Home Blog Page 3371

দৰঙৰ ধুলাত ঘৰুৱা কাজিয়াৰ সূত্ৰপাতত দুই ফৈদৰ মাজত মাৰপিট : হাতে হাতে দা, কুঠাৰলৈ আক্ৰমণ, আহত ১১

খাৰুপেটীয়া

দৰঙৰ ধুলাত দুই ফৈদৰ মাজত সংঘটিত হোৱা তুমুল কাজিয়াই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘৰুৱা কাজিয়াৰ সূত্ৰপাতত দুই ফৈদৰ মাজত সংঘটিত হোৱা কাজিয়াত ১১জনকৈ লোক গুৰুতৰভাৱে আহত হয়। ঘটনা সংক্ৰান্তত জানিব পৰা মতে দৰং জিলাৰ ধুলা থানাৰ অন্তৰ্গত আটাকাটা গাঁৱত মঙলবাৰে পুৱাই হাতে হাতে দা, কুঠাৰ, লাঠি লৈ আবু শ্বাহা নামৰ ব্যক্তি গৰাকীৰ ঘৰত গৈ আক্ৰমণ কৰে একেখন গাঁৱৰ ৮ জনীয়া গুণ্ডা বাহিনীৰ দল এটাই৷ এজাহাৰত উল্লেখ কৰা মতে দীৰ্ঘদিনীয়া ঘৰুৱা বিবাদৰ বাবেই আটাকাটা গাঁৱৰ হাবেজ আলী নামৰ যুৱকজনৰ লগত ৮ জনীয়া গুণ্ডা বাহিনীৰ দলটোৱে হাতে হতে দা, কুঠাৰলৈ একেখন গাঁৱৰ আবু শ্বাহা নামৰ ব্যক্তি গৰাকীৰ ঘৰত অনাধিকাৰে প্ৰৱেশ কৰি পৰিয়ালবৰ্গৰ ওপৰত আক্ৰমণ কৰিবলৈ ধৰে। দা আৰু কুঠাৰৰ আক্ৰমণত আবু শ্বাহাৰ লগতে আজিত আলী, হাবিবুৰ ৰহমান, আজগৰ আলী, নজৰুল হক, মজিবুৰ ৰহমান,  সদাগৰ আলী, মতিবৰ ৰহমান, ছাহাৰা খাতুন, আছিয়া বেগম আদি পুৰুষ-মহিলাসহ কেইবাজনো ব্যক্তি গুৰুতৰভাৱে আহত হয়। স্থানীয় ৰাইজৰ সহযোগত আহত লোকসকলক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনা সংক্ৰান্তত ছাহাৰা খাতুনে হাবেজ আলী, ইব্ৰাহিম আলী, জয়নাল আব্দিন, ইউনুছ আলী, শ্বৰীফ উদ্দিন, আবু কালাম, আব্দুল আজিত, ছাবেদ আলীৰ বিৰূদ্ধে ধুলা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। ঘটনা সংঘটিত কৰি গুণ্ডা বাহিনীৰ দলটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও আবুল কালাম নামৰ ব্যক্তিজনক ধুলা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ঘৰুৱা কাজিয়াৰ সূত্ৰপাতত হাবেজ আলীৰ লগত অহা ৮ জনীয়া দলটোৰ এজনৰ হাতত পিষ্টল লৈ আক্ৰমণ কৰিবলৈ গৈছিল বুলি এজাহাৰকাৰী ছাহাৰা খাতুনে অভিযোগ কৰে৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ হৈছে ৷

নাজিৰাত প্ৰহসনত পৰিনত যুগ্ম-অযুগ্ম নীতি : নাকী লগোৱাত ব্যৰ্থ উদণ্ড বাইক চালকক, ভীতিগ্ৰস্ত জনগণ

