আজি দেশত লোকসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন।
পুৱা ৭ বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগ্ৰহণ পৰ্ব।

৪৯টা সমষ্টিত ভোটযুদ্ধত অৱতীৰ্ণ ৬৯৫ গৰাকী প্ৰাৰ্থী।
ভাগ্য নিৰ্ণয় হ’ব ৰাজনাথ সিং, ৰাহুল গান্ধী, স্মৃতি ইৰাণীৰ।
আজি দেশত লোকসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন।
পুৱা ৭ বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগ্ৰহণ পৰ্ব।

৪৯টা সমষ্টিত ভোটযুদ্ধত অৱতীৰ্ণ ৬৯৫ গৰাকী প্ৰাৰ্থী।
ভাগ্য নিৰ্ণয় হ’ব ৰাজনাথ সিং, ৰাহুল গান্ধী, স্মৃতি ইৰাণীৰ।
ফিটনেছৰ জৰিয়তে জীৱন পৰিৱৰ্তনৰ যাত্ৰাত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত গোল্ডৰ জিম গণেশগুৰিয়ে গৌৰৱেৰে ১৫ তম বাৰ্ষিকী উদযাপনৰ কৰে। ২০০৯ চনৰ ১৭ মেত আৰম্ভ কৰা গোল্ড জিম গণেশগুৰিয়ে ইয়াৰ সদস্যসকলক ফিটনেছৰ সুবিধা আৰু অতুলনীয় সমৰ্থন আগবঢ়াই আহিছে। গোল্ড জিম গণেশগুৰিৰ সঞ্চালক ৰাজীৱ জৈন, সঞ্জীৱ জৈন আৰু স্বস্তিকা জৈনে এই সফল যাত্ৰাৰ কথা সদৰি কৰি কয় যে যোৱা ১৫ বছৰত তেওঁলোকে ব্ৰেণ্ডটোৰ বিৱৰ্তন আৰু বিকাশ প্ৰত্যক্ষ কৰিছে আৰু বহু শিক্ষা গ্ৰহন কৰিছে।

গণেশগুৰিৰ গোল্ড জিম এতিয়া চেলিব্ৰিটি, এথলীট, বডিবিল্ডাৰ, সামৰিক কৰ্মী আৰু ফিটনেছ উৎসাহী সকলৰ বাবে পছন্দৰ ফিটনেছ চেণ্টাৰ হিচাপে চিহ্নিত হৈছে। উৎকৃষ্টতা আৰু ব্যক্তিগতকৃত সমৰ্থনৰ প্ৰতি জিমৰ প্ৰতিশ্ৰুতিয়ে ব্যক্তিসকলক তেওঁলোকৰ ফিটনেছ লক্ষ্য প্ৰাপ্ত কৰাত সহায় কৰাৰ বাবে এক সুনাম অৰ্জন কৰিছে, তেওঁলোকৰ পৃষ্ঠভূমি বা অভিজ্ঞতাৰ স্তৰ যিয়েই নহওঁক। ১৫ তম বাৰ্ষিকী উদযাপনৰ বাবে গোল্ড জিম গণেশগুৰিৰ চৌহদত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। উক্ত অনুষ্ঠানত সন্মানীয় অতিথিসকলৰ ভিতৰত আছিল অসম অভিনেত্ৰী নিশিতা গোস্বামী যিয়ে ২০০৯ চনত গোল্ড জিম গণেশগুৰি উদ্বোধন কৰিছিল।

আনহাতে অনুষ্ঠানটোত প্ৰখ্যাত ব্যৱসায়ী সঞ্জীৱ নাৰায়ণো উপস্থিত থাকে। আমি আমাৰ সদস্য অংশীদাৰ আৰু সম্প্ৰদায়ৰ সৈতে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটো উদযাপন কৰি আনন্দিত হৈছো বুলি গোল্ড জিম গণেশগুৰিৰ দলটোৱে উল্লেখ কৰে।আমি ফিটনেছৰ জৰিয়তে জীৱন সলনি কৰি তেওঁলোকৰ সম্পূৰ্ণ সম্ভাৱনা আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ বুলি ৰাজীৱ জৈনে উল্লেখ কৰে।স্বস্তিকা জৈনে কয় যে গোল্ড জিম গণেশগুৰি হৈছে গুৱাহাটীৰ এক মুখ্য ফিটনেছ চেণ্টাৰ যি ব্যক্তিসকলক তেওঁলোকৰ ফিটনেছৰ লক্ষ্য প্ৰাপ্ত কৰাত আৰু স্বাস্থ্যকৰ জীৱন যাপন কৰাত সহায় কৰিবলৈ সমৰ্পিত। অত্যাধুনিক সঁজুলি, বিশেষজ্ঞ প্ৰশিক্ষকৰ সৈতে গ’ল্ডৰ জিম গণেশগুৰি হৈছে ফিটনেছ উৎসাহী সকলৰ বাবে সঠিক গন্তব্যস্থান ।
উচ্চ শিক্ষা গ্ৰহণৰ প্ৰতিষ্ঠান কলেজ অৱ এডুকেশ্বন নগাঁৱৰ উদ্যোগত কালি দিনযোৰা কাৰ্যসূচীৰে এখনি সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হয়। এই সভাখনত সভাপতিত্ব কৰে কলেজ পৰিচালনা সমিতিৰ সভাপতি আলোক গোস্বামীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা তুলিকা শইকীয়াই। কলেজ অৱ এডুকেশ্বন নগাঁৱৰ অধ্যক্ষ ড° মানশিখা বৰুৱাই আদৰণী ভাষণ প্ৰদান কৰা এই অনুষ্ঠানটিত কলেজৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে প্রশিক্ষার্থী তথা কমর্চাৰীসকল উপস্থিত থাকে।

সভাখনত বিশিষ্ট শিক্ষাবিদ,সাহিত্যিক, সমাজসেৱক তথা কলেজ অৱ এডুকেশ্বন নগাঁৱৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সদস্য , পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কুঞ্জ মোহন বৰাক মহাবিদ্যালয় পৰিয়ালৰ তৰফৰপৰা আজীৱন শিক্ষাসেৱা আৰু সমাজসেৱাত ব্ৰতী হৈ থকাৰ বাবে সম্বৰ্দ্ধনা জনোৱা হয়। সম্বৰ্দ্ধনা অনুষ্ঠানটিৰ আঁত ধৰে মহাবিদ্যালয়ৰ এম.এড বিভাগৰ সহযোগী অধ্যাপিকা ড° শেৱালি বৰাই।

সভাপতিৰ ভাষণ প্ৰদান কৰি আলোক গোস্বামীয়ে কুঞ্জ মোহন বৰাৰ বিভিন্ন ক্ষেত্ৰত সমাজলৈ আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰে আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য হিচাপে তেখেতৰ ভূমিকাৰ শলাগ লয়। ড° মিনতি শৰ্মা ভৰালীয়ে শিক্ষক-শিক্ষয়িত্ৰীৰ ফালৰ পৰা ভাষণ প্ৰদান কৰে । মৌচুমী দত্তই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটিত গীত আৰু আবৃত্তি পৰিৱেশন কৰে বনশ্ৰী শইকীয়া আৰু পল্লিকা বৰাই।
নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ
উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত অনলাইন প্ৰ-পত্ৰ পূৰণৰ সজাগতা আৰু প্ৰশিক্ষণ কাৰ্যসূচী
নগাঁও কলেজ (অট’নমাচ) ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ কালি অৰ্থাৎ ১৮ মে’ৰ পৰা সাতদিনীয়াকৈ বিভিন্ন সজাগতামূলক আৰু শ্ৰমদান কাৰ্যসূচীৰে বেবেজীয়াস্থিত আঁকোৱালি লোৱা গাঁও বাংঠাইত আৰম্ভ হৈছে। বাংঠাইস্থিত জলময় গাঁও চৰকাৰী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত পুৱা এন এছ এছৰ পতাকা উত্তোলনেৰে বিশেষ শিবিৰৰ শুভাৰম্ভ হয়। এন এছ এছৰ কাৰ্যসূচী বিষয়া ড° ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা পতাকা উত্তোলন কাৰ্যসূচীত এন এছ এছৰ শতাধিক সদস্য, স্থানীয় ৰাইজ, জলময় গাঁও নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। নগাঁও মহাবিদ্যালয়(অট’নমাচ)ৰ উপাধ্যক্ষ ড° পুলিন চন্দ্ৰ বৰাই পতাকা উত্তোলন কৰে আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দিনমণি বৰদলৈয়ে পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই শিবিৰৰ লগত সংগতি ৰাখি অনুষ্ঠিত প্ৰথম দিনৰ কাৰ্যসূচীত ডিজিটেল স্বাক্ষৰতা অভিযানৰ অংশ হিচাপে অনলাইন প্ৰ-পত্ৰ পূৰণৰ সজাগতা আৰু প্ৰশিক্ষণ কাৰ্যসূচী উপাধ্যক্ষ ড° পুলিনচন্দ্ৰ বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত হয়।

মুখ্য অতিথি হিচাপে নিয়মীয়া বাৰ্তা কাকতৰ জ্যেষ্ঠ সাংবাদিক প্রাঞ্জল বৰদলৈ উপস্থিত থাকে। বৰদলৈয়ে ভাষণত এন এছ এছৰ জৰিয়তে মহান কামলৈ ওলাই অহা ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সামাজিক দায়বদ্ধতা অটুট ৰাখি নিজৰ লগতে স্বদেশ আৰু স্বজাতিৰ কাৰণে কাম কৰাৰ আহ্বান জনায়। প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি নগাঁও কলেজৰ কাৰ্যালয় সহায়ক সৰ্বানন্দ শইকীয়াই বাংথাই গাঁৱৰ উপৰিও জলময় গাঁও আৰু পুখুৰীপাৰ গাঁৱৰ সদ্যঘোষিত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক অনলাইন প্ৰ-পত্ৰ পূৰণ সম্পৰ্কে বিশদভাৱে দৃশ্য-শ্ৰব্য ৰূপত উপস্থাপন কৰে। এই সভাতে কাৰ্যসূচী বিষয়া ড° চুতীয়াই সাতদিনীয়া বিশেষ শিবিৰৰ বিভিন্ন কাৰ্যসূচী, যেনে- আঁকোৱালি লোৱা গাঁৱত আৰ্থ

সামাজিক জৰীপ, প’কচ’ আইনৰ সজাগতা, প্ৰাপ্তবয়স্ক লোকৰ স্বাক্ষৰতা সজাগতা, শ্ৰমদান, আঁকোৱালি লোৱা গাঁৱৰ আনুষ্ঠানিক শিক্ষা নথকা আৰু স্থায়ী নিযুক্তি নথকা যুৱকৰ জৰীপ, ৰক্তদান শিবিৰ আৰু স্বাস্থ্য সজাগতা শিৱিৰ আদিৰ কথা উল্লেখ কৰে। উল্লেখযোগ্য যে শিবিৰৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে এন এছ এছৰ সদস্যসকলে নিজৰ নিজৰ এলেকাত সামাজিক অনুষ্ঠানসমূহৰ লগতে, ৰাজহুৱা পদপথৰ দাঁতি কাষত স্থানীয় লোকৰ সহযোগত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি ড° চুতীয়াই লগতে উল্লেখ কৰে। এই বৃক্ষৰোপণ কাৰ্যসূচী এন এছ এছৰ সহকাৰী কাৰ্যসূচী বিষয়া ড° মানস জ্যোতি নিৰ্মলীয়াই তদাৰক কৰিব বুলি উল্লেখ কৰে। নগাঁও কলেজ (অট’নমাচ) ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু এন এছ এছ গোটৰ অধ্যক্ষ ড° ৰঞ্জিৎ কুমাৰ মজিন্দাৰে এন এছ এছৰ সদস্যসকলক এই শিবিৰৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কৰ্তব্য নিষ্ঠা আৰু দায়বদ্ধতাৰে বিশেষ শিবিৰৰ সমূহ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনায়।
অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন
” কোনো অভিধানেই একোটা ভাষাৰ সকলো শব্দ ল’ব পৰা নাই “
অসমীয়া ভাষাৰ বানান ৰীতি সৰলীকৰণত আমি গুৰুত্ব দিব লাগিব। ই সময়ৰ আহ্বান। অন্যাথাই নতুন প্ৰজন্মই অসমীয়া ভাষা চৰ্চা কৰিবলৈ আগ্ৰহী নহ’ব। আজি শৈক্ষিক উন্নয়ন গোট, কামৰূপে ছয়গাঁও মজলীয়া বিদ্যালয়ত আয়োজন কৰা ” অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালাত মুখ্য বক্তা হিচাপে ভাষণ দি বিশিষ্ট শিক্ষাবিদ তথা অসম ভাষা বিজ্ঞান সমিতিৰ সভাপতি ড.দয়ানন্দ পাঠকে এই মত পোষণ কৰে। তেওঁ আৰু কয় যে অসমীয়া ভাষাতো হাইব্ৰীডাইজেশ্বন ঘটিছে। ই দুশবছৰীয়া ব্ৰিটিছ উপনিবেশৰ ফল। তেওঁ আৰু কয় যে আজি আমি স্বাধীন হলো যদিও বৃটিছে এতিয়াও বহু ক্ষেত্ৰত আমাৰ ওপৰত ভাষিক আৰু সাংস্কৃতিক উপনিৱেশতা চলাই আছে। যিটো আমি ক’ব নোৱাৰাকৈয়ে মানি লৈছোঁ। কৰ্মশালাত এগৰাকী সমল ব্যক্তি হিচাপে ভাগ লৈ বিশিষ্ট

শিক্ষাবিদ তথা আভিধানিক পৰেশ বৈশ্যই কয় যে যি ভাষাৰেই অভিধান নহওক কিয় কোনো অভিধানকে সম্পূৰ্ণ বুলি ক’ব নোৱাৰি। কোনো অভিধানেই একোটা ভাষাৰ সকলো শব্দ ল’ব পৰা নাই। সংশ্লিষ্ট ভাষাৰ অভিধানত কেৱল নিৰ্বাচিত শব্দহে থাকে বুলি ক’ব পাৰি।কাৰণ ভাষা এটালৈ সদায় নতুন নতুন শব্দৰ সংক্ৰমণ হৈ থাকে।জনপ্ৰিয় ”অসমীয়া আধুনিক অভিধান”ৰ আভিধানিক বৈশ্যই আৰু কয় যে অভিধান এখনক কেৱল শব্দাৰ্থৰ কোষ বুলিয়েই ক’ব নোৱাৰি, ই সেই ভাষাৰ সমাজ জীৱনকো উদ্ভাসিত কৰে। অভিধান তত্ত্ব ভাষা বিজ্ঞানৰো এক এৰাব নোৱৰা অংশ বুলিও তেওঁ কয়। বৈশ্যই কৰ্মশালাত ভাগ লোৱা বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ- ছাত্ৰীসকলক অসমীয়া অভিধান চোৱাৰ কৌশলসমূহ বহলাই ব্যাখ্যা কৰে। ইংৰাজী আৰু অসমীয়া অভিধানৰ বানান চোৱাৰ পদ্ধতিৰ মাজত থকা প্ৰভেদসমূহো তেওঁ দেখুৱাই দিয়ে। শৈক্ষিক উন্নয়ন গোট কামৰূপৰ সভাপতি তথা শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াৰ

সঞ্চালনাত অনুষ্ঠিত উক্ত কৰ্মশালাত ভাগ লৈ শিক্ষাবিদ ড. গুণেশ্বৰ চহৰীয়াই কয় যে অভিধানত যে কেৱল শব্দ ই থাকে তেনে নহয়,ই এখন বিশ্বজ্ঞানৰো হাতপুথি। অভিধানত বহুতো মুল্যৱান ছবি থাকে। সেই সমূহো ভাষাৰ অমূল্য সম্পদ বুলি তেওঁ কয়। সঞ্চালকৰ ভাষণত অপূৰ্ব ঠাকুৰীয়াই কয় যে অসমীয়া ভাষাৰ এক প্ৰাচুৰ্যতা আছে। কিন্তু ভাষাৰ সৰলতা অবিহনে গ্ৰহণযোগ্যতা ক্ৰমাৎ কমি আহিব পাৰে বুলিও তেওঁ কয়। তেওঁ শৈক্ষিক উন্নয়ন গোট কামৰূপৰ এই পদক্ষেপ আদৰণীয় বুলিও উল্লেখ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমেন কলিতাই আদৰণী ভাষণ দিয়ে। শৈক্ষিক উন্নয়ন গোট কামৰূপৰ সম্পাদক অমিয় কুমাৰ ৰয়ে শৈক্ষিক উন্নয়ন গোট কামৰূপৰ লক্ষ্য আৰু উদ্দেশ্য বহলাই ব্যাখ্যা কৰে। কৰ্মশালাত স্থানীয় কেবাখনো বিদ্যালয়ৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাত শৈক্ষিক উন্নয়ন গোট কামৰূপৰ সদস্যসকলেও ভাগ লয়।
শালি ধানৰ খেতিৰ পাছত গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া দেউছতাল অঞ্চলত পতিত আৰু বহুদিন খেতি বাতি তথা কৃষিকৰ্ম নকৰা মাটিত বিগত বৰ্ষত সফলতাৰ পাছত এইবাৰ দ্বিতীয়বাৰৰ বাবে বৰো ধানৰ খেতিৰে পুনৰ সেউজ বিপ্লৱ গঢ়ি তোলাৰ কামত ব্ৰতী হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল উদ্যমী কৃষক, সৰবৰহী ব্যক্তি, বিশিষ্ট সমাজকর্মী হিচাপে পৰিচিত বলেশ্বৰে ৰংপী। বিশেষকৈ দেউছতালৰ নিজ ঘৰৰ সমীপত থকা গড়চুক – ৰাণীগেট সংযোগী পথৰ দাঁতিত আৰু আজাৰা – কামাখ্যা সংযোগী ৰেলপথৰ মাজত থকা প্ৰায় পাঁচ বিঘা ম্যাদি পট্টাৰ মাটিত যোৱা পহিলা ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনটোত ভূঁই ৰুই দ্বিতীয় বাৰৰ বাবে বৰো ধানৰ খেতি আৰম্ভ কৰিছিল বলেশ্বৰ ৰংপীয়ে।

সম্প্ৰতি চাৰে তিনিমাহযোৰা নিৰন্তৰ কষ্টৰ ফলত ধান সমুহ পকিবলৈ আৰম্ভ কৰাত আজিৰে পৰা আৰম্ভ কৰিছে ধান কটা পৰ্ব। ফলত আজি পুৱা ঘৰৰ ওচৰৰ আৰু পৰিয়ালৰ মুঠ আঠজনে মিলি পুৱা শ্ৰী শ্ৰীলক্ষ্মী দেৱীক আৰাধনা কৰি যাৱতীয় ৰীতি- নীতি আৰু মাংগলিক কাৰ্যৰ মাজেৰে আৰম্ভ কৰে ধান কটা পৰ্ব। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী তথা গোগ, পামহী, মিকিৰপাৰা, চকৰদৌ তালুকৰ সভাপতি কেষ্টৰাম ৰংপী, দেউছতাল নবজ্যোতি সংঘৰ উপ সভাপতি অশোক থাপা, মহিলা সমাজসেৱিকা পখিলা ৰংপীকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। চমু ভাষণত আটাইকেইজনে নতুন প্ৰজন্মক উৎসাহিত কৰাৰ বাবে বলেশ্বৰ ৰংপীয়ে শালি ধান আৰু বৰো ধানৰ খেতি কৰি অহা কথাটোৰ শলাগ লয়। আনহাতে এই সন্দৰ্ভত বলেশ্বৰ ৰংপীয়ে জানিবলৈ দিয়া মতে প্ৰথমতে পকা ধান সমুহ কটা হোৱাৰ পাছত ঘৰলৈ নিয়া হ’ব। আগন্তক এটা সপ্তাহৰ ভিতৰত ধান সমুহ কটা হব বুলি আশা কৰা হৈছে।


তাৰ পাছত ঘৰৰ চোতালত ধান সমুহ শুকোৱাৰ পাছত বতৰৰ গতি বিধি চাই গৰু বা পাৱাৰ টিলাৰৰে মৰণা মৰা হব। তাৰ পাছত চলিত জেঠ মাহৰ ভিতৰতে নতুন চাউলৰে ন – খোৱা পৰ্ব সম্পন্ন কৰিব। তেওঁ বৰো ধানৰ খেতি কৰিছে যদিও ইয়াৰ বাবে তেওঁৰ আন দৈনন্দিন কামকাজ সমূহ বাধাগ্ৰস্ত হোৱা নাই। বিগত বৰ্ষৰ দৰে এইবাৰো আজৰি সময়খিনীৰ সদব্যৱহাৰ কৰিয়ে নিজকে বৰো ধানৰ খেতিত জড়িত ৰাখিবলৈ সক্ষম হৈছে। তেওঁলোকৰ পৰিয়ালটোৱে ৰাণীগেটৰ পৰা কিছু নিলগৰ আন্ধেৰিজুলি পথাৰত প্ৰায় দহ বিঘা মাটিত পৰম্পৰাগতভাবে শালি ধানৰ খেতি কৰি আহিছে। আনকি আজিলৈকে তেওঁলোকে চাউল কিনি পোৱা নাই। নিজৰ ঘৰৰ শালি ধান ঢেঁকী বা যন্ত্ৰচালিত মেচিনত বানি তাৰ সহায়ত উলিওৱা চাউলহে খায়। এইবেলি প্ৰথম বাৰৰ বাবে নিজৰ উৎপাদিত বৰো ধানৰ চাউলৰ সোৱাদ লব পাৰিব বুলি আশা ৰাখিছে। উল্লেখযোগ্য যে বলেশ্বৰ ৰংপীক কৃষি কৰ্ম কৰি অহা দেখি বৃহত্তৰ অঞ্চলটোৰ বহু উঠি অহা যুৱকেও নিজৰ মাটিত কৃষি কৰ্মত জড়িত হৈ পৰা পৰিলক্ষিত হৈছে।
অসম পুলিচৰ এসময়ৰ বিশিষ্ট ফুটবল খেলুৱৈ মৰিগাঁও জিলাৰ

বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ আজি নিশা ১ বজাত তেওঁৰ চিকাবৰীৰ

নিজা বাসভৱনত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ ৷
বঙাইগাঁৱত চৰম লজ্জানত ঘটনা । প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ । ভয়- ভাবুকিৰে উলংগ কৰি যৌন কাৰ্য কৰিবলৈ বাধ্য কৰালে একাংশ নৰপিশাচে । পাঁচ নৰপিশাচক আটক । আটকাধীন পাষণ্ড কেইটা-জিৰেণ সৰকাৰ, সেবোৰাম সৰকাৰ, বিল্টু ৰাভা, সুনিত ৰাভা আৰু ডালিম বৰ্মণ ।

এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও সদৰ থানাৰ অধীনৰ পঞ্চগাঁও- কাছুৱাগাঁও সংযোগী ভূমেশ্বৰ পাহাৰৰ বৰঝৰা ৱাটাৰ ফলচ এলেকাত । আনহাতে যৌন কাৰ্য কৰিব দি সমগ্ৰ ঘটনা ভিডিও কৰে নৰপিশাচ কেইটাই । পিছত ধনদাবী কৰে অন্যথা ভিডিও ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰে । অভিযোগমতে পিছত প্ৰেমিক গৰাকীক টকা উলিয়াবলৈ এটিএম লৈ পঠাই দিয়ে আৰু কিশোৰী গৰাকীক নৰপিশাচ কেইটাই আৱদ্ধ কৰি ৰাখি নানা যৌন

অত্যাচাৰ(গণ ধৰ্ষণৰ সন্দেহ) চলায় । প্ৰকৃতিৰ নান্দনিক দৃশ্য উপভোগ কৰিব আহি এই জঘন্য, অমানৱীয় পৰিস্থিতিৰ সন্মুখীন হয় প্ৰেমিক- প্ৰেমিকাহাল । প্ৰেমিক- প্ৰেমিকাহালৰ অদ্যপি পৰিচয় উদ্ধাৰ হোৱা নাই । ঘটনাটোৱে বঙাইগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । যোৱাকালি সমগ্ৰ ভিডিও ভাইৰেল হৈ পৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে । বঙাইগাঁৱৰ ঘটনাক গৰিহণা সচেতন লোকৰ৷ দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী অঞ্চলবাসীৰ ৷
ছিপাঝাৰত এইবাৰ ছাগলী এৰি পলাল চোৰ। চোৰে এৰি থৈ যোৱা পাঁচটাকৈ ছাগলী গাওঁবাসীয়ে চমজাই দিলে গাঁও প্ৰধানক। ছিপাঝাৰৰ শ’লপামত এই ঘটনা সংঘটিত হয়।

সন্ধিয়া গাঁৱখনত পোৱা যায় গৰাকীবিহীন পাঁচটাকৈ ছাগলী। ইয়াৰে এটাৰ মুখত ক’লা টেপ লগোৱা অৱস্থাত দেখা গৈছিল। ইয়াৰ পিছতে ৰাইজে এয়া চোৰে চুৰ কৰি অনা ছাগলী বুলি সন্দেহ কৰে। হয়তো কিবা কাৰণত অসুবিধাৰ সৃষ্টি হোৱাত নিৰ্জন ঠাইত এৰি থৈ যায় চোৰে। গাঁৱখনৰ গাওঁ প্ৰধানক ৰাইজে ছাগলীকেইটা চমজাই দিয়াৰ পিছতে বিষয়টো আৰক্ষীক অৱগত কৰায়।