Home Blog Page 837

গান্ধী পৰিয়ালৰ পৰা মুক্ত হ’ল আমেথিঃ ৰায়বেৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে…

চলিছিল বহু জল্পনা-কল্পনা। আমেথি আৰু ৰায়বেৰেলীৰ পৰা কংগ্ৰেছে কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব। এটা সময়ত দুয়োটা সমষ্টিয়েই কংগ্ৰেছৰ দুৰ্গ আছিল। অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ৰাহুলে আমেথি এৰিলে। আমেথিৰ সলনি ৰাহুল গান্ধীয়ে মাতৃৰ সমষ্টি ৰায়বেৰেলীৰ পৰা নিৰ্বাচনত প্ৰিদ্বন্দ্বিতা কৰিব। বহুে ধাৰণা কৰিছিল যে আমেথি অথবা ৰায়বেৰেলীৰ পৰা প্ৰিয়ংকাই নিৰ্বাচনী যুঁজত লিপ্ত হ’ব। কিন্তু সেয়া নহ’ল। ৰায়বেৰেলীত ৰাহুল গান্ধীক প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে, আমেথিৰ পৰা প্ৰাৰ্থিত্ব দিয়া হ’ল গান্ধী পৰিয়ালৰ ঘনিষ্ঠ নেতা কিশোৰী লাল শৰ্মাক। ফলত গান্ধী পৰিয়ালৰ পৰা মুক্ত হ’ল আমেথি। শুক্ৰবাৰে ছোনিয়া গান্ধী আৰু ভগ্নী প্ৰিয়ংকাৰ সৈতে গৈ ৰায়বেৰেলী সমষ্টিত ৰাহুল গান্ধীয়ে দাখিল কৰে মনোনয়ন পত্ৰ। একে সময়তে আমেথি সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে কংগ্ৰেছ প্ৰাৰ্থী কিশোৰী লাল শৰ্মাই। একে দিনাই মনোনয়ন দাখিল কৰে ৰায়বেৰেলীৰ বিজেপি প্ৰাৰ্থী দীনেশ প্ৰতাপ সিঙেও। বিজেপিয়ে বৃহস্পতিবাৰে ঘোষণা কৰিছিল ৰায়বেৰেলী সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ নাম।

২০ মে’ত নিৰ্বাচন হ’বলগীয়া সমষ্টি দুটাৰ শুক্ৰবাৰে মনোনয়ন দাখিলৰ অন্তিম দিনা তথা ৩ মে’ৰ পুৱা কংগ্ৰেছে সমষ্টি দুটাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল।উল্লেখ্য ২০১৯ চন পৰ্যন্ত আমেথিক প্ৰতিনিধিত্ব কৰা ৰাহুল গান্ধীৰ ঘনিষ্ঠ কংগ্ৰেছ নেতা কিশোৰী লাল শৰ্মা। গান্ধী পৰিয়ালৰ দুৰ্গ স্বৰূপ উত্তৰ প্ৰদেশৰ আমেথি আৰু ৰায়বেৰেলীক সমগ্ৰ দেশবাসীৰে দৃষ্টি নিবদ্ধ হৈ আছে। আমেথি সমষ্টিৰ পৰা যোৱাবাৰৰ প্ৰতিনিধি তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ইতিমধ্যে মনোনয়ন দাখিল কৰিছে। আমেথিৰ পৰা এইবাৰো ৰাহুল গান্ধীৰ নাম উচ্চাৰিত হৈ আছিল যদিও শেষপৰ্যন্ত আমেথিৰ বিপৰীতে ২০০৪ৰ পৰা ২০১৯লৈ মাতৃ ছোনিয়া গান্ধীয়ে প্ৰতিনিধিত্ব কৰা ৰায়বৰেলীত ৰাহুল গান্ধীক কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়ে। ৰাহুলে আমেথি এৰিলে, মাতৃৰ ৰায়বেৰেলীৰ উত্তৰাধিকাৰী হোৱাৰ মন ৰাহুল গান্ধীৰ, প্ৰিয়ংকাই এইবাৰো নানামিলে নিৰ্বাচনী যুঁজত।


গান্ধী পৰিয়ালৰ দুৰ্গ স্বৰূপ উত্তৰ প্ৰদেশৰ আমেথি আৰু ৰায়বেৰেলীক সমগ্ৰ দেশবাসীৰে দৃষ্টি নিবদ্ধ হৈ আছে। আমেথি সমষ্টিৰ পৰা যোৱাবাৰৰ প্ৰতিনিধি তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ইতিমধ্যে মনোনয়ন দাখিল কৰিছে। আমেথিৰ পৰা এইবাৰো ৰাহুল গান্ধীৰ নাম উচ্চাৰিত হৈ আছিল যদিও শেষপৰ্যন্ত আমেথিৰ বিপৰীতে ২০০৪ৰ পৰা ২০১৯লৈ মাতৃ ছোনিয়া গান্ধীয়ে প্ৰতিনিধিত্ব কৰা ৰায়বৰেলীত ৰাহুল গান্ধীক কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়ে।

সামান্য সকাহঃ নিৰ্বাচনৰ মাজতে ৭ মে’ত কেজৰিৱালৰ অন্তৰ্ৱতীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে…

আপৰ বাবে সামান্য সকাহ। লোকসভা নিৰ্বাচনৰ মাজতে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আগতীয়া জামিনৰ আবেদনৰ শুনানিৰ বাবে সন্মত হয়। গোচৰটোৰ শুনানি ৭ মে’ত অনুষ্ঠিত হ’ব। আদালতে কয় যে লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ থকাৰ বাবেই কেজৰিৱালৰ জামিন আবেদনৰ দ্ৰুত শুনানি কৰিব। ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ বিৰুদ্ধে আবকাৰী কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে।

সেই অভিযোগৰ ভিত্তিতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। কেজৰিৱালে কৰা জামিন আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিবলৈ লোৱা সিদ্ধান্তই যথেষ্ট আশাবাদী কৰি তুলিছে আপক। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপংকৰ দত্তৰ খণ্ড বিচাৰপীঠে শুকুৰবাৰে কেজৰিৱালৰ জামিন আেদনৰ শুনানি ৭ মে’ত গ্ৰহণ কৰিব বুলি ঘোষণা কৰে। সহকাৰী ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে ইডিৰ হৈ আদালতত উপস্থিত আছিল। গোটেই গোচৰটোৰ শুনানি গ্ৰহণৰ বাবে আদালতক দীঘলীয়া সময় লাগিব। সেয়েহে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে দাখিল কৰা জামিন আবেদনৰ প্ৰথমে শুনানি গ্ৰহণ কৰা হ’ব। ৰাজুৱে তেতিয়া কয় যে তেওঁলোকে জামিনৰ বিৰোধিতা কৰিব।

সফলতাৰে পাঁচদিনীয়া আৱাসিক ‘ৰাজ্যিক পৰ্যায়ৰ দু:সাহসিক তথা ট্ৰেকিং কেম্প’ৰ সামৰণি…

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰাজ্যিক মুখ্য কাৰ্যালয়, মালিগাঁৱৰ ভাৰত স্কাউট আৰু গাইডৰ  উদ্যোগত গ্ল’বেল এডভেঞ্চাৰ এছ’চিয়েচনৰ  সহযোগত পৰিচালিত পাঁচদিনীয়া ‘ৰাজ্যিক পৰ্যায়ৰ  দু:সাহসিক তথা ট্ৰেকিং কেম্প’, অসমৰ সফল সামৰণি পৰে। এই শিবিৰত অসমৰ বিভিন্ন জিলাৰ পৰা অহা ৰভাৰ আৰু ৰেঞ্জাৰ মিলি মুঠ ১২০ গৰাকী অংশগ্ৰহণকাৰীয়ে ভাগ লয়। কাৰ্যসূচীৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলে ৰক ক্লাইম্বিং, ৰেপেলিং, হাই ৰ’প, বিলে কৌশল, জলপ্ৰপাত বগাই যোৱা, নদী আৰু ডেল্টা ক্ৰছিঙৰ ব্যৱহাৰিক শিক্ষা লাভ কৰে। তদুপৰি ৰছীৰ গাঁঠিৰ বিষয়ে, ৰক ক্লাইম্বিং, পৰ্বতাৰোহণৰ সঁজুলি সম্পৰ্কে তথা  দলক নেতৃত্ব দিয়াৰ  দক্ষতাৰ বিষয়ে প্ৰশিক্ষণ দিয়া হয়। দলটোৱে ভাৰতৰ অন্যতম বিখ্যাত ট্ৰেক- মেঘালয়ৰ ইষ্ট খাছি পাহাৰীয়া জিলাৰ “ডেভিদ স্কট ট্ৰেইল” সফলতাৰে অভিযান সম্পূৰ্ণ কৰে।

