Home Blog Page 3403

দৰঙক উজ্জ্বলাই তুলিলে ধৃতিৰাজ আৰু ভৃগুমোহনে । গাঁওৰ পৰিবেশৰ মাজত পঢ়িশুনা কৰিছিল ধৃতিৰাজ,ভৃগুমোহনে ।

দৰঙক উজ্জ্বলাই তুলিলে ধৃতিৰাজ আৰু ভৃগুমোহনে

অজয় ডেকা,মঙলদৈ

সন্তানক চহৰৰ যান্ত্ৰিকতাৰ পৰা আঁতৰত ৰাখি গাঁৱৰ পৰিবেশৰ মাজতে সংগোপনে শিক্ষাৰ ক্ষেত্ৰ খনত  আগবঢ়াই নিয়া দুটি সন্তানৰ পিতৃ মাতৃয়ে আজি আনন্দৰ বন্যা বোৱাবলৈ সক্ষম হ’ল৷অকল পিতৃ মাতৃয়ে নহয় সেই অঞ্চলটোতো আজি বিৰাজ কৰিছে এক আনন্দ উৎসৱ মুখৰ পৰিবেশ৷ আকৌ এবাৰ প্ৰমান কৰিলে সেই দুই সন্তানৰ পিতৃ মাতৃয়ে নিজৰ সন্তানক সু- শিক্ষিত কৰি গঢ়ি তুলিবলৈ চহৰৰ কোনো যান্ত্ৰিকতাৰ মাজলৈ যোৱাৰ প্ৰয়োজন নাই৷ আৰু তাক বাস্তৱত প্ৰতিপন্ন কৰি দেখুৱালে সেই কেইগৰাকী পিতৃ মাতৃৰ দুই সন্তান ধৃতিৰাজ আৰু ভৃগুমোহনে৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান আৰু নৱম স্থান লাভ কৰি সমগ্ৰ দৰঙৰ লগতে ঐতিহাসিক পথৰুঘাটলৈ গৌৰৱ কঢ়িয়াই আনিলে বৰমপুৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতা আৰু শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰ ভৃগুমোহন কুমাৰে।সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰাৰ পাছত আনন্দমুখৰ হৈ পৰিছে ধৃতিৰাজৰ বাসগৃহৰ লগতে দৰং বাসী। প্ৰথম স্থান লাভ কৰি দৰঙলৈ গৌৰৱ কঢ়িয়াই অনা দৰং জিলাৰ বানেকুছি জাতীয় বিদ্যালয়ৰ ছাত্ৰ তথা পদুম পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত উত্তীৰ্ণ হোৱা  ধৃতিৰাজ বাস্তৱ কলিতাই  ৫৯৫ (৯৯.১৭)নম্বৰ লাভ কৰি  প্ৰথম স্থানেৰে  সমগ্ৰ দৰং জিলালৈ গৌৰৱ কঢ়িয়াই অনা দৰঙৰ প্ৰথম গৰাকী ছাত্ৰ৷ পঢ়াৰ কোনো ধৰনৰ সময়সুচী নোলোৱাকৈ একাগ্ৰতাৰে পঢ়াত মনোনিৱেশ কৰি শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হোৱা ধৃতিৰাজ ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে৷ বৰমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শাৰীৰিক ব্যাম বিভাগৰ প্ৰক্ষিশক নৱ কুমাৰ কলিতা আৰু টুলুমনি কলিতাৰ সন্তান ধৃতিৰাজ বাস্তৱ কলিতাই বৰমপুৰ জাতীয় বিদ্যালয়ত অংকুৰ শ্ৰেণীৰ পৰা প্ৰাথমিক শিক্ষা আৰম্ভ কৰি মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰি দৰং জিলালৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে জাতীয় বিদ্যালয় খনৰো নাম উজ্জ্বলাই তুলিলে৷ ধৃতিৰাজ বাস্তৱ কলিতাই অসমীয়াত ৯৮, ইংৰাজীত ৯৯, সাধাৰণ গনিতত ১০০ ,সমাজ বিজ্ঞানত ৯৮, আৰু উচ্চ গনিতত ১০০ নম্বৰসহ মুঠ ৫৯৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ ধৃতিজৰৰ পিতৃ মাতৃয়ে আমাৰ সংবাদিকক  জনোৱা অনুসৰি কোনো ধৰনৰ ঘৰুৱা টিউচন নোলোৱাকৈ বিদ্যালয়ৰ শিক্ষক সকলৰ পৰা পোৱা শিক্ষাৰে এনে কৃতিত্ব লাভ কাৰৰ লগতে টিভি চোৱা আৰু মোবাইলৰ প্ৰতি কোনো ধৰনৰ ৰাপ নাই বুলি জনোৱাৰ লগতে মোবাইলটো কেৱল পঢ়াৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰিছিল বুলি অৱগত কৰে৷ ইফালে নৱম স্থান লাভ কৰি দৰঙলৈ গৌৰৱ কঢ়িয়াই আনিলে দৰঙৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰ ভৃগু মোহন কুমাৰে । ৫৮৫ নম্বৰ লাভ কৰি এই নৱম স্থান দখল কৰে দৰঙৰ ছাত্ৰ গৰাকীয়ে ।অসমীয়াত ৯৮ ইংৰাজীত ৮২ অংকত ৯০ বিজ্ঞানত ৯০ উচ্চ গনিতত ৯০ আৰ সমাজ বিজ্ঞানত ৮৮, (৯৭.৫) শতাংশ নম্বৰ লাভ কৰি ছাত্ৰজনে অসমৰ ভিতৰত নৱম স্থান লাভ কৰিবলৈ সক্ষম হয়৷ দৰঙৰ বৈৰাগীপাৰা নিবাসী তথা বেজভাগৱতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক চন্দ্ৰ কুমাৰ আৰু বিজয়া বৰুৱা কুমাৰৰ পুত্ৰ তথা শ্ৰীমন্ত শঙ্কৰদেৱ  বিদ্যালয়ৰ ছাত্ৰ গৰাকীৰ ফলাফলত উৎফুল্লিত বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী,ছাত্ৰ ছাত্ৰী  তথা  দৰংবাসী ৷ভৃগুমোহনে জনোৱামতে প্ৰতিদিনে পঢ়িছিল ১৬/১৮ ঘন্টা পঢ়াৰ লগতে ভবিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মন পুহি ৰাখিছে৷ তিনিটা বিষয়ত ঘৰুৱা শিক্ষকৰ সহায় লোৱা ভৃগু মোহন কুমাৰে যুৱ সমাজক আহ্বান জনায় চ’ছিয়েল মিডিয়া ব্যৱহাৰ কৰি নিজৰ জীৱন ধংস কৰাৰ বিপৰীতে জীৱনৰ মুল্যবান সময়খিনি উদ্ভাৱনত ব্যৱহাৰ কৰিবলৈ ৷ ছাত্ৰ গৰাকীৰ সাফল্যত উৎসাহিত হৈ দৰঙৰ বিভিন্ন প্ৰান্তৰ লোক তথা দল সংগঠনে ছাত্ৰ দুগৰাকীক আদৰনী জনাই৷ বিশেষকৈ মঙলদৈ বিধানসভা সমষ্টিৰ যুৱ বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা, জিলা শিক্ষা বিষয়া জৱাহিৰা টাবাচুম, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা , মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী, দৰঙৰ জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাস, দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন্দ্ৰ কুমাৰ ৰাজবংশী, প্ৰাক্তন সম্পাদক মুকুট হাজৰিকা,মঙলদৈ আঞ্চলিকৰ সম্পাদক দীপেন্দ্ৰ নাৰায়ন কোঁৱৰ,ৰানা আলম, দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ ৰাজবংশী উপ সভাপতি নিৰঞ্জন শইকীয়া সাধাৰন সম্পাদক পৰাগ কুমাৰ চহৰীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতি, আছুৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক অৰুপ কলিতা,দৰং জিলা শ্ৰীমন্তশঙ্কৰদেৱ সংঘ, বিশিষ্ট সমাজকৰ্মী গৌতম চহৰীয়া,বিজেপি নেতা প্ৰনৱ বৰুৱাৰ লগতে বিশিষ্ট ব্যক্তি সকল তথা দৰং জিলাৰ বিভিন্ন দল সংগঠনৰ লোক উপস্থিত হৈ দুয়োকে উস্ম আদৰনি জনাই৷ দৰং জিলা প্ৰশাসন আৰু অসম চৰকাৰৰ হৈ দুয়োগৰাকী কৃৰ্তীমানকে জিলা উপায়ুক্তই গামোচা, গ্ৰন্থ, মাস্ক, চেনিটাইজাৰ প্ৰদান কৰি সম্বন্ধনা জ্ঞাপন কৰে৷ 