নাজিৰা

মহামাৰী ক’ৰোনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন। ৪৫ টা দিন লকডাউনৰ আওতাত গৃহ বন্দিত্বৰে জীৱন-যাপন কৰাৰ পিছত ক্ৰমাৎ নিম্নগামী হৈ পৰা দেশৰ অৰ্থনীতি কিছু শক্তিশালী কৰিবৰ বাবে তৃতীয় পৰ্যায়ৰ লকডাউনত কিছু শিথিলকৰণ কৰা হৈছিল। জনসাধাৰণে ভোগ কৰা কেতবোৰ গুৰুতৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি সাময়িক সকাহৰ বাবে গ্ৰহণ কৰা হৈছিল কেতবোৰ শিথিল কৰণৰ সন্দৰ্ভত সিদ্ধান্ত৷ দেশৰ গৃহ বিভাগে জাৰি কৰা গাইডলাইনৰ ভিত্তিত নিৰ্ধাৰণ কৰা হৈছিল কোনবোৰ ক্ষেত্ৰত শিথিলকৰণ অনা হৈছে আৰু কোনবোৰ ক্ষেত্ৰত নিষেধাজ্ঞা অব্যাহত আছে৷ কিন্তু অতি দূৰ্ভাগ্যজনকভাৱে গৃহ বিভাগৰ সাময়িক শিথিলকৰণৰ গইনা লৈ ৰাজ্যৰ আন স্থানৰ নাজিৰা মহকুমাটো দেখা গৈছিল একাংশ ব্যক্তিৰ লকডাউন ভংগৰ অঘোষিত প্ৰতিযোগিতা। যাৰ পৰিপ্ৰেক্ষিতত মহকুমাটোৰ নাজিৰা আৰু শিমলুগুৰি নগৰৰ মাজমজিয়াৰ পৰা অনাৱশ্যক জনসমাগম হ্ৰাস কৰা, লকডাউন ভংগকাৰীক নিয়ন্ত্ৰণ কৰাৰ বাবে তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ শিৱসাগৰ জিলা প্ৰশাসনৰ নিৰ্দেশত নাজিৰা মহকুমাটো বলৱৎ কৰা হ’ল যুগ্ম-অযুগ্ম নীতি৷ সপ্তাহটোৰ সাতোটা দিনেই সলনা-সলনিকৈ যুগ্ম-অযুগ্ম নম্বৰৰ বাহনসমূহ চলাচল কৰাৰ বাবে জাৰি কৰা নিৰ্দেশনা সম্প্ৰতি এক প্ৰকাৰে প্ৰহসনত পৰিণত হৈছে নাজিৰা মহকুমাত। দিনৰ ভাগত যুগ্ম-অযুগ্ম নীতিৰ প্ৰভাৱত যানবাহন চলাচল হ্ৰাস পাইছে যদিও একাংশ উদণ্ড বাইক চালকক নাকী লগোৱাত ব্যৰ্থ মহকুমা আৰক্ষী প্ৰশাসন৷ আনহাতে একাংশ সাধাৰণ ৰাইজে নিজৰ বাহনৰ শেষৰ নম্বৰটো যুগ্ম নে অযুগ্ম চিনাক্ত কৰিব নোৱাৰি নগৰলৈ ওলাই অহাৰ লগতে আন একাংশই আকৌ শূন্য আৰু এক সংখ্যাটো যুগ্ম নে অযুগ্ম সেয়াও দীৰ্ঘ সময় ধৰি চিনাক্ত কৰিব নোৱাৰি বিবুদ্ধিত পৰাৰ লগতে যুগ্ম-অযুগ্মৰ বিভ্ৰান্তিৰ মাজত সোমাই বহু সাধাৰণ ৰাইজ আৰক্ষীৰ ৰোষত পৰিবলগীয়া হৈছে। যিটো ঘটনাই ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে। সংক্ৰমণ প্ৰতিৰোধৰ বাবে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ স্বাৰ্থতে চৰকাৰ, প্ৰশাসনে গ্ৰহণ কৰা নীতিসমূহক সাধাৰণ ৰাইজে আদৰণি জনাইছে যদিও এনে গুৰুত্বপূৰ্ণ নীতি – নিৰ্দেশনা বলৱৎ কৰাৰ পূৰ্বে ব্যাপক ৰূপত বিভিন্ন মাধ্যমৰ লগতে মাইক যোগে নগৰে-চহৰে প্ৰচাৰ চলোৱাটো জৰুৰী আছিল। কিন্তু নিশাৰ ভাগত ঘোষণা কৰা এই নিৰ্দেশনা পৰৱৰ্তী সময়ত পুৱাৰ ভাগৰ পৰাই বলৱৎ কৰাৰ ফলত সাধাৰণ ৰাইজ বিবুদ্ধিত পৰে। আনহাতে যুগ্ম-অযুগ্ম নীতিৰে চৰকাৰ, প্ৰশাসনে সাধাৰণ ৰাইজক নাকী লগাবলৈ চেষ্টা চলোৱাৰ সময়তে নাজিৰা আৰু শিমলুগুৰি নগৰত চাৰি চকীয়া-দুচকীয়া বাহনৰো সন্মুখত চৰকাৰী নিৰ্দেশনাৰ প্ৰতিলিপি আৰি বীৰদৰ্পে লকডাউনৰ আৰম্ভণিৰ পৰাই বৰ্তমানেও টিঘিলঘিলাই ফুৰা উদণ্ড চামক যুগ্ম-অযুগ্ম নীতিয়ে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’বনে বুলি প্ৰশ্ন উত্থাপন হৈছে। তদুপৰি নিজকে প্ৰভাৱশালী বুলি জাহিৰ কৰি যানবাহনত নম্বৰপ্লেট নিলিখাকৈ অথবা এৰোৱাইলৈ লকডাউনৰ মাজতো পৰিয়ালসহ আৰু দুচকীয়া বাহনত দুজন-তিনিজন পৰ্যন্ত উঠি সামাজিক দূৰত্ব ভংগৰে ঘূৰি ফুৰা চামক যুগ্ম-অযুগ্ম নীতিৰে কেনেদৰে স্পৰ্শ কৰিছে সেয়া সৰ্বজনবিদিত হৈছে৷

