ওচৰত মঙলদৈৰ বিধায়ক : সাহায্য বিতৰণ

মঙলদৈ

বহাগ আহিলেই যেন এটা দিনো ৰ’বলৈ সময় নাই সেইসকল শিল্পীৰ৷ ইখনৰ পিছত সিখন যুগ্ম জীৱন, মাঙ্গলিক অনুষ্ঠানৰ বেনপাৰ্টি বজোৱাত ব্যস্ত হৈ পৰে৷ কিন্তু এইবেলি ক’ৰোনা মহামাৰীৰ বাবে সমগ্ৰ দেশ লকডাউনত থকাত মঙলদৈ সমষ্টিৰ অন্তগৰ্ত বেনপাৰ্টি শিল্পীসকল নিজৰ কৃষ্টিৰ মাজেৰে উপাৰ্জন পথটি চলাই নিব নোৱৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ এনে সময়তে সেইসকল বেনপাৰ্টি শিল্পীৰ কাষত থিয় দিলে মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস৷ সাংবাদিক গনেশ দত্তই আঁত ধৰা চপাই নেহেৰু যুৱ কেন্দ্ৰৰ খেলপথাৰত সামাজিক দূৰত্ব বজাই ৰাখি অনুস্থিত কৰা সামগ্ৰী প্ৰদানৰ কাৰ্যসূচীত দৰং বিজেপিৰ সভাপতি অমৰ শৰ্মা, দৰঙৰ জ্যেষ্ঠ সাংবাদিক ক্ৰমে ভাৰ্গৱ কুমাৰ দাস, দৰং বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰেমদা ভূঞা, জিলা পৰিষদৰ সদস্যা কল্যাণী চহৰীয়াৰ উপস্থিতিত ৩ শতাধিক বেনপাৰ্টি শিল্পীৰ হাতত গাখীৰ, ৰুটি, দাইল, আলু, মিঠাতেল, চাবোন, মাস্ক, চাউল আদি সামগ্ৰীৰ টোপোলা এটাকৈ সকলোকে প্ৰদান কৰে৷ আনহাতে সামগ্ৰীখিনি প্ৰদান কৰি বিধায়ক গুৰুজ্যোতি দাসে বেনপাৰ্টি শিল্পীসকলক উদ্দেশ্য কৰি কয় যে তেওঁ ৩ শতাধিক বেনপাৰ্টি শিল্পীক বহুত কিবা দিব পৰা নাই৷ কিন্তু এনে সংকট কালত বিধায়ক হিচাপে দায়িত্ব পালন কৰি তেওঁলোকৰ কাষত থিয় দিছে বুলি উল্লেখ কৰে৷ বিধায়ক গৰাকীৰ এনে পদক্ষেপক বেনপাৰ্টিৰ শিল্পীসকলেও ভূয়সী প্ৰশংসা কৰে৷

ৰাজগড়ত নাহৰফুটুকীৰ পোৱালি উদ্ধাৰ

ডিব্ৰুগড় জিলা ৰাজগড় আৰক্ষী চকী সমীপৰ মহখোৱাত সোমবাৰে পুৱা দুটা নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ হয় ।

টিংখাং

ডিব্ৰুগড় জিলা ৰাজগড় আৰক্ষী চকী সমীপৰ মহখোৱাত সোমবাৰে পুৱা দুটা নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ হোৱাৰ বাতৰিয়ে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। জানিব পৰা মতে মহখোৱাৰ নিবাসী তথা গাঁওবুঢ়া মহেন্দ্ৰ হাজৰিকাৰ চাহ বাগিচাত পাত চিঙি থকা সময়ত এগৰাকী  শ্ৰমিকে বাগিচাখনৰ মাজত নাহৰফুটুকী বাঘৰ পোৱালি প্ৰত্যক্ষ কৰে।পিছত বাঘৰ পোৱালি দুটা উদ্ধাৰ কৰি ঘৰলৈ আনে।এই খবৰ বিয়পি পৰাত বাঘৰ পোৱালি দুটা চাবলৈ উক্ত স্থানত বহু লোকৰ সমাগম হয়৷ স্হানীয় লোকে বাঘৰ পোৱালি দুটা ৰাজগড় আৰক্ষী চকীত গতাই দিয়ে৷