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা শিৱসাগৰত ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ পয্যালোচনা ।

শিৱসাগৰ

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত, শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা শিৱসাগৰ জিলাত উপস্থিত হৈ জিলাখনত প্ৰশাসনৰ লগতে বিভিন্ন বিভাগে ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে বিস্তৃতভাৱে পয্যালোচনা কৰে। উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এক পয্যালোচনা সভাত সভাপতিত্ব কৰি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে স্বাস্থ্য,  আৰক্ষী,  গড়কাপ্তানী,  জনস্বাস্থ্য কাৰিকৰী আৰু শিক্ষা বিভাগৰ মূৰব্বী বিষয়া সকলৰ পৰা ক’ভিড-১৯ ৰোগ প্ৰতিহত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলী সন্দৰ্ভত বুজ লয়। এই পৰ্যালোচনা সভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ‌ হাজৰিকা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাস, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্রত শইকীয়া, সোনাৰী সমষ্টিৰ বিধায়ক নৱনিতা সন্দিকৈ, শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীননন্দন গগৈকে আদি কৰি জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। সভাৰ অন্তত মন্ত্ৰী ডঃ শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে। জিলাখনৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে তেওঁৰ ভ্ৰমণ কালত আজি পুৱা জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয় খনৰ সামগ্ৰিক ব্যৱস্থাপনা আৰু আন্তঃগাঁথনি সন্দৰ্ভত বিতংভাৱে বুজ লয়।

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু আণ্ডাৰ ৱ’ৰ্ল্ড ডন ডাউদ ইব্রাহিমৰ !

দৈনন্দিন বাৰ্তাৰ আন্তৰ্জাতিক ডেস্ক

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে আণ্ডাৰ ৱ’ৰ্ল্ড ডন ডাউদ ইব্রাহিমৰ৷ চোৰাংচোৱাৰ সূত্ৰত প্ৰকাশ এই খবৰ৷ প্ৰাপ্ত তথ্য মতে পাকিস্তানৰ কৰাচী চহৰৰ লিয়াকট সামৰিক হাস্পতালত ডাউদ ইব্রাহিমক ভৰ্ত্তি কৰোৱা হৈছিল৷ মুম্বাই ধাৰাবাহিক বিস্ফোৰণা অন্যতম অভিযুক্ত আছিল আণ্ডাৰ ৱ’ৰ্ল্ড ডন ডাউদ ইব্রাহিম৷ প্ৰাপ্ত খবৰ মতে শুকুৰবাৰে নিশা ক’ৰোনাত আক্ৰান্ত হৈ ডাউদ ইব্রাহিমৰ মৃত্যু হয়৷ কৰাচীৰ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱাৰ পাছত ডাউদক লৈ লিয়াকট সামৰিক চিকিৎসালয়ত চূড়ান্ত ব্যস্ততা দেখা গৈছিল৷ পাকিস্তান সেনাৰ শীৰ্ষ বিষয়া আৰু চোৰাংচোৱা সংস্থা আইএছআইৰ কেইবাজনো বিষয়াক এই চিকিৎসালয়খনত গম্ভীৰ মুখেৰে প্ৰৱেশ কৰা আৰু ওলাই যোৱা দেখিবলৈ পোৱা গৈছে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে কৰাচীৰ সামৰিক চিকিৎসালয়ত পত্নীসহ ডাউদ ইব্ৰাহিমক ভৰ্ত্তি কৰোৱা হৈছিল বুলি জানিব পৰা গৈছে৷ আনহাতে আণ্ডাৰ ৱ’ৰ্ল্ড ডনৰ ভাতৃ অনিছ ইব্রাহিমে কৰা দাবী মতে তেওঁৰ ককায়েক আৰু বৌয়েকৰ শৰীৰত ক’ভিড জীৱাণু পোৱা নাই৷ প্ৰাপ্ত খবৰ মতে ডাউদৰ সকলো নিৰাপত্তাৰক্ষী আৰু সহচৰসকলক কোৱাৰেণ্টাইনলৈ পঠোৱা হৈছে৷ উল্লেখ্য যে ডাউদ পৰিয়ালসহ পাকিস্তানত লুকাই আছিল আৰু তাৰ পৰাই অপৰাধ জগতৰ ৰিম’ট নিয়ন্ত্ৰণ কৰি আছিল৷ এই কথা আগেয়েই ইছলামাবাদক তথ্য সহকাৰে জনাইছিল নতুন দিল্লীয়ে৷ কিন্তু সেই তথ্য বাৰম্বাৰ অস্বীকাৰ কৰি থাকে পাকিস্তানে৷ 

কলিয়াবৰৰ চৰকাৰী মাধ‍্যমৰ বিদ‍্যালয়ৰ পৰা ডিষ্টিংচন লৈ উত্তীৰ্ণ হ’ল দৰিদ্ৰ পৰিয়ালৰ সন্তানে ।

দৰিদ্ৰতাৰ মাজতো শ্বাকিলৰ সফলতা

কলিয়াবৰ

অতি দৰিদ্ৰ পৰিৱেশতেই নিজ প্ৰতিভা আৰু একাগ্ৰতাৰ যোগেদি লাভ কৰা সফলতাই সুগন্ধি বিলাইছে কলিয়াবৰৰ জখলাবন্ধাৰ নাতি দুৰত্বৰ চিকণী-বৰহোলাত। দৰিদ্ৰতাত কক-বকাই থকা কলিয়াবৰৰ চিকণী-বৰহোলাৰ এইজন ছাত্ৰই আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ল সুখ্যাতিৰে। নিজৰ মাটি-ভেটিহীন পিতৃ – মাতৃৰ সন্তান শ্বাকিল আহমেদ চৰকাৰী খণ্ডৰ চিকণী-বৰহোলা উচ্চ মাধ্যমিক বিদ্যায়লত অধ্যয়ন কৰি আটাইকেইটা বিষয়তে লেটাৰ মাৰ্কসহ ৮৬.৩ শতাংশ নম্বৰেৰে ডিষ্টিংচন লাভ কৰি উত্তীৰ্ণ হ’ল। ইংৰাজীত – ৮৪, অসমীয়াত – ৯২, সাধাৰণ গণিতত – ৮৮, সাধাৰণ বিজ্ঞানত ৮১, সমাজ বিজ্ঞানত – ৮০ আৰু ঐচিক হিন্দী বিষয়ত ৮৬ নম্বৰৰে মুঠ ৫১৮ নম্বৰ লাভ কৰিছে। বৰ্তমান শিক্ষা ব‍্যৱস্থা আৰু আন বহু ছাত্ৰ-ছাত্ৰীৰ বাবে ৮৬.৩ % নম্বৰ গুৰুত্বহীন হ’লেও দৰিদ্ৰ পৰিয়ালটিৰ লগতে চুবুৰীয়াক আনন্দিত কৰিছে শ্বাকিলৰ এই সফলতাই। দৰিদ্ৰ ছাত্ৰজনে ভৱিষ‍্যতে ইয়াতকৈও অধিক সফল হৈ পিতৃ-মাতৃৰ লগতে গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনক। পুণৰবাৰ প্ৰমাণিত হ’ল – সুগন্ধি ফুল য’তেই নাথাকক কিয়, তাৰ সুগন্ধি বিয়পিবই।জখলাবন্ধা বাণিজ‍্যিক কেন্দ্ৰৰ প্ৰায় লগতে লাগি থকা আগতীয়া বাৰিষাৰ পানীয়ে যাতায়তৰ সমস‍্যাৰ সৃষ্টি কৰা এখন গাঁৱৰ বাসিন্দা শ্বাকিলৰ পিতৃয়ে কবিৰাজী কৰি পোহপাল দিয়ে পৰিয়ালটো, আনহাতে মাতৃ মানসিকভাৱে অসুস্থ। তাৰ মাজতেই অতি সীমিত সা-সুবিধাৰ মাজতেই শ্বাকিলে দেখুৱাইছে একাগ্ৰতাৰ অনন‍্য উদাহৰণ। আনহাতে, আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুণৰ ব‍্যক্তিগত খণ্ডৰ বিদ‍্যালয়ে আধিপত‍্য বিস্তাৰ কৰে। কলিয়াবৰৰ অসমীয়া মাধ‍্যমৰ ব‍্যক্তিগত খণ্ডৰ বিদ‍্যালয় ক্ৰমে শিশু বিদ‍্যাপীঠ উচ্চ মাধ‍্যমিক বিদ‍্যালয়, কুঁৱৰীটোল আৰু শঙ্কৰদেৱ শিশু নিকেতন, কলিয়াবৰ তিনিআলিয়ে ১০০% সফলতা লাভ কৰে। ইংৰাজী মাধ‍্যমৰ ব‍্যক্তিগত খণ্ডৰ বিদ‍্যালয় চেণ্ট ৰৱাৰ্টচ হাইস্কুল, জখলাবন্ধা আৰু আয়ুস পাব্লিক স্কুল, জখলাবন্ধাৰে উত্তীৰ্ণৰ হাৰ ১০০%। তাৰ বিপৰীতে চৰকাৰী মাধ‍্যমৰ বিদ‍্যালয় মধ‍্য কলিয়াবৰ উচ্চ মাধ‍্যমিক বালিকা বিদ‍্যালয়ে ১০০% ফলাফলৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। 

১০৩ বছৰত পৰলোকপ্ৰাপ্তি স্বাধীনতা সংগ্ৰামী লক্ষ্মীনাথ কাকতীৰ ৷

দৈনন্দিন বাৰ্তা সেৱা ,জামুগুৰিহাট

শিক্ষকতাৰ দৰে মহান বৃত্তিকো ত্যাগ কৰি দেশৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰা জামুগুৰিহাটৰ বৰ্ষীয়ান মুক্তিযোদ্ধা,কৃতি শিক্ষক,সমাজহিতৈষী ব্যক্তি,স্থিতপ্ৰজ্ঞ লক্ষ্মীনাথ কাকতী আৰু নাই৷বগা বঙালৰ ভেৰোনীয়া চিপাহীৰ বন্দুক লাঠিৰ কোব,বুট জোতাৰ গছক খাইও দেশক স্বাধীনতাৰ মুখ দেখুৱাবলৈ সক্ষম হোৱা বৰ্ষীয়ান তথা স্বনামধন্য মুক্তিযোদ্ধা গৰাকীয়ে বাৰ্ধক্যজনীত কাৰণতে আজি পুৱতি নিশা জামুগুৰিহাটৰ ঐতিহাসিক পাতলৰচুক গাঁৱৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে৷দেশৰ স্বাধীনতা সংগ্ৰামত ১০ মাহ কাল কাৰাবাস খটাৰ উপৰিও জীৱণৰ সৰ্বস্ব হেৰুৱাই হাৰ নমনা মুক্তিযোদ্ধা গৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ১০৩ বছৰ৷গৌৰৱোজ্বল শতায়ু পাৰ কৰা সমাজহিতৈষী ব্যক্তিগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই আজি পুৱাৰেপৰা তেঁও গুণমুগ্ধসকলৰ মাজতো শোক আৰু শূণ্যতাই বিৰাজ কৰে৷অগণন গুণমুগ্ধই তেঁওৰ পাতলৰচুকস্থিত বাসভৱণ ভৰি পৰে আৰু শতায়ু অতিক্ৰম কৰা মুক্তিযোদ্ধা গৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷স্বাধীনতা সেনানী গৰাকীৰ প্ৰতি ওপজা গাঁৱৰ পাতলৰচুক গাঁও উন্নয়ন সমিতি,তৰুণ পুথিভঁৰাল,ভাস্কৰজ্যোতি মইনা পাৰিজাত,কল্যানী মহিলা সমিতিৰ লগতে বাপুজী ভৱণ নাট্য সমাজ,বাৰেচহৰীয়া ভাঁওনা কমিতি,জামুগুৰি সাহিত্য সভা,সাহিত্য সন্মিলনী,শ্ৰীমন্ত শংকৰদেৱ সংঘ,শ্ৰীমন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজ,চিলাবন্ধা বালক মজলীয়া বিদ্যালয়,বালিকা মজলীয়া বিদ্যালয়,জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়,জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়,জামুগুৰিহাটৰ সাংবাদিকসকল,সদৌ অসম মজলীয়া স্কুল শিক্ষক আৰু কৰ্মচাৰী পৰিষদ,অভিযাত্ৰী কলাকেন্দ্ৰ,নতুন সাহিত্য পৰিষদ,জামুগুৰি ক্ৰীড়া সন্থা,মুক্তিযুজাৰু সন্মিলনকে ধৰি ভালেসংখ্যক অনুষ্ঠান তথা ব্যক্তি প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷উল্লেখ্য যে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পাতলৰচুক গাঁৱত ১৯১৭ চনৰ ৯ নৱেম্বৰত জন্মগ্ৰহণ কৰা লক্ষ্মীনাথ কাকতীয়ে ১৯৩৩ চনত এমভি আৰু ১৯৩৫ চনত দ্বিতীয় বিভাগত এমই পাছ কৰি ১৯৩৬ চনত মাথো ১৯ বছৰ বয়সতে শিক্ষকতা জীৱণৰ পাতনি মেলিছিল ৰাইজে নতুনকৈ প্ৰতিষ্ঠা কৰা আমদাৰা প্ৰাথমিক বিদ্যালয়ত৷পাছত ১৯৩৭ চনত মিছামাৰিলৈ বদলি হয়৷পিছে জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি আৰম্ভ হোৱা পূৰ্ণ স্বৰাজ আন্দোলনত সেই সময়ৰ চফল ডেকা লক্ষ্মীনাথ কাকতী আকৰ্ষিত হয় আৰু ত্যাগ কৰে শিক্ষকতাৰ দৰে চৰকাৰী চাকৰি৷জপিয়াই পৰিল দেশ জননীৰ মুক্তি সংগ্ৰামত৷দেশৰ এই স্বাধীনতা সংগ্ৰামত তেঁওৰ ওপৰত বৃটিছ পুলিচৰো শেনচকু পৰিল৷তালাচী চলিল ঘৰত,লণ্ডভণ্ড কৰিলে তেঁওৰ ঘৰ৷বৃটিছ পুলিচৰ লাঠি আৰু বন্দুকৰ কুণ্ডাৰ কোব,বুট জোতাৰ গছকত ধৰাশায়ী হৈ গ্ৰেপ্তাৰ বৰণ কৰিবলগীয়া হৈছিল তেঁও৷কিন্তু আৰক্ষীৰ হাতৰপৰা পলাই সাৰিবলৈ সক্ষম হোৱা লক্ষ্মীনাথ কাকতী পুণৰ গ্ৰেপ্তাৰ হয় আৰু ২৭ এপ্ৰিল ১৯৪৩ তাৰিখৰপৰা ৬ মাহ আৰু ১৪ মে’ ১৯৪৩ তাৰিখৰপৰা ৪ মাহ কাৰবাস খাটি ৬ অক্টোবৰ ১৯৪৩ তাৰিখে মুক্তি লাভ কৰে৷ইয়াৰ পিছত পুণৰ তেঁও আৰম্ভ কৰে শিক্ষকতাৰ জীৱণ৷তদানীন্তন লোকেল বৰ্ডৰ অধ্যক্ষ মহাদেৱ শৰ্মাৰ অনুৰোধমৰ্মে ১৯৪৬ চনত বাকোলা এমভি স্কুলত সহকাৰী শিক্ষকৰূপে যোগদান কৰি ১৯৪৯ চনত তেঁও যোৰহাট নৰ্মাল স্কুলত প্ৰশিক্ষণ গ্ৰহণ কৰে আৰু ১৯৫২ চনত চিলাবন্ধা বালক মজলীয়া বিদ্যালয়ত যোগদান কৰে৷সেই বিদ্যালয়তেই ১৯৫৬ চনত তেঁও প্ৰধান শিক্ষকৰূপে নিযুক্তি হৈ ১৯৭৬ চনৰ ডিচেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰে৷শংকৰী কলা সংস্কৃতিৰ ভাঁওনাৰ এজন সুদক্ষ ভাৱৰীয়া লক্ষ্মীনাথ কাকতীয়ে জামুগুৰি সাহিত্য সভা গঠণত অন্যতম ভূমিকা গ্ৰহণ কৰাৰ লগতে গাঁও উন্নয়নতো প্ৰভূত অৰিহণা যোগাই গৈছে৷বৰ্ণিল জীৱণ পৰিক্ৰমাৰে পূৰ্ণ,স্বাধীনতাৰ সেনানী,কৃতি শিক্ষক এইজন আদৰ্শবান ব্যক্তি আছিল সৎ,সাহসী আৰু স্পষ্টবাদীও৷সামাজিক জীৱনত সুখ্যাতিৰ একপ্ৰকাৰে সৌধ ৰচনা কৰিবলৈ সক্ষম হোৱা ব্যক্তিজনৰ ব্যক্তিগত জীৱনত অনেক ধুমুহা পাৰ হৈ গৈছিল৷ব্ৰজৰ দৰে কঠোৰ,সৎ-নিষ্ঠাবান,সদা হাস্যবদন তথা দয়ালু স্থিতপ্ৰজ্ঞ এইগৰাকী ব্যক্তিক জামুগুৰিয়া ৰাইজে ৰাজহুৱা সম্বৰ্ধনাও জ্ঞাপন কৰিছিল৷শতায়ু পাৰ কৰা এইগৰাকী ব্যক্তিৰ মৃত্যুত অঞ্চলটোত গভীৰ শোঁকৰ ছাঁ পৰিছে৷মৃত্যুৰ সময়ত তেঁও এটা ভৰা পৰিয়াল এৰি থৈ যায়৷তেঁওৰ মৃত্যু এক অপুৰণীয় ক্ষতি বুলিও জামুগুৰীয়া ৰাইজে অনুভৱ কৰিছে৷বৰ্ষীয়ান মুক্তিযোদ্ধা গৰাকীৰ বিয়োগত গভীৰ শোঁক প্ৰকাশ কৰিছে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷এয়া এক অপুৰণীয় ক্ষতি বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই৷একেদৰে ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ অসম শাখাৰ সভাপতি তথা ৰাষ্ট্ৰীয় জ্যেষ্ঠ সম্পাদক হিৰণ্য বৰাইও তেঁওৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰে৷জোন বৰা,জামুগুৰিহাট।

নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে তিনি কৃতীমানে ।

এ জে আকন্দ‌, নগাঁও

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নগাঁও জিলালৈ সুনাম কঢ়িয়াই আনিলে তিনি কৃতীমানে। তেওঁলোক হ’ল ঝলক জালান, শিল্পীশিখা ডেকা আৰু ঋত্বিক কুমাৰ সূত। ইয়াৰে নগাঁও চহৰৰ চেন্ট এন্টনিজ ইংলিছ স্কুলৰ  ছাত্ৰী ঝলক জালানে সপ্তম স্থান, পলাশতল কাছমাৰী হাইস্কুলৰ ছাত্ৰী শিল্পীশিখা ডেকাই নৱম স্থান আৰু ৰহাৰ প্ৰাঞ্জল মেমোৰিয়েল একাডেমীৰ ছাত্ৰ ঋত্বিক কুমাৰ সূতে দশম স্থান লাভ কৰিছে। উল্লেখ্য যে ৰাজ্যৰ ভিতৰতে সপ্তম স্থান লাভ  ছাত্ৰী ঝলক জালান নগাঁও চহৰৰ ধিং গেটৰ বাসিন্দা তথা বস্ত্ৰ ব্যৱসায়ী পৱন জালান আৰু হেমলতা জালানৰ কণ্যা। তেওঁ হিন্দীত ৯৬, ইংৰাজীত ৯৮, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৭, সমাজ বিজ্ঞানত ৯৬ আৰু উচ্চ গণিতত ১০০নম্বৰ সহ মুঠ ৫৮৭ নম্বৰ লাভ কৰিছে। তেওঁ  দৈনিক ছয়-সাত ঘন্টাকৈ নিয়মীয়াকৈ অধ্যয়ণ কৰিছিল। অৱশ্যে উচ্চ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয়ত তেওঁৰ টিউচন আছিল। তেওঁৰ প্ৰিয় লেখক আবুল কালাম। সদ্যহতে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নাম ভৰ্তি কৰাবলৈ সিদ্ধান্ত লৈছে। তেওঁ ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ আশা পুহি ৰাখিছে। আনহাতে, নৱম স্থান দখল কৰি নগাঁও জিলালৈ সুনাম কঢ়িয়াই অনা নগাঁও জিলাৰ পলাশতল কাছমাৰী হাইস্কুলৰ ছাত্ৰী শিল্পীশিখা ডেকা বিদ্যালয়খনৰে প্ৰধান শিক্ষক ভূৱন চন্দ্ৰ ডেকা আৰু এখন ব্যাক্তিগত খণ্ডৰ বিদ্যালয়ৰ  শিক্ষয়িত্ৰী ডুলুমণি বৰা ডেকাৰ কণ্যা। তেওঁ অসমীয়াত ৯৮, ইংৰাজীত ৯৫, সাধাৰণ গণিতত ১০০,সাধাৰণ বিজ্ঞানত ৯২,সমাজ বিজ্ঞানত ১০০ আৰু উচ্চ গণিতত ১০০নম্বৰ সহ মুঠ ৫৮৫ নম্বৰ লাভ কৰিছে। ফলাফলত উৎফুল্লিত ছাত্ৰী গৰাকীয়ে কয় যে তেওঁ স্থান লাভ কৰিব বুলি নিশ্চিত আছিল।  তেওঁ দৈনিক ৯ -১০ ঘন্টাকৈ অধ্যয়ণ কৰিছিল। বৰগীত গাই ভাল পোৱা শিল্পীশিখাৰ কিতাপ পঢ়া, খেলাধূলাৰ প্ৰতিও বিশেষ ৰাপ থকাৰ কথাও সদৰী কৰে। সদ্যহতে বিজ্ঞান শাখাত নাম ভৰ্তি কৰি অধ্যয়ণ কৰি তেওঁৰ ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন। দশম স্থান লাভ কৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই অনা ঋত্বিক কুমাৰ সূত  জিলাখনৰ ৰহা গড়মাৰী নিৱাসী তথা বিষয় শিক্ষক দীপক কুমাৰ সূত আৰু ৰহা কলেজৰ সহযোগী অধ্যাপিকা ৰিণু বৰা সূতৰ পুত্ৰ। ঋত্বিকে অসমীয়াত ৯২, ইংৰাজীত ৯৭, সাধাৰণ গণিতত ১০০, সমাজ বিজ্ঞানত ৯৮ আৰু উচ্চ গণিতত ১০০ নম্বৰ সহ মুঠ ৫৮৪ নম্বৰ লাভ কৰিছে। তেওঁ দৈনিক ১১-১২ ঘন্টাকৈ অতি নিয়মিত ভাৱে অধ্যয়ণ কৰিছিল। নগাঁৱৰে শিক্ষানুষ্ঠানত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নাম ভৰ্তি কৰি অধ্যয়ণ কৰিব তেওঁ। তেওঁৰ ভৱিষ্যতে এগৰাকী সুনাগৰিক হোৱাৰ সপোন পুহি ৰাখিছে যদিও চিকিৎসক হোৱাৰো আশা মনতে পুহি ৰাখিছে।

ঘৰতে বহি কোটিপতি ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি ।

দৈনন্দিন বাৰ্তা স্প’ৰ্টছ ডেস্ক

ক’ৰোনা ভাইৰাছৰ বাবে দিয়া লকডাউনৰ ফলত সকলো ক্ষেত্ৰতে বন্ধ৷ এতিয়া কিছু শিথিল হ’লেও বহু উদ্যোগ খণ্ড এতিয়াও বন্ধ হৈ আছে৷ আনহাতে যি সময়ত অৰ্থনৈতিক অৱস্থা বেয়াৰ দিশে গতি কৰিছে সেই একে সময়তে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলিৰ উপাৰ্জন থমকি ৰোৱা নাই৷ ঘৰতে বহিয়ে কোহলি হৈ আছে কোটিপতি৷ কেৱল ইনষ্টাগ্ৰামত প’ষ্টত থাকিয়ে কোহলিয়ে ভাৰতীয় মুদ্ৰা হিচাপত আয় কৰিছে ৩ কোটি ৬৫ লাখ টকা৷ সমগ্ৰ বিশ্ব লকডাউন চলা সময় ১২ মাৰ্চৰ পৰা ১৪ মে’ পৰ্যন্ত বিখ্যাত ক্ৰীড়াবিদসকলে ইনষ্টাগ্ৰামত প’ষ্ট কৰি কিমান উপাৰ্জন কৰিছে তাৰ সমীক্ষা কৰি দহজনৰ তালিকা প্ৰকাশ হৈছে৷ এই তালিকাৰ শীৰ্ষত আছে পৃথিৱীৰ কোটি কোটি লোকৰ প্ৰিয় ফুটবল খেলুৱৈ ক্ৰিষ্টিয়ানো ৰনাল্ডো৷ ভাৰতীয় মুদ্ৰাৰ হিচাপত ৰনাল্ডোৰ আয় ১৮ কোটি টকা৷ দ্বিতীয় স্থানত লিৱনাল মেছি৷ তেওঁৰ ভাৰতীয় মুদ্ৰাৰ হিচাপত আয় ১২ কোটি টকা৷ ব্ৰাজিলৰ তাৰকা ফুটবলাৰ নেইমাৰৰ আয় ১১ কোটি টকা৷ তাৰ পাছত বাস্কেটবল খেলুৱৈ ছাকিল ৱ’নীলে ৫.৬০ কোটি, বেকহামে ৩.৮৯ কোটি, কোহালিয়ে ৩.৬৫ কোটি, জ্লাটানে ১.৭৭ কোটি, ৱেডে ১.৩৮ কোটি, আলভেছে ১.২৯ কোটি, জোছুৱাৰে ১.১৭ কোটি টকা আয় কৰিছে৷

আমেৰিকাত উৰাবাতৰি : ক’ৰোনা সংক্ৰমণৰ পিছত হাত বিল গিটছৰ সত্য বুলি মানি লৈছে ২৮ শতাংশ লোকে ।

গুৱাহাটী

ক’ৰোনা ভাইৰাছ লৈ সমগ্ৰ বিশ্বতে আতংক বিৰাজমান৷ এই আতংকৰ মাজতে এটা উৰাবাতৰি ওলাই বিভিন্ন মহলৰ মাজত আলোচ্যৰ বিষয় হৈ পৰিছে৷ এই উৰাবাতৰিত নাম সাঙোৰ খাই পৰিছে একালৰ পৃথিৱীৰ সবাতোকৈ ধনী ব্যক্তি বিল গেটছৰ নাম৷ উৰাবাতৰি মতে, ক’ৰোনা সংক্ৰমণৰ পিছত হাত আছে বিল গিটছ৷ এনে উৰাবাতৰিত বিশ্বাসী লোক এজন বা দুজন নহয়, আমেৰিকাৰ ২৮ শতাংশ লোকে ইয়াক সত্য বুলি মানি লৈছে৷ এক সমীক্ষাত এই কথা প্ৰকাশ৷ এই উৰাবাতৰিৰ লগতে আন এক উৰাবাতৰি উলাইছে যে ক’ভিড-১৯ প্ৰতিষেধকৰ বাবে৷মানুহৰ মাজত ট্ৰেকিং ডিভাইছ প্ৰস্তুত কৰাৰ চেষ্টা কৰিছে বিল গেটছে৷ ইপিনে, এই সমগ্ৰ বিষয়টোকে অতি অবিশ্বাস্য বুলি উৰুৱাই দিছে স্বয়ং বিল গেটছে৷ ক’ৰোনা ভাইৰাছ প্ৰতিষেধক উলিওৱাৰ ক্ষেত্ৰত অতি উদ্যোগী বিল গেটছ৷ এই কামত বিল আৰু তেওঁৰ পত্নী মেলিণ্ডা গেটছ দুয়োগৰাকীয়ে সক্ৰিয়৷ ইতিমধ্যে বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচনে প্রতিষেধক প্ৰস্তুত কৰাৰ কামত ৩০ কোটি ডলাৰৰ আৰ্থিক সাহায্যৰ প্ৰতিশ্ৰুতি দিছে৷ তাৰ পাছতো এই মহামাৰীৰ পিছত বিল গেটছৰ হাত আছে বুলি উৰাবাতৰি উলিয়াইছে৷ দক্ষিণপন্থীসকলৰ দাবী, যিকোনো ধৰণেৰে এই মহামাৰীৰ উৎসত জড়িত গেটছ আৰু ইয়াৰ বিয়পোৱাত তেওঁৰে হাত আছে৷ তদুপৰি ক’ৰোনাৰ প্ৰতিষেধক বিক্ৰী কৰি তাৰ পৰা লাভ তুলিবলৈ চেষ্টা কৰিব বিল গেটছে৷ ইয়াহু নিউজ আৰু ইউগভ নামৰ এটা আন্তর্জাতিক মাকের্ট ৰিচাৰ্ছ আৰু ডাটা এনালাটিকছ প্ৰতিষ্ঠানৰ যৌথ সমীক্ষাৰ প্ৰতিবেদনত কৰা দাবী মতে আমেৰিকাৰ ২৮ শতাংশ লোক এই ধাৰণাত বিশ্বাসী৷ ৰিপাব্লিকানসকলৰ ভিতৰত ৪৪ শতাংশ লোকে ইয়াক সত্য বুলি মানি লৈছে৷ আনহাতে আমেৰিকাৰ জনপ্ৰিয় টেলিভিচন চেনেল নেটৱৰ্ক ‘ফক্স নিউজ’ৰ ৫০ শতাংশ দৰ্শকে ইয়াক মানি লৈছে৷ অৱশ্যে এমএছএনবিচি নামৰ এটা টেলি-নেটৱৰ্কৰ ৬১ শতাংশ দৰ্শকে কোৱা মতে ই এক ভ্ৰান্ত ধাৰণা৷ এই বিষয়ে বিল গেটছে সমগ্ৰ বিষয়টোকে অদ্ভুদ বুলি আখ্যা দিছে৷ তেওঁ কয়, মই ক’তো কোনো ধৰণেৰে মাইক্ৰ’ছিপ সংক্ৰান্তীয় বিষয়ৰ লগত জড়িত নহয়৷ বিল গেটছৰ মন্তব্য, এই ধৰণৰ বিষয়বোৰ বিশ্বাস কৰাটোত সমস্যা৷ উল্লেখ্য যে মহামাৰীক লৈ দীৰ্ঘ দিন ধৰি সচেতনতা প্ৰচাৰৰ কামত জড়িত বিল গেটছ৷ ২০১৫ চনত তেওঁ ‘টেড টকছ’ বিষয়ে সতর্কবার্তা দিছিল৷ এই অনুষ্ঠানত বিশ্বজুৰি এক মহামাৰীত মৃত্যুৰ আশংকাৰ কথা শুনাইছিল বিল গেটছে৷ এই কামত বিশ্বনেতাসকলক সক্ৰিয় হ’বলৈ তেওঁ কৈছিল৷ এতিয়া তাকে লৈ এই উৰাবাতৰি ওলাইছে৷ উল্লেখ্য যে ক’ৰোনা প্ৰতিষেধক প্ৰস্তুত কৰা কামত অহা ৫ বছৰৰ বাবে অতিৰিক্ত ১৬০ কোটি ডলাৰৰ প্ৰতিশ্ৰুতি দিছে বিল আৰু মেলিণ্ডা ফাউণ্ডেচনে৷

ৰাজ্যৰ ভিতৰত পঞ্চম স্থান দখলেৰে টিংখাঙলৈ গৌৰৱ কঢ়িয়াই আনিছে নীলমনিৰ মানস উত্তম নেওঁ‌গে।

টিংখাং

সমগ্ৰ বিশ্বৰ লগতে ভৰতবৰ্ষতো এতিয়া ক’ৰণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অসমতো ক্ৰমাৎ বৃদ্ধি পাইছে কভিড-১৯ ৰ সংক্ৰমণ। তাৰমাজতে টিংখাং মহাবিদ্যালয়ৰ ৰাজনৈতিক বিজ্ঞান বিভাগৰ অধ্যাপক ভাস্কৰ নেওঁ‌গ আৰু নীলমনি আদৰ্শ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ৰিজুমণি নেওঁ‌গৰ আজি ১৭ সংখ্যক বিবাহ বাৰ্ষিকী দিনটোতে একমাত্ৰ সন্তান টিংখাঙৰ নীলমনিৰ নিবাসী মানস উত্তম নেওঁ‌গে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতেই পঞ্চম স্থান দখল কৰি বৃহত্তৰ টিংখাং অঞ্চলৰ লগতে নীলমনি আদৰ্শ জাতীয় বিদ্যলয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেখেতে সাধাৰণ গণিতত ১০০,বিজ্ঞানত ১০০,সমাজ বিজ্ঞানত ১০০,ঐচ্ছিক গণিতত ৯৯,ইংৰাজীত ৯৬  আৰু অসমীয়াত ৯৪ নম্বৰেৰে সৰ্ব্বমুঠ ৫৮৯ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে। ক্ৰিকেট খেলি ভালপোৱা মানসে নিতৌ ১২ ঘন্টাকৈ অধ্যয়ন কৰিছিল বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। উল্লেখ্য যে  পাঠ্যক্ৰমৰ বিষয়সমূহ অধ্যয়ন কৰাৰ উপৰিও লক্ষ্মীনাথ বেজবৰুৱা আৰু ভবেন্দ্ৰ নাথ শইকীয়াৰ সাহিত্য মানস উত্তমৰ প্ৰিয়। ভৱিষ্যতে এজন ভাল অভিযন্তা হোৱাৰ সপোন দেখা মানস উত্তমে বিজ্ঞান শাখাত নামভৰ্তি কৰিব ডিব্ৰুগড়ৰৰ ৰাধাকৃষ্ণ জুনিয়ৰ কলেজত। সৰুৰে পৰা অতি অমায়িক তথা শান্ত স্বভাৱৰ মানস উত্তম নেওঁ‌গৰ এক উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছে সমগ্ৰ টিংখাঙ বাসী ৰাইজে লগতে ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান দখল কৰি টিংখাঙলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে বৃহত্তৰ টিংখাঙ অঞ্চলবাসী উল্লাসিত হোৱা পৰিলক্ষিত হৈছে।কৃতি ছাত্ৰগৰাকীক ফলাফল ঘোষণা হোৱাৰ পাছৰে পৰা ৰাজগড় উদয়ন পথত থকা ভাড়াত বিভিন্ন দল সংগঠন ব্যক্তিয়ে অভিনন্দন জ্ঞাপন কৰিছে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল : নাজিৰাৰ দহখন বিদ্যালয় এশ শতাংশ : মহকুমাৰ শীৰ্ষ স্থানত মাৰ্কাজ একাডেমীৰ আমিনৰ ৰহমান ।

নাজিৰা

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নাজিৰা মহকুমাৰ চৰকাৰী আৰু বে- চৰকাৰী বিদ্যালয় সমূহৰ ভিতৰত দহখন বিদ্যালয়ৰ ফলাফল এশ শতাংশ উত্তীৰ্ণ হয় । চৰকাৰী বিদ্যালয় সমূহৰ তুলনাত বে – চৰকাৰী বিদ্যালয়ৰ ফলাফল অধিক সন্তুষজনক । নাজিৰা মহকুমাৰ বে– চৰকাৰী শিক্ষানুষ্ঠান মাৰ্কজ একাডেমীৰ পৰা অৱৰ্তীণ হোৱা ম: আমিনুৰ ৰহমানে মুঠ ৫৬৫ নম্বৰ লাভ কৰি ডিষ্টীংচন সহ উতীৰ্ণহৈ মহকুমাটোৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হয় । ফলাফল অনুসৰি এই বিদ্যালয়ৰ ৪ জনে ডিষ্টীংচন , ১০ গৰাকীয়ে ষ্টাৰ মাৰ্ক সহ ১৭ জন প্ৰথম ১১জনে দ্বিতীয় আৰু এজন তৃতীয় স্থানত উতীৰ্ণহৈ এশ শতাংশ উতীৰ্ণৰ গৌৰৱ কঢ়িয়া। চৰকাৰী বিদ্যালয়ৰ ভিতৰত নাজিৰা ন– মাটি উচ্চ মাধ্যমিক বিদ্যালয় , মেছাগড় জোকতলি উচ্চতৰ মাধ্যমিক বিদ্যালয় , বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয় , মঠিয়াছিগা ৰাজমাও উচ্চ মাধ্যমিক বিদ্যালয় , শিমলুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ফলাফল এশ শতাংশ হোৱাৰ লগতে ব — চৰকাৰী বিদ্যালয়ৰ ভিতৰত আদৰ্শ বিদ্যা ভৱন উচ্চতৰ মাধ্যমিক বিদ্যালয় ( অ’ এন জি চি ) গুৰুকুল বিদ্যালয় চেইণ্ট পিৰ্টাছ বিদ্যালয় , গেলেকী জাতীয় বিদ্যালয় আৰু ডিমুৱাল বিদ্যা ভৱন বিদ্যালয়ৰ উতীৰ্ণৰ হাৰ এশ শতাংশ । চৰকাৰী খণ্ডৰ নাজিৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২ গৰাকীয়ে ডিষ্টীংচন , দুগৰাকীয়ে ষ্টাৰ মাৰ্ক সহ ৯ গৰকীয়ে প্ৰথম , ১৪ গৰাকীয়ে দ্বিতীয় আৰু ১৪ গৰাকীয়ে তৃতীয় স্থানত উতীৰ্ণহৈ ৮৪ শতাংশ , মেছাগড় জোকতলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩ গৰাকীয়ে ষ্টাৰ সহ ১৪ গৰাকীয়ে প্ৰথম , ২০ গৰাকীয়ে দ্বিতীয় আৰু এজনে তৃতীয় স্থানত উতীৰ্ণ হৈ এশ শতাংশ , বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকীয়ে ষ্টাৰ সহ ১২ গৰাকীয়ে প্ৰথম ২১ গৰাকীয়ে দ্বিতীয় স্থানত উতীৰ্ণহৈ এশ শতাংশ , হাতীপট্টী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৯ গৰাকীয়ে প্ৰথম , ১৫ গৰাকীয়ে দ্বিতীয় ৭ গৰাকীয়ে তৃতীয় স্থানত উতীৰ্ণহৈ ৯৪ শতাংশ , লিগিৰী পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৫ গৰাকীয়ে প্ৰথম , ২৬ গৰাকীয়ে দ্বিতীয় আৰু ১৯ গৰাকীয়ে তৃতীয় স্থানত উতীৰ্ণহৈ ৯৯ শতাংশ , মঠিয়াছিগা ৰাজমাও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১ গৰাকীয়ে ডিষ্টীংচন সহ ১৭ গৰাকীয়ে প্ৰথম দুগৰাকীকৈ দ্বিতীয় আৰু তৃতীয় স্থানত উতীৰ্ণহৈ এশ শতাংশ , ৰহদৈ পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৬ গৰাকীয়ে প্ৰথম , ১৬ গৰাকীয়ে দ্বিতীয় আৰু২৫ গৰাকীয়ে তৃতীয় স্থানত উতীৰ্ণহৈ ৬৭ শতাংশ , ধিতাই পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ২ গৰাকীয়ে ডিষ্টীংচন  , ৩ গৰাকীয়ে ষ্টাৰ সহ ১২ গৰাকীয়ে প্ৰথম , ১৭ গৰাকীয়ে দ্বিতীয় আৰু ১২ গৰাকীয়ে তৃতীয় স্থানত উতীৰ্ণহৈ ৯১ শতাংশ উতীৰ্ণ হাৰ কঢ়িয়াই আনে । বে – চৰকাৰী বিদ্যালয়ৰ সমূহৰ ভিতৰত মাৰ্কাজ একাডেমীৰ ৪ গৰাকীয়ে ডিষ্টীংচন , ১০ গৰাকীয়ে ষ্টাৰ সহ ১৭ গৰাকীয়ে প্ৰথম ১১ গৰাকীয়ে দ্বিতীয় আৰু ১ গৰাকী তৃতীয় স্থানত উতীৰ্ণহৈ এশ শতাংশ উতীৰ্ণ হাৰেৰে মহকুমাটোৰ ভিতৰতে শীৰ্ষ স্থান অধিকাৰ কৰে । শিমলুগুৰি শংকৰদেৱ শিশু নিকেটনৰ ১০ গৰাকীয়ে ডিষ্টীংচন , ১৩ গৰাকীয়ে ষ্টাৰ সহ ৫৫ গৰাকীয়ে প্ৰথম , ৩৯ গৰাকীয়ে দ্বিতীয় আৰু ৮ গৰাকীয়ে তৃতীয় স্থানত উতীৰ্ণহৈ ৯৯ শতাংশ , এম জি এম গড়গাঁৱৰ ৩ গৰাকীয়ে ষ্টাৰ সহ ৮ গৰাকীয়ে প্ৰথম , ৫ গৰাকীয়ে দ্বিতীয় ৪ গৰাকীয়ে তৃতীয় স্থানত উতীৰ্ণহৈ ৯৯ শতাংশ , গেলেকী জাতীয় বিদ্যালয়ৰ ৫ গৰাকীয়ে ডিষ্টীংচন , ৩ গৰাকীয়ে ষ্টাৰ সহ ২৭ গৰাকীয়ে প্ৰথম ৪ গৰাকীয়ে দ্বিতীয় স্থানত উতীৰ্ণহৈ ১০০ শতাংশ , নাজিৰা জুবিয়েল ভেলী বিদ্যালয়ৰ ৪ গৰাকীয়ে প্ৰথম , ৩ গৰাকীয়ে দ্বিতীয় আৰু ১ গৰাকী তৃতীয় স্থানত উতীৰ্ণহৈ ৯৯ শতাংশ উতীৰ্ণ হাৰ কঢ়িয়াই আনে । মুঠতে নাজিৰা মহকুমাৰ চৰকাৰী আৰু বে – চৰকাৰী বিদ্যালয়ৰ ফলাফল সন্তোষজনক ।