Home Blog Page 3347

ক’ৰোনা মহামাৰীৰ আতংক : লকডাউনৰ জটিল সময়ত সাংবাদিক -সংবাদকৰ্মীৰ জীৱন-জীৱিকাক সুৰক্ষা প্ৰদানৰ দাবী জাফা, দিছপুৰ প্ৰেছ ক্লাবৰ

ক’ৰোনা মহামাৰীক কেন্দ্ৰ কৰি দেশ তথা ৰাজ্যত সৃষ্টি হোৱা এই জটিল সময়ছোৱাত বিভিন্ন সংবাদ প্ৰতিষ্ঠান-সংবাদ মাধ্যমত কৰ্মৰত হৈ থকা সাংবাদিক আৰু সংবাদকৰ্মীক অজুহাত দেখূৱাই চাকৰিৰ পৰা অব্যাহতি নিদিবলৈ সকলো সংবাদ প্ৰতিষ্ঠান আৰু সংবাদ মাধ্যমৰ কৰ্তৃপক্ষলৈ আহ্বান জনাইছে জাফা আৰু দিছপুৰ প্ৰেছ ক্লাবে৷ এক বিবৃতিত জাফাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক আৰু দিছপুৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে এই আহ্বান জনাই কয় যে যি সময়ত সকলো সাংবাদিক সংবাদকৰ্মীয়ে  দেশ, জাতি, সমাজৰ স্বাৰ্থত অনান্যসকলৰ লেখিয়াকৈ উৎসৰ্গীত মনোভাৱেৰে ক’ৰোনা মহামাৰীৰ বিৰূদ্ধে  চলি থকা যুঁজখনত চৰকাৰক সহায় কৰি আহিছে সেই সযয়ত ক’ৰোনা সৃষ্ট সংকটৰ দোহাই দি সাংবাদিক-সংবাদকৰ্মীৰ ছাটাই অভিযান কোনো কাৰণতে গ্ৰহণযোগ্য নহয়৷ সাংবাদিকৰ জীৱন-জীৱিকাৰ সুৰক্ষাৰ দিশটোত শ্ৰম বিভাগ আৰু চৰকাৰখনেও গুৰুত্ব দিয়া উচিত বুলি  উল্লেখ কৰি বিবৃতি যোগে  এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহনৰো দাবী জনায়৷ বিবৃতিটোত লগতে কোৱা হ’য় যে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈ থকা অনুসৰি যদি অসমৰ সাংবাদিকতাৰ জগতখনত  প্ৰায় দুই দশক ধৰি সংবাদসেৱা আগবঢ়াই অহা এগৰাকী সাহসী তথা দায়িত্বশীল আৰু নিষ্ঠাবান বুলি  পৰিচিত মহিলা সাংবাদিক ৰঞ্জিতা ৰাভাক গৰ্ভৱতী হোৱাৰ বাবেই যদি চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে তেন্তে সেয়া  চূড়ান্ত অমানৱীয় আৰু আইন বিৰোধী  কাম হৈছে। সাংবাদিক ৰঞ্জিতা ৰাভাক চাকৰিৰ পৰা অব্যাহতি দিয়া ঘটনা সম্পৰ্কত টি ভি চেনেলটোৰ কতৃপক্ষই শীঘ্ৰে নিজৰ স্থিতি ৰাজহুৱা কৰা উচিত বুলিও বিবৃতিটোত প্ৰকাশ ।

হোজাইৰ হাম হাস্পতালত ৰোগীৰ আত্মহত্যা

লংকা

হোজাইৰ হাম হাস্পতালত যোৱা নিশা এজন ৰোগীয়ে খিৰিকীৰে জপিয়াই আত্মহত্যা কৰে। ৰোগীজন পৰিতোষ দেৱনাথ বুলি জানিব পৰা গৈছে৷ ৫৫ বছৰীয়া ৰোগীজনৰ অলপতে হামত হাৰনিয়া অপাৰেশ্যন হৈছিল। কালি তেওঁক হাস্পটালখনৰ পৰা ৰিলিজো  দিয়া হৈছিল। কিন্তু ৰিলিজ দিয়াৰ পিছত কি কাৰণে ৰোগীজনে বিল্ডিং পৰা জপিয়াই আত্মহত্যা কৰিলে তাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। তথাপি তেওঁ সামান্য মানসিক ৰোগত ভূগি আছিল বুলি জানিব পৰা গৈছে৷ মৃত লোকজন লংকা এন এৰিয়াৰ বাসিন্দা আৰু তেওঁ লংকা খাৰিখানাৰ এল পি স্কুলত শিক্ষকতা কৰি আছিল। ৰিলিজ দিয়াৰ পিছত নিশা পৰিয়ালৰ লোকৰ সন্মুখতে  শিক্ষকজনে খিৰিকীৰে জপিয়াই আত্মহত্যা কৰা ঘটনাক সহজভাৱে ল’ব পৰা পৰিয়ালবৰ্গই।

সামাজিক দুৰত্ব বজাই ৰাখি ঈদৰ নামাজ পঢ়িবলৈ আহ্বান ধুলা আঞ্চলিক আমছুৰ

খাৰুপেটীয়া

 ইছলাম ধৰ্মাৱলম্বী লোকে ত্যাগ আৰু সংযমৰ মাহ ৰমজানৰ এমাহ। ৰোজাৰ অন্তত আনন্দৰ উৎসৱ ঈদ উল ফিতৰ উৎযাপন কৰে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ধূলা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক কবিৰ আলিয়ে ইছলাম ধৰ্মাৱলম্বী লোকৰ লগতে সমগ্ৰ অসমবাসী জনসাধাৰণক  ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। ক’ৰোণা ভাইৰাছৰ ভয়াবহতা তথা চৰকাৰে ঘোষণা কৰা লকডাউনে মানুহক আৰ্থিক আৰু মানসিকভাৱে জুৰুলা আৰু দুৰ্বল কৰা সময়ত  উদযাপিত হব লগা ঈদ উল ফিতৰৰ দৰে আনন্দ উৎসৱে সমাজৰ লোকৰ মনত সাহস, প্ৰেৰণা, মনোবল তথা ভ্ৰাতৃত্ববোধ বৃদ্ধি কৰিব বুলি আমছুৰ নেতৃত্ব আশাবাদী। ঈদ উল ফিতৰৰ আনন্দোৎসৱে সমাজ তথা দেশৰ পৰা অসূয়া অমঙ্গল দূৰ কৰাৰ কামনা কৰা লগতে সকলো ইছলামধৰ্মী লোকক লকডাউনৰ প্ৰতিটো নিৰ্দেশনা আখৰে আখৰে পালন কৰি ঈদ উৎসৱত অংশগ্ৰহণ কৰিবলৈ আমছুৰ নেতাজনে আহ্বান জনায়। কোনো লোকে যাতে লকডাউনৰ নীতি নিৰ্দেশনাক অমান্য নকৰে তাৰ প্ৰতি সমাজৰ সচেতন নাগৰিকসকলে তীক্ষ্ণ নজৰ ৰাখিব লাগিব। মছজিদ অথবা ঈদগাহ ময়দানত চৰকাৰী নিয়মানুসৰি ৫-৬ জন লোকেহে সমবেত হৈ ঈদৰ নামাজ পঢ়িবলৈ আহ্বান জনায়। বাকী সকলোৱে নিজৰ নিজৰ ঘৰত ঈদৰ নামাজ আদায় কৰিব। আনহাতে ঈদৰ দিনা মছজিদ অথবা ঈদগাহ ময়দানৰ সন্মূখত পৰম্পৰাগতভাৱে যি বজাৰ বা দোকান পোহাৰৰ ভিৰ হয় সেয়া এইবাৰৰ ঈদৰ সময়ত হব দিব নালাগে। মছজিদ অথবা ঈদগাহ পৰিচালনা কমিটিয়ে কঠোৰ হৈ এনে বজাৰ সমুহ যাতে নবহে তাৰ বাবে আগতীয়াকৈ ব্যৱস্থা লওক। সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখি সীমিত ভাবে অনুষ্টুপীয়াকৈ নিজৰ ঘৰতে ঈদ উদযাপন কৰক। সামাজিক দূৰত্ব বৰ্তাই ৰাখি নিজে সুৰক্ষিত থাকক, আনকো সুৰক্ষিত ৰাখক।

নামতি ছহিদ পিয়লি ফুকন মহাবিদ্যালয়ত বিনামূলীয়া পাঠ্যপুথি বিতৰণ

নাজিৰা

শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ নামতি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ছহিদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ২০২০-২১ শৈক্ষিক বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষলৈ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণ কৰা হ’ব৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ধ্ৰুৱজ্যোতি নাথে কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি উল্লেখ কৰা মতে, মহাবিদ্যালয়ৰ প্ৰাঙ্গনত অহা ২৬ মে’ৰ‌ পৰা ২৮ মে’লৈকে (পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু দিনৰ ১২ বজাৰ ২ বজালৈ) দুটা ভাগত বিভক্ত কৰি তিনিদিনীয়া কাৰ্যসূচীৰে বিতৰণ হ’ব লগীয়া বিনামূলীয়া পাঠ্যপুথিসমূহ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ক্ৰমিক নং অনুসৰি বিতৰণ কৰিব৷ সেয়ে ছাত্ৰ-ছাত্ৰীসকলে ২৬ মে’ত ক্ৰমিক নং ১ৰ ৮০ লৈ, ২৭ মে’ত ক্ৰমিক নং ৮১ৰ পৰা ১৬০ লৈ আৰু ২৮ মে’ত ক্ৰমিক নং ১৬১ৰ পৰা ২৪০ লৈ বৰ্তমান সময়ৰ কৰ’না ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্দিষ্ট সময়ত মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি পাঠ্যপুথি সমূহ সংগ্ৰহ কৰিব পাৰিব৷ তদুপৰি, অধ্যক্ষ গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিনামূলীয়া নাম ভৰ্ত্তিৰ ৰচিদখন লগত লৈ অনাটো বাধ্যতামূলক বুলিও প্ৰেছ বিবৃতি উল্লেখ কৰিছে৷

নাজিৰাত কোৱাৰেণ্টাইন চেণ্টাৰৰ চাফাই কৰ্মীক মহকুমা প্ৰশাসনৰ সম্ভাষণ

নাজিৰাত কোৱাৰেণ্টাইন চেণ্টাৰৰ চাফাই কৰ্মীক মহকুমা প্ৰশাসনৰ সম্ভাষণ

নাজিৰা

মহকুমা প্ৰশাসনৰ দ্বাৰা স্থাপন কৰা গড়গাঁও কোৱাৰেণ্টাইন কেন্দ্ৰত নিয়োজিত চাফাই কৰ্মচাৰী আৰু বীজানুনাশক কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্য আজি নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামীয়ে তেওঁলোকক একোখনকৈ ফুলাম গামোচাৰে সম্ভাষণ জনায়। মহকুমাধিপতিৰ সৈতে ভাঃ প্ৰাঃ নাজিৰা ৰাজহ চক্ৰ বিষয়া কবিতা কাকতি কোঁৱৰ আৰু সহকাৰী আয়ুক্ত ৰাজীৱ সোণোৱালেও সহযোগ কৰে। লগতে তেল আৰু প্ৰাকৃতিক গেছ নিগম, অসম সম্পদৰ অধীনত বহিঃৰাজ্য পৰা আহিব লগা তথা ইতিমধ্যে আহি নাজিৰাত উপস্থিত হোৱা কৰ্মচাৰীসকলৰো স্বাস্থ্য পৰীক্ষাৰ লগতে তেওঁলোকক পদ্ধতিগতভাৱে  কোৱাৰেণ্টাইন ব্যৱস্থা কৰাৰ সমূহ দিশ তেওঁ তদাৰক কৰে। নাজিৰালৈ আহিব লগা বিষয়াসকলৰ ভিতৰত মুঠ ১১৮ জন কৰ্মচাৰীৰ ভিতৰত ২৩ মে’ত  উপস্থিত হোৱা ৪০ জন কৰ্মচাৰীৰ স্বাব চিকিৎসা বিভাগৰ তৰফৰ পৰা ইতিমধ্যে সংগ্ৰহ কৰা হৈছে।  তেওঁলোকৰ কোৱাৰেণ্টাইন প্ৰক্ৰিয়া সন্দৰ্ভত ৰাইজৰ মাজত কিছু সন্দেহ তথা সংশয় থকাৰ পৰিপ্ৰেক্ষিতত মহকুমাধিপতিয়ে জানিবলৈ দিয়ে যে বহিঃৰাজ্যৰ পৰা অহা সকলো লোকৰে কোৱাৰেণ্টাইন ব্যৱস্থা কৰাটো এশ শতাংশ নিশ্চিত৷ গতিকে কোনোলোককে ভয় বা শংকা মনত নাৰাখিবলৈ ৰাইজক আহ্বান জনাইছে।

বোকাজানত আঠ লাখ টকাৰ অবৈধ অৰুণাচলী সুৰা জব্দ

বোকাজান

 লকডাউনৰ মাজতে আজি পুৱতি নিশা বোকাজান মহকুমাৰ খটখতি আৰক্ষীয়ে এ এছ ১৭ বি -১০৯৭ নম্বৰৰ ট্ৰাক এখনত তালাচী চলাই  আঠ লাখ টকাৰ ২২০ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা জব্দ কৰে৷ লগতে ট্ৰাকখনৰ হেণ্ডিমেন আলি ইছলামক আটক কৰে৷ অৱশ্যে ট্ৰাকখনৰ চালকজন পলাই যাবলৈ সক্ষম হয়। জানিব পৰামতে অৰুণাচলৰ সুৰা বণ্ডৰ পৰা ট্ৰাকখনে অবৈধভাৱে সুৰাখিনি ডিমাপুৰ লৈ আনি আছিল। সুৰাখিনি ট্ৰাকখনৰ চালকৰ কেবিনৰ ওপৰত গোপনভাৱে সাজি লোৱা বৃহৎ চেম্বাৰত কঢ়িয়াই আনি আৰক্ষীৰ চকুত ধূলি দি খটখতি নাকা পাৰ হ’বলৈ চেষ্টা কৰি থকা অৱস্থাত খটখতি আৰক্ষীয়ে জব্দ কৰে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে অবৈধ সুৰাখিনি ডিমাপুৰ ঘোঁৰাপত্তিৰ ধমেন্দ্ৰ নামৰ অবৈধ সুৰা ব্যৱসায়ীটোৰ নেতৃত্বত অনা হৈছিল। আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

ধুবুৰীত ক’ৰোনা আক্ৰান্ত কিশোৰী

ধুবুৰী

অসমত ক’ৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা এতিয়ালেকে ৩৯১ জনলৈ বৃদ্ধি পাইছে। আজি ধুবুৰী নতুনকৈ এগৰাকী কিশোৰী (১৭)ৰ দেহত ধৰা পৰিছে ক’ৰোনা পজিটিভ। কিশোৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। তেওঁ বিহাৰৰ ঠাকুগঞ্জ জিলাত ইটাভাটাত শ্ৰমিক হিচাপে কাম কৰি আছিল। যোৱা ১২ মে’ তাৰেখে বিহাৰৰ পৰা অহাৰ পিছত অসম-পশ্চিম বংগ সীমান্তৰ ছাগলীয়া কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হৈছিল। যোৱা ১৩ মে’ তাৰিখে নমুনা সংগ্ৰহ কৰা হৈছিল। যোৱা ১৮ মে’ তেওঁক ঘৰলৈ যাবলৈ দিয়া হৈছিল। আজি তেওঁৰ তেজত ক’ৰোনা ভাইৰাছৰ উপস্থিতিৰ বিষয়ে ধুবুৰীৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ চৈয়দ ইমদাদুল্লাহ জানিবলৈ দিয়ে। আজিলৈকে জিলাখনৰ মুঠ দহ জন ক’ৰোনাত আক্ৰান্ত হয় যদিও ইয়াৰে পাঁচজন লোক সম্পূৰ্ণভাৱে সূস্থ হৈ ঘৰলৈ উভতি যায় আৰু বাকী পাঁচজন লোক এতিয়াও চিকিৎসাধীন হৈ আছে।

ৰাজগড় মহাবিদ্যালয়ৰ কৰ্মচাৰী অজিত মহন্তৰ মৃত্যু

টিংখাং

ডিব্ৰুগড় জিলাৰ ৰাজগড় কনিষ্ঠ মহাবিদ্যালয়ৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী তথা নভকতীয়া গাঁৱৰ নিবাসী অজিত মহন্তৰ (৪০)যোৱা নিশা প্ৰায় দুই বজাত নিজা বাসগৃগত মৃত্যু হয়। দীৰ্ঘদিনধৰি এক জটিল ৰোগত আক্ৰান্ত হোৱা বাবে কিছুদিনৰ পূৰ্বে অজিত মহন্তই ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়খনত চিকিৎসা গ্ৰহণ কৰিছিল। চিকিৎসালয়খনত চিকিৎসা গ্ৰহণ কৰি কিছু আৰোগ্য লাভ কৰাত চিকিৎসালয়খনৰ পৰা ছুটীলৈ ঘৰলৈ আহিছিল। নিশা হঠাতে গুৰুতৰভাৱে অসুস্থ হৈ পৰা পিছতে মৃত্যুক সাৱতি লোৱাৰ বাতৰিয়ে ৰাজগড়ত গভীৰ শোকৰ ছাঁ পেলাইছে। বেচৰকাৰী শিক্ষানুষ্ঠানখনত কৰ্মৰত অজিত মহন্তক চিকিৎসাৰ বাবে শিক্ষানুষ্ঠানখনৰ লগতে ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাই আৰ্থিক সাহায্য প্ৰদান কৰিছিল। তদুপৰি চিকিৎসাধীন অৱস্থাত অঞ্চলটোৰ বহুকেইগৰাকী ব্যক্তিয়ে স্বইচ্ছাই অজিত মহন্তক প্ৰয়োজনীয় তেজ দান কৰিছিল। উল্লেখ্য যে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰে পৰা কৰ্মৰত অজিত মহন্তৰ মৃত্যুত মহাবিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন দল-সংগঠন ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। অজিত মহন্তৰ মৃত্যুৰ বাতৰিয়ে বৃহত্তৰ ৰাজগড় অঞ্চলত গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। তেওঁৰ নশ্বৰদেহ আজি পুৱাৰ ভাগতে নিজা বাসগৃহৰ পৰা কৰ্মস্থলী মহাবিদ্যালয়খনলৈ নিয়া হয়। মহাবিদ্যালয়খনলৈ নশ্বৰদেহ নিয়াৰ সময়ছোৱাত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। অজিত মহন্তৰ নশ্বৰদেহত মহাবিদ্যায়লখনৰ পৰিচালনা সমিতি সচিব প্ৰমোদ দত্ত, ৰাজগড় মহাবিদ্যালয়ৰ অধ্যক্ষঅম্বেশ্বৰ কোচ, কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মৃদুল দত্ত, জ্যেষ্ঠ প্ৰবক্তাদ্বয় দিলীপ বৰা, সঞ্জীৱ দত্ত, ব্ৰজ্য বৰশইকীয়াসহ কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীয়ে পুস্পাঞ্জলি অৰ্পন কৰি অন্তিম বিদায় জনায়। পিছত অনেক গুণমুগ্ধৰ উপস্থিতিত ৰাজগড়ৰৰ ৰাজহুৱা সংকাৰস্থলীত অজিত মহন্তৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। অজিত মহন্তই মৃত্যুৰ সময়ত পত্নী পুত্ৰ সহ বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়।

গুটখা ব্যৱসায়ীৰ অশালীন আচৰণ : ক্ষমা বিচাৰিলে ৰাইজ,পৰিয়াল, চৰকাৰী গাঁওবুঢ়াই

হোজাই

হোজাইত এগৰাকী গুটখা ব্যৱসায়ীৰ অশালীন আচৰণৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় হোজাই জিলাত। যোৱা ২০ মে’ তাৰিখে নীলবাগান চানাপট্ৰিৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত থকা ইণ্ডিয়ান অইল পাম্পৰ কাষত থকা গেলামাল দোকানী ফৰিজ আলী নামৰ এগৰাকী ব্যক্তিয়ে হোজাই জিলা প্ৰশাসনক অশ্লীল গালি গালাজ কৰা এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ফৰিজ আলী নামৰ গেলামাল দোকানী জনে হোজাই আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলক অশ্লীল ভাষাৰে গালি গালাজ কৰা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল সমগ্ৰ ছচিয়েল মিডিয়াত। উক্ত ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই ফৰিজ আলীক মানসিক বিকাৰগ্ৰস্ত বুলি দাবী কৰে পৰিয়াল আৰু গাঁওবাসী ৰাইজে। ৭ বছৰ ধৰি নিখোঁজ হৈ থকা ফৰিজ আলীক যোৱা ডেৰ বছৰ পূৰ্বে পৰিয়ালৰ লোকে কাষত পাই চিকিৎসা চলাই থকাৰ সময়তেই অজানিতে ভুল কৰা বুলি পৰিয়ালৰ লোকে স্বীকাৰ কৰি প্ৰশাসন আৰু ৰাইজৰ আগত বিচাৰিলে ক্ষমা। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দোকান খুলি গুটখাৰ অবৈধ বেহা চলোৱা ফৰিজ আলীক দীৰ্ঘদিন ধৰি মানসিক ৰোগৰ চিকিৎসা চলাই অহা বুলি দাবী পৰিয়ালৰ লোকৰ। চৰকাৰী গাঁওবুঢ়াও দুই হাত যোৰ কৰি লোকজনক ক্ষমা কৰি দিবৰ বাবে প্ৰাৰ্থনা জনায় জিলা প্ৰশাসনক।

কোৱাৰেণ্টাইন জ’নৰ লোকক প্ৰশাসনৰ খাদ্য যোগান

জামুগুৰিহাট

কোৱাৰেণ্টাইন জ’ন হিচাপে ঘোষণা হোৱা বিশ্বনাথ জিলাৰ তথা জামুগুৰিহাটৰ নিকটৱৰ্তী অসম অৰুণাচল সীমান্তৰ তিনিখন গাঁৱৰ জনসাধাৰণৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰিছে। অঞ্চলটোৰ টক’ গয়াৰী নামৰ ৬০ বছৰীয়া ব্যক্তিগৰাকী  মাৰাত্মক ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ পিছতেই ১৭ মে’ৰ দিনা বিশ্বনাথ জিলা প্ৰশাসনে কৰ’না আক্ৰান্ত টক’ গয়াৰীৰ গৃহ গাঁও ২নং পাখেৰিগুৰিৰ লগতে ১নং পাখেৰিগুৰি আৰু ছেৰফাংগুৰি অঞ্চলটোক কোৱাৰেণ্টাইন জ’ন হিচাপে ঘোষণা কৰে৷ কোৱাৰেণ্টাইন জ’নৰ এই তিনিখন গাঁৱত থকা মুঠ ১০৫ টা পৰিয়ালক আজি বিশ্বনাথ জিলা প্ৰশাসনে অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী যোগান ধৰে৷ জানিব পৰা মতে ৪ জন সদস্যৰে এটা পৰিয়াল বুলি ধৰি কোৱাৰেণ্টাইন জ’নটোত থকা এই ১০৫ টা পৰিয়ালক ১৫ কেজিকৈ চাউল, ৫ কেজিকৈ আলু,২ কেজিকৈ দাইল আৰু পিয়াজ, ২ লিটাৰ মিঠাতেল, ১ কেজি নিমখৰ লগতে চাবোন, ছাৰ্ফ, টুথপেষ্ট আদি সামগ্ৰীসমূহ যোগান ধৰে৷ উল্লেখনীয় যে কোৱাৰেণ্টাইন জ’ন হিচাপে ঘোষণা কৰাৰ পিছত ১৪ দিনৰ বাবে এই অঞ্চলটোত সকলো লোকৰে প্ৰৱেশ আৰু প্ৰস্থান নিষিদ্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত কোৱাৰেণ্টাইন জ’নটোত থকা গাঁও তিনিখনৰ এই ১০৫টা পৰিয়ালৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে জিলা প্ৰশাসনে পৰিয়ালসমুহক অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী সমূহ যোগান ধৰিছে৷ উল্লেখ্য যে অঞ্চলটোৰ ক’ভিড-১৯ পজিটিভ ট’ক গয়াৰীৰ প্ৰাথমিক সংস্পৰ্শলৈ অহা ১৬ জন ব্যক্তিৰ প্ৰথমটো ক’ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ বুলি জানিব পৰা গৈছে৷ প্ৰণিধানযোগ্য যে টক’ গয়াৰীৰ সংস্পৰ্শলৈ অহা ইটাখোলা নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসককে ধৰি ১১ গৰাকী স্বাস্থ্য কৰ্মীৰো কভিদ পৰীক্ষাৰ ফলাফল নিগেটিভ অহা বুলি জানিব পৰা গৈছে৷