Home Blog Page 745

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত শিশু শ্ৰমিক বিৰোধী দিৱস উদযাপন

গুৱাহাটীৰ পাণ্ডু টেম্পলঘাটস্থিত ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্যনৰ উদ্যোগত আজি শিশু শ্ৰমিক বিৰোধী দিৱস উদযাপন কৰা হয়। দিৱস উপলক্ষে শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষা ডঃ গীতাঞ্জলি চৌধুৰীৰ নেতৃত্বত শিক্ষক – শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে পাণ্ডু অঞ্চলটোত এক সঁজাগতামূলক সমদল উলিয়াই। সমদলত ভাগ লোৱা সকলোৱে হাতে হাতে প্লে – কাৰ্ড, বেনাৰ লৈ শিশু শ্ৰমিক বন্ধ কৰক, শিশুসকল শিক্ষা গ্ৰহণৰ বাবে, উপাৰ্জন কৰিবলৈ নহয় আদি বিভিন্ন শ্লোগানৰ প্লে কাৰ্ড লৈ কলেজ চৌহদৰ পৰা কলেজৰ আশে-পাশে থকা পাণ্ডুৰ বস্তি অঞ্চললৈকে আকাশ- বতাহ মুখৰিত কৰি তোলে ।

লগতে একাংশ ছাত্ৰ-ছাত্ৰীয়ে বস্তি এলেকাত বসবাস কৰা অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰি এখন প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰে। মত বিনিময় কৰাৰ সময়ত ছাত্র-ছাত্ৰীসকলে কয় যে বছৰ বছৰ ধৰি শিশু শ্ৰমিক বিৰোধী দিৱস উদযাপন কৰি থকাৰ বাহিৰে সাম্প্ৰতিক কালত প্ৰত্যেক গৰাকী অভিভাৱকে নিজ সন্তাক শ্ৰমিক হ’বলৈ নিদি সুশিক্ষিত কৰাৰ দায়বদ্ধতা থাকিব লাগিব। শিশুসকল যে ভৱিষ্যতৰ একো একোগৰাকী সু – নাগৰিক; শ্ৰমিক হ’বলৈ পঠিওৱাৰ বাদে স্কুললৈ পঠিয়াব লাগে সেই কথা নিৰক্ষৰ অভিভাৱকসকলে বুজি উঠিলেহে আজিৰ শিশু শ্ৰমিক বিৰোধী দিৱস উদযাপনৰ সফলতা হোৱা বুলি গণ্য কৰিব পাৰি।

নগাঁৱৰ নাৰ্ছিং হ’মত চাঞ্চল্যকৰ ঘটনা,ৰহস্যজনক অৱস্থাত উদ্ধাৰ নাৰ্ছৰ মৃতদেহ

নগাঁও ,১২ জুন ,নগাঁৱৰ এখন নাৰ্ছিংহ’মত আজি সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নগাঁও চহৰৰ বৰবজাৰ এলেকাত থকা ডিবিএম (DBM) নামৰ নাৰ্ছিংহ’ম খনত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। চিকিৎসা প্ৰতিষ্ঠান খনৰ হোষ্টেলত আজি দুপৰীয়া এগৰাকী নাৰ্ছৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হয়। এই খবৰ বিয়পি পৰাৰ লগে লগে প্ৰতিষ্ঠান খনত হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। মৃতদেহ উদ্ধাৰ হোৱা নাৰ্ছ গৰাকী পুৰৱী বৰা বুলি চিনাক্ত কৰা হৈছে। পুৰবীৰ ঘৰ পুৰণিগুদামত। নাৰ্ছিংহ’মখনত কৰ্মৰত নাৰ্ছ গৰাকীয়ে আত্মহত্যা কৰিছে বুলি নাৰ্ছিংহ’ম খনৰ কৰ্তৃপক্ষ আৰু সহকৰ্মী সকলে সন্দেহ প্ৰকাশ কৰিছে। সহকৰ্মী সকলে জনোৱা অনুসৰি আজি পুৱা হোষ্টেলৰ একেটা কোঠাত থকা সহকৰ্মীৰ সৈতে প্ৰাত:ভ্ৰমণলৈ গৈছিল পুৰবী বৰা।কিন্তু ৰহস্যজনক ভাবি আজি দুপৰীয়া হোষ্টেলৰ কোঠাত নাৰ্ছ গৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।

আজি বহু দেৰিলৈকে কৰ্তব্যলৈ নহাত সহকৰ্মী কোঠালৈ গৈ প্ৰত্যক্ষ কৰে যে নাৰ্ছ গৰাকী সংজ্ঞাহীন ভাবে বিছনাত পৰি আছে। এই খবৰ পোৱাৰ লগে লগে নাৰ্ছিংহ’মৰ চিকিৎসক আদি কোঠাটোলৈ আহে।তেওঁলোকে জানিব পাৰে যে ইতিমধ্যে নাৰ্ছ গৰাকীৰ মৃত্যু হৈছে। এই সম্পৰ্কে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত নগাঁও সদৰ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । আৰক্ষীয়ে মৃতদেহৰ কাষৰ পৰা বেজি দিয়া চিৰিঞ্জ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃতদেহৰ কাষত বেজি দিয়া চিৰিঞ্জ আৰু আন সামগ্ৰী উদ্ধাৰ হোৱালৈ চাই নাৰ্ছ গৰাকীয়ে হয়তু অত্যাধিক নিচাযুক্ত ঔষধ বা পয়জন সেৱন কৰিব পাৰে বুলি সন্দেহৰ সৃষ্টি হৈছে। অৱশ্যে এই সকলো কথা আৰক্ষীৰ তদন্ততহে পৰিস্কাৰ হব। নাৰ্ছ গৰাকীয়ে প্ৰেমজনিত কাৰণত আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে সহকৰ্মী সকলে। ইতিমধ্যে নগাঁও আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

মাৰোৱাড়ী সন্মিলন গুৱাহাটী শাখাৰ দুদিনীয়া ইনড’ৰ গেমছ প্ৰতিযোগিতাৰ সফল সামৰণি

ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন খেলত সমাজৰ শিশু আৰু যুৱক-যুৱতীসকলৰ অংশগ্ৰহণৰ সম্ভাৱনাক দৃষ্টি ত ৰাখি মাৰৱাড়ী সন্মিলনৰ গুৱাহাটী শাখাৰ উদ্যোগত দুদিনীয়া ইনড’ৰ গেমছ ২০২৪ সফলতাৰে অনুষ্ঠিত হৈ যায়। স্বৰ্গীয় দীনদয়াল সিংহানিয়াৰ স্মৃতিত নেহৰু ষ্টেডিয়ামৰ তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত বিভিন্ন শিতানত ( ইভেন্ট)আয়োজন কৰা ক্ৰীড়া প্ৰতিযোগিতাত মাৰৱাড়ী সমাজৰ শিশু, যুৱক-যুৱতী, মহিলা আৰু জ্যৈষ্ঠ সকলেও অতি উৎসাহেৰে অংশগ্ৰহণ কৰে। এই উপলক্ষে আয়োজন কৰা পুৰস্কাৰ বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা গেমছৰ মুখ্য পৃষ্ঠপোষক , মুখ্যঅতিথি অমিত সিংহানিয়াই নিজৰ উদ্বোধনী ভাষনত শ্ৰী সিংহানিয়াই মাৰৱাড়ী সন্মিলন গুৱাহাটী শাখাৰ প্ৰচেষ্টাক আন্তৰিকতাৰে শলাগ লৈ কয় যে এনেধৰণৰ অনুষ্ঠানে সমাজৰ খেলুৱৈক নিজৰ প্ৰতিভা দেখুৱাবলৈ এক মঞ্চ প্ৰদান কৰিছে ।


এই উপলক্ষে শাখাৰ সভাপতি শংকৰ বিৰলা, প্ৰাদেশিক সাধাৰণ সম্পাদক বিনোদ লোহিয়া, মণ্ডলীয়ৰ সহ-সম্পাদক মাখানলাল আগৰৱাল, কাৰ্যসূচী সমন্বয়ক প্ৰবীণ ডাগা, শাখা সম্পাদক অশোক ছেঠিয়াইও নিজৰ মতামত প্ৰকাশ কৰি অনুষ্ঠানটোক সফল আৰু অৰ্থপূৰ্ণ বুলি অভিহিত কৰে। প্ৰতিযোগিতা সমাৰোহত গুৱাহাটী শাখাৰ উপদেষ্টা পিতৰাম কেডিয়া, মহেশ্বৰী সভাৰ সভাপতি সীতাৰাম বিহানী, বৰপেটা শাখাৰ সম্পাদক প্ৰমোদ আগৰৱালাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ইয়াৰ পিছতে শাখাটোৰ জ্যেষ্ঠ উপ-সভাপতি প্ৰদীপ ভুৱাল্কাই পুৰস্কাৰ বিতৰণ অনুষ্ঠান পৰিচালনা কৰাৰ সময়তে লুডো, ডাৰ্ট, আৰ্ম ৰেছলিং, চেছ, কেৰম, টেবুল টেনিছ আৰু বেডমিণ্টনত বিজয়ী আৰু ৰানাৰ্ছ আপৰ নাম ঘোষণা কৰে। প্ৰতিযোগিতাসমূহত ১৫ বছৰৰ তলৰ আৰু ১৫ বছৰৰ ওপৰৰ দুটা ভাগত ভাগ কৰা হৈছিল: পুৰুষ-মহিলা (একল), পুৰুষ-মহিলা (ডাবল)। গুৱাহাটীৰ উপৰি যোৰহাট, বোকাখাত, তিনিচুকীয়া, মঙলদৈ, হোজাই, নগাঁও আদি ঠাইৰ পৰা ৩৫০ জনতকৈ অধিক প্ৰতিযোগী অংশগ্ৰহণ কৰে যিয়ে অনুষ্ঠানটোৰ সফলতাৰ বিষয়ে বহু কথাই কয়।
শাখা প্ৰচাৰ সম্পাদক নৰেন্দ্ৰ ছোনীয়ে জনোৱা মতে বিজয়ী আৰু ৰানাৰ্ছ আপ সকলোকে ট্ৰফী প্ৰদান কৰা হয়। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিজন অংশগ্ৰহণকাৰীক উপহাৰ হিচাপে প্ৰমাণপত্ৰ আৰু একোটাকৈ জাৰ্চি প্ৰদান কৰা হয়। এই উপলক্ষে গৌৰৱ শিভোটিয়াৰ সমন্বয়ত মাতৃ দিৱস উপলক্ষে আয়োজন কৰা অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলকো ট্ৰফী প্ৰদান কৰি সন্মানিত কৰা হয়।
শাখাৰ কোষাধ্যক্ষ সুৰজ সিংহানিয়াই কয় যে প্ৰতিযোগিতাৰ সহযোগী সমন্বয়ক সুৰেন্দ্ৰ লাদ্ধা, বিবেক সংগনেৰিয়া, বিকাশ আগৰৱালা আৰু প্ৰদীপ পাটনীৰ তত্বাৱধানত আয়োজিত দুদিনীয়া ইনড’ৰ গেমছ, উপ-সভাপতি মহেন্দ্ৰ মিট্টল, প্ৰাক্তন সভাপতি সংৱৰমল আগৰৱাল, যুটীয়া সম্পাদক সঞ্জীত ধূত, সহ কোষাধ্যক্ষ বিকাশ জৈন, প্ৰভাশ পৌদ্ধাৰ, ৰাহুল লোহিয়া, সমিত চাৰাফ আদি সদস্যৰ গুৰুত্বপূৰ্ণ অৱদান আছিল। মাৰৱাড়ী সন্মিলন গুৱাহাটী শাখাই তৃতীয়বাৰৰ বাবে আয়োজন কৰা ইনড’ৰ গেমছ প্ৰতিযোগিতা দুদিনীয়াকৈ কৰাৰ বাবে সকলো অংশগ্ৰহণকাৰীয়ে আন্তৰিকতাৰে শলাগ লৈ আৰু প্ৰতি বছৰে এই অনুষ্ঠানটো পাতিবলৈ আয়োজক মণ্ডলীক অনুৰোধ কৰে।

অসম কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নিযুত মইনা’ আঁচনিৰ পৰা যুৱকক ১ লাখ টকাকৈ দিয়ালৈকে, কেবিনেট বৈঠকত আৰু কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত?লোকসভাৰ নিৰ্বাচনৰ পিছতে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ পিছতে জনতা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।


নৱেম্বৰ মাহত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। এতিয়াৰ পৰা পঞ্চায়ত আৰু উন্নয়ন খণ্ড দুটা বিধানসভা সমষ্টিত নাথাকিব।
পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পঞ্চায়ক, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ পুনৰ নিৰ্ধাৰণ হ’ব।
ৰাজ্যত অক্টোবৰত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি হ’ব। ৰাজ্যত নতুনকৈ উন্নয়ন খণ্ডসমূহো পুনৰ নিৰ্ধাৰণ কৰা হ’ব।


আগষ্ট মাহত শেষ হ’ব পুনৰ নিৰ্ধাৰণৰ কাম। অক্টোবৰত তালিকা প্ৰকাশ পাব ভোটাৰ তালিকা।

১৫ আগষ্টত ‘নিযুত মইনা’ আঁচনিৰ শুভাৰম্ভ। ‘নিযুত মইনা’ আঁচনিক লৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰণোজ পেগুকলৈ কমিটী গঠন কৰা হৈছে।


‘নিযুত মইনা’ আঁচনিৰ মতে ছাত্ৰীক দিয়া হ’ব ১০ হাজাৰ টকা। ৭ দিনৰ ভিতৰত দুই মন্ত্ৰীয়ে দিব প্ৰতিবেদন।

অসম কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
১) ছোৱালী শিক্ষাৰ্থীৰ শিক্ষাৰ অধিকাৰ তথা বাল্য বিবাহক সমাজৰ পৰা নিৰ্মূলৰ এক পদক্ষেপ হিচাপে নিযুত মইনা আঁচনি ৰূপায়ণ৷
২) চাহ বাগিচা অঞ্চলত উন্নত সংযোগ ব্যৱস্থাৰ বাবে লাইন ৰোড নিৰ্মাণ, ৰাজ্যৰ বিদ্যালয়ৰ আন্ত:গাঁথনিৰ উন্নীতকৰণ৷
৩) বানপানীৰ সৈতে মোকাবিলা কৰাৰ ১০ বছৰীয়া ৰূপৰেখা আদি৷

দৰমহাৰ টকা নুজুৰে,কাছাৰ জিলা আয়ুক্ত কাৰ্যালয়ত ২ হাজাৰ টকা ঘোচ লৈ হাত দাঙিলে জ্যেষ্ঠ সহায়কে

চৰকাৰে দিয়া দৰমহাৰ টকা নুজুৰে কৰ্মচাৰী -বিষয়াৰ । শিলচৰৰ কাছাৰ জিলা আয়ূক্ত কাৰ্যালয়ত ২ হাজাৰ টকা ঘোচ লৈ হাত দাঙিলে এগৰাকী জ্যেষ্ঠ সহায়কে। বুধবাৰৰ দিনা ২ হাজাৰ টকা লৈ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা ঘটনাই জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই দিনা কাছাৰ জিলাৰ ৰাজহ বিভাগৰ জ্যেষ্ঠ সহায়ক সৌম্য ভট্টাচাৰ্যক অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ বিষয়া কৰ্মচাৰীয়ে হাতে-লোটে গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰৰ পিছত কাৰ্যালয়ৰ দুৱাৰ বন্ধ কৰি তেওঁক জেৰা কৰা হৈছে ।উল্লেখ্য যে, অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই ৰাজহ বিভাগৰ জ্যেষ্ঠ সহায়ক সৌম্য ভট্টাচাৰ্যৰ বিৰুদ্ধে ঘোচ দাবী কৰাৰ এক অভিযোগ লাভ কৰিছিল। ইয়াৰ পিছতেই গুৱাহাটীৰ পৰা অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ বিষয়া -কৰ্মচাৰীৰ এটা দল শিলচৰত উপস্থিত হয়। আজি অভিযোগকাৰীয়ে ঘোচৰ অগ্ৰিম টকা দুই হাজাৰ কাছাৰ জিলা আয়ূক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক সৌম্য ভট্টাচাৰ্যক দিয়াৰ সময়তে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ বিষয়া -কৰ্মচাৰীয়ে হাতে লোটে গ্ৰেপ্তাৰ কৰে।বিষয়াগৰাকীয়ে ভূমিৰ আপত্তিহীন প্রমাণপত্র (এন অ’ চি) প্ৰদানৰ বিনিময়ত উৎকোচ গ্রহণ কৰাৰ অপৰাধত ৰঙা হাতেৰে ধৰা পৰে। ভূমি সম্পৰ্কীয় এন অ’ চি জাৰি কৰিবলৈ ১২ হাজাৰ টকা দাবী কৰিছিল জ্যেষ্ঠ সহায়ক সৌম্য ভট্টাচাৰ্যই।

বিজেপি নেতাৰ ঘৰত প্ৰদেশ কংগ্ৰেছ সভাপতি,মঙলদৈত

মঙলদৈৰ বিজেপি নেতাৰ ঘৰত বুধবাৰে প্ৰদেশ কংগ্ৰেছ সভাপতি উপস্থিত হয়।বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক, কোচ ৰাজবংশী সন্মিলনৰ সভাপতি তথা কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰনৱ নাৰায়ণ দেৱৰ মঙলদৈস্থ ঘৰত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰা। সাংবাদিকৰ সন্মুখত বৰাই যিবোৰ বিধানসভা সমষ্টিত লোকসভা নিৰ্বাচনত বিজেপিতকৈ কম ভোট লাভ কৰিছে সেইবোৰ সমষ্টিত পৰ্যবেক্ষণৰ এয়া কাৰ্য্যসূচী বুলি কোৱাৰ লগতে মঙলদৈৰ বিধায়ক বসন্ত দাসৰ লগতে আন তিনি কংগ্ৰেছী বিধায়ক যি কেইগৰাকীয়ে বিজেপি চৰকাৰক সমৰ্থন কৰি আছে সেই বিধায়ক কেইগৰাকীৰ পদ খাৰিজ কৰিব লাগে বুলি পুনৰ বাৰ দাবী কৰে কংগ্ৰেছ ৰাজ্যিক সভাপতি গৰাকীয়ে, অৱশ্যে প্ৰনৱ নাৰায়ণৰ ঘৰত ঘৰুৱা সম্পৰ্কৰ বাবে অহা বুলি মন্তব্য কৰে বৰাই। উল্লেখযোগ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ভন্টি বিজেপি নেতা প্ৰনৱ নাৰায়ণ দেৱৰ বৌৱেক হয়

নৱগঠিত বাংগালুৰু সাহিত্য সভাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্ন

যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামীৰ উদ্যোগত যোৱা ৯ ডিছেম্বৰ তাৰিখে, অনলাইন যোগে হোৱা সিদ্ধান্তৰ ভিত্তিত বাংগালুৰুত অসম সাহিত্য সভাৰ এখন শাখা গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰি আৱশ্যক সংখ্যক আজীৱন সভ্যৰ বৰঙণি অসম সাহিত্য সভাৰ পুঁজিত জমা দিয়া হয়। অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাই অনুমোদন জনোৱাৰ অন্তত সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা, উপসভাপতি ডাঃ গিৰীশ সন্দিকৈ প্ৰমুখ্যে এটি সঁজাতি দলে আজীৱন সভ্যৰ প্ৰমাণ পত্ৰ সমূহ যোৰহাট জিলা সাহিত্য সভাৰ সভাপতিৰ যোগেদি বাংগালুৰুস্থিত প্ৰৱাসী অসমীয়া সকলৰ বৰ্তমানলৈকে অন্তৰ্ভুক্তি হোৱা আজীৱন সভ্য সকলৰ মাজত বিতৰণৰ দায়িত্ব অৰ্পণ কৰে।


তাৰ পৰিপ্ৰেক্ষিতত অলপতে বাংগালুৰুত অনুষ্ঠিত প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত উপস্থিত হৈ ভৱ গোস্বামীয়ে আজীৱন সভ্যৰ প্ৰমাণপত্ৰ সমূহ আনুষ্ঠানিক ভাৱে প্ৰদান কৰে আৰু বাংগালুৰু সাহিত্য সভাৰ বাবে ইতিহাসত ই এক স্মৰণীয় আৰু গৌৰৱৰ দিন হিচাপে চিহ্ণিত হৈ ৰব বুলিও উল্লেখ কৰে। সভাত উপ-সভাপতি অঞ্জুমণি ভৰালীয়ে সভাপতিত্ব কৰি অতি সোনকালে বাংগালুৰু সাহিত্য সভাই শতদল সাহিত্য সভাৰ সন্মান লাভ কৰিবলৈ সমৰ্থ হব বুলি আশা প্ৰকাশ কৰে। সাধাৰণ সম্পাদক হীৰকজ্যোতি কাকতিয়ে আঁত ধৰা সভাখনত উপদেষ্টা ক্ৰমে প্ৰাঞ্জল আৰবিন্দ মেধি, ৰাজদীপ কৰৰ লগতে ডাঃ ফাৰমিডা আমান, সুবাসনা গোস্বামী, ৰাজলক্ষ্মী মেধি, দিক্ষীতা ভূঞা, উতাংক শৰ্মা, মৃত্যুঞ্জয় তালুকদাৰ, ধনভৰালী ধ্ৰুবজ্যোতি দাস প্ৰমুখ্যে ভালে সংখ্যক লোক উপস্থিত থাকে। এই নতুন শাখাই অসমীয়া সাহিত্য, সংস্কৃতি আৰু ভাষাৰ বিকাশ আৰু প্ৰসাৰলৈ বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। এই নতুন শাখাৰ মাধ্যমে বেংগালুৰুৰ অসমীয়া জনগোষ্ঠী নিজৰ ভাষা আৰু সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰচাৰত আগুৱাই যাব পাৰিব। শাখাটোৱে নিয়মিত সাহিত্য সভা, আলোচনা চক্র, আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিব বুলি আশা প্ৰকাশ কৰে।

ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

ঢেকিয়াজুলি ৰাজহ চক্ৰ এলেকাৰ নামবগৰীবাৰী নেহৰু জনজাতি সংঘৰ সমূহীয়া ভৱনত আজি ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। পুৱা ১১ বজাত ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চৰ সভাপতি সুৰেন্দ্ৰ খনালে পতাকা উত্তোলন কৰি দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । ইয়াৰ পিছত মহকুমা নাগৰিক মঞ্চৰ উপদেষ্টা বেণুধৰ নাথে গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। দিনৰ ১ বজাত ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চৰ সভাপতি সুৰেন্দ্ৰ খনালৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা অনুষ্ঠিত হয় ৷ সদৌ অসম নাগৰিক মঞ্চৰ সভাপতি গোপাল মিশ্ৰই মুকলি সভা উদ্বোধন কৰে৷


তেওঁ উদ্বোধনী কৰি কয়- সম অধিকাৰ, সম উন্নয়ন আৰু সম মৰ্যাদাৰ দৃষ্টিভংগীৰে নাগৰিক মঞ্চই কাম কৰিছে ৷ প্ৰতিটো জাতি-সম্প্ৰদায়ৰ লোকক আস্থা আৰু বিশ্বাসত লৈ নাগৰিক মঞ্চই কাম কৰিছে বুলি মিশ্ৰই উদ্বোধনী ভাষণত উল্লেখ কৰে ৷ সমাজৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগোৱা আৰু পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চই ঢেকিয়াজুলি গৌৰৱ সন্মান প্ৰদান কৰিবলৈ লোৱা পদক্ষেপক মিশ্ৰই আদৰণি জনায় ৷ মহকুমা নাগৰিক মঞ্চৰ সম্পাদক ৰিপেন ৰাভাই আতঁধৰা সভাখনত ঢেকিয়াজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, লেখক-সাংবাদিক, ক্ৰীড়া সংগঠক ৰমেশ চন্দ্ৰ বৰা, বিশিষ্ট সাহিত্যিক ছবিলাল উপাধ্যায়, কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী প্ৰবোধ কুমাৰ দাস আৰু শিশু ৰোগ বিশেষজ্ঞ ডা: ৰৌচন আলি আহমেদক ২০২৪ বৰ্ষৰ ঢেকিয়াজুলি গৌৰৱ সন্মান প্ৰদান কৰা হয়। আনহাতে ২০২৩ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত শীৰ্ষস্থান দখল কৰি ঢেকিয়াজুলিলৈ সুনাম কঢ়িয়াই অনা ঢেকিয়াজুলি শংকৰদেৱ শিশু নিকেতনৰ মেধাৱী ছাত্ৰ হৃদম ঠাকুৰীয়াক ছাত্ৰ গৌৰৱ সন্মান প্ৰদান কৰা হয় । সভাত নামবগৰীবাৰী অঞ্চলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কৃতি ছাত্ৰ নিশান্ত ৰাভা আৰু নিগাবী ৰাভাক সম্বৰ্ধনা জনোৱা হয় ।

সভাত অৱসৰপ্ৰাপ্ত শিক্ষক-শিল্পী নৰেন্দ্ৰ নাথ হালৈ, মহকুমা নাগৰিক মঞ্চৰ উপদেষ্টা বেণুধৰ নাথ, খগেন ভূঞা, কৰুণা দত্ত বৰা, নাগৰিক মঞ্চৰ সাংগঠনিক সম্পাদক নাৰায়ণ ফয়েল, আফজালুৰ ৰহমান, শিক্ষক সৰ্বানন্দ ঠাকুৰীয়া, দেৱৰাজ উপাধ্যায়ে ভাষণ প্ৰদান কৰে । সভাত ঢেকিয়াজুলি কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ গিয়াজউদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত বেংক বিষয়া দেৱী প্ৰসাদ অধিকাৰী, নাগৰিক মঞ্চৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল দাস, সমাজকৰ্মী বগীৰাম বড়ো, ভূৱন দাস, গৰ্গৰাম ৰাভা, পশুপালন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ডা: উমেশ দাস, যাদৱ বড়ো, উদ্ধৱ মহন্ত, পুলিন বৰা,
শোণিতপুৰ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম ৰাভা, শিক্ষক বোধন ৰাভা, পিৰাকটা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী কমলেশ্বৰী ৰাভাৰ লগতে শতাধিক লোক উপস্থিত থাকে । অনুষ্ঠান পৰিচালনাৰ ক্ষেত্ৰত মহকুমা নাগৰিক মঞ্চৰ উপ-সভাপতি গোকুল বছনেট, সাংগঠনিক সম্পাদক আফজালুৰ ৰহমান, সঞ্জীৱ উপাধ্যায়, অমিয় ৰাভা আদিয়ে সহযোগ কৰে। অসম সংগীত পৰিৱেশনৰ পিছত সভাৰ সামৰণি পৰে ৷

বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ চেঙাজান আঞ্চলিক সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশন…

দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে চেঙাজান মাজগাওঁ দৈনিক বজাৰত অনুষ্ঠিত হোৱা সদৌ অসম যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ চেঙাজান আঞ্চলিক সমিতিৰ অষ্টম দ্বি বাৰ্ষিক অধিৱেশনখনি দেওবাৰে নিশা সুকলমে সামৰণি পৰে। সন্ধিয়া ৬ বজাৰৰ পৰা অভ্যৰ্থনা সমিতিৰ সভাপতি অজিত মণ্ডলৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য ৰাখি সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি দীপক দে’ এ কয় বাঙালী হিন্দুৰ সমস্যা সমাধানত গুৰুত্ব নিদিয়া বিজেপি নেতৃত্বাধীন অসম চৰকাৰেই দায়ী বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পুনৰ কয় অখণ্ড ভাৰতবৰ্ষৰ ভুমিপুত্ৰ হোৱাৰ পাছতো অসমত এক ষড়যন্ত্ৰমূলকভাৱে ডি ভোটাৰ, বিদেশী সমস্যাৰ সৃষ্টি কৰি বাঙালী সকলক হাৰাশাস্তি কৰা হৈছে।সমস্যা সমাধান কৰিম বুলি ভোট লৈ দিছপুৰত কংগ্ৰেছ, বিজেপিৰ যাৰেই চৰকাৰ আহে পাছত প্ৰতিখন চৰকাৰে সকলো প্ৰতিশ্ৰুতিতে সীমাবদ্ধ কৰি ৰাখে।

হিন্দু বাঙালী সকলে অসমত বিজেপি চৰকাৰ গঠন প্ৰক্ৰিয়াত গৰিষ্ঠসংখ্যক ভুমিকা আছে কিন্তু শাসনত অহাৰ লগে লগে সকলো ফুটুকাৰ ফেনলৈ পৰিণত হয়। বাঙালী জনগোষ্ঠীক অৰুনোদয়, পিএমএৱাই বা কাম কৰিবলৈ ঠিকা নেলাগে। বাঙালী জাতি আত্মনিৰ্ভৰশীল জাতি।এই জাতিয়ে কাৰো ওপৰত ভিত্তি কৰি জীয়াই থাকিব নিবিচাৰে।নিজে আত্মনিৰ্ভৰশীল হৈ জীৱন যাপন কৰি চলিব পৰা ক্ষমতা আছে।সদ্য অনুষ্ঠিত লোকসভা নিৰ্বাচনত সৰ্বাধিক বাঙালী ভোট বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক প্ৰদান কৰাত ১১ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে যিটো কোনেও নুই কৰিব নোৱাৰে। বৰাক উপত্যকাৰ নিৰ্বাচনী প্ৰচাৰ সভাত অহা ছয় মাহৰ ভিতৰত বাঙালী হিন্দুৰ ডি ভোটাৰ, বিদেশী সমস্যা, আধাৰ কাৰ্ড, ভুমি পট্টাৰ সমস্যা সমাধান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।কিন্তু শেহতীয়াকৈ বিভিন্ন জিলাত বসবাস কৰা বাঙালী সকলৰ নামত যধে মধে ডি ভোটাৰৰ জাননী, বিদেশী জাননী প্ৰেৰণ কৰা হৈছে বুলি দীপক দে’ই অভিযোগ উত্থাপিত কৰে। তেওঁ পুনৰ কয় যে কথা দিয়া মতেই যদি অহা ছয় মাহৰ ভিতৰত বাঙালী সকলৰ জলন্ত-সমস্যা সমুহ সমাধান কৰি নিদিয়ে তেন্তে অসমৰ সকলো বাঙালী সংগঠনক একত্ৰিত কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি সকীয়াই দিয়ে ফেডাৰেশ্যনৰ ৰাজ্যিক সভাপতি গৰাকীয়ে। ইফালে অতিজৰে পৰা অসমত বসবাস কৰা বাঙালী হিন্দু সকল অসমীয়া। কিন্তু ৰাজ্য চৰকাৰে বিগত দহ বছৰত দিয়া প্ৰতিশ্ৰুতি সকলো ভুৱা।

ডি ভোটাৰ, বিদেশী সমস্যাৰ নামত হাৰাশাস্তি কৰাৰ উপৰিও ভুমিপট্টা দিয়াৰ নামত প্ৰবঞ্চনা আৰু প্ৰতাৰণা বাঙালী সমাজে কেতিয়াও পাহৰি নেযায়। ২০২৬ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বাঙালী সমস্যা সমাধান নকৰিলে বৰাক-ব্ৰহ্মপুত্ৰৰ বাঙালীয়ে একগোট হৈ ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক টালি টোপোলা বান্ধি ব্ৰহ্মপুত্ৰত বিদায় দিয়াৰ বাবে সংকল্প ল’ব বুলি সকীয়াই দিয়ে ফেডাৰেশ্যনৰ ৰাজ্যিক সাধাৰণ সম্পাদক অজিত দেৱনাথে। আহি থকা দিনত ভুৱা প্ৰতিশ্ৰুতি দি বিজেপিয়ে গাদী দখল কৰাৰ যি সপোন ভাবিছে এয়া আৰু কেতিয়াও পূৰণ নহয় বুলি তেওঁ মন্তব্য কৰে।সভাত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে কয় সকলো জাতিৰে বিভিন্ন সমস্যা আছে । কিন্তু এটা জাতি আগুৱাই নিবলৈ হ’লে কেৱল সংগ্ৰাম কৰিলেও নহ’ব-শিক্ষা, সংস্কৃতি, সাহিত্য চৰ্চাৰ ওপৰতো গুৰুত্ব দিব লাগিব। বাঙালী ফেডাৰেশ্যনে জন্ম লগ্নৰ পৰাই জনগোষ্ঠীৰ সমস্যাৰ ওপৰত মাত মাতি আহিছে। অসমত বিভিন্ন জনগোষ্ঠী, ভাষা-ভাষিক লোকে বসবাস কৰে। সকলোৱে সমন্বয়ৰ সাঁকো হৈ জীয়াই থাকিব লাগিব বুলি কয়। সভাত উপস্থিত থাকি ভাষণ আগবঢ়াই পুনৰ ৰবীন্দ্ৰনাথ ঠাকুৰ, আশুতোষ মুখাৰ্জী, নেতাজী সুভাষ চন্দ্ৰ বসু, অমৰ্ত্য সেনৰ বংশধৰ এই বাঙালী সকলৰ অসমত বহু অৱদান আৰু অৰিহণা আছে যিটো ইতিহাসত লিপিবদ্ধ হৈ আছে বুলি গুৰুত্বপূৰ্ণ ভাষন দাঙি ধৰি আজি বাঙালী অঞ্চল সমুহ বিজেপিয়ে এশ শতাংশ ভোট লাভৰ বিপৰীতে অন্য দলে শূন্য ভোট লাভ কৰিছে।গতিকে নিৰ্বাচিত জনপ্ৰতিনিধিসকলে চৰকাৰৰ লগত আলাপ আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰাৰ পদক্ষেপ লব লাগে বুলি বক্তব্য আগবঢ়ায় মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য প্ৰতাপ চন্দ্ৰ টায়ে। সভাত মিছিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, চিমেনমুখ পঞ্চায়তৰ প্ৰাক্তন সভাপতি কালু দাস, প্ৰাক্তন কাউন্সিলাৰ সুজিৎ হাজং, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উপ সভাপতি গোবিন্দ মণ্ডল, যুটীয়া সম্পাদক স্বপন দাস, মুখ্য সাংগঠনিক সম্পাদক বিপ্লৱ দাস, ধেমাজি জিলা সমিতিৰ সভাপতি ধৰ্মেন্দ্ৰ দাস,সাধাৰণ সম্পাদক ভদ্ৰ দাস, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৰূপ গগৈ, সন্মিলিত গণশক্তিৰ নেতা নিলমনি দলেৰ লগতে আটাছু, টিএমপিকে, এম এম কে, ভোজপুৰী পৰিষদৰ লগতে কেবাগৰাকী গন্যমান্য ব্যক্তি উপস্থিত থাকে।

অধিৱেশনৰ দেওবাৰে পুৱা ১০ বজাৰ পৰা চেঙাজান মাজৰবাৰী হাইস্কুলৰ সহকাৰী শিক্ষক ক্ষীৰেশ্বৰ বৰা, বিনয় কুমাৰ ফুকন, চেঙাজান মাজৰবাৰী এম ই স্কুলৰ প্ৰধান শিক্ষক ৰামধন নাথৰ পৰিচালনাত শিক্ষামূলক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।বিয়লি ৩ বজাত বাঙালী, বড়ো, মিচিং আদি বিভিন্ন জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন কৰা হয়।বিয়লি ৫ বজাত মুকলি সভাৰ মঞ্চ উদ্ধোধন কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ মুখ্য সংগঠক বিপ্লৱ দাসে। অধিৱেশনৰ প্ৰথমদিনা নিশা অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাই বিধান নমঃশূদ্ৰক সভাপতি, খগেন ৰাজবংশী, হেমেন বিশ্বাসক উপ সভাপতি,মহন্ত দাসক সাধাৰণ সম্পাদক, ৰিন্টু নমঃশূদ্ৰক যুটীয়া সম্পাদক, অমিত ৰাজবংশী, পৰেশ চৌধুৰীক সহকাৰী সম্পাদক হিচাপে লৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ চেঙাজান আঞ্চলিক সমিতিখন গঠন কৰা হয়।

নীটত সফলতা অৰ্জন কৰি ডেকাপাম উদয়পুৰলৈ গৌৰৱ কঢ়িয়াই অনা শোভাৰাণী সোনোৱালক সম্বৰ্ধনা…

সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ জোনাই মহকুমাৰ ডেকাপাম উদয়পুৰ গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা শোভাৰাণী সোনোৱালক সোমবাৰে উদয়পুৰ গাঁও পৰিচালনা সমিতিয়ে সম্বৰ্ধনা জনায়। উদয়পুৰ নামঘৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত শোভাৰাণী সোনোৱালক গামোছা, শিক্ষা সামগ্ৰীৰে সম্বৰ্ধনা জনোৱা হয়।অনুষ্ঠানত উদয়পুৰ গাঁও পৰিচালনা সমিতিৰ সভাপতি টংকেশ্বৰ সোনোৱাল, সম্পাদক শ্যাম সোনোৱাল, উপদেষ্টা গোলাপ শইকীয়া, হেমন্ত সোনোৱাল, সোনোৱাল কছাৰী সাহিত্য সভাৰ ডেকাপাম শাখা সমিতিৰ সভাপতি ভৃগুৰাম সোনোৱাল প্ৰমুখ্যে বহু সংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকে।

উল্লেখযোগ্য যেউদয়পুৰ গাঁৱৰ নিবাসী এছ এছ বি উপ পৰিদৰ্শক দুলাল সোনোৱাল আৰু নন্দিতা সোনোৱালৰ একমাত্ৰ কন্যা সোভাৰাণী সোনোৱালে প্ৰথমবাৰ অৱতীৰ্ণ হৈ সৰ্বভাৰতীয় পৰ্যায়ত ৫০৯ নম্বৰেৰে ১৯৫৭৯১ স্থান দখল কৰিছে সোভাৰাণী সোনোৱালে।উল্লেখযোগ্য যে সোভাৰাণী সোনোৱালে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইংৰাজী বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ইংৰাজী বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল।