Home Blog Page 776

সদৌ অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সংস্থা দ্বি-বাৰ্ষিক ১৯ সংখ্যক ৰাজ্যিক অধিৱেশনৰ ৰাজহুৱা সভা আদৰণী সমিতি গঠন…

আজি চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সদৌ অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সংস্থাৰ

১৯ সংখ্যক দ্বি-বাৰ্ষিক ৰাজ্যিক অধিবেশনৰ আদৰণী সমিতি গঠনাৰ্থে এখনি ৰাজহুৱা সভাৰ আয়োজন কৰা হয়। দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা সভাত সভাপতিত্ব কৰে কেন্দ্ৰীয় সভাপতি এম.এছ চিৱলি মজুমদাৰে। চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ যোচেফ বসুমতাৰীয় বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সভাখনিত প্ৰথমে সংস্থাৰ অলপতে মৃত্যুবৰণ কৰা অৰূপ চাংমাই আৰু আনেশ্বৰ ৰেগনৰ স্মৃতিত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। সভাখন উদ্বোধন কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদক ভবেশ নাথে ।অতিথি আদৰণী আতঁধৰে জিলা সমিতিৰ উপদেষ্টা ভুবন দাসে । সভাৰ উদেশ্য ব্যাখা আগবঢ়ায় জিলা সম্পাদক আদিত্য চুতীয়া আৰু আদৰণি ভাষণ আগবঢ়ায় জিলা সভাপতি শিৱশঙ্কৰ পাদুনে ।

সভাত উপস্থিত থাকি বক্তব্য আগবঢ়ায় বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰিসংখ্যা আৰু উন্নয়ন বিষয়া জয় চন্দ্ৰ বৰুৱা, জিলা সমগ্ৰ শিক্ষা বিষয়া পংকজ বৰা,জিলা কৰ্মচাৰী সন্থাৰ সভাপতি দিব্য দত্ত,শিৱসাগৰ জিলাৰ শিৱ প্ৰসাদ কলিতা, লখিমপুৰ জিলাৰ মাধৱ শইকীয়া, ধেমাজি জিলা মজলীয়া শিক্ষক সন্থাৰ সম্পাদক গকুল চুতীয়া, চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক লক্ষীনাথ বৰা কেধৰি বহু ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। ধেমাজি জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দেবেন ডেকা, জাতীয় মহিলা পৰিষদৰ ধেমাজি জিলাৰ সভানেত্ৰী ভনীতা দাস, চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম গগৈ,  এজেৱাইপিৰ চিলাপথাৰ আঞ্চলিক

সমিতিৰ সভাপতি হিতেশ ডেকা, সাৰথিৰ মুখ্য সচিব মনোজ কুমাৰ দাস, ধেমাজি জিলা নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি সজল নাথৰ লগতে সংস্থাৰ কামৰূপ, কাছাৰ,ওদালগুৰি, লখিমপুৰ, শিৱসাগৰ, চৰাইদেউ কেধৰি কেবাখনো জিলাৰ প্ৰতিনিধি উপস্থিত থাকে। সভাই সংস্থাৰ আগত্তক ১৯ সংখ্যক দ্বি-বাৰ্ষিক ৰাজ্যিক অধিৱেশনখনি চিলাপথাৰতে আয়োজন কৰাৰ প্ৰস্তাৱ গ্ৰহন কৰি স্হানীয় বিধায়ক ভুৱন পেগুক সভাপতি, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু,সাংসদ প্ৰদান বৰুৱাক পৃষ্ঠপোষক,  ভুবন দাসক কাৰ্যকৰী সভাপতি,দুলুমণি ভৰাঁলীক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৩১ জনীয়া শক্তিশালী আদৰনী সমিতি গঠন কৰা হয়। অহা এক সপ্তাহৰ ভিতৰত পুৰ্ণাংগ সমিতি খন গঠন কৰিবলৈ শেষত সভাই এক প্ৰস্তাৱ গ্ৰহন কৰে।