বিশিষ্ট সাংবাদিক -সাহিত্যিক জয়ছিং টকবি অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক মনোনীত

বিশিষ্ট সাংবাদিক -সাহিত্যিক জয়ছিং টকবি অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক মনোনীত

দেওপানী

ৰাজ্যৰ এগৰাকী বিশিষ্ট সাংবাদিক তথা সাহিত্যিক জয়ছিং টকবিক অসম সাহিত্য সভাই ২০২০-২২ বৰ্ষৰ বাবে আঞ্চলিক সম্পাদক হিচাপে মনোনীত কৰিছে৷ উল্লেখ্য যে যোৱা ৭ মে’ত অসম সাহিত্য সভাৰ গুৱাহাটীৰ প্ৰশাসনিক কাৰ্যালয় ৰাধাগোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত সভাৰ সভাপতি কুলধৰ শইকীয়াৰ সভাপতিত্বত বৈদ্যুতিন মাধ্যম যোগে অনুষ্ঠিত ২০২০-২২ বৰ্ষৰ আংশিক কাৰ্যনিৰ্বাহক সভাই জয়ছিং টকবিক অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক কাৰ্যালয়ৰ আঞ্চলিক সম্পাদক হিচাপে মনোনীত কৰে আৰু কভিড-১৯ আইন অনুসৰি সামাজিক দূৰত্ব বজাই যথাসম্ভব সোনকালে দায়িত্ব গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়ে৷ সেই মৰ্মে সোমবাৰে বিয়লি বিশিষ্ট সাংবাদিক তথা সাহিত্যিক জয়ছিং টকবিয়ে কভিড-১৯ আইন পালন কৰি ডিফুস্হিত অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰে৷ অন্যহাতে জয়ছিং টকবি য়ে অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক মনোনীত হোৱাৰ বাতৰিয়ে জিলা খনৰ সাংবাদিক, সাহিত্যিক আৰু সংস্কৃতিবান লোকৰ লগতে জিলাবাসীয়ে আনন্দ প্ৰকাশ কৰে৷

দেশত ক’ৰোনা মুক্ত ৫ ৰাজ্য : ভাৰতত প্ৰাদুৰ্ভাৱৰ ১০২ দিনৰ পাছত সংক্ৰমণ বৃদ্ধি ১৪ ৰাজ্যত

অনলাইন বাৰ্তা

ভাৰতত ক’ৰোনা ভাইৰাছত সংক্ৰমিতৰ সংখ্যা যদিও বৃদ্ধি পাইছে তাৰ মাজতে পাঁচখন ৰাজ্যত সকলো ক’ৰোনা ৰোগী সুস্থ হৈ উঠিছে আৰু চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে৷ ফলত এই পাঁচখন ৰাজ্য ক’ভিড-১৯ মুক্ত হৈ পৰিছে৷ ইয়াৰ বাদে দেশৰ ১৪খন ৰাজ্য আছে য’ত ভাৰতত প্ৰাদুৰ্ভাৱৰ ১০২ দিন হোৱাৰ পাছত ভাইৰাছ সংক্ৰমণ বৃদ্ধি পাইছে৷ ক’ৰোনা মুক্ত এই পাঁচখন ৰাজ্য হ’ল গোৱা, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, আন্দামান আৰু নিকোবৰ৷ মিজোৰাম ক’ৰোনা মুক্ত ৰাজ্য হিচাপে শেহতীয়াকৈ অন্তভূক্ত হৈছে৷ এই ৰাজ্যখনত সকলো ক’ৰোনা ৰোগীক দেওবাৰে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে৷ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য বিশ্লেষণ কৰি এই কথা পোহৰলৈ আহিছে যে ১৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ভিড-১৯ত আক্ৰান্তৰ পৰিমাণ কমিবলৈ লৈছে৷ সক্ৰিয় হৈ থকাৰ অৰ্থ এয়ে যে এই ১৫খন ৰাজ্যত কমকৈ নতুন ৰোগী ওলোৱা ৰাজ্যকেইখন হ’ল মধ্য প্ৰদেশ, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, জম্মু আৰু কাশ্মীৰ, তেলেংগানা, কৰ্ণাটক, হাৰিয়ানা, বিহাৰ, অসম, লাডাখ, উত্তৰাখণ্ড, ছত্তীশগড়, কেৰালা, হিমাচল প্ৰদেশ আৰু মেঘালয়৷ বাকী ৰাজ্যবোৰত আক্ৰান্ত হ্ৰাস হৈছে বা স্থিতিশীল হৈ ৰৈছে৷ সেই ৰোগীৰ হিচাপ বিবেচনা কৰিলে যি চিকিৎসালয়ত ভৰ্ত্তি হৈ আছে আৰু চিকিৎসাৰ বাবে নিছে৷ ইয়াত সুস্থ বা মৃত ৰোগী অন্তভূক্ত কৰা নাই৷ ইয়াৰ মাজত মধ্য প্ৰদেশৰ ফলাফলবোৰ অতি তাৎপৰ্যপূৰ্ণ৷ কাৰণ ৪ মে’ৰ পৰা ৰাজ্যখনত ৰোগীৰ সংখ্যা হ্ৰাসৰ প্ৰৱনতা দেখা গৈছে৷ ৪ মে’ত সক্ৰিয় ৰোগী আছিল ১৯৭৯৷ দেওবাৰৰ দিনটোত ইয়াৰ পৰা কমিল ১৭২৩জন৷ আনহাতে ৮ মে’ পৰ্যন্ত ৰাজস্থানত হ্ৰাসৰ প্ৰৱনতা দেখা গৈছে৷ তাত সক্ৰিয় ৰোগী ১৭৩৪ৰ পৰা কমি ১৫৭৬ হয়গৈ৷

