Home Blog Page 3345

তথ্য ফাদিল হোৱা ৰোধ কৰাৰ পদক্ষেপ জোৱানৰ ম’বাইল ফোনৰ ৮৯টা এপ ডিলিট কৰিবলৈ ক’লে সেনাবাহিনীয়ে ৷

দৈনন্দিন বাৰ্তা :
ভিতৰৰ পৰা তথ্য ফাদিল হোৱা ৰোধ কৰিবৰ বাবে কৰ্মীসকলৰ ফোনৰ পৰা ৮৯টা এপ ডিলিট কৰিবলৈ কৈছে সেনাবাহিনীয়ে ৷ এই এপবোৰৰ মাজত আছে ফেচবুক, টিণ্ডাৰ, পাবজী, স্নেপশ্বট, ইনষ্টাগ্ৰাম, হেল’, ক্লাব ফেক্টৰী আদিৰ দৰে জনপ্ৰিয় এপবোৰ ৷ লাডাখ কাণ্ডৰ পাছত টিকটক, কেমস্কেনাৰ আদিৰ দৰে ৫৯টা এপ নিষিদ্ধ কৰিছিল কেন্দ্ৰই ৷ উল্লেখ্য যে যি ৮৯ টা এপ সেনাবাহিনীয়ে তেওঁলোকৰ কৰ্মীৰ স্মার্টফোনৰ পৰা ডিলিট কৰিবলৈ কৈছে সেইবোৰ বিভিন্ন ভাগত বিভক্ত ৷ ইয়াৰ ভিতৰত উই, চাট, হেল’, শ্বেয়াৰ চাট, আইএমঅ’ৰ দৰে এপবোৰ মেছেজিং এপ ৷ টিকটক, ছাম’চাৰ আদি ভিডিঅ’ হ’ষ্টিং এপ, জেণ্ডাৰ, শ্বেয়াৰৰেল্টা দৰে কণ্টেণ্ট শ্বেয়াৰিং এপ, ইউচি ব্ৰাউজাৰ আৰু ইউচি ব্ৰাউজাৰ মিনিৰ দৰে৷ৱেব ব্ৰাউজাৰ, জুম, লাইভমি, আপলাইভ ভিডিঅ’ এণ্ড লাইভ ষ্ট্ৰিমিং এপ, কেমস্কেনাৰ, ট্ৰু কলাৰ, বিউটি প্লাছ আদি ইউটিলিটি এপ, ডেইলি হাণ্ট আৰু নিউজ ডগৰ দৰে নিউজ এপৰ উপৰি মিউজিক এপ, ডেটিং এপ আদি এপবোৰে তথ্য ফাদিল কৰাৰ আশংকা কৰিছে সেনা প্ৰশাসনে ৷ তাৰ ফলতে এই পদক্ষেপ লোৱা হৈছে ৷ কূটনৈতিক মহলৰ অনুমান, অত্যাধুনিক প্রযুক্তি সমৃদ্ধ চীনৰ সৈতে টনাআজোৰা চলাৰ বাবেই এই উদ্যোগ লৈছে চৰকাৰে৷ যাতে কোনো কাৰণতে ভাৰতীয় সেনাৰ ফোনৰ যোগেদি ভাৰতৰ অভ্যন্তৰীণ খবৰ জানিবলৈ নাপায় ৷

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ প্ৰশ্ন : অ’ত দিনে কিদৰে আৰক্ষীৰ চকুত ধূলি মাৰি ঘুৰি ফুৰিছিল বিকাশে ?

দৈনন্দিন বাৰ্তা : যোৱা শুকুৰবাৰে দুৰ্ধৰ্ষ গেংষ্টাৰ বিকাশ ডুবেক ধৰিবলৈ গৈ কানপুৰত নিহত হৈছিল আঠজন আৰক্ষী ৷ তাৰ পাছত পলাতক আছিল বিকাশ ৷ বৃহস্পতিবাৰে উজ্জয়িনীৰ এটা মন্দিৰত এই অপৰাধীটোক গ্ৰেপ্তাৰ কৰে ৷ মন্দিৰতে নিৰাপত্তাৰক্ষীয়ে বিকাশক কৰায়ত্ত কৰে ৷ ইয়াৰ পাছতে মধ্য প্ৰদেশৰ আৰক্ষীৰ হাতত বিকাশ ডুবেক তুলি দিয়া হয়৷ উল্লেখ্য যে যোৱা ৬ দিন ধৰি অপৰাধীটোক আৰক্ষীয়ে বিচাৰি পোৱা নাছিল ৷ আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ অৰায়াত শেষবাৰ ফোনত নিশ্চিত কৰিছিল ৷ দিল্লীৰ এখন হোটেলৰ চিচিটিভি ফুটৱেজত বিকাশক দেখা গৈছিল ৷ সেই বিকাশ আজি কি দৰে হঠাৎ মন্দিৰত সোমাল, মধ্যপ্ৰদেশৰ আৰক্ষীয়ে নজৰ দিছিল নে, ধৰাৰ ক্ষেত্ৰত ক’লৈ গৈছিল আদি বিভিন্ন প্ৰশ্ন উদয় হৈছে ৷ উত্তৰ প্ৰদেশৰ বিৰোধী দল সমাজবাদী পার্টিৰ দাবী যে বিকাশে নিজেই ধৰা দিছে ৷ আৰক্ষীয়ে কৃতিত্ব লৈছে৷ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ অভিযোগ, অ’ত দিনে কিভাৱে আৰক্ষীৰ চকুৰ আগত ধূলি মাৰি ঘুৰি ফুৰিছিল বিকাশ ডুবেয়ে ? যোৱা ৬দিনত ৭০০ কিলোমিটাৰ ঘুৰিছে বিকাশে৷ হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা ৰাজস্থানৰ কোটা গৈছে৷ তাত থাকি আহিছে মধ্যপ্রদেশৰ উজ্জয়িনীলৈ ৷ কানপুৰৰ ইনস্পেক্টৰ জেনেৰেল মোহিত আগৰৱালে জনায়, বিকাশৰ কেইবাজনো সহযোগীক ধৰা হৈছে৷ কেইবাজনো এনকাউণ্টাৰত মৃত্যু হৈছে ৷ স্বাভাৱিকভাৱেই জীৱন বচাই পলাই ফুৰিছিল ৷ প্ৰিয়ংকা গান্ধীয়ে কয়, উত্তৰ প্ৰদেশ চৰকাৰৰ তৎপৰতাত ব্যৰ্থ হৈছে৷ আঠজন আৰক্ষীক নিহত কৰাৰ পাছত মধ্য প্ৰদেশলৈ কি দৰে গ’ল? ইয়াৰ পৰা স্পষ্ট যে আৰক্ষী আৰু বিকাশৰ মাজত যোগাযোগ আছে৷ সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱৰ স্পষ্ট মত, উজ্জয়িনীত বিকাশে আত্মসমৰ্পণ কৰিছে ৷ অপৰাধীটোক কৰায়ত্ত কৰাত ব্যৰ্থ আৰক্ষী৷ আনহাতে বিকাশে যে আত্মসমৰ্পণ কৰিছে সেই কথা টুইটাৰত লিখিছে স্বয়ং উত্তৰ প্ৰদেশৰ আইপিএছ বিষয়া অমিতাভ ঠাকুৰে। অৱশ্যে মধ্যপ্ৰদেশ আৰক্ষীয়ে জনাইছে যে বিকাশক ধৰা হৈছে, আত্মসমৰ্পণ কৰা নাই ৷