আপুনি পানী খাই আছেনে? গৰমত শৰীৰত পানীৰ অভাৱ হ’লে এই ৫টা লক্ষণে দেখা দিব…

সকলোৱে জানে যে গ্ৰীষ্মকালত ঘাম বেছি হয়। ফলত শৰীৰৰ পৰা বহু পানী ওলাই। যদি শৰীৰত পৰ্যাপ্ত পৰিমাণৰ পানী নাথাকে তেন্তে শৰীৰ পানীৰ অভাৱত ভুগে। শৰীৰৰ ভিতৰত কি হৈ আছে বাহিৰৰ পৰা দেখা নাযায় এই সমস্যা। কিন্তু শৰীৰত পানীৰ পৰিমাণ কমি গ’লে বহু লক্ষণৰ দ্বাৰা জানিব পৰা যায়। জানো আহক এই সমূহৰ বিষয়ে…

খোজ কাঢ়িবলৈ বা দৌৰিবলৈ গ’লে বা ওপৰলৈ যোৱাৰ সময়ত আপুনি ভাগৰুৱা অনুভৱ কৰেনে? যদি তেনেকুৱা হয় তেন্তে পানী খোৱাৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব।

দীৰ্ঘদিন ধৰি শৰীৰত পানীৰ অভাৱ হ’লে যকৃতে সঠিকভাৱে কাম কৰিব নোৱাৰে। যকৃতে পানীৰ সহায়ত গ্লাইক’জেন উৎপন্ন কৰে, যিয়ে শক্তি প্ৰদান কৰে। কিন্তু যদি যকৃতে সঠিকভাৱে কাম নকৰে তেন্তে শৰীৰক অধিক খাদ্যৰ প্ৰয়োজন হ’ব। সেয়েহে নিমখীয়া খাদ্য, চকলেট আৰু মিঠাই খোৱাৰ প্ৰৱণতা বৃদ্ধি পায়।

গ্ৰীষ্মকালত শৰীৰত পানীৰ অভাৱ দূৰ কৰিবলৈ দৈনন্দিন খাদ্যত ফল-মূল অন্তৰ্ভুক্ত কৰক।

মূৰৰ বিষৰ সমস্যা বিভিন্ন কাৰণত হ’ব পাৰে। তাৰ ভিতৰত এটা কাৰণ হ’ল পানীৰ অভাৱ। শৰীৰত পানীৰ পৰিমাণ কমি গ’লেই মাইগ্ৰেইনৰ বিষ আৰম্ভ হয়। গতিকে সকলো সময়তে মূৰৰ বিষ থাকিলে অধিক পানী খাব লাগে।

গ্ৰীষ্মকালত ছালখন শুকান হৈ থাকে। যদি শৰীৰত পানীৰ অভাৱ হয়, তেন্তে এই সমস্যা বহুত বাঢ়ে। ছালখন অত্যন্ত শুকান হৈ পৰে। ওঁঠ ফাটিবলৈ ধৰিলে। আপোনাৰ ছালত যদি খজুৱতি হয় তেতিয়া অধিক পানী খোৱাটো প্ৰয়োজ।

যদি হঠাৎ প্ৰস্ৰাৱৰ ৰং হালধীয়া হয়, তেতিয়াহে বুজিব যে শৰীৰত পানীৰ অভাৱ হৈছে। ইয়াৰ বাহিৰেও শৰীৰত পানীৰ অভাৱৰ বাবে প্ৰস্ৰাৱৰ পৰিমাণ কমি যায় আৰু প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা অনুভৱ হয়।

তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁৱৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদানৰ সময়সূচী সালসলনি…

তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা প্ৰশাসনে জিলাখনৰ শিক্ষানুষ্ঠানসমূহৰ (চৰকাৰী আৰু ব্যক্তিগত) পাঠদানৰ সময়সূচীৰ ক্ষেত্ৰত কেতবোৰ সালসলনি কৰিছে।

সেই অনুসৰি নিম্ন প্ৰাথমিক শ্ৰেণীৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১১.৩০ বজা, উচ্চ প্ৰাথমিক শ্ৰেণীৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১.১৫ বজালৈ আৰু মাধ্যমিক

তথা উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১.৫৫ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। ২৫ মে’ৰ পৰা পৰৱৰ্তী নিৰ্দেশ নোলোৱালৈকে এই নতুন সময়সূচী কাৰ্যকৰী হ’ব।

লাইমেকুৰীত মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি সংহতি গোটৰ সভা…           

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১ নং লালী,৫ নং অৱাং জোনাই আৰু ৬ নং সানজাৰি নৌগৌৰ সমষ্টিৰ যুটীয়াকৈ “সমষ্টি সংহতি গোটৰ সভা” আজি লাইমেকুৰী কৃষ্টি ভৱনত প্ৰ অনুষ্ঠিত কৰা হয়।সন্মিলিত গণ শক্তি, অসমৰ জোনাই সমষ্টি সমিতিৰ সভাপতি মূলাকান্ত পেগুৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৫ নং অৱাং জোনাই পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য ববীকান্ত পেগুয়ে। সভাত উপস্থিত থাকি মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১ নং লালী আৰু ৫ নং অৱাং জোনাই পৰিষদীয় সমষ্টিৰ সমষ্টি সংহতি গোটৰ তত্বাৱধায়ক তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য  মলেন্দ্ৰ নাৰ্জাৰীয়ে কয় মিচিং স্বায়ত্তশাসিত পৰিষদে স্বায়ত্ত পৰিষদৰ এলেকাধীন অঞ্চলৰ ৰাইজৰ অৰ্থনৈতিক বিকাশৰ বাবে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰি  জীৱন-

জীৱিকা পথ উন্নত কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি উল্লেখ কৰি শিক্ষিত নিৱনুৱা যুৱক-যুৱতী সকলক মিচিং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা আৰ্থিক অনুদানৰ জৰিয়তে গুৱাহাটীৰ ডাউন টাউন বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগত নামভৰ্তি  কৰি দক্ষতা-বিকাশৰ পাঠদান গ্ৰহণৰ আঁচনি গ্ৰহণ কৰিছে বুলি বক্তব্য আগবঢ়াই পুনৰ কয়”আমাৰ পথাৰ-আমাৰ বজাৰ” এই নীতি অৱলম্বন কৰি মিচিং স্বায়ত্তশাসিত পৰিষদে বিজ্ঞানসন্মত তথা উন্নত প্ৰযুক্তিৰ দ্বাৰা মীন পালন, গাহৰি পালন, হাঁহ-কুকুৰা পালন আৰু কৃষিকৰ্মত মনোনিবেশ কৰি ৰাইজক আৰ্থিক স্বাৱলম্বী হোৱাৰ পথ সুগম কৰি তোলাৰ বাবে বিভিন্ন আঁচনি প্ৰস্তুত কৰি ৰূপায়নৰ কাম হাতত লৈছে বুলি ভাষন

ৰাখে। আজিৰ সভাতে ২০২৩-২০২৪ বিত্তীয় বৰ্ষৰ বিভিন্ন শিতানৰ হিতাধীকাৰী বাচনি কৰাৰ উপৰি ২০২৪-২০২৫ বিত্তীয় বৰ্ষৰ পুঁজি আৱন্টনৰ ওপৰত আলোচনা কৰা হয়।সমষ্টি সংহতি গোটৰ সভাত টিএমপিকেৰ জোনাই জিলা সমিতিৰ সদস্য দিপক দলে ,টিএমএমকেৰ কেন্দ্ৰীয় সমিতিৰ সদস্যা বিচন্তী টায়ে,জোনাই জিলা সমিতিৰ সহকাৰী সম্পাদিকা ৰুণুমাই দলে,অৱাং জোনাই সমষ্টিৰ সভানেত্ৰী ৰুপিকা পাতিৰ, এবছুৰ ধেমাজি জিলা সমিতিৰ সাংগঠনিক সম্পাদক মথুৰাজ মুছাহাৰী, ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক সোমনাথ মহিলাৰী,সন্মিলিত গণ শক্তি, অসমৰ ডেকাপাম পঞ্চায়ত সমিতিৰ সভাপতি কমলেশ্বৰ পেগু, টিএমপিকে, এমএমকেৰ লাইমেকুৰী, তেলাম, ডেকাপাম আঞ্চলিক সমিতিৰ বিষয়ববীয়া,মিচিং স্বায়ত্তশাসিত পৰিষদৰ বহু সংখ্যক ঠিকাদাৰ, স্থানীয় ৰাইজ উপস্থিত থাকে।

ৰঙিয়াত বিমল কুমাৰ জৈনৰ সোঁৱৰণত অনুষ্ঠিত আন্ত বিদ্যালয় ফুটবল প্ৰতিযোগিতা…

ৰঙিয়াত অনুষ্ঠিত আন্ত বিদ্যালয় ফুটবল প্ৰতিযোগিতা। বিমল কুমাৰ জৈনৰ সোঁৱৰণত অনুষ্ঠিত এই ফুটবল প্ৰতিযোগিতা। উদ্বোধনী অনুষ্ঠানত উপস্থিত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি।

আজিৰে পৰা চাৰিদিনীয়াকৈ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে মহৰ্ষি বিদ্যা মন্দিৰ পাব্লিক স্কুলৰ আন্ত ফুটবল প্ৰতিযোগিতা।

অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন গীত মাতৰ লগতে নৃত্য প্ৰদৰ্শন কৰি দৰ্শক ৰাইজৰ মন মোহিত কৰে।ৰাষ্ট্ৰীয় সংগীতেৰে অন্ত পৰা অনুস্থানটো সুন্দৰ ভাৱে পৰিচলনা কৰে বিদ্যালয় খনৰ অন্যতম ব্যক্তি অৰুন চেট্ৰিয়ে।

উৎকট গৰম! গৰমত এই ৪ টা বস্তু খোৱাৰ আৰম্ভ কৰক…

গৰম সহ্য কৰাটো সকলোৰে বাবে সহজ নহয় আৰু ফিট হৈ থাকিবলৈ আপোনাৰ ওজন কমাটোও গুৰুত্বপূৰ্ণ। এনে পৰিস্থিতিত কিছুমান খাদ্য খাওক যিবোৰে আপোনাক গৰমত সকাহ দিব।আনহাতে যদি আপুনি ওজন কমাব বিচাৰে তেন্তে ইয়াৰ বাবে শৰীৰত পানীৰ উপস্থিতি থকাটো প্ৰয়োজনীয়। জানো আহক গৰমত কি কি ফল-মূল খালে গৰমৰ পৰা সকাহ পোৱাৰ লগতে ওজনো কমাব পাৰিব…

তৰমুজ এনেকুৱা এটা ফল যিটোত পানীৰ পৰিমাণ বেছি আৰু কেলৰি কম যদিও ভিটামিন আৰু এণ্টি অক্সিডেন্ট বেছি। এইবোৰ ফলে গ্ৰীষ্মকালত সকাহ দিয়ে। লগতে যদি নিয়মিতভাৱে খোৱা হয় তেন্তে ওজন কমাবলৈ সহজ হৈ পৰে।

তিয়হ বেছিভাগেই পানীৰে গঠিত আৰু ই কম কেলৰিযুক্ত খাদ্য। এই কাৰণেই হাইড্ৰেটেড হৈ থাকিবলৈ আৰু ওজন কমাবলৈ ই এক উপকাৰী খাদ্য।

আজিকালি বিলাহী অবিহনে বহু ৰেচিপিৰ সোৱাদ অসম্পূৰ্ণ যেন লাগে যদিও বিলাহী চালাড হিচাপেও খাব পাৰে। বিলাহীক শৰীৰক জলসিঞ্চিত কৰি ৰখাৰ সহজ উপায় বুলি গণ্য কৰা হয় আৰু লগতে ওজন নিয়ন্ত্ৰণত ৰাখে।

সাধাৰণতে কমলাক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ উপায় বুলি গণ্য কৰা হয়, কাৰণ ই ভিটামিন চিৰ এক সমৃদ্ধ উৎস। ইয়াৰ উপৰিও ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে। এইবিধ অতি ৰসাল ফল যাৰ ফলত শৰীৰত পানীৰ অভাৱ নহয়।

বিশ্ব যুৱ ভাৰোত্তোলনত সোণৰ পদক লাভ ডিব্ৰুগড়ৰ বেদব্ৰত ভৰালীৰ…

বিশ্ব যুৱ ভাৰোত্তোলনত অসমৰ বাবে ইতিহাস ৰচিলে বেদব্ৰত ভৰালীয়ে।

বিশ্ব যুৱ ভাৰোত্তোলনত সোণৰ পদক লাভ ডিব্ৰুগড়ৰ বেদব্ৰত ভৰালীৰ।

পেৰুৰ ৰাজধানী লিমাত চলি থকা বিশ্ৱ যুৱ ভাৰোত্তোলনত অসমৰ বেদব্ৰত ভৰালীয়ে ৭৩ কেজি শাখাত সোণৰ পদক লাভ কৰিছে।

ডিব্ৰুগড়ৰ মধুপুৰ দেউৰী গাঁৱৰ সন্তান বেদব্ৰতই স্নেচত ১৩৬ আৰু ক্লিন এন্ড জাৰ্কত ১৬০ কেজি উত্তোলন কৰিছিল।

