Home Blog Page 778

ৰহাৰ শোভাংগী ডেকাই এ পি এচ চিৰ বিও বিভাগৰ পৰীক্ষাত সফলতা

৮১ স্থান দখল, ফুলগুৰিত ৰাইজৰ আনন্দ

অসম লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত বিত্ত বিভাগৰ পৰীক্ষাত উজ্বলিল ৰহাৰ ফুলগুৰিৰ শোভাংগী ডেকা।
APSC ৰ দ্বাৰা অনুষ্ঠিত Financial Management Officer Grade II পৰীক্ষাত শোভাংগীয়ে ৮১ নম্বৰ স্থান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ফুলগুৰিৰ দিলীপ কুমাৰ ডেকা আৰু মীনা ডেকাৰ কন্যা শোভাংগীয়ে বৰ্তমান নগাঁও বাণিজ্য মহাবিদ্যালয়ত অস্থায়ীভাৱে শিক্ষকতা কৰি আছে।

মধ্যবিত্ত পৰিয়ালটোৰ সন্তান শোভাংগীৰ এই সফলতাই পৰিয়ালটোলৈ আনন্দ অশ্ৰু বোৱাই আনিছে আৰু বিভিন্ন জনে শোভাংগীক জনাইছে শুভেচ্ছা। এই বাৰ্তা পোৱাৰ পাছতে পৰিয়ালটোত আনন্দৰ বন্যা বয়। বহুজনে শোভাংগীৰ ঘৰলৈ আহি থকা আনন্দ প্ৰকাশ কৰি কৰি শোভাংগীক শুভেচ্ছা জনায় ।

উজনিৰ চিলাপথাৰ আৰু ৰাজমাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায়ে বহিঃৰাজ্যলৈ চোৰাং গৰু সৰবৰাহ গো-মাফিয়া চক্ৰৰ

উজনিৰ কুখ্যাত চোৰাং গৰু সৰবৰাহকাৰী মনোজ হাজৰিকাক গ্ৰেপ্তাৰ | শিৱসাগৰ আৰক্ষীয়ে প্ৰায় এমাহ পলাতক অৱস্থাত থকা এটা কুখ্যাত গো-মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় | এতিয়া মনোজ হাজৰিকাৰ খঙীয়াস্থ হালোৱা চুকৰ বাসগৃহত আৰক্ষীৰ অতৰ্কিত অভিযান | লগতে উজনিৰ ডিব্ৰুগড় চিলাপথাৰ আৰু শিৱসাগৰ ৰাজমাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায়ে বহিঃৰাজ্যলৈ চোৰাং গৰু সৰবৰাহ কৰিছে গো-মাফিয়া চক্ৰই |

ডিমৌৰ উদয়পুৰ, শিৱসাগৰৰ দিচাংমুখ, ৰিৰিয়া আৰু বাগল হৈছে চোৰাং গৰু গোপন সৰবৰাহৰ মুখ্য কৰিড’ৰ | যাক লৈ ৰাজ্যত এতিয়া আইন শৃংখলাৰ ব্যাপক অৱনতি ঘটাৰ সংকা কৰা হৈছে | উল্লেখ্য যে যোৱা 5 মে তাৰিখে ডিমৌ আৰক্ষীয়ে AS 01 NC 1834 নম্বৰৰ ট্ৰাকত 845 কাৰ্টুন অবৈধ অৰুণাচলী সুৰা লগতে ৱিকি দাস আৰু ৰামবিৰ যাদৱক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল | য’ত নাম সাঙুৰ খাইছিল মনোজ হাজৰিকাৰ | ভাৰতীয় জনতা পাৰ্টিৰ হৈ কাম কৰিছিল হাজৰিকাই | এই অভিযোগ উঠাৰ পাছতে দলৰ পৰা অব্যাহতি দিয়া হল মনোজ হাজৰিকাক | আনহাতে আৰক্ষীয়ে দাবী কৰা অনুসৰি আটকাধীন অভিযুক্তৰ বিৰুদ্ধে গোচৰ নং 14/2024 ভাৰতীয় দণ্ডবিধি 379/420/34 IPC আৰু অসম অৱকাৰী আইনৰ 1910ৰ অধীনত RW 53-1(A) ধাৰাত গোচৰ ৰুজু হৈ আছিল | এতিয়া আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ সৈতে আৰু কোন কোন জড়িত আছে তথা ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব ।

ইটাখোলাৰ বিভিন্ন শিক্ষানুষ্ঠানত গ্ৰীষ্মকালীন শিবিৰ সম্পন্ন…

সম্প্ৰতি প্ৰতিকুল বতৰৰ মাজতে ৰাজ্যৰ শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰা গ্ৰীষ্মকালীন শিবিৰ ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ দৰে বিশ্বনাথৰ ইটাখোলা অঞ্চলৰ শিক্ষানুষ্ঠান সমূহত সফল ভাবে সম্পন্ন হৈ যায় গ্ৰীষ্মকালীন শিবিৰ। সমগ্ৰ শিক্ষাৰ অন্তৰ্গত বিশেষকৈ প্ৰাথমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানসমুহত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন ক্ৰীয়াকলাপৰ দ্বাৰা সম্পন্ন হৈ যায় কাৰ্যসূচীভাগ। যোৱা ৫ জুনৰ পৰা অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংহতি ৰাখি আৰম্ভ হোৱা গ্ৰীষ্মকালীন শিবিৰৰ প্ৰথম দিনা বৃক্ষৰূপণ আৰু পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ ৰূপে সমাজখনৰ ভূমিকা কেনে হোৱা প্ৰয়োজন এই সম্পৰ্কে ছাত্ৰ-ছাত্ৰী আৰু অবিভাৱকসকলৰ মাজত সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰে।

ইটাখোলা অঞ্চলৰ দিকৰাই চাহ বাগিচা,২নং ইটাখোলা, আহুবাৰী, গেলাহাটিঙা, মনাই, খেৰবাৰী, বালিজুৰি আৰু জয়সিদ্ধিৰ শিক্ষানুষ্ঠানসমুহত ৭ দিনীয়াকৈ অনুষ্ঠিত গ্ৰীষ্মকালীন শিবিৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত স্বাস্থ্যসন্মত জীৱন ধাৰন গ্ৰহণ কৰা, স্থায়ী খাদ্য প্ৰণালী গ্ৰহণ কৰা, ই-আৱৰ্জনা হ্ৰাস কৰা, আৱৰ্জনা হ্ৰাস, শক্তি সংৰক্ষণ কৰা, পানী সংৰক্ষণ কৰা আৰু একক ব্যৱহাৰ্য প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা লক্ষ্য কৰি লোৱা পৰিলক্ষিত হয়। বিশেষকৈ প্ৰতিখন প্ৰাথমিক শিক্ষানুষ্ঠান সমূহত থকা ইক-ক্লাৱৰ জৰিয়তে সজাগতামূলক শোভাযাত্ৰা, পাচলি বাগিচা কৰা, চিত্ৰাংকণ আৰু একক ব্যৱহাৰ্য্য প্লাষ্টিক সামগ্ৰীৰ বিভিন্ন বয়-বস্তু গঢ়াৰ ক্ষেত্ৰত হাতে কামে কৰি আনন্দময় পৰিৱেশ বিৰাজ কৰা দেখা যায়।

দৰঙৰ ১নং অভয়পুখুৰী আয়ুষ্মান আৰোগ্য মন্দিৰলৈ ৰাষ্ট্ৰীয় স্বীকৃতি…

জিলা স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ এক বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।দৰং জিলাৰ জলজলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ ১নং অভয়পুখুৰী আয়ুষ্মান আৰোগ্য মন্দিৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে খান্দাজান আয়ুষ্মান আৰোগ্য মন্দিৰে ৰাষ্ট্ৰীয় গুণগত মান্যতা নিশ্চিতকৰণৰ অধীনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। উল্লেখ্য, চলিত বৰ্ষৰ মাৰ্চ মাহত এই স্বীকৃতি লাভৰ বাবে ১নং অভয়পুখুৰী আয়ুষ্মান আৰোগ্য মন্দিৰৰ প্ৰয়োজনীয় অন্তিম পৰ্য্যায়ৰ মূল্যায়ন সম্পন্ন হৈছিল। নেচনেল হেলথ চিষ্টেম ৰিছʼৰ্চ চেণ্টাৰৰ মূল্যায়নকাৰী দলে আহি চিকিৎসালয়খন পৰ্যবেক্ষণ কৰিছিল।

স্বাস্থ্য কেন্দ্ৰটোৱে আগবঢ়োৱা সেৱা আৰু গুণগত মানৰ বাবে অন্তিম পৰ্য্যায়ৰ মূল্যায়নত ৮৬.৪৮% নম্বৰ লাভ কৰি এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।এই ৰাষ্ট্ৰীয় স্বীকৃতি লাভৰ বাবে স্বাস্থ্য কেন্দ্ৰটোৰ বিষয়া কৰ্মচাৰীৰ লগতে জলজলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, জিলা পৰ্য্যায়ৰ বিষয়া কৰ্মচাৰী আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ বিষয়া কৰ্মচাৰী সকলক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছে দৰং জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যই। এই সন্মান লাভ কৰি দৰং জিলা স্বাস্থ্য বিভাগ তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান দৰঙৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী আনন্দিত হৈছে।

পাঞ্জা খেলুৱৈ দিমনজ্যোতি নাথ-কৌস্তুভ হাজৰিকাক সম্বৰ্ধনা ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ…

ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ উদ্যোগত ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ ভৱনত আজি এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে৷উল্লেখ্য যে ঢেকীয়াজুলি পৌৰসভাৰ ১ নং ৱাৰ্ডৰ নিবাসী যাদৱ চন্দ্ৰ নাথ আৰু প্ৰণিতা চহৰীয়াৰ সুযোগ্য সন্তান দিমনজ্যোতি নাথে দুলীয়াজানত ৬,৭ আৰু ৮ জুন ২০২৪ তাৰিখে অনুষ্ঠিত হোৱা বি,চি,এ,আই ৰাষ্ট্ৰীয় চেম্পিয়নচিপত ২১ অনুৰ্ধৰ ৭৮ কেজি পাঞ্জা প্ৰতিযোগিতাত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰে৷সমান্তৰালভাৱে একেখন চেম্পিয়নচিপত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ বালিশিয়াৰ নিবাসী অৰুণ জ্যোতি হাজৰিকা আৰু মাতৃ ইলোৰা দাস হাজৰিকাৰ সুযোগ্য সন্তান কৌস্তুভ হাজৰিকাই ২১ অনুৰ্ধৰ ৯৫ কেজি পাঞ্জা প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

সেয়েহে দুয়োকে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যৰে ঢেকীয়াজুলি ক্ৰীড়া সন্থাই উক্ত সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে৷ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ সভাপতি ৰাতুল কুমাৰ নাথে সভাপতিত্ব কৰা সম্বৰ্ধনা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ চৰকাৰে৷উক্ত সম্বৰ্ধনা সভাখনিত উপস্থিত থাকে ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ মুখ্য উপদেষ্টা ৰমেশ চন্দ্ৰ বৰা,উপদেষ্টা বিধু ভূষণ ৰয়,জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা,ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ সভাপতি ভগৱান বৈশ্য,ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ উপ সভাপতি দ্বয় ক্ৰমে ৰাতুল বৰা,নাৰায়ণ বৰা,যুটীয়া সম্পাদকদক দ্বয় ক্ৰমে ৰোহিনী কেউট,মাধুৰ্য্য বৰা,কোষাধ্যক্ষ দীপক দাস,ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ সদস্য বৃন্ধ যাদৱ ভৰালী,জিতু নাথ,ৰাজীৱ দে,অজিৎ দত্ত, ধ্ৰুৱ বৰা, ধ্ৰুৱ মহন্ত, হীৰেন নাথ, তুলসী দাস, দেৱাশিস সাহা, গৌতম ৰাজবংশী, হেমন্ত ৰাভা, দেবেন চাচনীৰ লগতে অঞ্চলটোৰ বহুতো বিশিষ্ট তথা ক্ৰীড়া প্ৰেমী লোক উপস্থিত থাকে৷

