Home Blog Page 739

ঈদলৈ বুলি অনা ষাড় গৰু হেৰাল! গৰুৰ সন্ধান দিব পাৰিলে লাভ কৰিব ৫,০০০ টকা পুৰস্কাৰ…

বাক্সা জিলা ধূপগুৰি আনোৱাৰা হুছেইনৰ এটি ষাড় গৰু হেৰুৱাত পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। জানিব পৰা মতে আনোৱাৰা হুছেইনৰ ঘৰ বাক্সা জিলা ধুপগুৰীত। সমাগত ইছলাম ধৰ্মাৱলম্বী পৱিত্ৰ কুৰবানী ঈদ উপলক্ষে আনোৱাৰা হুছেইনে কুৰবানী বাবে এটি ষাড় গৰু ক্ৰয় কৰিছিল। কিন্তু দুৰ্ভাগ্যজনক, ষাড় গৰুটো ক্ৰয় কৰি ঘৰলৈ অনাৰ সময়ত গাড়ীৰ পৰা গৰুটো নমোৱাৰ সময়ত দৌৰ মাৰি পলাই যায়। লগে লগে চাৰিওফালে পৰিয়ালৰ লগতে গাঁৱৰ মানুহে বিচৰাত এতিয়ালৈকে কোনেও সন্ধান পোৱা নাই গৰুটো।

এক সপ্তাহ ধৰি গৰুটো বিচাৰি নোপোৱাত উপায়ন্তৰ হৈ আজি সংবাদ মাধ্যমৰ কাষ চাপিছে আনোৱাৰা হুছেইন। ষাড় গৰুটো গাৰ বৰণ প্ৰায় বগা ৰঙৰ। ডিঙিত কোনো ৰচি নাই বুলি জানিবলৈ দিয়ে।ইপিনে কোনো সদাসদ ব্যক্তিয়ে ষাড় গৰুটো সন্ধান দিব পাৰিলে তেওঁলোকলৈ ৫,০০০ টকা পুৰস্কাৰ ঘোষণা কৰে আনোৱাৰা হুছেইনে।আনহাতে 7002670109 ফোন নম্বৰত যোগাযোগ কৰিবলৈও আহ্বান জনায়।

দেৰগাঁৱৰ ফুকন নগৰত নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা বাইক আৰোহীৰ…

দেৰগাঁৱৰ ফুকন নগৰত নিশা শোকাৱহ পথ দুৰ্ঘটনা।


নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা বাইক আৰোহীৰ।


দুৰ্ঘটনাত দেৰগাঁৱৰ দুই যুৱকৰ কৰুণ মৃত্যু৷


দুৰ্ঘটনাৰ স্থানতেই থিতাতে মৃত্যু জিজ্ঞাছ নামৰ এজন যুৱকৰ।


আনহাতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছে সঞ্জয় বৰা নামৰ আনজন যুৱকৰ।


দুজনকৈ যুৱকৰ মৃত্যুত এতিয়া দেৰগাঁৱত শোকৰ ছাঁ।

ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ দৈনিক কিমান পানী খাব লাগে…

ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ ভাল খাদ্যাভ্যাস, ব্যায়াম, টোপনি আৰু ঔষধৰ অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও পানী খোৱাৰ পৰিমাণো অতি গুৰুত্বপূৰ্ণ। ডায়েবেটিছত আক্ৰান্ত লোকে পানী খোৱাৰ লগতে ইলেক্ট্ৰলাইট সমৃদ্ধ তৰল পদাৰ্থ আৰু উপযুক্ত পৰিমাণৰ গ্লুক’জ সেৱন কৰিব লাগে যাতে শৰীৰে ইয়াক সহজে শোষণ কৰিব পাৰে।


শৰীৰত পানীৰ অভাৱ হ’লে ব্লাড চুগাৰৰ পৰিমাণ অধিক ঘনীভূত হৈ পৰে, যাৰ ফলত চুগাৰৰ মাত্ৰা বৃদ্ধি পায়।অনিয়ন্ত্ৰিত ডায়েবেটিছে অত্যধিক প্ৰস্ৰাৱ, পিয়াহ আৰু পানীলগা বৃদ্ধি কৰে। ইয়াৰ ফলত ডায়েবেটিক কিট’এচিড’ছিছ হ’ব পাৰে।

ডায়েবেটিছত পানী অভাৱ হোৱাৰ লক্ষণ সমূহ হৈছে- আটাইতকৈ সাধাৰণ লক্ষণ হ’ল অত্যধিক পিয়াহ আৰু মুখ শুকান। ইয়াৰ লগতে মূৰৰ বিষ, চকু শুকান, ছাল শুকান, গাঢ় হালধীয়া প্ৰস্ৰাৱ, মূৰ ঘূৰোৱা, সাধাৰণ দুৰ্বলতা আৰু ভাগৰুৱা লক্ষণসমূহো।

বান-ভূমিস্খলনত বিধ্বস্ত ছিকিমঃ প্ৰায় ১,৫০০ পৰ্যটক হৈ পৰিছে আবদ্ধ, ৬ জনৰ মৃত্যু…

প্ৰকৃতিয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে পাহাৰীয়া ৰাজ্য ছিকিমত। বান- ভূমিস্খলনে বিধ্বস্ত হৈ পৰিছে ছিকিম। বিপজ্জনকৰূপত ওফন্দি উঠিছে নৈ সমূহ। পানীয়ে খহাই পেলাইছে বহু পথ। সেয়ে আবদ্ধ হৈ পৰিছে প্ৰায় ১,৫০০ পৰ্যটক। আতংকিত হৈ পৰা পৰ্যটকসকলে তললৈ উভতি যাবলৈ হাহাকাৰ কৰিছে। কিন্তু পাহাৰৰ পৰা কোন পথেৰে নামিব সেই বিষয়ত কোনো উৱা-দিহ পোৱা নাই পৰ্যটকসকলে। উত্তৰ ছিকিমৰ সংকলন বেইলী দলং ভাঙি পৰাৰ ফলত জংগু, চুংথাং, লাচেন আৰু লাচুং বিচ্ছিন্ন হৈ পৰিছে। কমেও ডেৰ হাজাৰ পৰ্যটক তাত আবদ্ধ হৈ পৰিছে বুলি জানিব পৰা গৈছে। গেংটকত থকা পৰ্যটকসকলেও ঘৰলৈ উভতি আহিব পৰা নাই। ছিকিমত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত উফন্দি উঠা তীস্তা নদীয়ে গেংটক-চিলিগুৰি ১০ নং ৰাষ্ট্ৰীয় ঘাইপথ বহু ঠাইত খহাই পেলাইছে।

ফলত অনিৰ্দিষ্টকাললৈ বন্ধ হৈ পৰিছে পথটো। এই সন্দৰ্ভত কালিম্পং জিলা দণ্ডাধীশে এক অধিসূচনা জাৰি কৰিছে। তাত কোৱা হৈছে যে লিখুভিদৰ ৰবিঝোৰা মেল্লী সেতুত ১০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষতিসাধন হৈছে। ছিকিম প্ৰশাসনৰ সূত্ৰই জনোৱা মতে, বুধবাৰে নিশা হোৱা বৰষুণ আৰু ভূমিস্খলনে কেইবাটাও অঞ্চল বিধ্বস্ত কৰি পেলাইছে।এতিয়ালৈকে কমেও ৬ জন লোকৰ মৃত্যু হৈছে। লাচেন, চুংথাং, মাংগানৰ বিভিন্ন পথ বন্ধ হৈ পৰিছে। ইয়াত আবদ্ধ হৈ আছে বহু পৰ্যটক। পৰ্যটকসকলক পথ মুকলি হ’লেই স্থানীয় হোটেলৰ পৰা গেংটকলৈ যাবলৈ পৰামৰ্শ দিছে প্ৰশাসনে। ২০২৩ চনত ল’নাৰ্ক হ্ৰদৰ দুৰ্যোগৰ সময়তো এতিয়াৰ দৰেই পৰিবেশৰ সৃষ্টি হৈছিল।সেনা আৰু ছিকিম প্ৰশাসনৰ প্ৰচেষ্টাত উদ্ধাৰ অভিযান চলাই থকা হৈছে। মংগন, জংগু আৰু চুংথাঙৰ মাজত থকা একমাত্ৰ সংযোগী দলংখন বানে উটুৱাই নিছে। বৃহস্পতিবাৰে বিয়লিৰে পৰা জেয়ংগু, চুংথাং, লাচেন আৰু লাচুঙৰ পথ বন্ধ হৈ পৰে। কিন্তু ইয়াতেই পৰ্যটকৰ সংখ্যা বেছি। তেওঁলোকক উদ্ধাৰ কৰিবলৈ ফিডাঙত বিকল্প দলং নিৰ্মাণৰ প্ৰচেষ্টা অব্যাহত আছে। উল্লেখ্য দুসপ্তাহ পূৰ্বে বতৰ বিজ্ঞান বিভাগে সকীয়াই দিয়াৰ পিছতো উত্তৰ ছিকিমত বৰফ পৰা দেখি বহু পৰ্যটকে তালৈ গৈছিল।

প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে বিয়লি পৰ্যটকক উদ্ধাৰ কৰি গেংটকলৈ পঠিয়াবলৈ প্ৰস্তুতি চলোৱাৰ পিছতো বৰষুণৰ বাবে দুৰ্যোগ সঁহাৰি দলৰ কৰ্মীসকলে তললৈ নামি আহিব নোৱাৰিলে। বতৰ বিজ্ঞান বিভাগৰ সূত্ৰ অনুসৰি আজিও উত্তৰ ছিকিমত প্ৰচণ্ড বৰষুণ অব্যাহত থাকিব বুলি জনা গৈছে।

ভাৰতৰ আটাইতকৈ শিক্ষিত ৰাজ্য কেৰালাৰ পৰাই বৃদ্ধি পাইছে শিক্ষাৰ্থীৰ প্ৰব্ৰজন…

কেৰালৰ পৰা ছাত্ৰ-ছাত্ৰীৰ প্ৰব্ৰজনৰ যথেষ্ট বৃদ্ধি হৈছে। ক’ভিড-১৯ মহামাৰীৰ পিছত কেৰালাৰ পৰা ছাত্ৰ-ছাত্ৰীৰ বাহিৰলৈ গমনৰ প্ৰৱণতা বৃদ্ধি পাইছে।এয়া কিয় হৈছে সেই বিষয়ে কোনেও একো মত দিব পৰা নাই। আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন আৰু উন্নয়ন প্ৰতিষ্ঠান (IIMAD)-থিৰুৱনন্তপুৰমৰ দ্বাৰা কেএমএছ-২০২৩ৰ প্ৰতিবেদন অনুসৰি যোৱা পাঁচ বছৰত আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ মাত্ৰা বৃদ্ধি হৈছে। আকপ্ৰিবেদন অনুসৰি বিশ্বব্যাপী মালয়ালী প্ৰব্ৰজনকাৰীসকলৰ সংখ্যা ৫০ লাখ বুলি অনুমান কৰা হৈছে, আনহাতে কেৰেলাৰ বাহিৰত ভাৰতৰ ভিতৰত মালয়ালী প্ৰব্ৰজনকাৰীসকলৰ সংখ্যা হৈছে যদিও ২০২৩ চনত ৩২,৩৮৮গৰাকী।

২০১৮ চনৰ তুলনাত কেৰালাৰ ১৪খন জিলাৰ ভিতৰত ৯খন জিলাত প্ৰব্ৰজনকাৰীৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছিল। কিন্তু সেয়া এতিয়া আকৌ বাঢ়িবলৈ লৈছে। ছাত্ৰ প্ৰব্ৰজনৰ ক্ষেত্ৰত কেৰালাৰ পৰা প্ৰব্ৰজনকাৰী সংখ্যা অধিক। প্ৰতিবেদন অনুসৰি ২০১৬ চনত চনত মহিলা প্ৰব্ৰজনকাৰীৰ অনুপাত ১৫.৮ শতাংশৰ পৰা ২০২৩ চনত ১৯.১ শতাংশলৈ বৃদ্ধি পাইছে। ভাৰতত উচ্চ শিক্ষাৰ সুবিধা থকাৰ পিছতো কেৰালাৰ শিক্ষাৰ্থীয়ে কিয় এনেদৰে বিদেশ মুখী হৈছে সেয়া নিঃসন্দেহে চিন্তাৰ বিষয়।

ইটালীত অনুষ্ঠিত জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীঃ আলোচনাত মিলিত হ’ল জেলেনেস্কী, মেক্ৰণৰ সৈতে…

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পিছতে ইটালীলৈ উৰা মাৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কালি মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ন আৰু জেলেনেক্ৰীৰ সৈতে সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। মোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাক আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জিঅ’ৰ্জিয়া মেলনিকো সাক্ষাৎ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-৭ সন্মিলনৰ সময়ত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ন আৰু জেলেনেস্কীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈ নানা বিষয়ত আলোচনা কৰে। বিভিন্ন ক্ষেত্ৰত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ পদক্ষেপ সম্পৰ্কে এই বৈঠকত আলোচনা কৰা হয়। বৈঠকৰ সময়ত দুয়োগৰাকী নেতাক আলিংগন কৰা দেখা যায়।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এক্সৰ এটা পোষ্টত লিখিছে যে দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা, পাৰমাণৱিক, মহাকাশ, জলবায়ু আৰু শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে। মুখপাত্ৰগৰাকীয়ে কয় যে দুয়োগৰাকী নেতাই মুখ্য গোলকীয় আৰু আঞ্চলিক বিষয়বোৰৰ ওপৰত মত-বিনিময় কৰে। কৌশলগত অংশীদাৰিত্বক নতুন স্তৰলৈ লৈ যোৱা এই বৈঠকৰ উদ্দেশ্য আছিল বুলিও তেওঁ উল্লেখ কৰে। উল্লেখ্য যে তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা জি ৭ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৃহস্পতিবাৰে নিশা (স্থানীয় সময় অনুসৰি) ইটালীৰ আপুলিয়াত উপস্থিত হয়৷য’ত ভাৰতক প্ৰচাৰ দেশ হিচাপে আমন্ত্ৰণ জনোৱা হয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে তেওঁৰ দ্বিপাক্ষিক বৈঠকৰ পিচত তেওঁ ঋষি সুনাক আৰু জি-৭ৰ নেতা জিঅ’ৰ্জিয়া মেলনিকে ধৰি বিশ্বৰ অন্যান্য নেতাসকলৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। ইটালীত উপস্থিত হোৱাৰ পিচতে বিমানবন্দৰত ইটালীস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত বাণী ৰাও আৰু অন্যান্য বিষয়াসকলে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায়৷

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বিবৃতিত কৈছিল যে একেৰাহে তৃতীয়বাৰৰ বাবে জি-৭ সন্মিলনৰ বাবে ইটালীত উপস্থিত থাকিবলৈ পাই তেওঁ আনন্দিত। তেওঁৰ পূৰ্বৰ ইটালী ভ্ৰমণ আৰু প্ৰধানমন্ত্ৰী জিঅ’ৰ্জিয়া মেলনিৰ ভাৰত ভ্ৰমণৰ কথা স্মৰণ কৰে। এয়া ভাৰতৰ ১১ সংখ্যক আৰু জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ পঞ্চম অংশগ্ৰহণ।

মানুহৰ মাজতেই ছদ্মবেশত ঘূৰি ফুৰিব পাৰে এলিয়েনে! হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকৰ দাবীক লৈ আলোড়ন…

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকৰ দাবীক লৈ আলোড়নৰ সৃষ্টি হৈছে। বেলেগ গ্ৰহৰ প্ৰাণীকলৈ মানুহৰ কৌতূহলৰ অন্ত নাই। ভিন্ন গ্ৰহৰ প্ৰাণীৰ যান বহু ঠাইত দেখা পোৱা বুলিও বহুতে দাবী কৰি আহিছে। এইবাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকে এইবুলি দাবী কৰিছে যে ভিন্ন গ্ৰহণৰ এলিয়েনে মানুহৰ ৰূপ ধাৰণ কৰি আমাৰ মাজতে ঘূৰি-ফুৰিব পাৰে। যদি গৱেষকৰ এই দাবী সঁচা হয় তেন্তে বিশ্বব্ৰহ্মাণ্ডত যে আমি অকলশৰীয়া নহয় সেয়া প্ৰমাণ হ’ব।

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত দাবী কৰা হৈছে যে পৃথিৱীত গোপনে মানুহৰ মাজত এলিয়েন বাস কৰি থাকিব পাৰে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ হিউমেন ফ্ল’ৰিছিং প্ৰগ্ৰেমৰ গৱেষকসকলৰ এক নতুন গৱেষণা পত্ৰত কোৱা হৈছে যে এলিয়েনে মানুহৰ মাজত বিচৰণ কৰি থাকিব পাৰে। গৱেষণাটোৱে এইবুলিও কৈছে যে ইউ এফ অ’ৰ সহায়ত এলিয়েনে পৃথিৱীলৈ আহিব পাৰে। কিন্তু এলিয়েনে মানুহৰ মাজত থাকি কেনে তথ্য সংগ্ৰহ কৰিব পাৰে সেই বিষয়ত গৱেষকসকলে বিশেষ কোনো মন্তব্য কৰা নাই। উল্লেখ্য আমেৰিকাৰ বহুতে এলিয়েনৰ যান ইউ এফ অ’ দেখা বুলি দাবী কৰি আহিছে।

তেজপুৰ বিশ্ববিদ্যালয়ত উজ্বলিল নাদিৰা মোস্তাক ৰহমান…

জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত আমগুৰি ঘাটৰ নিবাসী তথা বৰ্তমানে যোৰহাটৰ বাসিন্দা ৰিবুল ৰহমান আৰু নাছিমা ৰহমানৰ কন্যা নাদিৰা মোস্তাক ৰহমানে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

উক্ত বিশ্ববিদ্যালয়ৰ পৰা নাদিৰাই এল এম এম বিভাগত স্বৰ্ণ পদক লাভ কৰি সুখ্যাতিৰে উৰ্ত্তীণ হোৱাত যোৰহাটৰ লগতে শিৱসাগৰতো অগণন শুভাকাংশীয়ে অভিনন্দন জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। তেওঁৰ এই কৃতিত্বত আমগুৰি ঘাট আৰু আমগুৰি গাঁও যুৱ জামাতে বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰিছে।

কামপুৰ চাংচকীত সাত কিলোমিটাৰ মথাউৰি নিৰ্মাণ হ’ব


ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই ভগ্ন মথাউৰি পৰিদৰ্শন কৰিবলৈ আহি বিয়লি নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত পুৰণিগুদামস্থিত কলিয়াবৰ জিলা বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয়হি। কপিলী আৰু কলং নদীৰ সংকটজনক অৱস্থাত থকা মথাউৰি পৰিদৰ্শন কৰাৰ উদ্দেশ্যে নগাঁৱত আহি উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে পুৰণিগুদামত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয় যে, ৰহা সমষ্টিৰ অধীনৰ বগলাজানত থকা মথাউৰি পৰিদৰ্শন কৰি সেই মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে পূৰ্বৰ ৰহা সমষ্টি আৰু বৰ্তমানৰ বঢ়মপুৰ সমষ্টিৰ অধীনলৈ যোৱা চাংচকী অঞ্চলত কপিলী নদীৰ বানপানীৰ পৰা ৰক্ষা পাবলৈ সাত কিলোমিটাৰ মথাউৰিৰ প্ৰয়োজন আৰু সেই মথাউৰিৰ নিৰ্মাণ কৰা হ’ব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়া হয় বুলি সংবাদ মাধ্যমত অৱগত কৰে মন্ত্ৰীগৰাকীয়ে।

ইয়াৰ উপৰিও কলিয়াবৰ হাতীমূৰাত কলং নদীৰ খনন চলি আছে আৰু সেয়া পৰিদৰ্শন কৰি তেজপুৰলৈ ৰাওনা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত অৱগত কৰে।কলং সুঁতি খনৰ বাবে হাতত লোৱা “হাতীমূৰা প্ৰকল্প” আগন্তুক ৬ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশ্বাস দিয়ে পীযুষ হাজৰিকাই।ৰাজনীতিৰ কথা নাভাবি এইকেইদিন বানপানী আৰু গৰাখহনীয়া ৰোধৰ কামতহে ব্যস্ত বুলি জনালে মন্ত্ৰী পীযুষে।উল্লেখযোগ্য যে, বাৰিষা আহিলেই কপিলীপৰীয়া ৰাইজৰ জীৱন সম্পত্তিৰ প্ৰতি ভাবুকি আহি পৰে আৰু সেই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান বঢ়মপুৰ সমষ্টিৰ অধীনলৈ অহা হেতুকে বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীৰ বিশেষ তৎপৰতাত আজি চাংচকীত উপস্থিত হয়হি মন্ত্ৰীগৰাকী।

বৃহত্তৰ অঞ্চলৰ ৰাইজক সকাহ দিবলৈ সাত কিলোমিটাৰ অঞ্চল কপিলীৰ পাৰৰ মথাউৰি নিৰ্মাণ কৰিলে নৈপৰীয়া ৰাইজ বহু উপকৃত হ’ব।নহ’লে বছৰ-বছৰ ধৰি বানপানী আৰু গৰাখহনীয়াৰ কবলত পৰি বহুলোকে সেই স্থান এৰি আন ঠাইলৈ আঁতৰি যাব লগা হৈছে।এনেক্ষেত্ৰত মন্ত্ৰীগৰাকীৰ এই তৎপৰতা কিমান দূৰ ফলপ্ৰসু হয় সেইটো লক্ষণীয় হ’ব।ইফালে, কপিলী নদীয়ে ভয়াৱহ বান পৰিস্থিত আৰু গৰাখহনীয়াৰ সৃষ্টি কৰা বৰ্তমান বঢ়মপুৰ সমষ্টিৰ অধীনৰ বকুলগুৰি,আটিগাঁও,কপিলীকান,গোসাঁই গাঁও গাৰুখুন্দা,চাংচকী আদি অঞ্চলত যদি মথাউৰি নিৰ্মাণ হয় তেনেহ’লে কপিলীপৰীয়া ৰাইজে মথাউৰি নিৰ্মাণৰ বাবে নিজৰ পট্টা মাটি এৰি দিব বুলি জানিব পৰা গৈছে।দীৰ্ঘদিন ধৰি বানপানীত ককবকাই থকা এইসকল কপিলীপৰীয়া ৰাইজক বিধায়ক জিতু গোস্বামীৰ তৎপৰতাত মন্ত্ৰীগৰাকীয়ে যদি মথাউৰি নিৰ্মাণ কৰি সকাহ দিব পাৰে তেনেহ’লে বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ এক বৃহৎ সফলতা বুলি স্থানীয় একাংশ লোকে জানিবলৈ দিছে।

নেপালত প্ৰিঞ্চিৰ সোণৰ পদক লাভ

৩১মেৰ পৰা ৬জুনলৈ নেপালৰ জাপা প্ৰদেশৰ মেচি নগৰত অনুষ্ঠিত দশম আন্তঃৰাষ্ট্ৰীয় কেৰাটে চেম্পিয়নশ্বিপত নগাঁৱৰ বৰ জামগুৰিহাটৰ প্ৰিঞ্চি শইকীয়াই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ।

ভাৰত,ভূটান,শ্ৰীলংকা,নেপাল,কোৰিয়া,বাংলাদেশ আৰু পাকিস্তান এই সাতখন দেশৰ খেলুৱৈৰ মাজত অনুস্থিত এই বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাত ৬৮কেজি শাখাত কুমিটে ইভেন্টেত তেওঁ এই পদক আৰু মানপত্ৰ লাভ কৰিবলৈ সক্ষম হয়।কুমিটেত প্ৰতিপক্ষৰ লগত যুদ্ধ আৰু কাটাত মাঠো প্ৰদৰ্শন কৰিব লাগে ।

বেবেজিয়াৰ ছিছান পংকজ মূদৈৰ নেতৃত্বৰ বেবেজিয়া কেৰাটে একাডেমিত প্ৰশিক্ষণ লৈ থকা প্ৰিঞ্চি বৰ্তমান নগাঁৱৰ কনচেপ্ট কলেজৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰী ।স্বৰ্গীয় প্ৰশান্ত শইকীয়া আৰু ৰীতামণি ভূঞাৰ দুই কন্যা সন্তানৰ দ্বিতীয় প্ৰিঞ্চিক ইতিমধ্যে কেৰাটে ক্লাব নিজা কলেজত এই সাফল্যৰ বাবে সন্মান জনোৱা হৈছে ।