Home Blog Page 775

আজি উন্মোচন হ’ব কবিতা পুথি ৰঙীন উপন্যাস…

বিশেষভাবে সক্ষম এগৰাকী ছাত্ৰীৰ স্ব-ৰচিত কবিতাসমূহ থূপ খোৱাই ১৬জুনত ছাত্ৰীগৰাকীৰ জন্মদিনত গ্ৰন্থ আকাৰে ছপা ৰূপ দি প্ৰকাশৰ বাবে এক ইতিবাচক পদক্ষেপ হাতত লৈছে যোৰহাটৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী দিগদৰ্শন প্ৰকাশনে। জানিব পৰা মতে যোৰহাটৰ দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত শিশু আৰু কিশোৰৰ অসমীয়া মাহত প্ৰকাশিত পষেকীয়া আলোচনী “জ্ঞানজ্যোতি”ৰ কমাৰগাঁও বুধবাৰীৰ প্ৰতিনিধি পৰিণীতাৰ এই কবিতা পুথিখন গোলাঘাট জিলাৰ কমাৰগাঁৱৰ বুধবাৰী প্ৰাথমিক বিদ্যালয়ত কমাৰগাঁও লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী বীণা ৰাজকুমাৰীয়ে উন্মোচন কৰিব।

দিনৰ ১১বজাৰ পৰা জন্মদিনৰ লগত সংগতি ৰাখি আয়োজিত এই অনুষ্ঠানত গ্ৰন্থখনৰ প্ৰকাশক তথা দিগদৰ্শন প্ৰকাশনৰ স্বতাধিকাৰ পংকজ কুমাৰ দাসে যথা সময়ত স্হানীয় সাহিত্যানুৰাগী ৰাইজৰ উপস্হিতি আৰু সহযোগিতা কামনা কৰিছে।উল্লেখ্য যে পৰিণীতা হাজৰিকাৰ ইতিমধ্যে “এমুঠি হৃদয়ৰ অনুভৱ”,”হৃদয়ৰ এমুঠি কবিতা””নিৰিবিলি সুবাস” আৰু “সেই বাটেৰে…”নামৰ চাৰিখন কবিতা পুথি জন্মদিনত দিগদৰ্শন প্ৰকাশনে বিনামূলীয়াকৈ প্ৰকাশ কৰি পাঠকৰ হাতত তুলি দিছে।

বাণীকান্ত কাকতি মেধাৱী বঁটাৰ স্কুটী লাভ কৰা ছাত্ৰ-ছাত্ৰীক বাহন চালনাৰ প্ৰশিক্ষণসহ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব পৰিবহণ বিভাগে…

উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মুখ্যমন্ত্ৰীৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বাণীকান্ত কাকতি মেধাৱী বঁটাৰ স্কুটী লাভ কৰিবলগীয়া অসমৰ ৪৮,৬৭৩ গৰাকী পৰীক্ষাৰ্থীৰ মাজৰ কামৰূপ মহানগৰ জিলাৰ ২,৯০৭গৰাকী ছাত্ৰ-ছাত্ৰীক বাহন চলাওঁতে মানি চলিবলগীয়া নীতি-নিয়ম আৰু পথৰ সুৰক্ষিত যাতায়াত সন্দৰ্ভত বিশেষভাৱে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে পৰিবহণ বিভাগে৷ হোণ্ডা চেফটি ড্ৰাইভিং এডুকেছন চেন্টাৰৰ সহযোগত সুৰক্ষিত যাতায়াতৰ বিভিন্ন দিশ সামৰি প্ৰদান কৰিবলগীয়া প্ৰশিক্ষণৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলক পৰিবহণ বিভাগে বাহন চালনাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰো প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখ্য যে, এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কামৰূপ মহানগৰ জিলাত ৬০শতাংশৰ অধিক নম্বৰ লাভ কৰা ২,৩০৪গৰাকী ছাত্ৰী আৰু ৭৫শতাংশৰ অধীক নম্বৰ লাভ কৰা ৬০৩ গৰাকী ছাত্ৰ অৰ্থাৎ সৰ্বমুঠ ২,৯০৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বাণীকান্ত কাকতি মেধাৱী বঁটা হিচাপে স্কুটী লাভ কৰিব বুলি পোৱা তথ্যৰ ভিত্তিত পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে কয় যে ৰাজ্যৰ ৰাজধানী চহৰখনৰ এইসকল মেধাৱী ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ নিজস্ব জ্ঞান-শিক্ষাৰ সমানে বাহন চালনাৰ ক্ষেত্ৰতো আত্মবিশ্বাসী আৰু দক্ষতা সম্পন্নভাৱে গঢ়ি তুলিবলৈ পৰিবহণ বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে।

