Home Blog Page 779

নিউ মইনাগুৰী-যোগীঘোপাৰ ৰে’ল পথত বাগৰিল গছ…

চাপৰ’ৰ বহলপুৰত অঘটন।

নিউ মইনাগুৰী-যোগীঘোপাৰ ৰে’ল পথত বাগৰিল গছ।

দুৰ্ঘটনাৰ পৰা ৰক্ষা এখন নামনি অভিমুখী মালবাহী ট্ৰেইনৰ।

প্ৰায় এঘন্টা ধৰি আৱদ্ধ হৈ পৰিল মালবাহী ট্ৰেইনখন।

পিছত বহলপুৰ বন বিভাগৰ তৎপৰতাত মুকলি হয় ৰে’ল পথচোৱা।

দেৰগাঁৱত গোলকীয় উষ্ণতাৰ হ্ৰাসৰ বাবে গছপুলি ৰোপণ…

দেৰগাঁৱত গোলকীয় উষ্ণতাৰ হ্ৰাসৰ বাবে গছপুলি ৰোপণ। দেৰগাঁও পৌৰসভাৰ ২নং ৱাৰ্ডৰ সুধাকন্ঠ চাৰিআলিত ৰোপন কৰা হ’ল গছপুলি সমূহ। চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে ডাঙৰ ডাঙৰ গছ সমূহ কাটি পেলোৱা হ’ল বাবে উৎকট গৰমতো ছাঁ বুলিবলৈ নাইকিয়া হ’ল। সেই উৎকট গৰমৰ পৰা ৰক্ষা পাবৰ বাবে আৰু ছাঁৰ বাবে সমাজসেৱী নুৰুল চুলতানৰ একক প্ৰচেষ্টাত দেৰগাঁও পৌৰসভাৰ ২নং ৱাৰ্ডৰ সুধাকন্ঠ চাৰিআলিত আজি বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয়।

এই গছপুলি সমূহ ৰোপণ কৰে বিশিষ্ট সমাজকৰ্মী নৰেন দাস,দেৰগাঁও পৌৰসভাৰ ২নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ উজ্জ্বল কাশ্যপ, দেৰগাঁও সাহিত্য সভাৰ সম্পাদক অজিত চন্দ্ৰ দত্ত, যুৱ ব্যৱসায়ী সমৰ বৰুৱা, সংবাদসেৱী কাজু ৰবিদাস আৰু বিদ্বান বৰদলৈয়ে। নুৰুল চুলতানে গছপুলি সমূহৰ সম্পূৰ্ণ লালন পালনৰ দায়িত্বও গছপুলি ৰোপণ কৰা বিশিষ্ট ব্যক্তিসকলক অৰ্পণ কৰাৰ লগতে নামফলক লগাই দায়িত্ববোধৰ পৰিচয় দিবলৈ অনুৰোধ জনাই। উল্লেখ্য যে নুৰুল চুলতানে বিগত বহু বছৰ ধৰি বিভিন্ন অঞ্চলত গছপুলি ৰোপণ কৰি লালল-পালন কৰি আহিছে।

ধনী হ’বলৈ নিয়ম পালন কৰক, ৰাতিপুৱা কৰা এই কামবোৰে আপোনাক ধনী কৰি তুলিব…

দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ আৰু তেওঁৰ আশীৰ্বাদ পাবলৈ ৰাতিপুৱাৰ সময়ক শাস্ত্ৰত অতি বিশেষ বুলি গণ্য কৰা হৈছে। কোৱা হয় যে ৰাতিপুৱাৰ সময় ইতিবাচকতাৰে ভৰা। গতিকে প্ৰতিদিনে ৰাতিপুৱা সাৰ পোৱাৰ পিছত এই কাম কৰি এজন ব্যক্তিয়ে জীৱনত শুভ ফল লাভ কৰে। ধৰ্মীয় দৃষ্টিকোণৰ পৰা ৰাতিপুৱা কৰা কিছুমান কামে এজন ব্যক্তিক কোটিপতি কৰি তোলাত সহায় কৰিব পাৰে।

জ্যোতিষশাস্ত্ৰত ৰাতিপুৱাৰ সময়ক ঈশ্বৰৰ পূজা আৰু উপাসনাৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। এই সময়ত কৰা উপাসনাই মানুহক ধনী কৰি তোলে বুলি বিশ্বাস কৰা হয়। গতিকে প্ৰতিজন ব্যক্তিৰ ব্ৰহ্ম মুহুৰ্তত সাৰ পোৱাৰ অভ্যাস থাকিব লাগে। শাস্ত্ৰ মতে ব্ৰহ্ম মুহুৰ্ত পুৱা ৪ বজাৰ পৰা ৫.৩০ বজালৈ। এই সময়ত উঠি, গা ধুই ভগৱানক ধ্যান কৰক। ইয়াৰ দ্বাৰা ব্যক্তিজনে স্বাস্থ্য, সুখ আৰু সমৃদ্ধিৰ আশীৰ্বাদ লাভ কৰে।

জ্যোতিষৰ মতে ৰাতিপুৱা সাৰ পোৱাৰ পিছত প্ৰথমে হাতৰ তলুৱালৈ চাব লাগে। ব্ৰহ্ম মুহুৰ্তাত ৰাতিপুৱা সাৰ পাই গা ধুওঁতে পানীত গংগা পানী ছটিয়াই ল’ব পাৰিলে আৰু ভাল। ইয়াৰ ফলত ঘৰত উপস্থিত থকা নেতিবাচক প্ৰভাৱ আঁতৰি যাব। ঘৰত সুখ আৰু সমৃদ্ধি বাঢ়িব। ইয়াৰ লগতে গা ধোৱাৰ সময়ত হালধিও ছটিয়াই দিব পাৰে।

আজি গুৱাহাটীত আৰক্ষীয়ে প্ৰদৰ্শন কৰিব শতাধিক চুৰি মোবাইল, লেপটপ…

গুৱাহাটীত এতিয়া মোবাইল-লেপটপ চুৰি হোৱাৰ ঘটনা বৃদ্ধি পাইছে। এনে সময়তে গুৱাহাটী আৰক্ষীয়ে আজি ​​৬৫০ টা মোবাইল ফোন আৰু ১৬ টা লেপটপ প্ৰদৰ্শন কৰিব।

এইবোৰ চোৰৰ পৰা উদ্ধাৰ কৰাৰ পিছত মহানগৰীৰ বিভিন্ন থানাত পৰি আছিল। প্ৰকৃত মালিকৰ অনুসন্ধান নোহোৱাৰ বাবে সেই বোৰ পৰি আছিল। এতিয়া আগ্ৰহী ব্যক্তিসকলে এই বিশেষ প্ৰদৰ্শনীখনলৈ গৈ তেওঁলোকৰ হেৰুৱা মোবাইল-লেপটপৰ সন্ধান কৰিব পাৰিব। চিনাক্ত কৰিব পাৰিলে আৰু মালিকীস্বত্বৰ প্ৰমাণ দেখুৱাই দাসেয়া নিজৰ বুলি দাবী কৰিব পাৰিব। গুৱাহাটী আৰক্ষী আয়ুক্ত, পাণ বজাৰ, গুৱাহাটীত শুকুৰবাৰ পৰা এই মোবাইল-লেপটপৰ প্ৰদৰ্শনী হ’ব।

দুলীয়াজানৰ দৈনিক বজাৰত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজতে বাগৰি পৰিল i20 বাহন…

দুলীয়াজান ৰেলৱে ষ্টেচন আৰু টিপলিং সংযোগী পথৰ দৈনিক বজাৰত সংঘটিত হৈছে পথ দুৰ্ঘটনা। তীব্ৰ বেগী নম্বৰ প্লেটবিহীন Huyndai I20 বাহন খনে ডিভাইডাৰত খুন্দিয়াই পথৰ মাজত বাগৰি পৰে। জানিব পৰা মতে নিশা প্ৰায় ২ মান বজাত সংঘটিত হোৱা দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনত থকা আৰোহী কেইজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।


পথছোৱাত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নথকাৰ বাবেই প্ৰায়ে এনেদৰে দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা সংঘটিত হোৱা গাড়ী খনৰ গৰাকী দুলীয়াজানৰ কাষৰীয়া অঞ্চলৰ দুলীয়াগাঁৱৰ।

পুৰুষতকৈ মহিলাৰ বাবে ধূমপান অধিক বিপদজনক!

পুৰুষেই হওক বা মহিলাই হওক চিগাৰেট খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। কিন্তু ধূমপানে পুৰুষতকৈ মহিলাক বেছিকৈ প্ৰভাৱিত কৰিব পাৰে? পুৰুষৰ শৰীৰতকৈ নাৰীৰ শৰীৰ জৈৱিকভাৱে পৃথক, যাৰ বাবে ধঁপাতৰ ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থই মহিলাক অধিক প্ৰভাৱিত কৰিব পাৰেঃ

ধূমপান হৃদৰোগৰ এক প্ৰধান কাৰণ। মহিলাৰ ইষ্ট্ৰজেনে হৃদযন্ত্ৰক সুৰক্ষা প্ৰদান কৰে যদিও ৰজোনিবৃত্তিৰ পিছত এই সুৰক্ষা কমি যায়। এনে পৰিস্থিতিত ধূমপান কৰা মহিলাৰ হৃদৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়।

ধূমপান হাওঁফাওঁৰ কৰ্কট ৰোগৰ আটাইতকৈ ডাঙৰ কাৰণ। মহিলাৰ হাওঁফাওঁৰ কৰ্কট ৰোগৰ অন্যতম কাৰণ।

ধূমপানে মহিলাৰ প্ৰজনন ক্ষমতাতো প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত অনিয়মিত মাহেকীয়া, ডিম্বাণু নিঃসৰণৰ সমস্যা আৰু বন্ধ্যাত্বৰ সৃষ্টি হ’ব পাৰে।

ধূমপান কৰা মহিলাৰ গৰ্ভপাত আৰু অকাল জন্ম হোৱাৰ সম্ভাৱনা বেছি। ধূমপানে গৰ্ভত থকা শিশুৰ বিকাশতো বেয়া প্ৰভাৱ পেলাব পাৰে।

ধূমপানে কেৱল শাৰীৰিক স্বাস্থ্যই নহয় মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায়। ধূমপান কৰা মহিলাসকলৰ হতাশা আৰু উদ্বেগ হোৱাৰ সম্ভাৱনা বেছি।

চৰকাৰে মানি ল’লে নীট ইউজি ২০২৪ত দুৰ্নীতিৰ কথা! গ্ৰেছ নম্বৰ পোৱা শিক্ষাৰ্থীৰ ফলাফল বাতিল, নতুনকৈ পৰীক্ষা…

অৱশেষত চৰকাৰে মানি ল’লে নীট ইউজি ২০২৪ত দুৰ্নীতিৰ হোৱাৰ কথা! সেইবাবেই গ্ৰেছ নম্বৰ লাভ কৰা ১,৫৬৩ গৰাকী প্ৰাৰ্থীৰ নম্বৰ বাতিল কৰা হ’ব আৰু প্ৰাৰ্থীসকলে পৰীক্ষাত পুনৰ অৱতীৰ্ণ হ’ব লাগিব বুলি কেন্দ্ৰই নিৰ্দেশনা জাৰি কৰিছে। চৰকাৰৰ হৈ নেশ্যনেল টেষ্টিং এজেন্সিয়ে (এনটিএ) বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত এই কথা উল্লেখ কৰে।এনটিএয়ে ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ বিচাৰপীঠক কয় যে নীট ইউজিৰ হৈ অৱতীৰ্ণ হোৱাৰ সময়ত হোৱা সময়ৰ ক্ষতিপূৰণৰ বাবে ‘গ্ৰেছ মাৰ্ক’ প্ৰদান কৰা ১,৫৬৩ ৰো অধিক প্ৰাৰ্থীৰ ফলাফল পৰ্যালোচনা কৰিবলৈ এখন সমিতি গঠন কৰা হৈছে।

সমিতিয়ে ‘গ্ৰেছ মাৰ্ক’ দিয়া প্ৰাৰ্থীৰ স্ক’ৰ-কাৰ্ড বাতিল কৰাৰ সিদ্ধান্ত লৈছে আৰু এই শিক্ষাৰ্থীসকলক পুনৰ পৰীক্ষা দিয়াৰ সুবিধা দিয়া হ’ব বুলি এনটিএয়ে উল্লেখ কৰিছে। পৰীক্ষা ২৩ জুনত অনুষ্ঠিত হ’ব আৰু ফলাফল ৩০ জুনৰ পূৰ্বে ঘোষণা কৰা হ’ব । উচ্চতম ন্যায়ালয়ে কয় যে নীট ইউজিৰ ২০২৪ৰ পৰামৰ্শ স্থগিত নকৰে। কাউন্সিলিং চলি থাকিব আৰু আদালতে ইয়াক বন্ধ নকৰে । উচ্চতম ন্যায়ালয়ে ৮ জুলাইত আবেদনৰ শুনানি গ্ৰহণ কৰিব। আবেদনকাৰী তথা পদাৰ্থ বিজ্ঞান ৱাল্লাহৰ মুখ্য কাৰ্যবাহী বিষয়া অলখ পাণ্ডেয়ে এই সন্দৰ্ভত কয় যে এনটিএয়ে উচ্চতম ন্যায়ালয়ৰ সন্মুখত স্বীকাৰ কৰিছে যে শিক্ষাৰ্থীসকলক দিয়া গ্ৰেছ মাৰ্কবোৰ ভুল আছিল আৰু তেওঁলোকে সন্মত হয় যে ইয়াৰ ফলত শিক্ষাৰ্থীসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে আৰু তেওঁলোকে সন্মত হৈছে যে তেওঁলোকে গ্ৰেছ মাৰ্ক আঁতৰ কৰিব। গ্ৰেছ মাৰ্ক পোৱা সেই ১,৫৬৩ গৰাকী শিক্ষাৰ্থীৰ পুনৰ পৰীক্ষা ২৩ জুনত অনুষ্ঠিত হ’ব বা গ্ৰেছ মাৰ্ক অবিহনে মূল নম্বৰটো শিক্ষাৰ্থীসকলে গ্ৰহণ কৰিব। প্ৰশ্নটো হ’ল যদি এনটিএৰ আন বিসংগতি আছে যাৰ বিষয়ে আমি অজ্ঞাত। তেনেহ’লে কি হ’ব বুলি পাণ্ডেয়ে প্ৰশ্ন উত্থাপন কৰে। এনটিএৰ প্ৰতি বিশ্বাসৰ অভাৱ আছে আৰু প্ৰশ্নকাকত ফাদিল বিষয়টো মুকলি আৰু তাৰ ওপৰত শুনানি অব্যাহত থাকিব বুলিও তেওঁ উল্লেখ কৰে।

অধিবক্তা শ্বেতাঙ্কে এই সন্দৰ্ভত কয় যে নীট ইউজিৰ পৰীক্ষাৰ বিষয়টো সন্দৰ্ভত পিআইএল দাখিল কৰা হৈছিল আৰু মুখ্য বিষয়টো আছিল এনটিএৰ দ্বাৰা প্ৰশ্নকাকত ফাদিল আৰু অন্যান্য অসদাচৰণ সম্পৰ্কীয়। প্ৰাৰ্থীসকলে এনইটি ২০২৪ৰ প্ৰশ্নকাকত ফাদিল, ক্ষতিপূৰণ নম্বৰ আৰু বিসংগতি প্ৰদানৰ বিষয়টো উত্থাপন কৰিছে।

কুৱেইটৰ বিধ্বংসী অগ্নিকাণ্ডত নিহত ভাৰতীয় শ্ৰমিকৰ পৰিয়াললৈ দুই লাখ টকাৰ এককালীন ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ…

বুধবাৰে এক অভাৱনীয় ঘটনা সংঘটিত হৈছিল কুৱেইটত। কুৱেইটৰ শ্ৰমিক গৃহত সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৪০ জন ভাৰতীয়ৰ মৃত্যু হোৱাৰ লগতে ৫০ জনতকৈ অধিক লোক আহত৷ নিহত লোকৰ নিকটাত্মীয়লৈ দুই লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা প্ৰধানমন্ত্ৰীৰ। ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে মুকলি কৰিছে হেল্পলাইন নম্বৰ৷ মৃতদেহসমূহ শীঘ্ৰে প্ৰত্যাৱৰ্তনৰ ব্যৱস্থা কৰিবলৈ কুৱেইটৰ বৈদেশিক মন্ত্ৰীক আহ্বান এছ জয়শংকৰৰ৷অগ্নিকাণ্ডত নিহত ভাৰতীয় শ্ৰমিকৰ পৰিয়াললৈ দুই লাখ টকাৰ এককালীন ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

কুৱেইটৰ মাংগাফ অঞ্চলত বুধবাৰে শ্ৰমিক গৃহত সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৪০ জন ভাৰতীয়ৰ মৃত্যু হোৱাৰ লগতে ৫০ জনতকৈ অধিক লোক আহত হোৱাৰ বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে৷ ইফালে আঘাতপ্ৰাপ্ত লোকসকলক কুৱেইটৰ আদান, জাবেৰ, ফাৰৱানিয়া, মুবাৰক আল কাবীৰ আৰু জাহৰা নামৰ পাঁচখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হৈছে৷

চিকিৎসালয় কৰ্তৃপক্ষৰ উদ্ধৃতি দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি চিকিৎসাধীন অধিকাংশৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ। মন্ত্ৰণালয়ে লগতে এক বিবৃতি প্ৰকাশ কৰি কয় যে, “দূতাবাসে সংশ্লিষ্ট কুৱেইট কৰ্তৃপক্ষ আৰু কোম্পানীটোৰ পৰা সম্পূৰ্ণ সবিশেষ জানিবলৈ লৈছে। আমি শোকসন্তপ্ত পৰিয়ালসমূহক গভীৰ সমবেদনা জনাইছো।” ইফালে এই ঘটনাৰ পিছতে কুৱেইটত থকা ভাৰতৰ ৰাষ্ট্ৰদূত আদৰ্শ স্বয়কাই ততাতৈয়াকৈ ঘটনাস্থলী আৰু চিকিৎসালয়সমূহ পৰিদৰ্শন কৰি ভাৰতীয় নাগৰিকসকলৰ পৰিস্থিতিৰ বুজ লয় ৷ কুৱেইট কৰ্তৃপক্ষৰ পৰা দূতাবাসে পূৰ্ণ সহযোগিতা লাভ কৰা বুলি উল্লেখ কৰি মন্ত্ৰণালয়ৰ বিবৃতিত কোৱা হৈছে যে দূতাবাসে স্থানীয় কৰ্তৃপক্ষৰ সৈতে সমন্বয় অব্যাহত ৰাখিছে যাতে এই দুৰ্ভাগ্যজনক কাণ্ডত আঘাতপ্ৰাপ্ত ভাৰতীয় নাগৰিকসকলক সহায় কৰিব পৰা যায় আৰু লগতে তেওঁলোকক সকলো সম্ভাৱ্য সমৰ্থন আগবঢ়োৱা হৈছে।

বিবৃতিটোত আৰু কোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত ৰাজ্যমন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে মৃতদেহসমূহ শীঘ্ৰে ঘূৰাই অনাৰ ব্যৱস্থা কৰাৰ লগতে আহতসকলৰ চিকিৎসা সাহায্যৰ দিশত কাম কৰাৰ বাবে কুৱেইটলৈ যোৱাৰ যোজা চলাইছে। ইফালে কুৱেইটত থকা ভাৰতীয় দূতাবাসে স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে যাতে এই ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদান কৰিব পাৰে।

একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ পেমা খাণ্ডুৰ…

বৃহস্পতিবাৰে একেৰাহে তৃতীয়বাৰৰ বাবে বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে পেমা খাণ্ডুৱে। ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল কে টি পাৰ্ণাইকে দৰ্জী খাণ্ডু কনভেনশ্যন হলত খাণ্ডুক মু্খ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰোৱায়৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙকে ধৰি বহু গণ্য-মান্য ব্যক্তি শপতগ্ৰহণত উপস্থিত থাকে। এই অনুষ্ঠানত আন এঘাৰজন বিধায়কেও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ ভিতৰত আছিল উপ মুখ্যমন্ত্ৰী চৌনা মেইন, প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ পি ডি সোনা, বিজেপিৰ ৰাজ্যিক সভাপতি বিয়ুৰাম ৱাহগে, আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী কালিখো পুলৰ বিধৱা দাসংলু পুল আদি অন্যতম। পেমা খাণ্ডুৰ জন্ম ১৯৭৯ চনৰ ২১ আগষ্টত পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত হৈছিল। তেওঁ এগৰাকী মনপা জনজাতীয় সম্প্ৰদায়ৰ বৌদ্ধ ধৰ্মাৱলম্বী লোক। প্ৰাক্তন মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডুৰ জ্যেষ্ঠ পুত্ৰ পেমা খাণ্ডু। খাণ্ডুৱে ২০০০ চনত কংগ্ৰেছত যোগদান কৰিছিল। তেওঁক ২০০৫ চনত অৰুণাচল প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু ২০১০ চনত টাৱাং জিলা কংগ্ৰেছ সমিতিৰ সভাপতি হৈছিল৷

২০১১ চনত এক হেলিকপ্টাৰ দুৰ্ঘটনাত পিতৃ তথা অৰুণাচল প্ৰদেশৰ তৎকালীন মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডুৰ কৰুণ মৃত্যুৰ পিছত পেমা খাণ্ডু ৰাজনীতিত যথেষ্ট সক্ৰিয় হৈ পৰে। তাৰ পিছত তেওঁ মুকতো আসনৰ পৰা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচনত জয়ী হৈ জাৰব’ম গামলিন চৰকাৰৰ কেবিনেট মন্ত্ৰী হয়। পিছত ২০১৪ চনত, তেওঁক নাবাম টুকি চৰকাৰত কেবিনেট মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰা হয়। ২০১৬ চনৰ জুলাই মাহত নাবাম টুকীৰ ঠাইত তেওঁ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কিন্তু শাসনলৈ অহাৰ কেইমাহ পিচতেই পেমা খাণ্ডু নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ তীব্ৰ অন্তঃকন্দলৰ সন্মুখীন হয় তাৰ পিচত ২০১৬ চনৰ ১৬ ছেপ্টেম্বৰত পেমা খাণ্ডুৰ অধীনত শাসকীয় দলৰ ৪৩ জন বিধায়কৰ কংগ্ৰেছ দল ত্যাগ কৰি পিপ’লছ পাৰ্টী অৱ অৰুণাচল দলত যোগদান কৰিছিল৷ অৱশ্যে পিপ’লছ পাৰ্টী অৱ অৰুণাচল আৰু পেমা খাণ্ডুৰ মধুচন্দ্ৰিমা বৰ বেছি দিন নচলিল৷ মাত্ৰ দুমাহৰ ভিতৰতে ২০১৬ চনৰ ২১ ডিচেম্বৰত দলীয় অনুশংসান ভংগ কৰাৰ বাবে খাণ্ডুক পিপ’লছ পাৰ্টীৰ সভাপতিয়ে দলৰ পৰা নিলম্বন কৰে আৰু তাৰ পিচতে খাণ্ডুৰ ঠাইত তাকাম পাৰিঅ’ক অৰুণাচল প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ যো-জা চলায়।

খাণ্ডুৱে ৩৩ জন বিধায়কক লগত লৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ৷ ইয়াৰ ফলত ইতিমধ্যে সদনত ১১ জন বিধায়ক থকা বিজেপিৰ সংখ্যা ৪৪ লৈ বৃদ্ধি পায় আৰু দুজন নিৰ্দলীয় বিধায়কৰ সমৰ্থন লৈ ২০১৬ চনৰ ডিচেম্বৰ মাহত খাণ্ডুৱে সদনৰ মজিয়াত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ সক্ষম হৈছিল। ২০১৯ চনৰ অৰুণাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচনত ৬০ খন আসনৰ ভিতৰত ৪১ খন আসন লাভ কৰি ভাৰতীয় জনতা পাৰ্টীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰে ৷ ইয়াৰ লগতে মিত্ৰ দল জনতা দল (ইউনাইটেড) ৭ খন আসন আৰু নেশ্যনেল পীপলছ পাৰ্টীয়ে ৪ খনকৈ আসন লাভ কৰে । ইয়াৰ পিচতেই খাণ্ডুৱে পুনৰ ২০১৯ চনৰ ২৯ মে’ত দ্বিতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ২০২৪ৰ বিধানসভা নিৰ্বাচনত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা পেমা খাণ্ডুৱে বৃহস্পতিবাৰে তৃতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। পেমা খাণ্ডু এই বিধানসভা নিৰ্বাচনত টাৱাং জিলাৰ মুকতো আসনৰ পৰা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। বিধায়ক হিচাপে খাণ্ডুৰ এইটো চতুৰ্থ কাৰ্যকাল যাৰ ভিতৰত তেওঁ তিনিবাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে।পেমা খাণ্ডুৱে টাৱাঙৰ বোম্বাৰ চৰকাৰী মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল, তেওঁ ১৯৯৫ চনত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল।পৰৱৰ্তী সময়ত, তেওঁ ইটানগৰৰ ডনি-পোলো বিদ্যা ভৱনত উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰে আৰু ১৯৯৭ চনত শিক্ষা সম্পূৰ্ণ কৰে৷

তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হিন্দু মহাবিদ্যালয়ত কলা শাখাত ইতিহাসত বিভাগত অধ্যয়ন কৰিছিল । ২০০১ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰিছিল ৷

G-7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ইটালীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

G-7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ইটালীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

ইটালীৰ অপুলিয়াৰ ব্ৰীণ্ডিচি বিমানবন্দৰত প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি৷

G-7 সন্মিলনত একাধিক দেশৰ নেতাৰে সুকীয়াকৈ অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে৷