নগাঁৱৰ মোল্লাপট্টিত হতাহতিত এজনৰ মৃত্যু : গ্ৰেপ্তাৰ ১

নগাঁও

ঈদৰ আনন্দৰ মাজতেই আজি বিয়লি প্ৰায় ৩ বজাত নগাঁও চহৰৰ ধিং গেটৰ মোল্লাপট্টিত হোৱা এক মাৰপিটৰ ঘটনাত এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে মোল্লাপট্টিৰ নাজিৰ খান ওৰফে কালা আৰু ছহিদুল ইছলাম নামৰ লোক দুজনৰ মাজত কিবা কথাত তৰ্কাতৰ্কি হয়। এই তৰ্কাতৰ্কিয়েই পিছত হতাহতিলৈ ৰূপান্তৰিত হয়। দুইজনৰ মাজত সংঘটিত হোৱা হতাহতিৰ ফলত ছহিদুল ইছলাম মাটিত ঢলি পৰে। তেওঁক লগে লগে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। স্থানীয় একাংশ লোকে ছহিদুলৰ বুকুত নাজিৰ খানে প্ৰচণ্ড গোৰ মৰাৰ বাবেই ছহিদুলৰ মৃত্যু হয়। আন একাংশই কোৱা মতে দুইজনৰ মাজত হোৱা হতাহতিৰ ফলত দুৰ্ভাগ্যবশতঃ ছহিদুল মাটিত বাগৰি পৰাৰ ফলত ছহিদুলৰ মৃত্যু হয়। কি পৰিস্থিতিত এই লোকদুজনৰ মাজত হতাহতি সংঘটিত হ’ল সেয়া জানিব পৰা হোৱা নাই। আৰক্ষীৰ সঠিক তদন্ততহে  ইয়াৰ কাৰণ পোহৰলৈ অহাৰ সম্ভাৱনা আছে। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত নাজিৰ খানক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ম’বাইল ফটোগ্ৰাফী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

গোলাঘাট

গোলাঘাটৰ কেইজনমান কুইজপ্ৰেমী যুৱকৰ দ্বাৰা গঠিত ‘ইকুইনক্স’ নামৰ কুইজ ক্লাবৰ উদ্যোগত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত কৰা এখনি ম’বাইল ফটোগ্ৰাফী প্ৰতিযোগিতাৰ ফলাফল সোমবাৰে ঘোষণা কৰা হয়। বিশ্বজিৎ পূজাৰী,  চাইদ নেকিব,  শৰৎ চেতিয়া আৰু সমৰ শৰ্মা নামৰ যুৱক চাৰিজনৰ দ্বাৰা গঠিত ইকুইনক্সৰ উদ্যোগত ফটোগ্ৰাফীৰ প্ৰতি আগ্ৰহী লোকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে ‘snap era 1.0’ শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখনি ম’বাইল ফটোগ্ৰাফী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। মূলতঃ প্ৰকৃতি বিষয়ক আলোকচিত্ৰ ম’বাইল যোগে আবদ্ধ কৰি প্ৰেৰণ কৰিবলৈ দিয়া এই প্ৰতিযোগিতাখনত দেশৰ বিভিন্ন প্ৰান্তৰ বহুতো প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে।  উদ্যোক্তাসকলে প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰে। ফলাফল অনুসৰি প্ৰথম স্থান অধিকাৰ কৰে নতুন দিল্লীৰ জাকিৰ হুছেইন কলেজৰ স্নেহাংশু ভট্টাচাৰ্য, দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় গোলাঘাট ৰিলায়েন্স কলেজৰ ছাত্ৰ জ্ঞানদীপ দুৱৰা আৰু তৃতীয় স্থান অধিকাৰ কৰে দেৰগাঁৱৰ আজাদুৰ ৰহমানে। বিজয়ীসকলক নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।  উল্লেখ্য যে ইকুইনক্সৰ দ্বাৰা যোৱা ৩ মে’ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখনি অনলাইন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল যিখনে যথেষ্ট আশাব্যঞ্জক সঁহাৰি লাভ কৰা দেখা গৈছিল।

