Home Blog Page 803

এতিয়া ফুল ফুলাৰ বতৰ…

জেচমিন আৰা আহমেদ


বসন্ত আৰু গ্ৰীষ্মৰ মাজতেই ব্যক্তিগত কাৰণত ডিমৌৰ পৰা শদিয়ালৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলো।ৰবিবাৰৰ এই দিনটোত ফৰকাল আকাশত সূয্যৰ তিব্ৰতায়ে বাৰুকৈয়ে চকু চাট মাৰি ধৰিছিল যদিও ন বৰষুণে ধোৱাই নিয়া সমস্ত পথছোৱাই যেন আমাক আদৰিবৰহে আয়োজন কৰি থৈছিল।ডিমৌৰ পৰা নিতাই , খৈৱাংহৈ শদিয়া লৈকে সমগ্ৰ পথছোৱাৰ কাষে কাষে ফুলি থকা কৃষ্ণচূড়াৰ উজ্জ্বল ৰঙাটোৰে আমাৰ যাত্ৰা ও ৰঙীন কৰি তুলিলে।কৃষ্ণচূড়া বা Royal poinciana নামেই যাৰ পৰিচয়। বসন্ত কালত ফুলি জাতিষ্কাৰ হৈ থকা গছবোৰৰ সৌন্দৰ্য্যই আমাক এক অপূৰ্ব আনন্দ প্ৰদান কৰাৰ লগতে অন্তৰত এক ভাষাহীন আবেগৰ সৃষ্টি কৰে।।সংস্কৃতত ইয়াক “ৰাজ আভৰন” বুলি কোৱা হয় অৰ্থাৎ ৰাজকীয় আভূষণেৰে সুসজ্জিত বৃক্ষ।আনহাতে সনাতন শাস্ত্ৰ অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিমাৰ মুকুটৰ ওপৰত এই ফুলেৰে শৃংগাৰ কৰা হয় সেয়ে ইয়াক সংস্কৃতত “কৃষ্ণচূড়” বুলিও কোৱা হয়।ফ্ৰান্সত ইয়াৰ আকৰ্ষনীয় সৌন্দৰ্য্যৰ বাবে স্বৰ্গৰ ফুল বুলি কোৱা হয় । আনহাতে পৃথিৱীৰ বিভিন্ন প্ৰান্তত ইয়াক Maxican bird of paradise , Red bird of paradise ,Pride of Barbados আদি সুন্দৰ নামেৰে জনা যায়।কৃষ্ণচূড়াৰ বনস্পতিক নাম Delonix Regiya.। কৃষ্ণচূড়াৰ ফুলৰ ৰং দুটা ।এটা ৰঙা আনটো কমলা। ইয়াৰ পাঁচটা পাহি থাকে।চাৰিটা পাহিৰ ৰং আৰু আকাৰ সমান হয় আনহাতে পঞ্চম পাহিটো আকাৰত অলপ ডাঙৰ আৰু দীঘল হোৱাৰ লগতে গাত বগা-হালধীয়া ফুট থকা দেখা যায়। অপূৰ্ব এই পুস্পৰ সৌন্দয্য।মন মতলিয়া কৰিব পৰা ক্ষমতা ৰাখে এই বসন্তৰ সুবাসে।


কাজিৰঙা বিশ্ববিদ্যালয়ৰ কাষৰ কাকডোঙা নদীৰ পাৰৰ সংৰক্ষিত বনাঞ্চল খনৰ আকাশ এতিয়া বেঙুনীয়া। গোলাঘাট আৰু যোৰহাটৰ সীমাত ৩৭নং ঘাইপথৰ দাঁতিত থকা এই বনাঞ্চল খনি বহু এজাৰ গছেৰে ভৰি আছে। বসন্তৰ পৰশত মৌচুমী বায়ু প্ৰৱাহৰ লগে লগে এজাৰ এতিয়া বেঙুনীয়া ।এনে হয়তু এজনো পথিক নোলাব যি এই বতৰত বনাঞ্চলখনিৰ ৰূপত মুগ্ধ হোৱা নাই। সেই পথ আতিক্ৰম কৰিলে আপোনাৰ দৃষ্টিও বেঙুনীয়াতে নিবদ্ধ হব। বৰ্তমান আকাশ মাৰ্গৰ পৰা লোৱা এই বনাঞ্চল খনিৰ দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰিছে।সাংঘাটিক ধৰনে মন পৰশা এই দৃশ্যৰ ভিডিঅ। এজাৰৰ বৈজ্ঞানিক নাম Lagerstromia speciosa .এই ফুল বিধক Queen flower, Pride of India আদি সুন্দৰ নামেৰে জনা যায়।এইজোপা উদ্ভিদ ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়।বিশেষকৈ মধুমেহ ৰোগত ই অতিকৈ উপকাৰী । গীতিকাৰে “এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ” বুলি গীত জুৰিলেও কিন্তু এতিয়া বেঙুনবুলীয়া এজাৰে আমাৰ মনত নিশ্চয় বেজাৰৰ সলনি আনন্দৰ লহৰ তুলিব।
লগতে হালধীয়া গড়গাওঁ মহাবিদ্যালয়ৰ চৌহদ। মহাবিদ্যালয়খনৰ বাটচৰাতে ফুলি থকা সোনাৰুৱে এতিয়া হালধীয়া হাঁহি মাৰি ন শিকাৰুক স্বাগতম জনোৱাত ব্যস্ত ।লগতে সোনাৰুৰ হালধীয়া হাঁহিৰে মুখৰিত মোৰ পদুলি মুখ। এই ধুনীয়া গছজোপাৰ বৈজ্ঞানিক নাম Cassia fistula .ই থাইলেণ্ডৰ ৰাষ্ট্ৰীয় গছ আৰু ৰাষ্ট্ৰীয় ফুল।আমাৰ দেশৰ ৰাজ্য কেৰেলাৰো ৰাজ্যিক ফুল সোনাৰু।ইয়াক আয়ুৰ্বেদিক ঔষধত ব্যৱহাৰ কৰা হয়।শাৰী শাৰী সোনাৰুৰে ভৰিথকা আমাৰ পুখুৰীলৈ যোৱা বাটটো ও এতিয়া হালধীয়া হৈ আছে।দুপৰীয়াৰ ময়াসনা সময়বোৰত সেই পথটোও যেন সোনোৱালী ৰঙেৰে ময়াময় হৈ পৰে।মনত পৰে ল’ৰালি কালত সোনাৰুৰ দীঘলীয়া শুকান গুটীবোৰ ভাঙি তাৰ ভিতৰৰ চকলেট ৰঙী অংশবোৰ হেঁপাহেৰে খোৱা। আমাৰ পদুলীটো এৰি ৰাধাচূড়া ফুলিছে।গোলপীয়া পাহি সৰি পথছোৱাও গোলাপী হৈ পৰিছে।এই সময়ত আপোনিও যদি বুঢ়াপাহাৰৰ মাজে মাজে কাজিৰঙা অভয়াৰণ্য অতিক্ৰম কৰিছে নিশ্চয়ে হালধীয়া মেডেলোৱাৰ জোপোহাবোৰ এপলক নয়নজুৰি চাইছে।তাতে আকৌ দৃষ্টি আকৰ্ষন কৰিবলৈ কঠনাৰ শুভ্ৰ পাহিবোৰ ও সাজু ।মৰিগাওঁৰ পৰা জাগীৰোডলৈ বাঘৰা পাহাৰৰ কাষে কাষে পথছোৱাতো এই ফুলবোৰ ফুলি ৰঙা – বেঙুনীয়া আৰু হালধীয়াই লুকা-ভাকু খেলিছে।মোৰ ঘৰৰ সম্মুখৰ পথছোৱায়ে সেই একেদৰেই ৰঙা-বেঙুনীয়া-গোলাপী-হালধীয়া ৰঙেৰে মালা গাথিছে। পদপথৰ কাষৰিয়া আহঁতজোপা এতিয়া বিভিন্ন ৰঙৰ অৰ্কিড ফুলি জাতিষ্কাৰ হৈ আছে।কপৌ , ভাটৌ আৰু বহু অনামী আৰ্কিড ফুলি বৃক্ষবোৰ ও বসন্তৰ পৰশত চঞ্চল মনা।


এতিয়া পখিলা উৰাৰ বতৰ।সমগ্ৰ পৃথিৱীয়ে প্ৰতিকুল বতৰকো নেওছি প্ৰকৃতিয়ে ৰঙৰ সমাহাৰ পাতিছে। সমগ্ৰ অসম জুৰি বিয়পি পৰা বহু কেইটা ঘটনায়ে মানুহৰ হৃদয় ভাৰাক্ৰান্ত ।কৰবাত মাতৃক পুত্ৰয়ে জীৱন্তে দাহ কৰিছে আন কৰবাত প্ৰতিভাবান পত্নীক নিৰ্যাতন কৰি হত্যা কৰাৰ দৰে বাতৰি সমূহে সকলোৰে হৃদয়ত ভৱিষ্যতৰ বাবে অজান এক আশংকাই কপাঁই গৈছে।দৈনন্দিন বৃদ্ধি পোৱা অপৰাধৰ তালিকাখনে প্ৰতিজন নিৰীহৰ মনত শংকাৰ ভাৱ জগাই তুলিছে।জালুক বাৰীত কৃষ্ণছূড়া ফুলা নাই।নাই এজাৰ-নাই সোনাৰো বকো-গোৱালপাৰা সংযুক্ত পথৰ বুকুত সেই সৌন্দয্য এতিয়া চাৰিলেন যুক্ত পথৰ তাগিদাত উন্নয়নৰ হাতৰ পৰশত লুপ্ত পালে।তথাপিত আহক আমিও ক্ষন্তেকৰ বাবে বিভীষিকা পাহৰি অলপ উশাহ লওঁ। পান কৰো প্ৰকৃতিৰ ৰূপৰ অমিয়া সূধা।অকনমান সময়ৰ বাবে পাৰ্থিৱ সকলো পাহৰি পেলাই কৃষ্ণচূড়া, এজাৰ অথবা ৰাধাচূড়াৰ ৰঙা-বেঙুনীয়া-গোলাপী আৰু সোনাৰুৰ হালধীয়া ৰঙৰ সমাহাৰেৰে কিঞ্চিত সুখ অনুভৱ কৰি চাওঁ। তাৰ মাজেৰে দুখবোৰ অলপ পাতল কৰি তোলো।নিজকে অলপ আৰাম দি চাওঁ। সময় গতিশীল । পখিলাৰ পাখীৰ সৈতে নিশ্চয়ে বিভীষিকাময় দিনবোৰ পাৰ হৈ যাব।আগোন্তুক সুন্দৰ প্ৰকৃতিৰে আবৰা দিনবোৰ আমাৰ বাবে অধীৰ অপেক্ষাৰত।তাৰ আশা বুকুত সামৰি।

কৃতী ছাত্ৰ পিনাক পৰাণ কাশ্যপক নাগশংকৰ আলোকৰ শুভাশীষ প্ৰদান…

বিশ্বনাথ জিলাৰ নাগশংকৰ অঞ্চলৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান আলোকৰ উদ্যোগত অঞ্চলটোৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ পাৰদৰ্শিতাৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ উদ্দেশ্যৰে অভিনন্দন অনুষ্ঠানৰ লগতে প্ৰয়াত শংকৰ ভূঞা আৰু কমল শইকীয়া শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়৷ সেই উপলক্ষে আলোকৰ বৰ্তমানৰ সভাপতি নাৰায়ণ হাজৰিকা আৰু সম্পাদক জিতু বৰাৰ নেতৃত্বত পদ্মেশ্বৰ শইকীয়া,ৰাতুল বৰা,পৰেশ শইকীয়া,পদ্ম পাঠক,বিমান শইকীয়া,অপু বৰা,চিন্ময় কলিতা প্ৰমুখ্যে আলোকৰ কেইবাগৰাকীও সন্মানীয় সদস্য তথা বিষয়ববীয়াই ১৪ মে’ মঙলবাৰে নাগশঙ্কৰ অঞ্চলৰ

কুমাৰচুক গাৱঁৰ বাসিন্দা শিক্ষয়িত্ৰী কৃষ্ণা বৰুৱাৰ বাসগৃহত উপস্থিত হৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৩.১৬ শতাংশ নম্বৰৰে ডিষ্টিংচনসহ উত্তীৰ্ণ হোৱা কৃতীমান ছাত্ৰ পিনাক পৰাণ কাশ্যপক গামোচা,মানপত্ৰ,স্মাৰক আৰু নগদ ধনৰে পুৰস্কৃত কৰে৷ সৰুৰে পৰা আইতাক কৃষ্ণা বৰুৱাৰ লগত থাকি চতিয়াৰ ৰাজহুৱা খণ্ডৰ আগশাৰীৰ শিক্ষানুষ্ঠান ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠত পিনাক পৰাণে শিক্ষা গ্ৰহণ কৰিছিল৷এইবাৰ উক্ত বিদ্যালয়ৰ পৰা ছেবাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতাৰে উত্তীৰ্ণ হোৱা পিনাক পৰাণ কাশ্যপ গুৱাহাটী নিৱাসী সমাজকৰ্মী

ভাস্কৰ কলিতা আৰু সাংবাদিক লেখিকা দৰ্শনা বৰুৱাৰ জ্যেষ্ঠ পুত্ৰ৷ বিদ্যালয়ৰ পাঠ্যক্ৰমৰ পঢ়া শুনাৰ লগতে সাহিত্য -সংস্কৃতিৰ ক্ষেত্ৰতো বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা পিনাক পৰাণ কাশ্যপে আলোকৰ দৰে এটি অগ্ৰণী অনুষ্ঠানৰ পৰা লাভ কৰা এনেধৰণৰ উৎসাহ আৰু প্ৰেৰণাৰ বাবে আলোকৰ সকলো সন্মানীয় সদস্যক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে বুলি জানিব পৰা গৈছে৷প্ৰণিধানযোগ্য যে আলোকৰ উদ্যোগত পিনাক পৰাণ কাশ্যপৰ লগতে অঞ্চলটোৰ আন কেইবাগৰাকীও কৃতী ছাত্ৰ-ছাত্ৰীক এইদৰেই অভিনন্দন জ্ঞাপন কৰা হয় ৷

ৰংগালয়ৰ নাট্য নিবেদন : অথেল’ এ পলিটিকেল ট্রেপ…

✍ দিব্যজ্যোতি ভূঞা

নিয়মীয়া নাট্যচৰ্চাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা অসমৰ গ্ৰামাঞ্চলৰ এটি নিষ্ঠাবান নাট্যদল “ৰংগালয়”। ৰংগালয়ে প্ৰযোজনা কৰা নাটক সমূহে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নাট মহোৎসৱত প্ৰদৰ্শিত হৈ ভূয়সী প্ৰসংশা লাভ কৰিবলৈ সক্ষম হৈছে৷নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় আৰু সংগীত নাটক অকাডেমীৰ নাট মহোৎসৱতো ৰংগালয়ৰ কে’বাখনো নাটক মঞ্চায়ন হোৱাটো অসমীয়া নাট্য জগতৰ বাবে গৌৰৱৰ কথা৷ ৰংগালয়ে আধুনিক নাটকৰ সমান্তৰালভাৱে লোকনাট্য আৰু পৰম্পৰাগত নাট্য নিৰলসভাৱে চৰ্চা কৰি আহিছে৷ ইতিমধ্যে ভালেকেইখন উন্নত মানৰ নাট্য প্রযোজনাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত স্থান লাভ কৰিবলৈ সক্ষম হোৱা এই নাট্যদলটোৱে যোৱা এঘাৰ মে’ত নগাঁও ছোৱালী

মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৰহেমীয়ান চ’লছৰ সহযোগত মনস্থ কৰে বিশ্ববিখ্যাত নাট্যকাৰ উইলিয়াম শেক্সপীয়েৰৰ কালজয়ী নাটক অথেল’ৰ অসমীয়া অভিযোজনা অথেল’ …….এ পলিটিকেল ট্রেপ। নাটকখনৰ অসমীয়া অনুবাদ সত্যপ্ৰসাদ বৰুৱাৰ আৰু অভিযোজনা হেমন্ত কুমাৰ বৰাৰ।অসমীয়া নাট্য সমলেৰে নাটকখনৰ পৰিকল্পনা আৰু পৰিচালনা কৰিছে মৃণাল কুমাৰ বৰাই। নাটকখনত অভিনয় কৰা অভিনয় শিল্পীসকল হ’ল—অথেল’ অঞ্জল বৰা,

ইয়াগ’ দিপু শইকীয়া,কেচিঅ’ বিশ্বজ্যোতি বৰা, প্ৰথম বহুৱা- আদিত্য বৰা,দ্বিতীয় বহুৱা- পৰশমণি মহন্ত,
ডেছডিমনা তনমী ফুকন,এমিলিয়া প্ৰহেলিকা বৰা, বায়ংকা প্ৰহেলিকা বৰা।নাটকৰ আৱহ সংগীত ভাৰ্গৱ বৰা আৰু ৰূপসজ্জা নেত্ৰকমল বৰাৰ। সাজসজ্জা মৃদুমৌচম বৰাৰ। পোহৰ পৰিকল্পনা মৃণাল কুমাৰ বৰা আৰু সহযোগিতা প্ৰশান্ত বৰাৰ।অথেল’ নাটকত অভিনয় কৰা প্ৰতিজন অভিনেতা- অভিনেত্ৰীয়ে সুন্দৰ অভিনয়ৰে দৰ্শকক মোহাচ্ছন্ন কৰে।নাটকখনিৰ মনোগ্ৰাহী উপস্থাপনাই দৰ্শকক ধ্ৰুপদী সুৰৰ সৈতে আকৌ এবাৰ মগ্ন হোৱাৰ সুবিধা দিয়ে ।

এটুকুৰা কাঠত প্ৰতিভা আৰু সাধনাৰে চিৰযুগমীয়া ঢৌ তুলিছে জীৱন সংগ্ৰামী ভাস্কৰ্যশিল্পী পদ্ম ফুকনে…

ভাস্কৰ্য শিল্পী পদ্ম ফুকনে কাঠৰ নিৰ্জীৱ টুকুৰাক দা-কটাৰীৰে প্ৰাণ দি জীৱন্ত কৰি তোলে।শিল্প-ভাস্কর্যই একো একোটা যুগক প্রতিনিধিত্ব কৰি অহাৰ পাছতো ভাস্কৰ্য শিল্পী পদ্ম ফুকন কেনে আছে খবৰ লবলৈ আহৰি নাই যান্ত্ৰিকতাৰে জৰ্জৰিত স্থবিৰ হ’ব খোজা মানুহৰ ।লখিমপুৰ জিলাৰ বঢ়াৰ পো ঐতিহ্য ক্ষেত্ৰ বৰ-নাৰায়ণপুৰ মৌজাৰ মেৰমুখ অঞ্চলৰ জালুককটা গাঁওৰ(শান্তিপুৰ)নিবাসী প্ৰয়াত উমাকান্ত ফুকন আৰু পুষ্প ফুকন সুযোগ্য সন্তান ১৯৭৮ চনত জন্ম গ্ৰহণ কৰে। পদ্ম ফুকনে পিতৃৰ সৰু চাইকেল দোকান খনৰ পৰা আৰ্জিত ধনেৰে পৰিয়াল পোহপাল দি চৰম দৰিদ্ৰতাৰ মাজেৰে পাৰ কৰা কৈশোৰ কালছোৱাতে এটুকুৰা কাঠত হাতত থকা কটাৰীৰে ৰুকি এটা চৰাই আকৃতি দিবলৈ সফল হয় ।প্ৰতিটো মনলৈ ধাৰণা কল্পনা ভাস্কৰ্যৰ ৰূপ দিবলৈ ফুকনে প্ৰযত্ন ত্রুটি
নকৰাকৈ সফল হৈছিল। একেদৰে প্রশংসিত আৰু অনুপ্ৰাণিত হৈছিল আত্মীয় স্বজন অনুৰাগীৰ পৰা।এদিন ওচৰৰ এগৰাকী লোকে নিৰ্মান কৰা বিছনাৰ বাবে ফুকনে কাঠত কাটি দিব লগা হৈছিল এটা ম’ৰা চৰাই।

সেই দিনৰ পৰা জনবহুল প্ৰচাৰ আৰু সমাদৃত হ’ল।পৰৱৰ্তী সময়ত আৰম্ভ কৰিলে ঈশ্বৰক সেৱা জনাই পিতৃ-মাতৃ ভক্তিৰে বুকুত মনোবল লৈ আৰম্ভ কৰিলে অনন্ত কুশল যাত্ৰা।এনেকৈয়ে অলেখ ভাস্কৰ্য সৃষ্টি কৰিছে নিৰ্জীৱ কাঠত।বিভিন্ন নামঘৰৰ বাবে সিংহাসন,হনুমান,মানুহ,হাতী পদুম,গঁড়,বগলী,সি‌ংহ,কাছ পহু ,ড্ৰেগন সাপ, ভাটৌ,লক্ষী,সৰস্বতী ,হনুমান,গৰুড়পক্ষী ফুল,পক্ষী,জন্তু,সৌন্দৰ্যশালী আচবাব হুবহু মানুহৰ কাঠত আলোকচিত্ৰ আঁকি জনদৰদী চহা ভাস্কৰ্যশিল্পীৰ সৃষ্টি ৰাজীয়ে জনমানসত চিৰ যুগমীয়া ঢৌ তুলি প্ৰজন্মলৈ ৰাখি থৈ গৈছে জীৱন বুৰঞ্জী।তেওঁ সদৰী কৰা মতে,তেওঁ আছে মনত বহুত পৰিকল্পনা, আৰ্থিক দৈন্যতাৰ বাবে সেই থল সমূহ পূৰ্ণপ্ৰাপ্ত কৰি তুলিব পৰা নাই ।এই কৰ্মঠ ভাস্কৰ্য শিল্পীজনে এনে ধৰণৰ কৰ্মৰাজিৰ যোগেদি চলাইছিল পোহপাল দিছিল পৰিয়াল কিন্তু কাঠৰ বস্তুৰ পৰিৱৰ্তে প্লাষ্টিক আৰু লোহাৰ অত্যাধিক ব্যৱহাৰ হোৱাত গ্ৰাহকৰ সংখ্যা হ্ৰাস পোৱাত ব্যৱহৃত সামগ্ৰীৰ অধিক দাম হোৱাত,চৰকাৰী সাহাৰ্য পৰা বঞ্চিত হোৱাত এনে ধৰণৰ শিল্প কৰ্ম কেৱল অতীত ৰোমন্থন আৰু মনৰ প্ৰশান্তিৰ বাবে কৰি থকা হৈছে।

পৰিয়াল চলাবলৈ খেতি পথাৰ বাবে বাৰিষা বান ,অসুখীয়া দেহা লৈ অপাৰগ হোৱাৰ বাবেই দিন হাজিৰা কৰি পৰিয়াল চলোৱাৰ লগতে ৰুগীয়া মাতৃক চোৱাচিতা,পত্নীৰ জটিল আস্ত্ৰোপ্ৰচাৰ আৰু ল’ৰা ছোৱালীক কলেজত পঢ়োৱাব লগা হৈছে ভাস্কৰ্য শিল্পী পদ্ম ফুকনে।তেওঁ আক্ষেপেৰে কয়-“নিজে নিৰ্জীৱ কাঠক প্ৰাণ ঢালি ঢালি অমৰ সৃষ্টি কৰি এতিয়া নিজে একোটা লঘোনীয়া জীৱন্ত প্রতিমূর্তিত পৰিণত হৈছো”।অন্যহাতে তেওঁ আছে অভিনয় প্ৰতিভা ৰাসত বলোৰাম,পুতনা,শংখচূড়,ভাওনাত শিৱ,হনুমান ,অসুৰ,মন্ত্ৰী আদি ভাও দি দৰ্শকক মুগ্ধ কৰি আহিছে।

ফুকনৰ আক্ষেপ থাকিলেও ভাস্কৰ্য নিৰ্মাণৰে যিমান দিনলৈকে পাৰে সংপৃক্ত হৈ থাকিব।ভাস্কৰ্য শিল্পী জনৰ অনুৰোধ চৰকাৰলৈ আহিবনে‌ ‘সুদিন আমালৈ’আশাবাদী জীৱন সংগ্ৰামী ভাস্কৰ্যশিল্পী পদ্ম ফুকনে অসম গৌৰৱ অথবা চৰকাৰী শিল্পী স্বীকৃতি চৰকাৰে এদিন প্ৰদান কৰিব।নতুন প্ৰজন্ম শিল্প কৰ্মৰ পথৰ পাথেয় হ’বলৈ স্বদেশ প্ৰেমেৰে জয়ী হৈ উলাই আহিব।

মঙলদৈত জাক জাক বান্দৰৰ সন্ত্ৰাস ! প্ৰাতঃভ্ৰমণকাৰীক আক্ৰমণ…

দৰং জিলাৰ সদৰ স্থান মঙলদৈ নগৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত সম্প্ৰতি জাক জাক বান্দৰৰ সন্ত্ৰাস। পুৱা হলেই মঙলদৈ নগৰৰ মাজমজিয়াৰ বিশেষকৈ এল এন বি ৰোডত ইছলামপুৰ, কৰিমচ’ক দিশৰ পৰা জাকে জাকে বান্দৰ খাদ্যৰ সন্ধানত ওলাই আহি মানুহৰ থকা ঘৰ, দোকান আদিত অভিযান চলায় । গৃহস্থৰ ঘৰৰ বাৰীৰ শাক পাচলি, ফলমূল আদি এফালৰ পৰা তহিলং কৰি যায়। বৰ্তমান বান্দৰৰ সন্ত্ৰাসত গৃহস্থই ঘৰৰ ভেন্টিলেটৰ, দুৱাৰ-খিৰিকী আদি খুলিব নোৱাৰা অৱস্থা হৈছে । আচৰিত কথা এই যে মানুহক অলপো ভয় নকৰে এই বান্দৰবোৰে।

গৃহস্থই খেদিব গলে ওলোটাই গৃহস্থকহে খেদি আহে বা ভয় দেখুৱায়। বিশেষকৈ প্ৰাতঃভ্ৰমণ কৰিবলৈ যোৱা পুৰুষ মহিলাক এই বান্দৰ বোৰে প্ৰায়ে আক্ৰমণ কৰিবলৈ উদ্যত হয় আৰু কেতিয়াবা আক্ৰমণ কৰেও । কেতিয়াবা আকৌ খেদি আহে। একাংশ প্ৰাতঃভ্ৰমণকাৰীয়ে বান্দৰৰ ভয়ত হাতত লাঠি, কেটেপা আদিও লৈ আহে ।

মঙলদৈ নগৰৰ বিশেষকৈ ভেবাৰঘাট, ইছলামপুৰ, কৰিমচ’ক , পাচঁ নং ৱাৰ্ড , ফৰজ নগৰ, মুক্তিয়াৰ নগৰ, চপাই আদিত বান্দৰৰ উপদ্ৰৱত ৰাইজ অতিষ্ঠ হৈ পৰিছে। উল্লেখযোগ্য যে মঙলদৈ নগৰত দীৰ্ঘদিন ধৰি বান্দৰৰ সন্ত্ৰাস অব্যাহত আছে যদিও বান্দৰৰ সন্ত্ৰাস নিয়ন্ত্ৰণ কৰিবলৈ বন বিভাগ নাইবা দৰং জিলা প্ৰশাসনে এই পৰ্যন্ত কোনো তৎকালীন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। ইয়াৰ পূৰ্বেও ভুক্তভোগী ৰাইজে বান্দৰৰ সন্ত্ৰাস নিয়ন্ত্ৰণ কৰিবলৈ বন বিভাগ আৰু জিলা প্ৰশাসনক কেইবাবাৰো দাবী জনাইছিল।

আনুছা হাজৰিকা সোঁৱৰণী দৰং জিলা ভিত্তিক দবা প্ৰতিযোগিতাৰ সামৰণি…

দৰং জিলা দবা সন্থাৰ উদ্যোগত অনুষ্ঠিত ১৫ সংখ্যক আনুছা হাজৰিকা সোঁৱৰণী দৰং জিলা ভিত্তিক দবা প্ৰতিযোগিতাৰ অলপতে সামৰণি পৰে। এই উপলক্ষে মঙলদৈ বণিক সন্থাৰ কাৰ্যালয়ত সভাপতি বিপুল ৰঞ্জন দে’ৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী সভাত সদৌ অসম দবা সন্থাৰ সভাপতি কন্দৰ্প কুমাৰ কলিতা, ক্ৰীড়া সংগঠক চামচুল হক হাজৰিকা, পৌৰপতি নিৰ্মালী দেৱী শৰ্মা, মঙলদৈ মহৰ্ষি বিদ্যমন্দিৰৰ প্ৰাক্তন অধ্যক্ষ প্ৰদীপ শৰ্মা, প্ৰবীণ ক্ৰীড়াবিদ উৎপল বেজবৰুৱা, প্ৰতিভা শইকীয়া ডেকা, মাধৱ শৰ্মা, ডাঃ ইজাজুল হক, ডাঃ অনিল শৰ্মা, সাংবাদিক গণেশ দত্ত, ৰূপমজিৎ শৰ্মা, মুকুল কলিতা, পৰেশ চন্দ্ৰ ডেকা আদিয়ে বঁটা প্ৰদান কৰে। সম্পাদক মানৱ শৰ্মাই জনোৱা মতে, এই প্ৰতিযোগিতাৰ ৭ বছৰ অনুৰ্ধ ল’ৰা শাখাত দেবাংক্ষ কাশ্যপে প্ৰথম, শতাব্দজিৎ শৰ্মাই দ্বিতীয়;

ছোৱালী শাখাত সাতভী প্ৰজ্ঞা শৰ্মাই প্ৰথম; ৯ বছৰ অনুৰ্ধ ল’ৰা শাখাত জিষ্ণু বৰ্মণে প্ৰথম, অৰ্মত্য শৰ্মাই দ্বিতীয়, কুনাল ভৰদ্বাজে তৃতীয়, সাগৰ নীল শৰ্মাই চতুৰ্থ, ৰোহিত কুমাৰ দাসে পঞ্চম, আৰমান জেদ আহমেদে ষষ্ঠ স্থান; ছোৱালী শাখাত চুগিন আহমেদে প্ৰথম, ১১ বছৰ অনুৰ্ধ ল’ৰা শাখাত ধ্ৰুৱজিৎ চহৰীয়াই প্ৰথম, জ্ঞানম দত্তই দ্বিতীয়, বৰ্ণিল চহৰীয়াই তৃতীয়, শুভম সাহাই চতুৰ্থ; ছোৱালী শাখাত ভাৰ্গৱী ভূঞাই প্ৰথম, ১৩ বছৰ অনুৰ্ধৰ ল’ৰাৰ শাখাত মৃদুষ্মান কাশ্যপে প্ৰথম, ইকটিদাৰ চাকুব আহমেদে দ্বিতীয়, প্ৰিয়াঞ্চ ভৰদ্বাজে তৃতীয়, দেৱপ্ৰতিম বৰুৱাই চতুৰ্থ; ছোৱালীৰ শাখাত নন্দিনী শৰ্মাই প্ৰথম, ১৫ বছৰ অনুৰ্ধ ল’ৰা শাখাত ৰংগন কাশ্যপে প্ৰথম, আদিত্য শৰ্মাই দ্বিতীয়,

শেখ ৰিচান ইজাজে তৃতীয়, মোহন গগৈয়ে চতুৰ্থ; ছোৱালী শাখাত বিদিশা হাজৰিকাই প্ৰথম, ১৭ বছৰ অনুৰ্ধ শাখাত মহাৰ্ণৱ শিৱম নাথে প্ৰথম, ইৰফাত ইছলামে দ্বিতীয়, আয়েশেখৰ টানি ৰিংকুই তৃতীয়; গৌৰৱ ডেকাই চতুৰ্থ; ছোৱালী শাখাত ভাৰ্ষিতা চহৰীয়াই প্ৰথম; ১৯ বছৰ অনুৰ্ধ শাখাত আদিত্য চেত্ৰীয়ে প্ৰথম, চিন্ময় শিৱম নাথে দ্বিতীয়, চন্দনজ্যোতি কাশ্যপে তৃতীয়, প্ৰবীণ শাখাত উৎপল বেজবৰুৱাই প্ৰথম, মুকলি শাখাত মুকুল কলিতাই প্ৰথম, মাধৱ শৰ্মাই দ্বিতীয়, গৌতম শৰ্মাই তৃতীয়, ডিম্বেশ্বৰ শৰ্মাই চতুৰ্থ, শশাংক শাণ্ডিল্যই পঞ্চম, দীপু কুমাৰ নাথে ষষ্ঠ আৰু মহেশ্বৰ শৰ্মাই সপ্তম স্থান লাভ কৰে।

নাজিৰাত ৰাজ যোগ প্ৰেক্ষাগৃহ মুকলি…

পৰম সংযোগ লাভৰ বাবে সৰ্বময় ইতিবাচক ভাৱনাত সন্মিলিত হ’ল প্ৰজাপিতা বহ্মাকুমাৰীৰ ভাতৃ-ভগিনীসকল
এক সমগ্ৰ পাৰিৱেশিক স্বচ্ছতাৰ গুৰুত্বৰে আৰু মানুহৰ বিশ্বাসৰ আধাৰত আত্ম সাধনাৰে ঈশ্বৰৰ সৈতে সংযোগ স্থাপনৰ ক্ষেত্ৰত প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । অতি অনুপম ভাৱেই আত্মা আৰু পৰমাত্মাৰ মিলনৰ হেতু কৰি অহা ৰাজ যোগৰ সাধনাৰ বাবে নাজিৰাত মুকলি হ’ল ৰাজ যোগ প্ৰেক্ষাগৃহ । নাজিৰা নগৰৰ ১০ নং ৱাৰ্ডৰ দেৱপথত নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ আৰ্থিক অনুদান আৰু প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যমিতাত নিৰ্মাণ হৈ উঠা প্ৰেক্ষা গৃহটিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ উপস্থিতিত প্ৰৱেশ পথৰ ফিটা কাটি আৰু বন্তি প্ৰজ্বলন কৰি উন্মোচন কৰে ৰাজযোগিনী

বি কে ৰজনীয়ে । শুভ্ৰ সুশোভিত মঞ্চত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক দেৱব্ৰত শইকীয়া, মুখ্য বক্তা হিচাপে দিল্লীৰপৰা আমন্ত্ৰিত বি কে ৰাকেশ ভাই, ৰাজযোগিনী বি কে ৰজনী, বি কে অনিতা আদি ব্ৰহ্মাকুমাৰী ভগ্নীৰ লগতে বি কে সত্যনাৰায়ণ ভাই আদিয়ে । এক অস্পৃশ্যহীন আৰু সৰ্বময় ইতিবাচক ভাৱনাৰ আধাৰত শাৰীৰিক বৈভৱ পৰিহাৰ কৰি আত্মাক সুখ, শান্তি, জ্ঞান, আনন্দৰ আহাৰেৰে পৰিপূৰ্ণ কৰি ৰখাহে ব্যক্তিৰ কৰ্ত্তব্য । আত্মাই শৰীৰক চলাই ৰাখে । সেই আত্মাৰ পিতৃয়েই হ’ল ঈশ্বৰ । ব্যক্তিৰ ভিতৰৰ আত্মাৰ পৰিচৰ্য্যাৰে আত্মিক পৰিচয় তুলি ধৰি পৰমাত্মা বা ঈশ্বৰৰ সৈতে সংযোগৰ বাবেই বিশ্বৰ প্ৰতিটো ধৰ্মৰ লোককেই প্ৰজাপিতা ব্ৰহ্মাকুমাৰী বিশ্ববিদ্যালয়ে অনুপ্ৰাণিত কৰি আহিছে বুলি বক্তা সকলে প্ৰকাশ কৰে । এক আকৰ্ষণীয় বক্তব্য দাঙি ধৰি উন্মোচনী মঞ্চৰপৰা বক্তা সকলে চহৰ নগৰৰ প্ৰতিটো কোণতে গঢ়ি উঠা শ্বপিং মলত বহুমূলীয়া সুখ আৰু শান্তি বিক্ৰী কৰাটো অসম্ভৱ বুলি

প্ৰকাশ কৰে । পিছে পৰিয়াল বা ব্যক্তিৰ চৰিত্ৰৰ উত্থান ঘটাবলৈ আৰু প্ৰতিখন সংসাৰ সুখময় কৰিবলৈ ৰাজযোগ সাধনাৰে প্ৰজাপিতা বহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত কোনো ধন-ব্যয় অবিহনেই আধ্যাত্মিক শিক্ষা আৰু চৰিত্ৰ বল প্ৰদান কৰি অহা হৈছে বুলি কয় । সকলো ধৰ্মাৱলম্বীৰ লোককে এই শিক্ষা কেন্দ্ৰলৈ আগবাঢ়ি আহিবলৈ বক্তাসকলে আহ্বান জনায়. । বিধায়ক দেৱব্ৰত শইকীয়াই এলেকা উন্নয়ন পুজিৰপৰা প্ৰদান কৰা অনুদানৰ লগতে প্ৰজাপিতা বহ্মাকুমাৰী বিশ্ববদ্যালয়ৰ উদ্যোগত নিৰ্মিত নতুন প্ৰেক্ষাগৃহটিয়ে বিশাল অৰ্থত ৰাইজৰ কল্যাণ সাধিব বুলি আশা প্ৰকাশ কৰে । নাজিৰা, মৰাণ, সোণাৰিকে ধৰি দিল্লী, মুম্বাই আদি স্থানৰো ব্ৰহ্মাকুমাৰী ভাতৃ-ভগিনী সকলে অংশ গ্ৰহণ কৰি নাজিৰাৰ প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ চৌহদ আধ্যাত্মিক মাত্ৰাৰে পৰিপূৰ্ণ কৰি তোলে । শিশু আৰু ছাত্ৰ-ছাত্ৰী সকলৰ নৃত্য,ব্যায়াম, যোগ প্ৰদৰ্শন আদিয়ে অনুষ্ঠানটিৰ অনুপম মাত্ৰা দিয়ে । কাৰ্য্যসূচীৰ অন্তত শলাগৰ শৰাই আগবঢ়োৱাৰ লগতে অনুষ্ঠানটিয়ে আ৮যোজন কৰা ব্ৰহ্মাভোজনত সকলোৱে অংশ গ্ৰহণ কৰে ।

পদুমণিত ত্ৰয়োবিংশতিতম ৰঙালী বিহুসমাৰোহৰ সফল সামৰণি…

সমগ্ৰ ৰাজ্যত ব্যাপক বিহু উদযাপনৰ উচ্চাহৰ মাজতে বৃহত্তৰ হাটিঙাৰ পদুমণি গাঁ‌ওত মাহযোৰা প্ৰস্তুতিৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিলে ত্ৰয়োবিংশতিতম ৰঙালী বিহু সমাৰোহ। পদুমণি শোণিতজ্যোতি যুৱক সংগৰ উদ্যোগ তথা সমুহ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰি অহা ৰঙালী বিহু সমাৰোহভাগ এই বেলিও পহিলা বহাগৰ দিনা পতাকা উত্তোলন আৰু সম্বৰ্দ্ধনা অনুষ্ঠানৰে আৰম্ভ হোৱা ৰঙালী বিহু সমাৰোহভাগৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰে বিভিন্ন প্ৰতিযোগিতা। গাঁ‌ওখনত বিভিন্ন জাতি জনগোষ্ঠী তথা ধৰ্মালম্বীলোকৰ সমন্বয়ৰে পৰম্পৰাগত ভাবে পালন কৰি অহা অসমীয়াৰ বাপোতি সাহোন ৰঙালী বিহুটি এই বেলি উলহ মালহৰে উদযাপন কৰে।উল্লেখ্য যে গাঁ‌ওখনৰ খাটি খোৱা শ্ৰমজীৱি ৰাইজে বিগত বছৰ বছৰ ধৰি দান বৰঙণি আৰু অস্থায়ী মঞ্চ নিৰ্মাণ কৰি বিহু পাতি আহিছিল যদিও চলিত বৰ্ষতে চৰকাৰী পুজিৰ দ্বাৰা নিৰ্মাণ হোৱা স্থায়ী মঞ্চটি শুভ উদ্ধোধন কৰে মূখ্য অতিথি ৰূপে উপস্থিত থকা চতিয়া সমষ্টিৰ জনপ্ৰিয় বিধায়ক তথা গৰু খুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই ।

\

বিয়লি অনুষ্ঠিত মুল সভাৰ সভাপতি আসন অলংকৃত কৰে স্থানীয় সমাজ কৰ্মী তৰুন বৰা নিদিষ্ট বক্তা ৰূপে উপস্থিত থাকি বিশিষ্ট সমাজকৰ্মী তুলশী বড়াই অসমীয়া জাতিৰ আয়ুসৰেখা ৰঙালী বিহুৰ ওপৰত এক তত্ত্বগধুৰ বক্তৱ্য আগবঢ়াই। বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে পদুমণি গাঁ‌ও উন্নয়ন সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি পূৰ্ণ চন্দ্ৰ শইকীয়া আৰু সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰে ইটাখোলা আৰক্ষী চকীৰ আৰক্ষী বিষয়া ভাস্কৰজ্যোতি শইকীয়া। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত মুকলি সভাত বঁ‌টা বিতৰণী আৰু কৃতি ছাত্ৰ-ছাত্ৰীসকলক গামোচা,অভিনন্দন প্ৰত্ৰৰে বিশেষ অভিনন্দন জ্ঞাপণ কৰে । পদুমণি গাঁ‌ৱৰ যুৱক-যুৱতীৰ দ্বাৰা পৰিৱেশন কৰা দিহা নামৰে আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানত অঞ্চলটিৰ ভালে সংখ্যক আমন্তিত নৃত্য শিল্পীৰ দ্বাৰা কৃষ্টি প্ৰদৰ্শণে দৰ্শক মণ্ডলীক আকৰ্ষিত কৰি অনুষ্ঠানটি অধিক সজিৱ কৰি তোলা পৰিলক্ষিত হয়।

নিশা ৰেণু কোঁ‌চ আৰু কিৰণ বসুমতাৰীৰ চাহ জনগোষ্ঠীয় লোক নৃত্য ঝুমুইৰ আৰু স্থানীয় শিল্পী তৰালি বসুমতাৰীৰ পৰিচালনাত বাৰেৰহনীয়া লোক নৃত্যৰ উপৰি জাকৈ-খালৈ বড়ো লোক নৃত্যই সাংস্কৃতিক অনুষ্ঠানটি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। ইফালে এই বেলি পদুমণি শোণিত জ্যোতি যুৱক সংঘৰ উদ্যোগত তথা সভাপতি পুলিন নাথ আৰু সম্পাদক বিশাল ওৰাঙৰ নেতৃত্ব আৰু স্থানীয় শিক্ষক তথা সমাজ কৰ্মী কনক চন্দ্ৰ শইকীয়াৰ পৰিচালনাত অনুষ্ঠিত ৰঙালী বিহু সমাৰোহৰ বিশেষ আকৰ্ষণ সু-প্ৰতিষ্ঠিত জনপ্ৰিয় কন্ঠ শিল্পী প্ৰ্ত্যুষ প্ৰতীম হাজৰিকা আৰু যুৱ প্ৰজন্মৰ ‘হাৰ্ট অফ থ্ৰ’ জুবিন গাৰ্গৰ লগত একেখন মঞ্চৰ সহযোগী কন্ঠ শিল্পী সংগীতা হাজৰিকাৰ গীতৰ শৰাইৰ অনুষ্ঠানত সহশ্ৰাধিক বিহু প্ৰেমী ৰাইজক পুৱা নিশালৈ গীত-নৃত্যৰে মতলীয়া কৰি তোলে। এক উচ্চব মূখৰ পৰিৱেশত অনুষ্ঠিত অনুষ্ঠানটিৰ আদৰণি ভাষণ আগবঢ়াই পদুমণি শোণিত জ্যোতি যুৱক সংঘৰ উপদেষ্টা অনন্ত কোঁ‌চ আৰু শলাগৰ শৰাই আগবঢ়াই সংঘৰ উপদেষ্টা বনাচ ৰাজৱাৰে।

পথালিপাহাৰস্থিত শংকৰদেৱ মহাবিদ্যালয়ত ‘নতুন শিক্ষানীতি ২০২০”ত বিশেষ আলোচনা চক্ৰ…

বিহপুৰীয়া বিধান সভা সমষ্টিৰ পথালিপাহাৰস্থিত আগশাৰীৰ শিক্ষানুষ্ঠান শংকৰদেৱ মহাবিদ্যালয়ত ১৩ মে’ত ‘নতুন শিক্ষানীতি ২০২০’ ৰ ওপৰত বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হয়।এক বিশেষ আলোচনা চক্ৰ ত ‘নতুন শিক্ষা নীতি ২০২০’ভাৰতীয় শিক্ষা ব্যৱস্থাক সকলো স্তৰতে ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ নীতি, উচ্চ শিক্ষাৰ বাবে এই নীতিৰ কেইবাটাও অভিলাষী লক্ষ্য আছে,য’ত প্ৰৱেশ বৃদ্ধি,গুণগত মান উন্নত কৰা, গৱেষণা আৰু উদ্ভাৱনক প্ৰসাৰ কৰা আদি অন্তৰ্ভুক্ত।অৱশ্যে উচ্চ শিক্ষাত ‘নতুন শিক্ষা নীতি’ ২০২০ সফলতাৰে ৰূপায়ণ কৰিবলৈ হ’লে কেইবাটাও জটিল বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ আয়োজিত হয়।

উক্ত কৰ্মশালাৰ লক্ষ্য হৈছে ‘নতুন শিক্ষানীতিৰ ২০২০’ৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা।আলোচনা চক্ৰত উপস্থিত থাকে বিধায়ক ড°অমি‌য় কুমাৰ ভূঞা,মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য অৰূপজ্যোতি চৌধুৰী,ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ উপাচার্য কিৰণ হাজৰিকা বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে।মহাবিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি বীৰেন ভাগৱতী ,অধ্যক্ষ ড°সোনাৰাম কলিতা, অধ্যাপক-অধ্যাপিকা সকলৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিৰ্বাচিত শিক্ষক সকলৰ সমন্বিতে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

‘নতুন শিক্ষানীতি ২০২০ ‘শিক্ষাৰ্থী সকলৰ উপলব্ধতাৰ দিশৰ পৰা ভাৰত বৰ্ষ প্ৰথম দেশ হিচাপে পৰিগণিত হ’ব। মানসম্পন্ন,সার্বজনীন শিক্ষাপ্রদান কার্যই ভাৰতীয় শিক্ষা ব্যৱস্থাক আধাৰ প্ৰদান কৰিব আৰু অর্থনৈতিক বিকাশ, সামাজিক ন্যায় আৰু সমতা, বৈজ্ঞানিক অগ্ৰসৰতা, ৰাষ্ট্রীয় সংহতি আৰু সাংস্কৃতিক সংৰক্ষণৰ কাৰ্যব্যৱস্থাই ভাৰতবৰ্ষক বিশ্বৰ নেতৃস্থানত অধিষ্ঠিত কৰি

ণ্ডবল, খো খোৰ অক্লান্ত যোদ্ধা, প্ৰচাৰ বিমুখ নলবাৰীৰ ৰাজীৱ শৰ্মা…

অসমত যিসকলে হেণ্ডবল, খো খোৰ উত্তৰণত কাম কৰি আছে, খেলুৱৈ সৃষ্টিত অৰিহনা যোগাই আহিছে সেই সকল প্ৰশিক্ষক, খেল পৰিচালক, ক্ৰীড়া সংগঠকৰ ভিতৰত নলবাৰীৰ ৰাজীৱ শৰ্মাৰ নাম অন্যতম। অসমত, হেণ্ডবল, খো খো আৰু কাবাডী খেলৰ ওপৰত ৰাজীৱ শৰ্মাই যিধৰনে কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি আহিছে সেয়া অনস্বীকায্য। ১৯৭২ চনৰ ১০ জানুৱাৰীত জন্ম গ্ৰহণ কৰিছিল ৰাজীৱ শৰ্মাই। দেউতাকৰ নাম জীতেন্দ্ৰ নাথ শৰ্মা আৰু মাকৰ নাম গীতা ৰাণী শৰ্মা। ১৯৯০ চনত নলবাৰী মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৯৩ চনত তেওঁ অমাৰাৱতীত ক্ৰীড়া বিষয়ক স্নাতক বি পি এড ডিগ্ৰী লাভ কৰে। ইয়াৰ আগতে তেওঁ আন্তঃ জিলা পৰ্যায়ত হেণ্ডবল, খো খো খেলি প্ৰতিভাৱান খেলুৱৈ হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়। সেই মৰ্মে—১৯৮৭ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা তৃতীয় সংখ্যক আন্তঃ জিলা ছাব জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাত তেওঁ নলবাৰী জিলা দলক প্ৰতিনিধিত্ব কৰে।

১৯৮৭ চনত সোনাপুৰত অনুষ্ঠিত হোৱা প্ৰথম বাৰ্ষিক আন্তঃ জিলা খো খো প্ৰতিযোগিতাত তেওঁ নলবাৰী জিলাৰ হৈ অংশগ্ৰহণ কৰে। ১৯৮৮ চনত গোলাঘাটত অনুষ্ঠিত হোৱা চতুৰ্থ সংখ্যক আন্তঃ জিলা ছাব জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰে। ১৯৮৯ চনত বেতকুছি গুৱাহাটীত অনুষ্ঠিত হোৱা অষ্টম সংখ্যক আন্তঃ জিলা জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাত নলবাৰীক প্ৰতিনিধিত্ব কৰে। ১৯৯০ চনত জাগিৰোদত অনুষ্ঠিত হোৱা নৱম সংখ্যক আন্তঃ জিলা জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনে। ১৯৯১ চনত বজালীত অনুষ্ঠিত হোৱা দশম বাৰ্ষিক আন্তঃ জিলা জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ। আন্তঃ জিলা হেণ্ডবল প্ৰতিযোগিতাত দেখুওৱা পাৰদৰ্শিতাৰ ভিত্তিতে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ হেণ্ডবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰে। ১৯৯১ চনত মহাৰাষ্ট্ৰত অনুষ্ঠিত হোৱা ৩৪ সংখ্যক নেচনেল স্কুল গেমছত তেওঁ হেণ্ডবলত অসম দলক প্ৰতিনিধিত্ব কৰে। ১৯৯৪ চনত বিহাৰত অনুষ্ঠিত হোৱা ২৩ সংখ্যক চিনিয়ৰ নেচনেল হেণ্ডবল প্ৰতিযোগিতাত তেওঁ অসম দলক প্ৰতিনিধিত্ব কৰে। ১৯৯৫ চনত তেজপুৰত অনুষ্ঠিত হোৱা আসাম ষ্টেট গেমছ হেণ্ডবল প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় পৰ্যায়ৰ খো খো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসম খো খো দলৰ প্ৰশিক্ষক হিচাপেও তেওঁ সুচাৰুৰূপে দায়িত্ব পালন কৰি আহিছে । ২০১৪ চনত গোৱাত অনুষ্ঠিত হোৱা ৪৭ সংখ্যক চিনিয়ৰ নেচনেল খো খো, ২০১৬ চনত উৰিষ্যাত অনুষ্ঠিত হোৱা ২৭ সংখ্যক চাব জুনিয়ৰ নেচনেল খো খো চেম্পিয়নশ্বীপত আৰু ২০২৩ চনত দিল্লীত অনুষ্ঠিত হোৱা ৬৬ সংখ্যক স্কুল নেচনেল খো খো টুৰ্নামেণ্টত তেওঁ দলৰ প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে। ২০০৮ চনত তেওঁ বেঙ্গলোৰত খো খোৰ এন আই এছ চাৰ্টিফিকেট কোৰ্চ সম্পন্ন কৰে। ২০১০ চনত কাবাডী আৰু ২০১৫ চনত তেওঁ খো খো খেলৰ নেচনেল ৰেফাৰী পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হৈ আন্তঃ জিলা তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত তেওঁ খেল পৰিচালক হিচাপে

অংশগ্ৰহণ কৰে। সেই মৰ্মে ১৯৯৬ চনত গুৱাহাটী চন্দ্ৰপুৰত অনুষ্ঠিত হোৱা আন্তঃ জিলা জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাত তেওঁ খেল পৰিচালক হিচাপে অংশগ্ৰহণ কৰে। কেইবাবাৰো আন্তঃ জিলা খো খো প্ৰতিযোগিতাত তেওঁ খেল পৰিচালক হিচাপে অংশগ্ৰহণ কৰে। ২০১৬ চনত উত্তৰপ্ৰদেশত অনুষ্ঠিত হোৱা ৩৬ সংখ্যক জুনিয়ৰ নেচনেল খো খো চেম্পিয়নশ্বীপত তেওঁ পৰিচালক হিচাবে অংশগ্ৰহণ কৰে। ২০১৭ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা ২০ সংখ্যক ইষ্ট জ’ন চিনিয়ৰ খো খো চেম্পিয়নশ্বীপত তেওঁ পৰিচালক হিচাপে অংশগ্ৰহণ কৰে। ২০২২ চনত অৰুনাচল প্ৰদেশত অনুষ্ঠিত হোৱা প্ৰথম বাৰ্ষিক স্কুল গেমছ খো খোত তেওঁ অংশগ্ৰহণ কৰে। ২০২৩ চনত অসমৰ তামুলপুৰত অনুষ্ঠিত হোৱা চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বীপত তেওঁ পৰিচালক হিচাপে অংশগ্ৰহণ কৰে। ২০২৩ চনত মেঘালয়ত অনুষ্ঠিত হোৱা ২৩ সংখ্যক ইষ্ট জ’ন চিনিয়ৰ খো খো চেম্পিয়নশ্বীপত তেওঁ পৰিচালক হিচাপে অংশগ্ৰহণ কৰে। হেণ্ডবল, খো খো আৰু কাবাডী বৰ্তমান সময়ত অসমৰ জনপ্ৰিয় খেল। এই খেল খেলিবলৈ খেলুৱৈ সকলে আগ্ৰহ প্ৰকাশ কৰাটো পৰিলক্ষিত হৈছে। ইয়াৰ প্ৰথম আৰু প্ৰধান কাৰণ হৈছে এই খেল অত্যন্ত কম খৰচতে খেলিব পাৰি। এই খেলৰ বাবে বহু ডাঙৰ খেলপথাৰৰ প্ৰয়োজন নাই। কম ঠাইতে খেলপথাৰ তৈয়াৰ কৰিব পাৰি। খেলৰ ফলাফলৰ বাবে ঘন্টাৰ পাছত ঘন্টা ৰৈ থাকিব নালাগে। খেলপথাৰৰ অতি ওচৰৰ পৰা প্ৰতিযোগিতা সমূহ প্ৰত্যক্ষ কৰিব পাৰি। এই খেল কেইবিধৰ খেলুৱৈৰ বাবে যথেষ্ট কৰণীয় আছে। প্ৰশিক্ষকৰ জড়িয়তে দীৰ্ঘকালীন প্ৰশিক্ষণ অবিহনে খেলুৱৈৰ সৃষ্টি হ’ব নোৱাৰে। সেয়েহে খেলুৱৈৰ নিয়মীয়া অনুশীলন নিত্যান্তই প্ৰয়োজনীয়। খেলুৱৈ সকলক উলিয়াই আনি খণ্ড ভিত্তিত, জিলা ভিত্তিত আৰু ৰাজ্যিক ভিত্তিত অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ জড়িয়তে বিজ্ঞান সন্মত ভাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰিলে অসমৰ কাবাডী, হেণ্ডবল আৰু খো খো খেলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শন ডাঙি ধৰিব বুলি আশা কৰিব পাৰি।