নগাঁৱত কিশোৰীৰ মৃত্যুক লৈ চাঞ্চল্য । ড্ৰাগচ সেৱন কৰাই হত্যা কৰাৰ সন্দেহ । ড্ৰাগছ ব্যৱসায়ী সহ আটক ৫।

নগাঁও : দুই বন্ধুৰ সৈতে ঘৰৰ পৰা ফুৰিবলৈ যোৱা এগৰাকী কিশোৰীয়ে ৰহস্যজনক ভাৱে মৃত্যুক সাৱতি লোৱা এক ঘটনাক কেন্দ্ৰ কৰি নগাঁও চহৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । নগাঁৱৰ ফৌজদাৰীপট্টিৰ নামঘৰ পথৰ স্নেহা ডেকা নামৰ এগৰাকী নৱম মান শ্ৰেণীৰ ছাত্ৰী কালি দিনৰ প্ৰায় ৩ বজাত ঘৰৰ ওচৰৰে এগৰাকী বান্ধৱীৰ সৈতে ফুৰিবলৈ গৈছিল। জানিব পৰা মতে, মানস বৰা, ক্ষীৰোদ কমল বৈশ্য আৰু টিকু সিং নামৰ তিনিজন যুৱকৰ সৈতে এখন ছুইফট গাড়ীত ফুৰিবলৈ গৈছিল স্নেহা। কিন্তু নিশা প্ৰায় ৯বজাত দুজন যুৱকে মুমুৰ্ষ অৱস্থাত স্নেহাক ঘৰৰ পদূলিত পেলাই থৈ যায়। পাচত পৰিয়ালৰ লোকে স্নেহাক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। আনহাতে স্নেহাৰ এগৰাকী বান্ধৱীক নগাঁও চহৰৰ নিকটৱর্তী মাহৰআটিৰ পৰা সংজ্ঞাহীন অৱস্থাত ৰাইজে উদ্ধাৰ কৰে । চিকিৎসকে সন্দেহ কৰা মতে অধিক পৰিমাণৰ ড্ৰাগছ সেৱন কৰাৰ ফলতে স্নেহাৰ মৃত্যু হয় । নগাঁৱৰ এখন ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী স্নেহা ড্ৰাগছ আসক্ত হোৱাৰ কথা সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়েও। ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। স্নেহাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত আজি পৰিয়ালক গতাই দিয়া হয়। উল্লেখযোগ্য যে ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি নগাঁৱৰ যুৱ প্ৰজন্ম তিল তিলকৈ ধ্বংসৰ মুখলৈ গতি কৰাৰ বিষয়ে ইয়াৰ আগতেও বহুবাৰ বাতৰি সম্প্ৰচাৰিত হৈছে। ইতিমধ্যে স্নেহাৰ বান্ধৱীগৰাকীকো চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু তেওঁ বৰ্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে । ইপিনে এই ঘটনাৰ পিছতে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই মানস বৰা আৰু ক্ষীৰোদ কমল বৈশ্যক গ্ৰেপ্তাৰ কৰে। এই দুই যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত নগাঁও আৰক্ষীয়ে নগাঁৱৰ দাতিকাষৰীয়া অঞ্চল চিলঙনীৰ ড্ৰাগছ ব্যৱসায়ী নুৰ মহম্মদৰ ঘৰত অভিযান চলাই ব্ৰাউন ছুগাৰ আৰু নগদ ৩৮ হাজাৰ টকা জব্দ কৰে। আৰক্ষীয়ে ড্ৰাগছৰ ব্যৱসায় চলোৱা নুৰ মহম্মদ আৰু পত্নী জাইৰুণ নেছাক গ্ৰেপ্তাৰ কৰে। ইপিনে আজি বিয়লি আৰক্ষীৰ অভিযানত টিকু সিং নামৰ তৃতীয়জন অভিযুক্তকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি নগাঁও সদৰ আৰক্ষী থানাত অভিযুক্ত কেইজনক আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে। কিন্তু ড্ৰাগছৰ বাবেই এগৰাকী ফুলকুমলীয়া কিশোৰীয়ে মৃত্যুক সাৱতি লোৱা ঘটনাক সহজভাৱে ল’ব পৰা নাই নগাঁৱৰ সচেতন ৰাইজে। এই ঘটনাৰ পিছতে নগাঁৱৰ যুৱপ্ৰজন্মৰ মাজত ড্ৰাগছৰ প্ৰচলন যে ভয়ানক ভাৱে বৃদ্ধি পাইছে সেয়াও নিশ্চিত হৈছে।

