Home Blog Page 824

ৰাইচিৰ মৃত্যুত ইৰাণত পাঁচদিনীয়া ৰাষ্ট্ৰীয় শোক; ভাৰততো পালন এদিনীয়া শোক…

হেলিকপ্টাৰ দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচি আৰু দেশখনৰ বৈদেশিক মন্ত্ৰী আমিৰ-আব্দুল্লাহিয়ানৰ মৃত্যুত শোকৰ ছাঁ পৰিছে। তেওঁলোকৰ মৃত্যুত ভাৰতেও শোক প্ৰকাশ কৰিছে। ভাৰত চৰকাৰে এই দুগৰাকী বিশিষ্ট ব্যক্তিৰ মৃত্যুত তেওঁলোকৰ বিদেহ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই মঙলবাৰে সমগ্ৰ দেশতে এদিনীয়া ৰাষ্ট্ৰীয় শোক পালনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। ইন্টাৰনেশ্যনেল ডেস্ক, ২০ মে’ : দেওবাৰে হেলিকপ্টাৰ দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ মৃত্যুৰ পিচত দেশখনৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ চৈয়দ আলী খামেনিয়ে ইৰাণত পাঁচদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচি আৰু দেশখনৰ বৈদেশিক মন্ত্ৰী আমিৰ-আব্দুল্লাহিয়ানৰ কৰুণ মৃত্যুত ভাৰতেও শোক প্ৰকাশ কৰিছে।

লগতে ভাৰত চৰকাৰে এই দুগৰাকী বিশিষ্ট ব্যক্তিৰ মৃত্যুত তেওঁলোকৰ বিদেহ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই মঙলবাৰে সমগ্ৰ দেশতে এদিনীয়া ৰাষ্ট্ৰীয় শোক পালনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে।গৃহ মন্ত্ৰালয়ে কয় যে মঙলবাৰে সকলো গুৰুত্বপূৰ্ণ স্থানতে থকা ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত হৈ থাকিব আৰু উক্ত দিনটোত কোনোধৰণৰ আনুষ্ঠানিক মনোৰঞ্জনমূলক অনুষ্ঠান নাথাকিব। উল্লেখ্য যে ইৰাণৰ ৰাষ্ট্ৰপতি আজাৰবাইজান ভ্ৰমণৰ পৰা উভতি অহাৰ সময়ত তেওঁৰ হেলিকপ্টাৰখন তাব্ৰিজ চহৰত দুৰ্ঘটনাগ্ৰস্ত হয়। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যুত শোক প্ৰকাশ কৰে। এক্সৰ এক পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-ইৰাণ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাইচিৰ অৱদানৰ কথা উল্লেখ কৰে।

বিজেপি ‘বনিয়া-ব্ৰাহ্মণ’ৰ দল নহয়, দক্ষিণতো বিজেপিয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিবঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ দক্ষিণ ভাৰতত নিজৰ পদচিহ্ন সম্প্ৰসাৰিত কৰাৰ বিষয়ে আত্মবিশ্বাসী হৈ পৰিছে। তামিলনাডু, কেৰালা, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, পুডুচেৰী আৰু কৰ্ণাটককে ধৰি দক্ষিণৰ মুখ্য ৰাজ্যসমূহত ইতিমধ্যে লোকসভা নিৰ্বাচনৰ প্ৰথম চাৰিটা পৰ্যায়ত গ্ৰহণ হৈ গৈছে। এই ৰাজ্যসমূহত লোকসভাৰ ১৩০ খন আসন আছে আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গেৰুৱা দলে এই ৰাজ্যসমূহত প্ৰৱেশ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে। ৰাম মন্দিৰৰ উদ্বোধনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে দক্ষিণৰ ৰাজ্যসমূহ ভ্ৰমণ কৰাৰ সময়ত, তেওঁ দক্ষিণত গেৰুৱা দলৰ শক্তি বৃদ্ধিৰ বিষয়ে আত্মবিশ্বাস প্ৰকাশ কৰিছিল। মোদীয়ে দাবী কৰি আহিছে যে বিজেপি দলে একক বিশাল দল হিচাপে আত্মপ্ৰকাশ কৰিব। দক্ষিণৰ আটাইতকৈ ডাঙৰ দল হৈ পৰিব বিজেপি।

