Home Blog Page 742

কুৱেইটৰ বিধ্বংসী অগ্নিকাণ্ডত নিহত ভাৰতীয় শ্ৰমিকৰ পৰিয়াললৈ দুই লাখ টকাৰ এককালীন ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ…

বুধবাৰে এক অভাৱনীয় ঘটনা সংঘটিত হৈছিল কুৱেইটত। কুৱেইটৰ শ্ৰমিক গৃহত সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৪০ জন ভাৰতীয়ৰ মৃত্যু হোৱাৰ লগতে ৫০ জনতকৈ অধিক লোক আহত৷ নিহত লোকৰ নিকটাত্মীয়লৈ দুই লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা প্ৰধানমন্ত্ৰীৰ। ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে মুকলি কৰিছে হেল্পলাইন নম্বৰ৷ মৃতদেহসমূহ শীঘ্ৰে প্ৰত্যাৱৰ্তনৰ ব্যৱস্থা কৰিবলৈ কুৱেইটৰ বৈদেশিক মন্ত্ৰীক আহ্বান এছ জয়শংকৰৰ৷অগ্নিকাণ্ডত নিহত ভাৰতীয় শ্ৰমিকৰ পৰিয়াললৈ দুই লাখ টকাৰ এককালীন ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

কুৱেইটৰ মাংগাফ অঞ্চলত বুধবাৰে শ্ৰমিক গৃহত সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৪০ জন ভাৰতীয়ৰ মৃত্যু হোৱাৰ লগতে ৫০ জনতকৈ অধিক লোক আহত হোৱাৰ বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে৷ ইফালে আঘাতপ্ৰাপ্ত লোকসকলক কুৱেইটৰ আদান, জাবেৰ, ফাৰৱানিয়া, মুবাৰক আল কাবীৰ আৰু জাহৰা নামৰ পাঁচখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হৈছে৷

চিকিৎসালয় কৰ্তৃপক্ষৰ উদ্ধৃতি দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি চিকিৎসাধীন অধিকাংশৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ। মন্ত্ৰণালয়ে লগতে এক বিবৃতি প্ৰকাশ কৰি কয় যে, “দূতাবাসে সংশ্লিষ্ট কুৱেইট কৰ্তৃপক্ষ আৰু কোম্পানীটোৰ পৰা সম্পূৰ্ণ সবিশেষ জানিবলৈ লৈছে। আমি শোকসন্তপ্ত পৰিয়ালসমূহক গভীৰ সমবেদনা জনাইছো।” ইফালে এই ঘটনাৰ পিছতে কুৱেইটত থকা ভাৰতৰ ৰাষ্ট্ৰদূত আদৰ্শ স্বয়কাই ততাতৈয়াকৈ ঘটনাস্থলী আৰু চিকিৎসালয়সমূহ পৰিদৰ্শন কৰি ভাৰতীয় নাগৰিকসকলৰ পৰিস্থিতিৰ বুজ লয় ৷ কুৱেইট কৰ্তৃপক্ষৰ পৰা দূতাবাসে পূৰ্ণ সহযোগিতা লাভ কৰা বুলি উল্লেখ কৰি মন্ত্ৰণালয়ৰ বিবৃতিত কোৱা হৈছে যে দূতাবাসে স্থানীয় কৰ্তৃপক্ষৰ সৈতে সমন্বয় অব্যাহত ৰাখিছে যাতে এই দুৰ্ভাগ্যজনক কাণ্ডত আঘাতপ্ৰাপ্ত ভাৰতীয় নাগৰিকসকলক সহায় কৰিব পৰা যায় আৰু লগতে তেওঁলোকক সকলো সম্ভাৱ্য সমৰ্থন আগবঢ়োৱা হৈছে।

বিবৃতিটোত আৰু কোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত ৰাজ্যমন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে মৃতদেহসমূহ শীঘ্ৰে ঘূৰাই অনাৰ ব্যৱস্থা কৰাৰ লগতে আহতসকলৰ চিকিৎসা সাহায্যৰ দিশত কাম কৰাৰ বাবে কুৱেইটলৈ যোৱাৰ যোজা চলাইছে। ইফালে কুৱেইটত থকা ভাৰতীয় দূতাবাসে স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে যাতে এই ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদান কৰিব পাৰে।

একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ পেমা খাণ্ডুৰ…

বৃহস্পতিবাৰে একেৰাহে তৃতীয়বাৰৰ বাবে বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে পেমা খাণ্ডুৱে। ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল কে টি পাৰ্ণাইকে দৰ্জী খাণ্ডু কনভেনশ্যন হলত খাণ্ডুক মু্খ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰোৱায়৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙকে ধৰি বহু গণ্য-মান্য ব্যক্তি শপতগ্ৰহণত উপস্থিত থাকে। এই অনুষ্ঠানত আন এঘাৰজন বিধায়কেও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ ভিতৰত আছিল উপ মুখ্যমন্ত্ৰী চৌনা মেইন, প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ পি ডি সোনা, বিজেপিৰ ৰাজ্যিক সভাপতি বিয়ুৰাম ৱাহগে, আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী কালিখো পুলৰ বিধৱা দাসংলু পুল আদি অন্যতম। পেমা খাণ্ডুৰ জন্ম ১৯৭৯ চনৰ ২১ আগষ্টত পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত হৈছিল। তেওঁ এগৰাকী মনপা জনজাতীয় সম্প্ৰদায়ৰ বৌদ্ধ ধৰ্মাৱলম্বী লোক। প্ৰাক্তন মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডুৰ জ্যেষ্ঠ পুত্ৰ পেমা খাণ্ডু। খাণ্ডুৱে ২০০০ চনত কংগ্ৰেছত যোগদান কৰিছিল। তেওঁক ২০০৫ চনত অৰুণাচল প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু ২০১০ চনত টাৱাং জিলা কংগ্ৰেছ সমিতিৰ সভাপতি হৈছিল৷

২০১১ চনত এক হেলিকপ্টাৰ দুৰ্ঘটনাত পিতৃ তথা অৰুণাচল প্ৰদেশৰ তৎকালীন মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডুৰ কৰুণ মৃত্যুৰ পিছত পেমা খাণ্ডু ৰাজনীতিত যথেষ্ট সক্ৰিয় হৈ পৰে। তাৰ পিছত তেওঁ মুকতো আসনৰ পৰা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচনত জয়ী হৈ জাৰব’ম গামলিন চৰকাৰৰ কেবিনেট মন্ত্ৰী হয়। পিছত ২০১৪ চনত, তেওঁক নাবাম টুকি চৰকাৰত কেবিনেট মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰা হয়। ২০১৬ চনৰ জুলাই মাহত নাবাম টুকীৰ ঠাইত তেওঁ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কিন্তু শাসনলৈ অহাৰ কেইমাহ পিচতেই পেমা খাণ্ডু নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ তীব্ৰ অন্তঃকন্দলৰ সন্মুখীন হয় তাৰ পিচত ২০১৬ চনৰ ১৬ ছেপ্টেম্বৰত পেমা খাণ্ডুৰ অধীনত শাসকীয় দলৰ ৪৩ জন বিধায়কৰ কংগ্ৰেছ দল ত্যাগ কৰি পিপ’লছ পাৰ্টী অৱ অৰুণাচল দলত যোগদান কৰিছিল৷ অৱশ্যে পিপ’লছ পাৰ্টী অৱ অৰুণাচল আৰু পেমা খাণ্ডুৰ মধুচন্দ্ৰিমা বৰ বেছি দিন নচলিল৷ মাত্ৰ দুমাহৰ ভিতৰতে ২০১৬ চনৰ ২১ ডিচেম্বৰত দলীয় অনুশংসান ভংগ কৰাৰ বাবে খাণ্ডুক পিপ’লছ পাৰ্টীৰ সভাপতিয়ে দলৰ পৰা নিলম্বন কৰে আৰু তাৰ পিচতে খাণ্ডুৰ ঠাইত তাকাম পাৰিঅ’ক অৰুণাচল প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ যো-জা চলায়।