কলিয়াবৰত গাঁও পঞ্চায়ত কাৰ্য‍্যালয়ত খণ্ডযুদ্ধ । বৰভগীয়া গাঁও পঞ্চায়ত কাৰ্য‍্যালয়ত সচিবৰে হতাহতি জিলা পৰিষদৰ সদস‍্য আৰু সদ‍স্যাৰ স্বামীৰ । দুই পক্ষৰে মিছা আৰক্ষী চকীত এজাহাৰ দাখিল ।

কলিয়াবৰ : পঞ্চায়ত প্ৰতিনিধি আৰু পঞ্চায়ত সচিবৰ খণ্ডযুদ্ধৰ এক চাঞ্চল‍্যকৰ ঘটনা সংঘটিত হয় পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰভগীয়া পঞ্চায়তৰ কাৰ্য‍্যালয়ত। কলিয়াবৰৰ দ্বাৰ-বাগৰি জিলা পৰিষদৰ সদস‍্য জীতেন গড় আৰু চতিয়াল-বৰভগীয়া জিলা পৰিষদৰ সদস‍্যা ঈৰা বৰাৰ স্বামী মৃণাল বৰাৰ মাজত বুধবাৰে বিয়লি এক খণ্ড যুদ্ধৰ সূত্ৰপাত হয়। জানিব পৰা মতে, বৰভগীয়া গাঁও পঞ্চায়তৰ ভাজপা দলৰ নিৰ্বাচিত সভানেত্ৰী পবিত্ৰা বৰা প্ৰমুখ‍্যে পঞ্চায়ত প্ৰতিনিধিসকলক একপ্ৰকাৰ গুৰুত্বহীন কৰি পঞ্চায়ত সচিব হৰ্ক বাহাদুৰ ছেত্ৰীয়ে নিজ-খেয়াল-খুছী মতে উন্নয়নমূলক কাম-কাজসমূহ কৰিবলৈ লোৱাৰ অভিযোগৰ দীৰ্ঘদিনীয়া। সচিব গৰাকীৰ বিৰুদ্ধে সভানেত্ৰীয়ে বহুবাৰ উৰ্দ্ধতন মহলত অভিযোগো দিছে। কিন্তু কোনো ফল নধৰাত সচিবগৰাকীৰ মইমতালি দিনক-দিনে বাঢ়ি আহিছিল। তদুপৰি, কাৰ্য‍্যালয় চলি থকাৰ সময়ত প্ৰায়েই সচিব গৰাকীয়ে সভানেত্ৰীৰ অগোচৰে নিজ পচন্দৰ ব‍্যক্তিৰ লগত প্ৰীতিভোজৰ আয়োজন কৰে বুলিও আন এক অভিযোগ উত্থাপিন কৰে জিতেন গড়ে। সেই লৈ দুই পক্ষৰ মাজত চলি থকা শীতল যুদ্ধৰ বুধবাৰে পশ্চিম কলিয়াবৰৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া লীনা পাৱেৰ সমুখতে বিস্ফোৰণ ঘটে। ফলস্বৰূপে দুয়োপক্ষল মাজত প্ৰথমে তৰ্কা-তৰ্কি আৰু পিচলৈ হতাহতি হয়। জীতেন গড়ে অভিযোগ কৰা মতে, কাৰ্য‍্যালয় চলি থকাৰ সময়তে বুধবাৰে ভোজ-ভাতৰ আয়োজন চলি থকাৰ সময়তে উন্নয়নমূলক আঁচনিৰ বিষয়ৰ ওপৰত আলোচনা কৰি বিষয়টৈ মীমাংসা কৰা প্ৰচেষ্টা সচিব হৰ্ক বাহাদুৰ ছেত্ৰীয়ে গুৰুত্ব নিদিয়াৰ ফলত উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আলোচনাৰ মাজতে সচিবগৰাকী কাৰ্য‍্যালয় এৰি যাবলৈ বাধা দিওঁতে জীতেনজিৎ গৌৰক সচিবে গাড়ীৰে খুন্দিয়াই আঘাতপ্ৰাপ্ত কৰে। তেতিয়াই তাত থকা ভাজপা দলৰ কৰ্মীয়ে সচিব হৰ্ক বাহাদুৰক গাড়ীৰ পৰা নমায় আনি উত্তম মাধ‍্যম সোধায়। জীতেনে এই লৈ ইতিমধ‍্যে মিছা আৰক্ষী চকীত সচিব গৰাকীৰ বিৰুদ্ধে প্ৰাণে মৰাৰ অপচেষ্টা কৰা বুলি এজাহাৰ দাখিল কৰিছে। আনহাতে, সচিব হৰ্ক বাহাদুৰ ছেত্ৰীয়ে জানিবলৈ দিয়া মতে বৰভগীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী পবিত্ৰা বৰাই পঞ্চায়তটোৰ সকলো উন্নয়নমূলক কামৰ ঠিকা নিজ অঙহী-বঙহীক দি একপ্ৰকাৰ লুণ্ঠন অব‍্যাহত ৰাখিছে। এই লুণ্ঠন কাৰ্য‍্য চৰকাৰী প্ৰতিনিধিগৰাকীয়ে বাৰম্বাৰ বাধা দিয়াৰ ফলত পৰিকল্পিতভাৱে গাঁও পঞ্চায়তৰ সভানেত্ৰীয়ে এই কাৰ্য‍্য সংঘটিত কৰাইছে। পূৰ্বে সভানেত্ৰী গৰাকীয়ে নিজ পচন্দৰ ব‍্যক্তিক ঠিকা-ঠুকলিত নিয়োগ কৰাই অকৰ্তৃত্বশীলভাৱে ধনৰ লেন-দেন কৰিবলৈ সচিবগৰাকীক বাধ‍্য কৰাব নোৱাৰি দলীয় কৰ্মীৰ দ্বাৰা লঘু-লাঞ্চনা কৰি আহিছিল। বুধবাৰে পঞ্চায়ত কাৰ্য‍্যালয়ত চাউল বিতৰণ কৰি থকাৰ সময়ত চাউল বিতৰণকাৰীসকলে মিলি এক ভোজ-ভাতৰ আয়োজন কৰিছিল য’ত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়াগৰাকীও উপস্থিত আছিল। কিন্তু সভানেত্ৰী পবিত্ৰা বৰাই কাৰ্য‍্যালয়ত ভোজ-ভাতৰ আয়োজনক লৈ খৰ্গহস্ত হৈ জিলা পৰিষদৰ সদস‍্য জিতেন গড় আৰু ভাজপা দলীয় কৰ্মী মৃনাল বৰা তথা দলীয় কৰ্মীক মাতি আনি এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰে। এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণৰ বাবে নিজ গাড়ীৰে কাৰ্য‍্যালয়ৰ পৰা যাব বিচাৰোতে মৃণাল বৰা আৰু জীতেনে বাধা দি গাড়ীৰ পৰা নমাই আনি মাৰ-ধৰ কৰে বুলি অভিযোগ কৰে। ইতিমধ‍্যে হৰ্ক বাহাদুৰ ছেত্ৰীয়ে ঘটনাৰ উচিত তদন্ত বিচাৰি মিছা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। লগতে সদৌ অসম পঞ্চায়ত সচিব সন্থাৰ ওচৰতো অভিযোগ দাখিল কৰিছে। ইফালে, জিতেন গড়েও সচিবগৰাকীৰ বিৰুদ্ধে বিহীত ব‍্যৱস্থা ল’বলৈ চৰকাৰক অনুৰোধ জানাইছে।