সাংবাদিকক লংকা মণ্ডল যুৱ মৰ্চাৰ মাস্ক, ছেনিটাইজাৰ বিতৰণ

সাংবাদিকক লংকা মণ্ডল যুৱ মৰ্চাৰ মাস্ক, ছেনিটাইজাৰ বিতৰণ

লংকা

সমগ্ৰ অসমতে  ক’ৰোনাই মহামাৰী ৰূপ ধাৰণ কৰা সময়তে জৰুৰীকালীন সেৱাত ব্ৰতী থকা আৰক্ষী প্ৰশাসন, চিকিৎসক, সংবাদকৰ্মী লোকসকলে দিনেই নিশাই একাকাৰ কৰি ৰাইজক সেৱা কৰি আছে।এনে এক সময়ত গোটেই দিনটো সংবাদ সংগ্ৰহত ব্যস্ত সাংবাদিকসকলে আগন্তুক দিনসমূহত দুগুণ উৎসাহেৰে প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যেৰে  আজি লংকা বিজেপি মণ্ডলে লংকাৰ সকলো সাংবাদিকক   একোখন কৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে। উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে হোজাই জিলা বিজেপিৰ সভাপতি অনুপ দেৱ, জিলা যুৱ মৰ্চাৰ সভাপতি বিনয় কলিতা, লংকা মণ্ডলৰ সভাপতি পাপ্পু দে, লংকা মণ্ডল যুৱ মৰ্চাৰ সভাপতি খুকন শীলকে ধৰি বহু কাৰ্যকৰ্তা। সভাপতি অনুপ দেৱে সাংবাদিকসকলে এনে জটিল সময়ত নিষ্ঠা আৰু  দুগুণ কর্ম উদ্যোমেৰে আগবাঢ়ি যোৱাৰ বাবে  ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগন্তক দিনবোৰতো   নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই যাবলৈ আহবান জনায়৷

“মহামাৰী কভিড ১৯ ৰোগ সংকটৰ পৰা লাভ কৰা শিক্ষা”

