চিবিএছই আৰু আইচিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল অহা ১৫ জুলাইত ঘোষণা কৰা হ’ব ৷ শুকুৰবাৰে এই কথা জনালে উচ্চতম ন্যায়ালয়ে ৷ এই পৰীক্ষা ফলাফলৰ সময়ত নম্বৰ দিয়াৰ বিষয়ে বিশেষ কেতবোৰ পদ্ধতি মানি চলা হ’ব ৷ গড় নম্বৰত সন্তুষ্ট নহ’লে পুনৰ পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীয়ে আবেদন কৰিব পাৰিব ৷ তিনিটা বেছি বিষয়ৰ পৰীক্ষা বেষ্ট অব থ্ৰী হিচাপে গড় নম্বৰ দিয়া হ’ব৷ বাকী বিষয়ৰ নম্বৰ আহিব বেষ্ট অব থ্ৰীৰ গড় নম্বৰত ৷ এটা পৰীক্ষা দিলে আগৰ পৰীক্ষাৰ ভিত্তিত হ’ব মূল্যায়ন। তাৰ লগট যোগ হ’ব প্ৰেক্টিকেল পৰীক্ষাৰ গড় নম্বৰ৷ আনহাতে জুলাইত আইচিএছচি, আইএছচি আৰু চিবিএছইৰ দশম, দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰে৷ এই কথা উচ্চতম ন্যায়ালয়ক জনোৱা হয় ৷ উল্লেখ্য যে লকডাউন উঠি যোৱাৰ পাছত ১ জুলাইৰ পৰা ১৫ জুলাইৰ ভিতৰত বাকী পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা চিবিএছইয়ে বিজ্ঞপ্তি যোগে জনায় ৷ ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীৰ মাজত বিভ্রান্তিৰ সৃষ্টি হয় ৷ যিহেতু বিভিন্ন ৰাজ্যত ক’ৰোনা পৰিস্থিতি বিভিন্ন৷ লকডাউন উঠি গ’লেও ক’ৰোনাৰ সংক্ৰমণ দেশজুৰি তীব্ৰ হৈ আছে৷ শিক্ষাৰ্থীৰ নিৰাপত্তাৰ কথা ভাবি এই মুহূৰ্তত পৰীক্ষা স্থগিত ৰখা হ’বনে বুলি একাংশ অভিভাৱকে উচ্চতম ন্যায়ালয়ত প্ৰশ্ন কৰে ৷ যোৱা ১৮ জুনত এই বিষয়ে চিবিএছইৰ চূড়ান্ত সিদ্ধান্ত ল’বলৈ উচ্চতম ন্যায়ালয়ে এসপ্তাহৰ সময় দিয়ে৷ পৰৱৰ্তী শুনানিত ভিডিঅ’ কনফাৰেন্স যোগে ন্যায়াধীশ এ এম খানউইলকৰ, ন্যায়াধীশ দীনেশ মহেশ্বৰী আৰু ন্যায়াধীশ সঞ্জীব খান্নাৰ বিচাৰপীঠে পৰীক্ষাৰ সিদ্ধান্তৰ বিষয়ে কেন্দ্ৰৰ পৰা জানিব বিচাৰে৷ ছলিচিটৰ জেনেৰেলে জনোৱা মতে এক বিশেষজ্ঞ সমিতিৰ দ্বাৰা পৰিস্থিতি পর্যালোচনা কৰি চাইছে৷ ইয়াৰ পাছত বৃহস্পতিবাৰে দিনৰ ২ বজা পৰ্যায়ৰ চূড়ান্ত সিদ্ধান্ত জনোৱাৰ বাবে সময় দিয়ে৷ ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ জনায় যে চিবিএছই আৰু আইচিএছই পৰীক্ষা বাতিল কৰা হৈছে ৷
প্রতি ২৪ ঘণ্টাত নতুন ক’ৰোনা সংক্রমণে অভিলেখ সৃষ্টি কৰিছে ৷ কমাব পৰা নাই সংক্ৰমণ ৷ শুকুৰবাৰে পুৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে যোৱা ২৪ ঘণ্টাত ভাৰতত ১৭,২৯৬ জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে৷ ইয়াৰ লগতে ৪০৭ জনৰ মৃত্যু হৈছে ৷ এতিয়া দেশত মুঠ ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪,৯০,৪০১ জন ৷ এই পৰ্যন্ত মুঠ মৃত্যুৰ সংখ্যা ১৫,৩০১ জন ৷ ইয়াৰ মাজতে দেশত সুস্থৰ সংখ্যা বাঢ়িছে৷ ইয়াৰ পৰিমাণ হ’ল ৫৮.২৪ শতাংশ। এই পৰ্যন্ত দেশত ২,৮৫,৬৩৭ জন লোক সুস্থ হৈছে৷ কিন্তু ২৪ ঘণ্টাত নতুনকৈ সংক্ৰমণ হোৱা কথাই চিকিৎসকসকলৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে৷ আক্ৰান্তৰ তালিকাত শীৰ্ষত আছে মহাৰাষ্ট্ৰ৷ এইখন ৰাজ্যত যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হয় ৪,৮৪১ জন। ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হ’ল ১,৪৭,৭৪১ জন ৷ কেৱল মুম্বাইতে আক্ৰান্ত হৈছে ৭০,৯৯০ জন ৷ ইয়াৰ পাছত আছে দিল্লী, তামিলনাডু, গুজৰাট, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু পশ্চিম বংগ ৷ দিল্লীত মুঠ আক্ৰান্তৰ সংখ্যা হ’ল ৭৩,৭৮০ জন৷ তৃতীয় স্থানত থকা তামিলনাডুত মুঠ আক্ৰান্ত হ’ল ৭০,৯৭৭ জন ৷ তালিকাৰ চতুৰ্থত থকা গুজৰাটত মুঠ আক্ৰান্ত হ’ল ২৯,৫২০ জন৷ মৃত্যুৰ তালিকাত সকলোবোৰ ৰাজ্যৰ ভিতৰত ওপৰত আছে মহাৰাষ্ট্ৰ৷ এইখন ৰাজ্যত সাত হাজাৰ লোকৰ মৃত্যু হৈছে ৷ দিল্লীত ২৪২৯, গুজৰাটত ১৭৫৩, পশ্চিম বংগত ৬০৬ জনৰ মৃত্যু হৈছে৷ এই পৰ্যন্ত দেশত ৭৭,৭৬,২২৮ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ৷ যোৱা ২৪ ঘণ্টাত ২,১৫,৪৪৬ জন লোকৰ নমুনা পৰীক্ষা কৰে ৷