Home Blog Page 3372

বহি:ৰাজ্যত আবদ্ধ নগাঁৱৰ ২০ সহস্ৰাধিক লোক : পৰ্যায় ক্ৰমে আহিব লগা লোকৰ কাৰণে ১৭টা স্থানত কোৱাৰেনন্টাইন কেন্দ্ৰ স্থাপন

নগাঁও

লকডাউনৰ বাবে বহি  ৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ শ্ৰমিক, চিকিৎসাৰ বাবে যোৱা লোক, শিক্ষাৰ্থী সকলক ৰেল যোগে অসমলৈ ওভতাই আনিবৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহন কৰিছে। কাইলৈ পৰা ৰেল যোগে অসমলৈ এই লোক সকলে যাত্ৰা কৰিব। ৰাজ্যখনৰ আন জিলাৰ লগতে নগাঁও জিলাৰো বহি: ৰাজ্যত আবদ্ধ হৈ থকা কেবা হাজাৰ লোক জিলাখনলৈ অহাটো প্ৰকট হৈ পৰিছে। বহি: ৰাজ্যৰ পৰা নগাঁও জিলালৈ অহা  লোকসকলক চাপৰমূখ ৰেল জংচনত নমাৰ পিছত স্কিনিং কৰাৰ ব্যৱস্থা জিলা প্ৰশাসন, স্বাস্থ্য বিভাগে গ্ৰহন কৰিব । ইতিমধ্যে এই সন্দৰ্ভত প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে । নগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে জনোৱা মতে, বহি:ৰাজ্যৰ পৰা অহা লোক সকলক স্কিনিং কৰি জিলাখনৰ বিভিন্ন স্থানত কোৱাৰেনন্টাইন কৰা হ’ব। ইয়াৰ বাবে জিলা প্ৰশাসনে ১৭ টা স্থান নিৰ্নয় কৰিছে। আমনিৰ এছ আই আৰ ডি কমপ্লেক্স, পঞ্চায়ত সমূহীয়া ভৱন, আমলখী হাইস্কুল, নলতলীৰ কৃষি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰ, নতুনকৈ নিৰ্মাণ কৰি থকা চিমনা বস্তি হস্পিতাল, লাইলুৰি ছাত্ৰী নিবাস, চামগুৰিৰ দুখন শিক্ষানুষ্ঠান, পুৰণিগুদামৰ বিবাহ ভৱন, ৰহা, ডিমৌ, কঠিয়াতলীকে ধৰি প্ৰায় ১৭ টা স্থানত এই লোকসকলক কোৱাৰেনন্টাইন কৰা হ’ব । জিলা প্ৰশাসনে প্ৰায় ১০০০ লোকক কোৱাৰেনন্টাইন কৰাৰ ব্যৱস্থা লৈছে। মনকৰিবলগীয়া যে নগাঁও চহৰক কোৱাৰেনন্টাইন শিবিৰ কেন্দ্ৰ স্থাপনৰ তালিকাৰ পৰা বাদ দিয়া হৈছে। উল্লেখ্য যে বহি:ৰাজ্যত নগাঁও জিলাৰ প্ৰায় ২০ সহস্ৰাধিক লোক আবদ্ধ হৈ আছে । এই লোক সকলে নিজৰ ঘৰলৈ আহিবৰ বাবে জিলা প্ৰশাসনৰ ওচৰত আবেদন কৰিছে বুলি জানিব পৰা গৈছে । এই লোক সকলক লৈ এতিয়া চিন্তিত হৈ পৰিছে নগাঁৱৰ জনসাধাৰণ । এই লোক সকলৰ আগমনৰ ফলত নগাঁও জিলাত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি সচেতন মহলে আশংকা কৰিছে। আনহাতে, হোজাই জিলাৰ লামডিং ৰেল জংচনত হোজাই জিলা প্ৰশাসনে লোকসকলক স্কিনিঙৰ ব্যৱস্থা কৰিছে। ইপিনে, দিল্লীৰ পৰা সোমবাৰে আগৰতলালৈ আহিব লগা ৰেলৰ যাত্ৰী সকলক হোজাই ৰেল ষ্টেচনত স্কিনিঙৰ ব্যৱস্থা গ্ৰহন কৰিছে।

বিশেষ ৰে’ল চলাবৰ বাবে নিৰ্দেশনা জাৰি ৰে’ল মন্ত্ৰালয়ৰ দিল্লীৰ পৰা ১৫টা ষ্টেচনলৈ ৰে’ল চলাচলৰ ব্যৱস্থা : নাথাকিব কম্বল, লিনেন