স্বেতা ছেত্ৰী

                           
অতি প্ৰাচীন কালৰে পৰা মানৱজাতিয়ে সময়ে সময়ে নানান দুৰ্যোগৰ সন্মুখীন হৈ আহিছে। সেইয়া মেলেৰিয়াই হওঁক, বসন্ত ৰোগেই হওঁক, প্লেগেই হওঁক বা বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক’ৰণা(কভিড-১৯)ই হওঁক। চীন দেশৰ য়ুনান প্ৰদেশৰ পৰা উৎপন্ন হোৱা এই ভাইৰাছ বিধে বিশ্বজুৰি তোলপাৰ লগাইছে। চীনৰ সৰু প্ৰদেশ এখনৰ পৰা আৰম্ভ হোৱা ক’ৰণাই(কভিড ১৯) এতিয়া বনজুইৰ দৰে বিয়পি মহামাৰীৰ ৰূপ ধাৰণ কৰিছে।এই মহামাৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্সৰ দৰে প্ৰথম বিশ্বৰ দেশসমূহকো আৰ্থিকভাৱে জুৰুলা কৰি পেলাইছে। বিজ্ঞান প্ৰযুক্তি তথা চিকিৎসা বিজ্ঞানৰ উন্নয়নৰ পিছতো মানৱজাতিয়ে এই মহামাৰীক ৰোধিব পৰা নাই। প্ৰকৃতিৰ আগত মানৱজাতি যে কিমান নিৰুপায়, ক’ৰণাই যেন সেইয়াই প্ৰমাণ দিলে।   
যদিও এই মহামাৰীয়ে হাজাৰ হাজাৰ লোকৰ জীৱন কাঢ়ি নিছে, মানুহৰ মাজত ভয় আৰু আশংকাৰ সৃষ্টি কৰিছে, মানুহৰ স্বাভাৱিক জীৱন যাপনত প্ৰভাৱ পেলাইছে, মানৱজাতিক সকলো ফালৰ পৰাই বিপদাপন্ন কৰি তুলিছে, যদিও এই বিভীষিকাই মানুহৰ মন মগজু নেকিবাচক চিন্তা আৰু আশংকাৰে জুৰুলা কৰি তুলিছে , কিন্তু এই মহামাৰীৰ কিছুমান ইতিবাচক দিশো নোহোৱা নহয়। এক কথাত, যান্ত্ৰিকতাৰ পয়োভৰত একো একোটা যন্ত্ৰলৈ পৰিৱৰ্তিত হোৱা মানৱজাতিক এই কভিড ১৯ মহামাৰীয়ে নীতি শিক্ষা প্ৰদান কৰিছে। উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰ সমূহ আজি মানৱজাতিয়ে মৰ্মে মৰ্মে উপলব্ধি কৰিছে।বৰ্তমান সমগ্ৰ বিশ্ব স্তব্ধ। সকলো মানুহ গৃহবন্দী হৈ নিজ নিজ বাসস্থানতে আবদ্ধ। স্তব্ধ আজি দিনে ৰাতিয়ে চলি থকা কল কাৰখানা, যান বাহন ইত্যাদি। ফলত প্ৰকৃতিয়ে প্ৰাণ পাই উঠিছে। প্ৰকৃতিয়ে যেন ন সাজত নিজকে সজাই তুলিছে। গছ বন, বন্যপ্ৰাণী সকলো সজীৱ হৈ পৰিছে। প্ৰকৃতিয়ে মুক্ত মনে নিজৰ সৌন্দৰ্য্যৰ সঁফুৰা চাৰিওদিশে ছটিয়াই দিছে। কল কাৰখানা তথা যান বাহনৰ স্তব্ধতাৰ ফলত বায়ুমণ্ডল পৰিষ্কাৰ হৈ পৰিছে। প্ৰদূষণে পঙ্গু কৰি পেলোৱা প্ৰকৃতি জগতখন পুনৰ জীপাল হৈ উঠিছে।বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ ক্ৰমান্বয়ে কমি আহিছে আৰু পৃথিৱীৰ আয়ুস যেন বাঢ়ি গৈছে। ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে পৰিভ্ৰমী চৰাই। আনকি বনৰীয়া জীৱ-জন্তুয়েও এতিয়া ৰাজপথলৈ ওলাই আহি মুক্ত মনে বিচৰণ কৰিছে। ধোৱা, প্ৰদূষিত বায়ু আদিৰ চামনি পৰি ক’লা হোৱা বায়ুমণ্ডল এতিয়া মুকলি হৈছে। ফলত পাঞ্জাবৰ জালন্ধৰ চহৰৰ পৰাই হিমাচল প্ৰদেশৰ হিমালয় পৰ্বতমালাৰ সৌন্দৰ্য্য মানুহে উপভোগ কৰিব পাৰিছে। তদুপৰি ২৯/০৪/২০২০ তাৰিখে বিশেষ লেনচৰ সহায়ত ডিগবৈ মহাবিদ্যালয়ৰ কেম্পাচৰ পৰাও প্ৰত্যক্ষ কৰা হয় হিমালয় পৰ্বতমালাৰ কিছু অংশ।এই মহামাৰীয়ে পৰিয়ালৰ মানুহৰ মাজত একতাৰ সৃষ্টি কৰাৰ লগতে জাতি-ধৰ্ম-বৰ্ণ-ভাষা তথা ভৌগোলিক পৰিসীমা নিৰ্বিশেষে একাত্ম হৈ থাকিবলৈ শিকালে। বৰ্তমান দেশসমূহ ভৌগোলিক ভাবে পৃথক যদিও মানৱীয় মূল্যবোধৰ ফালৰ পৰা সকলো একাকাৰ। এখন দেশে আন এখন দেশক বিনা দ্বিধাই সহায়ৰ হাত আগবঢ়াইছে। খাদ্য সামগ্ৰীৰ ক্ষেত্ৰতেই হওঁক বা চিকিৎসা জনিত সহায়েই হওঁক, এখন দেশে আন এখন দেশক সহায় কৰিবলৈ অকণো কুণ্ঠাবোধ কৰা নাই। আজি সমগ্ৰ বিশ্বৰে, সমগ্ৰ মানৱজাতিৰেই ধৰ্ম একেই “মানৱীয়তা”। আজি সকলোৰে জাতি একেই “মানৱীয়তা”। এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সকলো আজি একগোট হৈছে।
মহামাৰী কভিড ১৯ ৰোগ সংকটৰ পৰা লাভ কৰা আন এক শিক্ষা হ’ল, এই মহামাৰীয়ে উন্নত তথা উন্নয়নৰ দিশে ধাৱমান দেশসমূহক শিক্ষা দিলে যে ধ্বংসকাৰী পাৰমাণৱিক বোমা, অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰি নিজকে শক্তিশালী কৰাতকৈ চিকিৎসা সেৱাৰ ক্ষেত্ৰত নিজকে অধিক শক্তিশালী কৰিব লাগে। অৰ্থাৎ মাৰাত্মক অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰি নিজকে পাৰমাণৱিক শক্তি সম্পন্ন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়াত মনোনিবেশ কৰাৰ সলনি বিশ্ব শান্তি বজাই ৰাখি প্ৰতিখন দেশে চিকিৎসা সেৱা তথা শিক্ষাৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেহে উন্নয়নৰ শিখৰ চুব পাৰিব।
এই মহামাৰীৰ পৰা হাত সাৰিবলৈ লোৱা অন্যতম সাৱধানতা হ’ল পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰা আৰু সামাজিক ব্যৱধান মানি চলা। গতিকে এই ভাইৰাছ বিধে পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰাটো যেন অভ্যাসত পৰিণত কৰিলে। তদুপৰি হুলস্থূলীয়া পৰিৱেশ ‌তথা জনসমাগমৰ পৰা সামান্য ব্যৱধান বজাই ৰাখিলেই যে বহু ধৰণৰ ৰোগ সংক্ৰমণৰ পৰা ৰক্ষা পাব পাৰি সেই কথাও মানৱজাতিয়ে বুজি উঠিছে। এই মহামাৰীয়ে মানুহক সজাগ তথা সচেতন কৰি‌ তুলিছে।
 জীৱ জন্তু, চৰাই চিৰিকটি আদি সজাত বন্দী কৰি থৈ সিহঁতৰ স্বাধীনতা খৰ্ব কৰি নিজৰ মনোৰঞ্জনৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা জীৱ শ্ৰেষ্ঠ মানুহে আজি গৃহবন্দী হৈ প্ৰতিটো মূহুৰ্ততে অনুভৱ কৰিছে সেই নিষ্পাপ জীৱ জন্তুৰ বুকুৰ বেদনা।আজি জীৱ জন্তু মুক্ত আকাশৰ তলত আৰু মানৱজাতি চাৰিবেৰৰ মাজত আবদ্ধ। যদি আমি সূক্ষ্মভাৱে বিশ্লেষণ কৰি চাওঁ, তেন্তে দেখিম যে সকলো বস্তুৰে ধনাত্মক আৰু ঋণাত্মক দুয়োটা দিশ থকাৰ দৰে এই মহামাৰী ভাইৰাছেও প্ৰকৃতিৰ ওপৰত কিছুমান ধনাত্মক প্ৰভাৱ পেলাইছে। জগতৰ প্ৰতিটো বস্তুৱেই মানুহক কিবা নহয় কিবা শিক্ষা দিয়াৰ দৰে এই দুৰ্যোগেও মানুহৰ মনত মানৱীয় মূল্যবোধৰ বীজ ৰোপন কৰাৰ লগতে সকলোকে একতাৰ বান্ধোনেৰে বান্ধ খাই থাকিবলৈ শিকালে। সদৌ শেষত, ক’ৰণা নিপাত যাওঁক। মানুহৰ স্বাভাৱিক দিনবোৰ ঘূৰি আহক। মানৱজাতিৰ জয় হওঁক। মানুহে এই মহামাৰীক এক শিক্ষা হিচাপে লৈ এখন সুস্থ পৃথিৱী পুনৰ নিৰ্মাণ কৰক।