তেওঁ এইবুলিও কৈ আহিছে যে এন ডি এয়ে ৪ জুনত ৪০০ খন আসন অতিক্ৰম কৰিব। মোদীয়ে কৈছে যে তেওঁৰ বিৰোধীসকলে এটা ধাৰণাৰ সৃষ্টি কৰিছে যে দক্ষিণৰ ৰাজ্যসমূহত বিজেপিৰ কোনো শক্তি বা উপস্থিতি নাই।মোদীয়ে কয় ” ২০১৯ ৰ নিৰ্বাচনলৈ চাওক। তেতিয়াও দক্ষিণৰ আটাইতকৈ ডাঙৰ দলটো আছিল বিজেপি। আকৌ, মই এইটো কওঁ: এইবাৰ দক্ষিণৰ সৰ্ববৃহৎ দল হ’ব বিজেপি, আৰু ইয়াৰ মিত্ৰশক্তিয়ে ইয়াত অধিক (আসন) যোগ দিব আমি দক্ষিণ ভাৰতৰ একক বৃহত্তম দল হ’ম আৰু যোৱাবাৰতকৈও ডাঙৰ ব্যৱধানত জয়ী হ’ম,”। দক্ষিণত বিজেপিৰ ১৩০ খন আসনৰ ভিতৰত ২৯ জন সাংসদ আছে, যাৰ বেছিভাগেই কৰ্ণাটকৰ। মোদীয়ে “জনসাধাৰণৰ আশীৰ্বাদেই আমাক এক অভিলেখ ভংগকাৰী জয়লৈ লৈ যাব। আমি দেশৰ সকলো প্ৰান্তৰ পৰা অধিক আসন লাভ কৰিম, বিশেষকৈ দক্ষিণ আৰু পূবৰ পৰা বহু আসন পাম” তেওঁ কয়।

মোদীয়ে কয় যে দক্ষিণত বিজেপিৰ দুৰ্বলতাৰ বাবে বহুতে দলটোক বিভিন্ন ধৰণে- নগৰ-কেন্দ্ৰিক, পুৰুষ কেন্দ্ৰিক, উত্তৰ কেন্দ্ৰিক আৰু ‘বনিয়া-ব্ৰাহ্মণ’ৰ দল হিচাপে অংকন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিজেপিয়ে এইবাৰ ধাৰণা অমান্য কৰিছে।

বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ ৫৩৪ সংখ্যক জন্ম জ‌য়ন্তী উৎসৱ…

বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ ৫৩৪ সংখ্যক জন্ম জ‌য়ন্তী উৎসৱ। মহাপুৰুষ মাধৱদেৱে ১৮৮৩ খৃষ্টাব্দত বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰি আঠ বছৰ কাল সত্ৰত থকাৰ পাছত এই সত্ৰখনৰ সমস্ত দায়িত্ব গোপাল তাঁতীক মহাপুৰুষ মাধৱদেৱে মথুৰাদাস বুঢ়া আতা নামেৰে নামাকৰণ কৰি মথুৰাদাস বুঢ়া আতাক সত্ৰাধিকাৰ পদত অধিষ্ঠিত কৰিছিল। বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ সেই জনা মথুৰা দাস বুঢ়া আতাৰ প্ৰতি বছৰৰ দৰে এইবাৰো ৫৩৪ সংখ্যক জন্ম জয়ন্তী দুদিনী‌য়াকৈ পালন কৰা হৈছে বৰপেটা সত্ৰত।

জন্ম জয়ন্তী উপলক্ষে নিত্যনৈমিত্তিক নাম প্ৰসংগৰ লগতে ধৰ্মালোচনী সভা আৰু আই সকলৰ আয়তি নামৰ আয়োজন কৰা হয় বৰপেটা সত্ৰত। সোমবাৰে অন্তিম পৰ্যায়ত আই সকলৰ আয়তি নামেৰে সত্ৰীয়া গৰাকীৰ জন্ম জয়ন্তীৰ কাৰ্যসূচীৰ সামৰণি পেলাই। সামৰণিৰ শেষত চেনীৰ প্ৰসাদ বিতৰণ কৰা হয় ভকত বৈষ্ণৱ আই সকলৰ মাজত।