সাংবাদিকক পিপিই কিট, মাস্ক, ছেনিটাইজাৰ বিতৰণ বোকাজান আৰক্ষীৰ

সাংবাদিকক পিপিই কিট, মাস্ক, ছেনিটাইজাৰ বিতৰণ বোকাজান আৰক্ষীৰ

বোকাজান

 বোকাজান মহকুমাৰ খটখতি আৰক্ষী থানাত সোমবাৰে সন্ধিয়া আৰক্ষী আৰু মহকুমাটোৰ সাংবাদিকসকলৰ মাজত ক’ভিড-১৯ ক লৈ এক সজাগতামূলক আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ এই আলোচনা চক্ৰতে ক’ভিড-১৯ ক ৰোধৰ ক্ষেত্ৰত বোকাজানত আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থা আৰু অনাগত সময়ত বৰ্হিৰাজ্যৰ পৰা ৰে’লেৰে বোকাজান মহকুমালৈ আহিব লগীয়া প্ৰায় ১৪০০ লোকৰ তথ্য প্ৰকাশ কৰে আৰু তাৰে ৮০০ লোকক ৰখাৰ বাবে দায়নন্দ সৰস্বতী, সৰিয়হজান আৰু দেওপানীত কোৱাৰেণ্টাইন গৃহৰ লগতে তেওঁলোকক কৰিব লগীয়া চিকিৎসা ব্যৱস্থাৰ বিষয়ে বোকাজান মহকুমা আৰক্ষী বিষয়া জ’ন দাস আৰু খটখতি থানাৰ আৰক্ষী বিষয়া মবলিক ব্ৰহ্মই সাংবাদিকক সদৰি কৰে। আৰক্ষীয়ে অঞ্চলটোত ক’ভিড-১৯ৰ সজাগতা প্ৰচাৰ ক্ষেত্ৰত সকলো সাংবাদিককে সহায় সহযোগ আহ্বান কৰি মহকুমাটোৰ সাংবাদিকক পিপিই কিট, ছেনিটাইজাৰ, উন্নত মানৰ মাস্ক প্ৰদান কৰে৷