অনলাইন বাৰ্তা

ৰে’ল মন্ত্ৰালয়ে আজি বিশেষ ৰে’ল চলাবৰ বাবে নিৰ্দেশনা জাৰি কৰিছে৷ ৰে’ল মন্ত্ৰালয়ে জনোৱা মতে সেই ৰে’লবোৰত কম্বল আৰু লিনেন দিয়া নহ’ব৷ লগতে প্ৰি পেইড খোৱাৰ বুকিং আৰু ই-কেটাৰিঙৰ ব্যৱস্থা থাকিব৷ ৰে’ল মন্ত্ৰালয়ে জাৰি কৰা বিজ্ঞপ্তিত উল্লেখ যে ৰে’লত কোনো কম্বল আৰু লিনেন দিয়া নহ’ব৷ উল্লেখ্য যে মঙলবাৰৰ পৰা বিশেষ যাত্ৰীবাহী ৰে’ল চলাচল দেশত আৰম্ভ হ’ব৷ ৰে’লবোৰ চলিব দিল্লীৰ পৰা ভাৰতৰ ১৫টা ষ্টেচনলৈ৷ সেইকেইটা হ’ল হাওৰা, ডিব্ৰুগড়, আগৰতলা, পাটনা, বিলাসপুৰ, ৰাঁচী, ভূবনেশ্বৰ, ছেকেন্দ্ৰাবাদ, বেংগালুৰু, চেন্নাই, তিৰুবান্তপুৰম, মডগাঁও, মুম্বাই চেণ্ট্ৰেল, আহমদাবাদ আৰু জম্মু-কাশ্মীৰ৷ যিখন ৰাজ্যলৈ যাব তাৰ তিনিটা ষ্টেচনত ৰে’ল ৰ’ব৷ এই বিষয়ে ৰে’ল চলাচল কৰাৰ নিয়ম বান্ধি দিছে৷ এই নিয়ম মতে, সেই ৰে’লৰ বাবে ৰিজাৰ্ভেচন কাউণ্টাৰৰ পৰা টিকট দিয়া নহ’ব৷ ৱেবছাইট https://www.irctc.co.in ত নিজৰ প্ৰফাইল প্ৰস্তুত কৰি টিকট টশক কৰিব পাৰিব৷ সোমবাৰে বিয়লি ৪ বজাৰ পৰা টিকট বুক কৰা আৰম্ভ কৰাৰ কথা আছিল৷ সেয়া পিছুৱাই বিয়লি৬ বজা কৰা হ’ল৷ প্ৰত্যেক যাত্ৰীয়ে ষ্টেচন আৰু ৰে’লৰ ভিতৰত সামাজিক দূৰত্ব বজায় ৰাখিব লাগিব৷ থ্ৰী টিয়েৰ কম্পাৰ্টমেণ্টত মাজৰ বাৰ্থটো খোলা নহ’ব৷ যাত্ৰা চলি থকা সময়ত সকলো যাত্ৰীয়ে মাস্ক পিন্ধিব লাগিব৷ ষ্টেচনত থাকোতে, ৰে’ল এৰোতে আৰু পোৱাৰ সময়ত হেণ্ড ছেনিটাইজাৰ লৈ যাত্ৰীয়ে হাত ধোব লাগিব৷ ৰে’ল এৰাৰ ৯০ মিনিটৰ আগতে ষ্টেচন পাব লাগিব৷ সকলোকে স্ক্ৰিনিং কৰা হ’ব৷ উপসৰ্গহীনসকলক কেৱল ৰে’লত উঠিবলৈ দিয়া হ’ব৷  ৰে’ল এৰাৰ ১৫ মিনিটৰ আগতে অহা সকলক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব৷ ৰে’ল সম্পূৰ্ণ এচি৷ সেয়ে ৰে’লৰ ভাৰা কমোৱা নহ’ব৷ ভাৰা ৰাজধানী ৰে’লৰ দৰে হ’ব৷ টিকট নিশ্চিত হ’লেই ৰে’লত উঠিব পাৰিব৷ কোনো আৰএচি বা ৱেটিং লিষ্ট নাথাকে৷ যাত্ৰীয়ে পাতলীয়া সামগ্ৰীহে নিব পাৰিব৷ গন্তব্যস্থান পোৱা সময়লৈকে স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনা মানি চলিব লাগিব৷ প্ৰতিগৰাকী যাত্ৰীয়ে আৰোগ্য সেতু এপ ডাউনলড কৰি ল’বলৈ কেন্দ্ৰই কৈছে৷ সৰ্বাধিক সাতদিনৰ আগৰ ৰে’লৰ টিকট কাটিব পাৰিব৷ সৰ্বনিম্ন ২৪ ঘণ্টাৰ আগেয়ে টিকট বাতিল কৰিব পাৰিব৷ টিকট বাতিল কৰাৰ মূল্য টিকটৰ ৫০ শতাংশ৷