      ‌ ‌         
ফোন নং- ৮৪০৪০৩৩৩১৮

আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠ

ৰাজীৱ কমল শইকীয়া

বোধহয়, গছ, অৰণ্য অথবা পৰিৱেশৰ অন্য উপাদানৰ ওচৰত আমি কি ধৰণেৰে ঋণী, সেই কথা আজিৰ সচেতন পাঠকৰ আগত দোহৰাৰ অলপো প্ৰয়োজন নাই | শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে খবৰ এটা পৰিলক্ষিত হৈছিল- দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ বাবে নেচনেল বৰ্ড ফ’ৰ ৱাইল্ড লাইফে অনুমোদন জনাইছে |  দিহিং পাটকাই বৰ্ষাৰণ্য বা অভয়াৰণ্য কি ? ক’ত ? কিয় বিখ্যাত ? তাৰ ব্যাখ্যা নিশ্চয় আপোনাসৱৰ আগত নতুনকৈ দাঙি নধৰিলেও হ’ব। পৰিবেশ বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয়ৰ অন্তৰ্গত উল্লেখিত অনুষ্ঠাটোৱে হেনো যোৱা সাত এপ্ৰিলত অনুষ্ঠিত কৰা এক বৈঠকত অৰণ্যখনৰ প্ৰায় এশ হেক্টৰৰ ওচৰা-ওচৰি মাটিত কয়লা খনন কৰিবৰ বাবে আলোচনাৰ অন্তত বিষয়টোত অনুমোদন দিছে বুলি, বাতৰি প্ৰকাশ পাইছিল |  এনে কাৰ্যয়ে সচেতন সকলক উদ্বেগজনকভাৱে বিব্ৰত কৰি তোলাটো স্বাভাৱিক কথা | তাৰ বিৰোধত তৎক্ষণাত সামাজিক মাধ্যমত গঢ়ি উঠিছিল এক অভিলেখ সৃষ্টিকাৰী জনমত | যাৰ জোৱাৰ এতিয়াও অব্যাহত| ভাল লগা কথাটো হ’ল,  ক’ৰনাৰ প্ৰভাৱে অনা বহু প্ৰতিকূলতা থকাৰ স্বত্বেও বিৰোধৰ অৰ্থে বিদুৎক্ষিপ্ৰ গতিত সৃষ্টি হোৱা বিশাল জনমত | এই অভূতপূৰ্ব জনমত দেখি, ভৱিষ্যত অসমৰ এখন উদীপ্ত ছবি মননত ক্ৰমাৎ স্পষ্ট হৈ উঠিছে | কিয়নো যি মাটি বা মাতৃৰ জাগ্ৰত সন্তানৰ সংখ্যা অধিক, সেই আইৰ আগত থিয় হ’ব খোজা দুৰ্যোগ-বিপত্তি দূৰতে বিদূৰ হৈ ৰয়| ক’ৰনাৰ ত্ৰাসত জনতা একপ্ৰকাৰ গৃহবন্দী| ৰাজপথ, বজাৰ, ফিল্ড শূণ্য প্ৰায়| সামাজিক দূৰত্ব, অযথা ভিৰ ইত্যাদিৰ খাতিৰত তাত প্ৰবেশ নিষিদ্ধ, সেই ক্ষেত্ৰসমূহ ব্যৱহাৰ নকৰাকৈয়ে কেনেকৈ পৰিশীলিতভাৱে ফলপ্ৰসূ প্ৰতিবাদ সাব্যস্ত কৰিব পৰা যায়, অসমীয়াই সেয়া গ্লবেলি  কৰি দেখুৱালে, তাকো অভিনৱ পন্থাৰে | যাৰ প্ৰভাৱত মাননীয় মূখ্য মন্ত্ৰী ডাঙৰীয়াই বিষয়টোৰ গুৰুত্ব বুজি, ইতিহাস সৃষ্টিকাৰী জনতাৰ দৃঢ় জনমতৰ প্ৰতি সন্মান জনাই বন মন্ত্ৰী গৰাকীক ঘটনাৰ বুজ লবলৈ অভয়াৰণ্যখনলৈ প্ৰেৰণ কৰাৰ কথা টুইট কৰি জনালে| | ইয়াৰ ফলাফল কি হ’ব সেয়া সময়ে নিশ্চয় আমাক দেখুৱাব। তথাপিও, তাৎক্ষণিক বিপুল-বিৰোধৰ প্ৰতিক্ৰিয়ায়ে যে প্ৰথমতেই সঁহাৰি পাইছে, সেয়াই এই বিষয়ৰ বাহিৰেও অন্য বিভিন্ন উপলক্ষৰ হেতু যোগাত্মক কিম্বা আশাব্যঞ্জক কথা | এই জোৱাৰ স্তিমিত নহওক | পখিলা বোৰৰ লগতে সেই অৰণ্যবাসী সমূহ জীৱ কুশলে থাকক | নিৰ্যাতিত হ’বলৈ ওলোৱা নিমাত তৰু-তৃণে কৰিব লগা প্ৰতিবাদৰ ভাষা সংবেদনশীল উশাহ গ্ৰহণ কৰোতাই বিনম্ৰ-বলিষ্ঠ কন্ঠেৰে সামাজিক মাধ্যমত প্ৰকাশ কৰা দেখি, হৃদয় ভৰি উঠিল| আজিৰ মানুহে অন্ততঃ উশাহৰ ধাৰ সুজিবলৈ শিকিছে| এই কথা ঠিক, প্ৰকৃতিৰ কন্ঠ আমিয়েই হৈ থাকিব লাগিব কিয়নো আমি ইয়াৰ অন্যতম শ্ৰেষ্ঠ সৰৱ অংশ |

