বি আৰ এম চৰকাৰী আইন মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ ৷

অন্তঃগাঁথনি আৰু শিক্ষকৰ অভাৱৰ বাবে প্ৰতিবাদ শিক্ষাৰ্থীৰ ৷

২০ দিন ধৰি একাডেমিক ব্লকত ব্যাহত বিদ্যুৎ সেৱা ।
বি আৰ এম চৰকাৰী আইন মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ ৷

অন্তঃগাঁথনি আৰু শিক্ষকৰ অভাৱৰ বাবে প্ৰতিবাদ শিক্ষাৰ্থীৰ ৷

২০ দিন ধৰি একাডেমিক ব্লকত ব্যাহত বিদ্যুৎ সেৱা ।
নেপালৰ নতুন ১০০ টকীয়া নোটত অন্তৰ্ভুক্ত কৰা হ’ব বিবদমান ভূমিৰ মানচিত্ৰ।

অন্তৰ্ভুক্ত কৰা হ’ব লিপুলেখ, লিম্পিয়াধুৰা আৰু কালাপানীৰ মানচিত্ৰ।
নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালৰ সভাপতিত্বত অনুষ্ঠিত সভাত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত।
গাখীৰ শৰীৰৰ বাবে অতি উপকাৰী। বেছিভাগ মানুহেই ৰাতি আৰু ৰাতিপুৱা গাখীৰ খাই ভাল পায়।গাখীৰে আপোনাৰ শৰীৰক বহু ৰোগৰ পৰা আঁতৰাই ৰখাত বহুত সহায় কৰে, কিন্তু আপুনি কিছুমান বস্তুৰ সৈতে গাখীৰ গ্ৰহণ কৰা উচিত নহয়। শৰীৰক শক্তিশালী কৰি ৰখাত বহুত সহায় কৰে। গাখীৰত বহুতো পুষ্টিকৰ উপাদান পোৱা যায়, যিবোৰ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। গাখীৰৰ সৈতে কিছুমান বস্তু গ্ৰহণ কৰিব নালাগে। গাখীৰৰ লগত দৈ গ্ৰহণ কৰিব নালাগে।
গাখীৰত বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান পোৱা যায়। ইয়াৰ উপৰিও বহু লোকৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। যদি আপুনি গাখীৰৰ লগত হালধি-পিঁয়াজৰ কোনো বস্তু গ্ৰহণ কৰিলে ছালৰ সমস্যা হ’ব পাৰে, যাৰ ফলত আপোনাৰ মুখৰ ক্ষতি হ’ব পাৰে।
গাখীৰ আৰু টেঙা ফলৰ সংমিশ্ৰণ নাই, সেয়েহে এইবোৰ গ্ৰহণ কৰিব নালাগে। নেমু, ষ্ট্ৰবেৰী, কমলাৰ দৰে টেঙা ফল গাখীৰৰ লগত খাব নালাগে। এই সংমিশ্ৰণৰ বাবে হজম প্ৰক্ৰিয়াটো নষ্ট হৈ যায় আৰু পেটৰ লগত জড়িত বহুতো সমস্যাৰ সৃষ্টি হয়।
কেতিয়াও গাখীৰৰ লগত মাছ খাব নালাগে। আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। হজম শক্তি আৰু ছালৰ লগত জড়িত সমস্যা হ’ব পাৰে। ছালত খজুৱতি বা জ্বলা-পোৰাৰ সমস্যাও আপুনি লক্ষ্য কৰিব পাৰে।
ধেমাজি জিলাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কাৰেং চাপৰিত সংবাদকৰ্মীৰ দ্বাৰা এক গছ পুলি ৰোপণৰ কায্যসূচী গ্ৰহণ কৰা হয়। প্ৰায় ১৬০০শ বিঘা মাটিত অৰণ্য গঢ় দিয়াৰ লক্ষ্যৰে মিচিং জাতীয় সংগঠন সদৌ মিচিং ছাত্ৰ সন্থাৰ নেতৃত্বত চলিত বৰ্ষৰ বিশ্ব ধৰিত্ৰী দিৱসৰ দিনৰ পৰা আগত্তক বিশ্ব পৰিৱেশ দিৱসৰ দিনা লৈ কেবাহেজাৰ গছপুলি ৰোপণ কৰাৰ সিন্ধান্ত গ্ৰহন কৰিছে বগীবিলৰ কাৰেং চাপৰিৰ মিচিং যুৱ মহোৎসৱ স্তলীত। ইতিমধ্যে এই কায্যসূচীত ধেমাজি জিলা আৰক্ষী অধীক্ষক, মিচিং শিল্পীসমাজ, চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়, আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা বহু গছ পুলি ৰোপণ কৰা হৈছে।

সেই ডেৰমহীয়া যাত্ৰাৰ শুভাকাংশি হিচাপে আজি দশম দিনা চিলাপথাৰ প্ৰেছ ক্লাৱ আৰু জোনাই প্ৰেছ ক্লাৱৰ কেবাজনো সংবাদকৰ্মীয়ে ৰোপণ কৰে গছপুলি। যিসকল লোকে গছ পুলি ৰোপণ কৰিছে সেইসকলে মাথো ৰোপণৰ মাজতে সীমাবদ্ধ নাৰাখি গছ পুলিটো ডাঙৰ দীঘল কৰি তোলাত সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰাৰ বাবে সংকল্প লোৱা দৰকাৰ বুলি মন্তব্য কৰে টিএমপিকেৰ সভাপতি তিলক দলেই।

মানৱ সভ্যতাৰ বিকাশত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱে সমাজখন বহু দূৰ আগুৱাই আনিছে যদিও ইয়াৰ বিপৰীতে গছ-গছনি ব্যাপক ৰূপত হ্ৰাস হৈ সমাজত অশনি শংকেতৰ ইংগিত বহন কৰিছে বুলি কৈ টিএমপিকেৰ এনে পদক্ষেপক শলাগ লয় জেষ্ঠ সাংবাদিক নয়নমনি মহন্তই। নিয়মীয়া বাৰ্তা, আসাম ট্ৰিবিউনৰ সংবাদকৰ্মী, শিক্ষক তথা চিলাপথাৰ প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সভাপতি গুণাধৰ দলে, ভাৰপ্ৰাপ্ত সম্পাদক লবিৰাম বৰি (এনকেটিভি), মোহন পাংগিং (এনডি২৪),মহম্মদ নামৰুজ(প্ৰতিদিন টাইম) মনিকান্ত টায়ে(টাইম৮) নিয়মীয়া বাৰ্তা, আমাৰ অসম, ইটিভি ভাৰতৰ সাংবাদিক তথা জোনাই প্ৰেছ ক্লাবৰ সম্পাদিকা কৰবী দলে, গৌতম পেগু (নিউজ লাইভ) ধৰি বহু কেইজন সংবাদ কৰ্মীয়ে বৃক্ষপুলি ৰোপন কৰে। কাৰ্যসূচীত চিলাপথাৰ জিলা টিএমপিকেৰ সম্পাদক মানস কুলি, ৰঞ্জিত টায়েৰ লগতে বহু কৰ্মীয়ে সহযোগীতা আগবঢ়ায়।
শম্ভু দাস চিলাপথাৰ
ভাবিবলৈয়ো ভয় লগা এক ঘটনা বহুতৰে চকুৰ সন্মুখতে ঘটি গ’ল। উত্তৰ প্ৰদেশৰ এখন গাঁৱৰ যাত্ৰাপাৰ্টীত অসুৰ বধ কৰিবলৈ গৈ কিশোৰৰ মুণ্ডচ্ছেদ কৰিলে মা কালীৰূপী আন এজন কিশোৰে। নাটকত মাক কালীৰ ৰূপত অভিনয় কৰিছিল এজন কিশোৰে। মা কালীৰ ভাও লোৱা সেই কিশোৰজনেই উত্তেজনাৰ মাজতে অসুৰ বধ কৰিবলৈ গৈ অসুৰৰ ভাও লোৱা আন এজন কিশোৰৰ ডিঙিত ডাৰে ঘপিয়াই দিয়ে। এই শিহৰণকাৰী ঘটনাটো উত্তৰ প্ৰদেশৰ কানপুৰৰ এখন গাঁৱত সংঘটিত হৈছে। ভাগৱত কথা প্ৰদৰ্শনৰ সময়ত অসুৰৰ চৰিত্ৰত অভিনয় কৰি থকা কিশোৰজনক কালীৰূপী কিশোৰজনে হত্যা কৰে। আঘাতপ্ৰাপ্ত কিশোৰজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
ঘটনাটো কানপুৰৰ বিলহাউৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত বামভিয়াপুৰ গাঁৱত সংঘটিত হৈছে। ভাগৱত কথা উপলক্ষে গাঁৱখনত যাত্ৰা নাটৰ আয়োজন কৰা হৈছিল। কেইবাজনো নাবালক আৰু কিশোৰে নাটকত অংশগ্ৰহণ কৰিছিল। যাত্ৰা পাৰ্টীৰ নাট খন গাঁও খনৰ বাসিন্দা সুভাষ চাইনীৰ ঘৰত আয়োজন কৰা হৈছিল। ইপিনে অভিনয় কৰা কিশোৰৰ হাতত কিয় চোকা অস্ত্ৰ তুলি দিয়া হৈছিল তাকে লৈ প্ৰশ্ন উত্থাপিত হৈছে। গাওঁবাসীয়ে কৈছে যে তেওঁক এটা ভোঁতা শিলহে ব্যৱহাৰ কৰিবলৈ কোৱা হৈছিল। অৱশ্যে, কিশোৰজনে অৱশেষত তেওঁৰ ঘৰলৈ গৈ ঘৰৰ পৰা দা এখন লৈ আহিছিল। সেই দা খনৰেই তেওঁ অসুৰৰূপী কিশোৰজনৰ ডিঙিত আঘাত কৰিছিল। গাওঁবাসীসকলে এনে দৃশ্য দেখি হতবাক হৈ পৰিছিল। ইফালে এই ভয়াৱহ খবৰটো পোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে। অনুষ্ঠানটোৰ আয়োজকসকলৰ ভূমিকাকলৈয়ো বহুতে প্ৰশ্ন উত্থাপন কৰিছে। বহুতে প্ৰশ্ন কৰিছে “কিশোৰজনক সঁচা দা লৈ মঞ্চলৈ যাবলৈ কিয় অনুমতি দিয়া হৈছিল? কোনেও তেওঁক কিয় বাধা দিয়া নাছিল? বিলহাউৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কেশৱ তিৱাৰীয়ে কয় যে ঘটনাটোৰ তদন্ত চলি আছে।
কলিয়াবৰ আমবাগানত পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত বাইক আৰোহী ছহিদুল ইছলাম।

মৃত ছহিদুল ইছলাম আছিল দুই সন্তানৰ পিতৃ। নিশা বিয়া খাই ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় দুৰ্ঘটনা।

ঘটনা সন্দৰ্ভত আমবাগান আৰক্ষীৰ তদন্ত আৰম্ভ।
ৰাহুল গান্ধীয়ে আমেথিৰ সলনি ৰায়বেৰেলীৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিষয়টোক বিজেপিয়ে কংগ্ৰেছক উপলুঙা কৰাৰ অস্ত্ৰ হিচাবে বাছি লৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি আন বহু বিজেপি নেতা-নেত্ৰীয়ে ৰাহুলে ৰায়বেৰেলীৰ পৰা নিৰ্বাচন খেলাৰ কথাটোকলৈ ৰাহুলক কটাক্ষ কৰিছে। কংগ্ৰেছেও বিজেপিৰ সমালোচনাৰ প্ৰত্যুত্তৰ সামাজিক মাধ্যমত দিয়া পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাহুল গান্ধীক ‘ডৰো মত, ভাগো মত’ বুলি উপহাস কৰাৰ পিছতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছ নেতাসকলে কয় যে দবা আৰু ৰাজনীতিৰ এজন অভিজ্ঞ খেলুৱৈ হিচাপে ৰাহুল গান্ধীয়ে ৰায়বেৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে। তেওঁৰ সমষ্টি নিৰ্বাচনৰ বিষয়ে ভালদৰে চিন্তা কৰা হৈছে। কংগ্ৰেছৰ যোগাযোগ বিভাগৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় “মনত ৰাখিব, ৰাহুল গান্ধী ৰাজনীতি আৰু দবা খেলৰ এজন অভিজ্ঞ খেলুৱৈ। দলৰ নেতৃত্বই বহু আলোচনাৰ পিছত আৰু বৃহত্তৰ ৰণনীতিৰ অংশ হিচাপে এই সিদ্ধান্ত লৈছে। এই সিদ্ধান্তই বিজেপি আৰু ইয়াৰ সমৰ্থকসকলক বিচলিত কৰিছে’’।
তেওঁ লগতে কয় যে ৰায়বেৰেলীক ইন্দিৰা গান্ধী আৰু ছোনিয়া গান্ধীয়ে প্ৰতিনিধিত্ব কৰিছে আৰু এয়া কোনো ‘উত্তৰাধিকাৰৰ বিষয় নহয়; এয়া দায়িত্ব আৰু কৰ্তব্য’। গান্ধী পৰিয়ালৰ বাবে কেৱল আমেথি-ৰায়বেৰেলীয়েই নহয়, উত্তৰৰ পৰা দক্ষিণলৈ সমগ্ৰ দেশ গান্ধী পৰিয়ালৰ দুৰ্গ। ৰাহুল গান্ধী উত্তৰ প্ৰদেশৰ পৰা তিনিবাৰ আৰু কেৰালাৰ পৰা এবাৰ সাংসদ হৈছে। প্ৰধানমন্ত্ৰীয়ে বিন্ধ্য পাৰ হৈ কোনো এখন আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাহস কিয় গোটাব নোৱাৰে?”।
ইপিনে কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনেটে ইংগিত দিছে যে প্ৰিয়ংকা গান্ধীয়ে উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে । তেওঁ কয় “প্ৰিয়ংকাই জোৰদাৰ প্ৰচাৰ চলাই আছে আৰু নৰেন্দ্ৰ মোদীৰ বাবে কঠিন প্ৰত্যাব্বান হিচাবে প্ৰমাণিত হৈছে।’’ কংগ্ৰেছে লগতে কয়, ‘খেলিবলৈ এতিয়াও কেইটামান দবাৰ চাল বাকী আছে’। উল্লেখ শুকুৰবাৰে বংগৰ বৰ্ধমানত এক ৰেলী সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰায়বেৰেলীৰ পৰা দ্বিতীয়খন আসনত ৰাহুলে প্ৰতিদ্বন্দ্বিতা কৰাকলৈ ৰাহুলক কটাক্ষ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয়, “তেওঁলোকে ঘূৰি ফুৰে আৰু সকলোকে কয়, ‘ডৰো মত’। আজি মই কৈছো, মই মোৰ হৃদয়ৰ পৰা কৈছো, ডৰো মত, ভাগো মত!” প্ৰধানমন্ত্ৰীয়ে কৈছিল, “মই কৈছো যে ৰাহুল ৱায়নাডৰ পৰাজিত হ’বলৈ গৈ আছে। পৰাজয়ৰ আশংকাত তেওঁ দ্বিতীয় খন আসন বিচাৰিবলৈ আৰম্ভ কৰিছিল। কংগ্ৰেছৰ পালি নেতাসকলে কৈ আহিছিল যে ৰাহুল আমেথিলৈ আহিব। তেওঁ পৰাজয়ৰ ভয়ত তালৈ যাব নোৱাৰিলে। অৱশেষত, তেওঁ ৰায়বৰেলীলৈ গ’ল। ডৰো মত, ভাগো মত!”
সম্পূৰ্ণ নাম তেওঁৰ কিশোৰী লাল শৰ্মা। শৰ্মাই ১৯৮৩ চনত ৰাজীৱ গান্ধীৰ সৈতে ৰায়বেৰেলী আৰু আমেথিৰ ৰাজনীতিৰ পথাৰত ভৰি দিছিল। ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত গান্ধী পৰিয়ালৰ সৈতে তেওঁৰ সম্পৰ্ক ঘনিষ্ঠ হৈ পৰিছিল।আমেথি লোকসভা আসনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাবে শৰ্মাক বাছনি কৰিছে কংগ্ৰেছে। এই সমষ্টিটো এটা সময়ত ৰাহুল গান্ধীয়ে প্ৰতিনিধিত্ব কৰিছিল।লোকসভা নিৰ্বাচনত কে এল শৰ্মাই আমেথিত বৰ্তমানৰ বিজেপি সাংসদ স্মৃতি ইৰাণীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব। শৰ্মা মূলতঃ পঞ্জাৱৰ লুধিয়ানাৰ বাসিন্দা।
শৰ্মাই দীৰ্ঘদিন ধৰি ছোনিয়া গান্ধীৰ হৈ ৰায়বেৰেলীত দলৰ কাম পৰিচালনা কৰি আহিছে।১৯৯১ চনত ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত শৰ্মাই ৰায়বেৰেলী আৰু আমেথিত কংগ্ৰেছৰ ভেটি মজবুত কৰাৰ কামত নিজকে নিয়োজিত কৰিছিল। কংগ্ৰেছৰ হৈ কে এল শৰ্মাই ৰায়বেৰেলী আৰু আমেঠি দুয়োখন আসনৰ তত্বাৱধানৰ দায়িত্ব গ্ৰহণ কৰিছিল। কে এল শৰ্মা কংগ্ৰেছৰ বাবে সদায় অবিশ্বাস্যভাৱে নিষ্ঠাৱান আৰু সমৰ্পিত নেতা । ছোনিয়া গান্ধী আৰু গান্ধী পৰিয়ালৰ আন সদস্যসকলৰ প্ৰিয় হোৱা বাবেই কংগ্ৰেছে এইবাৰ শৰ্মাক আমেথিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।
কোভিড ভেকছিনৰ পাৰ্শ্বক্ৰিয়াকলৈ এতিয়া চিন্তিত হৈ পৰিছে বিশ্বৰ বহু লোকৰ লগতে ভাৰতৰ বহু লোক। এষ্ট্ৰাজেনেকাই কোভিড ভেকছিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা আদালতত স্বীকাৰ কৰাৰ পিছতে সেই ভয় অধিক বৃদ্ধি পাইছে। এষ্ট্ৰাজেনেকাই স্বীকাৰ কৰিছিল যে কোভিশ্বিল্ডৰ মাৰাত্মক পাৰ্শ্বক্ৰিয়া আছে। ফাৰ্মাচিউটিকেল কোম্পানী এষ্ট্ৰাজেনেকাই ইতিমধ্যে ব্ৰিটেইনৰ আদালতত ভেকছিনবিধৰ পৰা হ’ব পৰা বিপদৰ কথা স্বীকাৰ কৰাৰ সময়তে বহুতে তেওঁলোকৰ প্ৰিয়জনক হেৰুওৱাৰ বাবে ভেকছিনকেই দায়ী কৰিছে। ২০২১ চনত মাত্ৰ ২০ বছৰ বয়সত মৃত্যু হোৱা কাৰুণ্য নামৰ এগৰাকী যুৱতীৰ পিতৃয়ে কোভিশ্বিল্ড ভেকছিনৰ বাবেই তেওঁৰ কন্যাই অকাল মৃত্যুক সাৱটি লোৱা বুলি অভিযোগ কৰি কোম্পানীটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আদালতৰ কাষ চাপিছে। তেওঁ দাবী কৰিছে যে কোভিশ্বিল্ডে ভেকছিনেই তেওঁৰ কন্যাক হত্যা কৰিছে। কোভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ কথা পোহৰলৈ অহাৰ পিছতে উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছে। এনে সময়তে ২০ বছৰ বয়সতে মৃত্যুক সাৱটি লোৱা যুৱতীগৰাকীৰ বিষয়টো পোহৰলৈ আহিছে। যুৱতীগৰাকীৰ পিতৃ বেণুগোপালন গোবিন্দনে এষ্ট্ৰাজেনেকা আৰু ভাৰতত কোভিশ্বিল্ডৰ নিৰ্মাতা চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (এছআইআই)ৰ বিৰুদ্ধে সৰব হৈ পৰিছে।
এক্সৰ এটা পোষ্টত তেওঁ দাবী কৰিছে যে ১৫ খন ইউৰোপীয় দেশে তেজ গোট মৰা পাৰ্শ্বক্ৰিয়াৰ বাবে কোভিশ্বিল্ডৰ ব্যৱহাৰ বন্ধ কৰাৰ পিছত চিৰাম ইনষ্টিটিউটে ভেকছিনবিধৰ যোগান বন্ধ কৰিব লাগিছিল। কিন্তু তেনে কৰা হোৱা নাছিল ।তেওঁ ইতিমধ্যে ন্যায় বিচাৰি আদালতলৈ গৈছে। ভেকছিনবিধৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে এষ্ট্ৰাজেনেকাৰ স্বীকাৰোক্তিৰ বিষয়ে তেওঁ লিখিছে, “তেওঁলোকে স্বীকাৰ কৰিছে, কিন্তু বহু পলম কৈছিল। তেতিয়ালৈকে বহুলোকে অকালতে প্ৰাণ হেৰুৱাইছে। উল্লেখ্য ২০২১ চনত মৃত্যু হোৱা ১৮ বছৰীয়া ৰিতিকা নাম্নীৰ মাতৃ তথা ২০ বছৰীয়া কাৰুণ্যৰ পিতৃ বেণুগোপালনে বহুদিন পূৰ্বেই উচ্চতম ন্যায়ালয়ত এখন ৰিট আবেদন দাখিল কৰিছিল।পুনেস্থিত চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াক ভাৰতত এষ্ট্ৰাজেনেকাৰ ভেকছিন নিৰ্মাণৰ অনুজ্ঞাপত্ৰ দিয়া হৈছিল। কোভিড মহামাৰীৰ সময়ত দেশৰ বেছিভাগ লোকে কোভিশ্বিল্ড ভেকছিন গ্ৰহণ কৰিছিল। ফলস্বৰূপে, সেই ভেকছিনৰ পাৰ্শ্বক্ৰিয়াৰ আশংকাও এতিয়া বহুতৰে মাজত বিয়পি পৰিছে। বিশাল তিৱাৰী নামৰ এজন অধিবক্তাই বুধবাৰে উচ্চতম ন্যায়ালয়ত আন এখন ৰাজহুৱা স্বাৰ্থড়িত আবেদন দাখিল কৰিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভুৱা ভিডিঅ’ প্ৰচাৰ কৰাৰ অভিযোগত কংগ্ৰেছ নেতা অৰুণ ৰেড্ডীক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ।
অৰুণ ৰেড্ডী AICCৰ ছ’চিয়েল মিডিয়াৰ ৰাষ্ট্ৰীয় সমন্বয়ক।

অমিত শ্বাহৰ ভুৱা ভিডিঅ’ গোচৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে শুকুৰবাৰে এজন কংগ্ৰেছ সদস্যক গ্ৰেপ্তাৰ কৰে। কংগ্ৰেছ সদস্য জনৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভুৱা ভিডিঅ’ আপলোড আৰু প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ‘এক্স’ৰ ‘স্পিৰিট অফ কংগ্ৰেছ’ একাউণ্টটো অৰুণ ৰেড্ডীয়ে পৰিচালনা কৰে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। দিল্লী আৰক্ষীৰ বিশেষ কোষে শ্বাহৰ ভুৱা ভিডিঅ’ৰ বিষয়ে অভিযোগ পোৱাৰ পিছতে এজাহাৰ পঞ্জীয়ন কৰিছিল । ভুৱা ভিডিঅ’টোত তেলেংগানাত ধৰ্মীয়ভিত্তিত মুছলমানসকলৰ বাবে কোটা বাতিল কৰাৰ প্ৰসংগত কেতবোৰ মিছা কথা প্ৰচাৰ কৰা হৈছিল।