তৰুণ গগৈক ১৪ দিনৰ কোৱাৰেণ্টাইন কৰিব লাগে : শিলাদিত্য দেৱ

তৰুণ গগৈক ১৪ দিনৰ কোৱাৰেণ্টাইন কৰিব লাগে : শিলাদিত্য দেৱ

লংকা 

প্ৰাক্তন  মুখ্যমন্ত্রী তৰুণ গগৈয়ে বিজেপি চৰকাৰক সোমবাৰে সংবাদমেল পাতি ব্যৰ্থ চৰকাৰ বুলি মন্তব্য প্ৰকাশ কৰা সন্দৰ্ভত হোজাইৰ বিধায়ক শিলাদিত্যৰ বিস্ফোৰক মন্তব্য৷ শিলাদিত্য দেৱে মন্তব্য কৰি কয় যে তেওঁক অতি সোনকালে ১৪ দিনৰ বাবে  কোৱাৰেণ্টাইন কৰিব লাগে, কাৰণ তেওঁৰ জ্বৰ আহিছে বাবেই এনে মন্তব্য কৰিছে। যিটো সময়ত তেওঁ এনে মন্তব্য কৰিছে সেই সময়ত তিনি কোটি বিছ লাখ অসমৰ মানুহে ৪০-৫০ দিন ধৰি তেওঁলোকে অশেষ কষ্ট ত্যাগ কৰি ঘৰৰ পৰা ওলোৱা নাই, বজাৰলৈ যোৱা নাই, দোকান-পথলৈ যোৱা নাই, নিজৰ ব্যবসায় এৰি দিছে, সেই সময়ত আকৌ তৰুণ গগৈয়ে এনে এক প্ৰেম দেখুৱাইছে যে বহিঃৰাজ্যিত থকা গোটেই  মানুহখিনিক লৈ আহিব লাগে, তিনি কোটি চল্লিছ লাখ মানুহৰ যিটো ত্যাগ বাহিৰৰ পাঁচ লাখ মানুহ আহি কি সকলো নষ্ট কৰি দিব নেকি? আমি কি আকৌ শূন্যৰ পৰা আৰম্ভ কৰিম নেকি? এইটো হ’ব নোৱাৰে৷ ম‌ই ধিক্কাৰ দিও। তেওঁ আৰু সোচ্চাৰ হৈ কয় যে  তৰুণ গগৈ আৰু তেওঁৰ পাৰ্টিৰ চিন্তাধাৰাই ভাৰত এতিয়া নচলে৷ এতিয়া নৰেন্দ্ৰ মোদীৰ চিন্তাধাৰাই ভাৰত চলিব, সৰ্বানন্দ সোণোৱাল আৰু হিমন্তবিশ্ব শৰ্মাৰ চিন্তাধাৰাই অসম চলিব।তেওঁলোকৰ যুগ পাৰ হৈ গ’ল৷ তেওঁলোকক ৰাইজে পাঁচ বছৰৰ বাবে কোৱাৰেণ্টাইন কৰিছে আৰু আগন্তুক দিনত পাৰ্মানেণ্ট কোৱাৰেণ্টাইন কৰিব ৰাইজে গতিকে তেওঁলোকে এইবোৰ মন্তব্য কৰিব নালাগে৷ শিলাদিত্যই  কাশ্মীৰত ভাৰতীয় সৈনিক নিহত হোৱা প্ৰসংগত  কয় যে  বিশ্বই ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দি আছে সেই সময়ত কিন্তু ইছলামিক ৰাষ্ট্ৰবিলাকৰ মানসিকতা এতিয়াও পৰিবৰ্তন হোৱা নাই৷ তেওঁলোকে এতিয়াও আমাৰ সৈনিকৰ ওপৰত আক্ৰমণ কৰি আছে সৈনিকৰ ওপৰত কাশ্মীৰত আৰু বাংলাদেশ সীমান্তত৷ ইছলামিক ৰাষ্ট বিলাকৰ মানুহবিলাকৰ যিটো জেহাদি চিন্তাধাৰা কেতিয়াও এৰিব নোৱাৰে৷ তেওঁলোকে যি প্ৰকাৰে হিন্দুসকলক অত্যাচাৰ কৰিছে পাকিস্তানত৷ আজি ক’ৰোনা ভাইৰাছৰ কাৰণে চৰকাৰৰ পৰা যি অনুদান দিছে সেইয়া হিন্দুসকলক দিয়া নাই৷ আমিটো ইয়াত মুছলমানক বঞ্চিত কৰা নাই। ভাৰতবৰ্ষত আমি হিন্দুক যেনেকৈ সহায় কৰিছো মূছলমানকো কৰিছো, পাকিস্তান আৰু বাংলাদেশত হিন্দুক কিয় সহায় কৰা নাই? কাৰণ তেওঁলোকৰ জেহাদি চিন্তাধাৰা।  আনহাতে লংকাৰ হাবাইপুৰত গৰুৰ কটা প্ৰসংগটো উল্লেখ কৰি  কয় যে এইয়া জেহাদি চিন্তাধাৰা। বাংলাদেশী মুছলমান তেতিয়ালৈকে ভাৰতবৰ্ষ মুক্ত নহয় তেতিয়ালৈকে কিন্তু আমি কষ্ট ভূগি  থাকিব লাগিব। অসমত যদি ক’ৰোনা ভাইৰাছ আহিছে বাংলাদেশী মুছলমানৰ বাবেই আহিছে বুলি মন্তব্য কৰে। লংকাৰ লংকেশ্বৰী নাট্য মন্দিৰত এক অনুষ্ঠানত উপস্হিত থাকি   লংকাৰ দুশজন নাপিতক খাদ্য সামগ্ৰী বিতৰণ কৰি  এনেদৰে মন্তব্য প্ৰকাশ কৰে৷  

দেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা প্ৰধানমন্ত্ৰীৰ মানুহ ঘৰলৈ ঘুৰি আহিবলৈ বিচাৰে সংকটকালত