লকডাউনৰ মাজতে সৰুপথাৰত দিন দুপৰতে লোমহৰ্ষক হত্যাকাণ্ড : অভিযুক্ত চঞ্জু আলীক গ্ৰেপ্তাৰ

ধনশিৰি

 লকডাউনৰ মাজতে সৰুপথাৰ নগৰৰ মাজমজিয়াতে দিনদুপৰতে লোহমৰ্ষক হত্যাকাণ্ড সংঘটিত হয়৷ চাৰি-পাঁচজনীয়া দূৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত সৰুপথাৰৰ নগৰৰে তিনি নং ৱাৰ্ডৰ নকচু খান (৩১) নামৰ এজন যুৱকৰ মৃত্যু ঘটাৰ লগতে আকবৰ খান (২৮) নামৰ এজন যুৱক গুৰুতৰভাৱে আহত হয়৷ ঘটনৰা বিৱৰণী মতে সোমবাৰৰ বিয়লি প্ৰায় ৩ বজাত সৰুপথাৰ নগৰৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা দুই ভাতৃক ৪-৫জনীয়া দুৰ্বৃত্তৰ দল এটাই ডেগাৰ খুকুৰী আদি চুকা অস্ত্ৰৰে হানী খুচী গুৰুতৰভাৱে আঘাত কৰে৷ দূৰ্বৃত্তৰ দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুইজনকে সৰুপথাৰ সমূহীয়া চিকিৎসা কেন্দ্ৰলৈ নিয়া হয়৷ সৰুপথাৰ চিকিৎসালয়ত চিকিৎসকে প্ৰাথমিক চিকিৎসা কৰি গুৰুতৰভাৱে আহত নকচু আৰু আকবৰ দুয়োজনকে উন্নত চিকিৎসাৰ বাবে গোলাঘাটৰ কুঁশল কোৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ জানিব পৰা মতে উচ্চ চিকিৎসাৰ বাবে গোলাঘাটলৈ লৈ যোৱা পথত নকচু খান নামৰ যুৱকজনৰ মৃত্যু ঘটে৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আনজন যুৱক নকচু খানৰ ভাতৃ সংকটজনক অৱস্হাত কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়৷ আক্ৰমণকাৰী দূৰ্বৃত্তৰ দলটোৰ চঞ্জু আলীক গ্ৰেপ্তাৰ কৰিছে বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে৷ ধৃত দূৰ্বৃত্তটোৰ ঘৰ সৰুপথাৰ নগৰৰ তিনি নং ৱাৰ্ডৰ আৰু হত্যাকাণ্ডটোত নিহত হোৱা নকচু খানৰ ঘৰৰ সমীপতে বুলি জানিব পৰা গৈছে৷ ঘটনাৰ সন্দৰ্ভত চঞ্জ আলীৰ লগতে অন্য এজন যুৱককো কৰায়ত্ত কৰিছে বুলি জানিব পৰা গৈছে৷ ঘটনাৰ তদন্তৰ বাবে ধৃত চঞ্জুৰ সৈতে আটক কৰা যুৱকজনৰ নাম বৰ্তমানে প্ৰকাশ কৰা নাই৷ অন্যকেইজন দূৰ্বৃত্তকো বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে এই হত্যাকাণ্ডৰ মূখ্য অভিযুক্ত চঞ্জু আলী বুলি স্হানীয় আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ ঘটনাৰ মূখ্য অভিযুক্ত চঞ্জু আলীৰ ভাষ্য অনুযায়ী তদন্তকাৰী সৰুপথাৰ আৰক্ষীয়ে পাৰিবাৰিক সংঘাতৰ পৰিণতিত এই লোহমৰ্ষক হত্যাকাণ্ডটো সংঘটিত হোৱা বুলি প্ৰকাশ কৰে৷ দিনদুপৰতে সংঘটিত এই লোহমৰ্ষক হত্যাকাণ্ডটোৱে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে৷ আৰক্ষীয়ে দূৰ্বৃত্তৰ দলটোৱে হত্যাকাণ্ডত ব্যৱহাৰ কৰা এখন চুকা অস্ত্ৰ উদ্ধাৰ কৰিছে৷ হত্যাকাণ্ডটোত জড়িত বাকী কেইটা দূৰ্বৃত্তক শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি দিবলৈ ৰাইজে দাবী জনাইছে৷ 