খাণ্ডুৱে ৩৩ জন বিধায়কক লগত লৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ৷ ইয়াৰ ফলত ইতিমধ্যে সদনত ১১ জন বিধায়ক থকা বিজেপিৰ সংখ্যা ৪৪ লৈ বৃদ্ধি পায় আৰু দুজন নিৰ্দলীয় বিধায়কৰ সমৰ্থন লৈ ২০১৬ চনৰ ডিচেম্বৰ মাহত খাণ্ডুৱে সদনৰ মজিয়াত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ সক্ষম হৈছিল। ২০১৯ চনৰ অৰুণাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচনত ৬০ খন আসনৰ ভিতৰত ৪১ খন আসন লাভ কৰি ভাৰতীয় জনতা পাৰ্টীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰে ৷ ইয়াৰ লগতে মিত্ৰ দল জনতা দল (ইউনাইটেড) ৭ খন আসন আৰু নেশ্যনেল পীপলছ পাৰ্টীয়ে ৪ খনকৈ আসন লাভ কৰে । ইয়াৰ পিচতেই খাণ্ডুৱে পুনৰ ২০১৯ চনৰ ২৯ মে’ত দ্বিতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ২০২৪ৰ বিধানসভা নিৰ্বাচনত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা পেমা খাণ্ডুৱে বৃহস্পতিবাৰে তৃতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। পেমা খাণ্ডু এই বিধানসভা নিৰ্বাচনত টাৱাং জিলাৰ মুকতো আসনৰ পৰা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। বিধায়ক হিচাপে খাণ্ডুৰ এইটো চতুৰ্থ কাৰ্যকাল যাৰ ভিতৰত তেওঁ তিনিবাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে।পেমা খাণ্ডুৱে টাৱাঙৰ বোম্বাৰ চৰকাৰী মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল, তেওঁ ১৯৯৫ চনত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল।পৰৱৰ্তী সময়ত, তেওঁ ইটানগৰৰ ডনি-পোলো বিদ্যা ভৱনত উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰে আৰু ১৯৯৭ চনত শিক্ষা সম্পূৰ্ণ কৰে৷

তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হিন্দু মহাবিদ্যালয়ত কলা শাখাত ইতিহাসত বিভাগত অধ্যয়ন কৰিছিল । ২০০১ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰিছিল ৷

G-7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ইটালীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

G-7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ইটালীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

ইটালীৰ অপুলিয়াৰ ব্ৰীণ্ডিচি বিমানবন্দৰত প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি৷

G-7 সন্মিলনত একাধিক দেশৰ নেতাৰে সুকীয়াকৈ অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে৷

গোগামুখ ৰিজ’লোছন একাডেমীৰ ছুপাৰ ৩০ শুভাৰম্ভ,  সৰ্বভাৰতীয় পৰ্যায়ৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণঃ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু… 

সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক সকলো পৰীক্ষাই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে গভীৰ অধ্যয়ন কৰাৰ লগতে মানসিক আৰু শাৰিৰীকভাৱেও নিজকে সাজু কৰি তুলিলেহে সফলতা আহিব৷ এই মন্তব্য অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷ ধেমাজি জিলাৰ গোগামুখৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ৰিজ’লোছন ছিনিয়ৰ ছেকেণ্ডাৰী একাডমীৰ ছুপাৰ ৩০ শুভাৰম্ভ কৰি তেওঁ এইদৰে মন্তব্য আগবঢ়ায়৷ তেওঁ কয় সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ জনসংখ্যা বা ছাত্ৰ-ছাত্ৰী অনুুপাতে বিশেষ সফলতা লাভ কৰিব পৰা নাই৷ কেৱল নীট বা জে ই ই নহয় ৰেলুৱৈ বৰ্ড, ৰাষ্ট্ৰীয় ষ্টাফ ছিলেক্টছন্‌ছ্‌ বোৰতো আমাৰ  ছাত্ৰ-ছাত্ৰী অনুপাতে ফলাফল আশা ব্যঞ্জক নহয়৷ কেৱল উচ্চ শিক্ষাৰ বাবে  সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোাগিতামূলক পৰীক্ষাত সজাগতা আনিবৰ বাবে অসম চৰকাৰে য়ুথ কমিছন গঠন কৰিছে আৰু ছাত্ৰ-ছাত্ৰীসকলক মানদণ্ডপূৰ্ণ প্ৰশিক্ষণৰ বাবে  ডিব্ৰুগড়ত আৰু তেজপুৰত বিগত বৰ্ষত প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে৷