অনলাইন বাৰ্তা

চৰকাৰে চাইছিল যি য’তে আছে, তাতেই থাকক৷ কিন্তু মানুহ ঘৰলৈ যাবলৈ চাবই৷ সেয়ে বহু সিদ্ধান্ত সলনি হৈছে৷ ১৭ মে’ৰ পাছত লকডাউনৰ ভৱিষ্যতক লৈ সিদ্ধান্ত ল’বৰ বাবে দেশত যি ঘটি আছে তাকে লৈ মুখ্যমন্ত্ৰীসকলৰ সৈতে আয়োজিত বৈঠকত এনেদৰে মত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ অহা ১৭ মে’ত তৃতীয় পৰ্যায়ৰ লকডাউন শেষ হ’ব৷ ইয়াৰ পাছত লকডাউন বৃদ্ধি কৰা হ’ব নে, কনটেনমেণ্ট জ’নবোৰ বাদ দি বাকী ঠাইবোৰত বিধিনিষেধ শিথিল কৰা হ’ব নে তাকে লৈ আলোচনা চলি আছে৷ তাৰ মাজতে সোমবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানসহ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰে৷ এই সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন, স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্দ্ধনসহ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্যইও অংশগ্ৰহণ কৰে৷ এই সভাত প্ৰধানমন্ত্ৰীয়ে কয়, যি য’তে আছে তাতেই থাকক৷ ইয়াকে চাইছিল চৰকাৰে৷ কিন্তু সংকটকালত মানুহ ঘৰলৈ ঘুৰি আহিবলৈ বিচাৰেই৷ সেয়ে আমাৰ বহু সিদ্ধান্ত সলনি হৈছে৷ এই সময়ত এটা কথাই আমি গুৰুত্ব দিব লাগিব যে সংক্ৰমণ যেন গ্ৰামাঞ্চল নাপাইগৈ৷ আমাৰ সকলোৰে বাবে এইটোৱেই বৃহৎ প্ৰত্যাহ্বান৷ ক’ৰোনাৰ বিৰুদ্ধে কৰা যুঁজত ৰাজ্যবোৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি মোডীয়ে কয়৷ প্ৰধানমন্ত্ৰীয়ে কয়, প্ৰত্যেকে নিজৰ দায়িত্ব বুজিছে আৰু সেইদৰে ক’ৰোনা ৰোধ কৰিবলৈ যুঁজ কৰিছে৷ সকলো ৰাজ্যৰ সচিবসকলৰ সৈতে কেবিনেট সচিবে যোগাযোগ ৰাখি আছে৷ আমি আৰু সজাগ হ’ব লাগিব৷ ভাৰসাম্য বজাই ৰাখি পৰৱৰ্তী পদক্ষেপ লোৱা হ’ব৷ কিদৰে ক’ৰোনাৰ বিৰুদ্ধে যুঁজত একজোঁট হ’ব সকলো, সকলো পৰামৰ্শ মানি নীতি নিৰ্দেশনা প্ৰস্তুত কৰা হ’ব৷ উল্লেখ্য যে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এইখন পঞ্চম বৈঠক৷ আজি লকডাউন লৈ মুখ্যমন্ত্ৰীসকলে নিজৰ মতামত প্ৰকাশ কৰে৷ ইয়াকে লৈ কি চূড়ান্ত সিদ্ধান্ত পাইছে সেয়া জানিব পৰা নাই৷

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদকৰ অধিবক্তাই ন্যায়ালয়ত ক’লে, অৰ্ণৱ গোস্বামীক জেৰা কৰা এজন আৰক্ষী বিষয়াৰ ক’ভিড-১৯ পজিটিভ

অনলাইন বাৰ্তা

দেশৰ জ্যেষ্ঠ সাংবাদিক তথা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে দাখিল কৰা গোচৰৰ সংক্ৰান্তত আজি দেশৰ উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয়। জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীৰ হৈ আদালতত জ্যেষ্ঠ অধিবক্তা হৰিশ চালভেয়ে দিয়া যুক্তিত অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সন্দৰ্ভত আৰক্ষীয়ে উপয়ুক্তভাৱে তদন্ত কৰা হোৱা নাই। তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ নাকচ কৰিবলৈ দাবী জনাইছে৷ ইয়াৰ লগতে অধিবক্তাজনে উচ্চতম ন্যায়ালয়ত কয়, গোস্বামীক প্ৰশ্ন কৰা দুজন জ্যেষ্ঠ মুম্বাই আৰক্ষী বিষয়াৰ এজন ক’ভিড-১৯ পজিটিভ আছিল৷ উল্লেখ্য যে জ্যেষ্ঠ সাংবাদিকজনে পালঘৰৰ ঘটনাত কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীক টানি অনাৰ অভিযোগত মানহানি গোচৰ দিয়াৰ অভিযোগ উঠিছে। ইয়াকে লৈ ২৪ এপ্ৰিলত আৰক্ষীয়ে তেওঁক ১২ ঘণ্টা জেৰা কৰিছিল৷ আনহাতে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত গোচৰ ৰুজু কৰিছে। কিন্তু উচ্চতম ন্যায়ালয়ে অৰ্ণৱ গোস্বামীক ৩ মাহলৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰিছিল। ইপিনে, ৪ মে’ত মহাৰাষ্ট্ৰ চৰকাৰে আৰক্ষী জিলা প্ৰশাসকৰ হৈ উচ্চতম ন্যায়ালয়ত এখন আবেদন কৰি অভিযোগ কৰিছিল যে গোস্বামীৰ ৰিপাব্লিক টিভি চেনেলত তেওঁৰ অনুষ্ঠানত আৰক্ষীক ‘ব্ৰাউজ’ কৰাৰ চেষ্টা কৰি তেওঁৰ বিৰুদ্ধে তদন্তত বাধাৰ সৃষ্টি কৰিছে৷ ৰাজ্য চৰকাৰে আবেদন আৰু অভিযোগ কৰাৰ দিনাই গোস্বামীয়ে প্ৰশ্ন কৰিবৰ বাবে থানালৈ গৈছিল৷ সেইদিনা মিডিয়া দলক খেলিমেলি সৃষ্টি কৰিবৰ বাবে ব্যৱহাৰ কৰিছিল আৰু থানাত নিজৰ ওজন প্ৰদৰ্শন কৰিছিল৷

বহি:ৰাজ্যত আবদ্ধ নগাঁৱৰ ২০ সহস্ৰাধিক লোক : পৰ্যায় ক্ৰমে আহিব লগা লোকৰ কাৰণে ১৭টা স্থানত কোৱাৰেনন্টাইন কেন্দ্ৰ স্থাপন

নগাঁও

লকডাউনৰ বাবে বহি  ৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ শ্ৰমিক, চিকিৎসাৰ বাবে যোৱা লোক, শিক্ষাৰ্থী সকলক ৰেল যোগে অসমলৈ ওভতাই আনিবৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহন কৰিছে। কাইলৈ পৰা ৰেল যোগে অসমলৈ এই লোক সকলে যাত্ৰা কৰিব। ৰাজ্যখনৰ আন জিলাৰ লগতে নগাঁও জিলাৰো বহি: ৰাজ্যত আবদ্ধ হৈ থকা কেবা হাজাৰ লোক জিলাখনলৈ অহাটো প্ৰকট হৈ পৰিছে। বহি: ৰাজ্যৰ পৰা নগাঁও জিলালৈ অহা  লোকসকলক চাপৰমূখ ৰেল জংচনত নমাৰ পিছত স্কিনিং কৰাৰ ব্যৱস্থা জিলা প্ৰশাসন, স্বাস্থ্য বিভাগে গ্ৰহন কৰিব । ইতিমধ্যে এই সন্দৰ্ভত প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে । নগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে জনোৱা মতে, বহি:ৰাজ্যৰ পৰা অহা লোক সকলক স্কিনিং কৰি জিলাখনৰ বিভিন্ন স্থানত কোৱাৰেনন্টাইন কৰা হ’ব। ইয়াৰ বাবে জিলা প্ৰশাসনে ১৭ টা স্থান নিৰ্নয় কৰিছে। আমনিৰ এছ আই আৰ ডি কমপ্লেক্স, পঞ্চায়ত সমূহীয়া ভৱন, আমলখী হাইস্কুল, নলতলীৰ কৃষি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰ, নতুনকৈ নিৰ্মাণ কৰি থকা চিমনা বস্তি হস্পিতাল, লাইলুৰি ছাত্ৰী নিবাস, চামগুৰিৰ দুখন শিক্ষানুষ্ঠান, পুৰণিগুদামৰ বিবাহ ভৱন, ৰহা, ডিমৌ, কঠিয়াতলীকে ধৰি প্ৰায় ১৭ টা স্থানত এই লোকসকলক কোৱাৰেনন্টাইন কৰা হ’ব । জিলা প্ৰশাসনে প্ৰায় ১০০০ লোকক কোৱাৰেনন্টাইন কৰাৰ ব্যৱস্থা লৈছে। মনকৰিবলগীয়া যে নগাঁও চহৰক কোৱাৰেনন্টাইন শিবিৰ কেন্দ্ৰ স্থাপনৰ তালিকাৰ পৰা বাদ দিয়া হৈছে। উল্লেখ্য যে বহি:ৰাজ্যত নগাঁও জিলাৰ প্ৰায় ২০ সহস্ৰাধিক লোক আবদ্ধ হৈ আছে । এই লোক সকলে নিজৰ ঘৰলৈ আহিবৰ বাবে জিলা প্ৰশাসনৰ ওচৰত আবেদন কৰিছে বুলি জানিব পৰা গৈছে । এই লোক সকলক লৈ এতিয়া চিন্তিত হৈ পৰিছে নগাঁৱৰ জনসাধাৰণ । এই লোক সকলৰ আগমনৰ ফলত নগাঁও জিলাত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি সচেতন মহলে আশংকা কৰিছে। আনহাতে, হোজাই জিলাৰ লামডিং ৰেল জংচনত হোজাই জিলা প্ৰশাসনে লোকসকলক স্কিনিঙৰ ব্যৱস্থা কৰিছে। ইপিনে, দিল্লীৰ পৰা সোমবাৰে আগৰতলালৈ আহিব লগা ৰেলৰ যাত্ৰী সকলক হোজাই ৰেল ষ্টেচনত স্কিনিঙৰ ব্যৱস্থা গ্ৰহন কৰিছে।

বিশেষ ৰে’ল চলাবৰ বাবে নিৰ্দেশনা জাৰি ৰে’ল মন্ত্ৰালয়ৰ দিল্লীৰ পৰা ১৫টা ষ্টেচনলৈ ৰে’ল চলাচলৰ ব্যৱস্থা : নাথাকিব কম্বল, লিনেন

