Home Blog Page 830

মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…

অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু‌ কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱৰ তত্বাৱধানত আজি গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪, মৰিগাঁও গোটৰ স্নাতক শাখাৰ চতুৰ্থ বাৰ্ষিকীৰ ছাত্ৰ- ছাত্ৰীসকলে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ খেলপথাৰ চৌহদত এখন প্ৰদৰ্শনীমূলক কৃষি মেলাৰ আয়োজন কৰে।

উক্ত কৃষি মেলাত চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তি বিদ্যা বিভাগ, ভূমি বিজ্ঞান বিভাগ, শস্য বিজ্ঞান বিভাগ, পতংগ তত্ব বিভাগ , পশুপালন বিভাগ আদিকে ধৰি ১০ টা বিভাগৰ বিভিন্ন মডেল, প্ৰচাৰ পত্ৰিকা , বেনাৰ আদিৰ প্ৰদৰ্শন কৰা হয়। কৃষি প্ৰদৰ্শনী মেলাখনৰ মুখ্য আকৰ্ষণ আছিল “সমন্বিত কৃষি পাম” পদ্ধতিৰ আৰ্হি এটা।

কৃষিৰ প্ৰদৰ্শনীৰ লগত সামঞ্জস্য ৰাখি আয়োজন কৰা এই মেলাত অসম কৃষি মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ডঃ প্ৰসন্ন কুমাৰ পাঠক সহিতে কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ সুপ্ৰিয়া সোণোৱাল, পৰিস্মিতা দাস , কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁওৰ বিষয়বস্তু বিশেষজ্ঞা সুকন্য গগৈ আৰু মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ ফণীভূষণ নাথ বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি বিভিন্ন পৰামৰ্শ আগবঢ়ায় ।ইয়াৰ লগতে সভাখনৰ আদৰণি ভাষণ আগবঢ়াই মৰিগাঁও গোটৰ নিৰীক্ষক ডঃ সুপ্ৰিয়া সোণোৱালে। এই সভাতেই প্ৰিয়ম হাজৰিকা আৰু বনজিত বৈশ্যৰ দ্বাৰা সম্পাদিত মৰিগাঁও গোটৰ স্মৰণিকা “নৱাৰুণ” উন্মোচন কৰে বিজ্ঞান গুৰু ডঃ প্ৰসন্ন কুমাৰ পাঠকে । কৃষিৰ লগত সংগতি ৰাখি এই সভাত এখন আৰ্হি প্ৰদৰ্শনী প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। সভাখনত আঁত ধৰে মৰিগাঁও গোটৰ ছাত্ৰী চাইবা চিদ্দিকি আৰু মস্তাফা হুছেইনে।

অসমৰ ভলীবল জগতত সূপৰিচিত চিনাকী নাম, ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন সুদক্ষ ভলীবল খেলুৱৈ দীপক ওজা…

যি সকল ভলীবল খেলুৱৈৰ যথেষ্ট কষ্ট আৰু ত্যাগৰ বিনিময়ত অসমৰ ভলীবলে আজিৰ এই অৱস্থা পাইছে সেইসকলৰ ভিতৰত দীপক ওজাৰ নাম অন্যতম। ৬ফুট ২ ইঞ্চি উচ্চতাৰ দীৰ্ঘদেহী দীপক ওজাৰ জন্ম হৈছিল ১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰীত ওডালগুৰিত। দেউতাকৰ নাম আছিল ভাৰত চন্দ্ৰ ওজা আৰু মাকৰ নাম কিৰণ ওজা। ১৯৭৫ চনত ওডালগুৰিৰ পূৰ্বজ্যোতি যুৱ সমাজৰ উদ্যোগত অৰবিন্দ দাসৰ নেতৃত্বত দীপক ওজাই ভলীবলৰ আদি পাঠ গ্ৰহণ কৰিছিল। ১৯৭৬-৭৭ চনত চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ, নলবাৰীত অনুষ্ঠিত হোৱা ৰীনা বৰ্মন সোঁৱৰণী ভলীবল প্ৰতিযোগিতাত তেওঁ ওডালগুৰি দলক প্ৰতিনিধিত্ব কৰি খেলুৱৈ জীৱনৰ পাতনি মেলে। ইয়াৰ পিছত তেওঁ আৰু উভতি চাবলগীয়া হোৱা নাই। ইখনৰ পিছত সিখন আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এজন প্ৰতিভাৱান খেলুৱৈ হিচাপে চিনাকী দিবলৈ সক্ষম হৈছিল।