ৰেল শিল্পক ব্যক্তিগতকৰণ : তিনিচুকীয়াত ৰেল শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ।

তিনিচুকীয়া : খালে ঐ খালে প্ৰাইভেটাইজেচন কৰা নীতিয়ে ভাৰতীয় ৰেল শিল্পটোক খালে| খেদ ঐ খেদ কৰ্পৰেট গোষ্ঠীক খেদ| জাগ ঐ জাগ জনতা জাগ আদি শ্ল’গান দি ৰে’ল শ্ৰমিকসকলে আজি তিনিচুকীয়া ৰেল মণ্ডল প্ৰৱন্ধকৰ কাৰ্যালয় প্ৰাংগণ উত্তাল কৰে| এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ আহ্বান ক্ৰমে আজি কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰে’ল শিল্পক ব্যক্তিগতকৰণ কৰা সৰ্বনশীয়া নীতিৰ বিৰুদ্ধে এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰেল শ্ৰমিক সকলে| দেশৰ বুনিয়াদ গঢ়া ১৬৭ বছৰীয়া সৰ্ববৃহত ৰেল শিল্পটোক প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে ব্যক্তিগত খণ্ডৰ হাতত গতাবলৈ লোৱা হঠকাৰী নীতিৰ বিৰুদ্ধে তিনিচুকীয়া ডিভিজনৰ তিনিচুকীয়া, লিডু, ডিব্ৰুগড় ৱৰ্কশ্বপ, শিমলুগুৰি, মৰিয়নি আৰু ফৰকাটিং আদিত বিশাল প্ৰতিবাদী কাৰ্যসূচী পালন কৰে| ৰেল শ্ৰমিক সংগঠনটোৰ তিনিচুকীয়া আৰু নিউ তিনিচুকীয়া শাখাই যুটীয়াভাৱে পালন কৰা প্ৰতিবাদী কাৰ্যসূচীত এনএফ ৰেলৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সাংগাঠনিক সম্পাদক তথা তিনিচুকীয়া ডিভিজনৰ সমন্বয়ক পুলক গগৈয়েও অংশগ্ৰহণ কৰি কয় যে সমগ্ৰ দেশত ক’ভিড-১৯ এ যিদৰে মহামাৰী ৰূপ ধাৰণ কৰি আতংক সৃষ্টি কৰিছে ঠিক একেদৰে ভাৰতীয় ৰেল শিল্পটোত কেন্দ্ৰীয় চৰকাৰে মেলি দিয়া ক’ৰ্পৰেট নামৰ মহামাৰীটোৱে শ্ৰমিক সকলৰ মাজত ভয়ানক আতংকৰ সৃষ্টি কৰিছে বুলি কয় আৰু ইয়াক খেদবলৈ ৰাজ পথলৈ আজি শ্ৰমিক সকল ওলাই আহিছে| ইয়াৰ উপৰি ক’ভিড-১৯ মহামাৰী সংক্ৰমণ প্ৰতিৰোধ ক্ষেত্রত বলবত কৰা মাজতে মৰগীয়া ভাত্তা কৰ্তন কৰা, মূল্য বৃদ্ধি, শ্ৰম আইন বিলুপ্তিকৰণ কৰা আদি বিৰুদ্ধে মুঠ ছয়টা দাবীত পালন কৰা প্ৰতিবাদী কাৰ্যসূচী ধাৰাষাৰে দি থকা প্ৰবল বৰষুণকো নেওচি সাব্যস্ত কৰা ৰে’ল শ্ৰমিক সকলে অতিশীঘ্ৰে কেন্দ্ৰীয় চৰকাৰক এই শ্ৰমিক বিৰোধী নীতিসমূহ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়| অন্যথা আন্দোলন আৰু তীব্ৰতৰ কৰি তুলিব বুলি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে| উল্লেখযোগ্য যে এই প্ৰতিবাদ তিনিচুকীয়া ডিভিজনৰ উপৰি লামডিং, ৰঙিয়া, আলিপুৰদুৱাৰ আৰু কাটিহাৰ ডিভিজনটো ব্যাপক ৰূপত পালন কৰা হয় বুলি ৰেল শ্ৰমিক নেতা পুলক গগৈয়ে সদৰি কৰিছে|

কৃষক নেতা অখিল গগৈসহ “কা” আন্দোলনত জড়িত কাৰাৰুদ্ধ সকলক শীঘ্ৰে মুক্তিৰ দাবী : ৰাজপথত তিনি সংগঠনৰ প্ৰতিবাদত উত্তাল নাজিৰা ।

নাজিৰা : জাতি-মাটি-ভেটি সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰে দেশ তথা অসমৰ শাসনভাৰ গ্ৰহণ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰে সেই প্ৰতিশ্ৰুতি ৰক্ষাৰ বিপৰীতে “নাগৰিকত্ব সংশোধনী আইন”ৰ জৰিয়তে অসম আৰু অসমীয়া জাতি-ভেটি নি:শেষ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত সমগ্ৰ দেশ তথা অসমত সৰ্বত্ৰে প্ৰতিবাদ-ৰণডংকা উদগীৰণ ঘটে। চৰকাৰৰ এই হঠকাৰী পদক্ষেপৰ গণ আন্দোলনক নেৰ্তৃত্ব বহন কৰাৰ অপৰাধ তথা দেশৰ সংবিধান উলংঘাৰে জনতাৰ বাক স্বাধীনতাক স্তব্ধ কৰি ৰখাৰ মানসেৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোনোৱাল, মানস কোঁৱৰকে ধৰি বহুকেইজনক দুশদিনৰোধিক কাৰাৰুদ্ধ কৰি চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাই দেখুৱাইছে বুলি সৰ্বত্ৰে অভিযোগ উঠি আহিছে। বিজেপি নেতৃত্বাধীন চৰকাৰৰ এনে কৰ্ম- কাণ্ডক প্ৰত্যাহ্বান জনাই সম্প্ৰতি ৰাজপথলৈ ওলাই প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই। ইয়াৰ পিছতো গা লৰা নাই শাসক পক্ষৰ। যাৰ বাবে আজি ৰাজপথলৈ ওলাই আহি চৰকাৰক সকীয়াই দিব লগা পৰিস্থিতি উদ্ভৱ হৈছে। ইয়াৰে অংশস্বৰূপে আজি “বীৰ লাচিত সেনা, অনুসূচীত জাতি যুৱ-ছাত্ৰ পৰিষদ, ঐক্য সেনা অসম”ৰ অৰ্ধশতাধিক বিষয়-ববীয়া আৰু কৰ্মীয়ে নাজিৰা নগৰৰ নাট্য মন্দিৰৰ সন্মুখত “মানৱ শৃংখল” এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰী সকলে “বিজেপি নেতৃত্বাধীন চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, সৰ্বানন্দ সোনোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাৰাজ নচলিব, আছে হেংডাং লোৱা নাই-ললে হেংডাং ৰক্ষা নাই, ৰাইজ আজি ৰাজপথত-সৰ্বা তোমাৰ কাম নাই” আদি বিভিন্ন শ্ল’গানেৰে ধৰ্ণা দি উত্তাল কৰি তোলে নাজিৰাৰ আকাশ-বতাহ। পিছত কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোনোৱাল, মানস কোৱৰকে ধৰি “কা” আন্দোলনত জড়িত কাৰাৰুদ্ধ সকলক বিনা চৰ্ত্ৰে শীৰ্ঘ্ৰে মুক্তিৰ দাবী জনাই অসমৰ গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে। নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ যোগেদি প্ৰদান কৰা স্মাৰক পত্ৰখনত উক্ত দাবী শীৰ্ঘ্ৰে কাৰ্যকৰী নকৰিলে সকলো দল-সংগঠন আৰু ৰাইজক একত্ৰিত কৰি চৰকাৰৰ বিৰুদ্ধে বৃহৎ গণ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে।

কলিয়াবৰৰ ডা০ টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনত ক্ৰীড়াৰ উত্তৰণত নৱতম সংযোজন । বিধায়কৰ চিগনেচাৰ আঁচনিৰ অন্তৰ্গত দুমহলীয়া পেভিলিয়নৰ আধাৰশিলা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ।

কলিয়াবৰ : কলিয়াবৰৰ নাগশঙ্কৰস্থিত অলিম্পিয়ান ফুটবলাৰ ডা° টি. আওৰ স্মৃতিত উৎসৰ্গীত সমগ্ৰ ভাৰতৰে একমাত্ৰ খেলপথাৰ। ইয়াতেই অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত ৰাজ‍্যৰ এতিয়ালৈকে একমাত্ৰ ক্ৰীড়া পেভিলিয়নখনো প্ৰাক্তন দৌৰবিদজনে নিজ হাতেৰে উন্মোচন কৰিছিল। কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ এই ক্ৰীড়াঙ্গনত আজি প্ৰস্তাৱিত বিধায়কৰ স্বাক্ষৰ আঁচনিৰ দহ কোটি টকা ব‍্যয় সাপেক্ষ অত‍্যাধুনিক ফুটবল খেলপথাৰ আৰু পেভিলিয়ন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰ স্থানীয় বিধায়ক তথা জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই। কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি স্থানীয় বিধায়কগৰাকীয়ে ডা° টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনৰ উন্নতিকল্পে ৫২ কোটি টকীয়া এক অভিলাষী আঁচনিৰ পৰিকল্পনা প্ৰস্তুত কৰি উলিয়াইছে। প্ৰাৰম্ভিক পৰ্য‍্যায়ত অসম চৰকাৰৰ বিধায়কৰ চিগনেচাৰ আঁচনিৰ নামত আৱণ্টিত ১০ কোটি টকাৰ জৰিয়তে ডা° টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনৰ আধুনিকীকৰণৰ কাম – সীমাৰ দেৱাল, ২ মহলীয়া পেভিলিয়ন, ওপৰ মহলাত দৰ্শকৰ বাবে ১৫০০ আসন সমৃদ্ধ গেলাৰী, তলৰ মহলাত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ অত‍্যাধুনিক সুবিধালব্ধ খেলুৱৈ, খেল পৰিচালকৰ ড্ৰেছিং ৰুম, ব‍্যামাগাৰ, চিকিৎসকৰ চেম্বাৰ, দৃশ‍্য-শ্ৰাব‍্য তথা ভিডিঅ’ কন্‌ফাৰেন্সিং ব‍্যৱস্থা, কাৰ্য‍্যালয়, ফুটবল খেলাপথাৰ, ফেন্সিং, ফ্লাডলইটৰ ব‍্যৱস্থাকে ধৰি প্ৰাৰম্ভিক পৰ্য‍্যায়ত ১০ কোটি টকাৰ ব‍্যয় সাপেক্ষ আঁচনিৰ ৰূপায়ণ হ’ব। আজি খেলাপথাৰখনৰ আৰ্হি প্ৰস্তুতকাৰী জিতেন্দ্ৰ নাৰায়ণ খাটনীয়াৰ উপস্থিত থাকি প্ৰস্তাৱিত ষ্টেডিয়ামখনৰ ৰূপ-ৰেখা দাঙি ধৰে।

নাজিৰা নগৰৰ ৩ নং ৱাৰ্ডত কণ্টেইনমেণ্ট জ’ন : ১০ দিন পূৰ্বে গুৱাহাটীৰ পৰা অহা এজন ২০ বছৰীয়া যুৱক ক’ভিড আক্ৰান্ত ।

নাজিৰা : নাজিৰা নগৰৰ ৩ নং ৱাৰ্ডৰ ৰে’ল ষ্টেচনৰ কাষৰীয়া এলেকাৰ বাসিন্দা ২০ বছৰীয়া যুৱক আফিৰুল হুছেইন কালি আই চি এম আৰ লাহোৱালৰ পৰা অহা স্বাৱ পৰীক্ষাৰ ফলাফল অনুসৰি ক’ভিড-১৯ পজিটিভ হয়। এই যুৱকজনে ১০ দিন পূৰ্বে গুৱাহাটীৰ পৰা আহি নাজিৰাৰ নিজা বাসগৃহত উপস্থিত হৈছিল। তেওঁ বিধিগতভাৱে নিজা গৃহত পৃথকীকৃতভাৱে বাস কৰি আছিল। স্বাৱ পৰীক্ষাৰ ফলাফল লাভ কৰাৰ লগে লগে কালি নিশাই যুৱকজনক জয়সাগৰস্থ শিৱসাগৰ জিলা অসামৰিক চিকিৎসালয়ৰ ক’ভিড চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰে নাজিৰা মহকুমা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে। কালি বিয়লি কৰ্তৃপক্ষই নগৰৰ কাষৰীয়া এলেকাটোৰ প্ৰৱেশ পথত জাননী ফলক লগাই দি সেই পথেৰে কোনো লোকৰে ওলোৱা-সোমোৱা নিষিদ্ধ কৰিছে। ইয়াৰ পূৰ্বে নাজিৰা মহকুমা প্ৰশাসনে যোৱা ২১ জুনত শিমলুগুৰি নগৰৰ ২ নং ৱাৰ্ডত শ্যাম লাল বেৰীয়া নামৰ ব্যৱসায়ীজন নিজৰ গৃহত পৃথকীকৰণ হৈ ৰোৱাৰ সময়ত ক’ভিড পজিটিভ ধৰা পৰাত সমগ্ৰ এলেকা কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছিল। ক্ৰমাৎ কৰ’নাৰ সম্প্ৰসাৰণ নাজিৰাত সঘনে ধৰা পৰাৰ সময়ত সামূহিক সংক্ৰমণৰ আশংকা ঘনীভূত হৈছে। যান-বাহনৰ যুগ্ম-অযুগ্ম নীতি কঠোৰভাৱে মানি চলাৰ লগতে ঘৰৰ বাহিৰলৈ অধিক লোক ওলাই নহাকৈ বজাৰ আৰু দোকানত সমাবেশ বন্ধ কৰাৰ বাহিৰে জনসাধাৰণৰ গত্যন্তৰ নোহোৱা হৈছে। আনহাতে নাজিৰা মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ পৰা সময়মতে তথ্য লাভ নকৰাত নাজিৰাৰ সাংবাদিক সকল বিফল হৈছে। সাংবাদিকে নিজে স্থানীয় ৰাইজৰ সৈতে যোগাযোগ কৰি ক’ভিড আক্ৰান্তৰ খবৰ লৈ কাকতলৈ প্ৰেৰণ কৰাত বহু পলম হোৱা স্বাভাৱিক ঘটনা হৈ পৰিছে। জনসাধাৰণৰ সজাগতাৰ বাবেই যে সাংবাদিকসকলক সময়মতে বাতৰি তথা তথ্য যোগান ধৰাৰ প্ৰয়োজন এই কথা নাজিৰাৰ জনসংযোগ বিভাগটোৱে পাহৰি গৈছে। উল্লেখযোগ্য যে নাজিৰা মহকুমাৰ এই গুৰুত্ত্বপূৰ্ণ বিভাগটোত এজন স্থায়ী বিষয়া নিযুক্তি নিদিয়াত আৰু বৰ্তমান তিনি-চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব পালন কৰি থকা এজন দণ্ডাধীশে বিভাগটোৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্তব্য পালনৰ লগতে এগৰাকী সহায়ক আৰু এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ সৈতে বিভাগটো পৰিচালনা কৰিব লগা হোৱাৰ বাবেই জসংযোগহীন হৈ পৰিছে নাজিৰা মহকুমা তথ্য আৰু জনসংযোগ বিভাগটো। ৰাইজৰ আক্ষেপ এইয়াই হৈছে পৰিবৰ্তন কামী চৰকাৰৰ পৰিৱৰ্তনৰ নমুনা। 

কলিয়াবৰত স্বাস্থ‍্য বিভাগৰ হেমাহি, কভিড-১৯ সংক্ৰমিত ৪ ।

কলিয়াবৰ : ২৫ জুনত কভিড-১৯ সংক্ৰমিত ধুতিৰাম মুণ্ডাই সংক্ৰমণৰ বাবে স্বাস্থ‍্য বিভাগৰ বৰমূৰীয়াৰে আলোচনাৰ অন্তত জখলাবন্ধা চিকিৎসালয়ত জখলাবন্ধা চিকিৎসালয় দুদিনৰ বাবে বন্ধৰ নিৰ্দেশ দিছিল উৰ্দ্ধতন কৰ্তৃপক্ষই। কিন্তু চিকিৎসক-কৰ্মচাৰীৰ স্বাৱ পৰীক্ষাৰ ফলাফল নহাকৈয়ে দুদিনৰ পিচতেই চিকিৎসা সেৱা মুকলি কৰি দিয়াতো এতিয়া বিপজ্জনকৰূপে ধৰা দিছে কলিয়াবৰত। যোৱা বুধবাৰে স্বাৱ পৰীক্ষাৰ ফলাফলত দুগৰাকী নাৰ্চৰ লগতে আন দুগৰাকী সংক্ৰমিত হোৱা বুলি প্ৰমাণিত হোৱাত কলিয়াবৰত একপ্ৰকাৰ চাঞ্চল‍্যৰ সৃষ্টি হৈছে। ইয়াৰে এগৰাকী জখলাবন্ধা চিকিৎসালয়ত কৰ্মৰত নাৰ্চৰ পুত্ৰ। ইতিমধ‍্যে বুধবাৰৰ নিশাই চাৰিওজনকে নগাঁও কভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। স্বাস্থ‍্য বিভাগৰ হেমাহিৰ ফলত এই সংক্ৰমণে কলিয়াবৰত ভয়বহ ৰূপ লোৱাৰ সম্ভাৱনাই দেখা দিছে। কিয়নো, চিকিৎসা কৰ্মী দুগৰাকীয়ে যোৱা সময়ছোৱাত চিকিৎসালয়খনত চিকিৎসা সেৱা আগবঢ়াইছিল। সংক্ৰমিত নাৰ্ছ দুগৰাকী নুমলী কলিতা আৰু অপৰা দাস। নুমলী কলিতাৰ পুত্ৰ প্ৰাঞ্জল মহন্তও আক্ৰান্ত। আনগৰাকী আক্ৰান্ত শিলঘাটস্থিত কলিয়াবৰ চাহ বাগিচাৰ জিমি কুৰ্মী। স্বাস্থ‍্য বিভাগৰ এই হেমাহিৰ বাবে সমগ্ৰ কলিয়াবৰবাসী এতিয়া কভিড-১৯ সংক্ৰমণৰ শংকাত।

চিকিৎসকসকলৰ উমৈহতীয়া সংস্থা IMA (Indian Medical Association)য়ে স্বাস্থ্য মন্ত্ৰী মহোদয়ক উদ্দেশ্যি লিখা আনুষ্ঠানিক পত্ৰ তথা ৰাজ্যত অস্বাভাৱিক হাৰত বৃদ্ধি হোৱা ক’ভিড ৰোগী সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া ।

নাজিৰা : ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ চিকিৎসকসকলৰ উমৈহতীয়া সংস্থা আই এম এ (Indian Medical Association) ৰ তৰফৰ পৰা প্ৰেৰণ কৰা আনুষ্ঠানিক পত্ৰখনৰ সন্দৰ্ভত অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰি আজি কাকতলৈ দিয়া এক বিবৃতিত প্ৰকাশ কৰে যে, পত্ৰখনত চিকিৎসক সকলৰ উমৈহতীয়া সংস্থা আই এম এ য়ে গভীৰ ‘ক্ষোভ’ আৰু ‘আপত্তি’ৰে অসমত ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পৰিৱৰ্তিত নীতিৰ কঠোৰ আৰু যুক্তিসংগত সমালোচনা কৰিছে। উপযুক্ত পৰিকল্পনা অবিহনে বৰ্তমানৰ অৱস্থাৰ পৰিৱৰ্তন ‘অতি কঠিন’ হ’ব বুলি উল্লেখ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। তেখেতে লগতে কয় যে, মানৱসম্পদৰ উপযুক্ত পৰিকল্পনা অবিহনেই সীমিত সংখ্যক চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰে হাস্পতালসমূহত ৰোগীৰ বিচনা বঢ়াই গৈ থাকিলে কোনো কাৰণতে এই ৰোগবিধক পৰাভূত কৰাত সফল নহ’ব। স্বাস্থ্যকৰ্মী আৰু চিকিৎসকসকলক একেৰাহে ১১ দিন ক’ভিড ৱাৰ্ডত চিকিৎসাৰ কামত নিয়োজিত কৰি পুনৰ ক’ভিড ৱাৰ্ডৰ সেৱাত নিয়োজিত কৰাৰ পূৰ্বে মাত্ৰ ৩ দিনৰ কোৱাৰেণ্টাইনত ৰখাৰ চৰকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে চিকিৎসক সংস্থাই।একেৰাহে ১১ দিন ক’ভিড ৱাৰ্ডত সম্পূৰ্ণ পি.পি.ই কিট্ পৰিধান কৰি সেৱা আগবঢ়োৱাটো যে অসম্ভৱ তাৰো প্ৰশ্ন তুলিছে চিকিৎসক সংস্থাটোৱে। বিৰোধী দলপতি গৰাকীয়ে লগতে প্ৰকাশ কৰে যে, এই গ্ৰীষ্মৰ গৰমত কোনো ধৰণৰ ‘এয়াৰ কণ্ডিচনৰ’ ব্যৱস্থা নথকা ক’ভিড চেণ্টাৰ বা ৱাৰ্ডত পি.পি.ই কিট্ পৰিধান কৰি একেৰাহে ১১ দিন চিকিৎসা আগবঢ়োৱাটো অসম্ভৱ। উক্ত পত্ৰখন বাতৰি-কাকতত প্ৰকাশিত হোৱাৰ পিছত এটা কথা মনলৈ আহিছে যে, ক’ভিডৰ বিৰুদ্ধে আগশাৰীৰ যোদ্ধা হিচাপে কাম কৰি অহা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক কেনেকুৱা এক স্তৰত হতাশগ্ৰস্ত হ’বলগীয়া হৈছে। ক’ভিড প্ৰতিৰোধত নিয়োজিত স্বাস্থ্যকৰ্মীসকলৰ স্বাস্থ্যপৰীক্ষা ‘এণ্টিজেন টেষ্ট’তে সীমিত ৰাখিবলৈ ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰো আই এম এয়েই তীব্ৰ বিৰোধিতা কৰিছে। আই চি এম আৰ এ ইতিমধ্যে ঘোষণা কৰিছে যে, এই পৰীক্ষাৰ বিশ্বাসযোগ্যতা তেনেই কম আৰু এই পৰীক্ষাত নেতিবাচক ফলাফল আহিলেও তেনে লোক ক’ভিডমুক্ত বুলি চূড়ান্তভাৱে ক’ব পৰা নাযায়। তাৰ বাবে ‘পি চি আৰ টেষ্ট’ সম্পন্ন কৰিহে চূড়ান্ত সিদ্ধান্ত দিব পৰা যায়। চিকিৎসক সংস্থাটোৱে গভীৰ আক্ষেপেৰে এই কথাও প্ৰকাশ কৰিছে যে, ইতিমধ্যে বৃহৎ সংখ্যক চিকিৎসক আৰু চিকিৎসাকৰ্মী ক’ভিড-১৯ৰ বলি হৈছে আৰু শেহতীয়া এনে ধৰণৰ ‘অপৰিকল্পিত’ আৰু তৰল চৰকাৰী সিদ্ধান্তই স্বাস্থ্যকৰ্মীসকলৰ জীৱন বিপদসংকুল কৰি তুলিব আৰু সেয়া হ’লে চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলে নিজৰ দেহত ক’ভিডৰ বীজাণু লৈ ৰোগীৰ চিকিৎসা কৰিবলগীয়া অৱস্থা এটা আহিবলৈ সৰহ দিন নালাগিব। বিবৃতিটোত বিৰোধী দলপতি গৰাকীয়ে কি কাৰণে ক’ভিড-১৯ৰ সৈতে যুঁজি থকা ইমান বৃহৎ সংখ্যক চিকিৎসক আৰু চিকিৎসাকৰ্মী এই ৰোগৰ দ্বাৰা আক্ৰান্ত হ’বলগীয়া হ’ল তাৰ এটা পুংখানুপুংখ বিশ্লেষণ কৰিবলৈ আই এম এ ই ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছে ক’ভিড-১৯ ৰ লক্ষণ নেদেখা ব্যক্তিসকলৰ ক্ষেত্ৰত I CMRয়ে দিয়া পৰামৰ্শ মতে ‘হ’ম কোৱাৰেণ্টাইন’ৰ জৰিয়তে তেওঁলোকৰ স্বাস্থ্য নিৰীক্ষণ তথা পৰিচালনাৰ দিহা ৰাজ্য চৰকাৰক গ্ৰহণ কৰিবলৈ চিকিৎসক সংস্থাই পৰামৰ্শ দিছে। বৃহৎ সংখ্যক এনে ক’ভিড-১৯ৰ বাহ্যিক লক্ষণ নেদেখা ‘ৰোগী’ক চৰকাৰে হাস্পতালত ভৰ্তি কৰোৱাৰ ফলত সীমিত চিকিৎসক আৰু চিকিৎসাকৰ্মীৰে এই সকলো নিয়ন্ত্ৰণ কৰা অসম্ভৱ হৈ পৰিছে আৰু ইয়াৰ ফলত ক’ভিড-১৯ত প্ৰকৃততেই গুৰুতৰভাৱে আক্ৰান্তসকলৰ চিকিৎসাত ক্ষতি হোৱাটো স্বাভাৱিক। ইয়াৰ উপৰিও শেহতীয়াকৈ গুৱাহাটী মহানগৰী সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ পিছত ৰাজ্যত ক’ভিড১৯ ৰ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। কাৰণ চৰকাৰে পুনৰ অপৰিকল্পিতভাৱে এই লকডাউন ঘোষণা কৰিছিল আৰু তাৰ ফলত গুৱাহাটী মহানগৰীত বসাবস কৰা সৰহ সংখ্যক ব্যক্তিয়ে নিজ নিজ গৃহ জিলালৈ উভতি গৈছে আৰু সেই সমূহ জিলালৈ আতংক কঢ়িয়াই আনিছে। কাৰণ গুৱাহাটীৰ পৰা যোৱা ব্যক্তিসকলে লাগতীয়াল পৰীক্ষা নকৰাকৈয়ে নিজ নিজ জিলা সমূহলৈ উভতি গৈছে। মোৰ ব্যক্তিগত মত যে, চৰকাৰে ৰাজ্যখনৰ সমূহ নাগৰিকৰ কথা ভাবি গুৱাহাটীৰ পৰা সকলো ব্যক্তিকে আহ-যাহ কৰাত বাধা দিব লাগিছিল। এই সকলোবোৰ বিষয়ৰ পিছত, চিকিৎসক বা চিকিৎসাকৰ্মীয়ে চৰকাৰৰ প্ৰতিশোধমূলক ব্যৱস্থাৰ ভয়ত মৌন হৈ থাকিলেও তেওঁলোকৰ সংগঠন ভাৰতীয় চিকিৎসা সংস্থা (Indian Medical Association)ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ ‘একনায়কত্ববাদী’ স্বৰূপ উদঙাই দিলে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰৰ ওচৰত দাবী জনাই প্ৰকাশ কৰে যে চৰকাৰৰ বাবে তেওঁলোকে যেনেকৈ হাস্পটালত স্বাস্থ্য কৰ্মী সকলৰ মনোবল বঢ়াবলৈ বায়ু সেনাৰ হেলিকপ্টাৰেৰে ফুল বৰ্ষণ কৰাইছিল তথা সামৰিক আৰু অসামৰিক বেণ্ড বজাই ধন্যবাদ জ্ঞাপন কৰিছিল, সেইবোৰতকৈ বেছি আই এম এয়ে উল্লেখ কৰা গুৰুত্বপূৰ্ণ বিন্দু সমূহৰ ওপৰত ধ্যান দিবলৈ আহ্বান জনায়।