২৫ এপ্ৰিলত মালিগাঁৱৰ ‘ভাৰত স্কাউট আৰু গাইডৰ’ ৰাজ্যিক কাৰ্যালয়ত এই কাৰ্যসূচী উদ্বোধন কৰে এন এফ ৰেলৱেৰ  মুখ্য পাৰ্চনেল বিষয়া শশাংক শৰ্মা , গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড কমিচনাৰ অৰূপ ডেকা আৰু প্ৰথম অসমীয়া এভাৰেষ্টাৰ তৰুণ শইকীয়াই। অনুষ্ঠানত উপস্থিত থাকে এন এফ ৰেলৱেৰ বিষয়া  চি এছ পণ্ডিত,  এ কে বৈশ্য আৰু  খগেশ দাস। এই দুঃসাহসিক শিবিৰৰ নেতৃত্বত আছিল উত্তৰ-পূব ভাৰতৰ বিশিষ্ট পৰ্বতাৰোহী তথা গ্ল’বেল এডভেন্সাৰ এছ’চিয়েচনৰ প্ৰতিষ্ঠাপক  বিক্ৰম বড়ো।  তেওঁক সহযোগিতা কৰে ধীৰাজ বড়ো, জুন্টি দাস, ভুৱনেশ্বৰ প্ৰসাদ, বুলেন বৰ্মন, পল্লৱী দাস, মিনাক্ষী দাস, হাফিজুল খান, দীপ জে বৰ্মন, অমিত দাস, ধীৰাজ কলিতা, ববিতা গগৈ, জংকী বড়ো আৰু সোনপাহী বৰ্মনে।  ভাৰত স্কাউটছ এণ্ড গাইডৰ যুৱক-যুৱতীসকলৰ মাজত দুঃসাহসিক ক্ৰীড়াৰ প্ৰচাৰৰ  এই  পদক্ষেপৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ক গ্ল’বেল এডভেন্সাৰ এছ’চিয়েচনে কৃতজ্ঞতা জনাইছে।

কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা


অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ দিন দুৱাৰদলিত ভৰি দিয়াৰ লগে লগে প্ৰতিটো ৰাজৈনতিক দলৰ নেতাৰ অতিকৈ বৃদ্ধি পাইছে। ইখনৰ পিছত সিখন নিৰ্বাচনী সভাত ইজনৰ পিছত সিজন হেভি ৱেইট নেতাৰ উপস্থিতি দেখা গৈছে। বৰপেটা লোকসভা সমষ্টিতো ব্যতিক্ৰম নহয়। কংগ্ৰেছৰ দখলত থকা লোকসভা সমষ্টিটো বিজেপিয়ে আজুৰি আনি নিজৰ দখললৈ নিয়াৰ বাবে উঠিপৰি লাগিছে। আজি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত ২৫ নং পাকা বেতবাৰী সমষ্টিত এখন বিজয় সংকল্প সমাবেশত অংশগ্রহণ কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, অসম তথা এইটো সমষ্টি যদি আগুৱাই যোৱাটো বিচাৰো, সকলো উন্নয়ন ,সুৰক্ষিত হৈ থাকিব বিচাৰো তেতিয়া হলে, এই সমষ্টিটোৰ বিধায়ক বিজেপি- এজিপি নতুবা ইউপিপিএলৰ হব লাগিব। আনপিনে নৰেন্দ্ৰ মোডী প্রধানমন্ত্ৰী হবলৈ এজিপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক ভোট দিব লাগিব। ২০১৪ চনৰ আগলৈকে আমাৰ অসমখনত প্ৰতিদিনে আন্দোলন হৈছিল।

বন্ধ, ধৰ্ণা, ধৰ্মঘট, গুলী বাৰুদ, বোমা বিষ্ফোৰণ, গ্ৰেণেড বিস্ফোৰণ হৈছিল। বড়ো আন্দোলন, কাৰ্বি আন্দোলন, আলফা আন্দালন, আদিবাসী আন্দোলন আদিত অসমখন ধুৱলি কুৱলী হৈ আছিল।নৰেন্দ্ৰ মোডী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিচতেই অসমলৈ শান্তি উভতি আহিল।আজি আমাৰ দেশখন শান্তি, প্ৰগতি আৰু বিকাশৰ পথত আগুৱাই গৈছে।মোডীয়ে আমাক কোভিডৰ সময়ত ভেক্সিন দিলে, ৰেচন কাৰ্ডত চাউল দিলে,বিপদৰ সময়ত সাৰথি হিচাপে আয়ুস্মান ভাৰত কাৰ্ড দিলে । এইবাৰ মোডীয়ে মহিলা সকলক ছাৰভিকেল কেঞ্চাৰৰ প্ৰতিষেধক দিয়াৰ কথা কৈছে। মোডীৰ দৰে ইমান ভিতৰলৈ গৈ সমস্যা সমাধান কৰা প্ৰধানমন্ত্ৰী আগতেও নাছিল, ভৱিষ্যতেও নহ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু ৰাইজেৰে গিজগিজাই থকা সভাখনত কয়, কংগ্ৰেছক ভোট দিলে পাব সুতা , কম্বল কিন্তু বিজেপিক ভোট দিলে পাব ঘোচ নিদিয়াকৈ চাকৰি, কৰ্ম সংস্থাপন,অৰুণোদয়, লাখপতি বাইদেউ আৰু বিনামূলীয়া চাউল পাব। কংগ্ৰেছক যদিও আপোনালোকে ভোট দি আহিছে, তেওঁলোকক টকা নিদিয়াকৈ চাকৰি হ’ল, ৰাস্তা হ’ল নে দলং হ’ল ? আজিলৈকে পাকাবেতবাৰীত কোনো এটা ভাল ৰাস্তা নোহোৱা দেখি মুখ্য মন্ত্ৰী শৰ্মাই হতবাক হৈ পৰে। কংগ্ৰেছে সৰুক্ষেত্ৰী সমষ্টিক পথ , দলং টো বাদেই, স্কুল কলেজ সমূহকো ভেঞ্চাৰ কৰি থৈ গৈছে।

এইবেলি হাতীত ভোট দিলে সকলো সমস্যা সমাধান কৰাৰ পাকাবেতবাৰী সমষ্টিৰ ৰাইজক মুখ্য মন্ত্ৰী শৰ্মাই প্ৰতিশ্ৰুতি দিয়ে। এনে প্ৰতিশ্ৰুতিত উদ্বাউল হৈ পৰে সংখ্যালঘু ৰাইজ। এইবাৰ ঘৰৰ জিঅ’টেকিঙৰ মহিলা সকলে কৰিব। সেইবাবেই ইয়াত দালালৰ কোনো হাত নাথাকিব বুলি দৃঢ়তাৰে মুখ্যমন্ত্ৰীয়ে কয়। পাকাবেতবাৰী সমষ্টিটোত বিশেষ ভাৱে ৩টা আছে বুলি ৰাইজে অভিযোগ তুলিছে – মাটিৰ পাট্টা, ডি’ভোটাৰ আৰু আধাৰ কাৰ্ড। এই আটাইবোৰ সমস্যা সমাধান কৰাৰো মুখ্য মন্ত্ৰী গৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে।


মুখ্যমন্ত্ৰীয়ে কয় ভাৰতৰ প্ৰধানমন্ত্ৰী এতিয়ালৈকে ২৭ বাৰ অসমক পদাৰ্পন কৰিছে। অসমৰ কাৰণে ইমান চিন্তা কৰা প্ৰধানমন্ত্ৰী আগতে নাছিল। ৰাজ্য চৰকাৰে সকলো ক্ষেত্ৰতে স্বচ্ছতা আনিছে বুলি দাবী কৰি তেওঁ কয় আমাৰ চৰকাৰৰ ৩ বছৰেই পূৰ হোৱা নাই। ১ লাখ ল’ৰা ছোৱালীক চৰকাৰী চাকৰি দিছো। নিৰ্বাচনৰ পিছত আৰু ৫০ হাজাৰ ল’ৰা ছোৱালীক চৰকাৰী চাকৰি দিম বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰী শৰ্মাই সাংবাদিকক জানিব দি কয়, এইবাৰ নিৰ্বাচনত ২০-২৫% মহিলা আৰু নতুন যুৱচামে ভোট দিয়াৰ সম্ভাৱনা আছে। বৰপেটা লোকসভা সমষ্টিৰ পৰা ফণীভূষণ চৌধুৰীয়ে ৩ লাখৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিব। মুখ্যমন্ত্ৰী গৰাকীয়ে ধুবুৰীত তিনিকোণীয়া প্ৰতিদ্বন্দিতা হ’ব, কোন জিকে কোৱা টান। ধুবুৰীত ৩ দিনৰ পৰা এজিপিৰ প্ৰচাৰ দোপকদোপে বৃদ্ধি পাইছে।

কংগ্ৰেছে যদিও মিত্ৰতাৰ কথা কৈ আহিছিল, কোনো এটা সমষ্টিতে মিত্ৰতা নহ’ল। আজমলে মাদ্ৰাছা খোলাৰ প্ৰশ্ন সাংবাদিকে সোধাত মুখ্য মন্ত্ৰী শৰ্মাই টিপ্পনী মাৰি কয়, আজমলে আৰু সেই বয়স নাই। মোৰ লগত টক্কৰ দিব নোৱাৰে। আমাক গৌৰৱ গগৈয়ে ফ্ৰিটে ৭খন আসন দিলে, বাকী নো আৰু কি নিদিব। কবলৈ গলে আমি ৭খনৰ পৰাই আৰম্ভ কৰিম। আজিৰ সভাখনত সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ভূৱনেশ্বৰ কলিতা, বিধায়ক ফণীধৰ তালুকদাৰ, প্ৰাক্তন তাৰা প্ৰসাদ দাস, নগেন চৌধুৰী, অনিল দাস, বিভূতিভূষণ বৰঠাকুৰ, কমল মেধি, হাবিব মহম্মদ চৌধুৰী, মুজেদাৰ খাটুন, ধৰ্মেশ্বৰ ৰয়, প্ৰিন্স ফাইজুল হক, চিত্তৰঞ্জন বৰ্মণকে আদি কৰি বিজেপি,এজিপি আৰু ইউ পি পি এলৰ নেতা কৰ্মী উপস্থিত আছিল। সভাত কেইবা সহস্ৰাধিক সংখ্যালঘু লোকৰ উপস্থিতি দেখা গৈছে। মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাচি বাগি কৰা বিজেপিৰ প্ৰচাৰত আপ্লুত হয় সংখ্যালঘু লোক। হিমন্ত বিশ্ব শৰ্মাৰ আগমনত সংখ্যালঘু প্ৰধান সমষ্টিটোৰ ৰাইজে কি চিন্তা কৰিব, কাক ভোট দিব সেয়া সময়ত জানিব পৰা যাব যদিও মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদাৰ্পণত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ভেটি লৰিব পাৰে বুলি আশংকা কৰিছে একাংশই।

শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ

অসমৰ ৰাজ্যপাল শ্ৰী গুলাব চান্দ কাটাৰিয়াই আজি চহৰখনৰ প্ৰাগজ্যোতি আইটিএ চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছত অনুষ্ঠিত শাস্ত্ৰীয় নৃত্য মহোৎসৱ আৰু আৰেঞ্জট্ৰাম অনুষ্ঠানত অংশগ্ৰহণ কৰে।লক্ষণীয় যে পুষ্পঞ্জলি সাংস্কৃতিক একাডেমীয়ে সমগ্ৰ দেশৰ পৰা শাস্ত্ৰীয় নৃত্যৰ এক কেলিডোস্কোপ উপস্থাপন কৰিবলৈ শাস্ত্ৰীয় নৃত্য উৎসৱৰ আয়োজন কৰিছিল।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্যপাল শ্ৰী কাটাৰিয়াই কয়, “ভাৰতীয় শাস্ত্ৰীয় নৃত্য প্ৰকাৰআমাৰ দেশৰ সাংস্কৃতিক পৰিচয়ৰ প্ৰতীক যি টো শতিকা জুৰি চলি আহিছে।” তেওঁ কয় যে শাস্ত্ৰীয় নৃত্য ৰং হৈছে শৈল্পিক অভিব্যক্তিৰ মাধ্যম যাৰ জৰিয়তে বিভিন্ন কাহিনী, সাংস্কৃতিক আৰু ধৰ্মীয় বিষয়বস্তু প্ৰকাশ কৰা হয়। তেওঁ এইটোও কৈছিল যে ভাৰতীয় শাস্ত্ৰীয় নৃত্য হৈছে এক সুন্দৰ আৰু মনোমোহা কলা ।

গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা


গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত গুৱাহাটী পৌৰ নিগমৰ নুনমাটি অঞ্চলৰ৫৭নং ৱাৰ্ডতগুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পার্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰহৈ আজি উদ্যোগ মন্ত্রী বিমল বড়াই নিৰ্বাচনী প্ৰচাৰ চলায়।এক জনাকীর্ণ নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি মন্ত্রী বড়াই কয় যে দেশৰ সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ বিজয় সুনিশ্চিত। ৰাইজৰ পাৰভঙা উছাহ আৰু অভূতপূৰ্ব সঁহাৰিয়ে এই কথাৰ আগতীয়া উমান দিয়া বুলি উল্লেখ কৰি মন্ত্রী গৰাকীয়ে নৰেন্দ্ৰ মোদী তৃতীয় বাৰৰ বাবে পুনৰ ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী হোৱাটো নিশ্চিত বুলি ভাষণত কয়।

জনসাধাৰণৰ অকুণ্ঠ সমৰ্থনে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ বিজয় প্ৰায় সুনিশ্চিতকৰা বুলি ব্যক্ত কৰি মন্ত্ৰী বড়াই ইয়াক কোনো শক্তিয়ে ৰোধিব নোৱাৰে বুলি কয়। এই সভাতে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰৰ উন্নয়নৰ প্ৰতি আকৃষ্ট হৈ ভালেসংখ্যক লোকে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিক ভাৱে যোগদান কৰে।


ইয়াৰ পিছত মন্ত্ৰী বড়াই ৰাধা গোবিন্দ বৰুৱা পথৰ জোনালীত আন এখন নিৰ্বাচনী সভাত বিজেপি প্ৰাৰ্থী গৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।এই উপলক্ষে আয়োজিত সভাত অহা ৭মেত পদুম ফুলৰছবিত ভোট প্ৰদান কৰিবলৈ ভোটদাতা সকলক আহ্বান জনায়। সভাত মন্ত্ৰী গৰাকীৰ সৈতে ভালেসংখ্যক দলীয় কৰ্মকৰ্তাও উপস্থিত থাকে ।

৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ গুৱাহাটীস্থিত ৬০ আসাম গাৰ্লছ এন চি চি বেটেলিয়ানৰ সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ ২৪ এপ্ৰিলৰ পৰা ২ মেলৈ দহদিনীয়াকৈ নাৰেংগী সেনা কেন্টনমেন্ট চৌহদত অনুষ্ঠিত হয়। দহদিনীয়া সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰত (চি এ টি চি) বেটেলিয়ানৰ অধীনৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ ৪৮২জনী জুনিয়ৰ আৰু ছিনিয়ৰ কেডেট, ৬ জন সহযোগী এন চি চি বিষয়াই ভাগ লয় ।

আনহাতে শিবিৰৰ কেম্প কমাডেণ্টৰ দায়িত্বত আছিল ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ কমাণ্ডিং অফিচাৰ , কৰ্ণেল অজয় কুমাৰ শৰ্মা। দহদিনীয়া শিবিৰত কেডেট সকলক .২২ বৰৰ ৰাইফল চালনাৰ প্ৰশিক্ষণ দিয়াৰ উপৰিও শাৰীৰিক অনুশীলন, পেৰেড, ড্ৰিল, মেপ ৰিডিং, যুদ্ধত শত্ৰুক পৰাজিত কৰাৰ কৌশল, ব্যক্তিত্ব বিকাশ, মানসিক ভাবে সৱল হৈ থকাৰ উপায় , সেনাকে ধৰি সশস্ৰ বাহিনীত ভৰ্ত্তি বা নিযুক্তি লাভৰ উপায় আদিৰ প্ৰশিক্ষণ দিয়া হৈছিল। তেনেদৰে এন ডি আৰ এফ , নেডফি, এছ বি আই আদিৰ সহযোগত ভাগে ভাগে বিভিন্ন প্ৰশিক্ষণ দিয়া হৈছিল ।

পহিলা মে’ৰ দিনা সন্ধিয়া শিবিৰৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা এক অনুষ্ঠানত কেডেট সকলে নৃত্য, গীতকে ধৰি বাৰে ৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে। অনুষ্ঠানত কেম্প কমাডেণ্ট , কৰ্ণেল অজয় কুমাৰ শৰ্মাই শিবিৰত ভাগ লোৱা সকলো কেডেটৰ উজ্বল ভবিষ্যত কামনা কৰি এনে ধৰণৰ শিবিৰত ভাগ ললে এন চি চিৰ তিনিটা চাৰ্টিফিকেট পৰীক্ষা ক্ৰমে – এ, বি আৰু চিত অবতীৰ্ণ হোৱাৰ যোগ্যতা অৰ্জন কৰা সন্দৰ্ভত আলোকপাত কৰে।

ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা

ইউ পি পি এল দলে টেক্টৰে আৰু বি পি এফ দলে নাঙলৰে হাল বাই বড়োলেণ্ডত পদুমৰ খেতি কৰিব বিচাৰিছে ৷এই দুটা দলে বি টি চিত লুটপাত চলাই হিমন্তক মেনেজ কৰি ৰাাখে ৷পূৰ্বে হাগ্ৰামাই বিটিত চিৰ এহেজাৰ কোটি লুণ্ঠন চলোৱা বুলি হিমন্তই যেতিয়া অভিযোগ কৰিলে ৷তেতিয়া হাগ্ৰামাই মুকলিকৈ কলে যে হিমন্তই এই টকাৰ আধা ভাগ লৈছে ৷এতিয়া শাসনত অধিষ্ঠিত প্ৰমোদ বড়োৱে হিমন্তক মেনেজ কৰি বি টি চিত লুণ্ঠন চলাইছে ৷প্ৰমোদে কয় ১৫ বছৰত হাগ্ৰামাই বি টি চিৰ একো উন্নয়ন নকৰি অকল লুটিপুটি খালে ৷

হাগ্ৰামাই কয় প্ৰমোদে বি টি চিখন ধ্বংস কৰি দিছে ৷ইজন নেতা সিজন নেতাক দোষাৰোপ কৰি ৰাজনীতি কৰা বি টি চিৰ ৰাইজ কি পালে সেয়া হল ডাঙৰ প্ৰশ্ন ৷এনে দৰে কয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷আজি গোসাইগাঁও মহকুমাৰ তুলসীবিলত ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি বৰাই আৰু কয় যে ইউ পি পি এল আৰু বি পি এফ দুটা দলেই আঞ্চলিক দল যদিও দল দুটা সুবিধাবাদী দল ৷হাগ্ৰামা মহিলাৰীৰ বি পি এফ দল কংগ্ৰেছ দলৰ সৈতে আছিল যদিও ২০ ১৫ চনত আমাৰ দলৰ পৰা পালটি মাৰি বিজেপিৰ লগত গৈছিল ৷কংগ্ৰেছ দলে বি পি এফৰ লগত মিত্ৰতাৰ বান্ধোনত বান্ধ খোৱাত বি টি চিত কংগ্ৰেছ দলে প্ৰত্যক্ষভাৱে ৰাজনীতি অংশগ্ৰহণ কৰিব পৰা নাছিল যাৰবাবে বি টি চিৰ ৰাইজে আমাক ভালপোৱা নাছিল ৷

এতিয়া বি টি চিত কংগ্ৰেছ দলে একলা চলো নীতিৰে আগৱাঢ়ি অহাত বি টি চিত কংগ্ৰেছ দলৰ জন সমৰ্থন দুগুণ বৃদ্ধি পাইছে ৷এইবাৰ বিজেপিৰ নৰেন্দ্ৰ মোদীৰ বিদায়ৰ পালা ৷দক্ষিণ ভাৰতত বিজেপিৰ সাংগঠনিক ভেটি একেবাৰে দুৰ্বল ৷ভাৰতবৰ্ষত ইণ্ডিয়া জোঁটৰ চৰকাৰ হব ৷সেয়ে সাহসী ,স্পষ্টবাদী ,ৰাইজৰ লগত সুসম্পৰ্ক ৰখা কৰি চলা যুবক তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰীক বিপুল ভোটত জয়ী কৰাই কোকৰাঝাৰৰ সমষ্টিৰ বাবে বলিষ্ঠ কণ্ঠ দিল্লীৰ দৰবাৰত পঠিয়াই দিয়াৰ বাবে ভোটাৰ ৰাইজক আহ্বান জনায় ৷কেন্দ্ৰত এইবাৰ ইণ্ডিয়া জোঁটৰ চৰকাৰ হব তেনেস্থলত বি পি এফ নতুবা ইউ পি পি এল দলক ভোট দি লাভ নাই ৷

লাখপতি বাইদেউ বনোৱাৰ স্বপনত বিভোৰ কৰি তোলাৰ সমান্তৰালভাৱে অন্য প্ৰলোভনৰ ৰাজনীতিত ভোল নগৈ সম্প্ৰাদিক ৰাজনীতি কৰা বিজেপি দলক উৎখাত কৰি ধৰ্মনিৰপেক্ষতা ,ভাৰতীয় সংবিধান ৰক্ষা কৰি দেশ বচোৱাৰ পক্ষত ৰাইজক অৱস্থান কৰা বাবে আহ্বান জনায় ৷ইণ্ডিয়া জোঁটৰ চৰকাৰ অহাৰ লগে লগে কংগ্ৰেছ দলে মহিলাক বছৰী এক লাখ টকা ,বিদ্যুত বিল দুইশ ইউনিট বিনামূলীয়া ,পুৰণি পেন্সন ,গেছ ছিল্ডাৰ ৫০০ টকাত দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷লগতে আশা কৰ্মী ,ৰান্ধনী ,গাঁওৰক্ষী বাহিনী ,অংগনৱাড়ী কৰ্মী সকলৰ প্ৰাপ্য অধিকাৰ দিয়া হব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷সভাত কংগ্ৰেছী নেত্ৰী তথা ডিব্ৰুগড় সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰজ’লিনা তিৰ্কীয়ে বিজেপি দলৰ অত্যাচাৰী শাসনৰ পৰা মুক্তি লাভ কৰাৰ স্বাৰ্থত কংগ্ৰেছ দলৰ হাতৰ ছবিত ভোট দিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় ৷নিৰ্বাচনী প্ৰচাৰ সভাত ভালেসংখ্যক কংগ্ৰেছ নেতা – নেত্ৰীয়ে দেশৰ সম্প্ৰতিক পৰিস্থিতি উনুকিয়াই দি কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰীক ভোট দিয়াৰ বাবে আহ্বান জনায় ৷

“তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…

“”তিনিও জন গগৈ লগ লাগি উজনিৰ পৰা মতামতি ভাবে বি জে পি দলটো ছাফা কৰি থৈ আহিছো।””– এই মন্তব্য অখিল গগৈৰ। ধুবুৰী লোক সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুচেইনৰ হৈ প্ৰচাৰ চলাবলৈ আহি পশ্চিম গোৱালপাৰাৰ ৰাখালডুবিত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভা এখনত ভাষণ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে‌ ভাষন প্ৰসঙ্গত এনেদৰে কয়। খৰমুজা মণ্ডলৰ নিৰ্বাচনী প্ৰচাৰ কমিটিৰ সভাপতি আব্দুৰ ৰহিহমৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অখিল গগৈয়ে দিয়া দীঘলীয়া ভাষণত আৰু কয় –“”হিন্দু মুছলমান খৃষ্টান , জৈন, শিখ আদি যিমান ধৰ্মৰ মানুহ আছে সকলোৱে যদি একেলগে থাকিব লাগে তেতিয়া হ’লে যেনেকৈ আমি বি জে পি আৰু আৰ এছ এছ ক বিদায় দিব লাগিব।

তেনেকৈ এ আই ইউ ডি এফ দলক বিদায় দিবলৈ সিদ্ধান্ত ল’ব লাগিব। “” তেওঁ কয়—“” এইবাৰ আমি তিনি গগৈ লগ লাগিছো। অখিল গগৈ, লুৰিনজ্যোতি গগৈ‌ আৰু গৌৰৱ গগৈ। তিনিও জনে কথ কথা পাতি লৈছোঁ। ২০২৬ চনত হিমন্ত বিশ্ব শৰ্মাৰ চকীখন আৰু বদৰুদ্দিন আজমলৰ চকীখন লগ লগাম আৰু বদৰুদ্দিন আজমলৰ তলা চাবিটো লৈ গৈ এইদৰে তলা লগাম আৰু ব্ৰহ্মপুত্ৰত পেলাই দিম। যদি আজমলক আপোনালোকে মুছলমান সমাজৰ বিদায় নিদিয়ে বাংলাদশী বুলি নাম লৈ থাকিব লাগিব।

“”‌‌ তেও কয়– “”এইফালে আহিলে বাংলাদেশ বাংলাদেশ লাগে কোনে কৈছিল ? হিমন্ত বিশ্ব শৰ্মাই কৈছিল নে ? এই বুলি প্ৰশ্ন কৰি যি গৰাকী হিমন্ত বিশ্ব শৰ্মাই মামা ছাছাৰ ভোট নালাগে বুলি কয় তেওঁৱেই আকৌ মুছলমানৰ ভোট খুজিবলৈ আহিছে বুলি কটাক্ষ কৰে। সভাত জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাবুদ্দিন মোল্লা, গোৱালপাৰা জিলা কংগ্ৰেছ কমিটিৰ উপ-সভাপতি মিৰ নাছিৰ উদ্দিন আহমেদ, জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ছাইফুল ইছলাম, কংগ্ৰেছ নেতা বদিৰুদ্দিন মোল্লাকে ধৰি ভালেমান নেতাই ভাষন ৰাখে।

মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…

মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল—প্ৰিয়ম বৰা ৷

জীৱনৰ ঘাট-প্ৰতিঘাট বিপৰ্যয় মাজতো নিজৰ লক্ষ্যৰ পৰা বিচলিত নহৈ মনৰ দৃঢ়তাৰে ““লক্ষ্য থাকিলে দৃষ্টি নেহেৰায়””-আপ্তবাক্য শাৰী সত্যতা প্ৰতিপন্ন কৰি ওদালগুৰি জিলাৰ উত্তৰ ৰাওনাগড় গাওঁৰ ৺মহেন্দ্ৰ বৰা আৰু মাতৃ শেৱালি বৰাৰ জ্যেষ্ঠ সন্তান প্ৰিয়ম বৰাই সদ্য ঘোষিত MBBS পৰীক্ষাত সুখ্যাতিৰে সফল প্ৰাপ্তি লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে ৷ জন্মগৃহ গাওঁবাসীয়ে পোন প্ৰথম বাৰৰ বাবে এগৰাকী চিকিৎসক লাভ কৰি আনন্দিত হোৱাৰ লগতে ভবিষ্যত প্ৰজন্মৰ উৎসাহিত হৈ পৰিছে ৷

-চেন্ট টেৰেছা ইংলিছ স্কুলত শিক্ষা জীৱন আৰাম্ভ কৰি 2015 চনত হৰিশিঙা “ডায়মণ্ড ইংলিছ স্কুল”ৰ মেট্ৰিক পৰীক্ষা দি সুখ্যাতিৰে Distinction লৈ পৰবৰ্তী সময়ত মঙলদৈৰ “ৰন্জিত শৰ্মা একাডেমি”ত নামভৰ্তি কৰি 2017 চনত উচ্চতৰ মাধ্যমিক শেষান্ত পৰীক্ষাত ৪টা বিষয়ট লেটাৰমাৰ্ক সহ সুখ্যাতিৰে উৰ্ত্তীণ হৈ পৰবৰ্তী কালত তেজপুৰ মেডিকেল কলেজত চিট লাভ কৰিবলৈ সক্ষম হয় ৷
উল্লেখযোগ্য যে-HSশেষান্ত পৰীক্ষাৰ সময়তে দেউতাক এক মটৰ দূৰ্ঘটনাত পতিত হৈ জীৱন-মৃত্যুৰ যুজি থকা অৱস্থাতে প্ৰিয়ম বৰাই পৰীক্ষাত বহিবলগীয়া হৈছিল ৷


বিপয্যয়ৰ ধুমুহাজাকে পিছ এৰা নাছিল কঠোৰ অধ্যয়নশালী প্ৰিয়ম বৰাক ৷ চিকিৎসা বিজ্ঞানৰ MBBS ৰ final পৰীক্ষাৰ পাচটা মাহ থকা অবস্থাতে মৰমৰ দেউতাকক আকস্মিক ভাৱে হেৰোৱাব লগা হয় ৷ জীৱনৰ কঠিন সময়ত অহা ধুমুহাজাকক মনৰ দৃঢ়তাৰে প্ৰতিহত কৰি সমাজত এজন ডক্টৰ হিচাপে নিজক প্ৰতিষ্ঠা কৰে ৷এই সাফল্যৰ মূহূৰ্তটো মৰমৰ দেউতাকে চাই যাব নোপোৱা দুখে পৰিয়াল আত্মীয় স্বজক ব্যাথিত কৰি তোলে ৷ অনাগত দিনত এজন সফল সু-চিকিৎসক হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা ৰাখিছে ৷