আগন্তুক দিনত যোৰহাট আৰু শিলচৰতো এনে প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হ’ব বুলি ডাঃ পেগুৱে দোহাৰে৷ উক্ত কেন্দ্ৰবোৰ বিনামূলীয়াকৈ বা কম খৰচত ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে৷ ৰিজ’লোছন একাডেমীৰ ছুপাৰ ৩০ সন্দৰ্ভত তেওঁ কয়- ৰিজ’লোছন একাডমীয়ে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে সাজু কৰি তুলিবলৈ ছুপাৰ ৩০ নামৰে এটা ক’চিং কেন্দ্ৰ মুকলি কৰিছে৷ উত্তৰ অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত টেষ্ট পৰীক্ষা অনুষ্ঠিত কৰি ইয়াৰ শ্ৰেষ্ঠ ছাত্ৰ-ছাত্ৰীসকলক বাছনি কৰি ছুপাৰ  ৩০ গঠন কৰা হৈছে৷এই ৩০ গৰাকীয়ে আগন্তুক বৰ্ষ সৰ্বভাৰতীয় পৰ্যায়ত  নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিব পাৰিব বুলিও শিক্ষামন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷ তেওঁ ৰিজ’লোছন একাডমীৰ এনে প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে আৰু তেওঁৰ ফালৰ পৰা এই ছুপাৰ ৩০ লৈ আৰ্থিক সাহায্য দিব বুলিও ঘোষণা কৰে৷ ছুপাৰ ৩০ শুভাৰম্ভণি অনুষ্ঠানত গোগামুখ দিৰপাইস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান চমুকৈ আই চি এ আৰৰ তত্বাবধায়ক তথা মুখ্য বিজ্ঞানী ড° লোহিত কুমাৰ বৈশ্য,  মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়া, সোৱণশিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰূপেশ্বৰ চেতিয়া, এন চি ডি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ দলে, ৰিজ’লোছন একাডমীৰ অধ্যক্ষ ৰঞ্জন গগৈ আদিয়ে৷ শুভাৰম্ভণি অনুষ্ঠানৰ আদৰণি ভাষণ দিয়ে ৰিজ’লোছন একাডেমীৰ পৰিচালন- সঞ্চালক শচীন্দ্ৰ দলেয়ে৷

অম্বুবাচী মেলাৰ সময়ত কামৰূপ(ম)ত অনুস্থিত কৰিব নোৱাৰিব পৰীক্ষা…

আগন্ত্তক অম্বুবাচী মেলাৰ সময়ছোৱাত কামৰূপ মহানগৰ জিলাৰ অধীনস্থ সকলো চৰকাৰী, প্ৰাদেশিককৃত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ কামৰূপ মহানগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা মিছন সমন্বয়কে নিৰ্দেশনা জাৰি কৰিছে। এই সংক্ৰান্তত জিলা শিক্ষা বিষয়াগৰাকীয়ে বিদ্যালয়সমূহৰ অধ্যক্ষ তথা প্ৰধান শিক্ষকলৈ জাননী জাৰি কৰিছে।

নিৰ্দেশনাটোত লগতে উল্লেখ কৰা হয় যে যদিহে কোনো বিদ্যালয়ে এই সময়ছোৱাত পৰীক্ষাৰ সময়সূচী ইতিমধ্যে প্ৰকাশ কৰিছে তেন্তে বিদ্যালয়প্ৰধানে পুনৰ নতুন সময়সূচী প্ৰকাশ কৰিব লাগিব। উল্লেখযোগ্য যে শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মেলা অনুষ্ঠিত হ’ব।

গুৱাহাটীত আৰক্ষীয়ে প্ৰদৰ্শন কৰিব শতাধিক চুৰি মোবাইল-লেপটপ

মোবাইল-লেপটপ চুৰি হৈছে নেকি ? গুৱাহাটীত আৰক্ষীয়ে প্ৰদৰ্শন কৰিব শতাধিক চুৰি মোবাইল-লেপটপ

গুৱাহাটীত এতিয়া মোবাইল-লেপটপ চুৰি হোৱাৰ ঘটনা বৃদ্ধি পাইছে। এনে সময়তে গুৱাহাটী আৰক্ষীয়ে কাইলৈ ​​৬৫০ টা মোবাইল ফোন আৰু ১৬ টা লেপটপ প্ৰদৰ্শন কৰিব।

