Home Blog Page 823

অসমীয়া জাতিটোৱে ৰাজহাড় পোন কৰি জীয়াই থাকিবলৈ শিকক…

অসমত এতিয়া আটাইতকৈ জটিল সমস্যাটো হৈছে দ্ৰুতগতিত বৃদ্ধি পোৱা মূল্যবৃদ্ধিৰ সমস্যা। সৰ্বত্ৰ জ্বলিছে মূল্যবৃদ্ধিৰ জুই, এই জুই নিৰ্বাপনৰ ব্যৱস্থা যেন এতিয়া কাৰো হাতত নাই। চৰকাৰৰো নাই, নহ’লেনো প্ৰতিদিনে বয়-বস্তুৰ মূল্যবৃদ্ধি হৈ থকাৰ পিছতো কাৰো গাৰ নোম এডালকে লৰা নাই। অৱশ্যে এই মূল্যবৃদ্ধিকো জয় কৰিব পৰা হৈ গৈছে আমাৰ অসমীয়া মানুহে। কাৰণ আমি দেখি আহিছো, যি হাৰত অসমত মৃল্যবৃদ্ধি হৈ গৈ আছে সেই ক্ষেত্ৰত সকলো নীৰৱ, কাৰো যেন গাতেই লগা নাই। এই বিষয়ক লৈ কোনেও মূৰ গৰম কৰাৰো প্ৰয়োজনবোধ কৰা নাই। যেন বস্তু মূল্য যিমানে বাঢ়ে বাঢ়ক। তাতনো কি আহে যায়! অসম এতিয়া উন্নতিৰ পথত। এতিয়া মূূল্যবৃদ্ধিৰ বাবে কাৰো অন্তৰত জুই নজ্বলে। কাৰণ এতিয়া আমাৰ একোৰে অভাৱ নাই। কেৱল ঘৰতে শুই-বহি খাই থাকিলেই হ’ল। এতিয়ানো আমাৰ কিহৰ অভাৱ। যদিও শাক-পাচলিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম, গেছ চিলিণ্ডাৰ, চাউল, দাইল, মিঠাতেল, অন্যান্য ঘৰুৱা সামগ্ৰী, পেট্ৰ’ল-ডিজেল, জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে তথাপি আমি বিনামূলীয়াকৈ চাউল পাইছো, বিনামূলীয়াকৈ ঘৰ পাইছো, হোৰাহোৰে বেংকত টকা সোমায়ে আছে আৰু যে কত কি আঁচনি। ইফালেতো সকলো মহিলা লাখপতি হ’বই। আৰুণো আমাক কি লাগিছে।

সকলো ফালে কেৱল সুখেই সুখ, আনন্দই আনন্দ, জয়জয়-ময়ময় অৱস্থা। এতিয়া এনে হৈছেগৈ যে আমাৰ প্ৰাণস্বৰূপ ব্ৰহ্মপুত্ৰখনৰো যেন আৰু আমাৰ প্ৰয়োজন নোহোৱা হ’ব, যেনেদৰে নানা চমক সৃষ্টি কৰি ব’বলৈ লৈছে ‘আঁচনি’ নামৰ বিশাল নৈখন। গতিকে আমাৰ সকলো ফালে সুখেই সুখ। ভৱিষ্যতে যি হয় হৈ থাকক, তাক লৈ মূৰ ঘমোৱাৰ প্ৰয়োজনেইবা কি। আমাক বৰ্তমানটোহে লাগে। সেয়ে খাঅ’ পিঅ’ মজ কৰ’। বৰ দুখৰ কথা যে আমাৰ এই সুবিধাবাদী চৰিত্ৰটোৰ কাৰণেই এদিন সুযোগ লৈছিল ব্ৰিটিছসকলে। তেওঁলোকে ভালদৰেই জানিছিল আমাৰ এই অসমীয়া জাতিটোৰ দুৰ্বলতা কোনখিনিত। সেয়ে তেওঁলোক অসমলৈ আহিয়েই অসমৰ চুকে-কোণে প্ৰচলন কৰিছিল ‘কানি’ নামৰ বৰবিহৰ। অসমীয়া মানুহে ইয়াকে ব্ৰিটিছসকলৰ বৰদান বুলি গ্ৰহণ কৰি কেৱল এতিয়াৰ দৰে সকলো বাদ দি কেৱল কানি খোৱাত নিমজ্জিত হৈ পৰিল। কানি খাই খাই গৌৰৱোজ্জ্বল অসমীয়া জাতি হৈ পৰিল ‘কানীয়া’, ‘সোৰোপা’, ‘এলেহুৱা’। ইফালে কানি খুৱাই চতুৰ ব্ৰিটিছসকলে আমাৰ পৰা কাঢ়ি ল’লে আৰ্থিক, মানসিক, নৈতিক আৰু স্বাৱলম্বী হোৱাৰ মাসিকতা আদি। এনেদৰেই স্বাধীন-স্বাভিমানী অসমীয়া এদিন হৈ পৰিল পৰাধীন, পৰমুখাপেক্ষী, দুৰ্বল-নিশকটীয়া অসমীয়া জাতি। কিন্তু তাতনো কাৰ কি আহে-যায়। সকলো মতলীয়া কানিৰ ৰাগীত। আৰু ব্ৰিটিছসকলে ইয়াৰ সম্পূৰ্ণ সুযোগ লৈ এপদ এপদকৈ লুটি নিলে আমাৰ সকলো আনকি স্বাধীনতাও। তেতিয়াই অসমীয়াৰ পিঠিত এটা মোহৰ লাগিল- ‘কানীয়া অসমীয়া’ বুলি।


ঠিক একেদৰে এতিয়া আকৌ সকলো আন এক নিচাত হাবুডুবু খাই কানীয়া, ধোদ, অকৰ্মণ্য বিভূষণেৰে বিভূষিত হ’বলৈ গৈ আছে বীৰ লাচিত-মূলাগাভৰুৰ বংশধৰসকল। এতিয়াৰ অসমীয়াৰ এই নিচা হ’ল আঁচনিৰ নিচা। বৰ্তমান আমাৰ একাংশক এই আঁচনিৰ নিচাই এনেদৰে গাত ধৰিছে, বিশেষকৈ একাংশ মহিলাৰ যে ঘৰত থাকিবলৈয়ে সময় নোহোৱা হৈছে। পুৱাই ওলাই যায় বিভিন্ন আঁচনিৰ পিছত। ঘৰত সময় দিবলৈও তেওঁলোকৰ সময় নোহোৱা অৱস্থা। ল’ৰা-ছোৱালীৰ যত্ন লোৱা, খুৱাই-বুৱাই স্কুললৈ পঠিওৱা, স্বামীৰ যত্ন লোৱা আদিতো দূৰৰে কথা। গতিকে আজিৰ মানুহে মূল্যবৃদ্ধিৰ কথা বা ৰাজ্যখনৰ আৰু ক’ত কি ঘটি আছে সেইবোৰত মন-কাণ দিবলৈ অৱকাশেই নাই।


বৰ্তমান অসম মুলুকত অবাধ হাৰত মদৰ প্ৰচলন হৈছে। চহৰৰ প্ৰতিটো চেণ্টাৰতে এখন হ’লেও মদৰ বিপণী খোলা হৈছে, খুলিবলৈ অনুমতি দিয়া হৈছে। ইয়াৰ মূল কাৰণেই হৈছে ৰাজহ। আটাইতকৈ ৰাজহ সংগ্ৰহ হোৱা সামগ্ৰী বিধেই হ’ল সুৰা বা মদ। সেয়ে চৰকাৰক এতিয়া প্ৰয়োজন ৰাজহৰ। যেনেকৈয়ে নহওক, যিদৰেই নহওক, লাগে কেৱল ৰাজহ। বৰ্তমান মদ নহ’লে কোনো অনুষ্ঠানেই অনুষ্ঠিত নহয় অসমত। বিয়া, বিহু, পূজা-পাৰ্বণ আনকি মৃতকৰ সৎকাৰ কৰিবলৈ যোৱাৰ সময়তো মদ লাগিবই। আৰু এটা কথা— মদৰ প্ৰয়োজন নাই ক’ত? খুব স্ফূৰ্তিতো প্ৰয়োজন হয় মদৰ, দুখতো সংগী মদ, কেতিয়াবা অকলে থাকিলেও লাগে মদ, বন্ধু-বান্ধৱ আহিলেও মূল প্ৰয়োজনীয় বস্তুটোৱেই হ’ল মদ। কোনোবা মৰিলেও লাগে মদ আৰু কোনোবা জন্মিলেও প্ৰয়োজন হয় মদৰ। মুঠতে মদ এনে এবিধ বস্তু, যাক নহ’লে একো কথাই নহয় বা একো কামেই নহয়। গতিকে সুবিধাটো ইয়াতেই। হয়তো ভবা হ’ল মদৰ জৰিয়তে ৰাজহ বৃদ্ধি কৰিব পাৰা যায়। সেয়ে সকলো ফালে মদৰ দোকান খোলাৰ অনুমতি প্ৰদান কৰা হ’ল। এতিয়া তিনিআলি, চাৰিআলি, চ’কে-বজাৰে উভৈনদী মদৰ বিপণী। এনেদৰেই আকৌ যেন প্ৰচলিত কৰা হ’ল ব্ৰিটিছৰ সময়ৰ পৰিৱেশ। ব্ৰিটিছে অসমীয়া মানুহৰ মাজত প্ৰচলন কৰিছিল ‘কানি’ আৰু আজি অবাধে প্ৰচলন কৰা হৈছে সুৰা। কানিৰ ৰাগিত সেই সময়ৰ অসমীয়া হৈছিল ‘কানীয়া’ আৰু আজিৰ অসমীয়া হৈছে ‘মদাহী’। বদনাম কিন্তু একেটাই। তেতিয়া ব্ৰিটিছে শাসনৰ সুবিধাৰ বাবে প্ৰচলন কৰিছিল কানিৰ আৰু আজি প্ৰচলন কৰা হৈছে মদৰ। কেৱল ৰাজহ বৃদ্ধিৰ বাবেই চ’কে-বজাৰে, অলিয়ে-গলিয়ে মদৰ দোকান খুলিবলৈ অনুমতি প্ৰদান কৰিয়েই ক্ষান্ত নাথাকি শেহতীয়াকৈ প্ৰতিখন বিপণীকে এক নিৰ্দিষ্ট পৰিমাণত সুৰা বিক্ৰী কৰিবলৈ দিয়া আজব নিৰ্দেশনাই সকলোৰে চকু কপালত তুলিছে। এই নিৰ্দেশনা অনুসৰি আবকাৰী বিভাগে ২০২৪-২৫ বৰ্ষত বিলাতী সুৰা, বীয়েৰ বিক্ৰী বৃদ্ধিৰ লক্ষ্যৰে জিলা আবকাৰী অধীক্ষকসকললৈ নিৰ্দেশ জাৰি কৰাৰ খবৰে হতচকিত কৰি তুলিছে সচেতন মহলক। সেই নিৰ্দেশনা অনুসৰি ২০২৪-২৫ বৰ্ষটোৰ বাবে সুৰা বিক্ৰীৰ নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে- ১.৬১ কোটি কাৰ্টন।

আনহাতে, বীয়েৰ বিক্ৰীৰো লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ১.২১ কোটি কাৰ্টন। পূৰ্বে সুৰা আৰু বীয়েৰ বিক্ৰীৰ লক্ষ্য নিৰ্ধাৰণ কৰা আছিল ক্ৰমে ১.৪৭ কোটি কাৰ্টন আৰু ১ কোটি কাৰ্টন। আবকাৰী বিভাগৰ এই নিৰ্দিষ্ট লক্ষ্য পূৰাবৰ বাবে এতিয়া মহানগৰীত থকা সুৰাৰ বিপণীসমূহে প্ৰতি মাহত সুৰা বিক্ৰী কৰিব লাগিব ৪,৫০০ লিটাৰ আৰু বীয়েৰ বিক্ৰী কৰিব লাগিব ৩,৩১০ লিটাৰকৈ। এই কথা সংবাদ মাধ্যমত প্ৰকাশ হৈছে যদিও অৱশ্যে এই কথা অস্বীকাৰ কৰিছে বিভাগীয়ভাৱে। কিন্তু শেহতীয়াকৈ পুনৰ অসমত ২০৩খন নতুন সুৰা বিপণীৰ অনুজ্ঞা-পত্ৰ দি আকৌ যে সুৰাৰ প্ৰচলনৰ ক্ষেত্ৰখন বৃদ্ধি কৰিবলৈ ওলাইছে সেয়া সত্য। এইবোৰ কৰা হৈছে কেৱল ৰাজহ সংগ্ৰহৰ একমাত্ৰ লক্ষ্য হিচাপে লৈ। মুঠতে আমাৰ ৰাজ্যখনৰ সকলো ফালে এতিয়া কেৱল সুৰাৰ বন্যা। ঋণত পোত গৈ থকা চৰকাৰখনে এনে ব্যৱস্থা কৰিবই লাগিব, কাৰণ যেনেকে নহওক ৰাজহ বৃদ্ধি হ’বই লাগিব। কিন্তু ৰাজহ ফাঁকিৰে ৰাজ্যখনত অবৈধ বেহা চলাই থকা প্ৰতিষ্ঠান, ব্যক্তিক নিয়ন্ত্ৰণ কৰি সেই উৎসসমূহৰ পৰা ৰাজহ সংগ্ৰহৰ ব্যৱস্থা নকৰি বা সেই অবৈধ ব্যৱসায় আদি বন্ধ নকৰি বা তাৰ পৰা ৰাজহ সংগ্ৰহৰ উপযুক্ত ব্যৱস্থা নকৰি সুৰাৰ দৰে স্বাস্থ্য আৰু ব্যক্তিগত জীৱনৰ লগতে সামাজিক শৃংখলা হানিকৰ মাৰাত্মক বৰবিহ বিধৰ প্ৰচলনত গুৰুত্ব আৰোপ কৰি ‘খাল খান্দি ঘঁৰিয়াল পোহা’ৰ দৰে কথা হোৱা নাইনে বাৰু ? ড্ৰাগ্‌ছ, মাদক দ্ৰব্যৰ কবলৰ পৰা আজিৰ যুৱ-প্ৰজন্মক ৰক্ষা কৰাৰ কথা কৈ আনফালে চৰকাৰেই যদি দোকানে-বজাৰে, তিনিআলি-চাৰিআলি, বাটে-ঘাটে সুৰাৰ ব্যৱসায়ৰ অনুমোদন জনাই একাংশক উৎসাহিত কৰিবলৈ লয় তেনে এয়া নিশ্চয় দুমুখীয়া নীতিয়েই হ’ব। ঘৰৰ পৰা ওলায়েই যদি মদৰ দোকানখন পাই তেনে কোনে বাৰু মন সামৰিব পাৰিব সুৰা সেৱনৰ পৰা। গতিকে দিনে দিনে বৃদ্ধি হৈ গৈ আছে সুৰাসক্ত লোকৰ সংখ্যা, আজিৰ যুৱ-প্ৰজন্মৰ যুৱক-যুৱতীৰ সংখ্যা। দিনে দিনে সংঘটিত হৈ আহিছে অনাকাংক্ষিত দুৰ্ঘটনা, হত্যা, হিংসা, পাৰিবাৰিক অশান্তি আদি। যাৰ প্ৰধান উৎসই হৈছে মদ। আৰু এনেবোৰ কাৰণতে যাক আমি নতুন প্ৰজন্মৰ যুৱক-যুৱতী বুলি সকলোতে অগ্ৰাধিকাৰ দি আহিছো তেওঁলোকৰ মাজতে আজি মানৱীয় প্ৰমূল্য, সামাজিক শিষ্টাচাৰ, দায়বদ্ধতা, আত্মীয়তাবোধ আদি মানৱীয় গুণবোৰৰ অভাৱ পৰিলক্ষিত হৈছে। ইয়াৰ বহু কাৰণৰ ভিতৰত মাদকদ্ৰব্য, ড্ৰাগ্‌ছ আদিয়েই প্ৰধান। বহু ঘৰ-সংসাৰ নিমিষতে চাৰখাৰ হৈ গৈছে একমাত্ৰ সুৰাপানৰ ফলতে।

বহু যুৱকৰ দুৰ্ঘটনা আদিত পতিত হৈ অকালতে জীৱন বন্তি নুমাব লগা হৈছে এই মদ নামৰ বৰবিহৰ বাবেই। ইমানৰ পিছতো চৰকাৰে এই বৰবিহ মদৰ ক্ষেত্ৰত অকল ৰাজহ সংগ্ৰহৰ নামতে ইমান শিথিল হ’লে এদিন যে ইয়াৰ পৰিণাম ভয়াৱহ নহ’ব তাক কোনে ন-দি ক’ব পাৰিব। ‘কানীয়া অসমীয়া’ বুলি ব্ৰিটিছে মোহৰ মাৰি থৈ যোৱা অসমীয়াক আকৌ ‘মদাহী অসমীয়া’ অবিধাৰে কলুষিত নকৰিব। এয়া সকলোৰে ওচৰত আৱেদন। জাতিটোক জীয়াই থাকিবলৈ দিয়ক ৰাজহাড় পোন কৰি। ড্ৰাগ্‌ছমুক্ত অসম গঢ়াসকলে সুৰামুক্ত আন্দোলনো গঢ়ি তোলক। গণ-চেতনা গঢ়ি তোলক জনসাধাৰণেও। তেনে কৰিলেহে অসম ‘অসম’ হৈ জীয়াই থাকিব বিশ্ব দৰবাৰত।

লেখকঃ ভূপেন মহন্ত

ধৈৰ্য আৰু সহনশীলতা: সুস্থ সমাজৰ অমোঘ অস্ত্ৰ…

প্ৰতিজন ব্যক্তিয়ে জীৱনত সুখৰ পিছত দৌৰি ফুৰে। নিজ কৰ্মৰ সফলতাৰ যোগেদি জীৱনলৈ সুখ আহে আৰু এই সফলতাৰ বাবে প্ৰয়োজনীয় হৈ পৰে ধৈৰ্য আৰু সহনশীলতাৰ মনোভাৱ। জীৱনত সফলতা আৰু ধৈৰ্যশীলতাৰ মাজত এক ওতঃপ্ৰোত সম্পৰ্ক আছে । মানুহে যিকোনো এটা বিষয়ত হাত ফুৰাই একেবাৰতে সফলতাৰ মুখ দেখিব বুলি ডাঠি কব নোৱাৰে। জীৱনত বিফলতা আহিবই আৰু ইয়াৰ সৈতে সহবাস কৰি থাকিবলৈ মানুহ ধৈৰ্যশীল হোৱাটো দৰকাৰ। ধৈৰ্যশীলতাই মনত সাহস দি বিফলতাৰ পৰা আহৰণ কৰা শিক্ষাৰে সফলতাৰ সৈতে হাত মিলাব বিচাৰে। মানুহ যিমানেই ধৈৰ্যশীল হ’ব, সিমানেই সফলতাৰ সংস্পৰ্শত জীৱন উপভোগ কৰিব পাৰিব।

জীৱনে ধৈৰ্যশীলতাৰ আশ্ৰয়ত যিদৰে সফলতাৰ মুখ দেখিব ধৰে,সহনশীলতাৰ বাবে ই পৰিতৃপ্তি লাভ কৰে। অতীজৰে পৰা বহুজনে সহনশীলতাৰ কৰ্মৰাজিয়ে মানৱ সভ্যতাৰ বিকাশ সাধন কৰি ইতিহাস ৰচি থৈ গৈছে। ইয়াৰ জৰিয়তে আমাক এই শিক্ষা দি গৈছে যে আমি সহনশীল মনোভাৱেৰে যথোচিত ভাৱে নিজ কৰ্ম কৰি ইতৰ প্ৰাণীৰ পৰা পৃথক হৈ জীৱশ্ৰেষ্ঠৰ পৰিচয় অক্ষুন্ন ৰাখিবলৈ সদাপ্ৰস্তুত হ’ব লাগে। এই ধাৰা অটুট ৰাখিব পাৰিলেহে আমিবোৰে মানৱীয় প্ৰমূল্যক জীয়াই ৰাখিব পাৰিম। ব্যক্তিৰ সহনশীলতাই নিজৰ উদাৰতাৰ চিনাকি দিয়ে আৰু জীৱনৰ সুন্দৰতাক উপলব্ধি কৰিবলৈ সময় দিয়ে। অন্যথা জীৱনে পদে পদে সংঘাতৰ মুখামুখি হৈ উত্তেজিত হৈ পৰে আৰু এক পংগু জীৱনৰ সৈতে চিনাকি হ’ব ধৰে।

জীৱনৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰা বৃদ্ধাৱস্থালৈকে ব্যক্তিৰ বাবে ধৈৰ্য আৰু সহনশীলতাৰ প্ৰয়োজনীয়তা আছে। অধৈৰ্য মন বিচলিত হৈ বিপদত পৰে আৰু ঘনে ঘনে নিজৰ লগতে সমাজৰ আন লোকৰো ক্ষতি সাধন কৰিব ধৰে। ব্যক্তিৰ মানসিক শান্তিৰ লগতে সমাজৰ শান্তি বজাই ৰাখিবলৈ আমাক ধৈৰ্য আৰু সহনশীলতাৰ মনোভাৱ লাগে।পৃথিৱীৰ মহান ব্যক্তি সকলৰ জীৱন দৰ্শনে আমাক ধৈৰ্য আৰু সহনশীলতাৰ যোগেদি কৃতকাৰ্য হবলৈ শিকায়। পুৰণি কালত ঋষি মুনি সকলে তপ জপ কৰি কিদৰে নিজৰ মন মগজুক ধৈৰ্য আৰু সহনশীলতাৰ মনোভাৱেৰে পুষ্ট কৰি তুলিছিল,তাৰ কাহিনী আমাৰ হাতত আজিও বিদ্যমান। ধ্যান আৰু যোগ সাধনাৰ ফলত এতিয়াও বহুজনে মনৰ সুস্থিৰতা আনি সমাজৰ প্ৰগতিত প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে অৰিহণা আগবঢ়াইছে।

আজি মানৱ সভ্যতাৰ বিকাশত আমি বহুখিনি আগবাঢ়ি গৈছোঁ যদিও সমাজৰ পৰিস্থিতি চাই একেষাৰে কব পাৰি যে মানুহে ধৈৰ্য আৰু সহনশীলতাক বিদায় দিবলৈ উদ্যত হৈছে। কোনেও কাৰোৰ কথা শুনিবলৈ ধৈৰ্য নোহোৱা হৈছে আৰু সৰু সৰু কথাতেই অতিষ্ঠ হৈ মানসিক ভাৰসাম্যতা হেৰুৱাব ধৰিছে। উদাহৰণ স্বৰূপে, প্ৰায়েই ট্টেফিক পইণ্টত ৰওঁতে গ্ৰীণ লাইট জ্বলি উঠাৰ লগে লগেই গাড়ীৰ হৰ্ণ বজোৱা অধৈৰ্য মানুহখিনিৰ কথাই মনটো চিন্তিত কৰি  তোলে। এইকথা সকলোৰে জ্ঞাত যে আজিৰ ব্যস্ত যুগত প্ৰতিজন মানুহেই অত্যন্ত ব্যস্ততাৰে দিন কটাবলগীয়া হৈছে, অথচ এচাম মানুহ জোখতকৈ যেন অধিক ব্যস্ত হৈ এনেদৰে অধৈৰ্য হৈ পৰিছে। এইসকলে বাৰু নিজৰ সন্তানক ধৈৰ্য আৰু সহনশীলতাৰ পাঠ পঢ়াবলৈ সক্ষম হ’বনে? বৰ্তমান যলৈকে যোৱা যায়, তাতেই এইচাম মানুহৰ সাক্ষাৎ হয়। ধৈৰ্যবিহীনতাৰ পোকে যেন এওঁলোকৰ মন মগজুত কিলবিলাই থাকে আৰু তাৰ ফলস্বৰূপে মনৰ উচপিচনিয়ে কেতিয়াও লগ নেৰে।

এই কথা নিশ্চয়কৈ উনুকিয়াব লাগিব যে ভাৰতীয় সমাজ ব্যৱস্থাত নাৰীক ধৈৰ্য আৰু সহনশীলতাৰ প্ৰতীক বুলি মানি অহা হৈছে। নাৰীৰ দয়া মমতাৰ সৈতে ধৈৰ্য আৰু সহনশীলতা খাপ খাই পৰে আৰু ইয়েই নাৰীৰ মানসিকতাৰ শোভাৱৰ্ধন কৰে। পিছে আজিৰ দিন এনেদৰে পৰিৱৰ্তিত হ’ব ধৰিছে যে এচাম নাৰীয়ে মনৰ পৰা ধৈৰ্য আৰু সহনশীলতাৰ মনোভাৱক একাষৰীয়া কৰি আধুনিকতাৰ সোঁতত উটি ভাঁহি যাব ধৰিছে। ইয়াৰ ফলতেই সমাজত আজি বিবাহ বিচ্ছেদ, পৰকীয়া প্ৰেম আদিকে ধৰি নানা ধৰণৰ নাৰী নিৰ্যাতনৰ ঘটনা দিনকদিনে বাঢ়িব ধৰিছে। এচাম নাৰীৰ অতপালিৰ কোবত সমগ্ৰ নাৰী  জাতিয়ে বদনাম ভুগিছে আৰু সমাজত নাৰীৰ প্ৰতি থকা সন্মান অৱনমিত হ’ব ধৰিছে। ক’তনো কি কেণা লাগিল তাকে ভাবি সচেতন মহলৰ চকু কপালত উঠিছে। মাতৃৰূপা নাৰীৰ এই অৱস্থাই সমাজৰ অৱক্ষয়ত অৰিহণা যোগাইছে। গতিকে ইয়াৰ পৰিত্ৰাণৰ বাবে আমি কঁকালত টঙালি বন্ধাৰ সময় হ’ল, নহলে ইতিহাসৰ বুকুত আমিবোৰ হাঁহিয়াতৰ পাত্ৰ হবলৈ হয়তো আৰু বেছি দিন নালাগিব।

জীৱন সুন্দৰ ভাৱে পৰিচালিত কৰিবলৈ যিদৰে ধৈৰ্য আৰু সহনশীলতাৰ আৱশ্যকতা আছে,আমি বসবাস কৰা সমাজখন সুস্থভাৱে ৰাখিবলৈও ইয়াৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি ৷ জীৱনে নাহাঁহিলে ব্যক্তিয়ে কান্দিব আৰু সমাজে নাহাঁহিলে মানৱীয় সভ্যতাই কান্দিব। আমি জীৱশ্ৰেষ্ঠৰ লেবেল লগাই বুকু ফিন্দাই থাকিলেই নহ’ব, সভ্যতাৰ প্ৰগতিত আউল লগোৱা ৰিপুসমূহ অতি সোনকালে ধবংস কৰিবলৈ আগবাঢ়ি আহিব লাগিব। নহলে ইতিহাসৰ সাক্ষীত ভৱিষ্যতে কিৰিলি পাৰি হাঁহিব আৰু আমি চকু মুদা কুলি হৈ বহি থাকিব লাগিব। আমাৰ আশাবাদী মনে ইয়াকে বিচাৰে যে ধৈৰ্য আৰু সহনশীলতাৰ জৰিয়তে সকলোৰে জীৱন সুন্দৰ হওঁক, সুন্দৰতাই সমাজৰ সুস্থতাক আঁকোৱালি লওঁক আৰু জীৱনে নিজৰ সোণোৱালী সময় উপভোগ কৰক।

লেখকঃ ঋতুপৱন গগৈ

বকোৰ বৰুৱা বলিঝাৰৰ পথত একাঠু বোকা পানী ! নিৰ্লুপ্ত লোক নিৰ্মাণ বিভাগ…

ৰাজ্যত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা কথাৰ যেন ফুলজাৰীহে মাৰিছে! নিৰ্বাচনৰ আগতে দিয়া প্ৰতিশ্ৰুতি এতিয়া সাধুকথা হ’ল। কামৰূপ জিলাৰ বকোৰ বহু গাঁৱলীয়া পথত লগতে বৰুৱা গাওঁ গাওঁ পঞ্চায়তৰ বাট পথ সম্প্ৰতি মৰণৰ ফাণ্ডতহে পৰিণত হৈছে। উদাহৰণস্বৰূপে বকো নিছেই কাষতে অৰ্থাৎ বকোস্থিত লোক নিৰ্মাণ বিভাগৰ কাৰ্য্যালয়ৰ পৰা মাত্ৰ দহ কিলোমিটাৰ নিলগৰ বৰুৱা বালিঝাৰ বামুন অঞ্চলৰ গাঁও ৰাস্তা আৰু প্ৰবীণ কুমাৰ চৌধুৰী হাইস্কুলৈ যোৱা পথ দুটা অতি শোচনীয়। দীৰ্ঘদিন ধৰি মেৰামতি অথবা আধুনিকীকৰণ নকৰাৰ ফলত পথ দুটাৰে মানুহৰ যাতায়াত সম্ভৱ নহোৱা হৈছে। পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে।

যাৰ ফলত পথেৰে মটৰ চাইকেল অথবা দুচকীয়া চাইকেল চলাই যাব নোৱাৰে। এই জটিল সমস্যা সমুহ আবেদন আকাৰে লিখি কেৱাবাৰো ৰাজ্যৰ সাংসদ – মন্ত্ৰী – বিধায়ক, উন্নয়ণখণ্ডৰ বিষয় – পঞ্চায়ত প্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষক বহু বাৰ জনোৱা হৈছে। লগতে ফটো ভি ডি ও কৰি বহু বাৰ বাতৰিতো প্ৰচাৰিত হৈছে। তৎস্বত্তেও আজিলৈকে এচপৰাও মাটি নপৰিল বৰুৱা বালিঝাৰ বজাৰৰ পৰা শিংৰাবড়ী হৈ মালিবাৰীলৈ যোৱা ১২ কিলোমিটাৰ পথ, চুকুনীয়াৰ পৰা মন্দিৰা হৈ নগৰবেৰা লৈ যোৱা ২৫ কিলোমিটাৰ পথ,বালিঝাৰৰ পৰা গৰুমাৰাহৈ ৫ কিলোমিটাৰ পথ সমূহত। ইফালে বিগত নিৰ্বাচনৰ আগে আগে স্থানীয় বিধায়িকা নন্দিতা দাসে ভোট বিচাৰি আহিছিল তেতিয়াই কৈছিল মই বিধানসভালৈ নিৰ্বাচিত হ’লে পথ নিৰ্মাণ কৰি দিম বুলি। বিধায়িকা হ’ল কিন্তু পথ দুটা বেচিহে বেয়া হ’ল। অৰ্থাৎ চৰকাৰে ৰাস্তা বনোৱা বা মেৰামতি কৰা আঁচনি গ্ৰহণ নকৰিলে।

আচনি গ্ৰহণ কৰিছে হিতাধীকাৰী তৈয়াৰ কৰা। উল্লেখ্য যে; এই অঞ্চলৰ ৰাইজে ৰাস্তা বিচাৰি বহু আবেদন নিবেদন কৰিছে কিন্তু ৰাস্তা বনোৱা নাই। কোনেও আবেদন নিবেদন নকৰাকৈয়ে স্কুটি; বুলেট; লেপটপ আৰু অন্যান্য সা – সামগ্ৰী যোগান ধৰিছে। যত ৰাস্তাই নাই স্কুটি বুলেট ক’ত চলাব। এই পথৰ মাজত থকা গাঁতত পানী জমা হৈ পিচল হৈ পৰিছে আৰু আজি মানুহে যাতায়াত কৰিব নোৱাৰা অৱস্থা হৈছে। এই ক্ষেত্ৰত গাওঁৰ সচেতন সমাজে অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক নজৰ দিবলৈ আহ্বান জনাইছে।

আৰন্যকৰ ১৬০ কিলোমিটাৰ চাইকেল ৰেলিৰ অন্ত পৰিল কৌপাটি বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত…

জীৱ বৈচিত্ৰ্য সংৰক্ষণক মূল লক্ষ্য হিচাপে লোৱা বেচৰকাৰী প্ৰাকৃতিক সংস্থা আৰন্যকে এক মহৎ উদ্দেশ্য আগত ৰাখি “ৰাইড ফৰ কঞ্জাৰভেচন” শীৰ্ষক তিনি দিনীয়া কাৰ্যসূচী হাতত লৈ যোৱা ১৯-০৫-২০২৪ তাৰিখ দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা চাইকেল ৰেলি কৰি ১৬০ কিলোমিটাৰ পথ অতিক্ৰম কৰি এটা আঠ জনীয়া দল আহি দ্বিতীয় দিনত সোমবাৰে আবেলি উপস্থিতি হয় দৰং জিলাৰ শিলবৰী বজাৰত। শিলবৰী বজাৰত আৰণ্যকৰ এই দলটোক শিলবৰীৰ প্ৰাকৃতি প্ৰেমী আব্দুল মালেক দলগাওঁৰ প্ৰাকৃতিক প্ৰেমী নেজিব আহমেদ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হাইদৰ আলী, শিক্ষক তৈবুৰ ৰহমান, শংকৰদেৱ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ছফিকুৰ ৰহমান আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ফুলামা গামোচাৰে সম্বৰ্ধনা জনায়।

সন্ধিয়া এই দলটোৱে উপস্থিত হয় ওৰাং ৰাষ্ট্ৰীয় উদ্যানত। মংগলবাৰে ৰাতিপুৱা প্ৰায় আঠ বজাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰণ্যক,ওৰাং ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষ আৰু স্থানীয় যুৱকৰ এটা বৃহৎ সংখ্যক দলে চাইকেল ৰেলি আহি শিলবৰী বজাৰত উপস্থিত হয়।শিলবৰীত এই দলটোক শিলবৰী আঞ্চলিক আমছুৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।লগে লগেই বন আৰু বন্যপ্ৰাণীক সুৰক্ষা দিয়ক,ওৰাং ৰাষ্ট্ৰীয় উদ্যান আমাৰ গৌৰৱ,গছ থাকিলে হে মানুহ থাকিব,ছেভ ৰাইনো আদি ধ্বনিৰে চাইকেল ৰেলি খন আগুৱাই যায় কৌপাটি বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অভিমুখে। বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীয়ে উক্ত চাইকেল ৰেলিৰ দ’ল টোক উস্ম আদৰণি জনায়। বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী সৈতে বন্যপ্ৰাণী ৰক্ষনাবেক্ষন আৰু সজাগতাৰ উদ্দেশ্যত এক বিশেষ বাৰ্তালাপ হয়।এই যাত্ৰাৰ মূল উদ্দেশ্য সম্পৰ্কে আৰন্যকৰ প্ৰৱন্ধক আৰিফ আহমেদে কয় যে বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি ৰাইজৰ সজাগতা সৃষ্টি কৰা।আমি আমাৰ পৰিবেশ ৰক্ষানাবেক্ষনত প্ৰতি জন নাগৰিকে নিজৰ দায়িত্ব হিচাপে ল’ব লাগিব।

ৰাইজৰ মৰম সহায় সহযোগিতা এনেকৈ পাই গ’লে কাম কৰাৰ উৎসাহ আৰু প্ৰেৰণা দিয়ে আৰিফ আহমেদে আৰু কয় যে আমাৰ এই চাইকেল ৰেলিত অংশ গ্ৰহণ কৰা আৰণ্যকৰ ড০ দেৱ কুমাৰ দত্ত,ওৰাং ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষৰ হৈ মঙ্গলদৈ বন-সংমণ্ডল প্ৰাধিকাৰী বিষয়া প্ৰদীপ্ত বৰুৱা,ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলিক বিষয়া দিব্যজ্যোতি দেউৰী,বনপালক প্ৰানজীত ডেকা, দলগাওঁৰ প্ৰাকৃতিক প্ৰেমী নেজিব আহমেদ, স্থানীয় প্ৰাকৃতি প্ৰেমী আব্দুল মালেক,খাইৰুল বাদশ্বাৰ, বাহাৰুল ইছলাম,শিলবৰী আঞ্চলিক আমছুৰ ৰাহুল ইছলাম, ছৰিফুল ইছলাম,মনিৰুল ইছলাম,হাচেন আলী আদিৰ লগতে কাজিৰঙাৰ পৰা চাইকেল ৰেলিত সঙ্গ দিয়া জৈষ্ঠ সাংবাদিক স্বপন নাথ,বিপুল গঞ্জু,জেহিৰ আহমেদ,আকাশ মৰাঙ, দিগন্ত দাস,লোচন গগৈ,ৰিটন বৰা আদি সকলোকে হৃদয়ৰ পৰা ধন্যবাদ জনায়।

চীনৰ ভাবুকিক প্ৰত্যাহ্বান! চীন অধিকৃত তিব্বত সীমান্তৰ সমীপৰে অৰুণাচল প্ৰদেশত নিৰ্মাণ হব ফ্ৰণ্টিয়াৰ হাইৱে, লাভবান হ’ব অসম; ২০২৭ চনৰ ভিতৰত পথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য…

অৰুণাচল প্ৰদেশৰ চীন অধিকৃত তিব্বত সীমান্তৰ আৰু সামৰিক দৃষ্টিকোৰণৰ পৰা অতিশয় গুৰুত্বপূৰ্ণ বুলি পৰিগণিত হৈ অহা উত্তৰ পূৰ্বাঞ্চলৰ চুইজাৰলেণ্ড স্বৰূপ মেচুকাসহ তিব্বত সীমান্তৰ,(বৰ্ত্তমান চীনৰ দখলত) প্ৰতিটো অঞ্চললৈ যাতে সামৰিক- অসামৰিক সকলো বাহন যাতে সুচলভারে চলাচল কৰিব পাৰে তাৰ বাবে বিশেষ তৎপৰতা আৰম্ভ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন চমুকৈ বি আৰ অ’বে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণাল়য়ৰ অধীনৰ ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড বা চমুকৈ এন এইচ আই ডি চি এল আৰু বি আৰ অৱে অসমৰ শোণিতপুৰ জিলাৰ ভালুকপুঙৰ পৰা টাৱাং সংযোগী পথৰ বমডিলাৰ পৰা ম্যানমাৰ-তিব্বত সীমান্তবৰ্তী বিজয়নগৰলৈ নিৰ্মাণ কৰিব ১,৭৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ অৰুণাচল ফ্ৰন্টিয়াৰ হাইৱে।

প্ৰস্তাৱিত পথটোত সকলো বতৰতে যাতে যিকোনো শ্ৰেণীৰ যান বাহন সুচলভাবে চলাচল কৰিব পাৰে তাৰবাবে বিশেষ উচ্চ প্রযুক্তি আৰু কাৰিকৰী প্ৰভৃতি ব্যৱহাৰ কৰিব বি আৰ অ’ৱে। বি আৰ অ’ৰ অৰুণাচল প্ৰদেশৰ পূৱ ছিয়াং জিলাৰ সদৰ পাছিঘাটস্থিত ব্রহ্মাংক প্ৰকল্পৰ মুখ্য অভিযন্তা অজয় কুমাৰ মিশ্ৰই ‘আমাৰ অসম’ৰ সৈতে পাছিঘাটত হোৱা সাক্ষাৎ কালত জানিবলৈ দিয়া মতে পথটো নিৰ্মাণ কৰাৰ বাবে প্ৰাৰম্ভিক কাম – কাজ সমূহ আৰম্ভ কৰা হৈছে। অতিশয় দুৰ্গম অঞ্চলৰে পথটো নিৰ্মাণ কৰিবলগীয়া হোৱা বাবে পথটো নিৰ্মাণ কৰোতে যাতে প্ৰাকৃতিক ভাৰসাম্য ধ্বংস নহয় তাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে। সমান্তৰালভাবে ভাৰত চৰকাৰে চীনৰ যিকোনো ভাবুকিৰ মোকাবিলা কৰাৰ বাবে পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে সামৰিক দৃষ্টিকোণৰ পৰা গুৰুত্বপুৰ্ণ বমডিলাৰ সমীপৰ পৰা চীন অধিকৃত তিব্বত সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি) ৰ কাষে কাষে সমগ্ৰ সীমান্তবৰ্তী অঞ্চলক যাতায়াত ব্যৱস্থাক সামৰি লব পৰাকৈ ফ্ৰন্টিয়াৰ হাইৱে নামৰে সকলো বতৰতে চলাচল কৰিব পৰাকৈ এটা দুইলেনযুক্ত পথ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম – কাজখিনী আৰম্ভ কৰা হৈছে। পথটো ২০২৭ চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। পথটো নিৰ্মাণকাৰ্য সম্পুৰ্ণ হলে অৰুণাচল প্ৰদেশৰ আৰ্থ সামাজিক ক্ষেত্ৰখনলৈ অভূতপূৰ্ব পৰিৱৰ্তন অহাটো নিশ্চিত।

একে সময়তে অসমো প্ৰভূত পৰিমাণে লাভবান হব। ভাৰত চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰণালয়ৰ অধীনত নিৰ্মাণ হবলগীয়া পথটোৰ ২০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশ ব্ৰহ্মাংক প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হব। এই সম্পৰ্কীয় জৰীপ ইতিমধ্যে সম্পুৰ্ণ কৰা হৈছে। আনহাতে পথৰ নিৰ্মাণ কাৰ্যত যাতে পৰিৱেশ তন্ত্ৰত বেছি ক্ষতি নহয় সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অত্যাধুনিক শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হব। পথচোৱা টাটোৰ সমীপত কায়িং-মেচুকা সংযোগী পথত এটা ট্ৰাই জংচনত মিলিত হব। অৱশ্যে জানুৱাৰী মাহৰ শেহৰ পৰা বৰষুণ হৈ থকা বাবে পথ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজত কিছু ব্যাঘাটৰ সৃষ্টি হৈছে যদিও বি আৰ অই থমকি ৰোৱা নাই। যিহেতু বছৰটোৰ ৩৬৫ টা দিনৰ ২৫০ দিনৰো অধিক দিনেই তাত বৰষুণ হৈ থকা বাবে প্ৰতিকুল পৰিস্থিতিৰ মাজতো বি আৰ অৰ শ্ৰমিক – অভিযন্তা সকলে দিনে- নিশাই কাম কৰি থাকে। পথচোৱাত ভূমিস্খলনৰ ঘটনা সংঘটিত হলেও যাতে পথ সম্পূর্ণ বন্ধ নহয় তাৰ বাবে বি আৰু অৰ উদ্ধাৰকাৰী দল ততালিকে ঘটনাস্থলীত উপস্থিত হৈ পথ মুকলি কৰিব পৰাকৈ তেওঁলোক সদা সষ্টম হৈ থাকে।

পথ নিৰ্মাণৰ কামত ‘ইঞ্জিনিয়াৰিং প্ৰচিকিউমেণ্ট’ মোড বা ‘ই পি চি’ পদ্ধতি অবলম্বন কৰা হব। ইতিমধ্যে ফ্ৰন্টিয়াৰ হাইৱেক কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণাল়য়ে ৰাষ্ট্ৰীয় ঘাইপথ – ৯১৩ হিচাপে ঘোষণা কৰিছে। প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰে চীনৰ ভাবুকিক প্ৰতিহত কৰাৰ বাবে যাতায়াত ব্যৱস্থা সূচল কৰাৰ লক্ষ্যৰে ২০১৪ চনতে সমগ্ৰ অৰুণাচল প্ৰদেশৰ পূৱ আৰু পশ্চিম দিশক সামৰিব পৰাকৈ দুইলেনযুক্ত এটা পথ নিৰ্মাণ কৰাৰ বাবে চিন্তা চৰ্চা কৰা হৈছিল। পথটো নিৰ্মাণ সম্পুৰ্ণ হলে যিকোনো স্থানৰ পৰা সীমান্তবৰ্তী অঞ্চলসমূহলৈ সেনাৰ গধূৰ বাহন অনায়াসে অহা – যোৱা কৰিব পাৰিব। তেনেদৰে পৰ্যটকৰ দিশটোৰ লগতে দুৰ্গম অঞ্চলৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰখনতো ইতিবাচক প্ৰভাৱ পৰিব বুলি মুখ্য অভিযন্তা অজয় কুমাৰ মিশ্ৰই সদৰি কৰিছে।

প্ৰাক্তন খেলুৱৈ, প্ৰবীন ক্ৰীড়া সংগঠক দিলীপ মেধি সম্পৰ্কে দুআষাৰ…

ক্ৰীড়া আৰু ক্ৰীড়া সংগঠক এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। এটাক বাদ দি আনটোৰ কথা ভাবিবই নোৱাৰি। তেনে এজন ক্ৰীড়া সংগঠক, নলবাৰী সমাজ জীৱনৰ লগত অতহপ্ৰতহ ভাৱে জড়িত থকা দিলীপ মেধিৰ জন্ম হৈছিল ১৯৫৭ চনত বাহজানীত। দেউতাকৰ নাম আছিল নিত্যানন্দ মেধি আৰু মাকৰ নাম আছিল কিৰণময়ী মেধি। সৰুৰে পৰাই তেওঁৰ ক্ৰীড়াৰ প্ৰতি আছিল এক বিশেষ দুৰ্বলতা। সেই সময়ত তেওঁ বিশিষ্ট ক্ৰীড়া সংগঠক আব্দুল গফ্ফাৰ উজ জামানৰ তত্বাৱধানত ইউনাইটেড ক্ৰিকেট ক্লাৱৰ হৈ ক্ৰিকেট খেলাৰ উপৰিও পিছলৈ স্পোটিং ইউনিয়নৰ হৈ ক্ৰিকেট আৰু ফুটবল খেলি আন্তঃজিলা প্ৰতিযোগিতাত ফুটবল আৰু ক্ৰিকেটত কেইবাবাৰো নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰে। সেই সময়ত অসম ক্ৰিকেট সন্হাৰ ক্ৰিকেট প্ৰশিক্ষক বাদল ঠাকুৰীয়া আৰু ফুটবলত চৌহান সিং চাউলাক প্ৰশিক্ষক হিচাপে পোৱাৰ কথা তেওঁ স্মৰণ কৰে। পিছলৈ অসমত তেওঁ ক্ৰীড়া সংগঠক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। নলবাৰী ক্ৰীড়া সন্হাৰ দুই বছৰ ক্ৰিকেট সম্পাদক, এবছৰ হকী সম্পাদক আৰু প্ৰায় বাৰ বছৰ ধৰি ফুটবল সম্পাদক হিচাপে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰে।

ইয়াৰ সুবাদতে তেওঁ অসম ফুটবল সন্থাৰ প্ৰায় বাৰ বছৰ ধৰি সহকাৰী সম্পাদক হিচাপে কাম কৰাৰ সুবিধা লাভ কৰে। অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক হিচাপে তেওঁ অসমৰ বিভিন্ন জিলাত গৈ ফুটবল খেলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যপন্থা হাতত লোৱা বুলি জানিব পৰা গৈছে। সেই সময়ত নলবাৰী ক্ৰীড়া সন্হাৰ ক্ৰিকেট ক্লাৱৰ সংখ্যা কম হৈ থকাত আব্দুল গফ্ফাৰ উজ জামানৰ আহ্বান মৰ্মে তেওঁ ১৯৭৫ চনত নৱাৰুণ ক্লাৱৰ জন্ম দি ক্লাৱটোৰ প্ৰতিস্থাপক সভাপতি মৃগেন দাস আৰু সম্পাদকৰ দায়িত্ব তেওঁ নিজেই পালন কৰিছিল। জন্ম লগ্নৰে পৰাই এই ক্লাৱটোৰ জড়িয়তে ক্ৰিকেট, এথলেটিকছ, ফুটবল, ভলীবল ইত্যাদি খেলৰ উপৰত গুৰুত্ব দি বিভিন্ন পৰ্যায়ৰ খেলুৱৈ সৃষ্টিত অৰিহনা যোগাই আহিছে। নলবাৰী ক্ৰীড়া সন্হাৰ ফুটবল, ভলীবল লীগত নৱাৰুণ ক্লাৱে অংশগ্ৰহণ কৰি চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰি আহিছে। নৱাৰুণ ক্লাৱৰ ছহীদ স্মৃতি ক্ৰিকেট টুৰ্নামেণ্টত অসমৰ এখন আগশাৰীৰ ক্ৰিকেট টুৰ্নামেণ্টত। বিগত ৩৭ বছৰে এই প্ৰতিযোগিতা নলবাৰী মহাবিদ্যালয় খেলপথাৰত সফলতাৰে সম্পন্ন হৈছে। ২০২৫ বৰ্ষত নৱাৰুণ ক্লাৱে সোনালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিব। বৰ্তমান ক্লাৱটোৰ সভাপতি দিলীপ মেধি আৰু সম্পাদক সত্যেন শৰ্মা। এটা ক্লাৱ বা সংঘই বিগত ৫০ বছৰ ধৰি ক্ৰীড়া কৰ্ম কৰি থকাটো বৰ সহজ কথা নহয় কিন্তু ইয়াকে সহজ কৰি দেখাইছে নৱাৰুণ ক্লাৱে। এই ক্ষেত্ৰত ক্লাৱটোৰ সভাপতি হিচাপে দিলীপ মেধিয়ে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰা পৰিলক্ষিত হৈছে। ১৯৮৪ চনত তেওঁ স্বাস্থ্য বিভাগত চাকৰিত যোগদান কৰি ২০১৭ চনত অৱসৰ গ্ৰহণ কৰে। তেওঁ আন্তঃ জিলা ভেটাৰ্ণ এথলেটিকছত নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰি কেইবাবাৰো মেডেল আজুৰি আনিবলৈ সক্ষম হৈছে। তেওঁৰ নলবাৰী মহাবিদ্যালয়ৰ নিচেই ওচৰতে ঘৰ হোৱা হেতুকে নিতৌ পুৱা গধুলি অনুশীলন কৰাৰ সুবিধা পাইছিল।

বিগত কিছু বছৰ অৱশ্যে খেলপথাৰখন খেলৰ উপযোগী হৈ নথকাত কিছু সমস্যাৰ সৃষ্টি হৈছিল যদিও বৰ্তমান কলেজ কৰ্ত্তৃপক্ষৰ লগতে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত খেলপথাৰখনৰ কাম সম্পূৰ্ণ হোৱাত তেওঁ আটায়েকে ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰে। খেলুৱৈ তথা ক্ৰীড়া সংগঠক হিচাপে তেওঁ নলবাৰীৰ বিভিন্ন ব্যক্তিৰ সহায়-সহযোগিতা, পৰামৰ্শৰ বাবে আন্তৰিকতাৰে শলাগ জনাই বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰয়াত মকিবৰ হুছেইন, মফিজউদ্দিন আহমেদ, ত্ৰিকেন দাস, আব্দুল গফ্ফাৰ উজ জামান আদি। নলবাৰীৰ ক্ৰীড়া সন্থাক লৈ তেওঁ যথেষ্ট আশাবাদী। ক্ৰীড়া সন্হাৰ সভাপতি তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত নলবাৰীৰ সকলো ক্ৰীড়া একেটা ছাতিৰ তলত কাম কৰি থকা পৰিলক্ষিত হৈছে। গ্ৰাম্যাঞ্চলৰ বিভিন্ন ক্লাৱ-সংঘক স্বীকৃতি প্ৰদান কৰি তেওঁলোকৰ মাজত এক ক্ৰীড়াৰ পৰিবেশ সৃষ্টি কৰি নলবাৰী ক্ৰীড়াক আগবঢ়াই নিয়াৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে। ইতিমধ্যে কিছু পৰিমাণে সফল হোৱাও দেখা গৈছে। এনেদৰে কাম কৰি গৈ থাকিলে আন্তঃ জিলা, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নলবাৰী খেলুৱৈয়ে উন্নত প্ৰদৰ্শন ডাঙি ধৰি সফলতা লাভ কৰিব বুলি তেওঁ দৃঢ় বিশ্বাসী।

ৰাইচিৰ মৃত্যুৰ আঁৰত দুৰ্ঘটনা নে ষড়যন্ত্ৰ! ৰাষ্ট্ৰপতিৰ মৃত্যুৰ পিছত প্ৰথম উপ-ৰাষ্ট্ৰপতি মহম্মদ মুখবাৰক অন্তৰ্ৱতীকালী ৰাষ্ট্ৰপতি হিচাবে নিয়োগ…

হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ঘটিছে ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ। দেওবাৰৰ পৰা পৰা ৰাইচিৰ হেলিকপ্টাৰ সন্ধানহীন হৈ থকাৰ পিছত সোমবাৰে ইৰানৰ চৰকাৰে ৰাইচিৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু মৃত্যু ঘটা বুলি প্ৰকাশ কৰিছে। ৰাইচিৰ হেলিকপ্টাৰখনে দেওবাৰে নিশা এখন পাহাৰত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয়। দেওবাৰেই ৰাইচিৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছিল। সোমবাৰে পুৱা সেই সেই আশংকা সঁচা হ’ল। ফলস্বৰূপে স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছিল ৰাইচিৰ পিছত কোনে ইৰানৰ ৰাষ্ট্ৰপতিৰ আসনত বহিব? নিৰ্বাচন কেনেদৰে অনুষ্ঠিত হ’ব? দেওবাৰে দুৰ্ঘটনাটোৰ বাতৰি ৰাজহুৱা হোৱাৰ লগে লগে এ বুলি চৰ্চা আৰম্ভ হৈছিল যে যদি ৰাইচিৰ মৃত্যু হয়, ইৰানৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ’ব?

ইয়াৰ মাজতে ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা খোমেইনীয়ে ইছলামিক দেশখনৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি মহম্মদ মুখবাৰক অন্তৰ্ৱতীকালী ৰাষ্ট্ৰপতি হিচাবে নিয়োগ কৰিছে। ৰাইচিৰ মৃত্যু ঘটাৰ পিছত মুখবাৰেই বৰ্তমান অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে কাম কৰিব। অৱশ্যে, মুখবাৰে পূৰ্ণ-সময়ৰ ৰাষ্ট্ৰপতিৰ আসনত বহিবলৈ নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব। ইৰানৰ সংবিধানৰ অনুচ্ছেদ ১৩১ অনুসৰি যদি ৰাষ্ট্ৰপতিৰ মৃত্যু হয় তেন্তে প্ৰথম উপ ৰাষ্ট্ৰপতিয়ে অস্থায়ীভাৱে এই পদগ্ৰহণ কৰিব। তাৰ পিছত নতুন ৰাষ্ট্ৰপতিৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া অহা ৫০ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। মুখবাৰ খোমেইনিৰ অতি ঘনিষ্ঠ বুলি জনা যায়। ৰাইচিৰ সৈতেও মুখবাৰৰ ভাল সম্পৰ্ক আছিল। ফলস্বৰূপে ২০২৫ চনত ইৰাণত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব লাগিছিল।

কিন্তু ৰাইচিৰ আকস্মিক মৃত্যুৱে নিৰ্বাচন আগুৱাই আনিলে। ইব্ৰাহিম ৰাইচি ২০২১ চনত বৃহৎ ভোটৰ ব্যৱধানত ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল। তেওঁ তেতিয়াৰ ৰাষ্ট্ৰপতি হাছান ৰুহানিক পৰাস্ত কৰিছিল। এজন কঠোৰপন্থী হিচাপে ৰাইচি পৰিচিত আছিল। এটা সময়ত আমেৰিকাই মানৱ অধিকাৰ উলংঘনৰ বাবে ৰাইচিৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পশ্চিমীয়া দেশবোৰে ৰাইচিক সদায় সমালোচনা কৰি আহিছে। তেওঁৰ চৰকাৰৰ কাৰ্যকালতে ২০২২ চনত ইৰানত হিজাব বিতৰ্কই ভয়াৱহ ৰূপ লৈছিল। সমগ্ৰ দেশ উত্তেজিত হৈ পৰিছিল। ইফালে, শেহতীয়া বছৰবোৰত ইজৰাইলৰ সৈতে ইৰানৰ সংঘাত তীব্ৰতৰ হৈছে। ফলস্বৰূপে ৰাইচিৰ মৃত্যুৱে আন্তৰ্জাতিক সম্প্ৰদায়ত নানান জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে। প্ৰশ্নটো হ’ল ৰাইচিৰ মৃত্যু সঁচাকৈয়ে এটা দুৰ্ঘটনা আছিল নে ইয়াৰ আঁৰত কোনো ষড়যন্ত্ৰ আছে?

বৃদ্ধি পাইছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা! বিদ্যালয়ত কন্যাৰ নথি-পত্ৰ জমা দিবলৈ গৈ ঘূৰি নাহিল চায়না, কোলাত সন্তানক লৈ পত্নীক বিচাৰি হাবাথুৰি পতি…

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা। এইবাৰ ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত বহলপুৰ শেগুণঝাৰীৰ বাসিন্দা ছলেমান আলী নামৰ ব্যক্তিগৰাকীৰ পত্নী তথা দুই কন্যা সন্তানৰ মাতৃ চায়না খাতুনে সোমবাৰে কন্যাৰ নথি-পত্ৰ বিদ্যালয়ত জমা দিবলৈ গৈ ঘূৰি নগ’ল নিজ ঘৰলৈ।

স্বামীয়ে নিজৰ কৰ্ম কৰি ঘৰলৈ আহি পত্নীক নেদেখি হতাশাগ্রস্ত হৈ পৰে আৰু লগে লগে চাৰিওফালে বিচাৰিবলৈ আৰম্ভ কৰে। কিন্তু বহু খা-খবৰ লোৱাৰ পিছত কোনো সুংসূত্ৰ নাপাই কাষ চাপিলে আৰক্ষী আৰু সংবাদমাধ্যমৰ। কোনো সদাশয় ব্যক্তিয়ে বোৱাৰীগৰাকীক দেখা পালে নিকটৱৰ্তী আৰক্ষী থানা নহ’লে 7577868338 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায় স্বামীয়ে।

২০২৪ বিত্তীয় বৰ্ষত ব্যৱসায় বৃদ্ধিৰ ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ বেংকৰ ভিতৰত শীৰ্ষত বেংক অফ মহাৰাষ্ট্ৰ…

বেঙ্ক অফ মহাৰাষ্ট্ৰই ৰাজহুৱা খণ্ডৰ ঋণদাতাসকলৰ মাজত মুঠ ব্যৱসায় আৰু জমা সংগ্ৰহৰ ক্ষেত্ৰত সৰ্বাধিক বৃদ্ধিৰ হাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে। ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ (পিএছবি) প্ৰকাশিত বিত্তীয় সংখ্যা অনুসৰি পুনেৰ মুখ্য কাৰ্যালয়ৰ ঋণদাতাই বিত্তীয় বৰ্ষত মুঠ ব্যৱসায়ত (ঘৰুৱা) ১৫.৯৪ শতাংশ বৃদ্ধি নথিভুক্ত কৰিছে আৰু ইয়াৰ পিছতে দেশৰ সৰ্ববৃহৎ ঋণদাতা ষ্টেট বেঙ্ক অফ ইণ্ডিয়া (এছবিআই)ৰ ১৩.১২ শতাংশ বৃদ্ধি হৈছে। অৱশ্যে, এছ.বি.আই.-ৰ মুঠ ব্যৱসায় (জমা আৰু অগ্ৰিম) প্ৰায় ১৬.৭ গুণ অধিক আছিল, তাৰ পৰিমাণ হৈছে ৭৯,৫২,৭৮৪ কোটি টকা। বেংক অফ মহাৰাষ্ট্ৰৰ এই পৰিমাণ হৈছে ৪,৭৪,৪১১ কোটি টকা। একেদৰেবেংক অফ মহাৰাষ্ট্ৰই বিত্তীয় বৰ্ষ ২৪-ত ১৫.৬৬ শতাংশৰ সৈতে জমা সংগ্ৰহৰ বৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰ শীৰ্ষ স্থান বজাই ৰাখিবলৈ সক্ষম হৈছে। ইয়াৰ পিছত আছে এছবিআইয়ে ১১.০৭ শতাংশ, বেংক অফ ইণ্ডিয়া ১১.০৫ শতাংশ আৰু কানাৰা বেঙ্কৰ ১০.৯৮ শতাংশ। ১২ টা ৰাজহুৱা খণ্ডৰ বেঙ্কৰ ভিতৰত, কেৱল এই চাৰিটা বেংকে বিত্তীয় বৰ্ষত জমাৰ ক্ষেত্ৰত দুটা অংকৰ বৃদ্ধি লাভ কৰিব পাৰিছে। কাৰেণ্ট একাউণ্টত জমাৰ ক্ষেত্ৰত বেঙ্ক অফ মহাৰাষ্ট্ৰই ৫২.৭৩ শতাংশৰ সৈতে তালিকাৰ শীৰ্ষত আছে আৰু তাৰ পিছত আছে চেণ্ট্ৰেল বেঙ্ক অফ ইণ্ডিয়া ৫০.০২ শতাংশ।


ঋণ বৃদ্ধিৰ ক্ষেত্ৰত, কলকাতা স্থিত ইউকো’ বেঙ্কৰ ১৬.৩৮ শতাংশ আৰু তাৰ পিছতবেংক অফ মহাৰাষ্ট্ৰৰ ১৬.৩৮ শতাংশ বৃদ্ধি নথিভুক্ত হৈছে। উক্ত বিত্তীয় বৰ্ষত বাকী থকা ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ ঋণ বৃদ্ধি ১৬ শতাংশতকৈ কম আছিল। সম্পদৰ মানদণ্ডৰ দিশত, বেঙ্ক অফ মহাৰাষ্ট্ৰ আৰু এছ.বি.আই.-য়ে ৩১ মাৰ্চ, ২০২৪ তাৰিখলৈকে ক্ৰমান্বয়ে ১.৮৮ শতাংশ আৰু ২.২৪ শতাংশত আছে। নেট এনপিএৰ ক্ষেত্ৰত, বি.ও.এম. আৰু ইণ্ডিয়ান বেঙ্কে ক্ৰমান্বয়ে ০.২ শতাংশ আৰু ০.৪৩ শতাংশৰ সৈতে সৰ্বনিম্ন মুঠ এন.পি.এ.ৰ ছবি প্ৰতিফলিত কৰিছে। ২-০২৪ৰ বিত্তীয় বৰ্ষত বৰ্তমানলৈ মূলধন পৰ্যাপ্ততা অনুপাতৰ ক্ষেত্ৰত ১৭.৩৮ শতাংশৰ সৈতে বেঙ্ক অফ মহাৰাষ্ট্ৰ হৈছে ৰাজহুৱা খণ্ডৰ বেংকৰ ভিতৰত শীৰ্ষত আছে। তাৰ পিছতে আছে ইণ্ডিয়ান অভাৰচিজ বেঙ্ক ১৭.২৮ শতাংশ আৰু পঞ্জাৱ আৰু সিন্দ বেঙ্ক ১৭.১৬ শতাংশ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকিৰে মেট্ৰ’ ষ্টেচনত ভাবুকিপূৰ্ণ লেখনি! আপৰ মতে আঁৰত বিজেপি…

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকি দিয়া হৈছে। এই ভাবুকি বিজেপিৰ পৰাই অহা বুলি কৈছে আপে।কেজৰিৱালক মৃত্যুৰ ভাবুকি প্ৰদান কৰি দিল্লীৰ ৰাজীৱ চক, পেটেল নগৰ মেট্ৰ’ ষ্টেচনত কেতবোৰ ভাবুকি ভৰা লেখা। আপৰ নেতা সঞ্জয় সিঙে বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ। কেজৰিৱালক হত্যাৰ ভাবুকি দি ৰাজীৱ চক আৰু পেটেল নগৰ মেট্ৰ’ ষ্টেচনত লেখাৰে আঁৰত বিজেপিৰ হাত থকা বুলি সিঙে গুৰুতৰ অভিযোগ কৰিছে। আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কৈছে যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ষড়যন্ত্ৰ ৰচনা কৰিছে। সঞ্জয় সিঙে কয় যে বহুবাৰ বিজেপিয়ে অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে। তেওঁক মুকলিকৈ ভাবুকি দিয়া হৈছে। পেটেল নগৰ মেট্ৰ’ ষ্টেচন আৰু ৰাজীৱ চক মেট্ৰ’ ষ্টেচনত তেনে ভাবুকি ভৰা লেখা আঁৰি দিয়া হৈছে। সিঙে কয় যে মোদী ঘৃণাৰ ভাৱনা ইমান বেছি হৈছে যে তেওঁ যিকোনো স্তৰলৈ নামি যাব পাৰে।

সঞ্জয় সিঙে লগতে কয় – “মই চৰকাৰ, প্ৰশাসন আৰু নিৰ্বাচন আয়োগক ক’ব বিচাৰো যে যদি কেজৰিৱালৰ কিবা হয় তেন্তে বিজেপি আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় ইয়াৰ বাবে পোনপটীয়াকৈ দায়ী হ’ব। অংকিত গোৱেল নামৰ এজন ব্যক্তিয়ে পেটেল নগৰ মেট্ৰ’ ষ্টেচনত ভাবুকিভৰা পোষ্টাৰ লিখিছে। যদি আপুনি ইয়াৰ ভাষা পঢ়ে, ঠিক সেয়া বিজেপিৰেই ভাষা বুলি ধৰিব পাৰিব। কেৱল পেটেল নগৰ মেট্ৰ’ ষ্টেচনেই নহয়, মেট্ৰ’ৰ ভিতৰতো কেজৰিৱালক আক্ৰমণ কৰাৰ ভাবুকি দিয়া হৈছে। ৰাজীৱ চক মেট্ৰ’ত একে ধৰণৰ ভাবুকিভৰা লেখা লিখা হৈছিল। এয়া বিজেপিৰ ভাষা। নিৰ্বাচন আয়োগে তৎক্ষণাৎ এই বিষয়ত গুৰুত্ব দিব লাগে আৰু ব্যৱস্থা গ্ৰহণ কৰিব লাগে।” একে সময়তে, এই ঘটনা সন্দৰ্ভত, ডিচিপি মেট্ৰ’ই কয় যে এই ভাবুকিবোৰ মেট্ৰ’ৰ ভিতৰত লিখা হৈছিল। আমি অনুসন্ধান কৰি আছো কোনে সেয়া লিখিছিল।