উক্ত সম্বৰ্ধনা সভাত তেজপুৰ ক্ৰীড়া সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বঙালী যুৱ ছাত্ৰ ফেডাৰেচন ঢেকীয়াজুল আঞ্চলিক সমিত, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ শোণিতপুৰ জিলাৰ সমিতি, লেখিকা সমাৰোহ, ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু উদ্‌যাপন সমিতি, ঢেকীয়াজুলি বিহু ভৱন পৰিচালনা সমিতি,ঢেকীয়াজুলি ৰিজনেঞ্চ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, ঢেকীয়াজুলি ছট্‌ পূজা কমিটি, ৰূপজ্যোতি আঞ্চলিক বিহুৱা দল, ঢেকীয়াজুলি হৰিমন্দিৰ পৰিচালনা সমিতি, ইউ,কে,চি,এ ক্ৰিকেট একাডেমী, ডি,এছ ক্ৰিকেট একাডেমী, ঢেকীয়াজুলি প্ৰেছ ক্লাৱৰ লগতে বহুতো দল সংগঠনৰ বিষয়ববীয়া সকল উপস্থিত থাকি দুয়োগৰাকী খেলুৱৈক সম্বৰ্ধনা জনায়৷

কাকপথাৰ মাইঠঙৰ অন্বেষণ ফাউণ্ডেচনৰ বাঁহ শিল্পৰ উদ্যোগত উপস্থিত অসম ৰাজ্যিক বাঁহ অভিযানৰ পৰিচালক…

কাকপথাৰ মাইঠঙৰ অন্বেষণ ফাউণ্ডেচনৰ বাঁহ শিল্পৰ উদ্যোগত উপস্থিত অসম ৰাজ্যিক বাঁহ অভিযানৰ পৰিচালক৷ মাইঠং গাঁৱৰ উদ্যোমী যুৱক দিগন্ত দহোতীয়াৰ নেতৃত্বত অন্বেষণ ফাউণ্ডেচনে কাকপথাৰ মাইঠং গাঁৱত অব্যাহত ৰাখিছে অৰ্থনৈতিক বিপ্লৱ৷ বাঁহ উৎপাদন আৰু বাঁহ শিল্পৰ জৰিয়তে বহু যুৱক যুৱতীক দিছে সংস্থাপন।

দিগন্ত দহোতীয়াৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা অন্বেষণ ফাউণ্ডেচনে দেখুৱাইছে স্বাৱলম্বনৰ পথ৷ বিভিন্ন সময়ত ভাৰত চৰকাৰৰ নৰ্থ ইষ্ট কেন এণ্ড বেম্বো ডেভেলপমেণ্ট কাউন্সিলে সহযোগ কৰি আহিছে দিগন্ত দহতীয়াক৷দহোতীয়াৰ এই উদ্যোগতো পৰিদৰ্শন কৰিবলৈ আহিল নৰ্থ ইষ্ট কেন এণ্ড বেম্বো ডেভেলপমেণ্ট কাউন্সিলৰ বিষয়ববীয়া আৰু অসম ৰাজ্যিক বাঁহ অভিযানৰ  পৰিচালক চাজিদ আলম।পৰিচালকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এনে ধৰনৰ উদ্যোগে গ্ৰাম্য অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পেলাই বুলি মন্তব্য কৰে৷ লগতে দিগন্ত দহোতীয়াৰ প্ৰচেষ্টাত অন্বেষণ ফাউণ্ডেচনে অব্যাহত ৰখা বাঁহ শিল্পৰ উদ্যোগৰ প্ৰশংসা কৰে পৰিচালক গৰাকীয়ে৷

দ্বাদশ ৰাষ্ট্ৰীয় পেনচাক চিলাট প্ৰতিযোগিতাত অসমৰ ৩০ গৰাকী পুৰুষ-মহিলাই লাভ কৰে ৰূপ, ব্ৰঞ্জসহ মুঠ আঠটা পদক…

ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত উৰিষ্যাৰ ভূৱনেশ্বৰস্থিত কীট বিশ্ববিদ্যালয়ত ১০, ১১, ১২ আৰু ১৩ জুন তাৰিখে চাৰিদিনিয়াকৈ আৰম্বৰপূৰ্ণতাৰে অনুস্থিত হোৱা দ্বাদশ ৰাষ্ট্ৰীয় পেনচাক চিলাট প্ৰতিযোগিতা ২০২৪ত অসমৰ ৩০ গৰাকী পুৰুষ আৰু মহিলা খেলুৱৈয়ে টেণ্ডিং, টুংগল, গাণ্ডা, ৰেগু আৰু ক্ৰীয়েটিভ ছ’ল’ আদি বিভাগত প্ৰতিযোগিতা আগবঢ়াই দুটা সোন, তিনিটা ৰূপ আাৰু তিনিটা ব্ৰঞ্জসহ মুঠ আঠটা পদক জয় কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে।

দেশৰ ৩৬ ৰাজ্যৰ লগতে চি আই এছ এফ, এছ এছ বি, আচাম ৰাইফল্ছ আদি ৪০ টা খেলুৱৈ দলৰ মুঠ ৯৮৪ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিত অসমৰ হৈ টেণ্ডিং (যুঁজ) শাখাত গোলাঘাট জিলাৰ লাকী দাস আৰু প্ৰেৰণা হাজৰিকাই সোনৰ পদক, ধেমাজী চিলাপথাৰৰ খেম কুমাৰী প্ৰধানে ৰূপৰ, প্ৰেম দেউৰী আৰু দীপক টামাঙে ব্ৰঞ্জৰ পদক, গোৱালপাৰা জিলাৰ লক্ষ্মী ৰাভাই ৰূপৰ আৰু প্ৰাঞ্জল ৰাভাই ব্ৰঞ্জৰ পদক আৰু বৰপেটা জিলাৰ অনামিকা হ’ৰে ৰূপৰ পদক জিনিবলৈ সক্ষম হয়। উল্লেখ্য যে আগন্তুক ৩৮তম ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ ২০২৪ (উত্তৰাখন্দ)ৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বাচনিক উপলক্ষৰে আয়োজিত প্ৰতিযোগিতাখনিত পদকপ্ৰাপ্ত সকলৰ লগতে টেণ্ডিং (যুঁজ) শাখাত অসমৰ দিবাকৰ ৰাভা, ডিম্পল ৰাভা, টিপু পাতিৰ, ঔম চেত্ৰী, বিক্ৰম ৰাভা, ৰীমা ৰাভাৰ বিপৰীতে আৰ্টিষ্টিক শাখাত অনন্যা শইকীয়া, সবিতা মোছাহাৰী, সোনালী মোছাহাৰী, ৰিকী খাৰ্কা, মঞ্জয় চেত্ৰী আৰু মনিষ চেত্ৰীয়ে কোৱাৰ্টাৰ ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰি আগন্তুক ৩৮তম ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ ২০২৪ৰ বাবে নিজৰ নাম বাচনিৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে বুলি অসম পেনচাক চিলাট সন্থাৰ সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক লক্ষ্যজিত দলে জানিবলৈ দিয়ে।

USTMত বিশ্ব ৰক্তদাতা দিৱস উদযাপন…

পি.এ. সাংমা আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ উদ্যোগত আজি বিশ্ব ৰক্তদাতা দিৱস উদযাপন কৰা হয়। য’ত চিকিৎসক, পেৰামেডিকেল, ছাত্ৰ-ছাত্ৰী, পিআইএমচিএইচ, আইএ আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়, আৰু বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্যান্য বিভাগসমূহৰ লগতে বিশ্ববিদ্যালয় চৌহদত প্ৰযুক্তি মেঘালয় (USTM)-এ বহু উৎসাহেৰে অংশগ্ৰহণ কৰে। গুৱাহাটীৰ চহৰীয়াৰ ৰক্ত কেন্দ্ৰ আৰু গুৱাহাটীৰ উত্তৰ-পূব কৰ্কট চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠান (NECHRI)ৰ সহযোগত এক ৰক্তদান শিবিৰ সফলতাৰে অনুষ্ঠিত হয়।


ইউ এছ টি এম কেম্পাছত প্ৰতি বছৰে বিশ্ব ৰক্তদাতা দিৱস পালন কৰি আহিছে। এইবাৰৰ বিষয়বস্তু হৈছে “২০ বছৰীয়া দান: ধন্যবাদ, ৰক্তদাতা।” বিশ্ব ৰক্তদাতা দিৱসৰ ২০ বছৰীয়া জয়ন্তীয়ে বছৰ বছৰ ধৰি জীৱন ৰক্ষাকাৰী অৱদানৰ বাবে বিশ্বজুৰি ৰক্তদাতাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।


পি এ চাংমা আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ বিৰাজ কুমাৰ দাস, ড° হাবিবুল ইছলাম, পেথ’লজীৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, অধ্যাপক আই/চি ব্লাড চেণ্টাৰ, পি আই এম চি এইচ, আৰু ডাঃ দ্বিজেন চ দত্ত, অধ্যাপক আৰু হ’ড, পেথ’লজী পি আই এম চি এইচ সম্বোধন দৰ্শকক আৰু সজাগতা আৰু ৰক্তদানৰ তাৎপৰ্য্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেজপুৰত বীৰ লাচিত সেনা অসম আৰু শোনিতপুৰ জিলা সমিতিৰ উদ্যোগত বিশ্ব ৰক্তদাতা দিৱস পালন…

আজি বিশ্ব ৰক্তদাতা দিৱস। অন্যান্য প্ৰান্তৰ লগতে শোনিতপুৰ জিলা তেজপুৰতো অনুস্থিত কৰা হয় বিশ্ব ৰক্তদাতা দিৱস।
বিৰ লাচিত সেনা অসমৰ লগতে শোনিতপুৰ জিলা সমিতিৰ উদ্যোগত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত অনুস্থিত কৰে ৰক্তদান শিবিৰ।

উক্ত ৰক্তদাতা অনুষ্ঠানত উপস্থিত থাকে বিৰ লাচিত সেনা অসমৰ সদস্যসকল আৰু শোনিতপুৰ জিলা সমিতিৰ বিষয়-ববিয়াসকল। অনুষ্ঠানটোত কৰা হয় ৰক্তদান কাৰ্যসূচীও।

আমাৰ বিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীয়ে কণী খাই ভাল নাপায়ঃ ২৫০জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে কণী মাত্ৰ ২০ টা! মধ্যাহ্ন ভোজন কেলেংকাৰীৰ তদন্ত কৰিব গৈ স্তম্ভিত বিষয়া…

দান বৰঙণিৰে ১৯৮২ চনত চপাই শালৈপাৰাত স্থাপিত আৰু পৰৱৰ্তীকালত প্ৰাদেশিকীকৰণ হোৱা উত্তৰ মঙলদৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষ শেহতীয়াকৈ ব্যাপক দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এনে দুৰ্নীতিত অতিষ্ঠ হৈ অৱশেষত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি শ্ৰীকান্ত নাথ, আন কেইজনমান সদস্য আৰু একাংশ অভিভাৱকে দৰং জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত লিখিত অভিযোগ দাখিল কৰাত ১২ জুনত তিনিজনীয়া এটা বিষয়াৰ দলে তদন্ত কৰিবলৈ আহি স্তম্ভিত হৈ পৰে।

কিয়নো তদন্ত কৰিব অহাৰ দিনাই মধ্যাহ্ন ভোজনৰ নামত হৈ থকা কেলেংকাৰী স্বচক্ষে প্ৰত্যক্ষ কৰে তদন্তকাৰী দলটোৱে। জানিব পৰা মতে, প্ৰতি বুধবাৰে ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজনত এটাকৈ কণী দিব লাগে যদিও ২৫০ জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে ১২ জুনত কণী কিনা হৈছিল মাত্ৰ ২০ টা। তদন্তকাৰী বিষয়াৰ দলে এই সম্পৰ্কত সোধাত প্ৰধান শিক্ষয়িত্ৰী দিপালী শৰ্মাই কয়, ‘আমাৰ বিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীয়ে কণী খাই ভাল নাপায়’। আনহাতে প্ৰতি শনিবাৰেও ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজন দিব লাগে যদিও এই বিদ্যালয় কৰ্তৃপক্ষই শনিবাৰে মধ্যাহ্ন ভোজন নিদিয়াৰ অভিযোগ উঠিছে। তদুপৰি বিদ্যালয় উন্নয়নৰ নামত আৱণ্টিত ধনৰ ব্যাপক খেলিমেলিৰ তথ্য লাভ কৰিছে তদন্তকাৰী দলে। যাৰফলত তদন্তকাৰী দলে বহু নথিপত্ৰ জব্দ কৰি লৈ গৈছে। এই তদন্ত সঠিকভাৱে হোৱাটো কামনা কৰিছে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি আৰু চপাইৰ সচেতন ৰাইজে।