Home Blog Page 792

২০ মে’ত দেশত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন ! পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ…

২০ মে’ত দেশত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন।পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ। ৰায়বেৰেলী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধীৰ নিৰ্ণয় হ’ব ভাগ্য । ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নামিছে বিজেপি প্ৰাৰ্থী দীনেশ প্ৰতাপ সিং।

দেশৰ ৬ খন ৰাজ্য, ২ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিত হ’ব ভোটগ্ৰহণ । পশ্চিম বংগৰ ৭খন আসন,মহাৰাষ্ট্ৰৰ ১৩খন আসন,


ওড়িশাৰ ৫ খন আসন, উত্তৰ প্ৰদেশৰ ১৪খন আসন, ঝাৰখণ্ডৰ ৩খন আসন, বিহাৰৰ ৫খন আসন । জম্মু কাশ্মীৰ আৰু লাডাখৰ এখনকৈ আসনত হ’ব ভোটযুদ্ধ।

দুশ বছৰীয়া পুৰণি মুগাৰ সাঁজ, হাতত গামখাৰু, গামোচা; খোপাত কপৌফুল গুজি ৰেড কাৰ্পেটত অভিনেত্ৰী আইমী বৰুৱা…

দুশ বছৰ পুৰণি ফুল বছা মুগাৰ সাঁজ, হাতত গামখাৰু, অসমীয়া গামোচা, খোপাত কপৌফুল গুজি Cannes চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ দিলে অভিনেত্ৰী আইমী বৰুৱাই।ফটো চাওক…

তৃতীয় বাৰৰ বাবে Caanes Film Festivalৰ ৰেড কাৰ্পেটত অসমীয়া সাজ-পোছাকত খোজ দিলে মোহময়ী অভিনেত্ৰীগৰাকীয়ে।

কাঁন চলচ্চিত্ৰৰ এই ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে।

কাছাৰত ১০৫ কোটি টকাৰ হেৰ’ইন জব্দ ! আৰক্ষীৰ অভিযানৰ ফটোৰে কাছাৰ আৰক্ষীক সামাজিক মাধ্যমত প্রশংসা মুখ্যমন্ত্ৰীৰ…

ৰাজ্যত ইতিহাসৰ সৰ্ববৃহৎ ড্ৰাগছ বিৰোধী অভিযান । কাছাৰত ১০৫ কোটি টকাৰ হেৰ’ইন জব্দ কৰিলে আৰক্ষীয়ে । জব্দ হোৱা হেৰ ইন খিনিৰ ওজন প্রায় ১০ কিলো ৩৩৩ গ্রাম ।

অভিযান কালত এগৰাকী মহিলাসহ ৫ জন লোককো গ্ৰেপ্তাৰ । আৰক্ষীৰ অভিযানৰ ফটো দি কাছাৰ আৰক্ষীক সামাজিক মাধ্যমত প্রশংসা মুখ্যমন্ত্ৰীৰ ।

চুবুৰীয়া মিজোৰামৰ পৰা অসমলৈ সৰবাৰহ কৰা হৈছিল হেৰ ইনখিনি ।

গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্তক নলাত জাবৰ পেলোৱাত বাধা দিয়াৰ বাবেই আক্ৰমণ…

গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্তক আক্রমণৰ ঘটনা ।
নলাত জাবৰ পেলোৱাত বাধা দিয়াৰ বাবেই আক্ৰমণ সংঘটিত ।


আক্ৰমণত আহত সহকাৰী আয়ুক্ত দীপাংকৰ দাস ।
হাতীগাঁৱৰ শংকৰ পথত সংঘটিত এই ঘটনা ।


সহকাৰী আয়ুক্তৰ এজাহাৰৰ ভিত্তিত তিনিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ ।
গ্ৰেপ্তাৰ ঋষিৰাজ বৰা, ফাৰুক ইফতিকাৰ লস্কৰ, আলফাজ আলম ।

ভগৱান শ্ৰীকৃষ্ণৰ পৰা জীৱন যাপনৰ কিছু কলা শিকি লওক, প্ৰতিটো ক্ষেত্ৰতে লাভ কৰিব সফলতা…

শ্ৰীমদ্ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই দিয়া শিক্ষা আজিৰ যুগতো মানুহৰ বাবে সফলতাৰ মন্ত্ৰতকৈ কম নহয়। শ্ৰী কৃষ্ণৰ কথাবোৰ অৰ্জুনৰ বাবে যিমান গুৰুত্বপূৰ্ণ আছিল, আজিৰ মানুহৰ বাবেও সিমানেই গুৰুত্বপূৰ্ণ। যদি এইবোৰ কথাত গুৰুত্ব দিয়ে তেন্তে জীয়াই থকাৰ পথটো সহজ হৈ পৰিব।

ভগৱান শ্ৰীকৃষ্ণই কঠিন সময়ত পাণ্ডৱক সমৰ্থন কৰিছিল। ইয়াৰ পৰাই এজন ব্যক্তিয়ে শিকিব পাৰে যে আটাইতকৈ কঠিন পৰিস্থিতিত তেওঁক সহায় কৰাসকলহে ভাল বন্ধু। জীৱনত এনে বন্ধুৰ পৰা আঁতৰি থকা উচিত যিয়ে আপোনাক কঠিন পৰিস্থিতিত সহায় নকৰে।

শ্ৰীকৃষ্ণৰ মতে কোনো ব্যক্তি বিপদৰ সময়ত বা সফলতা নাপালে হতাশ হোৱা উচিত নহয়। বৰঞ্চ বিফলতাৰ পৰা শিকিব লাগে আৰু বিফলতাৰ কাৰণবোৰো জানিব লাগে।

ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ দুখীয়া বন্ধু সুদামাক সহায় কৰি তেওঁৰ জুপুৰিটোক ৰাজপ্ৰসাদ কৰি দিছিল। একেদৰে এজন ব্যক্তিয়ে নিজৰ বন্ধু-বান্ধৱীক ধন-সম্পত্তি আৰু দৰিদ্ৰতাৰ দৃষ্টিকোণৰ পৰা চোৱা উচিত নহয়। এজন ব্যক্তিয়ে সততাৰে বন্ধুত্ব গঢ়িব লাগে আৰু বন্ধুত্ব বজাই ৰাখিব লাগে।

আমি শ্ৰীকৃষ্ণৰ পৰা শিকিব লাগে যে জীৱনত আমি যিমানেই সমস্যাৰ সন্মুখীন নহওঁ কিয় আমি সদায় হাঁহি থকা উচিত। ইয়াৰ দ্বাৰা কঠিন সমস্যাও সহজে সমাধান হ’ব।

ভগৱান শ্ৰী কৃষ্ণই কৈছে যে মানুহে কেতিয়াও মিছা কথাক সমৰ্থন কৰিব নালাগে। মিছা কথাৰ বাবে ভৱিষ্যতে এজন ব্যক্তিয়ে ডাঙৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। জীৱনত সদায় সত্যৰ লগত থাকিব লাগে আৰু কেৱল সত্যক সমৰ্থন কৰিব লাগে।

সাৱধান! খালী পেটেৰে দিনটোলৈ ঘৰৰ পৰা বাহিৰলৈ যায় নেকি? সোনকালে হ’ব পাৰে ৰুগীয়া…

স্বাস্থ্যৰ বাবে ব্ৰেকফাষ্ট অতি গুৰুত্বপূৰ্ণ। অৱশ্যে বহুতেই মানুহে একেবাৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। কিন্তু ৰাতিপুৱা একো নোখোৱাতে আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতি কাৰক।

ৰাতিপুৱা খাদ্য খালেহে মগজুৰ বিকাশ হ’ব। আচলতে ব্ৰেকফাষ্ট কৰিলে মগজুত গ্লুক’জ পোৱা যায়, যি মগজুৰ সঠিক কামৰ বাবে প্ৰয়োজনীয়। ইয়াৰ ফলত স্মৃতিশক্তি বৃদ্ধি পায়।

ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলে ৰোগৰ সম্ভাৱনা কম হয়।

ৰাতিপুৱা স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট কৰিলে শৰীৰত হৰম’নৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত মেজাজ ভাল হৈ থাকে আৰু মানসিক চাপ কমে।

যিসকল লোকে ব্ৰেকফাষ্ট নকৰে তেওঁলোকে কামৰ সময়ত আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত অতিমাত্ৰা খাদ্য খাই। অতিমাত্ৰা খাদ্য খোৱাৰ ফলত শকত হোৱাৰো সম্ভাৱনা থাকে।

জেআাইচি  ইন্টাৰনেচলেন মেঘা ইভেন মহিলা সমিতিৰ কাপোৰৰ মেলা অনুষ্ঠিত…

জেআাইচি  ইন্টানেচলেন মেঘা ইভেন মহিলা সমিতিৰ কাপোৰৰ মেলা

শনিবাৰে জিআাইচি ইন্টানেচলেন মেঘা ইভেন মহিলা সমিতিৰ উদ্যোগত উদ্যোক্তা ৰস্মি পেৰিয়ালৰ সহযোগত  আঠগাঁৱৰএপি হোমত কাপোৰ আৰু গোল্ডৰ মেলা এদিনৰ কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷

শুভ উদ্বোধন কৰে গুৱাহাটী পৌৰনিগৰ ১৮ নং ৱাৰ্ডৰ পাৰিষদ শকংৰ চক্ৰৱৰ্তীয়ে  উক্তমেলাৰ কাৰ্যসূচীত প্ৰায় ৩৫ খনৰো অধিক মহিলা ষ্টল অংশ গ্ৰহণ কৰে ৷

ষ্টলসমুহত প্ৰাই তিনিলাখৰো  অধিক টকাৰ বিক্ৰি হয় বুলি জে আইচি ইন্টাৰনেচলেনৰ উদ্যোক্তা ৰস্মি  পেৰিয়ালে জানিবলৈ দিয়ে ।

অনুৰাগী অবাকঃ ভঙা হাতেৰে কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ ঐশ্বৰ্য ৰায় বচ্চনৰ…

ভঙা হাতেৰে ৭৭ সংখ্যক কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ ঐশ্বৰ্য ৰায় বচ্চনৰ।

এনে ৰূপত দেখিলে কোনে ক’ব ঐশ্বৰ্য ৰায় বচ্চনে পঞ্চাশ বছৰ বয়স অতিক্ৰম কৰিলে বুলি।

ফালগুনি শ্বেন পিককে ডিজাইন কৰা ক’লা গাউন পিন্ধি কাঁনৰ ৰেড কাৰ্পেটখন ৰঙীণ কৰি তুলিলে ঐশ্বৰ্যই।

প্লাষ্টাৰ কৰা হাতেৰে বিশ্ববিখ্যাত চলচ্চিত্ৰ মহোৎসৱত এইদৰে উপস্থিত হয় ঐশ্বৰ্য ৰায় বচ্চন।

আহাতে কাঁনত আৰাধ্যাইও মাকক হাতৰ পৰা বেগ এটা লৈ সহায় কৰা দেখা গৈছিল এটা ভিডিঅ’ত।

অৱশ্যে এনে কঠিন সময়ত পতি অভিষেক বচ্চনক পত্নীৰ কাষত দেখা পোৱা নগ’ল।

পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক গৌতম দাস…

পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক ৷ মালদাৰ পৰা সন্ধানহীন বাক্সাৰ সৰুগাতিৰ গৌতম দাস ৷

৩ মাহ পূৰ্বে হায়দৰাবাদলৈ গৈছিল গৌতম দাস৷ ঘৰলৈ ওভতাৰ পথতে মালদাৰ পৰা সন্ধানহীন যুৱকজন৷

গৌতমৰ সম্ভেদ পালে ৯৯৫৭৪৫৬৮৭৫ নম্বৰত যোগাযোগৰ আহ্বান পৰিয়ালৰ৷

বিজেপিৰ হৈ সেৱা কৰিব বুলি মিছা কৈছিল আনন্দ মিশ্ৰইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…

বিজেপিত যোগ দিব বুলি মিছা মাতিছিল আনন্দ মিশ্ৰই, আনন্দ মিশ্ৰৰ ধৈৰ্য শক্তি কম; এতিয়া লালুপ্ৰসাদ আৰু কংগ্ৰেছৰ পৰা চুপাৰি লৈ বিজেপিৰ বিৰুদ্ধে কাম কৰিছে প্ৰাক্তন আই পি এছ আনন্দ মিশ্ৰই! বিহাৰৰ বক্সাৰৰ নিৰ্বাচনী সভাত আনন্দ মিশ্ৰক সমালোচনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। অসমত আৰক্ষী অধীক্ষকৰ দায়িত্ব পালন কৰা আনন্দ মিশ্ৰই কিছুদিন পূৰ্বে ভিআৰএছ লৈছিল। আনন্দ মিশ্ৰই বিহাৰৰ বক্সাৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

বিহাৰৰ বক্সাৰৰ এক নিৰ্বাচনী অনুষ্ঠানত আনন্দ মিশ্ৰক তীব্ৰ কটাক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এটা কথা জানি লওক যিয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেওঁলোকে কংগ্ৰেছ বা লালু প্ৰসাদ যাদৱৰ পৰা চুপাৰী লৈ এই কাম কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ বিভিন্ন প্ৰান্তত হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে, নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিহাৰত আনন্দ মিশ্ৰক এইদৰে কটাক্ষ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।