দেশৰ ৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আজি লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ…

মাজত মাত্ৰ দুটা পৰ্যায় বাকী। তাৰে এটা পৰ্যায়ৰ ভোটগ্ৰহণ আজি ৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত হৈছে। দেশৰ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ আজি। পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৫৮টা সংসদীয় সমষ্টিত ভোটগ্রহণ হ’ব। এই সমষ্টিসমূহৰ ভিতৰত আছে বিহাৰৰ ৮টা, হাৰিয়ানাৰ ১০ টা, জম্মু-কাশ্মীৰৰ এটা, ঝাৰখণ্ডৰ ৪টা, দিল্লীৰ ৭টা, ওড়িশাৰ ৬টা, উত্তৰ প্ৰদেশৰ ১৪টা আৰু পশ্চিমবংগৰ ৮টা সমষ্টি। এই উক্ত সমষ্টি কেইটাৰ বাবে মুঠ ৮৮৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আজি হোৱা ভোটগ্ৰহণত সুষমা স্বৰাজৰ কন্যা বাঁসুৰী স্বৰাজ, মানেকা গান্ধী, কানাহায়া কুমাৰকে ধৰি বহুকেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হ’ব।


উল্লেখ্য যোৱা ২০ মে’ত অনুষ্ঠিত পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত মুঠ ৬২ দশমিক ২ শতাংশ ভোটগ্রহণ হোৱা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। এই পৰ্যায়ত ৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৪৯খন আসনৰ বাবে ভোটগ্রহণ কৰা হৈছিল। মুঠ ভোটদানকাৰীৰ ভিতৰত ৬১ দশমিক ৪-৮ শতাংশ পুৰুষ, ৬৩ শতাংশ মহিলা আৰু ২১ দশমিক ৯-৬ শতাংশ তৃতীয় লিংগৰ ভোটদাতা। এই পর্যায়ত পশ্চিম বংগত সর্বাধিক ৭৮ দশমিক ৪-৫ শতাংশ ভোটদান হৈছিল।

নগাঁৱৰ শংকৰ নগৰ সাৰ্বজনীন নামঘৰ-কৃষ্টি বিকাশ কেন্দ্ৰৰ ৰূপালী জয়ন্তী বর্ষ সমাৰোহ, ভাগৱত শোভাযাত্ৰাৰে মুখৰিত হয়বৰগাঁও…

নগাঁৱৰ হয়বৰগাঁৱস্থিত শংকৰ নগৰ সাৰ্বজনীন নামঘৰ আৰু কৃষ্টি বিকাশ কেন্দ্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ বছৰজোৰা কাৰ্যক্ৰমণিকাৰ উদ্বোধনী সমাৰোহ কালি দুদিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভণি ঘটে। কাৰ্যসূচী অনুসৰি কালি পুৱা ৯.৩০ বজাত ধর্মধ্বজা উত্তোলনৰ লগতে ৰূপালী জয়ন্তী বর্ষ উদযাপন উপলক্ষে ২৫ জন বিশিষ্ট ব্যক্তিৰ দ্বাৰা ২৫ খন ধর্মধ্বজা উত্তোলনৰ দ্বাৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। মুখ্য উত্তোলক হিচাপে অংশ গ্ৰহণ কৰে ৰূপালী জয়ন্তী বর্ষ উদযাপন সমিতি তথা শংকৰ নগৰ সাৰ্বজনীন নামঘৰ-কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি বল্লদেব শর্মাই। ইয়াৰ পিছতে স্মৃতি তর্পণ অনুষ্ঠানত মুখ্য তর্পক হিচাপে অংশগ্রহণ কৰে অনুষ্ঠান প্ৰাক্তন সভাপতি উপেন শইকীয়া আৰু প্ৰতিষ্ঠাপক সম্পাদক আৰু প্রাক্তন সভাপতি নৰেন্দ্ৰ নাথ বড়োয়ে। ইয়াৰ অন্তত অঞ্চলৰ ৰাইজ আৰু সৃষ্টি- কৃষ্টি সাংস্কৃতিক গোষ্ঠী, বৰভেটিৰ সহযোগত ‘ভাগৱত শোভাযাত্রা’ উলিওৱা হ’য়। শোভাযাত্রা মুকলি কৰে নগাঁও জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি পৰাণ কুমাৰ বৰুৱাই।

