Home Blog Page 773

নগাঁৱৰ বেবেজীয়াত জুবিন গাৰ্গে মুকলি কৰিলে CSIৰ ফ্ৰেন্সাইজি…

নগাঁৱৰ বেবেজীয়াত শনিবাৰে নিশা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে মুকলি কৰিলে CAR SQUAD INDIA ৰ ফ্ৰেন্সাইজি আউটলেট । বেবেজীয়াৰ ডিমৌত ‘বিজয়া এছ মটৰ্ছ’ নামৰ এই ফ্ৰেন্সাইজিটো ফিটা আৰু কেক কাটি মুকলি কৰে শিল্পীগৰাকীয়ে ।

ইয়াৰ পিছতেই সংবাদ মাধ্যমৰ আগত শিল্পীগৰাকীয়ে ‘কা’ৰ প্ৰসংগ উত্থাপন কৰি কয় যে ‘কা’ এটা ফটোৱা বস্তু । লগতে তেওঁ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজক প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত মনোযোগ দিবলৈ আহ্বান জনোৱাৰ লগতে জুবিন গাৰ্গ ফেন ক্লাৱে এইক্ষেত্ৰত কাম কৰি থকাৰ কথা প্ৰকাশ কৰে ।

ইপিনে শিল্পী জুবিন গাৰ্গে বৰ্তমান দুখনকৈ অসমীয়া ছিনেমা কাম কৰি থকাৰ বিষয়ে উল্লেখ কৰে । উল্লেখ্য যে, আজিৰ এই উদ্ধোধনী অনুষ্ঠানত প্ৰতিষ্ঠানখনৰ নগাঁৱৰ আউলেটৰ স্বত্বাধিকাৰী অমৰজিৎ শৰ্মা,গুৱাহাটী আউলেটৰ সঞ্চালিকা প্ৰিয়ংকা দত্ত আদিকে ধৰি চি এছ আইৰ বিষয়াবৰ্গ উপস্থিত থাকে ।

নগাঁও লেখিকা সংস্থাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী সাহিত্যিক, অৱসৰপ্রাপ্ত কৃতী শিক্ষয়িত্ৰী বীণা শৰ্মালৈ মৰণোত্তৰভাবে “গল্প সৌৰভ” উপাধি প্ৰদান…

২০০২ চনত গঠিত ‘লেখিকা সংস্থা অসম’ৰ নগাঁও শাখাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী, সাহিত্যিক, অৱসৰপ্রাপ্ত ৰাজ্যিক কৃতী শিক্ষয়িত্ৰী বঁটা প্ৰাপক বীণা শৰ্মালৈ দেওবাৰে মৰণোত্তৰভাবে “গল্প সৌৰভ” উপাধি প্ৰদান কৰা হয়। নগাঁও লেখিকা সংস্থাৰ দ্বাৰা নগাঁও প্ৰেছ ক্লাৱত এই উপলক্ষে আয়োজিত উপাধি প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰে নগাঁও লেখিকা সংস্থাৰ সভানেত্ৰী গুণদা গোস্বামীয়ে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত বীণা শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ কৰে নগাঁও লেখিকা সংস্থাৰ উপদেষ্টা উপমা মজুমদাৰে। শিল্পী কুসুম বৰুৱাই এটি বৰগীত পৰিবেশনেৰে মূল অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পিছতে আদৰণি অনুষ্ঠানৰ আঁত ধৰে গীতা ভৰালী আৰু উদ্দেশ্য ব্যাখ্যা কৰে সংস্থাৰ সম্পাদিকা বন্তি চেতিয়াই। লেখিকা-শিল্পী ক্ৰমে স্বপ্না নিয়োগী, মামণি ভট্টাচার্য, কুমকুম বৰুৱাৰ দ্বাৰা পৰিবেশিত গীত পৰিবেশনেৰে উজ্জীৱিত এই সভাত প্ৰয়াত বীণা শৰ্মালৈ ‘গল্প সৌৰভ’ উপাধি

আনুষ্ঠানিকভাৱে প্ৰদান কৰে প্ৰাক্তন মন্ত্ৰী, অৱসৰপ্রাপ্ত অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই আৰু গ্ৰহণ কৰে বীণা শৰ্মাৰ স্বামী তথা অৱসৰপ্রাপ্ত উপ-পঞ্জীয়ক (ৰাজহ বিভাগ), অধিবক্তা শৰৎ শৰ্মাই। সভাত ভাষণ প্ৰদান কৰি প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই কয় যে কোনো এখন দেশৰ মানদণ্ড দেশখনৰ মাটিকালি বা জনসংখ্যাৰে জোখা নহয়, জোখা হয় সেই দেশৰ গুণগত মানদণ্ডৰে। একেদৰে পৰিয়াল একোটাৰ মূল গৃহিণী গৰাকীৰ ওপৰতহে পৰিয়ালটোৰ মানদণ্ড, সংস্কাৰ নিৰ্ভৰ কৰে।প্ৰয়াত বীণা শৰ্মা আছিল বহু গুণৰ অধিকাৰী, এগৰাকী আদৰ্শ মহিলা আৰু তেওঁ পৰিয়ালটোক সকলো দিশতে আগবঢ়াই নিয়াত সফল হৈছিল। সভাত বঁটা গ্ৰহণ কৰি দিয়া চমু ভাষণত প্ৰয়াত বীণা শৰ্মাৰ স্বামী শৰৎ শৰ্মাই কয় যে এনে এক সন্মান গ্ৰহণ কৰিবলৈ পাই যেনেদৰে সুখী হৈছে, ইয়াৰ বিপৰীতে দুখবোধে আবেগিক কৰি তুলিছে। সভাত নগাঁও লেখিকা সংস্থাৰ উপদেষ্টা, বিশিষ্ট লেখিকা আৰতি শৰ্মাই ভাষণ প্ৰদান কৰি লেখিকা সংস্থাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী, নগাঁৱৰ কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠৰ অৱসৰপ্ৰাপ্ত ৰাজ্যিক কৃতি শিক্ষয়িত্ৰী বীণা শৰ্মাৰ জীৱনৰ ওপৰত আলোকপাত কৰে। উপন্যাস ক্ৰমে ‘দৈয়াং আজিও বয়’, ‘ৰূপহী নদীৰ ঘাট’, ‘দূৰণিত বাঁহীৰ সুৰ’, শিশু সাহিত্য ক্ৰমে ‘ডুগডুগী আৰু জিপুৰ কথা’, ‘পলাশৰ জীৱনৰ ৰং’ আদিকে ধৰি ৪০ খনৰো অধিক গ্ৰন্থৰ ৰচয়িতা বীণা শৰ্মাৰ সৈতে তেওঁৰ বহু স্মৃতি বিজড়িত হৈ আছে বুলি ভাষণ প্ৰসংগত ব্যক্ত কৰে।

সাহিত্যানুৰাগী ক্ৰমে তিলোত্তমা কোঁৱৰ, মিনা বৰা, ডঃ ৰ’জলীন জাহান, অনিতা গগৈ, মঞ্জুলা লস্কৰ, লীনা সন্দিকৈ, গীতা মহন্ত শইকীয়া, পূৰবী চক্ৰৱৰ্তী সূত, ইন্দিৰা গোস্বামী ভট্টাচাৰ্য, চিত্ৰলেখা গগৈ, পোনা গোস্বামী, অৰুণিমা হাজৰিকা, কিৰণ ভূঞা, হেমপ্ৰভা বৰা শইকীয়া, তুলু হাজৰিকা, পুষ্পাঞ্জলি শইকীয়া, উজ্জ্বল জ্যোতি দাস, দেবেন শইকীয়া প্ৰমুখ্যে সমাজৰ বহু গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এই সভাত সমজুৱাৰ একাষাৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ধ্ৰুৱজ্যোতি ভট্টাচাৰ্যই ভাষণ প্ৰসংগত তেওঁৰ শাহু মা প্ৰয়াত বীণা শৰ্মাৰ স্মৃতি ৰোমন্থন কৰি শাহু মাকৰ অনুপ্ৰেৰণাতে এখন বিশেষ গ্ৰন্থ ৰচনা কৰি প্ৰকাশ কৰিবলৈ অনুপ্ৰাণিত হোৱা বুলি প্ৰকাশ কৰে, যি খন বৰ্তমান কেইবাখনো দেশৰ স্কুলীয়া পাঠ্যক্রমত ব্যৱহাৰ হৈ আছে বুলি মন্তব্য কৰে। সভাত গীতা শইকীয়া, ৰূপা শইকীয়া, লিলি বৰা, ৰঞ্জনা দেৱী, কবিতা গোস্বামী, শ্যামলীমা শৰ্মাইও বক্তব্য আগবঢ়ায়। শেষত সভাপতিৰ ভাষণত ‘আই পদ্মপ্ৰিয়া বঁটা’ প্ৰাপক গুণদা গোস্বামীয়ে প্ৰয়াত বীণা শৰ্মাৰ সম্পৰ্কত বিভিন্নজনে আগবঢ়োৱা বক্তব্যৰ পৰা বহু দিশ উন্মোচিত হোৱা বুলি উল্লেখ কৰাৰ লগতে বীণা শৰ্মা সম্পৰ্কত লিখা ‘গল্প সুৰভি’ শীৰ্ষক এটি স্ব-ৰচিত কবিতা পাঠ কৰি শুনায়।

কাঁ ফিল্ম ফেষ্টিভেলৰ ৰেড কাৰ্পেটত সংযুক্তা দত্তই ডিজাইন কৰা পোছাক পৰিধান ২ ছুপাৰ মডেলৰ…

বিশ্ব দৰবাৰত পুনৰ উজলিল সংযুক্তা দত্ত। কান চলচ্চিত্ৰ মহোৎসৱত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই ডিজাইন কৰা পোছাকৰ সমাদৰ।

আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল ২ ছুপাৰ মডেলে পৰিধান কৰা ডিজাইনাৰগৰাকীৰ পোছাক।

কাঁ ফিল্ম ফেষ্টিভেলৰ ৰেড কাৰ্পেটত সংযুক্তা দত্তৰ হাতত প্ৰাণ পাই উঠা বস্ত্ৰ সম্ভাৰ পৰিধান কৰিলে দুগৰাকীকৈ বিশ্বৰ আগশাৰীৰ ছুপাৰ মডেলে

গুজৰাটৰ ৰাজকোটৰ TRP গেম জ’নত ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৫জনলৈ বৃদ্ধি…

গুজৰাটৰ ৰাজকোটৰ TRP গেম জ’নত শোকাৱহ ঘটনা। ভয়ংকৰ অগ্নিকাণ্ডত শিশুসহ ২৭ গৰাকী লোকৰ মৃত্যু। ঘটনা সন্দৰ্ভত গেম জ’নটোৰ গৰাকীসহ ৩ জনক গ্ৰেপ্তাৰ।

গুজৰাটৰ ৰাজকোটৰ TRP গেম জ’নত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৫জনলৈ বৃদ্ধি। ঘটনাক লৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

ৰাজকোটৰ ঘটনা অত্যন্ত বেদনাদায়ক আখ্যা প্ৰধানমন্ত্ৰীগৰাকীৰ।উদ্ধাৰ অভিযানৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেলক।

মাৰ্ঘেৰিটাৰ পাটকাই পাহাৰত জীৱন্তে ভূগৰ্ভস্থ ৩জন কয়লা শ্ৰমিক…

মাৰ্ঘেৰিটাৰ পাটকাই পাহাৰত পুনৰ মৃত্যুৰ কিৰীলি। জীৱন্তে ভূগৰ্ভস্থ ৩জন কয়লা শ্ৰমিক। মৃত ৩ শ্ৰমিকৰ নাম দাৱা চেৰপা, জন আৰু ফিনাল। নেপাল আৰু মেঘালয়ৰ আছিল শ্ৰমিক তিনিজন।

ৰেট হল মাইনিঙত সংঘটিত হৈছে এই ঘটনা। টিকক ৱেষ্ট মাইনিঙত এই শোকাৱহ দুৰ্ঘটনা। লিডুৰ টিকক কলিয়ৰিৰ অন্তৰ্গত বৰগোলাই-নামদাঙৰ মাজত আছে এই খনি।

পাহাৰখনত অবৈধভাৱে চলি আছিল কয়লাৰ খনন। নিশা প্ৰায় ১২.৩০ বজাত কয়লা খননৰ বাবে গৈছিল ৪ শ্ৰমিক।

আজি IPLফাইনেলত সমুখ সমৰত কলকাতা নাইট ৰাইডাৰ্ছৰ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ…

আজি IPLফাইনেলত সমুখ সমৰত কলকাতা নাইট ৰাইডাৰ্ছৰ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ।

সন্ধিয়া ৭.৩০ বজাত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল।

কোনে দখল কৰিব IPLৰ খিতাপ তাকে লৈ অনুৰাগীৰ মাজত চৰ্চা।

বঢ়মপুৰত বিশ্ব ফুটবল দিৱস উদযাপন…

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বঢ়মপুৰৰ থগী সূত ক্ৰীড়া প্ৰকল্পত পালন কৰা হয় বিশ্ব ফুটবল দিৱস। ১৯২৪ চনৰ ২৫ মে’ত বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া অনুষ্ঠান অলিম্পিকত ফুটবল অন্তৰ্ভুক্ত হোৱা শত বছৰ গৰকিলে। এই শতবর্ষ গৰকা দিনটোতে ৰাষ্ট্ৰসংঘই ফুটবলক ‘বিশ্ব ফুটবল দিৱস’ হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰে। ৰাষ্ট্ৰসংঘৰ এই ঘোষণাই উৎফুল্লিত কৰিছে ফুটবলপ্ৰেমী সকলক। উল্লেখ্য যে, বঢ়মপুৰ শ্বহীদ থগী সূত ক্ৰীড়া প্ৰকল্পত আয়োজিত এই বিশ্ব ফুটবল দিৱসত নাইজেৰিয়াৰ সুদক্ষ ফুটবল খেলুৱৈ Olanrewaju Abedemi Faniyan ওৰফে কাবুকিয়ে উপস্থিত থাকি ফুটবল প্ৰশিক্ষণ গ্ৰহণ কৰা খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰে।

বঢ়মপুৰ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক প্লাৱন বৰুৱাই আৰম্ভণিতে ফুটবল দিৱসৰ তাৎপৰ্য্য ব্যাখ্যা কৰাৰ লগতে বঢ়মপুৰ অঞ্চলৰ লগতে কাষৰীয়া অঞ্চল সমূহৰ পৰা ভাল ফুটবল খেলুৱৈ ওলাই আহিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত ভালে কেইগৰাকী ক্ৰীড়া সংগঠক উপস্থিত থকাৰ উপৰিও ফুটবলৰ উপৰি ক্ৰিকেট, বেডমিণ্টন প্ৰশিক্ষণ গ্ৰহণ কৰি থকা খেলুৱৈসকল, তেওঁলোকৰ অভিভাৱকসকল উপস্থিত থাকি ফুটবল দিৱসটো সাফল্যমণ্ডিত কৰে। ফুটবল দিৱসত নগাঁৱৰ চিকিৎসক তথা ক্ৰীড়া সংগঠক ডা: মুকুট গোস্বামী, ডা: জয়ন্ত বৰুৱা, মৃনাল কুমাৰ বৰা উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰে। ফুটবল দিৱসত নাইজেৰিয়াৰ ফুটবল প্ৰশিক্ষক কাবুকিক বঢ়মপুৰ ক্ৰীড়া সন্থাৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

বোকাখাতত ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ-২০২৪ৰ সামৰণি


২৩ মে’ৰ পৰা জ্ঞান বিজ্ঞান সমিতি, অসমৰ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ ২০২৪ৰ আজি সামৰণি পৰে।বোকাখাত জাতীয় বিদ্যালয় বাকৰিত তিনি দিনীয়া কাৰ্য্য সূচীৰে অনুষ্ঠিত প্ৰয়াত বিজ্ঞানী ড° পদ্মেশ্বৰ গগৈ আৰু বিৰুবালা ৰাভাৰ সোৱঁৰণত উৎসৰ্গিত সমাৰোহ খনিৰ আজিৰ তৃতীয় দিনৰ কাৰ্য্যসূচী পুৱা অসম সংগীতেৰে আৰম্ভ কৰা হয়। ইয়াৰ পৰৱৰ্তী অনুষ্ঠান শিকন কোনত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় চাৰি শ ছাত্র ছাত্রীয়ে অংশগ্রহণ কৰে। অনুষ্ঠানৰ মুকলি সভাৰ সভাপতিত্ব কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি শৰৎ চন্দ্র দত্তই। কাৰ্য্যকৰী সভাপতি ড° বিদ্যুৎ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত আমন্ত্রিত অতিথি সকলক পৰিচয় প্ৰদান কৰে সম্পাদক বিদ্যুৎ বিকাশ শইকীয়াই।

ছাত্র ছাত্রী সকলে পাঁচটি ভাষাত পৰিবেশন কৰা অসম সংগীতেৰে সভাখনৰ শুভাৰম্ভ হয়। লগতে সকলো ছাত্র ছাত্রীয়ে গীত মাত শিকন কোণৰ দুটি গীতত প্ৰাণঢালি সহযোগ কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যাৰ পাছতে এচটেকৰ প্ৰাক্তন সঞ্চালক ড° অশ্বিনী বৰুৱাই স্মৰনিকা “মুক্তমন” উন্মোচন কৰে। ড° ফাল্গুন চেতিয়া আৰু ঈপ্সিতা দত্তই সম্পাদনা কৰা স্মৰনিকাখনিত চল্লিশ গৰাকী ব্যক্তিৰ বিভিন্ন বিষয়ৰ লিখনি সন্নিবিষ্ট কৰা হৈছে। উন্মোচক ড° বৰুৱাই স্মৰনিকাখনিৰ মানদণ্ড উন্নত হৈছে বুলি মন্তব্য প্ৰকাশ কৰে। শান্তি স্বৰূপ ভাটনাগৰ পুৰস্কাৰ ২০২১ প্ৰাপ্ত যুৱ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়াই ছাত্র ছাত্রীৰ লগত মত বিনিময় কৰি প্ৰতিজন শিশুকে একোজন বিজ্ঞানী বুলি অভিহিত কৰে লগতে নিজৰ গবেষণাৰ বিষয়ে সহজ ভাষাৰে বক্তব্য আগবঢ়াই। নুমলীগড় তেল শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক( মানৱ সম্পদ) ড° কাজল শইকীয়াই তেখেতৰ বক্তব্যত সমাৰোহখনিৰ পৰিবেশক শান্তি নিকেতনৰ লগত তুলনা কৰি সফলতাৰ বাবে কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই বুলি অভিহিত কৰে। জ্ঞান বিজ্ঞান সমিতি অসমৰ সভাপতি আৰু সম্পাদকে তিনিদিনৰ অভিজ্ঞতাৰে বক্তব্য আগবঢ়ায়।

অধ্যক্ষদ্বয় ড° দীপক কুমাৰ বৰা, ড° সুৰজিৎ দত্ত আৰু বিশিষ্ট কবি-লেখিকা নিজৰা বৰঠাকুৰৰ উপস্থিতিয়ে সমৃদ্ধ কৰা সমাৰোহখনিত দূৰ-দূৰণিৰ পৰা অহা ছাত্র ছাত্রী সকলে নিজৰ অভিজ্ঞতাৰ লগতে সন্তুষ্টি ব্যক্ত কৰে।সম্পাদিকা ইনজু আহমেদে শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতে সভাপতিয়ে মন্তব্য প্ৰদান কৰে আৰু ৰাষ্ট্ৰীয় সংগীতেৰে সভাৰ সামৰণি পৰে। দুপৰীয়ালৈ শিশু সকলৰ দ্বাৰা পৰিবেশিত সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ হয় আৰু বিয়লি পতাকা অৱনমনেৰে তিনি দিনীয়া সমাৰোহৰ সমাপ্তি ঘোষণা কৰা হয়।

আঢ়ৈশ বছৰ গৰকা বেবেজীয়াৰ পূব জামুগুৰি নামঘৰৰ বাৰ্ষিক ভাগৱত পাঠ আৰু মহানাম আৰম্ভ

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ পূব জামুগুৰিৰ আঢ়ৈশ বছৰ গৰকা ঐতিহ্যমণ্ডিত পূব জামুগুৰি নামঘৰৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আৰম্ভ হয় ধৰ্মধ্বজা উত্তোলন , ভাগৱত পাঠ আৰু মহানাম মহোৎসৱ । ঐতিহ্যণ্ডিত নামঘৰটিৰ প্ৰাংগণত আজি পুৱা পৰিবেশ নিকাকৰণৰ পিছত ধৰ্মধ্বজা উত্তোলন কৰে শংকৰী সাধক, অৱসৰপ্ৰাপ্ত শিক্ষক অনিল চন্দ্ৰ নাথে ৷ তাৰ পিছতে মহিলা সকলৰ দিহানামেৰ পৰিবেষ্টিত হৈ ভাগৱত শোভাযাত্ৰাৰে সমগ্ৰ অঞ্চল কৃষ্ণনামৰ ধৰ্ব্বনিৰে মুখৰিত হৈ পৰে ৷ ইয়াৰ লগে লগে ভাগৱত ভ্ৰমণ আৰু শোভাযাত্ৰাৰে সমগ্ৰ অঞ্চলৰ কৃষ্ণ নামৰ ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি তোলে । ইয়াৰ পিছতে আইসকলৰ থিয় নাম, দিহানামকে ধৰি হৰিনামৰে ধ্বনিৰে সমগ্ৰ নামঘৰ প্ৰাংগণ ভক্তিৰসত বুৰ যায় । দুপৰীয়া অনুষ্ঠিত হয় খোল প্ৰসংগ আৰু নাম প্ৰসংগ ।

উক্ত অনুষ্ঠানৰ পাছতে নামঘৰ প্ৰাংগনত মহিলা সকলে বৰুন দেৱতাক বৰষুণৰ বাবে প্ৰাৰ্থনা জনাই ৷ প্ৰবীণ অনাঁতাৰ শিল্পী গম্ভীৰ নাথ আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তিলেশ্বৰ নাথে আতঁধৰা সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ একুৰি অধিক ছাত্ৰছাত্ৰীক সম্বদ্ধৰ্না পত্ৰ,ফুলাম গামোচাৰে সম্বদ্ধৰ্না জনোবা হয় ৷ ইয়াৰ পাছতে বিয়লি ভাগৱত পাঠ কৰে মৰিগাঁৱৰ মেঘৰাম নাথ,জ্যোতিপ্ৰসাদ নাথ (জন্মী),অনিল নাথকে ধৰি কেইবাজনো পাঠক আৰু ব্যাখ্যা কাৰকে অনুষ্ঠানটিত অংশগ্ৰহণ কৰে ৷
আনহাতে অনাতাঁৰ শিল্পী গম্ভীৰ নাথে আতঁধৰা আৰু পৰিচালনা কৰা অনুষ্ঠানটিত সমাজকৰ্মী বিৰচিং নাথ,সৰুৰাম নাথ,হিৰেণ নাথ,তিলেশ্বৰ নাথ,গুনেন্দ্ৰ নাথ,লক্ষেশ্বৰ নাথ,কিৰণ নাথ,টংকেশ্বৰ নাথ,প্ৰদীপ নাথ,হৰিচৰণ নাথ,অম্বিক নাথকে ধৰি প্ৰায় পাঁচ শতাধিক আই-মাতৃ লগতে ভক্তিপ্ৰাণ ৰাইজ উপস্থিত থাকে ৷ নিশা অবিৰত ভাবে ভাগৱত পাঠ চলি থকা অন্তত কাইলৈ পুৱা খোল প্ৰসংগ আৰু দুপৰীয়া মহানাম মহোৎসৱৰ দুদিনীয়া কাৰ্যসূচীৰ সামৰণি পৰিব ৷

ৰহাৰ দী,কে, হাইস্কুলত প্ৰয়াত পূৰ্ণকান্ত নাথ শৈক্ষিক বঁটা প্ৰদান

তিনিগৰাকী ছাত্ৰ- ছাত্ৰীলৈ আগবঢ়ালে এই বঁটা।

সৰু সৰু মানুহৰ একোটাহত কামেই কেতিয়াবা সমাজৰ মংগল সাধন কৰে – ডঃ নিৰলা দেৱী

ৰহাৰ দীঘলদৰি কাকতি গাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ত আজি প্ৰয়াত পূৰ্ণকান্ত নাথ সোঁৱৰণী শৈক্ষিক বঁটা তিনিগৰাকী ছাত্ৰ- ছাত্ৰীক প্ৰদান কৰা হয় । ১৯৬৬ চনত গ্ৰাম্য অঞ্চলত শিক্ষাৰ ভেটি গঢ়িবলৈ চেষ্টা কৰা বিদ্যালয় খনৰ প্ৰতিষ্ঠাকালৰ এগৰাকী সম্পাদক পূৰ্ণকান্ত নাথ সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠানটোত সভাপতিত্ব কৰে বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা ৰহাৰ জেষ্ঠ সাংবাদিক বুলন চন্দ্ৰ নাথে। প্ৰধান শিক্ষক হেমকান্ত শইকীয়াই উদেশ্য ব্যাখ্যা কৰা সভাত এইবাৰ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন সহ উৰ্ত্তীণ হোৱা গৌতম নাথ(৯০.৩৩ শতাংশ), ষ্টাৰ সহ উৰ্ত্তীণ হোৱা নয়না শৰ্মা ( ৭৮.৮৩ শতাংশ) আৰু নিলাক্ষী হাজৰিকা (৭৫.৩৩ শতাংশ)ক গামোচা, মানপত্ৰ, কিতাপৰ টোপোলা আৰু নগদ ধনৰ টোপোলা প্ৰদান কৰি বঁটা প্ৰদান কৰে । এই তিনিগৰাকী ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰে প্ৰয়াত পূৰ্ণকান্ত নাথৰ পৰিয়ালৰ হৈ ভটিজা ভদ্ৰকান্ত নাথ, ভটিজা বোৱাৰী প্ৰনতি দেৱী, বৰ জীয়ৰী ডঃ নিৰলা দেৱী আৰু ভাগিন তথা প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী প্ৰতিমা দেৱীয়ে । বিশিষ্ট কবি তথা প্ৰয়াত পূৰ্ণকান্ত নাথৰ বৰ জোঁৱাই প্ৰেম নাৰায়ণ নাথ , ভটিজী জ্যোৎস্না দেৱীয়ে অংশগ্ৰহণ কৰা বঁটা প্ৰদান অনুষ্ঠানটিত প্ৰয়াত পূৰ্ণকান্ত নাথৰ বিষয়ে বক্তব্য প্ৰদান কৰি তেখেতৰ বৰজীয়ৰী তথা ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষা ডঃ নিৰলা দেৱীয়ে বিদ্যালয় খনৰ প্ৰতিষ্ঠা কালৰ চমু আভাষ দাঙি ধৰি কয়”- সৰু সৰু মানুহৰ একোটাহত কামেই কেতিয়াবা সমাজৰ মংগল সাধন কৰে । সেই কথাৰ প্ৰমান দীঘলদৰি কাকতি গাওঁ হাইস্কুল। একালৰ এচাম লোকৰ যত্ন আৰু চেষ্টাৰে গঢ় লোৱা বিদ্যালয় খনৰ বৰ্তমানৰ ৰূপ দেখি সঁচাকৈ ভাল লাগে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক উদেশ্য কৰি নিৰলা দেৱীয়ে পুনৰ কয় -‘ এসময়ত নিজে পঢ়া বিদ্যালয় খনত উপস্থিত থাকি সঁচাকৈয়ে ভাল লাগিছে। আমি পঢ়া বিদ্যালয়ৰ সেই ৰূপ নাই ।আমি কেৱল পঢ়িছিলোঁ।

কিতাপৰ পাঠেই একমাত্ৰ সাৰথি আছিল কিন্তু আজি কালি ছাত্ৰ ছাত্ৰীৰ কিতাপৰ লগতে ম’বাইল ফোন দৰকাৰী হৈছে । ছাত্ৰ-ছাত্ৰীয়ে ম’বাইল ভাল কামত ব্যৱহাৰ কৰিলে আধুনিক প্ৰযুক্তিয়ে সহায় কৰে , কিন্তু সকলো কথা বা বিষয় ম’বাইলৰ পৰা আহৰণ কৰি পঢ়িলে ঠগ খোৱাৰ ভয় আছে ।সেয়ে ম’বাইলৰ তথ্য আৰু কিতাপৰ তথ্য মিলাই অধ্যয়ণ কৰিলে ভাল ফলাফল আশা কৰিব পাৰি। সভাত বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ-সভাপতি ৰজনী কুমাৰ নাথকে ধৰি পৰিচালনা সমিতিৰ সদস্য বৃন্দ, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ- ছাত্ৰী আৰু একাংশ অভিভাৱকে অংশগ্ৰহণ কৰে।
উল্লেখ্য যে বিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰ পৰা এইবছৰেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত বেছি ভাল ফলাফল দেখুৱাইছে ছাত্ৰ যাত্ৰীয়ে। এজন ডিষ্টিংচন,দুজন ষ্টাৰ সহ ১৯ গৰাকীয়ে প্ৰথম বিভাগত, আৰু ২২ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। উৰ্ত্তীণৰ হাৰ ৯৫.৩৫ শতাংশ।