আজি IPLৰ ১৭সংখ্যক সংস্কৰণৰ প্ৰথমখন প্লেঅফৰ মেচ, বতৰে দিব নেকি বিধি-পথালি…

আজি IPLৰ ১৭সংখ্যক সংস্কৰণৰ প্ৰথমখন প্লেঅফৰ মেচ৷

প্ৰথমখন প্লেঅফৰ মেচত মুখামুখি হ’ব KKR-SRH ৷

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল খন।

মেচখনত বৰষুণে বিধি-পথালি দিয়াৰ সম্ভাৱনা৷

দেউতা, আপুনি সপোন দেখিছিলঃ একবিংশ শতিকাৰ আধুনিক ভাৰতৰ! পিতৃক স্মৰণ ৰাহুল-প্ৰিয়ংকাৰ…

দেউতা, আপুনি সপোন দেখিছিল-একবিংশ শতিকাৰ আধুনিক ভাৰতৰ, স্বাৱলম্বী ভাৰতৰ, প্ৰযুক্তি আৰু বিজ্ঞান সমৃদ্ধ মহাশক্তিৰ, দক্ষ যুৱ-শক্তি ভাৰতৰ, আই টি, শিক্ষা আৰু অৰ্থনীতিৰ মহাশক্তি ভাৰতৰ। তথ্য বিপ্লৱ, যোগাযোগ বিপ্লৱ, কাৰিকৰী বিপ্লৱ আৰু পঞ্চায়তী শাসনৰ জৰিয়তে আপুনি দেশক নতুন শতিকালৈ লৈ আহিছিল। আপোনাৰ সপোনে ভাৰতক একবিংশ শতিকাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ কেনেদৰে প্ৰস্তুত কৰিলে সেয়া চাব পাৰিলে ভাল আছিল! আপোনাৰ সপোন আৰু আদৰ্শক আগুৱাই নিবলৈ চেষ্টা কৰিম। এইদৰে পিতৃক স্মৰণ কৰি সামাজিক মাধ্যমত লিখিলে প্ৰিংয়কা গান্ধী ভাদ্ৰাই।

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যু দিৱস। ৰাজীৱ গান্ধীৰ মৃত্যু দিৱস।

প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীক আজিৰ দিনটোত স্মৰণ কৰি পুত্ৰ, কন্যা আৰু পত্নীয়ে।

প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ কৰে মল্লিকাৰ্জুন খৰ্গেও।

আনহাতে ৰাহুল গান্ধীয়েও সামাজিক মাধ্যমত পিতৃৰ মৃত্যুবাৰ্ষিকীত লিখিলেঃ দেউতা, তোমাৰ সপোন, মোৰ সপোন, আপোনাৰ আকাংক্ষা, মোৰ দায়িত্ব। তোমাৰ স্মৃতিবোৰ, আজি আৰু সদায়, চিৰদিনৰ বাবে মোৰ হৃদয়ত।

আপুনি পৃথিৱীৰ য’তেই নাথাকক কিয়, পুৱাৰ সতেজতা আনি দিব পাৰে কেৱল অসমৰ চাহকাপেঃ মুখ্যমন্ত্ৰী…

আপুনি পৃথিৱীৰ য’তেই নাথাকক কিয়, পুৱাৰ সতেজতা আনি দিব পাৰে কেৱল অসমৰ চাহকাপে!

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসত সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাহ বাগানত উপস্থিত থকা এখন ফটো শ্বেয়াৰ কৰি চাহ বাগিচাৰ শ্ৰমিক ভাই-ভনীসকলক শুভকামনা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে চাহ বাগিচাৰ ভাই-ভনীসকলৰ কঠোৰ পৰিশ্ৰমক মান্যতা প্ৰদান কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।

GMCHত ওদালগুৰিৰ প্ৰাক্তন MCLA অনিমা বায়নৰ দেহাৱসান…

গুৱাহাটী GMCHত ওদালগুৰিৰ প্ৰাক্তন MCLA অনিমা বায়নৰ মৃত্যু। ওদালগুৰি জিলাৰ ওদালগুৰিস্থিত ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা BTCৰ প্ৰাক্তন MCLA অনিমা বায়নে মংগলবাৰে ৰাতিপুৱা ৬ বজাত এই সংসাৰৰ পৰা বিদায় লয়।

তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই ওদালগুৰি জিলাৰ দল, সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনাইছে।

নতুন দেহৰ প্ৰেছ ক্লাৱৰ উদ্যোগত অৰ্ধ শতাধিক আদৰ্শবান কৃষকক সম্বৰ্ধনা…

কৃষক সকল হ’ল দেশ বা সমাজৰ পৰম সম্পদ, তেওঁলোকে খাদ্য যোগান নধৰিলে অনাহাৰে জীৱন বিসৰ্জন দিব লাগিব৷ সেয়েহে কৃষকক আমি সন্মান কৰা উচিত৷ বহু ক্ষেত্ৰত কৃষকসকলক বহুতে অৱহেলা কৰে, তেওঁলোকে বহু প্ৰাপ্যৰ পৰাও বঞ্চিত হৈ আহিছে৷ সেয়েহে নতুন দেহৰ প্ৰেছ ক্লাৱে কৃষকসকলক সন্মান জনোৱাৰ উদ্দেশ্যে মুখ্যত দেওবাৰে সভাখন অনুষ্ঠিত কৰা হৈছে৷ এই মন্তব্য সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা নতুনদেহৰ প্ৰেছ ক্লাৱৰ সম্পাদক তথা সাহিত্যিক দিলীপ বৰ্মনৰ৷

যোৱা ১৯ মে’ত নতুন দেহৰ প্ৰেছ ক্লাবৰ উদ্যোগত বৃহত্তৰ অঞ্চলটোৰ ঐতিহ্যপূৰ্ণ শিলগোসাঁনী থান প্ৰাঙ্গণ, খুখুন্দিত বৰ্ণাঢ্য কাৰ্যসূচীৰে এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয়৷ পুৱাৰ ভাগত নতুনদেহ প্ৰেছ ক্লাৱৰ একৈশ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে একৈশ গছি বন্তি প্ৰজ্বলন কৰা হয়৷ বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক জ্যোতিষ চন্দ্ৰ ডেকা, প্ৰমোদ কুমাৰ তালুকদাৰ, সৰ্বেশ্বৰ বৰ্মন, খগেন্দ্ৰ নাথ শৰ্মা, সমাজসেৱক প্ৰভাত দাস, নবীন বৰ্মন, উদয় শৰ্মা, ভূপেন তালুকদাৰ আদিয়ে৷ লাৱণ্য ডেকা, সহযোগী অধ্যাপক ড॰ অৰূপ ডেকা, সাহিত্যিক লাৱণ্য ডেকা, অৰুণ কুমাৰ বসুমতাৰী আদিয়ে৷ এঘাৰ বজাত সম্বৰ্ধনা সভাখন অনুষ্ঠিত হয়৷ সভাখনত সভাপতিত্ব কৰে নতুন দেহৰ প্ৰেছ ক্লাৱৰ সভাপতি কৃষ্ণকান্ত বৈশ্যই৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰেছ ক্লাৱৰ সম্পাদক দিলীপ বৰ্মনে৷ ইয়াৰ পিছত আদৰণি সমিতিৰ সভাপতি, ৰাজ্যিক কৃতী শিক্ষক বঁটাপ্ৰাপক দিলীপ কুমাৰ পাঠকে আদৰণি ভাষণ প্ৰদান কৰে৷ সভাখনত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ সঞ্চালক, বিশিষ্ট সমাজসেৱক তথা আদৰ্শবান কৃষক গণেশ তামুলীয়ে৷ তামুলীয়ে ভাষণত কয়-কৃষক সকল আমাৰ ধৰণী স্বৰূপ৷ আমি সকলোৱে নিয়মৰ মাজেৰে চলিব লাগে৷ সময়মতে খাব লাগে, সময়মতে শুব লাগে, তেতিয়াহে আমাৰ স্বাস্থ্য ভালে থাকিব৷

তামুলীয়ে আকৌ কয় যে ময়ো এগৰাকী কৃষক- আশী বিঘা ভূমিত মই কৃষি কাৰ্য কৰি আছো৷ আমাৰ ফাৰ্মৰ গাখীৰ গুৱাহাটীলৈ যায়, চাৰি-পাঁচটা পুখুৰী খান্দিছো, তেনে বক্ত্যৰে সম্বৰ্ধিত কৃষকসকলক উৎসাহ দিয়ে৷ সভাখনত বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰে সমন্বয় শিল্পী সাহিত্য পৰিষদ, অসমৰ কাৰ্যকৰী সভাপতি, কবি-সাহিত্যিক চাইফ উদ্দিন আহমেদে, সভাখনত শিক্ষাবিদ পূৰ্ণৰাম কলিতা, শৰৎ চন্দ্ৰ কলিতা, জ্যোতিষ চন্দ্ৰ ডেকা, সৰ্বেশ্বৰ বৰ্মন, নলবাৰী জিলা সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি ৰাজেন বৈশ্য আদিয়ে বিশিষ্ট অতিথি হিচাপে গঠনমূলক ভাষণ প্ৰদান কৰে৷ বৃহত্তৰ নতুন দেহৰ অঞ্চলৰ আদৰ্শবান কৃষক ভৈৰৱ ৰাজবংশী, বিপিন বড়ো, নকুল বড়ো, সুৰেন বড়ো, মাধৱ ৰাজবংশী, চবিন হালৈ, মতলেবউদ্দিন আহমেদ, শশীন ৰাজবংশী, কৰিমুদ্দিন আহমেদ, আদ্য তালুকদাৰ, কৈলাশ ৰাজবংশী, মাধৱ তালুকদাৰ, দেবেন বৈশ্য, ৰমেশ বৰ্মন, প্ৰসন্ন ৰাজবংশী, নবীন বৰ্মন, প্ৰমোদ ৰাজবংশী, সত্য ৰাজবংশী, নৰেন ৰাজবংশী, কনক ৰাজবংশী, শনিয়া ৰাজবংশী, প্ৰবীণ ৰাজবংশী, হীতেন্দ্ৰ কুমাৰ ডেকা, অৰবিন্দ ৰাজবংশী, মহানন্দ বৰ্মন আৰু বহুজন৷ সভাখনত প্ৰেছ ক্লাৱৰ তৰফৰ পৰা প্ৰায় নব্বৈ বছৰীয়া অৱসৰপ্ৰাপ্ত অধ্যক্ষ শুকদেৱ মালাকৰক ‘গুৰু বৈভৱ বঁটা’, পিয়াৰ আলীক সমাজসেৱা বঁটা, ধীৰেন কুমাৰ বৰ্মনক শিল্পী বৈভৱ বঁটা, কন্দৰ্প কুমাৰ দাস আৰু ভূষণ চন্দ্ৰ ৰয়ক কাব্যশ্ৰী বঁটা প্ৰদান কৰা হয়৷ ইয়াৰ পিছত আকৌ কৃতী শিক্ষক জ্যোতিষ চন্দ্ৰ ডেকা, সৰ্বেশ্বৰ বৰ্মন, যতীন ৰাজবংশী, শম্ভ³ ৰাজবংশী, চাইফ উদ্দিন আহমেদ, সুৰেন্দ্ৰ নাথ কলিতা, অমূল্য দাস, যাদৱ কুমাৰ হালৈ, পূৰ্ণৰাম কলিতা, শৰৎ চন্দ্ৰ কলিতা, ধৰণীধৰ ডেকা, খগেন নাথ মেধি, দিলীপ কুমাৰ পাঠক, কেশৱ ডেকা, প্ৰবীণ দাস, কামিনী ঠাকুৰীয়া, প্ৰভাত চন্দ্ৰ পাটোৱাৰী, দিলীপ ডেকা, প্ৰদীপ কুমাৰ মেধি, প্ৰমোদ কলিতা, গোবিন্দ তালুকদাৰ, প্ৰমোদ কলিতা, গোবিন্দ তালুকদাৰ, ফুকন ৰাজবংশী, অকন ৰাজবংশী, পৰেশ ৰাজবংশী ৰবি ডেকা, ৰজনী ক্ষেত্ৰী, প্ৰমোদ কুমাৰ তালুকদাৰ, ড॰ অৰূপ ডেকা, শিল্পী গোবিন্দ কলিতা, ফণীধৰ ডেকা, জ্ঞানেন চৌধুৰী, অমিন মুছাহাৰী, উপেন বড়ো, নিজৰা ডেকা, নগেন দত্তৰ লগতে সমাজসেৱাৰ ক্ষেত্ৰত গণেশ তামুলী, ঈশ্বৰ চন্দ্ৰ পাটোৱাৰী, প্ৰভাত দাস, উদয় শৰ্মা, কৈলাশ ক্ষেত্ৰী, হৰেকৃষ্ণ মেধি, প্ৰিয়নাথ বৰ্মন, প্ৰতিভা কলিতা, মহীধৰ ৰাজবংশী, ড॰ সংগীতা শৰ্মা, সংবাদ সেৱাৰ ক্ষেত্ৰত বীৰেন কলিতা, নকুল তালুকদাৰ, ৰাজেন বৈশ্য, খগেন ভূঞা, ধনঞ্জয় বৰপূজাৰী, আলতাফ হুছেইন, চিকিৎসা সেৱাৰ ক্ষেত্ৰত ডাঃ তিলক বৰ্মন, ডাঃ সিদ্ধাৰ্থ তালুকদাৰ, ডাঃ নেকিব চৌধুৰী, সাহিত্য সেৱাৰ ক্ষেত্ৰত অৰুণ কুমাৰ বসুমতাৰী, লাৱণ্য ডেকা, শৰৎ চন্দ্ৰ বড়ো, হিমা কলিতাক সম্বৰ্ধনা জনোৱা হয়৷ সভাত আটাইকেইগৰাকী বক্তাই আৰু সন্মানীয় ব্যক্তিসকলে প্ৰেছ ক্লাৱৰ এনে গঠনমূলক কাৰ্যক বিশেষকৈ কৃষকসকলক সম্বৰ্ধনা জনোৱা কাৰ্যক ধন্যবাদ জনায়৷

APSCৰ মূল পৰীক্ষাৰ দিন ঘোষণা…

ঘোষণা হ’ল APSCৰ মূল পৰীক্ষাৰ দিন।

২৬,২৭ আৰু ২৮ জুলাইত অনুষ্ঠিত হ’ব APSC Main পৰীক্ষা।

APSCৰ সচিবে জাননীযোগে প্রকাশ কৰিলে এই তথ্য।

আজি সম্পন্ন হ’ব ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ শেষকৃত্য, ৰাইছিৰ মৃত্যুত ৫ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা…

আজি সম্পন্ন হ’ব ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ নশ্বৰদেহৰ শেষকৃত্য৷

তবৰীজ চহৰত শেষকৃত্য সম্পন্ন কৰা হ’ব ইৰানৰ ৰাষ্ট্ৰপতিৰ নশ্বৰদেহ৷

ৰাষ্ট্ৰপতি ৰাইছিৰ মৃত্যুত ইৰানত ৫ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা৷

ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত দেওবাৰে মৃত্যু হয় ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছীসহ বৈদেশিক মন্ত্ৰী আমিৰাবাডুল্লাহিয়ানৰ।

এই খবৰ পোহৰলৈ আহে সোমবাৰে, ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছী, বৈদেশিক মন্ত্ৰী আমিৰাবাডুল্লাহিয়ানসহ ৯ জন লোকৰ মৃত্যু হয় এই ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত।