Home Blog Page 808

লামাজান আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত ৰাইজে শ্ৰমদান আগবঢ়াই মেৰামতি কৰে লামাজান অঞ্চলৰ জৰাজীৰ্ণ পথ…

লামাজান আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত ৰাইজে

শ্ৰমদান আগবঢ়াই মেৰামতি কৰে লামাজান অঞ্চলৰ জৰাজীৰ্ণ পথৰ

লামাজান উন্নয়ন সমিতিৰ উদ্যোগত আজি স্থানীয় ৰাইজে শ্ৰমদান আগবঢ়াই চমকং গাওঁ পঞ্চায়তৰ লামাজান, চেঙাজান অঞ্চলৰ কেবাটাও জৰাজীৰ্ণ পথৰ মেৰামতি কৰে।চৰকাৰলৈ আশা নকৰি নতুন চেঙাজান গাঁৱৰ পৰা নিলখীয়া হৈ কাৱৈমাৰী ঘাট সংযোগী পথ,বিঞ্চুপুৰ তিনিআলিৰ পৰা লামাজান বিহিয়া, ডিমৰুগুৰী হৈ কাৱৈমাৰী ঘাট

সংযোগী পথ,নিলখীয়াৰ পৰা জয়পুৰ, বাঁহবাৰী,লামাজান মিচিং হৈ বান্তৌ সংযোগী জৰাজীৰ্ণ পথ কেইটা লামাজান অঞ্চলৰ কেবাখনো গাঁৱৰ ৰাইজে শ্ৰমদান আগবঢ়াই মেৰামতিৰ কাম হাতত লয়। লামাজান উন্নয়ন সমিতিৰ

সভাপতি প্ৰহ্লাদ বৰা,উপ সভাপতি মহেন গগৈ, যতীন পেগু,দিলিপ পেগু, মুখ্য সম্পাদক পুণেশ্বৰ পেগুকে ধৰি বহু বিষয়ববীয়া আৰু নেতৃস্থানীয় লোকে শ্ৰমদান কাৰ্য্যসূচীত উপস্থিত থাকি দায়িত্ব পালন কৰে।

ধেমাজি জিলা বন কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন ! চৰকাৰক বন কৰ্মীৰ সমস্যা সমাধানৰ আহ্বান…

ধেমাজি জিলা বন কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন

চৰকাৰক বন কৰ্মীৰ সমস্যা সমাধানৰ আহ্বান 

সদৌ অসম বন কৰ্মচাৰী সন্থাৰ ধেমাজি জিলাৰ দ্বি বাৰ্ষিক অধিবেশনখনি চিলাপথাৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ত  আজি অনুষ্ঠিত হয়। এদিনীয়া কাৰ্যসূচীৰে আয়োজিত অধিৱেশনৰ পুৱাত শ্বহীদ তৰ্পণ আৰু পতাকা উত্তোলনৰে আৰম্ভ হয়। ইয়াৰ পিচতে সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক হেমচন্দ্ৰ পাঞাঙে আঁতধৰা আৰু জিলা সভাপতি যুগল শৰ্মাই সঞ্চালনা কৰা মুকলি সভাত সুদীৰ্ঘ চাৰি দশকে চাকৰিৰ অন্তত অৱসৰ লোৱা বন‌ বিষয়া ললিত ৰিচঙক সন্থাৰ তৰফৰ পৰা এখনি মানপত্ৰ , শৰাই, ফুলাম গামোচা আদিৰে বিদায় সম্বৰ্ধনা জনোৱা হয়। সভাত উপস্থিত সদৌ অসম বন কৰ্মচাৰী সন্থাৰ মুখ্য উপদেষ্টা ইন্দ্ৰ গগৈয়ে দেশৰ জনগণক সুৰক্ষা দিয়া সেনাই চৰকাৰৰ অধিক গুৰুত্ব পাই।

পিছে সমস্ত জীৱকুলৰ সুৰক্ষা দিয়া বন কৰ্মীয়ে চৰকাৰৰ সঠিক গুৰুত্ব নাপায় বুলি মন্তব্য কৰি জীৱ আৰু পৰিবেশ ৰক্ষা কৰাৰ স্বাৰ্থত নৱনিযুক্ত বনকৰ্মী সকলে প্ৰতি জোপা গছক পুত্ৰ জ্ঞান কৰি লালন পালন কৰিবলৈ দৃঢ় প্রতিজ্ঞ হবলৈ ভাষণ প্ৰসংগত আহ্বান জনায়। সভাত উপস্থিত বন কৰ্মচাৰী সন্থাৰ সভাপতি হোমেন পেগুৱে বিগত সময়ছোৱাত সন্থাই সম্পন্ন কৰা বিভিন্ন কাৰ্যসূীৰৰ ওপৰত বক্তব্য প্ৰদান কৰি সকলোকে ঐক্যৱদ্ধ হ’বলৈ সাৰুৱা ভাষণ প্ৰসংগত আহ্বান জনায়। একেদৰে সন্থাৰ উপ-সভাপতি দয়াল দাসে ৰাজহুৱা সভাত ৰাইজৰ তেনেই তকৰীয়া উপস্থিতি দেখি তীব্ৰ খেদ প্ৰকাশ কৰি সংগঠন বলিষ্ঠ আৰু কাৰ্যক্ষম কৰি তুলিবলৈ সকলোৱে সহযোগ কৰিব লাগিব আৰু এই ক্ষেত্ৰত আঞ্চলিক নেতৃত্বত থকা সকলে অধিক তৎপৰ হ’ব লাগিব বুলি কয়।   

 

ইফালে সভাই যুগল শৰ্মাক সভাপতি আৰু মাধুৰ্য শইকীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ১৭ জনীয়া সদৌ অসম বন কৰ্মচাৰী সন্থাৰ ধেমাজি জিলাৰ এখন শক্তিশালী সমিতি গঠন কৰে। বিভিন্ন সমস্যাৰে জৰ্জৰিত বনকৰ্মীসকলৰ অসুবিধা দূৰীকৰণৰ বাবে গুৰুত্ব সহকাৰে আলোচনা কৰি কৰ্যকৰণৰ বাবে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে।  পাৰিতোষিক, পদোন্নতি, অনন্য বানচ,চুটি আদি বন কৰ্মচাৰী সকলে সন্মুখীন হৈ অহা দীৰ্ঘদিনীয়া সমস্যা সমাধানত গুৰুত্ব প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়। অনুষ্ঠানত জোনাই বনাঞ্চলিক বিষয়া গীতিমনি দলে,ধেমাজি বনাঞ্চলিক বিষয়া মিশ্ৰ দেউৰী, সদৌ অসম বন কৰ্মচাৰী সন্থাৰ মুখ্য উপদেষ্টা ইন্দ্ৰ গগৈ,সভাপতি হোমেন পেগু,উপসভাপতি দয়াল দাস আদি কেইবাজনেও বক্তব্য প্ৰদান কৰে। লগতে চিলাপথাৰ,জোনাই, ধেমাজি,গোগামুখ, ডিমৌ,চিমেন চাপৰি আদি বিভিন্ন আঞ্চলিকৰ কৰ্মকৰ্তা উপস্থিত থাকে।

সীমান্তৰ সিপাৰৰ পৰা জেহাদীসকলে এছ পি, কংগ্ৰেছক সমৰ্থন কৰি আহিছেঃ প্ৰধানমন্ত্ৰী মোদী…

একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যকালৰ লক্ষ্য আগত ৰখা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডিয়া মিত্ৰজোঁটে পাকিস্তান আৰু জেহাদীৰ পৰা সমৰ্থন লাভ কৰাৰ অভিযোগ উত্থাপন কৰে। দেওবাৰে উত্তৰ প্ৰদেশৰ বাংসগাঁও ৰেলীত ভাষণ দি মোদীয়ে কয় যে ইয়াত “ভোট জেহাদ”ৰ বাবে আবেদন জনোৱা সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ বাবে পাকিস্তানত প্ৰাৰ্থনা কৰা হৈছে। মোদীয়ে কয় “পাকিস্তানত এছ পি আৰু কংগ্ৰেছৰ ইণ্ডিয়া মিত্ৰজোঁটৰ জয়ৰ বাবে প্ৰাৰ্থনা কৰা হৈছে। সীমান্তৰ সিপাৰৰ পৰা জেহাদীয়ে তেওঁলোকক সমৰ্থন কৰিছে। এছ পি আৰু কংগ্ৰেছে ‘ভোট-জিহাদ’ৰ বাবে আবেদন জনাইছে।”

প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে ৪ জুনত ভাৰতৰ ভৱিষ্যত নিৰ্ণয় হ‘ব আৰু সেইদিনা ভাৰতৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দৌৰো আৰম্ভ হ’ব।মোদীয়ে কয় “৪ জুন, ২০২৪ তাৰিখে ভাৰতৰ ভৱিষ্যত নিৰ্ণয় কৰিব। দেশে ডেউকা মেলি ৪ জুনত ‘অমৃত কাল’ৰ সংকল্পৰ দিশে নতুন উৰণ আৰম্ভ কৰিব, এখন উন্নত ভাৰত গঢ়ি তোলাৰ বাবে এই উৰণ, ১৪০ কোটি ভাৰতীয়ই সপোন পূৰণৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ৪ জুনলৈ” মোদীয়ে লগতে কয় যে মুদ্ৰা আঁচনিৰ পৰা বহু যুৱকে সুবিধা লাভ কৰিছে৷ মোদীয়ে কয়” ৩ কোটি দৰিদ্ৰ যিয়ে পকা ঘৰ পাব, ৭০ বছৰৰ ওপৰৰ বৃদ্ধ বয়সৰ যিয়ে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব, কোটি কো্যি যুৱক যিয়ে মুদ্ৰা আঁচনিৰ পৰা লাভৱান হ’ব।”

ৰেমালৰ আগমনঃ উদ্ধাৰ আৰু প্ৰস্তুতি সম্পৰ্কীয় পৰ্যালোচনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক, ওমানে নামকৰণ কৰা ৰেমালৰ অৰ্থ আৰবী ভাষাত বালি…

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত দেওবাৰে মাজনিশাৰ আশে-পাশে বাংলাদেশ আৰু সংলগ্ন পশ্চিম বংগ উপকূলৰ মাজত প্ৰৱেশ কৰাৰ সম্ভাৱনা থকা ঘূৰ্ণীবতাহ ৰেমালৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি উদ্ধাৰ আৰু প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে এখন বৈঠকত মিলিত হয়। বৈঠকখনত প্ৰধানমন্ত্ৰী মোদীয়ে অধ্যক্ষতা কৰে আৰু বিভিন্ন বিভাগৰ বহু শীৰ্ষ বিষয়াই ভাগ লয়। আইএমডিৰ মতে, দেওবাৰে মাজনিশা পশ্চিম বংগ আৰু বাংলাদেশৰ মাজত স্থলপথত প্ৰৱেশ কৰাৰ পূৰ্বেই ঘূৰ্ণীবতাহ ৰেমাল ধুমুহালৈ পৰিণত হৈ তীব্ৰতৰ হৈ পৰিব। ওমানে নামকৰণ কৰা “ৰেমাল”ৰ অৰ্থ আৰবী ভাষাত বালি।

ৰেমালৰ প্ৰভাৱত অসম আৰু মেঘালয়তো অত্যন্ত প্ৰচণ্ড বৰষুণ হ’ব পাৰে, আনহাতে মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, আৰু ত্ৰিপুৰাত সোমবাৰ আৰু মঙলবাৰে প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সন্মুখীন হ’ব পাৰে।তাৰ প্ৰতিক্ৰিয়া স্বৰূপে কলকাতা বিমানবন্দৰ কৰ্তৃপক্ষই দেওবাৰে দুপৰীয়াৰ পৰা ২১ ঘণ্টাৰ বাবে বিমান সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। এই সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা খণ্ডৰ মুঠ ৩৯৪খন বিমানৰ উৰণ বাতিল কৰা হৈছে। ৰেমালে দেওবাৰে নিশাৰে পৰা তীব্ৰ ধুমুহাৰ ৰূপ লোৱাৰ সম্ভাৱনা থকাৰ বাবে ইষ্টাৰ্ণ ৰেলৱেই হাওৰা আৰু শিয়ালদহত হেল্পলাইন নম্বৰ মুকলি কৰিছে।

তৃতীয়বাৰৰ বাবে আই পি এলৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ, বিৰাট কোহলিৰ হৈ IPL ২০২৪ৰ অৰেঞ্জ কেপ সংগ্ৰহ শ্ৰেয়স আয়াৰৰ

আই পি এলৰ ১৭ সংস্কৰণত বিজয়ী দল কলকাতা নাইট ৰাইডাৰ্ছ।

তৃতীয়বাৰৰ বাবে আই পি এলৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ।

KKRৰ হাতত ৮ উইকেটত পৰাস্ত হয় SRH।

খিতাপ দখলৰ পিছতে বিজয় উদযাপন কৰে দলটিয়ে।

KKRৰ জয়ৰ পিছত আৱেগিক হৈ পৰে KKR স্বতাধিকাৰী স্বাহৰুখ খানৰ পৰিয়াল।

আনহতে বিৰাট কোহলিৰ হৈ IPL-২০২৪ৰ অৰেঞ্জ কেপ সংগ্ৰহ কৰিলে শ্ৰেয়স আয়াৰে।

ভাৰত স্কাউট আৰু গাইডৰ স্কাউট, গাইড, ৰভাৰ; ৰেঞ্জাৰক ৰাজ্য পুৰস্কাৰ বঁটা প্ৰদান…

ভাৰত স্কাউট আৰু গাইড, অসমৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ উদ্যোগত গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত স্কাউট, গাইড, ৰভাৰ আৰু ৰেঞ্জাৰসকলৰ ৰাজ্যপুৰস্কাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। এই ৰাজ্যপুৰস্কাৰ বঁটা ৰাজ্যৰ স্কাউট, গাইড, ৰভাৰ আৰু ৰেঞ্জাৰৰ বাবে সৰ্বোচ্চ বঁটা। যুৱ ল’ৰা-ছোৱালীয়ে ৰাজ্যপুৰস্কাৰ পৰীক্ষা যিটো ব্যৱহাৰিকৰ লগতে তাত্ত্বিক পৰীক্ষা সম্পূৰ্ণ কৰে আৰু সফল প্ৰাৰ্থীসকলক ৰাজ্যৰ ৰাজ্যপালৰ স্বাক্ষৰিত প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। এইবাৰ ৬০ গৰাকী গাইড ২৩ গৰাকী স্কাউট ০৩ ৰ ৰভাৰ আৰু ০৬ গৰাকী ৰেঞ্জাৰে ৰাজ্যপুৰস্কাৰ বঁটা লাভ কৰে। ৩ টা উপৰাষ্ট্ৰপতি বঁটাও বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানটোত ৰাজ্যৰ বিভান্ন জিলাৰ স্কাউট, গাইড, ৰভাৰ আৰু ৰেঞ্জাৰসকল উপস্থিত থাকে।

আনহতে উক্ত অনুষ্ঠানটোতে ২০১১-২০১২ আৰু ২০২১-২০২২ চনৰ বাবে বকোৰ জৱাহৰলাল নেহৰু কলেজেও লাভ কৰে বঁটা।ৰাজ্যপুৰস্কাৰ বঁটা প্ৰদান অনুষ্ঠানটোত St. Mary’s Higher Secondary Schoolৰ স্কাউট, গাইড দলটিয়েও লাভ কৰে বঁটা। এই বঁটা গ্ৰহণ কৰে টেক্উইং গোহাঞিয়ে।

আজি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কেডাৰসকলক বিভিন্ন বঁটা আৰু পুৰস্কাৰ প্রদান কবে ভাৰত স্কাউট এণ্ড গাইডৰ অসম প্রদেশ ষ্টেট ছিফ কমিছনাৰ এ কে হাজৰিকা, ষ্টেট কমিছনাৰ লীনা দত্ত আৰু ভাইচ প্ৰেচিডেণ্ট ৰাজেন্দ্ৰ প্ৰসাদে। আজিৰ বঁটাপ্ৰদান অনুষ্ঠানটোৰ আঁতধৰে ভাৰত স্কাউট এন্ড গাইড, অসম ৰাজ্যিক সম্পাদক অৰুণীমা দেৱীয়ে। অসমৰ বিভিন্ন স্থানৰ পৰা অহা কেডাৰসকলৰ লগতে গাইডসকলেও আজিৰ অনুষ্ঠানব শুভাবর্ধন কৰে। বিশেষকৈ শিৱসাগৰ, যোৰহাট, লক্ষীমপুৰ, ধেমাজি, বকো, কামৰূপৰ বিভিন্ন বিদ্যালয়ৰ বিশেষকৈ জাতীয় বিদ্যালয়, ডনবস্ক’ স্কুল, ছেণ্টমেৰিজ স্কুলৰ পৰা অহা কেডাৰসকলে লাভ কৰে পুৰস্কাৰ।

গুৱাহাটী চেনিকুঠিস্থিত ছেণ্টমেৰিজ স্কুলৰ গাইড অনিমা এক্কা দৈমাৰীয়ে শলাগৰ শৰাই আগবঢ়োৱাৰ লগতে গোগামুখৰ পৰা আহি গোগামুখ হায়াৰ ছেকেণ্ডেৰী স্কুলৰল অধ্যক্ষ জিতেন শইকীয়া, যোৰহাটৰ নিতুমণি শইকীয়ায়ো অংশগ্ৰহণ কৰে।

গ্ৰীষ্ম প্ৰবাহত দগ্ধ অসমঃ ৰেমালে শীতলালে ৰাজ্য…

ৰাজ্যত অব্যাহত আছে গৰমৰ তাণ্ডৱ। গুৱাহাটীত ১৯৬০ চনৰ পিছত প্ৰথমবাৰৰ বাবে তাপমাত্ৰা ৪০.১ ডিগ্ৰী চেলছিয়াছ হৈছে। এয়া এক অভিলেখ সৃষ্টিকাৰী তাপমাত্ৰা হিচাবে পৰিগণিত হৈছে। স্তব্ধ হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা। আনহাতে, শুকুৰবাৰে গুৱাহাটীত তাপমাত্ৰাই ৰেকৰ্ড সৃষ্টি কৰে। শনিবাৰৰ দিনটোত গুৱাহাটীত ১৯৬০ চনৰ পিছৰ সৰ্বোচ্চ তাপমাত্ৰা ৰেকৰ্ড কৰা হয়। ইয়াৰ মাজতে ঘূৰ্ণী বতাহ ৰেমালে আশা কঞিয়াই আনিছে।

ৰেমালৰ প্ৰভাৱত ২৭ মে’ত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত ৬০-৭০ কিলোমিটাৰ গতিবেগত ধুমুহা হোৱাৰ লগতে প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে। অহা ২৮ মে’ত ধুমুহা কিছু হ্ৰাস পাব যদিও অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত ৩০-৪০ কিলোমিটাৰ গতিবেগত ধুমুহা হোৱাৰ লগতে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে বতৰ বিজ্ঞানীয়ে।

তাৰ মাজতে আজিৰে পৰা আগন্তুক ৫ দিনলৈ ৰাজ্যৰ কিছু কিছু ঠাইত হ’ব মজলীয়া বৰষুণ হ’ব । আজি গুৱাহাটীৰ তাপমান আছিল ৩৯.৪ ডিগ্ৰী চেলছিয়াছ ।

মৰিগাঁও শিক্ষা বিভাগৰ অনন্য প্ৰয়াসঃ প্ৰথমবাৰৰ বাবে ৫ খন বিদ্যালয়ত বৈদিক পদ্ধতিৰে গণিতৰ পাঠদান…

মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত জিলাখনৰ কেইখনমান বচা বচা বিদ্যালয়ত বৈদিক পদ্ধতিৰে গণিত শিক্ষাৰ পাঠদান অব্যাহত আছে। গ্লাচগ’ৰ ষ্ট্ৰেথক্লাইড বিশ্ববিদ্যালয়ৰ পৰা এম ফিল ডিগ্ৰী গ্ৰহণ কৰা ৰূপি দাসে মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীৰ অধীনত বৈদিক পদ্ধতিৰে গণিত শিক্ষাৰ এক অনন্য পদক্ষেপ লোৱা হৈছে। বৈদিক পদ্ধতিৰে গণিত শিক্ষাৰ আছে কেতবোৰ বিশেষ সুবিধা। গণিত শিক্ষাত বৈদিক পদ্ধতিয়ে গণিতক আমোদযোগ্য আৰু উপভোগ্য কৰি তোলে। গণিতৰ হিচাপসমূহ ক্ষীপ্ৰতাৰে সম্পন্ন কৰা আৰু অংকসমূহৰ শুদ্ধতাৰ হাৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত বৈদিক গণিতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

লগতে হিচাপ সমূহৰ শুদ্ধতাৰ ক্ষেত্ৰত সত্যাসত্য নিৰূপণৰ এটা আহিলা হিচাপে বৈদিক গণিত ব্যৱহাৰ কৰিব পাৰি। বৈদিক গণিতে ছাত্ৰ-ছাত্ৰীক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু কৰি তোলাৰ লগতে শিক্ষাৰ্থীৰ মনত নিয়মানুৱৰ্তিতাৰ এটা মনোভাৱ জগাই তোলে। সম্পূৰ্ণৰূপে বিনামূলীয়া এই বৈদিক গণিতৰ দ্বাৰা অসমক গণিতৰ ক্ষেত্ৰখনক এক উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য লোৱা হৈছে।

মৰিগাঁও জিলাৰ ৫ খন বিদ্যালয়ৰ প্ৰায় এহেজাৰ ছাত্ৰ-ছাত্ৰীক সামৰি যোৱা ১৭ মে’ৰ পৰা পাঠদান আৰম্ভ হৈছে। মৰিগাঁও গাৰ্লছ উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোপাল কৃষ্ণ চাহ বাগিচা আদৰ্শ বিদ্যালয় আৰু কেন্দ্ৰীয় ধৰমতুল মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই পাঠদান কৰি থকা হৈছে। উল্লেখ্য যে এই নতুন শিকন পদ্ধতিৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো ব্যাপক উৎসুকতা পৰিলক্ষিত হৈছে।

বিশ্বনাথৰ পিটাৰ পৌলছ প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা শোচনীয়ঃ এটা সৰু কোঠালিতে চলিছে ছাত্ৰ-ছাত্ৰীৰ পাঠদান…

বিশ্বনাথ শিক্ষাখণ্ডৰ অধীনস্থ অসম অৰুণাচল সীমান্তৱৰ্তীৰ দিৰিং চাহ বাগিচাৰ ৪ নং লাইনত অৱস্থিত ২০১৩ চনতে চৰকাৰী কৰণ হোৱা পিটাৰ পৌলছ প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা একেবাৰে পয়ালগা। এখন সৰু কোঠাতে চলিছে “ক” মান শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী লৈকে পাঠদান। মাত্ৰ ১০/২০ ফুটৰ এখন সৰু কোঠাতে চলাই গৈছে শিক্ষা দান। কোঠাটো ৰাইজৰ বাবে অহা কমিউনিটি কক্ষ আছিল যদিও ৰাইজে শিক্ষাৰ ক্ষেত্ৰত দান কৰিছিল। য’ত ৬২ জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে ২ জন শিক্ষকে পাঠদান কৰি আছে৷ দীৰ্ঘদিন ধৰি বিদ্যালয় খনত নাই বিদ্যালয় গৃহৰ সুবিধা৷ উপায়বিহীন হৈ শিক্ষকে এই উৎকট গৰমত বাৰাণ্ডাতে পাঠদান কৰাব লগীয়া হৈছে ছাত্ৰ ছাত্ৰীক। বিয়াগোম শিক্ষা বিভাগে বিভিন্ন সময়ত ঢোলঢাক বজাই শিক্ষাৰ ক্ষেত্ৰত সৰ্বাংগীন উন্নতি হোৱা বুলি জহাই ফুৰা চৰকাৰ খনে আজি পৰ্যন্ত নিৰ্মাণ কৰি দিব পৰা নাই বিদ্যালয় গৃহ।

ৰাইজে বিভিন্ন সময়ত বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰি অহা সমান্তৰালকৈ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা উপদেষ্টা মঃআজমত শ্বেখেও একাধিকবাৰ বিভাগীয় বিষয়াক বিষয়টোৰ সন্দৰ্ভত দৃষ্টিগোচৰ কৰাই যদিও গা লৰা নাই শিক্ষা বিভাগৰ৷ সেয়েহে অতি শীঘ্ৰে উক্ত বিদ্যালয়খনৰ গৃহ নিৰ্মাণৰ বাবে দাবী জনাই আছুৰ উপদেষ্টা গৰাকীৰ লগতে স্থানীয় ৰাইজ৷ অন্যথা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি হুংকাৰ দিয়ে আছুৰ নেতাগৰাকীয়ে৷

অসম কন্যাৰ গৌৰৱময় সফলতাই নৱজাগৰণ আনিলে ভাৰতীয় টাইকোৱান্ডো জগতলৈ, বিশ্ব চেম্পিয়নশ্বিপত খেলাৰ লক্ষ্যৰে কঠোৰ অনুশীলনত ৰ’দালি বৰুৱা…

ভিয়েটনামত অনুষ্ঠিত এছিয়ান টাইকোৱান্ডো প্ৰতিযোগিতাত পদক জয়ৰে ইতিহাস গঢ়া অসম কন্যা ৰ’দালি বৰুৱাৰ পৰৱৰ্তী লক্ষ্য হ’ল অহা বছৰ হ’ব লগা বিশ্ব চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব কৰা৷ ইতিমধ্যে দুবাৰকৈ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ অংশ লোৱা ৰ’দালিয়ে সম্প্ৰতি ছিনিয়ৰ পৰ্যায়ত ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক প্ৰতিযোগিতাত পদক জয়ৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ সক্ষম হৈছে৷ যোৱা সপ্তাহত এছিয়ান প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতীয় টাইকোৱান-ড’ জগতলৈ নৱ জাগৰণ আনিছে অসম কন্যাই৷ উল্লেখ্য যে মহিলাৰ কিউৰোগী বিভাগত ৭৩ কিলোগ্ৰাম শাখাত ব্ৰঞ্জ লাভ কৰে ৰ’দালিয়ে৷ এক দহকৰ অপেক্ষাৰ অন্তত অসম কন্যাৰ জড়িয়তে ভাৰতীয় টাইকোৱান-ড’ খেলুৱৈয়ে অলিম্পিকত অন্তভুক্ত কিউৰোগী বিভাগত গৌৰৱময় আন্তৰ্জাতিক সফলতা লাভ কৰিছে৷

এই সফলতাৰ পাছত দেশত উপস্থিত হোৱা আত্মবিশ্বাসী ৰ’দালিয়ে কয় ‘এছিয়ান চেম্পিয়নশ্বিপ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতা অৰ্জনে মোক স্বাভাৱিকতে সুখী কৰিছে৷ কিন্তু মোৰ লক্ষ্য বিশ্ব চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব কৰা৷ ভিয়েটনামৰ সফলতাই মোক মানসিকভাবে দৃঢ়তা প্ৰদান কৰাৰ লগতে অহা বৰ্ষৰ বিশ্ব চেম্পিয়নশ্বিপত খেলাৰ বাবে যোগ্যতাও প্ৰতিপন্ন কৰিছে৷ মই যে ভাৰতীয় দলৰ অন্যতম দাবীদাৰ সেয়া এছিয়ান চেম্পিয়নশ্বিপৰ পদকে প্ৰমাণ কৰিছে৷ বিশ্ব চেম্পিয়নশ্বিপতো পদক অৰ্জনৰ বাবে শ্ৰেষ্ঠত্ব উজাৰি দি খেলিম।’ উল্লেখ্য যে ২০১৮ ত জাকাৰ্টা এছিয়ান গেমছত অংশ লোৱা ৰ’দালিয়ে ইতিমধ্যে ছিনিয়ৰ পৰ্যায়ত তিনিটাকৈ আন্তৰ্জাতিক স্বৰ্ণ পদক লাভ কৰিছে যদিও উক্ত প্ৰতিযোগিতাকেইখন মানদণ্ডৰ তুলনামুলক বিশ্লেষণৰে সদ্য সমাপ্ত এছিয়ান চেম্পিয়নশ্বিপৰ সফলতাটোৱে সামগ্ৰীক দৃষ্টিকোনেৰে এতিয়ালৈকে তেওঁৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ ৰূপে বিবেচিত হৈছে৷ এছিয়ান গেমছত পদক লাভ কৰা একমাত্ৰ ভাৰতীয় টাইকোৱান-ড’ খেলুৱৈ সুৰেন্দ্ৰ ভাণ্ডাৰী [২০০২] ৰ সফলতা ৰ’দালিৰ চমকিত কেৰিয়াৰতো প্ৰেৰণাৰ উৎস হিচাপে কাম কৰিছে৷

‘এয়া মাত্ৰ আৰম্ভণিহে৷ যিহেতু বিশ্ব চেম্পিয়নশ্বিপে এছিয়ান প্ৰতিযোগিতাতকৈ এখন ডাঙৰ মঞ্চ প্ৰদান কৰে৷ গতিকে সফলতাৰ বাবে মই অধিক প্ৰচেষ্টা চলাব লাগিব৷ তদুপৰি বিদেশত এক্সপ’জাৰ আৰু ইয়াৰ বাবে আৰ্থিক সহায় লাভ কৰাটোও সমানে গুৰুত্বপূৰ্ণ বিষয়৷ অন্য দেশৰ খেলুৱৈসকলে বছৰি ১০ ৰ পৰা ১৫খন আন্তঃৰাষ্ট্ৰীয় মুকলি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অমূল্য অভিজ্ঞতা লাভ কৰে৷ তুলনামূলক দক্ষতা আৰু পদ্ধতি থকাৰ পিছতো আমাৰ একে ধৰণৰ এক্সপ’জাৰ বা আৰ্থিক সমৰ্থন নাই৷ ময়ো বিশ্বব্যাপী উন্নত পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিলোঁহেঁতেন যদিহে অধিক সুযোগ আৰু সহায় থাকিলহেতেন৷’ ৰ’দালিয়ে লগতে কয়৷ পাঁচজনীয়া সদস্যৰ এটা অধ্যবন্ত পৰিয়ালত ডাঙৰ-দীঘল হোৱা ৰ’দালিৰ ক্ৰীডা যাত্ৰা আৰম্ভ হৈছিল তেজপুৰৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা৷ পডুচেৰীত অনুষ্ঠিত চতুৰ্থ জুনিয়ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি সাফল্যৰ পথক ভৰি থোৱা ৰ’দালীয়ে ২০১৬ চনত ছিনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰি ভাৰতীয় টাইকোৱান-ড’ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে উজ্বলি উঠে৷ ২০১৬ চনত ওজনৰ প্ৰত্যাহ৩ানৰ বাবে এছিয়ান চেম্পিয়নশ্বিপৰ শিবিৰৰ পৰা বিতাৰিত হৈছিল যদিও পৰবৰ্তী ২০১৮ ৰ এছিয়ান চেম্পিয়নশ্বিপত যোগ্যতা অৰ্জনৰ বাবে প্ৰশিক্ষণত অটল হৈ আছিল আৰু সফলো হয়৷ এই প্ৰত্যাৱৰ্তনেৰ ৰ’দালিৰ কেৰিয়াৰৰ টাৰ্ণিং পইণ্টো হয়৷ ২০১৯ চনৰ দক্ষিণ এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰে অসম কন্যাই৷

‘বিদ্যালয়ত মই টাইকোৱান-ড’ আৰম্ভ কৰিছিলো পাঠ্যক্ৰমৰ লগতে শ্ৰেণীত উন্নত ৰেংক লাভ কৰাৰ উপায় হিচাপে৷ কিন্তু মোৰ সুবিধাজনক উচ্ছতা আৰু প্ৰতিভাৰ বাবে প্ৰশিক্ষকে খেলবিধত আগ্ৰহ দিবলৈ কৈছিল৷ যথেষ্ট সোনকালে মই প্ৰতিযোগিতাত অংশ লৈ সফলতা লাভ কৰিছিলো৷ আমাৰ পৰিয়ালটো সদায় মোৰ বাবে পথ প্ৰদৰ্শক হৈ আহিছে৷ মোৰ দেউতা এজন চাহ বাগিচাৰ ব্যৱসায়ী তথা মা এগৰাকী গৃহিণী৷ মোৰ সৰু ভাইটিয়ে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছে আৰু মোৰ ডাঙৰ বাইদেউ এগৰাকী ক্লিনিকেল চাইক’লজিষ্ট৷ ক্ৰীড়া কেৰিয়াৰ ৰূপে বাছনি কৰাত মই দৃঢ়প্ৰতিজ্ঞ হৈছিলো একে সময়তে পাৰদৰ্শিতা দেখুৱাইছো৷ সেয়ে সকলোৰে সহযোগিতাৰে আগবাঢ়িব পাৰিছো৷’ আসন্ন বিশ্ব চেম্পিয়নশ্বিপৰ বাবে কঠোৰ অনুশীলন আৰম্ভ কৰা ৰ’দালিয়ে লগতে ব্যক্ত কৰে৷