পুৱা ১১ বজাত জামুগুৰি গাঁৱৰ নিবাসী, নামাচাৰ্য বীৰেন চন্দ্র নাথ আৰু তেখেতৰ সহযোগীসকলৰ পৰিচালনাত খোল প্রসঙ্গ আৰু নামপ্রসঙ্গ অনুষ্ঠিত হ’য়। বিয়লি ৪ বজাত কৃষ্টি বিকাশ কেন্দ্ৰৰ ন-পুৰণি সদস্য, দাতা আৰু শুভাকাংক্ষীসকলৰ মত বিনিময় আৰু সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া তথা শ্রীমন্ত শঙ্কৰ মিশ্যনৰ সভাপতি প্রেমেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিতব্য অনুষ্ঠানত প্রাক্তন মন্ত্রী তথা অৱসৰপ্ৰাপ্ত অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱা, মৰিগাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ ধনঞ্জয় কুশ্রে, ধিং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ শৰৎ দত্তই বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে। সন্ধিয়া ৰূপালী জয়ন্তী বর্ষ উপলক্ষে ২৫ গছি বন্তি প্রজ্বলন কার্যসূচী মুকলি কৰে পাঠক গোলোক শইকীয়া, আন্তঃৰাষ্ট্ৰীয় চিত্রশিল্পী গকুল চেত্ৰী আৰু নামঘৰ সমিতিৰ সম্পাদক পৰমেশ্বৰ দাসে। ইয়াৰ পিছতে মণিকাঞ্চন শিল্পী সমাজৰ দলপতি, বিশিষ্ট শিল্পী মালাশ্রী হাজৰিকাৰ নেতৃত্বত দিহানাম পৰিৱেশন কৰা হয়।এই অনুষ্ঠান উদ্বোধন কৰে সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ সভাপতি প্রতাপ হাজৰিকাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ‘কলংপাৰ’ কাকতৰ সম্পাদক ভবেন বৰা।

দ্বিতীয় দিনাৰ পুৱা মূখ্য অনুষ্ঠান ভাগৱত পাঠৰ শুভাৰম্ভণি ঘটে। এই ভাগৱত পাঠত মূল পাঠক হিচাপে অংশ লয় প্রবীণ কলিতা, নির্মল হাজৰিকা, টংকেশ্বৰ বৰা আৰু গিৰিধৰ বর্মণে। ভাগৱত পাঠত ভালেসংখ্যক ৰাইজ দৰ্শক-শ্ৰোতা ৰূপে উপস্থিত থাকে। সন্ধিয়া ৬ বজাত ভাগৱত পাঠৰ সামৰণি, প্রসাদ বিতৰণ আৰু আহাৰ গ্রহণেৰে কাৰ্যসূচীৰ সফল পৰিসমাপ্তি ঘটে।

নিৰ্বাচন আয়োগে ভোটদানৰ হাৰ বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰা তথ্যই সন্দেহ সৃষ্টি কৰা বুলি ক্ষোভ উজাৰিছে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে…

ৰাজ্যত লোকসভা নিৰ্বাচনৰ শেষ হোৱা পাছতে এতিয়া সকলো ৰাজনৈতিক দলে নিজৰ নিজৰ দলীয় সমীকৰণ উলিওৱাত ব্যস্ত হৈছে। কোন দলে কিমান আসন পাব কোন সমষ্টিত কোন দলৰ ভোট বৃদ্ধি পাইছে তেনেবোৰ বিষয়ত আলোচনাত ব্যস্ত সকলো ৰাজনৈতিক দল। তেনে সময়ত ডিব্ৰুগড়ত দিনযোৰা কাৰ্যসূচীৰে বৃহস্পতিবাৰে ডিব্ৰুগড় চহৰৰ হোটেল ডি প্ৰিমলেণ্ডত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সভা অনুষ্ঠিত হয়। যিহেতু বিৰোধী ঐক্য মঞ্চৰ হৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । বিজেপিৰ শক্তিশালী প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ বিৰোধীতাৰে ভোট যুদ্ধত অৱতীৰ্ণ হৈছিল লুৰীণজ্যোতি গগৈ। চৰ্চা অনুসৰি ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰীণজ্যোতি গগৈয়ে ভালদৰে বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সক্ষম হৈছে। প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচন খেলা দলটোৱে নিৰ্বাচনৰ পাছতে  অনুষ্ঠিত কৰিলে কেন্দ্ৰীয় কাৰ্যনিবাহক সভা। সভাত দলটোৰ ৰাজনৈতিক কৰ্মপন্থাৰ বিষয়ে আলোচনা কৰাৰ লগতে লোকসভা নিৰ্বাচনৰ সকলো দিশ আলোচনা কৰা বুলি জানিব পৰা গৈছে। এই কেন্দ্ৰীয় কাৰ্যনিবাহক সভাৰ শেষত দলটোৰ সভাপতি গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি  নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ আশ্বস্ত নহয় অসম জাতীয় পৰিষদ। শেহতীয়াকৈ নিৰ্বাচন আয়োগে ভোটদানৰ হাৰ বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰা তথ্যই সন্দেহৰ সৃষ্টি কৰা বুলি ক্ষোভ উজাৰিছে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰি লুৰীণজ্যোতি গগৈয়ে কয়, নিৰ্বাচন আয়োগৰ কামকাজে সন্দেহৰ মাজলৈ ঠেলি দিছে। শেহতীয়াকৈ নিৰ্বাচন আয়োগে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা দহটা দিনৰ পিছতো ভোটদানৰ হাৰ বৃদ্ধি পোৱা বুলি উল্লেখ কৰা তথ্যক অসম জাতীয় পৰিষদে উদ্বিগ্নতা প্ৰকাশ কৰা বুলি উল্লেখ কৰি কয়, ডিব্ৰুগড় লোকসভা সমষ্টিতো ৪২ শতাংশ ভোট বৃদ্ধিৰ কথা নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। এই সম্পৰ্কত উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিছে। এই বিষয়টো স্পষ্টীকৰণ দিব লাগে দেশৰ নিৰ্বাচন আয়োগে। এই গোটেই বিষয়টোক লৈ মানুহৰ মাজত সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰিবৰ কাৰণে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কামকাজ আৰম্ভ কৰিছে।

আনকি সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত নিৰ্বাচন আয়োগে অযথা হস্তক্ষেপ কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা বা মানুহৰ মাজত সৃষ্টি হোৱা সন্দেহৰ বিষয়টো স্পষ্ট কৰিব লাগে। ইয়াৰোপৰি উচ্চতম ন্যায়ালয়ে এইক্ষেত্ৰত শক্তিশালী ভূমিকা ল’ব লাগে। নিৰ্বাচন হৈ যোৱাৰ দিনটোতে নিৰ্বাচন আয়োগে ভোটদানৰ হাৰ ২৪ ঘন্টাৰ ভিতৰত প্ৰকাশ কৰিব লাগে। কিন্তু তাকে নকৰি নিৰ্বাচন আয়োগে ১১ টা দিনৰ পিছত ভোটদানৰ হাৰ প্ৰকাশ কৰিছে। এই কাৰ্যনিবাহক সভাত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈয়ো গুৰুত্ব সহকাৰে আলোচনা কৰাৰ কথা উল্লেখ কৰি কয়, নিৰ্বাচন চলি থকা সময়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটিছে। খাদ্য সামগ্ৰীকে ধৰি অন্যান্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰিছে। অত্যাধিক হাৰত মূল্যবৃদ্ধিৰ বিৰোধীতাৰে অহা ২৯ মে’ত গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। আনহাতে দুলীয়াজানত অৱস্থিত অইলৰ ক্ষেত্ৰীয় কাৰ্যালয় স্থানান্তৰিত কৰিবলৈ বিচলা কাৰ্যকো ক্ষোভ প্ৰকাশ কৰি কয়, ডিব্ৰুগড়ৰ গৌৰৱ অইল ইণ্ডিয়া লিমিটেডক দিল্লীলৈ সম্পূৰ্ণ ক্ষমতা হস্তান্তৰ কৰিব খুজিছে।

আৱাসিক মুখ্য কাৰ্যালয়টো দিল্লীলৈ স্থানান্তৰ কৰি অইলৰ দুলীয়াজান কাৰ্যালয়টোক ক্ষমতাহীন কৰিব বিচৰা হৈছে। অইল ইণ্ডিয়াৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হ’ব বুলিও জানিবলৈ দিছে । এই কাৰ্যনিবাহক সভাত অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ-সভাপতি অনুপ ফুকনকে ধৰি কেন্দ্ৰীয় সমিতিৰ বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে।