Home Blog Page 774

বিধায়ক মৃণাল শইকীয়াৰ নামনি অমসকলৈ কৰা মন্তব্যৰ প্ৰসংগঃ জন্মস্থান নহয়, কৰ্মস্থানহে ডাঙৰ – মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

মই জন্মস্থানকলৈ কোনো দিনে গুৰুত্বই নিদিওঁ৷ কাৰণ জন্মস্থানত কি ভূমিকা থাকে? কৰ্মস্থানহে ডাঙৰ৷ এই মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ৷ শনিবাৰে বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত বৰপেটা লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানৰ পিচত সংবাদ মাধ্যমৰ আগত বিধায়ক মৃণাল শইকীয়াই নামনি অসমকলৈ কৰা মন্তব্য সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এইদৰে কয়৷ মন্ত্ৰী দাসক বিজেপি বিধায়ক শইকীয়াই নামনি অসমকলৈ কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয় যে মৃণাল শইকীয়াৰ সেয়া ব্যক্তিগত মন্তব্য৷ মই জন্মস্থানকলৈ কোনো দিনে গুৰুত্বই নিদিওঁ৷ কাৰণ জন্মস্থানত কি ভূমিকা থাকে? জগৎ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হৈছে বৰদোৱা৷ পৰিচিত ক’ত? তেওঁ কৃষ্টি, সংস্কৃতি, সাহিত্য ক’ত ৰচনা কৰিলে? সমগ্ৰ অসমীয়া জাতিটোক যি দি থৈ গ’ল অসমৰ পশ্চিম অঞ্চলৰ পৰাই দি থৈ গ’ল৷ কিন্তু তেওঁৰ জন্মস্থান আছিল বৰদোৱা৷ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান আছিল নাৰায়ণপুৰ৷ কিন্তু তেওঁ যি ঘোষকে আদি কৰি আধ্যাত্মিকতাকে কৰি যিমানখিনি কাম কৰিলে সেয়া পশ্চিম অসমত কৰিলে৷ চাওলুং চ্যুকাফাৰ যি পিতৃ পুৰুষ তেওঁলোকৰ জন্মস্থান অসমত নেকি? চাওলুং চ়্যুকাফাৰ পিতৃ পুৰুষসকলতো অসমত জন্মগ্ৰহণ কৰা নাই? কিন্তু তেওঁ বৃহত্তৰ অসমীয়া জাতিটোক সংগঠিত কৰি পেলাই বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছে৷

ঠিক তেনেকৈ বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ নাজিৰাত৷ কিন্তু তেওঁ হ’ল বৰপেটা সত্ৰৰ প্ৰথম গৰাকী সত্ৰাধিকাৰ৷ আমাৰ জিলা আয়ুক্তসকল প্ৰত্যেকে বেলেগত জন্মগ্ৰহণ কৰা৷ কৰ্ম কৰে ইয়াতে৷ ঠিক বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্মস্থান ক’ত সকলোৱে জানে৷ কিন্তু কৰ্মস্থান অসমত বুলি আমি সকলোৱে জানো৷ তেনেদৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি পূূূূৰ্ব পুৰুষ তেওঁলোকৰ জন্মস্থান ক’ত আৰু কৰ্মস্থান ক’ত? গতিকে কৰ্মস্থানটোহে ডাঙৰ কথা৷ জন্মস্থানত কি কৰিছে কি কৰা নাই সেইটো মই কোনো কাৰণতে গুৰুত্বই নিদিওঁ৷ এই কাৰণে গুৰুত্ব নিদিও যে মই পৃথিৱীৰ সত্তৰ শতাংশ বিজ্ঞানীৰ বায়’দাতা পঢ়িছো যে তেওঁলোকে য’ত জন্মগ্ৰহণ কৰিছে তাত তেওঁলোকৰ কোনো অৰিহণাই নাই বা তাত তেওঁলোক বিখ্যাত হ’ব পৰা নাই৷ বিখ্যাত হৈছে বেলেগ ৰাষ্ট্ৰতহে৷ সেই কাৰণে মানুহৰ কৰ্মটো ডাঙৰ কথা৷ জন্মটো ডাঙৰ কথা নহয়৷ ফকৰুদ্দিন আলী আহমেদৰ জন্ম দিল্লীত হৈছিল৷ কিন্তু তেওঁ কাম কৰিছে ইয়াত৷ বৰপেটাৰ সাংসদ হৈছিল, ৰাষ্ট্ৰপতি হৈছিল৷ বিমলা প্ৰসাদ চলিহাৰ জন্ম ক’ত? কিন্তু তেওঁ মুখ্যমন্ত্ৰী ক’ৰ পৰা হৈছিল ? তেওঁ বদৰপুৰৰ পৰা বিধায়ক হৈ আহিছিল৷ সেইদৰে বহু কেইগৰাকী বিধায়ক নিজৰ ঠাইৰ পৰা বিধায়ক হোৱা নাই৷ মই মোৰ ঠাইৰ পৰা বিজয়ী হৈ মন্ত্ৰী হোৱা নাই৷ বজালী বা পাটাচাৰকুছি সমষ্টিৰ পৰা বিজয়ী হৈ মন্ত্ৰী হৈছোঁ৷ সৰ্বানন্দ সোনোৱালৰ জন্মস্থান বেলেগত, কিন্তু কৰ্মস্থান বেলেগত৷ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জন্মস্থান চাওঁ তেতিয়াহলে জন্মস্থান বেলেগত আৰু কৰ্মস্থান বেলেগত৷ কৰ্মহে ডাঙাৰ কথা, স্থান ডাঙৰ কথা নহয় বুলিও কয়৷

ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ উচ্চ স্তৰ স্পৰ্শ, ৬৫৫ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে…

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰবিআই) চৰকাৰী তথ্য অনুসৰি, ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰে সৰ্বকালৰ এক নতুন উচ্চতা স্পৰ্শ কৰিছে। ৭ জুনত সমাপ্ত হোৱা সপ্তাহটোত এই মুদ্ৰাৰ ভাণ্ডাৰ ৪.৩০৭ বিলিয়ন আমেৰিকান ডলাৰ বৃদ্ধি হৈ ৬৫৫.৮১৭ বিলিয়ন আমেৰিকান ডলাৰ স্পৰ্শ কৰিছে। এই ভাণ্ডাৰ দীৰ্ঘদিন ধৰি বৃদ্ধি হৈ আহিছে। সামগ্ৰিকভাৱে ২০২৪ চনত এতিয়ালৈকে এই ভাণ্ডাৰ ৩০ বিলিয়ন আমেৰিকান ডলাৰৰো অধিক বৃদ্ধি পাইছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, ভাৰতৰ বৈদেশিক মুদ্ৰা সম্পদ (foreign currency assets, FCA) হৈছে বৈদেশিক ভাণ্ডাৰৰ আটাইতকৈ ডাঙৰ উপাদান আৰু ই ৩.৭৭৩ বিলিয়ন আমেৰিকান ডলাৰ বৃদ্ধি হৈ ৫৭৬.৩৩৭ বিলিয়ন আমেৰিকান ডলাৰ হৈছে। সপ্তাহটোত সোণৰ ভাণ্ডাৰ ৪৮১ নিযুত আমেৰিকান ডলাৰ বৃদ্ধি হৈ ৫৬.৯৮২ বিলিয়ন আমেৰিকান ডলাৰ হৈছে।ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ এতিয়া প্ৰায় ১১ মাহৰ আনুমানিক আমদানি সামৰিবলৈ পৰ্যাপ্ত।


২০২৩ কেলেণ্ডাৰ বৰ্ষত আৰ বি আয়ে ইয়াৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰত প্ৰায় ৫৮ বিলিয়ন আমেৰিকান ডলাৰ যোগ দিছিল। ২০২২ চনত ভাৰতৰ বৈদেশিক ভাণ্ডাৰ ৭১ বিলিয়ন আমেৰিকান ডলাৰ হ্ৰাস পাইছিল। ফৰেক্স ৰিজাৰ্ভ বা বৈদেশিক মুদ্ৰা সংৰক্ষণ হৈছে এখন ৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংক বা মুদ্ৰা কৰ্তৃপক্ষৰ হাতত থকা সম্পত্তি। ইয়াক সাধাৰণতে সংৰক্ষিত মুদ্ৰাত ৰখা হয়। ইয়াক সাধাৰণতে আমেৰিকান ডলাৰ আৰু কম পৰিমাণে ইউৰো, জাপানী য়েন আৰু পাউণ্ড ষ্টাৰ্লিঙত ৰখা হয়। দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰে অন্তিমবাৰৰ বাবে ২০২১ চনৰ অক্টোবৰত সৰ্বকালৰ সৰ্বোচ্চ স্তৰ স্পৰ্শ কৰিছিল। তাৰ পিচত হোৱা বেছিভাগ হ্ৰাসৰ কাৰণ ২০২২ চনত আমদানিকৃত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে হ’ব পাৰে। লগতে ফৰেক্স ৰিজাৰ্ভৰ আপেক্ষিক হ্ৰাস সময়ে সময়ে বজাৰত ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ হস্তক্ষেপৰ সৈতে সম্পৰ্কিত হ’ব পাৰে, যাতে আমেৰিকান ডলাৰৰ বৃদ্ধিৰ বিপৰীতে টকাৰ অসমান অৱমূল্যায়ন ৰক্ষা কৰিব পাৰি। সাধাৰণতে আৰ বি আয়ে সময়ে সময়ে টকাৰ তীব্ৰ মূল্য হ্ৰাস প্ৰতিহত কৰিবলৈ ডলাৰ বিক্ৰীকে ধৰি লিকুইডিটি ব্যৱস্থাপনাৰ জৰিয়তে বজাৰত হস্তক্ষেপ কৰে। আৰ বি আয়ে বৈদেশিক মুদ্ৰা বজাৰবোৰ অতি নিবিড়ভাৱে নিৰীক্ষণ কৰে আৰু কোনো পূৰ্বনিৰ্ধাৰিত লক্ষ্য স্তৰ বা বেণ্ডৰ প্ৰসংগ অবিহনে বিনিময় হাৰত অত্যধিক অস্থিৰতা নিয়ন্ত্ৰণ কৰি কেৱল সুশৃংখল বজাৰৰ পৰিস্থিতি বজাই ৰাখিবলৈহে হস্তক্ষেপ কৰে।

প্ৰসংগঃ পিতৃ দিৱস, ‘পিতা’ অথবা ‘দেউতা’ এটা মিঠা শব্দ, ৰসাল অনুভৱ! পিতা বা দেউতা শব্দৰ অৰ্থ জানেনে…

‘পিতা’ অথবা ‘দেউতা’ এটা মিঠা শব্দ, ৰসাল অনুভৱ। যাৰ গুণ, গৰীমা কৈ শেষ কৰিব  নোৱাৰি, যাৰ বিষয়ে ভাষাৰে লিপিবদ্ধ কৰিব নোৱাৰি, যাক চিত্ৰত অংকন কৰি থ’ব নোৱাৰি, যি তুলনা বিহীন অদ্বিতীয়, তেওঁ আমাৰ পৰিচয়। তেৱেঁই আমাৰ স্বৰ্গ, তেৱেঁই মৰ্ত্য। তেওঁ আমাৰ সকলোৰে  শ্ৰদ্ধাৰ, আদৰ্শৰ, গৌৰৱৰ। তেওঁৰ ছত্ৰ ছাঁয়াত আমি আমাৰ মায়াৱী জীৱনৰ চাৰিশ্ৰমেই শ্ৰৱণ কৰিব পাৰো। জীৱনৰ প্ৰতি পদেই নিৰাপদে অতিক্ৰম কৰিব পাৰোঁ। পি মানেই পিয়ায়; তা মানেই তপ্ ; তপ্ মানেই শৰীৰক কষ্ট দি কৰা কাম। অৰ্থাৎ  যিজনে শৰীৰক কষ্ট দি সন্তানক সুখ পান কৰায় তেঁৱেই পিতা। আকৌ দেউ মানেই দেৱ ; তা মানেই তপ্;  তপ্ মানেই শৰীৰক কষ্ট দি কৰা কাম। অৰ্থাৎ যিজনে  শৰীৰক কষ্ট দি সন্তানক দেৱৰ দৰে অমৃত সুখ প্ৰদান কৰে, তেঁৱেই  দেউতা। 

‘দেউ’  বুলি সম্বোধিলে হৃদয় খন আধ্যাত্মিতাৰে উপচি পৰে ; ‘দেউতা’ (পিতা) বুলি  অনুভৱ কৰিলে হৃদয়ত অদম্য শক্তি, প্ৰেৰণা, সাহস আৰু নিৰাপত্তাই আৱৰি ধৰে ।  তেওঁ অনন্য, তেওঁ মহান, তেওঁ সন্তানৰ গালে – মুখে- চকুৱে হাঁহি  বিৰিঙাব পৰা  এজন  মানুহ; যাৰ হাঁহিবোৰ সন্তানৰ  অভাৱ-অভিযোগ দূৰ কৰাৰ প্ৰয়াসত, নীৰৱে নয়নৰ নীৰ  বোৱাই প্ৰশান্তি লয়। তেৱেঁই আমাৰ আদ্য গুৰু ‘পিতা’। পিতা অঙ্কীয়া নাটৰ সূত্ৰধাৰ, যাৰ অবিহনে অংকীয়া নাট অপূৰ্ণ। পিতাও তেনেকুৱা, যাৰ অনুপস্থিতিত আমাৰ জীৱনবোৰ আধৰুৱা। দায়িত্বৰ ভাৰ কঢ়িয়াই কঢ়িয়াই কোনো দিনেই  হাৰ নমনা মানুহ জনেই পিতা। তেওঁ আমাৰ ভৱিষ্যতৰ পথ পৰিদৰ্শক। পিতৃ দিৱস উপলক্ষে এই মধুৰ ক্ষণত মোৰ এই কবিতাটোৰে পিতাক বিচাৰি লওঁ আহক…

ভিন্ন জনৰ দৃষ্টিত

পিতাই পদুম ফুলাবলৈ  বোকা হৈ পৰে

সম দৃষ্টিৰে নিৰীক্ষণ কৰিবলৈ 

কৃষ্ণৰঙী  হৈ পৰে 

কোনো দিনে নাকান্দে পিতাই 

ভুল থিয়ৰীৰ বাবে 

ডাৰউইনৰ দৰে গেল’পেগছ দ্বীপত  বহি

আচলতে বান্দৰৰ পৰা চিম্পাঞ্জী 

চিম্পাঞ্জীৰ পৰা মানুহ হ’বলৈ কিমান লক্ষ বাট 

সেয়া পিতাইৰ জীৱন সূত্ৰত নাই

কথাৰে কাম নহয়

কামেৰেহে কথা কয় পিতাই 

ধৈৰ্য আৰু চেষ্টাৰ  ঘহনিত

মহাকাশৰ মধ্যাকৰ্ষণ শক্তিকো নমায়

ভোক বস্ত্ৰ আৰু দৰৱৰ খেতি পথাৰত 

 পিতাইৰ গান্ধীৰ দৰে আঠুৰ ওপৰত ধূটি 

হৃদয়ত উজান উঠে  পিতাৰ স্বদেশ প্ৰীতিৰ 

আছিল এখন তেল মোবিল নলগা চৈ দিয়া গাড়ী 

এহাল বলধ আৰু এগাড়ী সুখ 

তাৰে পিতাই পাইলট ।

সেই ৰ’দ, বতাহ, বৰষুণে দিশ সলাব নোৱাৰা, পৰিয়ালটোক নিজৰ আবুৰৰ  ভিতৰত নিৰাপদেই ৰখা মানুহ জনেই পিতা বা দেউতা। পিতা পৃথিৱীৰ এনে এজন মানুহ  , যিজনে  সমস্যাৰ স’তে যুঁজি যুঁজি  সন্তানক জীৱন জিনিব শিকাই ।  সন্তানক  “মানুহ” হ’বলৈ শিকাই। সেই  পিতৃ গৰাকীৰ অহোপুৰুষাৰ্থ  ত্যাগ , কষ্ট, মৰম আৰু যত্ন ক সন্মান জনাই সন্তানে ধন্যবাদ দিবলৈ লোৱা, জুনৰ তৃতীয় ৰবিবাৰ “ ৰ এই বিশেষ দিনটোত, পিতৃ দিৱস উদযাপন কৰে। পৃথিৱীৰ বিভিন্ন দেশত বেলেগ বেলেগ দিনত  এই দিৱস উদযাপন কৰা হয়। ইতিহাস মতে পিতৃ ( দেউতা ) দিৱস অথবা  father’s Day   ইংৰাজী ১৯০৭ চনত পোন প্ৰথম বাৰৰ বাবে অনানুষ্ঠানিকভাবে আমেৰিকাত পালন কৰা হৈছিল। আনহাতে  ইং ১৯১০ চনত আনুষ্ঠানিকভাৱে এই দিৱসৰ আৰম্ভণি হয় । এই দিৱসক লৈ বিশেষজ্ঞ সকলৰ কিছু মত বিভেদ আছে। 

ইতিহাসী বাদানুবাদৰ মতে এই দিনটো আৰম্ভ কৰিছিল ছ’নোৰা স্মাৰ্ট ডডে। উইলিয়াম জেকচন স্মাৰ্ট আৰু এলেন ভিক্টোৰিয়া চিক স্মাৰ্টৰ কন্যা আমেৰিকাৰ বাসিন্দা ছ’নোৰা স্মাৰ্ট ডডে ১৬ বছৰ বয়সত মাতৃক হেৰুৱাইছিল। তেতিয়া তেওঁৰ মাতৃৰ ৪৭ বছৰ আছিল, তেওঁৰ ষষ্ঠ সন্তানৰ জন্মৰ সময়ত। মাকৰ মৃত্যুৰ পিছত ছ’নোৰাৰ দেউতাক কেপ্তেইন উইলিয়াম জেকচন স্মাৰ্ট ডডে ছয়টা সন্তানক মাকৰ দৰে ত্যাগ,মৰম, কষ্ট আৰু যত্নেৰে নিজেই ডাঙৰ-দীঘল কৰিছিল। ল’ৰা-ছোৱালীকেইটাৰ জীৱনৰ লগত জড়িত হৈ থকা পিতৃয়ে ডডক আপ্লুত কৰিছিল। গীৰ্জাত মাতৃ দিৱসৰ  হৰ্ষধ্বনি শুনি থাকোঁতে ছ’নোৰাই ভাৱিলে যে পিতৃসকলকো উদযাপন কৰাৰ বাবে এটা বিশেষ দিন থাকিব লাগে। তেতিয়া তেওঁ স্পকেন  মন্ত্রী  মিত্র জোঁটৰ ওচৰত আবেদন জনালে যে তেওঁলোকৰ পিতৃৰ জন্মদিন ৫ জুনক “পিতৃ দিৱস” হিচাপে স্বীকৃতি দিব লাগে। পিতৃসকলৰ বাবে এটা বিশেষ দিন উচৰ্গা কৰাৰ ধাৰণাটো মিত্ৰজোঁটে ১৯২৪ চনত মানি লৈছিল যদিও পিতৃ দিৱস বিশ্বব্যাপী উদযাপনৰ বাবে জুন মাহৰ তৃতীয় দেওবাৰটো বাছি লৈছিল। ১৯৬৬ চনৰ পৰা জুন মাহৰ তৃতীয় ৰবিবাৰটো “পিতৃ দিৱস “ উপলক্ষে আনুষ্ঠানিকভাবে বন্ধৰ দিন ঘোষণা কৰে। সাধাৰণতে পিতৃ দিৱসত সন্তানে পিতৃৰ ত্যাগ, মৰম, যত্ন আৰু কষ্টক স্বীকৃতি দি উপহাৰ আৰু শুভেচ্ছাৰে শ্ৰদ্ধা জ্ঞাপন কৰে আৰু তেওঁলোকৰ লগত দিনটো উদযাপন কৰে। এই চেগতে পৃথিৱীৰ প্ৰতি গৰাকী পিতৃৰ ত্যাগক স্বীকৃতি দি আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

লেখকঃ ৰেখাৰাণী বৰ্মন 

জি-৭ সন্মিলনত বিশ্বৰ বিভিন্ন দেশৰ নেতাৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ…

ইটালীত অনুষ্ঠিত জি-৭ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তুৰস্ক, ইউ এ ই, ব্ৰাজিল আৰু জৰ্ডানৰ নেতাসকলৰ সৈতে শুকুৰবাৰে বাৰ্তালাপ কৰে। লগতে তেওঁলোকৰ সৈতে ফটোও উঠে। প্ৰধানমন্ত্ৰী মোদীয়ে তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰিচেপ টাইপ এৰ্দোগান, ইউ এ ইৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ানৰ লগতে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা ছিলভাৰ সৈতে এক আনন্দদায়ক বাৰ্তালাপ কৰে। আনহাতে, চাৰিওগৰাকী নেতাই কেমেৰাৰ বাবে প’জ দিয়ে আৰু সন্মিলনতো এখন ফটো উঠে। এই ফটো প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰি লিখিছে, “ইটালীত বাৰ্তালাপ অব্যাহত আছে… ৰাষ্ট্ৰপতি লুলা, ৰাষ্ট্ৰপতি এৰ্দোগান আৰু তেওঁৰ মহামান্য শ্বেখ বিন জায়েদৰ সৈতে আনন্দদায়ক কথোপকথন হয়।”ইয়াৰ পিচত প্ৰধানমন্ত্ৰী মোদীয়ে জৰ্ডানৰ ৰজা দ্বিতীয় আব্দুল্লাহকো সাক্ষাৎ কৰে। “জি-৭ সন্মিলনৰ সময়ত ৰজা আব্দুল্লাহকো সাক্ষাৎ কৰো। ভাৰতে জৰ্ডানৰ সৈতে শক্তিশালী সম্পৰ্কক গুৰুত্ব দিয়ে ।” তেওঁ এক্সৰ এটা পোষ্টত লিখিছে।

উল্লেখ্য যে, জি-৭ সন্মিলনলৈ ভাৰতক অতিথি দেশ হিচাপে আমন্ত্ৰণ জনোৱা হৈছে । এই গোটত সাতখন সদস্য দেশ আমেৰিকা, ব্ৰিটেইন, কানাডা, জাৰ্মানী, ইটালী, জাপান আৰু ফ্ৰান্সৰ লগতে ইউৰোপীয় ইউনিয়নৰ অংশগ্ৰহণ আছে । আনহাতে, ইটালীৰ প্ৰধানমন্ত্ৰী জিঅ’ৰ্জিয়া মেলোনিয়ে ব্ৰিটেনৰ প্ৰধানমন্ত্ৰী ঋষি সুনক, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ন আৰু কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোকে ধৰি বিশ্ব নেতাসকলক গ্ৰুপ অব ছেভেনৰ (জি-৭) ৫০ সংখ্যক সন্মিলনলৈ আদৰণি জনায়।উল্লেখ্য যে, মেলোনীয়ে প্ৰধানমন্ত্ৰী মোদীক ইটালীৰ আপুলিয়া অঞ্চলত অনুষ্ঠিত জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল এইটো হৈছে ভাৰতৰ ১১ নম্বৰ আৰু প্ৰধানমন্ত্ৰী মোদীৰ জি-৭ সন্মিলনত একেৰাহে পঞ্চম অংশগ্ৰহণ। আনহাতে, জি-৭ সন্মিলনৰ প্ৰচাৰ অধিৱেশনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনোৱা ইটালী হৈছে ইউৰোপীয় ইউনিয়নত ভাৰতৰ চতুৰ্থ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ। এই দুই দেশৰ দ্বিপাক্ষিক বাণিজ্য বৰ্তমান ১৫ বিলিয়ন আমেৰিকান ডলাৰ।

অহংকাৰীসকলক ৰামে ২৪০তে বান্ধি ৰাখিলে! বিজেপিক কটাক্ষ আৰএছএছ নেতাৰ…

শেহতীয়া কিছুদিন ধৰি বিজেপি আৰু আৰএছএছৰ মাজত বিবাদ দেখা গৈছে। সেয়া আদৰ্শগত মতবিৰোধ যেন অনুমান কৰিব পাৰি! আৰএছএছৰ প্ৰবীণ নেতা ইন্দ্ৰেশ কুমাৰে লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এক কঠোৰ মন্তব্যত শাসকীয় বিজেপিক ‘অহংকাৰ’ৰ বাবে সমালোচনা কৰিছিল। অৱশ্যে তেওঁ বিৰোধী ইণ্ডিয়া ব্লকক ‘ৰাম বিৰোধী’ বুলিও সমানে সমালোচনা কৰিছে। জয়পুৰৰ সমীপৰ কণোটাত ‘ৰামৰথ অযোধ্যা যাত্ৰা দৰ্শন পূজন সমাৰোহ’ত ভাষণ দি আৰএছএছৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্যগৰাকী কাৰো নাম উল্লেখ নকৰাকৈয়ে পৰামৰ্শ দিয়ে যে নিৰ্বাচনৰ ফলাফলে তেওঁলোকৰ মনোভাৱ প্ৰতিফলিত কৰে। লোকসভা নিৰ্বাচনত ২৪০ খন আসন লাভ কৰা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি সন্দৰ্ভত তেওঁ কয়, “যি দলে ভক্তি (ভগৱান ৰামৰ) কৰিছিল কিন্তু অহংকাৰী হৈ পৰিছিল তেওঁলোকক ২৪০ ৰাণতে ৰখাই দিয়া হৈছিল কিন্তু ইয়াক আটাইতকৈ ডাঙৰ দল হিচাপে গঢ়ি তোলা হৈছিল।” তেওঁ লগতে কয়, “আৰু যিসকলৰ ৰামৰ ওপৰত কোনো বিশ্বাস নাছিল, তেওঁলোকক একেলগে ২৩৪ তে বাধা দিয়া হৈছিল।” এই ক্ষেত্ৰত তেওঁ স্পষ্টভাৱে ইণ্ডিয়া ব্লকৰ কথাই উল্লেখ কৰিছে। “গণতন্ত্ৰত ৰাম ৰাজ্যৰ ‘বিধান’ চাওক; যিসকলে ৰামৰ ‘ভক্তি(পূজা) কৰিছিল কিন্তু লাহে লাহে অহংকাৰী হৈ পৰিছিল, সেই দলটো আটাইতকৈ ডাঙৰ দল হিচাপে আত্মপ্ৰকাশ কৰিছিল, কিন্তু যি ভোট আৰু ক্ষমতা দিব লাগিছিল সেইবোৰ ঈশ্বৰে তেওঁলোকৰ অহংকাৰৰ বাবে স্তব্ধ কৰি দিছিল।”


তেওঁ কয়, “যিসকলে ৰামৰ বিৰোধিতা কৰিছিল, তেওঁলোকৰ কাকো ক্ষমতা দিয়া হোৱা নাছিল। আনকি তেওঁলোক সকলোকে একেলগে দ্বিতীয় নম্বৰ দিয়া হৈছিল। ঈশ্বৰৰ ন্যায় সঁচা আৰু উপভোগ্য।” তেওঁ লগতে কয়, “যিসকলে ৰামক উপাসনা কৰে তেওঁলোক নম্ৰ হোৱা উচিত আৰু যিসকলে ৰামৰ বিৰোধিতা কৰে, ভগৱানে নিজেই তেওঁলোকৰ সৈতে মোকাবিলা কৰিব।”তেওঁ আৰু কয় যে ভগৱান ৰামে বৈষম্য নকৰে আৰু শাস্তি নিদিয়ে। তেওঁৰ মতে ৰামে কাৰো প্ৰতি অন্যায় নকৰে। ৰামে সকলোকে ন্যায় দিয়ে। তেওঁ দিয়ে আৰু দি থাকিব। ভগৱান ৰাম সদায় ন্যায়সংগত আছিল আৰু থাকিব। কুমাৰে লগতে কয় যে ভগৱান ৰামে মানুহক সুৰক্ষা দিছিল আৰু ৰাৱণৰ সৈতেও ভাল কৰিছিল। আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে কৈছিল যে এজন প্ৰকৃত ‘সেৱক’ৰ অহংকাৰ নাই আৰু ‘মৰ্যাদা’ বজাই ৰাখি ৰাইজক সেৱা আগবঢ়ায়।

মুছলিম ছাত্ৰ সন্থা শিলবৰী আঞ্চলিক সমিতিৰ উদ্যোগত অৰ্ধ শতাধিক কৃতি ছাত্ৰ-ছাত্ৰী সম্বৰ্ধনা…

সদৌ অসম মুছলিম ছাত্ৰ সন্থা দৰং জিলা সমিতিৰ সহযোগত শিলবৰী, বৰঝাৰ আৰু কৌপাটি আঞ্চলিক সমিতিৰ উদ্যোগত শনিবাৰে শিলবৰী ছিনিয়ৰ ছেকেণ্ডাৰী প্ৰাঙ্গনত দিনযোৰা কাৰ্যসূচীৰে অৰ্ধ শতাধিক কৃতি ছাত্ৰ-ছাত্ৰীক জনোৱা হয় সম্বৰ্ধনা। বৃহত্তৰ শিলবৰী অঞ্চলৰ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু সদ্য ঘোষিত NEET পৰীক্ষাত সুক্ষাতিৰে উৰ্ত্তীন ছাত্ৰ ছাত্ৰীক জনোৱা হয় এই সম্বৰ্ধনা। এখনি জাপি, ফুলাম গামোচা আৰু মানপত্ৰৰে ছাত্ৰ-ছাত্ৰীক ভবিষ্যতৰ শৈক্ষিক দিশত উৎসাহ দিয়াৰ উদ্দেশ্যৰে জনোৱা হয় সম্বৰ্ধনা। মুছলিম ছাত্ৰ সন্থা দৰং জিলা সমিতিৰ সভাপতি মহিবুল ইছলাম চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকি ৩ নং কছাৰী ভেটিটুপ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সুৰুজ আলী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কনিষ্ঠ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা হোমেন বৰুৱা, খাৰুপেটিয়াৰ অধিবক্তা ৰেকিব উদ্দিন, শিলবৰী ছিনিয়ৰ ছেকেণ্ডাৰীৰ অধ্যক্ষ জাকিৰ হুছেইন,২নং কছাৰী ভেটিটুপ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আলাল উদ্দিন, দক্ষিণ বেছিমাৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল বাৰি,
মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক জহিৰুল খলিফাই ছাত্ৰ ছাত্ৰীৰ ভবিষ্যত জীৱন পথত আগবাঢ়ি যোৱা, সফলতা লাভ কৰাৰ উপায়, ছাত্ৰ জীৱন আৰু কিতাপৰ লগত সম্পৰ্ক,নৈতিক দায়িত্ব, এখন সুস্থ সমাজ গঠনৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ কৰণীয় লগতে এজন ভাল মানুহ হোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশত বহুমূলীয়া ভাষন প্ৰদান কৰে।


লগতে মুছলিম ছাত্ৰ সন্থা দৰং জিলা সমিতিৰ সভাপতি মহিবুল ইছলাম চৌধুৰীয়ে কয় যে অসম চৰকাৰৰ অভিলাসি আঁচনি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি খনে বহু দুখীয়া-দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক উপকৃত কৰিব। কিন্তু আঁচনি খন মাত্ৰ চৰকাৰী,অপ্ৰাদেশীত মহাবিদ্যালয়ত সীমাবদ্ধ নাথাকি আঁচনি খনৰ যোগ্য প্ৰাপ্ত ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ত পঢ়ি থকা দুখীয়া দৰিদ্ৰ ঠেলাওলা, ৰিক্সা ওলাৰ ছাত্ৰীসকলে পাব লাগে। শনিবাৰে অনুষ্ঠিত এই সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকে মুছলিম ছাত্ৰ সন্থা শিলবৰী আঞ্চলিক সমিতিৰ সভাপতি আক্তাৰ হুছেইন, সম্পাদক আকিব জামান,ছাইকুল ইছলাম, কৌপাটি আঞ্চলিক সমিতিৰ সভাপতি বুলবুল হক,বৰঝাৰ আঞ্চলিক সমিতিৰ সভাপতি ইনজামামুল হক, মিনাৰুল ইছলাম, আৰিফুল ইছলাম, মুছলিম ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ কাৰ্যকৰী সভাপতি আবুল বাশ্বাৰ, সম্পাদক আশ্বাদুল হক, শিলবৰী ছিনিয়ৰ ছেকেণ্ডাৰীৰ কেইবাজনো প্ৰৱক্তা আদি কৰি স্থানীয় শিক্ষাবিদ, মান্য গন্য ৰাইজ আৰু চাৰি শতাধিক ছাত্ৰ ছাত্ৰী। প্ৰথম অৱস্থাত প্ৰতিকুল বতৰে যদিও সভা অনুষ্ঠিত কৰাত কিছু ব্যাঘাত জন্মিছিল কিন্তু পিছলৈ সুচাৰুৰূপে সভা সম্পন্ন হয়।

গাঁৱত টুথপেষ্ট বিক্ৰীৰ পৰা কোটি টকাৰ মালিক! আম্বানীৰ পৰিয়ালৰ ধুনীয়া ধুনীয়া ফটোৰ আঁৰৰ ব্যক্তি জন কোন…

জোচেফে, এজন ফটোগ্ৰাফাৰ! বহু ষ্টাৰৰ বিবাহ অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে শ্বুটিং কৰিছে জোচেফে। চিনেমাট’গ্ৰাফাৰ হিচাপে তেওঁ বলীউডৰ তাৰকাসকলৰ প্ৰিয় তালিকাৰ শীৰ্ষত আছে। আহাতে মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু তেওঁৰ হ’বলগীয়া কইনা ৰাধিকা মাৰ্চেণ্টে এবাৰ দেশত আৰু এবাৰ বিদেশত বিয়াৰ পূৰ্বে প্ৰাক বিবাহ অনুষ্ঠিত কৰিছিল। অহা ১২ জুলাইত মুম্বাইত বিবাহপাশত আবদ্ধ হ’ব দুয়ো। বিয়াৰ আগৰ অনুষ্ঠানৰ বিশেষ মুহূৰ্তবোৰ বন্দী কৰিবলৈ কেমেৰাৰ আঁৰত থকা ব্যক্তিজন আচলতে মুকেশৰ প্ৰিয়জন। বিবাহৰ এই বিশেষ মুহূৰ্তবোৰক আৰু অধিক বিশেষ কৰি তুলিবলৈ মুকেশ আম্বানীয়ে নিজেই জোচেফক ফটো আৰু ভিডিঅ’ তোলাৰ দায়িত্ব দিছিল।



প্ৰশ্ন হয় যে দেশ-বিদেশৰ ইমান ফটোগ্ৰাফাৰ থকাৰ সময়ত আম্বানী পৰিয়ালে কিয় হঠাতে জোচেফক দায়িত্ব দিলে? ভাৰতৰ বাসিন্দা জোচেফৰ ফটোগ্ৰাফীৰ প্ৰতি আকৰ্ষণ আম্বানী পৰিয়ালৰ। জোচেফে সদায় ফটোগ্ৰাফী ভাল পাইছিল যদিও ফটোগ্ৰাফীতে তেওঁ কেৰিয়াৰ গঢ়িব বুলি কেতিয়াও ভবা নাছিল।


আনহাতে ক্ৰিকেটাৰ বিৰাট কোহলি আৰু অভিনেত্ৰী অনুষ্কা শৰ্মাৰ বিয়াৰ ফটোগ্ৰাফীৰ পৰ্দাৰ আঁৰত আছিল জোচেফ। তেতিয়াৰ পৰাই তেওঁ চেলিব্ৰিটি ফটোগ্ৰাফাৰ হিচাপে লাইমলাইটলৈ আহিছিল।


বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই ২০১৮ চনত আমেৰিকান গায়ক নিক জ’নাছৰ সৈতে বিবাহপাশত আবদ্ধ হয়। যোচেফে দুয়ো তাৰকাৰ বিবাহ অনুষ্ঠানৰ ফটো তুলিছিল।


আনকি অভিনেতা বৰুণ ধাৱন আৰু নাটাছা দলালৰ বিয়াতো যোচেফে ফটো তুলিছিল।

এইজন ফটোগ্ৰাফা যোচেফে ফটোগ্ৰাফীৰ বাবে দেশ-বিদেশৰ পৰাও কেইবাটাও বঁটা লাভ কৰিছে। ছ’চিয়েল মিডিয়াতো জোচেফ যথেষ্ট জনপ্ৰিয়।

গ্ৰেণ্ড প্ৰিক্স ২০২৪ত ৰূপৰ পদক লাভ অসম কন্যা লাভলীনা বৰগোঁহাইৰ…

আ এক সফলতা অসম কন্যা লাভলীনা বৰগোঁহাইৰ।

গ্ৰেণ্ড প্ৰিক্স-২০২৪ত ৰূপৰ পদক লাভ লাভলিনা বৰগোহাঁইৰ।

চীনৰ প্ৰতিপক্ষ লী কিয়ানৰ বিৰুদ্ধে ২-৩ ব্যৱধানত পৰাস্ত অসমৰ বক্সাৰগৰাকী।

বিচনাৰ পৰা উঠিবলৈ মন নাযায় নেকি? ৫টা কাৰণে শৰীৰক এলেহুৱা কৰি তোলে…

কেতিয়াবা আমাৰ শৰীৰটোক এলাহে আগুৰি ধৰে। গোটেই দিনটো জিৰণি লোৱাৰ পিছতো কেতিয়াবা আমাক এলাহে লগ নেৰে।যদি মাজে মাজে এলাহ ভাব আহে তেন্তে ঠিকে আছে, কিন্তু যদি আপুনি অহৰহ অলসতা আৰু এলাহৰ সন্মুখীন হৈ আছে, তেন্তে ইয়াৰ আঁৰত বহু কাৰণ থাকিব পাৰে। এলেহুৱা ভাবৰ ৫টা কাৰণ জানি লওক…


আমি যি খাওঁ তাৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ শৰীৰৰ শক্তিত পৰে। প্ৰচেছড খাদ্য, চেনি আৰু অস্বাস্থ্যকৰ চৰ্বিৰে সমৃদ্ধ খাদ্যই ভাগৰুৱা আৰু অলসতাৰ সৃষ্টি কৰিব পাৰে। আনহাতে প্ৰটিন, ফাইবাৰ, ভিটামিন আৰু খনিজ পদাৰ্থ থকা সুষম খাদ্যই আপোনাক শক্তিশালী কৰি ৰখাত সহায় কৰে।

শৰীৰত পানীৰ অভাৱ হলেও এলেহুৱাৰ এটা প্ৰধান কাৰণ। শৰীৰত পানীৰ অভাৱ হ’লে তেজ ডাঠ হৈ পৰে আৰু কোষলৈ পুষ্টিকৰ পদাৰ্থ প্ৰেৰণ কৰাত অসুবিধা পায়। ইয়াৰ ফলত পেশীৰ ক্ৰেম্প আৰু ভাগৰুৱা অনুভৱ হ’ব পাৰে।পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো অতি প্ৰয়োজনীয়।

ভাল টোপনি নাহিলেও এলেহুৱা ভাৱ আহিব পাৰে। ৰাতি কমেও ৭-৮ ঘণ্টা টোপনি লোৱাটো গুৰুত্বপূৰ্ণ।

নিয়মিত ব্যায়াম কেৱল শাৰীৰিক ফিটনেছৰ বাবেই নহয়, মানসিক সজীৱতাৰ বাবেও গুৰুত্বপূৰ্ণ। ব্যায়ামে ৰক্ত সঞ্চালন উন্নত কৰে, পেশী শক্তিশালী কৰে আৰু এণ্ড’ৰ্ফিন নামৰ হৰম’ন নিৰ্গত কৰে, যাৰ ফলত আমি সুখী আৰু শক্তিশালী অনুভৱ কৰোঁ।

কেতিয়াবা এলাহ ভাবৰ আঁৰত চিকিৎসাজনিত কাৰণ থাকিব পাৰে। যেনে, থাইৰয়ডৰ সমস্যা, ৰক্তহীনতা, হতাশা বা যিকোনো দীৰ্ঘদিনীয়া ৰোগ।

নিজে কষ্টত থাকি পৰিয়ালটোক সুখত ৰখা জনেই দেউতা…

আজি পিতৃ দিৱস। প্ৰতিগৰাকী পিতৃলৈ পিতৃ দিৱসৰ শুভেচ্ছা জনালো। ভালে থাকক প্ৰতিগৰাকী পিতৃ।

সন্তান আৰু পিতৃ মাজৰ সম্পৰ্কৰ চিন স্বৰূপে ইউৰোপীয় দেশ সমূহত মধ্য যুগৰে পৰাই পিতৃ দিৱস পালন কৰি আহিছে। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰত এই পিতৃ দিৱস সোনোৰা স্মাৰ্ট ডডৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল আৰু ১৯১০ চনত প্ৰথম বাৰলৈ জুন মাহৰ তৃতীয় সপ্তাহৰ দেওবাৰটোত পিতৃ দিৱস পালন কৰা হৈছিল। তেতিয়াৰ পৰাই প্ৰতিবছৰে জুন মাহৰ তৃতীয় সপ্তাহৰ দেওবাৰৰ দিনটোত পিতৃ দিৱস পালন কৰা হয়।