মহাবিদ্যালয় গ্ৰন্থাগাৰিকৰ বিশেষ প্ৰশিক্ষণ সম্পন্ন

নাজিৰা

অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ উদ্যোগত  আৰু ভাৰত চৰকাৰৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ উল্লেখযোগ্য  ইনফ্লিবনেট (UGC_ Inflibnet) কেন্দ্ৰৰ সহযোগত সোমবাৰে দিনৰ ২-৩০ বজাৰ পৰা ভিডিঅ’ কনফেৰেঞ্চযোগে শতাধিক গ্ৰন্থাগাৰিকৰ যোগদানত এক বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত হয়। ইনফ্লিবনেটৰ বৈজ্ঞানিক য়াত্ৰিক পেটেল, ড° এইচ জি হোছামণি আৰু ডি আৰ ভাগেলাই মুখ্য প্ৰশিক্ষক হিচাপে যোগদান কৰা এই প্ৰশিক্ষণত গ্ৰন্থাগাৰ পৰিচনাৰ ছফ্টৱেৰ SOUL:3.0 ৰ যোগেদি অসমৰ মহাবিদ্যালয় সমূহৰ গ্ৰন্থাগাৰৰ পৰা বর্তমান ক’ভিড ১৯ সৃষ্ট লকডাউনৰ সময়ত তথা আগত দিনত উচ্চ শিক্ষাৰ শিক্ষণ-শিকন প্ৰক্ৰিয়াক বৈদ্যুতিন মাধ্যমৰ যোগেদি কেনেদৰে আগবঢ়াই নিব পাৰি, সেই বিষয়ে প্ৰশিক্ষণ দিয়ে। বৰ্তমান পৰিস্থিতিক এক প্ৰত্যাহ্বান হিচাপে লৈ পঢ়ুৱৈসকলে পুথিভঁৰাললৈ নহাকৈ নিজ নিজ স্থানৰ পৰাই পুথিভঁৰালৰ বিভিন্ন তথ্য তথা গ্ৰন্থ পঢ়াৰ সুবিধা এই নতুন ছফ্টৱেৰ সংস্কৰণৰ জৰিয়তে পুথিভঁৰাল সেৱা অসমত অতি কম দিনৰ ভিতৰতে আগবঢ়াবলৈ সক্ষম হ’ব বুলি সংস্থাৰ সভাপতি শ্ৰীমন্ত মাধৱ বৰা আৰু সম্পাদক ড° প্ৰশান্ত কুমাৰ ডেকাই জানিবলৈ দিয়ে। প্ৰথম পৰ্যায়ত শতাধিক গ্ৰন্থাগাৰিকে ইতিমধ্যে যোগদান কৰাৰ পিছতো অসমৰ প্ৰায় দুই শতাধিক গ্ৰন্থাগাৰিক এই প্ৰশিক্ষণৰ পৰা বঞ্চিত হোৱাত সংস্থাই পুনৰ মঙলবাৰে দিনৰ ২-৩০ বজাত দ্বিতীয়টো প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সংস্থাৰ প্ৰচাৰ সচিব ড° ৰাজেন্দ্ৰ মোহন দেৱ শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তিত জানিবলৈ দিয়ে।

পথৰুঘাট দুগ্ধ উৎপাদক ছ’চাইটিৰ হাঁহাকাৰ : লকডাউনৰ বাবে পানীৰ দৰত বিক্ৰী গাখীৰ

দৰঙৰ গো-পালকসকলে এতিয়া লকডাউনৰ বাবে পানীৰ দৰত বিক্ৰী কৰিবলগীয়া হৈছে গাখীৰ ৷

দৰং

লকডাউনৰ বাবে দৰঙৰ গো-পালকসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা৷ পানীৰ দৰত বিক্ৰী কৰিবলগীয়া হৈছে গাখীৰ৷ ২০০ গো-পালকক লৈ গঠিত পথৰুঘাট দুগ্ধ উৎপাদক ছ’চাইটিত প্ৰতিদিনে ২০০০ হাজাৰৰ পৰা ২৫০০ পৰ্যন্ত গাখীৰ উৎপাদন কৰি অভিলেখ সৃষ্টি কৰাৰ লগতে জিলাখনৰ বিভিন্ন হোটেলত গাখীৰ যোগান ধৰা  ছ’চাইটিটোৱে গাখীৰেৰে তৈয়াৰি বিভিন্ন ধৰণৰ সু-স্বাদ মিঠাই, দৈ, পনীৰ, ঘী, ক্ৰীম আদি তৈয়াৰ কৰিছিল যদিও এমাহ ধৰি লকডাউনৰ বাবে হোটেলসমুহ বন্ধ হৈ থকাৰ বাবে গো -পালকসকলে যোগান ধৰা গাখীৰৰ এক তৃতীয়াংশ গাখীৰহে দুগ্ধ উৎপাদক সমিতিয়ে ক্ৰয় কৰিব বাধ্য হৈছে৷ যাৰ বাবে গো-পালকসকলে অতিৰিক্ত গাখীৰ গাঁৱে গাঁৱে হোম ডেলিভাৰী কৰিবলগীয়া হৈছে৷ বিক্ৰী কৰিবলগীয়া হৈছে প্ৰতি লিটাৰ গাখীৰত ৩০-৩৫ টকাত৷ আনহাতে লকডাউনৰ বাবে বিবাহ, উৎসৱ পাৰ্বন নোহোৱাৰ বাবে দুগ্ধ উৎপাদক সমিতিয়ে নিতৌ গাখীৰৰে তৈয়াৰ কৰা মিঠাই, দৈ, ক্ৰীম আদি বিক্ৰী নোহোৱাৰ বাবে ২০০ গো-পালকেৰে গঠিত সমিতিখনে লোকচানৰ সন্মুখীন হৈছে৷ এই সন্দৰ্ভত গো-পালকসকলক সকাহ দিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছে পথৰুঘাট দুগ্ধ উৎপাক সমিতিয়ে৷

বোকাজানত ড্ৰাগছসহ আটক ১

বোকাজান নগৰত সোমবাৰে আৰক্ষীয়ে এজন যুৱকক ড্ৰাগছসহ আটক কৰে ।

বোকাজান

 বোকাজান নগৰৰ মাজমজিয়াত সোমবাৰে আৰক্ষীয়ে এখন নম্বৰ প্লেট বিহীন বাইকত অহা এজন যুৱকক ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয়। ধৃত যুৱকজন বালিপথাৰৰ দিলাওজানৰ ধীৰাজ চিংফৌ বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্ৰে জানিব পৰা মতে ডিমাপুৰৰ পৰা বাইকেৰে দিলাওজান অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে তেওঁক  নিজৰাপাৰত ৰখাই তালাচী চলাই হেলমেটত লুকুৱাই অনা অৱস্থাত ৯.৭০ গ্ৰাম আৰু ৯.৮৫ গ্ৰামৰ দুই পেকেট ব্ৰাউন ছুগাৰ জব্দ কৰাৰ লগতে যুৱকজনক আটক কৰে৷ জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ষাঠি হাজাৰ টকা বুলি প্ৰকাশ। উল্লেখযোগ্য যে এই যুৱকজনৰ লগত তল বালিজানৰ নয়নজ্যোতি শইকীয়া আৰু সঞ্জয় নামৰ আন দুজন যুৱক আছিল যদিও পলাই সাৰে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে৷

ৰাজপথত ট্ৰাক চালকক মাস্ক পিন্ধালে মঙলদৈৰ বিধায়কে

ৰাজপথত ট্ৰাক চালকক মাস্ক পিন্ধালে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে

মঙলদৈ

মাস্ক নিপিন্ধাকৈ ঘৰৰ পৰা যাতে বাহিৰলৈ কোনো লোক ওলাই নাহে তাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে সোমবাৰে দৰং বিজেপিৰ উদ্যোগত মঙলদৈৰ ভিন্ন স্হানত মাস্ক বিতৰণ কৰে৷ জিলা বিজেপিৰ সভাপতি অমৰ শৰ্মাৰ নেতৃত্বত চলোৱা এই অভিযানত মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ লগতে প্ৰাক্তন সভানেত্ৰী নিলিমা দেৱী উপ সভানেত্ৰী শেৱালি গোস্বামী কলিতা জিলা সম্পাদক মণ্টু ডেকা, মহিলা গোটৰ সভানেত্ৰী প্ৰেমদা ভূঞা সমন্বীতে দিলিপ ডাউকা, গিতিমা দাস, মৃনাল চহৰীয়া, কবিতা অধিকাৰী আদি বৃহৎ দলে অংশগ্ৰহণ কৰে৷ সামাজিক দূৰত্ব ৰক্ষা কৰি চাইকেল মটৰ চাইকেল পথাচাৰীসহ ট্ৰাকৰ ড্ৰাইভাৰকো মাস্ক পিন্ধাই মঙলদৈৰ বিধায়কে৷ তাৎপৰ্যপূৰ্ণ যে মাস্ক বিতৰণ কৰি থকা অৱস্থাতে দুখন কেটিএম বাইক লৈ দুটা বাইক ষ্টাণ্ট সময়ত উপস্থিত হয় যদিও বিজেপিৰ দলটোক দেখা পাই ঘটনাস্হলীৰ পৰাই ততাতৈয়াকৈ পলায়ন কৰিব বিচাৰে৷ ইয়াৰে নম্বৰ প্লেটবিহীন এজন যুৱক পথতে বাগৰি পৰে৷ থিতাতে বাইকৰ দিশ সলনি কৰিব গৈ এনেদৰে বাগৰি পৰে যদিও বিজেপিৰ দলটোৱে দৌৰাদৌৰিকৈ উদ্ধাৰ কৰে৷ অৱশ্যে দুই যুৱকৰ দলটোয়ে মুখত মাস্ক লগােৱাৰ সলনি আঁতৰি যায়৷ লক্ষনীয় যে মাস্ক পৰিধান নকৰাকৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই অহাসকলক ৫০০ টকা জৰিমনা বিহিব বুলি চৰকাৰে শেহতীয়াভাৱে ঘোষণা কৰিছিল যদিও মঙলদৈত এনেদৰে মাস্ক নিপিন্ধাকৈ ওলাই অহা সকলক জিলা বিজেপিয়ে এক শিক্ষা দিয়া পৰিলক্ষিত হয়৷

প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাত নাই বহু প্ৰকৃত কৃষকৰ

প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাত নাই বহু প্ৰকৃত কৃষকৰ

কলিয়াবৰ

 প্ৰকৃত সন্মানৰ পৰা বঞ্চিত প্ৰকৃত কৃষক‌। কৃষকৰ মৰ্য‍্যদাক লৈ যেন বহুৱালী কৰিলে এচাম ন‍্যস্তস্বাৰ্থ জড়িত ৰাজনেতিক নেতা-পালিনেতাই। চাকৰিয়াল, ছাত্ৰ-বৃদ্ধতো বাদেই কোনো দিনে পথাৰ নগৰকা মহিলাই লাভ কৰিছে কিষাণ সন্মান। এনে ঘটনাই ঘটিছে প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাত। অসমৰ প্ৰতিটো পঞ্চায়তৰ প্ৰতিখন গাঁৱতে ভূৱা কৃষকৰ নামে ভিৰ কৰিছে হিতাধিকাৰীৰ তালিকত। পঞ্চায়তৰ প্ৰতিনিধি আৰু ৰাজনৈতিক দলীয় নেতা-পালিনেতাৰ কুচক্ৰান্ত আৰু স্বজন তোষণৰ প্ৰভাৱত প্ৰকৃত কৃষকে দিনতে আন্ধাৰ দেখিছে। হিতাধিকাৰীৰ বাবে বান্ধি দিয়া সকলো নীতি নিয়ম জলাঞ্জলি দি ৰাজনৈতিক ক্ষমতাৰে নিজ অঙহী-বঙহীৰে তালিকা পূৰাই চৰকাৰী ধনৰ উদৰস্থ কৰাৰ অসৎ অভিসন্ধি পোহৰলৈ অহাত ক্ষোভত ফাটি পৰিছে অসমবাসী। ইয়াৰ ব‍্যতিক্ৰম নহয় নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ গাঁওসমূহো।কলিয়াবৰ মহকুমাৰ কলিয়াৰ উন্নয়ন খণ্ড আৰু পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্তগত প্ৰতিখন গাঁৱত লকডাউনৰ সময়ছোৱাত এনে অনিয়মে ভূতৰ ওপৰত দানহ পৰাদি পৰিছে। কৰ্ম সংস্থাপন আৰু জীৱিকাৰ জটিল সন্ধিক্ষণত প্ৰতিজন বঞ্চিত কৃষক ক্ষুব্ধ। কলিয়াবৰ মহকুমাৰ পূৱ পূথৰীয়া পঞ্চায়তৰ মাধতাৰী গাঁৱৰ নৰেন নেওগ নামৰ ব‍্যক্তিজনে যোৱা দুবছৰ পূৱথৰীয়া গাঁৱৰ হিৰু কাকতি আৰু শিলঘাটৰ আবুবক্কৰ চিদ্দিকৰে সৈতে মিলি শাক-পাচলি আৰু ধান খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে‌। চৰকাৰী কোনো সা-সুবিধা নোহোৱাকৈয়ে গাঁঠিৰ ধন ভাঙি খেতি কৰি অতি কষ্টৰে দুটকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। কিন্তু প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ বাবে আবেদন জনোৱাৰ পিচতো নৰেন নেওগৰ নাম তালিকাভূক্ত নহ’ল। তাৰ পৰিৱৰ্তে নেওগে অভিযোগ কৰা মতে, কেতিয়াও পথাৰত খোজ দি নোপোৱা গাঁৱৰে বহুকেইগৰাকী মহিলাই প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাভূক্ত হোৱাৰ লগতে চৰকাৰী চাকৰীয়াল আৰু চচল পৰিয়ালেও এই সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। সাধাৰণ খাটি খোৱা লোকৰ বাবে চৰকাৰী আঁচনিৰ ধন প্ৰকৃত হিতাধিকাৰীয়ে লাভ নকৰাত নৰেন নেওগ ব‍্যথিত, ক্ষোভিত। একমাত্ৰ পুত্ৰ বহিঃ ৰাজ‍্যৰ হায়দৰাবাদত কৰ্মৰত যদিও গাঁৱত থকা পিতৃ-মাতৃক সহায় কৰিব পৰা বিধৰ চাকৰি নহয়। সেয়ে পত্নীৰ সৈতে মাধতাৰী গাঁৱত বাস কৰা নৰেন নেওগে খেতিৰ জৰিয়তেই দুবেলা-দুমুঠি উপাৰ্জন কৰে। নেওগে জনোৱা মতে, বৰ্তমান লকডাউনৰ সময়ত ভেন্দি, কোমোৰা, লাও, জিকা, ভোলৰ উপযুক্ত বজাৰ নোপোৱাত যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। তথাপিও, দিন ভাল হোৱাৰ আশাত নতুনকৈ বেঙেনা আৰু বিলাহীৰ খেতি আৰম্ভ কৰিছে। নিজাববীয়াকৈ কৃটিম জলসিঞ্চনৰ ব‍্যৱস্থা কৰি প্ৰায় পোন্ধৰ বিঘা মাটিত বুৰৈ খেতি কৰিছে। কিন্তু শেহতীয়াকৈ লকডাউনৰ ফলত সাৰ আৰু কীটশাশক দ্ৰব‍্যৰ অভাৱৰ ফলত ব‍্যৱসায়ীক ভিত্তিত কৰা শাক-পাচলিৰ উৎপাদনত বিৰূপ প্ৰভাৱ পৰিছে। এইয়া মাত্ৰ এজন প্ৰকৃত কৃষকৰ মনোবেদনা। ইতিমধ‍্য তালিকা লৈ উঠা অভিযোগৰ ভিত্তিত অসমৰ জিলাই-জিলাই তদন্তৰ নিৰ্দেশ দিছে অসম চৰকাৰে। এইসময়ত সকলোৰে মনত এটাই প্ৰশ্ন, এই তদন্তৰ ফলত প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিত তালিকাভূক্ত নোহোৱা এনে লাখ-লাখ প্ৰকৃত কৃষকে ন‍্যায় পোৱাৰ লগতে দোষীয়ে শাস্তি পাবনে?

নাজিৰা মহকুমাত নাগালেণ্ডৰ পাণৰ ছিণ্ডিকেট : আটক ৬

নাজিৰা

লকডাউন উলংঘা কৰি শিৱসাগৰ জিলা তথা নাজিৰা মহকুমাত অব্যাহত আছে নাগালেণ্ডৰ পাণৰ ছিণ্ডিকেট। দেশত ক’ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে ৰাজ্যত লকডাউন ঘোষণা কৰাৰ উপৰি আন্তঃৰাজ্যিক সীমান্তও ছীল কৰি থৈছে।তেনেস্হলত একাংশ কয়লা মাফিয়া আৰু পাণ ব্যৱসায়ীয়ে সীমান্ত অঞ্চলসমূহৰ যোগেদি চলাই গৈছে কয়লা আৰু নাগালেণ্ডৰ পাণৰ ছিণ্ডিকেট।দেওবাৰে সন্ধ্যা গেলেকী আৰক্ষীয়ে গোপন সূত্ৰম পম খেদি নাগালেণ্ডৰ পৰা অনা কেইবা লক্ষাধিক টকাৰ পাণসহ দুখন বলেৰ’ পিক আপ ভান জব্দ কৰাৰ লগতে ৬ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি পৰৱৰ্তী সময়ত ব্যক্তিগত জামিনত মুক্তি দিয়ে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে দেওবাৰে বিয়লি লকাডাউন তথা সীমান্ত ছীল  আৰু সান্ধ্য আইন কৰি উলংঘা কৰি নাগালেণ্ডৰ পাণ ছিণ্ডিকেট চক্ৰ এটাই গোপনে নাগালেণ্ডৰ পৰা দুখন বলেৰ’ পিক আপ ভেনেৰে গেলেকীলৈ পাণ কঢ়িয়াই অনাৰ খবৰ লাভ কৰে গেলেকী আৰক্ষীয়ে৷ আৰক্ষীয়ে এই খবৰ লাভ কৰাৰ পাছতে গেলেকী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন্দ্ৰ ছেত্ৰীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে সীমান্তৰ শিঙিবিল অঞ্চলৰ পৰা কেইবালক্ষাধিক টকাৰ পাণসহ দুখন গাড়ী জব্দ কৰি গেলেকী থানালৈ আনে। আৰক্ষীয়ে এ এচ-৪বি চি-২৮৪১ আৰু এন এল-০৪ডি-৫৯০৭ নম্বৰৰ দুখন পাণ ভৰ্তি বলেৰ’ পিক আপ ভান জব্দ কৰাৰ লগতে ৰমজান আলি, মুজিবুৰ হুছেইন, মহম্মদ হুছেইন, ইদুল আলি, ৱাজিদ আলি আৰু মহম্মদ কুতুবুদ্দিন নামৰ নামৰ ৬ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। পৰবৰ্তী পৰ্যায়ত আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰালোক কেইজনক ব্যক্তিগত জামিনত মুক্তি দিয়ে।

মঙলদৈত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ গাঞ্জা

মঙলদৈত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ গাঞ্জা

মঙলদৈ

দৰং জিলাৰ মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত ১৫ ৰাষ্ট্ৰীয় ঘাইপথৰ পুণিয়া চকত দেওবাৰে আবেলি প্ৰায় দুই বজাত সংঘটিত হয় এক পথ দুৰ্ঘটনা। দুৰ্ঘটনা  সংঘটিত কৰা বাহনখনৰ পৰা ৰহস্যজনকভাৱে উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ গাঞ্জা৷ ঘটনাৰ বিৱৰণী অনুসৰি জিলাখনৰ খাৰুপেটীয়া দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এ এছ ০৩ ই ২২৮৬  নম্বৰৰ   ছেন্ট্ৰো গাড়ীখনে বিপৰীত দিশৰ পৰা আহি থকা এ এছ ২৫-চি চি ২৭৯৯ নম্বৰৰ ডি আইখনক প্ৰচণ্ড জোৰে খুন্দা মাৰে। খুন্দা মৰাৰ পিছতে বাহনখনত প্ৰায় ডেৰ কুইণ্টল গাঞ্জা থকাৰ কথা পোহৰলৈ আহে।ঘটনাৰ খবৰ পোৱাৰ লগে লগে মঙলদৈৰ আৰক্ষী  ঘটনাস্হলীত উপস্থিত হৈ বাহনসহ গাঞ্জাখিনি জব্দ কৰি থানালৈ লৈ আহে। মঙলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱাই ছেন্ট্ৰোখনৰ  নম্বৰ সলাই লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে উল্লেখযোগ্য যে গাড়ীখনৰ নম্বৰ প্লেটৰ তলত আন এখন নম্বৰ প্লেট উদ্ধাৰ হোৱা ঘটনাই উক্ত দুৰ্ঘটনাৰ কাণ্ডক আৰু অধিক ৰহস্যময় কৰি তুলিছে৷ ইপিনে গাঞ্জা আৰু দুখনকৈ নম্বৰ প্লেট উদ্ধাৰ হোৱা সমস্ত ঘটনাৰ অনুসন্ধান আৰু তদন্ত অব্যাহত ৰাখিছে মঙলদৈ আৰক্ষীয়ে৷