অনলাইন বাৰ্তা

ৰে’ল মন্ত্ৰালয়ে আজি বিশেষ ৰে’ল চলাবৰ বাবে নিৰ্দেশনা জাৰি কৰিছে৷ ৰে’ল মন্ত্ৰালয়ে জনোৱা মতে সেই ৰে’লবোৰত কম্বল আৰু লিনেন দিয়া নহ’ব৷ লগতে প্ৰি পেইড খোৱাৰ বুকিং আৰু ই-কেটাৰিঙৰ ব্যৱস্থা থাকিব৷ ৰে’ল মন্ত্ৰালয়ে জাৰি কৰা বিজ্ঞপ্তিত উল্লেখ যে ৰে’লত কোনো কম্বল আৰু লিনেন দিয়া নহ’ব৷ উল্লেখ্য যে মঙলবাৰৰ পৰা বিশেষ যাত্ৰীবাহী ৰে’ল চলাচল দেশত আৰম্ভ হ’ব৷ ৰে’লবোৰ চলিব দিল্লীৰ পৰা ভাৰতৰ ১৫টা ষ্টেচনলৈ৷ সেইকেইটা হ’ল হাওৰা, ডিব্ৰুগড়, আগৰতলা, পাটনা, বিলাসপুৰ, ৰাঁচী, ভূবনেশ্বৰ, ছেকেন্দ্ৰাবাদ, বেংগালুৰু, চেন্নাই, তিৰুবান্তপুৰম, মডগাঁও, মুম্বাই চেণ্ট্ৰেল, আহমদাবাদ আৰু জম্মু-কাশ্মীৰ৷ যিখন ৰাজ্যলৈ যাব তাৰ তিনিটা ষ্টেচনত ৰে’ল ৰ’ব৷ এই বিষয়ে ৰে’ল চলাচল কৰাৰ নিয়ম বান্ধি দিছে৷ এই নিয়ম মতে, সেই ৰে’লৰ বাবে ৰিজাৰ্ভেচন কাউণ্টাৰৰ পৰা টিকট দিয়া নহ’ব৷ ৱেবছাইট https://www.irctc.co.in ত নিজৰ প্ৰফাইল প্ৰস্তুত কৰি টিকট টশক কৰিব পাৰিব৷ সোমবাৰে বিয়লি ৪ বজাৰ পৰা টিকট বুক কৰা আৰম্ভ কৰাৰ কথা আছিল৷ সেয়া পিছুৱাই বিয়লি৬ বজা কৰা হ’ল৷ প্ৰত্যেক যাত্ৰীয়ে ষ্টেচন আৰু ৰে’লৰ ভিতৰত সামাজিক দূৰত্ব বজায় ৰাখিব লাগিব৷ থ্ৰী টিয়েৰ কম্পাৰ্টমেণ্টত মাজৰ বাৰ্থটো খোলা নহ’ব৷ যাত্ৰা চলি থকা সময়ত সকলো যাত্ৰীয়ে মাস্ক পিন্ধিব লাগিব৷ ষ্টেচনত থাকোতে, ৰে’ল এৰোতে আৰু পোৱাৰ সময়ত হেণ্ড ছেনিটাইজাৰ লৈ যাত্ৰীয়ে হাত ধোব লাগিব৷ ৰে’ল এৰাৰ ৯০ মিনিটৰ আগতে ষ্টেচন পাব লাগিব৷ সকলোকে স্ক্ৰিনিং কৰা হ’ব৷ উপসৰ্গহীনসকলক কেৱল ৰে’লত উঠিবলৈ দিয়া হ’ব৷  ৰে’ল এৰাৰ ১৫ মিনিটৰ আগতে অহা সকলক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব৷ ৰে’ল সম্পূৰ্ণ এচি৷ সেয়ে ৰে’লৰ ভাৰা কমোৱা নহ’ব৷ ভাৰা ৰাজধানী ৰে’লৰ দৰে হ’ব৷ টিকট নিশ্চিত হ’লেই ৰে’লত উঠিব পাৰিব৷ কোনো আৰএচি বা ৱেটিং লিষ্ট নাথাকে৷ যাত্ৰীয়ে পাতলীয়া সামগ্ৰীহে নিব পাৰিব৷ গন্তব্যস্থান পোৱা সময়লৈকে স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনা মানি চলিব লাগিব৷ প্ৰতিগৰাকী যাত্ৰীয়ে আৰোগ্য সেতু এপ ডাউনলড কৰি ল’বলৈ কেন্দ্ৰই কৈছে৷ সৰ্বাধিক সাতদিনৰ আগৰ ৰে’লৰ টিকট কাটিব পাৰিব৷ সৰ্বনিম্ন ২৪ ঘণ্টাৰ আগেয়ে টিকট বাতিল কৰিব পাৰিব৷ টিকট বাতিল কৰাৰ মূল্য টিকটৰ ৫০ শতাংশ৷