সুখ্যাতিৰে উত্তীৰ্ণ হৈ বঁটা লাভ কৰা এইসকল মেধাৱী ছাত্ৰ-ছাত্ৰীক দুচকীয়া বাহনৰ আদৰ্শ চালক হিচাপে গঢ় দিয়াৰ প্ৰয়াসৰ কথাও তেওঁ সদৰি কৰে। সেই অনুসৰি অহা ১জুলাইৰ পৰা মহানগৰীৰ বেতকুচিস্থিত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত প্ৰতিদিনে মহানগৰ জিলাখনৰ ১০০গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক যান-বাহন চালনাৰ যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে ছাত্ৰ-ছাত্ৰীসকলে শিকাৰু অনুজ্ঞাপত্ৰ (Learner Licence)ৰ বাবে নিজৰ নাম-ঠিকনা, বয়সৰ প্ৰমাণপত্ৰসহ “parivahan Sewa” portal অথবা “http // Sarathi.parivahan.gov.in/ sarathi serviceত অনলাইন যোগে আৱেদন কৰিব লাগিব।

সমাজৰ তীক্ষ্ণধী ছাত্ৰ-ছাত্ৰীসকলক দুচকীয়া বাহনৰ আদৰ্শ চালক হিচাপে গঢ় দিবলৈ পৰিবহণ বিভাগে গ্ৰহন কৰা পদক্ষেপলৈ আন্তৰিক সহযোগিতাৰ হাত আগবঢ়াবলৈ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলৰ প্ৰতিয়ো পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে অতি বিনম্ৰতাৰে অনুৰোধ জনায়। ইফালে এই বিশেষ প্ৰশিক্ষণ সন্দৰ্ভত সবিশেষ জানিবলৈ পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ যানবাহন পৰিদৰ্শক শ্ৰীমতী পূৰ্ণিমা তাছা, নিম্নবৰ্গ সহায়ক জ্যোতিষ কৈবৰ্ত (৯৪০১৫৯৬৩৮৭) আৰু ইলান জ্যোতি ভৰালী (৭৮৯৬৮৫০০৪৫)ৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।

২০২৪ বৰ্ষৰ সাহিত্য অকাদেমিৰ শিশু-সাহিত্য আৰু যুৱ বঁটাৰ শিতানত পাঁচগৰাকী অসম সন্তান উজলি

বহু কালজয়ী তথা জনপ্ৰিয় গ্ৰন্থৰ প্ৰসিদ্ধ ৰচয়িতা শ্ৰীৰঞ্জু হাজৰিকা
বড়ো ভাষা-সাহিত্য চৰ্চা কৰি বিশেষ খ্যাতি অৰ্জা ভাৰ্জিন জেকোভা মৗসাহাৰী


নয়নজ্যোতি শৰ্মা, শ্ৰীসুতপা চক্ৰৱৰ্তী, ছেল্ফ মেড ৰাণী বড়োৱে যুৱ অকাদেমি লাভ কৰি নিজৰ লগতে জাতিটোৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে


DB NEWS ৰ তৰফৰ পৰা আটাইকেইগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ও শুভেচ্ছা জ্ঞাপন কৰিলে সামাজিক মাধ্য়মত ।

বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত বৰপেটা লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীক সম্বৰ্ধনা

মই এজিপিও নহয়, বিজেপিও নহয় , মই এতিয়া সাংসদ – চৌধুৰী

বৰপেটা লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীক শনিবাৰে বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত দলটোৰ কাৰ্যকৰ্তাসকলে বিপুলভাবে সম্বৰ্ধনা জনায় ৷ বঙাইগাঁও বিধানসভা সমষ্টিৰ অগপ দলৰ প্ৰাক্তন বিধায়ক তথা এইবাৰ শাসকীয় মিত্ৰদলৰ প্ৰাৰ্থী হিচাপে বৰপেটা লোকসভা সমষ্টিৰ পৰা দিল্লীৰ সংসদ ভৱনলৈ নিৰ্বাচিত হোৱা সাংসদ চৌধুৰীক সম্বৰ্ধনা জনোৱাৰ সময়ত ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত আছিল ৷

এই উপলক্ষে জিলা বিজেপিৰ সভাপতি উজ্বলকান্তি ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত দলটোৰ বঙাইগাঁও জিলাৰ প্ৰভাৰী বনদ্বীপ ডেকা, জিলাৰ প্ৰাক্তন সভাপতিসকলৰ লগতে দলীয় কাৰ্যকৰ্তাসক উপস্থিত আছিল ৷ ইপিনে সম্বৰ্ধনা অনুষ্ঠানৰ পিচত নৱ নিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে মই এজিপিও নহয়, বিজেপিও নহয় , মই এতিয়া সাংসদ ৷ তেওঁ কয় যে মই এইকাৰণে কৈছো যে আমি এজিপি, বিজেপি আৰু ইউপিপিএল দলে মিত্ৰতাত আবদ্ধ হৈ আছোঁ ৷ গতিকে এই সমষ্টিটোত কেৱল এজিপিৰে মানুহ নাই, বিজেপিৰে মানুহ নাই ৷ গতিকে আমি যদি এই সমষ্টিটোৰ উন্নয়ন কৰিবলগীয়া হয়, তেতিয়াহলে এজিপি, বিজেপি প্ৰত্যেকৰে উন্নয়ন কৰিব লাগিব ৷ আমি যিহেতু নিৰ্বাচনটো তিনিটা দলে খেলিছো, গতিকে আমি তিনিটা দলকে সমভাবে গুৰুত্ব আৰোপ কৰি সমভাবে উন্নয়নৰ দিশত প্ৰাধন্য দিম ৷ ইপিনে সাংসদ হিচাপে আৰম্ভ হোৱা নতুন যাত্ৰা সন্দৰ্ভত তেওঁ কয় যে নতুন যিটো যাত্ৰা আৰম্ভ হৈছে, মই ভাবো যে যোৱা ৩৮ বছৰে বিধায়কৰ কাৰ্যকালত যেনেধৰণে মই ৰাইজক সেৱা আগবঢ়াইছিলো, একেধৰণে মই যাতে এই পাঁচটা বছৰত বৰপেটা লোকসভা সমষ্টিবাসী ৰাইক সেৱা আগবঢ়াব পাৰো তাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিম ৷ আনহাতে উপ নিৰ্বাচন সন্দৰ্ভত সাংসদ চৌধুৰীয়ে কয় যে উপ নিৰ্বাচন হ’ব ৷ প্ৰাৰ্থী দলে নিৰ্বাচন কৰিব ৷

মই এতিয়ালৈ ঠিক কৰা নাই আৰু তাত মোৰ একো নাই ৷ ইপিনে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে মই নথৈ আনন্দিত যে মই যিহেতু ইয়াৰ অভিভাৱক মন্ত্ৰী ৷ প্ৰকৃতাৰ্থত ফণীভূষণ চৌধুৰী সন্দৰ্ভত ক’বলগীয়া একো নাই ৷ কাৰণ অসমৰ সৰ্বজনবিদিত ৷ নিৰ্বাচনৰ সময়ত বিভিন্ন মানুহে বিভিন্ন অপপ্ৰচাৰ চলাইছিল ৷ কিন্তু তাৰ পিচতো আমাৰ বৰপেটা লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজে বিপুল ভোটত জয়যুক্ত কৰিছে ৷ মই তেঁৱক শুভেচ্ছা জনাইছোঁ ৷ পূৰ্বতে কেৱল বঙাইগাঁও সমষ্টিটো চাইছিল যদিও এইবাৰ সাংসদ হিচাপে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত দহটাকৈ সমষ্টিৰ লগতে গোটেই অসমৰ বিষয়সমূহো সংসদত উত্থাপন কৰিব পাৰিব বুলি মোৰ বিশ্বাস ৷

বাৰিষাৰ প্ৰথমটো বানত বুৰিল ধেমাজি আৰু চিচিবৰগাওঁ ৰাজহ চক্ৰৰ কেইবাখনো গাওঁ


অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল পাহাৰত হোৱা মুষলধাৰ বৰষুণ ফলত ফেনে-ফুটুকাই উফন্দি উঠিছে কামিয়া নদীৰ জলপৃষ্ট । ধেমাজিৰ নিলখ আৰু মৰিঢল গাওঁ পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ২০ খন গাওঁ বুৰিল কামিয়া আৰু কানি নৈৰ বানত ।

জেংৰাই পৰা ৰংপুৰীয়া সংযোগী পথত পকী কালভাট বহি যোৱাৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈছে । কামিয়া নদীৰ বানৰ ফলত নিলখ আৰু মৰিঢল পঞ্চায়তৰ অন্তৰ্গত লুগুটি, কানিবিল ,বেচামৰা, খৰাগড় কল্পনাপুৰ, ন-পাম আদি কৰি কেইবাখনো গাওঁৰ শতাধিক পৰিয়ালৰ বাসগৃহ বুৰাই পেলাইছে ৷ ওখ স্থানত আশ্ৰয় গ্ৰহণ পশুধন সমূহ । ঘৰতে চকীৰ ওপৰত উঠি সময় কটাব লগা হৈছে অঞ্চলবাসীয়ে ।

বড়ো ভাষাৰ “ছাইখ্লুম” গ্ৰন্থৰ বাবে ওদালগুৰিৰ চেল্ফমেড ৰাণী বড়োৰ সাহিত্য অকাডেমী বটাঁ লাভ

সাহিত্য অকাডেমীয়ে ঘোষণা কৰা ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমী বঁটাৰ বাবে বড়ো ভাষাৰ যুৱ সাহিত্যিক চেল্ফমেড ৰাণী বড়ো নিৰ্বাচিত হোৱাৰ খৱৰ বিয়পি পৰাৰ লগে লগে সাহিত্যিকগৰাকীৰ বাসগৃহত গুণমুগ্ধই ভীৰ কৰাৰ লগতে এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷ বড়ো ভাষাৰ “ছাইখ্লুম” চুটি গল্পৰ সংকলন গ্ৰন্থৰ বাবে যুৱ সাহিত্য অকাডেমী সন্মান লাভ কৰা শ্ৰীমতী বড়ো ১৯৭৭ চনৰ ২ জুনত জন্মগ্ৰহণ কৰা


ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ নিকটৱৰ্তী ১ নং শিমলুবাৰীৰ গাঁও নিবাসী পিতৃ পেছাত তৰণী দেহীৰাম বড়ো আৰু গাঁৱৰ চ’কত শাক-পাচলিৰ দোকান দি পৰিয়ালক আৰ্থিকভাৱে সহায় কৰা মাতৃ প্ৰমিলা বড়োৰ মাজু কন্যা অসম সচিবালয়ৰ বড়ো ভাষাৰ অনুবাদকৰূপে কৰ্মৰত চেল্ফমেড ৰাণী বড়োয়ে বৰ্তমানলৈ লাফি নজেৰ খিথেৰ(২০১৮), উনদাহানী অ’ৰ(২০০০) আৰু ছাইখ্লুম (২০২২) নামৰ তিনিখনকৈ গ্ৰন্থৰ লেখিকা শ্ৰীমতী বড়োলৈ ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱাৰ বতৰা বিয়পি পৰাৰ লগে লগে বিভিন্ন দল-সংগঠন আৰু তেওঁৰ গুণমুগ্ধ ব্যক্তিসকলে তেওঁৰ বাসগৃহত উপস্থিত হৈ তেওঁক অভিনন্দন জনায় ৷ ম’বাইলত সামাজিক মাধ্যম ব্যৱহাৰেৰে সাহিত্য সৃষ্টিত সহায় কৰা বুলি উল্লেখ কৰি বড়ো ভাষাৰ সমান্তৰালকৈ অসমীয়া ভাষাতো সাহিত্য চৰ্চা কৰা যুৱ লেখিকাগৰাকীৰ এই সাফল্যত ওদালগুৰি জিলাত আনন্দৰ সৃষ্টি হৈছে ।

বিহালী উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হ’ব পাৰে ভূপেন বৰা !



বিহালীত কংগ্ৰেছ সভাপতি ভূপেন বৰাই বজালে উপ-নিৰ্বাচনৰ ৰণডংকা । কংগ্ৰেছ দল বিসম্বাদী বিধায়কৰ পদ খাৰিজ নকৰি ৰক্ষনাবেক্ষণ দিছে বিধানসভাৰ অধক্ষ্য বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ ৭১ নং বিহালী বিধান সভা সমষ্টিত বাজিছে উপ-নিৰ্বাচনৰ ৰণডংকা৷ শাসকীয় দল বিজেপি দলৰ ৰাজ্যিক সভাপতি পল্লৱলোচন দাস আৰু সদ্য বিজেপি নেতা জয়ন্ত বৰাই বিহালীৰ কুচ-কাৱাজ আৰম্ভ কৰিছে৷ উল্লেখ্যযোগ্য যে শাসকীয় বিজেপি দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী পল্লৱলোচন দাসৰ বিৰূদ্ধে বিহালীত সৃষ্টি হৈছে প্ৰতিষ্ঠান বিৰোধী প্ৰৱল ঢৌ৷ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল ক্ৰমাৎ বিহাসী বিজেপিৰ ভিতৰচ’ৰাত উমি-উমি জ্বলিছে পল্লৱলোচন দাস বিৰোধী ৰণকৌশল ৷ বিহালী বিজেপিৰ জ্যেষ্ঠ নেতাই কোনো কাৰণত পল্লৱলোচন দাসক সহযোগ নকৰাৰ পণ লৈছে বিহালী বিজেপিয়ে৷

তাৰামজতে আজি ৭১ নং বিহালী বিধান সভা সমষ্টিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰ্মী সভা অনুষ্ঠিত কৰি একপ্ৰকাৰে ৰণ হুংকাৰ দিছে সভাপতি ভূপেন বৰাই৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হ’ল বিহালীত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনক কংগ্ৰেছ সভাপতি ভূপেন বৰাই সন্মুখৰ পৰা , নিজে উপস্থিত থাকি নিৰ্বাচনক নেতৃত্ব দিয়াৰ কথা ঘোষণা কৰিছে,লগতে সভাপতি ভূপেন বৰাই বিহালীবাসীৰ ঘৰে-ঘৰে গৈ ভোট বিচাৰিব বুলি গুৰুত্বপূৰ্ণ ইংগিত প্ৰদান কৰিছে ৷আনকি সভাপতি ভূপেন বৰাই কৰ্মী সভাতেই বিশ্বনাথ জিলা সভাপতিক নিৰ্দেশ দি কই যে যি সকলে কংগ্ৰেছ দলত থাকি কংগ্ৰেছ হাৰিব আৰু ফাল্টু কথা-বতৰা পতা সময় অতিবাহিত কৰে তেনে কংগ্ৰেছীক দলৰ পৰা ডিঙিত ধৰি বাহিৰ কৰি দিবলৈ নিৰ্দেশ দিয়ে৷ তদুপৰি সভাপতি ভূপেন বৰাই অহা ৩০ জুনৰ ভিতৰত বিহালীত উপ-নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি নিৰ্বাচনী কাম-কাজ তীব্ৰতৰ কৰিৱলৈ নিৰ্দেশ দিয়া পৰিলক্ষিত হয়৷ শেহতীয়া চৰ্চা অনুসৰি বিহালী উপ-নিৰ্বাচনত ৰাজ্যিক সভাপতি ভূপেন বৰাও হ’ব পাৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী বুলিও এক ইঙ্গিত দিয়ে৷

সিফালে সভাপতি ভূপেন বৰাই অভিযোগ উত্থাপন কৰি কই যে, কংগ্ৰেছৰ ৫ জন বিসম্বাদী বিধায়কৰ পদ খাৰিজ নকৰি বিধানসভাৰ অধক্ষ্য বিশ্বজিৎ দৈমাৰীয়ে ৰক্ষনাবেক্ষন দিছে ৷ হিমাচল প্ৰদেশত কংগ্ৰেছে অভিযোগ দিয়াৰ ১৫ দিনৰ ভিতৰতে অধ্যক্ষই ব্যৱস্থা লৈছিল যদিও অসমত অধ্যক্ষই লেহেমীয়া গতিৰে আগবাঢ়ি বিজেপিৰ কাৰ্যালয়ত কংগ্ৰেছৰ বিধায়ক ঘুৰি ফুৰাটো নেদেখাৰ ভাও জুৰিছে বুলি বিধান সভাৰ অধ্যক্ষক ক্ষুৰদ্ধাৰ সমালোচনা কৰে সভাপতি ভূপেন বৰায়৷ যদিও শেহতীয়াভাৱে বিহালীৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ নাম চৰ্চালৈ অহাৰ সমান্তৰালভাৱে সদ্য অনুষ্ঠিত শোণিতপুৰ সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ নামো প্ৰাৰ্থী হিচাপে চৰ্চাত আছে৷

দুনীৰ্তি নিৰ্বাৰক আৰু তদাৰকী শাখাৰ হাতত আটক হোৱা ইকবাল আহমেদৰ ঘৰত উদ্ধাৰ ১৪,৫৬,৫০০ নগদ টকা

দুনীৰ্তি নিৰ্বাৰক আৰু তদাৰকী শাখাৰ হাতত আটক হোৱা ইকবাল আহমেদৰ ঘৰত উদ্ধাৰ ১৪,৫৬,৫০০ নগদ টকা

অনুজ্ঞাপত্ৰ দিয়া নামত এজন ব্যক্তি পৰা দ্বিতীয় কিস্তিত ৩০হাজাৰ টকা উৎকোচ লৈ দুনীৰ্তি নিৰ্বাৰক আৰু তদাৰকী শাখা হাতত গ্ৰেপ্তাৰ হোৱা যোৰহাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ ৰেঞ্জাৰ ইকবাল আহমেদক লগত লৈ তেওঁ নগৰ গীতাৰ্থী স্কুলৰ সমীপত থকা বাসগৃহতো অভিযান চলায় আৰু অভিযান কালত দুনীৰ্তি নিৰ্বাৰক শাখায়ে নগদ ১৪,৫৬,৫০০ টকা সহ সামগ্ৰী উদ্ধাৰ কৰা হৈছে ।

আনহাতে ত্ৰিশ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা বিষযা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় ৰ্যে – ৰাইজৰ সহযোগত দুনীৰ্তি গ্ৰস্থ বিষয়া কৰ্মচাৰী বিৰুদ্ধে অভিযান অব্যাহত থাকিব আৰু কোনো কাৰণ থমকি নৰয় কাৰণ দুই এজনে আমাক বেয়া পাইছিল কিয় ইমান কঠোৰ হ’ব লাগে

নদুৱাৰৰ জয়সিদ্ধি মধুপুৰ গাঁৱৰ দুই সন্তানৰ মাতৃ নিৰুদ্দেশ! তিনিমাহে সন্ধান নাই বোৱাৰীগৰাকীৰ

নদুৱাৰ অঞ্চলৰ জয়সিদ্ধি মধুপুৰ গাঁৱৰ বুবু নাথ নামৰ যুৱক গৰাকীৰ পত্নী নিতু দেৱী বৰুৱা (২৭) নামৰ বোৱাৰী গৰাকী আজি তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই স্বামী আৰু পৰিয়ালবৰ্গক চিন্তিত কৰি তোলাৰ লগতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷পৰিয়ালৰ সূত্ৰে জানিৱ পৰা মতে তিনিমাহৰ পূৰ্ব্বৰ এটি নিশা স্বামী আৰু সন্তানক শোৱনী কোঠাতে এৰি বাহিৰলৈ যোৱা পত্নী পুৱা পৰ্যন্ত ঘুৰি নহাত চিন্তিত হৈ স্বামীয়ে চাৰিওফালে বিচাৰ খোচাৰ কৰিও কোনো শুংসূত্ৰ নেপালে৷ ৰোগীয়া স্বামী বুবু নাথৰ লগতে ন(৯) বছৰীয়া আৰু তিনি(৩) বছৰীয়া দুটিকৈ কনমানি পুত্ৰ সন্তান ক ঘৰত এৰি থৈ নিশাৰ ভাগত ওলাই যোৱা মাতৃ নিতু দেৱীৰ সন্ধান বিছাৰি বহুদিন ধৰি  আত্মীয়ৰ ঘৰত খৱৰ কৰিও কোনো সম্ভেদ উলিয়াব পৰা নাই দুৰ্ভগীয়া পৰিয়ালটিয়ে৷

স্বামীৰ অভিযোগ অনুসৰি অচিনাক্ত এজন যুৱকে  তেওৰ পত্নীক ভূৱা প্ৰেমৰ চালনাৰে পলুৱাই  নিছে৷যিহেতু পূৰ্ব্বতে নিতু দেৱী নামৰ সুন্দৰী পত্নীৰ সৈতে ফোনত কথা পতা আৰু মেচেজ সমুহ তেঁও দেখা পাইছিল৷ অৱশেষত উপায়হীন হৈ স্বামী বুবুল নাথে ইটাখোলা আৰক্ষী চকীত পত্নীৰ নিৰুদ্দেশ সম্পৰ্কত এজাহাৰ দাখিল কৰিবলৈ বাধ্য হয়৷আৰক্ষীয়ে বোৱাৰী গৰাকীৰ নিৰুদ্দেশ সম্পৰ্কীয় এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে যদিও কোনো শুং সূত্ৰ বিচাৰি পোৱা নাই৷সদাশয় লোক সকলে দুটি পুত্ৰ সন্তানৰ মাতৃ বোৱাৰী গৰকীৰ সন্ধান পালে ৯১০১৪১৫০৯৫ (9101415095 )নম্বৰ ফোনৰ জৰিয়তে খৱৰ দিবলৈ স্বামী বুবুল নাথে অনুৰোধ জনাইছে৷লগতে দুটাকৈ কনমানি পুত্ৰ সন্তানৰ ভৱিষ্যত জীৱনৰ কথা ভাবি হলেও ঘৰলৈ ওভতি আহিবলৈ বোৱাৰী নিতু দেৱী ক আহৱান জনাইছে স্বামী আৰু পৰিয়ালবৰ্গৰ লগতে স্হানীয় ৰাইজে৷

২০২৪ বৰ্ষৰ সাহিত্য অকাদেমী শিশু সাহিত্য বঁটা আৰু সাহিত্য অকাদেমী যুৱ বঁটা ঘোষণা…

২০২৪ বৰ্ষৰ সাহিত্য অকাদেমী শিশু সাহিত্য বঁটা প্ৰথিতযশা সাহিত্যিক ৰঞ্জু হাজৰিকা (অসমীয়া ভাষাত) আৰু ভাৰ্জিন জেক’ভা মুছাহাৰীয়ে (বড়ো ভাষাত) লাভ কৰে।

লগতে ২০২৪ বৰ্ষৰ সাহিত্য অকাদেমী যুৱ বঁটা নয়নজ্যোতি শৰ্মা (অসমীয়া ভাষাত)ই লাভ কৰে।

ছেল্ফ মেড ৰাণী বড়োই (বড়ো ভাষাত) লাভ কৰে।