এইবোৰ চোৰৰ পৰা উদ্ধাৰ কৰাৰ পিছত মহানগৰীৰ বিভিন্ন থানাত পৰি আছিল । প্ৰকৃত মালিকৰ অনুসন্ধান নোহোৱাৰ বাবে সেই বোৰ পৰি আছিল। এতিয়া আগ্ৰহী ব্যক্তিসকলে এই বিশেষ প্ৰদৰ্শনীখনলৈ গৈ তেওঁলোকৰ হেৰুৱা মোবাইল-লেপটপৰ সন্ধান কৰিব পাৰিব। চিনাক্ত কৰিব পাৰিলে আৰু মালিকীস্বত্বৰ প্ৰমাণ দেখুৱাই ঘ নিজৰ বুলি দাবী কৰিব পাৰিব। বী কৰিব পাৰে।গুৱাহাটী আৰক্ষী আয়ুক্ত, পাণ বজাৰ, গুৱাহাটীত কাইলৈ(শুকুৰবাৰ) দিনৰ ১১ বজাৰ পৰা এই মোবাইল-লেপটপৰ প্ৰদৰ্শনী হ’ব।

ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰনালয়ে স্বচ্ছতা পষেকৰ প্ৰথম পুৰস্কাৰ লাভ কৰে নেৰিৱালমে

ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰনালয়ৰ অধীনস্থ তেজপুৰৰ উত্তৰ পূৱ আঞ্চলিক জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠান চমুকৈ নেৰিৱালম ২০২৩ৰ ১৬ডিচেম্বৰৰ পৰা ৩১ডিচেম্বৰলৈ অনুষ্ঠিত স্বচ্ছতা পষেক অভিযানত ২০২৩-২৪বৰ্ষৰ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম ।

এই উপলক্ষে কালি নতুন দিল্লীৰ জল শক্তি মন্ত্ৰনালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰনালয়ৰ সচিব দেবাশ্ৰী মুখাৰ্জীৰ পৰা উত্তৰ পূৱ আঞ্চলিক জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ প্ৰদীপ কুমাৰ বৰাই উক্ত বটা গ্ৰহন কৰে। উল্লেখ্যযে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰনালয়ৰ অধীনস্থ ২৮টা প্ৰতিষ্ঠানৰ ভিতৰত অনুষ্ঠিত উক্ত অভিযানত উত্তৰ পূৱ আঞ্চলিক জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠানে প্ৰতিষ্ঠানৰ ভিতৰচোৱা পৰিচন্নতাৰ গুৰুত্ব, দিয়াৰ উপৰিও প্ৰতিষ্ঠানখনত বায়’ ডিগ্ৰেডেছন ব্যৱস্থা, তেজপুৰৰ ঐতিহাসিক স্থান গণেশ ঘাট,সঞ্জীৱনী আৰু ভৈৰৱী মন্দিৰ প্ৰাঙ্গণত চাফাই অভিযানৰ লগতে ভৈৰৱী মন্দিৰত ডাষ্টবিন প্ৰদান আৰু গণেশ ঘাটত পৰিচ্ছন্নতা সম্পৰ্কে প্ৰাচীৰ অভিযান চলাই উক্ত বটা লাভ কৰিবলৈ সক্ষম হয়। আনহাতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অধীনস্থ সক্ষমতা বিকাশ আয়োগে উত্তৰ পূৱ আঞ্চলিক জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠানক আজিৰ পৰা দুবছৰৰ বাবে অসামৰিক সেৱাৰ বাবে ৰাষ্ট্ৰীয় মৰ্যাদা সম্পন্ন প্ৰশিক্ষণ প্ৰতিষ্ঠান হিচাপে স্বীকৃতি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীৰ অধীনস্থ সক্ষমতা বিকাশ আয়োগৰ হৈ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ জ্যেষ্ঠ বিষয়া ৰাজীৱ বৰাৰ নেতৃত্বত দুজনীয়া দলে কালি আৰু আজি প্ৰতিষ্ঠানখনত প্ৰশিক্ষণ,শৈক্ষিক দিশ, আন্তঃগাঁথনিকে ধৰি পুংখানুপুংখ ভাৱে চলোৱা অধ্যয়নৰ পিছত উক্ত স্বীকৃতি প্ৰদান কৰে।

সম্পূৰ্ণ হিন্দু ধর্মৰ ৰীতি নীতিৰে মুছলিম যুৱতীয়ে গ্ৰহণ কৰিলে হিন্দু ধর্ম

বিশ্ব হিন্দু পৰিষদ বজৰংগ দল নলবাৰী জিলাৰ নেতৃত্বত সম্পূৰ্ণ হিন্দু ধর্মৰ ৰীতি নীতিৰে মুছলিম যুৱতীয়ে গ্ৰহণ কৰিলে হিন্দু ধর্ম ।

নলবাৰী জিলাৰ ধমধমা পশ্চিম মহিনা গাওঁৰ সমূহ ৰাইজৰ উপস্থিতিত সম্পূৰ্ণ হিন্দু ধর্মৰ নিয়ম অনুসৰি ৰাজহুৱা হোমযজ্ঞ পাতি হোমৰ সাক্ষী কৰি মুছলিম যুৱতী চুফীয়া খাতুনে উক্ত গাঁওৰ যুৱক বিশ্বজিৎ বৈশ্যৰ লগত বিবাহ -পাশত আবদ্ধ হৈ মৌচুমী বৈশ্য নামলৈ হিন্দু ধর্ম গ্ৰহণ কৰে।

এই বিবাহৰ শুভ মুহূৰ্তৰ সময়ত পশ্চিম মহেনা গাঁওৰ সভাপতি বিজয় বৈশ্য সম্পাদক সুৰেন বৈশ্য প্ৰমুখ কৰি গাঁওৰ শতাধিক পুৰুষ মহিলা উপস্থিত থকাৰ লগতে বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ নেতৃত্বত অনুষ্ঠিত হোৱা বিবাহ খনত বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ নলবাৰী জিলা সমিতিৰ সম্পাদক ভাস্কৰ ডেকা, উপ সভাপতি মানস পাটগিৰি, সহ সম্পাদক বিজু দত্ত, বজৰংগ দলৰ জিলা সংযোজক নয়ন তালুকদাৰ, সহ সংযোজক নয়ন বৈশ্য,মুকালমুৱা খণ্ডৰ সম্পাদক অজিত তালুকদাৰ,সংযোজক প্ৰাঞ্জল ডেকা ধমধমা খণ্ডৰ সভাপতি মহেন্দ্ৰ বৈশ্য,সম্পাদক মৃণাল তালুকদাৰ,সহ সম্পাদক অমূল্য নাথ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ধমধমা খণ্ডৰ সেৱা প্ৰমুখ বিশ্বজিৎ কলিতা লগতে কেইবাজনো বিষয় ববীয়া সকল উপষ্টিত থাকি দৰা কইনাক আশীৰ্বাদ প্ৰদান কৰে

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীয়ে চলোৱা অভিযানত জিলা খনৰ কেইবাটাও স্থানৰ পৰা ১২ জন চাইবাৰ অপৰাধৰ সৈতে জড়িত লোকক আটক

আটকাধীন চাইবাৰ অপৰাধীকেইজনৰ মাজৰে আটাবুৰ ৰহমানে দেউতাকৰ নাম কুনাল সিং নামত ভুৱা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি এক্সিচ বেংকৰ পৰা কেইবা লাখ টকা ঋণ লোৱাৰ সমান্তৰালকৈ আন এগৰাকী চাইবাৰ অপৰাধীয়ে তৰুণ কুমাৰ নামেৰে ছদ্মনাম পান কাৰ্ডত ব্যৱহাৰ কৰিছিল

ইয়াৰ উপৰিও মেৰাজুল ইছলাম নামৰ বিগত কেইবামাহ ধৰি পলাতক অৱস্থাত থকা চাইবাৰ অপৰাধী জনকো আটক কৰিবলৈ সক্ষম হয় ।

জিলা খনৰ মায়ং থানাৰ এলেকাৰ পৰা প্ৰথম বাৰৰ বাবে দুজন চাইবাৰ অপৰাধীক আটক কৰিবলৈ সক্ষম মৰিগাঁও আৰক্ষী

অভিযানত বিভিন্ন বেংকৰ পাচবুক,চেকবুক,পানকাৰ্ড,আধাৰ কাৰ্ড, মোবাইল ফোন, লেপটপসহ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হয়

মৰিগাঁও আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত কেইবাটাও আৰক্ষীৰ দলে নিশা অভিযান চলাই মিৰাজুল ইছলাম, ইশ্বাদুল ইছলাম,ৰিজাউল হক, নাছিৰুদ্দিন,মিৰাজুল ইছলাম, আশ্বাদুল হক,আৰিফুল ইছলাম,দিলোৱাৰ হুছেইন,অলিউল্লাহ, মুছিদূৰ ,কাবুল ৰহমান আৰু বাহাৰুল ইছলাম নামৰ ১২ গৰাকী চাইবাৰ অপৰাধীক আটক কৰিবলৈ সক্ষম হয়।

চাইবাৰ অপৰাধৰ হাব হিচাপে পৰিগণিত হোৱা মৰিগাঁও জিলাত বৰ্তমান সময়লৈকে প্ৰায় দুশৰো অধিক চাইবাৰ অপৰাধীক আটক কৰিবলৈ সক্ষম হৈছে মৰিগাঁও আৰক্ষী

ডিব্ৰুগড়ক ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ অসম চৰকাৰে দুটা শিতানত মুঠ ৩২৯ কোটি টকাৰ আঁচনি অনুমোদন কৰিছে: মন্ত্ৰী হাজৰীকা

ডিব্ৰুগড়-তিনিচুকীয়াত কেইবাটাও খহনীয়া অধ্যুষিত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ কেইবাটাও অঞ্চল ভ্ৰমণ কৰি ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ বুজ লোৱাৰ লগতে বিভাগৰ ফালৰ পৰা চলাই থকা খহনীয়া ৰোধৰ কাম পৰিদৰ্শন কৰে | গুৱাহাটীৰ পৰা ৰেলেৰে পুৱাতে ডিব্ৰুগড়ত গৈ উপস্থিত হোৱা জলসম্পদ মন্ত্ৰীগৰাকীয়ে প্ৰথমতে ডিব্ৰুগড়ৰ মাইজান ঘাটৰ পৰা ফেৰীৰে মোহনাঘাট, ম’হপোৱালিমৰা, ফুলবাগান, মাতিকটা আদি স্থানত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া পৰিদৰ্শন কৰাৰ লগতে খহনীয়া ৰোধৰ বাবে বিভাগে জৰুৰীকালীনভাৱে কৰি থকা কামৰ প্ৰত্যক্ষ বুজ লয় | উল্লেখ্য যে বিগত বৰ্ষৰপৰাই ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই ডিব্ৰুগড় নগৰখনৰ প্ৰতি একপ্ৰকাৰে ভাবুকি প্ৰদান কৰিছিল |

জলসম্পদ বিভাগে বহুকেইটা শিতানত জৰুৰীভাৱে খহনীয়া ৰোধৰ কাম কৰি থকাৰ বিপৰীতে এই সমস্যাৰ স্থানী সমাধানৰ বাবে প্ৰণালীবদ্ধ অধ্যয়ন কৰিবলৈ আই আই টি গুৱাহাটীক কৰ্তৃত্ব প্ৰদান কৰিছিল | গুৱাহাটী আই আই টিৰ অধ্যয়নৰ প্ৰতিবেদন লাভ কৰাৰ পাছত তেওঁলোকৰ প্ৰতিবেদন অনুসৰিয়েই ডিব্ৰুগড়ত খহনীয়া ৰোধৰ বাবে ৰাজ্য চৰকাৰে দুটা শিতানৰ অধীনত প্ৰায় ৩২৯ কোটি টকাৰ অনুমোদন কৰিছে | আজিৰ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে উপস্থিত সাংবাদিকৰ আগত কয় যে ডিব্ৰুগড়ক লৈ ৰাজ্য চৰকাৰ যথেষ্ট সজাগ আৰু ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে ইতিমধ্যেই NIDA আৰু ADB ৰ অধীনত ক্ৰমে ৭৮ কোটি আৰু ২৫১ কোটি টকাৰ দুটা পৰিকল্পনা প্ৰস্তুত কৰি পুঁজি অনুমোদন কৰা হৈছে আৰু কামো আৰম্ভ কৰা হৈছিল | বৰ্তমানে বাৰিষা আৰম্ভ হোৱা বাবে এই প্ৰকল্প দুটাৰ অধীনত স্থায়ী খহনীয়া ৰোধৰ কাম বন্ধ ৰাখি অস্থায়ী আৰু জৰুৰী প্ৰতিৰোধৰ কামসমূহ চলাই থকা হৈছে |

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ডিব্ৰুগড় সমষ্টিৰ প্ৰায় ১৫ কিল’মিটাৰ দৈৰ্ঘ্য অংশত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে জিঅ’ বেগৰ কাম কৰা হ’ব | ইতিমধ্যেই আৰম্ভ হোৱা এই কাম সম্পূৰ্ণৰূপে আই আই টি গুৱাহাটীৰ প্ৰত্যক্ষ নিৰ্দেশনাত কৰা হৈছে | আনহাতে আন ১২ কিল’মিটাৰ অংশত পৰ্কুপাইন আদিৰ ব্যৱহাৰেৰে খহনীয়া ৰোধৰ কামো আৰম্ভ কৰা হৈছে | বাৰিষাৰ সময়খিনিত জৰুৰী কামৰ বাবে প্ৰয়োজন হোৱা বেগ, পৰ্কুপাইন আৰু আন সামগ্ৰী শীঘ্ৰেই বিভাগীয়ভাৱে ডিব্ৰুগড়ত যোগান ধৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে | আজিৰ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে স্থানীয় আশংকিত ৰাইজৰ সৈতেও মত-বিনিময় কৰি সম্পূৰ্ণ আশ্বাস প্ৰদান কৰে | তেওঁ কয় যে উল্লেখিত দুয়োটা প্ৰকল্পৰ সফল ৰূপায়ণে ডিব্ৰুগড়ৰ খহনীয়া সমস্যাই স্থায়ী সমাধান লাভ কৰিব বুলি আশা কৰিব পাৰি |

ডিব্ৰুগড়ৰ পৰা মন্ত্ৰী হাজৰীকাই চাবুৱাৰ বিন্ধাকটা মুলুকগাঁৱত উপস্থিত হৈ এই অঞ্চলত হৈ থকা ব্ৰহ্মপুত্ৰৰ খহ্নীয়া পৰিদৰ্শন কৰে আৰু এই খহনীয়া ৰোধৰ বাবে বিভাগক প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা প্ৰদান কৰে | চাবুৱাৰ পৰা জলসম্পদ মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া জিলাৰ খামটি গোৱালি গাঁও আৰু পাছত জিলাখনৰ হাতীঘূলিৰ ফেলাই নাওকাটাত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ লয় | খামটি গোৱালি গাঁৱত আগন্তুক ৫ দিনৰ ভিতৰত জিঅ’বেগৰ সহায়ত খহনীয়া ৰোধৰ কাম আৰম্ভ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে | আনহাতে হাতীঘূলি অঞ্চলত বৰ্তমানৰ মথাউৰিটো কাষলৈ সম্প্ৰসাৰণ কৰি প্ৰায় ১ কিল’মিটাৰ পৰ্যন্ত দীঘল কৰি দিয়াৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ অভিযন্তাক নিৰ্দেশ দিয়ে | পাছত মন্ত্ৰী হাজৰীকাই তিনিচুকীয়া জিলাৰ বাদলাবেটা চাহ বাগিচাৰ ১০ নং লাইনত ডুমডুমা নৈয়ে সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ ব্যৱস্থা লবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে |

মন্ত্ৰী পীযুষ হাজৰীকাৰ আজিৰ পৰিদৰ্শনৰ সময়চোৱাত ডিব্ৰুগড়ত বিধায়ক প্ৰশান্ত ফুকন, বিনোদ হাজৰিকা আৰু পোনাকন বৰুৱাই সংগ দিয়াৰ বিপৰীতে তিনিচুকীয়াত সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলিন চেতিয়া, ৰূপেশ গোৱালা আৰু বিনোদ হাজৰিকা উপস্থিত থাকে |