 ফোন- ৮৬৩৮৭৮২৫৫৪

দৰঙত ৩২.৪১ কোটি টকীয়া নিৰ্মীয়মান মথাউৰি পুনৰ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ : শংকিত নৈপৰীয়া

দৰঙত ৩২.৪১ কোটি টকীয়া নিৰ্মীয়মান মথাউৰি পুনৰ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ : শংকিত নৈপৰীয়া

দৰং

দৰঙত জলসম্পদ বিভাগৰ জৰিয়তে পুনৰ নিৰ্মাণ কৰা মঠাউৰিত ব্যাপক অনিয়ম হোৱা অভিযোগ উত্থাপন হৈছে৷ প্ৰায় ৩২.৪১ কোটি টকাৰে পুনৰ নিৰ্মাণ কৰা মথাউৰি নিৰ্মাণত হোৱা অনিয়মৰ বাবে এইবাৰ পুনৰ নৈপৰিয়া লোকসকলে ভোগ কৰিব লাগিব বানপানীৰ সমস্যাত৷ মথাউৰি নিৰ্মাণত হোৱা অনিয়মৰ বাবে জাঙুৰ খাই উঠিছে জাতীয় সংগঠন আৰু গঞা ৰাইজ৷ ইফালে নেৰানেপেৰা বৰষুণত ফেনে ফোটোকাৰে বাঢ়িছে ননৈ নদীৰ বাঢ়নী পানী৷ এনে সময়তে নিৰ্মীয়মান মথাউৰীৰ কামকাজৰ ৰেহৰূপ দেখি চিন্তিত হৈ পৰিছে নৈৰ দাঁতি কাষৰীয়া ৰাইজ৷ কিয়নো বৰষুণে খহাবলৈ ধৰিছে নৱনিৰ্মীত মথাউৰিৰ মাটি৷ ননৈ নদীৰ পশ্চিম পাৰৰ কুমাৰপাৰাত যোৱা বৰ্ষত বাঢ়নী পানীয়ে চিগি নিয়া মথাউৰিৰ অংশ এটি পুনৰ নিৰ্মাণত হোৱা কৰ্তৃপক্ষৰ গাফিলতিয়ে বিপদ ঘণ্টা বজাইছে ৰাইজৰ৷ দৰং জিলাৰ ছিপাঝাৰ সমষ্টিত  ৰাজ্য চৰকাৰৰ বিয়াগোম জলসম্পদ বিভাগৰ জৰিয়তে প্ৰায় ৩২.৪১ কোটি টকা ৰাজকোষৰ পৰা ব্যয় কৰি পুনৰ নিৰ্মাণ কৰিছে গুৰুত্বপূৰ্ণ তিনিটা মথাউৰি। বছৰে বছৰে একাংশ প্ৰভাৱশালী ঠিকাদাৰ আৰু জলসম্পদ বিভাগৰ এচাম আমোলা-অভিযন্তাৰ ক্ষীৰতি গাইলৈ পৰিণত হোৱা ননৈ নদীৰ পূৱ আৰু পশ্চিম মথাউৰিৰ লগতে মহাবাহু ব্ৰহ্মপুত্ৰৰ মথাউৰি নিৰ্মাণৰ কাম চলিত বৰ্ষত কৰা হৈছিল আৰম্ভ। ননৈ নদীৰ মথাউৰি নিৰ্মাণৰ ঠিকা লাভ কৰা আৰ শ‌ইকীয়াৰ জেদ ইঞ্জিনীয়াৰ্ছৰ কামৰ বহুৱালি দেখি চকু কপালত উঠিছে নৈপৰীয়াৰ। আনকি ননৈ নদীৰ পশ্চিম দিশৰ মথাউৰিটোৰ কুমাৰপাৰাত বিগত বৰ্ষতে বানপানীয়ে চিঙি পেলোৱা অংশৰ নিৰ্মীয়মান কামে উন্মোচিত কৰিছে লুণ্ঠনৰ প্ৰকৃত ছবি। কিয়নো বিগত বৰ্ষতে পানীয়ে চিগা অংশটো এইবাৰ মেৰামতি কৰোতে সমুখত থকা বান্ধটোৰ কিছু অংশ ঠিকাদাৰৰ আদেশ মতে ট্ৰেক্টৰ চলোৱাৰ সুবিধাৰ বাবে ভাঙি দিয়ে৷ কিন্তু ৰাইজক দিয়া প্ৰতিশ্ৰুতি মতে কৰ্তৃপক্ষই সমুখৰ বান্ধটো পুনৰ মেৰামতি নকৰিলে৷ ফলত সমুখৰ বান্ধৰ ভঙা অংশটোৰে বৰ্তমান বাঢ়ি অহা নদীৰ পানী সোমাই খহাবলৈ আৰম্ভ কৰিছে নৱনিৰ্মিত মূল মথাউৰি৷ তাৎপৰ্যপূৰ্ণ যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩১ মে ৰ পূৰ্বে মথাউৰিসমূহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ জলসম্পদ বিভাগক কঠোৰ নিৰ্দ্দেশ দিয়াৰ পিছতো ছিপাঝাৰত সমগ্ৰ মথাউৰীৰ ৩৬ শতাংশ‌ও কাম নোহোৱাটোৱে বিভাগীয় মন্ত্ৰী, আমোলা, অভিযন্তা আদিৰ চৰম ব্যৰ্থতা বুলি একাংশ সচেতন ৰাইজে অভিযোগ প্ৰকাশ কৰে৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰী, স্থানীয় প্ৰশাসন আৰু স্থানীয় জনপ্ৰতিনিধিৰ ঠিকাদাৰক লেকাম লগোৱাৰ সাহস হ’বনে বুলি ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰশ্ন কৰে৷