১৯৭৬ চনৰ পৰা ১৯৯৮ চনলৈ জুনিয়ৰ আৰু চিনিয়ৰ আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত তেওঁ ওডালগুৰি আৰু গুৱাহাটী দলক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰে। ১৯৮২ চনত ভূপালত অনুষ্ঠিত হোৱা ৩১ সংখ্যক চিনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত তেওঁ অসম দলক প্ৰতিনিধিত্ব কৰে। ১৯৮২ চনত তেওঁ অসম ৰাজ্যিক বিদ্যুত পৰিষদত চাকৰিত যোগদান কৰে। সেই সময়ত অসমৰ ভলীবলত অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ যথেষ্ট সুনাম আছিল। অসমৰ বিভিন্ন জিলাৰ আমন্ত্ৰণমূলক প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাত দলটো অংশগ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। দলটোত দীপক ওজাৰো দায়িত্ব বাঢ়িছিল। নিজৰ প্ৰদৰ্শন উন্নত কৰি এজন সুদক্ষ ভলীবল খেলুৱৈ হিচাপে পৰিগণিত হৈছিল। তেওঁ সেইসময়ৰ সুদক্ষ ভলীবল খেলুৱৈ সৰ্বেশ্বৰ মেধিৰ তত্বাৱধানত ভলীবলৰ যথেষ্ট কথা শিকিবলৈ পোৱা বুলি অকপটে স্বীকাৰ কৰে। তেওঁৰ লগত একেলগে খেলা প্ৰখ্যাত খেলুৱৈ সকলক আজিও মনত কৰি তেওঁ নস্তালজিক হৈ পৰে। ভগৱান উজিৰ, দৰবেচ আলী, বিশ্বজিৎ মজুমদাৰ, দিলীপ চৌধুৰী, গুৰু প্ৰসাদ ঠাকুৰীয়া, নিৰোদ চৌধুৰী, জগদীশ দত্ত, প্ৰদীপ শৰ্মা, ইউচুফ আলী, পৰীক্ষিত, নীৰেন শৰ্মা আদিৰ লগত খেলাটো তেওঁৰ বাবে সৌভাগ্য বুলি ভাবে। শিৱসাগৰৰ ৰাখাল, থমাচ, কামাখ্যা আদিৰ নাম শ্ৰদ্ধা সহকাৰে সোঁৱৰণ কৰে। ২০২০ চনত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহন কৰে। অৱসৰ গ্ৰহণ কৰাৰ পিছৰে পৰাই তেওঁ গুৱাহাটী ভলীবল ক’চিং চেন্টাৰৰ খেলপথাৰত প্ৰশিক্ষকৰ ভুমিকা পালন কৰি আহিছে। বিয়লি ৩-৩০ বজাৰ পৰা মিনি আৰু চাব জুনিয়ৰৰ প্ৰায় ৬০ গৰাকী ল’ৰা-ছোৱালী উভয় শাখাতে তেওঁ প্ৰশিক্ষণ দি থকা পৰিলক্ষিত হৈছে। ক্ৰীড়াৰ ক্ষেত্ৰত আজিও সকলো অভিভাৱক সচেতন হৈ উঠা নাই বুলি প্ৰবীন খেলুৱৈ গৰাকীয়ে প্ৰকাশ কৰিছে। ক্ৰীড়াক এতিয়াও কেৰিয়াৰ হিচাপে গ্ৰহন কৰাৰ সাহস গোটাব পৰা নাই খেলুৱৈ সকলে। তেওঁ এতিয়াও অসমৰ ভলীবলক লৈ যথেষ্ট আশাবাদী। কিয়নো ২০১৯ চনৰ পৰা ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যৰ নেতৃত্বত অসম ভলীবল মিছন-১০০ৰ উদ্যোগত চলি আছে ব্ৰহ্মপুত্ৰ ভলীবল লীগ। ইতিমধ্যে এই লীগক বিশ্ব ভলীবল সন্হাই স্বীকৃতি প্ৰদান কৰি লীগখনক এক অনন্য মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে। দীপক ওজাৰ মতে অসমত এনেদৰে ভলীবল আগবঢ়ি গৈ থাকিলে অসমৰ ভলীবল ৰাষ্ট্ৰীয় পৰ্যায়ত উন্নত প্ৰদৰ্শন ডাঙি ধৰি সফলতা লাভ কৰিব বুলি তেওঁ দৃঢ় বিশ্বাসী। ইয়াৰ বাবে তেওঁ অভিজিৎ ভট্টাচাৰ্যৰ লগতে অসম ভলীবল মিছন-১০০ৰ পৰিয়ালবৰ্গক ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰিছে। অসমত বহুত ভাল ভাল ভলীবল খেলুৱৈৰ জন্ম হৈছিল।

এটা সময়ত তেওঁলোকে সৰ্বস্ব উজাৰি খেলি, খেলুৱৈ হিচাপে প্ৰতিষ্ঠিত হৈ জীৱন জীবিকাৰ পথ লাভ কৰি এতিয়া অৱসৰী জীৱন কটাই থকা পৰিলক্ষিত হৈছে। তেওঁলোকে নিজে ভাল খেলিলে সঁচা কিন্তু তেওঁলোকে পিচৰ প্ৰজন্মৰ বাবে একো এটা কৰা পৰিলক্ষিত নহ’ল। তেওঁলোকে খেলুৱৈ সৃষ্টি কৰাটো দূৰৈৰ কথা পিছলৈ এওঁলোক ভলীবলৰ লগত জড়িত হৈ নাথাকিল। এসময়ত খেলপথাৰত দপদপাই থকা খেলুৱৈ সকলৰ এনে অৱস্থা হোৱাটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক কথা। ভলীবলৰ বাবে কৰণীয় তেওঁলোকৰ যথেষ্ট আছিল কিয়নো ভলীবলৰ জড়িয়তে তেওঁলোকে অসমত চিনাকি হ’ব পাৰিছিল। এওঁলোকৰ সহযোগ থাকিলে অসমৰ ভলীবলে আৰু অধিক সফলতা লাভ কৰিলেহেঁতেন বুলি মন্তব্য প্ৰকাশ কৰিছে সচেতন ক্ৰীড়া প্ৰেমীয়ে। ইয়াৰ মাজতে অৱশ্যে আজিও বহু প্ৰাক্তন ভলীবল খেলুৱৈয়ে নিজৰ গাঁঠিৰ ধন খৰছ কৰি ভলীবলক বচাই ৰখাৰ স্বাৰ্থত অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে। হেজাৰ বাধা বিঘিনি অতিক্ৰম কৰি তেওঁলোকৰ মৰমৰ খেলবিধৰ বাবে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি থকা পৰিলক্ষিত হৈছে। যাৰ বাবে আজিও অসমত ভলীবল সন্মান সহকাৰে জীয়াই আছে। ইয়াৰ ভিতৰত নিঃসন্দেহে দীপক ওজাৰ নাম অন্যতম হিচাপে বিবেচিত হ’ব।

শ্ৰীমন্ত শংকৰ একাডেমীৰ স্কুল বাছত ভয়ংকৰ বিসংগতি ! জিলা পৰিবহণ বিষয়াই জব্দ কৰিলে ১০খনকৈ বাছ…

কণ-কণ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে দুদুল চৌধুৰীয়ে
শ্ৰীমন্ত শংকৰ একাডেমীৰ স্কুল বাছত ভয়ংকৰ বিসংগতি
জিলা পৰিবহণ বিষয়াই জব্দ কৰিলে ১০খনকৈ বাছ

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অৱস্থিত এখন শিক্ষা প্ৰতিষ্ঠান শ্ৰীমন্ত শংকৰ একাডেমী। এই শংকৰ একাডেমীৰ গৰাকী হ’ল বহু বিতৰ্কিত ব্যৱসায়ী দুদুল চৌধুৰী। দুদুল চৌধুৰীয়ে দীৰ্ঘদিনৰ পৰা কণকণ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ খেলি আহিছে হেতালি। যি কথা মঙলবাৰে উন্মোচন কৰিলে কামৰূপ জিলা পৰিবহণ বিষয়া হিমাংশু প্ৰসাদ দাসে। দুদুল চৌধুৰীয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা তথা পৰিবহণ আইন ভংগ কৰি অতি বিপদসংকুলভাৱে আওপুৰণি বাছত ছাত্ৰ-ছাত্ৰীক স্কুললৈ অনা-নিয়া কৰি আহিছে । প্ৰথমে জানি লওঁ আহক এখন স্কুল বাছে কি কি চৰকাৰী গাইডলাইন মানি চলিব লাগে? পৰিবহণ বিষয়া হিমাংশু প্ৰসাদ দাসে জনোৱা মতে, স্কুল বাছ এখন চলিবলৈ হ’লে চিবিএছচিৰ কিছুমান নিয়ম মানি চলিব লাগে। তদুপৰি স্কুল বাছত এগৰাকী লেডী এটেনডেন্স থকাটো অত্যন্ত জৰুৰী। কিয়নো বাছখন চলি থকা সময়ত ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন অসুবিধা হ’ব পাৰে। আনহাতে, স্কুল বাছসমূহে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ মানি চলিব লাগে। চিলড্ৰেন প্ৰটেকচন এক্ট মানি স্কুল বাছসমূহ চলাব লাগে।

কিন্তু ইমানৰ পাছতো একাংশ স্কুল বাছত লেডী এটেনডেন্স ৰখা নাই। চিচি কেমেৰা ৰাখিছে কিন্তু স্কুলত মনিটৰিং কৰা নাই। আজিকালি ল’ৰা-ছোৱালীবোৰে কিতাপৰ ডাঙৰ ডাঙৰ টোপোলা স্কুললৈ লৈ যাব লগা হয়। চিবিএছইৰ গাইডলাইনত কঠোৰ নিৰ্দেশনা দিয়া আছে যে স্কুল বাছত ছাত্ৰ-ছাত্ৰীৰ কিতাপ ৰখাৰ কাৰণে চীটৰ তলত ছেলফ থাকিব লাগে। কিন্তু বহু স্কুল বাছত সেয়া নাই। বিষয়াগৰাকীয় কয় যে পিক আপ আৰু ড্ৰপিং টাইমত আমি বাছসমূহ পৰীক্ষা কৰো। কাৰণ শিশুসকল হ’ল দেশৰ ভৱিষ্যত। আজিৰ শিশু কাইলৈ দেশৰ সম্পদ। শিশুসকলক ৰক্ষণাবেক্ষণা দিয়াটো আমাৰ দায়িত্ব। আমি চৰকাৰী বিভাগ হিচাপে এই আইন-কানুনসহ পৰিচালিত হৈছে নে নাই সেয়া পৰীক্ষা কৰাটো প্ৰয়োজন। অতি বিপদসংকুলভাৱে দুদুল চৌধুৰীয়ে চলাই থকা স্কুল বাছকেইখনৰ পঞ্জীয়ন নম্বৰ হ’ল- AS-01 FC-0306, AS-01 HC-8549, AS-01 FC-4966, AS-01 FC-0305, AS-01 HC-0047, AS-01 GC-3657, AS-01 GC-4365, AS-01 HC-4967 আৰু AS-02 HC-8552 ,এটেনচন অভিভাৱকসকল। এইকেইখন বাছেৰে যদি আপোনাৰ সন্তানে স্কুললৈ অহা-যোৱা কৰে। তেনেহ’লে এতিয়াৰ পৰাই হওক সাৱধান। ইতিমধ্যে জিলা পৰিবহণ বিষয়াই দুদুল চৌধুৰী মালিকাধীন শ্ৰীমন্ত শংকৰ একাডেমীৰ এইসমূহ বাহনৰ বিৰুদ্ধে U/S 192(A) MV ACT. 1988 অধীনত গোচৰ পঞ্জীয়ন কৰিছে।


এতিয়া শুনক কি অপৰাধ কৰিছে দুদুল চৌধুৰীয়ে। বিষয়াগৰাকীয়ে পুনৰ কয় যে আমি এইক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ আগতে শ্ৰীমন্ত শংকৰ একাডেমীত কেইবালানিও সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰিছো। তাত আমি লেডী এটেনডেন্সৰ বিষয়েও এৱাৰনেছ দিছো, মিটিং কৰিছো। চালক-কণ্ডাক্টৰৰ বিষয়ে সজাগতামূলক কাৰ্যসূচী কৰিছো। সকলোবিলাক নীতি-নিয়ম যাতে তেওঁলোকে মানি চলে সেই বিষয়ে তেওঁলোকক সকীয়াই দিছিলো। ইয়াৰ পিছত তেওঁলোকে নিয়ম উলংঘা কৰাৰ বাবে আমাৰ ওচৰত ক্ষমাও খুজিছিল। কিন্তু নিৰ্বাচনৰ পিছত শেহতীয়াভাৱে তেওঁলোকে পুনৰ নিয়ম উলংঘা কৰি স্কুল বাছসমূহ চলাবলৈ আৰম্ভ কৰে। আৰু জিলা পৰিবহণ বিষয়াই প্ৰথম দুদিনত যেতিয়া পুনৰ অভিযান আৰম্ভ কৰে, শ্ৰীমন্ত শংকৰ একাডেমীৰ তিনিখনমান বাছ জব্দ কৰে। ইয়াৰ দুখন গাড়ী জব্দ কৰি এখন গাড়ী মুকলি কৰি দিয়া হয়। তেওঁ পুনৰ কয় যে তেওঁলোকৰ দুখন স্কুল বাছত লেডী এটেনডেন্স নাছিল, যিটো অত্যন্ত বিপজ্জনক। লেডী এটেনডেন্স এগৰাকীৰ কাম হ’ল ছাত্ৰ-ছাত্ৰীৰ গাইড হিচাপে কাম কৰা, পিক আপ আৰু ড্ৰপিঙৰ সময়ত তেওঁ ছাত্ৰ-ছাত্ৰীৰ লগত থাকি পিক আপ আৰু ড্ৰপিং কৰাত সহায় কৰা। তেওঁলোকৰ দুখন বাছ লেডী এটেনডেন্স নথকাৰ কাৰণে ছাছপেন্সৰ কাৰণে আৰ টিলৈকে প্ৰেৰণ কৰা হয়। পাৰ্মিট ছাছপেন্সৰ কাৰণে স্কুল বাছ এনেদৰে প্ৰেৰণ কৰিব লগা হোৱাটো অত্যন্ত লজ্জাজনক বুলি তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে গুৱাহাটীৰ মাজমজিয়াত ব্যক্তিগত বিদ্যালয় স্থাপন কৰি এইজন দুদুল চৌধুৰীয়ে ইয়াৰ পূৰ্বেও বহুবোৰ বিতৰ্কত সোমাই আহিছে। এইবাৰ কণকণ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা দুদুল চৌধুৰীৰ বিৰুদ্ধে অনাগত সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেৱা হ’ব লক্ষণীয়।

২০ মে’ত দেশত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন ! পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ…

২০ মে’ত দেশত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন।পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ। ৰায়বেৰেলী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধীৰ নিৰ্ণয় হ’ব ভাগ্য । ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নামিছে বিজেপি প্ৰাৰ্থী দীনেশ প্ৰতাপ সিং।

দেশৰ ৬ খন ৰাজ্য, ২ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিত হ’ব ভোটগ্ৰহণ । পশ্চিম বংগৰ ৭খন আসন,মহাৰাষ্ট্ৰৰ ১৩খন আসন,


ওড়িশাৰ ৫ খন আসন, উত্তৰ প্ৰদেশৰ ১৪খন আসন, ঝাৰখণ্ডৰ ৩খন আসন, বিহাৰৰ ৫খন আসন । জম্মু কাশ্মীৰ আৰু লাডাখৰ এখনকৈ আসনত হ’ব ভোটযুদ্ধ।

দুশ বছৰীয়া পুৰণি মুগাৰ সাঁজ, হাতত গামখাৰু, গামোচা; খোপাত কপৌফুল গুজি ৰেড কাৰ্পেটত অভিনেত্ৰী আইমী বৰুৱা…

দুশ বছৰ পুৰণি ফুল বছা মুগাৰ সাঁজ, হাতত গামখাৰু, অসমীয়া গামোচা, খোপাত কপৌফুল গুজি Cannes চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ দিলে অভিনেত্ৰী আইমী বৰুৱাই।ফটো চাওক…

তৃতীয় বাৰৰ বাবে Caanes Film Festivalৰ ৰেড কাৰ্পেটত অসমীয়া সাজ-পোছাকত খোজ দিলে মোহময়ী অভিনেত্ৰীগৰাকীয়ে।

কাঁন চলচ্চিত্ৰৰ এই ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে।

কাছাৰত ১০৫ কোটি টকাৰ হেৰ’ইন জব্দ ! আৰক্ষীৰ অভিযানৰ ফটোৰে কাছাৰ আৰক্ষীক সামাজিক মাধ্যমত প্রশংসা মুখ্যমন্ত্ৰীৰ…

ৰাজ্যত ইতিহাসৰ সৰ্ববৃহৎ ড্ৰাগছ বিৰোধী অভিযান । কাছাৰত ১০৫ কোটি টকাৰ হেৰ’ইন জব্দ কৰিলে আৰক্ষীয়ে । জব্দ হোৱা হেৰ ইন খিনিৰ ওজন প্রায় ১০ কিলো ৩৩৩ গ্রাম ।

অভিযান কালত এগৰাকী মহিলাসহ ৫ জন লোককো গ্ৰেপ্তাৰ । আৰক্ষীৰ অভিযানৰ ফটো দি কাছাৰ আৰক্ষীক সামাজিক মাধ্যমত প্রশংসা মুখ্যমন্ত্ৰীৰ ।

চুবুৰীয়া মিজোৰামৰ পৰা অসমলৈ সৰবাৰহ কৰা হৈছিল হেৰ ইনখিনি ।

গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্তক নলাত জাবৰ পেলোৱাত বাধা দিয়াৰ বাবেই আক্ৰমণ…

গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্তক আক্রমণৰ ঘটনা ।
নলাত জাবৰ পেলোৱাত বাধা দিয়াৰ বাবেই আক্ৰমণ সংঘটিত ।


আক্ৰমণত আহত সহকাৰী আয়ুক্ত দীপাংকৰ দাস ।
হাতীগাঁৱৰ শংকৰ পথত সংঘটিত এই ঘটনা ।


সহকাৰী আয়ুক্তৰ এজাহাৰৰ ভিত্তিত তিনিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ ।
গ্ৰেপ্তাৰ ঋষিৰাজ বৰা, ফাৰুক ইফতিকাৰ লস্কৰ, আলফাজ আলম ।

ভগৱান শ্ৰীকৃষ্ণৰ পৰা জীৱন যাপনৰ কিছু কলা শিকি লওক, প্ৰতিটো ক্ষেত্ৰতে লাভ কৰিব সফলতা…

শ্ৰীমদ্ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই দিয়া শিক্ষা আজিৰ যুগতো মানুহৰ বাবে সফলতাৰ মন্ত্ৰতকৈ কম নহয়। শ্ৰী কৃষ্ণৰ কথাবোৰ অৰ্জুনৰ বাবে যিমান গুৰুত্বপূৰ্ণ আছিল, আজিৰ মানুহৰ বাবেও সিমানেই গুৰুত্বপূৰ্ণ। যদি এইবোৰ কথাত গুৰুত্ব দিয়ে তেন্তে জীয়াই থকাৰ পথটো সহজ হৈ পৰিব।

ভগৱান শ্ৰীকৃষ্ণই কঠিন সময়ত পাণ্ডৱক সমৰ্থন কৰিছিল। ইয়াৰ পৰাই এজন ব্যক্তিয়ে শিকিব পাৰে যে আটাইতকৈ কঠিন পৰিস্থিতিত তেওঁক সহায় কৰাসকলহে ভাল বন্ধু। জীৱনত এনে বন্ধুৰ পৰা আঁতৰি থকা উচিত যিয়ে আপোনাক কঠিন পৰিস্থিতিত সহায় নকৰে।

শ্ৰীকৃষ্ণৰ মতে কোনো ব্যক্তি বিপদৰ সময়ত বা সফলতা নাপালে হতাশ হোৱা উচিত নহয়। বৰঞ্চ বিফলতাৰ পৰা শিকিব লাগে আৰু বিফলতাৰ কাৰণবোৰো জানিব লাগে।

ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ দুখীয়া বন্ধু সুদামাক সহায় কৰি তেওঁৰ জুপুৰিটোক ৰাজপ্ৰসাদ কৰি দিছিল। একেদৰে এজন ব্যক্তিয়ে নিজৰ বন্ধু-বান্ধৱীক ধন-সম্পত্তি আৰু দৰিদ্ৰতাৰ দৃষ্টিকোণৰ পৰা চোৱা উচিত নহয়। এজন ব্যক্তিয়ে সততাৰে বন্ধুত্ব গঢ়িব লাগে আৰু বন্ধুত্ব বজাই ৰাখিব লাগে।

আমি শ্ৰীকৃষ্ণৰ পৰা শিকিব লাগে যে জীৱনত আমি যিমানেই সমস্যাৰ সন্মুখীন নহওঁ কিয় আমি সদায় হাঁহি থকা উচিত। ইয়াৰ দ্বাৰা কঠিন সমস্যাও সহজে সমাধান হ’ব।

ভগৱান শ্ৰী কৃষ্ণই কৈছে যে মানুহে কেতিয়াও মিছা কথাক সমৰ্থন কৰিব নালাগে। মিছা কথাৰ বাবে ভৱিষ্যতে এজন ব্যক্তিয়ে ডাঙৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। জীৱনত সদায় সত্যৰ লগত থাকিব লাগে আৰু কেৱল সত্যক সমৰ্থন কৰিব লাগে।

সাৱধান! খালী পেটেৰে দিনটোলৈ ঘৰৰ পৰা বাহিৰলৈ যায় নেকি? সোনকালে হ’ব পাৰে ৰুগীয়া…

স্বাস্থ্যৰ বাবে ব্ৰেকফাষ্ট অতি গুৰুত্বপূৰ্ণ। অৱশ্যে বহুতেই মানুহে একেবাৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। কিন্তু ৰাতিপুৱা একো নোখোৱাতে আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতি কাৰক।

ৰাতিপুৱা খাদ্য খালেহে মগজুৰ বিকাশ হ’ব। আচলতে ব্ৰেকফাষ্ট কৰিলে মগজুত গ্লুক’জ পোৱা যায়, যি মগজুৰ সঠিক কামৰ বাবে প্ৰয়োজনীয়। ইয়াৰ ফলত স্মৃতিশক্তি বৃদ্ধি পায়।

ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলে ৰোগৰ সম্ভাৱনা কম হয়।

ৰাতিপুৱা স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট কৰিলে শৰীৰত হৰম’নৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত মেজাজ ভাল হৈ থাকে আৰু মানসিক চাপ কমে।

যিসকল লোকে ব্ৰেকফাষ্ট নকৰে তেওঁলোকে কামৰ সময়ত আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত অতিমাত্ৰা খাদ্য খাই। অতিমাত্ৰা খাদ্য খোৱাৰ ফলত শকত হোৱাৰো সম্ভাৱনা থাকে।

জেআাইচি  ইন্টাৰনেচলেন মেঘা ইভেন মহিলা সমিতিৰ কাপোৰৰ মেলা অনুষ্ঠিত…

জেআাইচি  ইন্টানেচলেন মেঘা ইভেন মহিলা সমিতিৰ কাপোৰৰ মেলা

শনিবাৰে জিআাইচি ইন্টানেচলেন মেঘা ইভেন মহিলা সমিতিৰ উদ্যোগত উদ্যোক্তা ৰস্মি পেৰিয়ালৰ সহযোগত  আঠগাঁৱৰএপি হোমত কাপোৰ আৰু গোল্ডৰ মেলা এদিনৰ কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷

শুভ উদ্বোধন কৰে গুৱাহাটী পৌৰনিগৰ ১৮ নং ৱাৰ্ডৰ পাৰিষদ শকংৰ চক্ৰৱৰ্তীয়ে  উক্তমেলাৰ কাৰ্যসূচীত প্ৰায় ৩৫ খনৰো অধিক মহিলা ষ্টল অংশ গ্ৰহণ কৰে ৷

ষ্টলসমুহত প্ৰাই তিনিলাখৰো  অধিক টকাৰ বিক্ৰি হয় বুলি জে আইচি ইন্টাৰনেচলেনৰ উদ্যোক্তা ৰস্মি  পেৰিয়ালে জানিবলৈ দিয়ে ।